নিজৰ বাবে অলপ সময়…

প্লাবিতাৰ মূৰৰ শিতানৰ টেবুল ঘড়ীটোত পাঁচ বজাৰ এলাৰ্মটো বাজি উঠিল । কাষতে শুই থকা ৰক্তিমে সাৰ পাব বুলি.. ল’ৰালৰিকৈ এলাৰ্মটো অফ কৰি.. বিচনাৰ পৰা নামি আহিল তাই । নাইট গাউনটো ভালদৰে মেৰিয়াই.. অবিন্যস্ত চুলি কেইডাল.. ৰাবাৰ বেণ্ড এডালেৰে লাহেকৈ পকাই .. দুৱাৰখন খুলি বেলকনিত ঠিয় হৈ… বাহিৰৰ পৰিবেশটো লক্ষ্য কৰিলে..।

প্ৰভাতি পক্ষী কেইটামানে কিচিৰ-মিচিৰ শব্দৰে লয় তুলি তুলি.. তাইক যেন শাৰদীয় শুভেচ্ছা জনাইছে..। অলপ দিনৰ পিছতেই দূৰ্গাপূজা..। এক উৎসৱমুখৰ আনন্দেৰে মুখৰিত হৈ উঠিব চৌদিশ…। অ’ত ত’ত দুই এখন পেণ্ডেলৰ কাম প্ৰায় সমাপ্তই হৈছে । প্ৰতি বছৰেই শৰতৰ এই সুন্দৰতাক প্ৰাণ ভৰি উপভোগ কৰে প্লাবিতাই । কিমান যে ভাল ল’গা এই ঋতু..এই শৰৎ..।

এইয়া যে শেৱালি ফুলাৰ বতৰ..। দুবৰিৰ কোলাত মুকুতা মণিৰ দৰে পৰি থকা.. নিয়ৰৰ টোপালবোৰ চুমি… তলসৰা শেৱালীবোৰ শুই থকাৰ বতৰ । গা মন চুই যোৱা হিম শীতল মৃদু বতাহ জাকক অনুভৱ কৰাৰ বতৰ..। দূৰ্গা মাৰ আশীষ লোৱাৰ বতৰ..!

পুৱাৰ এই সময়খিনি প্লাবিতাৰ একান্ত নিজৰ সময়..। ডেইলি ৰুটিন খনৰ এই সময়ক’ন… তাই একান্ত নিজৰ বাবে ঠিক কৰি লৈছে । সোনকালে উঠি.. বেলকনিৰ নিৰ্দিষ্ট চকী খনত বহি.. চেনী নোহোৱা ফিকা কফি একাপ হাতত লৈ.. প্ৰতিপুৱা নিজৰ লগতে আধাঘণ্টা মান সময় নীৰৱে কটাই তাই । গুণগুণাই… প্রিয় গানৰ কলিবোৰ.. টাবৰ ফুল কেইজোপাৰ আপদাল কৰে.. লিভিং ৰুমৰ চুক এটাত পৰিত্যক্ত হৈ পৰি থকা.. তানপুৰা খন আৰু হাৰমনিয়াম খন ধুনীয়াকৈ পৰিষ্কাৰ কৰে..।

আজিও তাৰ ব্যতিক্ৰম হোৱা নাই ..। দূৰৈৰ ক’ৰবাৰ পৰা ৰিনিকি-ৰিনিকি ভাঁহি আহিছে এটা দূৰ্গা বন্দনা..। হয়তো কোনোবাই ৰেডিও বা অডিঅ’ প্লেয়াৰত লগাই দিছে..। মনটো ভাল লাগি গ’ল প্লাবিতাৰ..। আগতে ৰাভা সংগীত, লোক সংগীত, জ্যোতি সংগীত, দূৰ্গা বন্দনা গাই.. কিমান যে পুৰষ্কাৰ বুটলিছিল তাই..! দেউতাকে স্থানীয় পুজা খনত দূৰ্গা বন্দনা গোৱাবলৈকে সদায় তাইক লৈ গৈছিল..। সকলোৱে তাইৰ কণ্ঠৰ প্ৰশংসা কৰিছিল .. । এতিয়া সকলোবোৰ মাত্ৰ স্মৃতিৰ পাতত হে সজীৱ হৈ আছে..। তথাপিও.. মনত এটা আশা পুহি ৰাখিছে.. এদিন এখন মিউজিক স্কুল খুলিব তাই..। আকৌ এদিন গান গাব ..।

বিয়া হৈ …এগৰাকী পত্নী.. মাতৃ.. বোৱাৰী.. বৌ.. পেহী.. খুৰী.. ননন্দ.. কিমান যে নতুন নতুন সম্বন্ধৰে বান্ধ খাই পৰিল ..। তাৰোপৰি এগৰাকী ৱৰ্কিং লেডী হিচাবে ব্যস্ততা আছেই .. । তাৰ মাজত ও কেতিয়াবা..আত্ম পৰিচয় বিচাৰি হাহাকাৰ কৰি উঠে প্লাবিতাৰ মনটো..।
ক’ত লুকাই পৰিল সেই “প্লাবিতা জনী”.. যোনে গান গাই ভাল পাইছিল, নাচি ভাল পাইছিল, কবিতা লিখিছিল, খিলখিলাই দৌৰি ফুৰিছিল সপোন খেদি খেদি..।
পিছে উত্তৰবোৰ বিচাৰি নাপাই দেখোন.. ।

কথাবোৰে মনটো দুৰ্বল কৰি নেপেলাওক বুলিয়েই.. তাইও গুণগুণাব ধৰিলে..

“দূৰ্গে দূৰ্গে দুৰ্গতি নাশিনী..
মহিষাসুৰ মৰদিনী জয় মা দূৰ্গে..।
দেৱী দূৰ্গে জগত জননী..
তুমি মা..মংগল কাৰিণী..।”

ভাৱ বিভোৰ হৈ পৰা প্লাবিতাৰ …কাষৰ চকী খনত.. হাততে লেপটপটো লৈ..ৰক্তিম আহি কেতিয়ানো বহি পৰিল.. গমেই নাপালে তাই ।

-: গুড মৰ্নিং ৰক্তিম..। আজি ইমান সোনকালে উঠি আহিলা যে..! মই মনেই কৰা নাছিলো । এনেই দেখোন ব্ৰেকফাষ্ট ৰেডি কৰি চিঞঁৰি থাকিব লাগে ।

-: অলপ টেনশ্যনত আছো অ’ । ইমান কষ্ট কৰি প্ৰজেক্ট ৰিপৰ্ট এটা বনালো.. নতুন এমপ্ল’য়ি এজনে তাতে ভুল উলিয়াইছে..। ইমান বছৰে.. কোনেও খুঁত ধৰিব নোৱাৰাকৈ কামবোৰ পৰিপাটিকৈ কৰি অহাৰ পিছত.. এটা কম বয়সীয়া ল’ৰাই মোৰ ৰিপৰ্টত কুৱেশ্যন কৰিছে.. !
মই মেন্টেলি বহুত ডিষ্টাৰবড হৈ পৰিছো..।

-: অ’কে অ’কে কুল ডাউন ডিয়েৰ..। তুমি চোৱাচোন বাৰু ক’ত নো ভুল হৈছে…। মই তোমালৈ চাহ একাপ কৰি আনো.. ।

কথা কেইটা কৈ ভিতৰলৈ সোমাব লৈও.. পুনৰ ৰক্তিমৰ ওচৰলৈ আহি.. তাৰ চুলি কেইডালতে আঙুলি ফুৰাই মৰমেৰে ক’ব ধৰিলে প্লাবিতাই..

-: কি জানা ৰক্তিম.. আজিৰ ল’ৰা ছোৱালীবোৰ বহুত বেছি টেলেন্টেড হয়..। আমি ভবাতকৈ ও বহুত বুজে.. বহুত বেছি জানে সিহঁতে.. । তুমি ল’ৰা জনক তোমাৰ কৰ্মচাৰী বুলি নাভাবি.. লগৰ এজন বুলি.. প্ৰজেক্টটোত একেলগে কাম কৰাচোন । কিজানি এতিয়াতকৈ ও ভাল ৰিজাল্ট আহে..।

-: হয় দিয়া.. ঠিকেই কৈছা তুমি । মই কথা পাতিম তাৰ লগত..।

লেপটপটোত চকু ৰাখিয়েই.. প্লাবিতাৰ কথাত সন্মতি জনালে ৰক্তিমে..। তাইও ধেমালি কৰাৰ চলেৰে তাৰ কাণতে কোৱা দি কৈ গ’ল ।

-: বাই ডা ৱয়ে.. কেতিয়াবা মোকো ক’বা..। বিজিনেছ ফিল্ড খনত তোমাৰ সমান নহ’লেও… মোৰো অলপ এক্সপেৰিয়েন্সছ আছেতো…! কিজানি সৰু সুৰা বোৰ বুজি পাওঁৱেই..।

ৰক্তিম নীৰৱে ৰ’ল..। তাৰ পুৰুষত্ব অৱনমিত হোৱাৰ ভয়তে নে কি… প্লাবিতাৰ পৰা সহায় পাব বুলি জানিলেও.. কিছুমান সমস্যাৰ বিষয়ে সি.. প্লাবিতাক জনাব ইচ্ছা নকৰে..। প্লাবিতা আচৰিত হয়.. তাই জনা বুজাবোৰত ও .. ৰক্তিমৰ উপদেশ বিচাৰে..। অফিচিয়েল প্ৰব্লেমেই হওক বা ঘৰুৱা সমস্যাই হওক.. ৰক্তিমক সকলোবোৰ জনাই হে শান্তি পাই..।
কিন্তু ৰক্তিম সম্পূৰ্ণ ওলোটা..। কথাবোৰ সি নিজৰ মাজতে ৰাখি হে ভাল পাই..। প্লাবিতাৰ বাবে এটা ডাঙৰ প্ৰশ্ন সেইটো.. সি আচলতে প্লাবিতাক সমস্যাবোৰ জনাই..টেনশ্যন দিব নিবিচাৰে নে.. তাইও কিবাকৈ সহায় কৰিব পাৰিব বুলি.. তাইক বিশ্বাসত ল’ব নিবিচাৰে.. নে তাইৰ লিখা পঢ়াবোৰ মূল্যহীন বুলিয়েই ভাবে..।

ৰক্তিমক চাহ কাপ দি.. ব্যস্ত হৈ পৰিল তাই ঘৰুৱা কামবোৰত । দুয়ো ব্ৰেকফাষ্ট কৰি ওলাই যাব নিজ নিজ কৰ্মক্ষেত্ৰলৈ..আৰু শাহুয়েকৰ বাবে লাঞ্চ ৰেডি কৰি থৈ যাব লাগিব..। ঘৰৰ কামবোৰ যিদৰে ঘড়ীৰ কাটাই কাটাই কৰি তাই আজৰি হয়.. অফিচৰ কামতও তাই ডিছিপ্লিন বুলি সকলোৱে জানে..।

প্লাবিতা আৰু ৰক্তিমৰ একমাত্ৰ পুত্ৰ অংগীমক.. সিহঁতে ব’ৰ্ডিং স্কুলত থৈ পঢ়াইছে..। সেই লৈ প্লাবিতাৰ সদায়েই আপত্তি..। এটাই ল’ৰা..। সিহঁত থকা ঠাই খিনিত ইমান ভাল স্কুল-কলেজ থকা স্বত্তেও.. তাক মাকৰ বুকুৰ পৰা আঁতৰাই ৰাখিছে দেউতাকে..। মাকৰ মনটোয়েহে জানে.. তাৰ চিন্তাত কিদৰে দিন ৰাতি পাৰ হয়..।
কিন্তু ৰক্তিমৰ কথাৰ ওপৰত কিবা এষাৰ কোৱাৰ অধিকাৰ তাইৰ যেন নাই..। তাই কেতিয়াবা খুব অকলশৰীয়া অনুভৱ কৰে ঘৰখনত.. ।
কাৰোবাৰ জীৱনৰ লগত সাঙোৰ খাই পৰিলেই নিজস্বতাবোৰ এইদৰে হেৰাই যায় নে..! নিজৰ ভৰিত থিয় দি.. নিজেই উপাৰ্জন কৰিও..এগৰাকী নাৰী সঁচা অৰ্থত স্বাধীন কিয় নহয়..? মুক্ত মনে স্বাধীনতাবোৰ উপভোগ কৰাৰ পৰা নিজকে কিয় আঁতৰাই ৰাখিব লগা হয়..?

সদায়ৰ দৰে তিনিও একেলগে পুৱাৰ অহাৰ গ্ৰহণ কৰিলে..। ব্যস্ততাৰ অজুহাত দেখুৱাই ৰক্তিম সোনকালেই ওলাই গ’ল সেইদিনা । পাকঘৰ খন অলপ চিজিল কৰি.. ভিতৰৰ লাগতিয়াল বস্তুকেইপদ মানৰ লিষ্ট এখন বনাই ল’লে প্লাবিতাই । ঘৰৰ বজাৰ খিনি অফিচৰ পৰা আহোতে কৰি আনিব লাগিব..।

লৰালৰিকৈ স্কুটি খনৰ চাবিতো আৰু হেণ্ড বেগটো লৈ অফিচলৈ বুলি যাবলৈ ওলাল তাই আৰু ব্ৰেকফাষ্ট কৰি নিজৰ ৰুমতে কিবা কিবি কৰি থকা শাহুয়েকক চিঞঁৰি কৈ গ’ল..

-: মা মই আহিছো দেই । হট কেচত লাঞ্চ ৰেডি কৰি থৈছো..। খাই ল’ব ..। আৰু.. কিবা অসুবিধা হ’লে মোলৈ ফোন কৰিব..। ৰক্তিম বিজি থাকে যে.. তালৈ নকৰিব ।

ৰক্তিম ওলাই যোৱাৰ সময়ত.. বেলকনিৰ পৰা তাক .. দুচকুৰে নেদেখা হোৱালৈকে চাই ৰোৱা শাহুয়েক…তাই ওলাই যোৱাৰ সময়ত.. সদায়েই কি কামত জানো ব্যস্ত হৈ পৰে..! কথাবোৰ কেতিয়াবা চিন্তা কৰি চাব মন গ’লেও.. গুৰুত্ব নিদিয়ে প্লাবিতাই..। তাই মাথোঁ নিজৰ দায়িত্ববোৰ পালন কৰি যায়..। ----------------

একেই গতানুগতিক এটা পুৱা প্লাবিতাৰ বাবে..। সেই একেই দৈনিক ৰুটিনখন..একেই ব্যস্ততা…। সেই একেই অহা যোৱা কৰা ৰাস্তাটো.. নিৰ্দিষ্ট সময়ৰ ..সেই যাত্ৰাত.. সহযাত্ৰী হোৱা সেই নিৰ্দিষ্ট মানুহবোৰ.. । ৰাস্তাৰ সেই একেই ভিৰ-ভাৰ..।
আজি পিছে তাৰ মাজত ও কিবা এটা ভাল লগা অনুভৱে প্লাবিতাৰ মনটোক চুই গৈছে..।

আজি শীতৰ আগমনৰ..আগজাননী দি..বছৰৰ প্ৰথম কুঁৱলীজাকে.. মায়াময় কৰি তুলিছে তাইৰ চিনাকি ৰাস্তাটো..। ঘৰৰ ভিতৰৰ পৰা বিশেষ মন কৰা নাছিল যদিও.. ওলাই আহি প্ৰশান্তিৰ হাঁহি এটা বিয়পি পৰিছে তাইৰ ওঁঠযুৰিত..। বতাহত ভাঁহি অহা শেৱালীৰ সুবাস অলপ.. হৃদয়ৰ গভীৰলৈ জোৰকৈ উজাই লৈছে তাই ..।
লাহে লাহে স্কুটি খন লৈ আগুৱাই গৈ থাকিল প্লাবিতা । এনে লাগিল এই যাত্ৰাৰ যেন অন্ত নপৰক.. । এই ভাল লগা খিনি যেন চিৰ সজীৱ হৈ ৰওক..।
অলপ সময়ৰ পিছতে.. কুঁৱলীৰ আস্বাদন ফালি এচেৰেঙা কোমল ৰ’দে উজ্জ্বলাই তুলিলে চহৰখন..।
শৰৎ.. সেইবাবেই প্রিয় তাইৰ.. । শৰতৰ সৌন্দৰ্যই তাইৰ অন্তৰাত্মা পুলকিত কৰি তোলে..। শেৱালিৰ সুবাসে বলিয়া কৰি পেলাই তাইক..। এজনী চঞ্চলা কিশোৰীৰ দৰে উৰি ফুৰিব মন যায় নিয়ৰসিক্ত দুবৰীৰ দলিচা গচকি..। তাই যেন ঘূৰি যায় সোণোৱালী শৈশৱলৈ..। ঘূৰি যায়.. খৰাহীয়ে খৰাহীয়ে তলসৰা শেৱালিবোৰ বুটলি.. মালা চিলোৱা সেই দিন বোৰলৈ..। লগৰ কুকি.. পাখি হতৰ লগত কুঁৱলী ফালি পথাৰৰ আলিয়ে আলিয়ে দৌৰি ফুৰা সেই সময়বোৰলৈ..। গছৰ পাতত পৰি ৰোৱা নিয়ৰৰ টোপালবোৰ জোকাৰি… খিলখিলাই হাঁহি উঠা তাইৰ অতীতলৈ..।

অফিচৰ গেটৰ মুখত স্কুটি খন ৰখাই .. কল্পনাৰ জগত খনৰ পৰা বাস্তবলৈ ঘূৰি আহিল প্লাবিতা..। কেম্পাছটোত সোমাই মানুহৰ সমাগম খুব কম যেন অনুমান হ’ল তাইৰ । আচলতে পূজাৰ বাবে.. দূৰৈত থকা কৰ্মচাৰী সকলে আগতীয়াকৈ চুটি লৈ নিজৰ ঘৰখনলৈ ঢাপলি মেলিছে..। উৎসৱ বোৰতেই… কামৰ তাগিদাতেই হওক বা পঢ়া শুনাৰ বাবেই হওক.. দিহিঙে দিপাঙে থাকিব লগা পৰিয়ালৰ মানুহবোৰ একগোট হয়..। সেই অনুভৱ অনন্য..। প্লাবিতাই বুজে ।

প্লাবিতাৰ মনটো আকৌ এবাৰ ভাল লাগি গ’ল । দুদিন পিছত ৰক্তিম আৰু তাই.. অংগীমক ঘৰলৈ আনিবলৈ যাব । ল’ৰাটো আহিলে হে ঘৰখন ঘৰ যেন লাগে..। সি ও চাগে দিনবোৰ গণি থাকে.. কেতিয়া নিজৰ ঘৰখনলৈ আহিব পাৰিব ।

হঠাৎ …অংগীমৰ বাবে… ঘৰৰ এড্ৰেচত.. অনলাইনত অৰ্ডাৰ কৰা গিফ্ট এটাৰ , সেইদিনাই ডেলিভাৰি ডেট আছিল বুলি মনত পৰাত.. তাই শাহুয়েকলৈ ফোন কৰি… কৈ থ’লে …পাৰ্চেলটো ৰাখি থবলৈ..। প্ৰতি বাৰেই সি ঘৰলৈ আহিলে তাক এইদৰে চাৰপ্ৰাইজ গিফ্ট দি.. ঘৰত থকা দিন কেইটা সি যাতে সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে তাৰ বাবে বিশেষ ভাবে চকু দিয়ে প্লাবিতাই..।
ৰক্তিমটো নিজৰ বিজিনেছ ৱৰ্ল্ড খনতেই ব্যস্ত.. । ল’ৰাটো ঘৰলৈ আহিলে.. ভালদৰে কথা এষাৰ পাতিবলৈ ও কেতিয়াবা সময়ৰ অভাৱ হয় তাৰ । সেইবাবেই চাগৈ মাকবোৰৰ লগত সন্তানৰ এক নিবিড় সম্পৰ্ক গঢ়ি উঠে। মাক সিহঁতৰ অন্তৰংগ বান্ধৱী হৈ পৰে.. যিটো বাপেকবোৰৰ লগত সাধাৰণতে খুব কমেইহে দেখা যায়..।

অফিচত বৰ বিশেষ কাম নথকাত..প্লাবিতা অলপ সোনকালেই ওলাই আহিল… আৰু দৰকাৰী বজাৰ খিনি কৰি সন্ধিয়া লগাৰ আগে আগে ঘৰ সোমালগৈ..।
মেইন দুৱাৰখন খুলি ভিতৰ সোমাওতেই শাহুয়েকে তাইলৈ চাই গৰজি উঠিল.. যেন তাই অহালৈহে বাট চাই আছিল..

-: এইটো তোমাৰ পাৰ্চেল । ল’ৰাটোৱে দিন ৰাত কষ্ট কৰি টকা ঘটিছে আৰু তুমি অনলাইন চপিং কৰি সেইবোৰ উৰুৱাইছা..। কি দৰকাৰ নো..?

কথা কেইটাই প্লাবিতাৰ মূৰটো গৰম কৰি দিলে.. তথাপিও নিজকে সংযত কৰি যিমান পাৰে নম্ৰতাৰে তাই শাহুয়েকক উত্তৰ দিলে..

:- অংগীমৰ বাবে গিফ্ট এটা অৰ্ডাৰ কৰিছিলো মা । সি ইমান দিনৰ মূৰত ঘৰ খনলৈ আহিব যে..! তাৰোপৰি মইয়ো দুই এপইচা উপাৰ্জন কৰো নহয় । আপোনাৰ ল’ৰাৰ টকা খৰচ কৰা নাই। মই কাৰ্ড পেইমেন্ট কৰিছো ।

-: হ’ব হ’ব.. মুখ হাত ধুই কিবা এটা বনাই থোৱা । ৰক্তিম আহি পাবহিয়েই এতিয়া..।

ক’ব মন গৈছিল প্লাবিতাৰ… ” মইয়ো অফিচ কৰি হে আহিছো..। স্কুটি ৰখাই.. দোকানে দোকানে সোমাই.. ঘৰৰ বজাৰ ও কৰি আনিছো । বনাই খুৱাব নালাগে মোক..। কেতিয়াবা যদি উপযাচি পানী এগিলাচ আগবঢ়াই.. দিনটো কেনে গ’ল বুলি খবৰ এটাকে ল’লে হয়..! “
নক’লে তাই একো । আজিকালি দুখবোৰক.. ওঁঠৰ কোণৰ হাঁহি এটাৰে অৱজ্ঞা কৰিব শিকি ল’লে তাই..।

সহজে হোৱাকৈ ব্ৰেড পোলাও অলপ বনাই..শাহুয়েকক দি.. নিজেই ৰক্তিম আহিলে একেলগে চাহ কাপ খাবলৈ ৰৈ থাকিল প্লাবিতা । ভাগৰে হেঁচি ধৰিলে তাইক.. । পূজাৰ ভিৰত স্কুটি ঠেলি ঠেলি.. বজাৰ কৰা..কম কথা নহয়..। চিলমিলকৈ
হয়তো টোপনিয়েই আহিছিল তাইৰ.. ৰক্তিমৰ চিঞৰ শুনি হে খকমককৈ সাৰ পাই উঠিল ..।
ৰক্তিম আহিয়েই তাইক জোৰকৈ সাৱটি ধৰি ..দুগালত দুটা চুমা আঁকি দিলে..। আৰু ফুৰ্তিতে চিঞঁৰিব ধৰিলে..

-: মোৰ প্ৰমোচন হৈছে প্লাবিতা..। অৱশেষত মোৰ ইমান দিনৰ কষ্ট সফল হ’ল । মোৰ প্ৰজেক্ট ৰিপৰ্ট চাই বচ খুচ হৈ গৈছে পুৰা..। তুমি ঠিকেই কৈছিলা..মোৰ জুনিয়ৰ জনে..মোৰ ভুল বোৰ শুদ্ধ কৰি দিয়াত হে সম্ভৱ হ’ল সকলোবোৰ..। কিমান ফুৰ্তি লাগিছে আজি মোৰ বুজাই ক’ব নোৱাৰো তোমাক..। মোৰ সপোন আছিল এই প্ৰমোচনটো..। ইমান দিনে লোকৰ আন্দাৰত কাম কৰিছিলো । এতিয়া মই চিনিয়ৰ হৈ সকলোবোৰ তদাৰক কৰিম । মোৰ চেলাৰী দুগুণ হ’ব..।
মা ক’ত গ’ল..?
মা ….অ’ মা.. তোমাৰ ল’ৰা এতিয়াৰ পৰা অফিচৰ মালিক হৈ গ’ল বুজিছা…।

মাকক মাতি মাতি.. ৰক্তিম ভিতৰলৈ সোমাই গ’ল । প্লাবিতাৰ দুচকু তিয়াই সুখৰ..চকুপানী অলপ বৈ আহিল । আনন্দই বুকুখন ভৰাই পেলালে তাইৰ..। ৰক্তিমৰ সুখত.. সুখী আজি প্লাবিতা । তাৰ সফলতাত আজি গৌৰম্বাৱিত..।
ঈশ্বৰকে চিন্তিলে মনতে..
“প্ৰভু.. এইদৰে সুখবোৰ আঁকোৱালি লব’লৈ ৰাস্তা দেখুৱাই যাবা..। ঘৰখনৰ শান্তি সমৃদ্ধি অটুট ৰাখিবা ঈশ্বৰ..।”

শাহুয়েকক ঘৰতে বনাই দি.. সিহঁত দুয়ো.. বাহিৰত ডিনাৰৰ বাবে ওলাই গ’ল সেইদিনা..। কিমান দিনৰ মূৰত যে.. দৈনিক ব্যস্ততাবোৰ একাষৰীয়া কৰি.. দুয়ো এইদৰে একেলগে ওলাই আহিছে..!!
পৰিপাটিকৈ পিন্ধি লোৱা আকাশী নীলা শাৰী খন.. পাতল প্ৰসাধন.. খোলা চুলিৰে প্লাবিতাক সঁচাই বৰ ধুনীয়া দেখাইছে..। ৰক্তিমে আজি বহুত দিনৰ মূৰত তাইৰ মুখ খনলৈ মন্ত্ৰ মুগ্ধৰ দৰে চাই ৰৈছে..। প্লাবিতা অপ্ৰস্তুত হৈ পৰিছে তাৰ চাৱনিত..। এইয়া যেন প্ৰেমত পৰি.. প্ৰথম লগ হোৱাৰ মুহূৰ্তবোৰ…।

প্লাবিতাই মনত পেলাব যত্ন কৰিলে.. কিমান দিন হ’ল সিহঁত এইদৰে ওলাই নহা..। হয়তো.. অংগীম জন্মৰ আগতেই আহিছিল এদিন..। দুখ লাগি গ’ল তাইৰ..। সংসাৰৰ ব্যস্ততাই.. প্ৰেম কৰাৰ ও অৱকাশ নিদিয়া হ’ল দেখোন..!
এখন ফাইভ ষ্টাৰ হোটেলৰ.. সুসজ্জিত টেবুলত মূখা -মুখি কৈ বহি পৰিল দুয়ো..। প্লাবিতাৰ পছন্দৰ চাইনীজ ফুড অৰ্ডাৰ কৰিলে ৰক্তিমে..। ভাল লাগিল তাইৰ.. ৰক্তিমে আজি তাইৰ ভালপোৱা বোৰক গুৰুত্ব দিছে..।
সমান্তৰাল ভাৱে অলপমান অপৰাধবোধে ও অশান্তি দিলে প্লাবিতাক.. ” মানুহটোৰ ওপৰত মই মিছাই অভিমান অভিযোগবোৰ ৰাখো..। কৰ্মব্যস্ততাই হে তেওঁক আচলতে হৃদয়হীন কৰি পেলাইছে..। সুৰুঙা পোৱাত..আজিও তেওঁ আগৰ দৰেই ভালপোৱা যাচিছে দেখোন.. ।”

সময়খিনি মনে বিচৰাৰ দৰে উপভোগ কৰি উভটি আহিল দুয়ো..। আজি বহুত দিনৰ মূৰত নিজকে সুখী যেন অনুভৱ কৰিছে প্লাবিতাই..।
মাজত মাত্ৰ আৰু এটা দিন.. । তাৰ পিছদিনাই অংগীম আহি ঘৰখন ভৰাই তুলিব..। এই অপেক্ষাৰ যেন অতি সোনকালেই অন্ত পৰক..।
নাইট গাউনটো পিন্ধি.. মুখত নাইট ক্ৰীম অলপ লগাই.. ৰক্তিমৰ বুকুতে মূৰটো থৈ শুই পৰিল প্লাবিতা..। অলপ পৰ তেনেদৰেই থাকি হঠাৎ উঠি বহিল তাই..

-: ৰক্তিম…ব’লা না এইবাৰ পূজাত কৰবাত ফুৰিব যাওঁ । বেটা ও আহিব । কিমান দিন আমি একেলগে ক’তো ফুৰিব যোৱা নাই..।

-: কাম নাই আৰু.. ! এই ফুৰা চকা বোৰ কৰি পইচা উৰুৱাৰ পক্ষপাতী নহয় মই..। দেখিছা নহয়.. কলিতা দাৰ ল’ৰা আমেৰিকাত চেট’ল হ’ল । আমাৰ অংগীমক ও আমি আমেৰিকা পঠাম । তাৰ বাবে এতিয়াৰ পৰা প্লেন কৰিলে হে হ’ব..। টকা পইচা জমা কৰিব লাগিব নহয়..। খৰছ কৰাৰ কথা কিয় চিন্তা কৰা..?

ৰক্তিমৰ কথা শুনি প্লাবিতাৰ মনটো মৰি গ’ল । ঘৰখনৰ বাবে তাই চিন্তা নকৰা নহয়টো..। অংগীমৰ ভৱিষ্যতৰ চিন্তা তাইও কৰে..। সেইবুলিয়েই ফুৰা চকা ও বাদ দিব লাগিব নে..?

-: মোক আচলতে এটা ব্ৰেক লাগে ৰক্তিম..। একঘেয়ামী লাইফ ষ্টাইলে আমুৱাইছে মোক..।
নহ’লে এটা কাম কৰো দিয়া.. মই চাকৰি বাদ দি ঘৰতে এখন মিউজিক স্কুল খোলো..। তলৰ গেষ্ট ৰূমটোতেই ষ্টাৰ্ট কৰিম স্কুল খন..। অন্তত মোৰ আটাইতকৈ প্রিয় কামটোৰ লগত মই জড়িত হৈ থাকিব পাৰিম ।
তাতে তোমাৰ চেলাৰী ও নেক্সট মান্থৰ পৰা ডাবল হ’ব ।

-: হা .. হা .. হা .. । তুমি মিউজিক স্কুল খোলা..? নিজকে কি বুলি ভাবিছা..? তোমাৰ ওচৰত কোনোবা গান শিকিব আহিব..? হাউ ষ্টুপিড..!
আৰু কি বুজালা… তোমাৰ টকাৰে চলিছে এই ঘৰখন..?

অৱজ্ঞা সূচক হাঁহিৰে প্লাবিতাক ঠাত্তা কৰিব ধৰিলে ৰক্তিমে..।
ৰক্তিমৰ কথা কেইটাই শেলে বিন্ধা দি বিন্ধিব ধৰিলে..প্লাবিতাৰ বুকু খনত..। ইমান নিষ্ঠুৰ ভাবে সি কথা ক’ব পাৰে নে..! আচৰিত হ’ল তাই..।

-: কিয় ৰক্তিম.. ভাল নলগা হ’ল মোৰ কণ্ঠ..। এসময়ত দেখোন প্ৰশংসাৰে উপচাই পেলাইছিলা মোক..। তুমিতো ভালদৰে জানিছিলা.. সংগীত মোৰ বাবে কি হয়..। কিয় পাহৰি গ’লা..? প্ৰেমিকাৰ পৰা পত্নী হোৱাৰ লগে লগে মোৰ ভাললগা খিনিক বেয়া পোৱা হৈ গ’লা মানে..!
দস্তুৰমত সংগীতৰ ওপৰত জ্ঞান আছে মোৰ..। মই এম.মিউজ কৰি এখন মিউজিক স্কুল খুলিব পৰাকৈ নিজকে যোগ্য বুলি ভাবো..। তুমি যি দৰে আজি নিজৰ সপোন পূৰ হোৱাত সুখী হৈছা.. তেনেকৈ মোৰ ও মনত কিছুমান সপোন থাকিব পাৰে
ন’..? মইও বিচাৰো মোৰ সপোনবোৰে পাখি মেলক..।

-: বেছি উৰিব নালাগে..। চাকৰি কৰিব পাইছা.. সেইয়াই বহুত। মাষ্টৰণী বনিব নালাগে..।

গৰজি উঠিল ৰক্তিম..।

-: অহ.. মোৰ ইমপৰটেন্স মানে ইমানেই এইখন ঘৰত..! বাহিৰ ভিতৰ সকলো চম্ভালিম মই..। ৰান্ধনী হৈ জুতি লগাই ৰান্ধি খোৱাম তোমালোকক.. চাকৰণী হৈ ঘৰৰ কাম কৰিম.. ৰাতি তোমাৰ শয্যাসংগী হৈ তোমাক তৃপ্ত কৰিম..।
আৰে.. মোৰ গোটেই সময়বোৰ.. ইচ্ছা আনিচ্ছাবোৰ তোমালোকৰ বাবেই যদি.. মোৰ নিজৰ বাবে কি থাকিল ৰক্তিম..? মই ইমান মূল্যহীন নে.?
তুমি মোক বহুত আঘাট দিলা আজি..। ভবাই নাছিলো.. ক্ষন্তেকীয়া সুখ লৈ.. মন পচন্দৰ খানা খোৱাৰ বিনিময়ত মই ইমান দুখ পাব লাগিব..। তোমাৰ সপোনবোৰ হে সপোন.. মোৰ বোৰ একো নহয়..?

খং আৰু ক্ষোভত উচুপি উঠিল প্লাবিতা.. আৰু বেডৰুমৰ
পৰা ওলাই আহিল… । নিজৰ অস্তিত্ব বিচাৰি.. নিজৰ মনটোৰ লগতে যুঁজি বেলকনিত বহি বহি..উজাগৰী নিশা এটা কটাই দিলে তাই..। ৰক্তিম এবাৰলৈ ও তাইৰ ওচৰলৈ নাহিল..।

খুব দুখ লাগিল প্লাবিতাৰ… ইমান স্বাৰ্থপৰ নে ৰক্তিম..! ইমান হৃদয়হীন..! বহুতো প্ৰশ্নই ভাৰাক্ৰান্ত কৰি পেলালে তাইৰ মনটো..।

সদায়ৰ দৰে বাহিৰত অলপ অলপ পোহৰ হওঁতেই… গোটেই ঘৰৰ কামবোৰ কৰি আজৰি হৈ ল’লে প্লাবিতা..। হট কেচত ভাগে ভাগে ব্ৰেকফাষ্ট.. লাঞ্চ.. ৰেডি কৰি.. ৰক্তিমৰ বিচনাত.. কাগজ এখনতে.. কিবা অলপ লিখি তললৈ নামি আহিল তাই..।

শোৱাৰ পৰা উঠি.. কাগজখন পঢ়ি.. উধাতু খাই ৰক্তিম মাকৰ ওচৰ পালেহি..। অজান আশংকাত বুকু খন কপি উঠিল তাৰ..। ৰাতি বহুত বেয়াকৈ কৈ দিলে সি প্লাবিতাক.. তাই বহুত কষ্ট পাইছে..। কিবা ভুল সিদ্ধান্ত লৈ পেলোৱা নাইতো..?

-: মা .. প্লাবিতাই কিবা কৈ গৈছে নেকি তোমাক..?

-: কিয়.. মই উঠিছো হে এইমাত্ৰ..। কি হ’ল নো..?
মাকে আচৰিত হৈ সুধিলে..।

মাকৰ হাতত কাগজৰ টুকুৰাটো দি.. পাকঘৰ.. বাথৰুম.. লিভিং ৰুম.. সকলোতে তাইক বিচাৰিব ধৰিলে সি..আৰু
চিৰিয়েদি তললৈ নামিব ধৰোঁতেই ..তলৰ গেষ্ট ৰুমৰ পৰা হাৰমনিয়ামৰ শব্দ ভাঁহি অহাত সেইফালে ঢপলিয়াই গ’ল .. ।

গেষ্ট ৰুমৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি.. গান গাই আছে প্লাবিতাই..। খিৰিকীৰ পাতল পৰ্দাৰ ফাঁকেৰে ৰক্তিমে জুমি চাই দেখিলে.. চাকি ধূপ লগাই ৰূমটো তাই মন্দিৰৰ দৰে সজাই লৈছে..। এযোৰ শুভ্ৰ চেলোৱাৰ কামিজ পিন্ধি… ভিজা চুলিৰে একান্ত চিত্তে .. হাৰমনিয়ামত সুৰ তুলি এটাৰ পিছত এটাকৈ প্রিয় গানবোৰ গাই গৈছে তাই..। সি কেইবাবাৰ ও মাতিলে ..

প্লাবিতা দুৱাৰ খোলা.. প্লিজ…।
আই এম চ’ৰি প্লাবিতা…।
প্লিজ দুৱাৰখন খুলি দিয়া..।

তাই কানসাৰেই নকৰিলে..। আজি গোটেই দিনটো প্ৰাণ ভৰি গান গাব প্লাবিতাই । প্রিয় সপোনটোৰ সৈতে জী চাব..। নিজৰ অস্তিত্বৰ লগত একাত্ম হ’ব..। নিজস্বতাৰ মাজেৰে নিজৰ সত্তাটোক বিচাৰিব..। এটা দিন নিজৰ মতে.. নিজৰ লগত কটোৱাৰ অধিকাৰ তাইৰ ও আছে..।

বহু পৰ গেষ্ট ৰুমৰ দুৱাৰ মুখতে ৰৈ.. ওপৰলৈ উঠি আহিল ৰক্তিম । সি বুজিলে..আজি প্লাবিতাই সহজে খুলি নিদিয়ে বন্ধ দুৱাৰখন..। কিবা এটা দুখে বুকুখন হেঁচা মাৰি ধৰিলে তাৰ..।

গেষ্ট ৰুমৰ পৰা ভাঁহি অহা প্লাবিতাৰ সুললিত কণ্ঠ তাৰ কাণত পৰিল…।

“নিয়ৰ সেমেকা মনেৰে পদূলিত..
নুফুলে শৰতৰ শেৱালী..।
স্মৃতি সেউজীয়া.. তাহানিৰ ছবি
আজি সেই ধুৱলী কুঁৱলী..।”

শাহুয়েকে চচমা যোৰ লগাই কাগজৰ টুকুৰাটো পঢ়ি চালে..

“ৰক্তিম .. তোমাৰ লগত বিয়া হোৱা দিন ধৰি.. মোৰ সপোনবোৰ.. মোৰ নিজস্বতা.. হেৰুৱাই পেলালো মই..। আজি মাত্ৰ এটা দিন মোৰ বাবে বিচাৰিছো..। মই আজি এইখন ঘৰত নাই বুলি ধৰি ল’বা..। ব্ৰেকফাষ্ট.. লাঞ্চ.. সব ৰেডি কৰি থৈছো । সময়ত খাই ল’বা । মাক ও খোৱাবা ..। “

কথাখিনি পঢ়ি থাকোতে পিছৰ আখৰ কেইটা জলক তবক দেখিলে তেওঁ..আৰু পঢ়ি শেষ কৰে মানে দুটোপাল চকুপানী পৰি কাগজ টুকুৰা ভিজি পৰিল..।

মনতে ভাবিলে তেওঁ..

” হয়.. ছোৱালীজনীৰ ও কিছুমান সপোন আছে..। নিজস্বতা আছে..। যি দৰে সকলোৰে থাকে..। যি দৰে মোৰ ও আছিল..। সপোনবোৰ জীয়াই ৰাখিব লাগিব । মৰিব দিব নোৱাৰি.. । ”

   
      -------------------

অগ্নি পৰীক্ষা

:- একোৱেই চিন্তা নকৰাকৈ বহি বহি খাইছা.. যি লাগে তাকে হাততে পাইছা..। ৰণ আৰু ৰুহিৰ দৰে সন্তানৰ মাক হৈ.. সিহঁতৰ পৰা অফুৰন্ত মৰম পাইছা.. । দামী কাপোৰ-গহনাৰে নিজকে সজাইছা…।
আৰু কি লাগে তোমাক..? কি দিয়া নাই মই..? এইবোৰ যে ভোগ কৰিছা.. কাৰবাবে পাইছা..? মোৰ বাবেই নহয় নে..?
সদায় অফিচত মাথা মাৰি কাম কৰি আহিও.. ঘৰখনত তোমাক কিয় ইমান বেমাৰী বেমাৰী অৱস্থা এটাত দেখা পাওঁ..?
কিহৰ দুখত.. কিহৰ কষ্টত মৰি থাকা তুমি..?

গৰজি উঠিল অৰিন্দম.. বিচনাতে পেট পেলাই উদাসী মন এটা লৈ অৰিন্দমৰ কথা কেইটা শুনি থকা প্ৰস্তুতিক দেখি..। প্ৰস্তুতি ভাব-লেশ হীন হৈ পৰি থাকিল মাথোঁ..। যেন বাট চাই ৰ’ল শুনিবলৈ .. আৰু কি নো কয় অৰিন্দমে..?

:- কি হ’ল.. মুখৰ মাত বন্ধ হ’ল যে..! শুনিছা নে মই কি কৈ আছো..?

বেড বক্সটোত হাতৰ তলুৱাৰে সাজোৰে ঢকিয়াই.. মজিয়াতে গোৰ এটা মাৰি পুনৰ কৈ উঠিল সি..

:-ইটচ চ’ ইৰিটেটিং প্ৰস্তুতি.. । তোমাৰ নাটক দেখি দেখি ফেড আপ হৈ গৈছো য়াৰ..। কেতিয়াবা সন্দেহ হয়.. তুমি সেইজনী প্ৰস্তুতিয়েই নে.. যাৰ এটা হাঁহিত মই দুখ কৰিব পাহৰি গৈছিলো.. যাৰ নিবিৰ পৰশত.. মই হেৰুৱাই পেলোৱা মানসিক শক্তিবোৰ ঘূৰাই পাইছিলো.. যাৰ সান্নিধ্যই মোক জীৱনটোক ভাল পাব শিকাইছিল.. ?
ক’ত হেৰাই গ’লা সেই ..”তুমি জনী..”?
কোৱা কি লাগে..? টকা পইচা..? মাটি সম্পত্তি.. ? কি হে সুখ দিব তোমাক..। ওলোৱা কাইলৈকে ক’ৰ্টলৈ..। লিখি দিম সকলোবোৰ তোমাৰ নামত..। মোক মাথোঁ শান্তিৰে থাকিব দিয়া..।

অৰিন্দমৰ কথা শুনি বিদ্ৰুপৰ হাঁহি এটা ওঁঠত লৈ.. খোলা খিৰিকী খনেদি সুদূৰ সেউজীয়া বোৰত দৃষ্টি ৰাখি লাহেকৈ কৈ উঠিল প্ৰস্তুতিয়ে..
:- মোক প্ৰেম লাগে অৰিন্দম..। এধানমান বিশ্বাস.. অলপ আন্তৰিকতা লাগে..।

:- কি..?
পাগল হৈছা প্ৰস্তুতি..। আমি প্ৰেমত পৰি বিয়া হৈছো..। ইমান বছৰে এটা সুস্থ শাৰীৰিক সম্পৰ্কৰে সুখী আমি..। অহা বছৰলৈ আমি পঁচিছ বছৰীয়া বিবাহ বাৰ্ষিকী পালন কৰিম । প্ৰেম আছে বাবেই মই ইমান কষ্ট কৰি তোমাক সুখী কৰিব যত্ন কৰি আহিছো সদায় । কি প্ৰলাপ বকিছা এইয়া ..?

:- তুমি সুখী..। কিন্তু মই অতৃপ্ত..।

:- হোৱাট..?

:- ইয়েছ.. অৰিন্দম..।

:- কি বুজাইছা..? ইমান বছৰে তুমি অতৃপ্ত হৈয়েই থাকিলা..?মই তোমাক শাৰীৰিক সুখ দিব নোৱাৰিলো ।

:- তুমি এই সলনি হোৱা প্ৰস্তুতি জনীক যেতিয়াৰ পৰাই দেখিছা.. সেই তেতিয়াৰ পৰাই মই অতৃপ্ত অৰিন্দম..। আমাৰ মাজত এতিয়া প্ৰেম নামৰ অনুভূতিটোৰ মৃত্যু ঘটিছে..। তুমি যান্ত্ৰিক হৈ পৰিছা । মোৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ তুমি সুখী কৰিব পৰা নাই মোক..। তুমি মোৰ মনৰ পৰা বিশ্বাস নামৰ শব্দটি মুচি পেলাইছা.. ।
কোনে ক’লে তোমাক… মই শাৰীৰিক সুখৰ কথা কৈছো..? মই মানসিক ভাবে তৃপ্ত নহয় অৰিন্দম..।

সন্মুখৰ সেউজীয়া বোৰত চকু থৈয়েই প্রস্তুতিয়ে স্পষ্টভাৱে কথাবোৰ জনাই দিলে অৰিন্দমক..। অৰিন্দমে.. প্ৰস্তুতিৰ বাহুত ধৰি জোৰেৰে তাইক বিচনাখনত বহুৱাই ল’লে..।

:- তোমাৰ মানসিক বিকৃতি ঘটিছে প্ৰস্তুতি..?

খিলখিলাই হাঁহি উঠিল তাই এইবাৰ..।

:- অহ ন’ অৰিন্দম..। বয়স বাঢ়িছে মোৰ..। কঁকাল…পিঠিত অপ্ৰয়োজনীয় মাংস কিছুমান গোট খাইছে..। মোৰ বুকুৰ মঙহ টুকুৰাই তোমাক চাগে আগৰ দৰে আকৰ্ষণ নকৰা হৈছে..। মই বুঢ়ী হৈছো.. । সেইয়া কোৱা.. । মানি ল’ম । কিন্তু মানসিক বিকৃতি ঘটা বুলি নক’বা প্লিজ..।
মই সুস্থ এতিয়াও..। ভুল-শুদ্ধ.. বিশ্বাস-অবিশ্বাস.. প্ৰেম-অপ্ৰেমৰ বোধ হ’ব পৰাকৈ মই মানসিক ভাৱে সবল হৈ আছো চুইট হাৰ্ট..।

গাটো সামান্য হাউলাই..অৰিন্দমৰ চকুত চকু থৈ মিচিকিয়া হাঁহি এটা দুই ওঁঠত বিয়পাই.. তাই আৱেগ মিশ্ৰিত কন্ঠেৰে সুধিলে তাক..

:- তুমি মোৰ লগত কিয় এনে কৰিলা অৰিন্দম..? কেনেকৈ পাৰিলা..?

অৰিন্দমৰ বুকুৰ ঢপঢপনি বাঢ়িব ধৰিলে..। প্ৰস্তুতিৰ কথাবোৰ কিবা সাঁথৰ যেন লাগিল তাৰ..। কি কৰাৰ কথা কৈছে প্ৰস্তুতিয়ে..? কিয় এনে আচৰণ আজি তাৰ পত্নীৰ..।

:- মোক বুজাই কোৱা প্ৰস্তুতি..। এইবোৰ কি পাগলামী কৰিছা আজি তুমি..?

নোৱাৰিলে প্রস্তুতিয়ে উপচি উঠা দুখবোৰক বাধা দি ৰাখিব..। হুকহুকাই কান্দি উঠিল তাই..। অৰিন্দমক ঠেলা মাৰি.. খোলা খিৰিকী খনৰ ওচৰত গৈ ৰ’ল তাই..। চকুপানীখিনি মুচি.. নিজকে সংযত কৰিব যত্ন কৰি.. লাহে লাহে ক’ব ধৰিলে ..

:- আজি মই ডেইজিক লগ কৰিছিলো..।

অৰিন্দম উচপ খাই উঠিল.. । ডেইজিক প্রস্তুতিয়ে কিয় লগ কৰিলে..? প্ৰস্তুতিয়ে মানে সকলো গম পাইছে নেকি..? কি কৰে সি এতিয়া..? নিজক বচাবলৈ কিহৰ আশ্ৰয় লয়..!
অগত্যা সি ঠাইতে মৌন হৈ ৰ’ল..।

:- কি হ’ল অৰিন্দম..? ভাষাবোৰ হেৰাই থাকিল তোমাৰ..? জানিব মন যোৱা নাই..মই কিয় ডেইজিক লগ কৰিছিলো..! নে তুমি জনাবা মোক কথাবোৰ..?

:- প্ৰস্তুতি… তুমি যি ভাবিছা.. কথাবোৰ আচলতে তেনেকুৱা নহয়..।

ফুটা নুফুটা শব্দ কেইটাৰে.. কওঁ নকওঁ কৈ.. প্ৰস্তুতিক সি বুজাব যত্ন কৰিলে..।

:- অহ হ’.. এইবাৰ মই ভবাত ও ভুল কৰিলো মানে..!

হাতেৰে জোৰে জোৰে চাপৰি বজাই.. তাচ্ছিল্যপূর্ণ চাৱনিৰে অৰিন্দমলৈ চাই.. ড্ৰেছিংৰ ড্রয়াৰৰ পৰা অৰিন্দমৰ আনটো ম’বাইল উলিয়াই আনিলে তাই..আৰু তাৰ গালৈ দলিয়াই প্ৰশ্ন কৰিলে..।

:- ইয়াত থকা.. ফটো..ভিডিও..ডেইজিৰ লগত তোমাৰ প্ৰেমালাপ..তোমালোকৰ মিলনৰ সেই নিবিড় মুহূৰ্ত্ববোৰৰ বৰ্ণনাৰে কৰা মেছেজবোৰ.. !
সেইবোৰ ও ভুল নে মিষ্টাৰ অৰিন্দম কলিতা..?

অৰিন্দমৰ যেন ভৰিৰ তলৰ মাটিখিনি হে খহি পৰিল..। কি যে মাৰাত্মক ভুল এটা কৰি পেলালে সি..। তাৰ অভাৰ কনফিডেন্ট য়ে সকলোবোৰ খেলি মেলি লগাই দিলে..। যোৱা কেইদিনমান সি ম’বাইলটো লগত নিব পাহৰি আছিল..। ভুলত ও ভবা নাছিল সেইটো প্ৰস্তুতিৰ হাতত পৰিব বুলি..।
সি প্ৰস্তুতিৰ সন্মুখত যথেষ্ট অপ্ৰস্তুত হৈ পৰিল..। মূৰটো ঘূৰোৱা যেন লাগিল তাৰ..। সন্মুখতে পৰি থকা ম’বাইলটো.. দাঙি ল’বলৈ ও হাত খন যেন কঁপিব ধৰিলে..। এনে লাগিল.. কিবা এটা মিৰাক’ল হওক.. উৰি যাওক ম’বাইলত চেভ হৈ থকা ডেইজি আৰু তাৰ চিক্ৰেট কনভাৰজেচন বোৰ..।
প্ৰস্তুতিৰ মুখলৈ চোৱাৰ সাহস নাই এতিয়া তাৰ..। দোধোৰ মোধোৰ অৱস্থা এটাৰে তললৈ চাই ৰ’ল সি..।

:- কি কৈছিলা..মই সলনি হৈছো । মোক দেখি দেখি অশান্তি লাগিছে তোমাৰ.. পাগল হৈছো মই.. প্ৰলাপ বকিছো ।

সশব্দে হাঁহি উঠিল প্রস্তুতিয়ে..।

:- মই সেই একেই প্ৰস্তুতি হৈয়েই থাকি গ’লো অৰিন্দম..। তুমি কিন্তু তুমি হৈ নাথাকিলা..। ৰণৰ বিয়াৰ বয়স হ’ল.. ৰুহি কাইলৈ পৰহিলৈ ডক্টৰ হৈ ওলাব.. আৰু তুমি বেলেগ নাৰীৰ শৰীৰৰ সোৱাদ লৈ ফুৰিছা..। লাজ লগা নাই তোমাৰ অৰিন্দম..? তুমি ইমান তললৈ ও নামিব পাৰিলা..? সেই কমবয়সীয়া ছোৱালীজনীৰ লগত.. শাৰীৰিক মিলনৰ সময়ত.. ৰুহিৰ মুখখন মনত পৰা নাছিল নে তোমাৰ..? কি বুলি গৰিহণা দিওঁ তোমাৰ এই কু-কৰ্মৰ..শব্দই বিচাৰি পোৱা নাই মই..।
কি কৈছিলা.. প্ৰেম বিবাহ কৰিছিলা..! মোৰ বাবেই কষ্ট কৰি মৰিছা দিন ৰাত..।
মাই ফুট..!
প্ৰেম এইয়া..? প্ৰেম এনেকুৱা অৰিন্দম..? য’ত বিশ্বাস নাই..য’ত আন্তৰিকতা নাই.. তাক তুমি প্ৰেম বুলি কৈছা..? ইমান ধুনীয়া অনুভৱ এটাক কলংকিত নকৰিবা অৰিন্দম..। প্লিজ..।

কান্দোনত ভাঙি পৰিল প্ৰস্তুতি । তাইৰ বিশ্বাসৰ মৃত্যু হৈছে আজি..। তাইৰ ভালপোৱাৰ পৃথিৱী খন জহি খহি পৰিছে..। নিজকে প্ৰশ্ন কৰি চাইছে তাই.. ” ক’ত ভুল কৰিলে..?কি নাপালে অৰিন্দমে তাইৰ পৰা..? কিয় অৰিন্দমে বেলেগৰ ওচৰত প্ৰেম বিচাৰিব ল’গা হ’ল..? “

:- মোৰ ক’ত ভুল হ’ল অৰিন্দম..?

অৰিন্দমৰ মুখ খন দুই হাতেৰে দাঙি.. জানিব বিচাৰিলে প্রস্তুতিয়ে..।

অৰিন্দমে.. গাৰ জোৰেৰে সাৱটি ধৰিলে প্ৰস্তুতিক..।
সি আজি লজ্জিত.. অনুতপ্ত..। ক্ষন্তেকীয়া সুখ বিচাৰি যাওঁতেই.. তাৰ সুখৰ ঘৰখনৰ ভেটিটো আজি থৰক বৰক হৈ পৰিছে..। কেনেকৈ এতিয়া ঘৰখন খহি নপৰাকৈ ধৰি ৰাখে..!!

:- মোক ক্ষমা কৰি দিয়া প্ৰস্তুতি..। মোৰ ভুল হৈ গ’ল । তোমাৰ ক’তো অলপ ও ভুল নাই.. । মই কিয় এইবোৰ কৰি পেলালো মই নিজেই নাজানো..। মই পাপ কৰিলো প্ৰস্তুতি..। মই দোষী..।

:- নজনাকৈ তুমি এইবোৰ কৰি পেলালা..? নজনাকৈ বেলেগ ম’বাইল লৈ.. ডেইজিৰ লগত তুমি অবৈধ সম্পৰ্ক এটা গঢ়ি তুলিলা..? নজনাকৈ ডেইজিৰ ওচৰ চাপি গ’লা..?
হাও ফানি..! মোক মূৰ্খ পাইছা অৰিন্দম..? তুমি প্লেন কৰি এই সকলোবোৰ কৰি গ’লা..। প্লেন কৰি মোক ঠগি গ’লা..। তুমি বিশ্বাসঘাটক অৰিন্দম..।
ইউ আৰ আ লায়াৰ..। প্ৰবঞ্ছক তুমি..।

ঘন ঘনকৈ উশাহ কেইটামান লৈ পুনৰ ক’ব ধৰিলে তাই..

:- তুমি ডেইজিক টোপ দিলা..। তাইৰ অসহায় অৱস্থাটোৰ সুবিধা ল’লা..। মই সকলো গম পাই আহিছো অৰিন্দম..। তুমি তাইৰ চাকৰি পাৰমানেন্ট কৰিবা বুলি.. তাইৰ দেহাটোৰে চৌডা কৰিলা..। তাইক প্ৰেমৰ জালত ফচালা..। তাইও বেমাৰী মাকৰ মুখলৈ চাই মানি গ’ল তোমাৰ চৰ্ত..।
নিজেই পেলোৱা জালখনত.. তুমি বৰ বেয়াকৈ ফচি গ’লা অৰিন্দম..। তুমি নাভাবিবা.. নাৰী দুৰ্বল..নাৰী অবলা..। নাৰীৰ সহনশক্তিৰ প্ৰমাণ নিবিচাৰিবা.. । নাৰীয়ে.. প্ৰেমিকা হৈ তোমাক জীয়াই তুলিব পাৰিলে.. দুৰ্গা হৈ তোমাৰ ভিতৰৰ অসুৰটোক হত্যা কৰিবও পাৰিব..। সময়ত একুৰা জুই হৈ.. ধ্বংস কৰি দিবও পাৰিব তোমাৰ জীৱনটোক..।

:- প্লিজ প্ৰস্তুতি..। আৰু নক’বা একো..। মোক ক্ষমা কৰি দিয়া..। ভৰিত ধৰিছো তোমাৰ..। প্লিজ..

:- অৰিন্দম.. যোৱা এটা সপ্তাহ ধৰি.. মই সকলোবোৰ চলি জাৰি চালো..। কিছুমান সিদ্ধান্ত মই ইতিমধ্যে লৈ পেলালো..। আজি ডেইজিক লগ কৰাৰ উদ্দেশ্য ও .. মই লোৱা সিদ্ধান্তবোৰৰ ভিতৰৰ এটা আছিল.. ।
ৰণ আৰু ৰুহিক কি ক’বা অৰিন্দম..? কথাবোৰতো তাঁহাতক ও জনাব লাগিব.. ।

:- হেই.. কি কৈছা এইবোৰ.. ? কি সিদ্ধান্ত..? ৰণ আৰু ৰুহি…??
তুমি সিহঁত দুটাক ও এইবোৰ জনাবা..?

:- অফক’ৰ্চ..। সিহঁত আমাৰ সন্তান । আমাৰ জীৱনৰ লগত সিহঁত দুটা সাঙোৰ খাই আছে..। আমাৰ জীৱনৰ ঘটনা..দুর্ঘটনা বোৰ জনাৰ অধিকাৰ আছে সিহঁতৰ..।
কোৱা এতিয়া.. মই জনাম নে.. তুমি জনাবা সিহঁতক..?

:- তুমি কি কৰিব গৈ আছা প্ৰস্তুতি..?

আচৰিত হোৱাৰ দৰে সুধিলে অৰিন্দমে..আৰু সিমানেই গহীনতাৰে প্রস্তুতিয়ে উত্তৰ দিলে..।

:- অগ্নি পৰীক্ষা..
হয় … অৰিন্দম । পুৰুষ সকলৰ হে ৰাম হৈ .. নাৰীৰ অগ্নি পৰীক্ষা লোৱাৰ অধিকাৰ আছে নেকি..? এগৰাকী নাৰীয়ে যদি সীতা হৈ সেই পৰীক্ষাত অৱৰ্তীন হ’ব পাৰে.. অদাহ্য হৈ ৰব পাৰে.. এজন পুৰুষে কিয় নোৱাৰিব..?
তুমি ও অগ্নি পৰীক্ষা দিব লাগিব ।
মোৰ বিশ্বাসত আঘাট হানিলা তুমি অৰিন্দম । সেই বিশ্বাস মই যত্ন কৰিলেও আৰু কোনোদিন ঘুৰাই আনিব নোৱাৰো । ইমান বছৰে.. সংসাৰৰ সকলো সোৱাদেই দিলা তুমি মোক..। আৰু তোমাৰ লগত একেখন চাডৰ তলতে থকা মোৰ বাবে সম্ভৱ নহ’ব..।
কি কৈছিলা.. মই বেমাৰীৰ দৰে থাকো..!
ইয়েছ অৰিন্দম..মই বেমাৰী হৈ পৰিছো..। যোৱা এসপ্তাহে.. এই কথাবোৰে মোৰ মূৰত পাকঘুৰনি খাই খাই মোক বেমাৰী কৰি পেলাইছে..। মই ভাঙি পৰিছো.. ভাঙি পেলালা তুমি প্ৰস্তুতিক..।

অৰিন্দম বুকুত আজি মহাপ্ৰলয়। কি হৈ গ’ল এইবোৰ..? তাৰ সংসাৰখন হঠাৎ অহা ধুমুহা জাকত চেদেলি ভেদেলি হৈ যাব নেকি..? শব্দবোৰ জিভাৰ গুৰিতে থুপ খাই ৰ’ল তাৰ..। যত্ন কৰিও উচ্চাৰণ কৰিব নোৱাৰিলে.. ।

:- শুনা অৰিন্দম.. । তুমি ডেইজিক বিয়া পাতি লোৱা..। সেই নিৰীহ ছোৱালীজনীক ধ্বংস কৰাৰ অধিকাৰ নাই তোমাৰ । মই তাইৰ ঘৰত গৈ .. বেমাৰী মাক.. পঙ্গু ভায়েকটোক নিজ চকুৰে দেখি আহিছো..। তাই মোৰ কথা মানি লোৱা নাছিল । বিচৰা নাছিল .. তোমাৰ মোৰ জীৱনত তাইৰ অনাধিকাৰ প্ৰৱেশ হওক..।
কিন্তু, মই বুজাই ক’লো ডেইজিক..। তোমাৰ বিপক্ষে কে’চ দি মই ডিভ’ৰ্চ বিচাৰো যদি..ডেইজিৰ কথাও ৰাজহুৱা হ’ব । ছোৱালীজনী বাদনামী হ’ব । মই নিজেই এগৰাকী নাৰী হৈ তাইক বদনামত পেলাব নোৱাৰো ।
তোমাৰ অগ্নি পৰীক্ষা সেইয়াই হ’ব অৰিন্দম । তুমি সাময়িক উত্তেজনাৰ বশৱৰ্তী হৈ.. ক্ষণিক সুখ বিচাৰি.. নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰা ছোৱালীজনীক বিয়া পাতিব লাগিব ।

একো নাই… এতিয়াৰ ঘৰ খন ভাঙি.. আকৌ এখন নতুন ঘৰ হ’ব তোমাৰ..। তাতো লাভ তোমাৰেই.. ।
অ’ আৰু এটা কথা.. তোমাৰ ধন.. মাটি সম্পত্তি একো নালাগে মোক..। ৰণ এস্তাবলিচ হ’ল অলৰেডি..। কিন্তু ৰুহি পঢ়ি ওলাই নহালৈকে তাইৰ সকলো দায়িত্ব তুমি পালন কৰিব লাগিব । স্বামী ধৰ্ম পালন কৰাত অসফল হৈ ৰ’লা.. কিন্তু পিতৃ ধৰ্ম পালিবলৈ বাধ্য তুমি ।
চ’..সোনকালে দৰা হ’বলৈ সাজু হোৱা । অল ডা বেষ্ট মিষ্টাৰ অৰিন্দম কলিতা ।

অৰিন্দমক একো কোৱাৰ সুযোগেই নিদিলে প্ৰস্তুতিয়ে..। গাড়ীৰ চাবিতো লৈ ..ম’বাইলত কাৰোবাৰ নম্বৰ ডায়েল কৰি ওলাই গ’ল তাই ঘৰৰ পৰা..। অৰিন্দমে তাই যোৱালৈ চাই ৰ’ল মাথোঁ..।

চাৰি বছৰ প্ৰেমৰ অন্তত.. পঁচিশ বছৰীয়া বৈবাহিক সম্বন্ধ এটা.. কেৱল মাথোঁ তাৰ ভুলৰ বাবেই শেষ হৈ যোৱাৰ উপক্ৰমত আজি.. । তথাপিও অলপ আশা মনত বান্ধি ৰাখিছে অৰিন্দমে..। বুজাব সি প্ৰস্তুতিক.. । বুজিব তাই..। তাৰ জীৱনত প্ৰস্তুতিৰ ইমপ’ৰটেন্স কিমান জনাব লাগিব ।

পিছে অৰিন্দমৰ কোনো কথাই মানি নল’লে প্রস্তুতিয়ে..। প্ৰেমত পৰি বিয়াত বহাৰ পিছত ও.. ল’ৰা ছোৱালীক উপযুক্ত কৰি গঢ় দিয়াৰ পিছত ও.. অৰিন্দমে তাইৰ লগত বিশ্বাসঘাটকতা কৰিছে..। কিয় সহিব.. কিয় নিমাতে ৰ’ব তাই..?

অলপ দিন পিছতেই অৰিন্দম আৰু ডেইজিয়ে ক’ৰ্ট মেৰেজ কৰিব..। আনিচ্ছা সত্বেও এই বিয়াত মত দিবলৈ বাধ্য অৰিন্দম । তাৰ পত্নীয়ে .. এইয়া তাৰ অগ্নি পৰীক্ষা লৈছে.. । ডেইজিৰ শৰীৰটোৰ লগত খেলা কৰি.. তাইক দলিয়াই পেলাব নোৱাৰাকৈ.. প্রস্তুতিয়ে দুয়োকে বিবাহ বান্ধোনেৰে বান্ধ খোৱাব বিচাৰিছে..।
অৰিন্দমৰ সন্মুখতে ৰণলৈ ফোন লগালে প্রস্তুতিয়ে..। সি ডাঙৰ..। কথাবোৰ প্ৰথমে তাকে জনোৱা উচিত হ’ব বুলি.. অলপ ও লুক-ঢাক নকৰাকৈ সকলো বিৱৰী..নিজৰ সিদ্ধান্তৰ বিষয়ে ও জনাই দিলে প্রস্তুতিয়ে..।

:- মা.. দুখ নকৰিবা তুমি । পাপাৰ চিন্তা শক্তি এইদৰে লোপ পালে নে..? কি হ’ল মানে এইবোৰ..। পপাই কেতিয়াবা এনেকুৱা কৰিব..!! অহ গড.. ভাবিবই নোৱাৰো ।
সম্বন্ধৰ জটিলতাৰ বিষয়ে শুনিহে আছিলো.. মোৰ ঘৰত.. মোৰ মা পাপাই আজি তেনেকুৱা এটা সংকটত ঠিয় দিছেহি..।
তুমি ঠিকেই ডিচিচন লৈছা মা । মই তোমাৰ লগত আছো সদায় । পাপাই ভুল কৰিছে.. পাপ কৰিছে তোমাৰ লগত এইবোৰ কৰি ।
থৰক বৰক খোজেৰে তোমাৰ আঙুলিতে ধৰি.. এই পৃথিৱীত আত্মবিশ্বাসেৰে খোজ দিবলৈ শিকিলো..। এতিয়া তুমি জীৱন পথত উজুটি খোৱা যদি… তোমাৰ হাতত ধৰিবলৈ এই ৰণ সদায় তোমাৰ লগতে থাকিব মা..।
পাপাৰ ঘৰত তুমি আৰু থাকিব নালাগে..। মোৰ ঘৰলৈ গুচি আহা মা ..। তোমাৰ ল’ৰা এটা আছে নহয়..। তুমি কেতিয়াও অকলশৰীয়া নোহোৱা..।
ৰুহিক ও মই সকলো বুজাই ক’ম । তুমি মনত অলপ ও টেনশ্যন নাৰাখিবা..। নাকান্দিবা ..। মই তোমালৈ বাট চাই আছো মা । লাভ ইউ..।

প্ৰস্তুতিৰ বুকুখন ভৰি পৰিল.. । ৰণৰ কথা খিনিয়ে দুখৰ মাজত ও সুখৰ বীজ অলপমান সিঁচি দিলে যেন..তাইৰ ভগ্ন হিয়াখনত..।
এইয়া সন্তান সুখ..।
এইয়া প্ৰাপ্তি..।
এইয়া তাইৰ মমত্বৰ সাৰ্থকতা..।

অৰিন্দমৰ লগত ডেইজিৰ বিয়াৰ দিনাই.. প্ৰস্তুতি আৰু অৰিন্দমৰ মাজত মিউচুৱেল ডিভ’ৰ্চ ও হৈ গ’ল..। এটা সম্পৰ্কৰ যৱনিকা পৰিল ইমানতে..।
সপোন কিছুমান আধৰুৱা হৈয়েই ৰ’ল…। নোকোৱাকৈ হয়তো বহুত কথাই থাকি গ’ল । কিন্তু আক্ষেপ নাই প্ৰস্তুতিৰ..। তাই অৰিন্দমৰ নিষ্পাপ প্ৰেমৰ অনুভূতিক ও হৃদয়ৰ গভীৰত শিপাই লৈ পাইছে..। তাৰ ঔৰসত ৰুহি আৰু ৰণৰ দৰে দুটা সুযোগ্য সন্তানক নিজৰ গৰ্ভত স্থান দি.. মাতৃত্বৰ অনুভৱেৰে সম্পূৰ্ণ হৈছে..। অৰিন্দমৰ সংগ হয়তো ঈশ্বৰে এইখিনিলৈকে লিখি দি পঠাইছিল তাইৰ কপালত..।

ৰুহি আৰু ৰণে ফোনৰ উপৰি ফোন কৰি মাকৰ খবৰ লৈ আছে । কিজানি মাকে বহুত কষ্ট পাইছে..। কিজানি অকলে অকলে কৰবাত বহি চকুলো টুকিছে..।
সকলোবোৰ সুকলমে সম্পন্ন হোৱাৰ পিছত আৱেগেৰে ডেইজিক সাৱটি ধৰিলে প্রস্তুতিয়ে..

:- সুখী হোৱা ডেইজি..। মনত অলপ ও শংকা নাৰাখিবা । তোমাৰ ওপৰত কোনো অভিযোগ নাই মোৰ..। মই মোৰ ভনী বুলিয়েই তোমাক আদৰি লৈছো..। কিন্তু অৰিন্দমক মই কোনোদিন ক্ষমা কৰিব নোৱাৰিম ।
ভালে থাকা । মই দেৰি নকৰো..। অলপ পিছতে মোৰ ফ্লাইট আছে..। মই মোৰ পিছৰ জীৱনটো মোৰ পুত্ৰৰ লগত বেংগল’ৰতে কটাম । ঘৰখন তোমাক গতালো..। অৰিন্দমক চাবা..। তাৰ কেয়াৰ ল’বা । বাই..।

অৰিন্দমক মাত নলগোৱাকৈ.. এবাৰো তালৈ নোচোৱাকৈ ওলাই আহিল প্ৰস্তুতি.. অৰিন্দম বিহীন এটা নতুন জীৱনক আঁকোৱালি ল’বলৈ..।

সন্ধ্যা নামি আহিছিল তেতিয়া..। নিসংগ কৰি এৰি থৈ যোৱা প্ৰেমিক জনৰ দৰেই.. বেলিটোয়ে ও মেলানি মাগিছিল পৃথিৱীৰ বুকুৰ পৰা ।
প্রস্তুতিয়ে নিজকে প্ৰস্তুত কৰি তুলিছিল.. আন্ধাৰবোৰ ঠেলি.. পোহৰ অভিমুখে ধাৱমান হ’বলৈ…  


     ------------------

নদীয়েও কথা কয়..

(অনুভৱৰ দলিচা গৰকি..।)

পূৰ্ণিমাৰ ফৰিং ফুটা জোনাকী নিশা..। জোনটিয়ে পোহৰাই তুলিছে মোৰ ঘৰৰ চোতাল..। খোলা খিৰিকী খনৰ কাষতে বহি.. মন্ত্ৰমুগ্ধৰ দৰে চাই ৰৈছো মই ..পদূলি মূৰৰ বকুল জোপাত.. জোনৰ লুকা-ভাকু ..। কি যে মনোমোহা..!

মোৰ চাৰিওফালে মাথোঁ… জোনাকী শুভ্ৰতা..! ৰূপোৱালী জোনাকৰ চিকমিকনিয়ে.. মায়াময় কৰি তুলিছে মোৰ চৌপাশ..।
কোঠালীৰ ঘিটমিটিয়া আন্ধাৰবোৰ ঠেলি.. বাহিৰলৈ ওলাই আহিলো মই । খুব মন গ’ল মোৰ…জোনাকৰ স্নিগ্ধতাবোৰ গায়ে-মূৰে সানি ল’বলৈ..। বকুল ফুলৰ মিঠা মিঠা সুবাস.. প্ৰাণ ভৰি উজাই ল’লো মই…। এগৰাকী চঞ্চলা কিশোৰীৰ দৰে.. দেও দি দি নাচিব ধৰিলো ..। গুণগুণাব ধৰিলো ….

“জোনাকে কানে কানে আহি ক’লে..
নিবিৰ অবুজ ভাষাৰে..
তুমি মোৰ… মাথোঁ মোৰ…।”

মই যেন হেৰাই গ’লো … এৰি থৈ অহা ভাল লগা মুহূৰ্ত্ব কিছুমানত..। চকু দুটা জোৰকৈ মুদি.. মনৰ চকুৰে চাবলৈ যত্ন কৰিলো .. হৃদয়ৰ গভীৰত..এতিয়া ও সজীৱ হৈ থকা কিছুমান ছবি.. ।
সেই ছবিবোৰ… ভালপোৱাৰ ছবি..। ভাল লগাৰ ছবি..।

নাজানো… নিজৰ মাজতে কিমান সময় হেৰাই থাকিলো সেইদৰে..।

স্মৃতিৰ বৰ পেৰাটোত আলফুলে সাঁচি ৰখা অপ্ৰাপ্তিৰ অনুভৱ কিছুমানে হঠাতে.. সেমেকাই পেলালে মোৰ দুচকু..। মই স্তব্ধ হৈ ৰ’লো..। মোৰ আৱেগবোৰ দেখোন..দুচকুৰ নিজৰা হৈ… বৈ আহিব ধৰিলে..। ধূসৰ হৈ পৰিল.. তাহানিৰ সেই ভাল লগা ছবি খন..। মোৰ নাচি থকা ভৰি দুখনে… নাচিব এৰিলে..। মই গুণগুণাই থকা গানৰ কলিটোয়ে.. শব্দৰ সন্ধানত দিক বিদিক হেৰুৱালে.. । সুৰ.. তাল …লয়ৰ.. বিশৃংখলতাত গানটো থমকি ৰ’ল.. মোৰ ওঁঠৰ ভাঁজত..।

একো নভবাকৈ মই ওলাই আহিলো… পদূলিৰ তল সৰা বকুলবোৰ গচকি..। মই দৌৰিব ধৰিলো..। নাজানো ক’লৈ দৌৰিছো..। উন্মাদৰ দৰে মই মাথোঁ দৌৰি থাকিলো..। মুকলি অকাশৰ তলত থাকিও… মই যেন প্ৰাণ খুলি উশাহটো ল’ব পৰা নাই..। নিসংগ জোনৰ জোনাকে.. কোঙা কৰি পেলাইছে যেন যন্ত্ৰণাগ্ৰস্ত মোৰ বুকুখন..।

দৌৰি দৌৰি.. মই নদীখনৰ পাৰত ভৰি দিলো..।
সেইখন নদী.. যি মোৰ নীৰৱ মুহূৰ্ত্ব কিছুমানৰ বিশ্বস্ত লগৰী..। যাৰ ওচৰত মই নি:সংকোচে খুলি দিব পাৰো হৃদয়ৰ খোলাটো..। যাৰ লগত ঘণ্টাৰ পিছত ঘন্টা জুৰি… মৌন আলাপত ব্যস্ত হৈ পৰো মই ..।

শান্ত সৌম্য নদীখনে যেন.. বুকুতে জোনটিক লৈ নিচুকাই আছিল .. ।

“আমাৰে মইনা শুব এ’…
বাৰীতে বগৰী ৰুব এ’….”

মোৰ মনটোৱে কৈ উঠিল..
“দে…জপিয়াই দে..। কিয় ৰৈ আছ’..? শেষ কৰি দে নিজকে..। উটি গুচি যা..ক’ৰবাৰ দুৰনিলৈ..। মুক্ত হ’ সকলো মায়া মোহৰ পৰা..। বিচাৰি ল’ চৰম শান্তি..। বুকুৰ দুখবোৰ নদীৰ বুকুতে ডুবি যাব দে..।”

মই অলপ সময় চাই ৰ’লো.. নদীৰ বুকুত.. ফুলকুমলীয়া শিশু এটিৰ দৰে..আলফুলে শুই থকা জোনটিলৈ..। হৃদয়ৰ অকুলতাৰে জোনটিক যেন সাৱটি ধৰিছে নদীখনে..। মোকো মাতিছে নেকি বাৰু হাত বাউলি.. ? জোনটিৰ দৰে বুকুতে সুমোৱাই ল’বলৈ..।

মোৰ অসহায় অৱস্থাটোক অনুধাৱন কৰি..নদীখনে ক’লে মোক…
“কিয় অন্তৰত ইমান দুখৰ বোজা কঢ়িয়াই ফুৰিছা..? বৈ যাব দিয়াচোন মোৰ বুকুতে..সকলোবোৰ দুখ.. বেদনা..। সকলোবোৰ স্মৃতি..। এবাৰ মোলৈকে চোৱাচোন.. । মই কিমানবোৰ যাতনা সহি ও অবিৰাম বৈ আছো ।”

নদীখনৰ বুকুত দৃষ্টি ৰাখি.. পুনৰ জুকিয়াই চালো মই কথাবোৰ…মোৰ অতীতটোক..।

সঁচাই… নদীৰ বুকখনত.. কিমান যে স্মৃতি ঠাহ খাই আছে..।

যোৱাবাৰৰ বলিয়া বানত.. গাঁওৰ কেইবাটাও ঘৰ.. এইখন নদীৰ বুকুতেই জাহ গৈছিল.. । সোনপাহিৰ পাঁচ বছৰীয়া ল’ৰাটো.. সমনীয়াৰ লগত উমলি থাকোতে.. নদীখনতে পিচলি পৰি হেৰাই গৈছিল চিৰদিনলৈ..। ইয়াতে মাছ কাছ ধৰি… গাঁৱৰ কিমানে যে ঘৰখন চলোৱাৰ ৰাস্তা একোটা উলিয়াই লৈছে ..। কিমান যে প্ৰেম কাহিনী .. গঢ়িছে.. ভাঙিছে.. এই নদীৰ পাৰতে..। যুগ যুগ ধৰি কিমান যে ঘটনা দুৰ্ঘটনাৰ সাক্ষী হৈ ৰৈছে.. গাভৰু নৈ খন..।
নদীয়ে ও দেখোন বুকু পাতি হাজাৰ বেদনা লুকুৱাই ৰাখিছে..। তথাপিও অবিৰাম.. অবিশ্ৰান্ত তাইৰ ধাৰা..। নিজৰ বিশালতাৰে মহীয়ান..।

ঘূৰি চালো মই.. সন্মুখৰ একা বেঁকা বাটতোলৈ..। যি বাটেৰে এদিন তুমি আহি.. আঁকোৱালি লৈছিলা মোক..। নদীখনক সাক্ষী কৰি ..তুমি আৰু মই… এটা সম্পৰ্কৰ দোলেৰে বান্ধ খাইছিলো..।
প্ৰেমৰ বান্ধোনেৰে বান্ধ খাইছিলো আমি..।
আস…!! কিমান যে মধুৰ আছিল সময়বোৰ..।

মোৰ সমগ্ৰ সত্তা জুৰি বিয়পি পৰিছিলা তুমি..মোৰ প্ৰাণটো হৈ..। তুমি মোৰ জীৱনলৈ অহাৰ দিনাই..মোৰ বুকুত লহপহকৈ বাঢ়ি আহিছিল এজোপি আশাৰ খৰিকাজাই..। তোমাৰ-মোৰ হাঁহি খিকিন্দালিত.. মুখৰিত হৈ পৰিছিল নৈৰ পাৰ..। সুখবোৰে ঘৰ কৰিছিল দুই ওঁঠৰ গান হৈ..। হৃদয়ৰ গভীৰত.. সেউজীয়া সপোন হৈ..।

“নৈৰ বালিচৰত শুকান শংখবোৰে মাতে..
শংখধ্বনিত বুকুৰ বাউলি বতাহ..কোনে বাৰু শুনে ..!”

সপোনৰ তুলিকাৰে.. তুমি আৰু মই জীৱনৰ কেনভাচত ৰামধেনুৰ ৰঙ বোলাইছিলো..। এখন ছবি আঁকিছিলো দুয়ো মিলি.. ।
ভালপোৱাৰ ছবি..।
এধানি এধানি কৈ..আমাৰ মনত গজালি মেলা সপোনটোৱে.. শিপাব ধৰিছিল হৃদয়ৰ গভীৰলৈ..।

আৰু সেই তেতিয়াই..

সেই নিৰ্মম সত্যটোৰ সন্মুখীন হৈছিলো মই..। তুমি বোলে.. নোৱাৰা মোক নিজৰ কৰিব..। নোৱাৰা সেন্দুৰৰ ৰঙেৰে মোৰ কপাল ৰাঙলী কৰিব..। নোৱাৰা ঘৰখনৰ বিপৰীতে গৈ.. মোৰ দৰে নিম্ন বৰ্গৰ কাৰোবাক আপোন কৰি ল’ব..। তুমি নোৱাৰা আমাৰ সপোনবোৰক পূৰ্ণতা দিব..।

তোমাৰ হৃদয়হীন কথাবোৰ শুনি.. চকুৰ পতাত লুকুৱাব যত্ন কৰিছিলো মই…শাওনীয়া নৈ এখন..। মুক্ত ৰংবোৰৰ মাজত বিলীন হৈ যোৱা মোৰ ভালপোৱাৰ পৃথিৱীখন দেখোন… পলকতে অশান্ত হৈ উঠিছিল..। দুখবোৰে কুণ্ডলী পকাই.. খুন্দিয়াব ধৰিছিল মোৰ বুকুৰ ভিতৰখনত..। বাস্তৱৰ কঠিন হাতোৰাত.. উশাহ নাপাই… মোৰ আশাবোৰে চটফটাব ধৰিছিল..। চকুপানীৰ ঢল এটাই .. মোৰ চিনাকি নদীৰ ঘাটতো ও যেন..একেবাৰেই অচিন কৰি পেলাইছিল..।
মই নদীৰ বুকুলৈ চাই .. বৰ কষ্টেৰে সেই কেইটা শব্দ কৈছিলো..

” হ’ব দিয়া..। একো নাই..। তুমি সুখী হোৱা..। তোমাৰ সুখতেই মোৰ সুখ ..। মোৰ নো কি আছে..? “

এপলক ও নোৰোৱাকৈ.. তোমালৈ এবাৰ ও নোচোৱাকৈ মই দৌৰিছিলো তোমাৰ কাষৰ পৰা..। মাথোঁ দৌৰিছিলো..। কিমানবাৰ যে উজুটি খাই থমকি ৰৈছিলো.. সদায় অহা বাটটোত ও..।

“প্ৰত্যাখান”… শুনিবলৈ কিবা এটা বৰ ভাল লগা শব্দ..। কিন্তু অতিকৈ যন্ত্ৰণাদায়ক..।
তোমাৰ অৱৰ্তমানত ভুল হয় দেখোন প্ৰেমৰ ব্যাকৰণবোৰ..। তুমি হীনতাৰ সৈতে একাত্ম হৈ.. উশাহ লোৱা বৰ কষ্টকৰ
জানা..। নিসংগতাৰ.. নিশব্দ তৃষ্ণাই যেন গিলি পেলাই মোৰ সমগ্ৰ সত্তা..।
আশাবোৰ এতিয়া দুষ্প্ৰাপ্য..। হৃদয়খন ও নিমাত.. নিস্তব্ধ..। প্ৰতি দিন.. প্ৰতি পল.. এমুঠি এমুঠি কৈ নিঃশেষ হৈ যায় সুখবৰো..।
তথাপিও জীয়াই আছো..।
প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ চাকনৈয়াত ওলমি ৰৈছো মই..।

আজি পুনৰ দৌৰি আহিছো মই নদীৰ পাৰলৈ..। আজি পুনৰ সুৱঁৰিছো তোমাৰ মোৰ বিচ্ছেদৰ সেই সময়খিনি..। বহুত মন গৈছে মোৰ… চিঞঁৰি চিঞঁৰি পাখি লগা শব্দবোৰ আকাশৰ বুকুত উৰুৱাই তোমাক মোৰ মনৰ বতৰা জনাবলৈ..। এবাৰ সুধিবলৈ..

“কেনে আছা তুমি..? মই হীনতাই সুখী কৰিব পাৰিছে নে তোমাক..? মোৰ দৰে তুমি ও কেতিয়াবা উজাগৰী নিশা পাৰ কৰি পাইছা নে..? “

কিন্তু.. কি হৈছে এইয়া.?
শব্দবোৰ যত্ন কৰিও.. উচ্চাৰণ কৰিব পৰা নাই যে মই..!
মই দেখোন বাকৰুদ্ধ হৈ পৰিছো..।
আধা অঁকা ভালপোৱাৰ ছবিখনত দুনাই ৰং বোলোৱাৰ হাবিয়াস নাই এতিয়া মোৰ..।
উটুৱাই দিলো ছবিখন মই নদীৰ বুকুত..।
উটি গ’ল স্মৃতিবোৰ..চকুলোৰ বন্যাত..।
নদীৰ বুকুত সমাধিস্থ হ’ল অব্যক্ত বেদনাবোৰ..।

মুকলি মন এটা লৈ উভটি আহিলো মই.. পুনৰ সেই বাটটোৰে.. যি বাটেৰে এদিন তুমি মোক এৰি থৈ গৈছিলা..।

নদীৰ বুকুতে শুই পৰা জোনটিয়ে…. লাহে লাহে মেলানি মাগিছিল ধৰাৰ বুকুৰ পৰা..।
এইয়া যে সূৰ্য্যোদয়ৰ সময়..। নিজকে পুনৰ ঠন ধৰিবলৈ প্ৰস্তুত কৰাৰ সময়..।

প্ৰাপ্তিয়েই প্ৰেমৰ পূৰ্ণতা নহয়.. । ত্যাগে হে প্ৰেমক মহীয়ান কৰে..। নোপোৱাৰ বেদনাত শেষ হৈ নাযায়.. কাৰোবাৰ জীৱন..। জীৱনে জানে.. নতুনকৈ সপোন ৰচিব..। জীৱনে জানে.. স্মৃতিবোৰ বুকুতে বান্ধি.. জীয়াই থাকিব..।

আজি..নদী খনৰ লগত বহুত কথা পাতিলো..। আজি আকৌ নিজকে উদঙাই দিলো নদীৰ বুকুত..। আজি নদী খনেও মোক বহুতো গোপন কথা ক’লে.. ।
আজি জোনাকৰ স্নিগ্ধতাত.. স্পষ্ট হৈ পৰিল .. মই আগুৱাই অহাৰ বাটটো..।
যি বাটেৰে উলটি আহিলো মই ..চিৰদিনলৈ তোমাক এৰি.. ।

       ---------------
        

ঈশ্বৰ পুত্ৰ..😇



আনদিনাতকৈ আজি অলপ সোনকালেই বিচনা এৰিলে মিনতিয়ে..। বাহি চোতালখন বাঢ়নী মাৰি… সজাৰ দুৱাৰ খন খুলি পাৰ’ খিনি মোকোলাই দিলে তাই । উৰি আহি সিহঁতবোৰে মিনতিক বেঢ়ি ধৰিলে.. । ৰুণ দি দি তাইৰ চাৰিওফালে ঘূৰি ফুৰা পাৰ’ বিলাকক.. সন্তানৰ সুখৰ পৰা বঞ্চিত.. মিনতিয়ে.. নিজৰ সন্তানৰ দৰেই মৰম কৰে । সিহঁতৰ আব্দাৰ বোৰ যেন কেৱল তাইহে বুজে…। পাকঘৰৰ পৰা মচুৰ ডালি আৰু চাউল কেইটামান একেলগে মিহলাই..সদায় দিয়াৰ দৰে চোতালখনতে চটিয়াই দিলে তাই ।

গিৰীয়েকক সোনকালেই চহৰলৈ পঠাব লাগিব আজি.. । সাউৎ কৈ গাটো তিয়াই.. মাৰ ভাত কেইটামান..বঢ়াই দিয়াই ভাল হব বুলি.. পাৰ’ জাকৰ ওচৰৰ পৰা মিনতি উঠি আহিল..।

দিনটোলৈ ওলাই যাব মানুহটো.. । এমুঠি ঘৰতে খাই গ’লে …চিন্তা লাগি নাথাকে অন্তত…।

কলৰ পাৰত.. বুকুতে মেঠনি খন মাৰি.. গানৰ কলি এটা গুণগুণাই.. গা ধুই থকা মিনতিয়ে মনেই কৰা নাছিল..গিৰিয়েক যতীন.. কেতিয়ানো উঠি আহি..তাইৰ উঠন বুকু খনলৈ চাই চাই..মিচিকিয়া হাঁহি এটা ওঁঠতে লৈ.. দাঁতোনেৰে দাঁত মাজি আছে..।
ডাৰ বাৰী ডালতে থকা গামোচা খনেৰে ততাতৈয়াকৈ.. বুকুখন ঢাকি.. যতীনৰ আগেদিয়েই ভিতৰলৈ ভিৰাই লৰ দিলে তাই..। পিছে পিছে যতীন ও গৈ… পিছফালৰ পৰা সাৱটি ধৰিলে ঘৈণীয়েকক…।

:- নিজৰ মানুহটোলৈ ও ইমান লাজ নে তোৰ..? ইমান বছৰে লাজ নাভাঙিলেই হা..?

যতীনৰ গাৰ..টেঙাফুলীয়া.. পুৰুষ পুৰুষ গোন্ধ এটাত..মিনতিৰ সৰ্বশৰীৰ শিহৰিত হৈ উঠিল..।
কি যে মাদকতা.. এই স্পৰ্শৰ.. এই ঘ্ৰাণৰ…!
যেন কুৰুকি কুৰুকি সোমাই যাব তাই যতীনৰ বুকুলৈ.. । বুটলি ল’ব হৃদয়ৰ নিভাঁজ মৰমবোৰ..।
যেন বিন্দুমাত্ৰ ও সুৰুঙা থাকিব নিদিব..দুয়োৰে মাজত..! গিৰিয়েকৰ শৰীৰৰ ৰাবাবফুলীয়া গোন্ধটো.. নাকেৰে দীঘলকৈ উজাই..উশাহৰ লগত একাত্ম কৰি ল’লে তাই..। সেউতাত বোলাই লোৱা ৰঙাবোৰৰ দৰেই.. তেজাল হৈ পৰিল তাইৰ গাল দুখন..।
যতীনৰ বাহু বন্ধনত তেনেকৈয়ে থাকি.. হঠাৎ উচুপি উঠিল মিনতি..। চকুৰ কোণ দুটাৰে.. লুণীয়া চকুপানী অলপ.. তাইৰ দুগাল তিয়াই বৈ আহিল..।

যতীনে বুজে ঘৈনীয়েকৰ মনৰ দুখবোৰ..। তাইৰ বুকুখনত অহৰহ বলি থকা.. অশান্ত ধুমুহাজাকৰ উমান ৰাখে সি..। কথাৰ মাজতে হাঁহি হাঁহি কান্দি উঠা মিনতি জনীক.. কেইবাদিন ও দেখিছে সি..। মিনতিৰ চকুপানীবোৰে.. তাৰ বুকুখনত ও খোচ এটা মাৰি যায়..। আলফুলে মিনতিক বুকুলৈ চপাই লয় যতীনে..। তাইৰ তিতা চুলি কেইডাল.. আঙুলিৰ ফাঁকত লৈ.. মূৰটো মোহাৰি দিয়ে সি..।

:- কেলৈ নো এনেখন কৰ’ অ’ আকৰিজনী..। তই এইদৰে কন্দা কটা খন কৰিলে মই বৰ দুখ পাওঁ বুজিছ’…। হব দে.. কপালৰ লিখন এইয়া.. কি কৰিবি..! ঈশ্বৰে সন্তান সুখ নিদিলে আমাক । তাতে কি হ’ল নো..? আমাকতো প্ৰেম ভালপোৱা বোৰৰ পৰা বঞ্চিত কৰা নাই ।

:- গাঁৱৰ অঁকৰা বেঙাটোৰ ও ল’ৰা ছোৱালী হ’ল.. । আমাৰ নো কঁপালখন কিয় এনেকুৱা ক’চোন..?
যতীনৰ বুকুতে মুখ খন গুজি দিয়ে মিনতিয়ে.. । উচুপনিবোৰ সশব্দে ওলাই আহি.. তাৰ বুকু খনৰ লগতে.. সিহঁতৰ শোৱা কোঠাৰ বেৰ কেইখনত ও খুন্দা মাৰে..।

:- হেই এইজনী.. এই দোকমোকালিতে এইদৰে হুলস্থুল খন নকৰিবি হেৰৌ..। ওচৰৰ মানুহবোৰে কি ভাবিব ক’চোন..? ভাল কাম এটাত এফালে যাবলৈ ওলাইছো..মনৰ ডাৱৰবোৰ আঁতৰি যাব দেচোন..।

যতীনৰ পৰা আঁতৰলৈ আহি দুহাতেৰে চকুপানীখিনি..জোৰকৈ মুচি ল’লে মিনতিয়ে..। যতীনে তাইক.. হাত খনতে খামুচি ধৰি ..পুনৰ গাৰ কাষলৈ চপাই আনিলে আৰু গাল খনতে তাৰ ওঁঠখন চেপি ধৰিলে..।

:- যা এইডাল..। দাঁতোন থৈ মুখ খন ধুই আহ..।
কৃত্ৰিম খং দেখুৱাই..যতীনক ঠেলা মাৰি.. গালখন মোহাৰি মোহাৰি.. আলনা ডালৰ পৰা কাপোৰ এসাজ উলিয়াই আনিলে তাই..।

ঘৰৰ আগেদিয়েই চহৰলৈ বুলি.. টেম্প’ কেইখনমান আৰু বাচ দুখনমান সময়ে সময়ে অহা যোৱা কৰি থাকে..। মিনতিয়ে যুগুতাই দিয়া মাৰ ভাত কেইটা খাই.. ৰাতিপুৱাৰ প্ৰথম বাচ খন ধৰিয়েই.. যতীন চহৰ অভিমুখে ৰাওনা হ’ল..।
তাক পঠিয়াই.. গোঁসাইৰ থাপনাত জ্বলি থকা চাকি গচৰ.. শলিতা ডাল আগলৈ ঠেলি.. দুহাত যূৰি অদৃষ্টক প্ৰাৰ্থনা জনালে মিনতিয়ে..
” প্ৰভু.. আচল পাতি ভিক্ষা খুজিছো..। অজানিতে কিবা জগৰ লগাইছো যদিও.. তোমাৰেই দাসী বুলি ক্ষমা কৰি… মনৰ অভিপ্ৰায় পূৰ কৰা ঈশ্বৰ..। বিশ্বাসৰ চাকিগচ নুমাব নিদিবা প্ৰভু..।” ------------------------

যতীনৰ সম্বন্ধীয় ভনীয়েক.. সুৰভি.. চহৰৰ নাৰ্ছিং হ’ম এখনত.. চাফাই কৰ্মী হিচাপে নিযুক্ত হৈ আছে..। তাইয়েই ককায়েকক আজি মাতি পঠিয়াইছে..।
যতীনৰ মনটো ভাল ল’গা অনুভৱ এটাই..মোহাচ্ছন্ন কৰি ৰাখিছে আজি..। যদি সুৰভিয়ে খবৰ দিয়া মতে কামবোৰ হয়.. মিনতিয়ে বুকুত ভাৰ বান্ধি লৈ ফুৰা দুখৰ বোজাটো অলপ হ’লেও পাতলিব..।

চলন্ত বাচখনৰ খিৰিকীয়েদি ..একান্ত মনেৰে..বাহিৰলৈ চাই যোৱা যতীনৰ.. মিনতিৰ সেমেকা চকুদুটা মনলৈ অহাৰ লগে লগে.. উশাহটো কিবা চুটি হৈ যোৱা যেন অনুভৱ হ’ল..। তাইৰ ক্ৰন্দনৰত মুখ খন চকুৰ আগত ভাঁহি আহিলেই চিন্তাবোৰৰ আঁত হেৰুৱাই সি..। এনে লাগে যেন.. যি কোনো উপায়েৰে সুখেবোৰ তাইৰ দুহাতত তুলি দিব সি..।

যথা সময়ত নাৰ্ছিং হ’মত গৈ উপস্থিত হ’ল যতীন.. আৰু সুৰভিক লগ কৰি.. সেই বিশেষ কোঠাটোলৈ সোমাই গ’ল..। য’ত ঝুলনা সদৃশ বিচনা এখনত শুই আছে ..কেইদিনমানৰ আগতে..কোনোবা মাতৃয়ে জন্ম দি এৰি থৈ যোৱা এটি দেৱশিশু…যাক..যতীন আৰু মিনতিয়ে পিতৃ মাতৃৰ পৰিচয়ৰে আপোন কৰি ল’ব বিচাৰিছে..।
ঝুলনা খনৰ ওচৰ চাপি শিশুটিৰ মুখখন চাই দুচকু ভৰি পৰিল যতীনৰ..। শিশুটিৰ ভৰি খনতে সেৱা এটা কৰি.. নাৰ্ছিং হ’ম কতৃপক্ষৰ লগত কথা বতৰা পাতি..যাৱতীয় কাগজ পত্ৰ বোৰত চহী কৰি.. যতীন ঘৰমুৱা হ’ল..।

পিছদিনাই যতীন আৰু মিনতি..দুয়ো আহি শিশুটিক নিজ ঘৰলৈ লৈ গ’ল..। লগতে শিশুটোৰ বাবে প্ৰয়োজনীয় বস্তু অলপমান ও কিনি ল’লে..। মিনতিৰ চকু মুখ উজ্জ্বলাই.. ৰং কিছুমান বিয়পি পৰিল..।
সেই ৰং প্ৰাপ্তিৰ..
সেই ৰং সুখৰ..
সেই ৰং মমত্বৰ..।

ঘৰৰ দুৱাৰ ডলিতে.. চাকি বন্তিৰে আদৰি.. দুয়ো মিলি.. সিহঁতৰ পোনাকনৰ গৃহ প্ৰৱেশ কৰালে..। কোলাতে লৈ বাহিৰ ভিতৰ.. বাৰীৰ চুক.. সকলোৰে লগত পৰিচয় কৰালে তাৰ..। বুকুৰ সমগ্ৰতাৰে শিশুটিক আঁকোৱালি লৈ.. মিনতিয়ে হুকহুকাই কান্দি উঠিল..। সকলোকে যেন চিঞঁৰি চিঞঁৰি ক’ব এতিয়া…
” এইয়া আমাৰ পোনাকণ..। আমাৰ সন্তান..। মোকো কোনোবাই মা বুলি মাতিব অ’..। আমাৰ ঘৰত ঈশ্বৰ পুত্ৰই ভৰি থৈছে আজি..। মোৰ ঘৰ ও শিশুৰ কলকলনিত মুখৰিত হ’ব…। চা হঁত ঐ…. কিমান সৰল..কিমান নিষ্পাপ আমাৰ ফুলকুমলীয়া পোনাটো..!”

মিনতিৰ দিনটোৰ বেছিভাগ সময়.. আজিকালি পোনাটোৰ লগতেই পাৰ হয়..। নকৰিলে নোহোৱা কাম কেইটা কৰি.. তাৰ লগতে খেলি ধূলি.. সময়বোৰ কটাই ভাল পোৱা হৈছে তাই..।
লাহে লাহে পোনাটো ডাঙৰ হ’ব ধৰিছে..। যতীন আৰু মিনতিৰ ব্যস্ততাৰ ও ওৰ নপৰা হৈছে..। থোপোক-থাপাক খোজেৰে ভিতৰ বাহিৰ কৰা পোনাটোক.. অনবৰতে চকু দি থাকিব লগা হৈছে সিহঁতে..। -------------------

মিনতিয়ে..অলপ দিনৰ পৰা গাটো বৰ দুৰ্বল যেন অনুভৱ কৰিব লৈছে ..। অকনমানতে ভাগৰুৱা হৈ পৰে তাই..। মূৰটো ও যেন ঘূৰাই থাকে মাজে মাজে..। পোনাটোৰ লগত লাগি থাকোতেই… সময়বোৰ যে কেনেকৈ পাৰ হৈছে..! দিন… বাৰবোৰ পাহৰি থকা মিনতিৰ হঠাৎ মনত পৰে.. যোৱা কেইবামাহে ও গা ধোৱা নাই তাই..। মাহেকীয়াৰ দিনবোৰ হিচাপ কৰি.. তাই পেটটোত হাত ফুৰাই..।

চৰকাৰী হস্পিটেল খনলৈ গৈ… এইবাৰ তাইৰ অনুমান সঁচা হয়..। তাই মাক হ’ব ওলাইছে..। তাইৰ গৰ্ভত যতীনৰ অংশ এটাই থিতাপি লৈছে..। তাই নিজৰ তেজ মঙহৰ.. সন্তান এটা জন্ম দিবলৈ ওলাইছে..।
ইমানবোৰ সুখ…!
সুখবোৰ আজুৰি ও..সামৰিব পৰা নাই যেন তাই..।

আকাশৰ বিশালতাত দুচকু থৈ.. ঈশ্বৰকে চিন্তিলে মিনতিয়ে..।
” প্ৰভূ.. কি চমৎকাৰ দেখুৱাইছা এইয়া..। ইমান বছৰে উদং হৈ থকা মোৰ গৰ্ভত.. কাক স্থান দিছা তুমি..?”

দিনবোৰ পাৰ হ’ব ধৰিলে..। মিনতিয়ে অজিকালি… ক্ৰমান্বয়ে ডাঙৰ হৈ উঠা.. তাইৰ পেটটোত.. তাইৰ কলিজাটোৰ উপস্থিতি অনুমান কৰিব পৰা হৈছে..। তাইৰ উশাহৰ লগতে…স্ফীত উদৰত.. আৰু এটা উশাহৰ শব্দ শুনা পোৱা হৈছে..। তাই গৰ্ভস্থ সন্তানটিৰ প্ৰেমত মতলীয়া হৈ পৰিছে..।
স্বাভাৱিক এইয়া…। মাক হোৱাৰ অনুভৱ অতুলনীয়..। এজনী মাকে হে বুজে.. সেই অনুভৱৰ তীব্ৰতা..।

পিছে..পোনাকনৰ প্ৰতি মিনতি..জোখতকৈ বেছিয়েই উদাসীন হৈ পৰিব ধৰিছে যেন…। পোনাটোয়ে অলপ কন্দা-কটা কৰিলেই অস্থিৰ হৈ পৰা মিনতি.. আজিকালি সি কান্দি কান্দি ভাগৰি পৰিলেও.. ওচৰ চাপি যাব মন নকৰা হৈছে..।
মিনতিৰ সলনি হোৱা ব্যৱহাৰে.. যতীনক চিন্তিত কৰি তুলিছে…। পোনাকনৰ প্ৰতি মিনতিৰ মৰমবোৰ কমিব ধৰিছে..। সেই কথাই দুখ দিছে যতীনক..। পোনাটোক কোলাতে লৈ নিচুকাই নিচুকাই.. সি মিনতিৰ মনটো পঢ়ি চাব যত্ন কৰিলে..। নিজৰ তেজ মঙহৰ সন্তান এটি জন্ম দিব ওলাই তাই .. পোনাকনক পৰৰ সন্তান জ্ঞান কৰা নাই তো..?!

মিনতিৰ লগত কথা পাতি বুজিলে সি .. মিনতি এতিয়া গৰ্ভস্থ সন্তানটোৰ প্ৰেমত অন্ধ..। তাইৰ মনত আপোন পৰৰ ভাব এটাই ঠাই পাইছে..।
সি কেনেকৈ বুজাই এতিয়া.. আচলতে আপোন পৰৰ উৰ্ধত.. পোনাকনৰ লগত সম্পৰ্ক সিহঁতৰ..। সন্তান সুখ কি.. অনুভৱ কৰোৱা ঈশ্বৰৰ আশীৰ্বাদ পোনাকন..।
সময়ৰ হাততে সকলো এৰি দিলে যতীনে..। সময়ে কেতিয়া কি খেল খেলে.. কোনেও নাজানে..। সময়ত মিনতিয়ে ও বুজিব কথাবোৰ..। সেই বিশ্বাসেৰে নিজকে আস্বস্ত কৰিব যত্ন কৰিলে যতীনে..। ---------------------

মিনতিয়ে আজি মাকৰ হাতেৰে..ঘৰৰ গোঁসাই ঘৰতে.. পঞ্চামৃত খাইছে..। পাঁচ মাহত সোমালে..পেটৰ সন্তানটিয়ে ও খাবলৈ শিকে বোলে..। মনতে তাই কি কি খাব… কি কৰিব.. কিমান যে কল্পনা কৰি পেলাইছে..। পেটটোতে হাত ফুৰাই.. কিমান যে কথা পাতিছে… তাইৰ সপোনটোৰ লগত..।

পোনাকনে ফুটো নুফুটো মাতটোৰে ” মা… মা…” কৈ তাইক বিচাৰি আহিলে.. তাই ঠাইতে যতীনৰ হাতত গতাই থৈ আহে তাক.. । যতীনৰ মনত প্ৰশ্ন জাগে.. কিয় ইমান স্বাৰ্থপৰ হৈ পৰিছে মিনতি…..? এইয়াই মমত্বৰ সংজ্ঞা নে..? এনেকুৱা হয় নে মাকৰ মন..? পোনাকন তাইৰ গৰ্ভজাত সন্তান নহয় বাবেই.. সি আজি এই ব্যৱহাৰ পোৱা উচিত হৈছে নে.. “মা… মা…” কৈ খেদি ফুৰা মাকজনীৰ পৰা..?

সেইদিনাই ৰাতিলৈ মিনতি শুই থকা অৱস্থাতে.. হঠাৎ চটফটাই উঠে..। এনে অনুভৱ হয়.. কিবা যেন গোটা বস্তু এটাই.. পোহৰ বিচাৰি যেনি-তেনি ঘূৰি ফুৰিছে তাইৰ পেটৰ ভিতৰত..। প্ৰচণ্ড বিষত ধৰফৰাব ধৰে তাই..। শৰীৰৰ নিম্নাংশই দি নিৰ্গত হোৱা.. এসোঁতা উষ্ম তৰলে.. ভিজাই পেলাই ..তাই পিন্ধি থকা কাপোৰ.. শুই থকা বিচনা খন..।

মিনতিৰ যন্ত্ৰণা দেখি.. ভয়তে কঁপি উঠে যতীন..
” কি এইয়া…? হে.. ঈশ্বৰ..ইমানবোৰ তেজ..!! “

অলপ ও পলম নকৰি..ঘৰৰ ওচৰৰ.. সৰুভাইটিৰ টেম্প’ খনতে.. পোনাকনক বুকুতে সাৱটি.. মিনতিক হস্পিটেললৈ.. লৈ যায় যতীনে..। মিনতিৰ মৰণকাতৰ চিঞঁৰবোৰত অসহায় হৈ পৰে যতীন..। নেদেখাজনকে প্ৰাৰ্থনা জনাই সি..
” একো অঘটন নঘটাবা ঈশ্বৰ…।”
মনতে গুণগুণাই মহামৃত্যুঞ্জয় মন্ত্ৰটো..

“ওঁ ত্রম্বকম যজামহে সুগন্ধিং
পুষ্টি বর্ধনাম।।
ঊর্বারু কমিব বন্ধনাৎ
মৃত্যুমক্ষীয় মামৃতাৎ’।।…..”

পিছে.. ঈশ্বৰৰ ইচ্ছা নাথাকিলে… জীৱকুলে.. মনেৰে বিচৰাতো কোনোপধ্যে হৈ নুঠে…।
মিনতিয়ে ও নোৱাৰিলে একলা দুকলাকৈ তাইৰ গৰ্ভত..বাঢ়িব ধৰা সপোনটোক ভূমিষ্ঠ কৰাব..। মাকৰ গৰ্ভতে স্তব্ধ হৈ পৰিল.. তাৰ উশাহৰ গতি..।
পেটৰ বিষত কৈ ও বুকুৰ অসহনীয় বিষ এটাত কাতৰ হৈ পৰিল মিনতি…। পেটতো চুই.. ফেঁকুৰি উঠিল তাই..। খেপিয়াই খেপিয়াই অনুভৱ কৰিব যত্ন কৰিলে.. তাইৰ কলিজাটোৰ উপস্থিতি..।
নাই.. তাইৰ কলিজাটো মাকৰ গৰ্ভত নাই..। মাকৰ গৰ্ভই নিৰাপত্তা দিব নোৱাৰিলে তাক..। সি গুচি গ’ল..। গুচি গ’ল সি কোনোবা অজান দেশলৈ..। চিৰদিনলৈ..।

দুৰ্বল দেহাটোৰে..যতীনে কোলাতে লৈ থকা পোনাকনক.. সমস্ত অকুলতাৰে আঁকোৱালি ল’লে মিনতিয়ে..। তাৰ কঁপালতে চুমা এটা আঁকি.. গালে মূৰে হাত ফুৰাই.. অকণমানি ভৰি দুখনতে ধৰি ক্ষমা খুজিলে তাই..

“মোক ক্ষমা কৰি দিয়া সোনটো..। মোক ক্ষমা কৰি দিয়া..। মই মোৰ ঈশ্বৰ পুত্ৰক অৱজ্ঞা কৰিছিলো..। ঈশ্বৰৰ দান মোৰ সোনামোৱাটোক অৱহেলা কৰিছিলো..। ঈশ্বৰে ক্ষমা নকৰিলে মোক..। কাঢ়ি লৈ গ’ল মোৰ সপোনটোক..।
মোৰ মনলৈ অহা স্বাৰ্থপৰতাক.. ক্ষমা কৰি দিয়া সোনটো..।”

পোনাকনে তাৰ কণমানি আঙুলি কেইটাৰে.. মিনতিৰ গাল খন স্পৰ্শ কৰিলে..। সেই পৰশে যেন কৈ গ’ল মিনতিক..
“নাকান্দিবা মা.. মই তোমাক এৰি নাযাওঁ নহয় ক’লৈকো..। এইয়া চোৱা.. মই চুই আছো তোমাক..। মোৰ কণমানি হাতখনেৰে মৰম কৰিছো তোমাক..। নাকান্দিবা মা..।”

স্বৰ্গসুখ এইয়া..।
মিনতিৰ জীৱনৰ কজলা দুখবোৰ আঁতৰাবলৈ.. এজন ঈশ্বৰ পুত্ৰৰ আগমন হৈছে এইয়া…।


    -------------------------

         

অভাৱ..

:- ইয়ে ৰাম… চাচোন নখটো.. । বেলতা খাই গ’ল হেৰৌ..!  হয়ে…. বোলো ইমান উধাতু খাই নো কলৈ যাৱ অ’..? তলৰ শিলগুটি বোৰ নেদেখ’ চকুৰে..?

পথাৰৰ মাজৰ আলিটোত উজুটি খাই.. বকুলৰ উঠি যোৱা..বুঢ়া আঙুলিৰ নখটোলৈ চাই চাই..পুতুলীয়ে দবিয়াই উঠিল তাক .. আৰু ইফালে সিফালে কিবা বনৌষধি পাই নেকি বিচাৰিব ধৰিলে..।
অলিটোতে বহি উস আস কৈ.. বকুলে …হালৰ গৰু হাল এসপ্তাহ ধৰি বিচাৰি নাপাই চিন্তাত পৰাৰ কথা অৱগত কৰি পুতুলীৰ মুখলৈ পৰম আগ্ৰহেৰে চালে..। কিজানিবা কিবা বনৌষধি বিচাৰি পাইছেই..। নখটো গুৰিলৈকে উভটি ..বকুলৰ মুৰলৈকে জিনজিনাই গৈছে..।
খেতিৰ সময়..! সি বাৰু এতিয়া.. এনেখন বিপদত পৰিব লাগে নে..? ঘাঁহনি ডৰাত এৰাল দি থোৱা গৰু হাল.. কি জুতিত পঘা ছিঙি অন্তৰ্দ্ধান হ’ল বুজিয়েই পোৱা নাই ..।

পুতুলীয়ে.. ওচৰতে থকা..গেন্ধালী বনৰ পাত কেইটামান ছিঙি আনি.. ভালদৰে মোহাৰি ৰস অলপ উলিয়াই.. বকুলৰ তেজ ওলাই থকা আঙুলিটোত ঢালি দিলে আৰু ..হাতত থকা হাচতি খনেৰে ..আঙুলিটো পকাই অলপ জোৰেৰে নখটোত হেঁচা পৰাকৈ বান্ধি দিলে..।

:- ঐ বকুল.. ঘৰলৈ যাগৈ যা..। এইখন ভৰিৰে লেকেচিয়াই লেকেচিয়াই তই গৰু বিচাৰি ফুৰিব নালাগে এতিয়া..। পাবি দে গৰু হাল..। ঘাঁহ বিচাৰি কেনিবা দূৰলৈ গ’ল গৈ চাগে..।

বকুলৰ মনটো সেমেকি গ’ল..
:- নোৱাৰো  অ’ খোজ দিব.. । বৰকৈ বিষাইছে দেখোন । চাচোন অ’… মোৰ কপালখন..!! এইহেন ভৰপক সময়ত বাৰু গৰু হাল হেৰাব লাগে নে..? গোটেইখন বিচাৰি চলাথ কৰিলো অ’..!
পিছে তই নো ক’লৈ যাৱ.. এইডাল বেলি মূৰত লৈ..?

:- ঘৰৰ পৰা চাউল কেইটামান লৈ আহো । সাঁচতীয়া টকা কেইটা শেষেই হ’ল.. । ৰাতিৰ সাঁজৰ বাবেই চিন্তা এতিয়া বুজিছ’..। অভাৱবোৰ দেখোন জোৰা টাপলি মাৰিও শেষ কৰিব নোৱাৰো..। আমাৰ কপালবোৰ কিয় এনেকুৱা অ’ বকুল…?

:- হয় দে.. । দুখ কষ্ট .. অভাৱ অনাটন সোপাকে ঈশ্বৰে আমাৰ ভাগ্যতে লিখি দিলে..।
দীঘলকৈ হুমুনিয়াহ এটা টানি বকুলে আঙুলিটোত হাত ফুৰাই.. পুতুলীৰ ৰ’দত পুৰি ৰঙা ক’লা হৈ উঠা মুখ খনলৈ চাই ৰ’ল..।
ঐ.. দাইটিৰ কেনে অ’..। উঠা মেলা কৰিছেনে ..?

:- ক’ত..??  কঁকাল পোন হোৱাই নাই..। মানুহটো বিছনাত পৰাৰে পৰা.. ঘৰখন চলাবলৈ বৰ অসুবিধাত পৰিছো বকুল । শাহু আইৰ গা ও ভাল নহয়..। দৰব পাতি কেইটাকে সময়মতে খোৱাব পৰা নাই..।
যাবিচোন এদিন.. । মানুহটোক মাত এষাৰকে দিবিগৈ..। অকলে অকলে পৰি থাকে বিচনাখনতে । তেনেকে থকা মানুহ নহয় যে..। বৰ হতাশ হৈ পৰিছে মানুহজন…।

:- যাম দে.. । দেখিছই নহয়.. মোৰো লেঠাবোৰ দেখোন নমৰাই হ’ল..।
যা..যা… তই সোনকালে গৈ আহ..। বেলি উঠি আহিছে..। জাপি… ছাতি এটাও নানিলি..। কষ্ট পাবি গৰমত..।

:- তইয়ো যা ঘৰলৈ..। গৰু হাল পালি নে নাই জনাবি দেই…।

বকুলক চিঞঁৰি কথা কেইষাৰ কৈ.. টিকটিকিয়া ৰ’দত.. পথাৰৰ আলিয়েদি.. পুতুলীয়ে মাকৰ ঘৰলৈ বুলি খৰখেদাকৈ বাট ল’লে..।

পথাৰখন পাৰ হৈয়েই.. সৰু বিল এখন আছে..। তাৰ কাষেদি যোৱা.. লুংলুঙীয়া বাটটোৰে কিছুদূৰ গ’লে.. পুতুলীৰ ঘৰৰ মুখতে ওলাব পাৰি । এনেই ৰাস্তা ধৰি গ’লে এপাক ঘূৰিব লাগে..। সেই সৰু বিল খনেই পুতুলী আৰু ভদাইৰ গাঁও দুখনক বিভক্ত কৰি ৰাখিছে..। পুতুলীয়ে সচৰাচৰ  পথাৰ খনেদিয়েই মাকৰ ঘৰলৈ অহা যোৱা কৰে.. ।

বিল খনৰ কাষতে..সৰুকৈ.. ভদাইৰ মাটি এড’ৰা আছে..। ধান খেতি কৰাৰ জোখাৰে মাটিখিনি কম যদিও.. সময়ে সময়ে সি কবি.. মটৰ.. বেঙেনা.. জিকা আদি বতৰৰ পাচলিৰ খেতি কৰি.. সেইবোৰ বেচি.. দুই এপইচা উপাৰ্জন কৰি আহিছে..।
ঘৰৰ ওচৰতেই হোৱা বাবে.. বিভিন্ন কাৰণত বিললৈ যোৱা পুতুলীৰ …এদিন.. বিলৰ পাৰত খেতি কৰিব যোৱা ভদাইৰ লগত দেখা সাক্ষাৎ হয়.. আৰু সেই চাৰি চকুৰ মিলনে.. সময় বাগৰাৰ লগে লগে..মনৰ মিল ঘটাই.. দুয়োকে সংসাৰৰ বান্ধোনেৰে বান্ধ খোৱাই পেলাই..।

টকা পইচা কম যদিও.. দুবেলা দুমুঠি খাই থাকিব পৰাকৈ নন্দেক এজনী আৰু শাহুৱেকৰ সৈতে.. এখন সুখৰ সংসাৰ পুতুলীৰ…। ভদাইয়ে..ইমান দিনে.. ইঘৰ সিঘৰত হাজিৰা কৰি.. ঘৰখনৰ জোৰা টাপলিবোৰ মাৰি আহিছিল যদিও.. অলপ দিনৰ আগতে.. এঘৰৰ তামোল বাৰীত..তামোল পাৰি থাকোতেই.. গছৰ পৰা পৰি কঁকালটো ভাঙে…। পৰিশ্ৰমী মানুহটো শয্যাশায়ী হোৱাত.. উপাৰ্জনৰ ৰাস্তা ও বন্ধ হৈ পৰে…। সেই তেতিয়াৰ পৰা ঘৰখন চলোৱাৰ দায়িত্ব.. পুতুলীয়ে মুৰ পাতি ল’ব লগা হৈছে..।

খেতিৰ সময়..। নাঙলৰ শিৰলুত খেতিয়কে সপোন দেখাৰ সময় এইয়া..। হাল কোৰ বোৱা..পথাৰখন..কঠিয়া সিঁচিবলৈ সাজু হৈ উঠিছে..। অলপ দিনৰ পিছতে …লহপহকৈ সেউজীয়া সপোনগুটি কিছুমান..পূৰঠ হ’ব ইয়াত..। চালে চকুৰোৱা হৈ পৰিব .. শ্যামল ৰঙ ধৰা পথাৰখন..।

ভদাইৰ মাটিড’ৰা হে এইবাৰ..তেনেকৈয়ে পৰি আছে..। ঘাঁহ বনবোৰ গজি.. একঁকাল হ’ল..। মাটিখিনি দেখি.. পুতুলীৰ মনটো বেয়া লাগি গ’ল..। এনেই হোৱা হ’লে এই সময়ত ভদাইয়ে.. মাটিড’ৰা পৰিষ্কাৰ কৰি.. বিলাহী..মটৰ ..ক’লামাহ আদিৰ খেতি কৰিলে হেঁতেন…। চাউল কিনি খাই যদিও..শাক পাচলিবোৰ কিনি খাব লগা নহয় সিহঁতে..। এইবাৰ তাৰো মুদা মৰিল..।

বেজাৰ মনেৰে পুতুলী মাকৰ ঘৰ পালেগৈ..। তাতেই ভায়েকৰ মুখেৰে শুনিলে.. গাঁওৰ মূৰত বোলে.. ফকীৰ এজন আহি.. আছেহি..। মুখ.. কপাল চায়েই..তেওঁ মানুহৰ মনৰ কথা পঢ়ি পেলাই..। বহুতক ৰোগ নিৰাময়ৰ.. বা অভাৱ অনাটন আঁতৰোৱাৰ বিধি ও দিছে..। মানুহবোৰে ফকীৰৰ পৰামৰ্শ মতে কাম কৰি.. উপকৃত হৈ.. তেওঁক দান দক্ষিনা দি.. ইয়াতেই থকাৰ ব্যৱস্থা কৰি দিছে। ৰাতিপুৱাৰ পৰা তেওঁৰ ওচৰত মানুহৰ লাইন লাগি থাকে..।

ভায়েকৰ মুখেৰে কথাখিনি শুনি.. পুতুলী ও এবাৰ তেওঁৰ ওচৰলৈ যাবলৈ মন মেলিলে…। ভদাই সুস্থ হৈ উঠাৰ কিবা উপায় ফকীৰজনে দিয়েই কিজানি বা..!
পিছে .. যেতিয়া গোৱা-পাণৰ লগতে মাননি হিচাপে.. ফকীৰক.. পঞ্চাশ / এশ টকা ও দিব লাগে বুলি গম পালে.. তাইৰ মনটো সেমেকি উঠিল..।
মাকে আথে-বাথে বান্ধি দিয়া.. চাউল আৰু বাৰীৰ শাক-পাচলিৰ টোপোলাটো লৈ.. ফকীৰজনক এইবাৰলৈ.. দূৰৰ পৰাই এবাৰ চাই যোৱাৰ মানসেৰে.. পথাৰেদি ন’গৈ.. আলিবাটেদি তাই ঘৰলৈ বুলি খোজ দিলে..।

ঘাই ৰাস্তাৰ পৰা ফাটি.. গাঁওলৈ সোমাই যোৱা অলিবাটটোৰ চুকতে … প্ৰকাণ্ড আহঁত  গছজোপাৰ তলত.. জুপুৰী সদৃশ ঘৰ এটা দেখা পালে পুতুলীয়ে..। তাই অনুমান কৰিলে..তাতেই আছে চাগৈ ফকীৰজন..।
ঘৰটোৰ পৰা ভাঁহি অহা ধূপৰ গোন্ধ.. আঁতৰতে নাকত লাগিল তাইৰ..। উৎকট গৰমত ও মনটো যেন শাত পৰি গ’ল পুতুলীৰ ।
ওচৰ চাপি গৈ.. জুপুৰীটোৰ লগতে.. আঁহত জোপাৰ ছাঁত.. ভেটিৰ দৰে সাজি উলিওৱা ঠাইখিনিত..কঠ এখন পাৰি..দীঘল দাড়ি..চুলিৰে.. শীৰ্ণকায় চেহেৰাৰ সেই ফকীৰজনক বহি থকা দেখা পালে ..। তেওঁক বেঢ়ি.. গাওঁৰ কেইবাজনো লোক  বহি আছে..। উদং গা.. আৰু নিম্নাংশত মেৰিয়াই লোৱা বাঘৰ ছাল সদৃশ কাপোৰ টুকুৰাৰে..কপালত ৰেঘাৰ দৰে আঁকি লোৱা ভস্মৰে… তেওঁক দেখিয়েই কিবা এটা শ্ৰদ্ধা  মিশ্রিত .. ভয় ভাৱেৰে চুই গ’ল পুতুলীক..। কিবা এক অপাৰ্থিৱ শক্তিয়ে যেন আকৰ্ষণ কৰিলে তাইক..।
ক্ষন্তেক সকলোকে নিৰীক্ষণ কৰি.. ঠাইতে মূৰটো দোৱাই.. কেতিয়াবা পাৰিলে ফকীৰজনৰ ওচৰলৈ অহাৰ সিদ্ধান্ত এটা মনতে লৈ … পুতুলীয়ে ঢাপলি মেলিলে.. নিজৰ ঘৰলৈ..।

বেলি ডুবিবৰ হৈছিল যদিও.. গৰমৰ প্ৰকোপ কমা নাছিল..। ইফালে মাকৰ ঘৰৰ পৰা দি পঠিওৱা.. গধুৰ টোপোলাটোৰ ভাৰ বৈ .. খুব ভাগৰ লাগিছিল পুতুলীৰ..। অলপ পৰ গাটো জুৰাবলৈকে ৰাস্তাৰ কাষৰ গছ এজোপাৰ ছাঁত বহি পৰিল তাই..। লাহে লাহে…টোপনিৰ আৱেশে..চকু দুটা জাপ খোৱাই দিলে ….।

হঠাৎ খক-মক কৈ সাৰ পাই.. সন্মুখৰ বাঁহনি ডৰালৈ অলপ সময় ভালদৰে চাই ৰ’ল পুতুলীয়ে.. । বাঁহ পাতবোৰৰ মাজে মাজে.. লুকাভাকু খেলা.. ৰাঙলী বেলিটোৰ.. সৌন্দৰ্য্যই..তাইৰ মনটো উৎফুল্লিত কৰি তুলিলে..। এনে লাগিল.. টোপনিতে যেন এখন ধুনীয়া সপোন নগৰীত হে বিচৰণ কৰিছে তাই  .. ।

একে সময়তে…পুতুলীৰ মন আৰু মগজুক.. মিশ্ৰিত অনুভৱ কিছুমানে ও  জুমুৰি দি ধৰিলে ..। টোপনিৰ আৱেশত.. ছয়া-ময়া কৈ তাই কি দেখিছে বাৰু…? সঁচা নে কল্পনা এইয়া ?

চকু দুটা মোহাৰি… বহলাই মেলি..আকৌ এবাৰ বাঁহনি ড’ৰালৈ চাই ল’লে তাই.. আৰু খৰখেদাকৈ….বহাৰ পৰা উঠি এসাগৰ প্ৰশ্ন মনতে লৈ.. তাৰ উত্তৰবোৰ ও নিজৰ মাজতে জুকিয়াই… ঘৰ অভিমুখে বেগাই খোজ দিলে ..।

ঘৰলৈ গৈ ভদাইক  ফকীৰজনৰ কথাবোৰ জনালে পুতুলীয়ে..। আচৰিত লাগিল দুয়োৰে… কাৰোবাৰ কপালৰ লিখাবোৰ পঢ়িব পৰা শক্তিটো ঈশ্বৰে দিলে বাবেই.. কাৰো কোনো নোহোৱা সেই ফকীৰজনক.. গাঁওৰ মানুহে গাঁঠিৰ ধন ভাঙি..আজি থাকিবলৈ ঘৰ সজাই দিছে..। মানুহবোৰে.. নিজৰ ভাগ্যখনক জানিবৰ বাবেই..কষ্ষ্টোপাৰ্জিত ধন.. ফকীৰজনক দান কৰিছে..।
কিছুমানে গাৰ ঘাম মাটিত পেলাই মাহেকত.. যিমান উপাৰ্জন কৰিছে.. তাতকৈ বহুত বেছি.. ঈশ্বৰৰ দূত জ্ঞান কৰা সেই ফকীৰজনে…কাৰোবাৰ ভাগ্য নিৰ্ণয় কৰি…বহি বহি এদিনতে উপাৰ্জন কৰিছে..!
মানুহৰ ভাগ্য চক্ৰ ক’ত কেতিয়া কেনেকৈ সলনি হয়… উৱাদিহ পোৱা সঁচাই কঠিন..।

এই যে ফকীৰজন.. সেই কলমটিয়া টোপনিজাক … বাঁহনিৰ ছা-পোহৰৰ লুকা ভাকুৰ খেলখন…. অস্পষ্ট ছবি এখন…ঈশ্বৰে কিবা ইংগিত দিছে নেকি বাৰু তাইক..? তাইৰ অভাৱবোৰ আঁতৰোৱাৰ কিবা ৰাস্তা দেখুৱাইছে নেকি..?
কথাবোৰ ভাবি ভাবি কেতিয়ানো তাই শুই পৰিল গম’কে নাপালে ।

পিছদিনা ওপজি পুৱাতে পুতুলী..বকুলৰ ঘৰ পালেগৈ..।
:- ঐ বকুল.. এইফালে আহ অ’..।

ভৰিৰ বিষত লেকেচিয়াই লেকেচিয়াই বকুল ওলাই আহিল.. আৰু ইমান পুৱাতে পুতুলীক দেখি আচৰিত হ’ল..।
:- তই এই পুৱাতে উধাতু খাই..ওলালিহি যে..! কি হ’ল ঐ..?

:- ডাঙৰ সপোন এটা দেখিলো বুজিছ’..। আমাৰ গাওঁৰ বাঁহনি ডৰাতে বোলে তোৰ গৰু হাল আছে..। তই বিচাৰিছিলি নে সেইফালে..?

:-ইমান দূৰ কেনেকৈ যাব অ’…। তই কালি ঘৰলৈ গৈছিলি নহয়.. সেইফালে মন কৰিছিলি নেকি..?

:- নহয় অ’.. মোৰ মনে কৈছে..। তোৰ গৰু হাল তাতেই পাবি বুজিছ’..। এপাক গৈ চাই আহিবিচোন..।
মই পুৱতি নিশা দেখা সপোন..। ফলিয়াবই..।

দোধোৰ মোধোৰ অৱস্থা এটাত বকুলক এৰি..কথা কেইটা কৈ.. পুতুলী ঘৰ পালেহি..।
বকুলে অলপ সময় পুতুলী যোৱালৈ চাই থাকি.. এপাক পুতুলীৰ গাঁওৰ পৰা অহাৰ কথাই ভাবিলে..। কি ঠিক.. পথাৰে পথাৰে গৈ গৰু হাল কিজানি বিল পাৰ হৈ সিহঁতৰ গাৱতেই আছেগৈ.. ।
পুতেকৰ চাইকেলতে উঠি গৈ বকুলে.. পুতুলীয়ে কোৱা বাঁহনি ডৰাতে গৰু হাল চৰি থকা দেখিলে..। সি যেন সৰগ খন হে ঢুকি পালে..। যোৱা এসপ্তাহে.. বিচাৰি বিচাৰি হায়ৰান হোৱা হালৰ গৰুহাল আজি পুতুলীয়ে দেখা সপোনৰ আত ধৰি..  ইয়াতে পাই গ’ল..। আনন্দতে চকুপানী বৈ আহিল তাৰ..।

ঘৰলৈ গৰু হাল আনিয়েই সি পুতুলীৰ ওচৰ পালেগৈ..। কেনেকৈ সি এতিয়া বাখ্যা কৰিব তাৰ মনৰ ফুৰ্তিবোৰ..? কেনেকৈ ধন্যবাদ জনাব পুতুলীক.. তাই কৰা উপকাৰৰ বাবে..? সি যেন ভৰিতে পৰিব তাইৰ..।
খোচনীৰ পৰা.. টকা দুশ উলিয়াই.. বকুলে পুতুলীৰ হাতত গুজি দিলে..।
:- ঐ.. তই কিমান ডাঙৰ উপকাৰ কৰিলি.. মই ভাষাৰে বুজাব নোৱাৰো তোক..। এই কেইটাকে ৰাখচোন..। মৰমতে কিবা এটা দিছো..। সামান্য যদিও…দাইটিৰ দৰব পাতি দুটামানকে আনিব পৰিবি..।

:- হেই.. কি কৰিছ’..? মোক টকা পইচা নালাগে অ’..। তই গৰু হাল পালি.. তাতেই সুখী মই..।
আপত্তি কৰিলে পুতুলীয়ে..। পিছে বকুলৰ কথা পেলাব নোৱাৰি সেইকেইটা ৰাখি থব বাধ্য হ’ল..। সি বুজালে.. টকা দুশ আচলতে একোৱেই নহয়..। গৰুহাল নোপোৱা হ’লে হে তাৰ বহুত ক্ষতি হ’ল হয়..।

সেইয়াই আৰম্ভণি..।

পুতুলীয়ে আজিকালি সপোনত কিছুমান ঘটনা দেখা হৈছে.. । সেইবোৰ গাঁওৰ মানুহক আগতীয়াকৈ জনাই দিয়ে তাই..। কিছুমানে বিশ্বাস কৰে.. বহুতে নকৰে..। বকুলৰ গৰুহাল বিচাৰি পোৱা ঘটনাটো ও বহুতে.. তাই সপোনত নহয়.. সঁচাই দেখি আহি বকুলক জনাইছে বুলি ও.. যুক্তি দেখুৱাইছিল..।

পিছে … মদনৰ হেৰুৱা চাইকেল খন বৰপুখুৰীৰ পাৰতে আছে.. শেৱালীৰ হাঁহ এজনী চুৰি হ’ব.. বিমলাৰ জীয়েক.. দুই এদিনতে পলাই যাব… ধৰণৰ ভৱিষ্যতবাণী বোৰ দেখোন সঁচা হ’ব ধৰিলে.. ।
কেতিয়াবা যুক্তিৰ উৰ্ধত ও সত্যতা থাকে..। সকলো কথা ভিত্তিহীন বুলি এৰি দিব পৰা নাযায়..। পুতুলীৰ সপোনবোৰক ও আজিকালি গাঁওৰ ৰাইজে বিশ্বাস কৰিব লৈছে..। তাইৰ সপোনবোৰ সঁচা প্ৰমাণিত হোৱাত মানুহবোৰৰ তাইৰ প্ৰতি আস্থা জন্মিছে..। গতিকে..টকা পইচা.. চাউল গাখীৰ…যোনে যেনেকৈ পাৰে..তেনেকৈ দি তাইক সহায় কৰিব লৈছে..আৰু পুতুলীৰ ঘৰখনৰ অভাৱ বোৰ ও তেনেদৰেই দূৰ  হৈছে..।

পুতুলী সুখী আজি..। ভদাই বিচনাত পৰি আছে যদিও ঘৰখন চলাবলৈ বিশেষ অসুবিধা হোৱা নাই তাইৰ..।

                    —————–

আজি পুতুলীৰ ঘৰত ৰাতিপুৱাৰ পৰাই মানুহৰ সমাগম..। সকলো বৰ উৎকন্ঠাৰে ৰৈ আছে সেই বিশেষ সময়খিনিৰ বাবে..। সকলোৰে মনত এটাই প্ৰশ্ন…. আজি ও সঁচা হ’ব নে পুতুলীয়ে দেখা সপোনটো..??
সময়বোৰ গৈ আছে..। মানুহবোৰে পুতুলীৰ ঘৰৰ ভিতৰলৈ জুমি জুমি চাবলৈ যত্ন কৰিছে..। উমান পাব চেষ্টা কৰিছে.. ভিতৰৰ পৰিবেশ..। নিজৰ মাজতে ফুচফুচাই.. মানুহবোৰ অপেক্ষাৰত আজি..।

হঠাৎ.. পুতুলীৰ নন্দেক.. আউলি-বাউলি চুলিৰে.. কান্দি কাটি ঘৰৰ ভিতৰৰ পৰা উধাতু খাই ওলাই আহিল.. আৰু সকলোকে সম্বোন্ধি ক’ব ধৰিলে..

:- আমাৰ মাক বচাওঁক ৰাইজ সকল..। বৌয়ে টেঁটু চেপি মাৰিব এতিয়া বুঢ়ী জনীক..। এনেই বেমাৰী অ’ মা..। কলধপাই আছে বৌৰ অত্যাচাৰত..।

কান্দি কান্দি.. পুতুলীৰ নন্দেক চোতালতে লেপেটা খাই বহি পৰিল… ।
কথাবোৰ শুনি কেইজনমান ডেকা ল’ৰা দৌৰি ভিতৰলৈ সোমাই গ’ল.. আৰু পুতুলীক ঠেলি ঠেলি বাহিৰলৈ উলিয়াই আনিলে..।
সকলোৱে আচৰিত হৈ পুতুলীলৈ চালে.. কথাবোৰ আচলতে কি বুজিব যত্ন কৰিলে..। বহুতে বহুত প্ৰশ্ন কৰি.. পুতুলীৰ উত্তৰ শুনিবলৈ আগ্ৰহেৰে তাইৰ মুখলৈ চাই ৰ’ল..।
পুতুলী…তলমূৰ কৰি মৌন হৈ ৰ’ল মাথোঁ..। দুচকুৰ পৰা ধাৰাসাৰে চকুলো বৈ আহিল তাইৰ..।

ইমান সময়ে নীৰৱে ৰোৱা পুতুলীৰ নন্দেকে.. এইবাৰ মুখ খুলিলে..।
:- বৌয়ে পাপ কৰিছে ৰাইজ..। ঘোৰ পাপ কৰিছে..।
ঐ বকুল দা.. তোৰ গৰু হাল সেইদিনা মাকৰ ঘৰৰ পৰা আহোঁতে বৌয়ে দেখি আহিছিল জান’.. । বিমলা পেহী অ’.. আপোনাৰ ছোৱালী মাইকণ.. সৰুপোনালৈ পলাই যাব বুলি বৌয়ে মোৰ পৰাই গম পাইছিল..। মাইকনেই কৈছিল মোক..। মদন অ’ তোৰ চাইকেল খন মইয়েই সেইদিনা দোকমোকালিতে তহঁতৰ ঘৰৰ পৰা আনি বৰপুখুৰীৰ পাৰত থৈ আহিছিলো..।

অ’.. এই সকলোবোৰ বৌয়ে মোৰ দ্বাৰা কৰাইছিল..। মই বাধ্য হৈ পৰিছিলো..। মোৰ নিজৰ দোষ বোৰ মানুহৰ আগত ওলাই অহাৰ ভয়ত.. মই বৌৰ কথামতে সকলোবোৰ কৰি গৈছিলো..।
কাৰণ বৌয়ে গম পাইছিল.. ৰুমীৰ গিৰিয়েকৰ লগত মোৰ অবৈধ সম্পৰ্কৰ কথা..। মই বদনামলৈ ভয় কৰিছিলো..। দাদাই সমাজৰ আগত মুখ উলিয়াব নোৱাৰিব বুলি গ্লানিত ভুগিছিলো..।
তাৰ সুবিধা খিনি বৌয়ে আদায় কৰিলে মোৰ পৰা..।
মই জানো মই পাপ কৰিছো.. পৰ-পুৰুষলৈ মন মেলিছিলো..। কিন্তু বৌয়ে আজি মোৰ মাক প্ৰাণে মাৰিব যত্ন কৰিলে..। মোৰ মা ৰোগীয়া.. আয়ুস ও টুটি আহিছে..। কিন্তু মই জীয়েক জনীয়ে বেমাৰী হ’লেও মোৰ জন্মদাত্ৰী মা জনীৰ এনেকুৱা মৃত্যু কেনকৈ সহো..? বৌয়ে সহজে টকা ঘটাৰ ৰাস্তা বিচাৰিছিল..। ইমান দিনে আপোনালোকক এই মানুহজনীয়ে ঠগি আহিলে ৰাইজ..। এই সপোন দেখা.. ভৱিষ্যত বাণী কোৱা.. সব মিছা আছিল.. সব মিছা..।
(হুকহুকাই কান্দি উঠিল তাই..।)

কথাবোৰ শুনি সকলোৱে মূৰে কপালে হাত দিলে..।
বকুলে পুতুলীৰ সমূখলৈ আহি..দুখ মনেৰে প্ৰশ্ন কৰিলে তাইক….।

:- তই কিয় এইবোৰ কৰিলি পুতুলী..। তইটো এনেকুৱা নাছিলি..? ইমান কষ্ট কৰি ঘৰখন ধৰি থাকিলি..। এতিয়া এইবোৰ অপবাদ কিয় ল’লি..। এই সহজ সৰল মানুহখিনিক ঠগিব যাওঁতে.. বুকুখন নকঁপিল নে তোৰ ..?

:- মোক ক্ষমা কৰ বকুল..। মই আৰামত বহি খাব বিচাৰিছিলো..। লোভ জাগিছিল মোৰ মনত..।
আৰু একো ক’ব নোৱাৰিলে পুতুলীয়ে..। বুকুখনলৈ শোকবোৰ উজাই আহিল..। শব্দবোৰ মুখৰ ভিতৰতে স্তব্ধ হৈ ৰ’ল..।

তাত গোট খোৱা মানুহবোৰ উত্তেজিত হৈ পৰিল..। টকাৰ লোভত.. নিজৰ শাহুৱেকৰ মৃত্যুৰ ভৱিষ্যত বাণী কৰি.. হত্যা কৰাৰ চেষ্টা কৰা পুতুলীৰ অপকৰ্মত.. সকলো হতবাক হৈ পৰিল..।
তাৰে মাজৰ ..কোনোবাই পুলিচক খবৰ দিলে..। পুলিচৰ গাড়ী এখন আহি পুতুলীৰ ঘৰৰ মুখত হাজিৰ হ’ল..। এগৰাকী মহিলা পুলিচ কৰ্মীয়ে হেণ্ডকাফ লগাই পুতুলীক পুলিচৰ গাড়ীত উঠালে..।

ইমান সময় বাহিৰৰ হৈ চৈ বোৰ বিচনাতে পৰি শুনি শুনি.. নীৰৱে চকুলো টোকা.. ভদাই.. চুচৰি বাগৰি বাহিৰলৈ ওলাই আহিল..।
পুতুলীক লৈ যোৱা গাড়ীখনলৈ চাই সি চিঞঁৰি চিঞঁৰি ক’ব ধৰিলে…
:- নিনিবি অ’ মানুহজনীক..। তাই বেয়া নহয় অ’..। অভাৱে হে তাইৰ স্বভাৱ নষ্ট কৰিলে…।
নিজৰ অসহায় অৱস্থাটোত কাতৰ হৈ পৰা ভদাইৰ.. নিজৰ ওপৰতে খং উঠিল..।
পুলিচৰ গাড়ীখন চকুৰ আঁতৰ নোহোৱালৈকে.. চিঞঁৰিয়েই থাকিল সি..।
নিনিবি অ’ তাইক….. । নিনিবি..।

                        ———————–

                                     
                                   

আন্তৰিকতা..😊





আনিচ্ছা সত্বেও মিছেচ ৰুবি হাজৰিকা প্ৰকাণ্ড টোপোলা এটা সহ.... ষ্টাৰ্ট দি ৰৈ থকা গাড়ীখনৰ ফ্ৰণ্ট চিটটোত বহি পৰিল ...। ড্ৰাইভিং চিটত তেওঁৰ স্বামী বিনোদ হাজৰিকা । পিছৰ চিটত চহৰৰ অভিজাত স্কুল এখনত পঢ়ি থকা তেওঁলোকৰ দুই সন্তান আদি আৰু নিকী ... ।

মিষ্টাৰ হাজৰিকাই কেৰাহিকৈ হাজৰিকানীৰ হাতৰ টোপোলাটোলৈ চালে … গিৰিয়েকৰ চাৱনিৰ অৰ্থ বুজি মুখ খন ঘূৰাই নিজকে কোৱাৰ দৰে কৈ উঠিল তেওঁ…

—- ল’ৰা ছোৱালী দুটাৰ খোৱাৰ চিন্তা কৰিব লাগিব নহয় …! গাওঁৰ ঘৰত গৈ.. দৈ কোমল চাউল খোৱা ল’ৰা ছোৱালী নহয় ইহঁত । মাক জনী হৈ ময়েই যদি নাভাবো… খালি পেটে মৰিব দুইটা … ।

মানে…. বেগটো মেগী , চাও , কৰ্ণফ্লেকচ আদিৰে ভৰ্তি হৈ আছে যে হাজৰিকাই বুজি পালে… । আলফুলে তেওঁ টোপোলাটো দাঙি পিচৰ চিটত আদি আৰু নিকীৰ মাজৰ খালি ঠাইখিনিত থৈ দিলে । থাকক… সিহঁত দুটাৰ জীৱনিশক্তি সেই খোৱা বস্তুবোৰ সিহঁতৰ লগতে থাকক ।

সুদীৰ্ঘ পাঁচ বছৰৰ অন্তত বিনোদ হাজৰিকাৰ …পৰিয়াল সহ…. তেওঁ জন্ম হোৱা গাঁও খনলৈ যাত্ৰা এইয়া .. । মাজে মাজে গাঁওৰ নিভাঁজ মৰম, মাটিৰ গোন্ধে টানি আনে তেওঁক । কিন্তু প্ৰতিবাৰেই ঘৈনীয়েক ৰুবিয়ে গাঁওলৈ নহাৰ হাজাৰটা বাহানা বনাই … । ল’ৰা ছোৱালীৰ টিউচন .. আৰ্ট স্কুল .. মিউজিক ক্লাছ … তেখেতৰ মহিলা সমিতিৰ মিটিং …. মুঠৰ ওপৰত তেওঁলোক হাজৰিকাৰ লগত অহাটো কোনোপধ্যে হৈ নুঠে .. । গতিকে সকলো মিলাই অকলেই আহি থাকে হাজৰিকা গাওঁৰ ঘৰখনলৈ ।

তাৰ বিপৰীতে , আদি আৰু নিকীৰ কিন্তু গাঁও খনলৈ বৰ হেঁপাহ … । গাওঁৰ ঘৰ খনৰ বহুতো মিঠা মিঠা স্মৃতি, বৰতাক – বৰমাকৰ মৰমবোৰ…. সিহঁতে কণমানি বুকুখনত আৱৰি সামৰিয়েই ৰাখিছে সদায়…. । ব্যস্ততাৰ মাজত সুৰুঙা পালেই দুই ককাই ভনীয়ে সেইবোৰ সুঁৱৰি আনন্দ কৰে । স্কুলৰ বন্ধ মিলাই কেতিয়াবা দুয়ো আহিব বিচাৰিলেও হাজৰিকানীয়ে বাধা দিয়ে সিহঁতক । চহৰৰ অত্যাধুনিক বস্তুবাদী জগত খনত অভ্যস্ত হৈ পৰা ল’ৰা ছোৱালী দুটাই গাওঁৰ পৰিবেশত এডজাষ্ট হ’ব টান পাব বুলিয়েই চিন্তা তেওঁৰ…… ।

এইবাৰ কিন্তু হাজৰিকানীয়ে একো অজুহাত দেখুৱাব নোৱাৰিলে । চৰকাৰে কেইবাদিনৰ লক ডাউন ঘোষণা কৰাত সকলোবোৰ হঠাৎ বন্ধ হৈ গ’ল । দোকান – পোহাৰ… অফিচ-কচাৰী … স্কুল কলেজ … । হাজৰিকাৰ লগতে আদি আৰু নিকীৰ ও বিৰাট ফুৰ্তি লাগিল । আগত বছৰেকৰ বহাগী বিহুতি…. যেন গাখীৰতে ম’হৰ খুটি হে …. এইবাৰটো গাঁওলৈ যাবই যাব… ।
আপত্তি দেখুওৱাৰ কোনো কাৰণ নথকাত হাজৰিকানী ও বাধ্য হ’ল হাজৰিকাৰ সিদ্ধান্তত “হা” কবলৈ ।

অৱশেষত এইয়া তেওঁলোকৰ গাঁও অভিমুখী যাত্ৰা … । আদি আৰু নিকীৰ ফুৰ্তিৰ বাকী নাই । কিমান যে খেলিব সিহঁতে .. । বৰতাকে চাগৈ গৰু দিব যাওঁতে সিহঁতক ও পথাৰলৈ লৈ যাব … সিহঁত সৰু থাকোতে যে খেতিৰ পৰা কেঁচা মটৰ ছিঙি খাইছিল…. কিমান যে মিঠা আছিল কোমল কোমল সেউজীয়া সেউজীয়া মটৰবোৰ .. । এতিয়া বা আছে নে নেই সেই খেতিড’ৰা…!! গোহালিৰ গৰু, সজাৰ পাৰ’ চৰাইবোৰ … চকুৰ আগত ভাহি আহিল দুয়োৰে ।

হাজৰিকা ও গাড়ী চলাই থকাৰ মাজতে গাওঁত ঘটা দুটামান খুহুতিয়া কথা কৈ কৈ নষ্টালজিক হৈ পৰিল । চহৰৰ ফ্লেটৰ ভিতৰত নিজকে আবদ্ধ ৰাখি, অনবৰতে টিভি, মবাইল ফোন , ভিডিও গেমচ …এ.চি ৰ হাৱাই মানুহবোৰক সঁচাই যান্ত্ৰিক কৰি পেলাইছে । গাঁওৰ মুকলি বতাহ , গোবৰ সাৰ ব্যৱহাৰৰে কৰা খেতিৰ শাক পাচলি , পুখুৰীৰ মাছ , ঘৰৰ গৰুৰ গাখীৰ … সেইবোৰৰ লগত চহৰৰ কৃত্ৰিম বস্তুবোৰৰ তুলনাই নহয় আচলতে… ।

হাজৰিকানী নীৰৱে মুখ খন ওন্দোলাই আহি আছে .. । বিৰক্তি সূচক ভঙ্গীমা এটিৰে এইবাৰ তেওঁ নিজৰ মোবাইল ফোনটো উলিয়াই লৈ বান্ধৱী লিজাৰ লগত কথা পতাত ব্যস্ত হ’ল .. । ……..মিছেছ ৰুবি হাজৰিকা অলপ দিনৰ বাবে গাঁওলৈ গৈছে …!! লিজা আচৰিত হ’ল ..।

—-নক’ব আৰু … । লক ডাউন হৈ গ’ল যে … অনিৰ্দিষ্ট দিনলৈ কোনো মিটিং চিটিঙৰ ডেট ৰখা নাই বুজিছে’ …। স্কুল অফিচ ও নাই … আহিয়েই গ’লো আৰু … । কিমান যে ব’ৰ খাম নহয় .. !! ফোন কৰি থাকিব কিন্তু দেই …।
হাজৰিকানীৰ মুখৰ অভিব্যক্তিয়ে বুজাই দিলে হাজৰিকাৰ সিদ্ধান্তত তেওঁ আচলতে কিমান অসন্তুষ্ট … ।

আবেলি সময়ত হাজৰিকাৰ গাড়ী ….আপোন ঘৰ খনৰ পদূলিত ৰ’ল গৈ । ককায়েক বৌয়েকে নঙলা মুখৰ পৰাই তেওঁলোকক আদৰি নিলে.. । গাড়ীৰ পৰা বস্তু বাহনিবোৰ নমাই ..মুখ হাত ধুই সকলোবোৰ একেলগে ৰান্ধনী ঘৰৰ কাষতে থকা ডাইনিং টেবুলত চাহ খাব বহিল । নাৰিকল লাড়ু, বৰপিঠা , তিলপিঠা , ভাপত দিয়া পিঠাৰ লগতে হাজৰিকাই লৈ যোৱা মিঠাই কেকৰে চাহৰ টেবুল সজাই দিলে বৌয়েকে ..

—- বেটা.. এইবোৰ খাবা জানো …? ৰ’বা মই চকলেট বিস্কুইট লৈ আহিছো । আনি দিও…. ।
হাজৰিকানীয়ে আদিলৈ বিস্কুইট আনিব উঠি যাব ধৰোঁতেই আদিয়ে বাধা দি ক’লে ..
—- নালাগে মা.. ভাত খোৱা দেৰি হ’ল নহয় । একোৱেই খাব মন নাই মোৰ । মই নাৰিকল লাড়ু এটাহে খাম ।
বৰমা … তুমি বনোৱা পিঠাবোৰ পিছত দিবা দেই । কেইদিনমান থাকিম নহয় এইবাৰ .. সকলো বস্তুৰে জুতি ল’ম লাহে লাহে ।
আদিৰ লগতে নিকীয়েও হয়ভৰ দি বৰমাকক বেয়া পাব মানা কৰিলে ।
ৰাস্তাতে এখন দামী ৰেষ্টুৰেণ্টত দুপৰীয়াৰ সাজ খাই আহিছিল তেওঁলোকে ।

আদি আৰু নিকী আহিলে ঘৰখনে যেন প্ৰাণ পাই উঠে .. ।বাৰীয়ে চোতালে ইমান এখন ডাঙৰ ঘৰত চিঞৰ বাখৰ কৰিবলৈ কোনো এটা নাই…. । নিঃসন্তান বৰতাক বৰমাকৰ শূন্যতাবোৰ সাময়িক ভাৱে আহি সিহঁত দুটাই পুৰাই দিয়েহি । সাদৰি বৰমাক জনী সিহঁতৰ যত্ন লোৱাতে ব্যস্ত হৈ পৰে … কি খুৱাব, ক’ত শুৱাব …. !! সেই মৰমখিনি অনুভৱ কৰে সিহঁতে … আৰু হাজৰিকাই ও । তেজৰ টান .. মাটিৰ সম্বন্ধবোৰক উলাই কৰিব নোৱাৰি কোনোমতে…। হাজৰিকানীয়ে হে বুজি পালেও বুজিব নিবিচাৰে । তেওঁ যে তথাকথিত অত্যাধুনিক চহৰ এখনৰ আধুনিক মহিলা এগৰাকী …. । আদি আৰু নিকীয়ে জানে… মাক দেউতাকৰ মাজে মাজে যে সৰু সুৰা দুই এখন হাই কাজিয়া চলি থাকে… তাৰ অন্তৰালত আছে তেওঁলোকৰ আদৰ্শগত মতভেদ… । তথাপিও বেছি ভাগ সময় জানি শুনি আশান্তিবোৰ চপাই নল’বলৈকে হাজৰিকা, মৌন হৈয়েই ৰয় …. ।

পিছদিনা ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা আদি আৰু নিকী বৰতাকৰ লগতে ব্যস্ত হৈ পৰিল। গৰু, পাৰ’ , পথাৰ … বাৰীৰ শাক পাচলি চিঙা ….ধেৰ কাম সিহঁতৰ .. । বৰমাকে ঘুগণি, ৰুটি , বিৰৈ ধানৰ চিৰা, ঘৰৰ দৈৰে…. পুৱাৰ জলপানৰ ব্যৱস্থা কৰিলে । হাজৰিকানীয়ে মেগী অলপ বনাই আদি আৰু নিকীৰ বাবে টেবুলতে থ’লেহি…। দুয়োটা আহি মেগী প্লেট খন চপাই লওঁতেই , হাজৰিকাই মাত লগালে ….

—– আদি , নিকী … সদায় এই মেগীবোৰে আমনি নলগাই নে তোমালোকক ..? আজি দৈ জলপান অকন খাই চোৱাচোন । ঘৰলৈ গ’লে এইবোৰ বস্তু খাব নাপাবা নহয়….. । আমাৰ এই গাঁৱলীয়া খাদ্যবোৰ সোৱাদৰ উপৰিও , গুণগত ভাবে ও মেগী চাও বিলাকতকৈ বহুত ওপৰত । খাইতো চোৱা কেনেকুৱা নো এইবোৰৰ সোৱাদ ।
—– কোনদিনা ইহঁতে এইবোৰ খাইছে ? আপুনি নাজানে নেকি ? …. হাজৰিকানীয়ে মাত লগালে . ..।
—– কোনোদিনা তুমি ইহঁতক এইবোৰ খোৱাইছা ৰুবি…? কেতিয়াবা ভাবি চাইছা নে ,, এই ফাষ্ট ফুডবোৰে কিমান ক্ষতি কৰিছে আজিৰ ল’ৰা ছোৱালীবোৰৰ । অভ্যাস কৰি পেলাইছা কিয় এইবোৰক .. ? খাওঁক কেতিয়াবা ..। সদায় খাব লাগিব নে..?
বৰজনাকৰ ওচৰত তৰ্ক কৰিব নোৱাৰি ৰুবি আঁতৰি গ’ল ।
বৰমাকে দুইটাকে চিৰা কেইটামান মিঠৈ আৰু দৈ দি সানি খাই চাব দিলে ।
—– ওৱাও … ইটচ ৰিয়াল্লি ভেৰি টেষ্টি .. খুব ভাল লাগিছে খাই….. । বৰমা মোক আৰু অলপ দিয়াচোন …।

আদি.. নিকী দুইটাই সন্তোষ মনেৰে আঙুলি চেলেকি জলপান খোৱা দেখি হাজৰিকা পৰম আনন্দিত হ’ল ।

ভাতৰ পাতত ও মাকক আচৰিত কৰি… ঘৰত নোখোৱা… বৰমাকে বনাই দিয়া বস্তুবোৰ সিহঁতে তকালি পাৰি খাব ধৰিলে । পিঠাগুৰি… কল আৰু গাখীৰ দি সানি দিলে চাহৰ লগত সিহঁতে ইমান ফুৰ্তিৰে খাই, যেন… মাকে কিনি নিয়া চ’ক’ পায়টোহে খাইছে । লাহে লাহে মেগীৰ ঠাই ল’লে চিৰা, কোমল চাউলৰ জলপানে । চহৰত নোপোৱা বস্তুবোৰ, সুখবোৰ… আদি আৰু নিকীয়ে হেঁপাহ পলুৱাই উপভোগ কৰিব ধৰিলে.. ।
দিনবোৰ খুব আনন্দৰ হৈ পৰিল সিহঁতৰ বাবে । প্ৰাণ ভৰি ফুৰ্তি কৰিলে দুয়ো ।

আজি বিহুৰ উৰুকা … । বুজন হোৱাৰ পৰা আদিহঁত বিহুত গাঁওলৈ অহাই নাই । হাজৰিকাৰ মনটো বৰ ভাল লাগি আছে .. । এইবাৰ অন্তত ল’ৰা ছোৱালী দুটাৰ বিহুৰ ওপৰত চাক্ষুষ অভিজ্ঞতা এটা হ’ব .. । শিকক .., জানক সিহঁতে অসমীয়া জাতিটোৰ পৰম্পৰাবোৰ … ।

বৌয়েকে গাঁওৰে মানুহ এগৰাকীৰ সহায় লৈ ব’ৰা চাউল কেইটামান খুন্দিছে । ঢেঁকীৰ শব্দত ঘৰ খন মুখৰিত হৈ পৰিছে … ! নিকী বৰমাকৰ কাষতে পীৰা এখনত বহি ঢেঁকীৰ শব্দৰ তালে তালে আপোন পাহৰা হৈ চাউল খুন্দা, চালনী দি চালা… পিঠা কেনেবাকৈ নুঠে বুলি চৰিয়াটোত পিঠাগুৰি খিনি টিপি টিপি থৈ সেমেকা গামোচা এখনেৰে ঢাকি ৰখা… এই সকলোবোৰ … মন দি চাই আছে ।
—- বৰমা কি কৰিবা নো এইবোৰ দি ?
—-তিলপিঠা বনাম মাজনী । তুমি খাবা দেই ।
—-পিঠা বনাবলৈ ইমান কাম কৰিব লাগে নে …? দোকানতে পাই দেখোন । আমাৰ মায়ে সব কিনি আনে তো ..।
—-তোমালোকৰ তাত ঢেঁকী নাই, বৰা চাউল নাই … সেইবাবে মায়ে কিনি আনে । আমি গাওঁত এনেকৈ পিঠা বনাই লওঁ .. ।
নিকীয়ে আগ্ৰহেৰে সকলো চাই থাকিল ।

ইফালে আদি….পিছদিনা গৰু নোৱাবলৈ বেঙেনা, লাও, থেকেৰা বিচাৰি বাৰীত .. । বৰতাকে বিহুৰ নিয়ম বোৰৰ বিষয়ে বুজাই বুজাই লগতে লৈ ফুৰিছে তাক… ।

ৰাতিলৈ উৰুকাৰ ভাত সাজ খাবৰ বাবে পুখুৰীৰ মাছ ধৰাৰ ব্যৱস্থা কৰা হ’ল । ভকুৱা, বাহু, শ’লকে ধৰি চেনিপুঠী, কাৱৈ আদি সৰু মাছবোৰেও জঁপিয়াই জঁপিয়াই জালত পৰি পুখুৰীৰ পৰা উঠি অহাৰ দৃশ্য দেখি আদিহঁতৰ বিৰাট ফুৰ্তি লাগিল । এইদৰে মাছ ধৰা আগে পিছে সিহঁতে কোনোদিন দেখা নাছিল । কিমান যে ভাল লাগিছে সিহঁতৰ এইবাৰ গাওঁ লৈ আহি… ।

হাজৰিকাই ঘৈণীয়েকক চালেগৈ …। ফোনটো লৈ ৱাটছআপ , ফেচবুকত লগৰ বোৰক বিহুৰ শুভেচ্ছা বিলোৱাত ব্যস্ত তেওঁ..।থাকক.. যি মন যায় তাকে কৰক … ল’ৰা ছোৱালী দুটাক যে এৰি দিছে … নিজৰ মতে ফুৰ্তি কৰিব.. সেইয়াই বহুত ।

ৰাতি ভাতৰ যোগাৰ কৰাত পিছে হাজৰিকানী ও লাগি দিলেগৈ পাকঘৰত… । বৌয়েকে ভকুৱা মাছৰ টেঙা এখন, শ’ল মাছ অমিতা দি জালুকীয়া তৰকাৰী এখন আৰু চেনীপুঠি কেইটাৰে সৰিয়হ দি চৰচৰি এখন বনালে । পাৰ’ মাংসৰ তৰকাৰী খন খৰিৰ জুইত দুই ককাই ভাই মিলিয়েই বনালে … আৰু সেই আঙঠাত বেঙেনা বিলাহী পুৰি পিটিকা এখন ও কৰা হ’ল ।
বহুত দিনৰ মূৰত পৰম তৃপ্তিৰে সকলোৱে ভাত এসাজ খালে । আদি আৰু নিকীয়ে মাছৰ চৰচৰি খন শলাগি শলাগি খালে । বিৰিয়ানী , পোলাও ,চাইনিজ খাই অভ্যস্ত হোৱা সিহঁতৰ জিভাই নিভাঁজ গাঁৱলীয়া খাদ্যৰ ও জুতি বুজা হৈছে এই কেইদিনত… ।বৰমাক আনন্দিত হ’ল ।

ৰাতিপুৱা সোনকালে উঠি গা পা ধুই… গৰু নোৱাবলৈ সাজু হ’ল সকলো । মাহ হালধিৰে গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা … বিচনিৰ বা দিয়া … এই সকলোবোৰতে আদি আৰু নিকীয়ে আগভাগ ল’লে । চাতৰ থেকেৰা ,বেঙেনা গালৈ দলিয়াই বৰতাকে সিহঁতক জোকাব ধৰিলে…
লাও খা , বেঙেনা খা
আদি আৰু নিকী ডাঙৰ হৈ যা ..
জপিয়াই জপিয়াই হাঁহিব ধৰিলে দুয়োটাই । তাৰপিছত একেলগে বহি সকলোৱে বিহুৰ পিঠা জলপান খালে । আজি চহৰৰ ঘৰত থকা হ’লে ইমান সময়ত সিহঁত হয়তো মোবাইল বা টিভিত ব্যস্ত থাকিল হয় ….. ! হাজৰিকা আবেগিক হৈ পৰিল ।
বৰমাকে এসময়ত মচুৰ দালি, কঁঠাল মুচি আৰু নিমপাত একেলগে মিলাই সকলোকে খাব দিলে । বৰতাকে নাহৰ পাতত বতাহ বৃষ্টিৰ পৰা পৰিত্ৰাণৰ হকে মন্ত্ৰ লিখি ঘৰৰ চুকত পাতবোৰ আৰি দিলে ।
দেৱ দেৱ মহাদেৱ, নিলগ্ৰীৱ জটাধাৰ
বাত বৃষ্টি হৰঙ দেৱ, মহাদেৱ নমস্তুতে…
আদিয়ে নাহৰৰ পাত এখিলা লৈ বৰতাকৰ আখৰ কেইটা আউৰাই পঢ়িলে… । নিয়মবোৰ দেখি… জানিব পাৰি আদি আচৰিত হ’ল .. । কিমান যে তাৎপৰ্য আছে এই নিয়মবোৰৰ । সিহঁতে দেখোন জনাই নাছিল এইবিলাক ইমানদিনে….।
সন্ধিয়া দীঘলতি , মাখিয়তিৰ জাগ দি নিকীয়ে বৰমাকৰ লগতে গৰুক পিঠা খোৱালে ।

ৰাতি ভাতৰ টেবুলত আদি আৰু নিকীৰ মনটো মৰা …..।কাইলৈ সিহঁত ঘৰলৈ উভতি যাবগৈ ….। দেউতাকৰ অফিচৰ বিশেষ কাম এটাৰ বাবে ফোন কৰি তেখেতক মাতি পঠিওৱা হৈছে । বৰতাকেও উদাস মন এটাৰে ভাত কেইটা সানি আছে ।

—– স্কুল , কলেজটো বন্ধই আছে । ইহঁতক নহ’লে থৈ যোৱা বিনোদ । তুমি গৈ কামখিনি কৰি আহাগৈ ।
বৌয়েকে ক’লে ।
—– নহয় বৌ, লক ডাউন চলিয়েই আছে । মই অফিচিয়েল মেটাৰ বুলি যাবগৈ পাৰিম । কিন্তু আকৌ আহিব পাৰিম কেতিয়া…. কব নোৱাৰিম । গতিকে লগতে লৈয়েই যাম ইহঁতক।

হয়য়ো কথাটো । এনেকুৱা পৰিস্থিতিত বাৰে বাৰে অহা যোৱা কৰি নথকাই ভাল …। বৰমাকে আদি আৰু নিকীক বন্ধ পালেই গুচি আহিবলৈ কৈ মূৰতে হাত ফুৰাই মৰম কৰি দিলে । উপায় নাই, যাবটো লাগিবই.…. ।

পিছদিনা মানুহ বিহু । পিছবেলালৈ হাজৰিকা সপৰিয়ালে চহৰলৈ উভতিব ।
গোঁসাই ঘৰত শৰাই আগবঢ়াই বৌয়েক পাকঘৰত সোমাল । হাজৰিকাই বাৰাণ্ডাত বহি থকা ককায়েকৰ ভৰি চুই আশীৰ্বাদ ল’লে । বুকুখন গধুৰ হৈ পৰিল তেখেতৰ । ভায়েকক নিজৰ ল’ৰাৰ দৰে মৰম দি আহিছে তেওঁ । মাক বাপেকৰ অবিহনে হাজৰিকাৰ বাবে ককায়েকেই তেওঁৰ পিতৃ মাতৃ সদৃশ… । দেউতাকক দেখি আদি আৰু নিকীয়েও বৰতাকক সেৱা জনাই বিহুৰ আশীৰ্বাদ ল’লে । সুখবোৰ নিগৰি আহিল তেখেতৰ দুচকুৰে । বৰমাক পাকঘৰৰ পৰা ওলাই আহি দেওৰেক আৰু আদিক নিজ হাতেৰে বোৱা গামোচাৰে বিহুৱান যাছিলে ।

—– সৰু কিবা এটা দিছো আদি । দোকান বন্ধ হৈ গ’ল যে , একো আনিবই নোৱাৰিলো অ’ ….।
আদিয়ে বৰমাকক সাৱটি ধৰিলে ।
নিকীক বৰমাকে নিজেই চিলোৱা ফ্ৰক এটা উলিয়াই দিলে ।আনি থোৱা ফুলাম কাপোৰ অলপ আছিল । এইকেদিনতে তেওঁ তাইলৈ ফ্ৰকটো চিলাই পেলাইছিল ।
—–ওৱাও বৰমা । ইমান ধুনীয়া ফ্ৰকটো । তুমি কেতিয়া চিলালা ??
—– তোমাক দিবলৈ একো নাছিল যে , ৰাতি ৰাতি অলপ অলপ কে এইটোকে চিলাই পেলালো । তুমি ভাল পাইছা নে মাজনী ? বৰমাৰ মৰম বুলি ঘৰতে পিন্ধিবা দেই ।
—– খুব ভাল লাগিছে বৰমা ।মই মোৰ ফ্রেণ্ডছ বোৰক দেখুৱাম ফ্ৰকটো পিন্ধি ।

মৰমৰ আদান প্ৰদানবোৰ দেখি হাজৰিকানীৰ ও দুচকু সেমেকি উঠিল । জেঠালেকৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে তেওঁ ।
—– দাদা, বেয়া পাই নাথাকিব । আধুনিক হোৱাৰ হাবিয়াসে ঘৰ খনলৈ পিঠি দিয়াইছিল মোক । কিন্তু আপোনালোকৰ মৰম আৰু আন্তৰিকতাই বুজাই দিলে , মই আচলতে কিমান ভুল কৰিছো …..।
—– এইখন তোমাৰ ঘৰ বোৱাৰী, আমিবোৰ তোমাৰ আপোন…. । আপোন বোৰৰ মাজত খং ৰাগে শোভা নাপায় । তুমি সদায়েই আমাৰ মৰমৰ ।

উচুপি উঠিল হাজৰিকানী । ভিতৰলৈ গৈ তেওঁ বেগৰ পৰা কেঁচা পাতৰ চাদৰ এখন উলিয়াই আনিলে ।
—– বাইদেউ, এই চাদৰখন বৰ ভাল লাগে বুলি কৈছিল যে,…. এইখন ল’ব আপুনি । মই আগতে পিন্ধা যদিও বেয়া নাপাব । বৰ আন্তৰিকতাৰে দিব বিচাৰিছো আপোনাক ।
জা’কে হাজৰিকানীক আঁকোৱালি ল’লে ।
—– দিয়া, কিয় নিপিন্ধিম । ভনীয়েকৰ কাপোৰ বায়েকে পিন্ধেই দেখোন ।

হাজৰিকাৰ আবেগবোৰ দুচকুৰে বৈ আহিল । ঘৰখন যেন আজিহে সম্পূৰ্ণ হৈছে । ৰুবিয়ে ককায়েক বৌয়েকক আপোন কৰি লোৱাত বহুত সুখী আজি তেওঁ….. ।

এইকেইদিন গাঁওৰ ঘৰত থাকি বহুত কথাই সলনি হৈ গ’ল আচলতে… । আদি নিকীয়ে পৰম্পৰাবোৰ তথা সংস্কাৰ কি ….বুজি পালে । আধুনিকতাৰ নামত খৰছ কৰা কিছুমান সময় আপোন জনৰ লগত কটাইও যে মধুৰ কৰি তুলিব পাৰি সেইয়া অনুভৱ কৰিব পৰা হ’ল । গাঁওৰ প্ৰতি থকা তেওঁৰ পত্নীৰ মনোভাব সলনি হ’ল । আধুনিকতাৰ প্ৰলেপে বান্ধি ৰখা ৰুবিৰ চকুযুৰি খোল খালে… ।

দুপৰীয়া ভাত পানী খাই হাজৰিকাহঁত যাবলৈ ওলাল… । আদি আৰু নিকীয়ে বেগবোৰ এটা এটা কৈ কঢ়িয়াই গাড়ীত উঠালে । মেগী , চাওৰ বেগটো তেনেকৈয়ে থাকিল । খোলাই নহ’ল….. । হাজৰিকানীয়ে সেইবোৰ ওচৰৰ ল’ৰা ছোৱালী কেইটাক বিলাই দিব ক’লে । হাজৰিকাই গাড়ী ষ্টাৰ্ট দিলে ….। আদি উঠিব লৈ বৰমাকৰ ওচৰ পালেহি …

—– বৰমা, তুমি যে বনাইছিলা, ফিছ ৱিথ মাষ্টাৰড চিড… মাক প্লিজ ৰেছিপিটো শিকাই দিয়া না ।

বৰমাকে নুবুজি ইফালে সিফালে চাব ধৰিলে… । হাজৰিকাই ড্ৰাইভিং চিটৰ পৰাই মাত লগালে…
—– বৌ , আদিয়ে মাছৰ চৰচৰি খনৰ কথা কৈছে অ’ ।
পিছে আদি বেটা, তোমাৰ মায়ে ও এইবোৰ বনাব জানে । আগতে এইবোৰ জুতি লগাই বনাই বনাই খুৱাইছিল মোক । চহৰত গৈ হে নবনোৱা হ’ল । তোমালোকে নাখাবা বুলি…. । এতিয়াৰ পৰা তোমালোকক ও বনাই খুৱাব ..
নে কি কোৱা ৰুবি?
হাজৰিকানীলৈ চাই চকু টিপ মাৰি হাঁহিলে তেওঁ । আদি আৰু নিকীয়েও দেউতাকৰ কথা কেইটাত বৰ ৰস পালে ।
ভাল লাগিল সকলোৰে মনবোৰ …

চহৰৰ অভিজাত্যই যন্ত্ৰ কৰি পেলোৱা মনবোৰ পুনৰ জীপাল হৈ উঠিল ।
সকলোৰে পৰা বিদায় লৈ হাজৰিকাই পুনৰ আৰম্ভ কৰিলে তেওঁলোকৰ উভটনি যাত্ৰা । এইবাৰ আদি আৰু নিকীৰ মাজত মেগী চাও ৰ সলনি আলফুলে বহি আহিল পিঠা পনা , দৈ চিৰা আৰু ঘৰৰ শাক পাচলিৰ টোপোলা এটা ।


   --------------------------

তুমি আহিবা বুলি..💏

আজি পুনৰ প্ৰেমত পৰিলো..
এজাক বৰষুণৰ..!
খৰাং হৃদয় কৰ্ষণ কৰি বুটলি ল’লো..
অনুভৱৰ সৰাফুল..!
বৰষুণজাকে ৰুই থৈ গ’ল..
তুমি দেখাই যোৱা সপোনৰ বাটত..
হেঁপাহৰ খৰিকাজাই..।
আজি ভাল পাই ভাল লাগিল..
অভিমানী বৰষুণজাকক..।
ঠিক তোমাক ভালপোৱাৰ দৰেই…!!

ৰাতিপুৱা উঠিয়েই..ফেচবুক লগ ইন কৰি… পাখিৰ ষ্টেটাছত কবিতাটো দেখি কেইবাবাৰো পঢ়ি চালে তনয়ে..। ষ্টেটাছটোত ল’ভ ৰিয়েক্ট কৰি..মেছেজ এটা কৰি থ’লে তাইলৈ..

” তোমাক আগতেও কৈছো..এনেকুৱা কবিতাবোৰ নিলিখিবা পাখি..। ডিৰেক্ট ঘৰত গৈ.. তোমাক উঠাই লৈ আহিম..। তুমি মোক প্ৰেমত মতলিয়া কৰিহে এৰিবা যেন পাইছো ।”

বাহিৰত তেতিয়া এজাক বৰষুণ পৰিছিল..। বিচনাখনৰ পৰা নামি যাব এলাহ লাগিল তাৰ..। চকু দুটা মুদি বৰষুণৰ শব্দবোৰ অনুভৱ কৰিলে সি..। টোপ টোপ..টোপ..
পাখিয়ে বৰষুণ বিৰাট ভাল পাই..। বৰষুণ দিলে শালিকী জনীৰ দৰেই জঁপিয়াই জঁপিয়াই নাচে তাই..।
হয়.. কিবা এটা অদ্ভুত মাদকতা আছে এই বৰষুণজাকত..। মন প্ৰাণ ৰোমাঞ্চিত কৰি তুলিব পৰাকৈ আচৰিত আকৰ্ষণ এটা আছে..।

দৌৰি চোতাললৈ ওলাই গ’ল তনয়..। দুই হাত মেলি বৰষুণজাকত তিতিব ধৰিলে..। হিম চেঁচা এছাটি বতাহে চুই গ’ল তাক..। এনে লাগিল..হৃদয়ৰ সমস্ত আকুলতাৰে যেন চপাই ল’ব সি.. বৰষুণৰ মধুৰতাখিনি..।
মনতে ক’লে সি…
“পাখি.. এইয়া চোৱা.. তোমাৰ প্রিয় বৰষুণজাকক মই কেনেকৈ সাৱটি ধৰিছো..! বৰষুণজাক মোৰ হৃদয়ৰ গভীৰলৈ শিপাই গৈছে জানা..। খুব ভাল লাগিছে পাখি..। মই জুৰুলি জুপুৰিকৈ তিতিছো আজি.. তোমাৰ প্ৰেমৰ বৰষুণজাকত তিতাৰ দৰেই..।
তুমিও বাৰু তিতি আছা নেকি.. এই একেজাক বৰষুণতে.. একেখন আকাশৰ তলতে..!! “

মোবাইলটো বাজি উঠাত ভিতৰলৈ সোমাই আহিল তনয়…
পাখিৰ ক’ল…।
:- হেল্ল’ পাখি.. । গুড মৰ্নিং ডিয়েৰ.. ।

:- গুড মৰ্নিং তনয়..। মেছেজ পালো তোমাৰ..। ইমান মতলীয়া হ’ব পৰা কবিতা লিখিলো নে..? আৰু লিখিম তেতিয়াহ’লে..। তুমি যাতে চিৰদিনৰ বাবে মোৰ প্ৰেমৰ জালত বন্দী হৈ পৰা..। কেতিয়াও ওলাই যাব নোৱাৰাকৈ..!
(নিজৰ ৰসিকতাত.. নিজেই হাঁহি উঠিল পাখিয়ে..)
বাৰু কোৱাচোন মই কি কৰি আছো..?

:- ফাৰ্ষ্ট কোৱা তাত বৰষুণ নে..?

:- ইয়েছ তনয়..ইটচ ৰেইনিং হিয়েৰ…। পাগল হৈ গৈছো মই..। কিমান দিনৰ মূৰত যে হেঁপাহৰ বৰষুণ এজাকে চহৰখন তিয়াইছে নহয়..! বৰষুণে সংগীত জুৰিছে জানা আজি.. আৰু মই সংগীতৰ তালে তালে নাচি আছো ..!
শুনা না শব্দবোৰ… টোপ…টোপ ..টোপ..টোপ..
( পাখিয়ে মনৰ উল্লাসতে… বেছিকৈয়েই চিঞঁৰি কথা কেইটা ক’লে…)

:- চেইম হিয়েৰ পাখি.. । ইয়াতো বৰষুণ..। আজি মোৰো তিতিব মন গ’ল..। হেঁপাহ পলুৱাই তিতিলো..।

:- তোমাক খুব মিছ কৰিছো অ’ তনয়..। কেতিয়া অসমলৈ যাম.. কেতিয়া তোমাক দেখিম..তেনেকুৱা লাগি আছে জানা..।

:- মইয়ো অপেক্ষা কৰি আছো পাখি..। তোমাক চকুৰে চাবলৈ..তোমাৰ স্পৰ্শক.. অনুভৱ কৰিবলৈ ব্যাকুল হৈ আছো মই..।

:- বেছি দিন নাই তনয়..। শুনিছো চৰকাৰে বোলে ডিচিচন লৈছে.. আমাক সোনকালেই নিজৰ ঘৰলৈ উভটাই নিয়াৰ..। সোনকালেই গৈ আছো ডিয়েৰ..। টিল ডেন.. মিচ মি..।

:- অ’কে .. এম ৱেইটিং..। মিছ ইউ লাইক এনিথিং…। কাম চুন চুইট হাৰ্ট..।

               ——————-

অসমৰ এটা চুকত প্ৰেমত মতলীয়া হোৱা তনয়ৰ.. সুদূৰ বেংগল’ৰত এম.বি.এ কৰি থকা পাখিৰ লগত হোৱা.. টেলিফ’ণিক বাৰ্তালাপ এইয়া..। ফেচবুকত চিনাকি হৈ প্ৰেমত পৰা পাখি আৰু তনয়ৰ..আজিলৈকে পিছে দেখা সাক্ষাৎ হোৱা নাই..। লাষ্ট চেমিষ্টাৰৰ পৰীক্ষা দি ঘৰলৈ আহিব বুলি ভাবি থকা পাখি.. গোটেই পৃথিৱী জুৰি আতংক সৃষ্টি কৰা.. ক’ভিড-19 বেমাৰ বিধৰ বাবে তাতেই বন্দী হৈ পৰিল..।

সিহঁতৰ প্ৰেম যদিও বেছি দিনৰ নহয়..তথাপিও ম’বাইল দুটাৰ জৰিয়তে.. দূৰে দূৰে থাকিও.. মনৰ গভীৰ কোণত ঘৰ কৰিছে এক অজানা অনুভৱে….সিহঁতৰ ভালপোৱাই ..।
ৰাতিপুৱা শুই উঠাৰ পৰা.. ৰাতি টোপনি যোৱালৈকে.. কিমান যে কথা দুয়োৰে..! ইজনে সিজনক নেদেখাকৈ.. লগ নোপোৱাকৈ কিমান যে সপোন ৰচিছে দুয়ো..!

:- তনয়.. কিবা এটা ভয় লাগিছে মোৰ..। তোমাক লগ নাপাম নেকি কেতিয়াও..। তোমাক নেদেখাকৈয়ে মৰি থাকিম নেকি এদিন..। কি যে ভাইৰাছ এটা ওলাল চোৱাচোন..! কিমানক যে  আক্রান্ত কৰিছে.. কিমানৰ যে মৃত্যু  হৈছে..। খুব অশান্তি লাগিছে তনয়..। আমাৰ ভৱিষ্যতবোৰ কি হ’ব বাৰু..?

:- বি পচিটিভ বেবী..। কিয় ইমান হতাশ হৈছা..? এদিন সকলো ঠিক হৈ যাব চাবা..। কেয়াৰফুলী থাকা..। ৰুমৰ ভিতৰতে থাকা..। মই নিগেটিভ একো ভাবিবই বিচৰা নাই..। মোৰ মনটো.. অনবৰতে তুমিয়েই দখল কৰি আছা পাখি..। মই বেলেগ একোৱেই চিন্তা কৰিব নিবিচাৰো..। এতিয়া অপেক্ষা মাথোঁ তোমাক লগ পোৱাৰ..।
হেয়.. ৰ’বা..ৰ’বা…। তোমাক দেখা পাইছো মই..।
আৰে… লৰচৰ নকৰিবাচোন..। উম.. এইদৰেই ৰৈ থাকা..। তোমাক মই মন ভৰাই চাই লও..।

:- অহ.. ষ্টপ ইট তনয়..। কি বাচ্চামি কৰি আছা..। বি প্ৰেক্টিকেল য়াৰ..। আই এম ৰিয়াল্লি ডিপ্ৰেছড.. । মোৰ ঘৰলৈ খুব মনত পৰিছে.. তোমাক মই তামাম মিছ কৰিছো অ’..।

:- আহিবাতো..। তাতেই থাকিবা নেকি সদায়..? তুমি এনেকুৱা বোৰ কৈ থাকিলে.. মই ইয়াত কেনেকৈ শান্তিৰে থাকো কোৱা..? প্লিজ জান.. বুজা না কথাবোৰ..। আমি ভালে থাকিম চাই থাকা..। আমি এদিন চিঅ’ৰ ল’গ হ’ম..। তেতিয়া সময়বোৰ কেৱল আমাৰ হ’ব..। তুমি মোৰ হ’বা..।
বাদ দিয়া এইবোৰ..। মনৰ পৰা বেয়া চিন্তাবোৰ উলিয়াই দিয়া..।
আচ্ছা.. কিবা খালা নে..?

:- খালো.. মেগী বনালো…। তুমি..?

:- কফি একাপ..। তোমাক চাই চাই খাই আছো..।

:- ক’ত দেখিলা মোক..? মতিভ্ৰম হৈছে তোমাৰ..।

:- কিয়… আকাশত উজ্জ্বলি মোকেই দেখোন চাই আছা  .. জোনবাইজনী হৈ….
            “মেৰা চান্দ মুঝে.. আয়া হে নজৰ..
             হে ৰাত জৰা.. থমথম কে গুজৰ..”
(গুণগুণাই উঠিল সি..।)

:- অহ.. আপুনি মানে.. জোনবাইজনীকে মই ভাবি লৈছে..। হাও ফানি..!!
… উচ চান্দ পে ফিৰ ভি দাগ হ’তে হে..। পৰ ইচ চান্দ পে নেহী ..চাহেব…।

:- আচ্ছা.. ইতনা ঘমণ্ড..!

একেলগে হাঁহি দিলে দুয়ো..।
মিঠা মিঠা অনুভৱ কিছুমান.. হৃদয়ৰ গভীৰলৈ শিপাই গ’ল দুয়োৰে..।
ভালপোৱা জনৰ সান্নিধ্যই.. কেনেকৈ যে সজাই পেলাই জীৱনটোক..। গতানুগতিক দিন বিলাক ও ইমান স্পেচিয়েল হৈ পৰে..। এই অনুভৱৰ মৃত্যু নহওঁক কোনোদিন..। এই অনুভৱ… চিৰ নতুন হৈ ৰওক.. সজীৱ হৈ থাকক..।
ঈশ্বৰক মনতে প্ৰাৰ্থনা কৰিলে পাখিয়ে..

                    —————–

কাইলৈ পাখি অসমলৈ আহিব..।
বেগ পেক কৰাত ব্যস্ত তাই..। তনয়ৰ… ফোনৰ উপৰি ফোন তাইলৈ..। আৰু যেন এক মিনিট সময় ও অপেক্ষা কৰাৰ ধৈয্য নাই তাৰ..। এই যেন উৰি গুচি যাব এইমাত্ৰই…পাখিৰ ওচৰলৈ..। তাইক বুকুৰ মাজতে সোমোৱাই লৈ ঢালি দিব ..ইমান দিনে… গোপনে সাঁচি ৰখা মৰমবোৰ..!

:-  ” দূৰে দূৰে থাকিবা কিমান আৰু..
     জ্বলাই একুৰা জুই হৃদয়ত..
     নুবুজা কিয়.. বুজাব নোৱাৰা কথাবোৰ..
     প্ৰাণৰ ভাষাৰে ক’ব খোজা..!”
আই এম চ’ এক্সাইটেড পাখি…। আজি সময় খিনি খুব লাহে লাহে পাৰ হৈছে নেকি অ’..! কেইটা বাজিল চোৱাচোন…। মোৰ ঘড়ীটো বন্ধ হৈ আছে নেকি বাৰু..?
(জুবিনৰ গানটো গুণগুণাই… পাখিক সি প্ৰশ্ন কৰিলে…।)

:- মোক পেকিং কৰিব দিবা নে তনয়.. ? নে তোমাৰ গান শুনিয়েই থাকো..? বাই ডা ৱয়ে.. নিজকে জুবিন গাৰ্গ বুলি ভাবা নেকি তুমি..? ইমান লহৰ তুলিছা যে.. ! একদম বকৱাচ গাইছা..।

:- কি বুজিবা তুমি..! ইমান দিনে আঁতৰি আছো মোৰ সপোন ৰাণীজনীৰ পৰা ..।
প্ৰেমত পৰাৰ পিছত এইদৰে প্ৰেমিকাৰ পৰা দূৰত থাকে নেকি কোনোবা কোৱাচোন..?
ধেইই.. তুমি যে অলপ ও ৰোমান্টিক হ’ব নাজানা..।
বুকটা ফাইটা গৈছে ৰে…।

:- ফালি থাকা বুকু… প্ৰেমিকাৰ বিৰহ বেদনাত..। চিন্তা নাই..গৈ লৈ..ফেভিকল দি জোৰা লগাই দিম..।
মই যেন দূৰে দূৰে থাকি প্ৰেম কৰা নাই হে..! তেওঁ হে প্ৰেমত পৰিছে..। আৰু ফেনাব নালাগে..। মই কামখিনি কৰি আজৰি হৈ ল’ও ..।
( খং খাই উঠিল তাই..)

:- মই মানে ফেনাইছো হে.. ইমান ইনচাল্ট..? ঠিক আছে ৰাখা ফোন.. ।
(মিছা অভিমান অলপ সানি… কথা কেইটা কৈ.. ফোনটো কাটি দিলে তনয়ে..।)

                     ———–

চাৰিওফালে ক’ৰোনা আতংক..। সামাজিক দূৰত্ব মানি চলাৰ বাধ্য বাধকতা..। লকডাউন..। এই সকলোবোৰৰ মাজত ও পাখি আৰু তনয়.. প্ৰথম বাৰৰ বাবে ইজনে সিজনক লগ পোৱাৰ আশাত বন্দী..। তনয়ে কেইবাদিনও লাগি লাগি.. থানাৰ পৰা পাচ এখন উলিয়াই লৈছে..। পাখি অহাৰ দিনা.. এয়াৰ প’ৰ্টত গৈ তাইক চাৰপ্ৰাইজ দিব..। স্বাৱ টেষ্ট কৰি.. এনেইয়ো তাইক হোটেল কোৱাৰিণ্টাইন কৰিব.. সাত দিনৰ বাবে..। তাইক চুই চাব নোৱাৰিলেও..অন্তত দেখাটো পাব.. ।

উফফ…প্ৰথম দেখা হ’ব সিহঁতৰ..। জীৱনত প্ৰথম বাৰৰ বাবে পাখিক… তনয়ে ওচৰৰ পৰা চাব..! সুখবোৰে দেখোন উপচাই পেলাইছে হিয়াখন..। হৃদস্পন্দনবোৰ হঠাৎ বাঢ়ি আহিল তাৰ..। বুকুৰ প্ৰতিটো ধপ-ধপনিয়ে যেন কৈ গ’ল…
পাখি.. আই ল’ভ ইউ.. ।
মই তোমাক ভালপাওঁ পাখি..। বহুত ভাল পাওঁ..।

ৰাতিপুৱা দহটাত ফ্লাইট পাখিৰ..।
বিচনাতে চকু মেলিয়েই ঘড়ীটো চালে তনয়ে..। আঠ বাজিবৰ হ’ল..। পাখিলৈ ফোন কৰিলে সি..

:- পাখি.. ওলাইছা নে..? কি কৰি আছা..?

:- আই এম অন মাই ৱে’ ডাৰ্লিঙ..। এয়াৰপৰ্ট পাম আৰু..। মোৰ লগত আৰু দুজন আছে..। আমাক এয়াৰপৰ্টলৈ নিবৰ বাবে বিশেষ গাড়ীৰ ব্যৱস্থা কৰা হৈছে..। ঠিকে থাকে পালেগৈ হ’ল আৰু এতিয়া..।

:- ডেটচ গ্ৰেট..। ভালদৰে আহিবা পাখি..। মানুহৰ পৰা  দূৰে দূৰে থাকিবা…। চেনিটাইজাৰ ৰাখিছা নে লগত.. ? মাস্ক নুখুলিবাই..। গুড ডে…। আহা.. মই তোমালৈ ৰৈ আছো…।
খবৰ দি থাকিবা..।

:- তনয়…। মোবাইলতে প্ৰেম কৰি তোমাৰ লগত ইমান দূৰ আগবাঢ়ি আহিলো.. ইমানবোৰ সপোন দেখিলো..। এদিনলৈ ও মনলৈ নাহিল তোমাক যে মই লগ পোৱা নাই..। এতিয়া তোমাক লগ পোৱাৰ সময়বোৰ ওচৰ চাপি অহাৰ লগে লগে.. মোক দেখোন লাজ লাজ ভাব এটাই আগুৰি ধৰিছে..। কেনেকুৱা হ’ব চাগে তোমাক প্ৰথম লগ পোৱাৰ মুহূৰ্ত্বটো.. ? মই শিহৰিত হৈ পৰিছো তনয়..!

:- আই হায়… আমাৰ লাজুকী লতা জনীয়ে লাজ কৰিছে পাই .. ! ইস ৰাম..গাল দুখন ও দেখোন টিকটিকিয়াকৈ ৰঙা পৰি গৈছে..।
ঐ ছোৱালী.. ইমান লাজ নকৰিবি..। কৈ দিছো..। টপচকৈ চুমা এটা দি দিম গুলপীয়া গাল খনত..।
( ফোনতে চুমা এটা দি তনয়ে লাহে লাহে ক’ব ধৰিলে..)
আমি প্ৰথম লগ পোৱাৰ ক্ষণটো.. দুয়োৰে জীৱনৰ স্মৰণীয় মুহূৰ্ত্ব হৈ ৰ’ব পাখি..। আমি দুয়ো দুয়োৰে মাজত হেৰাই যাম.. আৰু আমাৰ অনুভৱবোৰে কথা পাতিব.. অনৰ্গল..।
সেই সময়খিনিক আহিব দিয়া..। তুমি লাজ কৰিবও পাহৰি যাবা.. । চাই থাকা..।

:- উমম.. সেই মধুৰতাখিনি প্ৰাণভৰি অনুভৱ কৰিবলৈ অপেক্ষাৰত তোমাৰ পাহি..।
ৰাখো..। খবৰ দি থাকিম মই.. । অলপ ৰেষ্ট লওঁ..। অহাৰ উথপ-থপত শুৱাই নহ’ল..। মূৰটো বিষাই আছে ৰাতিপূৱাৰে পৰা..। খুব টায়াৰ্ড ফিল কৰিছো..।

:- অ’কে জান..। হেপ্পী জাৰ্নি..।

তিনি ঘণ্টাৰ পিছত..।
তনয়.. সাজু হৈছে এয়াৰপ’ৰ্টলৈ যাবলৈ..। পাখিৰ প্রিয়.. ব্লেক চাৰ্ট এটা পিন্ধি.. আইনাখনত নিজকে চাইছে সি..। জেল লগাই.. ওপৰলৈ উঠাই লোৱা চুলি কেইডাল.. পাতলকৈ ৰখা ডাঢ়িৰে…বেয়া দেখা নাই দেখোন…। পাখিয়ে চাগে ক’ব নে.. ইউ লুক কুল.. তনয়..।
সময়তো চাই বাইক খন ষ্টাৰ্ট দিব ধৰোঁতেই পাখিৰ ফোন আহিল..। ফোনৰ সিমূৰে পাখিয়ে… উচুপি উচুপি কান্দিব ধৰিলে..।

:- কি হ’ল পাখি..? তুমি কিয় কান্দিছা.. ? কিবা অসুবিধা হৈছে নেকি..? ক’ত আছা..?
উত্তেজিত হৈ পৰিল তনয়..।

:- আই কাণ্ট গ’ তনয়..। আই কাণ্ট গ’..। আই এম টেষ্টেড ক’ভিড পচিটিভ..।

:- কি প্ৰলাপ বকিছা পাখি..? হাও কেন ইট বি পজিবল..? তুমি ধেমালি কৰিছা ন..? কোৱা পাখি .. এইয়া মিছা..। পাগল নেকি..এনেকুৱা ধেমালি কৰে নেকি কোনোবাই..? 

:- আই এম ন’ট জকিং তনয়..। মই সঁচা কৈছো..। তোমাক কৈছিলো.. মোৰ গাটো ভাল ল’গা নাছিল..। এয়াৰপ’ৰ্টত ৰেপিড টেষ্টত মোৰ ৰিজাল্ট পজিটিভ আহিছে.. । নাজানো কি হ’ল.. কেনেকৈ হ’ল..। ঘৰতে আছিলো দেখোন..। সেইদিনা বৰষুণত তিতি মূৰৰ বিষ হোৱাত কাষৰ ফাৰ্মাচী খনৰ পৰা.. টেবলেট দুটা আনিবলৈ হে ওলাই গৈছিলো..।
মই কি কৰো তনয়..। মা.. দেউতা.. তোমাক… কাকো নেদেখিম নেকি কেতিয়াও..? মই পাগল হৈ যাম তনয়..।
হুকহুকাই কান্দি দিলে পাখিয়ে..।

:- ধৈয্য ধৰা পাখি..। এনেকুৱা সময়ত বিচলিত হৈ নপৰিবা..।তোমাৰ একো নহয়.. । মোৰ বিশ্বাস আছে..। বৰ্তমান তুমি ক’ত আছা..? তোমাক প্ৰব্লেম দিছে নেকি কোনোবাই..?

:- বহি আছো মোক লৈ অহা গাড়ীখনতে..। অলপ পিছতে বোলে ট্ৰিটমেণ্টৰ বাবে লৈ যাব..। মই বৰ অকলশৰীয়া অনুভৱ কৰিছো তনয়..। মই যদি মৰি থাকো..!!

:- কি পাগল কথা কৈছা..। তুমি ইমান সুস্থ হৈ আছা..। তোমাৰ একোৱেই নহয়..। সোনকালে ভাল হৈ যাবা..। একো টেনশ্যন
নল’বা পাখি । ভগৱান আছে আমাৰ লগত..।

ভাগি পৰিল তনয় পাখিৰ কথাবোৰ শুনি..। কি কৰে এতিয়া..? কেনেকৈ পাখিৰ ওচৰলৈ যায়…। কেনেকৈ তাইক বুকুতে সোমোৱাই লৈ সাহস দিয়ে..
” তুমি অকলশৰীয়া নহয় পাখি…। এইয়া চোৱা.. মই তোমাৰ কাষতে আছো..। “

পাখিক উন্নত চিকিৎসালয় এখনত এডমিট কৰা হ’ল..।  ইফালে তনয়ে.. বেংগল’ৰ যোৱাৰ বাবে প্ৰস্তুতি চলালে..। অসমৰ পৰা বাহিৰলৈ যোৱাৰ পাৰ্মিচন নাই যদিও.. কেনেবাকৈ উপায় এটা উলিয়াবলৈ উঠি পৰি লাগিল সি..।
আনফালে বহিৰাজ্যৰ পৰা অহা মানুহখিনিৰ বাবে অসমত ও ক’ৰোনাই.. বিভীষিকাৰ সৃষ্টি কৰিলে..। লকডাউন.. সান্ধ্য আইন.. সামজিক দূৰত্বৰ বাবে.. গৃহবন্দী হৈ পৰিল সকলো..।
সময়বোৰ যেন হাতৰ পৰা হেৰাই গ’ল তনয়ৰ..।
প্ৰতিদিনে.. ভইচ ক’ল.. ভিডিও ক’ল.. মেছেজৰ যোগেদি.. দিনটোৰ বেছিখিনি সময় .. পাখিৰ লগতে থাকিব ল’লে সি..।

দুদিনমানৰ পৰা পাখি বেছিকৈ দুৰ্বল হৈ পৰিছে..। অক্সিজেন লেভেল বহুখিনি কমি যোৱাত .. আই. চি. ইউত ভৰ্তি কৰা হৈছে তাইক..। উশাহ ল’বলৈ ও বৰ কষ্ট হৈছে ..।

তনয় চিন্তাত পৰিল..। পাখিয়ে ফোন ৰিচিভ নকৰাত.. পাগলৰ দৰে হৈ পৰিল সি..। বাৰে বাৰে সি পাখিৰ নাম্বাৰ.. ডায়েল কৰি থাকিল.. মেছেজ কৰিলে..। পাখিৰ কোনো ৰিপ্লাই নাহিল..।

আৰু এদিন হঠাৎ.. তাৰ কল.. পাখিক ট্ৰিটমেণ্ট কৰি থকা নাৰ্ছ এগৰাকীয়ে ৰিচিভ কৰিলে..। তেখেতৰ পৰাই জানিলে তনয়ে.. পাখি খুব সংকটজনক অৱস্থাত আছে..।  তাইৰ অক্সিজেন লেভেল একেবাৰেই কমি গৈছে..। হয়তো তাই সুস্থ হৈ নুঠিবও পাৰে..।
নাৰ্ছ গৰাকীক ৰিকুৱেষ্ট কৰিলে সি.. পাখিৰ ফটো এখন তুলি.. তাৰ নাম্বাৰত  পঠিয়াই দিবলৈ..।

ফটোখন চাই..অস্থিৰ হৈ পৰিল তনয়..। আই.চি.ইউৰ বেডখনৰ চাৰিওফালে অত্যাধুনিক মেচিন কিছুমান.. মুখত অক্সিজেন পাইপ ডাল লগাই.. নিস্তেজ হৈ পৰি আছে তাৰ..পাখি..। এই দুদিনতে.. ইমান নিশকতিয়া হৈ পৰিছে তাই..। আপোন মানুহখিনিৰ সান্নিধ্য বিচাৰি.. কিমান চাগে ব্যাকুল হৈ পৰিছে..।
নোৱাৰিলে সি .. তাৰ মৰমৰ পাখিজনীৰ সেই মৃতপ্ৰায় ৰূপটো কেনেকৈ চাই সি..?  কিমান আশা আছিল তাইৰ.. ঘৰখনলৈ অহাৰ..! কিমান হেঁপাহ আছিল তাক লগ পোৱাৰ..!
ভগৱান ইমান নিষ্ঠুৰ নে..?
কিমান ৰোগী সুস্থ হৈ উঠিছে..কিমানে আকৌ নৰ্মেল লাইফ এটাত পুনৰ অভ্যস্ত হৈ পৰিছে..!
পাখি ও সেইদৰে ভাল হৈ নুঠিবনে চাগে..!!

একো নভবাকৈ বাইক লৈ ওলাই আহিল তনয়..। ফ্লাইট আৰু ট্ৰেইন চলাচলত বাধা আছে বাবেই.. নিজৰ বাইকৰে..পাখিৰ ওচৰলৈ যাবলৈ ঠিক কৰিলে সি..।
বাহিৰত তেতিয়া ভীষণ বৰষুণ..।
সেই বৰষুণজাকত কিন্তু ভালপোৱাৰ মাদকতা নাছিল.. । নাছিল কোনো প্ৰেমৰ অনুভৱ..। সেই বৰষুণজাকে আজি.. তনয়ৰ সমগ্ৰ হৃদয় তিয়াই পেলাইছে.. গোপন বেদনা কিছুমান হৈ..।
পাখিক হেৰুৱাৰ ভয়ে..বৰষুণৰ সিক্ত.. শীতল টোপালবোৰৰ দৰেই.. কঁপাই তুলিছে তাৰ অন্তৰাত্মা..।
গোট মাৰি ডাৱৰ হোৱা  দুখবোৰ… তাৰ দুচকুৰে ধাৰাসাৰে বৰষিব ধৰিছে..।

তীব্ৰ বেগেৰে.. বৰষুণজাক ভেদি গৈ থাকিল তনয়…। তাইৰ উশাহটো বন্ধ হোৱাৰ আগতেই.. সি পাবগৈ লাগিব..। হৃদয়ত..  সাঁচি ৰখা মৰমবোৰ তাইক যাঁচিব লাগিব..। সপোনবোৰ ইমান সহজে ভাঙিবলৈ দিব নোৱাৰি..। দুচকুত ঘৰ সাজিছিল হে সপোনবোৰে..। আশাবোৰে কলি মেলিছিল হে..! এইদৰে সপোন ভাঙে নে..?

বাইকৰ স্পীড বঢ়াই দিলে সি ..। আন্ধাৰবোৰে যেন চাৰিওফালৰ পৰা ঘেৰি ধৰিলে তাক..। হেড লাইটৰ পোহৰত.. কোনোবা ৰমনীৰ দীঘল বাণী ডালৰ দৰেই পৰি ৰোৱা.. সৰ্পিল পথটোৰে আগুৱাই গৈ থাকিল তাৰ বাইক..।
আৰু হঠাৎ… তীব্ৰ বেগত গৈ থকা তাৰ বাইক খন… হয়তো বৰষুণৰ বাবেই শ্লিপ হৈ…ৰাস্তাৰ কাষৰ দ’ খাৱৈ এটাত লুটি খাই পৰিল…। সহায়ৰ হাত এখন আগবঢ়াবলৈ ও ..সেই জনশূন্য বাটছোৱাত কোনো নাছিল..। গধুৰ বাইক খনে তনয়ৰ বুকুখনতে হেঁচি ধৰিলে..। উশাহটো ল’বলৈ তাৰ বৰ কষ্ট হ’ল..। সি চটফটাবলৈ ধৰিলে..। বাৰে বাৰে পাখিৰ মুখখন মনলৈ আহিল তাৰ… । তাইও চাগে এইদৰেই উশাহ ল’ব নোৱাৰি চাটিফুটি কৰি আছে..।
বৰষুণৰ পানীৰে উপচি পৰা খালটোত বহুসময় ধৰি অচেতন হৈ পৰি থাকি অৱশেষত.. সকলোৰে অজ্ঞাতে.. নিথৰ হৈ পৰিল
তনয়ৰ শৰীৰটো..।
বৰষুণজাক তেতিয়া ও এৰা নাছিল..। তনয়ৰ নিথৰ দেহাটোক স্পৰ্শ কৰি থাকিল বৰষুণৰ টোপালবোৰে..
টোপ.. টোপ.. টোপ..।

মাথোঁ সেই বৰষুণজাকৰ ভাল লগা খিনি অনুভৱ কৰিব পৰাকৈ চেতনা নাছিল তাৰ..। তাৰ বন্ধ হৈ পৰা উশাহবোৰৰ লগতে তাৰ..অনুভূতিবোৰৰ ও মৃত্যু ঘটিছিল..।
পাখিক এবাৰ ওচৰৰ পৰা চোৱা.. এবাৰ তাইৰ স্পৰ্শত হেৰাই যাব বিচৰা … তনয়ৰ সপোনবোৰ… সপোন হৈয়েই থাকি গ’ল..।

ৰেইন ক’টৰ পকেটত .. তনয়ৰ মবাইলটোত…বিপ শব্দৰে মেছেজ ট’নতো বাজি উঠিল..। পাখিৰ চিকিৎসা কৰি থকা নাৰ্ছ গৰাকীৰ মেচেজ..

:- ৱিথ আ ব্ৰকেন হাৰ্ট আই হেভ টু ইনফর্ম ডেট মিছ পাখি ইজ ন’ ম’ৰ.. উই লষ্ট হাৰ..। চ’ৰি..

” তুমি অহাৰ বাটত..  গোলাপৰ দলিচা পাৰি থৈছো পাখি..। তোমাক লগ পোৱাৰ তীব্ৰ হাবিয়াসত.. উন্মাদপ্ৰায় মনটোক.. আতি আতি বান্ধি ৰাখিছো জানা..।
তুমি আহিবা..। আস… কি যে মিঠা অনুভৱ এটিয়ে চুই গৈছে মোক…! তোমাৰ অপেক্ষাৰ সুগন্ধিময়তাই আচ্ছন্ন কৰি ৰাখিছে মোৰ.. সমগ্ৰ সত্তা..।
তৰাফুলিয়া আকাশ খনে ও তোমাক আদৰি ল’বলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে..জানা.. । এইয়া চোৱা… জোনবাই জনীয়ে কেনেকৈ হাত বাউলি মাতিছে তোমাক..।
চোৱা এইয়া..কিদৰে সজাই পেলাইছো জোনবাইৰ দেশত.. তোমাৰ মোৰ সপোনৰ ঘৰ এখন..। 
তোমাক লগ পালে.. স্তব্ধ হৈ পৰিব সময়.. স্তব্ধ হৈ পৰিব তোমাৰ মোৰ উশাহ..। একাত্ম হৈ পৰিম আমি.. প্ৰেমৰ পবিত্ৰতাৰে..।
তোমাৰ মোৰ মিলনৰ সাক্ষী হৈ ৰ’ব.. জোন.. বেলি…তৰা আৰু এই বিশাল আকাশ..।
তুমি মোৰ হ’বা.. মই তোমাৰ..।
সময়বোৰ আমাৰ হ’ব.. চিৰদিনলৈ..
অনন্ত কাললৈ… ।”

সপোনৰ ঠিকনা বিচাৰি..




ক্ৰিঙ ক্ৰিঙ..
:- হেল্ল’… কোনে কৈছে..?
পকেটত ভাইব্ৰেচ’নৰে বাজি উঠা.. ম’বাইল ফোনটোৰ স্ক্ৰীনত.. অচিনাকি নাম্বাৰটো দেখি.. বিকাশ দুৱৰাই.. উৎসুকতাৰে ফোনটো ৰিচিভ কৰিলে..।

:- অলপ আগতে খবৰ এটা পালো.. আপুনি বোলে… AB+ ব্লাড বিচাৰিছে..।

:- হয় হয়..। its urgent..। আপুনি কিবা খবৰ পাইছে নেকি..?

:- ময়েই দিম ব্লাড..। কিন্তু মই ড’নেট নকৰো বিনিময়ত মোক মূল্য লাগিব..।

:- sure.. sure..। কিমান লাগিব কওক..। মই মোৰ ল’ৰাৰ বাবে যি বিচাৰে.. তাকে দিবলৈ সাজু.. ।

:- বেছি নহয়.. আপোনাৰ বাবে তেনেই নগণ্য..। মোক টকা এহেজাৰ দিলেই হ’ব ।

:- ঠিক আছে.. বহুত ধন্যবাদ..।
আপোনাৰ পৰিচয়..?

:- পৰিচয় কিয় লাগিছে..? মইয়ো আপোনাৰ দৰেই এজন মানুহ..। পাৰ্থক্য এটাই.. আজি আপুনি টকাৰে ধনী.. মই জেপত এটকা ও নথকা দুখীয়া..। কিন্তু.. শিক্ষিত..।

আচ্ছা…গৈ আছো..। মোক মোৰ প্ৰাপ্য ধন দিব.. মই আপোনাৰ ল’ৰাক ..জীয়াই থাকিবৰ বাবে প্ৰয়োজন হোৱা তেজক’ণ দিম..।

ফোনটো কাটি দিলে সি… । তাৰ লগত থকা বিপ্লৱে সুধিলে তাক…

:- আৰে ভাই.. আজি তই আচৰিত কাম এটা কৰিব ওলাইছ’ যে..! ৰক্তদান.. মহান দান…। তই কাৰোবাক জীয়াই তুলিবলৈ.. তেজ দিবি.. তাকো টকা লৈ..। এনেই দেখোন ব্লাড বেংকত মাজে মাজে গৈ তেজ দিয়েই থাক’..। আজি তোৰ নতুন ৰূপ যে…! কি কথা..?

:- আজি মোক টকা লাগে..চিম্পল…। বচ’ক ধাৰ মাৰিব আছে.. । কালি সাত শ’ এটা লৈছিলো যে..!
আৰু শুন… এই যে মহান দানৰ কামটো নকৰি.. নগদ ধন বিচাৰিছো… তাত ইমান আচৰিত হ’ব লগা একো নাই বুজিছ’..! নাৰ্ছিং হ’মৰ.. এ.চি ৰুমত.. মুৰ ফালি পৰি থকা ল’ৰাটোৰ এই দশা … তাৰ বাপেকৰ বাবেই হৈছে..। পকেট গৰম কৰি… পুতেকক টকা দিব.. আৰু ল’ৰা মাল খাই চেটেপ…।
বাপেকে দুই হাতে… ক’লা ধন আৰ্জি.. চ’ কলড হাই ফাই ষ্টেটাচ মেনটেইন কৰিব গৈয়েই .. পুতেকৰ জীৱন ধ্বংস কৰিছে..। মই সেই ধনৰ পৰা টকা এহেজাৰ বিচৰাত কি ভুল হ’ল অ’..!
এইবোৰ হ’ল..জীৱন যুদ্ধৰ সমীকৰণ..। তই হ’লি সাহিত্যৰ মানুহ.. কল্পনা জগতত বিচৰণ কৰি ফুৰা কবি..। এই অংকৰ খেলখন তোৰ মূৰত নোসোমাব..।
ব’ল… বিকাশ দুৱৰাৰ পুতেকক তেজ দিওঁগৈ..। বাইক ষ্টাৰ্ট দে…।

বিপ্লৱে… তাৰ অৰ্ডাৰ ফল’ কৰি বাইক ষ্টাৰ্ট দিলে.. নাৰ্ছিং হ’মলৈ বুলি..। বিপ্লৱৰ বাইকৰ পিছত.. জুবিনৰ গান এটা গুণগুণাই… বহি ল’লে আদিত্য… ।
“এন্ধাৰ হ’ব নোৱাৰো..
মুচি দিব নোখুজো..
পাখী মেলা অতীতক..
কি দৰে পাহৰো..! “

——————-

এইয়া আদিত্যৰ কাহিনী..। আদিত্যৰাজ পৰাশৰ.. ।
পেচা … নিবনুৱা । বয়স… ৩০ । শিক্ষাগত অৰ্হতা.. এম.এ ইন ইক’নমিক্স…. । ভদ্ৰ… কিন্তু দেখাত উগ্ৰ.. । এমুখ দাড়ি আৰু ৰঙা… উজ্জ্বল.. দুটি চকুৰে.. প্ৰথম দেখাত.. কাৰো ভাল ইমপ্ৰেছন আহিব নোৱাৰা বাহ্যিক অৱয়ব… আদিত্যৰ..।
মাক দেউতাক.. আৰু ভনীয়েকৰ সৈতে ক’ব গ’লে তাৰ এটা সুন্দৰ.. সুখৰ পৰিয়াল..।
পিচে.. নহয়..। আদিত্য… দেউতাকৰ মৰমৰ পৰা বঞ্চিত..। প্ৰতিদিনে দেউতাকৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈ.. জীৱনৰ প্ৰতি আশা ভংগ হৈ পৰা এজন চফল ডেকা সি..। কাৰণ ইমান খিনি পঢ়ি শুনি ও.. দেউতাকৰ উপাৰ্জনৰ ওপৰত খাই থকা.. সি এজন বেকাৰ..।

—————

বিকাশ দুৱৰাৰ পৰা টকা এহেজাৰ লৈ .. উভটি আহিল আদিত্য..। বিপ্লৱে তাৰ বাইক .. সৰু হোটেল এখনৰ সন্মুখত ৰখাই দিলে…।

:- দ’স্ত.. ব’ল.. ৰসগোল্লা দুটা আৰু চাহ একাপ খাই দে..। তেজ দি মিঠা খাব লাগে …। মই খোৱাম ব’ল .. ।

:- নাই নাই.. মই চাহ নাখাওঁ.. । ঘৰত ব’ল ।
( বিক্ৰমে আপত্তি জনালে…।

:- কিয়.. ? মই খোৱাম কাৰণে নাখাৱ..?

:- কিমান আৰু বিনা পইচাৰে খাম ক’..। এক পইচাৰ মানুহ নহয় বে মই..। লোকৰ ওপৰত বহি কিমান খাম..? এদিন তইয়ো চাল্লা আমনি পাই যাবি এই আদিত্যক..।
নালাগে চাহ ৰসগোল্লা খোৱাব…। তই খালি মোক অকলশৰীয়া কৰি নেৰিবি দ’স্ত..। জীৱনৰ দুখবোৰ…তই লগত আছ বাবেই.. পাহৰি থাকিব যত্ন কৰোঁ মই.. । তই এৰি গ’লে… গোটেইখন তিতা কেৰেলাৰ দৰে তিতা লাগিব অ’.. ।
আবেগে থোকা-থোকি কৰি পেলালে তাৰ শব্দবোৰ..।

:- ইমান ভাঙি নপৰিবি আদি..। তোৰ চাকৰি হে নাই.. পকেটত টকা হে নাই.. কিন্তু তোৰ দৰে বহল মনৰ ল’ৰা কেইটা আছে ক’..? তোৰ সব ভাল হ’ব চাই থাক.. । জীৱনে আজি থক্কৰ দিছে বুলিয়েই.. তই হাৰি যাবি নে..?

:- ধেইইই…. বহল মন…? কিহৰ কাম ডাল বহল মন এটা লৈ ? অন্তৰখন বহল বুলিয়েই আত্ম বিশ্বাস আছিল এই আদিত্যৰ… । ভাবিছিলো বহল অন্তৰখনে সামৰি ল’ব পাৰিব … প্ৰেম-ভালপোৱাবোৰক..। পাৰিব কাৰোবাক অন্তৰখনতে জেগা দি আপোন কৰি ৰাখিব… ।
সব মিছা বে… । এই বহল মন ডাল কুচ কাম কি নেহী.. । চবেই চাল্লা লাঠ মাৰি আঁতৰি যায় …।
কি জান’ ভাই… এই যে দুনীয়াখন.. টকাৰ ওপৰত চলে.. টকা..। তোৰ যদি পকেট গৰম হৈ থকাকৈ টকা আছে… তই প্ৰেম ও কিনিব পৰিবি…। আৰু নাই যদি.. ষ্ট্ৰীট ডগৰ দৰে খেদা খাই ফুৰ..। ৰিয়েলিটি সেইটোয়েই..।
ঘৰৰ তেজ মঙহৰ মানুহৰ পৰাই… কেৱল অৱজ্ঞাই পাই আহিছো..। পৰৰ এজনে কি বুজিব’..?
চাকৰি এটা.. বা টকা ঘটা ৰাস্তা এটা যেন কোনোবাই মোক হাততে হে দি থৈছে..। ইমান সহজ হোৱা হ’লে ডিগ্ৰীধাৰি হৈ বহি থাকো নেকি ক’…?
লাইফটো টেঙাই গৈছে ৰে … ?

মুখেৰে একো নামাতিলে বিপ্লৱে..। তাক পিঠিতে হাত খন ফুৰাই.. ডিঙিতে সাৱটি.. হোটেল খনৰ ভিতৰলৈ লৈ গ’ল সি…।

————–

সুখ্যাতিৰে এম.এ পাছ কৰি ও আজি আদিত্যই উপার্জনৰ পথ এটা উলিয়াই ল’ব পৰা নাই..। পুৱা উঠিয়েই…প্ৰতিদিনেই.. পেপাৰৰ নিয়োগ বাৰ্তাবোৰেদি হে তাৰ দিনটো আৰাম্ভ হয়..। আজিৰ তাৰিখলৈকে.. ক’ত.. কিমান ইণ্টাৰভিউ দিছে ঠিক নাই..। পিছে…লিখিত পৰীক্ষাত উত্তীৰ্ন হয় যদিও.. ভাইভাত চিলেক্ট নহয় সি..।
ক’তো একো নিমিলাত..মাজতে অলপ দিনৰ বাবে… প্ৰাইভেট স্কুল এখনত ও সোমাই চাইছিল ..। কিন্তু আদিত্যই…
শিক্ষাবৃত্তিৰ লগত নিজকে খাপ খাব নোৱাৰিলে..।
গতিকে সি এতিয়া কৰ্মসংস্থাপন নথকা এজন বেকাৰ .. ।

সি বুজি উঠিছে ..কেৱল উচ্চ শিক্ষাৰ চাৰ্টিফিকেট খনেই.. জীৱনত প্ৰতিষ্ঠিত হ’বৰ বাবে … কাৰোবাৰ যোগ্যতাৰ মাপকাঠি নিৰ্ণয় নকৰে…। নিজকে সু-সংস্থাপিত কৰিবৰ বাবে.. ভাগ্যই ও ল’গ দিব লাগিব..।

luck is.. what you have left over.. after you give 100 percent..

কপালত নাই বাবেই.. পোৱাবোৰতকৈ নোপোৱাৰ তালিকাখন
দীঘল তাৰ জীৱনত.. । তথাপিও আশাবাদী …। এদিন তাৰ জীৱনত ও ভাল কিবা এটা হ’ব..। এদিন সি ও সুখী হ’ব.. ।
নৈ-পৰীয়া আশা অলপ বুকুতে বান্ধি এইদৰে..দিনবোৰ পাৰ কৰি গৈ আছে আদিত্যই..। জীয়াই থকাৰ যুজঁ খন… কেতিয়াবা ইমান… কঠিন হৈ ও পৰে বুলি… অনুমানেই কৰিব পৰা নাছিল সি….।
আজি..সি নিজৰ তেজ বেচি ও টকা ঘটিব লগা দিন এটা আহি পৰিল..।

ঘৰলৈ গৈ দেউতাকক টকা সাত শ ঘূৰাই দিলে আদিত্যই.. । দেউতাকে টকা কেইটা… তাক দিওঁতেই.. সময়ত ঘুৰাই দিবলৈ কৈ থৈছিল..। মুখেৰে একো নামাতি.. টকা কেইটা পকেটত ভৰাই থ’লে তেখেতে…।
পুতেকৰ চিন্তাক্লিষ্ট মুখ খন দেখিলে… মাকজনীৰ হে বুকুখনত.. ক’ৰপৰা জানো… বিষ এটা উজাই আহে..। নিজৰে সন্তান..। পঢ়া শুনা কৰি বহি থাকিব লগা হৈছে বুলিয়েই.. দেউতাক ইমান কঠোৰ হ’ব লাগে নে তাৰ লগত..?
তাকটো চলিবলৈ পকেট মানি নিদিয়াই হ’ল… সি যে দেউতাকৰ পৰা লৈ… এই সাত শ টকা ঘূৰাই দিছে…ক’ত নো পালে টকা কেইটা.. সুধিব নালাগিছিল নে তেখেতে..?
বেচেৰাই চাগৈ কিমান কষ্ট কৰিব লগা হৈছে টকা কেইটা গোটাবলৈকে …!
মাকে সুধোতেও নক’লে আদিত্যই… তেজ বেচি অহাৰ কথা..। জানে…সঁচা কথাবোৰ জানিলে.. অন্তৰত বৰ দুখ পাব তেওঁ..।

দেউতাকৰ লগত সৰুৰে পৰাই আদিত্যই অলপ দূৰত্ব মানিয়েই.. চলি আহিছে..। জোখতকৈ বেছি গহীন আৰু অত্যাধিক নিয়মানুৱৰ্তিতাই.. দেউতাকৰ ওচৰ চপাৰ… সুযোগেই নিদিলে তাক..। মাকজনীও.. ওৰেটো জীৱন দেউতাকৰ ওচৰত সহজ হোৱা নেদেখিলে সি..।

এই যে চাকৰি এটা যোগাৰ কৰিব নোৱাৰি আজি আদিত্য বহি থাকিব লগা হৈছে.. দেউতাকে ভাবে.. সংগ দোষত পৰি.. চাৰিআলিৰ চুকত ৰৈ… আড্ডা দি.. সি ভৱিষ্যতটোৰ বিষয়ে একো চিন্তাই কৰা নাই..। ল’ৰাটোক পঢ়াই শুনাই শিক্ষিত কৰাতেই যেন তেওঁৰ সকলো দায়িত্ব শেষ..। মানে..আদিত্যৰ ভৱিষ্যত গঢ়াৰ সম্পূৰ্ণ দায়িত্ব.. এতিয়া দেউতাকে তাকেই সঁপি দিছে..।
কিন্তু.. কথাবোৰ ইমান সহজ হোৱা হ’লে… দেশত এইদৰে নিবনুৱা সমস্যাই মুৰ দাঙি উঠে নে..? হতাশাত ভুগি..বহুতে আত্মহত্যাৰ দৰে পদক্ষেপৰে .. নিজৰ জীৱনটোও শেষ কৰি দিবলৈ বাধ্য হৈ পৰিব লগা হয় নে..??

——————

মাকে যতনাই দিয়া ভাত কেইটাৰ.. দুগঢ়া মান খাই ঘৰৰ পৰা ওলাই আহিল আদিত্য..। এনেইয়ো কেইদিনমানৰ পৰা পাহৰিব যত্ন কৰিও.. পাহৰিব নোৱাৰা স্মৃতি কিছুমানে মনটো অশান্ত কৰি তুলিছে তাৰ..।
বিপ্লৱৰ লগত .. চহৰৰ পৰা অলপ দূৰলৈ গৈ..নৈৰ ঘাটত বহিলগৈ দুয়ো..। হুলস্থুলবোৰ একেবাৰেই ভাল নলগা হৈছে দেখোন..। আজিকালি নীৰৱে নিজানে কটোৱা.. একান্ত সময়বোৰেই আপোন তাৰ..।

এবছৰৰ আগতে এই দিনটোতে..প্ৰেয়সী পৰীস্মিতাই তাক এৰি.. এজন ডাক্তৰৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল..। সাত বছৰীয়া সম্বন্ধ এটাৰ যতি পেলাই… গুচি গৈছিল তাই বেলেগ এজনৰ পত্নী হৈ..। আদিত্যৰ লগত …ঘৰ এখন কৰাৰ মিঠা সপোন কিছুমান ৰচি.. শেষত.. সমাজত প্ৰতিষ্ঠিত.. টকাৰে ধনী.. ডাক্তৰ এজনক স্বামী বৰন কৰিলে তাই…।

আদিত্যই মাথোঁ চাই ৰ’ল.. । পৰীস্মিতাক বাধা দিবলৈ ও সেই সময়ত সামৰ্থ নাছিল তাৰ.. । সি যে বেকাৰ..।
অকল প্ৰেমৰেই জানো পেট ভৰাব পাৰিব তাৰ প্ৰেমিকাৰ..? অকল মৰমেৰেই জানো পাৰিব তাইৰ প্ৰয়োজনবোৰ পুৰা কৰিব.. ?কেৱল প্ৰেম ভালপোৱাৰেই জানো চলে একোখন সংসাৰ..?
অগত্যা.. ভগ্ন হিয়াখন লৈ আঁতৰি আহিল সি পৰীস্মিতাৰ জীৱনৰ পৰা..। বালিঘৰ খহা দি… জড় জড় কৈ সৰি পৰিল তাৰ দুচকুৰ সপোনবোৰ..।
ভাবিছিল সি.. নিচাৰ সহায় লৈ পাহৰি থাকিব দুখবোৰ..। বেপেৰুৱা হৈ নিজকে ধ্বংস কৰি দিব.. । প্ৰেমৰ প্ৰতাৰণাৰে জৰ্জৰিত হৈ.. প্ৰতিশোধ ল’ব..। তাক এৰি যোৱা পৰীস্মিতাৰ জীৱনটোক দুৰ্বিসহ কৰি তুলিব..।

কিন্তু নোৱাৰিলে আদিত্যই..। তাৰ হৃদয়ে…. ইয়াৰে..একো এটা কৰিবলৈ অনুমতি নিদিলে তাক..। তাৰ বহল অন্তৰখনত দুখবোৰ সি…তৰপে তৰপে জাপি গ’ল মাথোঁ…। নিচাৰ আশ্ৰয় লৈ দুদিন পাহৰি থাকিব পৰীস্মিতাক..,কিন্তু তাইক পাহৰিবলৈকে নিচাক অভ্যাসত পৰিণত কৰাৰ.. ভয় এটাই বাধা দিলে আদিত্যক .. সেইবোৰৰ কাষ চাপিবলৈ..।

দুখ আৰু অভিযোগবোৰ.. বিপ্লৱৰ আগত প্ৰকাশ কৰি থাকোতে.. বহুতেই পলম হ’ল সিহঁতৰ..।
নিশাৰ অকাশখনত… কলীয়া ডাৱৰ কিছুমানে..ঢাকি পেলাইছিল….জোনবাইজনীক..। ক’ৰবাত এটা দুটা তৰাই.. ধিমিক-ধামাককৈ জ্বলি.. পোহৰাব যত্ন কৰিছিল আন্ধাৰত ডুব যোৱা চহৰখনক..।
বিপ্লৱক বাইকৰ পিছত বহাই… ঘৰমুখী হ’ল আদিত্য..আৰু মনৰ দুখবোৰ পাতলাবলৈকে চিঞঁৰি চিঞঁৰি গাই গ’ল..

“Why do you break my heart,
why did we fall in love…
Why do you go away, away, away, away….”

ক্ৰাচ…চ..চ….চ…

হঠাৎ ..চহৰৰ ভিতৰলৈ সোমাই অহা.. আদিত্যৰ বাইক খনে.. ৰাস্তাৰ ডিভাইডাৰত খুন্দা খাই.. বিকট শব্দ এটা কৰি অলপ দূৰলৈকে…. চুচৰি গ’ল…। কি হ’ল টলকিবই নোৱাৰিলে সিহঁতে….। বিপ্লৱ..তৎক্ষণাত বাইকৰ পৰা জঁপিয়াই নামি দিলে..। কিন্তু আদিত্যৰ সোঁ হাত আৰু ভৰিত অলপ বেছিকৈয়েই জখম হ’ল..। পিন্ধি থকা জিন্সটো ফালি.. তাৰ আঁঠুৰ পৰা তেজ বৈ আহিল..। জোৰ কৰি ও উঠিব নোৱাৰি.. ঠাইতে বহি পৰিল সি..। ভাগ্যে.. বাইকৰ স্পীড কম আছিল বাবে.. গুৰুতৰ একো নহ’ল..।
তেনেকুৱাতে… কম পাৱাৰৰ টৰ্চৰ পোহৰ এটা সিহঁতৰ অভিমুখে আগুৱাই আহিল…।

:- ইয়ে ৰাম.. বেছিকৈ দুখ পালে নেকি.. ইমানবোৰ তেজ..!! কি কৰো এতিয়া বাৰু..! দাদা ধৰকচোন এখেতক… । অলপ আগলৈ গৈ ওচৰতেই মোৰ ঘৰ.. । তালৈকে লৈ ব’লকচোন..। ইমান ৰাতি ফাৰ্মাচী ও খোলা নাপাব নহয়..!

আদিত্যৰ জখম হোৱা ভৰি খনত টৰ্চ লাইটৰ পোহৰ পেলাই.. পোহৰৰ বিপৰীতে থকা.. নাৰী কণ্ঠ এটাই উচপিচাই উঠিল..।

:- কোন তুমি..? ইমান ৰাতি খন অকলে অকলে কি কৰিছা ইয়াত..? তুমি যোৱাগৈ.. । মই ঠিকে আছো..।
আদিত্যই বাধা দিলে সেই নাৰী গৰাকীক.. ।

:- মই দেউতাৰ ওচৰলৈ আহিছিলো..। দেউতাই এই অফিচটোতে চকীদাৰৰ কাম কৰে..।
(সন্মুখৰ বিল্ডিং এটালৈ আঙুলিয়াই দেখুৱালে তাই..)
আজি নাইট ডিউটি আছে..। বতৰটো বেয়া হৈ অহা দেখি.. দেউতাক গৰম কাপোৰ এখন দিবলৈ আহিলো..।
দেৰি নকৰিব । উঠকচোন আপুনি..। বহুত তেজ গৈছে..।

আদিত্যক ধৰি উঠাব যত্ন কৰিলে তাই..। বিপ্লৱ ও আগুৱাই আহিল.. আৰু দুয়ো মিলি তাক ধৰি.. উঠাই ল’লে..।
ৰাস্তাটো পাৰ হৈয়েই… সৰু ঠেক গলি এটাৰে সোমাই গ’ল সিহঁত..। সৰু সৰু জুপুৰীৰ দৰে… ঘৰ কিছুমানৰ কাষেৰে গৈ.. ঠিক তেনেকুৱা ঘৰ এটাৰ ওচৰতে ৰৈ দিলে তাই..।

:- এইটোয়েই মোৰ ঘৰ দাদা..। ৰ’ব দুৱাৰখন খুলি লওঁ..।

আদিত্যক এৰি দি.. তাই দুৱাৰখনৰ তলাটো খুলি দিলে..। ভৰিটো বৰ বেয়াকৈ বিষাইছিল আদিত্যৰ… । বিপ্লৱৰ গাতে সমস্ত ভৰ দি.. কেকাই উঠিল সি..।
বিপ্লৱে তাক যেনেতেনে ধৰি ভিতৰলৈ লৈ গ’ল..। হালধীয়া ল’ পাৱাৰৰ বাল্ব এটাৰে… সামান্য পোহৰ হৈ পৰা ৰূমটোত.. আচবাব বুলিবলৈ মাত্ৰ দুখন চকী.. লগতে সৰু টেবুল এখন আৰু এখন এজনীয়া বিচনা আছিল..। সেই সৰু কোঠাটোৰ সংলগ্ন হৈ থকা আনটো কোঠালৈ ছোৱালীজনী খৰখেদাকৈ সোমাই গ’ল…। বিপ্লৱে বিচনাখনতে শুৱাই দিলে আদিত্যক..।
তাৰ জিন্সৰ ফটা অংশক’ন.. হাতেৰে জোৰ দি… বহলাই ফালি ল’লে .. আৰু পকেটৰ পৰা ৰুমাল খন উলিয়াই আলফুলে তেজবোৰ মুচিব ধৰিলে..।
ছোৱালীজনীয়ে… চৰিয়া এটাত গৰম পানী অলপ লৈ ওলাই আহিল..। লগতে ডেটল.. কপাহ আৰু অলপ মান কপাহী কাপোৰ ও লৈ আহিল..। আঘাটপ্ৰাপ্ত অংশবোৰ গৰম পানীৰে ধোৱাই.. কপাহী কাপোৰখনেৰে মেৰিয়াই বান্ধি দিলে..।বৰ যত্নৰে কাম খিনি কৰিলে তাই..। গৰম পানীৰ সেক পাই আদিত্যৰ বিষটোও অলপ কমা যেন অনুভৱ হ’ল..।

তেতিয়াহে মন কৰিলে আদিত্যই ছোৱালীজনীলৈ..। মিঠা বৰণীয়া.. এডাল দীঘল বেণীৰে.. এযোৰ সাধাৰণ চেলোৱাৰ কামিজ পিন্ধি থকা ছোৱালীজনীৰ বয়স আনুমানিক ২০/২২ বছৰ মান হ’ব..। ঘৰ খনত বেলেগ কাৰো উপস্থিতি অনুমান কৰিব নোৱাৰি সি সুধিলে..

:- কি নাম তোমাৰ..? ঘৰত আৰু কোন আছে..?

:- মোৰ নাম আশা.. । মোৰ ঘৰত মই আৰু দেউতা হে থাকো.. । মোৰ মা নাই..।
মই চাহ দুকাপ কৰি আনো ৰ’ব.. ।

—————-

আশা….
হয়.. আদিত্যৰ অন্ধকাৰ পৃথিৱীখন পোহৰাই পেলোৱা আশা এইয়া..। সেই আন্ধাৰ ৰাতিৰ… দুর্ঘটনাটো ভগৱানে যেন তাৰ জীৱনলৈ সুখ কঢ়িয়াই আনিবলৈকে সংঘটিত কৰাইছিল..। আন্ধাৰৰ পিছত পোহৰ হোৱাৰ দৰে.. আদিত্যৰ দুখবোৰত ও এই আশাই .. সুখৰ ৰং কিছুমান চটিয়াই দিছিল..।

ৰাতিটো তাইৰ ঘৰতে কটাই.. গুচি আহিছিল আদিত্য..। আহিবৰ পৰত তাইৰ মুখলৈ চাই কৈ উঠিছিল..

:- এইদৰে ৰাতি অকলে নুঘূৰিবা..। আমাৰ দৰে বেলেগ কিছুমানে পালে তোমাৰ ক্ষতি কৰিব ও পাৰে..। সাৱধানে থাকিবা..। অচিনাকি দুজন ল’ৰাক.. এইদৰে এটা ৰাতিৰ বাবে আশ্ৰয় দি .. শুশ্ৰষা কৰিলা..। তোমাৰ সাহস আৰু মানৱীয়তাৰ শলাগ লৈছো..।
Thank you so much…

:- কি মাচ দাদা..? বুজি নাপালো ..। আৰু দাদা.. এইটো মোৰ এৰিয়া..। ইয়াতে জন্ম হৈ আজি ইমান জনী হ’লো..। কিহৰ বাবে ভয় কৰিম..কালৈ ভয় কৰিম..?
মোৰ লগত মোৰ দ’স্ত আছেই নহয়..। সি অনবৰতে মোৰ লগতে থাকে..মই অকলশৰীয়া নহয়..।
তাইৰ কাষতে নেজ জোকাৰি বিপ্লৱ আৰু আদিত্যক জিভা উলিয়াই চাই থকা কুকুৰটোক দেখুৱাই খিলখিলাই হাঁহি উঠিল আশাই..।
সিহঁতৰ ও হাঁহি উঠি গ’ল..।

:- তথাপিও.. জীৱ জন্তুক বিশ্বাসত ল’লে ও মানুহ নামৰ জন্তুটোক হে ভয় কৰি চলিবা ভন্টী.. ।
বিপ্লৱৰ কিবা এটা মৰম লাগি গ’ল আশালৈ..। মৰমতে তাইক এটা সম্বোধনেৰে মাতি দিলে সি… ” ভন্টী “…

:- আহিব দাদা আকৌ কেতিয়াবা..। বাটত দেখিলে মাতিব..। আমি বস্তিৰ মানুহ কাৰণে…. সকলোৱে লেতেৰা বুলিয়েই ভাবে নেকি..! মানুহ গণ্য নকৰেই..। পিছে অভাৱত পৰি হে লেতেৰা পৰিবেশত আছো.. আমাৰ মন কিন্তু চাফ আছে.. ।

:- আহিম আশা.. কিয় নাহিম..? তোমাক কি মাচ বুজাবও আছে নহয়..!
জোৰেৰে হাঁহি দিলে বিপ্লৱে.. আৰু বুজা নুবুজাৰ দোমোজাত নীৰৱে ৰ’ল আশা..।

সুখ অলপ মনতে লৈ ওলাই আহিল সিহঁত ..আশাৰ ঘৰৰ পৰা..।
কেতিয়াবা অজানিতে কোনোবাই.. হৃদয়ৰ গভীৰত টুকুৰিয়াই যায়..। অচিনা অনুভৱ কিছুমানে চুই যায় মনতো..। এই এটা ৰাতিয়ে..আদিত্যৰ মনত ও যেন কিবা এটা প্ৰভাৱ পেলালে..। আদিত্যই ও অনুভৱৰ গভীৰতাখিনি বুজিব যত্ন কৰি মৌন হৈ পৰিল..।
ফাৰ্মাচী এখনত সোমাই.. কটা ঠাইখিনিত ড্ৰেছিং কৰি.. দুটামান পেইন কিলাৰ লৈ ঘৰলৈ উভটি আহিল সি..।

দিনবোৰ গৈ থাকিল..। আজিকালি অনবৰতে আশাৰ কথাবোৰ..তাইৰ মুখ খনেই দেখোন আদিত্যৰ মনলৈ আহি থকা হ’ল..। কিয় হৈছে এনেকুৱা..? সি বাৰু আশাৰ প্ৰেমত পৰিছে নেকি..?
নিজকে নিজেই প্ৰশ্ন কৰি.. নিজেই উত্তৰ বিচাৰিব ধৰিলে আদিত্যই…

” নাই.. নাই…। এইয়া প্ৰেম নহয়..। প্ৰেমত পৰিব পৰাকৈ কি আছে নো আশাৰ.. ? তাই দেখাতেই ধুনীয়া নে.. শিক্ষা দীক্ষাৰে স্মাৰ্ট..? কিন্তু কিয় তাই মোৰ মন মগজু দখল কৰি পেলাইছে..? কিয় বাৰে বাৰে নাভাবো বুলিলেও.. তাইৰ কথাবোৰেই মোৰ মনলৈ আহি আছে..?

কথাবোৰ বাৰে বাৰে ফঁহিয়াই চালে সি..। অৱশেষত..সকলো প্ৰশ্নৰ সমিধান যেন পাই গ’ল তাৰ মনটোৱে..
হয়.. প্ৰেমত পৰিছে সি..। আশাৰ সৰল মনটোৱে তাক আকৰ্ষণ কৰিছে..।
আশাই তাক কিছুমান সপোন দেখুৱাইছে.. ।
সুৰুযমুখী সপোন..!
আশাক.. জীৱনৰ বাবে আপোন কৰি লোৱাৰ হেঁপাহ জন্মিছে তাৰ মনত…।

A person needs just three things to be truly happy in this world: someone to love, something to do, and something to hope for.” – …

বিপ্লৱক একো নজনালে আদিত্যই.. তাৰ মনৰ কথাবোৰ..। বেছিখিনি সময় সি আশাৰ লগতে কটোৱা হ’ল.. কেতিয়াবা আনকি আশাৰ ঘৰত.. সি ৰাতি ও থাকি দিয়ে..।
বিপ্লৱৰ খং উঠিল আদিত্যৰ ওপৰত..। নিজৰ আদৰ্শৰ বিপৰীতে কাম নকৰা ল’ৰা এটাৰ.. এনে আচৰণ মুঠেও ভাল নালাগিল তাৰ.. আৰু এদিন সি আদিত্যক অলপ টানকৈয়েই কৈ দিলে..

:- এইবোৰ কি কৰিছ’ আদিত্য..? তই কেনেকৈ ইমান সলনি হৈ গ’লি..। আৰে.. বস্তিৰ ছোৱালীৰ লগত তই নৈশ যাপন কৰ’..? মানুহে কি ক’ব বে..?

:- নৈশ যাপন…? ৱৰ্ডবোৰ অন্তত ঠিক কে ক’বি দ’স্ত..। এই আদিত্যই ইমান সস্তীয়া কাম নকৰে..। বিশ্বাস ৰাখ । মনৰ শুদ্ধতাৰে বুজিব যত্ন কৰ’ যদি ক’ম.. হয়.. মই ৰাতি ও কটাইছো আশাৰ ঘৰত.. । তাইৰ বস্তিত..। কিন্তু তই ভবাৰ দৰে মই কোনো ভুল বা পাপ কৰা নাই..। আৰু এটা কথা কওঁ শুন.. বস্তিৰ হওক.. অট্টালিকাৰ হওক.. আমি সকলোবোৰ মানুহ..। মানুহৰ উৰ্ধত নহয়..। আশা ও মানুহেই..।
তোৰ পৰা অৱশ্যে এটা কথা মই গোপনে ৰাখিছো বিপ্লৱ..। মই আশাৰ প্ৰেমত পৰিছো..। তাইৰ লগত মৰমৰ ঘৰ এখন কৰাৰ সপোন দেখিছো..। আশাৰ সান্নিধ্যই.. মোৰ যন্ত্ৰণাবোৰ কমাই পেলাইছে দ’স্ত..। তাই যেন… কলীয়া ডাৱৰ ভেদি.. এচেৰেঙা ৰ’দ হৈ মোৰ জীৱনটোক পোহৰাই পেলাইছে..!!
মোৰ বাবে প্ৰাৰ্থনা কৰিবি ভাই..।

আদিত্যৰ কথা শুনি ফুৰ্তিতে তাক সাৱটি ধৰিলে বিপ্লৱে..। তাৰ অন্তৰংগ বন্ধুৰ জীৱনলৈ সুখৰ নৈ এখন বৈ আহিছে.. কিয় সুখী নহ’ব সি…!!

:-চ’ৰি দ’স্ত.. খঙতে বেয়াকৈ কৈ দিলো তোক..। ভুল নুবুজিবি..। সুখী হ’… যা..। মনে বিচৰাৰ দৰে গঢ়ি ল’ জীৱনটো..।

আৰু এদিন…আশাক আদিত্যই তাৰ ঘৰলৈ লৈ গ’ল..মাক দেউতাকৰ লগত তাইক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যৰে…। আশাৰ পৰিচয় জানি.. গৰজি উঠিল দেউতাক..

:- What’s wrong with you Adi..? Have you ever thought about our family..? This girl can never match up to our standard..

:- এজন বেকাৰ ল’ৰাৰ কি ষ্টেণ্ডাৰ্ড থাকিব পাৰে দেউতা…? আপুনি সন্মতি নজনালেও.. আশাক মই পত্নীৰ মৰ্য্যদা দিয়াৰ সিদ্ধান্ত ইতিমধ্যে লৈ পেলাইছো..। জন্মদাতা হিচাবে আপোনাক জনাবলৈ হে আহিলো কথাবোৰ…।
আপোনাৰ অৱজ্ঞাই.. মৃতপ্ৰায় কৰি পেলোৱা মোৰ জীৱনলৈ সঞ্জীৱনী সুধা হৈ আহিছে আশা..। আশাক এৰি জীয়াই থকাৰ কথা মই ভাবিবই নোৱাৰো দেউতা..। তাইৰ লগত মই ঘৰ এখন কৰি জীয়াই থাকিব বিচাৰো..।

:- you bustard..! এক টকাৰ মানুহ নহয়’… বস্তিৰ ছোৱালীৰ লগত ঘৰ কৰে সি..। মোৰ সন্মান শেষ কৰি দিলি তই..!

আদিত্যক মাৰিবলৈ উদ্যত হ’ল দেউতাক…। চোচা মাৰি খেদি আহিল তাক । তালৈ টোৱাই অহা হাতখন থাপ মাৰি ধৰি…আশাই মাত দিলে ..

:- আপুনি আদিত্যৰ দেউতাক হ’ব পাৰে.. কিন্তু তেওঁৰ প্ৰতি ইমান কঠোৰ হোৱাৰ অধিকাৰ আপোনাৰ নাই..। তেওঁ সকলো কৈছে মোক..। সংস্থাপনৰ ৰাস্তা এটা উলিয়াই ল’ব নোৱাৰিলে বুলিয়েই.. তেওঁৰ সপোন দেখাৰ অধিকাৰবোৰ ও শেষ হৈ যাব নে..?
তেওঁৰ দৰে শুদ্ধ মনৰ ল’ৰা এজনক..পুত্ৰ হিচাবে.. বহুতে.. বহুত সাধনাৰ বলত হে পায় আচলতে..। আপোনাৰ জ্ঞাতাৰ্থে জনাওঁ.. মোৰ লগত তেওঁ .. মোৰ সৰু জুপুৰীটোত ৰাতি ও কটাইছে… কিন্তু বিশ্বাস কৰিব… তেওঁ মোৰ হাতখনেই স্পৰ্শ কৰি পোৱা নাই আজিলৈকে….। মনৰ পবিত্ৰতাৰে ভাল পাইছো আমি..দুয়ো..দুয়োকে..।
তাৰ সলনি.. শিকাই.. বুজাই… আজি তেওঁ.. সমাজৰ মানুহখিনিৰ সন্মুখত… কথা ক’ব পৰাকৈ সাহসী কৰি তুলিছে এই বস্তিৰ ছোৱালীজনীক..।
Yes..So now I can speak English too like you all.. Just because I belong to a lower standard according to you it doesn’t mean that I can’t dream. I can and I will.
আদিত্যৰ সপোন যাত্ৰাৰ সহযাত্ৰী হ’ম মই..। তেওঁৰ হেঁপাহৰ ঘৰ এখন মৰমেৰে সাজি উলিয়াম দুয়ো মিলি..।

মাকৰ ভৰি চুই আশীৰ্বাদ লৈ.. আশাক হাতত ধৰি ওলাই আহিল আদিত্য..আপোন ঘৰ খনৰ পৰা..। মাকে নীৰৱে চকুলো টুকিলে..। ঘৰখন এৰি আঁতৰি গৈছে .. তেওঁ জন্মদিয়া সন্তানে..। কেনেকৈ সহে.. মাতৃ হৃদয়খনে..?

—————-

:- উঠা আশা .. বহুত পলম হ’ল..।
টেবুল ঘড়ীটোত সময় চাই.. আদিত্যই আশাক হেঁচুকি উঠাব যত্ন কৰিলে..।

:- প্লিজ আদি ..আৰু অলপ শুব দিয়া না..।
কুৰুকি কুৰুকি সোমাই গ’ল তাই আদিত্যৰ বুকুলৈ..। আলফুলে চপাই ল’লে সি.. তাৰ নামৰ সেন্দুৰ বোলাই.. তাৰ পত্নী হৈ পৰা .. তাৰ প্ৰেমিকাক…।
ভাল লাগি গ’ল আদিত্যৰ.. তাৰ বহল বুকুখনত এতিয়া যে কোনোবাই নিৰপত্তা অনুভৱ কৰিছে..। তাৰ লগতে সুখ কিছুমান বিচাৰি লৈছে..। আশাৰ মুৰতে হাত ফুৰাই আদিয়ে কৈ উঠিল..

:- ন’..। উঠা জলদি..। ল’ৰা ছোৱালীবোৰ আগ্ৰহেৰে আহি ৰৈ থাকিব । বেয়া নালাগিব নে তোমাৰ..?
এইবাৰ তাই খপজপকৈ উঠি বহিল..।

:- ইয়ে ৰাম.. ইমান পলম হ’ল.. । তুমি মোক কিয় জগাই নিদিলা..? ইমানবোৰ কাম আছে.. । খোৱাৰ যোগাৰ ও কৰা হোৱা নাই..।

:- ন’ প্ৰব্লেম মেম..। তুমি গা ধুই ৰেডি হোৱা..। মই ব্ৰেকফাষ্ট বনাও..। তোমাৰ দৰে পাৰফেক্ট নহ’লেও .. ভোক গুচাবলৈ খাব পাৰিবা দিয়া.. ।
আশাৰ গালতে চুমা এটা আঁকি দিলে আদিত্যই.. আৰু কিবা এটা বনাবলৈ পাকঘৰত সোমাল..।
এতিয়া সি এজন দায়িত্ববান স্বামী.. লগতে এজন নাম কৰা শিক্ষক..।

ঘৰৰ পৰা ওলাই আহি অলপ দিন আশাৰ ঘৰতে থাকিলে আদিত্য..। নিজৰ জীৱনটোৰ লগতে .. এইবাৰ আশাৰ সপোনবোৰ পূৰ কৰাৰ দায়িত্ব ও সাঙোৰ খাই পৰিল ..। কিবা এটাতো কৰিবই লাগিব..। ফলত, কেইটামান টিউচন গোটাই ল’লে সি..।
এসময় এডজাষ্ট হ’ব নোৱাৰা শিক্ষা বৃত্তিটোক.. সংসাৰ খন চলাবলৈ .. উপাৰ্জনৰ পথ হিচাবে..আপোন কৰি ল’ব লগা হ’ল আদিত্যই…। আশাৰ প্ৰেমে যেন সকলো সলনি কৰি দিলে..।
এটা দুটাকৈ কেইবাটাও ল’ৰা ছোৱালী.. তাৰ ওচৰত পঢ়িবলৈ আহিল..।

এতিয়া..সৰুকৈ ঘৰ এটা ভাড়াত লৈ.. তাৰে এটা কোঠাত সি এটা ক’চিঙ চেণ্টাৰ খুলি লৈছে..। তাতেই ৰাতিপুৱা.. বস্তিৰ ল’ৰা ছোৱালী কেইটামানক আশাই পঢ়োৱা আৰাম্ভ কৰিছে.. ।অন্তত আখৰবোৰ শিকক সিহঁতে..। নিজৰ নামটো লিখিব পৰা হওক.. এক দুইৰ সাধাৰণ হিচাপ বোৰ জানক..। যেনেকৈ এদিন আদিত্যই তাইক শিকাইছিল..।

আজিকালি আদিত্যৰ মাকে ও.. দেউতাকে গম নোপোৱাকৈ .. সিহঁতৰ মৰমৰ ঘৰখন চাই যায় হি.. । সিহঁতৰ সুখৰ সমভাগি হৈ পৰে..।

—————-

গেছৰ ষ্ট’ভটোত চাহৰ বাবে পানী অলপ তুলি দিলে আদিত্যই..। পানীখিনি.. বকবক কৈ উতলি উঠি.. ধোঁৱাবোৰ কুণ্ডলী পকাই উৰি গ’ল..। সেই ধোঁৱাবোৰৰ লগতে.. তৰপে তৰপে জমা হৈ থকা আদিত্যৰ বুকুৰ দুখবোৰ ও যেন বতাহত মিলি গ’ল..।
আদিত্যৰ মনটোয়ে…পাখি মেলি উৰিব বিচাৰিলে..
সপোনৰ ঠিকনা বিচাৰি…।

                        ——————

পাপৰি..

প্ৰকাণ্ড গেট খনৰ সন্মুখত গাড়ী খন ৰখাই অভিৰাজে লুকিং মিৰৰত নিজৰ মুখ খন চালে ।পক ধৰা চুলি কেইডাল আৰু হাই পাৱাৰৰ চচমা জোৰৰে নিজকে সি বহুত বয়সীয়াল যেন অনুমান কৰিলে । কিন্তু মনৰ গভীৰ কোণত থকা প্ৰেমৰ অনুভৱ তাৰ বাবে এতিয়াও সজীৱ হৈ আছে । এটি সেউজীয়া অনুভৱ ,,….যেন পল্লৱীত কুঁহিপাতৰ দৰেই ….।

গেটখন খুলি চৌহদৰ কেইবাটাও ভাড়াঘৰৰ মাজৰ ফুলনী দৰাৰ কাষতে থকা সেই বিশেষ অকলশৰীয়া ৰূমটোলৈ লক্ষ্য কৰি আগুৱাই গ’ল সি । বাহিৰত সি অহাৰ উমান পাই পাপৰিয়ে দুৱাৰ খন খুলি দিলে । আকাশ নীলা শাৰী এখন, পাতল গুলপীয়া লিপষ্টিক আৰু সামান্য কাজলেৰে ধুনীয়া দেখাইছিল তাইক । ভিতৰলৈ নোসোমালে সি । তাইও পলম নকৰি বেগটো হাতত লৈ তলাটো লগাই তাৰ লগত ওলাই আহিল ।
সুদীৰ্ঘ তেৰটা বছৰৰ পিছত অভিৰাজক তাই একান্ত ভাবে লগ পাব । এই দীঘলীয়া সি বিহীন সময়বোৰৰ হিচাপ দিব । পোৱা নোপোৱাবোৰৰ কথা পাতিব । সুখ দুখঃ হাঁহি কান্দোন ,একে সময়তে বহুত অনুভূতিয়ে চুই গ’ল তাইৰ বুকুখন । কি ক’ব ,কি কৰিব হাজাৰটা প্ৰশ্নই দোলা দিলে তাইৰ মনত ।হয়তো সেই একেই অনুভৱে তাকো চুইছে । সি পাপৰিৰ মুখলৈ চাই মৌন হৈ ৰ’ল মাথোঁ। পাপৰিৰ দুচকু তিয়াই নামি অহা আবেগবোৰ চকুত পৰিল তাৰ ।
গাড়ীৰ দুৱাৰ খুলি তাইক বহুৱাই ড্ৰাইভিং চিটত বহি ল’লে সি । মৃদু ভলিউমত কিশোৰ কুমাৰৰ গান এটা লগাই তাইক সুধিলে….

” ক’ত যাবা কোৱা । এইখন ঠাই মোৰ ইমান চিনাকি হোৱাই নাই । কোনো ৰেষ্টুৰেণ্টত বহিব বিচৰা নাই মই । তোমাক মই অকলশৰীয়াকৈ পাব বিচাৰিছো । সুধিব ল’গা , ক’ব ল’গা বহুত আছে মোৰ । তুমি কোৱা ক’ত গ’লে ভাল হ’ব। “

” অলপ দূৰ গ’লে চাহবাগান এখনৰ মাজত এটি জুৰি বৈ গৈছে । তাৰ পাৰতে এটা ধুনীয়া শিৱ মন্দিৰ আছে । জেগাখিনি বৰ ধুনীয়া। তালৈকে যাওঁ ব’লা ।”

” ঠিক আছে । ” .. অভিৰাজে গাড়ী চলালে ।

……………চলতে , চলতে মেৰী য়ে গীত য়াদ ৰখনা ,,
কভি অলবিদা না কেহনা …..

কিশোৰ কুমাৰৰ সুৰৰ লগত সুৰ মিলাব যত্ন কৰিলে সি, পাপৰিৰ প্রিয় গীতৰ শব্দ কেইটিত । ~~~~~~~~~~~~~~~~~~~~~~~

পাপৰি দত্ত ,সেই ঠাইখনলৈ নিগাজীকৈ থাকিব অহা বাৰ বছৰ হ’ল । তাৰেই প্ৰাইভেট স্কুল এখনত তল খাপৰ ল’ৰা ছোৱালিখিনক তাই শিক্ষা দান কৰি আছে । জানিলে যি কোনো মানুহৰ অন্তৰ আত্মা কঁপি যাব পৰাকৈ তাইৰ এটি অতীত আছে । যাৰ বাবে আজি তাই অকলশৰে এটি ভাৰা ৰুমত জীৱনটো কটাব বাধ্য হৈছে । যিটো ঘৰত ভাড়া আছে তাৰেই মালিকনী বৰ্ণালী বৰুৱাই তাইক থাকিব দিয়াৰ লগতে চলিবলৈ প্ৰয়োজন হোৱা টকা পইচা কেইটা যোগোৱাৰ নিৰ্মিতে তেখেতে খোলা স্কুল খনত পঢ়াবৰ বাবেও ব্যৱস্থা কৰি দিছে তাইক , আৰু দিছে অফুৰন্ত মৰম ,, যি খিনিৰ পৰা বঞ্চিত হৈ পাপৰিৰ জীৱনটো এদিন নৰক সদৃশ হৈ পৰিছিল । সঁচা অৰ্থত নতুন জীৱন দান দিছে পাপৰিক ,বৰ্ণালী বৰুৱাই ।

অভিৰাজ শৰ্মা , পাপৰিৰ এসময়ৰ প্ৰেমিক । পেছাত এজন ইঞ্জিনীয়াৰ । এটা প্ৰজেক্টৰ কামত কিছু দিন পূৰ্বে ইয়ালৈ আহিছে । আৰু এদিন বজাৰৰ ভিৰত দেখা হৈছিল পাপৰি আৰু অভিৰাজৰ,, এটি যুগৰ অন্তত । নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল সিহঁতে । ভিৰৰ পৰা ওলাই আহি মাথোঁ চাই ৰৈছিল দুয়ো দুয়োকে । মুখত বয়সৰ চাপ পৰা পাপৰিৰ শিৰলৈ চাইছিল অভিৰাজে। উকা সেউতা টোয়ে যেন ঢেৰ কিবা কৈ গৈছিল তাক । তথাপিও মনৰ উৎসুকতা সামৰি সুধি পেলাইছিল অভিৰাজে তাইৰ সংসাৰৰ কথা । ক’ব মন গৈছিল পাপৰিৰ, তাইৰ উকা কপালত ৰং বুলোৱাৰ অধিকাৰ কেৱল যে তাৰ হে আছিল । সেই অধিকাৰ তাই কাকো নিদিলে । নক’লে তাই ইমানবোৰ । মাথোঁ জনালে , তাই সংসাৰ নকৰিলে । আচৰিত হৈছিল অভিৰাজ । সি ইমান বছৰে তাইৰ বিষয়ে মানে ভুলকে শুনি আহিছিল । সাঁথৰ হৈ পৰিল তাৰ বাবে সি শুনাবোৰ, জনাবোৰ, বুজাবোৰ আৰু …..তাই।
পাপৰিয়ে একো নুসুধিলে । যিমান পাৰে সিমান সোনকালে তাৰ ওচৰৰ পৰা আঁতৰি আহিব বিচাৰিলে মাথোঁ ।বুকুৰ ভিতৰত শিল হৈ পৰা অনুভৱবোৰ পুনৰ জীয়াই তুলিব বিচৰা নাছিল তাই । সমগ্ৰ সত্তাৰে যি জনক ভালপাই আহিছে, সেই জনৰ ওচৰত দুৰ্বল হৈ পৰাৰ ভয় এটাই বেৰি ধৰিছিল তাইক । অভিৰাজে নিজেই কৈছিল সিও তাইৰ বাহিৰে বেলেগ কাৰোবাৰ লগত সংসাৰ কৰাৰ কথা নাভাবিলে ।

সেইদিনা আপত্তি কৰিছিল যদিও থব আহিছিল পাপৰিক সি, তাইৰ ভাড়া ঘৰটোত । আৰু এদিন তাইক লগ পোৱাৰ ইচ্ছাৰ বিষয়ে জনাই তাইৰ কনটেক্ট নম্বৰ বিচাৰিছিল । অলপ সময় চিন্তা কৰি পাপৰিয়ে নিজৰ মোবাইল নম্বৰ দিছিল তাক ।
হয়, জানিব লগা বহুত কথাই আছে পাপৰিৰ অভিৰাজৰ বিষয়ে । কিয় সি এতিয়াও বিয়া নাপাতিলে ? তাৰ মাকে কিয় তাক সন্মত কৰাব নোৱাৰিলে ইমান বছৰে এখন সংসাৰ কৰাত ?? পাপৰিৰ গাত কুলক্ষণীৰ চিল মোহৰ লগাই অভিৰাজৰ জীৱনৰ পৰা তাইক আঁতৰাই অনাত সফল হ’ল যদিও ,তাৰ মনৰ পৰা তাইক উলিয়াব নোৱাৰিলে নেকি ??? তাইক নৰক যাতনা দি অভিৰাজক কিয় সুখ দিব নোৱাৰিলে , নে অভিৰাজ আজি তাই অবিহনে ও সুখী ???? জানিবই লাগিব এইবোৰ। সেইবাবে তাক লগ কৰাৰ কথা ভাবিলে তাই ।
পিছদিনাই অভিৰাজে ফোন কৰিছিল পাপৰিলৈ । তাইৰ ঘৰলৈ যাব পাৰিব নেকি সুধিছিল । মানা কৰিলে তাই। ইমানবছৰে তাইক বিচাৰি সেই ঘৰটোলৈ কোনোৱেই অহা নাই । চৌহদৰ বাকীখিনি মানুহৰ মনত প্ৰশ্ন এটা উঠাৰ সুযোগ দিব নিবিচাৰিলে তাই। বুজিছিল পাপৰিয়ে , অভিৰাজ তাইক লগ পাবলৈ কিমান আকুল হৈ পৰিছিল । তাৰো মনতো যে এজাক ধুমুহাই বিশৃংখল কৰি পেলাইছিল জানিছিল তাই।
আজি সেয়েহে দুয়ো দুয়োৰে কথাবোৰ শুনিবলৈ ওলাই আহিছে । ~~~~~~~~~~~~~~~~~~~~~~~

বাগানৰ মাজত ওখ ৰাস্তাটোৰ কাষত গাড়ীখন ৰখালে অভিৰাজে। সঁচাকৈয়ে মনলৈ শান্তি নমাই আনিব পৰাকৈ সুন্দৰ জেগাখিনি । ৰাস্তাটোৰ পৰা তললৈ অলপ নামি গৈ জুৰিটো । এখন সৰু দলং দি জুৰিটো পাৰ হৈ , শিলৰ খটখতি বগাই ওপৰলৈ উঠি গলে সৰু পাহাৰটোৰ বুকুত প্ৰকাণ্ড শিল এটাৰ তলত এটি শিৱ মন্দিৰ। বিভিন্ন ৰং বিৰঙী বনৰীয়া ফুলে অধিক মনোৰম কৰি পেলাইছে ঠাইখিনি। জুৰিটোৰ পাৰতে বহি পৰিল পাপৰি আৰু অভিৰাজ । তাৰ পৰাই নেদেখা জনক প্ৰাৰ্থনা জনালে দুয়ো । অলপ সময় একেথৰে পাপৰিলৈ চাই সুধি পেলালে সি , তাক এবাৰো নজনোৱাকে কিয় আঁতৰি গুচি আহিল তাই । ……নীৰৱ হৈ পৰিল মুহূৰ্তবোৰ ।

” কিয় একো নোকোৱা পাপৰি ? মোৰ মনৰ সাঁথৰবোৰ আৰু জটিল কৰি নেপেলাবা । এক্সিডেন্টৰ পিছত এমাহ ধৰি আই. চি. ইউ ত থাকি যেতিয়া জ্ঞান ঘূৰাই পাইছিলো , প্ৰথমেই মই তোমাক বিচাৰিছিলো । ভাবিছিলো আহিবা তুমি মোৰ ওচৰলৈ । তুমি নাহিলা । এদিন দুদিন কৈ দুমাহ পাৰ হ’ল । হস্পিতেলৰ পৰা ৰিলিজ লৈ ঘৰ পালোহি। সকলোকে তোমাৰ খবৰ সুধিলোঁ ,কোনেও নাজানিলে তুমি ক’ত । অসুখীয়া দেহাৰে তোমাৰ ঘৰ ওলালো । তোমাৰ খুৰাহঁতে গেটৰ মুখৰ পৰাই অপমান কৰি খেদি পঠালে মোক । বুজিয়েই নাপালো কি নো হৈ গ’ল সেইকেইদিনত । পাগলৰ দৰে বিচাৰিলো তোমাক । আৰু এদিন মায়ে জনালে ,ইতিমধ্যে কোনোবা এজনৰ লগত তোমাৰ বিয়া হৈ গৈছে । তোমাৰ ঠিকনা বিচাৰিব যত্ন কৰিলো । হতাশ হ’লো । তুমি এটি সপোনৰ দৰেই হেৰাই গ’লা মোৰ জীৱনৰ পৰা ।” …..ক্ষন্তেক ৰৈ পুনৰ সুধিলে সি

“আমাৰ ভালপোৱা ইমান ঠুনুকা আছিল নে পাপৰি ? মই জীয়াই আছো নে মৰিলো তাকো জানিব মন নগ’ল নে তোমাৰ ? মোক এৰি আহোঁতে অলপ ও কান্দি নুঠিল নে তোমাৰ হিয়াখনে ? মই জীৱনত যে কেতিয়াবা তোমাক আকৌ লগ পাম সেই আশাই এৰি দিছিলো। কিন্তু তোমাৰ প্ৰতি ভালপোৱা মই কোনোদিন কমাব নোৱাৰিলো । সেইদিনা তোমাক লগ পাই জপাই ৰখা জীৱন ডায়েৰী খনৰ পুৰণা পৃষ্ঠাবোৰ পুনৰ খুলি পেলালো । সাঁথৰৰ দৰেই দেখা দিলা তুমি । তুমি আজিও অবিবাহিত !!! মায়ে ভুলকৈ শুনিছিল নে , মোক ভুলকৈ জনাইছিল ? মই পাগল হৈ যাম এতিয়া পাপৰি । প্লিজ , মোক জানিব দিয়া কথাবোৰ। “

নোৱাৰিলে পাপৰি মৌন হৈ বহি থাকিব । অভিৰাজৰ এটা এটা শব্দই শেলে বিন্ধা দি বিন্ধি গ’ল তাইৰ কলিজাটো । গোট মাৰি বৰফ হৈ পৰা দুখবোৰ বৈ আহিল দুচকুলৈ । অভিৰাজক গাৰ জোৰেৰে সাৱটি ধৰি চিঞৰি উঠিল তাই …

” মিছা কৈছিল অভি, তোমাৰ মায়ে সকলো মিছা কৈছিল । তোমাৰ পাপৰি সদায় তোমাৰেই হৈ আছে । মোক তোমাৰ পৰা আঁতৰাই অনাৰ মূলতে তোমাৰ মা আচলতে। কোনোদিন তেওঁ মোক বোৱাৰী ৰূপত বিচৰাই নাছিল । কিন্তু একমাত্ৰ সন্তান, তোমাৰ সুখৰ চিন্তা কৰি উপায়হীন হৈ তেওঁ আমাৰ ভালপোৱাক স্বীকাৰ কৰিব বাধ্য হৈছিল । সেইদিনা কইনা সাজেৰে তোমালৈ অপেক্ষা কৰি বহি থাকোতে এবাৰলৈ ও ভবা নাছিলো আমাৰ সপোনবোৰ এইদৰে ভাঙি যাব , তুমি মই দূৰলৈ গুচি যাম । সেইদিনা তুমি নাহিলা, আহিল দৰা হৈ ওলাই অহা তোমাৰ এক্সিডেন্টৰ খবৰ । উন্মাদৰ দৰে ঢপলিয়াইছিলো মই তোমাৰ কাষলৈ । তোমাৰ মায়ে কুলক্ষণী সজাই , ল’ৰাৰ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ দোহাই দি খেদি পঠালে মোক । ঘৰ আহি দেখোঁ দেউতা অসুস্থ হৈ পৰি আছে । নিজৰ জীয়েকৰ বিয়াৰ দিনাই হোৱা সেই দুৰ্ঘটনা সহজভাৱে ল’ব নোৱাৰিলে তেওঁ । হাৰ্ট ফেইল হৈ মোক এৰি চিৰদিনলৈ আঁতৰি গ’ল তেওঁ । মা বিহীন মই দেউতাক ও হেৰুৱাত ভৰিৰ তলৰ মাটিখিনি নোহোৱা হৈ গ’ল মোৰ। ইফালে জীৱন মৃত্যুৰ সংকটত তুমি……. । মৰি মৰি জীয়াই থাকিলো মই অভিৰাজ । প্ৰতিদিনে দূৰৰ পৰাই মনে মনে চাই আহো তোমাক । তেতিয়া তোমাক এবাৰ চুই চাব , বুকুৰ মাজত সুমুৱাই অলপ মৰম কৰিব খুব মন গৈছিল মোৰ । কিন্তু তোমাৰ মায়ে নিদিলে মোক সেইখিনি কৰিব । অকলশৰে ঘৰটোত সোমাই থাকি তুমি সুস্থ হোৱালৈ অপেক্ষা কৰি ৰ’লো মাথোঁ । আৰু এদিন গম পালো মই তোমাৰ সন্তানৰ মা হ’ব ওলাইছো । আমাৰ নিবিড় মুহূৰ্ত্ববোৰৰ সাক্ষী হৈ এটি সন্তানে আমাৰ অজানিতে স্থিতি লৈছিল মোৰ গৰ্ভত । খুৰাহঁতে যেতিয়াই গম পালে লেই লেই -চেই চেই কৰিলে মোক । বংশৰ বদনাম আনিলো বুলি গতিয়াই মোক খেদি দিলে মোৰ আপোন ঘৰ খনৰ পৰা । বিশ্বাস কৰা অভি, সেই সময়ত মোৰ নিজকে পাপী যেন লাগিছিল । “

“আমাৰ সন্তান … ??? ” আচৰিত হৈ পাপৰিলৈ চালে সি ।

“হয় , আমাৰ সন্তান । “

“ক’ত আছে পাপৰি মোৰ সন্তানটি ? ল’ৰা নে ছোৱালী ? কিমান ডাঙৰ হ’ল এতিয়া ? ” … একে উশাহে সুধি গ’ল অভিৰাজে ।

“ছোৱালী অভি । তাইৰ নাম অভিলাসা । বাৰ বছৰ হৈছে আমাৰ পৰিজনীৰ । মই মোৰ চকুৰ আগতে ৰাখিছো তাইক । কেৱল লগত ৰখা নাই । ভয় সোমাইছিল মোৰ মনত , ভালপোৱা বোৰ মোৰ পৰা আঁতৰি যোৱাৰ দৰে তোমাৰ মোৰ প্ৰেমৰ চিনটো ও যদি মোৰ দৰে কুলক্ষণীৰ ওচৰত থাকিলে ক’ৰবাত হেৰাই যায় । “

তাইৰ ওঁঠত আঙুলি লগাই অভিৰাজে কৈ উঠিল ,
“তুমি নিজকে দোষ নিদিবা পাপৰি । ইমান বোৰ ধুমুহাক প্ৰত্যাহ্বান জনাই থিয় দি আছা তুমি , কিহে তোমাক ইমান শক্তি দিছে ? মই মানসিক ভাৱে ভাগি পৰিছো পাপৰি । তোমাৰ ইমানবোৰ বিপদত তোমাৰ লগত থাকিব নোৱাৰা দুখে বুকুখন গধুৰ কৰি পেলাইছে মোৰ । মোক ক্ষমা কৰা । ” … হুকহুকাই কান্দি পেলালে সি ।

তাৰ মূৰত হাত বুলাই বুকুৰ মাজলৈ চপাই ল’লে তাই । কেঁচুৱাৰ দৰে কুচি-মুচি সুমাই গ’ল সি তাইৰ বুকুলৈ ।

ভালপোৱা জনৰ বুকুত ইমান উম থাকে নে ? তেৰটা বছৰ আঁতৰি থাকি নিবিড় হোৱা এই সময়খিনিৰ ইমান মাদকতা !! মন ভৰি গ’ল দুয়োৰে । প্ৰেমাস্পদৰ পৰশত প্ৰাণ পাই উঠিল দুয়োৰে অতীতৰ স্মৃতিবোৰে। কিমান সময় পাৰ হৈ গ’ল এইদৰে গমেই নাপালে সিহঁতে ।

” তুমি ইয়ালৈ কিয় আহিলা , কি হ’ল ঘৰ এৰাৰ পিছত তোমাৰ লগত। ” তাইৰ বুকুৰ মাজতে সোমাই থাকি প্ৰশ্ন কৰিলে অভিৰাজে ।

” মই ঘৰ এৰি আহোঁতে মাত্ৰ টকা দুশ হাতত লৈ আহিছিলো । মোক একোৱেই আনিব নিদিলে খুৰাই । তোমাক হস্পিতেলত শেষ বাৰৰ বাবে চাই একো নাভাবি উঠি দিছিলো মই এখন গাড়ীত । সেই গাড়ীখনেই ইয়ালৈ লৈ আহিলে মোক । একেজোৰ কাপোৰ, এটা টকা হাতত নোহোৱাকৈ , লঘোণে ভোকে অ’ত ত’ত ঘূৰি ফুৰিলো মই । কি কৰিম , ক’ত থাকিম একোৱেই উৱাদিহ নাপালো । কেৱল নেদেখা জনক কাকূতি কৰিলো সন্তানটোক ঠিকে ৰাখিবলৈ । এনেকৈ ঘূৰি ফুৰোতে এদিন বৰ্ণালী বাইদেউৰ ঘৰৰ মুখতে মুৰ ঘূৰাই পৰিলো । ঈশ্বৰৰ ইচ্ছাই আছিল হয়তো । তেখেতে মোক ভিতৰলৈ লৈ গ’ল । খাবলৈ দিলে । অলপ সুস্থ হোৱাত বাইদেৱে মোক মোৰ বিষয়ে সুধিলে । বাইদেউক সকলো জনালো মই । মই অন্তসত্তা বুলি গম পাই বাইদেৱে মোক ডাক্তৰৰ ওচৰলৈ লৈ গ’ল ।বাইদেউৰ ঘৰতে মোক থাকিব দিলে । মই যেন হাততে সৰগ হে ঢুকি পালো । বাইদেউক মোৰ ভগৱান যেন লাগিল । মই জীয়াই থাকিলো কেৱল অভিলাসাৰ বাবে । তাই মোৰ গৰ্ভত নথকা হ’লে মই হয়তো আত্মহত্যা কৰিলো হয় অভি । বাইদেউৰ মৰম আৰু যত্নত আকৌ হাঁহিব শিকিলো মই । এদিন আমাৰ পৰিজনী পৃথিৱীলৈ আহিল। তাই পেটত থাকোতেই ভাবিছিলো মই তাইক কোনোবা অনাথালয়ত থৈ সকলো মায়া মোহ এৰি গুচি যাম এই পৃথিৱীৰ পৰা । বৰ্ণালী বাইদেৱে নিদিলে । মোৰ মনৰ কথা বুজি তাইক লালন পালন কৰিবলৈ বাইদেৱে মোক বাইদেউৰ স্কুলতে জইন কৰিব ক’লে। মই ভাবিলোঁ তাকেই কৰিম । কিন্তু মোৰ অতীতে আমাৰ সন্তানটোক কষ্ট দিয়ে বুলি মই বাইদেউৰ হাততে তাইক সঁপি বাইদেউৰ ঘৰতে ভাড়া থাকি অভিলাসাক চকুৰ আগত ৰখাৰ সিদ্ধান্ত ল’লো । বাইদেৱে বুজিলে । তাইক নিজৰ সন্তানৰ মৰম দিলে । এটা পৰিচয় দিলে , ভাল স্কুলত শিক্ষা দিয়ালে । বাইদেউৰ ওচৰত চিৰ ঋণী হৈ পৰিলো মই । ” …….. দীঘল হুমুনিয়াহ এটা ওলাই আহিল তাইৰ বুকুয়েদি ।

“মোক এতিয়াই লৈ ব’লা অভিলাসাৰ ওচৰলৈ, বৰ্ণালী বাইদেউৰ ওচৰলৈ । মই মোৰ পৰিজনীয়ে ইমান বছৰে বঞ্চিত হোৱা মৰমবোৰ ঘূৰাই দিম পাপৰি । তোমাৰ উকা সেউতাত সেন্দুৰ দি আমাৰ সপোনৰ ঘৰখন আকৌ সজাই তুলিম পাপৰি । কি পাপ কৰিছিলো মই , যাৰবাবে তুমি ইমান যন্ত্ৰণা সহিব লগা হ’ল । কিয় হ’ল আমাৰ লগত এনেকুৱা ?”

“আৰু দুখ নকৰিবা অভি । আমাৰ প্ৰেমৰ শক্তিয়ে আমাক আকৌ ওচৰ চপাই আনিলে চোৱা । মাত্ৰ মোক অলপ সময় দিয়া । বৰ্ণালী বাইদেউক মই কথাবোৰ জনাব লাগিব । অভিলাসাক সঁচাখিনি ক’ব লাগিব । ওচৰতে আছো যদিও মই যে তাইৰ জন্মদাত্ৰী মাক তাই নাজানে । বুজিবলৈ তাইক ও সময় লাগিব নহয় । তাই এতিয়া ডাঙৰ হৈছে বিবেচনা কৰিব পৰাকৈ । বুজিব তাই ।তোমাক মই তেতিয়া লৈ যাম তাইৰ ওচৰলৈ । “

“তাই দেখিব কেনেকুৱা হৈছে পাপৰি ?”

“তোমাৰ দৰেই অভি । তাইৰ মুখখন ,চকুযুৰি ঠিক তোমাৰ দৰেই । ” … মোবাইলতো উলিয়াই অভিলাসাৰ ফটো একপি দেখুৱালে পাপৰিয়ে ।

তাইৰ ফটোখনতে হাত ফুৰাই চুমা এগালমান আঁকি দিলে অভিৰাজে । মোবাইল স্ক্ৰীণ খনত দুটোপাল চকুলো সৰি পৰিল ।পাপৰিক সাৱটি ধৰি তাইৰ গুলপীয়া উঠদুটিত নিজৰ উঠখন গুজি দিলে সি । ভাল লগা অনুভৱবোৰে ধুই নিলে সিহঁতৰ বুকুখন গধুৰ কৰি ৰখা দুখবোৰ ।
ইমানদিনে সুখবোৰ বিচাৰি বলিয়া হৈ পৰা অভিৰাজ আৰু পাপৰিয়ে ফৰকাল মন এটি লৈ পশ্চিম আকাশত ৰক্তিম হৈ ডুবিব ধৰা সুৰুজক সাক্ষী কৰি অনাগত দিনবোৰ একেলগে কটাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ’ল ।

উভতি আহিয়েই তাই বৰ্ণালী বৰুৱাক সকলো জনালে । তাইৰ সুখত সুখী হ’ল তেখেত । আৰু অভিলাসাক কথাবোৰ বুজোৱাৰ দায়িত্ব ল’লে । কেইবা দিন ও লাগিল অভিলাসাৰ কথাবোৰ বুজি উঠিবলৈ । বৰ্ণালী বাইদেৱে অলপো লুক-ঢাক নকৰাকৈ মাকৰ অতীতৰ কথা ক’লে তাইক । ফেঁকুৰী উঠিল অভিলাসা । ইমান বছৰে চকুৰ আগতে নিজৰ সন্তানক ৰাখিও মৰম দিব নোৱাৰা মাকৰ মুখখন মনত পেলাই কান্দি উঠিল তাইৰ কণমানি হিয়াখনে । দৌৰি আহি মাকক সাৱটি ধৰিলে তাই । কিমান যে দুখ কষ্ট সহিব লগা হৈছে তাইৰ মাকে । ভগৱানৰ ওপৰত খং উঠিল তাইৰ ।
পাপৰিয়ে গালে মুখে চুমাৰে উপচাই পেলালে তাইৰ । আৰু অভিৰাজলৈ ফোন কৰি সোনকালেই মাতি পঠালে তাক ।
যেনেকৈ আছিল তেনেকৈয়ে ঢপলিয়াই আহিল সি ।

এটা ঘৰৰ ,এখন চালিৰ তলত অ’ত-ত’ত সিঁচৰতি হৈ থকা মৰমবোৰ একগোট হ’ল । মৰমৰ নৈ খন বৈ গ’ল সিহঁতৰ বুকুয়েদি সপোনৰ পলস পেলাই । পাপৰিৰ গোঁসাই থাপনাত থকা সেন্দুৰৰ টেমাটো খুলি অলপ সেন্দুৰ বোলাই দিলে অভিৰাজে তাইৰ শিৰত । সিহঁতৰ মিলনৰ সাক্ষী হৈ ৰ’ল সিহঁতৰ সন্তান ……
অভিলাসা…।

          ______সমাপ্ত_____

মৰ্য্যদা


“Happy women’s day darling … “
গা ধুই বাথৰুমৰ পৰা ওলাই অহা পিয়ালীক সুদীপ্তই ৰঙা গোলাপ এপাহৰ লগত ধুনীয়াকৈ পেকিং কৰি অনা উপহাৰৰ টোপোলা এটা আগবঢ়াই দিলে ।

“Thank you so much সুদীপ্ত । মোক নাৰীত্বৰ উপলব্ধিৰে মোৰ জীৱনৰ প্ৰতিটো খোজত মোৰ সহযাত্ৰী হোৱাৰ বাবে তোমাক আন্তৰিক ধন্যবাদ জনাইছো । সদায় ছাঁটোৰ দৰে মোৰ স’তেই থাকিবা দেই এইদৰে ..।”

এখন হাতেৰে গিফ্টটো আৰু আনখন হাতেৰে সুদীপ্তক সাৱটি ধৰিলে তাই । পেকেটটো খুলি ভাল লাগি গ’ল পিয়ালীৰ । এযোৰ পাতল সেউজীয়া ৰঙৰ চেলোৱাৰ-কামিজ… । কাপোৰযোৰ এনেই গাৰ ওপৰতে আৰি আইনা খন চাই সন্তুষ্টিৰ হাঁহি এটা মাৰিলে তাই আৰু ফুলপাহ আইনা গিলাচ এটাত পানী দি বেডৰুমত ফ্ৰেম কৰি ৰখা সিহঁতৰ ফটো খনৰ ওচৰতে থৈ দিলে । থাকক সি দিয়া ৰঙা গোলাপ পাহ …. সজীৱ হৈ…সিহঁতৰ মৰম বোৰৰ দৰেই…. ।

জিনুয়ে ডাইনিং টেবুলত সজাই দিয়া ৰুটি তৰকাৰী আৰু চাহ কাপ খাই সুদীপ্তৰ পৰা পিয়ালীয়ে লগৰ কেইজনী মানৰ লগত ৱমেন’চ দে’ বুলি অলপ সময়ৰ বাবে, আগতেই প্লেন কৰি ৰখা গেট টুগেদাৰ এটাত যোৱাৰ পাৰমিচন ল’লে । সি ভালেই পালে । কুঁহি জন্ম হোৱাৰ পৰা এই এবছৰে তাই নিজক সময় দিবই পৰাই নাই । আজি ৰবিবাৰ , সি ঘৰতে থাকিব । জিনু আছেই । যাওক তাই । নিজক সময় দিয়ক । উপভোগ কৰক নিজৰ নামত দিনটোৰ অলপ সময়…. ।

কুঁহিৰ যাৱতীয় কাম খিনি কৰি, জিনুক দুপৰীয়া সাঁজৰ দিহা দি, সুদীপ্তই অলমাৰী খুলি বাচি দিয়া তাৰ পছন্দৰ সৰিয়হ ফুলিয়া ৰঙৰ শাৰী এখন পিন্ধি ল’লে পিয়ালীয়ে। ইতিমধ্যে লগৰ কেইজনী আহি সিহঁতৰ গেটৰ মুখত হাজিৰ হ’ল । শুই থকা কুঁহিক মৰম কৰি যাবলৈ ওলাল তাই । মনটো বেয়াও লাগিল … । কুঁহিক আজিলৈকে এনেদৰে কোনোদিন এৰা নাই । তথাপিও সুদীপ্ত থাকিব…. । তাৰ ভৰষাতে তাইক থৈ যাব ওলাইছে । সুদীপ্তই চিন্তা কৰিব মানা কৰি আগবঢ়াই দিলে পিয়ালীক গেটৰ মুখলৈকে ।

পিয়ালী যোৱাৰ পিছত বাচন – কাপোৰ ধুই, ঘৰ খন সৰা মোছা কৰি জিনু পাকঘৰত সোমাল আৰু কুঁহিৰ কাষতে বহি লেপটপটো উলিয়াই অফিচৰ কামত ব্যস্ত হ’ল সুদীপ্ত । জিনুৰ ভাত বনাই নহওতেই প্ৰেচাৱ পাইখানা কৰি কুঁহিয়ে কান্দিব ধৰিলে । দিনটো অফিচতে ব্যস্ত থকা সুদীপ্তই জীয়েকৰ আলপৈচান ধৰিব শিকাই নাছিল আচলতে । জিনুয়ে ল’ৰালৰিকৈ আহি কান্দি থকা কুঁহিক চাফা কৰি কোচত লৈয়েই আকৌ ভাতত লাগিল । ভাতৰ কাম হোৱাত কুঁহিক ,পিয়ালীয়ে কৈ যোৱাৰ দৰে গাখীৰ বনাই খোৱাই শুৱাব যত্ন কৰিলে জিনুয়ে। বহু যত্নৰ মূৰত যেনেতেনে টোপনি আহিল তাইৰ । কুঁহিক শুৱাই সুদীপ্তক ভাত খাব দি জিনু কুঁহিৰ কাষতে বিচনাত পৰিল । একেলেঠাৰিয়ে কামত লাগি থকাৰ বাবেই হয়তো ভাগৰত চকু দুটা জাপ খাই আহিল তাইৰ ।

হঠাৎ সুদীপ্তই বিচনা খনৰ পৰা চোচৰাই নি দিয়া পূৰ্ণহতিয়া চৰটোত থতমত খাই ,উঠি বহিল জিনু। টলকিবই নোৱাৰিলে জিনুয়ে কিনো হ’ল । উঠিহে দেখিছে কুঁহিয়ে কান্দি আছে । আলফুলে তাই কোচত উঠাই ল’লে কুঁহিক । দুখে লাজে চকুলো নিগৰি আহিল জিনুৰ দুচকুৰ পৰা। বিচনাৰ চুকত লাগি, তাই পিন্ধি থকা ফ্ৰকটোৰ ও বহুখিনি ফাটিল । চকুপানী টুকি টুকি কুঁহিক নিচুকাব ধৰিলে তাই ।

তেনেকুৱাতে পিয়ালী আহি ফটা চোলা আৰু চকুপানীৰে জিনুক দেখি আচৰিত হ’ল । অজান আশংকাত বুকুখন কঁপি উঠিল তাইৰ। কি হ’ল সোঁধাত জোৰ কৰি বাধা দি ৰখা জিনুৰ চকুপানীবোৰ ধাৰাসাৰে বৈ আহিল । তাই মুখেৰে একো নমতাত সুদীপ্তক বিচাৰি তাই সিহঁতৰ ৰুম পালেগৈ । সুদীপ্তক প্ৰশ্ন কৰাত ,সিও চিঞঁৰি উঠিল…
” মহাৰাণীকে সোধা । জোখতকে বেছি মৰম দি মূৰৰ ওপৰত উঠালা তুমি তাইক । “
একো বুজিব নোৱাৰি তাই জিনুক চিঞঁৰি ৰুমলৈ মাতিলে আৰু কি হ’ল পুনৰ সুধিলে । জিনুৱেও কান্দি কান্দি নিজৰ গাতে দোষ পেলাই ক’লে যে কুঁহিয়ে কান্দি থকা গম নাপালে তাই । কেতিয়া জানো টোপনি আহিল ..!! পিয়ালীয়ে বাৰে বাৰে কৈ যোৱাৰ পিছত ও তাই নিজৰ দায়িত্ব ভালদৰে পালন কৰিব নোৱাৰাত লজ্জিত অনুভৱ কৰিলে ।

” কিন্তু তোৰ পিন্ধি থকা কাপোৰ কিদৰে ফাটিলে । সঁচা ক’ মোক জিনু । ” …. জিনু নীৰৱ হৈ ৰ’ল ।
সুদীপ্তই ক’লে যে চৰ এটা মাৰি খঙতে তাইক বিছনাৰ পৰা টানি আনোতে ফাটিল চাগে….। তেতিয়াহে তাৰ চকু পৰিল জিনুৰ চোলাটোৰ ফটা অংশখিনিত । তাইৰ মুখখন চালে সি । আঙুলিৰ চাপ বহিয়েই আছে সোঁ গালখনত ….ঠিক কাণৰ তলতে , তাইৰ কান্দি থকা চকু দুটাৰ দৰেই…. ৰঙা হৈ.. ।

কথা খিনি বুজি জিনুক সাৱটি ধৰি মৰম কৰি পিয়ালীয়ে বেয়া পাব মানা কৰিলে আৰু কুঁহিক নিজৰ কোলালৈ আনি ফ্ৰকটো সলাই ল’বলৈ পঠাই দিলে তাইক ।

সুদীপ্তলৈ খংৰে চাই সেই ব্যৱহাৰৰ কাৰণ সুধিলে পিয়ালীয়ে ।
” কুঁহিয়ে বহুত কান্দিছিল । তাই কাষতে নাক বজাই শুই আছিল । মোৰ দেখি খং উঠি গ’ল পিয়ালী । কি সাহসত তুমি তাইৰ হাতত কুঁহিৰ দায়িত্ব দিয়া ?? কেতিয়াবা আমাৰ কুঁহিৰ ভগৱানে নকৰক, তাইৰ অসাৱধানতাৰ বাবে নহ’ব ল’গা কিবা এটা হ’লে কি কৰিবা কোৱা । “.. . সুদীপ্তই জাঙুৰ খাই উঠিল ।

” জিনু তুমি ভবাৰ দৰে অসাৱধান নহয় সুদীপ্ত। তুমি কিমান সময়নো কুঁহিৰ লগত কটোৱা কোৱাচোন । আজিহে মইও তুমি ঘৰতে থকাৰ বাবে কুঁহিক এৰি ওলাই গৈছিলো । দিনটো জিনু আৰু ময়েই দেখোন তাইক চম্ভালো । অলপ সময় তুমি কুঁহিক নিজেই চম্ভালিব নোৱাৰিলা ?
ঠিক আছে বাদ দিয়া…., ঘৰৰ কাম , পাকঘৰৰ কামবোৰ কোনে কৰিলে ? কুঁহি মইনাই এইখিনি সময়ত হয়তো প্ৰেচাৱ পাইখানা ও কৰিলে । সেইবোৰ কোনে চাফা কৰিলে ? তাইক খোৱাই , জোকাৰি ,নিচুকাই কোনে শুৱালে ? নিশ্চয় তুমি নহয়, জিনুয়ে কৰিছে সকলোবোৰ ।

এতিয়া কোৱা, কি দৰকাৰ গাভৰু ছোৱালী এজনীৰ লোকৰ কেঁচুৱাৰ গু-মুত ধুই ,গোটেই ঘৰৰ কাম চম্ভালি এজনী মাকৰ দায়িত্ব পালন কৰিবলৈ । কেইটামান টকাৰ বাবেই এইবোৰ কৰা নাই জানো তাই.. !! ভাগৰত তাইৰ চাগে টোপনি আহিছিল । তুমি তাইক চৰটো নামাৰি কুঁহিক নিজেইও দাঙি আনিব পাৰিলা হয় । সেইকণ মৰমেই যদি জিনুক আমি দিব নোৱাৰো , আমাৰ ঘৰৰ কাম বোৰ তাইক কৰিব দিয়াৰ ও যুক্তি নাই দেখোন আমাৰ । বেয়া পাইছোঁ মই তোমাক… । তোমাৰ পৰা এইখিনি এক্সপেক্ট কৰা নাছিলো মই সুদীপ্ত । ৱমেন’চ দে’ বুলি মোক গিফ্ট দি উইছ কৰিলা, কুঁহিৰ প্ৰতি তোমাৰ অন্তৰত থকা মৰম বোৰৰ বাবেই জিনুক চৰতো ও মাৰিলা । কিন্তু কিয় পাহৰি গ’লা ,, জিনু ও এগৰাকী নাৰী.. মোৰ দৰে … আৰু তোমাৰ ছোৱালী কুঁহিৰ দৰে কাৰোবাৰ জীয়ৰী ও । তাইও মৰমবোৰৰ পৰা বঞ্চিত হ’ব নালাগে । আমি যি খিনি তোমাৰ পৰা পাইছো তাইও পাব লাগে । সকলো নাৰীয়ে আচলতে পাব লাগে । নহ’লে নাৰী দিৱস পালন কৰাৰ তাৎপৰ্য্যই নাইকিয়া হৈ যাব দেখোন । “

কথাবোৰ বোধগম্য হোৱাত বেয়া লাগিল সুদীপ্তৰ ।
” চ’ৰি পিয়ালী । হয় দিয়া । ঠিকেই কৈছা তুমি । “

আলমাৰীটো খুলি সি দিয়া চেলাৱাৰ কামিজযোৰ উলিয়াই আনিলে তাই ।
“এইযোৰ জিনুক দি আহা । খঙৰ প্ৰকোপত তাই পিন্ধি থকা ফ্ৰকটো ফালিয়েই দিলা । এইযোৰ দিলে তাই ভাল পাব যোৱা । “
” কিন্তু এইযোৰ মই তোমাৰ বাবে হে আনিছিলো ।”
” মোক ইয়াতকৈ ভাল এযোৰ আনি দিবা পিছত । মই বেয়া নাপাওঁ । বৰঞ্চ ভাল হে পাম ।”

কাষৰ ৰুমত থকা জিনুৰ , পিয়ালী আৰু সুদীপ্তৰ কথাবোৰ কাণত পৰিল । পিয়ালীৰ মৰমবোৰ তাই সদায়েই অনুভৱ কৰি আহিছিল । সেই মৰমবোৰৰ লগতে থকা পিয়ালীৰ বহল মনটো বুজি বুকু খন ভৰি পৰিল জিনুৰ।
সুদীপ্তই জিনুক উপহাৰৰ টোপোলাটো আগবঢ়াই দি বেয়া পায় থাকিব মানা কৰিলে । ল’বলৈ অস্বীকাৰ কৰিছিল জিনুয়ে । কিন্তু পিয়ালীৰ মৰমখিনিক নাকচ কৰিবলৈ অন্তৰ খনে বাধা দিলে তাইক । নিজৰ সৰলতাৰে পুনৰ তেনে ভুল নকৰে বুলি কথা দি পিয়ালীক আনন্দ মিশ্রিত চকুলোৰে সাৱটি ধৰিলে জিনুয়ে ।।

” ঐ ,হেপি ৱমেন’চ দে’ দেই জিনু… । আজি তোৰ মোৰ দিন । আমাৰ মহিলা বোৰৰ দিন। চকুপানী টুকি নাথাকিবি । ফুৰ্তি কৰ । সঁচা অৰ্থত নাৰী হোৱাৰ মৰ্য্যদা বুজিব লাগিব আমি । ধুনীয়াকৈ সকলোৰে বাবে চাহ বনাগৈ যা । একেলগে বহি খাম সকলোৱে । “
পৰিবেশটো পাতলাবলৈ কথা খিনি কৈ কোলাত লৈ থকা কুঁহিক সুদীপ্তৰ হাতত দি জিনুৰ লগতে পাকঘৰলৈ সোমাই গ’ল পিয়ালী ….. ।


      --------//////--------

Design a site like this with WordPress.com
Get started