
প্লাবিতাৰ মূৰৰ শিতানৰ টেবুল ঘড়ীটোত পাঁচ বজাৰ এলাৰ্মটো বাজি উঠিল । কাষতে শুই থকা ৰক্তিমে সাৰ পাব বুলি.. ল’ৰালৰিকৈ এলাৰ্মটো অফ কৰি.. বিচনাৰ পৰা নামি আহিল তাই । নাইট গাউনটো ভালদৰে মেৰিয়াই.. অবিন্যস্ত চুলি কেইডাল.. ৰাবাৰ বেণ্ড এডালেৰে লাহেকৈ পকাই .. দুৱাৰখন খুলি বেলকনিত ঠিয় হৈ… বাহিৰৰ পৰিবেশটো লক্ষ্য কৰিলে..।
প্ৰভাতি পক্ষী কেইটামানে কিচিৰ-মিচিৰ শব্দৰে লয় তুলি তুলি.. তাইক যেন শাৰদীয় শুভেচ্ছা জনাইছে..। অলপ দিনৰ পিছতেই দূৰ্গাপূজা..। এক উৎসৱমুখৰ আনন্দেৰে মুখৰিত হৈ উঠিব চৌদিশ…। অ’ত ত’ত দুই এখন পেণ্ডেলৰ কাম প্ৰায় সমাপ্তই হৈছে । প্ৰতি বছৰেই শৰতৰ এই সুন্দৰতাক প্ৰাণ ভৰি উপভোগ কৰে প্লাবিতাই । কিমান যে ভাল ল’গা এই ঋতু..এই শৰৎ..।
এইয়া যে শেৱালি ফুলাৰ বতৰ..। দুবৰিৰ কোলাত মুকুতা মণিৰ দৰে পৰি থকা.. নিয়ৰৰ টোপালবোৰ চুমি… তলসৰা শেৱালীবোৰ শুই থকাৰ বতৰ । গা মন চুই যোৱা হিম শীতল মৃদু বতাহ জাকক অনুভৱ কৰাৰ বতৰ..। দূৰ্গা মাৰ আশীষ লোৱাৰ বতৰ..!
পুৱাৰ এই সময়খিনি প্লাবিতাৰ একান্ত নিজৰ সময়..। ডেইলি ৰুটিন খনৰ এই সময়ক’ন… তাই একান্ত নিজৰ বাবে ঠিক কৰি লৈছে । সোনকালে উঠি.. বেলকনিৰ নিৰ্দিষ্ট চকী খনত বহি.. চেনী নোহোৱা ফিকা কফি একাপ হাতত লৈ.. প্ৰতিপুৱা নিজৰ লগতে আধাঘণ্টা মান সময় নীৰৱে কটাই তাই । গুণগুণাই… প্রিয় গানৰ কলিবোৰ.. টাবৰ ফুল কেইজোপাৰ আপদাল কৰে.. লিভিং ৰুমৰ চুক এটাত পৰিত্যক্ত হৈ পৰি থকা.. তানপুৰা খন আৰু হাৰমনিয়াম খন ধুনীয়াকৈ পৰিষ্কাৰ কৰে..।
আজিও তাৰ ব্যতিক্ৰম হোৱা নাই ..। দূৰৈৰ ক’ৰবাৰ পৰা ৰিনিকি-ৰিনিকি ভাঁহি আহিছে এটা দূৰ্গা বন্দনা..। হয়তো কোনোবাই ৰেডিও বা অডিঅ’ প্লেয়াৰত লগাই দিছে..। মনটো ভাল লাগি গ’ল প্লাবিতাৰ..। আগতে ৰাভা সংগীত, লোক সংগীত, জ্যোতি সংগীত, দূৰ্গা বন্দনা গাই.. কিমান যে পুৰষ্কাৰ বুটলিছিল তাই..! দেউতাকে স্থানীয় পুজা খনত দূৰ্গা বন্দনা গোৱাবলৈকে সদায় তাইক লৈ গৈছিল..। সকলোৱে তাইৰ কণ্ঠৰ প্ৰশংসা কৰিছিল .. । এতিয়া সকলোবোৰ মাত্ৰ স্মৃতিৰ পাতত হে সজীৱ হৈ আছে..। তথাপিও.. মনত এটা আশা পুহি ৰাখিছে.. এদিন এখন মিউজিক স্কুল খুলিব তাই..। আকৌ এদিন গান গাব ..।
বিয়া হৈ …এগৰাকী পত্নী.. মাতৃ.. বোৱাৰী.. বৌ.. পেহী.. খুৰী.. ননন্দ.. কিমান যে নতুন নতুন সম্বন্ধৰে বান্ধ খাই পৰিল ..। তাৰোপৰি এগৰাকী ৱৰ্কিং লেডী হিচাবে ব্যস্ততা আছেই .. । তাৰ মাজত ও কেতিয়াবা..আত্ম পৰিচয় বিচাৰি হাহাকাৰ কৰি উঠে প্লাবিতাৰ মনটো..।
ক’ত লুকাই পৰিল সেই “প্লাবিতা জনী”.. যোনে গান গাই ভাল পাইছিল, নাচি ভাল পাইছিল, কবিতা লিখিছিল, খিলখিলাই দৌৰি ফুৰিছিল সপোন খেদি খেদি..।
পিছে উত্তৰবোৰ বিচাৰি নাপাই দেখোন.. ।
কথাবোৰে মনটো দুৰ্বল কৰি নেপেলাওক বুলিয়েই.. তাইও গুণগুণাব ধৰিলে..
“দূৰ্গে দূৰ্গে দুৰ্গতি নাশিনী..
মহিষাসুৰ মৰদিনী জয় মা দূৰ্গে..।
দেৱী দূৰ্গে জগত জননী..
তুমি মা..মংগল কাৰিণী..।”
ভাৱ বিভোৰ হৈ পৰা প্লাবিতাৰ …কাষৰ চকী খনত.. হাততে লেপটপটো লৈ..ৰক্তিম আহি কেতিয়ানো বহি পৰিল.. গমেই নাপালে তাই ।
-: গুড মৰ্নিং ৰক্তিম..। আজি ইমান সোনকালে উঠি আহিলা যে..! মই মনেই কৰা নাছিলো । এনেই দেখোন ব্ৰেকফাষ্ট ৰেডি কৰি চিঞঁৰি থাকিব লাগে ।
-: অলপ টেনশ্যনত আছো অ’ । ইমান কষ্ট কৰি প্ৰজেক্ট ৰিপৰ্ট এটা বনালো.. নতুন এমপ্ল’য়ি এজনে তাতে ভুল উলিয়াইছে..। ইমান বছৰে.. কোনেও খুঁত ধৰিব নোৱাৰাকৈ কামবোৰ পৰিপাটিকৈ কৰি অহাৰ পিছত.. এটা কম বয়সীয়া ল’ৰাই মোৰ ৰিপৰ্টত কুৱেশ্যন কৰিছে.. !
মই মেন্টেলি বহুত ডিষ্টাৰবড হৈ পৰিছো..।
-: অ’কে অ’কে কুল ডাউন ডিয়েৰ..। তুমি চোৱাচোন বাৰু ক’ত নো ভুল হৈছে…। মই তোমালৈ চাহ একাপ কৰি আনো.. ।
কথা কেইটা কৈ ভিতৰলৈ সোমাব লৈও.. পুনৰ ৰক্তিমৰ ওচৰলৈ আহি.. তাৰ চুলি কেইডালতে আঙুলি ফুৰাই মৰমেৰে ক’ব ধৰিলে প্লাবিতাই..
-: কি জানা ৰক্তিম.. আজিৰ ল’ৰা ছোৱালীবোৰ বহুত বেছি টেলেন্টেড হয়..। আমি ভবাতকৈ ও বহুত বুজে.. বহুত বেছি জানে সিহঁতে.. । তুমি ল’ৰা জনক তোমাৰ কৰ্মচাৰী বুলি নাভাবি.. লগৰ এজন বুলি.. প্ৰজেক্টটোত একেলগে কাম কৰাচোন । কিজানি এতিয়াতকৈ ও ভাল ৰিজাল্ট আহে..।
-: হয় দিয়া.. ঠিকেই কৈছা তুমি । মই কথা পাতিম তাৰ লগত..।
লেপটপটোত চকু ৰাখিয়েই.. প্লাবিতাৰ কথাত সন্মতি জনালে ৰক্তিমে..। তাইও ধেমালি কৰাৰ চলেৰে তাৰ কাণতে কোৱা দি কৈ গ’ল ।
-: বাই ডা ৱয়ে.. কেতিয়াবা মোকো ক’বা..। বিজিনেছ ফিল্ড খনত তোমাৰ সমান নহ’লেও… মোৰো অলপ এক্সপেৰিয়েন্সছ আছেতো…! কিজানি সৰু সুৰা বোৰ বুজি পাওঁৱেই..।
ৰক্তিম নীৰৱে ৰ’ল..। তাৰ পুৰুষত্ব অৱনমিত হোৱাৰ ভয়তে নে কি… প্লাবিতাৰ পৰা সহায় পাব বুলি জানিলেও.. কিছুমান সমস্যাৰ বিষয়ে সি.. প্লাবিতাক জনাব ইচ্ছা নকৰে..। প্লাবিতা আচৰিত হয়.. তাই জনা বুজাবোৰত ও .. ৰক্তিমৰ উপদেশ বিচাৰে..। অফিচিয়েল প্ৰব্লেমেই হওক বা ঘৰুৱা সমস্যাই হওক.. ৰক্তিমক সকলোবোৰ জনাই হে শান্তি পাই..।
কিন্তু ৰক্তিম সম্পূৰ্ণ ওলোটা..। কথাবোৰ সি নিজৰ মাজতে ৰাখি হে ভাল পাই..। প্লাবিতাৰ বাবে এটা ডাঙৰ প্ৰশ্ন সেইটো.. সি আচলতে প্লাবিতাক সমস্যাবোৰ জনাই..টেনশ্যন দিব নিবিচাৰে নে.. তাইও কিবাকৈ সহায় কৰিব পাৰিব বুলি.. তাইক বিশ্বাসত ল’ব নিবিচাৰে.. নে তাইৰ লিখা পঢ়াবোৰ মূল্যহীন বুলিয়েই ভাবে..।
ৰক্তিমক চাহ কাপ দি.. ব্যস্ত হৈ পৰিল তাই ঘৰুৱা কামবোৰত । দুয়ো ব্ৰেকফাষ্ট কৰি ওলাই যাব নিজ নিজ কৰ্মক্ষেত্ৰলৈ..আৰু শাহুয়েকৰ বাবে লাঞ্চ ৰেডি কৰি থৈ যাব লাগিব..। ঘৰৰ কামবোৰ যিদৰে ঘড়ীৰ কাটাই কাটাই কৰি তাই আজৰি হয়.. অফিচৰ কামতও তাই ডিছিপ্লিন বুলি সকলোৱে জানে..।
প্লাবিতা আৰু ৰক্তিমৰ একমাত্ৰ পুত্ৰ অংগীমক.. সিহঁতে ব’ৰ্ডিং স্কুলত থৈ পঢ়াইছে..। সেই লৈ প্লাবিতাৰ সদায়েই আপত্তি..। এটাই ল’ৰা..। সিহঁত থকা ঠাই খিনিত ইমান ভাল স্কুল-কলেজ থকা স্বত্তেও.. তাক মাকৰ বুকুৰ পৰা আঁতৰাই ৰাখিছে দেউতাকে..। মাকৰ মনটোয়েহে জানে.. তাৰ চিন্তাত কিদৰে দিন ৰাতি পাৰ হয়..।
কিন্তু ৰক্তিমৰ কথাৰ ওপৰত কিবা এষাৰ কোৱাৰ অধিকাৰ তাইৰ যেন নাই..। তাই কেতিয়াবা খুব অকলশৰীয়া অনুভৱ কৰে ঘৰখনত.. ।
কাৰোবাৰ জীৱনৰ লগত সাঙোৰ খাই পৰিলেই নিজস্বতাবোৰ এইদৰে হেৰাই যায় নে..! নিজৰ ভৰিত থিয় দি.. নিজেই উপাৰ্জন কৰিও..এগৰাকী নাৰী সঁচা অৰ্থত স্বাধীন কিয় নহয়..? মুক্ত মনে স্বাধীনতাবোৰ উপভোগ কৰাৰ পৰা নিজকে কিয় আঁতৰাই ৰাখিব লগা হয়..?
সদায়ৰ দৰে তিনিও একেলগে পুৱাৰ অহাৰ গ্ৰহণ কৰিলে..। ব্যস্ততাৰ অজুহাত দেখুৱাই ৰক্তিম সোনকালেই ওলাই গ’ল সেইদিনা । পাকঘৰ খন অলপ চিজিল কৰি.. ভিতৰৰ লাগতিয়াল বস্তুকেইপদ মানৰ লিষ্ট এখন বনাই ল’লে প্লাবিতাই । ঘৰৰ বজাৰ খিনি অফিচৰ পৰা আহোতে কৰি আনিব লাগিব..।
লৰালৰিকৈ স্কুটি খনৰ চাবিতো আৰু হেণ্ড বেগটো লৈ অফিচলৈ বুলি যাবলৈ ওলাল তাই আৰু ব্ৰেকফাষ্ট কৰি নিজৰ ৰুমতে কিবা কিবি কৰি থকা শাহুয়েকক চিঞঁৰি কৈ গ’ল..
-: মা মই আহিছো দেই । হট কেচত লাঞ্চ ৰেডি কৰি থৈছো..। খাই ল’ব ..। আৰু.. কিবা অসুবিধা হ’লে মোলৈ ফোন কৰিব..। ৰক্তিম বিজি থাকে যে.. তালৈ নকৰিব ।
ৰক্তিম ওলাই যোৱাৰ সময়ত.. বেলকনিৰ পৰা তাক .. দুচকুৰে নেদেখা হোৱালৈকে চাই ৰোৱা শাহুয়েক…তাই ওলাই যোৱাৰ সময়ত.. সদায়েই কি কামত জানো ব্যস্ত হৈ পৰে..! কথাবোৰ কেতিয়াবা চিন্তা কৰি চাব মন গ’লেও.. গুৰুত্ব নিদিয়ে প্লাবিতাই..। তাই মাথোঁ নিজৰ দায়িত্ববোৰ পালন কৰি যায়..। ----------------
একেই গতানুগতিক এটা পুৱা প্লাবিতাৰ বাবে..। সেই একেই দৈনিক ৰুটিনখন..একেই ব্যস্ততা…। সেই একেই অহা যোৱা কৰা ৰাস্তাটো.. নিৰ্দিষ্ট সময়ৰ ..সেই যাত্ৰাত.. সহযাত্ৰী হোৱা সেই নিৰ্দিষ্ট মানুহবোৰ.. । ৰাস্তাৰ সেই একেই ভিৰ-ভাৰ..।
আজি পিছে তাৰ মাজত ও কিবা এটা ভাল লগা অনুভৱে প্লাবিতাৰ মনটোক চুই গৈছে..।
আজি শীতৰ আগমনৰ..আগজাননী দি..বছৰৰ প্ৰথম কুঁৱলীজাকে.. মায়াময় কৰি তুলিছে তাইৰ চিনাকি ৰাস্তাটো..। ঘৰৰ ভিতৰৰ পৰা বিশেষ মন কৰা নাছিল যদিও.. ওলাই আহি প্ৰশান্তিৰ হাঁহি এটা বিয়পি পৰিছে তাইৰ ওঁঠযুৰিত..। বতাহত ভাঁহি অহা শেৱালীৰ সুবাস অলপ.. হৃদয়ৰ গভীৰলৈ জোৰকৈ উজাই লৈছে তাই ..।
লাহে লাহে স্কুটি খন লৈ আগুৱাই গৈ থাকিল প্লাবিতা । এনে লাগিল এই যাত্ৰাৰ যেন অন্ত নপৰক.. । এই ভাল লগা খিনি যেন চিৰ সজীৱ হৈ ৰওক..।
অলপ সময়ৰ পিছতে.. কুঁৱলীৰ আস্বাদন ফালি এচেৰেঙা কোমল ৰ’দে উজ্জ্বলাই তুলিলে চহৰখন..।
শৰৎ.. সেইবাবেই প্রিয় তাইৰ.. । শৰতৰ সৌন্দৰ্যই তাইৰ অন্তৰাত্মা পুলকিত কৰি তোলে..। শেৱালিৰ সুবাসে বলিয়া কৰি পেলাই তাইক..। এজনী চঞ্চলা কিশোৰীৰ দৰে উৰি ফুৰিব মন যায় নিয়ৰসিক্ত দুবৰীৰ দলিচা গচকি..। তাই যেন ঘূৰি যায় সোণোৱালী শৈশৱলৈ..। ঘূৰি যায়.. খৰাহীয়ে খৰাহীয়ে তলসৰা শেৱালিবোৰ বুটলি.. মালা চিলোৱা সেই দিন বোৰলৈ..। লগৰ কুকি.. পাখি হতৰ লগত কুঁৱলী ফালি পথাৰৰ আলিয়ে আলিয়ে দৌৰি ফুৰা সেই সময়বোৰলৈ..। গছৰ পাতত পৰি ৰোৱা নিয়ৰৰ টোপালবোৰ জোকাৰি… খিলখিলাই হাঁহি উঠা তাইৰ অতীতলৈ..।
অফিচৰ গেটৰ মুখত স্কুটি খন ৰখাই .. কল্পনাৰ জগত খনৰ পৰা বাস্তবলৈ ঘূৰি আহিল প্লাবিতা..। কেম্পাছটোত সোমাই মানুহৰ সমাগম খুব কম যেন অনুমান হ’ল তাইৰ । আচলতে পূজাৰ বাবে.. দূৰৈত থকা কৰ্মচাৰী সকলে আগতীয়াকৈ চুটি লৈ নিজৰ ঘৰখনলৈ ঢাপলি মেলিছে..। উৎসৱ বোৰতেই… কামৰ তাগিদাতেই হওক বা পঢ়া শুনাৰ বাবেই হওক.. দিহিঙে দিপাঙে থাকিব লগা পৰিয়ালৰ মানুহবোৰ একগোট হয়..। সেই অনুভৱ অনন্য..। প্লাবিতাই বুজে ।
প্লাবিতাৰ মনটো আকৌ এবাৰ ভাল লাগি গ’ল । দুদিন পিছত ৰক্তিম আৰু তাই.. অংগীমক ঘৰলৈ আনিবলৈ যাব । ল’ৰাটো আহিলে হে ঘৰখন ঘৰ যেন লাগে..। সি ও চাগে দিনবোৰ গণি থাকে.. কেতিয়া নিজৰ ঘৰখনলৈ আহিব পাৰিব ।
হঠাৎ …অংগীমৰ বাবে… ঘৰৰ এড্ৰেচত.. অনলাইনত অৰ্ডাৰ কৰা গিফ্ট এটাৰ , সেইদিনাই ডেলিভাৰি ডেট আছিল বুলি মনত পৰাত.. তাই শাহুয়েকলৈ ফোন কৰি… কৈ থ’লে …পাৰ্চেলটো ৰাখি থবলৈ..। প্ৰতি বাৰেই সি ঘৰলৈ আহিলে তাক এইদৰে চাৰপ্ৰাইজ গিফ্ট দি.. ঘৰত থকা দিন কেইটা সি যাতে সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে তাৰ বাবে বিশেষ ভাবে চকু দিয়ে প্লাবিতাই..।
ৰক্তিমটো নিজৰ বিজিনেছ ৱৰ্ল্ড খনতেই ব্যস্ত.. । ল’ৰাটো ঘৰলৈ আহিলে.. ভালদৰে কথা এষাৰ পাতিবলৈ ও কেতিয়াবা সময়ৰ অভাৱ হয় তাৰ । সেইবাবেই চাগৈ মাকবোৰৰ লগত সন্তানৰ এক নিবিড় সম্পৰ্ক গঢ়ি উঠে। মাক সিহঁতৰ অন্তৰংগ বান্ধৱী হৈ পৰে.. যিটো বাপেকবোৰৰ লগত সাধাৰণতে খুব কমেইহে দেখা যায়..।
অফিচত বৰ বিশেষ কাম নথকাত..প্লাবিতা অলপ সোনকালেই ওলাই আহিল… আৰু দৰকাৰী বজাৰ খিনি কৰি সন্ধিয়া লগাৰ আগে আগে ঘৰ সোমালগৈ..।
মেইন দুৱাৰখন খুলি ভিতৰ সোমাওতেই শাহুয়েকে তাইলৈ চাই গৰজি উঠিল.. যেন তাই অহালৈহে বাট চাই আছিল..
-: এইটো তোমাৰ পাৰ্চেল । ল’ৰাটোৱে দিন ৰাত কষ্ট কৰি টকা ঘটিছে আৰু তুমি অনলাইন চপিং কৰি সেইবোৰ উৰুৱাইছা..। কি দৰকাৰ নো..?
কথা কেইটাই প্লাবিতাৰ মূৰটো গৰম কৰি দিলে.. তথাপিও নিজকে সংযত কৰি যিমান পাৰে নম্ৰতাৰে তাই শাহুয়েকক উত্তৰ দিলে..
:- অংগীমৰ বাবে গিফ্ট এটা অৰ্ডাৰ কৰিছিলো মা । সি ইমান দিনৰ মূৰত ঘৰ খনলৈ আহিব যে..! তাৰোপৰি মইয়ো দুই এপইচা উপাৰ্জন কৰো নহয় । আপোনাৰ ল’ৰাৰ টকা খৰচ কৰা নাই। মই কাৰ্ড পেইমেন্ট কৰিছো ।
-: হ’ব হ’ব.. মুখ হাত ধুই কিবা এটা বনাই থোৱা । ৰক্তিম আহি পাবহিয়েই এতিয়া..।
ক’ব মন গৈছিল প্লাবিতাৰ… ” মইয়ো অফিচ কৰি হে আহিছো..। স্কুটি ৰখাই.. দোকানে দোকানে সোমাই.. ঘৰৰ বজাৰ ও কৰি আনিছো । বনাই খুৱাব নালাগে মোক..। কেতিয়াবা যদি উপযাচি পানী এগিলাচ আগবঢ়াই.. দিনটো কেনে গ’ল বুলি খবৰ এটাকে ল’লে হয়..! “
নক’লে তাই একো । আজিকালি দুখবোৰক.. ওঁঠৰ কোণৰ হাঁহি এটাৰে অৱজ্ঞা কৰিব শিকি ল’লে তাই..।
সহজে হোৱাকৈ ব্ৰেড পোলাও অলপ বনাই..শাহুয়েকক দি.. নিজেই ৰক্তিম আহিলে একেলগে চাহ কাপ খাবলৈ ৰৈ থাকিল প্লাবিতা । ভাগৰে হেঁচি ধৰিলে তাইক.. । পূজাৰ ভিৰত স্কুটি ঠেলি ঠেলি.. বজাৰ কৰা..কম কথা নহয়..। চিলমিলকৈ
হয়তো টোপনিয়েই আহিছিল তাইৰ.. ৰক্তিমৰ চিঞৰ শুনি হে খকমককৈ সাৰ পাই উঠিল ..।
ৰক্তিম আহিয়েই তাইক জোৰকৈ সাৱটি ধৰি ..দুগালত দুটা চুমা আঁকি দিলে..। আৰু ফুৰ্তিতে চিঞঁৰিব ধৰিলে..
-: মোৰ প্ৰমোচন হৈছে প্লাবিতা..। অৱশেষত মোৰ ইমান দিনৰ কষ্ট সফল হ’ল । মোৰ প্ৰজেক্ট ৰিপৰ্ট চাই বচ খুচ হৈ গৈছে পুৰা..। তুমি ঠিকেই কৈছিলা..মোৰ জুনিয়ৰ জনে..মোৰ ভুল বোৰ শুদ্ধ কৰি দিয়াত হে সম্ভৱ হ’ল সকলোবোৰ..। কিমান ফুৰ্তি লাগিছে আজি মোৰ বুজাই ক’ব নোৱাৰো তোমাক..। মোৰ সপোন আছিল এই প্ৰমোচনটো..। ইমান দিনে লোকৰ আন্দাৰত কাম কৰিছিলো । এতিয়া মই চিনিয়ৰ হৈ সকলোবোৰ তদাৰক কৰিম । মোৰ চেলাৰী দুগুণ হ’ব..।
মা ক’ত গ’ল..?
মা ….অ’ মা.. তোমাৰ ল’ৰা এতিয়াৰ পৰা অফিচৰ মালিক হৈ গ’ল বুজিছা…।
মাকক মাতি মাতি.. ৰক্তিম ভিতৰলৈ সোমাই গ’ল । প্লাবিতাৰ দুচকু তিয়াই সুখৰ..চকুপানী অলপ বৈ আহিল । আনন্দই বুকুখন ভৰাই পেলালে তাইৰ..। ৰক্তিমৰ সুখত.. সুখী আজি প্লাবিতা । তাৰ সফলতাত আজি গৌৰম্বাৱিত..।
ঈশ্বৰকে চিন্তিলে মনতে..
“প্ৰভু.. এইদৰে সুখবোৰ আঁকোৱালি লব’লৈ ৰাস্তা দেখুৱাই যাবা..। ঘৰখনৰ শান্তি সমৃদ্ধি অটুট ৰাখিবা ঈশ্বৰ..।”
শাহুয়েকক ঘৰতে বনাই দি.. সিহঁত দুয়ো.. বাহিৰত ডিনাৰৰ বাবে ওলাই গ’ল সেইদিনা..। কিমান দিনৰ মূৰত যে.. দৈনিক ব্যস্ততাবোৰ একাষৰীয়া কৰি.. দুয়ো এইদৰে একেলগে ওলাই আহিছে..!!
পৰিপাটিকৈ পিন্ধি লোৱা আকাশী নীলা শাৰী খন.. পাতল প্ৰসাধন.. খোলা চুলিৰে প্লাবিতাক সঁচাই বৰ ধুনীয়া দেখাইছে..। ৰক্তিমে আজি বহুত দিনৰ মূৰত তাইৰ মুখ খনলৈ মন্ত্ৰ মুগ্ধৰ দৰে চাই ৰৈছে..। প্লাবিতা অপ্ৰস্তুত হৈ পৰিছে তাৰ চাৱনিত..। এইয়া যেন প্ৰেমত পৰি.. প্ৰথম লগ হোৱাৰ মুহূৰ্তবোৰ…।
প্লাবিতাই মনত পেলাব যত্ন কৰিলে.. কিমান দিন হ’ল সিহঁত এইদৰে ওলাই নহা..। হয়তো.. অংগীম জন্মৰ আগতেই আহিছিল এদিন..। দুখ লাগি গ’ল তাইৰ..। সংসাৰৰ ব্যস্ততাই.. প্ৰেম কৰাৰ ও অৱকাশ নিদিয়া হ’ল দেখোন..!
এখন ফাইভ ষ্টাৰ হোটেলৰ.. সুসজ্জিত টেবুলত মূখা -মুখি কৈ বহি পৰিল দুয়ো..। প্লাবিতাৰ পছন্দৰ চাইনীজ ফুড অৰ্ডাৰ কৰিলে ৰক্তিমে..। ভাল লাগিল তাইৰ.. ৰক্তিমে আজি তাইৰ ভালপোৱা বোৰক গুৰুত্ব দিছে..।
সমান্তৰাল ভাৱে অলপমান অপৰাধবোধে ও অশান্তি দিলে প্লাবিতাক.. ” মানুহটোৰ ওপৰত মই মিছাই অভিমান অভিযোগবোৰ ৰাখো..। কৰ্মব্যস্ততাই হে তেওঁক আচলতে হৃদয়হীন কৰি পেলাইছে..। সুৰুঙা পোৱাত..আজিও তেওঁ আগৰ দৰেই ভালপোৱা যাচিছে দেখোন.. ।”
সময়খিনি মনে বিচৰাৰ দৰে উপভোগ কৰি উভটি আহিল দুয়ো..। আজি বহুত দিনৰ মূৰত নিজকে সুখী যেন অনুভৱ কৰিছে প্লাবিতাই..।
মাজত মাত্ৰ আৰু এটা দিন.. । তাৰ পিছদিনাই অংগীম আহি ঘৰখন ভৰাই তুলিব..। এই অপেক্ষাৰ যেন অতি সোনকালেই অন্ত পৰক..।
নাইট গাউনটো পিন্ধি.. মুখত নাইট ক্ৰীম অলপ লগাই.. ৰক্তিমৰ বুকুতে মূৰটো থৈ শুই পৰিল প্লাবিতা..। অলপ পৰ তেনেদৰেই থাকি হঠাৎ উঠি বহিল তাই..
-: ৰক্তিম…ব’লা না এইবাৰ পূজাত কৰবাত ফুৰিব যাওঁ । বেটা ও আহিব । কিমান দিন আমি একেলগে ক’তো ফুৰিব যোৱা নাই..।
-: কাম নাই আৰু.. ! এই ফুৰা চকা বোৰ কৰি পইচা উৰুৱাৰ পক্ষপাতী নহয় মই..। দেখিছা নহয়.. কলিতা দাৰ ল’ৰা আমেৰিকাত চেট’ল হ’ল । আমাৰ অংগীমক ও আমি আমেৰিকা পঠাম । তাৰ বাবে এতিয়াৰ পৰা প্লেন কৰিলে হে হ’ব..। টকা পইচা জমা কৰিব লাগিব নহয়..। খৰছ কৰাৰ কথা কিয় চিন্তা কৰা..?
ৰক্তিমৰ কথা শুনি প্লাবিতাৰ মনটো মৰি গ’ল । ঘৰখনৰ বাবে তাই চিন্তা নকৰা নহয়টো..। অংগীমৰ ভৱিষ্যতৰ চিন্তা তাইও কৰে..। সেইবুলিয়েই ফুৰা চকা ও বাদ দিব লাগিব নে..?
-: মোক আচলতে এটা ব্ৰেক লাগে ৰক্তিম..। একঘেয়ামী লাইফ ষ্টাইলে আমুৱাইছে মোক..।
নহ’লে এটা কাম কৰো দিয়া.. মই চাকৰি বাদ দি ঘৰতে এখন মিউজিক স্কুল খোলো..। তলৰ গেষ্ট ৰূমটোতেই ষ্টাৰ্ট কৰিম স্কুল খন..। অন্তত মোৰ আটাইতকৈ প্রিয় কামটোৰ লগত মই জড়িত হৈ থাকিব পাৰিম ।
তাতে তোমাৰ চেলাৰী ও নেক্সট মান্থৰ পৰা ডাবল হ’ব ।
-: হা .. হা .. হা .. । তুমি মিউজিক স্কুল খোলা..? নিজকে কি বুলি ভাবিছা..? তোমাৰ ওচৰত কোনোবা গান শিকিব আহিব..? হাউ ষ্টুপিড..!
আৰু কি বুজালা… তোমাৰ টকাৰে চলিছে এই ঘৰখন..?
অৱজ্ঞা সূচক হাঁহিৰে প্লাবিতাক ঠাত্তা কৰিব ধৰিলে ৰক্তিমে..।
ৰক্তিমৰ কথা কেইটাই শেলে বিন্ধা দি বিন্ধিব ধৰিলে..প্লাবিতাৰ বুকু খনত..। ইমান নিষ্ঠুৰ ভাবে সি কথা ক’ব পাৰে নে..! আচৰিত হ’ল তাই..।
-: কিয় ৰক্তিম.. ভাল নলগা হ’ল মোৰ কণ্ঠ..। এসময়ত দেখোন প্ৰশংসাৰে উপচাই পেলাইছিলা মোক..। তুমিতো ভালদৰে জানিছিলা.. সংগীত মোৰ বাবে কি হয়..। কিয় পাহৰি গ’লা..? প্ৰেমিকাৰ পৰা পত্নী হোৱাৰ লগে লগে মোৰ ভাললগা খিনিক বেয়া পোৱা হৈ গ’লা মানে..!
দস্তুৰমত সংগীতৰ ওপৰত জ্ঞান আছে মোৰ..। মই এম.মিউজ কৰি এখন মিউজিক স্কুল খুলিব পৰাকৈ নিজকে যোগ্য বুলি ভাবো..। তুমি যি দৰে আজি নিজৰ সপোন পূৰ হোৱাত সুখী হৈছা.. তেনেকৈ মোৰ ও মনত কিছুমান সপোন থাকিব পাৰে
ন’..? মইও বিচাৰো মোৰ সপোনবোৰে পাখি মেলক..।
-: বেছি উৰিব নালাগে..। চাকৰি কৰিব পাইছা.. সেইয়াই বহুত। মাষ্টৰণী বনিব নালাগে..।
গৰজি উঠিল ৰক্তিম..।
-: অহ.. মোৰ ইমপৰটেন্স মানে ইমানেই এইখন ঘৰত..! বাহিৰ ভিতৰ সকলো চম্ভালিম মই..। ৰান্ধনী হৈ জুতি লগাই ৰান্ধি খোৱাম তোমালোকক.. চাকৰণী হৈ ঘৰৰ কাম কৰিম.. ৰাতি তোমাৰ শয্যাসংগী হৈ তোমাক তৃপ্ত কৰিম..।
আৰে.. মোৰ গোটেই সময়বোৰ.. ইচ্ছা আনিচ্ছাবোৰ তোমালোকৰ বাবেই যদি.. মোৰ নিজৰ বাবে কি থাকিল ৰক্তিম..? মই ইমান মূল্যহীন নে.?
তুমি মোক বহুত আঘাট দিলা আজি..। ভবাই নাছিলো.. ক্ষন্তেকীয়া সুখ লৈ.. মন পচন্দৰ খানা খোৱাৰ বিনিময়ত মই ইমান দুখ পাব লাগিব..। তোমাৰ সপোনবোৰ হে সপোন.. মোৰ বোৰ একো নহয়..?
খং আৰু ক্ষোভত উচুপি উঠিল প্লাবিতা.. আৰু বেডৰুমৰ
পৰা ওলাই আহিল… । নিজৰ অস্তিত্ব বিচাৰি.. নিজৰ মনটোৰ লগতে যুঁজি বেলকনিত বহি বহি..উজাগৰী নিশা এটা কটাই দিলে তাই..। ৰক্তিম এবাৰলৈ ও তাইৰ ওচৰলৈ নাহিল..।
খুব দুখ লাগিল প্লাবিতাৰ… ইমান স্বাৰ্থপৰ নে ৰক্তিম..! ইমান হৃদয়হীন..! বহুতো প্ৰশ্নই ভাৰাক্ৰান্ত কৰি পেলালে তাইৰ মনটো..।
সদায়ৰ দৰে বাহিৰত অলপ অলপ পোহৰ হওঁতেই… গোটেই ঘৰৰ কামবোৰ কৰি আজৰি হৈ ল’লে প্লাবিতা..। হট কেচত ভাগে ভাগে ব্ৰেকফাষ্ট.. লাঞ্চ.. ৰেডি কৰি.. ৰক্তিমৰ বিচনাত.. কাগজ এখনতে.. কিবা অলপ লিখি তললৈ নামি আহিল তাই..।
শোৱাৰ পৰা উঠি.. কাগজখন পঢ়ি.. উধাতু খাই ৰক্তিম মাকৰ ওচৰ পালেহি..। অজান আশংকাত বুকু খন কপি উঠিল তাৰ..। ৰাতি বহুত বেয়াকৈ কৈ দিলে সি প্লাবিতাক.. তাই বহুত কষ্ট পাইছে..। কিবা ভুল সিদ্ধান্ত লৈ পেলোৱা নাইতো..?
-: মা .. প্লাবিতাই কিবা কৈ গৈছে নেকি তোমাক..?
-: কিয়.. মই উঠিছো হে এইমাত্ৰ..। কি হ’ল নো..?
মাকে আচৰিত হৈ সুধিলে..।
মাকৰ হাতত কাগজৰ টুকুৰাটো দি.. পাকঘৰ.. বাথৰুম.. লিভিং ৰুম.. সকলোতে তাইক বিচাৰিব ধৰিলে সি..আৰু
চিৰিয়েদি তললৈ নামিব ধৰোঁতেই ..তলৰ গেষ্ট ৰুমৰ পৰা হাৰমনিয়ামৰ শব্দ ভাঁহি অহাত সেইফালে ঢপলিয়াই গ’ল .. ।
গেষ্ট ৰুমৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি.. গান গাই আছে প্লাবিতাই..। খিৰিকীৰ পাতল পৰ্দাৰ ফাঁকেৰে ৰক্তিমে জুমি চাই দেখিলে.. চাকি ধূপ লগাই ৰূমটো তাই মন্দিৰৰ দৰে সজাই লৈছে..। এযোৰ শুভ্ৰ চেলোৱাৰ কামিজ পিন্ধি… ভিজা চুলিৰে একান্ত চিত্তে .. হাৰমনিয়ামত সুৰ তুলি এটাৰ পিছত এটাকৈ প্রিয় গানবোৰ গাই গৈছে তাই..। সি কেইবাবাৰ ও মাতিলে ..
প্লাবিতা দুৱাৰ খোলা.. প্লিজ…।
আই এম চ’ৰি প্লাবিতা…।
প্লিজ দুৱাৰখন খুলি দিয়া..।
তাই কানসাৰেই নকৰিলে..। আজি গোটেই দিনটো প্ৰাণ ভৰি গান গাব প্লাবিতাই । প্রিয় সপোনটোৰ সৈতে জী চাব..। নিজৰ অস্তিত্বৰ লগত একাত্ম হ’ব..। নিজস্বতাৰ মাজেৰে নিজৰ সত্তাটোক বিচাৰিব..। এটা দিন নিজৰ মতে.. নিজৰ লগত কটোৱাৰ অধিকাৰ তাইৰ ও আছে..।
বহু পৰ গেষ্ট ৰুমৰ দুৱাৰ মুখতে ৰৈ.. ওপৰলৈ উঠি আহিল ৰক্তিম । সি বুজিলে..আজি প্লাবিতাই সহজে খুলি নিদিয়ে বন্ধ দুৱাৰখন..। কিবা এটা দুখে বুকুখন হেঁচা মাৰি ধৰিলে তাৰ..।
গেষ্ট ৰুমৰ পৰা ভাঁহি অহা প্লাবিতাৰ সুললিত কণ্ঠ তাৰ কাণত পৰিল…।
“নিয়ৰ সেমেকা মনেৰে পদূলিত..
নুফুলে শৰতৰ শেৱালী..।
স্মৃতি সেউজীয়া.. তাহানিৰ ছবি
আজি সেই ধুৱলী কুঁৱলী..।”
শাহুয়েকে চচমা যোৰ লগাই কাগজৰ টুকুৰাটো পঢ়ি চালে..
“ৰক্তিম .. তোমাৰ লগত বিয়া হোৱা দিন ধৰি.. মোৰ সপোনবোৰ.. মোৰ নিজস্বতা.. হেৰুৱাই পেলালো মই..। আজি মাত্ৰ এটা দিন মোৰ বাবে বিচাৰিছো..। মই আজি এইখন ঘৰত নাই বুলি ধৰি ল’বা..। ব্ৰেকফাষ্ট.. লাঞ্চ.. সব ৰেডি কৰি থৈছো । সময়ত খাই ল’বা । মাক ও খোৱাবা ..। “
কথাখিনি পঢ়ি থাকোতে পিছৰ আখৰ কেইটা জলক তবক দেখিলে তেওঁ..আৰু পঢ়ি শেষ কৰে মানে দুটোপাল চকুপানী পৰি কাগজ টুকুৰা ভিজি পৰিল..।
মনতে ভাবিলে তেওঁ..
” হয়.. ছোৱালীজনীৰ ও কিছুমান সপোন আছে..। নিজস্বতা আছে..। যি দৰে সকলোৰে থাকে..। যি দৰে মোৰ ও আছিল..। সপোনবোৰ জীয়াই ৰাখিব লাগিব । মৰিব দিব নোৱাৰি.. । ” -------------------








