আইনা টেবুল ..

~ঐ , বেছি উৎপাত হৈছে দেই তহঁত দুটাৰ । এনেকুৱাকে দিম নহয়..! মা কি বস্তু বুজি পাই যাবি ৰহ ।

কামৰ মাজে মাজে ফুকননীয়ে বাঘৰ আগ তেল খোৱা ল’ৰা ছোৱালী দুটাক শান্ত হৈ থাকিবলৈ সকিয়াই আছে । বয়সত ছোৱালীজনী আঠ বছৰীয়া আৰু ল’ৰাটো এইবাৰ পাঁচত সোমাইছে ।

~ঐ .. গৈছো ৰহ । অলপ ও কথা নুশুনে অ’ ইহঁতে দেখিছনে বাৰু..। ঐ পোৱালীহঁত ঠিকছে পাবি দেই । কৈ দিছোঁ হ’লে ।

মানুহজনীৰ কামৰ লগে লগে মুখ খন ও সমানে চলি আছে । বাৰে বাৰে ৱাৰনিঙ দি আছে তেওঁ দুইটা ল’ৰা ছোৱালীকে। পিছে জীয়েক পুতেকৰ উদ্ভণ্ডালি কমাৰ লক্ষণেই নাই ।
এপাকত ঝাড়ুটো লৈ ড্ৰয়িং ৰুমটো ঝাড়ু দিওঁ বুলি সোমাওতেই তীব্ৰবেগে দৌৰি অহা পুতেকৰ ঠেলাত, চ’ফাৰ লগত সজাই ৰখা ক’লা ৰঙৰ আইনাৰ ধুনীয়া চেণ্টাৰ টেবুলখন বাগৰি চনচনাই উঠিল । বুকুখন চিৰিঙকৈ মাৰিল ফুকননীৰ । ঝাড়ুটো ঠাইতে পেলাই একে দৌৰে সেইখিনি পালেহি তেওঁ । টুকুৰা টুকুৰ হৈ পৰি থকা আইনাবোৰৰ মাজত পাঁচ বছৰীয়া পুতেকটোয়ে ভে.. ভে কৈ মুখ খন মেলি পৰি আছে । মানুহগৰাকীয়ে পুতেকক কোলাত লৈ ধৰফৰাই উঠিল ..

~ অ’ মোৰ গোসাঁই পোৱালীটো.. । দুখ পালি নেকি অ’ ক’ৰবাত বোপাইটো অ’.. । ইস.. ইস..কপাল ভাল আছিল চকুৱে কাণে যে ভগা গ্লাছবোৰ নোসোমাল । হে ঈশ্বৰ …।

ল’ৰাকণক লুটিয়াই বগৰাই চাই , ক’তো জখমৰ চিন দেখা নাপায়.. কোনোমতে উশাহটো ঘূৰি আহিল তেওঁৰ । জীয়েকক মাতি .. ভায়েকক গতাই দি তেওঁ খুব সাৱধানৰে এটা এটা কৈ গ্লাছৰ ভগা টুকুৰাবোৰ উঠাব ধৰিলে । কামখিনি কৰি থাকোঁতে মানুহগৰাকীৰ বুকুখন ও গধুৰ হৈ পৰিল । যিমানেই ভগা গ্লাছৰ টুকুৰাবোৰ গোটাই গৈছিল , সিমানেই তেওঁৰ বুকুখন ও দেখোন খুচি বিন্ধি উঠিছিল । আইনাৰ টুকুৰাবোৰ যেন উফৰি মজিয়াত নহয়..তেওঁৰ বুকুতহে সোমাল । চ’ফা চেটটো কোবাই , ঝাড়ু মাৰি চাফা কৰি তেওঁ ঈশ্বৰকে খতিব ধৰিলে.. প্ৰভু , বচালা । ল’ৰাকণৰ যে একো নহ’ল ।

ৰূমটোৰ চুক কোণবোৰ আকৌ এবাৰ ভালদৰে পৰীক্ষণ কৰি এইবাৰ তেওঁ ফোনটো হাতত লৈ ফুকনৰ নম্বৰটো ডায়েল কৰিলে । কামত ব্যস্ত ফুকনৰ ঘৈণীয়েকৰ নম্বৰটো ফোনৰ স্ক্ৰীন খনত দেখি খঙেই উঠিল … অলপ আগতে ওলাই আহিছে হে.. হ’লেই নে ফোনাব । বিৰক্তিৰে কলটো ৰিচিভি কৰি অলপ উষ্মভৰা কন্ঠেৰেই কৈ উঠিল ফুকনে..

~ কি হ’ল হে ..? ফোন কৰিলাই যে ।

গিৰিয়েকৰ মাতটো শুনি এইবাৰ ফুকননীৰ বুকুৰ দুখবোৰ খৰস্ৰোতা জলপ্ৰপাত হৈ দুচকুৰে বৈ আহিব ধৰিলে । ইমান সময় ধৈৰ্যৰে বাধা দি ৰখা চকুপানীবোৰ আৰু নাকৰ পানীবোৰ একাকাৰ হ’ল । ফোনটো হাতত লৈ উচুপি উঠিল তেওঁ ।
ফুকনৰ ইফালে চিন্তাতে অৱস্থা কাহিল । কিবা ডাঙৰ বিপদেই হ’ল নেকি । মানুহজনীয়ে দেখোন এইদৰে কন্দা কটা খন আৰম্ভ কৰিছে । ল’ৰা ছোৱালী দুটাৰ একো হোৱা নাইতো …!!

~ অ’ৰা .. কি হ’ল । নোকোৱা কেলৈ হে..?

~ অ’ৰি ড্ৰয়িং ৰুমৰ আইনাৰ টেবুলখন দেহামানুৰ গাত লাগি পৰি ভাঙি থাকিল ।

পুতেকৰ দৰে এইবাৰ মাকেও ভে ভে কৈ চিঞৰিব ধৰিলে । ফোনত ফুকননীৰ কান্দোন শুনি ল’ৰাটোৰ গুৰুতৰ জখম হোৱা বুলি ফুকনৰ বুকুখনত দুৰু দুৰু কঁপনি উঠিল । আৰু, একো শুনাৰ ধৈয্যই নহ’ল তেওঁৰ। য’ৰ কাম ত’তেই পেলাই ঘৰত আহি হাজিৰ ফুকন ।
আহি দেখে টেবুলখনৰ ফ্ৰেমটোৰ সন্মুখতে , মজিয়াত লেপেটা খাই বহি কঁপালতে হাত দি ফুকননীয়ে ইনাই বিনাই ৰাউচি জুৰি কান্দি আছে । উধাতু খাই ভিতৰলৈ সোমাই আহি ফুকন , ইফালে সিফালে চাই চিধাই পুতেকৰ ওচৰ পালেগৈ । তেতিয়ালৈ পুতেকৰ টেবুল ভঙাৰ ভয়টো মনৰ পৰা সম্পূৰ্ন ৰূপে নাইকিয়া হৈছিল । সি বায়েকৰ লগত বিচনাত উঠি দবৰা-দবৰি কৰি ..খেলাত হে ব্যস্ত ।
তাক সেইদৰে দেখি ফুকনে ফুকননীক দবিয়াই উঠিল ..

~ অ’ৰা .. কি হে পালে । ল’ৰাই খেলি ফুৰিছে । তুমি কান্দিয়েই
আছা যে .!

~ টেবুল খন ..!
বৰ মৰমৰ আছিল অ’ মোৰ বাবে সেইখন । চনচন কে ভাগিল হেৰৌ চকুৰ আগতে .. ।

~ অ’ৰা .. ইমান ডাঙৰ ঘটনা এটাৰ পিছত ও ল’ৰাটোৰ যে একো নহ’ল তাকে ঈশ্বৰক ধন্যবাদ জনোৱাচোন। এনেকুৱা এখন টেবুল মই কাইলৈকে আনি দিব পাৰিম । ভয়েই খাই গ’লো ফোনত কান্দোন শুনি । উঠা যোৱা .. ।

~ আপুনি নুবুজিব । মোৰ বহুত মৰমৰ আছিল সেইখন । কিমান কৈ থকাৰ পিছত ও আপুনি মোক টেবুলখন আনি দিবলৈ মন কৰা নাছিল.. । পাহৰিলে এতিয়া ? মই হে মোৰ জমা পইচাৰে ভাইটিক কৈ অনাই লৈছিলোঁ । মোৰ পইচা গাল পানীত পৰিল অ’.. । কেইদিননো হৈছিল এইখন ঘৰলৈ অহা ।

ফুকননীৰ কান্দোন বন্ধ হোৱাৰ নামেই নলয় মুঠৰ ওপৰত ।

~ অ’ৰা .. তোমাৰ পইচা মানে..? মোৰ পকেট মাৰি মাৰি গোটোৱাবোৰেই নহয় জানো ! লষ্ট হৈছে যদি মোৰ হে হৈছে । অযথা পেনপেনাই মাথা গৰম নকৰিবা হে..।

~ অ’ এতিয়া আপোনাৰ মোৰ বুলি ও বস্তুবোৰ ভাগ ভাগ হ’ল মানে। ঘৰখনৰ বস্তু এটাৰ ক্ষতি হৈছে , তাতো আপুনি মোক ইনডিৰেক্টলি কাট মাৰিবলৈ নেৰে। এৰা.. আপোনাৰ টকাৰে হে বহি বহি খাইছো.. আপোনাৰ টকাৰে হে চখ পুৰাইছোঁ । মোৰ নো কি আছে..?

ডাঙ খাই উঠিল ফুকননী ।

~ হেই এইজনী.. কথা বঢ়াই ন’লৱ দেই.. । ক’ৰ পৰা ক’ৰ পালেগৈ চা..।

ফুকনেও খঙতে ফুকননীক তেনেকৈ এৰি পুনৰ অফিচ পালেহি । মূৰটো গৰম হৈ গ’ল তেওঁৰ। অফিচত অত’ গাল কাম পেলাই আহি.. ঘৰত সেইখন নাটক চাব পাৰি নেকি ? ইমান বস্তুৰ প্ৰতি মোহ ..! মানুহৰ জীৱনেই ক্ষণস্থায়ী । এখন টেবুলৰ বাবে এনেকৈ কান্দিব লাগে নে..? হেই..!

ইফালে মানুহজনীয়ে দিনটো কান্দিয়েই থাকিল । চকুপানী বোৰ অহৰহ বৈয়েই থাকিল তেওঁৰ দুগাল তিয়াই । নাকৰ পানী চকুৰ পানী মোচোতে মোচোতে মুখ খন ফুলি হনুমানৰ আকৃতি ল’লে । কাষৰ বৰুৱাৰ ঘৰত দেখি , তাতকৈ ও ধুনীয়া টেবুল এখন কোনোমতে তেওঁৰ চ’ৰা ঘৰত সজোৱাৰ সৌভাগ্য ক’ন হৈছিল হে , এতিয়া সেইখন ও ভাগিল । তেওঁ জানে ফুকনে এনে এখন টেবুল আকৌ আনি দিব । পিছে এইখনৰ লগত ফুকননীৰ আবেগ জড়িত হৈ আছে । এই টেবুলখন ঘৰলৈ অনাৰ আঁৰত ফুকনে এতিয়ালৈকে গম নোপোৱা ডাঙৰ অংক এটা লুকাই আছে ।

সন্ধিয়া অফিচৰ পৰা আহি , একো নামাতিলেও ফুকনে আলেঙে আলেঙে ঘৈণীয়েকক লক্ষ্য কৰি থাকিল । চকু মুখ ওন্দোলি উঠা ঘৈণীয়েকক তেওঁৰ প্ৰথম চিনি পাবলৈকে দিগদাৰ লাগিল । এইজনীনো তেওঁৰেই ঘৈণীয়েক নে…? হায় ৰে.. কি ৰূপ ল’লে অ’ দিনটোৰ ভিতৰতে !
ফুকননীয়ে চাহ ৰুটি ভাজি সকলোবোৰৰ যোগাৰ ঠিকেই ধৰিলে যদিও, নাকৰ পানী মুচি মুচি সোত-সোতায়েই আছে । ফুকনৰ বেয়া ও লাগিল ।পেনপেনাই মৰম যতাব নাজানিলেও , ঘৈণীয়েক জনী তেওঁৰ বৰ মৰমৰ । মানুহজনীয়ে মনতো মাৰি থকা দেখিলে বৰ দুখ পায় তেওঁ । ফুকননীয়ে ও নুবুজা নহয় , গিৰিয়েকৰ মনৰ কথা । কিন্তু.. টেবুল খন ভঙাৰ দুখতো তেওঁৰ মনৰ পৰা দেখোন নোযোৱাই হ’ল… ! যাব নো কেনেকৈ বাৰু.. সেইখনৰ মূল তেওঁৰ বাদে বেলেগে যে নুবুজে ।

পিছদিনা অফিচলৈ বুলি ওলাই যোৱা ফুকনে , অলপ পৰৰ পিছতে আগদিনা ভঙা টেবুলখনৰ লগত হুবহু টেবুল এখন লৈ ঘৰ পালেহি । সদ্যহতে মাহৰ শেহত টকা কেইটা খৰছ কৰিবলৈ তেওঁৰ মন নাছিল যদিও..এখন টেবুলেই যদি মানুহজনীৰ মনলৈ আনন্দ কঢ়িয়াই আনে.. তেনেহ’লে টকা সাত / আঠ হাজাৰ খৰছ কৰা তেওঁৰ বাবে ডাঙৰ কথা নহয় । অন্তত মানুহজনী ফুৰ্তিৰে থাকক । ঘৰ খনৰ পৰিবেশটো সুস্থিৰ হওক ।
ফুকনীনৰ নতুন টেবুল খন দেখি ভাল লাগিল যদিও , মনতো পিছে ফৰকাল নহ’ল । টেবুলখন আগৰ টেবুল খনৰ জেগাতে থৈ .. হঠাৎ তেওঁ হুকহুকাই কান্দি উঠিল । ফুকনৰ এইবাৰ বিৰাট খং উঠিল । মানুহজনীৰ মনটো ভাল লাগক বুলিয়েই তেওঁ নতুন টেবুলখন আনি দিছে আৰু তেওঁৰাই ভে-ভে কৰিয়েই আছে । খঙৰ কোবত পুতেককে ঠিকচে পিটিলে ফুকনে । উৰহৰ খং ভগা ঢাৰিত নুঠালে উপায় নাই আৰু…। এখন টেবুলৰ বাবে ইমান অশান্তি ভোগ কৰিব পাৰি নে কিবা ।

বায়েকৰ গোচৰ দিবলৈকে ফুকনে খুলশালীয়েকক ফোন কৰি মতাই আনিলে ।

~ কি হ’ল ভিনদেউ , ইমান জৰুৰী ভাবে মাতি আনিলে যে ..!

খুলশালী নিপন আচৰিতেই হ’ল । ভিনিহিয়েকৰ ৰূপ দেখি ।

~ সোধা বায়েৰাক .. । কালিৰ পৰা মূৰটো খাই দিছে।

কথা গুৰুতৰ মানে .. । এইয়া দাম্পত্য কলহ । দুই দম্পতিৰ কাজিয়া ভাঙিবলৈকে মাজত সুমুৱাটো ঠিক হ’ব নে..? নিপনৰ দুই নাও দুই ভৰি যেন অৱস্থা ..। কি কথাত বা লাগিল ..!

~ অ’ ভাইটি .. চাচোন টেবুল খন ভাঙিলেই । মোৰ কপালখন চাচোন ।

ভায়েকক দেখি ফুকননীৰ শোক বোৰ এইবাৰ বেচিকৈয়েই উজাই আহিল। লগতে ফুকন ও গৰজি উঠিল.. ।

~ বুজিছা নিপন.. মেহগণি কাঠৰ ইমান মজবুত টেবুলখন আছিল , বায়েৰাৰ পচন্দ নহ’ল । বৰুৱাৰ ঘৰত আইনাৰ টেবুল দেখি তেওঁৰো গা উঠিল .. বোলে লাগিবই তেনে এখন আইনাৰ টেবুল । মই লাহে ধীৰে চিন্তা কৰি চাম ভাবোঁতেই.. বায়েৰাই নিজৰ জমা টকাৰে তোমাকে কৈ ঘৰলৈ টেবুল আনিহে এৰিলে । ল’ৰা ছোৱালী থকা ঘৰত এইবোৰ আইনাৰ বস্তু ভাঙিবই , সাধাৰণ কথা । তাকে লৈ হুলস্থুল খন চোৱাচোন তেওঁৰ ।

~ নহয় অ’ সাধাৰণ কথা । আপুনি তেনেকৈ নক’ব । সেইখন মই জমা টকাৰে নহয় .. আপুনি দিয়া সোণৰ চেইনডাল বন্ধকত থৈ হে আনিছিলোঁ অ’ । ভাবিছিলো লাহে ধীৰে পকেট মাৰি টকা কেইটা জমা কৰি চেইনডাল মোকোলাই আনিম । মোৰ টকা জমা নহ’লেই , টেবুল ভাঙি শেষ । মোৰ ফুটা কপাল অ’ এইখন ।

ফুকননীৰ অকপট স্বীকাৰোক্তিত ফুকন বেহুচ হোৱাৰ উপক্ৰম..। তেওঁৰ মানুহজনীয়ে লোকৰ লগত ফেৰ মাৰিবলৈকে সোণৰ চেইন বন্ধকত থৈ আইনাৰ টেবুল কিনিলে .. ! বুৰ্বক নে মূৰ্খ অ’ এইজনী ..?

কথাবোৰ শুনি নিপনে উচ্চস্বৰে হাঁহিব ধৰিলে..

~ অ’ কথাৰ গুৰি মানে ক’ৰবাত ..! বাইদেউ.. টেনশ্যন নেহী লেনে কা । তোৰ সোণৰ চেইন মোৰ হাতত সুৰক্ষিত। কি ভাবিছিলি.. তোৰ দৰে ময়ো মূৰ্খ..? টেবুল কিনিবলৈ টকা আঠ হাজাৰ তোক মই হে দিছিলোঁ । তোৰ টেবুলখন কিনাৰ হেঁপাহটো দেখি মই কথাখিনি নজনালো। কাৰণ মোৰ পৰা টকা ল’বলৈ ও তই যে মান্তি হোৱা নাছিলি। ভিনদেউক ও নজনালো । ভাবিলোঁ সময়ত ঘূৰাই দিম চেইনডাল ।
এতিয়া পেনপেনাব এৰ ।
তই টেবুল ও পালি , চেইন ও .. ।

ফুকননীৰ মনটোত এতিয়া হে শান্তি লাগিল । চকুপানী বোৰ মুচি ভায়েকক তেওঁ সাৱটি ধৰিলে ।
ফুকনে নতুন আইনা টেবুল খনলৈ চাই জীয়েকক মাত লগালে..

~ মাজনী অ’ ফ্ৰীজৰ পানী এগিলাচ লৈ আহচোন । মোৰ দেখোন বমি বমি ভাব এটা আহিছে, লগতে নবৰত্ন তেলৰ বটলটো ও লৈ আহিবি দেই । মূৰটো ইমান গৰম হৈ গৈছে…

     ---------------------

দ্যা স্কাই ইজ দ্যা লিমিট ..

:- এটা চিৰন্তন সত্য ..এদিন মৰিমেই ।
সেই দিনটো অহালৈ অপেক্ষা কৰা আৰু আজি এই মুহূৰ্ত্বতেই সেই দিনটোক মই স্ব-ইচ্ছাৰে আমন্ত্ৰণ জনোৱাৰ মাজত কি পাৰ্থক্য আছে নো ..? মোৰ জীৱনৰ মূল্যই বা কি…?
অপদাৰ্থ বোলে মই .. ।
নালায়ক.. ।
নাৰীৰ নামত কলংক ।

:- কি বকি আছ’ নীলা ..? পাগল হৈছ’ ? তোৰ এটা নিজা পৰিচয় আছে । এজনী প্ৰতিষ্ঠিত লেখিকা তই । কিয় এইদৰে ভাগি পৰিছ’ ? কিয় কষ্ট দিছ’ নিজকে ?

:- মোৰ ভালপোৱাৰ পৃথিৱীখনত এইবোৰৰ একো মূল্য নাই অ’ সুৰভি ।

আবেগবোৰক বাধা দিব নোৱাৰি হুকহুকাই কান্দি উঠে নীলাঞ্জনাই । বুকুয়েদি উজাই অহা দুখখিনি দুচকুৰে বৈ আহি তিয়াই পেলাই হাতত লৈ থকা ডায়েৰীখনৰ খোলা পৃষ্ঠাটো । বৰ যত্ন কৰিছিল তাই , সেই পৃষ্ঠাটোতে অপ্ৰকাশ্য বেদনাবোৰক লিপিবদ্ধ কৰিবলৈ । বৰ মন গৈছিল , শেষ বাৰৰ বাবে বৰ্ণিলক মনৰ কথাবোৰ জনাই , চিৰদিনৰ বাবে হেৰাই যাবলৈ । কিন্তু বাৰে বাৰে থমকি ৰৈছে তাই । চকুৰ আগত ভাহি অহা বৰ্ণিলৰ বিদ্ৰুপ ভৰা চাৱনি আৰু তাৰ অৱজ্ঞাসূচক হাঁহিটোৱে কঁপাই তুলিছে তাইৰ অন্তৰাত্মা । তাৰ তাচ্ছিল্যপূৰ্ণ বাক্যবোৰত নীলাঞ্জনাই নিজৰ শব্দবোৰ হেৰুৱাই পেলাইছে ।

এইজনেই বোলে তাইৰ মনৰ মানুহজন ।
এইজনকে তাই ইমান দিনে প্ৰাণ ভৰি ভালপাই আহিছে ।
ইমান অচিনাকি যেন হৈ পৰিছে আজি বৰ্ণিল তাইৰ বাবে ।
কিয় ইমান দিনে তাই বুজিব নোৱাৰিলে বৰ্ণিলৰ মনৰ কথাবোৰ ? কিয় বুজি নাপালে , সি যে মাথোঁ ভালপোৱাৰ অভিনয় হে কৰি গ’ল তাইৰ লগত ?
নিজৰ ওপৰতে প্ৰচণ্ড খং এটা উঠি আহিল নীলাঞ্জনাৰ ।

:- নক’বি তেনেকৈ নীলা । এজন মানুহৰ বাবে নিজকে মূল্যহীন বুলি নাভাবিবি । অকল এজন মানুহৰ ভাৱধাৰাই তোক মূল্যায়ন কৰিব নোৱাৰে । তই নিজেই সাজি লোৱা.. অকণমানি পৃথিৱী খনৰ পৰা ওলাই আহ এবাৰ । পাখি মেলি উৰিব দে মনটোক । নাচাবি নিজকে বৰ্ণিলৰ চকুৰে । তোক অন্তৰেৰে ভালপোৱা মানুহবোৰ আৰু তোৰ লিখনিৰ অজস্ৰ অনুৰাগীৰ চকুৱেদি নিজকে বিচাৰি চা নীলা । তই আমাৰ বহুত মৰমৰ ।
প্লিজ.. নিজক ভালপাবলৈ শিক । জীৱনটো কাৰোবাৰ প্ৰেমিকা বা কাৰোবাৰ পত্নী হৈ নহয়.. নীলাঞ্জনা কাকতি হৈ জীয়াই চা এবাৰ । এবাৰ তই হৈ জী চা নীলা । বুজিবি তোৰ মূল্য কি ..!

:- মোৰ যে পৃথিৱী খন মানেই বৰ্ণিল.. সুৰভি । মই আজি পৃথিৱীৰ বুকুতে আশ্রয়হীন চা । মই কেনেকৈ জীয়াই থাকোঁ ক’ । মোক মোৰ পৃথিৱীখনেই ত্যাগ কৰিছে । মই উশাহটো কিদৰে লওঁ ক’চোন । মোক মৰিবলৈ দে অ’ সুৰভি । মৰি যাবলৈ দে…।

সুৰভিক ঠেলা মাৰি জলপ্ৰপাতটোৰ দিশে আগুৱাই যায় নীলাঞ্জনা । পিছফালৰ পৰা সুৰভিয়ে জোৰকৈ আঁকোৱালি ধৰে তাইক ।

:- বলিয়ালি নকৰ । দুই চৰ লগাই দিম । জীৱনটো এইদৰে শেষ কৰিব আহিছ হা ..? বৰ্ণিল হে নাই , আমি বোৰ মৰি গ’লো নেকি । আমাৰ মৰমবোৰ তোৰ বাবে ইমান মূল্যহীন ..? যা … মৰগৈ যা । জঁপিয়াই দে পানীখিনিত ।
আকোৰগোজ মানুহক বুজাব পাৰে নেকি কোনোবাই … !

খং খাই উঠে সুৰভি ।
নীলাঞ্জনাই ঠাইতে বহি চিঞৰি চিঞৰি কান্দিব ধৰে । ইমান অসহায় অনুভৱ তাই হয়তো ইয়াৰ আগতে কোনোদিনেই কৰা নাছিল । এটা এটা কৈ বৰ্ণিলৰ মুখেৰে নিৰ্গত হোৱা অপমানজনক শব্দবোৰে তাইৰ যেন কান দুখনক.. হুলে বিন্ধাদি বিন্ধিব ধৰিছে । মৌন শব্দবোৰক বাধা দিবলৈকে কান দুখন জোৰেৰে হেঁচি ধৰে নীলাঞ্জনাই । সুৰভিয়ে ওচৰ চাপি গৈ , আলফুলে বুকুলৈ চপাই লয় তাইক ।
তাইৰ মৰমৰ বান্ধৱী নীলা জনীক সেই অৱস্থাত চাই থাকিবলৈ কষ্ট হয় সুৰভিৰ। -------------------

এসময়ত কিমান ফুৰ্তি বাজ ছোৱালী আছিল এই নীলাঞ্জনা কাকতি জনী । সৰুৰে পৰা মেধা সম্পন্ন নীলাই পঢ়া শুনাৰ উপৰিও সময় বাগৰাৰ লগে লগে দুই এটা গল্প কবিতা লিখিবলৈ আৰম্ভ কৰে । আৰু সেই চখ এসময়ত তাইৰ নিচালৈ পৰিৱৰ্তিত হয় । এখনৰ পিছত সিখনকৈ উপন্যাস , বহুতো গল্প লিখি তাই আজি এগৰাকী প্ৰতিষ্ঠিত লেখিকা হিচাপে নিজৰ এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

সকলোবোৰ সুস্থিৰ আছিল নীলাঞ্জনাৰ জীৱনত । সকলোৰে জনপ্ৰিয় হৈ এটা মসৃণ গতিৰে আগুৱাই গৈ আছিল তাই জীৱনৰ বাটছোৱাত । আৰু.. সেইদৰে আগুৱাই গৈ থাকোতেই এদিন বৰ্ণিল গৌতমৰ লগত চিনাকি হয় নীলাঞ্জনাৰ।
সেইদিনা গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন হোৱা তাইৰ প্ৰথম খন উপন্যাস ” নিভাজ মৰম ” কিতাপ খন বিচাৰি বিপনীলৈ সুমাই অহা বৰ্ণিলক দেখি নীলাঞ্জনাই চাগৈ সপোনত ও ভবা নাছিল , দেখাত ধীৰ স্থিৰ তথা ব্যক্তিত্বসম্পন্ন মানুহ এজন সময়ত ইমান কঠোৰ বা হৃদয়হীন ও হৈ উঠিব পাৰে ।

চ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশৰ আগতেই বহুল ভাবে জনপ্ৰিয় হৈ পৰা তাইৰ ” নিভাজ মৰমৰ ” এজন ক্রেতা হিচাপে বৰ্ণিলক যেতিয়া তাই প্ৰথম বাৰৰ বাবে লগ পাইছিল.. প্ৰশংসাৰে উপচাই পেলাইছিল বৰ্ণিলে নীলাঞ্জনাক । তাইৰ উপন্যাস খনৰ প্ৰশংসা আন বহুতে কৰিছিল, কিন্তু বৰ্ণিলৰ শব্দবোৰে যেন বিশেষ ভাৱে আকৰ্ষিত কৰিছিল তাইক। সেইবোৰ শব্দ যেন বৰ্ণিলৰ আত্মাৰ পৰা হে নিগৰি ওলাইছিল ।

আচলতে বৰ্ণিলৰ ব্যক্তিত্বই সেই প্ৰথম চিনাকিতে মোহাচ্ছন্ন কৰি পেলাইছিল নীলাঞ্জনা কাকতিক । তাৰ কথাবোৰ ভাল ল’গাৰ সেই কাৰণটো অতি সোনকালেই মানুহজনক ও ভালপোৱাৰ কাৰণ হৈ পৰিল ।
এৰা.. খুব খৰ তকিয়াকৈ নীলাঞ্জনাই সিদ্ধান্ত লৈ পেলাইছিল যে তাই বৰ্ণিলৰ প্ৰেমত পৰিছে । প্রিয় লেখিকা গৰাকীলৈ মাজে মাজে বৰ্ণিলে কৰা ফোন ক’ল কেইটাই হয়তো সেই অনুভৱক আৰু বেছি জীপাল কৰি তুলিছিল ।
সঘনাই কথা হৈছিল দুয়ো .. সাহিত্য জগত খনৰ বিষয়ে বা সিহঁতৰ ব্যক্তিগত জীৱনৰ বিষয়েও । কেতিয়ানো জানো নীলাঞ্জনাই নিজেই হিয়াখন বৰ্ণিলক থাপি দি আৱেগেৰে কৈ পেলালে…

:- বৰ্ণিল ..ভাল লাগে তোমাক মোৰ । তোমাৰ কথাবোৰে আকৃষ্ট কৰে মোক । তোমাৰ ব্যক্তিত্বই আকৰ্ষিত কৰে । মই তোমাৰ প্ৰেমত পৰিছো বৰ্ণিল গৌতম ।
ইয়েচ.. আই এম ইন ল’ভ ৱিথ ইউ ।
ল’বা মোক আঁকোৱালি ..? থাকিবা নে চিৰদিনলৈ মোৰ ভালপোৱা জন হৈ ..?

আৱেগত উচুপি উঠিছিল সেইদিনা নীলাঞ্জনা । এইয়া যে তাইৰ হিয়াৰ বতৰা । হিয়াখন খুলি দিছে তাই.. বৰ্ণিললৈ থুপ খাই থকা মৰমবোৰ বিলাই দিবলৈ । তাইৰ মন মন্দিৰত স্থাপন কৰা প্ৰেমাস্পদৰ ছবিখন বৰ্ণিলক এবাৰ দেখুৱাবলৈ প্ৰয়াস কৰিছে ।
আস…!! বুকুখন ভৰি পৰিছে দেখোন সুখানুভূতিৰে ।

লৈছিল…. বৰ্ণিলেও তাইক তাৰ জীৱনলৈ চপাই লৈছিল। সেই সময়ত প্ৰতিষ্ঠিত লেখিকা , সকলোৰে পৰিচিতা নীলাঞ্জনা কাকতিৰ প্ৰেমিক হিচাপে গৌৰৱবোধ কৰিছিল বৰ্ণিলে । নীলাঞ্জনাৰ লিখনি সমূহৰ প্ৰথম জন পাঠক হৈ উৎফুল্লিত হৈ পৰিছিল সি ।
দুয়ো দুয়োৰে হোৱাৰ সেই সময়বোৰ কিমান যে ভাল ল’গা আছিল…! নীলাঞ্জনাৰ মৰমৰ পৃথিৱীখনত বৰ্ণিলে ঘৰ সজাৰে পৰা নীলাঞ্জনাই যেন নিজকেই পাহৰি পেলাইছিল । তাইৰ উশাহ , অস্তিত্ব সকলোবোৰ কেৱল বৰ্ণিলতেই বিলীন হৈ পৰিছিল । বৰ্ণিলৰ সান্নিধ্যই তাইক সুখৰ সেইটো স্তৰত উপনীত কৰাইছিল , য’ৰ পৰা বিষাদৰ কলীয়া ডাৱৰ এজাকে কেতিয়াবা যে তাইক ঘেৰি ধৰি আত্মহত্যা কৰিবলৈ ও প্ৰৰোচিত কৰিব পাৰিব সেইয়া সকলোৰে বাবে সপোনৰো অগোচৰ আছিল ।

নজৰ লাগিছিল..। সিহঁতৰ সুখবোৰত চকু পৰিছিল কাৰোবাৰ । আচলতে অত্যধিক সকলোবোৰেই বেয়া । অত্যধিক সুখী হোৱাৰো অধিকাৰ নাথাকে কাৰো ।
এজন বেংক বিষয়া বৰ্ণিল গৌতমৰ বাবে ..নীলাঞ্জনাৰ জনপ্ৰিয়তা সময় বাগৰাৰ লগে লগে অসহনীয় হৈ পৰিল । তাইৰ গল্প উপন্যাসৰ পাঠক সকলক , তাইৰ সৃষ্টিৰ অনুৰাগী সকলক বৰ্ণিলে লাহে লাহে বেয়া পাবলৈ আৰম্ভ কৰিলে ।

এগৰাকী নাৰী এজন পুৰুষতকৈ বেছি জনপ্ৰিয় হ’ব…!
নাই .. নাই , কেতিয়াও হ’ব নোৱাৰে সেইটো ।

পৃথিৱীত ভৰি থৈ আকাশলৈ মুৰ দাঙি চাই থকা বৰ্ণিলক চেৰাই নীলাঞ্জনাই উৰা মাৰিব নোৱাৰিব কেতিয়াও । তাইৰ পাখি কেইখন ইমান মজবুত হ’বলৈ দিব নোৱাৰে সি । নীলাঞ্জনাৰ জনপ্ৰিয়তাই বৰ্ণিলৰ ভিতৰত শুই থকা আমানুহটোক লাহে লাহে জগাই তুলিবলৈ ধৰিলে । সেই কঠোৰ মানুহটো বাধা হৈ পৰিল নীলাঞ্জনাৰ সৃষ্টিৰ পথাৰখনত । ঠন ধৰি উঠা গজালি বোৰক বৰ্ণিলে যেন এফালৰ পৰা ভৰিৰে মোহাৰি পেলালে ।

প্ৰায় প্ৰতিদিনেই সৰু সৰু কথা কিছুমানত লাগি , নীলাঞ্জনাক শব্দৰে আঘাট কৰা হ’ল সি । প্ৰতিপল বুকুৰ মৰমেৰে নীলাঞ্জনাক উপচাই ৰখা বৰ্ণিলে.. লাহে লাহে তাইক অৱজ্ঞা কৰা হ’ল । কলিজাটো টুকুৰা টুকুৰা কৈ ভাঙি পৰিল নীলাঞ্জনাৰ । প্ৰিয়তম পুৰুষজনৰ তাইৰ প্ৰতি ইমান অনীহা..!কাৰণ কি ..! ক’ত নো কি ভুল কৰি পেলালে তাই.. !
বৰ্ণিলক প্ৰশ্ন কৰি কৰি ভাগৰি পৰিল নীলাঞ্জনা .. ।

:- মোৰ প্ৰতি ইমান বিতুষ্ট কিয় তুমি বৰ্ণিল ? হঠাতে কি হৈ গ’ল এইবোৰ আমাৰ মাজত ? কিয় থৰক বৰক হৈ পৰিছে আমাৰ প্ৰেম ভালপোৱা.. আমাৰ সপোনবোৰ ?
কোৱা বৰ্ণিল , মই কি ভুল কৰিছো । জানিব দিয়া মোক তুমি এইদৰে সলনি হৈ পৰাৰ কাৰণবোৰ । বিশ্বাস কৰা , অজানিতে মোৰ যদি কিবা ভুল হৈছে মই সেইবোৰৰ সংশোধন কৰিম । তুমি যি বিচাৰা , যেনেকৈ বিচাৰা তাকেই কৰিবলৈ যত্ন কৰিম । মোক অৱজ্ঞা নকৰিবা বৰ্ণিল । মই মৰি থাকিম । মই শেষ হৈ যাম বৰ্ণিল ।

বৰ্ণিল নিচ্ছুপ । সি কি দৰে কয় .. ” তোমাৰ জনপ্ৰিয়তাত মই জ্বলি পুৰি শেষ হৈছো নীলা । মই সহিব পৰা নাই তোমাৰ উত্থান । তুমি মোক গহ্বৰতে এৰি দোপত দোপে উন্নতিৰ জখলা ডালেদি বগাই গৈ আছা । মই সেইফালে দৃষ্টি ঘূৰাবলৈ অপৰাগ নীলা । তুমি আগবঢ়াই দিয়া হাতখন মই ইচ্ছা কৰিও খামুচি ধৰিব নোৱাৰো । মই কেতিয়াও নোৱাৰিম তোমাক অনুসৰণ কৰিব । “

সম্বন্ধত ঘূণে ধৰিলে সিহঁতৰ । একুৰা ঈৰ্ষাৰ জুইয়ে দহিবলৈ আৰম্ভ কৰিলে সিহঁতৰ মনবোৰ , সিহঁতৰ ভলপোৱাবোৰ । নীলাঞ্জনাই বহুদিনলৈ বৰ্ণিলৰ সেই পৰিৱৰ্তিত আচৰণৰ কাৰণটো নো কি জানিবলৈকে চেষ্টা চলাই গ’ল ।

বেছি দিন নহ’লেই .. ডিচেম্বৰ মাহৰ ঠেঁটুৱৈ ধৰা এটি সন্ধিয়াৰ কথা । উদাসী মনটোৰে হ’লেও নীলাঞ্জনাই কেইবামাহ ও ধৰি লিখি থকা এখন উপন্যাস লিখি শেষ কৰি , সেইখন এটা পেন ড্ৰাইভত ষ্ট’ৰ কৰিলে আৰু প্ৰকাশক এজনলৈ ফোন কৰিলে ।
আচলতে বৰ্ণিলৰ সৈতে যিমানেই দূৰত্ব বাঢ়ি আহিব ধৰিছিল , তাইৰ কলমটো ও যেন থমকি ৰৈছিল কৰবাত । উপন্যাস খনক লৈ প্ৰথম অৱস্হাৰ তাইৰ উৎসাহ , আগ্ৰহ … উপন্যাসখন শেষ হোৱালৈ কিন্ত অলপ ও নাছিল । আত্মসন্তুষ্টিৰ অবিহনেই সেইখন শেষ কৰিলে নীলাঞ্জনাই ।
সেই মুহূৰ্ত্বতে.. নীলাঞ্জনাৰ হাতৰ পৰা পেন ড্ৰাইভটো থাপ মাৰি আনি ৰুমত থকা ফায়াৰ প্লেচ’লৈ দলিয়াই দিয়ে বৰ্ণিলে । দপদপকৈ জ্বলি থকা জুই কুৰাত পেন ড্ৰাইভটো নিমিষতে ছাঁই হৈ গ’ল।

ঘটনাৰ আকস্মিকতাত থতমত খাই উঠিল নীলাঞ্জনা । কি কৰিলে মানে এইয়া বৰ্ণিলে ? তাইৰ ইমান দিনৰ কষ্টক ইমান সহজে জুই কুৰালৈ দলিয়াই দিলে যে সি…! কিয় এনে কৰিলে..? মৌন হৈ .. একেৰাহে জুইখিনিলৈ চাই চাই তাই বৰ্ণিলক প্ৰশ্ন কৰিলে ..

:- কি কৰিলা এইয়া বৰ্ণিল ? মই যোৱা চাৰি / পাঁচ মাহ ধৰি অশেষ কষ্টেৰে এই উপন্যাসন লিখি উলিয়াইছিলো । তুমি কিয় ছাঁই কৰি পেলালা মোৰ কষ্টখিনিক ?

তাচ্ছিল্যতাৰে হাঁহি উঠিল বৰ্ণিল । তাইৰ একেবাৰে কাষলৈ আহি চিঞৰি উঠিল সি ..

:- কষ্ট কৰ’ হা …? কিহৰ কষ্ট..? কেইটামান আখৰ লিখি নাম কমাৱ’ ? দিনে ৰাতিয়ে কেৱল প্ৰকাশকৰ ফোন ক’ল .. নীলা গল্প এটা দিয়া , নীলা উপন্যাসখন কিমান বাকী , নীলা তোমাৰ লিখনি অবিহনে আমাৰ আলোচনীৰ চাহিদাই নাই ..।
গল্প উপন্যাস পঢ়ি তোৰ বন্ধু বান্ধৱীৰ ফোন ক’ল .. নীলা বা, কি যে লিখা তুমি , মন চুই যায় । নীলা, তোমাৰ গল্পটো এটা দুৰ্দান্ত গল্প বুলিয়েই ক’ম দেই । তোমাৰ লিখন শৈলী অতুলনীয় … । নীলা অমুক , নীলা তমুক… খালি নীলা ….নীলা… নীলা… ।

মোৰ আমনি লাগিছে তোক দেখি , তোৰ সফলতাই মোক সুখী কৰিব পৰা নাই । য’লৈকে যাওঁ , তাতেই মোক বৰ্ণিল গৌতম বুলি নহয় , নীলাঞ্জনা কাকতিৰ স্বামী বুলিহে সকলোৱে চিনি পায় । তোৰ বাবেই মই মোৰ চিনাকি হেৰুৱাইছো । তোৰ কাৰণেই মোৰ নিজকে অস্তিত্বহীন যেন অনুভৱ হৈছে । তই মোৰ জীৱনটো শেষ কৰি দিলি বুজিছ … শেষ কৰি দিলি । তোৰ দৰে নাৰীৰ মোৰ জীৱনত প্ৰয়োজন নাই । অপদাৰ্থ তই , নালায়ক । আজিলৈকে মোক সন্তান সুখ দিব নোৱাৰা , নাৰীৰ নামত কলংক তই । কলম ধৰিবলৈ হে শিকলি মাথোন । তাৰ বাদে কি আছে তোৰ..? আঁতৰি যা মোৰ জীৱনৰ পৰা ।

গৰজি উঠিল বৰ্ণিল । নীলাঞ্জনাই মাথোঁ শুনি গ’ল কথাবোৰ । তাইৰ প্ৰতি ইমান ক্ষোভ ..ইমান খঙেৰে.. ইমান দিনে অন্তৰখন ভৰাই ৰাখিছে মানে বৰ্ণিলে । বৰ্ণিল জানো ইমান ঠেক মনোবৃত্তিৰ পুৰুষ..! তাইৰ উন্নতিত , তাইৰ কৃতকাৰ্যতাত বৰ্ণিল মানে অলপ ও সুখী নহয় । এটা সন্তান জন্ম দিব নোৱাৰাৰ বাবেই তাইক আজি বৰ্ণিলে অপদাৰ্থ অভিহিত কৰিলে । তাত নো জানো তাইৰ দোষ ..?

কি কৰে তাই এতিয়া…? বাদ দিব নেকি কলম ধৰিবলৈ ..? বৰ্ণিলক সুখী কৰিবলৈকে তাইৰ সপোনবোৰক ও মাৰি পেলাব নেকি ..? তাই বৰ্ণিলৰ মনোভাৱক ভুল প্ৰতিপন্ন কৰিবলৈ তাৰ বিৰোধীতা কৰে নে.. তাৰ কথা মানি লৈ পলায়নবাদীৰ দৰে সাহিত্যজগত খনৰ পৰা আঁতৰি আহে এতিয়া..?

প্ৰশ্নবোৰে খেলিমেলি লগালে নীলাঞ্জনাৰ মন মগজু । ভাগি পৰিল নীলাঞ্জনা । প্ৰচণ্ড ধুমুহা এজাকে উভালি পেলাই মষিমূৰ কৰি থৈ যোৱা গছজোপাৰ দৰেই ঠেকেছা খাই পৰিল তাইৰ ইমান দিনৰ নিঃস্বাৰ্থ মৰম- চেনেহবোৰ।

অৱশেষত তাই এটা সিদ্ধান্ত ল’লে.. এটা সন্তান জন্ম দিব তাই । চিকিৎসা কৰাব , যি কোনো উপায় অৱলম্বন কৰিব । আজিকালি উন্নত মেডিকেল চাইন্সৰ দ্বাৰা বহু অসম্ভৱ ও সম্ভৱ হৈ উঠিছে । বৰ্ণিলক তাৰ প্ৰাপ্য সুখবোৰৰ পৰা বঞ্চিত কৰাটো অনুচিত । কলমটোক চিৰদিনৰ বাবে আঁতৰাই ৰাখিবলৈ নিজকে বুজনি দিলে নীলাঞ্জনাই । বৰ্ণিলৰ সান্নিধ্য , বৰ্ণিলৰ সুখ , বৰ্ণিলৰ সংগৰ উৰ্ধত …আন একো হ’ব নোৱাৰে । বৰ্ণিল তাইৰ অভ্যাস । নোৱাৰে তাক বাদ দি বেলেগ একোৱেই ভাবিব ।

পিছে আঁতৰি যাবলৈ মানুহক এটা মাত্ৰ অজুহাতৰ হে প্ৰয়োজন । সেই অজুহাত বৰ্ণিলে নিজেই বিচাৰি ল’লে । সন্তানহীনতাৰ অজুহাত…।
হয়…এখন ডিভোর্স পেপাৰত চাইন কৰি ..নীলাঞ্জনা আৰু তাৰ সম্পৰ্কটোৰ যৱনিকা পেলালে বৰ্ণিলে ।
পাগল হৈ পৰিছিল নীলাঞ্জনা । বলিয়াৰ দৰে ঢাপলি মেলিছিল বৰ্ণিলৰ বুকুৰ মাজত ঠাই অকন বিচাৰি । তাৰ ভৰিতে পৰি ক্ষমা ভিক্ষা কৰিছিল … ” নকৰিবা বৰ্ণিল মোৰ লগত এনেকুৱা । মই সকলো বাদ দিম । কেৱল তোমাৰ হৈ তুমি বিচৰাৰ দৰে থাকিম । মোৰ পৰা আঁতৰি নাযাবা এনেকৈ । “

বৰ্ণিলে তাইক গতা মাৰি সেইদৰেই এৰি গুছি গৈছিল নিজৰ বয়-বস্তুবোৰ লৈ । ভৰিৰ তলৰ মাটি খিনি হে যেন খহি পৰিছিল নীলাঞ্জনাৰ। দিক বিদিক হেৰুৱাই পেলাইছিল তাই । বুজিয়েই পোৱা নাছিল সেই মুহূৰ্ত্বত কি কৰা উচিত হ’ব …আৰু শেষত ৰাস্তালৈ ওলাই আহিছিল চলন্ত গাড়ীৰ আগত পৰি নিজৰ জীৱনটো শেষ কৰি দিবলৈ । বহুত কষ্ট পাইছিল তাই বৰ্ণিলৰ সেই ব্যৱহাৰত , তাৰ সেই সিদ্ধান্তত ।

সুৰভিয়ে টানি আজুৰি মহানগৰীৰ ব্যস্ত ৰাজপথৰ পৰা লৈ আহিছিল নীলাঞ্জনাক । আৰু সকলো কথা জানিব পাৰি সকলোৰে পৰা আঁতৰাই পিছদিনাই লৈ গৈছিল দাৰ্জিলিংলৈ । ---------------------

গোটেই নিশা দাৰ্জিলিংৰ হোটেল ৰুমত উচুপি কটালে নীলাঞ্জনাই । সুৰভিয়েও তাইক সাৱটি ধৰি তাইৰ লগতে কান্দি উঠিল । তাই বাধা নিদিলে নীলাঞ্জনাক । কান্দক .. হেঁপাহ পলুৱাই কান্দক । দুখবোৰ শিল হৈ গধুৰ কৰি পেলাইছে ছোৱালীজনীৰ বুকুখন । চকুপানীবোৰ বোৱাই পাতলাই পেলাওক । কেতিয়াবা নিজৰ বাবে নিজক বিচাৰি ও কান্দিব লাগে আমিবোৰে ।

”সকলো কথাৰ শেষত এটা সত্য আছে—জীৱন মাত্ৰ এটাই ।নোপোৱাখিনি পাবলৈ আমি আৰু কেতিয়াও আমি হৈ জন্ম নলওঁ।”……( মায়াবৃত্ত – ৰীতা চৌধুৰী)
এটা আমোঘ মন্ত্ৰ .. হতাশগ্ৰস্ত …মৃতপ্ৰায় কোনোবা এজন পুনৰ জী উঠিবলৈ ।

এৰা .. কাৰোবাৰ এফাঁকি কথাই ও তোলপাৰ লগাই যাব পাৰে হৃদয়ৰ গভীৰত । নীলাঞ্জনাৰ মনৰ কোনোবা এটা চুকত সেই বাক্যশাৰীয়ে হঠাতে ক্ৰিয়া কৰি গ’ল ।
সময় তেতিয়া পুৱতি নিশা । ধৰফৰাই উঠি বহিল তাই শুই থকা বিচনাখনত । ম’বাইলটো উলিয়াই ল’লে । সুৰভিয়ে উদ্বিগ্নতাৰে চাই ৰ’ল নীলাক । ফেচবুক লগ ইন কৰি তাই নিজৰ ষ্টেটাছ আপডেট কৰিলে..
” চেপাৰেটেড…. ” ।

এটা দৃঢ় সিদ্ধান্ত লৈ পেলাইছে নীলাঞ্জনাই । এটা নিশাৰ চকুলোৱে আৰু লুটিয়াই চোৱা অতীতৰ পৃষ্ঠাবোৰে তাইক ব্ৰজ কঠোৰতাৰে গঢ়ি তুলিছে । তাইৰ জীৱনত বৰ্ণিলৰ প্ৰয়োজন নাই । বৰ্ণিল গৌতমৰ অবিহনে ও নীলাঞ্জনা কাকতি সম্পূৰ্ণা ।

মেচেঞ্জাৰত কেইবাজনৰ ও কেইবাটাও মেছেজ আহিল .. থমকি ৰোৱা নীলাঞ্জনাৰ কলমটোৱেদি নিৰ্গত হোৱা শব্দৰ মালা ডাল বিচাৰি । তাইৰ গল্প উপন্যাসবোৰ পঢ়ি.. তাইৰ অনুৰাগী সকলে পথোৱা উৎসাহজনক মন্তব্যবোৰে মনটো ভৰাই তুলিলে তাইৰ । সুৰভিক গাৰ জোৰেৰে সাৱটি ধৰিলে নতুনকৈ জীপাল হোৱা নীলা জনীয়ে ..

:- তহঁত আছ’ ন মোৰ লগত ? মই কিয় আশ্রয়হীন হ’ম সুৰভি ! তহঁতৰ বুকুত মই ঘৰ কৰিব পাৰিছোঁ নহয় নে..? মোক এৰি নাযাবি দেই কোনোদিন ।

:- সদায় থাকিম নীলা তোৰ লগত । তই আমাৰ বাবে বহু মূল্যবান অ’। আচলতে কি জান’ .. ভুলবোৰ তাতেই হৈ যায়, য’ত আশা পূৰণৰ ব্যৰ্থ চেষ্টা কৰা যায় । বৰ্ণিল গৌতমৰ লগত থাকিলে তোৰ আশাই পূৰ্ণতা কোনোদিন নাপায় । তই নীলাঞ্জনা কাকতি হৈ নিজকে পুনৰ জীয়াই তুলিব লাগিব । নিজৰ পৰিচয় আৰু আত্মসন্মান লাঘৱ হোৱা কোনো কথা বা কোনো ব্যক্তিয়েই তোৰ জীৱনত যাতে বাধা হ’ব নোৱাৰে । তই সেই কথাত গুৰুত্ব দিব লাগিব । বুজিলি ।

:- উমম…. ।
মোক সাহস দিয়াৰ বাবে ধন্যবাদ সুৰভি ।

ৰাতিপুৱালৈ শুই পৰিছিল দুয়ো.. ইজনীয়ে সিজনীক সাৱটি ধৰি । যেতিয়া চকু মেলিলে… নীলাঞ্জনা নাছিল সুৰভিৰ কাষত । বাহিৰ- ভিতৰ সকলোতে নীলাঞ্জনাক বিচাৰি চলাথ কৰিলে সুৰভিয়ে । অজান আশংকাত কঁপি উঠিল তাইৰ বুকুখন ।
দৌৰ দিলে তাই দাৰ্জিলিংৰ আটাইতকৈ ধুনীয়া ‘ পাগলাঝৰা ‘ ৱাটাৰ ফ’লটোৰ দিশে.. য’ত আগদিনা নীলাঞ্জনাই আত্মহত্যা কৰাৰ চেষ্টা চলাইছিল ।
প্ৰাণটাকি দৌৰিলে তাই … ৰাস্তাৰ ওখোৰা-মোখোৰাবোৰক ও আওকাণ কৰি । ভয় লাগিল বহুত.. চিৰদিনলৈ হেৰাই গ’ল নেকি নীলাঞ্জনা ‘ পাগলাঝৰাৰ ‘ গভীৰতাত ।
দৌৰি থাকিল তাই … গাৰ জোৰেৰে দৌৰিলে.. ঈশ্বৰৰ নাম লৈ ।
সৌৱা .. দূৰৈত দেখোন তাইৰ মৰমৰ বান্ধৱী নীলা । ডাঙৰ শিল এচটাত বহি.. আপোন মনে কিবা লিখাত ব্যস্ত ।
উশাহটো দীঘলকৈ টানি .. এখুজি দুখুজি কৈ আগুৱাই গ’ল সুৰভি নীলাৰ ওচৰলৈ । কাষত সুৰভিৰ উপস্থিতিৰ উমান পাই..পিছলৈ নোচোৱাকৈয়েই কৈ উঠিল নীলাঞ্জনাই…

:- ভয় খাই গ’লি সুৰভি , নিজকে শেষ কৰি দিলোঁ বুলি মই । নকৰো… । জী উঠিছোহে …. ।

সুৰভিয়ে হুকহুকাই কান্দি উঠিল । বুকুখন তেতিয়াও কঁপিয়েই আছিল তাইৰ । দুবাহুৰে আঁকোৱালি নীলাঞ্জনাৰ গায়ে মূৰে চুমা এগাল আঁকি দিলে তাই ।

:- মোৰ জীৱনটো এই ‘ পাগলাঝৰাৰ ‘ দৰেই বুজিছ সুৰভি । সেই যে সমতলেদি বৈ অহা পানীবোৰ ঠিক তেনেকুৱাই আছিলো মই.. বৰ্ণিলক লগ পোৱাৰ আগতে ।
তাৰ প্ৰেমত পৰি চঞ্চল হৈ পৰিছিলোঁ । উশৃংখল হৈ পৰিছিল মোৰ সপোনবোৰ.. মোৰ জীৱনৰ গতিবোৰ ঠিক হুৰমুৰাই তললৈ নামি অহা এই জলপ্ৰপাতৰ পানীখিনিৰ দৰে ।
কিন্ত্ত মই বুজিছো এতিয়া , পুনৰ মই মসৃণ গতিৰে জীৱনটোক সজাব লাগিব , বৈ যাব লাগিব এই ধুনীয়া পাগলাঝৰাৰ দৰেই । অসীমলৈ…।
চাচোন , কি দৰে লহৰ তুলি.. গুনগুণাই বৈ গৈছে .. । কিমান ভাল লাগিছে ।

:- ল’ভ ইউ নীলা ।
তোৰ লক্ষ্য অভিমুখে বৈ যা । এই বাধাহীন পানীবোৰৰ দৰে অবিৰাম হওঁক তোৰ সফলতাৰ যাত্ৰা । থমকি নৰ’বি নীলা , শব্দবোৰক মনৰ ভিতৰত উকমুকাই থাকিবলৈ নিদিবি । প্ৰকাশ কৰ মনৰ কথাবোৰ , তুলি ল’ কলম… । মোৰ শুভ কামনা সদায় আছে তোৰ লগত ।

জলপ্ৰপাতৰ পৰা নিৰ্গত হোৱা সুৰুজৰ বিচ্ছুৰিত বৰ্ণালীয়ে উজ্জ্বলাই তুলিলে দুয়োৰে মুখবোৰ । নীলাঞ্জনাই আকাশলৈ মোৰ তুলি চালে..

” ইয়েচ .. দ্যা স্কাই ইজ দ্যা লিমিট ….”


------------------------------

প্ৰতিশোধ



একেবাৰেই সাহসৰ অভাৱ মোৰ । জীৱনৰ চল্লিশটা বসন্ত গৰকিলো । তাৰে কুৰিটা বছৰ বোৱাৰী ভাত খোৱা নিজৰ ঘৰখনৰ চাৰিটা কোণতে কেতিয়াবা অজানিতে কঁপি উঠো মই । বাৰীৰ চুকৰ কচুৱনী ড’ৰাত অস্বাভাৱিক কিবা এটা শব্দ শুনিলেই বুকুখনৰ ধপধপনিবোৰ ক্ৰমাৎ বাঢ়িবলৈ ধৰে । উশাহটো চুটি হৈ যায় । এনে লাগে.. কিবা এটা যেন ওলাই আহি এইমাত্ৰকে হেঁচা মাৰি ধৰি.. মাৰি পেলাব মোক ।
যেতিয়া দেখো কুকুৰ এটা বা মেকুৰী এটা হে খচখচাই ওলাই আহিছে সেই শব্দটোৰ উৎপত্তি স্থলৰ পৰা..নিজৰ ওপৰতে পুতৌ জন্মে । ধেই… এইটো কলিজা লৈ জীয়াই থাকে নে কোনোবা !

এই যে ভয় ভয় অনুভৱ এটাই অহৰহ খুলি খুলি খাব ধৰিছে মোক, সেই ভাৱতো আগৰে পৰা নাছিল পিচে। মানুহজনে যি দিনাই ছোৱালীজনীৰ সমস্ত দায়িত্ব গতাই সংসাৰখনত মোক অকলশৰীয়া কৰি এৰি গ’ল .. সেইদিন ধৰি কিয় জানো মই ইমান ভয়াতুৰ হৈ পৰিলো । নামত মানুহজনৰ মৃত্যুৰ পিছত ,তেওঁৰ অফিচতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ থকা মই এগৰাকী আত্মনির্ভৰশীল মহিলা ।

আচলতে এই ভয় একাকীকত্বৰ । এই ভয় মোৰ দুৰ্বল আত্মবিশ্বাসৰ । মই ক্ষোভত জ্বলি উঠো কেতিয়াবা মানুহজনৰ ওপৰত । মোৰ চিঞৰি চিঞৰি সুধিবলৈ মন যায় তেওঁক… আৰে কথা দি কথা ৰাখিবই নোৱাৰে যদি, আজীৱন নিৰাপত্তাৰে বেঢ়ি ৰখাৰ প্ৰতিশ্ৰুতি দিছিল নো কিয় ? কিয়ই বা সপোন দেখুৱাইছিল আমাৰ ৰাজকুমাৰী জনীৰ সোণোৱালী ভৱিষ্যত গঢ়াৰ ..? কি কৰো এতিয়া মই .. ! কেনেকৈ দুয়ো মিলি সঁচা কৰিব বিচৰা সপোনবোৰক পাখি মেলি উৰিবলৈ দিওঁ ।

মুঠৰ ওপৰত ভয় লাগে মোৰ । কিহলৈ .. কিয়.. বা কাক নো ভয় কৰো কেতিয়াবা বুজিও নাপাওঁ । কিন্তু মোৰ বুকুখনত কিবা এটা ভয় শিপাব ধৰিছে । ক’ৰবাত তেজ এটোপাল দেখিলেতো কথাই নাই । থৰথৰকে কঁপি উঠে মোৰ অলপ ধতুৱা কলিজাটো ।

সেই ভয়াতুৰ মানুহজনী এইয়া আজি এটা কালী মন্দিৰত ।কাৰ্তিক মাহৰ অমাবস্যাৰ নিশা…. । ঘোৰ অন্ধকাৰ… । চাৰিওফালে ঘোপ মাৰি ধৰা কুঁৱলী…।নীৰৱ নিতাল চৌপাশ.. ।
নিশা প্ৰায় এক মান বাজিছে । এজন কালী সাধকে মন্ত্ৰ উচ্চাৰণৰে কালী গোসাঁনীক পূজা আগবঢ়াইছে । স্বল্প বসন পৰিহিতা , নৰমুণ্ড মালাৰে বিভূষিতা ‘মা কালীৰ’ গলত ৰক্ত জৱা আৰু বিল্ব পত্ৰৰ এডাল দীঘল মালা । সন্মুখত দেৱীক উদ্দেশ্যি আগবঢ়োৱা নৈবেদ্য আৰু ভোগৰ থালি , দপদপাই জ্বলি থকা হোমৰ জুইকুৰা , চাকি ..ধুপ-ধুনাৰ সুগন্ধিৰে মায়াময় হৈ উঠিছে পৰিবেশটো ।
পুৰোহিতৰ দেৱী বন্দনাৰে গমগমাই উঠিছে মন্দিৰৰ ভিতৰখন।

” ॐ জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী ।
দুর্গা শিবা ক্ষমা ধাত্রী স্বাহা স্বধা নমোঽস্তুতে ।। “

অলপ পৰৰ পিছতে যথাৰীতি বলি বিধানৰ নিয়মখিনি কৰা হ’ব । বিধি পাঠকজনে বলিশালৰ ওচৰলৈ আহি কোষা-অৰ্ঘ্যৰে পৱিত্ৰ জল চটিয়াই মন্ত্ৰ পাঠ কৰি বলিশাল খনৰ শুদ্ধি কৰণ কৰিছে । সেই সময়তে পূজা খনৰ লগত ওত:প্ৰোত ভাৱে জড়িত এজন মানুহে.. কপালত ডাঙৰকৈ সেন্দুৰৰ লেপ দি ৰখা এটা নিপোটল ছাগলী , বলিশাল খনৰ ওচৰলৈ টানি টানি লৈ আহিছে । ছাগলীটোৰ বেবনিয়ে কঁপাই তুলিছে মন্দিৰ গৃহ ।

এই ছাগলীটো মই মোৰ একমাত্ৰ ছোৱালীজনীৰ হৈ আজি গোসাঁনীৰ চৰণত বলিৰ বাবে উচৰ্গা কৰিছো । ছাগলীটোৱে বাৰু বুজিছে নে যোৱা এসপ্তাহে মোৰ ঘৰত তাক আপডাল কৰি ৰখাৰ উদ্দেশ্য কি আছিল..! মোৰ ছোৱালীজনীৰ জীৱনলৈ অকস্মাত নামি অহা অপায় অমংলবোৰ দূৰ কৰিবলৈকে মই যে তাক প্ৰাণে মাৰিবলৈ ও কুণ্ঠাবোধ কৰা নাই.. অনুভৱ কৰিছে নেকি বাৰু সি..!

হয়.. মই আজি স্বাৰ্থপৰ হৈ উঠিছো । এটোপাল তেজ দেখিলেও ভয়ত কম্পমান হৈ উঠা মানুহজনীয়ে আজি এটা ছাগলী বলি হোৱালৈ অপেক্ষা কৰি , দেৱী মাক স্মৰণ কৰিছো …
“মোৰ ছোৱালীজনীক উদ্ধাৰ কৰা গোসাঁনী । যথাসাধ্যে পূজা আগ কৰিছো । চকু মেলি চোৱা মা । “

ছাগলীটোক এইবাৰ বলিশাল খনত শিৰনত অৱস্থাত উঠাই লোৱা হৈছে । কালী সাধকজনে বলিৰ বাবে যোগুতাই লোৱা তীক্ষ্ণ দা খন হাতত লৈ সেই দিশে আগুৱাই আহিছে । মই দুচকু মুদি কেৱল দেৱী মাক ধ্যান কৰিছো ~~ ” বলি গ্ৰহণ কৰা মা। “

ছাগলীটোৱে নিৰন্তৰ বেবায়েই আছে ।

হঠাৎ এটা শব্দ….।
দা খনেৰে ছাগলীটোৰ শিৰচ্ছেদ কৰাৰ শব্দ ।
কে..চ..চে.. ক…।

লগে লগে গা শিৰশিৰাই যোৱা এটা অনুভূতি । বলিশাল খনৰ নিচেই কাষতে থকাৰ হেতুকে মোৰ মুখত ও চিটিকি পৰিছে কিছুমান উষ্ম তৰল ক’ণা । ইমান সময় আটাহ পাৰি চিঞৰি থকা ছাগলীটোৰ বেবনিবোৰো হঠাতে স্তব্ধ হৈ পৰিছে । মই চকু মেলি চোৱাৰ সাহস গোটাব পৰা নাই যদিও মনৰ চকুৰে স্পষ্টকৈ দেখা পাইছো সেই মুহূৰ্ত্বৰ বলিশাল খনৰ প্ৰতিচ্ছবি ।

এপাকত লাহে লাহে দুই চকু মেলি মই সন্মুখত দৃষ্টি ৰাখিছো আৰু একে সময়তে সোঁ হাতৰ আঙুলিৰ মুৰেৰে গাল দুখনত চিটিকি পৰা তৰল খিনি চুই চাইছো । আঙুলিৰ পাব কেইটাত গোসাঁনীৰ জিহ্বা খনৰ দৰেই ৰঙা ৰঙ অলপ লাগি আহিছে । মই কিন্তু এইবাৰ সেই ৰঙাবোৰ চুই বিচলিত হৈ পৰা নাই । মোৰ দেখোন অলপো ভয় ও লগা নাই ।
মোৰ মনটোৱে কৈ উঠিছে ~~ ” এইয়া গোসাঁনীৰ আশীৰ্বাদ । তোক আশীৰ্বাদ কৰিছে তেওঁ , তই উচৰ্গা কৰা ছাগলীটোৰ বলি গ্ৰহণ কৰিছে..। ভয় নকৰিবি । নাপায় ভয় কৰিব । এই মুহূৰ্ত্বত তোৰ অন্তৰাত্মা যদি ছাগলীটোৰ দুখত কঁপি উঠে.. গোসাঁনী বিতুষ্ট হ’ব । পাপে চুব তোক । সেই পাপ নকৰিবি । তই তোৰ ছোৱালীজনীক ভাল কৰি উঠাব নোৱাৰিবি কোনোদিন ।”

প্ৰকৃততে এইয়া মোৰ মমত্বৰ অনুভৱবোৰ জাগ্ৰত হৈছে । মই এতিয়া মোক নিসংগ কৰি এৰি যোৱা মোৰ মানুহজনৰ ভয়াতুৰ পত্নী গৰাকী নহয়.. মই এতিয়া এগৰাকী মাতৃ । মোৰ মনত এতিয়া প্ৰচণ্ড ধুমুহা এজাকত ও থৰক বৰক নোহোৱাকৈ দৃঢ়তাৰে থিয় দি থাকিব পৰাকৈ প্ৰৱল ইচ্ছা শক্তি । বুকুত অফুৰন্ত সাহস ।

বলিশালখনৰ সন্মুখতে অষ্টাঙ্গে সেৱা জনাই মই ছোৱালীজনীৰ মংগল কামনা কৰিছো । যোৱা দুটা মাহে হাঁহি ধেমালি কৰি মোক জীয়াই থাকিবলৈ প্ৰেৰণা যোগোৱা মোৰ ছোৱালীজনী নিস্তেজ হৈ পৰি আছে ঘৰখনত ।
নাই নাই.. ঘৰ বুলি ক’ব নোৱাৰি এতিয়া সেইখন । মুৰৰ ওপৰত টিং এখন , কাষে-বাৰে চাল বেৰখন থাকিলেই ঘৰ হয় জানো ? য’ত নেকি মই উশাহটো লৈ জীয়াই থকাৰ একমাত্ৰ কাৰণটোৱেই আজি মৃতপ্ৰায় । অনর্গল কথাৰ বৰষুণেৰে মোৰ উদাসী সময়বোৰত ও মোক ব্যতিব্যস্ত কৰি তোলা মোৰ একমাত্ৰ ছোৱালীজনীয়ে যোৱা দুটা মাহে এটা শব্দ ও উচ্চাৰণ কৰা নাই । কেনেকৈ চকুৰ আগতে লৈ চাই থাকো তাইক মই ?

কেইবাজনো ডাক্তৰৰ লগত কথা পাতিলো , বহুত ট্ৰিটমেণ্ট চলিল , মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ মতে মেণ্টেল ষ্ট্ৰেইছ দূৰ কৰিবলৈকে থেৰাপি দিয়ালো । তেওঁলোকৰ মতে, তাইৰ মন মগজুত কিবা এক অনামী ভয়ে ক্ৰিয়া কৰিছে । যিবোৰে তাইক মানসিক সন্তুলন বজাই ৰখাত বাধা দিছে । অত্যধিক মানসিক চাপে তাইক আজি এইদৰে মৌন হৈ ৰ’বলৈ বাধ্য কৰিছে । তাই এইদৰে স্তব্ধ হৈ ৰোৱাৰ কাৰণবোৰ নিজেই ব্যক্ত কৰিলেহে যথোচিত চিকিৎসা কৰিব পৰা যাব বুলি ও জানিব দিলে ।

ডাক্তৰৰ কথাখিনি শুনি , যিমান পাৰো সুস্থ পৰিবেশ এটাত তাইক ৰাখিবলৈ যত্ন কৰিলো মই । তাইৰ লগত ছাঁটোৰ দৰে থাকি কথা পাতিবলৈ চেষ্টা কৰিলো । নাই .. তাইৰ অৱস্থাৰ উন্নতি নহ’ল । কোনেও তাইৰ মুখৰ মাত উলিয়াব নোৱাৰিলে । কুচি মুচি চুক এটাত বহি থাকে মোৰ গোসাঁনী জনী । টলটল কৈ চকু দুটা মেলি বেৰ খনলৈ বা মজিয়াখনলৈ চাই থাকে থৰ লাগি । কোনোবা সময়ত মই ওচৰ চাপি গ’লেও যেন উচপ খাই উঠে । খোৱাই দিওঁ যদি আনিচ্ছাৰে দুগৰহা খাই , শুৱাই দিওঁ যদি শুই পৰে । মুঠতে উশাহটো লৈ থকা এটা মৃত শৰীৰ হৈ পৰি আছে তাই ।

মই মাক জনী হৈ একো কৰিব পৰা নাই । বুজিয়েই পোৱা নাই ক’ত নো কি কেনা লাগিল । সেই বিশেষ দিনটোৰ প্ৰতিটো মুহূৰ্ত্ব মই জুকিয়াই চাব ধৰিলো । একেই গতানুগতিক আছিল দেখোন সেই দিনটো । দশম শ্ৰেণীৰ টেষ্ট পৰীক্ষা সমাগত বাবে অলপ দিনৰ পৰা, ঘৰতে থাকি পঢ়া শুনা কৰিছিল তাই । মইও অন্য দিনবোৰৰ দৰেই সেইদিনাও তাইৰ খোৱা-বোৱাৰ যোগাৰ ধৰি অফিচলৈ ওলাই গৈছিলো । গেটৰ মুখলৈকে আহি হাঁহি ধেমালিৰে মোক বিদায় দিয়া ছোৱালীজনীক মই গৈ সেই অৱস্থাত যে দেখা পাম কল্পনাই কৰা নাছিলো । ঘৰখনৰ ভিতৰত অস্বাভাৱিক একো চকুত ও পৰা নাছিল মোৰ ।মাত্ৰ তাই বহি থকা বিচনাখন বে-চিজিল হৈ আছিল । মই একো বুজিবই নোৱাৰিলো ক’ৰ পৰা নো ধুমুহা এজাক আহি মোৰ কপালৰ যৎসামান্য সুখকণ ও উৰুৱাই লৈ গুচি গ’ল ..!
সেই দিন ধৰি তাইৰ মুখৰ মাতষাৰ শুনিবলৈ , মই কৰা অপ্ৰাণ চেষ্টা… এতিয়াও অব্যাহত আছে ।

তাইৰ চিকিৎসাৰ নামত সাঁচতীয়া বহু ধন খৰছ কৰিলো , যোনে যি পৰামৰ্শ দিছে তাকে মানিছো । পিচে , এতিয়া মোৰ অনুভৱ হৈছে.. ছোৱালীজনীৰ আজিৰ এই অৱস্থাৰ মূল কাৰণ মই । নিজকে দোষী সাবস্ত্য কৰি মই আজি অসহায় হৈ পৰিছো । সদায়েই সৰু সৰু কথাতে চক খাই উঠা মাকজনীক দেখি, মোৰ ছোৱালীজনীৰ মনতো নিশ্চয় তদ্রুপ ভয় কিছুমানে ক্ৰিয়া কৰি পেলালে । সেই ভয়বোৰ তাইৰ মনৰ পৰা মগজুলৈ শিপাই গ’ল । ফলত আজি তাই এনেকুৱা এটা স্তৰত গৈ উপনীত হৈছে য’ত তাই মানসিক ভাৰসাম্যতা হেৰুৱাৰ উপক্ৰম হৈছে । এখন ভয়ানক কাল্পনিক জগতত তাই বিচৰণ কৰি ফুৰিছে । সেই ভয় …সেই কল্পনাবোৰেই আজি মোৰ ছোৱালীজনীৰ দুৰ্দশাৰ অন্যতম কাৰণ ।
কিয় মই এনে কৰিলো.. ? কিয় মই সাহসী মাক এজনী হৈ তাইক সুৰক্ষিত কৰিব নোৱাৰিলো ..? কিয় নোৱাৰিলো আশ্বস্ত হব পৰাকৈ তাইক মই নিৰাপত্তা দিব ..?

মই হুকহুকাই কান্দি উঠিলো । নিজৰ নিঃসহায় অৱস্থাটোত মই ভিতৰি ভিতৰি ভাঙি পৰিলো । কিমান সময় সেইদৰে মজিয়াতে লেপেটা খাই দেৱী মাক মনৰ দুখবোৰ নিশব্দে ব্যক্ত কৰিলো গমেই নাপালো । বলিশাললৈ ছাগলীটো টানি টানি লৈ যোৱা , মানুহজনে গোসাঁনীলৈ উচৰ্গা কৰা প্ৰসাদৰ টোপোলা এটা আৰু বলি হোৱা ছাগলীটোৰ কেঁচা মঙহ অলপ কলপাত এখিলাতে মোলৈ বুলি আগ কৰি দিয়াত হে সম্ভিত ঘূৰি আহিল মোৰ ।
মই আথে বেথে সেৱা কৰি প্ৰসাদ খিনি , লগত নিয়া ডাঙৰ ৰুমাল খেনেৰে বান্ধি ল’লো আৰু মঙহখিনি ও ভালদৰে মেৰিয়াই লৈ কোবা-কোবি কৈ ঘৰ পালোহি ।

পুৱতি নিশা । কুঁৱলীয়ে নেদেখা কৰি তুলিছে মোৰ ঘৰ অভিমুখী পথছোৱা । তথাপিও খলা-বমা ৰাস্তাটোত মোৰ খোজৰ তীব্ৰতাই বাটৰ কুকুৰ কেইটাক ও আজি ভয় খোৱাইছে । সিহঁতে মোলৈ অদ্ভুত ধৰণে চাই থাকি, এপাকত ভিৰাই লৰ দিছে মোৰ চকুৰ আগৰ পৰা । এই মুহূৰ্ত্বত সিহঁতৰ চকুৰে নিজকে চোৱাৰ তীব্ৰ বাসনা জাগি উঠিছে মোৰ মনত । সৌ সিদিনালৈকে সিহঁতৰ কাষেৰে পাৰ হৈ যাবলৈ আগ পিছ কৰি থকা মানুহজনীৰ অনিৰুদ্ধ গতিত, আজি সিহঁত ও ত্ৰস্তমান ।

মই ইমান বেগাই খোজ দিয়াৰ মূল কাৰণ দুটা । প্ৰথমটো.. ছোৱালীজনীক ইমান সময়ৰ বাবে মই সেই অন্ধকাৰ নিশা, ঘৰটোত অকলে অকলে এৰি থৈ অহাটো , দ্বিতীয়তে অতি সোনকালেই গোসাঁনীৰ প্ৰসাদ তাইৰ শিৰত দি তাইক সুস্থ কৰি তোলাৰ মোৰ উদ্দেশ্যক সাকাৰ কৰা ।

ঘৰৰ ওচৰ পাওঁতে আঁতৰৰ পৰাই ৰিণি ৰিণি চকুত পৰিল মোৰ.. গেট খন দেখোন সামান্য মেল খাই আছে । মই আচৰিত হ’লো ঘৰৰ মূল দুৱাৰখনত তোলা লগাই মইতো গেটখন ভালদৰেই বন্ধ কৰি গৈছিলো । তেনেহ’লে ..? কোন আহিল এই আন্ধাৰ নিশা মোৰ ঘৰৰ চৌহদলৈ ?
অতি সন্তৰ্পনে মই গেটৰ ভিতৰলৈ সোমাই গ’লো । বাৰাণ্ডা খনত ঠিক উঠিব ধৰোতেই এটা ছায়ামূৰ্তি মূল দুৱাৰখনৰ ওচৰত ৰৈ থকা যেন অনুভৱ হ’ল । এক চেকেণ্ড ও পলম নকৰি যিমান পাৰো সিমান জোৰেৰে চিঞৰি উঠিলো মই ~~
” কোন অ’..? কোন সেইটো ..? “
মোৰ চিঞৰত মানুহজন থতমত খাই উঠিল । হয়তো ভবাই নাছিল আগন্তুকে , কোনোবাই যে তেওঁকে লক্ষ্য কৰি এইদৰে অকস্মাত পিছফালৰ পৰা চিঞৰি উঠিব । মোৰ টেটুফলা চিঞৰত ঠাইতে ৰৈ পিছলৈ ঘূৰি দিলে তেওঁ ।

:- বলীন..? এই সময়ত তুমি ইয়াত ? তাকো এইদৰে চোৰৰ নিচিনাকৈ ।

আচৰিত হ’লো মই । মোৰ সন্মুখত মোৰ স্বামীৰ একমাত্ৰ ভায়েক বলীন । মৃত্যুৰ আগে আগে আমাৰ শহুৰ দেউতাই পুৰণা ঘৰটো , খেতি বাতি কৰি যেনেতেনে নিজৰ ভাত মুঠি মোকলাই লোৱা বলীনৰ নামতে লিখি দিলে আৰু চৰকাৰী চাকৰি এটাৰে সংসাৰ খন কোনো বেমেজালি নোহোৱাকৈ চলাবলৈ সক্ষম মোৰ স্বামীৰ নামত ,পুৰণা ঘৰটোৰ পৰা দুই ফাৰলং আঁতৰৰ এই মাটি টুকুৰা লিখি থৈ গ’ল । সেই সূত্ৰে স্বামীয়ে নিজেই সাজি উলিওৱা এই ঘৰটোত আমি দুই মাক জীয়েকে বাস কৰি আহিছো । বলীন এতিয়াও অবিবাহিত । শাহু আই আৰু সি বৰ্তমান পুৰণা ঘৰটোতে থাকে।
পুৱতি নিশা বলীনক এনেকৈ মোৰ ঘৰৰ দুৱাৰমুখত ৰৈ থকা দেখি স্বাভাৱিকতে মোৰ মনত বহুতো প্ৰশ্নই দোলা দিলে ।

:- অ’ বৌ । মই হে.. বলীন । টোপনি অহা নাছিল । এনেই ৰাস্তাই ৰাস্তাই ঘূৰি থাকোতে তোমালোকৰ ঘৰখনত ভুমুকি মাৰিব মন গ’ল । মাক জীয়েক দুইজনী অকলে আছা ,বোলো ঠিকে আছা নে নাই..? পিচে তুমি এই সময়ত… এনেকৈ..?

বলীনক খুব অপ্ৰস্তুত যেন অনুমান হ’ল । তাৰোপৰি তাৰ উত্তৰটোত মই অলপো সন্তুষ্ট হ’ব নোৱাৰিলো । ছোৱালীজনীযে অসুখত ভোগাৰে পৰা খবৰ এটাও নোলোৱা বলীনৰ ,ৰাতিৰ আন্ধাৰত হে যে আমালৈ মনত পৰিল ..! আচৰিত নহয় নে..? নে কিবা বেলেগ উদ্দেশ্যে লৈ হে সি ইয়ালৈ আহিছিল ।
তথাপিও যথাসম্ভৱ নিজকে সহজ যেন দেখুৱাই ময়ো প্ৰত্যুত্তৰ দিলো..

:- আইজনীৰ হৈ কালী মন্দিৰত পূজা এভাগ কৰাইছিলো । তাৰ পৰাই আহিলো মই । ৰ’বা প্ৰসাদ লৈ যাবা ।

:- নালাগে বৌ । বাহি গাৰে গোসাঁনীৰ প্ৰসাদ নোচুও । আইজনীয়ে কথা কৈছে নে ?
বলীনে কৌতূহলেৰে কথাষাৰ সুধিলে মোক ।

:- নাই । বহুত কৰিলো । একোৱেই ফলপ্ৰসূ হোৱা নাই । এইবাৰ সেয়ে বেজবৰুৱা খুৰাৰ উপদেশমৰ্মে , কালী পূজা এভাগ কৰোৱাৰ কথা ভাবিলো ।

কথা কেইটা ক’লো যদিও কিবা এক অদ্ভুত খং উঠিল বলীনৰ ওপৰত মোৰ । আজি খুৰাক হিচাপে দেউতাক নোহোৱা ছোৱালীজনীৰ দায়িত্ব ল’ব লাগিছিল সি । টকা পইচাৰে সহায় কৰিব নালাগে , মানুহজনে মোক ইমানো নাজল-নাথল অৱস্থাত পেলাই থৈ যোৱা নাই । অন্তত: মানসিক ভাৱে ভাঙি পৰাৰ সময়ত আপোন কোনোবা জন হিচাপে সি যদি মোৰ কাষত থাকি অলপ সাহসেই দিলে হয়..!

বলীনৰ উত্তৰলৈ বাট নাচাই , খোচনীৰ পৰা চাবিতো উলিয়াই প্ৰসাদৰ টোপোলা কেইটাৰে সৈতে মই ভিতৰলৈ সোমাই গ’লো । মোৰ ক্ষোভে..বলীন সন্মুখত ৰৈ থকা স্বত্তেও ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিবলৈ প্ৰৰোচিত কৰিলে মোক । মই সজোৰে দুৱাৰখন জপাই , খিলিটো লগাই দিলো । জীৱন যুদ্ধ খন মই অকলেই যুঁজিব লাগিব । পাৰিম মই যুঁজিব । কাৰো মিছা আশা , কৃত্ৰিম সহানুভূতিৰ প্ৰয়োজন নাই মোক ।

আকৌ এবাৰ দুৰ্বাৰ সাহসী হৈ উঠিলো মই ।
আকৌ এবাৰ নতুনকৈ নিজকে আৱিষ্কাৰ কৰিলো ।

আইজনী গভীৰ নিদ্ৰাত । মই তাইৰ মূৰতে হাত ফুৰাই লৰালৰিকৈ পাকঘৰত সোমালো আৰু বলিৰ মাংস কেইটুকুৰা জুতি লগাই ৰান্ধি পেলালো । তৰকাৰীৰ ফুৰফুৰিয়া গোন্ধ এটা নাকত লাগিল মোৰ । বহুত দিনৰ মূৰত মচলাযুক্ত মাংস জোলৰ গোন্ধটো মোৰ পিচে কিবা এটা ভাল নালাগিল ।স্বামীহাৰা হোৱাৰে পৰা , মোৰ লগতে মোৰ ছোৱালীজনীয়েও ইমান দিনে মাছ মাংস মুখত দিয়া নাই । কিন্তু আজি এইয়া গোসাঁনীৰ প্ৰসাদ । তাইক যেনেতেনে খোৱাবই লাগিব । অনাস্থা কৰিলে গোসাঁনী বিতুষ্ট হ’ব ।

কামখিনি কৰি আইজনীক টোপনিৰ পৰা জগাই , তাইৰ গা ধোৱাৰ ব্যৱস্থা কৰিলো মই । বাহিৰত তেতিয়াও ভালদৰে পোহৰ হোৱাই নাই । গা ধোৱাই থাকোতে গোসাঁনীৰ প্ৰসাদৰ মহিমা বৰ্ণনা কৰাৰ লগতে, দুৱাৰ মুখত বলীন ৰৈ থকাৰ কথা ও জনালো তাইক । তাই মুখেৰে একো নকয় বুলি জানো যদিও, যোৱা দুটামাহে মই তাইৰ লগত এইদৰেই কথা পাতি আহিছো । এটা ফুলকুমলীয়া আশা প্ৰতি নিয়ত মই মনতে বান্ধি ৰখা হৈছো আচলতে । মোৰ কথা শুনি এইমাত্ৰই যেন তাই কিবা এষাৰ কৈ উঠিব । এই যেন .. মুখেৰে একো নকলেও হাত ভৰি কেইটাকে লৰচৰ কৰি মোক তাই সঁহাৰি জনাবলৈ চেষ্টা কৰিব ।

মোক আচৰিত কৰি মোৰ ছোৱালীজনীয়ে এইবাৰ অদ্ভুত আচৰণ কৰিব ধৰিলে । গা ধোৱাই থকা মোৰ হাতখন তাই গাৰ জোৰেৰে খামুচি ধৰিলে আৰু আনখন হাতেৰে নিজৰ চুলিবোৰ পাগলীৰ দৰে চিঙিব ধৰিলে । তাইৰ নখ লাগি মোৰ হাতত তেজ বিৰিঙি উঠিল । মই বুজিবই নোৱাৰিলো তৎক্ষণাত নো কি হ’ল এইয়া । তাইক বুকুলৈ চপাই লৈ ধৰফৰাই উঠিলো মই

:- কি হ’ল আইজনী ..? কিয় এনেকুৱা খন কৰিছ’ .. ?

মোৰ বুকুতে মূৰটো গুজি মোৰ গোসাঁনী জনীয়ে উচুপি উঠিল ।
তাইৰ সেই অৱস্থাটো দেখি আচৰিত হোৱাৰ লগতে মোৰ মনতো পিচে আনন্দত নাচি উঠিল । তাই এইদৰে হ’লেও, ইমান দিনৰ মূৰত কিবা এটা যে প্ৰতিক্ৰিয়া দেখুৱাইছে সেইয়াই যথেষ্ট । এইয়া দেৱী মাৰ কৃপা । দেৱী মা সন্তুষ্ট হৈছে । মোৰ ছোৱালীজনী আগৰ দৰে , সুস্থ হৈ উঠিব । মোৰ দুচকুৰ পৰা সুখবোৰ বাধাহীন ভাৱে বৈ আহিল । মই মা কালিক মনতে স্তুতি কৰিব ধৰিলো ।

মোৰ বাহুবন্ধৰ পৰা নিজকে মুক্ত কৰি মোৰ ছোৱালীজনী ভিতৰলৈ লৰ মাৰিলে আৰু বিচনা খনতে উবুৰি খাই চিঞৰি চিঞৰি কান্দিব ধৰিলে ।
কিয় কান্দিছে বাৰু তাই ?
দুমাহৰ মূৰত পুনৰ জী উঠাৰ ফুৰ্তিতে … নে , ইমান দিনে তাইক বোবা কৰি ৰখা কাৰণবোৰ স্পষ্ট হোৱাৰ ইংগিত এইয়া ..?
মই ঢপলিয়াই গ’লো তাইৰ কাষলৈ । তাইক সেই অৱস্থাতে গপা মাৰি ধৰি বিনাব ধৰিলো মই ।

:- আইজনী অ’ কি হ’ল নো হঠাতে ? কৈ দে মাজনী । মনতো যদি কিবা কথাই অশান্ত কৰি ৰাখিছে , অলপো শংকা নোহোৱাকৈ খুলি ক’ মাৰক । তোৰ নিস্তব্ধতাই মোক টিলটিল কৈ মাৰি পেলাব ধৰিছে অ’ সোনজনী । তোক দেখি বৰ কষ্ট হৈছে মোৰ । ক’ আই .. ক’.. ।

:- সেই কুকুৰটোৰ নাম নল’বা মা । সেই পিশাচটোক আহিব নিদিবা আমাৰ ঘৰলৈ । সি মোক আকৌ হেঁচা মাৰি ধৰিব , আকৌ আজুৰি চিঙিব মোৰ গাৰ কাপোৰবোৰ .. । সি মোক আকৌ….
আধাতে কথাবোৰ ৰাখি হিয়াধাকুৰি কান্দিব ধৰিলে তাই । অস্থিৰ হৈ পৰিল ছোৱালীজনী । নিজৰ শৰীৰটোকে উন্মাদৰ দৰে হাতৰ মুঠিৰে প্ৰহাৰ কৰিব ধৰিলে ।

ক্ষন্তেক সময়ৰ বাবে মই ও মৌন হৈ ৰ’লো । মোৰ চিন্তাশক্তিবোৰ যেন শেষ হৈ গ’ল কোনোবা এটা বিন্দুত । মোৰ ভৰি দুটাত জোৰ নাইকিয়া যেন লাগিল । থকথক কে কঁপিব ধৰিলো মই । সেই ঠাণ্ডাটো ঘামি জেপ জেপিয়া হ’ল মোৰ সৰ্বশৰীৰ। মই ফোঁপাব ধৰিলো ।

মোৰ ফুলকুমলীয়া ছোৱালীজনীৰ সৰ্বনাশ কৰিলে মানে সেই লম্পটতোৱে । উফ .. বুকুখনত অসহনীয় বিষ এটা লৈ কিমান কষ্টেৰে কটালে এই দিনকেইটা তাই ! কিমান যাতনা মনতে লৈ নিৰ্জীৱৰ দৰে পৰি থাকিল । এজনী মাক হৈ কিয় বুজি নাপালো মই কথাবোৰ ? কিয় বিশ্বাসৰ আৱৰণ এটা দুচকুতে লৈ মানুহটোক তাইৰ দেউতাক হেন জ্ঞান কৰিবলৈ তাইক পৰামৰ্শ দিলো ..? নিজৰ ওপৰতে ঘৃণা জন্মিল মোৰ । মোৰ বাবেই আজি ছোৱালীজনীৰ এই দুৰ্গতি ।

:- মোক কিয় ইমান দিনে কথাবোৰ জানিব নিদিলি আইজনী ? কিয় নজনালি অ’ একো..?

:- মই তোমাক ক’বলৈ বহুত চেষ্টা কৰিছিলো মা । কিন্তু মোৰ মুখত শব্দবোৰ ফুটি উঠা নাছিল । নাজানো মোৰ কি হৈছিল , মই বহুত ভয় খাইছিলো মা । বহুত ভয় খাইছিলো ।

গাৰ জোৰেৰে সাৱটি ধৰিলো তাইক মই । নোৱাৰো …এতিয়া কোনো প্ৰকাৰে তাই হেৰুৱাখিনিক মই ঘূৰাই দিব নোৱাৰো । মই বুজিলো, মই সমগ্ৰ সত্তাৰে তাইক বুকলৈ চপাই ল’লেও , মোৰ মমতাৰ আচল খনেৰে তাইক মেৰিয়াই ধৰিলেও তাই কোনোদিন সম্পূৰ্ণৰূপে নিৰাপত্তা অনুভৱ কৰিব নোৱাৰিব । তাই নোৱাৰিব মানুহ নামৰ প্ৰাণীবিধক দুনাই বিশ্বাস কৰিব । অহৰহ অলপ সংকোচে , অলপ ভয় ভাবে তাইক বেৰি ৰাখিব ।

ৰাতিৰ শেহৰ দোকমোকালিৰ কুঁৱলী বোৰে তেতিয়াও ঘোপ মাৰি ধৰি আছিল বাহিৰখন । ছোৱালীজনীক সেইদৰেই এৰি বলিয়াৰ দৰে মই কপি দা খন বিচাৰি ঘুৰ্মুটিয়াই ফুৰিলো । বিচনা তল , ষ্ট’ৰ ৰুম , বাহিৰৰ খৰি চাংখন.. ক’তো সেইখন চকুত নপৰাত এইবাৰ মই বাহিৰলৈ দৌৰি ওলাই আহিলো । বাৰে বাৰে ৰাতিৰ আন্ধাৰত মোৰ ঘৰৰ বন্ধ দুৱাৰৰ সন্মুখত জোপ লৈ থকা বলীনৰ মুখ খন চকুৰ আগলৈ ভাঁহি আহিল । মই প্ৰচণ্ড ঘৃণাৰে ঠুৱাই ঠুৱাই কালী মন্দিৰৰ দিশে দৌৰিব ধৰিলো ।

পূজা শেষ কৰি সকলোবোৰ ঘৰা ঘৰি হৈছিল । শূণ্য মন্দিৰ গৃহত হোমৰ আঙঠাবোৰ তেতিয়াও প্ৰায় ৰঙা হৈয়েই আছিল । মই ইফালে সিফালে চাই , কালী মাৰ বেদীটোৰ কাষতে পৰি থকা দা খন হাতেৰে তুলি লৈ মন্দিৰৰ পৰা ওলাই আহিলো । মোৰ গাৰ তেজবোৰ উথলি উঠিল । পিন্ধি থকা মেখেলাখন একাষে অলপ কোচাই , পেটিকোটৰ ৰচীডালতে খোচ মাৰি ওখোৰা – মোখোৰা ৰাস্তাটোৰে বলীনৰ ঘৰলৈ লক্ষ্য কৰি দৌৰিব ধৰিলো মই ।

আজি কোনো শক্তিয়ে মোক বাধা দিব নোৱাৰে । অপশক্তি ধ্বংসকাৰী কালী গোসাঁনীৰ ৰণচণ্ডী অৱতাৰতক স্বয়ং মহাদেৱ হে নিজৰ বক্ষ পাতি ক্ষান্ত কৰিছিল । আজি মোক বাধা দিবলৈ মোৰ স্বামী মোৰ লগত নাই । মোৰ আইজনী পিতৃহাৰা হ’লেও তাইৰ মাক এতিয়াও জীয়াই আছে । বলীনৰ দৰে কোনো অসুৰক এই মাতৃয়ে আজি ক্ষমা নকৰে ।

মই চিঞৰিব ধৰিলো ..
~~ অ’ই বলীন.. ওলাই আহ । তোৰ আজি নিস্তাৰ নাই । কটা নিধক .. মোৰ ছোৱালীৰ গাত হাত দিয় তই.. ? চাল্লা কুকুৰ.. ।

মই দৌৰি থাকিলো মোৰ লক্ষ্যস্থান অভিমুখে… ।

*****************

©️ পল্লৱী কৌশিক শৰ্মা ।

অপাৰ্থিৱ :

(১)

চিপচিপিয়া বৰষুণ এজাক গাতে লৈ..কৰ্মস্থানৰ পৰা ঘৰ অভিমুখে ৰাওনা হৈছে চন্দ্ৰমিতা । সন্ধিয়াৰ এই সময়খিনি বজাৰখনৰ মাজেৰে.. তাই সাধাৰণতে খোজ কাঢ়িয়েই ভাল পায় । এনেই পাতলীয়া ভিৰ থাকে যদিও.. আজি হয়তো বৰষুণজাকৰ বাবেই মানুহৰ সমাগম একেবাৰে কম । দুই এজনে হাততে ছাতি এটা লৈ ব্যস্ততাৰে তাইক পিছ পেলাই আগুৱাই গৈছে । দুই এজনে আকৌ বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈকে.. ফুটপাথটোৰ লগতে থকা দোকানবোৰৰ এচলীয়া চালিখনৰ তলত আশ্ৰয় লৈছে । কোনোবাজন তাইৰ দৰে তিতি তিতিয়েই খোজ দিছে গন্তব্য স্থানলৈ.. । চন্দ্ৰমিতাই.. ইচ্ছা কৰিয়েই তিতি যোৱা সেই ব্যক্তি কেইজনলৈ লক্ষ্য কৰি মনতে ভাবিছে.. খুব জৰুৰী বাবেই তেওঁলোকে বৰষুণজাকক ও গুৰুত্ব নিদিয়াকৈ লক্ষ্য স্থানলৈ ঢাপলি মেলিছে নে… তাইৰ দৰে তেওঁলোক ও আচলতে বৰষুণ প্রিয়..! বৰষুণত তিতাৰ আমেজকন এৰি দিব নিবিচাৰিয়েই তেওঁলোকে ছাতি এটা.. বা দোকানৰ চালি খনৰ তলত আশ্ৰয় লোৱা নাই নেকি বাৰু..?

:- হেই মিতা.. ।

পিছফালৰ পৰা অহা চিনাকি কণ্ঠ এটাত হঠাৎ ঠাইতে ৰৈ দিয়ে চন্দ্ৰমিতা..। ইমান চিনাকি চিনাকি লগা মাততো..! কোন হ’ব পাৰে বাৰু..! এই নামটোৰে তাইক সাধাৰণতে খুব কম মানুহে হে মাতে..। তাকো এই চহৰখনত তাই চন্দ্ৰা বুলি হে সকলোৰে বাবে পৰিচিত ।
উৎকণ্ঠাত পিছলৈ ঘূৰি চাব বিচাৰোতেই .. অসাৱধানতাত ভৰি এখন.. পদপথত গোট খোৱা বৰষুণৰ পানীখিনিত পৰাত.. পিচলি পৰাৰে উপক্ৰম হয় তাই..। পিন্ধি থকা শ্লীভলেচে কুৰ্তীটোৰে উদং হৈ পৰা বাউসীত সাজোৰে খামুচি.. কোনোমতে সেই চিনাকি কণ্ঠৰ ব্যক্তি জনে তাইক পৰিব নিদিয়াকৈ ধৰি লয়..। আকৌ এক চিনাকি স্পৰ্শই চন্দ্ৰমিতাক শিহৰিত কৰি তোলে ।
এক হিমশীতল স্পৰ্শ…।
আস.. স্পৰ্শৰো কি এক মাদকতা .. ! কাৰোবাৰ মন মগজুত ক্ৰিয়া কৰাকৈ এইদৰে কিছুমান পৰশ ও স্থায়ী হৈ ৰয় নে..? যি দৰে এই মুহূৰ্ত্বত তাই অনুভৱ কৰিছে..।
ব্যক্তি জনৰ পিন্ধি থকা চাৰ্টটোতে খামুচি ধৰি.. মুখখন কিছু ঘূৰাই.. চন্দ্ৰমিতা ঠিয় হ’বলৈ যত্ন কৰে..। ফলত.. এইবাৰ চিনাকি চিনাকি লগা সেই ব্যক্তি জনৰ.. একেবাৰে কাষ চাপি যায় তাই..।

~ পার্ক এভিনিউ… !

ব্যক্তিজনে পিন্ধি থকা কাপোৰ সাজৰ পৰা ভাহি অহা সুগন্ধিক চিনাকত্ব কৰি নিজকে কোৱা দি কৈ উঠে তাই.. আৰু সেই মুহূৰ্ত্বতে মানুহজনৰ মুখলৈ লক্ষ্য কৰি পৰম আশ্চৰ্যৰে চিঞঁৰি উঠে ..।

:- আৰে.. অনুৰাগ । হোৱাট আ প্লীজেন্ট চাৰপ্ৰাইজ ..! তুমি ইয়াত..? ক’ৰ পৰা কেনেকৈ ওলালা..? তাকো আফটাৰ লং ফিফটিন ইয়েৰছ..! অহ মাই গড…! এম আই ড্ৰিমিং..? আৰ ইউ ৰিয়াল্লি হিয়াৰ ৱিথ মি..?

একেলগে কথাখিনি কৈ নিজকে চিকুটি চালে চন্দ্ৰমিতাই..। তাই এই মুহূৰ্ত্বত অনুৰাগৰ বাহু বন্ধনত…! সঁচাই অনুৰাগ তাইৰ কাষত নে..? নিজকে সংযত কৰি .. অনুৰাগৰ কাষতে ঠিয় দি ৰয় তাই ।

:- অহ মেম.. ইমান আচৰিত হব নালাগে । তুমি বাস্তৱতে আছা । এইয়া অনুৰাগে এইমাত্ৰ তোমাক পিচলি পৰাত বাধা দি মূৰটো ফলাৰ পৰা ৰক্ষা কৰিছে..। নহ’লে মোৰ দৰে কোনোবা এজনে এতিয়া তোমাক কোনোবা নাৰ্ছিং হ’মলৈ নিব লগা হ’ল হেতেন ।

অনুৰাগৰ ৰসিকতাত খিলখিলাই হাঁহি উঠে চন্দ্ৰমিতা ।

:- তুমি একেই আছা অনুৰাগ । একেই কথা কোৱাৰ ষ্টাইল.. একেই গলগলীয়া মাতষাৰ.. একেই চেন্স অৱ হিউমাৰ.. এণ্ড লাষ্টলি চেম পাৰ্ফিউম.. । পাৰ্ক এভিনিউ.. ।

:- ইয়েছ মিতা..। একেই আছো মই । যেনেকৈ তুমি মোক এসময়ত জানিছিলা । মোৰ চ’ইজবোৰ ও একেই আছে । ভাললগা আৰু ভালপোৱাবোৰ জানো সলনি হয় কেতিয়াবা..?
বাকী..তোমাৰ খবৰ কোৱা.. । হ’ম টাউন এৰি ইয়াত কিয়..? ক’ত থাকা..? কি কৰা..? বিয়া বাৰু..? সংসাৰ..? লেট মি ন’ এভৰিথিং..।

:- ইয়াতে ক’ম নে সকলো । এই বৰষুণজাকত তিতি তিতি..? ব’লা মোৰ ৰুমত যাওঁ ।

হাতৰ ঘড়ীটোলৈ চাই কিবা এটা চিন্তা কৰি.. অনুৰাগে চন্দ্ৰমিতাৰ প্ৰস্তাৱ নাকচ কৰি.. যদি সম্ভৱ হয় ওচৰৰ কোনোবা এখন ৰেষ্টুৰেণ্টত অলপ সময় বহাৰ কথাই ভাবে ।

:- ইমপ’ৰটেণ্ট কাম এটাত হে ইয়ালৈ আহিছিলো মিতা । তুমি ইয়াতে থাকা বুলি জনা হ’লে… সময় লৈ আহিলো হয় । পিছে এতিয়া উভটি যাবই লাগিব । আধা ঘণ্টাৰ পিছত মোৰ নাইট চুপাৰৰ টিকট কৰা আছে ..। ব’লা অলপ সময়ৰ বাবে ওচৰতে ক’ৰবাত বহো ।

অনুৰাগৰ কথা শুনি.. সন্মুখৰ ৰেষ্টুৰেণ্ট এখনলৈকে লৈ যায় চন্দ্ৰমিতাই তাক । দুকাপ ক’ফিৰ অৰ্ডাৰ কৰি বহি লয় দুয়ো.. যোৱা পোন্ধৰটা বছৰত ইজনে সিজনৰ বিষয়ে নজনাকৈ থাকি যোৱা কথাবোৰৰ বিষয়ে আলোচনা কৰিবলৈ ।
এই পোন্ধৰটা বছৰে বহুখিনি সলনি কৰি দিলে চন্দ্ৰমিতাৰ জীৱনটোক । এইয়া এক সুকীয়া অধ্যায়..। সেই সময়খিনিক পুনৰ সুৱঁৰিব ইচ্ছা নাই চন্দ্ৰমিতাৰ । আচলতে পোৱা নোপোৱাবোৰৰ হিচাপ দিয়াৰ যুক্তি নাই বুলিয়েই ভাবে তাই । তাইতো এইদৰেই অভ্যস্ত হৈ পৰিছে দৈনন্দিন জীৱনত । এইদৰেই মানি লৈছে কপালৰ লিখনিক..।
কিন্তু বৰ্তমানৰ বিষয়ে সকলোবোৰ বিৱৰী ক’লে তাই অনুৰাগক ।

:- আচ্ছা … নাউ ইউ আৰ আ ৰেচপ’নচিবল গ’ভৰমেণ্ট ৱৰকাৰ । ইয়াত.. মানে ঘৰৰ পৰা দূৰত.. সকলোৰে পৰা আঁতৰত.. অকলশৰীয়া জীৱন এটা যাপন কৰি আছা । পিছে.. কিহৰ বাবে.. ? ইউ আৰ ষ্টীল চিঙগ’ল মিতা…?
হোৱাই ..?
আপোন কৰি ল’বলৈ কাকো নাপালা নে ইমান বছৰে মোৰ বাবেই অপেক্ষা কৰি ৰ’লা..?

জানিবৰ প্ৰৱল ইচ্ছা মনত জাগিল যদিও.. লগতে অলপ ধেমালি কৰিয়েই.. অনুৰাগে চন্দ্ৰমিতাক কথাষাৰ সুধিলে ।
সি যে সকলোৰে অগোচৰত..মনে-প্ৰাণে চন্দ্ৰমিতাক নিজৰ কৰি লোৱাৰ সপোন দেখি আহিছিল…। তাই ও অনুৰাগৰ প্ৰতি কেনেবাকৈ ভালপোৱা অলপ.. মনত সাঁচি ৰাখিছে নেকি বাৰু…! কেনেকৈ জানিব দিয়ে সি তাইক.. ইমান বছৰে.. চন্দ্ৰমিতাৰ প্ৰতি তাৰ মনত পুহি ৰখা অব্যক্ত অনুভূতিবোৰক । যি বোৰ .. জনাও বুলিও অদ্যপি চন্দ্ৰমিতাক নজনোৱাকৈয়েই থাকি গ’ল । চন্দ্ৰমিতা ও কেতিয়াবা তাৰ প্ৰেমত পৰিছিল নেকি .. তাৰ হৃদয়খন তাইৰ বাবে বাউলি হোৱাৰ দৰে…!!
প্ৰশ্নবোৰ মনতে লৈ চন্দ্ৰমিতাৰ উত্তৰলৈ আগ্ৰহেৰে বাট চাই ৰ’ল অনুৰাগ..।

:- নাজানো অনুৰাগ.. ঈশ্বৰে কপালত কি লিখি পঠালে । সংসাৰৰ সুখ মোৰ ভাগ্যত নাই । বিবাহ উপযুক্ত বয়সতে বহুতো ল’ৰাই মোক চাবলৈ ঘৰলৈ আহিছিল । মোক দেখিয়েই পচন্দ কৰা ল’ৰাবোৰ কিন্তু .. মোক বিয়া পাতিবলৈ আগবাঢ়ি নাহিল । মোক এসময়ত হতাশাই বেঢ়ি ধৰিছিল অনুৰাগ..। নিজকে মই আইনাখনত ফঁহিয়াই চাব যত্ন কৰিছিলো.. । কোনোবাই আপোন কৰি ল’ব পৰাকৈ মোৰ এনে কি নাই যে.. সকলোৱে মোক নাকচ কৰি যায় । দেখাই-শুনাই ..কথা-বতৰাই মই দেখোন ঠিকেই আছো ।
মোৰ মা দেউতা ও চিন্তাত পৰিল । বাৰে বাৰে একেখন নাটকৰে পুনৰাবৃত্তি হ’বলৈ ধৰিলে..। মোক চাবলৈ কেইবাজনো ল’ৰা আহিল.. পিছে বিয়া পাতিবলৈ কোনো এজন নোলাল । মোৰ বয়স ও বাঢ়ি আহিল ।
আই গট ডিপ্ৰেচড..। এটা সময়ত মই আনকি চুইচাইড কৰি জীৱনটো শেষ কৰি দিবলৈ ও ওলাইছিলো.. । বিশ্বাস কৰিবা ? মোৰ বাবে নহয় । এগৰাকী এস্তাবলিচড লেডী হিচাপে.. আই ৱাজ চাফিচিয়েন্ট ফৰ মাইচেল্ফ..। কিন্ত.. মা -দেউতাৰ হতাশগ্ৰস্ত মুখ কেইখনে আমনি কৰিছিল মোক । ডংডঙিয়া গাভৰু জীয়েক এজনীৰ বাবে দৰা বিচাৰি হাবাথুৰি খোৱা.. তেওঁলোকৰ চিন্তাবোৰে দুখ দিছিল মোক..। একমাত্ৰ জীয়েকক এঘৰলৈ গতাব নোৱাৰাতো.. তেওঁলোকৰ সন্তাপৰ কাৰণ হৈ পৰিছিল । খেলিমেলি হৈ গৈছিল অনুৰাগ মোৰ জীৱনৰ ৰংবোৰ । মোৰ হাঁহি ফুৰ্তিৰে ভৰি থকা ঘৰ খনত.. মৰিশালীৰ নীৰৱতাই চানি ধৰিছিল ।
অৱশেষত.. ভাইটিয়ে বিয়া পতাৰ পিছতে… ট্ৰান্সফাৰ লৈ মই ইচ্ছা কৰিয়েই গুচি আহিছিলো এই চহৰ খনলৈ । যোৱা এঘাৰ বছৰ ধৰি এই চহৰখনেই মোৰ ঠিকনা হৈ পৰিছে । মাজে মাজে যাওঁ ঘৰলৈ.. মা – দেউতাক চাবলৈ । দুয়ো বৰ্তমান মৃত্যুলৈ অপেক্ষা কৰি জীয়াই আছে । স্মৃতিলোপ পাইছে দুয়োৰে । কেতিয়াবা মোকেই চিনি নাপায় জানা । কোনোবা আলহী আহিছে বুলি.. ভাই বোৱাৰীজনীক চাহ পানীৰ যোগান ধৰিব কয় ।
মই সঁচাই আলহী হৈ পৰিলো অনুৰাগ.. নিজৰ ঘৰ খনতে ।
চাব গ’লে অবিবাহিতা হৈ থাকি যোৱা .. বহুতো নাৰী.. স্বাৱলম্বী হৈ.. স্বাধীন জীৱন একোটাত সুখী হ’ব পাৰিছে । নোহোৱাৰ ও যুক্তি নাই । মই ভাবো.. বিবাহ নিত্যান্ত প্ৰয়োজনীয় বিষয় এটা কেতিয়াও হ’ব নোৱাৰে ।
কিন্তু পিতৃ মাতৃৰ বাবে… জন্ম দিয়া সন্তান একোটাৰ সুখৰ ঘৰ এখন চোৱাৰ সৌভাগ্যক কিদৰে অৱমাননা কৰিবা কোৱা..? সেই সুখৰ পৰা তেওঁলোকক বঞ্চিত কৰি মই যেন তেওঁলোকক শান্তিৰে স্বৰ্গগামী হোৱাত ও বাধা দিছো । নিজৰ ওপৰতে ধিক্কাৰ জন্মে অ’.. । কি যে কপাল এখন লৈ আহিলো ..!

অজানিতে চকুৰ কোণ দুটা তিতি আহিল চন্দ্ৰমিতাৰ । কেতিয়াবা আৱেগবোৰক বাধা দিয়াৰ প্ৰচেষ্টা বিফল হৈ পৰে । একো নজনাও বুলি মনতে সিদ্ধান্ত লোৱা চন্দ্ৰমিতাই এখন এখন কৈ খুলি গ’ল জীৱন ডায়েৰীৰ পৃষ্ঠাবোৰ । অনুৰাগে একান্ত মনে শুনি গ’ল তাইৰ অতীত আৰু বৰ্তমানৰ অকথিত কাহিনীবোৰ । তাইৰ চকুপানীবোৰে অসহায় কৰি তুলিলে অনুৰাগক । সান্তনা জনাবলৈকে খামুচি ধৰিলে তাইৰ হাত দুখন ।

:- আস.. ইমান চেঁচা..। তোমাৰ ঠাণ্ডা লাগিছে অনুৰাগ ?

জোখতকৈ অলপ ডাঙৰ কৈয়েই কথা কেইটা ক’লে চন্দ্ৰমিতাই । ৰেষ্টুৰেণ্ট খনত বহি থকা প্ৰায়বোৰ মানুহেই .. সেই ফালে ঘূৰি চালে । হয়তো.. নীৰৱ পৰিবেশ এটাত চন্দ্ৰমিতাই উচ্চ স্বৰে কোৱা কথা কেইটাৰ কাৰণ কি জানিব বিচাৰিলে তেওঁলোকে ।
মানুহবোৰৰ প্ৰশ্নবোধক চাৱনিত..অলপ ইত:স্তত বোধ কৰিলে দুয়ো ।
তেতিয়াহে মন কৰিলে চন্দ্ৰমিতাই.. অনুৰাগৰ ক’ফি কাপ তেনেই ঠাণ্ডা হ’ল । লগতে নিজকে দোষী যেন ও অনুভব হ’ল তাইৰ । নিজৰ জীৱন বৃত্তান্ত.. বৰ্ণনা দি… বিৰক্ত কৰি তোলা নাইতো তাক..!
ৱেটাৰ জনক মাতি.. আৰু একাপ ক’ফিৰ অৰ্ডাৰ দিব ধৰোঁতে হাত ঘড়ীটোলৈ চাই বাধা দিলে অনুৰাগে..।

:- নালাগে মিতা । মোৰ গাড়ীৰ টাইম হৈ গৈছে । আই হেভ টু ৰাচ্ছ..।

:- ইমান জলদি..! তোমাক দেখোন একো সোধাই নহ’ল অনুৰাগ । মই কেৱল নিজৰবোৰকে কৈ থাকিলো । তোমাৰ বিষয়ে জানিবলৈ সুযোগেই নাপালো । সুদীৰ্ঘ পোন্ধৰ বছৰৰ মূৰত লগ পাইছো তোমাক । প্লিজ থাকি যোৱা আজি । ইমান দিনৰ মূৰত কোনোবা আপোন জনক কাষত পোৱা যেন লাগিছে জানা ।
দুখৰ দিনবোৰত মই সদায়েই তোমাক মনত পেলাইছিলো অনুৰাগ । তুমি এইদৰে নাপাত্তা হৈ গৈছিলা যে..! কোনেও মোক তোমাৰ সঠিক খবৰ জনাব পৰা নাছিল । মোৰ ভাল বন্ধু এজন সাঁথৰৰ দৰেই হেৰাই গৈছিল মোৰ জীৱনৰ পৰা ।
ক’লৈ গুচি গৈছিলা তুমি অনুৰাগ..?
ক’ত আছিলা ইমান দিনে..?

:- জনাম । এদিন সকলো জনাম তোমাক । পিছে নেক্সত টাইম । প্লিজ..আজি যাব দিয়া । মই অফিচিয়েল দায়িত্ব এটাত ফচি আছো । আৰ্লি মৰ্নিং বচক ইমপৰটেণ্ট ফাইল এটা দিবগৈ লাগিব । কথা দিলো.. মই আকৌ আহিম তোমাৰ ওচৰলৈ । নোকোৱা কথাবোৰ ক’বই লাগিব তোমাক । তুমি জনাটো জৰুৰী..। অনুৰাগৰ মনতোক তুমি কোনোদিন পঢ়ি চাব নিবিচাৰিলা । গতিকে.. অনুৰাগৰ হৃদয়ৰ অনুভূতিবোৰ ও অব্যক্ত হৈয়েই থাকি গ’ল ।

চন্দ্ৰমিতাৰ দুচকুত চকু থৈ.. অনুৰাগে স্পষ্ট ভাবে কৈ যোৱা কথাবোৰ বুজিব অসুবিধা হ’ল তাইৰ… । কি অনুভূতিৰ কথা কৈছে অনুৰাগে..। তাইক জনোৱা জৰুৰী বুলি ও ক’লে যে সি..।
চন্দ্ৰমিতাৰ কৌতুহল বুজিব পাৰি পুনৰ কৈ উঠিল অনুৰাগে..

:- টু ডা পইণ্ট আনস্বাৰ কৰো যদি.. কওঁ শুনা..। তোমাক সেই কলেজৰ দিনৰ পৰাই ভাল পাই আহিছো মই মিতা..। মোৰ লাজকুৰীয়া স্বভাৱটোৰ বাবেই.. তোমাৰ বেষ্ট ফ্রেণ্ড হৈ ও.. দিনটোৰ বেছি ভাগ সময় তোমাৰ লগত কটাইও.. তোমাক পিছে একোৱেই জনাব নোৱাৰিলো মই ।
তোমাৰ বিয়া ঠিক হোৱা বুলি যিদিনা শুনিছিলো.. নিজৰ ওপৰতে খং উঠাই…কান্দি কান্দি উজাগৰী নিশা পাৰ কৰিছিলো মই । সেইদিনাই… তোমাৰ কাষৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈ.. তোমাক এৰি.. তোমাৰ চহৰ খন এৰি.. মোৰ ঘৰৰ মানুহৰ অজ্ঞাতে কৰ’বালৈ বুলি ওলাই গুচি আহিলো । সময়ৰ পাকচক্ৰই আজি পুনৰ.. তোমাৰ কাষ চপাই আনিলে মোক । মই এতিয়াহে জানিছো… ইউ আৰ ষ্টীল আনমেৰিড ।

মই আকৌ আহিম মিতা… । কথা দিলো তোমাক । হয়তো তুমি মোৰেই.. । সেইবাবে মই তোমালৈ বাট চাই ৰোৱাৰ দৰে.. নেদেখাজনে ও তোমাক মোৰ অপেক্ষাতে অকলশৰীয়া কৰি ৰাখিছে..।
এইবাৰ তোমাক নিজৰ কৰি ল’বলৈ আহিম । তুমি অনুমতি নিদিলেও.. মই তোমাক নিজৰ কৰি হে এৰিম ।
বাই.. চি ইউ চুন.. জাষ্ট ৱেইট ফ’ৰ মি.. আই ৱিল কাম বেক মিতা.. আই ৱিল কাম বেক ।

কথা কেইটা কৈ… এক্ষন্তেকও তাত ন’ৰৈ.. হুৰমুৰাই উঠি গ’ল অনুৰাগ..চন্দ্ৰমিতাৰ কাষৰ পৰা । তাই মাথোঁ সি যোৱালৈ চাই.. প্ৰস্তৰ মূৰ্তিৰ দৰে ঠাইতে বহি ৰ’ল ।
অনুৰাগে কি কৈ গ’ল এইবোৰ…? সি তাইক ইমান বছৰে গোপনে ভাল পাই আহিছে ..! কিয় এবাৰলৈ ও জানিব নিদিলে তাইক… তাৰ মনৰ কথাবোৰ ..? তাই ও কিজানি অনুৰাগক সেই দৃষ্টিৰে ভাবি চালে হয়..!

ভাৰাক্ৰান্ত মন এটাৰে ৰেষ্টুৰেণ্টৰ পৰা লাহে লাহে ওলাই আহিল চন্দ্ৰমিতা.. আৰু বাহিৰলৈ ওলাই.. অনুৰাগক কেনেবাকৈ দেখে নেকি.. দৃষ্টিয়ে পৰিধি চুমিব পৰালৈকে.. বিচাৰি চলাথ কৰিলে। নাই.. ।
অনুৰাগ তাইৰ আশে-পাশে নাই ।
আকৌ সাঁথৰৰ দৰে হেৰাই যাব নেকি বাৰু সি..?

ৰুমলৈ গৈ.. ভিজা কাপোৰ সাজেৰেই বিচনাত লাঙ খাই পৰিল চন্দ্ৰমিতা । ইমান কম সময়ৰ বাবে লগ হ’ল যদিও… ইমান ডাঙৰ সত্য এটাৰ সন্মূখীন হ’ল আজি তাই অনুৰাগৰ সান্নিধ্যত..! ইমান বছৰৰ মূৰত এই বৰ্ষনমুখৰ সন্ধিয়াটোত অনুৰাগক কিয় লগ পালে তাই..? এইয়া ঈশ্বৰৰ কিবা সংকেত নেকি..?
অনুৰাগৰ তাইৰ প্ৰতি থকা সঁচা ভালপোৱাই.. তাই এতিয়াও অবিবাহিতা হৈ ৰোৱাৰ কাৰণ নেকি.. ?
মানুহে বোলে অন্তৰেৰে কিবা এটা বিচাৰিলে.. ঈশ্বৰেও সেই ইচ্ছা পুৰনত সহায় কৰে । অনুৰাগৰ ইচ্ছাক ও ঈশ্বৰে সঁচা হোৱাৰ আশীৰ্বাদ দি থৈছে নেকি..?
হাজাৰটা প্ৰশ্ন … । এশ এবুৰি চিন্তা… চন্দ্ৰমিতাৰ মনত । জনাব নেকি ভায়েকক তাই কথাখিনি..? নে পুনৰ অনুৰাগ তাইৰ কাষলৈ উভটি অহালৈ বাট চাব..!

চিন্তাৰ আঁত হেৰুৱাইছে তাই । বুজিব দিগদাৰ হৈছে কি কৰা উচিত.. কি কৰা অনুচিত ।
বাহিৰত তেতিয়া ও ধাৰাসাৰ বৰষুণ… । বৰষুণৰ শব্দই.. চন্দ্ৰমিতাৰ… বুকুৰ ভিতৰৰ মৌন কোলাহলবোৰক ও যেন তীব্ৰতৰ কৰি তুলিছে .. । বাথৰুমৰ বাকেটটোত .. পানীৰ টেপতো খুলি দি.. ডাঙৰ লুকিঙ মিৰ’ৰ খনত নিজৰ বস্ত্ৰহীন শৰীৰটো ভালদৰে চালে তাই.. ।
পঞ্চলিশৰ দেওনা পাৰ কৰিলে যদিও.. ক্ষীণাংগী দেহাৱয়বেৰে
.. সুন্দৰ চকু মুখেৰে.. চন্দ্ৰমিতা এতিয়াও ধুনীয়াজনীয়েই হৈ আছে । বয়সৰ চাপে ম্লান কৰিব পৰা নাই তাইৰ সুন্দৰতাক.. । জীৱনটোক আকৌ এবাৰ নতুনকৈ ভাবি চাবলৈ প্ৰবল ইচ্ছা জাগিল চন্দ্ৰমিতাৰ মনত ।

অনুৰাগ..।
কলেজৰ দিনৰে লগৰী তাইৰ.. ।
অনুৰাগৰ মুখ খন.. তাৰ মিচিকিয়া হাঁহিটো.. চন্দ্ৰমিতাৰ চকুৰ আগলৈ যেন ভাঁহি আহিল । তাৰ শৰীৰত পার্ক এভিনিউৰ সুবাস.. তাৰ সেই স্পৰ্শ….! সকলো যেন একেই আছে..!
মাত্ৰ অনুৰাগ আজি মনৰ কথা খুলি ক’ব পৰাকৈ সাহসী..। তাইক আপোন কৰি ল’ব পৰাকৈ এজন দুৰন্ত প্ৰেমিক । স্বতঃস্ফুট ভাবে হাঁহি এটা বিয়পি পৰিল চন্দ্ৰমিতাৰ ওঁঠৰ কোণত । অনুৰাগক ওচৰত পাবলৈ বৰ মন গ’ল তাইৰ..।

নাইট গাউনটোৰে নিজকে মেৰিয়াই… ঈষৎ সেউজীয়া পোহৰৰ ডিম লাইটতো অন কৰি.. শুবলৈ যত্ন কৰিলে তাই । পিছে খেলি মেলি মনটোত আজি ভাবৰ বুৰবুৰনি ।
বহু সময় চিন্তাৰ ঢৌবোৰে খুন্দিয়াই যোৱাৰ পিছত, চিলমিলকৈ টোপনি আহিছিল তাইৰ..।
হঠাৎ দুৱাৰত কোনোবাই টুকুৰিওৱাৰ শব্দ কৰ্ণগোচৰ হোৱাত.. একে জাপে বিচনাতে বহি পৰিল চন্দ্ৰমিতা ।

~ টক… টক.. টক…
~ টক … টক ….

ক্ষন্তেক বিৰতিৰ অন্তৰে অন্তৰে.. দুৱাৰত হোৱা শব্দটোত চন্দ্ৰমিতাৰ বিৰাট ভয় লাগিব ধৰিলে ।
ইমান ৰাতি… ! বাহিৰত ইমান জাক প্ৰচণ্ড বৰষুণত কোন হ’ব পাৰে বাৰু আগন্তুক ..? ম’বাইলত চাই সময় কিমান হৈছে নিৰ্ধাৰণ কৰিব যত্ন কৰিলে তাই ..। খপজপতে হাতৰ পৰা ম’বাইল ফোনটো ও চিটিকি মজিয়াত পৰিল ।
ইফালে দুৱাৰত হোৱা মৃদু টুকৰবোৰ লাহে লাহে ধকিওৱাৰ দৰে শুনা গ’ল । যেন জোৰে প্ৰহাৰ কৰি চন্দ্ৰমিতাৰ ৰুমৰ দুৱাৰখন কোনোবাই ভাঙিবলৈ হে যত্ন কৰিছে । ভয়তে তাইৰ অণ্ঠ – কন্ঠ শুকাই যোৱাৰ উপক্ৰম হ’ল ।

কোন..কি ..মতলবত আহিছে ভাবিবলৈ ও ভয় লাগিল সেই সময়ত । ৰুমৰ ভিতৰত লাইট নজ্বলোৱাকৈ..আন্ধাৰতে অতি সন্তৰ্পনে বিচনাৰ পৰা নামি আহিল চন্দ্ৰমিতা । খুপি খুপি দুৱাৰ খনৰ সন্মুখত ৰৈ.. দুৱাৰখনতে কানখন লগাই.. শব্দটো কিহৰ অনুমান কৰিবলৈ চেষ্টা কৰিলে । কানতে হোৱা শব্দটোত এইবাৰ উচপ খাই উঠিল তাই । উশাহবোৰ ঘন হ’ব ধৰিলে..।

বাহিৰত বিজুলী ঢেৰেকনিৰ নাচোন… । কলহৰ মুখে পানী ঢলাৰ দৰে ডাঙৰ বৰষুণজাক..। অন্তৰাত্মা কঁপি উঠাকৈ জয়াল হৈ পৰা পৰিবেশটোত.. চন্দ্ৰমিতাই ঈশ্বৰকে খাটি.. মনত অলপ সাহস গোটাই.. যেনেতেনে গ্লাছৰ খিৰীকি খনৰ পৰ্দা খন… সামান্য ডাঙি… বাহিৰলৈ ভুমুকি মাৰি চাব ধৰিলে..।
বিজুলীৰ পোহৰত … ছায়ামূৰ্তিটো.. অনুৰাগৰ যেন লাগিল চন্দ্ৰমিতাৰ । মনৰ ভ্ৰম নে… সঁচাই সন্মুখত সেইয়া অনুৰাগ… ঠাৱৰ কৰিবলৈকে… বাৰে বাৰে খিৰিকীৰে ভুমুকি মাৰি এপাকত তাই নিশ্চিন্ত: হ’ল ।

~ হয়.. বাহিৰত সেইয়া অনুৰাগ । তিতি-বুৰি জুৰুলি-জুপুৰি হৈ তাইৰ দুৱাৰমুখত ৰৈ আছে সি । আগ পিচ নাভাবি.. ৰুমৰ লাইটতো জ্বলাই দুৱাৰখন সাজোৰে খুলি দিলে চন্দ্ৰমিতাই আৰু একেকোবে অনুৰাগৰ বুকুতে সোমাই উচুপি উঠিল ।

:- মই বহুত ভয় খালো অনুৰাগ । ইমান ৰাতি তুমি ইয়াত ..?

:- গাড়ী মিছ কৰিলো মিতা… । বহুত বিচাৰি ও কোনো হোটেলত ৰাতিটো কটাব পৰাকৈ সুবিধা কৰিব নোৱাৰিলো । গতিকে ইয়ালৈকে গুচি আহিলো ।

:- কিন্তু মোৰ ঘৰৰ ঠিকনা..? তোমাকতো জনোৱাই নাছিলো একো ..!

আচৰিত হৈ অনুৰাগক প্ৰশ্ন কৰিলে চন্দ্ৰমিতাই ।

:- সকলো জনাম । ভিতৰলৈ নামাতা..? অথনিৰ পৰা কঁপি কঁপি ৰৈ আছো ।

অনুৰাগৰ কথা শুনি চন্দ্ৰমিতা সম্ভিত ঘূৰাই পোৱা মানুহৰ দৰে ব্যস্ত হৈ পৰিল তাৰ লগত ।

:- ইচ… চোৱাচোন মোক..। মনেই কৰা নাই তোমাৰ অৱস্থাটো । আহা…আহা.. ভিতৰলৈ সোমাই আহা.. ।

দুৱাৰমুখৰ পৰা আঁতৰি… অনুৰাগ ভিতৰ সোমাব পৰাকৈ বাটতো এৰি দিলে চন্দ্ৰমিতাই আৰু তাৰ পাছে পাছে নিজেই ও ভিতৰ সোমাই দুৱাৰখন বন্ধ কৰি দিলে ।
এচাটি হিম চেঁচা বতাহ ও যেন দুয়োৰে লগতে সেই সৰু কোঠাটোত প্ৰৱেশ কৰিলে…।

——————-

পিছদিনা বনজুইৰ দৰে বিয়পি পৰিল খবৰটো.. । চহৰৰ মাজ মজিয়াত.. নিজৰেই দুকোঠালীৰ ঘৰটোত.. চন্দ্ৰমিতা বৰুৱাৰ নিথৰ দেহটো তলমুৰকৈ পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে । মৃত্যুৰ কাৰণ.. হত্যা নে আত্মহত্যা জানিব পৰা হোৱা নাই যদিও.. মৃতদেহৰ মুখৰ পৰা ফেন বাহিৰ হোৱা পৰিলক্ষিত হৈছে ।

তদন্তাধীন পুলিচ বিষয়া জনে.. চন্দ্ৰমিতাৰ হাতৰ পৰা উদ্ধাৰ কৰা এখন চিঠিৰ আলম লৈ.. অতি সোনকালে ঘটনাৰ সবিশেষ.. বিতং ভাবে জনাব বুলি সকলো আশাবাদী ।

পোন্ধৰ বছৰৰ পুৰণি.. সেই চিঠিখনৰ ভাঁজে ভাঁজে দুই এটা ফুটা ওলাইছিল । সময়ৰ আঁচোৰত বিবৰ্ন হৈ পৰা আখৰ কেইটা … পুলিচ বিষয়া জনে একে উশাহে পঢ়ি পেলাইছিল …।

~ মই চিৰদিনৰ বাবে যাবলৈ ওলালো মিতা । তুমি আনৰ হোৱা কিদৰে চাওঁ মই ..? তোমাক নিজৰ কৰিম বুলি জনাবলৈ ও সাহস গোটাব নোৱাৰিলো কোনোদিন । মোৰ জীয়াই থকাৰ অৰ্থই নাই । মোৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয় ।
তোমাক মই বহুত ভাল পাওঁ মিতা… । বহুত বেছি ভালপাওঁ… আৰু সদায়েই ভাল পাই থাকিম । এদিন তুমি মোৰ হ’বা । মই অপেক্ষা কৰিম তোমালৈ …।

‘তোমাৰ অনুৰাগ ..’



                              ( ২ )

টেলিভিচন পৰ্দাত ..প্ৰায় সকলো কেইটা অসমীয়া নিউজ চেনেলৰ আজি পুৱাৰ বিগ ব্ৰেকিং নিউজ…
~~ চহৰৰ মাজ মজিয়াত অৱস্থিত..দুকোঠালিৰ এটি ঘৰত এগৰাকী চল্লিশোৰ্ধৰ মহিলাৰ মৃতদেহ উদ্ধাৰ.. । মহিলা গৰাকীৰ নাম চন্দ্ৰমিতা চলিহা বুলি জানিব পৰা গৈছে । বহুবছৰ ধৰি উক্ত ঘৰটোত অকলশৰে বাস কৰি অহা মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও.. মহিলা গৰাকীয়ে আত্মহত্যা কৰিছে বুলিয়েই অনুমান কৰা হৈছে ।
এই মৃত্যুৰ প্ৰকৃত সত্য উদ্ঘাটন হ’ব নে..? চন্দ্ৰমিতা চলিহাই প্ৰকৃততে আত্মহত্যা কৰিছে নে ই এক পৰিকল্পিত হত্যাকাণ্ড..?

~~কোঠাৰ দুৱাৰ খিৰিকীবোৰ ভিতৰৰ পৰা বন্ধ থকা অৱস্থাত.. সেই প্ৰচণ্ড বৰষুণৰ ৰাতিটোত.. নিজৰ কোঠাৰ ভিতৰতে যি দৰে চন্দ্ৰমিতাৰ প্ৰাণহীন শৰীৰটোক উদ্ধাৰ কৰা হৈছে.. যি কোনো মানুহে..একে আষাৰে ইয়াক আত্মহত্যা বুলিয়েই আখ্যা দিব ..।
পিছে চন্দ্ৰমিতাৰ হাতৰ মুঠিত বন্দী হৈ ৰোৱা.. পোন্ধৰ’ বছৰৰ আগৰ সেই চিঠিখনে কি সুচাইছে..? কেনেকৈ আহিল সেইখন তেওঁৰ হাতলৈ..? সময়ৰ আঁচোৰত বিবৰ্ন হৈ পৰা চিঠিখন.. আগনিশাৰ বৰষুণত অলপ ভিজি থকা যেন ও অনুমান হ’ল.. তদন্তাধীন পুলিচ বিষয়া মি: ইমদাদুল হুছেইনৰ ।
বিপাঙত পৰিল মি: হুছেইন । কি কৰা যায়..! এগৰাকী অকলশৰীয়া মহিলা.. যাৰ ইতিমধ্যে মৃত্যু হৈছে.. তেওঁৰ বিষয়ে কি দৰে জনা যাব এতিয়া ..?

ইতিমধ্যে কেইবাজনো ফটো সাংবাদিক.. লগতে নিউজ ৰিপৰ্টাৰ.. আহি চন্দ্ৰমিতাৰ ঘৰত ভিৰ কৰিছেহি । গেটৰ ভিতৰে বাহিৰে.. ওচৰ চুবুৰীয়া পুৰুষ মহিলা সকলে..নিজৰ ভিতৰতে গুণ গঁথা কৰি.. ঘটনাটোক.. নিজেই কল্পনা কৰি চোৱাৰ দৰে.. সজাই পৰাই সত্য প্ৰতিপন্ন কৰাত উঠি পৰি লাগিছে । মানুহবোৰক ভিতৰলৈ সোমোৱাৰ পাৰ্মিচন দিয়া হোৱা নাই । গতিকে..বহুতে দুৱাৰ বা খিৰিকীৰ ফাঁকেৰে মৃতদেহটো কেনেবাকৈ দেখা পাই নেকি.. জুপি জুপি চাবলৈ ও যত্ন কৰিছে.. ।

~~ চিঠিখন হাততে লৈ.. চন্দ্ৰমিতাৰ নিথৰ শৰীৰটোলৈ একেথৰে চাই ৰোৱা.. মি: হুছেইন… সন্মুখৰ চ’ফা খনৰ পৰা.. ঘপহকৈ উঠি.. ঘৰটোৰ আনটো কোঠালৈ সোমাই যায় । সুসজ্জিত ৰূমটোত.. ইফালে সিফালে চাই আপত্তি জনক বা সন্দেহজনক একো নেদেখি.. পুনৰ ঘটনাটো সংঘটিত হোৱা উক্ত কোঠাটোলৈ সোমাই আহে তেওঁ ।
এইবাৰ তেওঁ চন্দ্ৰমিতাৰ নিথৰ শৰীৰটো লুটিয়াই বগৰাই নিৰীক্ষণ কৰে । নাই.. মাত্ৰ মুখৰ পৰা বাহিৰ হোৱা ফেন খিনিৰ বাদে..ক’তো একো আঘাতৰ চিন প্ৰকট হোৱা নাই ..। বৰ্তমান সেইখিনি ও শুকাই ক’ৰাল বান্ধিছে । কিবা এটা মনত পৰাৰ দৰে হঠাৎ হুছেইনে হাবিলদাৰ কমল নাথক চিঞঁৰি মাত দিয়ে । ক’ৰবাত কিবা ক্লু’ বিচাৰি পাই নেকি.. ইফাল সিফাল কৰি চাই ফুৰা নাথ.. লৱৰি হুছেইনৰ ওচৰত হাজিৰ হয়..।

:- নাথ.. লাচটো প্ৰথমে যি জনে দেখিছিল.. সেই হ’কাৰ জনক এইমাত্ৰই ইয়ালৈ লৈ আহক । তেওঁ নিশ্চয় বাহিৰতে আছে ..। মানুহগৰাকীয়ে ব্যৱহাৰ কৰা ম’বাইল ফোনটো বা কিবা আইডেন্তিটি প্ৰুফ জাতীয় নথি পত্ৰ বিচাৰি পাইছে নেকি..? যদি পাইছে.. সেইবোৰ ও মোৰ ওচৰলৈ লৈ আহক ।

:- হয় চাৰ… । মই মাতি দিছো ল’ৰা জনক.. ।
চাৰ’….ম’বাইল ফোনটো.. ভিতৰৰ বিচনা খনৰ তলত পৰি থকা অৱস্থাত পোৱা গৈছে । ফোনটোত পাছৱৰ্ড দিয়া আছে । সেইটো ইতিমধ্যে আনল’ক কৰাৰ ও ব্যৱস্থা কৰা হৈছে । আৰু তেওঁৰ হেণ্ডবেগটোত যাৱতীয় সকলো কাগজ পত্ৰই মজুত আছে । মানুহগৰাকী চাকৰি সূত্ৰে হে ইয়াত আছে যেন অনুমান হৈছে চাৰ । তেওঁৰ আচল ঘৰ ইয়াত নহয় কিন্তু ।

হাবিলদাৰ নাথে উত্তৰ দিয়ে..।

:- উমম… । বস্তুখিনি লৈ আহক । লগতে তেখেতৰ ফোনৰ লাষ্ট এমাহ মানৰ ক’ল আৰু মেছেজ ডিটেইল ও উলিওৱাৰ ব্যৱস্থা কৰক ।
( ক্ষন্তেক কিবা এটা চিন্তা কৰাৰ দৰে চকু দুটা বন্ধ কৰি.. সেইদৰে থাকিয়েই হুছেইনে নাথক.. হ’কাৰ জনক মাতা বুলি পুনৰ সোঁৱৰাই দিয়ে । )

ভয়ে ভয়ে হ’কাৰ জন ৰূমটোলৈ সোমাই আহে.. ।

:- চাৰ … । মাতিছিল মোক ।

:- উমম… । কি নাম তোমাৰ ..?

:- নৃপেন… । নৃপেন বৰা ।

:- আচ্ছা নৃপেন..কোৱাচোন … ৰাতিপুৱা কেনেকৈ ঘটনাটোৰ বিষয়ে গম পালা তুমি ..?

:- মই পেপাৰ দিব আহিছিলো । তেতিয়া চাৰে ছটা মান বাজিছিল । সদায় পেপাৰ খন গেটৰ মুখৰ পৰা বাৰাণ্ডালৈ ডলিয়াই থৈ যাওঁ । কিন্তু আজি এই মাহৰ বিলৰ পইচা কেইটা লৈ যাওঁ বুলি.. মই গেট খুলি সোমাই আহিলো । কলিং বেলটো কেইবাবাৰো বজালো । ভিতৰৰ পৰা কোনো সঁহাৰি নাহিল । আগতে ও মই এইদৰে বিল নিও । বাইদেউ এটা বেল’তে উঠি আহে । আজি কি নো হ’ল ভাবি থাকোতেই… হঠাৎ এই খিৰিকীখনৰ পৰ্দা খন অলপ ডাঙ খাই থকা চকুত পৰে । মই এনেয়ে সেইফালে জুমি চাওঁতে.. মজিয়াত পৰি থকা বাইদেউৰ ভৰি দুখন দেখা পাওঁ । মই ভবাই নাছিলো চাৰ… বাইদেউ যে জীয়াই থকা নাই । আগদিনা পেপাৰ দিব আহোতে বাইদেউয়ে.. গেটৰ মুখত ঝাড়ু মাৰি আছিল । হাঁহি মুখেৰে মোৰ খবৰ ও লৈছিল ।
মই মজিয়াত বাইদেউ মুৰ ঘূৰাই পৰি আছে বুলি .. কাষৰ হাজৰিকা দা আৰু কলিতা দাক চিঞঁৰি চিঞঁৰি মাতিব ধৰো ।
মোৰ চিঞৰ শুনি দুয়ো ওলাই আহে । আমি তিনিও দুৱাৰখন খুলিব বহুত যত্ন কৰো । অকলশৰীয়া মানুহগৰাকীক সেইদৰে এৰি থৈ যাবলৈ আমাক… মনটোৱে বাধা দিলে ।

লাহে লাহে প্ৰাত:ভ্রমনৰ বাবে ওলাই অহা দুই এজন লোক ও এইখিনি পায়হি । মই দুৱাৰখন ভাঙিবলৈ উদ্যত হৈছিলোয়েই.. কিন্তু.. সকলোৰে আলোচনা মৰ্মে.. পুলিচক খবৰ দিয়াৰে সিদ্ধান্ত লোৱা হয় । আচলতে কি অৱস্থাত বাইদেউ সেইদৰে পৰি আছিল.. মাত্ৰ ভৰি দুখন চাই ..আনুমান কৰিব পৰা নাছিলো আমি ।
বৰ বেয়া লাগিল চাৰ.. । ইমান বছৰে বাইদেউক দেখি আহিছো । বাউদেউৰ দৰে আমায়িক.. হাঁহিমুখীয়া মানুহ এগৰাকীয়ে যে আত্মহত্যা কৰিব.. ভাবিবই পৰা নাই চাৰ ।

~~ নৃপেনৰ কথা খিনি একান্ত মনে শুনি.. তাক যাবলৈ কৈ এইবাৰ হুছেইনে নৃপেনৰ লগতে ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী.. চন্দ্ৰমিতাৰ প্ৰতিবেশী.. হাজৰিকা আৰু কলিতাৰ সাক্ষ্য গ্ৰহণ কৰে । দুয়ো নৃপেনে কোৱাৰ দৰে.. একে খিনি কথাকে হুছেইনক জানিব দিয়ে । তাৰ মাজতে কলিতাই আগদিনা সন্ধিয়া.. চন্দ্ৰমিতাক চিন্তাক্লিষ্ট ৰূপত.. সদায় অফিচৰ পৰা ঘূৰি অহাৰ সময়টোতকৈ অলপ পলমকৈ..ঘৰৰ মুখতে লগ পোৱাৰ কথাও সদৰি কৰে । নিজৰ মাজতে কিবা চিন্তা কৰি থকা যেন অনুমান হোৱা চন্দ্ৰমিতাই… কেইবাবাৰ ও মাত দিয়াৰ অন্তত হে.. প্ৰতি সঁহাৰি জনোৱাৰ কথা ও উল্লেখ কৰে ।

তাৰ বাদে..ওচৰ চুবুৰীয়া সকলে..সন্দেহজনক কোনো ঘটনাৰ উমান পোৱাৰ বিষয়ে নুই কৰাত.. আৰু সেই নিশা কোনো ধৰণৰ চিঞৰ-বাখৰ ও চন্দ্ৰমিতাৰ ঘৰৰ পৰা শুনা নোপোৱাৰ বিষয়ে জনোৱাত.. মি : হুছেইন… সেই স্থানৰ পৰা থানালৈ যাবলৈ বুলি সাজু হয় । তেনেকুৱাতে হাবিলদাৰ নাথে.. চন্দ্ৰমিতাৰ ম’বাইল ফোনৰ এমাহৰ ক’ল আৰু মেছেজ ডিটেইলছৰ প্ৰিন্ট আউট এটা হুছেইনৰ হাতত গুজি দিয়ে ।
ইতিমধ্যে চন্দ্ৰমিতাৰ নিথৰ দেহাটো প’ষ্ট মৰ্টেমৰ বাবে হস্পিটেললৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছিল আৰু হুছেইনৰ আদেশত দুৰ্ঘটনা সংঘটিত হোৱা ঘৰটোৰ লগতে গেট খনত ও তলা লগাই কেচটোৰ তদন্তত থকা দলটো থানালৈ বুলি ৰাওনা হয় ।

~~ চন্দ্ৰমিতাৰ ক’ল ডিটেইলছ চেক কৰি.. তিনিটা নম্বৰৰ লগত তেওঁ ফ্ৰিকুৱেণ্ট কনটেক্টত থকা দেখা গ’ল । এটা নম্বৰ চন্দ্ৰমিতাৰ ভায়েক.. সুৰজিত চলিহাৰ , এটা তেওঁৰ ক’লীগ বন্দনা বৰুৱাৰ আৰু এটা নম্বৰ চেক কৰি গম পোৱা গ’ল সমৰ নামৰ ডেলিভাৰী বয় এজনৰ ।
ক’ল লিষ্ট খনত অনুৰাগ নামৰ কাৰো নম্বৰ চেভ নথকাত অলপ আচৰিতেই হ’ল মি: ইমদাদুল হুছেইন । কাৰণ চন্দ্ৰমিতাৰ মৃত্যুৰ লগত কেনেবাকৈ অনুৰাগ নামৰ কোনোবা ব্যক্তি এজন জড়িত হৈ আছে বুলি তেওঁৰ দৃঢ় বিশ্বাস আছিল । পিছে সেই নামৰ কাৰো লগতে দেখোন চন্দ্ৰমিতাৰ কোনো ফোন কনটেক্ট নাই ।

~~ সুৰজিত চলিহাই বায়েকৰ মৃত্যুৰ খবৰটো নিউজ চেনেলতে দেখা পাই.. পুৱাৰ বাছতে আহি ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছিল হি । আহিয়েই তেওঁ স্থানীও পুলিচ থানাত খবৰ কৰি.. পুলিচ ইন্সপেক্টৰ মি: হুছেইনক লগ কৰে । ইফালে ডেলিভাৰী বয় সমৰ আৰু বন্দনা বৰুৱাক ও থানালৈ মাতি অনা হয় । বন্দনা বৰুৱাই আগদিনা হাঁহি মাতিয়েই চন্দ্ৰমিতা অফিচৰ পৰা ওলাই অহা বুলি জানিব দিয়ে ।

:- বাৰু মিচেছ বৰুৱা.. অনুৰাগ নামৰ কাৰোবাৰ লগত চন্দ্ৰমিতাৰ কিবা সম্পৰ্ক আছিল নেকি..? আপুনি কিমান বছৰৰ পৰা চন্দ্ৰমিতাৰ সহকৰ্মী হিচাপে তেখেতক লগ পাই আহিছে ।
ইমদাদুল হুছেইনে উৎসুকতাৰে জানিব বিচাৰে চন্দ্ৰমিতাৰ সহকর্মী বন্দনা বৰুৱাৰ পৰা ।

:- চাৰ.. চন্দ্ৰমিতা মোতকৈ জুনিয়’ৰ..। মই চাকৰিত সোমোৱাৰ তিনি বছৰ মানৰ পিছতে তাই ট্ৰান্সফাৰ হৈ ইয়ালৈ আহিছে । তেতিয়াৰ পৰাই চন্দ্ৰাক মই জানো । সময়ৰ লগে লগে তাই মোৰ সহকর্মীতকৈ ও মোৰ প্ৰিয় বান্ধৱী.. মোৰ মৰমৰ ভন্টী এজনী যেন হে হৈ পৰে । মোৰ ল’ৰা ছোৱালী দুটাই ও তাইক চন্দ্ৰা মাহী বুলিয়েই সম্বোধন ধৰি আহিছে । যদিও অবিবাহিত আছিল… জীৱনটোক লৈ তাইৰ কোনো আক্ষেপ নাছিল । এদিনলৈও অকলশৰীয়া বুলি তাইক মই দুখ কৰা নেদেখিলো । বৰঞ্চ মোক হে কেতিয়াবা হতাশ হৈ পৰা দেখিলে.. সাহস দি মানসিক ভাৱে সবল কৰি তুলিছিল । গান শুনি.. হাঁহি ধেমালি কৰি.. নতুন নতুন খাদ্যৰ জুতি লৈ.. নিজেই ও সেইবোৰ বনাবলৈ আগ্ৰহ ৰখা.. এজনী খুব ফুৰ্তিবাজ ছোৱালী আছিল চন্দ্ৰা..। মই ভাবিবই পৰা নাই.. চন্দ্ৰাৰ দৰে ছোৱালী এজনীয়ে যে কেতিয়াবা আত্মহত্যা কৰিব ও পাৰে ।
যোৱাকালি দুপৰীয়াৰ পৰাই কিনকিনাই থকা বৰষুণজাক দেখি অফিচৰ পৰা মোৰ হাচবেণ্ডে মোক নিবলৈ আহোতে.. তাইকো ঘৰত নমাই থৈ অহাৰ কথা কৈছিল । পিছে তাই বজাৰ দুটামানৰ দোহাই দি..বৰষুণৰ আমেজ লৈ খোজ কাঢ়ি আহিবলৈকে ইচ্ছা প্ৰকাশ কৰাত.. আমি দুয়ো তাইক এৰি গুচি আহিছিলো । খুব দুখ পাইছো চাৰ.. সেইয়াই যে আমাৰ শেষ দেখা আছিল ভাবিবলৈ ও মন যোৱা নাই ।

~~ হুকহুকাই কান্দি উঠে মিচেছ বৰুৱা । চন্দ্ৰমিতাৰ ভায়েক সুৰজিতৰ ও বন্দনা বৰুৱাৰ কথা কেইটা শুনি দুচকু সেমেকি উঠে..। একমাত্ৰ বায়েক জনীৰ এই অস্বাভাৱিক মৃত্যুক কি দৰে সহজে লয় ভায়েকে..!
মি: হুছেইনে পুনৰ বন্দনা বৰুৱাক অনুৰাগৰ বিষয়ে প্ৰশ্ন কৰে..। কোন এই অনুৰাগ..? ক’ত থাকে.. ? কি কৰে..? আৰু চন্দ্ৰমিতাই তেওঁৰ লগত কেনে ধৰণৰ সম্পৰ্ক ৰাখি আহিছে.. সবিশেষ জনাবলৈ অনুৰোধ কৰে.. ।

আচৰিত হয় মিচেছ বৰুৱা..। চন্দ্ৰাৰ মুখতটো কোনোদিন অনুৰাগ নামৰ কোনো ব্যক্তিৰ বিষয়ে শুনা নাই.. । কিয় সুধিছে বাৰে বাৰে হুছেইনে অনুৰাগৰ কথা..!

:- চ’ৰি চাৰ.. । এঘাৰতা বছৰত কোনোদিন চন্দ্ৰাই মোক অনুৰাগ নামৰ কাৰোবাৰ বিষয়ে একো কোৱা নাই । কোন এই অনুৰাগ .. বুজা নাই । আপুনি বাৰে বাৰে কিয় উল্লেখ কৰিছে তেওঁৰ কথা..?

বন্দনা বৰুৱাৰ প্ৰশ্ন শুনি.. চিন্তাক্লিষ্ট মুখ এখনেৰে মি: হুছেইনে পোন্ধৰ বছৰৰ আগৰ চিঠি খন সুৰজিত আৰু বন্দনাৰ সন্মুখত ডাঙি ধৰে..। আচৰিত হৈ দুয়ো চিঠিখন পঢ়িব ধৰে । চিঠিখনৰ প্ৰতিটো শব্দত.. দুয়োৰে হৃদপিণ্ডৰ গতি যেন বাঢ়িব ধৰে..। চন্দ্ৰাৰ বাবে কোনোবা অনুৰাগে এসময়ত চুইচাইড কৰিছিল..! অহ গড.. কি দেখিছে এইয়া তেওঁলোকে..। সকলোতকৈ আচৰিত হয় চন্দ্ৰমিতাৰ ভায়েক সুৰজিত চলিহা.. । অনুৰাগ.. নামটো যেন খুব চিনাকি তেওঁৰ বাবে.. । পিছে মুখ খন কিয় মনত পেলাব পৰা নাই । এই অনুৰাগেই কেনেবাকৈ বায়েকৰ মৃত্যুৰ কাৰণ নহয় তো..!?

:- এইখন চিঠি তাইৰ হাতলৈ কি দৰে আহিল..? কোনে দিলে তাইক..?

বন্দনা বৰুৱা আৰু সুৰজিত চলিহা.. দুয়ো সমস্বৰে নিজকে কোৱা দি কৈ উঠে..।
তেনেকুৱাতে ডেলিভাৰী বয় সমৰ থানালৈ সোমাই আহে..।

:- চাৰ সোমাব পাৰো নে..? কিয় মাতিছিল মোক ?


                                   ( ৩ )


:- তুমি ..?
সমৰ..?
বন্দনা বৰুৱা আৰু সুৰজিত চলিহাৰ লগত .. চন্দ্ৰমিতাৰ মৃতদেহৰ লগতে উদ্ধাৰ হোৱা চিঠিখনৰ বিষয়ে কথা পাতি ব্যস্ত থকাৰ পৰা …আগন্তুকলৈ চাই প্ৰশ্ন কৰে ইন্সপেক্টৰ ইমদাদুল হুছেইনে ।

:- হয় চাৰ… । মই সমৰ দাস …।
অলপ ভয় মিশ্ৰিত কন্ঠেৰে সমৰে মি: হুছেইনক নিজৰ পৰিচয় জানিব দিয়ে । পুলিচ থানালৈ এইদৰে ফোন কৰি মতাই অনা কথাটোত সমৰ অৱশ্যেই অলপ চিন্তাত পৰে ।

:- আহা .. আহা.. সোমাই আহা ।
হুছেইনে সমৰক.. মিচেছ বন্দনা বৰুৱাৰ কাষৰে.. খালি চকী খনত বহিবলৈ.. চকুৰে ইংগিত দিয়ে আৰু বিশেষ কোনো কথাৰ অৱতাৰনা নকৰাকৈ.. তেওঁ পোনপটিয়াকৈ সমৰক চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ বিষয়ে জনাই ।

:- কি কয় চাৰ..? বাইদেউ জীয়াই থকা নাই..! কেতিয়া.. ? কেনেকৈ.. ? কি হ’ল তেওঁৰ..?
আচৰিত হৈ সমৰে একেলগে কেইবাটাও প্ৰশ্ন কৰি.. হুছেইনৰ লগতে যদিও অচিনাকী…কোঠাটোত উপস্থিত থকা মিচেছ বৰুৱা আৰু সুৰজিতৰ পৰাও উত্তৰৰ আশা কৰি তিনিওলৈকে দৃষ্টি নিক্ষেপ কৰে ।

সমৰৰ কথাত মি: হুছেইনৰ মনত অলপ সন্দেহ জন্মে । গোটেই চহৰত সকলোৰে মুখে মুখে আজি ৰাতিপুৱাৰ পৰাই চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ খবৰ বনজুই বিয়পা দি বিয়পি ফুৰিছে.. আৰু সমৰে একো ভূ নোপোৱাৰ দৰে প্ৰশ্ন কৰিছে যে..! কেনেবাকৈ এই মৃত্যুৰ লগত সমৰ জড়িত নহয় তো..? সমৰে আচলতে নজনাৰ অভিনয় কৰিছে নে.. প্ৰকৃততে ঘটনাটোৰ বিষয়ে জ্ঞাত নহয় তেওঁ..।
পুলিচৰ কামেই হৈছে.. সকলোকে সন্দেহ কৰা । আৰু সেই সন্দেহৰ ভিত্তিত.. সকলোবোৰ চালি জাৰি চাই.. উচিত তদন্তৰে প্ৰকৃত দোষীক বিচাৰি উলিওৱা । কেতিয়াবা ভিত্তিহীন কথাবোৰেও.. কিছুমান বিষয়ত… যথোচিত সিদ্ধান্ত এটা লোৱাত ইন্ধনৰ দৰে কাম কৰে ।
ইন্সপেক্টৰ হুছেইনে সমৰক পুনৰ প্ৰশ্ন কৰিলে..।

:- তুমি সচাঁকৈ একো নাজানা..? আজিৰ দিনটোৰ বিগ ব্ৰেকিং নিউজ.. মিচ চলিহাৰ অস্বাভাৱিক মৃত্যু । সকলোবোৰ নিউজ চেনেলত এইটো খবৰেই ৰাতিপুৱাৰ পৰা প্ৰচাৰ কৰি থকা হৈছে । তুমি ইমান গম পোৱা নাই নে..?

:- মই যোৱা এসপ্তাহ ধৰি চুটিত আছিলো চাৰ । বিয়া পতা বেছি দিন হোৱা নাই মোৰ । কামৰ ব্যস্ততাত পৰিবাৰক সময় দিবই নোৱাৰো..। সেয়েহে মালিকক যেনেতেনে মান্তি কৰি তাইক লৈ কেইদিন মানৰ বাবে শ্বিলঙৰ পৰা ফুৰি আহিলো । যোৱা নিশা দেৰিকৈ ঘৰ পাই.. শুই গৈছিলো । ৰাতিপুৱাই থানাৰ পৰা ফোন কৰাত.. লৰালৰিকৈ ওলাই আহিছো । মই সঁচাই বাইদেউৰ বিষয়ে একো গম পোৱা নাই ।
কিন্তু মোক কিয় মতাই অনা হৈছে .. জানিব পাৰিম নে ?

:- তুমি কি কাম কৰা ..?

:- মই ‘ আৰ. ডি হ’লচেল ‘ দোকান খনৰ ডেলিভাৰী বয় হিচাপে নিয়োজিত হৈ আছো ।

:- কিমান দিন হ’ল তাত কাম কৰা ..?

:- প্ৰায় চাৰি বছৰমান হৈছে । তাৰ আগতে ‘ শৰ্মা চুইটৰ ‘ চেলছমেন হিচাপে কাম কৰিছিলো ।

:- চন্দ্ৰমিতা চলিহাক কি দৰে চিনি পোৱা । তেওঁৰ লগত কিমান দিনৰ চিনাকি ..? আচলতে তেওঁৰ কনটেক্ট লিষ্টত তোমালৈ সঘনে ফোন কৰাৰ তথ্য পোৱা গৈছে । সেইবাবেই সোধা-পোছাৰ বাবে তোমাক থানালৈ মাতি আনিছো ।

:- বাইদেউক মই দুবছৰ ধৰি দোকানৰ বস্তু যোগান ধৰি আহিছো । আনকি শ্বিলং যোৱাৰ আগদিনাও মই মাহেকীয়া ৰেচনখিনি দি থৈ আহিছিলো । মোক তেখেতে নিজৰ ভাইটিৰ দৰেই মৰম কৰিছিল ।

:- আচ্ছা..। ডেলিভাৰী দিব যাওঁতে.. বাইদেউৰ ঘৰত কেতিয়াবা কোনোবা মতা মানুহ বা সন্দেহজনক কাৰোবাৰ আহ যাহ দেখা পাইছিলা নেকি…?

:- নাই চাৰ..। মই জনাত বাইদেউ অবিবাহিতা আছিল আৰু অকলেই আছিল ইয়াত । মই তেনেকুৱা একো দেখা নাই কোনোদিন ।

অলপ সময় তললৈ চাই ইন্সপেক্টৰ হুছেইনে অস্পষ্ট শব্দৰে নিজকে কোৱা দি কৈ উঠে…
~~ কোন এই অনুৰাগ..? পোন্ধৰ বছৰৰ আগতে.. চন্দ্ৰমিতা চলিহাৰ লগত কি সম্বন্ধ আছিল তেওঁৰ..।

:- কি কৈছে চাৰ..?
হুছেইনৰ কথা বুজিব নোৱাৰি.. সমৰে প্ৰশ্ন কৰে ।

তেনেকুৱাতে সকলো কথাৰ ৰেহ ৰূপ চাই.. ইমান সময় নীৰৱ দৰ্শকৰ দৰে বহি ৰোৱা চন্দ্ৰমিতাৰ ভায়েক সুৰজিতে.. কিবা এটা মনত পৰাৰ দৰে ইন্সপেক্টৰ হুছেইনক চন্দ্ৰমিতাৰ ম’বাইল ফোনটো চাব বিচাৰি অনুৰোধ কৰে..।

:- চাৰ.. মোৰ যিমান দূৰ মনত আছে.. বাইদেউৰ লগত কিন্তু অনুৰাগ নামৰ কোনোবা এজন ল’ৰাই একেলগে পঢ়িছিল । মই যদিও চিঅ’ৰ নহয়.. তাইৰ কোনোবা পুৰণি বান্ধবীৰ লগত কথা পাতি মই সেই বিষয়ে সঠিক কৈ আপোনাক জনাব পাৰিম । আপুনি কাইন্দলি বাইদেউৰ ফোনটো মোক অলপ সময়ৰ বাবে দিব পাৰিব নেকি..? লগৰ কাৰোবাৰ নম্বৰ তাইৰ ম’বাইলত নিশ্চয় চেভ আছে । মই ক’ল কৰি চাওঁ..।

:- ইয়েছ.. ডেটছ আ গ্ৰেট আইডিয়া । আপুনি নিশ্চয় চাব পৰিব ।
ফোনটো সুৰজিত চলিহালৈ আগবঢ়াই দিয়ে.. ইন্সপেক্টৰ হুছেইনে আৰু ইমান সময় থানাতে বহি থকা.. চন্দ্ৰমিতাৰ সহকৰ্মী বন্দনা বৰুৱা তথা ডেলিভাৰী বয় সমৰক.. প্ৰয়োজন সাপেক্ষে পুনৰ থানাত দেখা কৰিব লাগিব বুলি জনাই..ঘৰলৈ যাবলৈ অনুমতি দিয়ে ।

সুৰজিত চলিহাই.. চন্দ্ৰমিতাৰ কনটেক্ট লিষ্টৰ পৰা.. তাইৰ শৈশৱৰ বান্ধৱী.. নম্ৰতা দত্তৰ ফোন নম্বৰ সংগ্ৰহ কৰি.. লগে লগেই নম্ৰতালৈ ফোন লগাই । বয়সত চন্দ্ৰমিতাতকৈ প্ৰায় পাঁচ বছৰেই সৰু সুৰজিতৰ.. বায়েক চন্দ্ৰমিতাৰ.. শৈশৱৰ বন্ধু বান্ধবী সকলৰ লগত বৰ এটা চিনাকি নাছিল যদিও.. নম্ৰতা দত্তক তেওঁ ভালদৰেই জানিছিল । নম্ৰতাৰ মাষ্টৰ ককায়েক.. নিলোৎপলৰ ওচৰত মেট্ৰিক পৰীক্ষাৰ সময়ত.. সুৰজিতে অলপ দিনৰ বাবে অংকৰ টিউচন লৈছিল । সেই সূত্ৰে নম্ৰতা দত্ত.. সুৰজিতৰ পৰিচিত আছিল ।

নম্ৰতা দত্তলৈ ফোন কৰি এইবাৰ.. সুৰজিত চলিহা আৰু ইন্সপেক্টৰ ইমদাদুল হুছেইন নিশ্চিত হৈছিল যে..এসময়ত অনুৰাগ কাশ্যপ নামৰ ল’ৰা এজনৰ লগত চন্দ্ৰমিতা চলিহাৰ ভাল বন্ধুত্ব আছিল । লগতে অনুৰাগ যে বহু বছৰৰ আগতে নিখোজ হৈছিল তাকো জানিব দিছিল চন্দ্ৰমিতাৰ বান্ধৱী নম্ৰতাই.. ।

সেই মুহূৰ্ত্বতে..হাবিলদাৰ কমল নাথ .. ইন্সপেক্টৰ ইমদাদুল হুছেইনৰ কাষ চাপি আহে..। ইমান বছৰে অনুৰাগ নিখোজে হৈ থকাৰ কথা জানিব পাৰি ভয়ে ভয়ে তেওঁ হুছেইনক কানতে ক’ব ধৰে..

:- চাৰ.. কেচটো অলপ গণ্ডগোলিয়া যেন পাইছো । এইবোৰ ভূত প্ৰেতৰ কাম নহয়তো..? চিঠিখন যদি প্ৰকৃততে অনুৰাগেই লিখা.. তাতটো স্পষ্টকৈ উল্লেখ আছে.. অনুৰাগে পোন্ধৰ বছৰৰ আগতেই চুইচাইড কৰিছে । মোৰ কিন্তু বৰ ভয় লাগিছে চাৰ..। ঘৰ পৰিবাৰ থকা মানুহ.. চন্দ্ৰমিতা চলিহাৰ দৰে আমাকো যদি ভূতে আহি মাৰি পেলাই ।
কেচটো আত্মহত্যাৰ কেচ বুলিয়েই এৰি দিয়ক । নলগা জেংত কিয় লাগি ল’ব লাগে..! চন্দ্ৰমিতা চলিহাৰ ঘৰৰ মানুহেতো হত্যাকাণ্ড বুলি কেচ ফাইল কৰা নাই ।

নাথৰ কথা শুনি গৰজি উঠে ইন্সপেক্টৰ ইমদাদুল হুছেইন ।
:- অহ প্লিজ… ষ্টপ অল ডিজ ন’নচেন্স নাথ । এইটো কলিজা লৈ আপুনি পুলিচৰ চাকৰি কৰিব আহিছে..? নিজৰ প্ৰাণৰ ভয়ত আপুনি এতিয়া মিচ চলিহাৰ মৃত্যুৰ সত্য জানিবলৈ ও আগ্ৰহী নহয়..? এই টুৱেন্টি ফাৰ্ষ্ট চেনচুৰিত থাকি আপুনি ভূত প্ৰেত বিশ্বাস কৰিছে..?
মইতো এই মৃত্যুৰ ঘটনাটোত বেলেগ ৰহস্যৰ হে গোন্ধ পাইছো । অনুৰাগ ইমান বছৰে নিখোজ হৈ আছে..। ক’ত গ’ল, কি হ’ল.. কোনেও ঘুনাক্ষৰেও একো নাজানে..। কিজানি অনুৰাগৰ মৃত্যু হোৱাই নাই..। কিজানি ক’ৰবাত আত্মগোপন কৰিয়েই আছিল ইমান বছৰে..!

:- মানে কি ক’ব বিচাৰিছে চাৰ..?
এইবাৰ সুৰজিত চলিহাই আচৰিত হৈ হুছেইনক প্ৰশ্ন কৰে ।

:- আই থিংক ইটচ আ মাৰ্ডাৰ কেচ । হি ডিড ডা মাৰ্ডাৰ জাষ্ট টু টেক ৰিভেঞ্জ ।
টেবুল খনত আঙুলিৰে টোকৰ দি .. এক প্ৰকাৰৰ নিশ্চিন্ত হোৱাৰ দৰেই কথা কেইটা ক’লে হুছেইনে ।

:- ইয়েছ.. ডেট ইচ প’চিবল । হয়তো বাউদেউয়ে.. অনুৰাগৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই ইমান বছৰৰ পিছত ও প্ৰতিশোধ ল’বলৈকে বাইদেউক সি বিচাৰি আহিছিল । আৰু গোটেই ঘটনাটোৰ নাটকীয় ৰূপ দিবলৈকে.. চিঠিখনৰ আশ্ৰয় লৈছে..।

:- আই থিংক চ’ ..। আৰু সেই সত্যখিনি উদ্ঘাটন কৰিবলৈকে আমি অনুৰাগৰ ঘৰলৈ যাব লাগিব । হোৱাট ইউ চে..?

:- ব’লক চাৰ । মইও বিচাৰো ঘটনাটো আত্মহত্যাই হওক । বাউদেউক কোনোবাই হত্যা কৰিছে.. সেইটো মই মানি ল’বলৈকে টান পাম । নোৱাৰিম সহিব । কিন্তু যদিহে আপুনিয়ে মইয়ে ভবাৰ দৰে.. এইটো প্ৰকৃততে এটা হত্যাকাণ্ড আৰু ই অনুৰাগৰ দ্বাৰাই সংঘটিত হৈছে.. মই নিশ্চয় বিচাৰিম দোষীয়ে উপযুক্ত শাস্তি পাওঁক ।

:-ডেন.. লেটচ গ’.. । আমি দেৰি নকৰাই ভাল ।
নাথ.. গাড়ী উলিওৱাক । আমি এতিয়াই অনুৰাগৰ ঘৰলৈ যাব লাগিব ।

সুৰজিতৰ লগত কথা হৈ.. অতি শীঘ্ৰে ইন্সপেক্টৰ হুছেইনে.. হাবিলদাৰ নাথক লগত লৈ .. চন্দ্ৰমিতা আৰু অনুৰাগৰ চহৰলৈ বুলি ৰাওনা হয়..।

সুৰজিত চলিহাই ইতিমধ্যে.. পৰিবাৰ তৃষাক.. সকলোবোৰ খবৰ জনাই.. মাক দেউতাকৰ পৰা চন্দ্ৰমিতাৰ মৃত্যুৰ খবৰটো গোপনে ৰাখিবলৈ অনুৰোধ কৰে । লগতে অনুৰাগৰ ঘৰলৈ ইন্সপেক্টৰ হুছেইন.. ইনভেষ্টিগেচনৰ বাবে যোৱা খবৰটো ও .. কোনেও যাতে গম নাপাই.. তাৰ বাবে বিশেষভাৱে লক্ষ্য ৰাখিবলৈ ও সকীয়াই দিয়ে ।

পশ্চিম আকাশত তেতিয়া বেলি ডুবাৰ সময়…। লাহে লাহে পৃথিৱীৰ বুকুলৈ আন্ধাৰ নামি আহিছে ..। দিনটোৰ ব্যস্ততা.. লগতে বায়েকৰ মৃত্যুত… বুকুত জ্বলি থকা সন্তাপৰ জুই কুৰাই .. মানসিক ভাৱে দুৰ্বল কৰি তুলিছিল সুৰজিত চলিহাক ।
তাৰ বিপৰীতে.. ইন্সপেক্টৰ ইমদাদুল হুছেইন..। আচৰিত ভাবে এনাৰজেটিক মানুহজন..! তেওঁক দেখি আচৰিত হৈছে সুৰজিত চলিহা । বয়সৰ ফালৰ পৰা পঞ্চাশৰ দেওনা পাৰ কৰা হুছেইনৰ চকু মুখত অলপ ও ক্লান্তিৰ চিন নাই । তেওঁৰ মন মগজুত এতিয়া কেৱল চন্দ্ৰমিতাৰ মৃত্যুৰ কথাটোয়েই হে ক্ৰিয়া কৰি আছে..। ঘটনাটোৰ প্ৰকৃত সত্য ফাদিল নকৰালৈকে তেওঁক যেন ভাগৰেও চুব নোৱাৰে.. । একান্ত মনেৰে নিজৰ মাজতে কথাবোৰ জুকিয়াই.. মাজে মাজে চন্দ্ৰমিতাৰ হাতৰ পৰা উদ্ধাৰ হোৱা চিঠিখন ঘূৰাই পকাই চাই চাই.. তেওঁ লক্ষ্য স্থানত উপনীত হ’বলৈ সন্মুখৰ অকোৱা পকোৱা ৰাস্তাত নিজৰ দৃষ্টি নিবন্ধ ৰাখিছে ।

যিমানেই লক্ষ্য স্থানৰ ওচৰ চাপি আহিছে.. সিমানেই হাবিলদাৰ কমল নাথৰ গাড়ীৰ ষ্টেয়াৰিংত ধৰি থকা হাত দুখন কঁপিব ধৰিছে । বাধ্যত পৰি হে তেওঁ আজি.. এই মিচনটোত.. সুৰজিত চলিহা আৰু ইন্সপেক্টৰ হুছেইনৰ সহযাত্ৰী হৈছে । তেওঁ অ’ভাৰ চিঅ’ৰ..চন্দ্ৰমিতা চলিহাৰ অস্বাভাৱিক মৃত্যু.. অনুৰাগৰ আত্মাৰ দ্বাৰা সংঘটিত এক হত্যাকাণ্ড..। যাৰ সত্য উদ্ঘাটন কৰা কাৰো পক্ষে সম্ভৱ নহ’ব ।
তথাপিও..মনলৈ সাহস গোটাই.. ঈশ্বৰকে চিন্তি কমল নাথে আগলৈ বুলি গাড়ী খন চলাই নিছে..।
চন্দ্ৰমিতা আৰু অনুৰাগৰ গৃহ চহৰলৈ.. প্ৰায় বাৰ কিলোমিটাৰ মান পথৰ দূৰত্ব বাকী ৰওতেই.. হঠাৎ গাড়ীখন এখন চাহ বাগানৰ মাজত.. বিকট শব্দ কৰি ৰৈ যায়..। জনপ্ৰাণীহীন চৌদিশ তেতিয়া …সম্পূৰ্ণ আন্ধাৰৰ কৱলত ।

চিলমিলকৈ টোপনি অহা .. সুৰজিত চলিহা..শব্দটো শুনি খকমক কৈ সাৰ পাই উঠে..। ইন্সপেক্টৰ হুছেইনে.. ধুনীয়াকৈ চলি থকা গাড়ীখনত.. হঠাৎ কি বিসংগতিয়ে দেখা দিলে উমান ল’ব যত্ন কৰি গাড়ীৰ পৰা নামি আহোতেই.. তেওঁৰ শৰীৰৰ সোঁ ফালে এক শীতল স্পৰ্শৰ অনুভৱ কৰে..। এনে লাগে..কিবা যেন এক সৰীসৃপে হে তেওঁৰ ভৰিৰ পৰা মুৰলৈকে বগুৱা বাই উঠি গৈছে..। হাতেৰে চুই হুছেইনে সেই স্পৰ্শ আচলতে কিহৰ বুজিব যত্ন কৰে.. ।
নাই .. একো নাই ।

এইবাৰ কমল নাথ ও ভয়ে ভয়ে.. হাততে টৰ্চ লাইট এটা লৈ গাড়ী খনৰ সন্মুখত ঠিয় হয়.. আৰু গাড়ীৰ ব’নেট খন খুলি ইঞ্জিনৰ ফালে পোহৰ পেলাই.. গাড়ীখন ৰৈ যোৱাৰ কাৰণটো নিৰ্ধাৰণ কৰিব যত্ন কৰে ।
সেই একে হিম শীতল স্পৰ্শ এটা.. এইবাৰ.. নাথে ও নিজৰ দুই গাল আৰু হাতৰ আঙুলি বোৰত অনুভৱ কৰে । ক্ষন্তেকৰ বাবে জঠৰ হৈ পৰে তেওঁৰ হাত দুখন । জোৰ কৰিও মুখেৰে..এটাও শব্দ উচ্চাৰণ কৰিব নোৱাৰি তেওঁ চটফটাই উঠে..। কিবা যেন এক অদ্ভুত শক্তিয়ে অলপ ও লৰচৰ কৰিব নোৱাৰাকৈ তেওঁক বান্ধি পেলাই..। উশাহবোৰ চুটি হৈ পৰে তেওঁৰ..। সৰ্বশৰীৰ ঘামি জেপজেপিয়া হৈ পৰে..।
গাড়ীৰ পিছফালে..চৌপাশৰ পৰিবেশ লক্ষ্য কৰি থকা ইমদাদুল হুছেইনে গমেই পোৱা নাছিল.. হাবিলদাৰ কমল নাথৰ এই অৱস্থাৰ বিষয়ে.. । এপাকত গাৰ সমস্ত বল প্ৰয়োগ কৰি.. সেই অদৃশ্য শক্তিৰ পৰা মুক্ত হৈ..দৌৰি আহি..ইন্সপেক্টৰ হুছেইনক গ’পা মাৰি ধৰে নাথে …

~~ চাৰ… ভূ…. ত..
অস্ফুস্ত শব্দৰে.. গেঙনিৰ দৰে মাতটো উলিয়াই.. গাড়ীৰ সন্মুখলৈ আঙুলি টোৱাই…নাথে হুছেইনক বুজাব যত্ন কৰে ..



                                     ( ৪ )


কমল নাথক.. সেই অৱস্থাত দেখা পাই.. স্বাভাৱিকতে অলপ শংকিত হৈ পৰিল ইন্সপেক্টৰ হুছেইন । কি হৈছে এইয়া..? ক্ষণিক সময়ৰ আগতে.. সেই একে ধৰণৰ ভৌতিক অনুভৱে তেওঁকো জানো বিচলিত কৰা নাছিল..? এক হিম শীতল স্পৰ্শত.. তেওঁ ও জানো এক লহমাৰ বাবে হ’লেও উচপ খাই উঠা নাছিল..? সঁচাই আছে জানো কোনো অশৰীৰি সত্বাৰ অস্তিত্ব … ? নে এইয়া অনুৰাগৰ বিষয়ে.. ইমান সময় মনতে পুহি ৰখা ভ্ৰম.. ?

ভয়তে কঁপি থকা নাথক.. তেওঁ জোৰকৈ সাৱটি ধৰি সকাহ দিব যত্ন কৰিলে ।
:- কি হৈছে নাথ..? কিয় ইমান ভয় কৰিছে..? আমি আছো নহয় আপোনাৰ লগত..। সৌৱা চাওক.. একো নাই দেখোন তাত..।

নিজৰ ম’বাইলৰ টৰ্চ লাইটটোৰেই যৎসামান্য পোহৰ কৰি.. গাড়ীৰ সন্মুখ ভাগলৈ দেখুৱাই.. নাথক আশ্বস্ত কৰিবৰ প্রয়াস কৰিলে হুছেইনে । সুৰজিত চলিহা ও দুয়োৰে ওচৰ চাপি আহি..কমল নাথৰ আচলতে কি হৈছে.. বুজিবৰ চেষ্টা কৰিলে ।
হুছেইনৰ গাতে লিপিত খাই.. কমল নাথে মুখেৰে বিৰবিৰাব ধৰিলে ..
:-  বিশ্বাস কৰক চাৰ .. আমি কিবা অপশক্তিৰ কৱলত পৰিছো । আমাক ও মাৰি পেলাব সেই শক্তিয়ে..। আমি আৰু জীয়াই নাথাকো..। উভটি ব’লক চাৰ..। উভটি ব’লক । অনুৰাগৰ আত্মাই বিচৰা নাই.. তেওঁৰ মৃত্যুৰ সত্য ফাদিল হওক..। অনুৰাগৰ আত্মাই বিচৰা নাই.. চন্দ্ৰমিতা চলিহাৰ অপমৃত্যৰ বিষয়ে আমি তদন্ত কৰো..।
উফফ… কি ভয়ানক সেই অনুভৱ চাৰ । মই বৰ্ণনা কৰিবলৈ ও অপাৰগ .. সেই শক্তিৰ কৱলত পৰি মোৰ কি হৈছিল..। মোৰ কেনে লাগিছিল…!  মই যেন মৃত্যুৰ দুৱাৰ দলিৰ পৰা হে উভটি আহিছো..। মোৰ হাত ভৰিবোৰ অচল হৈ পৰিছিল..। কোনোবাই যেন মোৰ ডিঙিতে.. সমস্ত শক্তিৰে চেপি ধৰিছিল । মই উশাহ লবলৈ বৰ কষ্ট পাইছিলো চাৰ..। মোৰ উশাহ বন্ধ হৈ গৈছিল..। চকুৰ আগৰ ক’লা বোৰে গিলি পেলাইছিল মোৰ সৰ্বশৰীৰ..মোৰ সমগ্ৰ সত্তা..। মই বুজাব নোৱাৰো চাৰ..  মই নোৱাৰো আপোনাক বুজাই ক’ব সেই অনুভৱ.. ।

ফোঁপাব ধৰিলে কমল নাথে..। জোৰকৈ বতাহ অলপ বুকুৰ ভিতৰলৈ উজাই লব যত্ন কৰিলে..। টানি টানি উশাহতো লৈ.. তেওঁ যেন জীয়াই থকাৰ চেষ্টাহে অব্যাহত ৰাখিছে..।

:- কাম ডাউন নাথ.. কাম ডাউন .. । মই বিশ্বাস কৰিছো আপোনাৰ কথাবোৰ..। আপুনি অলপ শান্ত হওকচোন । মনলৈ সাহস আনক । দুৰ্বল মন আৰু দুৰ্বল শৰীৰক যি কোনো অনুভূতি বা যি কোনো ৰোগেই তীব্ৰ ভাবে ক্ৰিয়া কৰি যায় । মনত ভয় ৰাখিলেই… আমি এইধৰণৰ ভৌতিক কাৰ্য্য- কলাপৰ দ্বাৰা ও সহজে আক্ৰান্ত হৈ পৰো ..।
ঈশ্বৰৰ নাম লওক..। সৰ্বশক্তিমানৰ কৃপা থাকিলে..কোনো অপশক্তিয়েই আমাক আক্ৰমণ কৰিব নোৱাৰে । সেই চুপ্রিম পাৱাৰৰ ওপৰত বিশ্বাস ৰাখক । আমি সকলো ঠিকে থাকিম । একো নহয় আমাৰ ।

হাবিলদাৰ কমল নাথৰ পিঠিতে চপৰিয়াই.. অলপ সাহস দিব যত্ন কৰি.. গাড়ীৰ চিটত তেওঁক বহুৱাই দিলে ইন্সপেক্টৰ ইমদাদুল হুছেইনে ।
হঠাতে সংঘটিত হোৱা .. সেই অস্বাভাৱিক ঘটনাটোত থতমত খাই ৰ’ল সুৰজিত চলিহা.. । নাথৰ হাত দুখনতে খামুচি ধৰি তেওঁ ও নাথৰ কাষতে বহি পৰিল ।
ফুল টেংকী পেট্ৰল থকাৰ পিছত ও… কোনো ধৰণৰ যান্ত্ৰিক বিজুটি নোহোৱাকৈ.. গাড়ী খন সেই জনপ্ৰাণীহীন.. বাগান খনৰ মাজত .. ঘপহকৈ কিয় ৰৈ গ’ল.. কাৰণটো বিচাৰি সুৰজিত চলিহাও ভীতিগ্ৰস্ত হৈ পৰিল ।
তেওঁ এইবাৰ নিজেই গাড়ী খন ষ্টাৰ্ট দিব যত্ন কৰিলে..। চাবিতো পকাই.. ক্লাটছত ভৰি থৈ.. ষ্টেয়েৰিঙত হাত দিলে তেওঁ..। কিন্তু গাড়ীখন ষ্টাৰ্ট নহ’ল । বহুবাৰ চেষ্টা কৰিলে সুৰজিত চলিহাই.. গাড়ীখন ষ্টাৰ্ট কৰিবলৈ.. । কিন্তু প্ৰতিবাৰেই বিফল হ’ল.. । অৱশেষত.. বহু প্ৰচেষ্ঠাৰ অন্তত .. এপাকত গাড়ীখনে ঘেৰ.. ঘেৰ ..কৈ শব্দ কৰি উঠিল ।
গাড়ীখন ষ্টাৰ্ট হোৱা দেখি সুৰজিত চলিহাৰ মুখখন উজ্জ্বলি উঠিল । সেই সময়ত এনে লাগিল..যেন এটা ডাঙৰ বিপদৰ পৰা হে উদ্ধাৰ হ’ল তিনিও..।
আলেঙে – আলেঙে সকলোবোৰ লক্ষ্য কৰি থকা ইন্সপেক্টৰ হুছেইন ও গাড়ীখনৰ কাষ চাপি আহি ড্ৰাইভিঙ চিটটোৰ কাষতে বহি ল’লে.. । কমল নাথে ঈশ্বৰকে চিন্তি.. সুৰজিত চলিহাক ধন্যবাদ জনাই.. গাড়ীখন ঘূৰাই ল’বলৈ অনুৰোধ জনালে । কোনোপধ্যে তেওঁ.. অনুৰাগৰ ঘৰলৈ যাবলৈ মান্তি নহয়.. । ইন্সপেক্টৰ হুছেইনে..চন্দ্ৰমিতাৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ নিৰ্মিত্তে..অনুৰাগৰ ঘৰলৈ গৈ.. প্ৰকৃত সত্য জানিবলৈ.. যদিও দৃঢ় সংকল্প লৈ পেলাইছিল.. কমল নাথৰ আচৰনে কিন্তু তেওঁক এইবাৰ বিপাঙত পেলালে । ভয়তে কঁপি থকা মানুহজনৰ.. ইচ্ছাৰ বিপৰীতে কিবা এটা কৰিবলৈও মনে তেওঁক বাধা দিলে । ইফালে লক্ষ্য স্থানৰ ইমান ওচৰ চাপি.. উভটি যোৱাৰ ও সমূলি ইচ্ছা নাই তেওঁৰ । সুৰজিত চলিহাই ও ষ্টেয়াৰিংত হাত থৈ.. ইন্সপেক্টৰ হুছেইনৰ আদেশৰ বাবে অপেক্ষা কৰি ৰ’ল ।

আৰু তেনেকুৱাতে.. প্ৰচণ্ড গাজনি – বিজুলীৰে আকাশখন গৰজি উঠিল । কজলা আন্ধাৰবোৰ ফালি..চকু চাৎ মাৰি ধৰা পোহৰৰ ৰশ্মিবোৰে.. মুহূৰ্ত্বৰ বাবে মনিব পৰা কৰি তুলিলে.. নীৰৱ নিতাল ঠাইখিনিৰ.. চৌপাশৰ পৰিবেশ । দূৰ দুৰলৈকে চাহ গছৰ সেউজীয়া বোৰৰ বাদে বেলেগ একোৱেই চকুত নপৰিল তিনিওৰে । বিজুলীৰ চমকনিত.. চাহগছৰ মাজে মাজে থকা ওখ গছবোৰ একো একোটা দানবৰ দৰে দেখা গ’ল ।
ইমান ফৰকাল আকাশখনক.. অকস্মাতে চানি ধৰা কলীয়া ডাৱৰবোৰ দেখি হাবিলদাৰ কমল নাথ শিয়ৰি উঠিল । তেওঁৰ যেন মনৰ ভ্ৰম ..এইবাৰ সত্য প্ৰতিপন্ন হ’ল ।
চকু দুটা জোৰকৈ মুদি গাৰ জোৰেৰে চিঞৰিব ধৰিলে নাথে..

:- চলিহা .. অলপ ও দেৰি নকৰিব । প্লিজ গাড়ী ঘূৰাই লওক । আপোনালোকে কিয় বুজা নাই.. এইয়া যে কোনো অপশক্তিৰে ক্ৰিয়া কলাপ । কিয় ভাবি চোৱা নাই.. হঠাৎ কিয় নো আকাশখন ওন্দোলাই উঠিল । কাবৌ কৰিছো .. ঘূৰি যাওঁ ব’লক । প্ৰাণটো বচাও ।

কমল নাথৰ অনুৰোধত.. এখন্তেক ও পলম নকৰি ইন্সপেক্টৰ ইমদাদুল হুছেইনে… সুৰজিত চলিহাক গাড়ীখন ঘূৰাই ল’বলৈ ক’লে । আচলতে.. হাবিলদাৰ নাথৰ বাবে চিন্তাত পৰিল তেওঁ ।

নিজৰ ঘৰ অভিমুখী ৰাস্তাটো ও আজি চলিহাৰ বাবে যেন খুব অচিনাকী হৈ পৰিছে । আগুৱাই যাবলৈ বা .. ” একো নহয়.. ব’লক চাৰ.. । আৰু অলপ দূৰ হে আছে… আমি ঘৰ পামেগৈ দিয়ক । এই বাগানখন খুব ধুনীয়া । আমি অহা যোৱা কৰিয়েই থাকো নহয়..”  বুলি তেওঁলোকক বিশ্বাস দিবলৈ ও নিজৰ সাহসবোৰ কৰবাত যেন হেৰুৱাই পেলাইছে তেওঁ..। সেই ঠাইখিনিৰ পৰা যিমান সোনকালে পাৰে.. আঁতৰি যোৱাই যেন সকলোৰে বাবে মংগল.. । তাকে ভাবি চলিহাই.. ইমান পৰে ষ্টাৰ্ট দি ৰখাই থোৱা গাড়ীখনৰ ..গিয়েৰ সলাই..ক্লাটছ এৰোতেই.. গাড়ীখনে জপিওৱাৰ দৰে.. অদ্ভুত শব্দ  কৰি… ঠাইতে ৰৈ গ’ল ।

এইবাৰ কিন্তু হাজাৰ প্ৰচেষ্ঠাত ও গাড়ীখন ষ্টাৰ্ট নহ’ল । মূৰৰ ওপৰত তেতিয়া বিজুলীৰ নাচোন ..। কান তাল মাৰি ধৰা গাজনি আৰু তাৰ লগে লগে প্ৰচণ্ড বৰষুণ এজাক । সেই জয়াল পৰিবেশটোৱে.. অন্তৰাত্মা কঁপাই দিলে সুৰজিত চলিহা আৰু কমল নাথৰ । গাড়ীৰ ভিতৰতে নিজকে বন্দী কৰি.. আইনাৰে বাহিৰলৈ চাই.. ঈশ্বৰকে চিন্তি বহি থাকিল দুয়ো ।

আৰু তেতিয়াও.. পোন্ধৰ বছৰৰ আগৰ চিঠিখন.. অতি গৰ্বেৰে পিন্ধি লোৱা পুলিচৰ সাজ যোৰৰ.. পকেটৰ পৰা উলিয়াই.. হাতৰ মুঠিত লৈ ..নিজৰ দায়িত্ব আৰু কৰ্তব্যক সুঁৱৰি.. কিবা এটা উচিত সিদ্ধান্ত লোৱাৰ মানসেৰে নিজৰ মাজতে ভাব বিভোৰ হৈ সময় কটাব ধৰিলে .. ইন্সপেক্টৰ হুছেইনে ।
বাৰে বাৰে তেওঁৰ মনলৈ আহিল.. সচাঁকৈ অনুৰাগৰ আত্মাই এইবোৰ কৰি আছে নেকি বাৰু..? আছে নেকি ভূত – প্ৰেত বা অপশক্তি..? ঈশ্বৰৰ শক্তিক ও মষিমূৰ কৰিব পৰাকৈ শ্ৰেষ্ঠ হয় জানো সেই ভৌতিক অনুভৱ ..? আজি যিবোৰ ঘটনা তেওঁলোকৰ লগত ঘটিছে.. এইয়া স্বাভাৱিক হয় নে..? যদি স্বাভাৱিক.. একো বিসংগতি নোহোৱাকৈ চলি থকা গাড়ী খন কিয় মাজ ৰাস্তাতে ৰৈ গ’ল ..? কি আছিল সেই হিম শীতল স্পৰ্শ..? কি হৈছিল প্ৰকৃততে কমল নাথৰ লগত ..?
উত্তৰ বিহীন হাজাৰটা প্ৰশ্নই.. মগজুত ক্ৰিয়া কৰিব ধৰিলে হুছেইনৰ..। লগতে.. মজিয়াত তলমুৰকৈ পৰি ৰোৱা.. চন্দ্ৰমিতা চলিহাৰ নিথৰ দেহাটোৰ ছবি খন ও চকুৰ আগত ভাঁহি আহিল তেওঁৰ… ।

ম’বাইলত সময়তো চালে হুছেইনে.. । পোহৰ হ’বলৈ তেতিয়াও বহু পৰ বাকী..। গাড়ীখনৰ পিছৰ চিটটোত..হয়তো ভয়তে.. কুচি মুচি শুই পৰিছিল কমল নাথ । নাথক দেখি ভালেই পালে ইন্সপেক্টৰ হুছেইনে..। মানুহজন ভীতিগ্ৰস্ত..। খুব বেছি অশান্ত হৈ পৰিছে..।  শুই থকাই ভাল । অন্ততঃ অলপ সময়ৰ বাবে.. সেই ভৌতিক অনুভৱবোৰৰ পৰা আঁতৰি থাকিব পাৰিব ।

আনফালে সুৰজিত চলিহাই.. হনুমান চালিশা খন গুণগুণাই.. একেথৰে বাহিৰলৈ চাই ৰৈছে..। বিজুলীৰ পোহৰত.. সুৰজিত চলিহাৰ ভীতিগ্ৰস্ত চকুহাল.. আৰু টোপা টোপে সৰি পৰা ঘামৰ টোপালবোৰ স্পষ্টকৈ দেখা পালে… ইন্সপেক্টৰ হুছেইনে ।


অস্থিৰ হৈ পৰিল তেওঁ ..
খং উঠিল নিজৰ ওপৰতে..
জানিবৰ তীব্ৰ বাসনা জন্মিল…
কোন এই অনুৰাগ.. ? এক অতৃপ্ত আত্মা.. নে তেওঁলোকৰ মনৰ ভ্ৰম…?

                    

                                     (৫ )


~~ চকুৰ টিপ নমৰাকৈ ওৰে নিশা.. পোহৰলৈ অপেক্ষা কৰি বহি থাকিল তেওঁলোক । বিজুলী.. গাজনিৰ প্ৰকোপ কমিছিল যদিও.. ধাৰাসাৰ বৰষুণত গোটেই ৰাতিটো গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ থাকিল..। ভাগৰুৱা হৈ পৰিল দুয়ো.. । পেটৰ ভোক আৰু পিয়াঁহত লেবেজান হৈ পৰিল । যি দুবটল পানী গাড়ীৰ ভিতৰত মজুত আছিল.. ইতিমধ্যে সেইখিনি ও শেষ হৈছিল । আচলতে..ইয়াৰ আগলৈকে..এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱাই নাছিল এজন ও ।
তথাপিও.. যথেষ্ট শান্ত.. সৌম্য.. হৈ বহি ৰৈছিল ইন্সপেক্টৰ ইমদাদুল হুছেইন.. । তাৰ বিপৰীতে..বিঘ্নহৰ্তা গণেশ বন্দনাৰে.. নিজকে সান্তনা দিব যত্ন কৰিছিল সুৰজিত চলিহাই । সৰুতে মাকে কোৱা কথাষাৰ বাৰে বাৰে তেওঁৰ কৰ্ণকুহৰত বাজিব ধৰিছিল..
” কেতিয়াবা দুঃস্বপ্নই ভীতিগ্ৰস্ত কৰিলে অন্তৰেৰে ঈশ্বৰক সোঁৱৰিবি সোনটো । প্ৰাৰ্থনাৰ বহুত মাহাত্ম্য আছে । শুদ্ধ মনেৰে কৰা প্ৰাৰ্থনা.. ঈশ্বৰে শুনিবই । তোৰ মনতো শান্ত হৈ পৰিব । “
কিন্তু এইয়া যে কোনো দুঃস্বপ্ন নহয়.. । এইয়া তেওঁৰ জীৱনৰ সত্য । এটা জয়াল ৰাতিত.. এখোজো আগ পিছ কৰিব নোৱাৰাকৈ তেওঁ আজি বন্দী হৈ ৰৈছে এখন সৰু চাৰিচকীয়া গাড়ীত। নিজকে সাহসী বুলি ইমান দিনে ভাবি আহিছে যদিও.. আজি ভূত.. প্ৰেত.. বা কোনো অপশক্তিক বিশ্বাস কৰি.. কঁপি উঠিছে তেওঁ ।
ৰাতিটো যেন শেষেই নোহোৱা হ’ল । ইমান দীঘলীয়া যেন লাগিছে..! বাৰে বাৰে ইন্সপেক্টৰ হুছেইনে.. ম’বাইলটো অন কৰি সময়ৰ উমান লৈছে । সময়.. ৰৈ থকা নাই.. । ঠিকেই চলি আছে ঘড়ীটো । চেকেণ্ড..মিনিট..ঘণ্টাবোৰ ঠিকেই পাৰ হৈ গৈছে..। মাথোঁ অন্ত পৰা নাই অপেক্ষাৰ মুহূৰ্ত্ববোৰৰ হে ।

লাহে লাহে.. ঘটিমিটিয়া আন্ধাৰবোৰ ফালি.. পূব আকাশত দুই এডাল পোহৰৰ ৰশ্মিৰ উদ্ভৱ হ’ল । বেলিটোয়ে..কমলাবুলীয়া ৰঙেৰে চকুৰ আগত ধৰা দিলে হি । ৰাতিৰ প্ৰচণ্ড বৰষুণজাক ও পোহৰ হোৱাৰ লগে লগে ক্ষান্ত হৈ পৰিল ।পূব আকাশত উদিত সুৰুজক দেখি.. একেথিৰে আকাশলৈ চাই ৰোৱা সুৰজিত চলিহাৰ দুচকু উজ্বলি উঠিল ।

এটা নতুন দিনৰ লগতে..যেন পুনৰ জী উঠিছে তেওঁলোক… ! এটা নিশাই কেনেকৈ যে দুৰ্বিসহ কৰি তুলিছিল তিনিওৰে জীৱন কেইটা.. । ভাবিয়েই শিহৰিত হৈ উঠিছে চলিহা ।

কমল নাথ তেতিয়াও টোপনিত লালকাল । ইন্সপেক্টৰ ইমদাদুল হুছেইন গাড়ীৰ দৰ্জা খন খুলি বাহিৰলৈ নামি আহিল । কেইটামান প্ৰভাতী পক্ষীয়ে কিচিৰ মিচিৰ শব্দৰে নীৰৱতা ভংগ কৰি..মুখৰিত কৰি তুলিলে পৰিবেশটো । চাহ গছৰ পাতবোৰে.. বৰষুণৰ পৰশত যেন প্ৰাণ পাই উঠিছে..। ইমান ভাল লগা এই সজীৱতা.. এই সেউজীয়াবোৰ..! পিচে ৰাতিৰ অন্ধকাৰত কিমান যে ভয়ানক হৈ উঠিছিল বাগানখন.. বাগানৰ ভিতৰৰ ওখ ওখ গছবোৰ..। হেঁপাহ পলুৱাই সেই সজীৱতাবোৰক বুকুলৈ উজাই ল’লে হুছেইনে ।
সুৰজিত চলিহা আৰু কমল নাথক.. সাহস দিবলৈকে.. দেখুৱাই সৱল হৈ আছিল যদিও.. নিশাৰ ঘটনাবোৰে ইন্সপেক্টৰ হুছেইনক ও আচলতে বিব্ৰত কৰি তুলিছিল । তেওঁৰ সাহসী মনটোও কোনোবা সময়ত দুৰ্বল হৈ পৰিছিল । মনৰ ভিতৰতে হুছেইনে ঈশ্বৰক সুঁৱৰি.. নেদেখাজনলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলে ।

সুৰজিত চলিহাই কমল নাথক হেচুকি জগাই.. মনৰ ফুৰ্তি প্ৰকাশ কৰিলে.. ।
:- নাথ উঠক.. চাওক এইয়া পোহৰ হ’ল । আমি সুৰক্ষিত নাথ..। বতৰ ও মুকলি হৈছে চাওকচোন ।
উঠক নাথ.. উঠক ।

চলিহাৰ মাতত খকমক কৈ উঠি বহিল হাবিলদাৰ কমল নাথ । চকু দুটা মোহাৰি চাৰিওফালে চাই.. প্ৰশান্তিৰ হাঁহি এটা ওঁঠ যুৰিত বিয়পাই ল’লে তেওঁ.. আৰু বাহিৰলৈ ওলাই আহি এটা সৰু ল’ৰাৰ দৰে জপিয়াই জপিয়াই ইফালে সিফালে দৌৰিব ধৰিলে । যেন মৃত্যুৰ মুখৰ পৰা বাচি আহি.. মুকলি আকাশৰ তলত হে উশাহ লৈছে তেওঁ । ইমান পৰে মনত পুহি ৰখা ভয়বোৰ ও যেন উৰা মাৰিলে ক’ৰবালৈ । দৌৰি আহি গাড়ীখনত লাগি থকা চাবিতো পকাই দিলে তেওঁ..। লগে লগে গাড়ীখন ষ্টাৰ্ট হ’ল ।
কি আচৰিত.. গোটেই ৰাতি ইমান যত্ন কৰাৰ পিছত ও.. ষ্টাৰ্ট নোহোৱা গাড়ীখন.. এতিয়া ইমান সহজে ষ্টাৰ্ট হৈ গ’ল..! তিনিও ইজনে সিজনৰ মুখলৈ চাই.. মনত উদয় হোৱা প্ৰশ্ন কিছুমানৰ যেন উত্তৰ বিচাৰিব ধৰিলে ।
ইন্সপেক্টৰ হুছেইনে.. নাথক পিছত বহিবলৈ কৈ..নিজেই ড্ৰাইভিং চিটত বহি ল’লে..। তেওঁ জানিছিল নাথক এতিয়া অলপ মানসিক বিশ্ৰামৰ প্ৰয়োজন.. কাৰণ গোটেই ৰাতি কুচি মুচি..ভয়তে লেবেজান হৈ পৰি আছিল মানুহজন..। মনৰ ভয় এতিয়াও সম্পূৰ্ণৰূপে আঁতৰ হোৱা নাই নাথৰ । আনহাতে সুৰজিত চলিহা ও বৰ্তমান ক্লান্ত.. অৱশ ।

ড্ৰাইভিং চিটত বহি..অলপ পৰ কিবা এটা ভাবি.. ইন্সপেক্টৰ হুছেইনে কমল নাথক প্ৰশ্ন কৰিলে..
:- নাথ.. লক্ষ্যস্থানলৈ ১২ কিলোমিটাৰ থাকোতে আপুনি.. আগুৱাই ন’গৈ.. ১৩৪ কিলোমিটাৰ পিছুৱাই ঘূৰি যাব বিচাৰিব নে.. লক্ষ্যস্থানলৈ গৈ উদ্দেশ্য সফল কৰাত আগ্ৰহ প্ৰকাশ কৰিব ? মই মোৰ সিদ্ধান্ত জাপি দিব নিবিচাৰো.. কিন্তু আপোনাৰ পৰা নিশ্চয় জানিব বিচাৰিম । কওক চোন ।

কমল নাথে সুৰজিত চলিহালৈ চালে..। চলিহা যে নিশ্চিত ৰূপে ঘৰলৈকে যাব বিচাৰিব তাত কোনো সন্দেহ নাই । ইন্সপেক্টৰ হুছেইনেও অনুৰাগৰ ঘৰলৈ গৈ.. চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ সত্য নিৰূপন কৰাৰেই… ইচ্ছা পোষন কৰিব সেইওয়া ও ধুৰূপ । গতিকে তেওঁ অকলে এটা সিদ্ধান্ত লোৱা উচিত হ’ব জানো..? নিজৰ খাকী পোচাক যোৰলৈ ও চকু গ’ল তেওঁৰ.. । কৰ্তব্য আৰু দায়িত্বৰ পথ চোৱাত.. কোনো বাধাকে নামানিবলৈ দৰাচলতে সংকল্পবদ্ধ তেওঁলোক । পিছ হুহুকি নিজৰ দুর্বলতাক প্ৰশ্ৰয় দিয়াটো যথোচিত কেতিয়াও নহয় ।
অগত্যা মনলৈ সাহস গোটাই তেওঁ অনুৰাগৰ ঘৰলৈ যাবলৈকে মন মেলিলে । দিনৰ পোহৰবোৰে তেনে এটি সিদ্ধান্ত লোৱাত যথেষ্ট  সাহস দিলে তেওঁক ।

ফৰকাল হৈ পৰিল.. ইন্সপেক্টৰ ইমদাদুল হুছেইনৰ মনটো । মুকলি মন এটাৰে তেওঁ গাড়ী আগবঢ়াই নিলে অনুৰাগৰ ঘৰলৈ বুলি..। যিমানেই আগুৱাই গ’ল.. পোহৰৰ তীব্ৰতা ও বাঢ়ি আহিল । সন্মুখত এতিয়া..সকলোবোৰ স্পষ্ট হৈ পৰিছে । আঁতৰত দুই এখন বাগানৰ গাড়ী ও চকুত পৰিল । ৰাস্তাত ও দুই এজন মানুহে প্ৰাত:ভ্রমনৰ বাবে ওলাই আহিছে.. ।
কিন্তু আচৰিত ভাৱে.. আধা কিলোমিটাৰ মান আগুৱাই অহাৰ পিছৰে পৰা..  ৰাতিৰ ইমান জাক বৰষুণৰ কোনো উম ঘাম দেখা নাপালে তেওঁলোকে । ৰাস্তাৰ ধূলিবোৰ কুণ্ডলী পকাই উৰিব ধৰিলে । এইয়া সম্ভৱ জানো..?
সেই প্ৰচণ্ড বৰষুণজাকে.. সেই কাণ তাল মৰা বিজুলী গাজনিবোৰে.. অকল আধা কিলোমিটাৰৰ ব্যাসাধ্যক হে সামৰি লৈছিল নে..?

অপশক্তি সমূহ.. নিশাৰ অন্ধকাৰত বোলে অধিক সক্ৰিয় হৈ উঠে..। আশে পাশে কোনো অপশক্তিৰ ছায়া থাকিলে.. সেই ঠাইখিনিৰ বাতাবৰণ অদ্ভুত ধৰণে সলনি হয়..। হয়তো খুব বেছি ঠাণ্ডা হৈ পৰে নাইবা অতি বেছি গৰম হৈ উঠে । ভৌতিক ঠাইবোৰত বৈদ্যুতিক তৰঙ্গবোৰ ও বেছিকৈ অনুভৱ হয়.. ।

ইন্সপেক্টৰ হুছেইন আৰু কমল নাথে অনুভৱ কৰা সেই হিম শীতল স্পৰ্শ.. অতিমাত্ৰা গৰমত ঘামি জেপজেপিয়া হৈ পৰা সুৰজিত চলিহা.. বিজুলীৰ ভয়লগা নাচোনবোৰ… এইবোৰ কিবা অপশক্তিৰ প্ৰভাৱতেই ঘটা ঘটনা আছিল নেকি বাৰু..?

ভূত প্ৰেতক বিশ্বাস নকৰিলেও.. আত্মাৰ অস্তিত্বক বিশ্বাস কৰি চাব মন গ’ল ইন্সপেক্টৰ হুছেইনৰ..। বিজ্ঞান সত্যৰ ওপৰত প্ৰতিষ্ঠিত..। বিজ্ঞানৰ লগত যদিও আত্মাৰ অস্তিত্বৰ কোনো সম্পৰ্ক নাই.. কিন্ত্ত যুগ যুগ ধৰি… আধ্যামিকতাবাদে আত্মাৰ অস্তিত্বক বিশ্বাস কৰি আহিছে ।
আত্মা হ’ল এক ঈশ্বৰিক সত্বা.. । আধ্যামিকতাৰ আৱৰণত সোমাই থকা ই এক গভীৰ জৈৱমনঃস্ততিক চেতনা । সেই গভীৰ চেতনাবোধটো আমাৰ মানসিক চেতনাৰেই এক অংশ। যাক মানুহে ভূত প্ৰেতৰ আখ্যা দিব বিচাৰে । গতিকে আত্মাৰ অস্তিত্বই কেতিয়াবা অজানিতে ক্ৰিয়া কৰি যাব পাৰে আমাৰ মন মগজুত । যোৱা নিশাৰ সেই অস্বাভাৱিকতা ও হয়তো অনুৰাগৰ অতৃপ্ত আত্মাই অনুভৱ কৰোৱা এক মানসিক চেতনা আছিল ।
ইন্সপেক্টৰ হুছেইনে নিজৰ ভিতৰতে কথাবোৰ জুকিয়াই চালে..। মনটো গধুৰ হৈ পৰিল তেওঁৰ ।

কথাবোৰ চিন্তা কৰি থাকোতেই তেওঁলোক আহি অনুৰাগৰ ঘৰৰ ওচৰত উপস্থিত হ’ল হি । পিচে .. সকলোৰে আলোচনা মৰ্মে .. প্ৰথমে সুৰজিত চলিহাৰ ঘৰতে ক্ষনিক বিশ্ৰাম লোৱাৰ কথা চিন্তা কৰিলে তেওঁলোকে…।

                          
      
                                       (৬ )


বাহিৰত গাড়ী ৰোৱাৰ শব্দ শুনি ঢপলিয়াই ওলাই আহিল সুৰজিত চলিহাৰ পত্নী তৃষা । গোটেই ৰাতিটো.. তেওঁ ও বৰ চিন্তাতে পাৰ কৰিলে । আধা ঘণ্টাৰ ভিতৰতে গৈ পামগৈ বুলি লাষ্ট ফোন ক’লটোত খবৰ দিয়া মানুহজনৰ লগত.. ওৰেটো নিশা.. কোনো ধৰণৰ যোগা-যোগ হোৱা নাই । প্ৰতি পাচঁ মিনিটৰ অন্তৰে অন্তৰে তৃষাই হয়তো ফোন কৰি চাইছিল সুৰজিত চলিহালৈ.. । বাৰে বাৰে মোবাইল চুইটছ অ’ফ দেখুৱাইছিল । এনেকুৱা সময়বোৰত  ভাল চিন্তা এনেই ও মনলৈ নাহে..। তাতে আগৰাতি ঘৰ খনৰ একমাত্ৰ ছোৱালীজনীৰ সেই অস্বাভাৱিক মৃত্যুৰ ঘটনাটো সংঘটিত হৈছে …।
যিয়েই নহওঁক.. ঘৰৰ চোতালত ইন্সপেক্টৰ হুছেইন.. হাবিলদাৰ কমল নাথ সহ সুৰজিত চলিহাক গাড়ী খনৰ পৰা সুকলমে নামি অহা দেখা পাই হে তৃষাৰ মনটো ভাল লাগিল  ।

থুলমুলকৈ তৃষাক.. নিশাৰ ঘটনাবোৰৰ বৰ্ণনা দি.. সুৰজিত চলিহাই ইন্সপেক্টৰ হুছেইন আৰু নাথৰ বাবে লৰালৰিকৈ খোৱাৰ যোগাৰ কৰিব ক’লে । ভাগৰে তিনিওকে হেঁচা মাৰি ধৰিছিল । তথাপিও এতিয়া আৰাম কৰাৰ সময় একেবাৰেই নহয় । ইন্সপেক্টৰ হুছেইনৰ প্ৰথম আৰু একমাত্ৰ উদ্দেশ্যই হ’ল.. অনুৰাগৰ ঘৰলৈ গৈ.. চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ প্ৰকৃত সত্যৰ বুজ লোৱা । মানুহগৰাকীয়ে যে আত্মহত্যা কৰা নাই সেইয়া নিশ্চিত.. । পিছে তেওঁক হত্যা কৰা হৈছে বুলিও দেখোন হুছেইনৰ মনে মানি ল’ব বিচৰা নাই । কাৰণ, মুখেৰে প্ৰকাশ কৰা নাই যদিও ইতিমধ্যে তেওঁ মানি লৈছে.. চন্দ্ৰমিতা চলিহাৰ.. কোনো জীৱিত ব্যক্তিৰ হাতত প্ৰাণ যোৱা নাই । এইয়া প্ৰকৃততে অনুৰাগৰ অতৃপ্ত আত্মাৰ দ্বাৰাই সংঘটিত হৈছে । কিন্তু এইয়া জানো সম্ভৱ..?
সেই গোপন সত্যটো উদ্ঘাটনৰ বাবেই অনুৰাগৰ বিষয়ে সবিশেষ জনাতো ভীষণ জৰুৰী হৈ পৰিছে ।

বাহিৰৰ কোঠাত কাৰোবাৰ কথোপকথন শুনা পাই.. সুৰজিত চলিহাৰ মাতৃ.. থৰক বৰক খোজেৰে সেইখিনি পালেহি ।

:- কোন আহিছে অ’ বোৱাৰী । আমাৰ মিতা নেকি..?  যোৱাকালিৰে পৰা ছোৱালীজনীলৈ বৰকৈ মনত পৰি আছে দেখোন । জানো পাই.. ঠিকে আছে নাই । বহুত দিন ঘৰলৈ ও অহা নাই.. ।
মাকৰ মন..। সন্তানৰ বিপদৰ উমান জন্মদাত্ৰী মাতৃ গৰাকীয়ে আগতিয়াকৈ গম পাই চাগৈ । সেয়েহে.. ঢাল এখনৰ দৰে ঠিয় দি.. সন্তানক সেই বিপদৰ পৰা ৰক্ষা কৰিবলৈ যত্নবান হয় তেওঁ । কিন্তু আজি এগৰাকী মাতৃয়ে নোৱাৰিলে ঢাল হৈ একমাত্ৰ জীয়েকক মৃত্যুৰ মুখৰ পৰা বচাই আনিব । আনকি.. জীয়েক যে বৰ্তমান এই পৃথিৱীত নাই.. সেই বিষয়ে ও একো উমানেই পোৱা নাই মানুহগৰাকীয়ে..।

বোৱাৰীয়েক তৃষাক উদ্দেশ্যি… মাকে কোৱা কথাখিনি শুনা পাই.. পুলিচৰ ড্ৰেচ পৰিহিত..হুছেইন আৰু নাথক দেখা পালে তেওঁৰ মনত সন্দেহ জাগিব পাৰে বুলি…চলিহাই লৰালৰিকৈ মাকক সেই খিনিৰ পৰা ওভোটাই আনিলেগৈ । চকুৰে ভালদৰে মনিব নোৱাৰে যদিও…ওচৰৰ পৰা দেখিলে..দুজনকৈ পুলিচ বিষয়াক.. মাকে যে ভালদৰেই চিনি পাব.. জানিছিল তেওঁ ।

:- মিতা নাই অহা মা..। মোৰ হে অফিচৰ বন্ধু দুজন আহিছে । তুমি দেউতাৰ ওচৰতে থাকগৈ যোৱা । মিতালৈ ফোন কৰি মই তাইৰ খবৰ ল’ম বাৰু।
দুচকু ভৰি পৰিল সুৰজিত চলিহাৰ..। মাক বাপেকক তেওঁলোকৰ একমাত্ৰ জীয়ৰীৰ মৃত্যুৰ বিষয়ে.. সকলোবোৰ জনাবই লাগিব । কিন্তু এই মুহূৰ্ত্বত তেওঁ প্ৰকৃত সত্য উদ্ঘাটনলৈ বাট চোৱাৰ কথাই ভাবিছে ।

তৃষাই যুগুতাই দিয়া চাহ কাপ হাতত লৈ সোহা মাৰোতেই.. ইন্সপেক্টৰ ইমদাদুল হুছেইনৰ ফোনটো বাজি উঠিল । কাপটো থৈ.. তেওঁ পকেটৰ পৰা ফোনটো উলিয়াই ল’লে । চন্দ্ৰমিতা চলিহাৰ প’ষ্ট মৰ্টেমৰ  ৰিপৰ্টতো জনাই.. হস্পিটেলৰ পৰা ডাক্তৰ মেধিয়ে ফোন কৰিছে ।
ৰিপৰ্ট মতে মিচ চলিহাৰ ইন্টাৰনেল ইঞ্জিউৰী আছিল । বাহিৰৰ পৰা চকুত পৰা ধৰণে একোৱেই নাছিল যদিও.. তেওঁৰ স্পেইনেল ক’ৰ্ড ডাল.. দুটুকুৰা হৈ ভাঙি আছিল । এনে লাগিছিল.. যেন তেওঁৰ ডিঙিত পিছফালৰ পৰা কোনোবাই খুব জোৰেৰে প্ৰহাৰ কৰিছিল..। যাৰ ফলত তেওঁ মুখ খন তললৈ কৰি পৰি গৈছিল । সেই হিচাপত ..তেওঁৰ মুখমণ্ডল.. গুৰুতৰ ভাবে জখম হ’ব লাগিছিল । পিছে মিছ চলিহাৰ দেহত কোনো ধৰণৰ জখমৰ চিন পৰিলক্ষিত নোহোৱা বিষয়টোত.. স্বাভাৱিকতে বিপাঙত পৰিছে তেওঁলোক । আনকি .. তেওঁৰ নিথৰ শৰীৰটোত বা তেওঁৰ লাচটো উদ্ধাৰ হোৱা কোঠাটোত দ্বিতীয় কোনো ব্যক্তিৰ ফিংগাৰ প্ৰিন্ট ও পোৱা হোৱা নাই ।

তাৰোপৰি মিচ চলিহাৰ মেডিকেল ৰিপৰ্টত.. তেওঁ এগৰাকী নিৰোগী মহিলা বুলিয়েই উল্লেখ আছে । পঞ্চলিশৰ দেওনা পাৰ কৰিলে যদিও.. প্ৰেচাৰ, থাইৰয়ড বা ডায়েবেটিচৰ দৰে বেমাৰে তেওঁক আক্ৰমণ কৰিব পৰা নাই । তেনেস্থলত.. মুখৰ পৰা ফেন ওলাই থকা কথাটোতও বিপাঙত পৰিছে.. প’ষ্ট মৰ্টেমৰ দায়িত্বত থকা টিমতো..।

দৰাচলতে এটা হেলডি লাইফত অভ্যস্ত..  এগৰাকী বিন্দাচ মহিলা আছিল চন্দ্ৰমিতা চলিহা । অকলশৰীয়া আছিল যদিও কোনো ধৰণৰ ডিপ্ৰেচনৰ চিকাৰ হোৱা নাছিল তেওঁ । সদায় হাঁহি ফুৰ্তিৰে.. এটা স্বাস্থ্যকৰ পৰিবেশত তেওঁ নিজকে খাপ খোৱাই লৈছিল । সেইখিনি কথা তেওঁৰ প্ৰতিবেশী সকলৰ পৰাই হওক বা.. তেওঁৰ সহকৰ্মী বন্দিতা বৰুৱা নাইবা ডেলিভাৰী বয় সমৰ আৰু চলিহাৰ মৃত শৰীৰটোৰ প্ৰথম জন প্ৰত্যক্ষদৰ্শী সেই হ’কাৰ জন নৃপেন.. সকলোৰে মুখে.. ইতিমধ্যে শুনা পাইছে হুছেইনে ।
ডঃ মেধিক.. মিচ চলিহাৰ লাচটো তেওঁলোকৰ জিম্মাতে ৰাখিব কৈ.. ম’বাইলটো পকেটত ভৰোৱাৰ চলেৰে আকৌ এবাৰ.. সেই পোন্ধৰ বছৰীয়া পুৰণি চিঠিখন পকেটৰ পৰা উলিয়াই একে উশাহে পঢ়ি পেলালে তেওঁ.. ।
” মোৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয়.. । মই তোমালৈ অপেক্ষা কৰিম মিতা.. “
লাইন কেইটাত কেইবাবাৰ ও চকু ফুৰালে তেওঁ..।

অনুৰাগ.. এটা যেন জটিল সাঁথৰ..।

পোন্ধৰ বছৰৰ আগতে আচলতে কি ঘটিছিল অনুৰাগৰ জীৱনত ? ক’ত হেৰাই গ’ল তেওঁ..? যদি চিঠিত উল্লেখ কৰাৰ দৰে.. তেওঁৰ ইতিমধ্যে মৃত্যু ঘটিছে… কিয় কথাটো কোনেও গম পোৱা নাই ? কিয় উদ্ধাৰ নহ’ল ইমান বছৰে তেওঁৰ শৰীৰটো…? নে চিঠিৰ কথাবোৰ মিছা..। অনুৰাগ এতিয়াও জীয়াই আছে.. আৰু চন্দ্ৰমিতাক নিজৰ কৰিব নোৱাৰি.. প্ৰতিশোধৰ জুই কুৰাত জ্বলি পুৰি..  অৱশেষত তেওঁক হত্যাই কৰি পেলালে..? যদি হত্যাই কৰিলে.. চন্দ্ৰমিতাৰ শৰীৰত কিয় প্ৰকট নহ’ল.. কোনোবাই হত্যা কৰিলে স্বাভাৱিকতে থাকিব লগা চিন মোকামবোৰ..?

অনুৰাগ কি… সঁচাই এক অতৃপ্ত আত্মা ।

জগতৰ জটিলতাৰ যেন কোনো দিনাই অন্ত নপৰিব । বিজ্ঞান যিমানেই আগবাঢ়ি গৈ আছে জগতৰ জটিলতায়ো যেন সমানে সমানে ফেৰ মাৰি গৈ আছে। এটা ৰহস্যৰ উদ্ঘাটনৰ লগে লগে আন দহটা ৰহস্যই হাত বাউল দি মাতে । অনুৰাগে ও যেন হুছেইনক আৰু এক গভীৰ ৰহস্যৰ গাণ্ডীলৈ ঠেলা মাৰি সোমোৱাই নিছে..!

প’ষ্ট মৰ্টেম ৰিপৰ্টতোয়ে বহু কথাই স্পষ্ট কৰি দিলে হুছেইনক । এতিয়া সেইখিনি সত্য বুলি.. তথ্য সহিত প্ৰমাণ পালে হে.. চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ ৰহস্য ফাদিল হ’ব ।

ডঃ মেধিৰ ফোন ক’লটোয়ে একপ্ৰকাৰে অস্থিৰ কৰি তুলিলে ইন্সপেক্টৰ হুছেইনক । চাহ কাপ আধা খোৱাকৈ এৰি.. নাথক গাড়ীলৈ আহিবলৈ কৈ.. নিজেই ড্ৰাইভিং চিটত বহি ল’লে তেওঁ । পিছে পিছে কমল নাথ ও দৌৰি অহাদি আহি হুছেইনে ষ্টাৰ্ট দি ৰখা গাড়ী খনত উঠি ল’লে ..।

:- চাৰ.. কিবা সম্ভেদ পাইছে নেকি । এইদৰে খৰাখেদাকৈ ওলাই আহিল যে..?
সুধো নুসুধোকৈ .. ভয়ে ভয়ে কথাষাৰ সুধি.. ইন্সপেক্টৰ হুছেইনৰ মুখলৈ প্ৰশ্নবোধক চাৱনিৰে চাই ৰ’ল কমল নাথ..।

:- এতিয়া প্ৰতিটো মুহূৰ্ত্বই আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ নাথ । আমি আবাবত খৰছ কৰিব নোৱাৰো । এতিয়াই অনুৰাগৰ ঘৰলৈ যাব লাগিব । অনুৰাগৰ বিষয়ে নজনালৈকে.. এই কেচটোৰ মীমাংসা নহয় ।

তেনেকুৱাতে সুৰজিত চলিহাও খৰখেদাকৈ আহি গাড়ীখনৰ ওচৰ পালেহি । তেওঁ ও মনৰ কৌতুহল দমাব নোৱাৰি ইন্সপেক্টৰ হুছেইনৰ পৰা সেই বিশেষ ফোন ক’লটোৰ বিষয়ে জানিব বিচাৰিলে ।
:- চাৰ এনি থিং চিৰিয়াছ ..? আপুনি চাহ কাপ আধা খায়েই উঠি আহিল যে..?

:- ইয়েচ চলিহা.. ।
ডঃ মেধি ইনফ’ৰ্মস মি এবাউট ডা প’ষ্ট মৰ্টেম ৰিপৰ্ট এণ্ড ডা ৰিপৰ্ট চেইজ ডেট ডেয়াৰ ইজ চাম মেজ’ৰ ইন্টাৰনেল ইঞ্জিউৰী অন মিচ চলিহাজ বডী..। হাৰ স্পেইনেল ক’ৰ্ড ৱাজ ট’টেলি ব্ৰ’কেন এজ চামওৱান হিটছ হাৰ ফৰ্ম বেক ৱিথ চাম হেভি ইকুইপমেণ্টচ..। হি চাচপেক্টচ ডেট ইট ইজ আ মাৰ্ডাৰ কেচ । বাট ডা ষ্ট্ৰেনজ পাৰ্ট এবাউট ডা কেচ ইজ ডেট অল হাৰ ইঞ্জিউৰীজ ৱেৰ অ’নলি ইণ্টাৰনেল । ডেয়াৰ ৱাজ ন’ট ইভেন আ স্ক্ৰেট্স এট ডা বেক অৱ হাৰ নেক অ’ৰ অন ডা আডাৰ পাৰ্টচ অৱ হাৰ বডী  ..।

:- হাও ইজ ইট প’জিবল..?
বেক ব’ন ভাঙি গৈছে.. অথচ বাহিৰত কোনো ধৰণৰ চিন মোকাম নাই ..!

:- তাকেইতো আচৰিত । কেনেকৈ বিশ্বাস নহ’ব কওক এইয়া কোনো অপশক্তিৰে কাম বুলি । আৰে.. সদায় তথ্য আৰু যুক্তি খেদি ফুৰা মই হেন মানুহটোৰো যুক্তিৰ পাহাৰটো আজি খহি পৰিব ধৰিছে । দুই নাও দুই ভৰি অৱস্থা হৈছে মোৰ.. ।
ব’লকচোন বাৰু অনুৰাগৰ ঘৰলৈ  গৈ গম লওঁ কথাবোৰ ।

চিন্তাৰ সাগৰ এখন মনতে লৈ ইন্সপেক্টৰ হুছেইনে.. অনুৰাগৰ ঘৰ অভিমুখে গাড়ী চলাই নিলে । সুৰজিত চলিহাৰ ঘৰৰ পৰা কমেও তিনি কিলোমিটাৰৰ ব্যৱধানত অনুৰাগৰ ঘৰ খন । অসম আৰ্হিৰ ঘৰটোৰ সন্মুখত পৰিপাটিকৈ ৰখা..এখন সৰু ফুলনী । ঘৰটোৰ ঠিক কাষতে.. ৰাস্তাৰ পৰা চকুত পৰাকৈ এটা সৰু গোহালি ।
ইন্সপেক্টৰ হুছেইনে.. লোহাৰ গেট খনৰ সন্মুখত গাড়ীখন ৰখালে । সুৰজিত চলিহা নামি গৈ গেট খন খুলি দিওঁতেই ভিতৰৰ পৰা পঞ্চাশ উৰ্ধৰ.. মানুহ এজন ওলাই আহিল । পুলিচৰ গাড়ীখন সন্মুখত দেখি অলপ আচৰিতেই হ’ল তেওঁ । ইফালে সিফালে চাই মানুহজন গাড়ীখনৰ দিশে আগবাঢ়ি আহিল ।
তেখেতে কিবা কোৱাৰ আগতেই .. ইন্সপেক্টৰ হুছেইনে নিজেই প্ৰশ্ন কৰিলে..
:- আপুনি..? অনুৰাগৰ ককায়েক ..?

:- হয় চাৰ.. । মই অনুব্ৰত বৰুৱা । অনুৰাগ বৰুৱাৰ ককায়েক ..। কওকচোন পিচে কিয় আহিলে ? ভাইটিৰ কিবা সম্ভেদ পাইছে নেকি..? ক’ত আছে সি ..?
কৌতূহলেৰে সুধিলে অনুব্ৰত বৰুৱাই ।

:- আহকচোন ভিতৰলৈ..। কথা অলপ পাতিব ল’গা আছে ।
ইন্সপেক্টৰ হুছেইনে কথা কেইটা কৈ.. ভিতৰলৈ বুলি অগ্ৰসৰ হ’ল আৰু তেওঁক অনুসৰণ কৰি.. অনুৰাগৰ ককায়েক অনুব্ৰত বৰুৱা.. হাবিলদাৰ কমল নাথ আৰু সুৰজিত চলিহাও আগবাঢ়িল ।

গ্ৰীল লগোৱা সৰু বাৰাণ্ডা এখন পাৰ হৈ.. ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিলে তেওঁলোকে । দুৱাৰ মুখত ভৰি দিওঁতেই এক অবুজ শিহৰণত..জিকাৰ খাই গ’ল ইন্সপেক্টৰ হুছেইনৰ সৰ্বশৰীৰ । সেই হিমচেচাঁ বতাহ জাকে পুনৰ যেন চুই গ’ল তেওঁৰ সৰ্বশৰীৰ । হুছেইনে হাবিলদাৰ নাথ আৰু সুৰজিত চলিহালৈ মন কৰিলে । তেওঁলোকক নৰ্মেল যেনেই দেখা গ’ল ।
স্বভাৱজাত গাম্ভীৰ্য্যতাৰে.. তেওঁ ভিতৰলৈ সোমাই গ’ল.. আৰু ইফালে সিফালে চাই.. কোঠাটোত থকা চ’ফা খনত বহি পৰিল  । বিশেষ জাকজমক নোহোৱা কোঠাটোত দুখনমান পেইণ্টিংৰ লগতে.. দেখনিয়াৰ ডেকা ল’ৰা এজনৰ ফটো এখন ধুনীয়াকৈ বন্ধাই আঁৰি ৰখা হৈছে ।
ফটো খনলৈ চাই ইন্সপেক্টৰ হুছেইন নিশ্চিত হ’ল যে.. সেই যুৱক জন আন কোনো নহয়..। অনুব্ৰত বৰুৱাৰ ভায়েক.. চন্দ্ৰমিতা চলিহা হত্যাকাণ্ডৰ আনুমানিক অভিযুক্ত… অনুৰাগ বৰুৱাই হ’ব ।
তথাপিও..ফটো খনত চকু থৈ.. ইন্সপেক্টৰ হুছেইনে অনুব্ৰত বৰুৱাক সুধিলে..।

:- এখেত..?

:- মোৰ একমাত্ৰ ভাইটি অনুৰাগ বৰুৱা ।

:- ক’ত আছে তেওঁ ..?

:- যোৱা পোন্ধৰটা বছৰে সি সন্ধানহীন হৈ আছে চাৰ । ক’ত গ’ল.. কি হ’ল.. একো নাজানো.. । সি ঘৰ এৰি গুছি গৈছে ।

:- কেনেকৈ জানিলে.. তেখেতে ঘৰ এৰি গৈছে..! কি কাৰণত..? কিজানি তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে..। কিজানি এতিয়াও ক’ৰবাত আত্মগোপন কৰি লুকাই আছে..! অপনালোকে পুলিচক ৰিপৰ্ট কৰিছিল নে..?

:- নাজানো চাৰ..। সৰুৰে পৰা সি খুব কম কথা কৈছিল । অলপ লাজকুৰীয়া আছিল মোৰ ভাইটিতো । মা দেউতাৰ বৰ মৰমৰ আছিল সি । মনত থকাত…তাৰ লগত তেনে একোৱেই হোৱা নাছিল যে.. সি ঘৰ এৰি গুচি যাব লগা হ’ল । সি যোৱাৰ সময়ত .. দেউতাৰ বিচনাতে দুই শাৰীৰ চিঠি এখন লিখি থৈ গৈছিল । তেতিয়াহে আমি গম পাইছিলো.. সি যে গুচি গৈছিল ।
লগে লগে আমি পুলিচ থানাত ৰিপৰ্ট কৰিছিলো । তেওঁলোকেও একো সম্ভেদ উলিয়াব নোৱাৰিলে তাৰ ।
ইমান বছৰে ঘূৰি নহাত .. বৰ্তমান সি জীৱিত অৱস্থাত নাই বুলিয়েই মানি লৈছো আমি ।

কথা খিনি কৈ চকুৰ কোণ দুটা আঙুলিৰ মূৰেৰে হেঁচি ধৰিলে.. অনুব্ৰত বৰুৱাই ।

অলপ সময় নীৰৱে ৰৈ.. ইন্সপেক্টৰ হুছেইনে এইবাৰ সুৰজিত চলিহাক আঙুলিয়াই দেখুৱাই.. পুনৰ অনুব্ৰত বৰুৱাক প্ৰশ্ন কৰিলে..
:- এখেতক চিনি পাইছে নে..?

ক্ষণিক চলিহালৈ দৃষ্টি দি.. অনুব্ৰত বৰুৱাই দৃঢ়তাৰে কৈ উঠিল ।
:- পাইছো চাৰ..। এখেত ইয়াৰে । বিনোদ চলিহা খুৰাৰ ল’ৰা সুৰজিত । বহুত দিন দেখা-দেখি হোৱা নাছিল বাবে প্ৰথমে ধৰিব পৰা নাছিলো ।

সুৰজিত চলিহাই অনুব্ৰত বৰুৱালৈ চাই মিচিকিয়া হাঁহি এটিৰে.. তেওঁৰ অনুমান যে সত্য তাকে বুজাই কৈ উঠিল.. ।
:- হয় ওচৰতে থাকো যদিও.. কৰ্ম ব্যস্ততাই অচিনাকী যেন কৰি পেলাইছে আমিবোৰক । আপুনি ঠিকেই ধৰিব পৰিছে.. মই বিনোদ চলিহাৰ ল’ৰা সুৰজিত ।

:- তাৰ বাদেও এখেতৰ বেলেগ এটা চিনাকি ও আছে..। এখেতৰ বায়েক.. চন্দ্ৰমিতা চলিহা আপোনাৰ ভাইটিৰ ভাল বান্ধৱী আছিল ।
বৰ্তমান তেওঁ এই জগতত নাই । পৰহি নিশা.. তেখেতৰ মৃত্যু হৈছে আৰু দুৰ্ভাগ্যবশত:.. ইমান বছৰে সন্ধানহীন হৈ থকা আপোনাৰ ভাইটিৰ নাম এই দুৰ্ঘটনাটোৰ লগত জড়িত হৈ পৰিছে..।
তাৰেই তদন্তৰ বাবে.. আমি ইয়ালৈ আহিব লগীয়া হ’ল ।
ইন্সপেক্টৰ হুছেইনে থুলমূলকৈ তেওঁলোকৰ অহাৰ উদ্দেশ্য ব্যাখ্যা কৰি .. কোঠাটোৰ ইফালে সিফালে সন্ধানী দৃষ্টিৰে চাব ধৰিলে ।

:- কি কৈছে..  । অনুৰাগ এটা মৃত্যুৰ ঘটনাত জড়িত হৈ পৰিছে ..? মানে অনুৰাগ এতিয়াও জীয়াই আছে চাৰ..? তাক লগ পাইছে নেকি আপোনালোকে ?


                                ( ৭)

:- আচলতে তাকেই জানিবলৈকে ইয়ালৈ আহিব লগা হ’ল আমি ।
আচ্ছা.. কওকচোন কোন কোন আছে আপোনালোকৰ ঘৰত ।

ইন্সপেক্টৰ হুছেইনে এইবাৰ চ’ফা খনৰ পৰা উঠি.. অনুৰাগৰ ফটো খনৰ একেবাৰে তলতে ৰৈ.. ফটোখনত দৃষ্টি ৰাখি অনুব্ৰত বৰুৱাক প্ৰশ্ন কৰিলে ।

:- মা – দেউতা , মোৰ পত্নী আৰু ল’ৰা এটা । চাৰিটি প্ৰাণী আমাৰ ঘৰখনত ।

:- আপুনি কি কৰে..?

:- মই ভাৰতীয় খাদ্য নিগমৰ এজন কৰ্মচাৰী ।

:- অনুৰাগে ঘৰ এৰি যোৱা সেই বিশেষ দিনটোৰ কথা জনাব নেকি..। হঠাৎ এনে কি হৈছিল নো যে তেওঁৰ নিজৰ ঘৰ খনৰ প্ৰতিয়েই মোহভংগ হ’ল..! কি পৰিস্থিতিয়ে তেওঁক এনে কৰিবলৈ বাধ্য কৰিলে, কিবা অনুমান কৰিব পৰিছিল নে আপোনালোকে ?

:- আমি সকলো আচৰিত হৈছিলো চাৰ । অকল আমাৰ ঘৰখনেই নহয়.. আমাৰ মিতিৰ কুটুম্ব.. ওচৰ চুবুৰীয়া আনকি অনুৰাগক যি সকলে জানিছিল তেওঁলোক ও.. । সি সৰুৰে পৰা খুব আমায়িক আৰু নিৰ্জু প্ৰকৃতিৰ ল’ৰা আছিল । নিজৰ পঢ়া-শুনাৰ লগতে ব্যস্ত থাকিছিল । কিয় সি তেনে পদক্ষেপ লব ল’গা হ’ল.. এইয়া আমাৰ বাবে এতিয়াও দুৰ্ভেদ্য সাঁথৰ ।
সেই সময়ত অসমৰ সুৰক্ষাৰ স্বাৰ্থত.. বহুত ল’ৰাই আলফা স্বাধীন সংগঠনত স্ব-ইচ্ছাৰে যোগদান কৰিছিল । আমি ভাবি লৈছিলো সি ও চাগৈ সকলোৰে অজ্ঞাতে.. উক্ত সংগঠনতে যোগদান কৰিলে । কিন্তু সুদীৰ্ঘ পোন্ধৰ বছৰে… সি কোনো প্ৰকাৰে আমাৰ লগত যোগাযোগ নকৰা বিষয়টোয়েহে আমাক ভাবিবলৈ বাধ্য কৰিছে যে সি হয়তো জীয়াই থকা নাই ।

:- তেওঁ যে এখন চিঠি লিখি যোৱাৰ কথা কৈছিল..!
প্ৰশ্নবোধক চাৱনিৰে চাই ৰ’ল হুছেইনে অনুব্ৰত বৰুৱাৰ মুখলৈ ।

:- এতিয়াও আছে চাৰ। ৰ’ব মই দেখুৱাইছো ।
চিঠিখন আনিবলৈ বুলি ভিতৰৰ কোঠালৈ সোমাই যোৱা অনুব্ৰতক উদ্দেশ্যি ইন্সপেক্টৰ হুছেইনে তেখেতৰ ঘৰৰ বাকী কেইজন সদস্যক ও মাতি দিবলৈ অনুৰোধ জনালে ।
অনুব্ৰত বৰুৱাই হাততে সৰু কাগজৰ টুকুৰা এটা লৈ পিতৃ-মাতৃ, পত্নী-পুত্ৰ সহ ড্ৰয়িং ৰুমলৈ ওলাই আহিল আৰু ইন্সপেক্টৰ হুছেইনৰ হাতত চিঠিখন তুলি দিলে ।

” মই আহিলো দেউতা । মোৰ বাবে চিন্তা নকৰিব । মোক বিচাৰি ও নাযাব । ভালে থাকিব আপোনালোক ।”

দেউতাকক উদ্দেশ্যি লিখা মাত্ৰ দুশাৰীৰ চিঠিখনৰ হাতৰ আখৰবোৰ চন্দ্রমিতা চলিহাৰ লাচটোৰ লগত পোৱা চিঠিখনৰ লগত যেন বহুখিনি মিল আছে । মাত্ৰ এইখন চিঠিৰ আখৰ কেইটা পৰিপাটিকৈ লিখা আৰু আনখন চিঠি দেখি অনুমান হয়.. সেইখন যেন খুব অস্থিৰতাৰে খৰধৰকৈ কোনোবাই লিখি পেলাইছে । মনেৰে দুয়োখন অনুৰাগে লিখা বুলি বিশ্বাস কৰিলেও পুলিচে প্ৰমাণৰ ভিত্তিত হে কথাবোৰ মানি লয় । ইন্সপেক্টৰ হুছেইনে দুয়োখন চিঠি ফ’ৰেণ্সিক লেবেৰ’টৰিলৈ পঠোৱাৰ কথা ভাবিলে ।

অনুৰাগৰ মাক দেউতাকে ও অনুব্ৰত বৰুৱাই কোৱা একেখিনি কথাই ইন্সপেক্টৰ হুছেইনক জানিব দিলে । পোন্ধৰ বছৰৰ আগতে অনুৰাগে ঘৰ এৰি যাওঁতে অনুব্ৰত বৰুৱা অবিবাহিত আছিল । গতিকে তেওঁৰ পত্নীযে কথাবোৰ নীৰৱে শুনি ৰ’ল

এইবাৰ হাবিলদাৰ কমল নাথে সকলোকে আচৰিত কৰি হঠাৎ সুধি পেলালে..
:- আপোনালোকৰ ঘৰত ভূত ওলাই নে..?

নাথৰ কথাত ভয়াতুৰ দৃষ্টিৰে ইজনে সিজনৰ মুখলৈ চাব ধৰিলে । আৰু অনুব্ৰত বৰুৱাৰ দহ বছৰীয়া ল’ৰা.. কাম্যব্ৰতে কৈ উঠিল..
:- চাৰ.. কেতিয়াবা কিবা কিবি আচৰিত ঘটনা হৈ থাকে আমাৰ ঘৰত ।

:- মানে..?
ইন্সপেক্টৰ হুছেইন সচকিত হৈ উঠিল..

:- খুৰাৰ ৰূমটোত কিবা কিবি শব্দ হৈ থাকে । দিনত গম নাপাওঁ । ৰাতি শব্দবোৰ বেছি হয় । দেউতাই নিগনিয়ে খুৰাৰ বস্তু বোৰ কুটিছে বুলি মাজে মাজে ৰূমটো চাফা কৰি থাকে।  কিন্তু নিগনি নোলায় । নিগনীয়ে বস্তু কূটা হ’লে টুকুৰাবোৰতো পালো হয় ।
মই খুৰাৰ ৰূমতে পঢ়িবলৈ ল’ম বুলি ভাবিছিলো যদিও.. ভয়তে সেইটো ৰুমত সোমাবলৈকে বাদ দিলো ।

কাম্যব্ৰতৰ কথাখিনিৰ লগত অনুব্ৰত বৰুৱাই ও সহমত পোষণ কৰিলে ।
:- ল’ৰাটোৱে কোৱাখিনি মিছা নহয় । ভূতৰ কাম বুলি মনে নকয় যদিও ভাইটিৰ ৰূমটোৰ শব্দবোৰত কিন্তু ৰাতি প্ৰায়েই ভয় খাওঁ আমি ।  দিনত ইমান বিচাৰো যদিও.. শব্দৰ উৎসটো কি.. ক’ৰ পৰা শব্দবোৰ হয়.. একোৱেই অনুমান কৰিব নোৱাৰো ।

কমল নাথৰ কলিজা কঁপি উঠে । আগ নিশাৰ কথাবোৰ মনত পৰি ভয়তে কঁপিব ধৰে তেওঁ ।
ইন্সপেক্টৰ হুছেইনৰ কাণত ফুচফুচাই কয় নাথে..
:- চাৰ.. কৈছিলো নে আপোনাক । অনুৰাগৰ ভূতেই এইবোৰ সব কৰি আছে । ব’লক চাৰ.. ওলাই দিও আমি ইয়াৰ পৰা ।

হুছেইনে নাথক প্ৰত্যুত্তৰ নিদি অনুব্ৰত বৰুৱাক অনুৰাগৰ ৰূমটো দেখুৱাবলৈ অনুৰোধ কৰে ।
চ’ৰা ঘৰৰ পৰা ভিতৰলৈ সোমাই অলপ ডাঙৰ হল ঘৰ এটা । হল ঘৰটোৰ একেবাৰে মূৰত পাকঘৰটো । দুই কাষে ঘৰখনৰ সদস্য সকলৰ শোৱা কোঠা সমূহ । বাওঁ কাষে অনুব্ৰত বৰুৱাৰ শোৱনি কোঠাৰ লগতে যিটো ৰুম আছে সেইটোৱেই অনুৰাগৰ ৰুম ।
ইন্সপেক্টৰ হুছেইনৰ লগতে .. নাথ আৰু সুৰজিত চলিহাও ৰূমটোলৈ বুলি অগ্ৰসৰ হয় । ৰূমটোৰ দুৱাৰখন চিটকাৰি লগাই বন্ধ কৰি থোৱা হৈছিল । ইন্সপেক্টৰ হুছেইনে দুৱাৰখন লাহেকৈ মেলি দিয়ে ।
উফ …. ইমান ঠাণ্ডা । বাহিৰৰ তাপমাত্ৰাতকৈ অত্যন্ত শীতল হৈ আছিল কোঠাটো । উৎকট গৰমত ৰ’দৰ পৰা আহি .. এ.চি যুক্ত কোঠা এটাত সোমোৱা যেন হে অনুভৱ হ’ল তেওঁৰ ।  অলপ সংশয়েৰে.. ভিতৰলৈ সোমাই গ’ল ইন্সপেক্টৰ হুছেইন । কমল নাথ পিচে কোঠাটোৰ পৰা বহুখিনি আঁতৰতে ৰ’ল ।

খিৰিকীবোৰ বন্ধ থকাৰ বাবে আন্ধাৰে ঘেৰি ৰাখিছিল কোঠাটো । অনুব্ৰত বৰুৱাই লৰালৰিকৈ গৈ  খিৰিকী দুখন খুলি দিলে । বাহিৰৰ পৰা সোমাই অহা পোহৰবোৰে এইবাৰ স্পষ্ট কৰি দিলে  ভিতৰখন ।
এখন ষ্টাডি টেবুল.. এটা সৰু আলমিৰা আৰু কোঠাটোৰ ঠিক মাজতে এখন বিচনা । টেবুল খনত পৰিপাটিকৈ জাপি ৰখা আছিল কিতাপবোৰ .. আৰু এখন ফ্ল’ৰেল প্ৰিন্টৰ বিচনা চাদৰেৰে.. বিচনাখন ও সুসজ্জিত হৈয়েই আছিল । তাৰবাদে ৰূমটোত বিশেষ একো বস্তু নাছিল ।

ইন্সপেক্টৰ হুছেইন অনুৰাগৰ ষ্টাডি টেবুল খনৰ ওচৰতে ৰৈ.. টেবুলত জাপি ৰখা কিতাপবোৰৰ মাজৰ পৰা বহী এখন উলিয়াই ল’লে আৰু বহীখন মেলি লৈ তেওঁৰ হাতত থকা পোন্ধৰ বছৰৰ আগৰ চিঠি দুখনৰ লগত মিলাই চালে । মুখেৰে একো নামাতি , বহী খনৰ এটা পেইজ ফালি তেওঁ পকেটত ভৰাই থ’লে ।
এইবাৰ তেওঁৰ চকু আলমিৰাটোত পৰিল । সেইটো এনেই জপাই থোৱা আছিল । তেওঁ খুলি ল’লে আলমিৰাটো
। অনুৰাগৰ কাপোৰবোৰ পৰিপাটিকৈ জাপি থোৱা আছিল তাত । কাপোৰবোৰ এটা এটা কৈ ডাঙি চাওঁতে.. এখন পুৰণি গ্রুপ ফটো তেওঁৰ হাতত লাগিল । হয়তো কলেজৰ সৰস্বতী পূজাৰ ফটো আছিল সেইখন । ইন্সপেক্টৰ হুছেইনে ফটোখন ভালদৰে চাই অনুব্ৰত বৰুৱাক প্ৰশ্ন কৰিলে..

:- অনুৰাগৰ কোনোবা প্ৰেমিকা আছিল নে..? মানে তেওঁ কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল নেকি..?

:- নাই চাৰ । আমি জনাত তাৰ কোনো ছোৱালীৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাছিল । মই জনাইছিলো আপোনাক অনুৰাগ সহজে মানুহৰ লগত মিলি যাব নোৱাৰিছিল । বৰ লাজকুৰীয়া আছিল ল’ৰাটো ।
অনুব্ৰত বৰুৱাই ইন্সপেক্টৰ হুছেইনৰ সন্দেহক একে আষাৰে নাকচ কৰিলে ।

হুছেইনে ফটোখন সুৰজিত চলিহাৰ মুখৰ আগত ডাঙি ধৰিলে।

:- আপোনাৰ বাইদেউ চন্দ্ৰমিতা চলিহা আছে নে এই ফটো ক’পিত..?
দীঘল দুডাল বেণীৰে , লাহী দেহাৰে , মৰমল’গা ছোৱালী এজনীলৈ আঙুলিয়াই সুৰজিত চলিহাই কৈ উঠিল..

:- এইজনীয়েই মিতা বা ।

:- আচ্ছা বৰুৱা , এতিয়া কওঁ শুনক .. আপোনাৰ ভাইটি জীয়াই থকা নাই । মই এই কেচটোক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰিছিলো । মানি ল’বলৈ অসুবিধা হৈছিল মোৰ অনুৰাগ যে জীৱিত অৱস্থাত নাই । কিন্তু মোৰ ধাৰণা ভুল বিবেচিত হ’ল ।

অনুৰাগে গোপনে চন্দ্ৰমিতা চলিহাক ভাল পাই আহিছিল..  আৰু যি দিনা চন্দ্ৰমিতাক বিয়া পাতিবৰ বাবে এজন ল’ৰাই তেওঁক চাবলৈ আহিছিল , অনুৰাগ ভাঙি পৰিছিল । লাজকুৰীয়া অনুৰাগৰ সেই সাহসকন ও নাছিল যে তেওঁ চন্দ্ৰমিতাক কথাবোৰ জনাব । ফলত তেওঁ ঘৰৰ পৰা আঁতৰি গৈ.. আত্মহত্যা কৰিলে । ক’ত কেনেকৈ এই কামটো কৰি পেলালে তাৰ সম্ভেদ উলিওৱা ইমান বছৰৰ পিছত সম্ভৱ নহয় ।
কিন্তু তেওঁ সেই কথা এই চিঠিখনত উল্লেখ কৰি থৈ গ’ল । আৰু সুদীৰ্ঘ পোন্ধৰটা বছৰৰ অন্তত.. তেওঁৰ আত্মাই চন্দ্ৰমিতা চলিহাক হত্যা কৰি.. নিজৰ অতৃপ্ত বাসনাক পূৰন কৰিলে ।

বিশ্বাস কৰে নে এই আত্মাৰ কথাবোৰ ?
নকৰে নিশ্চয়.. ! মই ও দুদিন আগলৈকে বিশ্বাস কৰা নাছিলো । কিন্তু এতিয়া মই বাধ্য হৈ পৰিলো বৰুৱা ।
আপোনাৰ দেউতাৰ নামত লিখা অনুৰাগৰ চিঠিখন, চন্দ্ৰমিতা চলিহাৰ হাতত উদ্ধাৰ হোৱা কাগজৰ টুকুৰাতো আৰু আজি এইমাত্ৰ অনুৰাগৰ বহীখন মেলি যি কেইটা আখৰ দেখিলো.. আই এম হান্দ্ৰেড পাৰচেণ্ট চিঅ’ৰ যে… সেই আখৰবোৰ অনুৰাগৰেই হয় । পিচে আমি তথ্যৰ ভিত্তিত হে সিদ্ধান্ত লওঁ। আখৰবোৰ অৱশ্যেই ফ’ৰেণ্সিক লেব’ লৈ পঠোৱা হ’ব ।

এইবুলি পকেটৰ পৰা চন্দ্ৰমিতা চলিহাৰ হাতৰ মুঠিত উদ্ধাৰ হোৱা পোন্ধৰ বছৰৰ আগৰ চিঠিখন অনুব্ৰত বৰুৱালৈ আগবঢ়াই দিলে ইন্সপেক্টৰ ইমদাদুল হুছেইনে ।
চিঠিখন পঢ়ি .. মূৰে কপালে হাত দি অনুৰাগৰ বিচনাখনতে বহি পৰিল.. অনুব্ৰত বৰুৱা ।
কি শুনিছে তেওঁ এইয়া..! অনুৰাগৰ অতৃপ্ত আত্মাই চন্দ্ৰমিতা চলিহাক হত্যা কৰিছে ?  বিচনা চাদৰ খনতে দুই হাতে খামুচি ধৰিলে তেওঁ ।

হঠাৎ বিচনা খনৰ পৰা এটা বাদুলি ক’ৰ পৰা..কেনেকৈ জানো উৰা মাৰি আহি অনুব্ৰত বৰুৱাৰ হাতখনতে কোবাই দিলেহি আৰু খোলা দুৱাৰেদি ওলাই আহি ধপধপাই দূৰৈত ৰৈ.. কথাবোৰ শুনি থকা কমল নাথক ও খুন্দিয়াই দিলেহি ।

সকলো আচৰিত হ’ল..। ইমান সময় কোঠাটোত কাৰো দৃষ্টিতে নপৰা বাদুলিটো.. বিচনাখনত ক’ৰ পৰা ওলাল..? তেওঁলোকে  বাদুলিটোক অনুসৰণ কৰি কোঠাটোৰ পৰা ওলাই আহিল ।
বাদুলিটোৱে চ’ৰাঘৰৰ ৱালত ওলোমাই থোৱা অনুৰাগৰ ফটো খনত প্ৰচণ্ড জোৰেৰে কোব মাৰি.. সকলোৰে চকুৰ আগতে আন্তৰ্ধান হৈ পৰিল ।
অনুৰাগৰ ফটোখনৰ আইনাৰ ফ্ৰেমটো মজিয়াত ঠেকেচা খাই চনচন কে ভাঙি সিঁচৰতি হৈ পৰিল ।চকুৰ পচাৰতে শূন্যত মিলি যোৱা বাদুলিটো আৰু মজিয়াত পৰি ৰোৱা ভঙা গ্লাছৰ টুকুৰাবোৰে বিস্ময়াম্বিত কৰি তুলিলে সকলোকে ।

এইয়াই কি অনুৰাগৰ আত্মা.. ?
ইমান দিনে ঘৰৰ মানুহকেইজনৰ অজ্ঞাতে.. নিজৰ কোঠাতে তাৰমানে বিচৰণ কৰি ফুৰিছিল অনুৰাগৰ অপাৰ্থিৱ শৰীৰে..?  ৰাতি শুনা অস্বাভাবিক শব্দবোৰ.. কোঠাটোৰ ভিতৰৰ হিম শীতল অনুভৱ বোৰ .. কি আছিল আচলতে ?

নীৰৱ হৈ পৰিল পৰিবেশটো । কাৰো মুখেৰে এটা ও শব্দ উচ্চাৰণ হোৱা নাই । এক ভৌতিক অনুভৱে আচ্ছন্ন কৰি ৰাখিছে সকলোকে ।
নীৰৱতা ভংগ কৰি ইন্সপেক্টৰ হুছেইনে নিজকে কোৱা দি কৈ উঠিল…  ডা কেচ ইজ চ’লভদ ।

:- অনুৰাগৰ অতৃপ্ত আত্মাই চিৰদিনলৈ লৈ গুছি গ’ল চন্দ্ৰমিতা চলিহাক । দুটা অপাৰ্থিৱ শৰীৰৰ মিলন ঘটিল । আৰু একো চিন্তা বা ভয়ৰ কাৰণ নাই । আপোনালোকে যথাৰীতি আপোনালোকৰ নিয়ম পালি শ্ৰাদ্ধ বিধিৰ কাম খিনি কৰক । তেহে তেওঁলোকৰ আত্মাৰ মুক্তি হ’ব ।

নাথ.. আমাৰ কাম হৈ গ’ল । আমি যাব পাৰো । লাষ্ট এটা কামেই আছেগৈ.. চিঠি কেইখন ফ’ৰেণ্সিক লেব’লৈ পঠোৱা । মই আচলতে সকলো ক্ষেত্ৰতে হান্দ্ৰেড পাৰচেণ্ট চিঅ’ৰ হৈ থাকিব বিচাৰো ।

চলিহা .. মা দেউতাক খবৰ দিয়ক গৈ । সন্তানৰ সকলোবোৰ কথা.. জনাৰ অধিকাৰ আছে তেওঁলোকৰ । ক’ব .. তেওঁলোকৰ জীয়ৰী এতিয়া আপোনজনৰ সান্নিধ্যৰে সুৰক্ষিত । মৃত্যুতে শেষ হৈ যোৱা নাই সকলোবোৰ.. এই ঘটনাই হয়তো অনুৰাগ আৰু চন্দ্ৰমিতাৰ মৃত্যুৰ সিপাৰে আৰম্ভ হোৱা এক নতুন অধ্যায়ৰ সূচনা কৰিছে । দুটা অপাৰ্থিৱ শৰীৰ..মনৰ অতৃপ্ত বাসনা বোৰৰ  পূৰণৰ হেতু শূন্যত মিলি গৈছে ।
টেক এভৰিথিং প’জিটিভলি .. ।

ব’লক নাথ.. ।

পিছলৈ এবাৰো নোচোৱাকৈ.. খৰ খোজেৰে ইন্সপেক্টৰ ইমদাদুল হুছেইন অনুৰাগৰ ঘৰৰ পৰা ওলাই আহি গাড়ীত বহিলে হি । কমল নাথে গাড়ী ষ্টাৰ্ট দিলে । তেনেকুৱাতে ইন্সপেক্টৰ হুছেইনৰ ম’বাইলটো বাজি উঠিল । ফোনটো ৰিছিভ কৰি গম্ভীৰ সুৰেৰে হুছেইনে কমল নাথক চন্দ্ৰমিতাৰ বাসগৃহৰ অভিমুখে গাড়ী চলাবালৈ কৈ নিজেই গাড়ীৰ চিটত গাটো এৰি আৰামেৰে বহি ল’লে ।

তিনি ঘণ্টাৰ দীঘলীয়া যাত্ৰাৰ অন্তত নাথে গাড়ী .. চন্দ্ৰমিতা চলিহাৰ দুকোঠালীৰ ঘৰটোৰ মুখত ৰখাই দিলে । কিন্ত্ত কি আচৰিত…আগদিনা নাথে নিজেই তলা লগাই যোৱা ঘৰটোৰ গেটখন আৰু মুখ্য দুৱাৰখন ও দেখোন দুফাল কৈ মেল খাই আছে..।
অলপো আচৰিত নোহোৱাকৈ ইন্সপেক্টৰ হুছেইন খোলা গেট আৰু দুৱাৰেদি ঘৰটোৰ ভিতৰলৈ সোমাই গ’ল । আগদিনা চন্দ্ৰমিতাৰ নিথৰ শৰীৰটো পৰি ৰোৱা ঠাই খনতে আকৌ এখন কাগজৰ টুকুৰা ভাঁজ খাই পৰি থকা দেখা পাই.. হুছেইনে সেইখন মজিয়াৰ পৰা তুলি ল’লে । কাগজৰ ভাঁজ কেইটা খুলি  তাত লিখা কথাকেইটা পঢ়ি .. নিজৰ পকেটৰ কাগজ কেইখন ও উলিয়াই ল’লে তেওঁ ।

চন্দ্ৰমিতা চলিহাৰ হাতৰ পৰা উদ্ধাৰ হোৱা কাগজ খন তেওঁৰ পকেটত নাই । তাৰ সলনি চন্দ্ৰমিতা চলিহাৰ কোঠাৰ মজিয়াত পৰি আছে । 

” — মই আহিম মিতা । মই তোমালৈ অপেক্ষা কৰিম । “

ডিঙিটো ডাঙি.. কৌতূহলেৰে ইন্সপেক্টৰ ইমদাদুল হুছেইনৰ হাতত থকা কাগজ খনৰ সেই বাক্য দুটা পঢ়ি কমল নাথে আচৰিত হৈ প্ৰশ্ন কৰিলে…

:- চাৰ.. এইখন ..?

:- আচৰিত হৈছে নাথ ? মোৰ হাতৰ পৰা কেনেকৈ এইখিনি পালেহি..? কওঁক শুনক.. যেনেকৈ সেই বৰ্ষণমুখৰ ৰাতিটোত
চিঠিখন চন্দ্ৰমিতা চলিহাৰ হাতলৈ আহিছিল ।

প্ৰতিবেশী হাজৰিকাই যেতিয়া মোলৈ ফোন কৰি.. চন্দ্ৰমিতা চলিহাৰ ঘৰৰ গেট আৰু দুৱাৰ খন খোল খাই থকা দেখিছে বুলি জনাইছিল.. তেতিয়াই জানিছিলো মই.. অস্বাভাৱিক কিবা এটা নিশ্চয় দেখা পাম ।
এইয়া অপাৰ্থিৱ শৰীৰৰ দ্বাৰা সম্ভৱ হোৱা কৰ্ম । আপুনি মই বুজিব পৰাকৈ সহজ নহয় । সেই শক্তিৰ ওচৰত .. সেই অনুভৱৰ ওচৰত আমি তেনেই নগণ্য ।

                         —————-

পিছদিনা সকলোবোৰ নিউজ চেনেলত চন্দ্ৰমিতা চলিহাৰ মৃত্যুৰ প্ৰকৃত সত্য প্ৰকাশ কৰি ইন্সপেক্টৰ হুছেইনে দিয়া সাক্ষাৎকাৰ এটা প্ৰচাৰ হ’ল…
~~ ডিচ ইজ নাথিং বাট আ কেচ অৱ চুইচাইড । ডা লেটাৰ হেজ ন’ ৰেলিভেন্স টু ডা কেচ । ডা লেটাৰ মেণ্ট নাথিং ইমপ’ৰটেণ্ট বাট ইট মেড আ ল’টচ অৱ কেঅ’জ ।

                          ——–////——-

                                          (সমাপ্ত)

দ্যা শ্লেপ..



বৰষা.. ।
বৰষা কটকী..।
বাইশ বছৰীয়া..এজনী স্বাধীনমনা.. নিৰ্ভীক.. আৰু যুক্তিবাদী ছোৱালী । পেচা… সাংবাদিকতা ।

দেউতাকৰ বেষ্ট ফ্রে’ণ্ড তাই..। জীয়েকৰ স্পষ্টবাদীতা.. আৰু নিৰ্ভীকতা তেখেতৰ বাবে গৌৰৱ..আৰু তেখেতৰ বন্ধুসুলভ হিতোপদেশবোৰ.. তাইৰ ওপৰত ৰখা বিশ্বাসবোৰ.. বৰষাৰ বাবে… কৰ্মজীৱনৰ এক বেঁকা ৰাস্তাটোত… আগুৱাই যোৱাৰ প্ৰেৰণা .. ।
পিছে মাক হে সন্তুষ্ট নহয় জীয়েকৰ পেচাক লৈ.. । ছোৱালীজনীক লৈ অনবৰতে চিন্তা এটা থাকেই তেওঁৰ মনত ।
ইফালে ঘৰখনত.. সকলোৰে বাবে সন্মানীয়.. আশী উৰ্ধৰ আইতাক জনীৰ পকা থেকেৰা হেন মুখ খন.. বৰষাই জিন্সৰ পেন্ট আৰু টি-চাৰ্টতো পিন্ধি.. ডিঙিত হাই লেন্সৰ কেমেৰাটো আঁৰি.. ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগেই খঙত জ্বলি-পকি আৰু বেছি ৰঙা হৈ পৰে ।
ফলত বোৱাৰীয়েক.. মানে বৰষাৰ মাকেই.. জীয়েকৰ হৈ.. শাহুৱেকৰ গোৱাল-গালিবোৰ হজম কৰিব লগা হয় । লাখুটি ডালতে ভৰ দি ইফাল সিফাল কৰি.. পুতেকক ও শব্দৰ বাণেৰে কিলাব নেৰে তেওঁ..

:- শেষ শেষ..।
বোলো নিৰ্মালি.. তই পাকঘৰ চেলকোতেই যাব বুজিছ’.. । জীয়েৰীক এৰি দিছ’.. কোনোদিনা সন্মান হেৰুৱাব লগা হয় ঠিক নাই । ক’ত ক’ত.. সেই ডেকা গালৰ লগত.. দিনৰ দিনটো গা-ঘেলাই ঘূৰি ফুৰে অ’..। ইচ.. ইচ.. শুনিলেও লাজ লগাৰে কথা ।
বাপেকটো ও নামত হে.. । জীয়েকে যি কয় তাকে মানি লয়..। হেৰৌ.. এনে কাম কৰিব দি ছোৱালীজনীক স্বাৱলম্বী নবনালেও হ’ব । পাহাৰে ভৈয়ামে বগাই..কেমেৰাৰে ফটো তুলি.. সাংবাদিকতা নকৰিলেও হ’ব । এনে ছোৱালীক কোনে বিয়া পাতিব হা.. ? কি বোৰ দিন চাবলৈকে ঈশ্বৰে জীয়াই ৰাখিছে অ’ মোক..!!

মাকৰ কথাবোৰ এখন কাণেৰে শুনি… আনখন কাণেৰে উলিয়াই দিয়ে বৰষাৰ দেউতাকে । ওঠৰ তলতে ওলাই আহিব ধৰা হাঁহিটো লুকুৱাই .. জোৰকৈ মাকক চকী এখনতে বহোৱাই .. নিজেই ও কাষতে বহি লয় তেওঁ.. ।

:- অ’ মা … এনেই চিন্তাখন কৰিছ’ তই । এতিয়া দিনকাল সলনি হ’ল । আজিকালি ছোৱালী ও ল’ৰাৰ সমানে সমানে আগুৱাই গৈছে । তাতে তাই একো বেয়া কাম কৰা নাই নহয় । তই জন্ম দিয়া পুতেৰৰ ওপৰত ও বিশ্বাস নাই নে তোৰ..? মই তাইক বদনাম ওলোৱা কাম কৰিবলৈ এৰি দিম জানো..!

:- থ’.. থ’.. বোপাই..। ঠেঙা পেন্ট ডাল… ল’ৰা মানুহে পিন্ধা চোলা ডাল আঁৰি.. যেনেকৈ হে ওলাই যায়.. কোনটো ল’ৰাই পছন্দ কৰিব তাইক..? ছোৱালীৰ লয়লাস গুণটো নাইয়েই তোৰ জীয়েৰীৰ গাত..। চুলি সোপাত ও তেল-তুল অকন নলগাই । পাখৌ পাখৌ কে মেলি… কি চাবা ।

পুতেকৰ কথাত খং খাই উঠে বৰষাৰ আইতাক আৰু এনে সময়ত.. মাকৰ খং নিবাৰণৰ বাবে.. মৌনতাই একমাত্ৰ অস্ত্ৰ জ্ঞান কৰি লাহেকৈ উঠি যায় দেউতাক । জানে.. মাকক বুজোৱা সহজ নহয় । পুৰণিকলীয়া ৰীতি নীতিক এতিয়াও বুকুতে সাৱটি বহি থকা মানুহ তেখেত । আৰু নো কেইটা দিন জীয়াই থাকিব..! থাকক.. নিজ ইচ্ছাৰে.. নিজৰ মতেৰে জীয়’ক তেওঁ..।

:::::::::::::::::::::::::::::::::::::::::::::

নীহাৰ মেধি.. ।
বৰষাৰ প্ৰেমিক । সাংবাদিকতাৰ জগত খনত নীহাৰে নতুনকৈ ভৰি দিছে..আৰু বৰষা তাৰ চিনিয়ৰ..।
বৰষা আৰু নীহাৰৰ সম্বন্ধৰ কথা বৰষাৰ দেউতাকে জানে যদিও.. সময়লৈ অপেক্ষা কৰি..নিজৰ মাজতে ৰাখি থৈছে তেওঁ কথাবোৰ । আনকি বৰষাৰ মাকক ও তেওঁ একো জনোৱা নাই এই বিষয়ে…।
সাংবাদিকতাৰ ওপৰত বৰষাৰ মাকৰ চিন্তাধাৰা অলপ বেলগ । তেওঁ ও শাহুৱেকৰ দৰেই.. বৰষাৰ ভৱিষ্যতক লৈ শংকিত । যদি দিনে ৰাতিয়ে খবৰ সংগ্ৰহৰ বাবে ঘুৰি ফুৰা তেওঁৰ ছোৱালীক কোনো ল’ৰাই.. বিয়া পাতিবলৈ আগবাঢ়ি নাহে..।

বৰষাৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু একাগ্ৰতাই .. সহকৰ্মী সকলৰ মাজত তাই জনপ্ৰিয় হোৱাৰ একমাত্ৰ কাৰণ । যি কোনো খবৰ সংগ্ৰহৰ বাবে কেমেৰাটো লৈ যি কোনো মুহূৰ্ত্বত.. সকলোতকৈ আগত যাবলৈ সাজু হৈ থাকে তাই । সাংবাদিকতা ক্ষেত্ৰখনত.. বহুতৰে অনুপ্ৰেৰণা বৰষা । সেই গুনেই নীহাৰ ও বৰষাৰ কাষ চাপি আহে.. । কৰ্মই প্ৰথম প্ৰেম যদিও.. সময়ত নীহাৰ ও বৰষাৰ আপোন এজন হৈ পৰিবলৈ সক্ষম হয় ।

আজি এজন ধনী ব্যৱসায়ীৰ ধুনীয়া পত্নীৰ.. আত্মহত্যাৰ ঘটনাৰ শুংসূত্ৰ বিচাৰি ওলাই আহিছে সিহঁতৰ টিম.. মূল অফিচৰ পৰা । নিউজ ৰিপৰ্টাৰ বিতোপন আৰু কাবেৰীৰ লগতে এইবাৰ কেমেৰা লৈ বৰষাৰ লগতে নীহাৰ ও আহিছে সিহঁতৰ লগত..।
গিৰিয়েকৰ কোটি টকীয়া কেলেংকাৰী আৰু নাৰী ব্যৱসায়ৰ… উমান পাই.. মানুহগৰাকীয়ে গাত কেৰাচিন ঢালি নিজকে জ্বলাই দিছিল। উফফ… কিমান অসহনীয়.. কিমান দুখদায়ক এই মৃত্যু…!
বিভিন্ন এনগ’লৰ পৰা ডেড বডীটোৰ ফটো উঠাই আছে বৰষাই । ইমান বিভৎস দৃশ্য ..! মানুহগৰাকীৰ শৰীৰৰ প্ৰায় আশী শতাংশই ইতিমধ্যে পুৰি ছাই হৈ গৈছে । ভৰি দুখনতহে অলপ অলপ শুকান মঙহ ওলমি ৰৈছে.. । বিতোপন আৰু কাবেৰীয়ে ঘৰৰ সদস্য সকলৰ পৰা.. ঘটনাটোৰ সবিশেষ জানিব বিচাৰি.. নোট বুক উলিয়াই কথা পতাত ব্যস্ত ।
মুখত সোপা লৈ দূৰৈৰ পৰা সকলোবোৰ লক্ষ্য কৰি থকা নীহাৰক.. বৰষাই ওচৰলৈ মাতিলে..। এনেদৰে আঁতৰি থাকিলেতো নহ’ব..। সিও কাম শিকক । বুজক.. জীৱিত আৰু মৃত শৰীৰ এটাৰ ফটো লোৱাৰ মাজৰ অনুভৱৰ তাৰতম্য খিনিক ।

:- নীহাৰ… কি কৰি আছা ? এইফালে আহা ।

মুখখন সিফালে ঘূৰাই.. নীহাৰ বৰষাৰ ওচৰলৈ যাবলৈ অমান্তি হয় । মুখত ৰুমালৰ সোপাতো লৈয়েই কৈ উঠে সি ..

:- চ’ৰি বৰষা । আই কাণ্ট ডু ইট..। ইটচ চ’ পেথেটিক .. ।

অযথা চিঞৰ বাখৰ নকৰি.. নিজৰ নিজৰ কামখিনি নিয়াৰিকৈ কৰি.. চাৰিওটা নিউজ ৰুমলৈ বুলি ৰাওনা হয় ।
ভূপেন হাজৰিকাৰ গান এটা গুণগুণাই একান্ত মনে গাড়ী চলাই যোৱা বিতোপনক .. নীহাৰে একান্ত মনে চাই ৰয় । আচৰিত হয় সি..। ইমান হৃদয়বিদাৰক দৃশ্য এটা দেখি আহিও মানুহ ইমান নিউট্ৰেল হৈ থাকিব পাৰে নে ..! বৰষা ও লেপটপটোত কেমেৰাৰে উঠাই অনা ফটোবোৰ ষ্ট’ৰ কৰাত ব্যস্ত..। কাবেৰীয়ে বৰষাক কামখিনিত সহায় কৰি দিছে ।
নিজৰ মনটোক বান্ধি ৰাখিব নোৱাৰি সমূহীয়াকৈ সুধিয়েই পেলাই নীহাৰে..।

:- তোমালোক ইমান সহজ হৈ কিদৰে আছা..? সেই ডেডবডীটো দেখি আহিও একো ৰিএক্সন নাই যে তোমালোকৰ । হাও কেন ইট বি পজিব’ল..?

:- মানে..?
আমাৰ কামেই সেইটো নীহাৰ । তুমি কি বুজাইছা..?

বৰষাই বুজিলে নীহাৰৰ মনৰ কথা । তথাপিও তাক প্ৰশ্ন কৰিলে তাই..

:- মই নোৱাৰিম এইবোৰ বৰষা । সেই ধুনীয়া মানুহগৰাকীৰ.. সেই বিভৎস্য শৱটোয়ে মোক বহুত কষ্ট দিছে । মই এনেকুৱা মত্যু আৰু কোনোদিন চাব নিবিচাৰো।

নীহাৰৰ কথাশুনি স-শব্দে হাঁহি উঠিল বিতোপনে ।

:- অ’ই নীহাৰ.. এইটো কলিজা লৈ সাংবাদিকতা কৰিব আহিছ’ ? কি ভাবিছিলি.. সাংবাদিকতা এটা ধুনীয়া এডভেন্সাৰ..! নতুন নতুন ঠাইত গৈ তই এই দামী কেমেৰাটোৰে অকল ভাল লগা ছবিবোৰৰ হে ফটো তুলিবি ?
হা হা হা… আমিবোৰ শিল হৈ যাবলৈ বাধ্য হৈ গ’লো বুজিছ’ ..? ইয়াতকৈ ও লোমহৰ্ষক ঘটনাৰ ৰিপৰ্টিঙ কৰিছো আমি । কেতিয়াবা কিছুমান ঘটনাৰ মেটেৰিয়েল লৈ গোটেই ৰাস্তা বটিয়াই আহিব লগা অৱস্থা হয় । তথাপিও ইয়াত থকা সকলোখিনিয়েই নিজৰ কামক লৈ ডেডিকেটেড..। তই নতুন হৈ আছ’ । সময়ত তইও পক্কা খিলাড়ি হৈ পৰিবি ।
নে কি কোৱা বৰষা..। এম আই ৰাইট..?

বৰষালৈ কথাখিনি আগবঢ়াই.. বিতোপন মৌন হৈ নিজৰ মাজতে কিবা ভাবত মগ্ন হ’ল ।

:- ঠিকেই কৈছে বিতোপনে নীহাৰ । সাংবাদিকতা ইমান সহজ নহয় । হাতত মাইকটো লৈ.. ডিঙিত কেমেৰাটো আঁৰি.. যধে- মধে কিবা এগাল গোৱাই সাংবাদিকতা নহয় । কষ্ট..ধৈয্য.. অশেষ পৰিশ্ৰম.. আৰু যন্ত্ৰণাৰ মাজত ও ভাঙি পৰিব নোৱাৰাকৈ সবল আমি সাংবাদিকবোৰ । দিনে ৰাতিয়ে আমি যন্ত্ৰৰ দৰে মাথোঁ কাম কৰি যাওঁ । সত্যৰ পিছত.. সত্যক খেদি ঘূৰি ফুৰা হে আমাৰ উদ্দেশ্য । মৃত্যু কি .. যন্ত্ৰণা কি.. সন্মান কি ধাতুৰে গঢ়া.. আমি বহুত ওচৰৰ পৰা দেখা পাওঁ ।

পিছে দুখ লাগে.. যেতিয়া খুব নিষ্ঠাৰে.. অত্যন্ত সাহসেৰে কিছুমান কেচৰ মেটেৰিয়েল কালেক্ট কৰাৰ পিছত ও ওপৰতে কোনোবাই টকা খাই কেচটোক নতুন ৰূপ দি মানুহৰ মাজলৈ লৈ আহে..। খুব অসহায় যেন অনুভৱ হয়.. যেতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত থাকি ও আমি একো কৰিব নোৱাৰা হৈ পৰো । আচলতে বাতৰি একোটাৰ প্ৰকৃত সত্য কি আমি ৰাইজতকৈ বেছি ভালদৰে জানো । পিছে জনসাধাৰণে… নিউজ চেনেলত প্ৰচাৰ হোৱাৰ দৰেই বাতৰিটোক মানি লয় । প্ৰশ্ন হয় তেতিয়া মনত.. আচলতে পৃথিৱীত মানুহৰ সংখ্যা বেছি নে পশুৰ..?

বৰষাৰ কথাত পৰিৱেশটো ভাবুক হৈ পৰে..। কথাবোৰ পাতলাবলৈকে কাবেৰীয়ে কৈ উঠে..

:- চ’ৰি ফৰ ইণ্টাৰাপ্ত গাইজ.. । কি ইমান চিৰিয়াছ হৈ গৈছ’ ৰে তহঁত..। লেটচ হেভ ফ্যান না..। এনেকুৱা কেচ কিছুমান কৰি আহি ইমান গধুৰ কথা লৈ মাথা মাৰিব নিবিচাৰো দেই মই ।
আচ্ছা বৰষা.. তোৰ সেই সাপৰ কেচটো ক’ না এবাৰ..। প্লিজ.. প্লিজ..।

:- কোনটো .. সেই যে বৰষাই কেমেৰাৰে এক্সিডেন্ট প্লেচৰ ফটো কেপচাৰ কৰি থাকোঁতে.. সাপ এডাল ভৰিৰে বগাই গৈছিল..।
বিতোপনে গাড়ী চলাই থকাৰ পৰাই সুধিলে..

:- ইয়েছ..।
সেইদিনা আমাৰ সাহসী বৰষাক চাব লগা হৈছিল নীহাৰ । কেমেৰা পেলাই যি হে দৌৰ দিছিল নহয় মেডাম বৰষা কটকীয়ে..। এক্সিডেন্ট সংঘটিত হোৱা ঠাইখনৰ..ৰেষ্ট্ৰিকটেড এৰিয়াৰ বাউণ্ডেৰীত সোমাই.. চিনিয়ৰ ৰিপৰ্টাৰ বৰ্ণিল দত্তৰ গালি খাই ভেচভেচিয়া হৈ পৰিছিল একেবাৰে । পিছত গম পাইছিল সেইডাল সঁচা সাপ নাছিলেই । এক্সিডেন্ট হোৱা গাড়ী খনত কোনোবা বাচ্চাই খেলি থকা পুতলা সাপ হে আছিল ।

কাবেৰীৰ কথা শুনি সকলোৱে একেলগে হাঁহি উঠিল ।
বৰষাই নীহাৰলৈ চালে । তাৰ ও মুখত হাঁহি দেখি ভাল লাগিল তাইৰ মনটো । নতুন কৈ পৰিচয় হৈছে নীহাৰৰ এই জগতখনৰ লগত । মৃত্যু.. হত্যা .. অত্যাচাৰ এইবোৰৰ চাক্ষুস অভিজ্ঞতা কম ল’ৰাটোৰ । বহুত ভয় খাইছে আজি সি । তথাপিও বিশ্বাস আছে তাইৰ..লাহে লাহে নৰ্মেল হ’ব সকলোবোৰ । এদিন সিও সাহসী হৈ উঠিব বৰষা.. বিতোপন.. কাবেৰী আৰু একাগ্ৰতাৰে কাম কৰি অহা অন্য সাংবাদিক সকলৰ দৰে..। নীহাৰ আচলতে… ফুল ,পখিলা , সুন্দৰী নাৰীৰ ফটো উঠোৱাত হে আগ্ৰহী । এইবোৰ ঘটনাৰ লগত খাপ খাবলৈ সময় লাগিব অলপ ।

নিউজ ৰুমত.. এডিটৰ অভ্ৰনীল বিশ্বাসক .. আত্মহত্যাৰ কেচটোৰ বিতং তথ্য জনাই ঘৰা-ঘৰি হ’ব ধৰোতেই.. বিশ্বাসে এটা নতুন কেচৰ দায়িত্ব বিতোপনক অৰ্পণ কৰিলে..। তেওঁ এখন কাগজ বিতোপনলৈ আগবঢ়াই দি..অতি সোনকালেই ঘটনাস্থলীত গৈ উপস্থিত হ’বলৈ আদেশ দিলে..।
বিতোপনে অৰ্ডাৰ কপিটো বৰষালৈ আগবঢ়াই.. তাইৰ ৰিএক্সন জানিবলৈ ৰৈ থাকিল । সদা প্ৰস্তুত বৰষাই একে আষাৰে কৈ উঠিল..

:- উই আৰ ৰেডি টু গ’ চাৰ । উই ৱিল ৰিট’চ ডেট প্লেচ এজ চুন এজ পজিব’ল ।

:- আই ন’.. । আই ৱাজ চিঅ’ৰ এবাউট ইট । তোমালোকে মোক কোনো দিন হতাশ নকৰা । মই বিচাৰো আমাৰ কাকতৰ হট টপিক হওক এই হত্যা কাণ্ডটো.. । চ’ মৰ্নিং যিমান পাৰা সোনকালে ৰাওনা হ’ব লাগিব তোমালোকৰ দল । অল দ্যা বেষ্ট ..।

অভ্ৰনীল বিশ্বাসে কথাখিনি কৈ চাৰিওটাকে লক্ষ্য কৰিলে..।
নীহাৰক অন্যমনস্ক যেন অনুভৱ কৰি পুনৰ সুধিলে তেওঁ..

:- নীহাৰ.. এনি অৱজেকচ’ন..?

:- ন’ চাৰ.. আই ৱিল ৰেডি টু গ’ ৱিথ ডা টিম ..।

ৰিপৰ্টিঙতকৈ বৰষাৰ লগত টাইম স্পেণ্ড কৰিব পৰাটোহে তাৰ বাবে ভাল লগা কথা.. । গতিকে সি না কোৱাৰ কথাই নাই । কৰ্মব্যস্ত ছোৱালীজনীৰ লগত প্ৰেমৰ কথা এষাৰ পাতিবলৈ ও সময় নহয় নীহাৰৰ.. । তেনেস্থলত.. তাইৰ সান্নিধ্যৰে সি অনুভৱ কৰিব বিচাৰে প্ৰেমৰ মিঠা মিঠা আমেজবোৰক ।

::::::::::::::::::::::::::::::::::::::::::::::

ঘৰলৈ গৈ গা ধুই.. দেউতাকৰ লগত..দিনটোৰ কথাবোৰ আলোচনা কৰাতো অভ্যাস হৈ পৰিছে বৰষাৰ । মাকক পিছে নজনাই সকলোবোৰ । বিশেষকৈ ডেডবডীৰ ফটোগ্ৰাফীৰ কথা..। মাক ভয়তে আধা মৰা হ’ব… জানে তাই । টি. ভি নিউজত যেতিয়া তেনেকুৱা কেচবোৰত কেমেৰা সাংবাদিক বৰষা কটকীৰ নামটো দেখে.. তেতিয়াহে মাকজনীয়ে ধৰফৰাই উঠে..।
কিমান কাবৌ-কাকূটি কৰিছে বৰষাক তেঁও.. সাংবাদিকতাৰ পৰা আঁতৰি আহিবলৈ .. কিন্তু নৰজে তেওঁৰ কথা কোনোদিন । ওলোটাই তাই হে মাকক বুজাই..

:- মানুহে এনেকুৱা কাম কৰিব লাগে.. যিবোৰে মনত শান্তি দিয়ে । মই সাংবাদিকতাৰ পৰা সেই পৰম সুখ খিনি পাইছো যদি.. মোক সেই সুখৰ পৰা বঞ্চিত কৰিব কিয় বিচাৰিছা মা ? সাংবাদিকতা মোৰ কেৱল পেচাই নহয়.. মোৰ নিচা.. মোৰ সমাজৰ প্ৰতি থকা দায়িত্ব পূৰণৰ এটা ৰাস্তা..। মোৰ কৰ্মস্পৃহাক দুৰ্বল কৰি তুলিব নিবিচাৰিবা মা প্লিজ । বাধা নিদিবা মোক ।

জীয়েকৰ কথাত বাকহীন হৈ পৰে মাক নিৰ্মালি ।

পিছদিনা বৰষাৰ জন্মদিন । মাকে মনতে ভাবি থৈছে.. বৰষাৰ লগত মন্দিৰৰ পৰা আহিব । তাইৰ হৈ এখন শৰাই দিব নেদেখাজনক উদ্দেশ্যি । পিছে মাকতকৈ ও সোনকালে উঠি.. সৰু বেগ এটাত কাপোৰ এসাজ ভৰাই.. তাই ক’ৰবালৈ যাবৰ বাবে হে সাজু হৈছে..। পাকঘৰত চাহ কৰি থকা মাকক ভৰি চুই সেৱা জনালে তাই.. ।

:- মা অ’ .. এই দিনটোতে তোমাৰ গৰ্ভৰ পৰা এই পৃথিৱীখনত ভৰি দিছিলো..। তোমাৰ হাতত ধৰিয়েই দৃঢ়তাৰে এই পৃথিৱীখনত খোজ দিব শিকিলো । আশীৰ্বাদ কৰিবা.. আগলৈও যাতে এইদৰে দৃঢ়তাৰে আগুৱাই যাব পাৰো ।

চলচলীয়া চকুযুৰিৰে মাকে সাৱটি ধৰিলে তাইক । সুখৰ চকুলোবোৰ বৈ আহিল তেওঁৰ দুচকুৰ পৰা । কিন্তু পিঠিত বেগটো লৈ ওলাই অহা বৰষাক দেখি মনটো সেমেকি উঠিল মাকৰ ।

:- আজিও মানে কাম আছে তোৰ মাজনী… ? এটা দিন মাৰক দিবলৈও সময় নহয় তোৰ..।

:- চ’ৰি মা..। আজি যাবই লাগিব । বহুত ডাঙৰ কেচ এটাৰ দায়িত্ব দিছে চাৰে..। এইটো কামৰ পিছতে অলপ দিন চুটি লৈ তোমালোকৰ লগত সময় কটাম । ক’ৰবাত ফুৰিব যাম । প্লিজ মা.. বেয়া নাপাবা ।
এতিয়া যাওঁ দেই মই..। ইয়াতে দেৰি হৈ গ’ল । বিতোপণহঁত চাগৈ ৰৈ আছে মোৰ বাবে..।

মাকক কথা কেইটা কৈ লৰালৰিকৈ ওলাই গ’ল বৰষা..। দেউতাকে গেটৰ মুখলৈ আগবঢ়াই থৈ আহিল তাইক..।
মাকে পিছৰ পৰা মাত দিলে..

:- পিছে যাবি ক’লৈ কাপোৰ-কানি লৈ.. ?

:- শ্বিলং মা..। কাইলৈ আগবেলাতে ঘৰ পামহি । মোৰ বাবে চিন্তা নকৰিবা । বাই মা..।

::::::::::::::::::::::::::::::::::::::::::

শ্বিলঙৰ অকোৱা-পকোৱা ৰাস্তাৰে বিতোপনে সিহঁতৰ জীপ গাড়ীখন আগবঢ়াই নিছে..। ড্ৰাইভিং চিটৰ কাষতে বহি .. কাবেৰী.. কেমেৰাৰ লেন্সৰে শ্বিলঙৰ সৌন্দৰ্য্য কেপচাৰ কৰাত ব্যস্ত । পিছৰ চিটত বৰষাৰ হাতখনতে খামুচি ধৰি.. নীহাৰেও সেউজীয়া স্বৰ্গভূমি খনৰ সৌন্দয্যত মোহ গৈছে ।
বৰষা পিছে ভাৱ বিভোৰ আজি । অভ্ৰনীল বিশ্বাসে কেচটোৰ বিষয়ে জনোৱাৰ পিছৰ পৰাই.. সেই দুৰ্ভগীয়া ছোৱালীজনীৰ কাল্পনিক মুখ এখন হে ভাঁহি আছে তাইৰ চকুৰ আগত । কি দৰে মুখামুখি হ’ব ছোৱালীজনীৰ.. তাৰ বাবে নিজকে প্ৰস্তুত কৰাত ব্যস্ত তাই..।

ছয় ঘণ্টাৰ দীঘলীয়া যাত্ৰাৰ অন্তত.. সিহঁতৰ টিম গন্তব্য স্থলত গৈ উপস্থিত হ’ল । বেলেগ এটা নিউজ চেনেলৰ ৰিপৰ্টাৰ ইতিমধ্যে তাত আহি উপস্থিত হৈছিল । কাবেৰী আৰু বিতোপন নোটবুক আৰু মাইককেইটা হাতত লৈ সাজু হ’ল ৰিপৰ্টিঙৰ বাবে..। বৰষা আৰু নীহাৰ ও কেমেৰা লৈ গাড়ীৰ পৰা নামি আহিল ।
শ্বিলঙৰ এখন নাম থকা কলেজৰ হ’ষ্টেলত আজি..পুলিচ.. ৰিপৰ্টাৰ.. কেমেৰা মেন.. লগতে স্থানীয় ৰাইজে ভিৰ কৰিছে..। ভিৰ ফালি বৰষাই হ’ষ্টেলৰ সেই বিশেষ কোঠাটোৰ অভিমুখে খোজ দিলে..। পিছে পিছে.. বিতোপন আৰু কাবেৰী..। নীহাৰ বাহিৰতে ৰ’ল ।
কোঠাটোৰ এখন সৰু বিচনাত এটি সদ্যোজাত কেঁচুৱা কোলাতে লৈ এগৰাকী ছোৱালী তল মুৰ কৰি বহি আছে..। ছোৱালীজনীৰ আনুমানিক বয়স বিশ বছৰ মান হ’ব । উচ্চতৰ মাধ্যমিকৰ পিছত.. বৰ্তমান শ্বিলঙৰ সেই কলেজখনত .. ইংৰাজী মুখ্য বিষয় হিচাপে লৈ অধ্যয়নৰত তাই ।
বাহিৰত হুলস্থুলীয়া পৰিবেশ এটা বিৰাজমান যদিও .. ছোৱাজনী বহি থকা কোঠাটো সিমানেই নীৰৱ-নিতাল । বৰষা লাহে লাহে ওচৰ চাপি তাইৰ কাষতে বিচনাখনত বহি পৰিল । কাবেৰী সিহঁতৰ সন্মুখতে থিয় হৈ.. ছোৱালীজনীক ভালদৰে নিৰীক্ষণ কৰিলে । মধ্যমীয়া উচ্চতাৰ.. ক্ষীণাংগী ছোৱালী জনীৰ চকু দুটা সাংঘাতিক ধৰণে উজ্জ্বলি আছিল… যেন জুই একুৰা হে ওলাই আহিছে তাইৰ চাৱনি ভেদি।
মৰমেৰে বৰষাই ছোৱালীজনীক তাইৰ নামটো সুধিলে ।

:- কি নাম তোমাৰ..?

ইমান পৰে নিচ্ছুপ হৈ ..ইংৰাজী বা হিন্দীত সকলোৰে যুক্তি-অযুক্তিবোৰ শুনি থকা ছোৱালী জনীয়ে এইবাৰ অসমীয়া শব্দ কেইটা শুনি কোলাত লৈ থকা কেঁচুৱাটো বিচনাখনতে লাহেকৈ শুৱাই..বৰষাক সাৱটি ধৰি উচুপি উঠিল..।

:- মই মাৰি পেলালো সেই প্ৰফেছ’ৰটোক । সেই প্ৰতাৰকটোৰ বুকুতে চুৰি খন সোমোৱাই দিলো মই ।

ওলাই অহা চকুপানীখিনি দুই হাতেৰে জোৰকৈ মুচি আকৌ কৈ উঠিল তাই..

:- সি মোৰ লগত প্ৰেমৰ খেল খেলিছিল । মই প্ৰেগনেন্ট বুলি গম পাই ও সি মোক বিয়া পাতিব বুলি বাচ্চা জন্ম দিব কৈছিল..। আৰু যোৱা কালি তাৰ ঘৈণীয়েকৰ কোলা শুৱনি কৰিবলৈ সেই কুকুৰটোৱে মোৰ মাইনাটোক জোৰ জবৰদস্তি লৈ যাব বিচাৰিছিল । কিয় দিম মই তাক মই জন্ম দিয়া মাইনাটোক..? কিয় কাঢ়ি নিব সি মাইনাটোক মোৰ পৰা ..?

ফেঁকুৰি ফেঁকুৰি কান্দি উঠিল ছোৱালীজনীয়ে ।
কিহৰ বাবে যে ছোৱালীবোৰে এই ভুলটো কৰি পেলাই..। কেনেকৈ যে পাৰে.. দুদিনৰ চিনাকি কোনোবা এজনৰ লগত.. প্ৰেমৰ ৰাগীত উটি ভাঁহি যাব..! বৰষাৰ বুকু খন বিষাই উঠিল । ছোৱালীজনীৰ মুৰতে হাত ফুৰাই বৰষাই তাইক ঘৰৰ কথা সুধিলে..।

:- মোক মৰম দিয়া মোৰ ঘৰত কোনো নাই বা । মা দেউতা নিজৰ কামতে বিজি সদায় । কিন্তু মোক টকা পইচাৰ অভাৱ কোনোদিন দিয়া নাই তেওঁলোকে..। যিমান বিচাৰো সিমান ঢালে । কিন্তু সেইবোৰৰ সলনি অলপ যদি মৰমেই দিলে হয়..!

বৰষাক.. মাকৰ মুখখনে.. মাকৰ কথা কেইটাই আমনি কৰিলে..। তেওঁ বৰষাক দিয়াৰ দৰে অলপ মৰম যদি আজি এই ছোৱালী জনীয়ে ও মাকৰ পৰা পালেহেঁতেন.. ভুলবোৰ কৰিবলৈ তাইও হয়তো এশবাৰ ভাবিলেহেঁতেন..! কাবেৰীৰ ও দুচকু সেমেকি উঠিল ।

তেনেকুৱাতে নীহাৰ খৰখেদাকৈ সোমাই আহিল ৰূমটোলৈ..।

:- বৰষা.. হস্পিটেলৰ পৰা খবৰ আহিছে.. কালি এই ছোৱালীজনীয়ে চুৰি মাৰা প্ৰফেছ’ৰ জনৰ বোলে মৃত্যু ঘটিছে । পুলিচে তাইক এৰেষ্ট কৰি লৈ যাব এতিয়া । উই চ্যুড লিভ ।

এইবুলি.. নীহাৰ ছোৱালীজনীৰ কাষ চাপি আহিল ।

:- অ’ই ছোৱালী কি নাম তোৰ..?

:- প্ৰণালী..। প্ৰণালী কলিতা ।
নীহাৰৰ কথাবোৰ কৰ্ণগোচৰ হ’ল যদিও.. অলপ ও বিচলিত নোহোৱাকৈ উত্তৰ দিলে তাই…।

:- চাওঁ.. চুলিখিনি অলপ খেলিমেলি কৰি কেঁচুৱাটো কোলাত তুলি ল’চোন..। ফটো দুকপি মান লও তোৰ ।

নীহাৰৰ কথা কেইটা শুনি বৰষাৰ প্ৰচণ্ড খং এটা উঠিল..। তাৰ কেমেৰাৰ লেন্স খনত হাতৰ তলুৱাখন ৰাখি চিঞঁৰি উঠিল তাই..

:- হোৱাট আৰ ইউ গ’য়িং টু ডু নীহাৰ..?

:- টি আৰ পি ..। ইটচ অল এবাউট টি আৰ পি বৰষা । নাথিং এলচ । আমাৰ নিউজ চেনেলৰ হট স্তৰী হ’ব এইটো । চাৰে কোৱা মনত নাই.. ? ফটো দুখনমানটো ল’বই লাগিব ।

বৰষাই কিবা এটা ক’বলৈ মুখ মেলাৰ আগতেই .. প্ৰণালীৰ এটা পূৰ্ণহতিয়া চৰ নীহাৰৰ গালত পৰে.. ।

সেই চৰটোৱে বুজাই দিয়ে.. সকলো শেষ হৈ গ’ল যদিও প্ৰণালী হাৰি যোৱা নাই । নিজৰ লগত হোৱা অন্যায়ৰ প্ৰতিবাদ কৰিব পৰাকৈ এতিয়াও তাই সৱল । তাইৰ বুকুৰ সন্তানটোক সুৰক্ষা দিবলৈ.. কাৰোবাক হত্যা কৰিব পৰাকৈ এতিয়াও তাই সাহসী ।

বাহিৰত পুলিচৰ গাড়ীৰ শব্দ শুনা গ’ল..। এগৰাকী মহিলা পুলিচে প্ৰণালী আৰু কেঁচুৱাটোক.. পুলিচৰ গাড়ীত বহুৱাই ল’লে..। মাকৰ গৰ্ভৰ পৰা মাত্ৰ কেইদিনমান আগতে পৃথিৱীত ভৰি থোৱা কেঁচুৱাটোৱে এতিয়াও অভ্যস্ত নোহোৱা বাহিৰৰ হুলস্থূলবোৰ শুনি ৰাউচি জুৰি কান্দিব ধৰিলে..।

বহুত দিনৰ মূৰত আজিৰ এই কেচটোয়ে.. নিজকে সাহসী বুলি অহংকাৰ কৰা.. বৰষা আৰু কাবেৰীক ও কান্দিবলৈ বাধ্য কৰালে..।
উদাস মন একোটাৰে..বিতোপনৰ জীপচি খনত গোটেই কেইটা বহি পৰিল । বিতোপনে গাড়ী ষ্টাৰ্ট দিলে..। নিজকে কোৱা দি কৈ উঠিল সি..।

:- আমিবোৰ এতিয়াও শিল হৈ পৰা নাই আচলতে..। অনুভৱৰ মৃত্যু হ’ব নোৱাৰে কেতিয়াও..।

কাৰো মুখত এটাও শব্দ নাই.. । লাজে অপমানে জৰ্জৰিত .. তলমুৰকৈ বহি যোৱা নীহাৰৰ.. প্ৰণালীয়ে চৰিওৱা গাল খনত চকু দি.. বৰষা….তাৰ কাষৰ পৰা অলপ আঁতৰি বহিল । সিহঁত দুটা বহি যোৱা ঠাইখিনিৰ মাজত দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে বৰষাৰ মনত ও এটা প্ৰশ্ন জাগি উঠিল..

” আজিৰ এই ঘটনাটোত দুয়োৰে মাজত হৃদয়ৰ দূৰত্ব ও বাঢ়ি গ’ল নেকি বাৰু..!! পাৰিবনে তাই … নাৰীক মৰ্য্যদা দিব নজনা..নাৰীক সন্মান দিব নজনা.. নীহাৰক আপোন কৰি ল’ব ..? “

                            —– সমাপ্ত —–

কোন আপোন কোন পৰ..

~~: হেই বাৰ্থডে’ গাৰ্ল …! ইউ আৰ চ’ লেট ডিয়েৰ..। কাম কাম..।

পাৰ্টিৰ আয়োজন কৰা ডাঙৰ হল ঘৰটোলৈ.. ইফালে সিফালে চাই লাহে লাহে সোমাই অহা ৰূপালীক দেখি এমোকোৰা হাঁহি মুখতে লৈ.. আগুৱাই গ’ল ৰৌনক..। ৰৌনক আগুৱাই যোৱা দিশলৈ লক্ষ্য কৰি.. হল ঘৰটোত ঠায়ে ঠায়ে.. কেইবাটাও গোট হৈ… বিভিন্ন গ’চিপত ব্যস্ত থকা.. উপস্থিত সকলোৱে সেইফালে ঘূৰি সমস্বৰে ৰূপালীক অভিনন্দন জনালে…।

~~: হেপ্পী বাৰ্থডে’ ৰূপালী.. ।

সকলোকে মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই… হল ঘৰটোত চকু ফুৰাই ৰৌনকৰ ওচৰলৈ অগ্ৰসৰ হ’ল তাই । ৰৌনকৰ মাক.. মিছেছ বিনীতা জৈন ও পুতেকৰ লগতে.. হাতত ক’ল্ড ড্ৰিংকচৰ গিলাচটো লৈ ৰূপালীৰ ওচৰলৈ খৰধৰকৈ আগুৱাই আহিল ।

~~: অহ’ মাই প্ৰিন্সেচ…। ইউ লুক চ’ বিউটিফুল চুইটহাৰ্ট..।

তাইক মূৰৰ পৰা ভৰিলৈকে ভালদৰে নিৰীক্ষণ কৰি.. মন্তব্য আগবঢ়াই.. সামান্য খং মিশ্ৰিত সুৰেৰে পুনৰ কৈ উঠিল তেওঁ..

~~: ইমান দেৰি কৰিব লাগে নে …? সকলোৱে তোমালৈকে বাট চাই আছে.. । আহা আহা .. ।

ব্যস্ত হৈ পৰিল বিনীতা ৰূপালীৰ লগত । তাইৰ হাতখনতে খামুচি ধৰি হল ঘৰটোৰ ভিতৰলৈ লৈ আহিল তাইক । ইজনৰ পিছত সিজনকৈ সকলোৱে.. লগত অনা উপহাৰৰ টোপোলাৰে ৰূপালীক জন্মদিনৰ শুভেচ্ছা জনালে আৰু স্বভাৱজাত মিচিকিয়া হাঁহিটোৰে সকলোকে ধন্যবাদ জনাই.. ৰূপালী… তাইৰ ফ্রেণ্ডচবোৰ বহি থকা… সেই বিশেষ চুকটোলৈ আগবাঢ়ি গ’ল ।
দুই এজন বন্ধু বান্ধবীৰ বাদে তাত থকা সকলোবোৰ আচলতে ৰৌনকৰ লগৰ হে.. । তথাপিও দীঘল গাউনটো পিন্ধি.. আনিচ্ছা সত্বেও মুখত জোৰকৈ হাঁহি এটা পিন্ধি.. লয়লাসে খোজ দি ফুৰাতকৈ তাতে বহি থকাই ভাল হ’ব বুলি.. সিহঁতৰ মাজতে খালি চকী এখনত বহি পৰিল ৰূপালী ।

~~: অ’ই খুব মৰম লাগিছে অ’ তোক..। ইমান ধুনীয়া গাউনটো..! বাৰ্থডে’ গিফ্ট নে..?

~~: উমম.. ৰৌনকে দিছে..।
বান্ধৱী পঙ্খীৰ কথাৰ উত্তৰ দি ৰূপালীয়ে.. পিন্ধি থকা ড্ৰেচটোত ভালদৰে চকু ফুৰালে..। সঁচাই বৰ ধুনীয়া ৰংটো । আকাশৰ দৰে.. কোমল নীলা..। তাত তৰাৰ দৰে… সৰু সৰু চুমকি কিছুমান লগাই দিয়া হৈছে..। যেন তৰা খচিত গোটেই আকাশখনকে গাত মেৰিয়াই লৈছে আজি ৰূপালীয়ে..।
তাইৰ বাবে সুবিধাজনক হোৱা নাই যদিও.. ৰৌনকে বেয়া পাব বুলিহে… ৰূপালীয়ে এই তৰাফুলীয়া ড্ৰেচটোৰে নিজকে সজাই লৈছে ..।
দীঘল গাউনটো আঁঠুৰ ওচৰতে অলপ কোঁচাই .. চকীখনত আৰাম কৈ বহি ল’লে ৰূপালী..।

নীলা বগা বেলুনেৰে গোটেই হল ঘৰটো বৰ পৰিপাটিকৈ সজাই তোলা হৈছে..। হল ঘৰটোৰ ঠিক মাজতে…ডাঙৰ গোলাকাৰ টেবুল এখন..। টেবুল খনত আকাশী নীলা চাটিন কাপোৰৰ টেবুল ক্ল’থ এখন পাৰি…ৰঙা আৰু বগা… গোলাপৰ পাহি অলপমান চটিয়াই থোৱা আছে..। ইয়াতেই নিশ্চয় তাই বাৰ্থডে’ কেকটো কাটিব লাগিব । কাষতে… অস্থায়ী ভাবে সাজি উলিওৱা ৰান্ধনী শালৰ পৰা.. নানা তৰহৰ সুস্বাদু ব্যঞ্জনৰ সুগন্ধি ভাহি আহিছে..।
এই সকলোবোৰ স্পেচিয়েলি তাইৰ বাবেই কৰিছে ৰৌনকে…। মন ভৰি পৰিল ৰূপালীৰ…।

ৰূপালীয়ে নিমন্ত্রিত অতিথি সকলক মন কৰিলে..। বেছি ভাগেই.. হাতত ক’ল্ড ড্ৰিংকচৰ গিলাচ একোটা লৈ বিভিন্ন কথাত মচগুল হৈ পৰিছে । দুই এজনে অৱশ্যে.. ইফালে সিফালে এনেই পায়চাৰি কৰিছে..। মিছেছ জৈন ও তেওঁৰ সমবয়সীয়া মানুহ কেইগৰাকীমানৰ লগত… কিবা যেন গুৰুত্বপূৰ্ণ কথাত ব্যস্ত হৈ আছে..।
কেনেকৈ জানো ইমান কথা পাতিব পাৰে মানুহবোৰে..! সাধাৰণতে খুব কম কথা কোৱা.. শান্তিপ্ৰিয় ৰূপালীৰ বাবে এইটো এটা ডাঙৰ প্ৰশ্ন..।

তাইৰ পিছতে বহি থকা..ৰৌনকৰ লগৰ দুজনমানে ৰৌনকক ৱাইনৰ বটল বিচাৰিলে । কথা কেইটা কাণত পৰাত সেইফালে ঘূৰি চালে ৰূপালীয়ে..। হঠাৎ ল’ৰা কেইটাৰ ওপৰত সাংঘাতিক খং উঠিল তাইৰ..। পাৰ্টি বুলিলেই ৱাইন বিয়েৰ নহ’লে নচলেই নেকি..? ৰৌনকৰ ওপৰত ও প্ৰচণ্ড খং তাইৰ..। কিয় ইনভাইট কৰিব লাগে তেনেকুৱা ল’ৰাক তাইৰ.. বাৰ্থডে’ পাৰ্টিলৈ..! সি কি কয় …শুনিবলৈকে কান খন উনাই থাকিল ৰূপালীয়ে.. ।

~~: ফেমিলি পাৰ্টি হয় বন্ধু..। চ’ৰি এইবোৰ নচলিব ইয়াত..। ৰূপালীয়ে বেয়া পাব ।

ৰৌনকৰ উত্তৰ শুনি সন্তুষ্ট হ’ল ৰূপালী । হওক তেওঁ.. তাই বেয়া পাব বুলি অন্তত চিন্তা কৰিছে সি ..!

লাহে লাহে মানুহবোৰৰ হাঁহি খিকিন্দালিবোৰত হল ঘৰটো গুমগুমাই উঠিল ..। ইমান হুলস্থূলীয়া পৰিবেশবোৰ একেবাৰে পচন্দ নহয় ৰূপালীৰ.. । তাইৰ অলপো মন নাছিল..ইমান ডাঙৰ আয়োজনেৰে নিজৰ জন্মদিন পালন কৰিবলৈ । কিন্তু এইবাৰ এই সকলোবোৰ প্লেন ৰূপালীৰ অজ্ঞাতে ৰৌনকেই কৰি পেলালে । ৰাতিপুৱা তাইক ৱিইচ কৰি..গিফ্টতো হাতত তুলি দিওঁতে হে জানিব দিছিল সি.. এভিনিং তাইৰ বাবে ৰখা স্পেচিয়েল পাৰ্টিত সেই ড্ৰেচটোৱেই পিন্ধিব লাগিব ৰূপালীয়ে.. ।

ৰৌনকে পাৰ্টি প্লেন কৰিছে..! স্বাভাৱিকতে আচৰিত হৈছিল ৰূপালী..। আচলতে প্ৰতিবছৰে এই বিশেষ দিনটো.. তাই.. মিছেছ বিনীতাৰ লগত কোনোবা মন্দিৰত শৰাই-ভোগ দি… বা অনাথ আশ্ৰমত অনাথ শিশুসকলক আহাৰ খোৱাই হে .. পালন কৰি আহিছে । আপত্তি দৰ্শাইছিল যদিও… ৰৌনকক না ক’ব নোৱাৰিলে ৰূপালীয়ে..। দুমাহ আগত এটা মাল্টি নেচ’নেল কোম্পানীত জইন কৰা ৰৌনকে তাৰ প্ৰথম চেলাৰীৰে তাইৰ বাবে কিবা এটা কৰিব বিচাৰিছে.. । তাৰ উৎসাহক অৱমাননা কৰাৰ ধৃষ্টতা নাই তাইৰ..।

যথাসময়ত কেক কটা পৰ্বৰ অন্ত পৰিল । অভ্যাগত অতিথি সকলে ও খোৱা বোৱা কৰি.. আজৰি হ’ল । কিছু লোক ঘৰা-ঘৰি গৈছে যদিও.. বহুখিনি তাতে গোট খাই পুনৰ আড্ডাত ব্যস্ত হৈছে..। মিছেছ জৈন ইতিমধ্যে পাৰ্টি প্লেচ’ৰ পৰা নিজৰ ৰুমলৈ গৈছে । সময়ত প্ৰেচাৰ আৰু চুগাৰৰ টেবলেট কেইটা নাখালে অসুবিধা হয় তেওঁৰ .. ।
লগৰ বান্ধৱী কেইগৰাকীমানৰ লগত তাইৰ ফেভাৰেট বাটাৰ স্ক’টচ আইচ ক্ৰীমৰ সোৱাদ লৈ থকা ৰূপালীক.. দূৰৈৰ পৰা লক্ষ্য কৰি থকা ৰৌনকে.. হঠাৎ তাইৰ বাওঁ হাত খনতে খামুচি ধৰি ..বেলকণীৰ এটা চুকলৈ টানি লৈ আহিল.. ।

~~: কি হ’ল এইদৰে টানি আনিছ’ যে ..!
ৰৌনকৰ ব্যৱহাৰ কিবা আচহুৱা যেন লাগিল ৰূপালীৰ ।

~~: তোক খুব ধুনীয়া লাগিছে অ’ আজি । আকাশৰ পৰা নামি অহা পৰিজনী যেন লাগিছে জান’..।
ৰূপালীৰ মুখলৈ থৰ লাগি চাই ৰোৱা ৰৌনকক দেখি ইত:স্তত বোধ কৰিলে ৰূপালীয়ে … ।

~~: তাকে ক’বলৈকে সকলোৰে আগৰ পৰা টানি লৈ আহিছ’ ..?

~~: নহয় অ’ .. বেলেগ কথা এটাও আছে ।

~~: ক’ কি কথা ।

~~: তোক ভালপাওঁ মই ৰূপালী..। চিৰদিনৰ বাবে তোৰ হাতখনত ধৰি তোক নিজৰ কৰি ল’ব বিচাৰো মই । আজি সকলোৰে সন্মুখত এইখিনি কথা ক’ম বুলি মনতে ভাবি থৈছিলো যদিও.. কোৱা নহ’লগৈ.. । এতিয়া যদি নকওঁ আৰু কেতিয়াকৈ কোৱাৰ সুযোগ পাওঁ তাৰো ঠিক নাই..।
আই ল’ভ ইউ ৰূপালী.. । উইল ইউ মেৰী মি ..?

ৰূপালীৰ হাতখন সাজোৰে ধৰি.. হৃদয়ৰ আকুলতাৰে সুধিলে ৰৌনকে ।

থতমত খাই গ’ল ৰূপালী..। কি শুনিছে এইয়া.. । সৰুৰে পৰা একেলগে খেলি ধুলি… তই – মই কৈ.. ডাঙৰ হোৱা ল’ৰা এটাই আজি তাইক বিয়াৰ প্ৰস্তাৱ দিছে..! তাই দেখোন কোনোদিন ৰৌনকক সেইদৰে ভাবিয়েই চোৱা নাই.. । তাৰ মনলৈ নো এইবোৰ কথা কেনেকৈ আহিল ..? অলপ পৰ ৰৈ.. ৰৌনকৰ চকুলৈ চাই প্ৰশ্ন কৰিলে ৰূপালীয়ে.. ।

~~: পাগল হৈছ’ তই…? কি কৈছ’ এইবোৰ ।

~~: নাই হোৱা পাগল । আই এম ডেম চিৰিয়াছ এবাউট ইট.. এণ্ড আই হেভ ঠ’ট আ লট বিফ’ৰ টেকিং ডিচ ডিচিচ’ন ।

~~: বাট ডিচ ইজ নট ডা পাৰফেক্ট ৱে টু প্ৰ’পজ চাম ওৱান লাইক মি .. । তোক তেনেকৈ ভাবিয়েই চোৱা নাই মই কেতিয়াও.. । ঘপহকৈ আহি এইদৰে মোৰ হাতখন.. চিৰজীৱনৰ বাবে ধৰিব বিচাৰিলেই.. মই আগবঢ়াই দিম নে ..?

~~: কিয় .. তোৰ মনৰ মানুহজন হোৱাৰ যোগ্যতা নাই জানো মোৰ..? কি ক’মি দেখিছ’ মোৰ মাজত..ক’চোন .. ।

~~: ক’মি তোৰ নাই.. । মই হে যোগ্য নহয় তোৰ বাবে । তই সকলো জান’ই ৰৌনক.. । তাৰপিছত ও… ??

~~: এটাই জানো .. তোক ভাল পাই পেলাইছো মই । নিজৰ কৰাৰ সপোন দেখিছো..। তোৰ লগত….

~~: প্লিজ ৰৌনক… প্লিজ ষ্টপ । মই তোৰ হ’ব নোৱাৰো..।

আকাশ নীলা এভিনিং গাউনটোৰে.. সেই বিশেষ সন্ধিয়াটোত.. চেণ্টাৰ অৱ এট্ৰেকচ’ন হৈ পৰা ৰূপালীয়ে.. ৰৌনকৰ মুখৰ পৰা সি ক’ব বিচৰা শব্দ কেইটা কাঢ়ি.. সেমেকা চকুযুৰিৰে.. খৰখেদাকৈ সকলোৰে আগেদিয়েই হলঘৰটোৰ পৰা ওলাই আহিল..। তাত উপস্থিত থকা সকলোৱে আচৰিত হৈ ৰূপালীলৈ চাই ৰ’ল ।
ৰৌনকে অলপ সময়ৰ বাবে একে ঠাইতে ৰৈ.. নিজৰ মাজতে কথাবোৰে জুকিয়াই চালে.. । তাৰতো একো ভুল হোৱা নাই..। ৰূপালীয়ে এইদৰে প্ৰত্যাখ্যান কৰিলে যে তাৰ সিদ্ধান্তক… ! কিয়..?
কিহে বাধা দিছে ৰূপালীক মনৰ কথাবোৰ প্ৰকাশ কৰাত ? সি যে তাইৰ দুচকুত তাৰ প্ৰতি প্ৰেম ভালপোৱা কিছুমান দেখিছে.. সেয়া আচলতে মাৰিচিকা হে নেকি..?
অশান্ত হৈ পৰিল ৰৌনক । জীৱনত প্ৰথমবাৰৰ বাবে প্ৰেমৰ অনুভৱৰে জীপাল হৈছে তাৰ মনটো..। সপোন পুৰা নহ’ব নেকি তাৰ..!!

বিচনাতে পাৰ্টিৰ ভাগৰ মাৰি.. অলস ভাবে পৰি থকা.. মিছেছ জৈনক .. তেখেতৰ কাষতে শুই…. ৰূপালীয়ে গাৰ জোৰেৰে সাৱটি ধৰিলে…। বহু যত্ন কৰিও চেপি ৰখা ৰূপালীৰ উচুপনিবোৰ মিছেছ জৈনে পিছে ঠিকেই শুনা পালে..।

~~: কি হ’ল মাজনী.. ? কিয় কান্দিছা তুমি..?
ৰূপালীৰ মুৰতে হাত ফুৰাই.. তাইৰ দুখৰ কাৰণটো জানিব বিচাৰিলে তেখেতে ..।

~~: মোক মোৰ অতীতৰ বিষয়ে জানিব দিয়া মা । মই বৰ অসহায় অনুভৱ কৰিছো আজি । কি হৈছিল মোৰ লগত..? মোক সত্যবোৰ জানিব দিয়া প্লিজ..।

বিচনাতে বহি পৰিল মিছেছ বিনীতা জৈন..। আজি ইমান বছৰৰ পিছত .. অতীতলৈ ঘূৰি যাব বিচাৰিছে ৰূপালীয়ে..। হঠাৎ এনেকুৱা কি হ’ল.. ? কোনোবাই কিবা কৈছে নেকি তাইক..?
কেইবাটাও প্ৰশ্নই ভিৰ কৰিলে তেখেতৰ মন মগজুত ।

~~: কোৱা মা .. প্লিজ .. ।

ৰূপালীৰ কথাৰ একো উত্তৰ নিদি..লাহে লাহে মিছেছ জৈন.. তেখেতৰ অলমাৰীটোৰ ওচৰত থিয় হ’ল আৰু ল’কাৰটো খুলি এখন ডায়েৰী ৰূপালীৰ হাতত তুলি দিলে..।

~~: ইয়াতে তুমি বিচৰা সকলো প্ৰশ্নৰ উত্তৰ পাবা । তোমাৰ অতীতৰ বিষয়ে জনাৰ সম্পূৰ্ণ অধিকাৰ আছে তোমাৰ মাজনী..। কিন্তু আজি হঠাৎ পুৰণা কথাবোৰ জানিব বিচাৰিলা যে.. তাৰ বিশেষ কাৰণটো মইও জানিব বিচাৰো ।

~~: ৰৌনকে মোক বিয়াৰ প্ৰস্তাৱ দিছে মা .. ।

কথা কেইটা কৈ.. বুকুতে ডায়েৰীখন সাৱটি.. নিজৰ ৰুমলৈ দৌৰ দিলে ৰূপালীয়ে..। মিছেছ জৈনৰ মতামতলৈ ও বাট নাচালে তাই..।
এইখিনি তাইৰ সময় এতিয়া । নিজক চিনাৰ.. নিজক বুজাৰ সময় । ৰৌনকক ” হা ” ক’ব নোৱাৰাৰ কাৰণটোক বিচাৰি উলিওৱাৰ সময়..। তাই বেলেগ একো কথাই এই মুহূৰ্ত্বত চিন্তা কৰিব নিবিচাৰে..।
ৰুমত সোমাই.. দুৱাৰৰ হুকটো ভালদৰে লগাই ডায়েৰী খন মেলি ল’লে ৰূপালীয়ে… । -----------------------

আজি পুনৰ ঘৰখনত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰি উঠিছে । তেজ ৰঙী.. গুণা খচিত পাটৰ সাজজোৰেৰে আজিও সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰূপালী ।
হয়.. আজি ৰূপালী আৰু ৰৌনকৰ প’ষ্ট ৱেডিং পাৰ্টি ।
বিয়াখন ঈশ্বৰক সাক্ষী কৰি মন্দিৰতে সম্পন্ন হোৱাৰ পিছত.. আজি সমাজক সাক্ষী কৰি এক অটুট বান্ধোনেৰে বান্ধ খাইছে দুয়ো ।
ৰূপালী আজি অত্যন্ত সুখী..। তাই.. তাইৰ বাবাৰ আশীৰ্বাদ লৈ এটি নতুন জীৱনত ভৰি দিছে আজি.. । -------------------

বাবা .. মই ইয়াত নাথাকো ।
বাবা মোক লৈ যা.. ।
মোক এৰি নাযাবি বাবা.. ।

কেতিয়াও পাহৰিব নোৱাৰে সেই ৰাতিটোৰ.. সেই সময়খিনি ৰূপালীয়ে..। এতিয়াও কোনোবা সময়ত উচপ খাই উঠে তাই বাবালৈ মনত পেলাই..।
তেতিয়া তাইৰ বয়স মাত্ৰ চাৰি বছৰ । দেউতাকৰ চকুৰ মণি ৰূপালী..। তেওঁৰ যেন উশাহটো ও তাইয়েই..। মাকে কেৱল জন্ম হে দিলে তাইক..। চুলাইৰ নিচাত অনবৰতে মত্ত হৈ থকা মাকে.. সেইদিনা.. সামান্য কথাতে দেউতাকৰ লগত কাজিয়া কৰি.. ৰূপালীক কাটিবলৈ দা খন ডাঙি লৈছিল । সেই দা খনেৰে.. দেউতাকে ওলোটাই মাককে দুচেও কৰি..ৰূপালীক কোচত তুলি.. মিছেছ বিনীতা জৈনৰ ঘৰলৈ ঢাপলি মেলিছিল । মিছেছ জৈনৰ .. কাপোৰৰ দোকানখনত কৰ্মৰত..অমায়িক আৰু বিশ্বাসী …মানুজনৰ মুখেৰে… সকলোবোৰ জানি.. ৰূপালীক.. মিছেছ জৈনে.. নিজৰ কোলালৈ তুলি লৈছিল আৰু মাকৰ নিথৰ শৰীৰটো ডাঙ কোলাকৈ লৈ.. পুলিচ থানাত আত্ম সমৰ্পন কৰিছিল ৰূপালীৰ পিতৃয়ে.. ।
যাৱজীব্বন কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছিল তেওঁক ।

ৰৌনক তেতিয়া ন বছৰীয়া এটি শিশু । প্ৰথম কেইবছৰমান ৰূপালীৰ লগত একেখন মজিয়াতে খেলি.. একেখন কাঁহিতে খাই ৰৌনকে তাইক নিজৰ বান্ধৱীৰ দৰেই মৰম দিছিল যদিও.. যিমানেই ডাঙৰ হৈ আহিল .. মাকৰ জীৱনত.. তাৰ মৰমৰ ঘৰখনত ৰূপালীৰ উপস্থিতি সি যেন সহিবলৈ টান পোৱা হ’ল । দিনে দিনে খঙাল হৈ পৰিল সি ।

স্বামীহাৰ বিনীতাৰ বাবে ও ৰৌনক আৰু ৰূপালী.. দুয়োকে একেলগে চম্ভালা বৰ কষ্টকৰ হৈ পৰিল । ফলস্বৰূপে ৰৌনকৰ সন্মতিতে এখন ব’ৰ্ডিং স্কুলত নাম লগাই দিয়া হ’ল তাৰ । ৰৌনকে.. কোনোদিন নিজৰ ভনী জ্ঞান কৰিব নোৱাৰিলে ৰূপালীক…। পিছে বয়স বঢ়াৰ লগে লগে..কিবা এক অনামী আকৰ্ষণে যেন টানিব ধৰিলে ৰৌনকক ৰূপালীৰ কাষলৈ..।

ৰূপালীৰ জীৱনৰ এক ক’লা অধ্যায় এইয়া..। ৰূপালীৰ দেউতাকক কথা দিয়া মতে…ইমান বছৰে মিছেছ বিনীতা জৈনে.. নিজৰ বুকুতে খোদি ৰখা ৰূপালীৰ অতীত এইয়া.. । এতিয়া সময়ে দাবী কৰাত.. সেই অতীতে পুনৰ ভুমুকি মাৰিছে ৰূপালীৰ জীৱনত..।

মিছেছ জৈনে এই সুদীৰ্ঘ কালছোৱা.. নিজৰ ছোৱালীৰ দৰে মৰম দিলে ৰূপালীক । নিজেই জন্ম দিয়া সন্তানৰ দৰে.. সকলো অভাৱ পুৰ কৰিব যত্ন কৰিলে তাইৰ । ৰূপালীৰ কোমল মনটোৱে.. মিছেছ জৈনৰ পৰা মাকৰ মৰম পাই.. জন্মদাত্ৰী মাতৃক ও পাহৰি গ’ল । পিছে তাইৰ মানসপটত তাইৰ বাবা সদায় জীয়াই থাকিল । তাইৰ বাবাৰ মৰমবোৰ পাহৰিব নোৱাৰিলে তাই .. ।

সেইদিনা ডায়েৰীখনৰ পৰা.. ৰূপালীয়ে..নজনাকৈ থাকি যোৱা কথাবোৰ … জনাৰ পিছত.. মিছেছ জৈনৰ প্ৰতি তাইৰ.. মৰম আৰু শ্ৰদ্ধা যেন বহু গুণে বাঢ়ি গ’ল ।
আজি তেওঁৰেই একমাত্ৰ পুত্ৰ ৰৌনকৰ.. সদ্যবিবাহিতা পত্নী তাই..।

সেইখন তাইৰ নিজৰ ঘৰ নহয় বুলি জানিছিল যদিও ইমান দিনে বিনীতাক তাই মাতৃ জ্ঞান কৰি আহিছে । গতিকে একেলগে শৈশৱ- কৈশোৰ পাৰ কৰি…যৌৱনত ভৰি দিয়া ৰৌনকক.. জীৱন সংগী হিচাপে মানি ল’বলৈ নিজকে প্ৰস্তুত কৰা সহজ নাছিল ৰূপালীৰ বাবে ।
পিছে মিছেছ জৈনৰ উদাৰ মনটোৱে .. ৰূপালীক জীয়েকৰ মৰম দিয়াৰ পিছত.. একমাত্ৰ বোৱাৰী হিচাপে মানি ল’বলৈ ও বেছি পৰ নালাগিল ।

ৰৌনকৰ সিদ্ধান্তত সুখী তেওঁ… ।

একো ভুল হোৱা নাই তাৰ । ৰূপালীৰ অতীতৰ সকলোবোৰ কথা জনাৰ পিছত ও ৰূপালীক সি নিজৰ কৰি ল’বলৈ আগবাঢ়ি আহিছে । এগৰাকী মাতৃ হিচাপে মিছেছ জৈন আজি গৌৰম্বাৱিত .. ।

সম্বন্ধবোৰ কেতিয়াবা এনেকৈ ও গঢ়ি উঠে.. । একান্ত আপোন জন… পৰ হৈ পৰে আৰু.. পৰৰ এজন ও হৃদয়ৰ গভীৰত বাহৰ পাতি.. আপোন হৈ পৰে..।

মন্দিৰত.. ৰৌনকৰ নামৰ সেন্দুৰ… শিৰত বোলাই.. ঢাপলি মেলিছিল ৰূপালী… ৰৌনকৰ লগত জিলা কাৰাগাৰলৈ..। এমুখ ডাঢ়িৰে.. বয়সতকৈ যথেষ্ট বৃদ্ধ যেন অনুমান হোৱা মানুহজনক.. ” বাবা ” বুলি সাৱটি ধৰিছিল তাই.. ।
দুয়ো উচুপি উচুপি কান্দি উঠিছিল… ।
দুখ .. সুখ .. মৰম .. আশীৰ্বাদ .. কিমান যে অনুভৱে ভৰাই তুলিছিল দুয়োৰে বুকু কেইখন..।
দেউতাকে এদিন এৰি থৈ যোৱা …চাৰি বছৰীয়া শিশুটিৰ দৰেই…কুচি-মুচি তেওঁৰ বুকুলৈ সোমাই আকৌ চিঞঁৰিছিল ৰূপালীয়ে..

মোক আঁতৰাই নপঠাবি বাবা…
মোক আঁতৰাই নপঠাবি.. ।

দেউতাকে ৰৌনকৰ হাতত তাইক গতাই.. গালে মুখে হাত ফুৰাই তাইক বিদায় দিছিল ..

” যা গৈ যা মাজনী.. । আপোন ঘৰ খনলৈ যা । তোৰ বাবাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে । সুখী হ’ সোনজনী..।


      ------------------

Couple challenge..

:- পাপা … পাপা….

দেউতাকক দেখি দৌৰি অহা কণমানি পাখিক…গৰমত গুলপীয়া হৈ পৰা .. গোলাপ কোমল গাল খনতে চুমা এটা আঁকি.. মৰমেৰে কোলাত তুলি ল’লে মৃগনাভে ..।

:- উফ…ইমান দৌৰিব লাগে নে বাৰু পাপাক দেখি.. ! মোৰ গোসাঁনী জনীৰ গাল দুখন গৰমত একেবাৰে ৰঙা পৰি গৈছে পাই..।

:- তুমি আজি ইমান লেট কিয় হ’লা পাপা ? মোৰ সব ফ্রেণ্ড গুচি গ’ল জানা.. ।

:- আজি পাপাৰ ঢেৰ কাম আছিল অ’ অফিচত..। সেইবাবে অকণমান দেৰি হৈ গ’ল । চ’ৰি মাই প্ৰিন্সেচ… ।

:- অ’কে পাপা..। ব’লা ঘৰলৈ যাওঁ..। মোৰ বিৰাট ভোক লাগিছে..।

:- ব’লা ব’লা.. । পাপাৰ ও ভোক লাগিছে..। জলদি ঘৰত গৈ দুইটাই কিবা খাওগৈ ব’লা..।

স্কুল কেম্পাছৰ পৰা ওলাই..পাখিৰ পিঠিৰ পৰা বেগটো খুলি.. ফ্ৰ’ণ্ট চিটত তাইক বহুৱাই.. মৃগনাভে গাড়ী ষ্টাৰ্ট দিলে.. । অকোৱা-পকোৱা পাহাৰীয়া ৰাস্তাটোৰে ঘৰমুৱা হ’ল সিহঁত.. ।

স্কুলৰ পৰা বাৰ’ কিল’মিটাৰ মান দূৰত.. পাহাৰীয়া ঠাইখনৰ সৰু টাউন এৰিয়াটোৰ.. অলপ নিলগত.. পাতল জনবসতিপূৰ্ণ এলেকাটোতে.. মৃগনাভৰ মৰমৰ ঘৰখন । পাখিৰ স্কুলৰ পৰা তাৰ অফিচলৈ ও ভালে খিনি বাট যাব লাগে..। গতিকে কষ্ট হয় তাৰ বহুত..। পাখিক সময় মতে স্কুলত থোৱা.. সময়ত স্কুলৰ পৰা অনা.. লগতে চাকৰিটো ও..।
মাকে প্ৰায়েই ফোন কৰি.. মৃগনাভক ঘৰলৈ ঘূৰি আহি তাতেই কিবা এটা কৰাৰ কথা কৈ থাকে..। সিও বুজে..মাকে কোৱা কথা খিনিৰ যুক্তি আছে..। তেতিয়া তাৰ অসুবিধাবোৰ দূৰ হোৱাৰ লগতে.. পাখিয়েও ঘৰ বুলি ..আপোন ককাক আইতাকৰ মৰমবোৰ পাব..।

পিছে এই ঠাইখনৰ প্ৰতি.. কিবা এটা বেলেগ মোহ সোমাই গ’ল মৃগনাভৰ অন্তৰত..। সি যাওঁ বুলিলেও আঁতৰি যাব নোৱাৰে দেখোন এই পাহাৰটো এৰি..। ঠাইখনৰ প্ৰতিটো চুকে-কোণে.. তাৰ বাবে .. এগালমান মৰম যেন থুপ খাই আছে..। আলিয়ে-গলিয়ে.. কিবা এক নামি আকৰ্ষনে তাক যেন টানি থাকে প্ৰতি নিয়ত…। যেন চিঞঁৰি চিঞঁৰি মাতে তাক ….

” মোক এৰি নাযাবা মৃগনাভ..। নাযাবা ইয়াৰ পৰা..। চোৱা মই এতিয়াও ইয়াতে আছো..। সেই যে ৰাস্তাটো.. তাতে তুমিয়ে মইয়ে… কিমানটা সন্ধ্যা.. হাতে-হাত ধৰি ঘূৰি ফুৰিছিলো..! পাহৰি গ’লা নেকি তুমি..? চোৱা এই সৰু ৰেষ্টুৰেণ্টখন..সেই নিৰ্দিষ্ট টেবুলখন.. য’ত বহি..চকুতে চকু থৈ.. হাতত কফিৰ কাপ লৈ.. দিনটোৰ অৱসাদবোৰ দূৰ কৰিছিলো আমি দুয়ো..। চোৱা সেই ফুল বেচি থকা মানুহগৰাকী… তেওঁ যে প্ৰতিদিনে তোমাক এপাহ সতেজ গোলাপ দি পঠাইছিল.. মোক দিবলৈ..। আমাৰ সেই মৰমৰ ঘৰখন…! পাৰিবা জানো তাৰ পৰা আঁতৰি যাব..! নাযাবা মৃগনাভ.. নাযাবা..।”

নাই নাপাহৰে মৃগনাভে একো.. নোৱাৰে পাহৰিব । এই ঠাইখন.. ইয়াৰ স্মৃতিবোৰ.. একোৱেই পাহৰিব নোৱাৰে সি..। হওক তাৰ কষ্ট..। সেই কষ্টৰো এক সুকীয়া আমেজ আছে..। সেই কষ্টবোৰে জীয়াই ৰাখিছে তাক ..। সেই অনুভৱ খিনিক চিৰদিনৰ বাবে হৃদয়ৰ গভীৰত শিপাই ল’ব বিচাৰে মৃগনাভে..। তাতেই থাকিব সি…আমৃত্যু তাতেই ৰৈ যাব..। তাৰ ভালপোৱাবোৰৰ বাবেই থাকি যাব সি.. পাখিক বুকুতে লৈ..।

স্কুলৰ পৰা ঘৰ পোৱালৈকে গোটেই ৰাস্তাটোত কিমান যে কথা পাখিৰ..! স্কুলত কি পঢ়িলে.. কোনে মেমৰ পৰা পানিচমেন্ট পালে.. কি খেলিলে.. হ’ম ৱৰ্ক কি দিছে.. । যেন অন্তই নহ’ব দেউতাকৰ লগত তাইৰ কথাবোৰৰ । মৃগনাভে মাজে মাজে.. নীৰৱ শ্রোতাৰ দৰে… মাথোঁ মুৰ দুপিয়াই.. প্ৰতি সহাঁৰি জনাই যায় …পাখিয়ে মৌ-মিঠা মাতটোৰে অনৰ্গল কৈ যোৱাবোৰৰ ।
সিহঁতৰ এই সৰু পৃথিৱীখনত … মৃগনাভ আৰু পাখি .. দুয়ো দুয়োৰে লগৰী.. আৰু স্বপ্নালীৰ স্মৃতিবোৰ.. জীয়াই থকাৰ প্ৰেৰণা..।

আঠটা বছৰ হ’ল মৃগনাভ এইখন ঠাইলৈ.. এটা কনষ্ট্ৰাকচ’ন ক’ম্পানিৰ জুনিয়ৰ ইঞ্জিনীয়াৰ হিচাপে এপইণ্ট হৈ অহা । মহানগৰীৰ জাক-জমকতাৰ পৰা ওলাই আহি.. সৰু পাহাৰীয়া ঠাইখনত.. নিজকে খাপ খোৱাই ল’বলৈ প্ৰথমে বৰ অসুবিধাত পৰিছিল সি ।
লাহে লাহে..অফিচৰ দুই এজন ক’লীগৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল যদিও.. মৃগনাভে..কেতিয়া ট্ৰান্সফাৰ লৈ.. সেই পাহাৰটোৰ পৰা ওলাই আহিব পাৰে.. তাৰ চিন্তাতে দিন কটাব ধৰিলে..। দিনবোৰ ব্যস্ততাৰে পাৰ হ’লেও.. সন্ধ্যা নমাৰ লগে লগে..ঘৰখনলৈ মনত পৰি.. উদাস হৈ পৰে তাৰ মনতো ।

স্বপ্নালীক ল0তেনে এটি উদাসী সন্ধ্যাতে অফিচৰ পৰা আহি থাকোতে.. হঠাৎ …ৰাস্তাতে লগ পাইছিল মৃগনাভে..। কিনকিনিয়া এজাক বৰষুণে.. মায়াময় কৰি তোলা সেই বিশেষ সন্ধ্যাটোয়ে .. মৃগনাভক যেন বাধ্য কৰি পেলালে পাহাৰটোৰ প্ৰেমত পৰিবলৈ..।

মৃগনাভৰ চলন্ত বাইকৰ আগৰ পৰা..সেইদিনা..কথমপি নিজৰ বাই-চাইকেলখন ৰাস্তাৰ কাষলৈ ঘূৰাই.. বাইক আৰোহি জনলৈ লক্ষ্য কৰি চিঞঁৰি উঠিছিল স্বপ্নালীয়ে…

:- হেই মিষ্টাৰ.. মানুহ মহতিয়াই নিব নেকি হে..? বাইক চলোৱাৰ জ্ঞান নাই যদি… চলাইছে কিয়..? আজি মৰি.. ফটো হৈ ওলমা হ’লে.. মোৰ মা দেউতাক সান্তনা দিব পাৰিলে হেঁতেন নে..? ননচেন্স ক’ৰবাৰ..!

বাইকৰ হেড লাইটৰ পোহৰে.. স্পষ্ট কৰি পেলোৱা স্বপ্নালীৰ মুখ খনলৈ একেথৰে চাই ৰৈছিল মৃগনাভ..। তাই কৈ থকা কথাবোৰৰ উত্তৰ দিব লাগে বুলিও..সেই সময়ত মনলৈ অহা নাছিল তাৰ..। কোনোবা সাধু কথাৰ পৰী এজনী হে যেন স্বয়ং তাৰ সন্মুখত ঠিয় দি আছে..। আউলি-বাউলি দীঘল একোচা চুলি.. টনা-টনা দুটা চকু…লাহি…ওখ…স্বপ্নালী.. প্ৰথম দৃষ্টিতে যি কোনো ডেকা ল’ৰাক আকৰ্ষণ কৰিব পৰাকৈ ধুনীয়া.. ছোৱালী এজনী..। তাইক দেখি মৃগনাভ ও অলপ সময়ৰ বাবে থৰ লাগি ৰৈছিল ।

:- চ’ৰি মেম.. । অলপ অন্যমনস্ক হৈ পৰিছিলো..। আপুনি ঠিকে আছে নে.. ? ক’ৰবাত দুখ পালে নেকি..?
ব্যস্ত হৈ পৰিছিল মৃগনাভ .. ।

:- নাই পোৱা..। ভাগ্য ভাল আপোনাৰ..। পোৱা হ’লে জেইল’ৰ ভাত খাব লাগিল হয়..!
বেগৰ পৰা মেডিচিন খিনি পৰি হে নষ্ট হ’ল ..।

লৰালৰিকৈ মৃগনাভে চাইকেলৰ পৰা পৰি যোৱা স্বপ্নালীৰ বেগটো উঠাই.. চেদেলি-ভেদেলি হৈ পৰা বস্তুকেইপদ তুলি দিছিল । তাৰ ভিতৰত এখন নোটবুক.. এটা পার্চ..আৰু অলপমান মেডিচিন আছিল । মেডিচিনৰ বটল দুটা ইতিমধ্যে ভাঙি নষ্ট হৈছিল ..।
:- মই সঁচাই দুঃখিত । ৰ’ব মই মেডিচিন কেইটা আনি দিছো ।

:- ইটচ অ’কে মই আনি ল’ম । আপুনি যাওঁক ।
আপত্তি কৰিছিল স্বপ্নালীয়ে..।
কিন্তু জোৰ কৰি আনি দিছিল মৃগনাভে নষ্ট হৈ পৰা মেডিচিনৰ বটল দুটা.. । সামান্য সৌজন্যতাৰে.. ধন্যবাদ জনাই গুচি গৈছিল স্বপ্নালী…ঢৌ খেলা চুলি খিনি উৰুৱাই..।

পিছে মৃগনাভৰ মনৰ পৰা আঁতৰি নগ’ল তাই..। বাৰে বাৰে তাইক চাব মন গ’ল মৃগনাভৰ..। বাৰে বাৰে তাইক লগ পাব মন গ’ল । প্ৰতি সন্ধ্যা.. সেই সময়খিনিত তাইক দেখে নেকি চাবলৈকে ৰৈ থকা হ’ল সি… সেই নিৰ্দিষ্ট জেগাখিনিত .. ।
তেনেকৈয়ে স্বপ্নালীৰ লগত এদিন চিনাকি হ’ল মৃগনাভৰ । গম পালে সি.. স্বপ্নালী তাৰেই স্থায়ী বাসিন্দা..। বৃদ্ধ মাক দেউতাকৰ একমাত্ৰ ছোৱালী । এখন মিউজিক স্কুলৰ মিউজিক টিছাৰ তাই ।
সোনকালেই..বন্ধুত্ব সুলভ সম্পৰ্ক এটা গঢ়ি উঠিল দুয়োৰে মাজত.. আৰু দিন বাগৰাৰ লগে লগে সেই সম্পৰ্কই প্ৰেমৰ ৰূপ ল’লে..।
তেনেকৈয়েইতো কাৰোবাক অজানিতে.. অকাৰণতে ভাল লাগি যায়.. আপোন কৰি ল’ব পৰাকৈ..। যেনেকৈ মৃগনাভৰ ভাল লাগি গ’ল স্বপ্নালীক… প্ৰথম দেখাতেই… ।

মাক দেউতাকৰ সন্মতিৰে..দুয়ো এদিন বিবাহ বান্ধোনেৰে বান্ধ খাই পৰিল..। মৰম ভালপোৱাই পূর্ণ কৰি তোলা.. সিহঁতৰ সংসাৰ খন দেখি সকলোৱে আশীৰ্বাদ কৰিলে দুয়োকে…
” স্থায়ী হওক তোমালোকৰ প্ৰেম ভালপোৱা..। সুখী হোৱা দুয়ো..। “ -------------------

:- পাপা.. কি হৈছে আজি তোমাৰ..। ঘৰলৈ সেইটো ৰাস্তাৰে হে যায়..। তুমি এইফালে গাড়ী কিয় ঘূৰালা..?
পুৰণা কথাবোৰ সুঁৱৰি.. আনমনা হৈ পৰা মৃগনাভ..পাখিৰ মাতত সচকিত হৈ পৰিল ।

:- অহ মাই গ’ড.. পেটৰ ভিতৰত নিগনিটোৱে ইমান জোৰত কামুৰি দিলে নহয়.. মোৰ ষ্টেয়াৰিং ডাল এইখিনিতে ঘূৰি গ’ল… । কি যে হ’ব .. !!

হাজাৰ দুখে হেঁচি ধৰিলেও… হাজাৰ বেদনাই বুকুখন ভাঙি পেলালেও.. পাখিৰ আগত সহজ হৈ থাকিবলৈ বাধ্য মৃগনাভ..। দুচকুৰে চকুপানীবোৰ নিগৰি আহিলেও.. পাখিয়ে দেখাকৈ বোৱাই দিব নোৱাৰে সি সেইবোৰ…।
মৃগনাভে নিজকে লুকুৱাই… পাখিক কোৱা কথা কেইটাত খিলখিলাই হাঁহি উঠিল পাখি…। পাখিৰ হাঁহিবোৰে পাহৰাই পেলাই মৃগনাভৰ বুকুৰ বিষটো..।
নিজকে সংযত কৰি গাড়ী খন ঘূৰাই ল’লে সি..।

নিশা পাখিক বুকুতে সামৰি.. শুবলৈ লোৱা মৃগনাভক পাখিয়ে লাহেকৈ সুধিলে…
:- মায়ে..তোমাকে মোক এৰি থৈ কিয় গুচি গ’ল পাপা..? মোৰ ও মা… আমাৰ লগতে থকা হ’লে…!!

বুকুখন কঁপি উঠিল মৃগনাভৰ.. । কিয় সুধিছে আজি পাখিয়ে মাকৰ কথা..? কোনোদিন মাকৰ কোলাৰ সুখ..বুকুৰ উম কি বুজি নোপোৱা ছোৱালীজনীয়ে.. আজি মাকক মিছ কৰিছে যে কিয়..? ক’ৰবাত তাৰ মৰমবোৰ কম যেন অনুভৱ কৰিছে নেকি তাই…!
পাখিক জোৰেৰে বুকুলৈ চপাই ল’লে সি..।

:- কি হ’ল পাখি মাইনা..? আজি মাৰ কথা সুধিলা যে..! তুমিতো জানাই.. তোমাৰ পাপা আৰু মা মইয়েই.. । মানে …টু ইন ওৱান..। তোমাকতো বুজাই দিছো … ঘৰত তোমাৰ লগত খেলা.. তোমাক মাম বনাই খোওৱা.. তোমাক শুৱাই দিয়া সময়খিনিত… মই তোমাৰ মা… আৰু অফিচলৈ যোৱা.. তোমাক স্কুল অনা-নিয়া কৰা .. সেই সময়খিনিত মই তোমাৰ পাপা..।

:- জানো পাপা..। মোৰ মনত আছে..। আচলতে কি জানা.. মোৰ ফ্রেণ্ডচৰ পাপা-মাবোৰে একেলগে ফটো উঠি কিবা চেলেঞ্জ কৰিছে বোলে..। ফেচবুকত ফটোবোৰ দিছে..। মোক কৈছে সিহঁতে..।
তুমি আৰু মা ও যদি একেলগে ফটো এখন উঠিব পাৰিলা হয়..! মা সঁচাই বহুত বেয়া..।

সেমেকা চকুৰে পাখিয়ে কোৱা কথা কেইটাই.. মৃগনাভৰ বুকু খন হুলে বিন্ধা দি বিন্ধিব ধৰিলে..। ম’বাইল ফোনটো হাতেৰে তুলি লৈ.. ফ্ৰণ্ট কেমেৰাত এঙগ’ল মিলাই কৈ উঠিল সি..
:- সেইটো নো কি কথা..? মা হে নাই..। তুমিয়ে মইয়ে ফটো উঠিম একেলগে..। মা বহুত ভাল আছিল কাৰণেহে.. ভগৱানে আকাশলৈ লৈ গ’ল মাক..।
নাও স্মাইল প্লিজ মাই চুইট হাৰ্ট..।

বাপেক জীয়েকৰ ধুনীয়া চেল্ফিখন চাই.. সন্তুষ্টিৰ হাঁহি এটাৰে মৃগনাভৰ বুকুতে শুই পৰিল পাখি..।

নিশা যিমানেই গভীৰ হৈ আহিল.. স্বপ্নালীৰ মুখ খনে.. তাইৰ কথাবোৰে… তাই গোৱা গানবোৰে… আমনি কৰিব ধৰিলে মৃগনাভক…।

“—মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম..
তোমাৰ এটুপি চকুলো পালেই..
মই পাম মোৰ দাম —“

ধৰফৰাই উঠে মৃগনাভ..স্বপ্নালীয়ে যেতিয়া এনেকুৱা গানবোৰত.. প্ৰাণ ঢালি..কণ্ঠ নিগৰাই ..।

:- নাগাবাচোন দুখৰ গানবোৰ স্বপ্নালী..। তোমাৰ মাতেৰে এইবোৰ গান শুনিলে কষ্ট হয় মোৰ..। ভালপোৱাৰ গান গোৱা.. জীৱনমুখী গান গোৱা..।
দবিয়াই উঠে সি..।

কেতিয়াবা ভাললগা মুহূৰ্ত্ব কিছুমান সজীৱ কৰি ৰাখিবলৈ .. তাই যেতিয়া একেলগে ফটো এখন উঠি.. ফেচবুকত আপল’ড কৰো বুলি আব্দাৰ কৰে.. আপত্তি জনাই মৃগনাভে.. ।

:- পাৰ্চনেল কথাবোৰ দুয়োৰে মাজতে থাকিব দিবাচোন । ৰাজহুৱা কৰিবৰ কি দৰকাৰ নো..? একেলগে ফটো এখন উঠিলেই যে প্ৰেম বাঢ়ি যাব.. বা নুঠিলেই কমি যাব.. তেনেকুৱা কিবা আছে জানো স্বপ্নালী..? ভালল’গা বোৰ হৃদয়ৰ কেমেৰাৰে … স্মৃতিৰ পাতত সজীৱ কৰি ৰাখিবা তাতকৈ..। ডায়েৰীত লিখি ৰাখিবা অনুভৱবোৰ..।

স্বপ্নালীয়ে তাক জোকাবলৈকে … গুণগুণাব ধৰে…

“— যি দিনা মোক বিচাৰি নাপাবা…
সেইদিনা তুমি…. বুজিবা..
লাগে যদি মোৰ খবৰ … সেইদিনা..
সন্ধ্যা তৰাকে সুধিবা.. সুধিবা.. সুধিবা —“

:- সুধিবা মৃগনাভ.. তৰাবোৰকে সুধিবা মই ক’ত আছো.. কেনে আছো..। এখন ফটো মোৰ লগত উঠিবলৈ টান পোৱা..! কিয় থাকিম মই তোমাৰ লগত..। গুচি যাম সঁচাই..। চাই থাকা..।

অভিমানত মুখ খন ফুলা লুচিৰ দৰে ফুলাই উচাৎ মাৰি আঁতৰি যায় স্বপ্নালী ..।
স্বপ্নালীৰ ওঁঠত.. নিজৰ আঙুলিটো জোৰকৈ হেঁচি ধৰি বুজাই সি..

:- নাপাই স্বপ্নালী.. । হেৰাই যোৱাৰ কথা নক’বা..। তুমি দুচকত যেতিয়া এটা সপোন আঁকি লৈ ..তাক পূৰা কৰিবলৈ মনে প্ৰাণে চেষ্টাত ব্ৰতী হোৱা.. তেতিয়া এটা পচিটিভ ভাইভয়ে সেই সপোনতো সঁচা কৰিবলৈ তোমাৰ চেষ্ঠাত সাৰ পানী যোগাই..। আৰু তোমাৰ সপোন সঁচা হোৱাৰ ৰাস্তা ও আপোনা-আপুনি খোল খাই পৰে..।
ঠিক তেনেকৈ… এনেকুৱা উদাসী চিন্তাবোৰতও আমাৰ মনত নিগেটিভ ইমপেক্ট কিছুমানে ক্ৰিয়া কৰে..। ক্ষন্তেকৰ বাবে হ’লেও দুৰ্বল হৈ পৰো আমিবোৰ..।
মোৰ ভয় লাগে স্বপ্নালী..। দুৰ্বল মনে আমাক দিশহাৰা কৰি তোলে বুলি ভয় হয় মোৰ..। ক’ৰবাত হেৰাই যাব লগা হয় বুলি কঁপি উঠো মই.. ।
প্লিজ নাগাবা এইবোৰ গান.. । প্লিজ স্বপ্নালী..।

আৱেগ সনা চকুযুৰিৰে মৃগনাভলৈ থৰ লাগি চাই ৰয় স্বপ্নালীয়ে..। মৰমৰ নৈ এখন উথলি উঠে তাইৰ বুকুত..।

:- ইমান দূৰলৈ চিন্তা নকৰিবা মৃগনাভ । নাইকিয়া হ’লেও তোমাৰ মাজতে থাকিম মই সদায় । তুমি নো ফটো এখন উঠিবলৈ ও ইমান আপত্তি কিয় কৰা..?
তোমাক জোকাবলৈহে কৰো এইবোৰ..।

:- জোকাবলৈ ও নকৰিবা । মই বেয়া পাওঁ এনেকুৱা ধেমালি ।

আৰু এদিন… সেই ধেমালি ধেমালিকৈ কোৱা কথাবোৰ সঁচা কৰি…. কোনোবা অজান দেশলৈ গুচি গ’ল তাৰ স্বপ্নালী..। বহু সময় ধৰি প্ৰসৱ বেদনাত চটফটাই থকাৰ পিছত.. পৃথিৱীৰ বুকুলৈ আমন্ত্ৰণ কৰি অনা পৰিজনীৰ মুখ খন ও নাচালে তাই..। নিজৰ সকলো দায়িত্ব.. কৰ্তব্য.. লগতে তাইৰ শৰীৰৰ অংশটিও মৃগনাভৰ হাততে গতাই.. স্বপ্নৰ দেশলৈ উৰা মাৰিলে তাই..।

খপজপকৈ উঠি বহি.. নিজৰ লগতে.. স্বপ্নালীৰ ম’বাইলটোৰ ও গেলাৰীত.. দুয়ো একেলগে উঠা ফটো এখন বিচাৰি পাই নেকি.. খুচৰি চলাথ কৰিলে মৃগনাভে..।
যিমানবোৰ ফটো আছে.. সকলোতে কোনোবা নহয় কোনোবা বেলেগ এজন.. সিহঁতৰ লগত থাকেই..। হতাশ হৈ পৰিল মৃগনাভ..। বেচেৰীৰ কিমান আশা আছিল.. দুখনমান ফটোত অকল সি আৰু তাই থাকক..। আজি পাখিয়ে ও বিচাৰিছে মা-পাপাই একেলগে উঠা ফটো একপি.. ।

বিচনাৰ পৰা নামি আহি.. ডাঙৰকৈ বন্ধাই থোৱা স্বপ্নালীৰ ফটোখন কাষতে লৈ.. মিচিকিয়া হাঁহি এটাৰে সি এখন চেল্ফি উঠিলে.. আৰু ..
” তোমাৰ সৈতে.. চিৰদিনলৈ…” কেপচন দি ফেচবুকত আপল’ড কৰিলে..।
মনতে ভাবিলে সি…
—- ইয়েছ.. দিচ ইজ ডা ৰিয়েল ক’পল চেলেঞ্জ..। কাৰ ইমান সাহস আছে.. নিজৰ স্বৰ্গগামী পত্নীৰ লগত এইদৰে ফটো উঠি ফেচবুকত আপল’ড কৰাৰ..। এনেকৈ দুই ওঁঠত হাঁহি বিৰিঙাই কোনে পাৰিব .. সুখী হোৱাৰ অভিনয় কৰিব..। এইয়া হে আচল চেলেঞ্জ..।

চকুপানীবোৰক বাধা দিব নোৱাৰিলে মৃগনাভে..। স্বপ্নালীৰ ফটোখন বুকুতে সাৱটি.. উচুপি উচুপি কান্দিব ধৰিলে সি..। শুই থকা পাখিক সাৱটি ধৰি,হৃদয়ৰে অনুভৱ কৰিলে স্বপ্নালীক তাৰ কাষতে…।

ৰতিপূৱালৈ …বহুতে লাইক কৰাৰ লগতে কমেণ্ট ও কৰিলে সিহঁতৰ ফটোখনত…।
ডা এভাৰগ্ৰীণ ক’পল..
ডা কিউট ক’পল..
ড’ন্ট বি চেড..চি ইজ অলৱেইজ উইথ ইউ…
ইউ আৰ মিছড স্বপ্নালী..
ষ্টে’ ব্লেচড..।

মন ভৰি গ’ল মৃগনাভৰ..। পাখিয়ে সাৰ পোৱাৰ লগে লগে.. তাইৰ চকুৰ আগত দাঙি ধৰিলে.. ম’বাইলৰ ৱালপেপাৰ দি ৰখা স্বপ্নালী আৰু তাৰ ফটোখন..।

:- ওৱাও পাপা.. ইমান ভাল লাগিছে.. তোমালোকক । ল’ভ ইউ পাপা..।

ম’বাইলটো হাতেৰে সাৱটি.. মৃগনাভৰ কোলাত কুচি-মুচি সোমাই পৰিল.. তাৰ গুলপীয়া পৰিজনী..। মৃগনাভৰ খুব মন গ’ল সেই ভাল লগা মুহূৰ্ত্বটি কেপচাৰ কৰি চিৰদিনৰ বাবে সাঁচি ৰাখিবলৈ..।

মৃগনাভে জানে.. স্বপ্নালী হেৰাই যাব নোৱাৰে..।
স্বপ্নালী আছে..।
এই পাহাৰটোতে আছে তাই..।
সিহঁতৰ ভালপোৱাৰ পৃথিৱীখনত স্মৃতি হৈ জীয়াই আছে তাই..।
সিহঁতৰ হৃদয়ৰ গভীৰত শান্তিৰে শুই আছে তাই..।

স্বপ্নালী আছে…।
পাখী হৈ.. পাখিৰ মাজতে.. এইয়া মৃগনাভৰ বুকুতে আলফুলে সোমাই আছে তাৰ মৰমৰ স্বপ্নালীজনী…।

     --------------------
       

জীৱনৰ পিছতো…

:- কোৱা …কেইখোজ দিব পাৰিম আগলৈ..?
ওখ গড়া এটাত বহি..ৰাগিনীৰ সৈতে কথা পাতি থকা ৰাহুলে.. ঘপহকৈ উঠি প্ৰশ্ন কৰে তাইক..।

:- উমমম… আৰু দহখোজ..।
মনতে হিচাপ কৰি ৰাগিনীয়েও উত্তৰ দিয়ে..।

:- ঠিক আছে.. ।
এক … দুই… তিনি……………………… দহ.. এঘা…..

:- ষ্টপ ৰাহুল … ষ্টপ..।
ৰাগিনী দৌৰি আহে..। পিছফালৰ পৰা সাৱটি ধৰে ৰাহুলক । তাৰ পিঠিতে নাকটো গুজি ঘন ঘনকৈ উশাহ লয় তাই..। ৰাগিনীৰ বুকুৰ ঢপঢপনিবোৰ স্পষ্টকৈ ৰাহুলৰ কাণত পৰে..।
:- কৈছিলো নে.. মাত্ৰ দহখোজ দিবা । কথা নুশুনা.. ? নে নুবুজা..? এঘাৰ নম্বৰ খোজটো দিবলৈ ভৰি কিয় দাঙিছিলা..? যদি তললৈ পৰি গ’লা হয়…!

:- কাৰণ ৰাহুলৰ বিশ্বাস আছে.. তাৰ ৰাগিনীৰ ওপৰত । আৰু সেইটো খোজ আগলৈ দিয়া হ’লেও.. মোৰ যে একো নহয় সেইখিনিও জানো মই..। তুমিতো মোৰ একো হ’ব নিদিয়া..।

:- নকৰিবা ইমান বিশ্বাস ৰাহুল ..। মই আছো বুলিয়েই এইদৰে চিঅ’ৰ নহ’বা…। খুব ফুৰ্তি পোৱা ন’ মোৰ পৰীক্ষা লৈ…? কেতিয়াবা যদি ৰাগিনীয়েই তোমাৰ পৰা আঁতৰি যাব লগা হয়..!

:- ক’ৰবাত যোৱাৰ প্লেন কৰিছা নেকি ..? কি ভাবা… তোমাক মই অকলে যাব দিম ..? য’লৈকে যোৱা… মইও তোমাৰ লগতে যাম ।

নক’বা ৰাগিনী মোৰ পৰা আঁতৰি যোৱাৰ কথা… । কেতিয়াও নক’বা..। তোমাৰ দুচকুৰে এই ধুনীয়া পৃথিৱী খন দেখিছো মই..। তুমি লগত আছা বাবেই মোৰ চকুৰ সন্মুখৰ ক’লা ক’লা আন্ধাৰবোৰ ও.. ৰঙা..নীলা.. সেউজীয়া.. হালধীয়া যেন অনুভৱ কৰো মই.. । তুমি ৰঙৰ সৈতে পৰিচয় কৰাইছা মোক । তুমি আছা বাবেই ৰাস্তাৰ খলা-বমা.. বোকা পানী বোৰ ও নিশ্চিন্ত মনে পাৰ হৈ.. বিশ্বাসৰ খোজেৰে আগুৱাই যাব শিকিছো মই ..।
তোমাৰ অবিহনে… এই ৰাহুল থৰক-বৰক হৈ পৰিব অ’.. । হেৰাই যাব অন্ধকাৰত..।
( আৱেগেৰে সাৱটি ধৰে ৰাগিনীক সি..। কঁপালতে সানি দিয়ে দুই ওঁঠৰ পৰশ অকন…)

:- হেই মিষ্টাৰ.. ইমান ইম’চনেল স্পীচ দিছা যে..! ম’তিভ কি হা..? ৰাগিনীক প্ৰেমৰ জালত ফচাবা..?
ৰাহুলৰ গালতে আঙুলিৰে লাহেকৈ চুই খিলখিলাই হাঁহি উঠে ৰাগিনী…।

:- বাকী আছেই নে প্ৰেমত পৰিব..? ৰাগিনী যে…এতিয়া ৰাহুলৰ প্ৰেমত উটি ভাঁহি ফুৰিছে.. তাত কোনো সন্দেহেই নাই..। মুখেৰে যিমানেই নোকোৱা তুমি .. মনৰ চকুৰে মই কিন্তু তোমাক ঠিকেই দেখা পাইছো । ভগৱানে চকু দুটাত .. দেখাৰ শক্তি খিনি হে দিব পাহৰিলে..অনুভৱবোৰ বুজিব পৰাকৈ হৃদয় খনতো ঠিকেই দিছে …।

ৰাহুলৰ কথা শুনি উচুপি উঠে ৰাগিনী..। কুচি-মুচি সোমাই যায় তাৰ বুকুলৈ..।
:- নাযাওঁ ৰাহুল..। তোমাক এৰি কেতিয়াও নাযাওঁ.. । তোমাৰ এটা অংশৰ দৰে তোমাৰ লগতে থাকিম সদায় ।
কথা দিলো….ৰাহুল ।
লভ ইউ…। ----------------------

:- ব’লা না ৰাহুল… । ওলাই যাওঁ অলপ । মুকলি বতাহত.. মুকলি আকাশৰ তলত বহোগৈ..। আমনি লাগিছে জানা..ৰূমটোৰ ভিতৰতে সোমাই থাকি..। উশাহটো কিবা বন্ধ হৈ যাব যেন লাগিছে..।

:- ব’লা..। মোৰ নো কি আছে..? তুমি য’তেই থাকা.. মোৰ বাবেতো সেইখনেই পৃথিৱী.. । লেটচ গ’…।

:- ক’ত যাবা কোৱা..।

:- য’লৈকে তুমি লৈ যোৱা..।

:- ঠিক আছে…বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত বহোগৈ ব’লা..। প্ৰকৃতিৰ সৌন্দয্যত হেৰাই যাওঁ দুয়ো..।

:- আকাশ খন কেনেকুৱা ৰাগিনী..?

:- আকাশ…. আকাশ খন নীলা ৰাহুল… । আকাশ বিশাল.. পৰাপাৰহীন.. । অনন্ত..।

:- অহ…মোৰ ভালপোৱা বোৰৰ দৰেই মানে…!

:- আমাৰ.. কেৱল তোমাৰ নহয়..।
যি দিনা তোমাৰ মনত প্ৰশ্ন জাগিব মই তোমাক কিমান ভালপাওঁ… ওপৰলৈ মোৰ তুলি মনৰ চকুৰে চাবা ৰাহুল..। অনুভৱ কৰিবা.. আকাশৰ বিশালতাত মোৰ ভালপোৱা বোৰ..।

:- আচ্ছা ৰাগিনী… যদি মই কওঁ তোমাৰ দুবাহুত হে সেই ভালপোৱা বোৰ অনুভৱ কৰো মই..সেই আত্মিকতা… সেই স্বৰ্গীয় সুখ খিনি বিচাৰি পাওঁ…!

:- তেতিয়া আমৃত্যু তোমাক মোৰ দুবাহুৰে আৱৰি ৰাখিম মই..। বুকুৰ উমেৰে জীপাল কৰি ৰাখিম সেই প্ৰেমক..।

:- তেতিয়াহ’লে কিয় ভয় খোৱাই ভাল পোৱা মোক.. আঁতৰি যোৱাৰ কথা কৈ..।

:- তোমাক জোকাই ভাল লাগে অ’..।
(ৰাহুলৰ গালতে চুমা এটা আঁকি মৰমেৰে কৈ উঠে ৰাগিনীয়ে ।)
আচলতে..কি জানা ৰাহুল..মোক হেৰুৱাৰ ভয়ত তুমি যে সৰু ল’ৰাৰ দৰে আচৰণ কৰা , হৃদয়ৰ অকুলতাৰে.. বিন্দু মাত্ৰ ও সুৰুঙা নৰখাকৈ.. মোক সাৱটি ধৰা.. মোৰ নিজকে খুব ভাগ্যৱতী যেন অনুভৱ হয় ..।
পৃথিৱীৰ সমস্ত প্ৰেম.. সমস্ত ভালপোৱা.. ঈশ্বৰে যেন মোৰ কপালতেই লিখি দিছে..! সেই অনুভৱ খিনিৰে জীয়াই থাকিব বিচাৰো মই..। তোমাৰ মোৰ সম্পৰ্কৰ সেই মধুৰতাখিনিক.. হৃদয়ৰ গভীৰতাৰে চিৰ সজীৱ কৰি ৰাখিব বিচাৰো মই ৰাহুল..।

:- প্ৰেম হয়তো এনেকুৱাই ৰাগিনী.. । য’ত অনুভৱৰ মৃত্যু নহয়..। প্ৰেম.. চিৰ সেউজ.. প্ৰেম.. স্বৰ্গীয় ।
লভ ইউ ৰাগিনী.. -----------------

:- কি হ’ল ৰাগিনী…। আজি এইদৰে বিচনাতে পৰি আছা যে..!

:- আহা না তুমি ও ওচৰলৈ .. মোৰ আজি শুই থাকিবৰেই ইচ্ছা হৈছে দেখোন..।

:- কিয়..গা বেয়া কৰিছে নেকি..? ৰ’বা মই চাহ একাপ কৰি আনো..। চাহ কাপ খাই দিলে ভাল পাবা অলপ ।

:- নাই নাই.. নালাগে তুমি কৰিব…। মই আছো নহয়..।

:- ঘৰৰ ভিতৰত সকলোবোৰেই কৰিব পাৰিম ডাৰলিং..। ড’ন্ট ৱৰি..। বাহিৰৰ পৃথিৱীখনত হে তুমি নহ’লে দিগদাৰ হৈ যায়..।

:- তোমাৰ মন গৈছে নেকি চাহ খাব ৰাহুল..?

:- প্ৰয়োজন বোধ কৰিছো চাহ একাপৰ .. । পিছে নিজেই বনাই খাম আৰু তোমাক ও খোৱাম ।

:- অ’কে এজ ইউ ৱিইচ..। বি কেয়াৰফুল..।

কিটছেনৰ দুৱাৰ মুখত ৰৈ চাই থাকে ৰাগিনীয়ে.. গানৰ কলি এটা গুণগুণাই চাহ কৰি থকা ৰাহুলক..। ভাল লাগি যায় তাক সেইদৰে দেখি..।
ঘৰখনৰ চুক কোণবোৰ ভালদৰে বুজি উঠিছে ৰাহুলে..। অভ্যস্ত হৈ গৈছে ৰাহুল এতিয়া..ৰাগিনী আৰু তাৰ সেই সৰু পৃথিৱীখনত ..। ৰাগিনীয়েও ভিতৰৰ কোনো বস্তু… কেতিয়াও ইফাল সিফাল নকৰে..। যি য’ত যেনেকৈ থাকে.. সেইদৰেই ৰাখিব যত্ন কৰে..। ৰাহুলে যাতে হাত দিলেই.. বস্তুবোৰ বিচাৰি পায়.. তাৰবাবে বিশেষকৈ মন কৰে তাই..।
অজানিতে দুটোপাল চকুলো বাগৰি আহে.. ৰাগিনীৰ দুগাল তিয়াই…। বুকুখন কঁপি উঠে ..। হঠাৎ যদি তাই নাইকিয়া হৈ যায়… তাইৰ অৱৰ্তমানত কেনেকৈ থাকিব ৰাহুল..!! -------------------

:- ঋষি… জলদি আহ না । ৰাগিনীৰ গা খুব বেয়া..। তাই উঠিবই পৰা নাই..। জানো কি হৈছে…!তাইক ডাক্তৰৰ ওচৰলৈ নিব লাগে..। মই কি কৰো একো বুজি পোৱা নাই ঋষি..। তই সোনকালে আহ ।

:- চিন্তা নকৰিবি দ’ষ্ট.. মই গৈ আছো..। তই মাত্ৰ ৰাগিনীৰ কেয়াৰ ল’..।

ৰাগিনীয়ে শিকোৱাৰ দৰে.. নিজৰ কি-পেড ম’বাইলটোৰে তাৰ বন্ধু.. ঋষিক… খবৰ দি… ৰাগিনীৰ মুৰতে হাত ফুৰাই হুকহুকাই কান্দি উঠে ৰাহুল..। আজি তাৰ প্ৰেয়সীৰ এনে অৱস্থাত সি তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ ও অক্ষম..। এনে জীৱন কি কামৰ..! ৰাগিনীৰ মূৰে গালে.. বলিয়াৰ দৰে হাত ফুৰাই থাকে ৰাহুলে.. । নিজৰ ওপৰতে ধিক্কাৰ জন্মে তাৰ..।

:- ৰাগিনী.. অলপ ধৈৰ্য ধৰা প্লিজ.. । ঋষি এইমাত্ৰ আহি পাবহি..। তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম আমি..। তুমি সুস্থ হৈ পৰিবা ৰাগিনী.. । মই কি কৰো কোৱা..। কি কৰিলে তুমি অলপ আৰাম পাবা..?

ৰাহুলৰ অসহায় অৱস্থাটো দেখি ৰাগিনীয়ে ও চকুলো টোকে..।ভগৱানক মনতে প্ৰাৰ্থনা কৰে তাই..
” মোক সুস্থ কৰি তোলা ঈশ্বৰ..। ৰাহুলৰ বাবে মোক ভাল কৰি দিয়া..। মোক এইদৰে দেখি বৰ কষ্ট পাইছে মোৰ ৰাহুলে..। সি দুখ পালে সহিব নোৱাৰো মই প্ৰভু..।”
:- ৰাহুল.. ইমান অধৈৰ্য নহ’বাচোন তুমি..। অলপ গা বেয়া কৰিছে..আকৌ ঠিক হৈ যাম মই..।
দুৰ্বল কন্ঠেৰে যেনেতেনে ৰাহুলক সান্তনা দিব যত্ন কৰে ৰাগিনীয়ে.. ।

ঋষি আৰু ৰাহুল.. দুয়ো মিলি ৰাগিনীক ডাক্তৰৰ ওচৰলৈ লৈ আহে..। ৰাগিনীক নাৰ্ছিং হ’মত এডমিট কৰা হয়..আৰু কেইবাটাও টেষ্ট কৰিব দিয়া হয়..।
ৰিপৰ্টবোৰ আহি নপৰালৈকে..বৰ দুশ্চিন্তাৰে পাৰ হয় দিনকেইটা..। খুব অস্থিৰ হৈ পৰে ৰাহুল.. । ৰাগিনীক অলপ সময়ৰ ব্যৱধানত.. বাৰে বাৰে সুধি থাকে সি…
:- ভাল পাইছা নে ৰাগিনী..। “

ৰাগিনীয়ে ও শৰীৰৰ যন্ত্ৰণাবোৰ আওকাণ কৰি.. জোৰকৈ সুস্থ হৈ উঠাৰ অভিনয় কৰে..
:- আগতকৈ বহুত সুস্থ অনুভৱ কৰিছো ৰাহুল.. ।

:- সঁচাই কৈছা নে ৰাগিনী..? নে মোক ভাল লগাবলৈকে মিছা কৈছা..? মোৰ অপৰাগতাত মোৰ নিজৰ ওপৰতে বিতৃষ্ণা জন্মিছে আজি…। তোমাক চাব বিচাৰিলেও চাব নোৱাৰো মই…। মোৰ কপাল খন চোৱাচোন..। ------------------

পোন্ধৰটা দিন নাৰ্ছিং হ’মত কটাই.. কেইবাটাও টেষ্ট ৰিপৰ্ট আৰু এগালমান মেডিচিন লৈ.. ৰাগিনী আজি উভটি আহিছে ৰাহুল আৰু তাইৰ মৰমৰ পৃথিৱী খনলৈ..।
এইকেইদিন সিহঁতৰ লগত ছাঁটোৰ দৰে থকা ঋষিক.. আৱেগেৰে সাৱটি ধৰে ৰাহুলে..।

:- তোক কি বুলি নো..ধন্যবাদ জনাম… ভাষা বিচাৰি পোৱা নাই ঋষি..। তই ইমান খিনি উপকাৰ নকৰা হ’লে.. ৰাগিনী আজি.. ইমান সোনকালে সুস্থ হৈ নুঠিল হেতেঁন..। মইতো লগত থকা হে… দৰকাৰী গোটেই খিনিটো তইয়েই কৰিলি..।

:- বিপদত যদি সহায় কৰিবই নোৱাৰো.. বন্ধু কিহৰ অ’..? ৰাগিনী অকল তোৰ প্ৰেয়সীয়েই নহয়.. মোৰ ভন্টী ও..। তাইৰ প্ৰতি মোৰো দায়িত্ব আছে…। মোক ধন্যবাদ জনাব নালাগে..। দুয়ো ভালে থাক..।
মই আহিছো..। ৰাগিনী টেক কেয়াৰ..। কিবা প্ৰব্লেম হ’লেই জনাবা মোক..। আই এম অলৱেইজ ৱিইথ ইউ..।

এখন্তেক ও পলম নকৰি…হুৰ-মুৰকৈ ওলাই যায় ঋষি..আৰু ঋষি ওলাই যোৱালৈ চাই.. ৰাহুলৰ অলক্ষিতে কান্দোনত ভাঙি পৰে ৰাগিনী..।

:- ৰাগিনী.. বুজাব নোৱাৰো তোমাক..মই কিদৰে আছিলো এইকেইদিন..। মোৰ উশাহবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছিল জানা..।
আৰু এইদৰে ভয় নোখোৱাবা দেই মোক..।

নিশব্দে বোৱাই দিয়া.. চকুপানীবোৰ মুচি নিজকে সংযত কৰে ৰাগিনীয়ে..।
:- কিয়.. মই চিৰদিনৰ বাবে তোমাক এৰি গুচি যাওঁ বুলি ভয় হৈছিল তোমাৰ..?

:- বেমাৰ চেমাৰ নাচাও দেই.. এক চৰ লগাই দিম । কি ফালটু কথা কৈছা..। মোক এৰি যাব দিম বুলি ভাবিছা নেকি ..? তোমাক একো কৰি দিব পৰা নাছিলো.. তোমাৰ যত্ন ল’ব পৰা নাছিলো.. তোমাক দেখা নাপাওঁ.. ভয়টো লাগিবই ন’ মোৰ..!

:- নাযাওঁ ৰাহুল… তোমাক এৰি যাব পাৰিম জানো মই..। মৰিলেও ভূত হৈ তোমাৰ লগতে থাকিম বুজিছা..।
ৰাহুলকে দেখুৱাই প্ৰাণ খুলি হাঁহিব চেষ্টা কৰে তাই..। ৰাহুলে হৃদয়ৰ সমগ্ৰতাৰে আঁকোৱালি লয় ৰাগিনীক…।

:-লভ ইউ ৰাগিনী..।

:- লভ ইউ টু ৰাহুল…। ------------------

:- ৰাহুল.. মোক অলপ ব্ৰহ্মপুত্ৰৰ পাৰলৈ লৈ ব’লা না.. । এমাহ হ’ল এনেকৈ সোমাই থকা..। মুকলি আকাশৰ তলত অলপ সময় বহিবলৈ খুব মন গৈছে মোৰ..।

:- যাব পাৰিবা জানো তুমি..? সুস্থ অনুভৱ কৰিছা নে..?

:- মনৰ জোৰ আছে নহয়..। পাৰিম ব’লা..।

ৰাহুলে টেক্সি এখনতে লৈ আহে ৰাগিনীক… তাইৰ প্রিয়
ব্ৰহ্মপুত্ৰৰ পাৰৰ..সিহঁত বহা সেই নিৰ্দিষ্ট ঠাইখিনিলৈ.. । তাৰ দুবাহুত আলাসতে গাটো এৰি দি…বহি পৰে তাই..। পূবৰ পৰা অহা..এচাটি শীতল বতাহে.. চুমি যায় দুয়োকে..। সন্মুখত.. বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত…এইয়া ডুবিব ধৰা সুৰুজ..। ৰক্তিম আভাৰে….মায়াময় হৈ উঠিছে চৌ-দিশ..।

ৰাগিনীৰ আউল-বাউল হৈ পৰা চুলিকেইডালত হাত ফুৰাই.. চিন্তাৰ সাগৰত বুৰ যায় ৰাহুল..। সৌ সিদিনালৈকে তাক স্কুটিত উঠাই.. ঘূৰি ফুৰা ৰাগিনী…আজি বেলেগৰ সহায় লৈ ওলাই আহিব ল’গা হৈছে..। কিমান চাগে দুৰ্বল তাই.. কিমান চাগে কষ্টত আছে..! ডাক্তৰে সোনকালেই সুস্থ হৈ উঠিব বুলি কোৱাৰ পিছত ও.. ৰাগিনী কিয় সম্পূৰ্ণ সুস্থ হৈ উঠা নাই..!!
চিন্তা হয় তাৰ..।

:- ৰাগিনী.. ইমান মনে মনে আছা যে আজি..?

:- মৌনতাই ভাল লাগিছে দেখোন আজি। আচলতে বেলিটোক চাইছো ৰাহুল । নদীখনে বুকুতে সামৰি লৈছে জানা ডুবিব ধৰা বেলিটোক..। ইমান যে মনো-মোহা হৈ উঠিছে নদীখন..।
মইও যদি নদীৰ দৰে হ’লো হয় ..! চিৰ প্ৰবাহিত..। মোৰো মৰমৰ নৈখন যদি চিৰদিনৰ বাবে তোমাৰ বুকুলৈ বোৱাই দিয়াৰ সুযোগ পালো হয় মই..!

:- কি কৈ আছা ৰাগিনী.. ? তোমাৰ কথাবোৰ বুজাত অসুবিধা হৈছে আজি..।

:- একো নাই .. অলপ জোৰ কৈ সাৱটি ধৰা না মোক…। তোমাৰ পৰা আঁতৰি যাব নোৱাৰাকৈ..।

ৰাহুলে যিমান পাৰে তাৰ বুকুলৈ চপাই লয় ৰাগিনীক..আৰু ৰাগিনীয়ে ৰাহুলৰ বুকুতে মুখ খন গুজি উচুপি উঠে..।

সময়বোৰ ইয়াতেই স্থবিৰ হৈ পৰা হ’লে…!! -------------------

আজি ৰাগিনী একেবাৰেই অসুস্থ..। উশাহটো যেন ৰৈ যাব ধৰিছে তাইৰ বুকুখনতে খুন্দা মাৰি…। ৰাহুলে গম নোপোৱাকৈ ঋষিলৈ ফোন কৰে তাই..। য’ৰ কাম ত’তে পেলাই ঢপলিয়াই আহে ঋষি ৰাগিনীৰ ওচৰলৈ..।

:- ঋষি তই..? আহ আহ..। ৰাগিনী ঋষি আহিছে..।
ঋষিক দেখি ব্যস্ত হৈ পৰে ৰাহুল..।

:- ওলাইছ’ নে..? কি কৰি আছ’..?

:- মানে..?
আচৰিত হয় ৰাহুল ।

:- কিয় আজি ৰাগিনীৰ চেক-আপ নাই.. ? পাহৰিলি ..?
মিছা মাতে ঋষিয়ে..।

:- ৰাগিনীৰ চেক-আপ আছে..!? মই পাহৰি আছো চা…। কি পাগল মই..।
সি লৰালৰিকৈ ৰাগিনীক উলিয়াই লয়..।

ঋষিয়ে ৰাগিনীৰ বাহুতে ধৰি লাহে লাহে তাইক শোৱনী কোঠাৰ
পৰা উলিয়াই আনে..। বাহিৰলৈ ওলোৱা দুৱাৰ খনৰ ঠিক ওচৰ পাওঁতেই.. হুক হুকাই কান্দি উঠে তাই..।

:- হেই ৰাগিনী.. কিয় এনেকুৱা কৰিছা..?
ৰাহুল ধৰফৰাই উঠে..।

:- মই এই ঘৰ খন এৰি যাব নোৱাৰো ৰাহুল.. মই তোমাক এৰি যাব নোৱাৰো..।

দুচকু ভৰি আহে ঋষিৰ..। চকুৰে ইংগিত দিয়ে সি ৰাগিনীক..
” নাকান্দিবা ৰাগিনী..। মই ৰাহুলক বুজাব নোৱাৰিম ।”

ৰাহুলৰ বুকুখনত বিষ এটা উজাই আহে..। দীঘলকৈ উশাহটো টানি.. ৰাগিনীৰ লগত বাহিৰলৈ ওলাই আহে সি..।
:- চেক-আপত হে যাবা । বাচ্চাৰ দৰে কিয় কৰিছা..।

কি ক’ব .. কেনেকৈ বুজাব..? সি যে নিজেইও একো বুজি পোৱা নাই… কি হৈ আছে এইবোৰ সিহঁতৰ লগত..।

ৰাগিনীক পুনৰ এডমিট কৰা হৈছে..। ৰাহুল এইবাৰ সঁচাই হতাশ হৈ পৰিছে..। কি হৈছে.. ৰাগিনীৰ..? ৰিপৰ্টবোৰ দেখোন ঋষিয়ে ঠিকেই আছিল বুলিয়েই কৈছিল..। আকৌ কিয় তাইক এডমিট কৰিছে… !!
চকু কেইটা ঘটালি উলিয়াই দিব মন গৈছে তাৰ..। ভগৱানে কিয় অন্ধ কৰি জন্ম দিলে তাক..। কিয় সব ফালে আন্ধাৰ দেখিবলৈকে জীয়াই ৰাখিলে..?

হঠাৎ আন্ধাৰৰ আৱৰণ ফালি.. এচমকা পোহৰে যেন উজ্জ্বলাই তোলে ৰাহুলৰ মনটো..। ৰাগিনীৰ ওচৰলৈ লৱৰি যায় সি..।
:- ৰাগিনী.. শুনিছা নে.. মই ও চকুৰে দেখা পাম বোলে.. । মই তোমাক চাব পাৰিম ৰাগিনী..। আমাৰ সৰু পৃথিৱীখন তুমি কেনেকৈ সজাই ৰাখিছা.. মই হেঁপাহ পলুৱাই চাম ।
ঋষিয়ে এইমাত্ৰ খবৰ দিছে..। এজন আই ড’নাৰ পাইছে বোলে সি..। ডাক্তৰৰ লগত কথা হৈছে..।

:- খুব ভাল খবৰ ৰাহুল । মই আজি বহুত সুখী..।
নৰিয়া গাৰে জোৰকৈ কথা কেইটা কয় ৰাগিনীয়ে । ৰাহুলৰ ফুৰ্তি দেখি ..তাইৰ দুচকুৰে সুখৰ নৈ এখন বৈ আহে..। ৰাহুল আজি বহুত সুখী..। আৰু অলপ দিনৰ পিছত..ৰাহুলেও দেখা পোৱা হ’ব এই পৃথিৱীখন..। ৰাগিনীৰ ইমান দিনৰ প্ৰাৰ্থনা সফল হ’ব..। ৰাহুলৰ মনৰ আনন্দখিনি প্ৰাণ ভৰি উপভোগ কৰে তাই..।

:- ৰাগিনী.. সোনকালে সুস্থ হৈ উঠা আৰু..। মই চকুৰ দৃষ্টি ঘূৰাই পোৱাৰ পিছত.. প্ৰথম তোমাকেই চাব বিচাৰো..। সেইদিনা তুমি কইনাৰ দৰে নিজকে সজাই ৰাখিবা দেই..।

:- মই যদি তুমি ভবাৰ দৰে ধুনীয়া নহওঁ..তেতিয়াও তুমি মোক ভাল পাবা নে ৰাহুল.?

:- মোৰ বাবে পৃথিৱীৰ আটাইতকৈ ধুনীয়া নাৰী গৰাকীয়েই তুমি ৰাগিনী । অন্ধ মানুহ এজনৰ বাবে ধুনীয়াৰ সংজ্ঞা থাকিব পাৰে জানো..?

:- তথাপিও মই দেখিব একেবাৰে বেয়া.. তুমি মোক দেখি ভয় খোৱা বুলি হে চিন্তা হৈছে মোৰ ।

ৰাহুল কাষ চাপি যায় ৰাগিনীৰ.. আঙুলিৰে চুই চাই তাইক ।
:- এই দুটা ডাঙৰ ডাঙৰ চকু.. দীঘলকৈ নাকটো.. কোমল ওঁঠ দুটি..মসৃণ ডিঙিটো…….

ক্ৰমে আবাধ্য হৈ পৰে ৰাহুলৰ হাতখন..।ৰাগিনীৰ দেহৰ খলা-বমাবোৰ স্পৰ্শ কৰি.. অনুভৱ কৰিব যত্ন কৰে ৰাগিনীক সি..।
বাধা নিদিয়ে তাই..। প্ৰাপ্তিৰ আনন্দত দুচকু ভৰি পৰে দুয়োৰে..।
পাঁচটা বছৰ লিভ-ইন ৰিলেচনত থাকি ও কোনোদিন সীমা চেৰাই নোযোৱা সিহঁতে আজি.. হস্পিটালৰ বেডত … ভালপোৱাৰ স্পর্শবোৰ অনুভৱ কৰি চকুলো বোৱাইছে..। এইয়া যেন প্ৰশান্তি… !
সকলো অনুভৱৰ উৰ্ধত.. এক চৰম প্ৰাপ্তি..! -------------------

অহা কাইলৈ ৰাহুলৰ চকুৰ অপাৰেচন কৰা হ’ব..। যোৱা কালিৰ পৰা তাক বেলেগ এটা কেবিনত… যাৱতীয় পৰীক্ষা কিছুমান কৰি ৰাগিনীৰ পৰা আঁতৰাই ৰখা হৈছে..। প্ৰতি পাঁচ দহ মিনিটৰ মূৰে মূৰে ৰাগিনীৰ খবৰ সুধি ঋষিক পাগল কৰি দিছে সি..।

:- ৰাগিনী ঠিকে আছে ৰাহুল । তই টেনশ্যন নল’বি..। ইমান ডাঙৰ অপাৰেচন এটা হ’ব গৈ আছে.. সুস্থিৰ হৈ থাকচোন ।

:- ৰাগিনীক কেতিয়া ৰিলিজ দিব ঋষি…? ডাক্তৰে কৈছে নে কিবা..?

:- তই গৈ ৰাগিনীক ঘৰতে পাবি দে..।
আঁতৰি আহে ঋষি ৰাহুলৰ ওচৰৰ পৰা..। উত্তৰ দিব নোৱাৰা প্ৰশ্ন কিছুমানৰ সন্মূখীন হ’বলৈ ইচ্ছা নকৰে সি..।

ৰাহুলৰ চকুৰ অপাৰেচন সুকলমে হৈ যায়..। কেইদিনমান পিছতে তাৰ চকুৰ বেণ্ডেজ খোলা হ’ব…। এতিয়া তাৰ এটাই ইচ্ছা.. চকুমেলি প্ৰথম সি ৰাগিনীক চাব । একেখন হস্পিটালত আছে যদিও.. কিমান দিন যে তাইৰ পৰা দূৰত আছে ..!

কেইবাজনো ডাক্তৰৰ উপস্থিতিত এইয়া…ৰাহুলৰ চকুৰ বেণ্ডেজ খোলা হৈছে..। মনে মনে সকলোৱে অলপ ভয় কৰি আছে যদিও.. ৰাহুল আজি সম্পূৰ্ণ বিশ্বাসী..। সি চকুৰে দেখা পাবই । ৰাগিনীৰ প্ৰাৰ্থনা আৰু প্ৰেমে তাৰ চকুৰ শক্তি ঘূৰাই দিব ।
ঋষিয়ে তাৰ কাষতে ৰৈ খামুচি ধৰি আছে তাৰ হাতখন..।

লাহে লাহে তাৰ চকুৰ বেণ্ডেজটো.. পকাই পকাই খুলি গৈ আছে ডাক্তৰে.. আৰু ৰাহুলৰ চকুৰ আগৰ ক’লাবোৰ ও যেন বগা হৈ আহিব ধৰিছে.। সি অস্পষ্টকৈ মুখৰ ভিতৰতে..ৰাগিনীৰ নাম লৈছে… ।

” ৰা..গি..নী.. । মোৰ দুচকুৱে তোমাক বিচাৰিছে.. । তোমাক চাবলৈ ব্যাকুল হৈ পৰিছো মই…। ক’ত আছা তুমি..? “

:- মই দেখা পাইছো ছাৰ…। মই পোহৰ দেখিছো.. মই আপোনালোকক দেখিছো.. । মই হস্পিটেলৰ বেড.. ঘৰ .. ৰঙ.. সব দেখিছো..। মই দেখিছো.. মই দেখিছো ঋষি..।

বেণ্ডেজ খুলি হোৱাৰ পিছত… লাহে লাহে চকু দুটা মেলি আনন্দতে চিঞৰিব ধৰে ৰাহুলে..।
:- মোক এতিয়াই ৰাগিনীৰ ওচৰলৈ লৈ ব’ল ঋষি..। মই মোৰ প্ৰিয়তমাক প্ৰাণ ভৰি চাব খোজো..।
ফোনটো লগাচোন তাইলৈ..। তাইক খবৰটো দিওঁ..।

:- নালাগে ফোন কৰিব..।
ৰাগিনীয়ে সকলো গম পাইছে..। তাই ডিচার্জ লৈছে ৰাহুল.. । ব’ল ঘৰত গ’লে সকলো গম পাবি..। ---------------------

:- ৰাগিনী এতিয়া সম্পূৰ্ণ সুস্থ নে ঋষি..? তাই চাগৈ মোলৈকে বাট চাই চাই .. কইনাৰ দৰে সাজি.. বাৰাণ্ডা খনতে বহি আছে..। আমাৰ হেঁপাহৰ ঘৰ খন ও ধুনীয়াকৈ সজাই থব তাই.. । মই জানো..।

” আই এম কামিং ৰাগিনী.. । আৰু অলপ সময়..। ইমান দিনৰ অপেক্ষাৰ ওৰ পৰিব আজি.. । মাত্ৰ অলপ সময় অপেক্ষা কৰা…।”

হস্পিটালৰ পৰা ঘৰ অভিমুখী গোটেই ৰাস্তাটো.. ৰাগিনীৰ কথাই কৈ কৈ ৰাহুলে এইয়া ভৰি দিছে.. ৰাগিনী আৰু তাৰ মৰমৰ ঘৰখনৰ পদূলি মুখত..।
আবেগিক হৈ পৰিছে ৰাহুল.. ।

তাৰ ভালপোৱাৰ পৃথিৱী এইখন..। ৰাগিনী আৰু তাৰ প্ৰেমালয়..। কিমান যে মৰম.. কিমান যে স্মৃতি ভৰি আছে দুকোঠালীৰ এই ঘৰখনৰ চুকে-কোণে… । ৰাগিনীক বাৰাণ্ডাত নেদেখি দৌৰি ভিতৰলৈ সোমাই যায় ৰাহুল ।
সন্মুখৰ দেৱাল খনত ৰাগিনী আৰু তাৰ ফটো এখন ডাঙৰকৈ বন্ধাই থোৱা আছে..। মিচিকিয়া হাঁহিৰে.. ডাঙৰ ডাঙৰ দুটা উজ্জ্বল চকুৰে.. এইজনীয়েই মানে তাৰ ৰাগিনী..।

:- ৰাগিনী… ক’ত তুমি..? মই আহিলো চোৱা..। ৰা..গি.. নী .. ।
ৰাহুলৰ দুচকুৱে ৰাগিনীক বিচাৰিব ধৰে…।

” ৰাহুল.. মই তোমাৰ লগতে আছো ৰাহুল..।”

ৰাগিনীৰ মাতটো শুনি..পিছলৈ ঘূৰি চাই ৰাহুলে..। ঋষি আগুৱাই আহি সজল চকুৰে ৰাহুলৰ হাতত তুলি দিয়ে ৰাগিনীৰ ফোনটো..আৰু ফোনৰ ভইচ ৰেকৰ্ডাৰত.. ভাঁহি আহে ৰাগিনীৰ মাতটো..।

” মই নদী হৈ.. তোমাৰ বাবে মোৰ প্ৰেমৰ নৈ খন.. অবিৰাম বোৱাই ৰাখিব নোৱাৰিলো ৰাহুল..। নাপালো সেইখিনি সুযোগ..। তোমাক এৰি এইয়া.. যাবলৈ ওলালো । কিন্তু মই মোৰ কথা ৰাখিলো চোৱা..। কৈছিলো নহয়.. তোমাৰ এটা অংশ হৈ চিৰদিন তোমাৰ লগতে থাকিম..। সেয়েহে মোৰ দুচকু তোমাক দান দি গৈছো ।
মোৰ চকুযুৰিৰে ধুনীয়া পৃথিৱীখন প্ৰাণ ভৰি চাবা ৰাহুল..। কোনোদিন নাভবিবা ৰাগিনী তোমাৰ লগত নাই..। ৰাগিনী সদায় তোমাৰ লগতে থাকিব..।
অলপো ইচ্ছা নাছিল জানা..তোমাৰ পৰা আঁতৰি যাবলৈ..। কিন্তু মই কি কৰো কোৱা.. মোৰ বোলে দুইটা কিডনী বিকল হৈ পৰিছে..। তথাপিও মই সুখী আজি..। মোৰ অবিহনে তুমি অলপ ও অসুবিধা নোহোৱাকৈ যে চলা-ফুৰা কৰিব পাৰিবা ।

ঋষিয়ে বহুত সহায় কৰিলে মোক..। সি নথকা হ’লে সম্ভৱ নাছিল মোৰ বাবে সকলোবোৰ অকলে চম্ভালা …।

জানো ৰাহুল.. মই হীনতাই দুখ দিব তোমাক..। কষ্ট হ’ব অলপ । মোক কাষত পাব মন যাব তোমাৰ.. । তেতিয়া মাথোঁ আকাশলৈ মোৰ তুলি চাবা..। আকাশৰ বিশালতাত অনুভৱ কৰিবা মোৰ ভালপোৱাবোৰ..।

কথা দিয়া ৰাহুল .. ভালে থাকিবা তুমি..। নিজৰ যত্ন ল’বা । সময়ত খোৱা – বোৱা কৰিবা ।
তোমাৰ মৰমবোৰ বুকুতে বান্ধি যাব ওলাইছো… । ইমান বোৰ মৰম…! সামৰি ল’বলৈকে দিগদাৰ হৈছে জানা.. ।
বাই ৰাহুল । আকৌ লগ হ’ম আমি..। লভ ইউ…। “

মূৰটো ঘূৰোৱা যেন লাগিল ৰাহুলৰ..। চকুৰে জলক তবক দেখিলে সি ..। ফোনটো জোৰেৰে মুঠিয়াই মজিয়াতে বহি পৰিল ..। ৰাগিনীয়ে তাক চকু দুটা দি..চিৰদিনৰ বাবে আঁতৰি গৈছে তাৰ জীৱনৰ পৰা..। কি কৰে সি এতিয়া..? কেনেকৈ থাকে ৰাগিনীৰ অবিহনে..? ৰাগিনী নাথাকিলে কি দৰে অনুভৱ কৰে ৰঙা..নীলা.. ৰংবোৰ..! কি চাবলৈ জীয়াই থাকে এতিয়া সি..?

চিঞঁৰি চিঞঁৰি কান্দিব ধৰিলে ৰাহুলে..।
” কিয় গুচি গ’লা ৰাগিনী… কিয়..? “

ঋষিয়ে সাৱটি ধৰে ৰাহুলক..। তাক সান্তনা দিবলৈ ভাষাৰ অভাৱ আজি..। কান্দক সি..। যিমান কান্দে কান্দক..। বোৱাই দিয়ক দুখবোৰ..।

হঠাৎ ঋষিৰ বাহু বন্ধনৰ পৰা নিজকে মুক্ত কৰি চকুপানীবোৰ মুচি লয় ৰাহুলে..। নিজকে কথা দিয়ে..

” আৰু নাকান্দে সি..। ৰাগিনীৰ চকুযুৰিৰে আৰু চকুপানী নোবোৱাই..। ৰাগিনীৰ চকুযুৰিয়ে কষ্ট পাব..। দুখ পাব তাই…।”
ৰাগিনীৰ চকু দুটা… দুই হাতেৰে … বলিয়াৰ দৰে মৰম কৰে ৰাহুলে ….।


       ------------------

বিদায় পৰৰ শেষ কথা..💔

আজি প্ৰায় দুমাহ পিছত..স্বামীক কৰ্মস্থানলৈ পঠিয়াই.. বিচনাখনতে অলস ভাবে গাটো এৰি..ম’বাইলটো উলিয়াই…ফেইচবুক খুলি লৈছো মই..।
নিজৰে আচৰিত লাগিছে..অনবৰতে চ’চিয়েল মিডিয়াত ব্যস্ত থকা মই..কেনেকৈ যে..দুমাহ দিন ফেইচবুকৰ পৰা নিজকে আঁতৰাই ৰাখিলো..!
গমেই নাপালো দেখোন..দুটা মাহ কেনেকৈ নো পাৰ হ’ল.. । ইমানেই ব্যস্ত হৈ পৰিছিলো যে.. ম’বাইলটো হাতত ল’বলৈ ও সময়ৰ অভাৱ হৈছিল মোৰ..।

ৰ’ব …ৰ’ব.. ভাবিছে চাগৈ.. ক’ত নো মই ইমান ব্যস্ত আছিলো …! ক’ম… । সকলো ক’ম । প্ৰথমে মোৰ পৰিচয়টো জানি লওক..।

মই অংকিতা কৌশিক..।

আচাম ইউনিভাৰ্চিটিৰ পৰা ফাইন আৰ্টচত মাষ্টাৰচ কম্পলিট কৰিছো যোৱা বছৰ..।
সঁচা ক’ব গ’লে.. জীৱনটোক লৈ মোৰ কোনো সপোন নাই.. কোনো পৰিকল্পনা ও নাই..। সন্মুখত যিটোৱে আহি দেখা দিছে.. মনেৰে ভাল লাগিছে যদি আঁকোৱালি লৈছো.. ভাল লগা নাই যদি.. গুৰুত্ব নিদিয়াকৈ আঁতৰাই পঠাইছো..। এটা শব্দত ক’ব গ’লে এজনী ” বিন্দাচ ” ছোৱালী মই..।

চকু দুটাত ডাঠকৈ কাজল অলপ..গৰমত প’ণ্ডচ পাউদাৰ.. আৰু ঠাণ্ডাত বৰ’লিন.. প্ৰসাধনৰ নামত এই কেইবিধেই ব্যৱহাৰ কৰো সদায়..। পিছে কঁকাললৈকে বৈ পৰা ঘন ক’লা চুলিকোচাৰে সৈতে.. মানুহৰ চকুত মই বোলে এজনী ” ধুনীয়া ছোৱালী “..।

এই ধুনীয়া ছোৱালীজনীকে চাৰি মাহ আগত.. নিলোৎপল চৌধুৰী নামৰ এজন চফ্টৱেৰ ইঞ্জিনীয়াৰে.. বান্ধৱী এগৰাকীৰ বিয়াত..মৰল সাজি থাকোঁতে দেখা পাই পচন্দ কৰি পেলালে..। সেই যে পচন্দ কৰিলে.. দুমাহ আগত..সকলোৰে সন্মতিত.. চিৰ জীৱনলৈ নিজৰ কৰিয়েই পেলালে একেবাৰে..।

নিলোৎপলৰ লগত মই বিয়াত বহিলো..সেইটো ও মোৰ এটা আনপ্লেণ্ড ডিচিচ’ন..। তেওঁৰ লগত মাত্ৰ দুদিন কথা পাতিলো..। ভাল লাগিল ল’ৰা জন কিবা এটা..। গতিকে কৈ দিলো বেপেৰুৱা ষ্টাইলত..
” হ’ব যোৱা.. বিয়া হ’ম তোমাৰ লগত..।”

মোৰ সন্মতিত প্রথম..আচৰিতেই হৈছিল নিলোৎপল..। এজনী ছোৱালীয়ে.. বিয়াৰ দৰে ছেনচিটিভ বিষয় এটাত.. হা..না কওঁতে ও ইমান বিন্দাচ হ’ব পাৰে নে..? তেওঁৰ সন্মুখত কথা কেইটা কওঁতে ..মোৰ চকু মুখত.. অলপো লাজৰ আভাস দেখা নাছিল তেওঁ ..। গতিকে সুধিয়েই পেলাইছিল…

:- আৰ ইউ চিৰিয়াচ অংকিতা..? তুমি মোক সঁচাই হা কৈছা..? নে ক’ব লাগে বাবে হে কৈছা..।

বৈদ্য হাঁহি উঠিছিল মোৰ, হাঁহি হাঁহি চকুপানী ওলাই আহিছিল ।

:- আৰে .. বিয়া হ’ম বুলি কৈছো দেখোন । সন্দেহ কিয় মনত..?এই যে কাৰবাৰ লগত বিয়া হ’ম.. কাজলৰ ক’লা ৰংটোৰ লগতে মোৰ মুখত ৰঙা সেন্দুৰৰ ৰংটো ও জিলিকিব.. সদায় ঠেঙ-ঠোঙ মেলি আৰামত অকলে শোৱা ছোৱালী এজনীয়ে কাৰোবাৰ লগত বেড শ্বেয়াৰ কৰিম..সেই সব মোৰ ফাৰ্ষ্ট এক্সপেৰিয়েন্স না..?
অভিজ্ঞতা একো হোৱাই নাই.. । লাজ.. ভয়.. শংকা.. এইবোৰ মনলৈ কি দৰে আহিব কোৱা..। এদিন কোনোবা এজনৰ লগত বিয়াত বহিব লাগিব.. আই ৱাজ চিঅ’ৰ এবাউট ডেট.. । আৰু সেই কোনোবা জন তুমি তুমি লাগিছে বাবে কৈ দিছো.. তোমাৰ লগত বিয়া হ’ম বুলি…। চিম্পল..।

মুখ খন মেলি অলপ সময় বেঙাটোৰ দৰে চাই আছিল মোক নিলোৎপলে..। মই তেওঁৰ মুখৰ…একেবাৰে ওচৰলৈ ..নিজৰ মুখ খন নি সুধিছিলো..
:- কি হ’ল.. । ভেবা লাগিলা যে..!

তেওঁ কৈছিল মোক..
:- তোমাৰ কথাখিনি শুনি হিচাপ কৰিছো.. মোৰ আচলতে কিমান বাৰ এক্সপেৰিয়েন্স হ’ল এইটো মেটাৰত…।

আৰু এদিন তেনেকৈ..বিশেষ একো আশা মনত নৰখাকৈ.. নিলোৎপলৰ লগত বিয়াত বহি..আমি স্বামী-স্ত্রী হৈ পৰিলো..।
তেতিয়াৰ পৰাই যোৱা দুমাহ.. ন-বোৱাৰী হৈ নিলোৎপলৰ ঘৰখনত এডজাষ্ট হওঁতে.. মিতিৰ কুটুমৰ ঘৰত ফুৰা চকা কৰোতে.. নতুন কইনা চাবলৈ অহা আলহী অতিথিৰ লগত চা-চিনাকি হওঁতেই.. দুটা মাহ অতি ব্যস্ততাৰে পাৰ হৈ গ’ল মোৰ..।

তাৰ মাজত যি খিনি সময় নিজৰ বাবে পাইছিলো.. সেই সময়খিনি আচলতে কেৱল মোৰ ন’হৈ.. আমাৰ আছিল ।..মোৰ আৰু নিলোৎপলৰ…।
নিলোৎপলৰ বুকুৰ মাজত নিজকে এৰি দি..জীৱনত প্ৰথম বাৰ প্ৰেমৰ মিঠা মিঠা আমেজবোৰক উপলব্ধি কৰিছিলো মই । ভালপোৱাৰ শিহৰণে.. মোক লাজ কৰিব শিকাইছিল..। মোৰ ষষ্ঠ ইন্দ্ৰীয় জাগ্ৰত হৈ পৰিছিল নিলোৎপলৰ অকণমান স্পৰ্শত …। তেওঁৰ চকুত চকু থৈ দাম্ভিকতাৰে.. ‘তোমাৰ লগত বিয়া হ’ম..’ বুলি কোৱা ছোৱালীজনীয়ে.. নিলোৎপলৰ মাতটো শুনিলেও.. লাজতে মৰি যোৱা যেন অনুভৱ কৰিছিলো..। সংযত হৈ বিচনাখনত.. তেওঁৰ কাষতে শুই পৰিবও শিকিছিলো ।

মানে সলনি হৈছিলো মই..।
কিবা অলপ পৰিৱৰ্তন আহিছিল মোৰ মাজলৈ.. । সেই নতুনত্ব বোৰক আপোন কৰি কৰি গৈ থাকোতেই মোৰ আগৰ ভাল লগা বোৰত মন দিব সময়েই পোৱা নাছিলো মই..।

দুটামাহ.. নিলোৎপলৰ ঘৰ খনত কটাই.. দুদিন আগত নিলোৎপলৰ কৰ্মস্থলী.. বেংগল’ৰত আহি.. এইয়া উপস্থিত হৈছো আমি..। ঘৰখন থানথিত লগাই .. নিলোৎপল আজিৰ পৰা তেওঁৰ কৰ্ম জীৱনলৈ উভটি গৈছে..। নতুন ঠাই খনত..নতুন পৰিবেশত.. নৱবিবাহিতা পত্নীক অকলে এৰি.. ওলাই যাবলৈ অলপো মন কৰা নাছিল তেওঁ..। পিছে উপায়তো নাই..। তেওঁক যে বিয়া পাতিবলৈকে ইমান দিনৰ চুটি দিছে.. সেইয়াই বহুত..।

নিলোৎপল ওলাই যোৱাৰ পিছত মোৰো বৰ ৰিঙা ৰিঙা লাগিছে ঘৰখনত..। ভাবিলো.. ৰং তুলিকাৰ লগতে খেলি.. সময়খিনি পাৰ কৰো.. । বহুত দিন মোৰ প্ৰিয় কামটো কৰা হোৱাই নাই..। নতুন অনুভৱ বোৰক… কেনভাচত… ৰঙেৰেই সজাই থওঁ..। উলিয়াই ও ল’লো.. আটোমটোকাৰিকৈ লগতে লৈ অহা টোপোলাটোৰ পৰা ব্ৰাছ কেইডাল আৰু ৰংবোৰ.. । পিছে মন নগ’ল অলপ ও।
মই বুজিলো..হোষ্টেলৰ দিনবোৰত আৰু…মা-দেউতা.. দাদাৰে সৈতে ঘৰখনত.. অনবৰতে উৎপাত কৰি থকা মোক.. ঘপহকৈ সম্মুখীন হোৱা এই অকলশৰীয়া পৰিবেশটোত.. খাপ খাই পৰিবলৈ অলপ সময় লাগিব ।

শেষত এইয়া ম’বাইল লৈ ব্যস্ত হৈছো ভাৰ্চুৱেল জগত খনত..।
বিয়াৰ ফটো অলপ .. ‘ লেট আপলোড ‘ কেপচন দি ফেইচবুকত সাঁচি থওঁ বুলি ভাবোঁতেই ..মেছেঞ্জাৰত অচিনাকি এজনৰ পৰা এটা মেছেজ আহিল..।

” তোমাৰ বিয়াৰ খবৰ পাইছো । এইমাত্ৰ ফটো এখন ও দেখিলো..। কইনাৰ সাজত মই ভবাৰ দৰেই ধুনীয়া লাগিছিল তোমাক । সুখী হোৱা ..।”

বহুত দিনৰ চিনাকি কোনোবা এজনে কোৱাৰ দৰে কথাখিনি ক’লে যদিও.. ” সীমান্ত দত্ত ” নামৰ সেই ব্যক্তি জনক যত্ন কৰিও মই দেখোন মনত পেলাব নোৱাৰিলো । কৌতুহল বশত: তেওঁৰ প্ৰফাইলটো খুলি চালো । মোৰ ফ্রেণ্ডলিষ্ট খনত ও নাই তেওঁ..।
একো ৰিপ্লাই নকৰাকৈ অলপ সময়.. আনৰ প’ষ্ট বোৰ চাই.. লগ আউট কৰি.. কৰিবলৈ বাকী থকা ..ঘৰৰ কামবোৰত ব্যস্ত হৈ পৰিলো মই । মনটো পিছে খো-দোৱাই থাকিল..।
‘ মই নো ইমান পাহৰিব লাগে নে মানুহজনক..! মোৰ কোনোবা চিনাকীয়েই হ’ব নিশ্চয় । ‘
আকৌ ভাব আহিল..
‘ কিজানি ফ্লাৰ্ট কৰিব বিচাৰিছে.. ! আজিকালি চ’চিয়েল মিডিয়াত এইবোৰতো সাধাৰণ ঘটনা ..। এনেই টেনশ্যন ডাল ল’বলৈ কি দৰকাৰ..?’

নিলোৎপল অফিচৰ পৰা অহাৰ পিছত হে ভাল লাগিল মোৰ মনতো । ইমান সময়..ঘৰখনৰ নিসংগতাবোৰে যেন গিলি পেলাইছিল মোক..।

লাহে লাহে অভ্যস্ত হৈ পৰিলো সেই দৈনন্দিন ৰুটিন খনত..।নিলোৎপল অফিচ যোৱাৰ পিছত.. অকলশৰীয়া সময়বোৰ পাৰ কৰিবলৈ মই সদায় ফেইচবুকতে ব্যস্ত হ’ব ধৰিলো.. আৰু সীমান্ত দত্ত নামৰ সেই বিশেষ ব্যক্তি জনে প্ৰতিদিনেই মোলৈ মেছেজ কৰি মোৰ খবৰ লৈ থাকিল ।
মই কেনে আছো.. নতুন কিবা পেইণ্টিং কৰিছো নে নাই.. বিবাহিত জীৱনৰ দিনবোৰ কেনেদৰে পাৰ হৈছে.. ইত্যাদি ।

মই পিছে প্ৰতিদিনেই তেওঁৰ মেছেজ চাই ও ইচ্ছা কৰিয়েই ৰিপ্লাই নকৰাকৈ থাকিলো..। কোনোবাদিনা বেয়াও লাগিল .. খবৰ এটা হে লৈছে.. ভাল বেয়া জানিব হে বিচাৰিছে.. মই নো ইমান ইগন’ৰ কিয় কৰিছো মানুহজনক..!

কিন্তু তেনে কৰাৰ এটা চলিড ৰিজন ও আছিল মোৰ.. ‘ তুমি যদি মোক ভালকৈ জানাই.. মোৰ ভাল বেয়া জানিবলৈ উদ্বিগ্ন… মোলৈ ফ্রেণ্ড ৰিকুৱেষ্ট এটা নপঠোৱা কিয়…?
মোৰ ফ্রেণ্ডলিষ্টত নহাকৈ মোৰ ইমানবোৰ খবৰ ৰখাৰ আঁৰত তেওঁৰ অভিপ্ৰায় কি .. বুজিবলৈ আচলতে দিগদাৰ লাগিল মোৰ ।

নিলোৎপলক ও সুধিলো এদিন ..কেনেবাকৈ চিনি পাই নেকি সীমান্ত দত্তক..। তেওঁৰ লগৰ কোনোবা নেকি..? লগতে মোলৈ প্ৰতিদিনে মেছেজ কৰাৰ কথা ও জনালো ..।
নাই.. নিলোৎপলৰ ও চিনাকি নহয় । ওলোটাই নিলোৎপলে ক’লে হে মোক … ‘ হ’ব চাগৈ তোমাৰ কোনোবা স্কুল..কলেজৰ প্ৰেমিক..। ‘

মোৰ প্ৰেমিক..?

হ’বই নোৱাৰে..।
যি জনী ছোৱালীৰ মনত সদায়ে এটা ক্লিয়েৰ কনচেপচন আছিল যে..
‘ এদিন নহয় এদিন বিয়াত বহিবই লাগিব .. ঈশ্বৰে যি জনক কপালত লিখি দি পঠাইছে.. বিয়া হৈ সেইজনৰ লগতেই প্ৰেম কৰিম ।’
… আৰু এনে ধাৰণা মনত পুহি ৰখা ছোৱালী এজনীৰ প্ৰতি.. বিপৰীত লিংগৰ কোনোবা যে কেতিয়াবা আকৰ্ষিত হৈছিল.. সেইয়া ভাবিবই নোৱাৰো মই..।
মানে.. বন্ধু মহলত মই আছিলো এটা মস্ত ব’ৰিং পিচ । ষ্টাডি ৰিলেটেড কথাবোৰৰ বাদে.. বাকীবোৰৰ পৰা সকলোৱে মোক এভ’য়ড কৰিয়েই চলিছিল ।

নিলোৎপলে জোকালে..
‘ যিমানেই নোকোৱা অংকি.. সেইজন এসময়ত তোমাৰ প্ৰেমিকেই আছিলে..। তুমি গম নোপোৱাকৈ.. তেওঁ নিশ্চয় তোমাৰ প্ৰেমত হাবু – ডুবু খাইছিল..। ‘

নিলোৎপলৰ কথাষাৰে.. মোৰ মনত কিবা অলপ খেলি মেলি লগাই দিলে..। এইবাৰ মোৰ সঁচাই সীমান্তক জানিব মন গ’ল ।
মনতে ভাবিলো.. আকৌ যদি মেছেজ আহে …মই তেওঁক সুধিমেই .. তেওঁ নো মোক কিদৰে চিনি পাই..।

পিছে এসপ্তাহ ধৰি মোৰ সেই অচিনাকি শুভাকাংক্ষী জনৰ কোনো মেছেজ নাহিল । মই এনেই তেওঁৰ প্ৰফাইলটো উলিয়াই.. স্ক’ৰল কৰি কৰি.. গৈ থাকিলো..আৰু তিনিবছৰৰ আগৰ তেওঁৰ প’ষ্ট এটাত হঠাৎ .. আচৰিত হৈ.. ৰৈ গ’লো..।

এইয়া কি..? সীমান্তই কৰা এখন পেইণ্টিংত ..আকাশৰ ওপৰলৈ দৃষ্টি ৰাখি.. নেদেখাজনক কৃতজ্ঞতা জনাই.. আনন্দ মিশ্ৰিত চকুলোৰে এইজনী দেখোন মই.. !
মোৰ মনলৈ উভটি আহিছিল সেই দিনটোৰ স্মৃতিবোৰ..।
এইখন সেই বিশেষ দিনটোৰ ছবি… যি দিনা… ” ডা হ’প ” টাইটলৰে.. নাৰী জীৱনৰ লগত সংগতি ৰাখি মই কৰা এখন পেইণ্টিংৰে.. প্ৰথম বাৰৰ বাবে.. ইউনিভাৰ্চিটিৰ বেষ্ট এৱাৰ্ডটো আজুৰি আনিবলৈ সক্ষম হৈছিলো ।
তেওঁৰ পেইণ্টিং খনত… সেইদিনাৰ সমস্ত সুখ খিনি মোৰ মুখত যেন ফুটি উঠিছে..। ইমান নিখুঁত .. ইমান জীৱন্ত ছবিখন..! আচৰিত হ’লো মই..। বহুসময় নিজকে চাই ৰ’লো তেওঁৰ তুলিকাৰ মাজেৰে..।

লগে লগে.. তেওঁৰ বিষয়ে দুটামান কথা স্পষ্ট হৈ পৰিল..। প্ৰথমে..তেওঁ এজন সু-নিপুন চিত্ৰশিল্পী.. আৰু দ্বিতীয়তে.. তেওঁ সেইদিনা এৱাৰ্ড ফাংচনত উপস্থিত আছিল । কাৰণ সীমান্তই সেই বিশেষ মুহূৰ্ত্বটিক চিত্ৰায়ন কৰিছিল.. যিটো মই ফেচবুকত আপলোড কৰা ফটোবোৰত নাই ।

মানুহজন ক’ৰ …বা তেওঁ কি কৰে.. তেওঁৰ স্কুল / কলেজ .. আদি ব্যক্তিগত কোনো কথাই প্ৰফালইটোত উল্লেখ নাছিল যদিও.. মই আকৌ ভালদৰে চাব ধৰিলো..। যদি কেনেবাকৈ আৰু কিবা চকুত পৰেই তেওঁৰ বিষয়ে .. !
নাপালো.. বিশেষ একো জানিব নোৱাৰিলো মই তেওঁৰ প্ৰফাইলৰ পৰা..। তেওঁ নিজৰ কোনো ফটো ও আপলোড কৰা নাছিল ।
এই সীমান্ত দত্ত নামৰ মানুহজন মোৰ বাবে কিবা সাঁথৰ যেন হৈ পৰিল । তেওঁ নিজকে আত্মগোপন কৰি ৰাখিছে.. নে কি..? তেওঁৰ নাম সঁচাকৈ সীমান্ত দত্ত হয় নে নহয়.. তাকো সন্দেহ হ’ল মোৰ..।

এসময়ত.. বিৰক্তি অনুভৱ কৰা এজন অচিন মানুহৰ পৰা এটা মেছেজ পোৱাৰ অপেক্ষাৰে দিনবোৰ পাৰ কৰিব ধৰিলো মই..। কোনো কথা চিৰিয়াচলি নোলোৱা মোৰ দৰে এজনী ছোৱালীৰ মনলৈ আজিকালি সীমান্ত দত্ত নামৰ ..অচিনাকি মানুহজন প্ৰায়ে আহি থকা হ’ল..। আচলতে..মোৰ বিষয়ে বহুখিনি জনা .. মানুহজনৰ বিষয়ে… মোৰ ও জানিবৰ মন গ’ল ।

পিছে..এসপ্তাহ .. দুসপ্তাহ কৈ এমাহেই হ’বৰ হ’ল । সীমান্তৰ একো খবৰ নাই । মইও ভাবিলো.. ইমানেই অৱজ্ঞা কৰাৰ পিছত.. এজন মানুহে মোৰ খবৰ নো কি দৰকাৰত ল’ব..?

কিন্তু মই ভুল আছিলো । এদিন নিলোৎপল অফিচ যোৱাৰ পিছত.. ম’বাইলটো কাষতে থৈ কিবা এটা আঁকি থাকোতেই মেছেঞ্জাৰত সীমান্ত দত্তৰ মেছেজ এটা আহিল ।
মই হাতৰ পেঞ্চিলডাল দলিয়াই লৰালৰিকৈ ফোনটো হাতত তুলি ল’লো । নাজানো মোৰ কি হৈছিল.. এনে অনুভৱ হৈছিল.. মোৰ যেন বহু দিনৰ অপেক্ষাৰ ওৰ পৰিল..। যেন মোক অকলশৰীয়াকৈ এৰি যোৱা মোৰ প্ৰেমিক জন হে উভটি আহিছে..।

:- কি খবৰ.. ? ভালে আছা নে..?
তেওঁৰ মেছেজটো চাই ও মই অলপ সময় ৰৈ আছো..। ইমানবোৰ কথা সুধিব আছে.. মই দেখোন ‘ভালেই মোৰ’.. বুলি তেওঁৰ মেছেজৰ ৰিপ্লাইটো কৰিবলৈকে…. আঙুলি কেইটা কঁপিব ধৰিছে..।
মোৰ আচলতে হৈছে কি..? কেতিয়াও নেদেখা নজনা.. কোনোদিন কথা নপতা.. কাৰোবাৰ বাবে এনেকুৱা অদ্ভুত অনুভূতি আহে নে..? এনেকুৱা হোৱাৰতো কোনো কাৰণ নাই..। নে নিলোৎপলে কোৱাৰ দৰে ময়ো ভাবি লৈছো যে.. সীমান্ত দত্ত সঁচাই মোৰ এজন প্ৰেমিক..নে তেওঁৰ প্ৰফাইলত তেঁও অংকন কৰা অংকিতা জনীক দেখি মই সেইবুলিয়েই চিঅ’ৰ হৈছো..? নিজেই বুজি পোৱা নাই। ইমান অপ্ৰস্তুত মই চাগৈ কোনোদিনেই হোৱা নাই..।

পুনৰ তেওঁৰ মেছেজ আহিল..
:- জানো.. সদায়ৰ দৰে তুমি আজিও ৰিপ্লাই নকৰিবা..। একো নাই.. । মইটো এতিয়ালৈকে ৰৈয়েই থাকিলো তোমালৈ..। দৰকাৰী কথা অলপ আছিল ।
প’ষ্টেল এড্ৰেচটো দিবা তোমাৰ । ইমান বছৰে পুৰণা স্মৃতি অলপ সযতনে সাঁচি ৰাখিলো । আচলতে অলপ অসুস্থ হৈ পৰিছো মই । গতিকে নিবিচাৰো… কেনেবাকৈ মোৰ হাতৰ পৰা সেইবোৰ হেৰাই যাওঁক । প্লিজ.. ইটচ আ ৰিকুৱেষ্ট..। এড্ৰেচটো দিবা ।
তোমাৰ একো হাৰ্ম নকৰো..। ইউ কেন বি চিঅ’ৰ..।

:- কোন হয় তুমি ..? কি স্মৃতি সাঁচি ৰখাৰ কথা ক’লা..? তোমাৰ প্ৰফাইলত.. মোৰ পৰ্ট্ৰেইট কিয় দেখিলো ..? তুমি মোক কেনেকৈ চিনি পোৱা..? কোৱা মোক সকলোবোৰ .. ।

একেলগে কেইবাটাও প্ৰশ্ন কৰি.. মই সীমান্তৰ উত্তৰলৈ বাট চাই ৰ’লো..। বহু সময় … কোনো ৰিপ্লাই নাহিল । মোৰ দৃষ্টি কিন্তু ম’বাইলটোৰ স্ক্ৰীন খনতে আৱদ্ধ হৈ ৰ’ল । ইমান দিনে সীমান্তই মোৰ ৰিপ্লাইৰ বাবে অপেক্ষা কৰি ৰৈছিল… আৰু আজি মাত্ৰ এই কেইটামান অপেক্ষাৰ মুহূৰ্ত্বও মোৰ বাবে দেখোন বৰ দীঘলীয়া যেন অনুভৱ হৈছে..।

মোৰ পুৰণা স্মৃতি..?

কি হ’ব পাৰে..? ক’ত পালে সেইবোৰ সীমান্তই..? তেওঁ বাৰু কোনোবা মোৰ আপোনজনেই নেকি..! মোৰ লগত ধেমালি কৰিবলৈকে বা মোক ভয় খোৱাবলৈকে এইবোৰ কৰি আছে নেকি বাৰু..? নে কোনোবা মোৰ ভাল বন্ধু.. যি মোৰ বিষয়ে সকলো খবৰ ৰাখিছে..! বহুতো প্ৰশ্নৰ সমাহাৰত .. মোৰ চিন্তাৰ আঁতডাল হেৰাব ধৰিলে..।
অন্তৰংগ বান্ধৱী কেইগৰাকী মানলৈ ফোন কৰিলো মই..। দাদাৰ পৰা ও জানিব যত্ন কৰিলো.. কিজানি সীমান্ত দত্ত নামৰ মানুহজনক সিহঁতে জানেই..! নাই.. সিহঁতেও মনত পেলাব নোৱাৰিলে তেওঁক ।
মুঠতে কথাবোৰ কিবা জটিল যেন হৈ পৰিল..আৰু মই মানুহজনী ভিতৰি ভিতৰি অস্থিৰ হৈ পৰিলো ।

সেইদিনা নিলোৎপল অফিচৰ পৰা অহাৰ পিছত তেওঁক সকলো জনালো মই..। এইবাৰ তেওঁ ও অলপ চিন্তাত পৰিল । সীমান্তই মোক প’ষ্টেল এড্ৰেচ বিচৰা আৰু পুৰণি স্মৃতি সাঁচি ৰখাৰ বিষয়টো.. সহজ ভাবে ল’ব নোৱাৰিলে নিলোৎপলে..।
মোৰ কিবা বিপদ হ’ব পাৰে বুলি ভয় হ’ল তেওঁৰ মনত..। গতিকে পুলিচক ইনফৰ্ম কৰাৰ কথাই ভাবিলে নিলোৎপলে ।

মই পিছে সীমান্তৰ ৰিপ্লাই অহালৈ বাট চোৱাৰ কথা হে চিন্তা কৰিলো । লগতে এড্ৰেচটো দি.. তেওঁ নো কি পঠাই তাকো চাবলৈ আগ্ৰহী বুলি জনালো নিলোৎপলক ।
এটা কথাত মই চিঅ’ৰ আছিলো .. মোৰ বিপদ ঘটাব পৰাকৈ একো তথ্য সীমান্তৰ হাতত নাই । কাৰণ স্কুল বা কলেজৰ দিনতেই হওক..হাই.. হেল্ল’ৰ বাদে…কোনো পুৰুষৰ নিবিড় সান্নিধ্যলৈ অহা নাছিলো মই..। সেইখিনি বিশ্বাস মোৰ নিজৰ ওপৰত আছিল । গতিকে নিলোৎপল ও মোৰ কথাত আশ্বস্ত হ’ল ।

অৱশেষত.. পাঁচ দিনৰ বিৰতিত.. সীমান্তৰ ৰিপ্লাই আহিল ।
:- 910…..5 মোৰ নাম্বাৰ । প্লিজ ডু ক’ল মি । মোৰ হাতত চেলাইন লাগি আছে । মেছেজ কৰিব অসুবিধা হৈছে ।

মোৰ সুধিব মন গ’ল …” কি হৈছে তোমাৰ ..? “.. সেইদিনা ও কৈছিল ..” মই অলপ অসুস্হ “.. । কিন্তু মোক কিহে বাধা দিলে নাজানিলো.. । মই জানিব নিবিচাৰিলো একো ।
এজন অচিনাকি মানুহৰ বাবে এইদৰে উদ্বিগ্ন হৈ পৰিলে ভাল নেদেখিব বুলিয়েই ভাবিলো নে.. সুধিলে কেনেবাকৈ মই তেওঁৰ প্ৰতি দুৰ্বল হৈ পৰিছো বুলি সীমান্তই মিছাই অনুমান কৰি ল’ব বুলি শংকা জন্মিল মনত… নুবুজিলো মই …।
য’ত নেকি.. সীমান্তক মোৰ প’ষ্টেল এড্ৰেচ দিম বুলিও.. ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছিলো মই..। তেনেস্থলত..সেই বিশ্বাসৰ ভিত্তিতে তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাটো..আচলতে মোৰ কৰ্তব্য আছিল..।

একে সময়তে.. মই ঠিৰাং কৰি পেলালো.. ফোন নকৰো তেওঁলৈ..। মোৰ কি পুৰণি স্মৃতি তেওঁৰ ওচৰত আছে.. মোক মাত্ৰ ঘূৰাই দিয়ক..। তাৰ পিছত সীমান্তৰ লগত আৰু কোনো ধৰণৰ যোগাযোগ নাৰাখো মই…।
সীমান্তই কথাবোৰ ইমান ৰহস্যৰ মাজলৈ লৈ গৈছে যে.. কোনো দিন কোনো কথাত ধৈয্য হেৰুৱাই নেপেলোৱা বিন্দাচ ছোৱালীজনী আজি অস্থিৰ হৈ পৰিছো..।
মই সঁচাই অন্যমনস্ক হৈ থাকিব লৈছো । নিলোৎপলৰ সন্মিধ্যত ও সন্তুষ্ট হ’ব পৰা নাই দেখোন..। বহু কথাই খেলি মেলি লগালে মোৰ মনতো..।
নিলোৎপলৰ অফিচ এড্ৰেচটো টাইপ কৰি মই…সীমান্তলৈ মেছেঞ্জাৰত পঠাই দিলো ।

এইবাৰ নিলোৎপলৰ অফিচ এড্ৰেচত সীমান্তই মোলৈ কি পঠিয়াই…তাকে চাবলৈ ৰৈ থাকিলো মই … লগতে মোৰ স্বামী নিলোৎপল ও.. । পত্নীৰ মনৰ অস্থিৰতাই নিলোৎপলক ও যে অশান্তি দিছে.. সেই কথা উপলব্ধি হৈছিল মোৰ..। ইমান টেনশ্যনৰ মাজতো মোৰ ভাল লাগিছিল , নিলোৎপল.. প্ৰতিটো মুহূৰ্ত্বতে মোৰ সাহস হৈ মোৰ লগত আছিল.. । মোৰ মনটোক বুজিছিল..। মোৰ বাবে চিন্তা কৰিছিল ।

কিন্তু.. নিলোৎপলৰ ওচৰত মইহে নিজকে দোষী যেন অনুভৱ কৰিছিলো । বিয়াৰ পিছত.. নতুন জীৱনৰ পাতনি মেলোতেই.. এজন অচিনাকি পুৰুষৰ বাবে.. আমাৰ মাজৰ সম্পৰ্কটোৰ.. মধুৰতাখিনি.. যেন অলপ হ’লেও হ্ৰাস পাইছিল । মই ইচ্ছা নকৰিলেও.. সীমান্তৰ প্ৰফাইলত মোৰ পৰ্ট্ৰেইট খন … তেওঁ কোৱা পুৰণি স্মৃতিবোৰ কি.. বা মই অনুমান কৰিও কোন হ’ব পাৰে …ঠাৱৰ কৰিব নোৱাৰা মানুহ এজন মোৰ মনলৈ আহি থকা হৈছিল । ফলত হতাশ হৈ পৰিছিলো মই.. ।

নিলোৎপলে.. মই টেনশ্যন ফ্ৰী হৈ থাকিবৰ বাবেই কিমান যে যত্ন নকৰিছিল..। সদায় ফুৰাব নিছিল তেওঁ মোক.. অফিচৰ কামবোৰ ঘৰলৈকে আনি.. মোৰ লগত সময় কটাব ধৰিছিল..পাকঘৰত সোমাই .. ইটো সিটো কৰি দি মোক সহায় কৰি ও দিছিল ..। মুঠতে মই যাতে অকলশৰীয়া অনুভৱ নকৰো..তাৰ প্ৰতি লক্ষ্য ৰাখিছিল মোৰ স্বামীয়ে..।
মোৰ লগতে এতিয়া তেওঁ ও অপেক্ষাৰত.. সীমান্তই পঠোৱা পুৰণা স্মৃতিবোৰ কি জানিবলৈ..।

অলপ দিনৰ পিছতে… সেই বিশেষ পাৰ্চেলটো নিলোৎপলৰ হাতত পৰিছিল..। সেইদিনা তেওঁ অলপ সময় ও পলম নকৰি অফিচৰ পৰা গুচি আহিছিল..কাৰণ মোৰ সমানে তেওঁৰ মনত ও ইমান দিনে বহুত প্ৰশ্নই দোলা দি আহিছিল । সেই প্ৰশ্নবোৰৰ উত্তৰ …সীমান্তৰ পাৰ্চেলটোৱেই যে দিব পাৰিব সেই বিষয়ে চিঅ’ৰ আছিল তেওঁ।

নিলোৎপলৰ হাতত পেকেটতো দেখি.. মই একেকোবে সেইটো মোৰ হাতলৈ আনি.. বিচনাখনতে বহি ল’লো । পেকেটতো খুলি দেখো.. এখন ডাঙৰ ডায়েৰী.. লগতে পৰিপাটিকৈ.. সুন্দৰ হাতৰ আখৰেৰে… মোৰ নামত লিখা সীমান্তৰ এখন চিঠি । মই প্ৰথমে চিঠি খন মেলি পঢ়িব ধৰিলো আৰু নিলোৎপলে ডায়েৰীৰ পাতবোৰ লুটিয়াই গ’ল …।

অংকিতা..
তোমাৰ মানসিক স্থিতি বৰ্তমান কেনেকুৱা বুজিব পাৰিছো মই । মোৰ ওপৰত তোমাৰ নিশ্চয় প্ৰচণ্ড খং উঠিছে..। তোমাক মই বহুত অশান্তি দিলো ন ইমান দিনে..? তাৰ বাবে প্ৰথমে..অন্তৰৰ পৰা ক্ষমা খুজিছো ।
ডায়েৰী খনতে মোৰ মনৰ অনুভৱবোৰ লিপিবদ্ধ কৰি আহিছো ইমান দিনে । এতিয়া সেইখন তোমাক গতাই দিয়াৰ সময় আহি পৰিছে । আচলতে তোমাক একো নজনোৱাকৈ মই এই দুনীয়াৰ পৰা আঁতৰি যাব ও পাৰিলো হয় । কিন্তু সেই স্কুলৰ দিনৰ পৰাই তোমাক ক’ম ক’ম বুলি ভাবি থকা কথাবোৰ সময়ত জনাম বুলি অপেক্ষা কৰোতে.. সময়ে মোৰ লগতেই খেল এখন খেলি গ’ল । যি খন খেলত খুব বেয়াকৈ হাৰি গ’লো মই । সময় দুনাই ঘূৰি নাহে.. আৰু মোৰ কপালৰ আয়ুস ও ।
আচৰিত হৈছা চাগৈ .. !
মোক তুমি পাহৰিবাই ..। কিন্তু মই তোমাক এক মুহূৰ্ত্বৰ বাবে ও পাহৰিব নোৱাৰিলো..। স্কুলত তোমাৰ চিনিঅ’ৰ আছিলো মই ।তুমি ক্লাছ চেভেনত পঢ়োতে …মই টেনৰ ষ্টুডেন্ট আছিলো । দেউতা.. চাকৰি সূত্ৰে বদলি হৈ থাকিব লগা হোৱাৰ বাবে মই এটা বছৰ.. তোমাৰ স্কুলত পঢ়াৰ ও সুবিধা পাইছিলো । সেই তেতিয়াই দেখা তোমাক…আৰু সেই তেতিয়াৰ পৰাই তুমি চিনাকি মোৰ ।
ভাল লাগিছিল তোমাক মোৰ । তোমাৰ খাৰাং-খাচ স্বভাৱটো সেই তেতিয়াৰ পৰাই প্রিয় আছিল মোৰ । মেট্ৰিক পাচ কৰি .. কলেজীয়া শিক্ষা সমাপ্ত কৰি মই আচাম ইউনিভাৰ্চিটিত ফাইন আৰ্টচ পঢ়িব গ’লো । ভবাই নাছিলো..আকৌ তাতো যে তোমাক লগ পাম । মই আচলতে গম পোৱা ও নাছিলো.. তুমি ও যে তাতে পঢ়ি আছা । এৱাৰ্ড ফাংচনৰ দিনা তোমাক দেখি.. তোমাৰ নামটো শুনি মোৰ কেনেকুৱা অনুভৱ হৈছিল বুজাই ক’ব নোৱাৰিম মই ।
আৰু সেইদিনাই মই…মোৰ মনত থুপ খোৱাই ৰখা কথাবোৰ জনাই.. তোমাক আপোন কৰি ল’ম বুলি সিদ্ধান্ত লৈ পেলাইছিলো । ইউনিভাৰ্চিটিত কেইবাদিনো কথা ও হৈছিল আমাৰ..পেইণ্টিং ৰিলেটেড টপিক কিছুমানৰ ওপৰত ।
মই জানিছিলো…তুমি কিন্তু মোক চিনিব পৰা নাছিলা ।
স্বাভাৱিক আছিল । তুমিতো কোনো পুৰুষক গুৰুত্বই নিদিলা ষ্টুডেন্ট লাইফত । তথাপিও বিশ্বাস আছে মোৰ.. মই যদি মোৰ মনৰ কথাবোৰ তোমাক জনোৱাৰ সুযোগ পালো হয়.. মোৰ দৰে প্ৰেমিক এজনক তুমি কেতিয়াও ‘ না ‘ ক’ব নোৱাৰিলা হয়…!
মোৰ গোপন প্ৰেম আধৰুৱা হৈয়েই থাকি গ’ল । মই তোমাক ফেইচবুকত চাৰ্চ কৰিলো । মোৰ গোপন ভালপোৱাৰ দৰে গোপনে তোমাৰ সকলো খবৰ ৰাখি গ’লো ।
তুমি নিলোৎপলৰ লগত সুখী হোৱা অংকিতা..। মনেৰে বিচাৰো মই ।

এইটো সঁচা যে..তোমাৰ ফেইচবুক ষ্টেটাচত যি দিনা তুমি… ‘এংগেজড টু নিলোৎপল চৌধুৰী ..’ বুলি লিখি দিছিলা… মই বৰ কষ্ট পাইছিলো । কিন্তু এই জনমত তুমি মোৰ হোৱাৰ কোনো ৰাস্তাই ভগৱানে খুলি নাৰাখিলে যে.. মই মানি ল’লো সকলোবোৰ ।
পিছে… অহা জনমত তুমি কিন্তু মোৰেই হ’ব লাগিব..।

মই লিউকেমিয়াৰ লাষ্ট ষ্টেজত মৃত্যুৰ সৈতে যুঁজি আছো এতিয়া । তোমাক যিদিনা মনৰ কথাবোৰ জনাম বুলি নিজকে সাজু কৰিছিলো.. সেইদিনাই ডাক্টৰৰ ৰিপৰ্ট আহিছিল..মোৰ বেমাৰৰ বিষয়ে..। মৃত্যুমুখী বুলি জানি কি দৰে তোমাক নিজৰ কৰাৰ সপোন দেখো কোৱা..। ভাঙি পৰিছিলো মই..।
আজি জীৱনৰ শেষ সময় খিনিত.. তোমাক এইদৰে কথাবোৰ কোৱা উচিত হৈছে নে নাই নাজানো অংকিতা.. । জানিবও ইচ্ছা কৰা নাই ।
মাথোঁ মোৰ জনাব মন গ’ল.. আই ল’ভ ইউ …।
মোৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ প্ৰেম তুমিয়েই । এই সত্যটো তোমাক নজনোৱাকৈ মৰিলেও মই হয়তো শান্তি নাপাম । ভুল নুবুজিবা । আৰু বহু কথাই কোৱা নহ’ল । সময়ো নাই । বিদায়….। সীমান্ত...

কথা খিনি পঢ়ি.. থক-থককৈ কঁপিব ধৰিলো মই । চিঠিখন মোৰ হাতৰ মুঠিৰ পৰা উৰি গৈ মজিয়াত পৰিল । এজন মানুহে গোপনে গোপনে ইমান ভাল পাই থাকিল মোক ..? যি জনৰ মুখ খন মই এই মুহূৰ্ত্বত ও মনত পেলাব পৰা নাই.. তেওঁ সমগ্ৰ হিয়া উজাৰি মোক ভালপোৱাৰ কথা কৈছে..! প্ৰেম এনেকুৱা ও হয় নেকি..?মোৰ দুচকু ভৰি.. চকুপানীবোৰ নিগৰি আহিল ।

নিলোৎপলে চিঠিখন উঠাই পঢ়িব ধৰিলে..।

ডায়েৰীখন ও মোৰ ফটো.. মোৰ প্ৰতি সীমান্তৰ মনত জাগি উঠা অনুভৱ বোৰেদি.. ভৰ্তি কৰি ৰাখিছে তেওঁ..। মই ডায়েৰীৰ পাতবোৰ লুটিয়াই এফালৰ পৰা পঢ়ি গ’লো সীমান্তৰ মনৰ কথাবোৰ..। মোৰ অন্তৰাত্মা চুই গ’ল সীমান্তই মোৰ বাবে লিখা প্ৰতিটো বাক্যই ..এটা এটা শব্দই..।
নিলোৎপল ওলাই গ’ল মোক অকলশৰীয়া মুহূৰ্ত্ব কেইটামান কটাব দি..। আজি তেওঁ ও শব্দহীন হৈ পৰিছে…।
বহু সময় নিজৰ লগত কটাই..কথাবোৰ চালি-জাৰি চাই নিলোৎপলৰ ওচৰত বহি পৰিলো মই..।

:- মোক ভুল নুবুজিবা নিলোৎপল…। এই প্ৰেম একপক্ষীয় । মই একোৱে ভূ পোৱা নাছিলো । মোৰ জীৱনত প্ৰেমৰ অনুভূতিৰ সৃষ্টি কৰা একমাত্ৰ পুৰুষ জন তুমি । মই দেহে মনে তোমাৰেই..। কিন্তু আজি সীমান্তৰ কথাবোৰে মোক দুখ দিছে..। মোৰ খং উঠিল হয়.. সুস্থ অৱস্থাত কোনোবাই এনেধৰণৰ অযুক্তিকৰ কাম কিছুমান কৰা হ’লে..। মই হয়তো খুব বেয়াকৈ গালি ও পাৰিলো হয় ..।
পিছে এজন মৃত্যমুখী মানুহে কম আৱেগেৰে এইখিনি কথা মোক জনাইছে নে…! চোৱাচোন ।
মোৰ সহিব দিগদাৰ হৈছে নিলোৎপল ।

:- তুমি অলপ ও ভুল নহয় অংকিতা । আজি সীমান্তৰ তোমাৰ প্ৰতি থকা প্ৰেম দেখি মোৰ বুকুখনে ও হাহাকাৰ কৰি উঠিছে..। উফফ… ভগৱানে তেওঁৰ আশাবোৰে পূৰণ কৰা হ’লে..!

নিলোৎপলে আলফুলে চপাই ল’লে মোক তেওঁৰ বুকুলৈ..। মই গভীৰ নিৰাপত্তা অনুভৱ কৰিলো তেওঁৰ বুকুৰ মাজত.. ।

:- মোৰ এতিয়াও সীমান্তৰ মুখ খন মনলৈ অহা নাই নিলোৎপল..। মই অনুমান কৰিব পৰা নাই.. মোক ইমান ভাল পোৱা মানুহজন.. কোন জন নো ..।

হঠাৎ কিবা এটা চিন্তা কৰি .. পাৰ্চেলটোত সীমান্তৰ এড্ৰেচতো চাই.. নিলোৎপলে কৈ উঠিল..
মথুৰা নগৰ… শকুন্তলা পথ…গুৱাহাটী..নেয়াৰ ডাউন টাউন হস্পিটেল..।
:- ব’লা চাই আহো সীমান্তক..।

:- কি কোৱা.. নালাগে নিলোৎপল । মই নাযাওঁ । তেওঁক ফেইচ কৰিব নোৱাৰিম মই..। এইখিনি সাহস মোৰ নাই । কি ক’ম তেওঁক…কি বুলি সান্তনা দিম ..?

:- তেওঁৰ মনৰ শান্তিৰ বাবে ব’লা..। শেষ মুহূৰ্ত্বত তোমাক এবাৰ দেখি যাওক সীমান্তই..। সেই পৰম শান্তি ক’নৰ পৰা বঞ্চিত নকৰিবা তেওঁক…। ---------------------

আজি বহুত দিনৰ মূৰত এইয়া… ৰং তুলিকা উলিয়াই লৈছো মই..। উকা কাগজখনত.. পেঞ্চিলেৰ দাগ বহুৱাই..আঁকিব যত্ন কৰিছো.. সীমান্ত দত্ত নামৰ মোৰ প্ৰেমিক জনক..। সোঁৱৰিছো.. বিদায় পৰত তেওঁ কৈ যোৱা কথাবোৰ..।
সীমান্তক এবাৰ লগ কৰিবলৈ গৈছিলো আমি…আৰু তেওঁৰ ড্ৰয়িং ৰুমত.. খৰিকাজাই ফুলৰ মালা এধাৰ পিন্ধাই …ডাঙৰ ফ্ৰেম এটাত বন্ধাই ৰখা..তেওঁৰ ফটো খন… ম’বাইল কেমেৰাৰে নিলোৎপলেই তুলি আনিছিল..।
তাকে চাই চাই মই তেওঁৰ প্ৰতিকৃতি অংকন কৰিছো..। চকুৰ আগত..বাৰে বাৰে ধূসৰ হৈ পৰিছে কাগজখিলা..। মই বাৰে বাৰে মুচি লৈছো আবাধ্য চকুলোবোৰক..।
মোৰ মনতো খুন্দিয়াই থকা এই অনুভূতিৰ নাম কি.. নাজানো মই.. । কিন্তু মোৰ বুকুখনত আজি এজাক ধুমুহাৰ …মৌন কোলাহল..।
সীমান্তই এসাগৰ প্ৰেম বুকুতে লৈ.. আঁতৰি গ’ল.. আৰু মই যত্ন কৰিছো এইয়া.. চিৰদিনৰ বাবে আঁতৰি যোৱা মানুহজনক মোৰ তুলিকাৰে জীৱন্ত কৰি ৰাখিবলৈ..।


      -------------------

লক ডাউন বিশেষ ..

“অ’ৰা.. শুনিছা নে… !! বৰ ভয়ানক পৰিস্থিতি হ’বলৈ গৈ আছে দেই দেশত…। অফিচ ও কৰিব নোৱাৰিম এতিয়া । কাইলৈৰ পৰা এসপ্তাহৰ লক ডাউন ঘোষণা কৰিছে চৰকাৰে । কি নো ভাইৰাছ এটা ওলাল আৰু ….!! জীয়াই থাকিমেই নে নাই তাৰেই ঠিক নাইকিয়া হৈছে বুজিছা.. ।”

“ভালেই হৈছে .. থাকা ঘৰতে কেইদিনমান । দিনটো আমি গৃহিনীবোৰে কি কৰি থাকো প্ৰশ্ন কৰা নহয় …! নিজেই উত্তৰ বিচাৰি পাই যাবা এতিয়া । মই হে বুজো অকলে অকলে কিদৰে চম্ভালো সকলোবোৰ..। ঘৰৰ কাম কাইলৈৰ পৰা তুমিয়েই কৰিবা । মোকো ব্ৰেক লাগে নহয় মাজে মাজে… দেইলি কৰি থকাবোৰৰ পৰা ।”

এইয়া নিশান্ত আৰু মৌচুমীৰ কথোপকথন । লক ডাউন হোৱাৰ ঠিক আগদিনা ..সন্ধিয়া অফিচৰ পৰা আহি নিশান্তই মৌচুমীক ভিতৰৰ বজাৰ কি আছে কি নাই সুধি লিষ্ট খন লিখি লিখি কথা খিনি কৈ আছিল ।
চাকৰিৰ তাড়নাত দুয়ো ঘৰৰ পৰা আঁতৰত এখন বেলেগ চহৰত ঘৰ ভাড়া কৰি আছে । সুখৰ সংসাৰ দুয়োৰে। মাথোঁ মৌচুমীৰ অভিযোগ এটাই … নিশান্তৰ সময়ৰ অভাৱ । তাইলৈ.. ।

পিছদিনাৰ পৰাই যিহেতু সকলো বন্ধ ….মৌচুমীয়ে কি কৰিব, কি নকৰিব যোগুতাই লোৱা কামৰ লিষ্ট খনৰ প্ৰথম কামটো ঠিক কৰি ল’লে । কেইদিনমান দেৰিলৈকে শুব তাই ….। বাকীবোৰ বাৰু লিষ্ট খনত পিছে পৰেও এড কৰি ল’ব পৰিব । এই এসপ্তাহ অন্ততঃ আৰামত কটাব মৌচুমীয়ে… ।
মনেৰে ভাবিলেও ,ঘৰ খন চলোৱাৰ দায়িত্বটো যে তাইৰেই .. ভালদৰে বুজে । তথাপিও …অলপ ভাও খাব এইকেইদিন নিশান্তৰ ওচৰত তাই ।

ভবামতেই , পিছদিনা মৌচুমী ইচ্ছা কৰি দেৰিলৈকে বিচনাতে পৰি থাকিল । নিশান্তই ইতিমধ্যে শোৱাৰ পৰা উঠি চাহ দুকাপ কৰি তাইৰ ওচৰলৈকে লৈ আহিল । মৌচুমীৰ বিৰাট ফুৰ্তি লাগিল ।

অ’ আই এইখন মোৰ কপালেই নে…?আজি পতি পৰমেশ্বৰে মোক বেড টি খুৱাব মানে ….!! ব্ৰেকফাষ্ট …লান্স ও ৰান্ধি খোৱাব নেকি বাৰু…!! নালাগে ,, সেইখিনি নকৰিলেও ৰাতিপুৱাৰ চাহ কাপ যদি এইদৰে সদায় খুৱাই , কিমান যে ভাল হ’ব অ’ …!! এনাৰ্জি বুস্ত কৰিহে দিনটো আৰম্ভ কৰিম মানে… ।। ……..মনৰ ভিতৰতে কথাকেইটা ভাবি একেজাপে বিচনাত বহি ল’লে মৌচুমী ..!!

“গুড মৰ্নিং নিশান্ত .. য়ে ৰাম তুমি কিয় চাহ কৰিব লাগে… ? মই কৰিলো হেঁতেন নহয় !”……ফৰ্মেলিটি দেখুৱাই কথা কেইটা ক’লে যদিও তাই হে জানিছে ফুৰ্তিতে তাইৰ মনে যে ঠৌকি-বাথৌ হৈ নাচিছে । কেৰাহিকৈ তাই চাহৰ কাপটোলৈ চালে । ঠিকেই আছে চাহ কাপ , ৰঙে বৰনে… ।

“তুমি খোৱাচোন । মই মুখ খন পতককে ধুই আহো ৰ’বা ।”
….. নিশান্তৰ চুলি খিনিতে আঙুলি কেইটা বোলাই উঠি গ’ল তাই।

বেচিনটোৰ ওচৰৰ ষ্টেণ্ড ডালৰ পৰা টুথ ব্ৰাছ ডাল ল’ব ধৰি মৌচুমীয়ে দেখিলে সেইডাল আগমুহূৰ্ত্বত কোনোবাই ব্যৱহাৰ কৰাৰ দৰে তিতি আছে । মনৰ সন্দেহত তাই গিৰিয়েকৰ ব্রাছ ডাল চুই চালে .. । শুকান সেইডাল.. । মানে নিশান্তই তাইৰ ব্ৰাছৰে দাঁত মাজি চাহৰ কাপত আৰাম চে চুমুক দি আছে । খঙতে চিঞৰি উঠিল তাই ।

“নিশান্ত.. এইফালে আহা ..”

সিও মৌচুমীৰ চিঞৰৰ ভাইব্ৰেচনতে বুজি পালে যে কিবা এটা অথন্তৰ নিশ্চয় ঘটিছে । চাহ কাপ এৰি দৌৰি আহিল সি ।

“কি হ’ল ? কিয় টেঁটু ফালিছা এনেকৈ ? “

“তোমাৰ ব্রাছ কোনডাল… ?”

ভুল কৰিছে বুজিব পাৰি,একো নামাতি বেঙাৰ দৰে সি এবাৰ ব্রাছ দুডাল আৰু এবাৰ মৌচুমীৰ মুখলৈ চাই থাকিল ।

“নিজৰ ব্রাছ ডাল ইমান দিনে চিনি নাপালা তুমি ? চিহঃ … মোৰ ব্রাছ ডালৰেই দাঁত ঘহিলা যে গম পালা নে ….? মই কোনডাল ল’ম এতিয়া … ??”…..খঙতে তাই নিশান্তলৈ চাই ব্রাছ ডাল দলিয়াই দিলে ।

পেটে পেটে নিশান্তৰ বিৰাট হাঁহি উঠিল । কিন্তু ঘৈণীয়েকৰ ৰুদ্ৰ মূৰ্তি দেখি হাঁহিটো দমাই ৰাখিলে ।
ওলোটাই এইবাৰ সি হে দাং খাই উঠিল …

“অ’ৰা … মই যদি তোমাৰ ডালৰে দাঁত ঘঁহিব পাৰো, তুমি মোৰ ব্রাছ ডাল কিয় ল’ব নোৱাৰিবা হে ..!! “……. এইবুলি সি তাৰ ব্ৰাছডালত টুথপেস্ট অলপ লগাই মৌচুমীক হেঁচি ধৰিলে ।

“আজি তুমি ঘঁহিবই লাগিব এইডালৰে ।”

মৌচুমীয়ে ঘিণতে তাক ঠেলা মাৰি দৌৰি পলাল । সি ও খেদি গ’ল । তাই ঘৰটোৰ ভিতৰতে যেনি তেনি দৌৰিব ধৰিলে , পিছে পিছে ব্রাছ ডাল লৈ নিশান্ত ও দৌৰি থাকিল .. । মুঠৰ ওপৰত ৰাতিপুৱাই সিহঁতৰ ঘৰত ভাল খেদা খেদিৰ খেল এখন চলিল ।

“ঠিক আছে.. সেইয়াই মৰম ….!! তুমি ব্রাছৰ ও ভাগ বটোৱাৰা কৰি দেখুৱালা । বুজি পাই গ’লো তোমাৰ মৰম । “…….ভাগৰি পৰি নিশান্তই ৰণত জিকাৰ শেষ কৌশলটো প্ৰয়োগ কৰি মিচিকিয়াই হাঁহি দিলে ।

“থোৱা হে, সেইকণ মৰম মোক নালাগে দেখাব । ৰাতিপুৱাই মুৰ গৰম কৰি দিলা আজি ।”…. মৌচুমীয়ে ভেঙুচাই আহিল নিশান্তলৈ চাই আৰু আনি থোৱা নতুন ব্রাছ এডাল উলিয়াই ল’বলৈ ৰুমলৈ সোমাই গ’ল ।

আচলতে অভ্যাসবোৰ তাইয়েই কৰালে । পলমকৈ বিচনা এৰা গিৰিয়েকৰ অফিচ দেৰি হয় বুলি তাইয়েই বাথৰুমত টাৱেল খনৰ লগতে ব্রাছ ডাল ও থৈ আহিছিল সদায় । গতিকে সি আজি নিজৰ ব্রাছ ডাল চিনিয়েই নাপালে ।

মৌচুমীয়ে বুজিলে । সপোন দেখি লাভ নাই । তাইৰ দৈনন্দিন কাৰ্য্যসূচী খনৰ লক ডাউন নাই কেতিয়াও…। আমনি লাগিলেও একে খিনিকে সদায় কৰিবই লাগিব । তাৰ’ বিনে গতি নাই ।
এটাই ভাল লাগিল … অন্ততঃ এই এসপ্তাহ সময়বোৰ অকল তাইৰ আৰু নিশান্তৰ হ’ব । যিটোৰ অভিযোগ সদায়েই কৰি আহিছিল নিশান্তৰ ওচৰত মৌচুমীয়ে ।

“লক ডাউন”…. ধন্যবাদ তোমাক ।


       ~~~~~~~~~~~~~~~~~~ 

Design a site like this with WordPress.com
Get started