:- কোৱা …কেইখোজ দিব পাৰিম আগলৈ..? ওখ গড়া এটাত বহি..ৰাগিনীৰ সৈতে কথা পাতি থকা ৰাহুলে.. ঘপহকৈ উঠি প্ৰশ্ন কৰে তাইক..।
:- উমমম… আৰু দহখোজ..। মনতে হিচাপ কৰি ৰাগিনীয়েও উত্তৰ দিয়ে..।
:- ঠিক আছে.. । এক … দুই… তিনি……………………… দহ.. এঘা…..
:- ষ্টপ ৰাহুল … ষ্টপ..। ৰাগিনী দৌৰি আহে..। পিছফালৰ পৰা সাৱটি ধৰে ৰাহুলক । তাৰ পিঠিতে নাকটো গুজি ঘন ঘনকৈ উশাহ লয় তাই..। ৰাগিনীৰ বুকুৰ ঢপঢপনিবোৰ স্পষ্টকৈ ৰাহুলৰ কাণত পৰে..। :- কৈছিলো নে.. মাত্ৰ দহখোজ দিবা । কথা নুশুনা.. ? নে নুবুজা..? এঘাৰ নম্বৰ খোজটো দিবলৈ ভৰি কিয় দাঙিছিলা..? যদি তললৈ পৰি গ’লা হয়…!
:- কাৰণ ৰাহুলৰ বিশ্বাস আছে.. তাৰ ৰাগিনীৰ ওপৰত । আৰু সেইটো খোজ আগলৈ দিয়া হ’লেও.. মোৰ যে একো নহয় সেইখিনিও জানো মই..। তুমিতো মোৰ একো হ’ব নিদিয়া..।
:- নকৰিবা ইমান বিশ্বাস ৰাহুল ..। মই আছো বুলিয়েই এইদৰে চিঅ’ৰ নহ’বা…। খুব ফুৰ্তি পোৱা ন’ মোৰ পৰীক্ষা লৈ…? কেতিয়াবা যদি ৰাগিনীয়েই তোমাৰ পৰা আঁতৰি যাব লগা হয়..!
:- ক’ৰবাত যোৱাৰ প্লেন কৰিছা নেকি ..? কি ভাবা… তোমাক মই অকলে যাব দিম ..? য’লৈকে যোৱা… মইও তোমাৰ লগতে যাম ।
নক’বা ৰাগিনী মোৰ পৰা আঁতৰি যোৱাৰ কথা… । কেতিয়াও নক’বা..। তোমাৰ দুচকুৰে এই ধুনীয়া পৃথিৱী খন দেখিছো মই..। তুমি লগত আছা বাবেই মোৰ চকুৰ সন্মুখৰ ক’লা ক’লা আন্ধাৰবোৰ ও.. ৰঙা..নীলা.. সেউজীয়া.. হালধীয়া যেন অনুভৱ কৰো মই.. । তুমি ৰঙৰ সৈতে পৰিচয় কৰাইছা মোক । তুমি আছা বাবেই ৰাস্তাৰ খলা-বমা.. বোকা পানী বোৰ ও নিশ্চিন্ত মনে পাৰ হৈ.. বিশ্বাসৰ খোজেৰে আগুৱাই যাব শিকিছো মই ..। তোমাৰ অবিহনে… এই ৰাহুল থৰক-বৰক হৈ পৰিব অ’.. । হেৰাই যাব অন্ধকাৰত..। ( আৱেগেৰে সাৱটি ধৰে ৰাগিনীক সি..। কঁপালতে সানি দিয়ে দুই ওঁঠৰ পৰশ অকন…)
:- হেই মিষ্টাৰ.. ইমান ইম’চনেল স্পীচ দিছা যে..! ম’তিভ কি হা..? ৰাগিনীক প্ৰেমৰ জালত ফচাবা..? ৰাহুলৰ গালতে আঙুলিৰে লাহেকৈ চুই খিলখিলাই হাঁহি উঠে ৰাগিনী…।
:- বাকী আছেই নে প্ৰেমত পৰিব..? ৰাগিনী যে…এতিয়া ৰাহুলৰ প্ৰেমত উটি ভাঁহি ফুৰিছে.. তাত কোনো সন্দেহেই নাই..। মুখেৰে যিমানেই নোকোৱা তুমি .. মনৰ চকুৰে মই কিন্তু তোমাক ঠিকেই দেখা পাইছো । ভগৱানে চকু দুটাত .. দেখাৰ শক্তি খিনি হে দিব পাহৰিলে..অনুভৱবোৰ বুজিব পৰাকৈ হৃদয় খনতো ঠিকেই দিছে …।
ৰাহুলৰ কথা শুনি উচুপি উঠে ৰাগিনী..। কুচি-মুচি সোমাই যায় তাৰ বুকুলৈ..। :- নাযাওঁ ৰাহুল..। তোমাক এৰি কেতিয়াও নাযাওঁ.. । তোমাৰ এটা অংশৰ দৰে তোমাৰ লগতে থাকিম সদায় । কথা দিলো….ৰাহুল । লভ ইউ…। ----------------------
:- ব’লা না ৰাহুল… । ওলাই যাওঁ অলপ । মুকলি বতাহত.. মুকলি আকাশৰ তলত বহোগৈ..। আমনি লাগিছে জানা..ৰূমটোৰ ভিতৰতে সোমাই থাকি..। উশাহটো কিবা বন্ধ হৈ যাব যেন লাগিছে..।
:- ব’লা..। মোৰ নো কি আছে..? তুমি য’তেই থাকা.. মোৰ বাবেতো সেইখনেই পৃথিৱী.. । লেটচ গ’…।
:- ক’ত যাবা কোৱা..।
:- য’লৈকে তুমি লৈ যোৱা..।
:- ঠিক আছে…বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত বহোগৈ ব’লা..। প্ৰকৃতিৰ সৌন্দয্যত হেৰাই যাওঁ দুয়ো..।
:- আকাশ খন কেনেকুৱা ৰাগিনী..?
:- আকাশ…. আকাশ খন নীলা ৰাহুল… । আকাশ বিশাল.. পৰাপাৰহীন.. । অনন্ত..।
:- অহ…মোৰ ভালপোৱা বোৰৰ দৰেই মানে…!
:- আমাৰ.. কেৱল তোমাৰ নহয়..। যি দিনা তোমাৰ মনত প্ৰশ্ন জাগিব মই তোমাক কিমান ভালপাওঁ… ওপৰলৈ মোৰ তুলি মনৰ চকুৰে চাবা ৰাহুল..। অনুভৱ কৰিবা.. আকাশৰ বিশালতাত মোৰ ভালপোৱা বোৰ..।
:- আচ্ছা ৰাগিনী… যদি মই কওঁ তোমাৰ দুবাহুত হে সেই ভালপোৱা বোৰ অনুভৱ কৰো মই..সেই আত্মিকতা… সেই স্বৰ্গীয় সুখ খিনি বিচাৰি পাওঁ…!
:- তেতিয়া আমৃত্যু তোমাক মোৰ দুবাহুৰে আৱৰি ৰাখিম মই..। বুকুৰ উমেৰে জীপাল কৰি ৰাখিম সেই প্ৰেমক..।
:- তেতিয়াহ’লে কিয় ভয় খোৱাই ভাল পোৱা মোক.. আঁতৰি যোৱাৰ কথা কৈ..।
:- তোমাক জোকাই ভাল লাগে অ’..। (ৰাহুলৰ গালতে চুমা এটা আঁকি মৰমেৰে কৈ উঠে ৰাগিনীয়ে ।) আচলতে..কি জানা ৰাহুল..মোক হেৰুৱাৰ ভয়ত তুমি যে সৰু ল’ৰাৰ দৰে আচৰণ কৰা , হৃদয়ৰ অকুলতাৰে.. বিন্দু মাত্ৰ ও সুৰুঙা নৰখাকৈ.. মোক সাৱটি ধৰা.. মোৰ নিজকে খুব ভাগ্যৱতী যেন অনুভৱ হয় ..। পৃথিৱীৰ সমস্ত প্ৰেম.. সমস্ত ভালপোৱা.. ঈশ্বৰে যেন মোৰ কপালতেই লিখি দিছে..! সেই অনুভৱ খিনিৰে জীয়াই থাকিব বিচাৰো মই..। তোমাৰ মোৰ সম্পৰ্কৰ সেই মধুৰতাখিনিক.. হৃদয়ৰ গভীৰতাৰে চিৰ সজীৱ কৰি ৰাখিব বিচাৰো মই ৰাহুল..।
:- প্ৰেম হয়তো এনেকুৱাই ৰাগিনী.. । য’ত অনুভৱৰ মৃত্যু নহয়..। প্ৰেম.. চিৰ সেউজ.. প্ৰেম.. স্বৰ্গীয় । লভ ইউ ৰাগিনী.. -----------------
:- কি হ’ল ৰাগিনী…। আজি এইদৰে বিচনাতে পৰি আছা যে..!
:- আহা না তুমি ও ওচৰলৈ .. মোৰ আজি শুই থাকিবৰেই ইচ্ছা হৈছে দেখোন..।
:- কিয়..গা বেয়া কৰিছে নেকি..? ৰ’বা মই চাহ একাপ কৰি আনো..। চাহ কাপ খাই দিলে ভাল পাবা অলপ ।
:- নাই নাই.. নালাগে তুমি কৰিব…। মই আছো নহয়..।
:- ঘৰৰ ভিতৰত সকলোবোৰেই কৰিব পাৰিম ডাৰলিং..। ড’ন্ট ৱৰি..। বাহিৰৰ পৃথিৱীখনত হে তুমি নহ’লে দিগদাৰ হৈ যায়..।
:- তোমাৰ মন গৈছে নেকি চাহ খাব ৰাহুল..?
:- প্ৰয়োজন বোধ কৰিছো চাহ একাপৰ .. । পিছে নিজেই বনাই খাম আৰু তোমাক ও খোৱাম ।
:- অ’কে এজ ইউ ৱিইচ..। বি কেয়াৰফুল..।
কিটছেনৰ দুৱাৰ মুখত ৰৈ চাই থাকে ৰাগিনীয়ে.. গানৰ কলি এটা গুণগুণাই চাহ কৰি থকা ৰাহুলক..। ভাল লাগি যায় তাক সেইদৰে দেখি..। ঘৰখনৰ চুক কোণবোৰ ভালদৰে বুজি উঠিছে ৰাহুলে..। অভ্যস্ত হৈ গৈছে ৰাহুল এতিয়া..ৰাগিনী আৰু তাৰ সেই সৰু পৃথিৱীখনত ..। ৰাগিনীয়েও ভিতৰৰ কোনো বস্তু… কেতিয়াও ইফাল সিফাল নকৰে..। যি য’ত যেনেকৈ থাকে.. সেইদৰেই ৰাখিব যত্ন কৰে..। ৰাহুলে যাতে হাত দিলেই.. বস্তুবোৰ বিচাৰি পায়.. তাৰবাবে বিশেষকৈ মন কৰে তাই..। অজানিতে দুটোপাল চকুলো বাগৰি আহে.. ৰাগিনীৰ দুগাল তিয়াই…। বুকুখন কঁপি উঠে ..। হঠাৎ যদি তাই নাইকিয়া হৈ যায়… তাইৰ অৱৰ্তমানত কেনেকৈ থাকিব ৰাহুল..!! -------------------
:- ঋষি… জলদি আহ না । ৰাগিনীৰ গা খুব বেয়া..। তাই উঠিবই পৰা নাই..। জানো কি হৈছে…!তাইক ডাক্তৰৰ ওচৰলৈ নিব লাগে..। মই কি কৰো একো বুজি পোৱা নাই ঋষি..। তই সোনকালে আহ ।
:- চিন্তা নকৰিবি দ’ষ্ট.. মই গৈ আছো..। তই মাত্ৰ ৰাগিনীৰ কেয়াৰ ল’..।
ৰাগিনীয়ে শিকোৱাৰ দৰে.. নিজৰ কি-পেড ম’বাইলটোৰে তাৰ বন্ধু.. ঋষিক… খবৰ দি… ৰাগিনীৰ মুৰতে হাত ফুৰাই হুকহুকাই কান্দি উঠে ৰাহুল..। আজি তাৰ প্ৰেয়সীৰ এনে অৱস্থাত সি তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ ও অক্ষম..। এনে জীৱন কি কামৰ..! ৰাগিনীৰ মূৰে গালে.. বলিয়াৰ দৰে হাত ফুৰাই থাকে ৰাহুলে.. । নিজৰ ওপৰতে ধিক্কাৰ জন্মে তাৰ..।
:- ৰাগিনী.. অলপ ধৈৰ্য ধৰা প্লিজ.. । ঋষি এইমাত্ৰ আহি পাবহি..। তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম আমি..। তুমি সুস্থ হৈ পৰিবা ৰাগিনী.. । মই কি কৰো কোৱা..। কি কৰিলে তুমি অলপ আৰাম পাবা..?
ৰাহুলৰ অসহায় অৱস্থাটো দেখি ৰাগিনীয়ে ও চকুলো টোকে..।ভগৱানক মনতে প্ৰাৰ্থনা কৰে তাই.. ” মোক সুস্থ কৰি তোলা ঈশ্বৰ..। ৰাহুলৰ বাবে মোক ভাল কৰি দিয়া..। মোক এইদৰে দেখি বৰ কষ্ট পাইছে মোৰ ৰাহুলে..। সি দুখ পালে সহিব নোৱাৰো মই প্ৰভু..।” :- ৰাহুল.. ইমান অধৈৰ্য নহ’বাচোন তুমি..। অলপ গা বেয়া কৰিছে..আকৌ ঠিক হৈ যাম মই..। দুৰ্বল কন্ঠেৰে যেনেতেনে ৰাহুলক সান্তনা দিব যত্ন কৰে ৰাগিনীয়ে.. ।
ঋষি আৰু ৰাহুল.. দুয়ো মিলি ৰাগিনীক ডাক্তৰৰ ওচৰলৈ লৈ আহে..। ৰাগিনীক নাৰ্ছিং হ’মত এডমিট কৰা হয়..আৰু কেইবাটাও টেষ্ট কৰিব দিয়া হয়..। ৰিপৰ্টবোৰ আহি নপৰালৈকে..বৰ দুশ্চিন্তাৰে পাৰ হয় দিনকেইটা..। খুব অস্থিৰ হৈ পৰে ৰাহুল.. । ৰাগিনীক অলপ সময়ৰ ব্যৱধানত.. বাৰে বাৰে সুধি থাকে সি… :- ভাল পাইছা নে ৰাগিনী..। “
ৰাগিনীয়ে ও শৰীৰৰ যন্ত্ৰণাবোৰ আওকাণ কৰি.. জোৰকৈ সুস্থ হৈ উঠাৰ অভিনয় কৰে.. :- আগতকৈ বহুত সুস্থ অনুভৱ কৰিছো ৰাহুল.. ।
:- সঁচাই কৈছা নে ৰাগিনী..? নে মোক ভাল লগাবলৈকে মিছা কৈছা..? মোৰ অপৰাগতাত মোৰ নিজৰ ওপৰতে বিতৃষ্ণা জন্মিছে আজি…। তোমাক চাব বিচাৰিলেও চাব নোৱাৰো মই…। মোৰ কপাল খন চোৱাচোন..। ------------------
পোন্ধৰটা দিন নাৰ্ছিং হ’মত কটাই.. কেইবাটাও টেষ্ট ৰিপৰ্ট আৰু এগালমান মেডিচিন লৈ.. ৰাগিনী আজি উভটি আহিছে ৰাহুল আৰু তাইৰ মৰমৰ পৃথিৱী খনলৈ..। এইকেইদিন সিহঁতৰ লগত ছাঁটোৰ দৰে থকা ঋষিক.. আৱেগেৰে সাৱটি ধৰে ৰাহুলে..।
:- তোক কি বুলি নো..ধন্যবাদ জনাম… ভাষা বিচাৰি পোৱা নাই ঋষি..। তই ইমান খিনি উপকাৰ নকৰা হ’লে.. ৰাগিনী আজি.. ইমান সোনকালে সুস্থ হৈ নুঠিল হেতেঁন..। মইতো লগত থকা হে… দৰকাৰী গোটেই খিনিটো তইয়েই কৰিলি..।
:- বিপদত যদি সহায় কৰিবই নোৱাৰো.. বন্ধু কিহৰ অ’..? ৰাগিনী অকল তোৰ প্ৰেয়সীয়েই নহয়.. মোৰ ভন্টী ও..। তাইৰ প্ৰতি মোৰো দায়িত্ব আছে…। মোক ধন্যবাদ জনাব নালাগে..। দুয়ো ভালে থাক..। মই আহিছো..। ৰাগিনী টেক কেয়াৰ..। কিবা প্ৰব্লেম হ’লেই জনাবা মোক..। আই এম অলৱেইজ ৱিইথ ইউ..।
এখন্তেক ও পলম নকৰি…হুৰ-মুৰকৈ ওলাই যায় ঋষি..আৰু ঋষি ওলাই যোৱালৈ চাই.. ৰাহুলৰ অলক্ষিতে কান্দোনত ভাঙি পৰে ৰাগিনী..।
:- ৰাগিনী.. বুজাব নোৱাৰো তোমাক..মই কিদৰে আছিলো এইকেইদিন..। মোৰ উশাহবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছিল জানা..। আৰু এইদৰে ভয় নোখোৱাবা দেই মোক..।
নিশব্দে বোৱাই দিয়া.. চকুপানীবোৰ মুচি নিজকে সংযত কৰে ৰাগিনীয়ে..। :- কিয়.. মই চিৰদিনৰ বাবে তোমাক এৰি গুচি যাওঁ বুলি ভয় হৈছিল তোমাৰ..?
:- বেমাৰ চেমাৰ নাচাও দেই.. এক চৰ লগাই দিম । কি ফালটু কথা কৈছা..। মোক এৰি যাব দিম বুলি ভাবিছা নেকি ..? তোমাক একো কৰি দিব পৰা নাছিলো.. তোমাৰ যত্ন ল’ব পৰা নাছিলো.. তোমাক দেখা নাপাওঁ.. ভয়টো লাগিবই ন’ মোৰ..!
:- নাযাওঁ ৰাহুল… তোমাক এৰি যাব পাৰিম জানো মই..। মৰিলেও ভূত হৈ তোমাৰ লগতে থাকিম বুজিছা..। ৰাহুলকে দেখুৱাই প্ৰাণ খুলি হাঁহিব চেষ্টা কৰে তাই..। ৰাহুলে হৃদয়ৰ সমগ্ৰতাৰে আঁকোৱালি লয় ৰাগিনীক…।
:-লভ ইউ ৰাগিনী..।
:- লভ ইউ টু ৰাহুল…। ------------------
:- ৰাহুল.. মোক অলপ ব্ৰহ্মপুত্ৰৰ পাৰলৈ লৈ ব’লা না.. । এমাহ হ’ল এনেকৈ সোমাই থকা..। মুকলি আকাশৰ তলত অলপ সময় বহিবলৈ খুব মন গৈছে মোৰ..।
:- যাব পাৰিবা জানো তুমি..? সুস্থ অনুভৱ কৰিছা নে..?
:- মনৰ জোৰ আছে নহয়..। পাৰিম ব’লা..।
ৰাহুলে টেক্সি এখনতে লৈ আহে ৰাগিনীক… তাইৰ প্রিয় ব্ৰহ্মপুত্ৰৰ পাৰৰ..সিহঁত বহা সেই নিৰ্দিষ্ট ঠাইখিনিলৈ.. । তাৰ দুবাহুত আলাসতে গাটো এৰি দি…বহি পৰে তাই..। পূবৰ পৰা অহা..এচাটি শীতল বতাহে.. চুমি যায় দুয়োকে..। সন্মুখত.. বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত…এইয়া ডুবিব ধৰা সুৰুজ..। ৰক্তিম আভাৰে….মায়াময় হৈ উঠিছে চৌ-দিশ..।
ৰাগিনীৰ আউল-বাউল হৈ পৰা চুলিকেইডালত হাত ফুৰাই.. চিন্তাৰ সাগৰত বুৰ যায় ৰাহুল..। সৌ সিদিনালৈকে তাক স্কুটিত উঠাই.. ঘূৰি ফুৰা ৰাগিনী…আজি বেলেগৰ সহায় লৈ ওলাই আহিব ল’গা হৈছে..। কিমান চাগে দুৰ্বল তাই.. কিমান চাগে কষ্টত আছে..! ডাক্তৰে সোনকালেই সুস্থ হৈ উঠিব বুলি কোৱাৰ পিছত ও.. ৰাগিনী কিয় সম্পূৰ্ণ সুস্থ হৈ উঠা নাই..!! চিন্তা হয় তাৰ..।
:- ৰাগিনী.. ইমান মনে মনে আছা যে আজি..?
:- মৌনতাই ভাল লাগিছে দেখোন আজি। আচলতে বেলিটোক চাইছো ৰাহুল । নদীখনে বুকুতে সামৰি লৈছে জানা ডুবিব ধৰা বেলিটোক..। ইমান যে মনো-মোহা হৈ উঠিছে নদীখন..। মইও যদি নদীৰ দৰে হ’লো হয় ..! চিৰ প্ৰবাহিত..। মোৰো মৰমৰ নৈখন যদি চিৰদিনৰ বাবে তোমাৰ বুকুলৈ বোৱাই দিয়াৰ সুযোগ পালো হয় মই..!
:- কি কৈ আছা ৰাগিনী.. ? তোমাৰ কথাবোৰ বুজাত অসুবিধা হৈছে আজি..।
:- একো নাই .. অলপ জোৰ কৈ সাৱটি ধৰা না মোক…। তোমাৰ পৰা আঁতৰি যাব নোৱাৰাকৈ..।
ৰাহুলে যিমান পাৰে তাৰ বুকুলৈ চপাই লয় ৰাগিনীক..আৰু ৰাগিনীয়ে ৰাহুলৰ বুকুতে মুখ খন গুজি উচুপি উঠে..।
সময়বোৰ ইয়াতেই স্থবিৰ হৈ পৰা হ’লে…!! -------------------
আজি ৰাগিনী একেবাৰেই অসুস্থ..। উশাহটো যেন ৰৈ যাব ধৰিছে তাইৰ বুকুখনতে খুন্দা মাৰি…। ৰাহুলে গম নোপোৱাকৈ ঋষিলৈ ফোন কৰে তাই..। য’ৰ কাম ত’তে পেলাই ঢপলিয়াই আহে ঋষি ৰাগিনীৰ ওচৰলৈ..।
:- ঋষি তই..? আহ আহ..। ৰাগিনী ঋষি আহিছে..। ঋষিক দেখি ব্যস্ত হৈ পৰে ৰাহুল..।
:- ওলাইছ’ নে..? কি কৰি আছ’..?
:- মানে..? আচৰিত হয় ৰাহুল ।
:- কিয় আজি ৰাগিনীৰ চেক-আপ নাই.. ? পাহৰিলি ..? মিছা মাতে ঋষিয়ে..।
:- ৰাগিনীৰ চেক-আপ আছে..!? মই পাহৰি আছো চা…। কি পাগল মই..। সি লৰালৰিকৈ ৰাগিনীক উলিয়াই লয়..।
ঋষিয়ে ৰাগিনীৰ বাহুতে ধৰি লাহে লাহে তাইক শোৱনী কোঠাৰ পৰা উলিয়াই আনে..। বাহিৰলৈ ওলোৱা দুৱাৰ খনৰ ঠিক ওচৰ পাওঁতেই.. হুক হুকাই কান্দি উঠে তাই..।
:- হেই ৰাগিনী.. কিয় এনেকুৱা কৰিছা..? ৰাহুল ধৰফৰাই উঠে..।
:- মই এই ঘৰ খন এৰি যাব নোৱাৰো ৰাহুল.. মই তোমাক এৰি যাব নোৱাৰো..।
দুচকু ভৰি আহে ঋষিৰ..। চকুৰে ইংগিত দিয়ে সি ৰাগিনীক.. ” নাকান্দিবা ৰাগিনী..। মই ৰাহুলক বুজাব নোৱাৰিম ।”
ৰাহুলৰ বুকুখনত বিষ এটা উজাই আহে..। দীঘলকৈ উশাহটো টানি.. ৰাগিনীৰ লগত বাহিৰলৈ ওলাই আহে সি..। :- চেক-আপত হে যাবা । বাচ্চাৰ দৰে কিয় কৰিছা..।
কি ক’ব .. কেনেকৈ বুজাব..? সি যে নিজেইও একো বুজি পোৱা নাই… কি হৈ আছে এইবোৰ সিহঁতৰ লগত..।
ৰাগিনীক পুনৰ এডমিট কৰা হৈছে..। ৰাহুল এইবাৰ সঁচাই হতাশ হৈ পৰিছে..। কি হৈছে.. ৰাগিনীৰ..? ৰিপৰ্টবোৰ দেখোন ঋষিয়ে ঠিকেই আছিল বুলিয়েই কৈছিল..। আকৌ কিয় তাইক এডমিট কৰিছে… !! চকু কেইটা ঘটালি উলিয়াই দিব মন গৈছে তাৰ..। ভগৱানে কিয় অন্ধ কৰি জন্ম দিলে তাক..। কিয় সব ফালে আন্ধাৰ দেখিবলৈকে জীয়াই ৰাখিলে..?
হঠাৎ আন্ধাৰৰ আৱৰণ ফালি.. এচমকা পোহৰে যেন উজ্জ্বলাই তোলে ৰাহুলৰ মনটো..। ৰাগিনীৰ ওচৰলৈ লৱৰি যায় সি..। :- ৰাগিনী.. শুনিছা নে.. মই ও চকুৰে দেখা পাম বোলে.. । মই তোমাক চাব পাৰিম ৰাগিনী..। আমাৰ সৰু পৃথিৱীখন তুমি কেনেকৈ সজাই ৰাখিছা.. মই হেঁপাহ পলুৱাই চাম । ঋষিয়ে এইমাত্ৰ খবৰ দিছে..। এজন আই ড’নাৰ পাইছে বোলে সি..। ডাক্তৰৰ লগত কথা হৈছে..।
:- খুব ভাল খবৰ ৰাহুল । মই আজি বহুত সুখী..। নৰিয়া গাৰে জোৰকৈ কথা কেইটা কয় ৰাগিনীয়ে । ৰাহুলৰ ফুৰ্তি দেখি ..তাইৰ দুচকুৰে সুখৰ নৈ এখন বৈ আহে..। ৰাহুল আজি বহুত সুখী..। আৰু অলপ দিনৰ পিছত..ৰাহুলেও দেখা পোৱা হ’ব এই পৃথিৱীখন..। ৰাগিনীৰ ইমান দিনৰ প্ৰাৰ্থনা সফল হ’ব..। ৰাহুলৰ মনৰ আনন্দখিনি প্ৰাণ ভৰি উপভোগ কৰে তাই..।
:- ৰাগিনী.. সোনকালে সুস্থ হৈ উঠা আৰু..। মই চকুৰ দৃষ্টি ঘূৰাই পোৱাৰ পিছত.. প্ৰথম তোমাকেই চাব বিচাৰো..। সেইদিনা তুমি কইনাৰ দৰে নিজকে সজাই ৰাখিবা দেই..।
:- মই যদি তুমি ভবাৰ দৰে ধুনীয়া নহওঁ..তেতিয়াও তুমি মোক ভাল পাবা নে ৰাহুল.?
:- মোৰ বাবে পৃথিৱীৰ আটাইতকৈ ধুনীয়া নাৰী গৰাকীয়েই তুমি ৰাগিনী । অন্ধ মানুহ এজনৰ বাবে ধুনীয়াৰ সংজ্ঞা থাকিব পাৰে জানো..?
:- তথাপিও মই দেখিব একেবাৰে বেয়া.. তুমি মোক দেখি ভয় খোৱা বুলি হে চিন্তা হৈছে মোৰ ।
ৰাহুল কাষ চাপি যায় ৰাগিনীৰ.. আঙুলিৰে চুই চাই তাইক । :- এই দুটা ডাঙৰ ডাঙৰ চকু.. দীঘলকৈ নাকটো.. কোমল ওঁঠ দুটি..মসৃণ ডিঙিটো…….
ক্ৰমে আবাধ্য হৈ পৰে ৰাহুলৰ হাতখন..।ৰাগিনীৰ দেহৰ খলা-বমাবোৰ স্পৰ্শ কৰি.. অনুভৱ কৰিব যত্ন কৰে ৰাগিনীক সি..। বাধা নিদিয়ে তাই..। প্ৰাপ্তিৰ আনন্দত দুচকু ভৰি পৰে দুয়োৰে..। পাঁচটা বছৰ লিভ-ইন ৰিলেচনত থাকি ও কোনোদিন সীমা চেৰাই নোযোৱা সিহঁতে আজি.. হস্পিটালৰ বেডত … ভালপোৱাৰ স্পর্শবোৰ অনুভৱ কৰি চকুলো বোৱাইছে..। এইয়া যেন প্ৰশান্তি… ! সকলো অনুভৱৰ উৰ্ধত.. এক চৰম প্ৰাপ্তি..! -------------------
অহা কাইলৈ ৰাহুলৰ চকুৰ অপাৰেচন কৰা হ’ব..। যোৱা কালিৰ পৰা তাক বেলেগ এটা কেবিনত… যাৱতীয় পৰীক্ষা কিছুমান কৰি ৰাগিনীৰ পৰা আঁতৰাই ৰখা হৈছে..। প্ৰতি পাঁচ দহ মিনিটৰ মূৰে মূৰে ৰাগিনীৰ খবৰ সুধি ঋষিক পাগল কৰি দিছে সি..।
:- ৰাগিনী ঠিকে আছে ৰাহুল । তই টেনশ্যন নল’বি..। ইমান ডাঙৰ অপাৰেচন এটা হ’ব গৈ আছে.. সুস্থিৰ হৈ থাকচোন ।
:- ৰাগিনীক কেতিয়া ৰিলিজ দিব ঋষি…? ডাক্তৰে কৈছে নে কিবা..?
:- তই গৈ ৰাগিনীক ঘৰতে পাবি দে..। আঁতৰি আহে ঋষি ৰাহুলৰ ওচৰৰ পৰা..। উত্তৰ দিব নোৱাৰা প্ৰশ্ন কিছুমানৰ সন্মূখীন হ’বলৈ ইচ্ছা নকৰে সি..।
ৰাহুলৰ চকুৰ অপাৰেচন সুকলমে হৈ যায়..। কেইদিনমান পিছতে তাৰ চকুৰ বেণ্ডেজ খোলা হ’ব…। এতিয়া তাৰ এটাই ইচ্ছা.. চকুমেলি প্ৰথম সি ৰাগিনীক চাব । একেখন হস্পিটালত আছে যদিও.. কিমান দিন যে তাইৰ পৰা দূৰত আছে ..!
কেইবাজনো ডাক্তৰৰ উপস্থিতিত এইয়া…ৰাহুলৰ চকুৰ বেণ্ডেজ খোলা হৈছে..। মনে মনে সকলোৱে অলপ ভয় কৰি আছে যদিও.. ৰাহুল আজি সম্পূৰ্ণ বিশ্বাসী..। সি চকুৰে দেখা পাবই । ৰাগিনীৰ প্ৰাৰ্থনা আৰু প্ৰেমে তাৰ চকুৰ শক্তি ঘূৰাই দিব । ঋষিয়ে তাৰ কাষতে ৰৈ খামুচি ধৰি আছে তাৰ হাতখন..।
লাহে লাহে তাৰ চকুৰ বেণ্ডেজটো.. পকাই পকাই খুলি গৈ আছে ডাক্তৰে.. আৰু ৰাহুলৰ চকুৰ আগৰ ক’লাবোৰ ও যেন বগা হৈ আহিব ধৰিছে.। সি অস্পষ্টকৈ মুখৰ ভিতৰতে..ৰাগিনীৰ নাম লৈছে… ।
” ৰা..গি..নী.. । মোৰ দুচকুৱে তোমাক বিচাৰিছে.. । তোমাক চাবলৈ ব্যাকুল হৈ পৰিছো মই…। ক’ত আছা তুমি..? “
:- মই দেখা পাইছো ছাৰ…। মই পোহৰ দেখিছো.. মই আপোনালোকক দেখিছো.. । মই হস্পিটেলৰ বেড.. ঘৰ .. ৰঙ.. সব দেখিছো..। মই দেখিছো.. মই দেখিছো ঋষি..।
বেণ্ডেজ খুলি হোৱাৰ পিছত… লাহে লাহে চকু দুটা মেলি আনন্দতে চিঞৰিব ধৰে ৰাহুলে..। :- মোক এতিয়াই ৰাগিনীৰ ওচৰলৈ লৈ ব’ল ঋষি..। মই মোৰ প্ৰিয়তমাক প্ৰাণ ভৰি চাব খোজো..। ফোনটো লগাচোন তাইলৈ..। তাইক খবৰটো দিওঁ..।
:- নালাগে ফোন কৰিব..। ৰাগিনীয়ে সকলো গম পাইছে..। তাই ডিচার্জ লৈছে ৰাহুল.. । ব’ল ঘৰত গ’লে সকলো গম পাবি..। ---------------------
:- ৰাগিনী এতিয়া সম্পূৰ্ণ সুস্থ নে ঋষি..? তাই চাগৈ মোলৈকে বাট চাই চাই .. কইনাৰ দৰে সাজি.. বাৰাণ্ডা খনতে বহি আছে..। আমাৰ হেঁপাহৰ ঘৰ খন ও ধুনীয়াকৈ সজাই থব তাই.. । মই জানো..।
” আই এম কামিং ৰাগিনী.. । আৰু অলপ সময়..। ইমান দিনৰ অপেক্ষাৰ ওৰ পৰিব আজি.. । মাত্ৰ অলপ সময় অপেক্ষা কৰা…।”
হস্পিটালৰ পৰা ঘৰ অভিমুখী গোটেই ৰাস্তাটো.. ৰাগিনীৰ কথাই কৈ কৈ ৰাহুলে এইয়া ভৰি দিছে.. ৰাগিনী আৰু তাৰ মৰমৰ ঘৰখনৰ পদূলি মুখত..। আবেগিক হৈ পৰিছে ৰাহুল.. ।
তাৰ ভালপোৱাৰ পৃথিৱী এইখন..। ৰাগিনী আৰু তাৰ প্ৰেমালয়..। কিমান যে মৰম.. কিমান যে স্মৃতি ভৰি আছে দুকোঠালীৰ এই ঘৰখনৰ চুকে-কোণে… । ৰাগিনীক বাৰাণ্ডাত নেদেখি দৌৰি ভিতৰলৈ সোমাই যায় ৰাহুল । সন্মুখৰ দেৱাল খনত ৰাগিনী আৰু তাৰ ফটো এখন ডাঙৰকৈ বন্ধাই থোৱা আছে..। মিচিকিয়া হাঁহিৰে.. ডাঙৰ ডাঙৰ দুটা উজ্জ্বল চকুৰে.. এইজনীয়েই মানে তাৰ ৰাগিনী..।
:- ৰাগিনী… ক’ত তুমি..? মই আহিলো চোৱা..। ৰা..গি.. নী .. । ৰাহুলৰ দুচকুৱে ৰাগিনীক বিচাৰিব ধৰে…।
” ৰাহুল.. মই তোমাৰ লগতে আছো ৰাহুল..।”
ৰাগিনীৰ মাতটো শুনি..পিছলৈ ঘূৰি চাই ৰাহুলে..। ঋষি আগুৱাই আহি সজল চকুৰে ৰাহুলৰ হাতত তুলি দিয়ে ৰাগিনীৰ ফোনটো..আৰু ফোনৰ ভইচ ৰেকৰ্ডাৰত.. ভাঁহি আহে ৰাগিনীৰ মাতটো..।
” মই নদী হৈ.. তোমাৰ বাবে মোৰ প্ৰেমৰ নৈ খন.. অবিৰাম বোৱাই ৰাখিব নোৱাৰিলো ৰাহুল..। নাপালো সেইখিনি সুযোগ..। তোমাক এৰি এইয়া.. যাবলৈ ওলালো । কিন্তু মই মোৰ কথা ৰাখিলো চোৱা..। কৈছিলো নহয়.. তোমাৰ এটা অংশ হৈ চিৰদিন তোমাৰ লগতে থাকিম..। সেয়েহে মোৰ দুচকু তোমাক দান দি গৈছো । মোৰ চকুযুৰিৰে ধুনীয়া পৃথিৱীখন প্ৰাণ ভৰি চাবা ৰাহুল..। কোনোদিন নাভবিবা ৰাগিনী তোমাৰ লগত নাই..। ৰাগিনী সদায় তোমাৰ লগতে থাকিব..। অলপো ইচ্ছা নাছিল জানা..তোমাৰ পৰা আঁতৰি যাবলৈ..। কিন্তু মই কি কৰো কোৱা.. মোৰ বোলে দুইটা কিডনী বিকল হৈ পৰিছে..। তথাপিও মই সুখী আজি..। মোৰ অবিহনে তুমি অলপ ও অসুবিধা নোহোৱাকৈ যে চলা-ফুৰা কৰিব পাৰিবা ।
ঋষিয়ে বহুত সহায় কৰিলে মোক..। সি নথকা হ’লে সম্ভৱ নাছিল মোৰ বাবে সকলোবোৰ অকলে চম্ভালা …।
জানো ৰাহুল.. মই হীনতাই দুখ দিব তোমাক..। কষ্ট হ’ব অলপ । মোক কাষত পাব মন যাব তোমাৰ.. । তেতিয়া মাথোঁ আকাশলৈ মোৰ তুলি চাবা..। আকাশৰ বিশালতাত অনুভৱ কৰিবা মোৰ ভালপোৱাবোৰ..।
কথা দিয়া ৰাহুল .. ভালে থাকিবা তুমি..। নিজৰ যত্ন ল’বা । সময়ত খোৱা – বোৱা কৰিবা । তোমাৰ মৰমবোৰ বুকুতে বান্ধি যাব ওলাইছো… । ইমান বোৰ মৰম…! সামৰি ল’বলৈকে দিগদাৰ হৈছে জানা.. । বাই ৰাহুল । আকৌ লগ হ’ম আমি..। লভ ইউ…। “
মূৰটো ঘূৰোৱা যেন লাগিল ৰাহুলৰ..। চকুৰে জলক তবক দেখিলে সি ..। ফোনটো জোৰেৰে মুঠিয়াই মজিয়াতে বহি পৰিল ..। ৰাগিনীয়ে তাক চকু দুটা দি..চিৰদিনৰ বাবে আঁতৰি গৈছে তাৰ জীৱনৰ পৰা..। কি কৰে সি এতিয়া..? কেনেকৈ থাকে ৰাগিনীৰ অবিহনে..? ৰাগিনী নাথাকিলে কি দৰে অনুভৱ কৰে ৰঙা..নীলা.. ৰংবোৰ..! কি চাবলৈ জীয়াই থাকে এতিয়া সি..?
চিঞঁৰি চিঞঁৰি কান্দিব ধৰিলে ৰাহুলে..। ” কিয় গুচি গ’লা ৰাগিনী… কিয়..? “
ঋষিয়ে সাৱটি ধৰে ৰাহুলক..। তাক সান্তনা দিবলৈ ভাষাৰ অভাৱ আজি..। কান্দক সি..। যিমান কান্দে কান্দক..। বোৱাই দিয়ক দুখবোৰ..।
হঠাৎ ঋষিৰ বাহু বন্ধনৰ পৰা নিজকে মুক্ত কৰি চকুপানীবোৰ মুচি লয় ৰাহুলে..। নিজকে কথা দিয়ে..
” আৰু নাকান্দে সি..। ৰাগিনীৰ চকুযুৰিৰে আৰু চকুপানী নোবোৱাই..। ৰাগিনীৰ চকুযুৰিয়ে কষ্ট পাব..। দুখ পাব তাই…।” ৰাগিনীৰ চকু দুটা… দুই হাতেৰে … বলিয়াৰ দৰে মৰম কৰে ৰাহুলে ….। ------------------