সেন্দুৰ..♥️


  

               ৰাতিপুৱা সোনকালে উঠি চোতাল খন সাৰি ল’লে ফুল’ই । গিৰিয়েক বলাই পুতেকক সাৱটি শুই আছে । পুহ মাহৰ ঠেঁটুৱৈ ধৰা ঠাণ্ডা । কুঁৱলীয়ে ঘোপ মাৰি ধৰিছে চাৰিওফালে । ঠাণ্ডা বুলি এলাহ কৰিবৰ সময় নাই আজি তাইৰ । ঘৰৰ কামখিনি কৰি অ’তাই বৰুৱানীয়ে ৰাতিয়েই ভিজাই ৰখা কাপোৰ খিনি ধুবগৈ লাগিব ।

              গাটো তিয়াই জুহালত চাহৰ বাবে পানী উঠাই তাই বলাইক মাতিব গ’ল । চাহ টুপী খুৱাই গ’লে বৰুৱাণীৰ ঘৰত কাম কেইটা কৰিবও মন বহিব তাইৰ । কি নো হৈছে জানো মানুহটোৰ ,জুপুকা লাগি থাকিব লৈছে । এইকেইদিন কামলৈ ও যাব মন কৰা নাই । মূৰৰ ঘুৰণী , জ্বৰ । খোৱা বোৱা ও বাদ দিছে ।এইদৰে বহি শুই নথকা মানুহটোকলৈ চিন্তাত পৰিল তাই । আজি বৰুৱাৰ ঘৰত কাম কৰি পোৱা টকা কেইটাৰ লগত সাঁচতীয়া কেইটা লৈ পিছদিনা বলাইক ডাক্তৰৰ ওচৰত এপাক দেখুৱাই অহাৰ কথা ভাবিলে ফুল’ই ।

” ঐ উঠ আক’ । মই কামলৈ যাওঁ নহয় । বাবুটো শুই থাকক । তই চাহ টুপী খাই ল’হি । আজি বৰুৱাণীৰ ঘৰত বহুত কাম আছে । তই কামলৈ যাব নালাগে । মই আজি বাবুক লগত লৈ নাযাওঁ । তোৰ গা বেয়া । বাবুৰ লগত ঘৰতে থাক ।”

“হ’ব দে । তই চাহ দে । মই মুখ খন পখালি লওঁ ।”

হাততে মিঠৈ এচপৰা লৈ দুয়ো জুহালতে বহি চাহ খালে ।

“শুনচোন , মোৰ দেৰি হ’লে তই ভাত কেইটা বঢ়াই দিবি নহ’লে। খৰাহিতে আলু এটা আছেই । ভাততে দি থবি । “

কথা কেইটা কৈ তাই কলৰ পাৰত চাহৰ বাচন কেইটা ধুই হাতখন মুচি লৈ শুই থকা পুতেকক ভালকৈ গাত কাপোৰ খন দি ওলাই গ’ল ।

বাহিৰত তেতিয়াও কুঁৱলী । বলাইয়ে দুৱাৰ মুখৰ পৰা তাই যোৱালৈ চাই ৰ’ল । বৰ মৰমৰ মানুহজনী তাৰ বাবে । একোৱেই দিব পৰা নাই সি তাইক । তথাপিও তাইৰ আপত্তি নাই কোনোদিন । লোকৰ ঘৰত কাম কৰি দুপইচা আৰ্জি তাক হে সহায় কৰি আহিছে পেটৰ ভাত মুঠি যোগাৰ কৰাত।  এইবাৰ বিহুত পাৰিলে তাইক শাৰী এখন দিব লাগিব । নেদেখা হোৱালৈকে ফুল’ক চাই থাকিল সি ।

“বাইদেউ উঠিলে নে?” বৰুৱানীক মাতষাৰ দি তাই ভিজাই ৰখা কাপোৰ খিনি উলিয়াই ল’লে ।

“ৰ’ ফুল’ চাহ একাপ খাই ল’ । ইমান ঠাণ্ডা খনত কাপোৰ গাল উলিয়াই ল’ব নালাগে ।
বৰুৱানীক সেইবাবে ভালপাই ফুল’ই। সেই মৰমখিনিৰ বাবেই এইখন ঘৰত কাম নকৰো বুলিও এৰিব পৰা নাই তাই। 
কিন্তু বৰুৱা……. !!??
সুবিধা পালেই অসৎ ইংগিত দিয়ে তাইক । ঘৰখন চলাবলৈ যে টকা কেইটাৰ প্ৰয়োজন হয় তাকে ভাবি সকলো হজম কৰি বৰুৱাৰ পৰা আঁতৰি থাকে তাই ।

“নালাগে বাইদেউ , অলপ পিছত দিলেই হব । মই ঘৰতে চাহ একাপ কৰি খাই আহিছো “।

“বলাইৰ গা বেয়া বুলি কৈছিলি যে , ভাল পাইছে নে নাই ?”

“তাক লৈ চিন্তা হে হৈছে মোৰ । ভাল পোৱা নাই । খাব- বব ও মন নকৰা হৈছে।  জানো কি হৈছে।  এই কেইদিনতে চিভিলতে এবাৰ দেখুৱাই আহিম বুলি ভাবিছোঁ ।”

“তাকেই কৰ।  মানুহটো বেমাৰত পৰি থাকিলে কি শান্তিত নো থাক’ ?পইচা পাতি লাগিলে কবি ।”

“আছে বাৰু এতিয়া।  লাগিলে আপোনাক কম দিয়ক ।”

কাপোৰ খিনি ধুই , ঘৰ খন সৰা মোছা কৰি তাই আজৰি হ’ল । কামৰ মাজত এশ এবুৰি চিন্তাই বেৰি থাকিল তাইক । বিহু ও পালেহি । পৰহিলৈ মাঘৰ উৰুকা । বিহুত চাগে ডাক্তৰ বোৰ নাথাকিব চিভিলত । বিহুৰ পিছতে নিব লাগিব বলাইক ডাক্তৰ ওচৰলৈ ।
কথাখিনি ভাবি তাই বৰুৱানীক মাত লগাই যাবলৈ ওলাল । বৰুৱানীয়ে টকা এশ তাইৰ হাতত দি উৰুকাৰ দিনা আহিব ক’লে।

বৰুৱা তেনেকুৱাতে ওলাই আহিল ভিতৰৰ পৰা। 

“ফুল’, উৰুকাৰ দিনা বাইদেউৰ কামবোৰ বাৰু কৰিবিহি । ৰাতিলৈ মোৰ ও আলহী কেইজনমান আহিব । জানই নহয় বাইদেউৱে অকলে সকলো চম্ভালিব নোৱাৰিব । তই আহি অলপ সহায় কৰি দিবিহি ।টকা কেইটামান বেছিকৈয়েই দিম দে। চিন্তা নকৰিবি। “

ফুল’ই বুজিলে ৰাতিলৈ কি সহায় বিচাৰি বৰুৱাই তাইক কাম কৰিব মাতিছে । এনেকুৱা কাম কৰিবলৈ তাইক আগতেও মাতিছিল বৰুৱাই । সম্ভ্ৰান্ত ঘৰৰ বৰুৱাৰ দৰে বহুত এনে মানুহ আছে যি সভ্যতাৰ মুখা এখন পিন্ধি তাইৰ দৰে বহু ফুল’ক টকাৰ লোভ দি উপভোগ কৰি আহিছে । বৰুৱাৰ চৰিত্ৰ তাই নজনা নহয় ।তাই লগে লগে সিদ্ধান্ত ল’লে, বৰুৱাৰ ভোগৰ সামগ্ৰী নহয় তাই কেতিয়াও । নালাগে তাইক তেনেকুৱা টকা ।

“ৰাতিলৈ মই আহিব নোৱাৰো দাদা । আপুনি বেলেগ কাৰোবাক মাতিব । “
আৰু একো ক’ব সুবিধা নিদি ওলাই আহিল তাই ।

ঘৰ আহি দেখিছে দুৱাৰত তলা লগোৱা আছে । ইফালে সিফালে চাই পিৰালিতে , বলাই ক’ত গ’ল চিন্তা কৰি বহি পৰিল তাই । বাবুটোক ও লৈ গৈছে।  ক’ত বা গৈছে ।অলপ পিছতে বলাই পালেহি ।

“ক’ত গৈছিলি অ’ তই । গা বেয়া বাবে ঘৰতে থাকিব কৈ গ’লো ঘূৰি ফুৰিছ ?ক’ৰবাত গৈ মুৰ ঘূৰাই পৰি থাকিলে মই কি কৰিম ক’?তোৰ বাদে মোৰ আৰু কোন আছে । মোৰ কথাও ভাবিবিচোন অলপ ।”
মৰমত দিয়া ফুল’ৰ গালিবোৰ শুনি তাইলৈ বৰ মৰম লাগি গ’ল বলাইৰ ।তাইক ওচৰ চপাই আনি ক’লে …
“বলচোন ভিতৰলৈ । মই তোলৈ কিবা এটা আনিব গৈছিলো অ’।কিয় নো খং কৰি আহিছ । “

“কি আনিলি গৈ তই । ” তেতিয়াহে তাৰ হাতলৈ চালে তাই । হাতত এটা অলপ ডাঙৰ টোপোলাই দেখোন ।

“চাবি , আগতে দুৱাৰখন খুলি ল’ আক’।” 

চাবিপাত লৈ দুৱাৰখন খুলি ভিতৰ সোমায়েই বলাইৰ হাতৰ পৰা টোপোলাটো কাঢ়ি খুলি পেলালে তাই। 
এখন শাৰী।  তাইৰ প্রিয় ৰঙা ৰঙৰ । কেইযোৰমান ৰঙা খাৰু , এটেমা সেন্দুৰ । লগত এযোৰ চেন্ডেল ও ।
দেখি ভাল লাগি গ’ল তাইৰ । ফুৰ্তিতে বলাইক সাৱটি ধৰিলে । নাৰীৰ সহজাত প্ৰবৃত্তি । সাজি কাঁচি, ধুনীয়া কাপোৰ কানি পিন্ধি সকলো নাৰীয়েই ভাল পাই । টকা পইচাৰ অভাৱে সেই চখ দমাই ৰাখে যদিও , মনে বিচৰাৰ দৰে পিন্ধিব উৰিব সকলোৱে বিচাৰে । লিৰিকি-বিদাৰি বস্তু কেইবিধ চাই লৈহে ভাবিলে তাই, বলাইয়ে ক’ত টকা পালে এইবোৰ কিনিব ।

“ঐ ৰচোন ,ইমানবোৰ টকা তই ক’ত পালি অ’। তই পাব ল’গা আছিল নেকি ?”

“কামলৈ যোৱাই নাই ইমানদিনে , কোনে দিব অ’ মোক মুখখন চাই টকা এগাল।  তই ইমান কষ্ট কৰ’ ,বহুত বছৰ তোক একো এটা দিয়াই হোৱা নাই।  সদায়তো জোৰা টাপলি দি ঘৰ চলাওতেই শেষ হয় যি কেইটা পইচা পাওঁ। এইবাৰ বিহু বুলি সাঁচতীয়া টকা কেইটাৰেই আনিলো দে ।”

মূৰটো ঘূৰাই গ’ল ফুল’ৰ । তাই মনে মনে সেইকেইটা টকাৰে তাক ডাক্তৰৰ ওচৰলৈ নিয়াৰ কথা ভাবি আছিল আৰু সি সেইখিনি তাইলৈ শাৰী খাৰু কিনি খৰছ কৰি পেলালে । দুখে হেঁচা মাৰি ধৰিলে তাইক ।

“মোক এই খাৰু ,শাৰী নালাগে বলাই । তই হে মোৰ আচল সুখ । তই থাকিলে এইবোৰ বস্তু মোৰ বাবে মূল্যহীন । তোক ডাক্তৰ তাত নিম বুলি মই গোটাই ৰাখিছিলোঁ পইচা কেইটা , তই কিয় খৰছ কৰিলি বাৰু ক’চোন । কি কৰিম এতিয়া মই।  হাতত মাত্ৰ আজি কাম কৰি পোৱা টকা এশ হে আছে।  তেল চাউলয়েই আনি খাওঁ নে তোৰ বেমাৰৰ চিকিৎসাই কৰোঁ । বহুত বেয়া কাম কৰিলি তই । “

টোপোলাটো দলিয়াই তাই কান্দি কান্দি সোমাই  গ’ল ।

“হব দে।  মই ভাল পাইছোঁ নহয় । পিছত যাম দে ডাক্তৰৰ তালৈ ।”
বলাইৰ কথাৰ উত্তৰ নিদি তাই ভাতৰ চৰুটো দাঙি চাই , ল’ৰাটোলৈ ভাত কেইটামান উলিয়াই ল’লে । বলাইক ও দিলে কেইটামান ।দূৰৰ পৰা তাইক চাই থকা বলাইয়ে সুধিলে ,,
“তই নাখাৱ নেকি ?”
“মই খাই আহিছো । খাই ল’হি তই ।”

ঘৈণীয়েকৰ খং দেখি চুপচাপ ভাত কেইটা খাই উঠি গ’ল সি ।

ৰাতিটো ফুল’ৰ অলপ ও টোপনি নাহিল । তাৰ মুখখনলৈকে চাই চিন্তা কৰি কটালে , কিদৰে আকৌ টকা কেইটামান গোটাই তাৰ চিকিৎসা কৰাব । শুকাই ক্ষিণাই কিবা হৈ গৈছে মানুহটো ।

বাহিৰত ঘন কুঁৱলী পৰিছে তেতিয়া।  টোপ টোপ কৈ সৰি পৰা নিয়ৰৰ টোপালবোৰে, ওপৰৰ চালিখনত কৰা শব্দবোৰৰ লগে লগে তাইৰ চকুৰ পৰা সৰি পৰা চকুলোবোৰে ও তাইৰ বুকুৰ ভিতৰখনত হাহাকাৰ কৰি তুলিলে । কিবা এটা সিদ্ধান্ত ল’ব লাগিব । দোমোজাত পৰিল তাই ।
চকুৰ টিপ নেপেলোৱাকৈ ৰাতিটো পাৰ কৰি ,পোহৰ হোৱাৰ লগে লগে উঠি আহিল তাই।  এটা নতুন দিন, এখন নতুন যুদ্ধ । সকলো একেই থাকে দেখোন সিহঁতৰ বাবে সদায়।  সেই একেই কষ্ট, একেই চিন্তা, একেই অভাৱ । কেৱল মাত্ৰ সলনি হয় দিনবোৰ,মাহবোৰ আৰু বছৰবোৰ ।
আজি ঘৰতে থাকিব তাই।  বলাইৰ লগত, সিহঁতৰ ল’ৰাটোৰ লগত । দিনটো হাঁহি ফূৰ্তিৰে পাৰ কৰিলে সিহঁতে । অভাৱে জুৰুলা কৰিলেও সুখী হব জানে সিহঁতে।  পেট ভৰাই খাব নাপালেও , নিমখ ভাত কেইটাও কেতিয়াবা অমৃত যেন হয় । তাতে দুয়ো দুয়োকে বহুত মৰম কৰে । সেয়াই প্ৰকৃত সুখ সিহঁতৰ বাবে।

পিছদিনা উৰুকা । ঘৰৰ বাহি বন কৰি তাই বৰুৱাৰ ঘৰৰ কামলৈ ওলাল । বলাইয়ে আনি দিয়া নতুন শাৰী খন পিন্ধি তাই নিজকে চালে খিৰিকীৰ গজালত ওলোমাই ৰখা সৰু আইনা খনত । খাৰু খিনি ও পিন্ধি ল’লে । সেন্দুৰৰ টেমাটো খুলি কিবা এটা ভাবি তাই বলাইৰ ওচৰ পালেগৈ ।

“তই দেখোন আজি কামলৈ ইমান সাজি কাঁচি ওলাইছ ।” বলাইয়ে তাইলৈ চাই সুধিলে ।

“আজি বৰুৱাৰ ঘৰলৈ দূৰৰ কোনোবা আলহী আহিব । বিহু বুলি তই দিয়া শাৰী খনকে পিন্ধিছো দে । “
শাৰীখন ঠিক কৰি কৰি কথাখিনি বলাইক ক’লে তাই । কিয় জানো তাৰ চকুলৈ চাবলৈ সাহস হোৱা নাই আজি তাইৰ ।

“সেন্দুৰ কণ শিৰত দি দিবি নেকি বলাই?” লাহেকৈ সুধিলে তাই ।
আৱেগিক হৈ পৰিল বলাই । আজি কিয় এনেকুৱা কৰিছে তাই!!! ।তাইক ওচৰ চপাই আনি সেন্দুৰেৰে সেওতাটো বোলাই মুখতে চুমা এটা আঁকি দিলে সি । আজি যেন ফুল’ এজনী  ন’কইনা । বলাইৰ সদ্য বিবাহিতা পত্নী । একেথৰে চাই ৰ’ল সি তাইৰ মুখলৈ । দুটোপাল চকুলো সৰি পৰিল ফুল’ৰ চকুৰ পৰা । মৌনতাৰে বহু কথাই  কৈ গ’ল বলাইক সেই চকুপানীখিনিয়ে । সি কি বুজিলে, বুজিব যত্ন নকৰিলে তাই ।

বৰুৱাৰ ঘৰত উখল মাখল পৰিবেশ । এফালে মাঘৰ উৰুকা , লগতে বৰুৱাৰ কেইজনমান গণ্য মান্য বন্ধুৰ আগমন । লাড়ু ,পিঠাকে ধৰি বিভিন্ন ব্যঞ্জনৰ সুগন্ধীৰে ঘৰ ভৰি পৰিছে । বৰুৱানীক নিয়াৰিকৈ সকলো যোগান ধৰি চল বুজি তাই বৰুৱাৰ ৰুম পালেগৈ ।

“দাদা আজি ৰাতি যে মোক কামলৈ মাতিছিল , মই কৰিম । যি কামেই নিদিয়ে । কিন্তু মোক টকা কেইটামান সৰহকৈ লাগিব ।”
ফুল’ৰ কথা শুনি বৰুৱাই তাইক যি লাগে তাকে দিব বুলি কৈ সন্তুষ্টিৰ হাঁহি এটা মাৰিলে । ভৰিৰ পৰা মুৰলৈ বৰুৱাই তাইক যিদৰে চালে ,ঘৃণাত নাক কোচ খাই গ’ল ফুল’ৰ । ঠুৱাই দিব মন গ’ল বুঢ়াটোৰ মুখত । কিন্তু একো কৰিব নোৱাৰে তাই।  আজি তাই উপায়হীন ।

বৰ অস্বস্তিত কামবোৰ কৰি গ’ল তাই । যথা সময়ত বৰুৱাৰ আলহী চাৰিজন ও আহি পালে । বৰুৱানীয়ে আলহ- উদৰেৰে আলহীক খুৱাই বোৱাই বাকীখিনি কামৰ দায়িত্ব ফুল’ক দি আজৰি হ’ল।

বাচন বৰ্তন ধুই পাকঘৰ চিজিল কৰে মানে বৰুৱাৰ ৰূমত উৰুকাৰ মেহফিল জমি উঠিল । বৰুৱাই মাতি নিলে তাইক ।সুৰা, নাৰী, খাদ্যৰ সুন্দৰ আয়োজন দেখি আনন্দিত হৈ পৰিল বৰুৱাৰ বন্ধু সকল । হাতত মদৰ গিলাচ লৈ আঠ যোৰ চকুৱে যেন গিলি গ’ল এফালৰ পৰা তাইৰ শৰীৰটো । খালি গিলাছবোৰত পুনৰ মদ ঢালি দিলে তাই । লাহে লাহে নিচা বেছি হৈ আহিল সিহঁতৰ । বৰুৱাই তাইক হেঁচা মাৰি ধৰি বগৰাই ল’লে বিচনাত  । আৰু ভোগ কৰি গ’ল এজন এজন কৈ সকলোৱে তাইৰ শৰীৰটো । পুৱতি নিশালৈকে চলিল ফুল’ৰ দেহটোৰ ওপৰত এই অত্যাচাৰ।  যন্ত্ৰনাত কাতৰ হৈ পৰিল তাই ।তাইক ভোগ কৰি নিচা আৰু ভাগৰত শুই পৰিল বুঢ়া কেইটা । শাৰীখন ভালকৈ পিন্ধি ওলাই আহিল তাই বৰুৱাৰ ৰুমৰ পৰা। ৰাতিপূৱাবলৈ আৰু বেছি সময় নাই । বৰুৱানীৰ অজ্ঞাতে আজি তাই উৰুকাৰ ভোজ আগবঢ়ালে বৰুৱাক । বিনিময়ত পালে সৰহকৈ অলপ টকা । শৰীৰৰ বিষত কেকাই উঠিল যদিও গভীৰ প্ৰশান্তিত উজ্জ্বলি উঠিল তাইৰ মুখ খন।  বলাইয়ে ৰাতিপুৱা বোলাই দিয়া কপালৰ সেন্দুৰ খিনি চুই চালে তাই । আন্ধাৰৰ মাজত ও যেন ডগমগাই উঠিল তাইৰ সেওতাৰ ৰঙাবোৰ । মনতে ভাবিলে, এই সেন্দুৰখিনিৰ মূল্য তাইৰ শৰীৰৰ মূল্যতকৈ বহুত বেছি ।
হাতৰ মুঠিত টকা কেইটা লৈ খৰ খোজেৰে ঘৰলৈ বুলি ৰাওনা হ’ল তাই ।বিহুৰ পিছদিনাই বলাইক ডাক্তৰৰ ওচৰলৈ নিব লাগিব । বাবুটোলৈ ও চুৱেটাৰ এটা কিনিব লাগিব । ঠান্ডাত সি বৰ কষ্ট পাইছে ।

মনতে কথাবোৰ জুকিয়াই জুকিয়াই কুঁৱলী ফালি গৈ থাকিল ফুল’।

বলাইৰ ওচৰলৈ….।

                                                    

                             

বিবাহ.. এক বান্ধোন💏

” দেউতা… .. দহ টকাৰ সেন্দুৰ ক’ন শিৰত দি কাৰোবাক পত্নীৰ মৰ্য্যদা দিবলৈকে ,লাখ টকা খৰছ কৰাৰ পক্ষপাতী নহয় মই । সম্বন্ধ এটা ,আমাৰ আৰু উলুপিৰ ঘৰ দুখনৰ মাজত হে হ’বলৈ ওলাইছে । আমাৰ দুখন ঘৰৰ সন্মতি আছে । সমাজ বা ৰাইজৰ কি কথা আছে ইয়াত? ভগৱানক সাক্ষী কৰি মন্দিৰতে অহা বহা’গৰ বিশ তাৰিখে উলুপিক বিয়া পাতিম মই ।”

” কি কৈছ’ অ’ এইবোৰ .. ! ৰাইজ খনক এৰিব নোৱাৰো আমি । ইমান দিনে চলি অহা ৰীতি , পৰম্পৰাৰ বিপৰীতে গৈ এই বুঢ়া বয়সত ৰাইজৰ ৰোষৰ বলি হোৱাৰ মন নাই মোৰ । এনেইও সকলোৱে ইমান দিনে উলুপি আমাৰ ঘৰলৈ অহা-যোৱাক লৈ বু বু বা বা কৰিয়েই আছে । এতিয়া যদি সামাজিক ভাৱে বিয়া খন নাপাতি উলুপিক এইখন ঘৰৰ বোৱাৰী কৰি আনো কোদুৰ বাঁহত হাত দিয়াৰ লেখীয়া কথা হে হ’ব অ’ বোপাই.. ।মানুহে যি টি কথা উলিয়াব ।”

” কোন খন সমাজ…কোন খিনি ৰাইজৰ কথা ক’লে দেউতা ? উলুপিয়ে মাজে মাজে ৰুগীয়া মাক আহি ইখন সিখন কৰি দিয়াত, মোৰ অনুপস্থিতিত আপোনাক ডাক্তৰৰ ওচৰলৈ নিয়াত বা গাওঁ বুঢ়াৰ ল’ৰা-ছোৱালী দুটাক পঢ়াই কানিমুনি গধূলি ,পথাৰ খনৰ এছোৱা বাট অকলে আহিব ভয় কৰি মোৰ লগত অহাত অশ্লীলতা দেখা মানুহখিনিৰ কথা কৈছে নে.. ? নালাগে তেনে ৰাইজ, তেনে মানুহ মোক ।
উলুপিক মনেৰে পত্নীৰ মৰ্য্যদা ইতিমধ্যেই দিলো মই । এতিয়া জীৱনটো ,এমাইল বাট চাইকেল কোবাই, স্কুল শিক্ষক হিচাপে কষ্টৰে উপাৰ্জন কৰা আপোনাৰ ধন কেইটা গাওঁৰ ৰাইজক ভোজ ভাত দি উলুপিক বিয়া পতাৰ নামত শেষ নকৰো মই । মইয়ো চাকৰিটোত সোমোৱা বেছি দিন হোৱাই নাই নহয়। সাঁচতীয়া যি কেইটা আছে জীৱনৰ বাকী চোৱা আৰামৰে কটাবলৈ আপোনালোককেই লাগিব । মুঠতে ঘৰৰ মানুহখিনি লৈ মন্দিৰতে নিয়মখিনি পালি বিয়া খন পাতিম মই ।”

মাকে , বাপেক পুতেকৰ কথা শুনি পাকঘৰৰ পৰা ওলাই আহিল ……।
” কি কথা কয় অ’ এই ল’ৰাটোৱে । হেৰৌ , আমাৰ বুঢ়া বুঢ়ীৰ দায়িত্ব এইটো , তোৰ ঘৰ খন ধুম ধামেৰে পাতি দিয়া… । সকলো মাক বাপেকৰ সন্তানক লৈ দেখা সপোন …। তোৰ বিয়া মন্দিৰত নহয় । ৰভাৰ তলত ,নিজৰ ঘৰৰ চোতালত হ’ব আৰু যি দৰে আনৰ ঘৰত হৈ আহিছে তেনেকৈয়ে হ’ব । গাঁওৰ মানুহখিনি মাতি লুচী-তৰকাৰী মিঠাই এটা খুৱাব নোৱাৰাকৈ দুখীয়া হোৱা নাই আমি । ৰাইজ সাক্ষী থাকিব, জ্যেষ্ঠ জনৰ আশীষ থাকিব, তেহে এই মাংগলিক কর্ম বোৰ হৈ উঠে । “

” মা, কিয় ভাবিছ’ … যে সকলোকে নিমন্ত্ৰণ জনাই লুচী তৰকাৰী খুৱালেহে মংগল হ’ব ! তাতকৈ সেই কেইটা টকা জমা কৰি থবি । তোৰ নাতি-পুতি ডাঙৰ হ’লে পঢ়াৰ খৰছ উলিয়াই দিবি । “
মিচিকিয়া হাঁহি মাৰি কাণৰ কাষতে ফুচফুচাই ক’লে সীমান্তই মাকক ।

” কটা নিলাজটো…. , বোলো গছত কঠাল ,ওঁঠত তেল.. ন’ পকোঁতেই চেলবেল । কণী আছোন ফুটাই নাই, চৰাই উৰুৱালেই সি । বিয়া খন পাতি ল’ আগেয়ে । ল’-ছোৱালীৰ কথা পিছে পৰে ও হ’ব ।”
মাক খং খাই উঠিল….. ।

” বাৰু মা ক’চোন ৰাইজক কিয় সাক্ষী কৰিব লাগে ?”

” চলি অহা নিয়ম এইবোৰ । মানিব লাগিব আমি । “

” নিয়ম মানে কি …? মানুহ গোটাই, কইনাক গহনা-গাঁঠৰী, কাপোৰ-কানি আৰু সেন্দুৰ পিন্ধা আৰু…ৰাতিলৈ সকলোকে ভোজ ভাত দি ফুলশয্যা ৰাত্রি যাপন কৰ… । শুনিবলৈ বেয়া… । সত্য জানো সেইটোৱেই নহয় । তাকে সামাজক সাক্ষী কৰি কৰো যদি ধৰ্ম ,আৰু লুকাই চুৰকে কৰিলে পাপ । এইবোৰ নিয়ম মই নামনো অ’…. ।
দুই তিনিদিন নাৰ্ভৰ বেমাৰত ঢেল খাই বিচনাত পৰি থাক’ যে , কেইজনে আহি খবৰ লৈ তোৰ আল ধৰি পাইছে ? তই আক’ এই ৰুগীয়া দেহাৰে মানুহক খোৱাই ধুম ধামেৰে পুতেৰৰ বিয়া পাত’… । দৰকাৰ নাই এই অৰ্থহীন নীতি নিয়মবোৰৰ । তহঁতৰ আশীৰ্বাদ লগত থাকিলেই হ’ব ।”

সীমান্তৰ কথা শুনি মাক বাপেক সেইফালেই তাল খালে । বুজাবৰ ভাষাও বিচাৰি নাপালে তাক। সত্যবোৰ তিতাই হয় সদায় । তাৰ যুক্তিত জোৰ নথকা নহয়… । কিন্তু তাৰবাবে মানুহৰ পৰা এষাৰ শুনিব লগা হয় বুলি চিন্তা ও হ’ল তেওঁলোকৰ । উলুপি আৰু তাৰ সম্বন্ধক লৈ দেখাই একো নক’লেও পেটে পেটে বহুতৰে যে ভাল ভাৱ নাই সেই কথা বুজে তেওঁলোকে । কেতিয়াকৈ বিয়াখন খোৱাব… নে উলুপিক কোনেও নজনাকৈ বোৱাৰী পাতি জুহালৰ দায়িত্ব দিলেই… সেই ধৰণৰ প্ৰশ্নও নকৰা নহয় দুই একে ।

ৰাতি ভাতৰ পাতত পুনৰ সেই বিষয়টোৱে প্ৰাধান্য পালে ।
” সীমান্ত, আমি বুজিছোঁ তোৰ কথাবোৰ। গতিকে ভাবিছোঁ গোটেই গাঁও খন নহলেও দুই এঘৰক নিমন্ত্ৰণ নজনালে কথাটো বেয়া হ’ব ..!!”
দেউতাকে গৰম ভাত কেইটা আঙুলিৰ আগেৰে বহলাই তালৈ নোচোৱাকৈ কথা কেইটা ক’লে ।

” কাক মাতিব , কাক বাদ দিব দেউতা ? ভদাই খুৰাৰ ঘৰ খন মাতি কাষৰ গোলোক বৰতাৰ ঘৰ খনক নজনাব নে জিনু পেহীক মাতিব, ওচৰৰ মিনতি বাইদেউক নক’ব ? ভাল হ’ব নে তেতিয়া ? তাতকৈ কাকোৱেই মাতিব নালাগে । আমাৰ পৰিয়াল দুটা থাকিলেই হ’ব। কাইলৈ মই মন্দিৰলৈ গৈ পুৰোহিতৰ লগতে ,যাৱতীয় যি য’ত লাগে সকলোবোৰ ঠিক কৰি আহিমগৈ ।”

” নাজানো আৰু তই কি ভাবি কি কৰিব ওলাইছ’ ।”
বাপেকে কাঁহী খনতে ঘটিটোৰে পানী ঢালি হাত খন ধুই আধা খোৱাকৈ উঠি গ’ল ।

পিছদিনা ৰাতিপুৱা সীমান্তৰ মাকে কাষৰ যতিনৰ মাকৰ লগত একমাত্ৰ পুতেকৰ বিয়া খন লৈ, ঘৰ খনত হোৱা দোধোৰ মোধোৰ অৱস্থাৰ বিষয়ে আলোচনা কৰিলে । কথাটো ইকান সিকানকে বাগৰি সকলোৰে আলোচনাৰ বিষয় হৈ পৰিল । পদূলি মুখত ৰৈ গাঁওৰ মাইকী মানুহবোৰে এগুনকে দুগুণ কৰি মুখৰোচক কাহিনী বনালে ।

” বোলো গম পাইছে নে নাই, সীমান্তই গাঁওৰ ৰাইজক বোলে বিয়া নোখোৱাই । কিটো নাকেৰে খোৱাব… ? যি হে লীলা খেলা দুইটাৰে । উলুপি আহি তাৰ ঘৰতে সোমাই থাকে বেচিভাগ । গাত চাগে লেঠাই লাগিলে কিবা… । ধৰা পৰাৰ ভয়ত মন্দিৰতে বিয়া পাতে এতিয়া । এইবোৰ মানুহৰ ঘৰত আগলৈ ভৰি থলেও পাপে চুব দেই …. ।”

মিনতিয়ে তিলটোকে তাল কৰি কোৱা কথা কেইটা কাষেদি পাৰ হৈ যোৱা সীমান্তৰ কাণত পৰিল । খঙে মূৰৰ চুলিৰ আগ পালেগৈ তাৰ । বহুত ধৈৰ্য ধৰি ঘৰলৈ আহি সি চাইকেল খন লৈ গাওঁবুঢ়াৰ ঘৰ পালেগৈ ।

” বৰদেউতা বিশেষ প্ৰয়োজন এটাত আপোনাৰ ওচৰলৈ আহিলোঁ । শিক্ষিত আৰু জেষ্ঠ্য জন হিচাপে উচিত পৰামৰ্শ দিব বুলি আশা কৰিলোঁ মই । “
গাওঁবুঢ়াৰ ওপৰত বিশ্বাস আছিল সীমান্তৰ ।

” ক’চোন বোপাই , কি কথা, কি হৈছে ?”

” মই উলুপিক বিয়া পাতিব ওলাইছোঁ যে শুনিছে নিশ্চয় ।”

” শুনিছো , শুনিছো । ভাল ছোৱালী তাই , ব্যৱহাৰে পাতিয়ে । তোৰ দৰে ল’ৰা এটাৰ লগত বিয়া হ’ব ওলাইছে ,শুনি বৰমাৰে ময়ে বৰ ভাল পাইছো ।”

” আচলতে বৰদেউতা, মই মন্দিৰতে অনুষ্টুপিয়াকৈ বিয়া খন পাতিম বুলি সিদ্ধান্ত লৈছো । গাঁওৰ মানুহ নামাতি এনেকৈ বিয়া পতাত কিবা বাধা আছে নেকি ? নে সামাজিক নিয়ম আছে কিবা ..যে ৰাইজক সাক্ষী কৰিবই লাগিব ? “

” ঈশ্বৰক সাক্ষী মানিলেই যথেষ্ট …। তেৰাৰ ওপৰত কোনো নাই ।নিয়মবোৰ মানুহে নিজেই বনাই লোৱা । আজিকালি দেখাক দেখি কোনে কিমান খৰছ কৰি ধুম ধামেৰে বিয়া পাতে তাৰহে প্ৰতিযোগিতা চলা দেখা গৈছে আচলতে। তই একো ভুল সিদ্ধান্ত লোৱা নাই সীমান্ত । মাৰ ও অসুস্থ । বিয়া খন বুলি কম খিনি যা-যোগাৰ লাগিবনে ? তাতকৈ মন্দিৰত পাতি থব ওলাইছ’ , ঠিকেই কৰিছ’ । “

” কিন্তু গাঁওৰ মানুহখিনিৰ যিবোৰ কথা কাণত পৰিছে ,বৰ হতাশ হৈ পৰিছো মই বৰদেউতা… । উলুপিৰ চৰিত্ৰক লৈও কথা উলিয়াইছে । মানুহ মাতি নোখোৱাই বিয়া পাতো যদি মোৰ ঘৰত ভৰি নিদিয়া ধৰণৰ মন্তব্য ও শুনা পাইছো মই । আপুনি লিখিত ভাবে কিবা এখন দিব নেকি যে তেনে কোনো নিয়ম কানুন নাই ।”

” ইমান চিন্তা নকৰিবি অ’ । কিহৰ বাবে লিখা দিব লাগে.. ? তই সংসাৰ কৰিবি, কেনেকৈ কৰ’ তোৰ কথা …। ৰাইজে কিহৰ দোষ ধৰিব ? ধৰিবলৈ বা কোন তেওঁলোক ?? আগে পিছে ও বহুত বিয়া মন্দিৰত হৈছে । আচল কথা হৈছে তহঁতৰ প্ৰেম বিবাহক লৈ হে আপত্তি তেওঁলোকৰ। আজিও বহুলোকে প্ৰেমক অন্তৰ খুলি স্বীকৃতি দিব নোখোজে । উলুপিৰ লগত তোৰ বিবাহ পূৰ্বৰ এই মিলা-মিচা সহজ ভাবে ল’ব বিচৰা নাই তেওঁলোকে । “

” বুজিছো বৰদেউতা, আচলতে মানুহখিনিৰ মুখ বন্ধ কৰিবলৈকে এই ধৰণৰ চিন্তা এটা মনলৈ আহিল মোৰ । এইখন গাওঁত আপোনাক অৱমাননা কৰাৰ বা আপোনাৰ বিপক্ষে যোৱাৰ সাহস নকৰে কোনেও । আপোনাৰ দৰে বিজ্ঞ জনৰ সেইবাবে প্ৰয়োজন আজিৰ সমাজত ।”

অলপ চিন্তা কৰি গাওঁবুঢ়াই কাগজ এখন উলিয়াই সন্মতি পত্ৰ এখন লিখি সীমান্তক আশীৰ্বাদ দি পঠাই দিলে ।

সীমান্তই উলুপিৰ মাক দেউতাক আৰু ককায়েকৰ লগত ও আলোচনা কৰি একমত হ’ল। উলুপিৰ খেতিয়ক বাপেকে ভালেই পালে কথাখিনি জানি । এবছৰৰ আগত পুতেকৰ বিয়া পাতি উঠিছেহে। এতিয়া জীয়েকৰ বিয়া বুলি খৰছ কৰিবলৈ সূতত টকা লোৱাৰ বাদে উপায় ও নাছিল তেখেতৰ । সীমান্তৰ কথাত সকাহ পালে তেওঁলোকে ।
শাহুয়েকে যতনাই দিয়া চাহ কাপ খাই ওলাই আহি নঙলা মুখৰ পৰা উভতি গৈ সীমান্তই শহুৰেকক কৈ আহিল ….

” দেউতা, উলুপি গৈ শুবলৈ মোৰ ঘৰত বিচনা আছে । আলহী গ’লে বহিবলৈ দিবলৈ চকী টেবুলৰ যোগাৰ ও ৰাখিছো মই । বাচন বৰ্তনৰ ও অভাৱ নাই । আপুনি ছোৱালীৰ লগত এইবোৰ একোৱেই দিব নালাগে । মাত্ৰ দুসাজ কাপোৰ দি পঠিয়াব । এতিয়ালৈকে সেইয়াহে যোগাৰ কৰা হোৱা নাই মোৰ । আৰু জোঁৱাইক অন্তৰৰ পৰা আশীৰ্বাদ দিলেই হ’ব , আপোনাৰ ছোৱালীৰ দায়িত্ব যাতে সুচাৰুৰূপে পালন কৰিব পাৰো ।”

সীমান্তৰ কথাকেইটাই শহুৰেকৰ বুকুখন গর্বতে দুই ইঞ্চি যেন ফুলাই দিলে… । যোগ্য পাত্ৰৰ হাতত ছোৱালী গতাব পাৰি পৰম সন্তোষ লাভ কৰিলে তেওঁ । আবেগবোৰ চকুলো হৈ বৈ আহিল তেখেতৰ দুচকুৰ পৰা ।

মুকলি মন এটা লৈ এইবাৰ সি মিনতি বাইদেউৰ ঘৰ পালেগৈ ।

” মিনতি বাইদেউ…, অহা 20 ব’হাগত শিমলু তলৰ শিৱ মন্দিৰতে উলুপিক পত্নী ৰূপে স্বীকাৰ কৰিব ওলাইছো । উলুপিৰ চৰিত্ৰৰ দোষ নাই একো, মোৰ হে আৰ্থিক নাটনিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। পাৰে যদি আশীৰ্বাদ দিব যাব দুয়োকে । লুচী ভাজি কিন্তু নুখোৱাও দেই । মাহ প্ৰসাদৰ পাত এখন নিশ্চয় পাব ভাগত ।
অ’ আৰু এটা কথা, গাওঁবুঢ়া বৰদেউতাই ও এই সিদ্ধান্তত সন্মতি জনাইছে । আপুনি বিয়নী মেল পাতি যি সকলক আমাৰ ঘৰত ভৰি দিলে পাপে চোৱাৰ কথা কৈছিল , তেওঁলোকক ও কথা খিনি জনাই দিলে সুখী হ’ম ।”
এইবুলি পকেটৰ পৰা কাগজ খন উলিয়াই মিনতি বাইদেউৰ মুখৰ আগত দাঙি ধৰি সীমান্ত উভটি আহিল । ~~~~~~~~~~~~~~~~~~~

মন্দিৰত সীমান্তৰ মাকে যোগালি জনৰ সৈতে মাহ প্ৰসাদৰ যোগাৰ কৰাত ব্যস্ত হ’ল। সীমান্ত আৰু উলুপিৰ ঘৰৰ মানুহখিনিৰ উপস্থিতিত আজি সিহঁতৰ বিয়া …। হোমৰ জুইক সাক্ষী কৰি জীৱনৰ বাটত নতুন খোজ পেলাই দুয়ো দুয়োকে আপোন কৰি লবলৈ সংকল্পবদ্ধ হ’ল । লাহে লাহে এজন দুজনকৈ গাঁওৰ বেছিখিনি মানুহেই সিহঁতৰ সেই মধুৰ মুহুৰ্তটিত সিহঁতক আশীৰ্বাদ দিবলৈ মন্দিৰত ভৰি দিলেহি । উলুপি আৰু সীমান্তৰ মাকে তিলপিঠা, নাৰিকল লাড়ু, বৰপিঠা আদিৰে সকলোকে চাহ খুৱালে ।
উৰণিৰ তলেৰে স্বামী বৰণ কৰা স্পষ্টবাদী, নিৰ্ভীক আৰু সাহসী …সীমান্তৰ মুখলৈ চাই উলুপিৰ বুকু ভৰি আহিল । তাৰ সততা আৰু যুক্তিৰ ওচৰত গাঁওৰ মানুহখিনিৰ অভিমানবোৰ যে তেনেই মূল্যহীন হৈ পৰিল তাকে দেখি উলুপিয়ে উচুপি উঠিল…. ।
সীমান্তইও সকলোকে কৃতজ্ঞতা জনাই জ্যেষ্ঠ সকলৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে । ভাল লাগিল তাৰ… ,সময়ৰ সোঁতৰ বিপৰীতে যোৱা সত্বেও, জাক জমক বিহীন সিহঁতৰ বিয়া খনক সকলোৱে আদৰি লোৱাত ।
সকলোতকৈ ভাল লগা কথাটো হ’ল ,সেই বিয়া খনৰ ঘোৰ বিৰোধী মিনতি বাইদেৱেও অৱশেষত জীয়েকৰ বিয়াও এইদৰে শিমলু তলৰ শিৱ মন্দিৰতে পাতিব বুলি সেইদিনাই ৰাজহুৱা ভাৱে ঘোষণা কৰিলে ।


      ~~~~~~~~\\\\\~~~~~~~~

সুখ.. ☺️☺️

সুখ

ৰিক্সা খনত পেডেল মাৰি কলেজীয়া ডেকা গাভৰু হালক গন্তব্য স্থানলৈ লৈ যাওঁতে ,সিহঁতৰ কথা-বতৰাবোৰৰ অলপ অলপ চিৰাজুলৰ কাণত পৰিল । কাইলৈ বোলে কিবা প্ৰেমৰ দিৱস । ক’ত লগ পাব, কি কৰিব, ক’লৈ যাব, কি খাব…. বহুত পৰিকল্পনা সিহঁতৰ ।

চিৰাজুল আচৰিত হ’ল । সি দেখোন এইবোৰ আগে পিছে শুনাই নাছিল । প্ৰেমৰ বাবে ও দিন এটা থাকে নে ?? বাকীবোৰ দিনত তাৰ ৰিক্সাতে উঠি, ক্লাছ ক্ষতি কৰি যোৰে যোৰে সিহঁতবোৰে পার্ক ৰেষ্টুৰেণ্টত গৈ যে সাৱটা-সাৱটি কৰি ফুৰে সেইবোৰ প্ৰেম নহয় নেকি ?

যথা স্থানত সিহঁতক নমাই প্ৰাপ্য ভাড়াটো লৈ চিৰাজুল তাৰ চুলাই আড্ডালৈ গ’ল । ৰাখাল আৰু ববুৱাই আগৰ পৰাই তাতে শুকান চানা আৰু চুলাইৰ জুতি লৈ বহি আছিল । সি ও কাষতে বহিলগৈ । সিহঁতৰ আড্ডা জমি উঠিল । ইটো সিটো কথাৰ মাজতে সিহঁতে শুনি থকা প্ৰেমৰ দিনটোৰ কথা ও ওলাল । ৰাখালে আক’ ঘৈণীয়েকলৈ শাৰী এখন কিনি আনিছিল । প্ৰেমৰ দিন বোলে সি ও পালিব । ৰঙা ৰঙা কলিজা বেলুন কেইটামান ও কিনিব মন আছিল , পইচা হে নিমিলিল । ববুৱাতো এখোপ চৰা । সি কলিমন মিস্ত্ৰীৰ জীয়েকক পলুৱাইয়ে আনিব বোলে কাইলৈ । কলিমনৰ যি হে তাও… । ববুৱাক চকু পাৰি দেখিব নোৱাৰে। ইফালে জীয়েকৰ মন পিছে ববুৱালৈ । তাইয়ো সাজু হেনো তাৰ লগত ঘৰ পাতিব ।

কথাবোৰ শুনি চিৰাজুলৰ ও মন গ’ল । ৰহিমাৰ বাবে কিবা এটা কৰিবলৈ। তাইক বিয়া পাতি অনা বেছি দিন হোৱা নাই তাৰ। পিছে ৰিক্সা চলাই পোৱা টকা কেইটাৰে জোৰা টাপলি মাৰি ভাত মুঠি যেনে-তেনে হে মোকোলাই আছে সি। কিবা এটা কিনি নিবলৈ দেখোন টকা কেইটাৰে নোযোৰেই । ইফালে ৰহিমাই ৰাতিপুৱা ওলাই আহোতেই চাউল তেল লৈ যাবলৈ দহাই দহাই কৈ পঠাইছে তাক । খোচনীটোত থকা পইচা কেইটা চাই চিৰাজুলৰ খঙেই উঠি আহিল । ইমান কষ্ট কৰি ভাৰ বৈও চাল্লা একো এটা মিলাব নোৱাৰে…. । খং আৰু দুখতে চুলাই গিলোতে গিলোতে বাৰুকৈয়ে নিচাই ধৰিলে তাক । ৰহিমাই কৈ পঠোৱা বজাৰ খিনিৰ কথা পাহৰি টুলুং ভুটুং কে ৰিক্সা ঠেলি ঠেলি সি ঘৰ ওলাল ।

সি আহিলে ভাত কেইটা উঠাব বুলি পিৰালিত তালৈকে বাট চাই বহি থকা ৰহিমাৰ তাৰ অৱস্থা দেখি বিৰাট খং উঠিল । পেটৰ ভোকে সেই খং দুগুণে চৰালে । ভিতৰলৈ সোমাই চিৰাজুলক তাই টানকৈ কিবা কিবি কোৱাত নিচাৰ প্ৰকোপত সিও খঙত অগ্নিশর্মা হৈ পৰিল । ৰহিমাক সি চোচোৰাই বাহিৰলৈ উলিয়াই আনি বহুত কোবালে । ওচৰৰ মানুহবোৰ ওলাই আহি সিহঁতৰ কাজিয়া ভাঙিব ল’গা হ’ল । নতুন কৈ বিয়া হৈ অহা ৰহিমাই লাজে দুখে বিৰাট অপমানিতবোধ কৰিলে ।

পিছদিনা কাহিলী পুৱাতে সাৰ পাই গালৈ হুচ অহাত চিৰাজুলৰ মনটো বিৰাট বেয়া লাগিল । একেখন বিচনাত তালৈ পিঠি দি শুই থকা ৰহিমাক সি ওচৰ চপাই আনিলে । বেচেৰীয়ে চাগৈ কিমান ৰাতিলৈ কান্দি আছিল ঠিক নাই । ফুলি থকা চকু কেইটা চাই অনুমান কৰিলে সি ।

“ঐ ৰহিমা , উঠচোন ।”

“যাহ,, নামাতিবি মোক তই “…… গেঙেৰি দি উচাত মাৰি উঠিল তাই ।

চিৰাজুলে গাৰ জোৰে চপাই ল’লে তাইক ।

“নকৰিবি অ’ তেনেকুৱাখন । ভুল হ’ল দে মোৰ । তোক মই মাৰ পিত কৰিব নালাগিছিল। কি কৰিবি ক’ । তোলৈ কিবা এটা আনিম বুলি ভাবিছিলো কালি । পইচা কেইটা উলিয়াই চাউল দালি কেইটাৰ হিচাপ কৰোঁতে দেখিলো একোৱেই বাকী নাথাকিব। খঙতে বেছিকৈয়েই মাল খাই দিলো বুজিছ’ । বেয়া নাপাবি অ’ । “

” তই মোক একো দিব নালাগে নহয়। তোৰ লগত দুবেলা দুমুঠি নিমখ জলকীয়াৰে খাব পাৰিলেই সুখী মই । তই গেলা সোপা গিলি আহি মানুহৰ সন্মুখত কিয় মোক অপমান কৰিলি ক’? ঘৰৰ ভিতৰত লাগিলে যিয়েই নকৰ’ ,বাহিৰত মোক কিয় মাৰ ধৰ কৰিলি ক’চোন । বহুত দুখ পাইছো মই । “

অন্তৰ খনে কান্দি উঠিল চিৰাজুলৰ । কিহে পাইছিল সেই সোপা গিলিব । মানুহজনীক বিনা কাৰণত দুখ দিলে। তাই বুজি পাই কথাবোৰ । অভাৱ অনাটনক লৈ কোনো দিন একো আপত্তি কৰা নাই। নিচাৰ কোৱতে কি যে কৰি পেলালে…. । সকলোৱে প্ৰেমৰ দিন পালিব আজি, আৰু সি একো নকৰিলেও তাইৰ মনটোৱেই যদি ভালে ৰাখিব পাৰিলে হয়…!! তাকো নোৱাৰিলে ।

তাৰ ওচৰৰ পৰা আঁতৰি যোৱা ৰহিমালৈ চাই কিবা এটা ভাবি এক প্ৰকাৰ দৌৰি যোৱাদি উঠি গ’ল সি আৰু তাইৰ হাত খনত খামুচি ধৰি জোৰ জবৰদস্তি বাহিৰলৈ উলিয়াই আনিলে তাইক।

“ঐ সুবোধ, ঐ বলাই অলপ ওলাই আহ অ’ বাহিৰলৈ । চাচি, মিনু, কৰিম কোন ক’ত আছ’ সকলো আহচোন এইফালে । “

তাৰ চিঞৰ শুনি সকলোবোৰ বাহিৰলৈ ওলাই আহিল । ৰহিমাই অবাক হৈ চাই থাকিল চিৰাজুলক । কি কৰিব ওলাইছে সি একো বুজি নাপালে ।
ওচৰৰ সকলোৱে তাঁহাতক সেইদৰে দেখি ভোৰভোৰাই আহিল ।

“কিয় টেঁটু ফালি মৰিচ’ চিৰাজুল ? ৰাতি হ’লে এগাল গিলি আহি ঘৈণীয়েৰক কোবাবি । এতিয়া ৰাতিপুৱাই কি বিহু দেখুৱাব মানুহ গোটাইছ’ তই ?”……. কৰিমে খঙৰ সুৰত সুধিলে তাক ।

চিৰাজুলে একো নক’লে । ৰহিমাক ওচৰ চপাই আনি সকলোৱে দেখাকৈ তাইৰ গালতে টপচকৈ এটা চুমা আঁকি দিলে । অভিমানত ফুলা লুচীৰ দৰে ফুলি থকা ৰহিমাৰ গাল দুখন লাজতে ৰঙা পৰি গ’ল । দৌৰি তাই ভিতৰ সোমাল ।
ওচৰৰ মানুহবোৰেও হাঁহি মাৰি আঁতৰি গ’ল ।
প্ৰেমৰ দিনটো সিও পালিলে আজি ৰহিমাক সকলোৰে সন্মুখত এটা চুমা দি । তাইক মিছাতে কৰা অপমানৰ অলপ হ’লেও শুধৰণি কৰিলে সি ।

আচলতে টকা পইচাই আচল সুখ নহয় । এই সৰু সৰু কথাবোৰেহে প্ৰকৃততে সুখী কৰে মানুহক । অভাৱে জুৰুলা কৰিলেও প্ৰেম কৰিবলৈ বা প্ৰেমৰ দিন এটা পালন কৰিবলৈ ভালপোৱা জনৰ অভাৱ হোৱা নাই দেখোন সিহঁতৰ জীৱনত । বেলেগে যেনিবা দামী উপহাৰেই দিলে বা ভালকৈ এসাজ খুৱালেই । কিন্তু চিৰাজুলৰ এটা চুমাই যে ৰহিমাক ও অলপ সুখী কৰিব পাৰিলে, বুজিলে সি ।


       ---------সমাপ্ত-------------

অনুগল্প.. 😊

১..সমীকৰণ…

দপদপিয়া বৰষুণ জাকত… মামৰে ধৰা টিংৰ… এচলিয়া ঘৰটোত যেনিয়ে-তেনিয়ে পানী পৰিছে. …. । বাল্টি, চৰিয়া যি পাইছে তাকে পাতি….  পানী বোৰ ধৰি ৰখাৰ ব্যৰ্থ প্ৰয়াস ফাতেমাৰ…. । অত্যধিক চুলাই গিলি মৃত্যু মুখত পৰা জোঁৱায়েকে… গৰ্ভৱতী ঘৈণীয়েকৰ দায়িত্বও ফাতেমাকে যে দি থৈ গ’ল..। কেনেবাকৈ পিচলি পৰিলে বৰ ডাঙৰ কথা হ’ব.. !! ওৰেটো নিশা ফুটাকেইটাৰে নিগৰি অহা বৰষুণৰ টোপাল বোৰ গণি গণি … দোকমোকালিতে… ফাতেমাই ওচৰৰ কৰিমৰ হাতত সাঁচতীয়া টকা পাঁচ শ দি আহিল…. । পানী কাপোৰ এখন কিনি আনি টিংখনৰ ওপৰত বান্ধি এইবাৰৰ বাৰিষাটোও যেনেতেনে পাৰ কৰিব লাগিব …. । ইঘৰ সিঘৰত কাম কৰি আকৌ গোটাব লাগিব জীয়েকৰ প্ৰসৱৰ সময়লৈ টকা কেইটামান.. ।
জীৱনৰ সমীকৰণ বোৰক…. অংক এসোপাৰ সলনি মমতাৰ.. পৰিমাপেৰে মিলাই আহিব লগা হয় দেখোন সদায়… ।
একৰ এক গ’ল শূন্য যদিও…. শূন্য নহয় তাইৰ দায়িত্ববোধ.. শূণ্য নহয় তাইৰ অন্তৰৰ মৰমবোৰ.. । পৰিস্থিতি লাগিলে যিয়েই নহওঁক …। “মাক” যে তাই.. ।
  
                         ★★★★★★★★★★★
    
                             
২..অনুশোচনা…

                
ফেচবুক, ইনষ্টাগ্ৰাম,ৱাটচআপত ব্যস্ত হৈ থকা বোৱাৰীয়েক জাহ্নৱীয়ে সন্ধিয়া লাগি বহুত সময় পাৰ হৈ যোৱাৰ পিছত ও গোঁসাই ঘৰত চাকি গছ জ্বলাবলৈ উঠি নহাত শাহুয়েকে টানকৈ এষাৰ কৈ নিজেই গোঁসাই ঘৰত সোমাল ।
পিছদিনা প্ৰাত ভ্ৰমণলৈ যাওঁতে ওচৰৰ বোৱাৰী কেইজনীয়ে মিলি নিজৰ নিজৰ শাহুয়েক সকলৰ চৰিত্ৰৰ আলোচনা কৰিলে। তাই ও কৈ আহিল.. ” শাহু সদায় শাহুৱেই । মা হ’ব নোৱাৰে কেতিয়াও… ।”
আজি জাহ্নৱীৰ ৰাতিপুৱাৰ পৰাই মূৰৰ বিষ, বমি । গিৰিয়েক অফিচলৈ ওলাই যোৱাৰ পিছত ও তাই ৰুমৰ পৰা ওলাই নহাত শাহুয়েকে খবৰ লৈ ,মেনথ’ প্লাচটো আনি কপাল খনত লগাই দি ,বমি কৰি থোৱা চৰিয়াটো বাহিৰলৈ উলিয়াই লৈ গ’ল । জাহ্নৱীয়ে মানা কৰাত … “তই জানো মোৰ ছোৱালী নহয় …!!” বুলি তাইক হে ওলোটাই গেঙেৰি দি আহিল ।
সময়ৰ কাম সময়ত নকৰাত নিজৰ ছোৱালীক কোৱাৰ দৰে এষাৰ কওঁতেই শাহুয়েকৰ চৰিত্ৰ মূল্যায়ণ কৰি অনুশোচনাত দগ্ধ হৈ পৰিল জাহ্নৱীৰ বুকুখন ।
    
                      ★★★★★★★★★★★

৩–অভাৱ
                              

শ্ৰেণীৰ ভিতৰত সকলো বিষয়তে সৰ্বোচ্চ নম্বৰ সহ প্ৰথম হৈ উত্তীৰ্ন হোৱা ল’ৰাটোৰ ঘৰলৈ মিঠাই কেইটামান লৈ খবৰ কৰিব যোৱা হেডমাষ্টৰে ,চাৰিআলিৰ কেঁকুৰিটোতে থকা  বাছ ষ্টেণ্ডত, ৰৈ থকা গাড়ী কেইখনত ঝাড়ু মাৰি থকা দেউতাকক কি কৰি আছে সুধি গম পালে ল’ৰাৰ ইউনিফৰ্মৰ চাৰ্টটো বোলে তেনেই ফিচিকিল । ঝাড়ু মাৰি টকা কেইটামান পালে তাক নতুন চাৰ্ট এটা কিনি দিব। মাষ্টৰে উদাস মনেৰে মিঠাইৰ টোপোলাটো আৰু পকেটৰ পৰা টকা পাঁচশ  উলিয়াই দি দেউতাকক ঘৰলৈ পঠিয়াই দিলে…..।

                    ★★★★★★★★★★★

স্নেহালয়..🏡😍


:-দিশা বা… চাহ কাপ তুমি কিন্তু একদম ফাৰ্ষ্ট ক্লাছ বনোৱা দেই.. । চাহপাত.. গাখীৰ .. চেনীৰ প্ৰপ’ৰচনটো ইমান কাৰেক্ট হয় নহয়…. !! আস….!! কি ক’ম… । একেবাৰে মুখত লাগি যায় ..।
ব্ৰেড খনত সৰহকৈ বাটাৰ লগাই.. দিশাই বনাই দিয়া চাহকাপ হাতত লৈ সন্তুষ্টিৰ হাঁহি এটাৰে… কৈ উঠিল স্মৃতাই… ।

:-হয় নে… ? এতিয়া পিছে এইদৰে চাহৰ জুতি লৈ থাকিলে… দুগুৰ স্কুল যে পলম হ’ব… খবৰ আছে নে..? লগতে আমাৰ দিনটোৰ কাৰ্য্যসূচী খন ও মনত পেলাই লোৱা এবাৰ.. ।
মোৰ ভয়েই লাগিছে স্মৃতা… । ইমানবোৰ দায়িত্ব…! পাৰিম নে চাগে সকলোবোৰ চম্ভালিব.. । কোনোবা সময়ত এনে লাগে যেন থমকি ৰ’ম কোনোবাখিনিত.. ।

আইনা খনত নিজকে চাই .. চুলি কেইডালত ওপৰে ওপৰে ফাইনেল টাছ এটা দি …স্মৃতাক সময়তো অনুকিয়াই দিলে দিশাই.. ।

:-বি পচিটিভ… ডাৰলিং.. । কিয় নোৱাৰিবা.. ? দেখা নাই নে…. কি দৰে এতিয়ালৈকে কামবোৰ হৈ উঠিছে… । তোমাৰ কামৰ প্ৰতি থকা নিষ্ঠা… শ্ৰদ্ধা … ভগৱানে দেখিছে দিশা বা.. । অন্তৰৰ শুদ্ধতা বুজে তেওঁ… । চাই থাকা সকলো ঝটপট হৈ যাব… ।
বাই ডা ওয়ে… “ডা গ্ৰেট স্মৃতা ” জনী আছেই নহয় তোমাৰ লগত… । টেনশ্যন নেহী লেনে কা… ।
চাহ কাপ শেষ কৰি ….. কাপটো বেচিনতে ধুই… পিন্ধি থকা কুৰতাটো ঠিক কৰি ল’লে স্মৃতাই…. ।

:-নাও… স্মৃতা ইজ ৰেডী টু ফ্লাই… । তোমাৰ চাহে দিনটোলৈ একটিভ কৰি দিলে মোক… । এই বান্দী তোমাৰ সেৱাৰ বাবে সাজু এতিয়া… । লেটচ গ’…. ।

হাঁহি এটা মাৰি … দুইজনীয়ে নিজৰ নিজৰ হেণ্ড বেগ দুটা উঠাই ল’লে… ।

:-দুগু… ৱাটাৰ বটল ল’লা নে.. ? টেবুলতে থৈছিলো মই ।

দিশাই একমাত্র পুত্ৰ অংকিতক মাত লগাই.. গেছ ষ্টভ আৰু ফেনৰ ছুইটচ কেইটা চেক কৰি.. বাৰাণ্ডালৈ ওলাই আহিল । তলা চাবিটো ঠিক কৰি লওঁতেই দুগু আহি বাহিৰত… পিঠিত  স্কুল বেগটো …। স্মৃতাই মৰমেৰে তাৰ গুলপীয়া গাল দুখনত চিকুটি দিলে… ।

:-ৱাও… আমাৰ হিৰ’ চুপাৰ ফাষ্ট দেই .. । মায়ে এনেই চিন্তা কৰি থাকে ন’… ! বেটা ইফালে বেগ , বটল লৈ ৰেডি .. । ভেৰি গুড দুগু.. ।

:-য়েছ স্মৃতা মাহী..  মই একদম চুপাৰ মেনৰ দৰে ফাষ্ট বুজিছা .. । মায়ে হে লেজি কৰি থাকে । চুলি ঠিক কৰিব…, লিপষ্টিক লগাব..  ইমান ষ্টাইল কৰে নহয় .. ! মোৰ ৰৈ ৰৈ আমনি লাগি যায়গৈ.. । আৰু কেতিয়াবা যে ঘৰ ল’ক কৰি আকৌ খুলিব লগা হয়…. জানা.. !
কিয় কোৱাচোন.. ?
দুষ্টালি হাঁহি এটাৰে সুধিলে সি স্মৃতাক .. ।

:-কিয় .. ?
সামান্য হাউলি দুগুৰ তিৰবিৰাই উঠা দুচকুত …চকু থৈ  স্মৃতাই জানিব বিচাৰিলে.. ।

:-মায়ে ফোনটো আনিব ভুলি যায় .. । তাৰ পিছত মোক গালি দিয়ে মই হে বোলে উৎপাত কৰি … মাক কথাবোৰ ভুলাই দিও ।

:-মা সঁচাই দুষ্ট.. । নিজেই ষ্টাইল মাৰি… বস্তু ল’ব পাহৰে .. আৰু ল’ৰাটোক এনেই দোষ দিয়ে । দিশা বা.. , তুমি কিন্তু ইমান মৰম লগা ল’ৰাটোক এনেই গালি দি নাথাকিবা দেই … ।

কৃত্ৰিম খঙ দেখুৱাই …দুগুক হাতত ধৰি … স্মৃতা স্কুটি খনৰ ওচৰত ৰ’লহি.. ।খৰখেদাকৈ দুৱাৰখনত তলা লগাই দিশা ও ওলাই আহিল..।

:-মাহী ভাগিনে মিলি খুব বদনাম গাইছা নহয় মোৰ .. । বেয়া পাইছো যোৱা.. । আজি চকলেট আনি মই অকলে অকলে খাম .. । কাকো নিদিওঁ.. ।

অভিমানৰ সুৰেৰে কথা কেইটা কৈ দুগুক মাজতে বহুৱাই … স্মৃতাৰ স্কুটিৰ পিছত বহি ল’লে দিশা..।

ব্যস্ততাপূৰ্ণ নতুন দিন এটাৰ অভিমুখে …
একেই গতানুগতিক যাত্ৰা তিনিওৰে.. ।
দুগুক স্কুলত নমাই দিশা আৰু স্মৃতা ৰাওনা হ’ব ..দিশাৰ সপোন ভূমিলৈ .. ।
নিৰ্মীয়মান সেই আশ্ৰম খনলৈ….
শ্ৰদ্ধা আৰু মৰমেৰে গঢ় দিব বিচাৰা …..
দিশাৰ সপোন… ” স্নেহালয় ” লৈ ।

                            ****************

বৃহৎ কেম্পাছটোৰ… ডাঙৰ গেট খন খুলি অলপ সময় ৰৈ দিলে দিশা … । গেটখনৰ পৰা সোমাই ….. বাওঁফালে থকা ফুলনী ড’ৰাৰ ঠিক মাজতে … অৰ্ধনির্মিত হৈ থকা শহুৰেকৰ প্ৰতিমূৰ্তিটোত… ইতিমধ্যে খনিকৰৰ হাতৰ শেষ পৰশ পৰিছে … । এনে লাগিছে..যেন জীৱন্ত হৈ উঠিছে তেখেত.. ।  এই যেন ক’ব… এইকেইদিন কিয় অহা নাছিলা দিশা.. ? যোৱাচোন ভিতৰলৈ সোমাই.. । কামবোৰ কিমান আগবাঢ়িছে চোৱাগৈ… ।

স্মৃতাই দিশাক তাতে নমাই…. “স্নেহালয়ৰ” বাবে পাৰমিট বিচাৰি … উপায়ুক্তৰ কাৰ্যালয়ত আধৰুৱা হৈ ৰোৱা কামখিনি কৰিবৰ বাবে গুচি গ’ল ।

ঠাইতে থমকি ৰোৱা দিশাক দেখি.. কনষ্ট্ৰাকশ্বনৰ সকলোবোৰ কাম তদাৰক কৰা মহেশ কলিতা আগুৱাই আহিল… ।

:-বাইদেউ.. ইয়াতে ৰ’ল যে.. !  আহক .. আহক ।

:-দেউতাৰ মূৰ্তিটো দেখি আৱেগিক হৈ পৰিলো কলিতা.. । খুব নিখুঁত কাম কৰিছে দেই ইহঁতে.. ।
মই এইকেইদিন অফিচিয়েল কাগজ পত্ৰবোৰ সাজু কৰাৰ কামতে ঘূৰি ফুৰিব লগা হৈছে …। আচলতে…স্নেহালয়ৰ দায়িত্ব সম্পূৰ্ণৰূপে আপোনাক গতাই নিশ্চিন্ত মই .. । মই দেখা সপোনটোৰ বাস্তৱ ৰূপ দিব লাগিব আপুনি..  আৰু বুজিছো ও.. আমি লাহে লাহে সফলতাৰ দিশে আগবাঢ়িছো .. ।
বাৰু…. দেউতাৰ ৰূমটোৰ লগতে খিৰিকী খন কাটি বাথৰুম এটা কৰাৰ কথা চিন্তা কৰিছিলো যে… কামখিনি কিমান আগবাঢ়িছে কলিতা… ? .. চাওগৈচোন ব’লক.. ।

:- গাঠনি কমপ্লিট । প্লাষ্টাৰ বাকী আছে .. । বাকী কেইটা ৰুমত ৰং কৰি থকা হৈছে …। আৰু পোন্ধৰ /বিশ দিনৰ ভিতৰত হয়তো আমি স্নেহালয়ক থকাৰ উপযোগী কৰি তুলিব পাৰিম .. ।

:- বৰ ভাল লাগিল জানি কলিতা… । মোৰ এই সপোনটোক সঁচা কৰাৰ ক্ষেত্ৰত… আপোনাৰ অৱদান স্বীকাৰ কৰিবই লাগিব …। কি বুলি যে ধন্যবাদ জনাম নহয় আপোনাক ..  !!

:- লাজ নিদিব বাইদেউ.. । ইমান এটা সুন্দৰ কামৰ অংশীদাৰ হ’ব পাই…. নিজকে সৌভাগ্যবান বুলি ভাবিছো মই…। মোক অলপ সহায়ৰ সুযোগ দিয়াৰ বাবে .. আপুনিহে আচলতে ধন্যবাদৰ পাত্ৰী…. ।

:- কি জানে কলিতা.. আমি লগে ভাগে মিলি এই আচঁনিটোত কাম কৰিছো । সেই বালি কঢ়িওৱা যোগালি জনৰ পৰা.. মিস্ত্ৰী.. কাৰপেন্টাৰ… পেইন্টাৰ…প্লাম্ব’ৰ ….আপুনি … মই .. সকলোৰে কষ্টৰ ফলত স্নেহালয়ে আজি মুৰ ডাঙি উঠিব গৈ আছে .. । আমি সকলো… ধন্যবাদৰ পাত্ৰ আচলতে .. ।

                         ******************

মহেশ কলিতাৰ লগতে …কেম্পাছৰ চাৰিওকোণ ভালদৰে পৰীক্ষণ কৰি… দুই এটা দিহা পৰামৰ্শ আগবঢ়াই… মূল ঘৰটোৰ কোঠাবোৰত প্ৰৱেশ কৰিলে দিশা..  ।
মুলতঃ সেইকেইটা কোঠাক সংলগ্ন কৰি… কেইটামান নতুন কোঠা সাজি উলিওৱা হৈছে .. স্নেহালয়ক গঢ় দিয়াৰ স্বাৰ্থত.. ।
পুৰণা ঘৰটো এতিয়াও অক্ষত অৱস্থাতে আছে….  যি দৰে এদিন দিশাই এৰি থৈ গৈছিল… ।
বেগৰ পৰা চাবিটো উলিয়াই .. হল ঘৰটোৰ এমুৰে থকা.. সুবিশাল কোঠাটোৰ.. দুৱাৰ খনৰ তলাটো খুলি দিলে তাই… । বহুত বছৰ ধৰি বন্ধ হৈ থকা দুৱাৰ খন… এটা অদ্ভুত  শব্দ কৰি মেল খাই গ’ল.. । এখন মকৰা জালে বাধা দিলে তাইৰ প্ৰৱেশত…।  যেন সাৱধান কৰি দিলে… “মোক চেৰাই ভিতৰ নোসোমাবি অ’….. মোৰ দৰেই ভাঙি পৰিবি তইয়ো.. ।”
ইফালে সিফালে চাই…মজিয়াত পৰি থকা খবৰ কাগজ এখনেৰে এলান্ধু খিনি আঁতৰাই কোঠাটোৰ ভিতৰলৈ সোমাই গ’ল দিশা .. ।

নতুন সৃষ্টিৰ নিৰ্মিত্তে.. পুৰণা বোৰ কেতিয়াবা ধ্বংস কৰাৰ প্ৰয়োজনীয়তা ও আহি পৰে.. । দিশাই আচলতে কেতিয়াবাই ধ্বংস হৈ পৰা… আৱৰ্জনা কিছুমান আতঁৰাবৰ বাবে হে খুলি লৈছে সেই কোঠাটোৰ দুৱাৰখন..। বাহিৰৰ পৰা সোমাই অহা পোহৰৰ ৰশ্মিবোৰে ভিতৰৰ ঘিটমিতিয়া আন্ধাৰবোৰৰ লগত লুকা ভাকু খেলিব ধৰিলে…।
ছাঁ-পোহৰে মায়াময় কৰি তোলা কোঠাটোত .. কিবা এক অনামী উত্তেজনাই … শিহৰিত কৰি তুলিলে তাইক…।

কোঠাটোত পৰিত্যক্ত হৈ ৰোৱা..বয় বস্তুবোৰৰ ওপৰত কেইবা বছৰীয়া ধূলিৰ প্ৰলেপ… । চকী.. টেবুল.. আলমিৰা.. সকলোবোৰ সেই তেনেদৰেই আছে… যেনেকৈ দিশাই হেঁপাহৰে এদিন সজাই ৰাখিছিল…।আলমিৰাত থকা পাটৰ …মুগাৰ সাজবোৰ ও চাগে সেইদৰেই আছে… যি দৰে হেঁপাহেৰে তাই জাপি ৰাখিছিল.. । কেৱল তাইৰ অনুভৱবোৰৰ দৰে.. সেইবোৰ নিশ্চয় এতিয়া উৱঁলি পৰিছে.. । আলমিৰাটোৰ ঠিক কাষতে থকা সৰু টেবুলখনত..  সময়ৰ আঁচোৰত বিবৰ্ণ হৈ পৰা ফুলৰ থোপাটোও আজিও তেনেদৰেই পৰি আছে… মাথোঁ সৰি পৰি …কোঠাটোৰ চুকে কোনে.. ক’ৰবাত হেৰাই গৈছে… শুকাই ক’লা হোৱা ফুলৰ পাহীবোৰ..।
মেহগণি কাঠৰ ডাবল বেড খনৰ ওপৰত ফটো হৈ ওলমি ৰোৱা.. এটা সম্বন্ধই যেন হঠাৎ দাঁত নিকটাই হাঁহিলে তাইলৈ চাই… ।
” কি চাব আহিছ’ দিশা…. ? আছে নে সকলো তই বিচৰাৰ দৰেই নিখুঁত ভাবে… ? নে চাব বিচাৰিছ’ কেনেবাকৈ আছে নেকি ক’ৰবাত অলপ সজীৱতা.. ? তই হাৰি গ’লি দিশা.. । সম্বন্ধৰ শূন্যতাত হেৰাই গ’লি তই..। “

মূৰটো ঘূৰাই যোৱা যেন লাগিল দিশাৰ… । ফটো খনত মিচিকিয়া হাঁহিৰে .. স্বামী অভিজিত বৰুৱাৰ বহুবন্ধনত এইয়া… নতুন কইনা দিশা… । শিৰত বোলাই লোৱা ৰঙাবোৰে যেন…. ৰক্তিম আভাৰে চুই গৈছে তাইৰ দুগাল.. । তেতিয়াৰ অভিজিতৰ প্ৰতি থকা.. মৰম… আন্তৰিকতা … চকুৰ সলাজ চাৱনি…আজি দিশাৰ বাবে এক মামৰে ধৰা অতীত.. ।
প্ৰচণ্ড ক্ষোভ আৰু ঘৃণাৰে … উকা কপাল খন জোৰেৰে মুচি দিলে তাই.. । থাকিব নিদিব যেন বিন্দুমাত্ৰ ও ৰঙা তাত..।
ঘৰ্মাক্ত শৰীৰ আৰু দুচকুত জুই একুৰা লৈ..দৌৰি ওলাই আহিল দিশা ৰূমটোৰ পৰা .. ।

বাহিৰত.. পুৰণিৰ চেকা লগা টিং বোৰত… ৰং দিবৰ বাবে মিস্ত্ৰী কেইটাই উলিয়াই লোৱা ৰঙা ৰংবোৰ দেখি গৰজি উঠিল দিশা…

:-কলিতা… কাক সুধি এই ৰঙাবোৰ আনিছে আপুনি স্নেহালয়ক সজাবলৈ .. ? আঁতৰাই নিয়ক এইবোৰ .. এই মুহূৰ্ত্বততে … এইখিনিৰ পৰা .. । এই  জয়াল ৰংটোৰে মই নিজকো নসজাও কোনোদিন.. এই আশ্ৰম খনক ও সজাব নিদিও… । স্নেহালয়লৈ এই ৰঙাবোৰে বিপদ নমাই আনিব.. । শুনিছে নে আপুনি..? ৰঙা ৰংটো যে বিপদৰ সংকেত জানে নে..?.    ( …ফোঁপাই উঠিল তাই… । )
ভিতৰৰ এটা কোঠাৰ তলাটো খুলি থৈ আহিছো.. ।মানুহ দুজনমান লগাই আচবাব বোৰ উলিয়াই জ্বলাই পেলোৱাৰ ব্যৱস্থা কৰক .. নাইবা কাৰোবাৰ প্ৰয়োজন হ’লে দি দিয়ক সেইবোৰ.. । নতুন ঘৰখনত নালাগে সেইবিলাক থাকিব..।

আমায়িক , মিথ্যাভাষী দিশাৰ সেই ৰূপ দেখি অলপ সময়ৰ বাবে স্তব্ধ হৈ ৰ’ল স্নেহালয়ৰ চৌহদ… । সকলোৰে বাবে সাঁথৰ হৈ পৰিল দিশাৰ খং উঠাৰ কাৰণটো… । কিহৰ বাবে ইমান বিদ্বেষ ৰঙাবোৰৰ প্ৰতি দিশাৰ…??  এটা প্ৰশ্নই দোলা দিলে তাত উপস্থিত সকলোৰে মনত… ।

ক্ষোভ বোৰ উজাৰি …অলপ শান্ত হৈ পৰা দিশাই… নিজৰ সেই অশোভনীয় আচৰণত…. লজ্জিত হৈ ক্ষমা খুজিলে সকলোকে .. ।

:-আপুনি চিন্তা নকৰিব বাইদেউ .. ।  এতিয়াই মই নিজেই গৈ ..ৰংবোৰ ঘূৰাই …নতুন ৰং  লৈ আনিম । সেউজীয়াৰে জীপাল কৰিম দিয়ক… আমাৰ এই স্নেহালয় ।

থতমত খাই.. মিস্ত্ৰী কেইটাক ৰং কৰাৰ পৰা বাধা দিবলৈ আগবাঢ়ি গ’ল কলিতা.. ।

কেম্পাছৰ ভিতৰত হোৱা চিঞৰ বাখৰ বোৰ কাণত পৰাত …স্নেহালয়ৰ গেটৰ মুখতে স্কুটি খন পেলাই….উধাতু খাই আহিল স্মৃতা .. । আঁতৰৰ পৰাই অনুমান কৰিব যত্ন কৰিলে তাই… কি হৈছে ভিতৰফালে… । কিয় দিশাক ইমান অসহজ যেন দেখাইছে….!!
ওচৰ চাপি আহি…ক্ৰন্দনৰত দিশাক…সজোৰে সাৱটি ধৰিলে তাই.. ।

:-কি হৈছে দিশা বা…? তোমাক কিয় ইমান ভাগৰুৱা দেখাইছে.. । কোনে কি ক’লে তোমাক… ? গা বেয়া কৰিছে নেকি…?
একেলগে কেইবাটাও প্ৰশ্ন কৰি… দিশাৰ মুখলৈ আগ্ৰহেৰে চাই ৰোৱা স্মৃতাক… মহেশ কলিতাই কাণৰ কাষতে লাহেকৈ ক’লেহি..

:-বুজি নাপালো ঘপহকৈ বাইদেউৰ কিয় ইমান খং উঠিল.. । ঠিকেই আছিল দেখোন সকলোবোৰ.. । ভিতৰৰ কোঠাবোৰলৈ যোৱাৰ পিছতেই বাইদেউৰ এই তাৎক্ষণিক সিদ্ধান্ত… আৰু খং দেখি আচৰিত হৈছো সকলোবোৰ । টিংখনত ৰঙা ৰং লগাব লোৱা দেখি গৰজি উঠিছে তেওঁ… । তুমি সোনকালেই লৈ যোৱা বাইদেউক ইয়াৰ পৰা । কিবা কথাই মানুহগৰাকীক ভিতৰি অশান্ত কৰি তুলিছে…।

কলিতাৰ পৰা কথাকেইটা শুনি .. কৌতূহলি মনটোক দমাব নোৱাৰি .. দিশাক তাতে এৰি ভিতৰলৈ সোমাই গ’ল স্মৃতা.. । এইখন ঘৰলৈতো আগৰে আহ-যাহ তাইৰ.. । ঘৰখনৰ মালিক…সেই অকলশৰীয়া মানুহজনক… স্মৃতাই কাম কৰি থকা এন. জি.অ টোৰ পৰাই… এগৰাকী মহিলা ঠিক কৰি… চোৱা চিতা কৰিবলৈ… নিয়োগ কৰিছিল দিশাই.. ।
কিন্তু  এনে কি কাৰণ থাকিব পাৰে .. যাৰ কাৰণে ঘৰ খনৰ ভিতৰলৈ গৈ ইমান অপ্ৰস্তুত হৈ উঠিল তাইৰ মৰমৰ দিশা বা জনী…। এজন অসহায় বৃদ্ধক ইমান বছৰে.. আদৰ যত্নৰে ৰখাৰ আঁৰত …সাধাৰণ মানৱীয়তাৰ উপৰিও বেলেগ কিবা স্বাৰ্থ আছিল নেকি … নে তাৰ অন্তৰালত আছে কিছুমান গোপন সত্য… ? তেজৰ সমন্ধ নথকাৰ স্বত্তেও….  একান্ত আপোন ভনী জ্ঞান কৰা স্মৃতাৰ পৰা… সঁচাই কিবা লুকুৱাই আহিছে নেকি দিশাই ইমান দিনে…? তাইৰ অতীতটোৰ বিষয়ে বাৰে বাৰে জানিব বিচৰাৰ স্বত্তেও .. কিয় প্ৰতিবাৰেই নিমাতে ৰয় দিশা..??

এখোজি দুখোজিকৈ… ঘৰটোৰ ভিতৰৰ আটাইতকৈ ডাঙৰ কোঠাটোৰ মুখত ভৰি দিলে স্মৃতাই.. । পুৰণা পুৰণা গোন্ধ এটা নাকত লাগিল তাইৰ.. । ধূলিৰে আৱৰি আছিল যদিও যথেষ্ঠ পৰিপাটি কৈ ৰখা কোঠাটোৰ আচবাব বোৰ দেখি অনুমান হ’ল … সেইটো কোঠা যেন এসময়ত এই বিশাল ঘৰটোৰ প্ৰাণ স্বৰূপ আছিল .. ।
অতি সন্তৰ্পনে আগবাঢ়ি গ’ল তাই কোঠাটোৰ ভিতৰলৈ …। হঠাৎ …এই বিয়াগোম ঘৰটোৰ স্বত্বাধিকাৰ.. হীৰেন বৰ্মনৰ  . …একমাত্ৰ পুত্ৰ অভিজিত বৰ্মনৰ পত্নীৰ ৰূপত… দিশাক … বিচনাখনৰ ওপৰৰ ফটো ফ্ৰেমটোত দেখা পাই স্তম্ভিত হৈ পৰিল স্মৃতা… ।
কি দেখিছে এইয়া তাই.. ?  তাইৰ দিশা বা জনী দেখোন… এইখন ঘৰৰ লগত এক সমন্ধৰ জৰীৰে বান্ধ খাই আছে… । তথাপিও কিয় ইমান বছৰে একোৱেই জানিব নিদিলে স্মৃতাক তাই কথাবোৰ..  ! কিয় গুপুতে ৰাখিলে  …. এতিয়াও জীৱিত অৱস্থাত থকা…. তাইৰ স্বামীৰ পৰিচয়… ? 

মলিয়ন হৈ পৰা ফটোখন… গজালৰ পৰা খুলি… হাতেৰে অলপ জোকাৰি ধূলিখিনি সামান্য আঁতৰাই ল’লে স্মৃতাই.. আৰু কাষতে পোৱা পেপাৰ এখনেৰে মেৰিয়াই কান্ধত ৰখা বেগটোত ভৰাই ল’লে .. । জানিব লাগিব তাই… সুধিব লাগিব দিশাক… এইখন ঘৰৰ পৰা কিয় আঁতৰি থাকিল ইমান বছৰে.. ? সকলো থাকিও দিশা আজি কিয় অকলশৰীয়া… !!

কলিতাই আগবঢ়াই দিয়া চকীখনত… ভাৰাক্ৰান্ত মন এটাৰে স্মৃতালৈ অপেক্ষা কৰি বহি আছিল দিশা.. ।
যত্ন কৰি পাহৰিব বিচৰা অতীত এটাই… আজি পুনৰ কঁপাই থৈ গ’ল তাইৰ অন্তৰাত্মা…। বৰ কঠিন… সময়ৰ হাতত সকলোবোৰ এৰি দিয়া… । সময়ে দেখোন কেতিয়াবা উভটনি যাত্ৰাৰে সোৱৰাই থৈ যায় এৰি অহা দিনবোৰ… । এজাক আৱতৰিয়া বৰষুণত তিয়াই থৈ যায় জুৰুলি জুপুৰিকৈ… ।  সঁচায়ে … সময় বৰ প্ৰভাৱি….।

বহি থকা দিশাৰ হাত খনত খামুচি..  তাইক একে টানে কেম্পাছৰ বাহীৰলৈ উলিয়াই আনিলে স্মৃতাই… আৰু স্কুটি খন ষ্টাৰ্ট দি পিছফালে বহুৱাই ল’লে … । হাতৰ ঘড়ীত সময়তো চাই স্মৃতা ৰাওনা হ’ল দুগুৰ স্কুল অভিমুখে… ।

হাজাৰ কামৰ মাজতো …সদায় দুগুৰ স্কুল চুটিৰ সময়টোক লৈ… সতৰ্ক হৈ থকা দিশা আজি কিন্তু গোটেই ৰাস্তাটো নীৰৱে বহি আহিল ….স্মৃতাৰ পিছত.. ।

:- মা … চকলেট আনিলা নে…?
আজি জানা , কাৰবী মেম য়ে মোক গুড বয় বুলি কৈছে.. মই যে সব হ’ম ৱৰ্ক ধুনীয়াকৈ কৰিছিলো… ,
আজি কি হ’ল জানা ….নীলয়ে মোক এক ঘোচা মাৰি দিছিল নহয়.. । মই মেমক কৈ দিলোঁ… মেম য়ে তাক পানিচমেন্ট দিছে…
তুমি আজি টিফিনত কিয় চক’ পাই নিদিলা…??

ঘৰ পাই নানান কথাৰে… দিশাক ব্যতিব্যস্ত কৰি তুলিলে  দুগুয়ে… ।  দুগুৰ মূৰত আলফুলে হাত ফুৰাই.. উদাস মন এটাৰে নিজৰ ৰুমলৈ সোমাই গ’ল তাই .. ।
আজি অতীতে গৰকা কথা কিছুমানে… বাকৰুদ্ধ কৰি পেলাইছে দিশাক … । দুগুয়ে নজনা কথা কিছুমান… ভৱিষ্যতে তাৰ আগলৈ ওলাই অহাৰ ভয় এটাই…আশঙ্কিত কৰি পেলাইছে তাইক ..  ।

:-বেটা .. আজি মাৰ গাটো বেয়া .. তুমি মাক ডিষ্ট্ৰাব নকৰিবা দেই.. । আজি স্মৃতা মাহী আৰু দুগুয়ে মিলি বহুত বেছি এনজয় কৰিব… ঢেৰ খেলিব.. স্তৰী শুনিব… । মায়ে যে বহুত বেছি কষ্ট কৰে.. বহুত বেছি কাম কৰে… সেইবাবে মায়ে অলপ ৰেষ্ট কৰক দেই বেটা.. । তুমিতো এতিয়া বিগ বয় হৈ গৈছা… মা নহ’লেও অকণমান সময়টো স্মৃতা মাহীৰ লগত থাকিব পৰা হৈছাই….. হয় নে নহয়..??
দুগুক কোচতে বহুৱাই পিন্ধি থকা ইউনিফৰ্ম জোৰ খুলি কথাবোৰ বুজাব যত্ন কৰিলে স্মৃতাই.. ।

:-মাৰ জ্বৰ উঠিছে নেকি স্মৃতা মাহী.. মায়ে অক’ কৰিছে নেকি…? মাক তেতিয়াহলে মেডিচিন দিব লাগিব নহয়… !!

:-স্মৃতা মাহীয়ে মাক মেডিচিন খাব দিলে ….. এতিয়া অলপ টোপো কৰিলেই মা একদম ফিট হৈ যাব.. । তুমি কিবা এটা খাই শুই থাকা হা.. । তাৰপিছত তুমিয়ে ময়ে খেলিম দেই … ।

দুগুক ভাত দুটামান খোৱাই ..  শুৱাই থ’লে স্মৃতাই.. ।
বন্ধ দুৱাৰ খনৰ সিপাৰে কি বা কৰি আছে দিশাই… ? জানিবলৈ  উচপিচাই উঠিল স্মৃতাৰ মনটো ..  । 
নিজকে পঢ়ি চাইছে নিশ্চয় …! স্মৃতিৰ পেৰাটো খুলি… ফঁহিয়াই চাই … নিজৰ লগতে এখন যুঁজত নামি পৰিছে চাগে তাই..  । কি কৰে এতিয়া স্মৃতাই.. ? এইদৰে অকলে এৰি দিয়ে নে দিশাক … নে কিবা প্ৰকাৰে সান্তনা দিবলৈকে… কথাবোৰ জানিবৰ যত্ন কৰে…?

উগুল থুগুল মন এটাৰে দিশাই নিজকে আৱদ্ধ কৰি ৰখা কোঠাটোৰ দুৱাৰত লাহেকৈ টোকৰ দিলে স্মৃতাই… ।
ভিতৰৰ পৰা কোনো সঁহাৰি নাপালে… ।
দুৱাৰত কানখন লগাই…. অনুভৱ কৰিব বিচাৰিলে… ভিতৰৰ মৌন কোলাহলবোৰক… । নাই… দিশাক বুজিব নোৱাৰাৰ দৰেই .. অনুমান কৰিব নোৱাৰা …..বন্ধ কোঠাৰ নীৰৱতা ।

শুই থকা দুগুক চাই… আজি দিশাৰ ঘৰতে থকাৰ সিদ্ধান্ত লৈ … মাকলৈ ফোন কৰিলে স্মৃতাই..  । সময়ৰ এই কঠোৰ পাকচক্ৰত দিশাক অকলে এৰি যাবলৈ স্মৃতাৰ মনটোৱে অনুমতি নিদিলে… । অকলশৰীয়া দিশাজনীক … এই স্পৰ্শকাতৰ মুহূৰ্ত্ববোৰত …অকলে এৰি যাব নোৱাৰে তাই… ।

বেগটো খুলি দিশা আৰু অভিজিতৰ ফটো খন উলিয়াই বাহিৰলৈ লৈ গ’ল স্মৃতাই … । ধূলিবোৰ ভালদৰে মুচি … অভিজিত বৰ্মনৰ কাষতে মিচিকিয়া হাঁহিৰে বহি থকা তেওঁৰ পত্নী দিশা বর্মনক অপলক নয়নেৰে চাই ৰ’ল … ।
যেন…সুখ এসোপা চকুত বান্ধি… সপোন নগৰিত ঘূৰি ফুৰা এইয়া…. তেতিয়াৰ তাইৰ আপোন বায়েকজনী..আৰু বুকুত অহৰহ..বেদনাৰ নৈ এখন কঢ়িয়াই ও সদা হাস্যমুখী তাইৰ … এতিয়াৰ দিশা বা জনী ..  ।
ফটোখন ড্ৰয়িং ৰুমৰ শ্ব’কেচটোৰ এটা ড্ৰয়াৰত দিশাৰ চকুত নপৰাকৈ সোমোৱাই থ’লে স্মৃতাই…. ।

সন্ধ্যাৰ পৰাই দুগুয়ে মাকক বিচাৰি খুব আমনি কৰিব ধৰিলে.. । স্মৃতাই তাৰ লগত খেলা ধুলা কৰি যেনেতেনে তাক বুজাব চেষ্টা কৰিলে..  । অলপ ভয়ো লাগিল স্মৃতাৰ… । দিশাই বাৰু বন্ধ কোঠালিত সোমাই …. নল’ব ল’গা সিদ্ধান্ত কিছুমান… লৈ পেলাইছে নেকি…? ইমান সময় হ’ল… দুগুলৈ ও মনত পৰা নাই নে…? ইমান নীৰৱ … নিস্তব্ধ হৈ কি কৰিছে বাৰু  ৰূমটোৰ ভিতৰতে… ?
তথাপিও স্মৃতাৰ দৃঢ় বিশ্বাস…. দিশাৰ দৰে  সাহসী নাৰী এগৰাকীয়ে কোনো ভুল পদক্ষেপ ল’ব নোৱাৰে.. দুগুৰ বাবেই নোৱাৰে… ।
ঠেন মেঠেন কৰি… স্মৃতাই বনাই দিয়া মেগী অলপ খাই … তাইৰ বুকুৰ মাজতে কুৰুকি কুৰুকি সোমাই ….শুই গ’ল দুগু… আৰু ৰাতি এপৰলৈকে বহুতো চিন্তা মনত লৈ দুগুক সাৱটি … বিচনাতে পৰি থাকিল স্মৃতা…. ।  কান খন উনাই থাকিল .. খুলিছে নেকি দিশায়ে বন্ধ ৰুমৰ দুৱাৰখন.. !!

                       পুৱতি নিশালৈ স্মৃতাৰ হয়তো টোপনি আহিছিল … । গালখনত ল’গা সেমেকা পৰশ এটাত …সাৰ পাই উঠিল তাই আৰু টোপনিৰ আৱেশত …আধা মেলা চকুৰে সন্মুখত দিশাক দেখি খপজপকৈ উঠি বহিল….. ।
ভিজা চুলিৰে… সদ্যস্নাতা দিশাক..ইমান সপ্ৰতিভ দেখাইছে .. । মুখত ও দেখোন বিদ্যমান… এজাক প্ৰচণ্ড ধুমুহা বৰষুণৰ পিছৰ.. এক ৰৌদ্যোজ্জল পুৱাৰ দৰেই… সৃষ্টিমূখী  উজ্জ্বলতা…!! মাত্ৰ চকু দুটা হে… এৰাতিতে অলপ গাতলৈ সোমাই গৈছে… । উজাগৰী নিশাৰ … ভাগৰুৱা চকুদুটাত তথাপিও যেন অক্ষত হৈ আছে এসাগৰ মৰম.. । ইমান মৰমেৰে চাইছে তাই স্মৃতাক… ।
কি ধাতুৰে গঢ়া বাৰু …এই মানুহজনী… ? ক’ত পাই ….হাজাৰ দুখেও বিচলিত কৰিব নোৱাৰা … প্ৰবল মানসিক শক্তি..??

:- ঠেংক ইউ স্মৃতা… ।
স্মৃতাক দুহাতেৰে সাৱটি ধৰি … গালতে চুমা এটা আঁকি দিলে দিশাই… ।  স্মৃতাক ধন্যবাদ জনাবলৈ শব্দৰ অভাৱ আজি.. ।তাইৰ প্ৰতি মৰমেৰে ভৰি থকা বুকুখন…. উদঙাই দেখুৱাবলৈ শব্দৰ প্ৰয়োজন নাই আচলতে… মৌনতাই যথেষ্ট.. ।
বুজিলে স্মৃতাই দিশাৰ মনতো.. মৌনতাৰে ক’ব বিচৰা শব্দবোৰ হৃদয়েৰে অনুভৱ কৰিলে তাই…।

:- গুড মৰ্নিং দিশা বা… আৰ ইউ অ’কে ..?

:- য়েছ মাই চুইট চিচ… আই এম অলৰাইট…।
মোৰ বাবেই তোমাৰ কালিৰে পৰা বহুত কষ্ট হ’ল চাগে নহ… !! এতিয়া হে বেয়া লাগিছে মোৰ.. । দুগুৰ কথা ও ভাবিব নহ’ল চোৱা.. । ইমান স্বাৰ্থপৰ হৈ পৰিছিলো অলপ সময়ৰ বাবে… ।

বুজিলে দিশাই… এইয়া ভাঙি পৰাৰ সময় নহয়…। হাউলি গ’লেও… নৱ উদ্যমৰে নিজকে গঢ়াৰ সময়… । দুগুৰ সাহস হৈ ঠিয় দিয়াৰ সময়… ।

:-মোৰ ওচৰত ফৰ্মেলিটি দেখুৱাব নালাগে দিশা বা.. । তোমাক অকলশৰীয়া সময় অলপৰ প্ৰয়োজন হৈছিল.. । ভন্টি হিচাপে …তোমাৰ বাবে… সেইখিনি কৰিব নোৱাৰাৰ কথাই নাহে… । তুমি হয়তো কিবা কথাত ভাঙি পৰিছিলা… । কিন্তু বন্ধ কোঠালীৰ সেই নিসংগ মুহূৰ্ত্ববোৰে তোমাক যে পুনৰ ঠন ধৰি উঠাত সহায় কৰিলে…. দেখি মই বহুত সুখী … ।

:- দুগুয়ে দিগদাৰ কৰিছিল নেকি.. ? মোৰ কথা সুধিছিল নে…?
( স্মৃতাৰ কাষতে গভীৰ টোপনিত মগ্ন… দুগুৰ.. ভৰি দুটাতে চুমা এটা দি  সুধিলে দিশাই…)

:- অলপ..। তুমি নোহোৱাকৈ থকাৰ অভ্যাস নাই যে তাৰ । বহুত ৰাতিলৈকে তোমাৰ কথাই সুধি আছিল । তোমাৰ গা বেয়া বুলি কওঁতে মানি ল’লে.. ।

দিশা বা….

:-স্মৃতা… আজি চেটাৰ ডে’। দুগুৰ স্কুল বন্ধ আছে নহয়.. । তুমি আগবেলা তাৰ লগত অলপ থাকি দিবা নেকি…? মই স্নেহালয়ৰ পাৰ্মিচন কপিটো পাৰিলে আজিয়েই উলিয়াই অনাৰ ব্যৱস্থা কৰো.. । এপ্লিকেচন খন কেতিয়াবাই দি থৈ আহিলোঁ দেখোন.. । কামটো নিজেই গৈ নালাগিলে সহজে কৰি নিদিব তেওঁলোকে.. ।
কিবা এটা প্ৰশ্নৰ সন্মূখীন হোৱাৰ অনুমান কৰি স্মৃতাৰ কথা কেইটা আধাতে ৰখাই দিশাই কৈ উঠিল.. ।

:-তোমাক কোৱা হোৱাই নাই দিশা বা.. । স্নেহালয়ৰ ফাইলটো ডেভল’পমেণ্ট ব্ৰান্সতে আছে.. । কালি মই জয়ন্ত বৰাক লগ কৰিছিলো । ডি.চি ৰ টেবুললৈ যোৱাই নাই.. । এডি. চিৰ এপ্ৰ’ভমেণ্টৰ পিছত হে ডি.চি য়ে চাইন কৰিব.. । সিহঁতে ইচ্ছা কৰি সহজে কামবোৰ কৰি নিদিয়ে জানা.. । টকা কেইটা মানৰ আশাতে ফাইলবোৰ পেলাই থয়…. নে… কি .. .. বুজি নাপাওঁ আৰু… !

:-নহয় অ’.. সকলো কামৰে কিছুমান প্ৰচিডিঅ’ৰ থাকে.. । সেইমতেহে হ’ব কামবোৰ.. । তাৰোপৰি ডি.চি অফিচত নানান ধৰণৰ কাম চলি থাকে…। ডেইলি বিভিন্ন এপ্লিকেচন আহে.. এপ্ৰ’ভেলৰ বাবে.. । গতিকে ইমানবোৰ কামৰ মাজত নিজৰ কামবোৰ আগবঢ়াবলৈ… আমিও অলপ খুটি-নাটিবোৰ বুজি টেবুলে টেবুলে ঘূৰিব লাগিব.. ।
মই ব্ৰেকফাষ্ট ৰেডি কৰো… । তুমি অলপ শুই লোৱা নহ’লে… । ৰাতি টোপনি ক্ষতি কৰিছা… গা বেয়া কৰিব.. ।

:- মোৰ টোপনি ক্ষতি ও হোৱা নাই আৰু একো অসুবিধা ও হোৱা নাই ….. । কি হৈছে নাজানো .. যদিও অনুমান কৰিছো.. মানসিক ভাৱে তুমি হে দুর্বল আজি.. । তুমি অলপ বহা দুগুৰ কাষতে .. । মই গা ধুই কিবা এটা বনাও … খাই ওলাই যাবা.. ।

একো নজনাৰ অভিনয় কৰি…দিশাক জোৰকৈ বিচনাখনতে বহুৱাই.. বাথৰুমলৈ যাবলৈ লোৱা স্মৃতাই … ঘূৰি লৈ দিশাক সুধিলে….

:- দিশা বা… তোমাৰ অতীতৰ বিষয়ে মোকো একো নোকোৱা তুমি…? কিহে তোমাক ইমান অশান্ত কৰি পেলাইছিল … মোক জনাব নোৱাৰা নেকি .. ? তোমাক কালি ইমান অসহায় অৱস্থাত দেখি মই বহুত দুখ পাইছো দিশা বা…।

স্মৃতাৰ কথা কেইটা শুনি … নিগৰি অহা চকুপানীৰ টোপাল কেইটা মুচি …ক্ষণিক টলকা মাৰি ক’ব ধৰিলে দিশাই…

:- ক’ম স্মৃতা … এদিন সকলো ক’ম.. । মই সদায়েই পাহৰি থাকিব বিচৰা অতীতটোৰ …সকলো কথাই জনাম তোমাক । মাত্ৰ মোক স্নেহালয়ৰ কামখিনি হৈ উঠাৰ সময়ক’ন দিয়া .. ।

:- লাভ ইউ দিশা বা.. । লাভ ইউ চ’ মাচ… ।  ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম… তেওঁ যাতে তোমাৰ দুখবোৰ নাইকিয়া কৰি দিয়ে…।

                    ———————–

উপায়ুক্ত কাৰ্য্যালয়ৰ ডেভল’পমেণ্টন ব্ৰান্সত …. ব্ৰান্সৰ চিনিয়ৰ হেড …জয়ন্ত বৰাক লগ কৰি স্নেহালয়ৰ বিষয়ে আলোচনা কৰিলে দিশাই… । সেইটো ব্ৰান্সতে বেচৰকাৰী সংস্থাবোৰৰ …..সকলোবিলাক  কামৰ তদাৰক কৰা হয়… ।
স্মৃতাই চলাই থকা এন. জি. অ’ টোৰ আণ্ডাৰতে..এদিন “স্নেহালয়ক” গঢ়াৰ সপোন দেখিছিল দিশাই…।
হীৰেন বৰ্মনৰ নিজৰ মাটিত “স্নেহালয়ক” নিৰ্মান কৰা হৈছে যদিও ….সেইখন..  এখন বৃদ্ধাশ্ৰম হিচাবে ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ .. চৰকাৰী অনুজ্ঞা পত্ৰৰ প্ৰয়োজন আছে.. । বৃদ্ধাশ্ৰম খনৰ সকলো দায়িত্ব স্মৃতাহঁতৰ এন.জি. অ’ টোয়েই বহন কৰিব… আৰু …প্ৰয়োজনীয় টকা পইচাবোৰ চৰকাৰী ফাণ্ডৰ পৰা চেংচন হ’ব…। পৰিকল্পনাবোৰ কৰি ৰখা হৈছে যদিও….কামখিনি হৈ নুঠালৈকে  বৰ খেলিমেলি লাগি  আছে দিশাৰ… ।
দিশাৰ অভিপ্ৰায় …আৰু স্নেহালয় নিৰ্মাণৰ উদ্দেশ্যৰ কথা জানিব পাৰি জয়ন্ত বৰাই … দিশাক তাতে অলপ সময় অপেক্ষা  কৰিবলৈ কৈ … কোনো পিয়নৰ হাতত নপঠাই… ফাইলটো নিজ হাতেৰে সহকাৰী উপায়ুক্তৰ কোঠালৈ লৈ গ’ল ।

বৰ্তমান….. মূল চহৰৰ পৰা অলপ ভিতৰলৈ সোমাই…এখন নিৰিবিলি ঠাইত… পাঁচ গৰাকী বৃদ্ধ আৰু বৃদ্ধাক লৈ স্মৃতাহঁতৰ ভাড়া ঘৰটোৰ গ্ৰাউণ্ড ফ্ল’ৰতে …..এখন বৃদ্ধাশ্ৰম খুলিছে দিশাই .. । সেই বিল্ডিংটোৰেই ওপৰ মহলাৰ… দুটা ৰুমত ….দুগুক লৈ দিশা থাকে.. ।

বৃদ্ধাশ্ৰম খন খোলাৰ আগতে…. দিশাই নিজৰ  লগতে ৰাখিছিল আইতা এজনীক … । এদিন তাই স্কুললৈ যাওঁতে… ফুটপাথত বহি বিনাই থকা সেই মানুহগৰাকীক.. সহায় কৰিবলৈ আগবাঢ়ি যাওঁতে… গম পাইছিল.. পুত্ৰ বোৱাৰীৰ হাতত লাঞ্চিত হৈ ঘৰ এৰি গুচি অহাৰ তেওঁৰ হৃদয় বিদাৰক কাহিনী… । লৈ আহিছিল দিশাই তেখেতক নিজৰ ঘৰলৈ… । নিজৰ ঘৰখন এৰি আহিব লগা পৰিস্থিতিবোৰ…. বা সেই সিদ্ধান্তই মনত দিয়া বেদনাবোৰৰ গভীৰতা বুজিছিল তাই….। আশ্ৰয়হীন মানুহগৰাকীক থাকিবলৈ অলপ ঠাই দিয়া … আৰু তেওঁৰ কান্দোনবোৰত এধানমান হাঁহিৰ পৰশ দিয়াৰ  প্ৰয়াসে … সময়ত বৃদ্ধাশ্ৰম এখন নিৰ্মানৰ সপোন দেখুৱাব ধৰিলে দিশাক… ।

লাহে লাহে … এজন দুজনকৈ পাঁচজন আশ্রয়হীন ককা – আইতাক ….দিশাই… নিজৰ সেই অকণমানি দুকোঠালীৰ ঘৰটোলৈ লৈ আহিল … । জীৱনৰ শেষ সময়খিনিত… এইদৰে অকলশৰীয়া হৈ পৰাৰ অন্তৰালত….এসময়ত নিজেই হেঁপাহৰে বনাই লোৱা ঘৰখনত… নিজৰেই তেজ মঙহৰ কাৰোবাৰ হাতত বোজা হৈ পৰা …..তেওঁলোক সকলোৰে আছিল দিশাৰ দৰেই এক বেদনাসিক্ত অতীত… ।
পৰিয়ালৰ লগত… বিভিন্ন কাৰণত বিছিন্ন হৈ…. য’তে ত’তে ঘূৰি ফুৰা ককা আইতা কেইজনক … প্ৰথম অৱস্থাত নিজৰ লগত ৰখাত অসুবিধা হৈছিল তাইৰ… । আচলতে এটা কোঠাতে থাকিব লগা হোৱাত…. তাইতকৈ ও বেছি অসুবিধাত পৰিছিল তেওঁলোক…।
গতিকে দিশাই…. মালিকৰ একমাত্ৰ জীয়েক …. স্মৃতাৰ লগত সেই বৃদ্ধ সকলৰ থকা-খোৱাৰ ব্যৱস্থাৰ বাবে… কিবা এটা কৰাৰ উদ্দেশ্যে… আলোচনা কৰাৰ সিদ্ধান্ত ল’লে..।
স্মৃতাৰ বিষয়ে তেতিয়ালৈকে শুনি হে আছিল দিশাই.. । স্মৃতাৰ মাকৰ পৰাই গম পাইছিল… তেওঁৰ ছোৱালীজনী এটা এন.জি.অ’ত কৰ্মৰত বুলি.. । যিটো এন.জি. অ’ই  “অল্ড এইজ হ’ম”… বা “চিনিয়ৰ চিটিজেন” সকলৰ সহায়ৰ বাবে বহুতো আঁচনি সময়ে সময়ে হাতত লৈ আহিছে… ।

প্ৰথম দেখাতেই… মৰম লাগি যোৱাকৈ কিবা এটা আকৰ্ষণ আছিল স্মৃতাৰ.. । অমায়িক… স্মাৰ্ট… আৰু একে আষাৰে ধুনীয়া বুলি কব পৰা স্মৃতাৰ….. অধ্যয়নশিল মনটোক আৰু  যি কোনো বিষয় বস্তুৰ ওপৰত থকা  ….জ্ঞানৰ বিষয়ে দুই এটা কথা পাতিয়েই বুজি পাইছিল দিশাই..।
খুব আগ্ৰহেৰে দিশাৰ কথাবোৰ শুনি …. তাইক সহায় কৰিবৰ বাবে সন্মতি জনাই, স্মৃতাই… ঘৰটোৰ খালি হৈ থকা.. দুটা তলা বন্ধ ৰুম… সেই বৃদ্ধ কেইজনক থাকিবৰ বাবে খুলি দিলে .. আৰু নিজৰ এন.জি. অ’টোৰ ফালৰ পৰাই তেওঁলোকৰ যাৱতীয় প্ৰয়োজনীয়বোৰৰ …ব্যৱস্থা কৰিলে.. ।

:-দিশা বা… ভাল লাগিল.. । তুমি এই অসহায় মানুহকেইজনৰ বাবে ইমান খিনি চিন্তা কৰিছা.. । যেতিয়াই সহায়ৰ প্ৰয়োজন হ’ব .. অলপ ও সংকোচ নকৰাকৈ মোক জনাবা… । এইটো মোৰ ফ’ন ন’ম্বৰ… ।
পিন্ধি থকা জিন্সটোৰ পকেটৰ পৰা কাৰ্ড এখন উলিয়াই দিছিল স্মৃতাই…।

ভাল লাগি গৈছিল দিশাৰ । তাইক…. স্মৃতাই ..”দিশা বা”.. বুলি মাতিছে… । ইমান আপোন আপোন অনুভৱ এটাই চুই গৈছে…। তাইতো বাইদেউ বুলিও মাতিব পাৰিলে হয়… !
স্মৃতাৰ “দিশা বা”.. তাই… । যেন সঁচাই এটি বায়েক ভনীয়েকৰ সম্বন্ধ দুয়োৰে মাজত….। কেতিয়াবা কাৰোবাক ভাল পাবলৈ এক চেকেণ্ডৰ ও প্ৰয়োজন নহয়..। অচিনাকি ..  কোনোবা এজনেও …. কেতিয়াবা… কম সময়তে বুকুৰ ভিতৰলৈ শিপাই যাব পাৰে..  । স্মৃতাক ও দিশাই প্ৰথম চিনাকিতেই ভাল পাই পেলালে… । ঠিক….আপোন ভনী জনীৰ দৰেই… ।
আৰু তেতিয়াৰ পৰাই সিহঁত বান্ধ খালে এক আত্মিক সম্পৰ্কৰে.. ।
                  
                     *******************

“ৰঙে গুলজাৰ আশাৰে জোৱাৰ
বুকুতে তুমি বাৰে বাৰ
যুগে যুগে বৈ উজলিনো ৰওক
প্ৰণয় কাহিনী আমাৰ…… “

পাপনৰ ৰিংট’নেৰে ফ’নটো বাজি উঠিল দিশাৰ… । ম’বাইলৰ স্ক্ৰীনত ভাঁহি আহিল স্মৃতাৰ ন’ম্বৰ….. ।

:- দিশা বা… হ’ল নে তোমাৰ কামবোৰ.. ? তোমাৰ হিৰ’ই তোমাক বহুত মিছ কৰিছে দেই.. । এতিয়া স্মৃতা মাহীক কাট্টি দি মুখ ফুলাই বহি আছে…। তুমি পাৰিলে জলদি আহা.. । বেটাই একো খোৱা ও নাই … ।

ঘড়ীটো চালে দিশাই….। ১২ বাজি গ’ল … ।
যোৱাকালিৰ পৰাই দুগুক.. সময় দিবই পৰা নাই তাই…। আজি ও সি শুই থাকোতেই ওলাই আহিলে… । দুগুয়ে চাগৈ বৰ বেয়া পাইছে….।

:-গৈ আছো স্মৃতা… । মই ওলাইছোয়েই… ।

ফ’নটো থৈ …লৰালৰিকৈ উঠি ….জয়ন্ত বৰাক দেখে নেকি… ইফালে-সিফালে  চালে দিশাই…. । কিমান সময় তেওঁৰ টেবুলতে বহি কথাবোৰ ভাবি আছিল …গমেই নাপালে তাই ।
তেখেতলৈ ফ’ন এটাকে কৰি কথাখিনি জনোৱা ভাল হ’ব বুলি ভাবোতেই… হাঁহি মুখেৰে জয়ন্ত বৰা ব্ৰান্সলৈ সোমাই আহিল… ।
:- মিছেচ বৰ্মণ… মিঠাই খোৱাব লাগিব কিন্তু… । আপোনাৰ কাম হৈ গ’ল বুলিয়েই ধৰক । এনেই দুদিনমান লাগিল হ’য়… । লেণ্ড ডকুমেণ্টছ খিনিৰ এপ্ৰ’ভমেন্ট মই নিজেই কৰি দিলো ।আচলতে যাৰ নামত মাটি খিনি আছে… তেখেতৰ সকলোবোৰ কাগজ পত্ৰ ক্লিয়েৰ হৈয়েই আছে..  । গতিকে বিশেষ একো অসুবিধা নহ’ল… । তাৰোপৰি যিটো এন.জি. অ’ৰ ফেভাৰত “স্নেহালয়ক”  গঢ়ি তুলিব বিচাৰিছে… সেইটো এন.জি. অ’ ই বৰ সুন্দৰ চ’চিয়েল চাৰ্ভিচ দি আছে.. । সেইটো ও এটা প্লাচ পইণ্ট কামটো সোনকালে হোৱাৰ.. ।
দুই তিনি দিনতে পাৰ্মিচন কপিটো আপোনাৰ হাতত পৰিব..। বৰ্তমান ডি. চি চাৰ ইয়াত নাই বাবেই ফাইনেল কপিটো ৰেডি নহ’ল.. ।

:-ধন্যবাদ বৰা… । আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’ম .. । অতি সোনকালেই “স্নেহালয়ে” প্ৰাণ পাই উঠিব .. । বহুত সুখী মই আজি … । আচলতে হীৰেন বৰ্মন এজন সৎ ব্যক্তি আছিল । মানুহজন অত্যন্ত পৰিপাটি আৰু পৰিশ্ৰমী আছিল.. । ঘৰখনৰ চৌহদ ফুল .. ফল আৰু ঔষধি উদ্ভিদেৰে ভৰি আছে । কেতিয়াবা তালৈ গ’লে ..তেওঁৰ দূৰদৰ্শী মনটোৰ পৰিচয় পাব.. । এইখিনি মাটিৰ বাদেও .. দুখন চাহ বাগান আৰু চহৰৰ উপকণ্ঠত এটুকুৰা মাটিও আছে তেওঁৰ নামত.. । কিন্তু শেষ সময়খিনিত বৰ অকলশৰীয়া জীৱন এটা কটাব লগা হ’ল তেখেতে.. । ভাবিয়েই বেয়া লাগে.. ।

:- তেওঁৰ ল’ৰা ছোৱালী…?

:- একমাত্ৰ পুত্ৰ .. এজন বেংক বিষয়া.. । থাকিও নথকাৰ দৰে.. ।

:-ল’ৰাই বিয়া নাপাতিলে ? আপুনি কি দৰে জড়িত হৈ পৰিল এই প্ৰজেক্টটোৰ লগত..?

:- বহুত কথা বৰা …। কেতিয়াবা গম পাব.. ।

খুচৰি বুকুৰ ঘাঁ ডোখৰ আকৌ গেলাব মন ন’গল দিশাৰ.. ।কিন্তু তাই জানে এই ঘাঁ ডোখৰে সময়ে সময়ে বিষ এটা দি থাকিব তাইক.. সন্মুখীন হ’ব লাগিব বহুতৰ প্ৰশ্নৰ.. । নিজৰ কদৰ্য্যময় অতীতটোক লুকুৱাই ৰখাৰ… এইয়া বৃথা প্ৰচেষ্টা নেকি দিশাৰ…??

:-এদিন যাম দিয়ক হীৰেন বৰ্মনৰ ঘৰটোলৈ ..। আপোনাৰ সপোনটোক নিজ চকুৰে চাবলৈ… । শুভ কামনা জনালো …. । সকলোবোৰ ভালদৰে হৈ উঠক.. ।
জয়ন্ত বৰাই আগ্ৰহৰ সুৰে কৈ উঠিল.. ।

:-আহিব বৰা.. । বৰ ভাল লাগিব… । অলপ দিহা পৰামৰ্শ ও দি যাব.. । সদ্যহতে মই বিদায় হে মাগিছোঁ.. । ঘৰৰ পৰা ফ’ন আহি আছে.. । বেয়া নাপাব… ।

মুকলি মন এটাৰে ওলাই আহিল দিশা… । সপোন ভঙাৰ দুখবোৰ যেন… সপোন সঁচা হোৱাৰ আনন্দ কিছুমানে পাহৰাই পেলাইছে… ।
                   ——————
                                          
ৰাস্তাতে দুগুলৈ চকলেট আৰু চিপচৰ পেকেট দুটামান কিনি ল’লে দিশাই… । অলপমান মিঠাই..মাংস আৰু কেঁচা চবজিৰ ও বজাৰ কৰিলে … । স্মৃতাক আজি ভালকৈ এসাজ ৰান্ধি খুৱাব লাগিব…। তাইৰ বাবে স্মৃতাই বহুতখিনি কৰিছে… । একে তেজ মঙহৰ নহ’লেও… আপোনত্বৰে বেৰি ৰাখিছে এই ছোৱালীজনীয়ে দিশাক প্ৰতিটো অকলশৰীয়া মুহূৰ্ত্বত… । আজি স্নেহালয়ে মুৰ ডাঙি উঠাৰ আঁৰত ও… স্মৃতাৰ সহায় সহযোগিতা উল্লেখনীয়…। স্মৃতালৈ মৰমবোৰে বুকুখন ভৰাই পেলালে দিশাৰ.. ।

গেটখন খোলোতেই… বেলকণীৰ পৰা দুগুয়ে ফুৰ্তিতে জপিয়াই জপিয়াই চিঞৰিব ধৰিলে… ।

:-মা… ইমান দেৰি কৰিলা নে.. ? মই তোমালৈ তেতিয়াৰ পৰা ৱেইট কৰি আছো… ।
স্মৃতা মাহী … দুৱাৰখন খুলি দিয়া.. মোৰ মা আহি গ’ল… ।

:-গৈছো সোনটো… । তুমি নামি নাহিবা.. । তাতে ৰোৱা.. ।

দুগুৰ অকুলতাবোৰে… অজানিতে চকু দুটা সেমেকাই তুলিলে তাইৰ.. । মাক জনীয়েই সৰ্বস্ব .. সেই ল’ৰাটোৰ বাবে.. । জন্ম হোৱাৰ আগতেই নিজ পিতৃৰ দ্বাৰা পৰিত্যক্ত হৈ …. সকলো থাকি ও আজি এটা সৰু ভাড়া ঘৰত ডাঙৰ হ’ব লগা হৈছে তাইৰ কলিজাটো.. । এই ফুলকুমলীয়া ল’ৰাটোকে কালি গোটেই নিশাটো অকলে এৰি দিলে .. । কেনে নিষ্ঠুৰ মাক তাই…!

কেম্পাছত সোমায়েই … তলতে থকা আইতা ককা কেইজনক লগ কৰি মিঠাইৰ টোপোলাটো আগবঢ়াই দিলে দিশাই…. । সকলোৱে ফুৰ্তিৰে মিঠাইবোৰ হাত পাতি ল’লে যদিও…. তেওঁলোকৰ বাবে নতুন ঘৰ এখন বনোৱা হৈছে …. জানি সকলোৰে মনটো মৰহি গ’ল … ।

:- মাজনী অ’… আমাক তোমাৰ লগতে নাৰাখা মানে.. ! তুমি ওচৰত আছা.. নিজৰ ছোৱালী জনীক পাই থকা যেন লাগে.. । বাবাটোৱে আহি .. ককা-আইতা সম্বোধন ধৰিলে .. নাতিটো বুকুৰ মাজতে থকা যেন অনুভৱ হয়.. । বাধ্যত পৰি নিজেই গঢ় দিয়া ঘৰখন এৰি আহিলো যদিও…. তুমি আশ্ৰয় দি …. ইমান মৰম দিলা…..  ইমান যত্ন কৰিলা যে… এইখন ঘৰেই এতিয়া নিজৰ ঘৰ যেন ল’গা হ’ল…. ।
তোমাৰ পৰা আঁতৰি কেনেকৈ যাম আমি.. ? আকৌ আশ্রয়হীন  যেন লাগিব দেখোন.. ।
অৱশ্যে.. আমাৰ নো কি আছে.. ? আপোনজনেই বুকুতে গোৰটো দিলে… , এতিয়া ভাল লগা …. বেয়া ল’গা বুলি কথা নাই… । কেইটা দিননো জীয়াই থাকিম… !! থকা দিনকেইটা মূৰটো গুজিবলৈ ঠাই অলপ পালেই হ’ল আৰু..  !

ফুটপাথৰ পৰা দিশাই…তাইৰ ঘৰলৈ লৈ অহা আইতাজনীয়ে দুখ কৰি ক’লে…

:-কিয় তেনেকৈ কৈছে আইতা.. । মই সদায় আপোনালোকৰ লগতে থাকিম.. । ইয়াৰ পৰা যাব’গৈ মানে এইটো নহয় যে … মোৰ পৰা আঁতৰি যাব আপোনালোক . .. । আপোনালোকৰ সুবিধাৰ বাবেই মই এখন নতুন ঘৰ বনাইছো … । মোৰ সপোনৰ ঘৰ এখন…। কামবোৰ হৈ উঠা নাছিল…. ইমানদিনে সেইবাবে জনোৱা নাছিলো । সেই ঘৰ খনত সকলো এটা পৰিয়ালৰ দৰে থাকিব..। সেইখন আপোনালোকৰ নিজৰ ঘৰ হ’ব ..  ।
আপোনজনৰে সৈতে হোৱা বিচ্ছেদ কি..  মই ভালদৰে বুজো..।   জীৱনৰ বিয়লি বেলাত… ভিন ভিন কাৰণত … অ’ৰ ত’ৰ পৰা আহি  একেলগ হোৱা… আপোনালোকক সেইবাবেই মই একেলগে ৰখাৰ যত্ন কৰিছো ..। পৰিয়ালৰ পৰা পৃথক হোৱাৰ পিছত , এটা নতুন পৰিয়ালৰ সৈতে… বাকীখিনি সময় উপভোগ কৰক..। মোৰ উদ্দেশ্য এইয়াই… । আপোনালোকৰ সুখেই মোৰ কাম্য… । আপোনালোকক হাঁহি ফুৰ্তিৰে থকা দেখিলে .. মোৰ মনটো এনেই ভাল লাগি যায় …. ।
আশীৰ্বাদ কৰিব… মই যাতে সফল হওঁ… ।

তাত থকা…গোটেই কেইজন বৃদ্ধই … এক মিশ্ৰিত অনুভূতিত চকু পানী টুকিলে… চকুপানী বৈ আহিল দিশাৰ ও… ।

                           *****************

অফিচিয়েল কামখিনি হৈ উঠা বুলি জানি স্মৃতাৰ বিৰাট ভাল লাগিল.. ।
দিশাৰ ড্ৰিম প্ৰজেক্ট…. “স্নেহালয়”… । সোনকালেই আধৰুৱা কামবোৰ সম্পূৰ্ণ হৈ উঠক..সঁচা হওক তাইৰ আধৰুৱা সপোনটো ও….। ইমান বছৰে আপোন ঘৰখনৰ পৰা দূৰত থকা দিশাক.. “স্নেহালয়ে” ….পুনৰ ঘৰখনৰ ওচৰ চপাই আনিব বিচাৰিছে… । সকলো যাতে সুকলমে হৈ উঠে… । ৰহস্যৰ আৱৰ্ত্তত সোমাই পৰা.. দিশাৰ অতীতৰ দুখবোৰ…..”স্নেহালয়ে”…. যাতে সুখলৈ পৰিৱৰ্তিত কৰে.. । নেদেখাজনক মনতে সুৱঁৰিলে স্মৃতাই..  ।

নানা কথাৰ মাজেৰে…দুয়ো মিলি ….মাংসৰ জালুকীয়া.. মিক্স ভেজ এখন… মচুৰ ডাইল নেমু দিয়া আৰু ফ্ৰুইটছ চালাদেৰে জুতি লগাকৈ এসাজ ৰান্ধিলে..।
এৰাতিৰ বাবে হ’লেও তাৰ পৰা আঁতৰি থকা দিশাক…. পুনৰ গতানুগতিক জীৱনত ব্যস্ত হৈ পৰা দেখি..  দুগুৰ ও বিৰাট ফুৰ্তি… । কিমান যে কথা তাৰ…, স্মৃতা মাহীৰ বিৰুদ্ধে কিমান যে গোচৰ… !! যেন কেইবাদিনো সি মাকক লগেই পোৱা নাই.. ।
দুখৰ নৈ এখনত সাঁতুৰি নাদুৰি…ওলাই অহা দিশাজনী এপাহ সদ্য প্ৰস্ফুটিত কলিৰ দৰেই সজীৱ আজি…নিৰ্মল….। তাইৰ মুখত…সুখৰ পৰশ অলপ দেখি….অভিজিত আৰু দিশাৰ ফটোখনৰ বিষয়ে…  সুধিব বুলিও… নিমাতে ৰ’ল স্মৃতা.. ।  দিশাই ব্যক্ত কৰিব নিবিচৰালৈকে… থাকক….গোপন হৈয়েই থাকক কথাবোৰ ..। সকলো কামৰে …. আচলতে এটা নিৰ্দিষ্ট সময় থাকে….। দিশাৰ বিষয়ে জানিবলৈ ও তেনে নিৰ্দিষ্ট সময় কিছুমান আহিব এদিন… । 

মাকৰ ফ’ন অহাত…ভাত কেইটা খাই স্মৃতা নিজৰ ঘৰলৈ বুলি ৰাওনা হ’ল… । মাকৰ নিশ্চয় চিন্তাই হৈছে.. । আগদিনা ৰাতিপুৱাই…ঘৰৰ পৰা ওলাই যোৱা ছোৱালীজনী … দিশাৰ লগত আছে বুলি তেওঁ জানিছে  যদিও.. কি.. বা ….অসুবিধাত পৰিছে .. !!

                
                   ************************

আবেলি সময়ত দুগুক  লগত লৈ… “স্নেহালয়ৰ” বৃহৎ কেম্পাছত ভৰি দিলে দিশাই… । আচলতে..সেইখন ঘৰৰ লগত… ইমান বছৰে দুগুক… চিনাকি কৰাব বিচৰা নাছিল তাই… । কিন্তু মাকৰ মুখত “স্নেহালয়ৰ” কথা শুনি শুনি … দুগুয়ে সদায় তালৈ আহিবলৈ..  খতবান লগাই আছিল… আৰু আজি স্কুল বন্ধ হোৱাৰ সুযোগতে … তাক এবাৰ তালৈ লৈ আহিছে দিশাই ।

চৌহদত ক্ষীপ্ৰ গতিত চলি আছে নিৰ্মাণৰ কামবোৰ.. । সকলোবোৰ দিশাই ভবাৰ দৰেই… শৃঙ্খলাবদ্ধ ভাবে হৈ উঠিছে.. । দূৰৰ পৰাই চকুত পৰিল তাইৰ… স্নেহালয়ৰ পুৰণা টিংবোৰত সেউজীয়াৰ প্ৰলেপ.. । ভাল লাগি গ’ল দেখি… ।
মনে মনে লাজো লাগিল অলপ ….  সেইদিনা বাৰু অযথা চিঞৰ বাখৰবোৰ কৰিলে নেকি টিংৰ ৰঙটোক লৈ ? কি যে ভাবিছে চাগৈ কলিতাই…  ?
ইমান বৃহৎ কেম্পাছ… ইমানবোৰ বনুৱা… বাওঁফালে ফুলনীখনত ইমানবোৰ কাম চলি থকাৰ পিছত ও… লহপহকৈ ফুলি থকা ফুলবোৰ..তাৰমাজতে সঁচা যেন লগা ককা এজনৰ     প্ৰতিমূৰ্তিটো…আৰু  ধুনীয়া নতুন ঘৰটো……দেখি ফুৰ্তিতে ক’ব নোৱাৰা হ’ল দুগু….। এইয়াই মানে মাকে কৈ থকা “স্নেহালয়”…।  ইমান ধুনীয়া…!! ইমান ডাঙৰ…!!

সৰল চকুদুটা… জোখতকৈ অলপ বহলাই মেলি … ঠাইতে ৰৈ… চাৰিওফালে মন্ত্ৰমুগ্ধৰ দৰে চাব ধৰিলে সি…. । দিশাই দুগুৰ অনুসন্ধিৎসু মনটোক বুজিব পাৰি.. হাতত ধৰি তাক ভিতৰলৈ লৈ গ’ল.. । সময়ে তাৰ লগত সেই নিষ্ঠুৰ খেলখন নেখেলা হ’লে… আজি এইখন দুগুৰ নিজৰ ঘৰ হ’ল হয়.. । এইখন ঘৰৰ চুকে কোনে সি খেলি ফুৰিলে হয়… হীৰেন বৰ্মনৰ নাতি বুলি তাৰ এটা পৰিচয় থাকিল হয়… !!
কিন্তু .. কথাবোৰ বোধগম্য হ’ব নাপালেই….তাৰ আগতেই কালৰ গৰ্ভত… হেৰাই গ’ল … দুগুৰ জন্মৰ প্ৰকৃত সত্য.. । তাৰবাবে  অচিনাকি হৈয়েই থাকি গ’ল এই ঘৰখন.. ।

গেটখনৰ পৰা সোমায়েই.. ককাকৰ প্ৰতিমূৰ্তিটোৰ ফালে চাই থমকি ৰ’ল দুগু.. । এনেকুৱা মূৰ্তি সি স্কুলত বা স্কুললৈ যোৱা ৰাস্তাত…শ্বহীদ বেদীত হে দেখিছে …..!  মানুহৰ ঘৰত নো এনেকুৱা মূৰ্তি বনাই নে.. ?

:-মা.. এইয়া কোন নো…? তুমি দেখোন কৈছিলা এইটো ঘৰ কাকা আইতাহঁতৰ কাৰণে বনাইছা তুমি… ।  কিন্তু ইম্মা….. ন হিউজ মূৰ্তি… মানুহৰ ঘৰত বনাই জানো..? আমি থকা ঘৰটোত নাই দেখোন.. আৰু মোৰ ফ্রেণ্ডছবোৰ…!! কাৰো ঘৰতটো নাই.. !! ঘটনাটো কি মোক বুজাই দিয়াচোন..মই বুজি পোৱা নাই.. ।
মনলৈ অহা প্ৰশ্নটোৰ উত্তৰ বিচাৰি দুগুয়ে মাকলৈ চালে…।

অলপ পৰ ভাবি… কথা কেইটা জুকিয়াই লৈ দিশাই লাহে লাহে ক’ব ধৰিলে…
:-বেটা.. এই কাকাজন এইখন ঘৰৰ মালিক.. । তেওঁ ব…হু… ত টকা পইচা ঘটিছিল.. । ইমান ডাঙৰ ঘৰটো বনাইছিল … । কিন্তু তেওঁৰ যেতিয়া অসুখ হৈছিল … তেওঁক চাবলৈ কোনো নাছিল.. । কাকা জনে অকলে অকলে কান্দি থাকিছিল ..  । স্মৃতা মাহীয়ে… মাহীহঁতৰ অফিচৰ মানুহ এগৰাকী কাকাৰ লগত থাকিবলৈ ঠিক কৰি দিছিল.. । সেই মানুহগৰাকীয়ে কাকাক টেবলেট খোৱাই দিছিল… ভাত খোৱাই দিছিল…কাকাৰ লেতেৰা কাপোৰবোৰ ধুই দিছিল.. আৰু এদিন সেই কাকাজন অকলে অকলে মৰি থাকিল.. । মানে… কাকাজন ভগৱানৰ ওচৰলৈ গুচি গ’ল…।
তোমাৰ মায়ে .. এই কাকাজনৰ নিচিনা যেন কোনো কাকা আইতাৰ এনেকুৱা দুখ লগা অৱস্থা নহয়… তাকে ভাবি এই ঘৰটো বনাব বিচাৰিছে.. ।
কাকাজন এতিয়া ষ্টাৰ হৈ গ’ল..। তুমি তো জানাই… ভগৱানৰ ওচৰলৈ যোৱা মানুহবোৰ ষ্টাৰ হৈ যায়… । কাকাজনে ওপৰৰ পৰা সব দেখি থাকিব.. । কিন্তু ইমান ওপৰৰ পৰা সৰু সৰুকৈ হে দেখিব..। সেইবাবে তোমাৰ মায়ে কাকাজনৰ মূৰ্তি এটা বনাই.. কাকাজনক ইয়াতে থৈ দিছে… । তেওঁৰ মৰমৰ ঘৰখনক তেতিয়া ওচৰৰ পৰা ভালকৈ  চাই থাকিব পাৰিব.. । বুজিলা… ?

যিমান পাৰে দুগুৰ ভাষাৰে সহজ সৰলকৈ কথাখিনি বুজাব বিচাৰি চকুকেইটা সেমেকি উঠিল দিশাৰ.. ।

:-কাকাজনৰ লগত কিয় কোনো নাছিল মা..?  তেওঁ কিয় অকলে অকলে আছিল…? তেওঁৰ হাও লৈ ভয় লগা নাছিল নে.. ? তুমি মই দেখোন সদায় একেলগে থাকো..

:- তুমি যে মোৰ ল’ৰা.. মোৰ মৰমৰ দুগু মাইনা.. সেইকাৰণে আমি দুটা একেলগে থাকো আক’..  ।

:-কাকাজনৰ ল’ৰা নাছিল নেকি মা…?

:- আছিল নেকি.. ! নে নাই…। মই ভালদৰে নাজানো বেটা .. ।
ব’লা আমি ভিতৰখন চাওঁগৈ.. ।

দুগুৰ কণমানি মনটোক.. আৰু জটিল প্ৰশ্ন কিছুমানে বেৰি নধৰক বুলিয়েই …দিশাই খৰখেদাকৈ তাক… সেইখিনিৰ পৰা আঁতৰাই লৈ আহিল..। সি মাকৰ লগত খোজ মিলোৱাৰ  চেষ্ঠা অব্যাহত ৰাখিয়েই… পিছলৈ ঘূৰি চাই কৈ উঠিল…

:- মই কিন্তু সদায় তোমাৰ লগতেই থাকিম দেই মা … । তোমাৰ জ্বৰ হ’লে মেডিচিন খোৱাই দিম.. তুমি বম’ কৰিলে মুখ ধুৱাই দিম.. তোমাক ভাত মাম খোৱাই দিম.. । তোমাক এৰি ক’তো নাযাও মই….।

জীৱনৰ জটিলতা বোৰৰ একো ভূ নোপোৱা …  সেই অবোধ শিশুটোৰ মনৰ শুদ্ধতা খিনিয়ে বুকুখন ভৰাই পেলালে দিশাৰ.. । ঠাইতে ৰৈ .. দুগুৰ কোমল গালখনত চুমা এটা আঁকি … তাক কোচত উঠাই ল’লে তাইগোটেই ঘৰটো বৰ সুন্দৰকৈ সজাই পেলোৱা হৈছে.. । সকলোতে নতুনৰ পৰশ.. । বনুৱা কেইজনমানে অলাগতিয়াল বাঁহ কাঠবোৰ এজেগাত গোটাই … চৌহদটো চাফা কৰি আছে.. । দিশা সিহঁতৰ ওচৰলৈ গৈ .. সেইখিনি… তাঁহাতক ঘৰলৈ লৈ যাব ক’লে.. । স্নেহালয়ত সেইবোৰ আৱৰ্জনা যদিও.. সিহঁতৰ বাবে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীবোৰৰ অন্যতম…. । দুদিনমান অন্তত..খৰি কিনাৰ পৰা সকাহ পাব.. ।
বনুৱা কেইজনে সন্মতিসূচক ধন্যবাদেৰে …. আৰু অলপ সক্ৰিয় হৈ কামত ধৰিলে .. । দিশাৰ কথা কেইটাই মনটো ভাল লগাই দিলে সিহঁতৰ.. ।

শহুৰেকৰ ৰুমৰ লগত নতুনলৈ সাজি উলিওৱা বাথৰুমটোত… পানীৰ মিস্ত্ৰী কেইটাক কিবা এটা বুজাই থকা কলিতাই .. দিশাক দেখি মাত লগালে .. ।

:-বাইদেউ.. গুড আফটাৰ নুন… । আজি মাইনাটোকো লৈ আহিছে নেকি লগত.. ?
হেল্ল’ বেটা.. কি নাম তোমাৰ.. ?
দিশাৰ কোচৰ পৰা দুগুক একোলা ল’বলৈ হাত দুখন আগবঢ়াই দিলে মহেশ কলিতাই.. ।

:- মাই নেম ইজ অংকিত বৰ্মন.. ।
উত্তৰটো দিলে যদিও মাকৰ কোচ এৰি যাবলৈ মন নকৰিলে সি.. ।
কলিতাই দুগুৰ মূৰতে হাত ফুৰাই দিলে..  ।

:- কলিতা.. প্ৰায় সকলোবোৰ কামেই হৈ উঠিছে । ডি. চি অফিচৰ পাৰ্মিচন কপিটো ও অতি সোনকালেই আমাৰ হাতত পৰিব । এতিয়া ফাৰ্নিচাৰ খিনিৰ ব্যৱস্থা কৰিব লাগিব.. । আপুনি কি ভাবিছে.. । কৰবাত কিবা যা-যোগাৰ কৰিছে নেকি.. ?
(দিশাই জানিব বিচাৰিলে.. ।)

:- বাইদেউ, কেইখনমান বিচনা আৰু চকী টেবুলৰ হে প্ৰয়োজন হ’ব.. । প্ৰতিটো ৰুমৰ লগত বাথৰুম আৰু ৱাল আলমিৰাৰ ব্যৱস্থা কৰা হৈছেই.. । এই ঘৰটোৰ পাকঘৰত যিমানবোৰ বাচন বৰ্তন আছে .. মই ভাবো অলপ দিনলৈ স্নেহালয়ৰ বাবে সেইখিনিৰেই চলি যাব.. । মই মানুহ দুজনী ইতিমধ্যে সেইবোৰ পৰিষ্কাৰ কৰিবলৈ লগাইছোয়েই… । কাপোৰ কানি খিনি.. মানে পৰ্দা, বিচনা চাদৰ, আঠুৱা, ব্লেঙকেট .. সেইবোৰ হে কিনিব লাগিব ।

:-হয়.. ঠিকেই ভাবিছে আপুনি.. । আচলতে হীৰেন বৰ্মন খুব খোলা অন্তৰৰ ব্যক্তি আছিল । প্ৰতিবাৰ চাহপাত চিঙাৰ সময়ত আৰু চিঙি হোৱাৰ পিছত …..  তেওঁ বাগানৰ গোটেই বনুৱাবোৰক একেলগে এসাজ প্ৰীতি ভোজ খোৱাইছিল .. । তাৰকাৰণে লাগতিয়াল সকলো বাচন বৰ্তন এপদ এপদ কে কিনি ঘৰতে গোটাই লৈছিল তেওঁ…। বছৰৰ সেই দুটা দিনত… বিশেষভাৱে উৎসৱমুখৰ হৈ পৰিছিল বৰ্মনৰ এই ঘৰটো.. । সোঁফালে যে পকা কৰি লোৱা চোতালনখন দেখিছে.. তাতেই মানুহখিনিক খোওৱাৰ ব্যৱস্থা কৰা হৈছিল.. ।

:- আপুনি বৰ্মনৰ ঘৰখনৰ বিষয়ে বহুত কথাই জানে দেখোন বাইদেউ.. !!

:- ( অলপ ইত:স্তত বোধ কৰি মুখ খন ঘূৰাই দিশাই কব ধৰিলে)..
মই শুনা কথা কলিতা এইয়া.. । তেওঁৰ দৰে খ্যাতিসম্পন্ন ব্যক্তি এজনক বহুতেই জানিছিল.. ।
( অলপ পৰ ৰৈ….হঠাৎ কিবা এটা মনত পৰাৰ দৰে কৈ উঠিল দিশাই… )
কলিতা…. এই যে পকা চোতালখন … তাতেই প্ৰাৰ্থনা ঘৰ এটা সাজি উলিয়ালে কেনে হ’ব বাৰু… ! স্নেহালয়ৰ সকলোবোৰ লোক… পুৱা গধূলি এটা নিৰ্দিষ্ট সময়ৰ বাবে লগ হৈ ঈশ্বৰক প্ৰাৰ্থনা জনাব… অলপ শান্তিৰ বাবে ধ্যান কৰিব…।
ভাবি চাবচোন কথাটো…. । বিশেষ একো কৰিব নালাগে.. । খোলাকৈয়েই  ৰাখক ঠাইটুকুৰা.. . ওপৰত চালি এখন দি দিয়ক.. । টিন পাত নলগাই খেৰেদি দিলেও বৰ ভাল লাগিব দেখিবলৈ…. । একাষে এখন থাপনা পাতিব লাগিব… ।
কেৱল মন কৰিব… সকলো ধৰ্ম নিৰ্বিশেষে… সকলোৰে ইষ্টদেৱতাৰ ফটো বা মূৰ্তি থাকে যাতে.. । কাৰো মনত যেন কোনো সংকোচে দেখা দিব নোৱাৰে…. ।

:-বৰ সুন্দৰ প্ৰস্তাৱ বাইদেউ…। আপোনাৰ মহানুভতাৰ শলাগ ল’ব লগীয়া সঁচাই.. । মই কাইলৈৰ পৰাই এইটো কামত  লাগি যাম…. ।  এই ঠাইখিনত এটা প্ৰাৰ্থনা গৃহ সাজি উলিয়ালে সঁচায়ে ই ….স্নেহালয়ৰ সৌষ্ঠৱ বৃদ্ধি কৰিব ।

কলিতা আৰু মাকৰ কথাবোৰত আমনি পাই … তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি ভিতৰলৈ সোমাই গ’ল দুগু.. ।
ৰুমবোৰৰ ফ্ল’ৰ বিলাক চাফা কৰি থকা হৈছে .. । কণমানি ভৰি কেইটাৰে ….এখোজ দুখোজকৈ… সাৱধানে গৈ …সি হলঘৰটোত ভৰি দিলে.. । চাৰিওফালে ঘূৰি চাই .. ইমান ডাঙৰ কোঠা এটা দেখি আচৰিত হৈ সি চিঞঁৰিব ধৰিলে…
” মা “… ।
কোঠাৰ দেৱালবোৰত খুন্দা খাই শব্দটো তাৰ কানলৈকে ঘূৰি আহিল… । ফুৰ্তিতে সি আকৌ দুগুণ জোৰেৰে চিঞৰিলে…
” মা “….” মা “….”মা”……।
দুগুৰ মাতটো কাণত পৰাত.. চিঞৰটো কোনফালৰ পৰা আহিছে অনুসৰণ কৰি দৌৰ মাৰিলে দিশা.. কালিতাইও দিশাৰ পিচ ল’লে… ।
ভিতৰত নানানটা কাম চলি আছে…দুগুৰ কিবা অঘটন হোৱা নাই তো…?? চিন্তাত পৰিল তাই…।
হলঘৰটোৰ ঠিক মাজতে ৰৈ… কান দুখনত হাত দি…ফুৰ্তিতে মা.. মা… কৈ চিঞৰি থকা দুগুক দেখিহে উশাহটো ঘূৰি আহিল দিশাৰ.. ।

:- তুমি অকলে অকলে কিয় গুচি আহিলা বেটা.. ? মোৰ ভয় লাগি গৈছিল নহয়.. !! যদি কৰবাত পৰি দুখ পালা হেঁতেন…!!

:-মই বিগ বয় হৈ গ’লো মা.. । অকলেই পাৰো খেলিব.. । এই ৰূমটো চোৱা… কিমান ডাঙৰ.. !! তোমাক চাবলৈহে মাতিছো… ।
দুগুয়ে.. চুপাৰ মেন’ৰ দৰে হাত দুখন ডাঙি… ৰূমটোতে ইফালৰ পৰা সিফালে দৌৰি ফুৰিলে. … ।

হঠাৎ … এসময়ৰ নিজৰ শোৱনী কোঠাটোত থকা… অভিজিত আৰু তাইৰ ….ফটো খনলৈ মনত পৰাত …. খেলি থকা দুগুক  তাতে এৰি সেইখিনি পালেগৈ দিশা.. ।

ৰূমটোত এটাও বস্তু নাই… । বিচনা …আলমিৰা… আলনা… টেবুল আৰু সেই ফটোখন ও ….। বস্তুবোৰ আঁতৰাই পেলোৱা হৈছে.. । বেৰবোৰত নতুন ৰঙৰ চিকমিকনি… ।
ফটোখন নেদেখি চিন্তা লাগিল তাইৰ । কি যে মূৰ্খামি কৰিলে…!! ফটোখন লগতে লৈ ন’গৈ বিৰাট ভুল কৰা হ’ল .. । কোনে বা পালে সেইখন…? কাৰ হাতত বা পৰিল… ?? লুকুৱাই ৰাখিব বিচৰা কথাবোৰ ওলাই পৰিব নেকি এতিয়া…?? কি কৰা যায়…ক’ত বিচাৰে.. কাক সোধে …সেইখনৰ বিষয়ে.. !!

দুগুৰ লগত খেলি থকা  কলিতাৰ পৰাই আকাৰে ইংগিতে সুধি দিশাই জানিব পাৰিলে যে …. ৰূমটোৰ বয়-বস্তুবোৰ উলিয়াই .. পিচফালৰ বাৰাণ্ডা খনতে গোটাই ৰখা হৈছে… । সেইখিনিকে পিছত স্নেহালয়ত নিয়োগ হোৱা .. চাফাই কৰ্মী.. বা ৰান্ধনীৰ ৰুমত ব্যৱহাৰৰ বাবে সোমোৱাই দিয়াৰ পৰিকল্পনা কৰি ৰাখিছে তেওঁ.. ।
বাৰাণ্ডাখনলৈ গৈ বস্তুবোৰ ডাঙি পাৰি …ফটোখন বিচাৰিব ধৰিলে দিশাই.. । কিন্তু নাপালে .. । ফটোখনৰ বিষয়ে কাৰোবাক সুধিবলৈ ও মনত সাহস গোটাব নোৱাৰিলে তাই..! সময়ৰ হাততে সকলোবোৰ এৰি দি … যি হয় দেখা যাব বুলি… স্নেহালয়ৰ পৰা ওলাই আহিল দিশা… দুগুক লৈ.. ।

পশ্চিম আকাশত তেতিয়া ৰক্তিম সুৰুজে মেলানি মাগিছে… । লাহে লাহে  অলপ এন্ধাৰে চানি ধৰিছে  ধৰাৰ বুকু .. । দিশা বাৰু  দিশহাৰা হৈ পৰিব নেকি তেনেকুৱা আন্ধাৰ কিছুমানত… নে… পুনৰ উজ্জ্বলি উঠিব … উদিত সুৰুজৰ দৰেই…!!
দুগুয়ে আবেলিটোৰ ভাল লগা কথাবোৰ অনৰ্গল কৈ গ’ল মাকক …. আৰু তাই….এসাগৰ চিন্তা মনত লৈ .. বাট ল’লে সিহঁতৰ ঘৰখনলৈ.. ।

                   ***********************

সত্যক ঢাকি ৰখা সহজ নহয়…। হাজাৰ যত্ন কৰিলেও.. সত্য এদিন সকলোৰে সন্মুখত ওলাই পৰিবই… । দিশাই লাহে লাহে সেই সত্যৰ সন্মুখীন হ’ব পৰাকৈ… নিজকে প্ৰস্তুত কৰিব ধৰিলে… ।
গতানুগতিকভাবে চলি থাকিল দৈনন্দিন কাম-কাজবোৰ.. ।
স্নেহালয়ৰ কামবোৰ ও প্ৰায় সমাপ্তিৰ পথত… । 
স্মৃতাই দুদিনমান ফ’নতেই খবৰ বাতৰিবোৰ লৈ আছে…।  নিজৰ ব্যস্ততাৰ বাবেই…তাই দিশাৰ ওচৰলৈ আহিব পৰা নাই…। স্মিতাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভব কৰিলে দিশাই.. । বৰ মন গ’ল ফটোখনৰ বিষয়ে তাইক জনাবলৈ… তাইৰ জীৱন ডায়েৰীৰ… কেইটামান পৃষ্ঠা স্মৃতাক পঢ়ি শুনাব ইচ্ছা কৰিলে …, হৃদয়ৰ গভীৰলৈ.. গুপুতে শিপাই যোৱা ক্ষোভবোৰ ….উজাৰি …বুকুখন পাতলাব মন গ’ল তাইৰ… । একান্ত আপোন বুলিবলৈ …মাকৰ মৃত্যুৰ পিছত …বৰ্তমান স্মৃতায়েই আছে তাইৰ জীৱনত.. । অসহায় সময়বোৰে চুই গ’লে সেয়েহে স্মৃতালৈ মনত পৰে দিশাৰ… । স্মৃতাৰ সংগই সাহস দিয়ে তাইক… । জটিলাবোৰক প্ৰত্যাহ্বান জনাই … ঠিয় দিবলৈ শক্তি দিয়ে … ।

অৱশেষত “স্নেহালয়ৰ” পাৰ্মিচনৰ ফাইনেল কপিটো দিশাৰ হাতত পৰিল.. । জয়ন্ত বৰাই দিশাক লগ কৰি… নিজ হাতে গতাই দিছে… দিশাৰ সপোনটোৰ অফিচিয়েলি সন্মতিসূচক কাগজ খিলা… । “স্নেহালয়” এতিয়া ..সেই ককা আইতা সকলৰ নিজৰ ঘৰ.. । দিশাক দিয়া নিঃস্বাৰ্থ মৰমবোৰৰ বিনিময়ত ….এইয়া… তেওঁলোকক সুখী কৰাৰ নাম মাত্ৰ প্ৰয়াস তাইৰ… ।
                      ……………………….

স্মৃতালৈ ফ’ন লগালে দিশাই… ।
কিমান যে কাম বাকী আছে সিহঁতৰ… । পাৰ্মিচন  কপিটো আহিল যেতিয়া….”স্নেহালয়ৰ” শুভাৰম্ভৰ বাবে ভাল দিন এটা চাব লাগিব…। সৰুকৈ এটি অনুষ্ঠানৰ আয়োজন কৰি… উক্ত অনুষ্ঠানটোলৈ… কেইজন মান সন্মানীয় ব্যক্তিক.. নিমন্ত্ৰন জনাব লাগিব.. । এখন প্ৰীতি ভোজৰ ও আয়োজন কৰিব লাগিব…আৰু ..তাৰবাবে আৱশ্যকীয় বজাৰ খিনি.. লগতে মেনু খন ও ঠিক কৰিব লাগিব… । খোৱা বস্তুবোৰ সকলোৰে যাতে পছন্দৰ আৰু স্বাস্থ্যসন্মত হয়…বিশেষভাবে চকু দিব লাগিব…।পৰ্দা , বিচনা কাপোৰৰ লগতে .. ককা আইতা সকলৰ বাবে নতুন কাপোৰ কেইসাজ মান ও কিনিব লাগিব.. ।

চৌহদটো বা ভালদৰে পৰিষ্কাৰ কৰালে নে নাই কলিতাই..!! প্ৰাৰ্থনা ঘৰটো বা হৈ উঠিল নে নাই..!! স্মৃতাক লগ পালে হে প্লেনবোৰ ভালদৰে কৰিব পৰা যাব… । মুঠতে ঢেৰ কথাই মনত দোলা দিলে দিশাৰ….।

:-দিশা বা… কোৱা.. । কি খবৰ..?

:-তুমি সোনকালেই মোৰ ঘৰত আহা স্মৃতা…। তোমাক ভাল খবৰ এটা দিব লগা আছে.. । আই এম চ’ হেপ্পী টুডে… । ( ফুৰ্তিতে জোখতকৈ বেছি চিঞৰিয়েই কথা কেইটা ক’লে দিশাই। )

:- কি কোৱা… !! পাৰ্মিচন অৰ্ডাৰটো আহিল নেকি..? ওৱাও…ইটচ ৰিয়াল্লি এ ভেৰি গুড নিউজ দিশা বা… । ফাইনেলি ..আমাৰ দিশা বাইদেউৰ সপোনে পাখি মেলি উৰাৰ সময় সমাগত মানে..!!

:-য়েছ বেবী… জয়ন্ত বৰাই নিজেই আহি দি গৈছে কপিটো …। তুমি ফ’ন থোৱা…। আৰু এতিয়াই গুচি অহা.. । বহুত প্লেনিং বাকী আছে.. । আই ৰিয়াল্লি নিড ইউ…।  কাম চুন….আই এম ওৱেটিং… ।

কালিতাক ও খবৰটো জনালে দিশাই আৰু স্নেহালয়ৰ বাকী  ৰোৱা কামখিনি অতি সোনকালেই শেষ কৰি পেলাবলৈ অনুৰোধ জনালে.. । কলিতাই কাপোৰৰ বজাৰ খিনিৰ বাবে দিশাক লগ ধৰিলে.. । তাইৰ পছন্দ অপছন্দৰ কথা আছে..। আচলতে…টিংৰ ৰঙটোক লৈ হোৱা খেলিমেলিখিনি মনত পৰি গ’ল তেওঁৰ.. । দিশাৰ সপোনৰ ঘৰটোত… সকলোবোৰ দিশাই বিচৰা ধৰনেই হওক…                     
                        
                   *******************

টিং টং… 
সন্ধ্যা সময়ত…ড’ৰ বেলৰ শব্দ শুনি উধাতু খাই ওলাই গ’ল দিশা.. ।
( দুৱাৰৰ বাহিৰত সেইয়া নিশ্চয় স্মৃতাই ৰৈ আছে…!!)
হয়.. দিশাই ভবাৰ দৰেই..হাতত বেগ এটা লৈ …মুখত এমোকোৰা হাঁহিৰে… তাই অধিক আগ্ৰহেৰে বাট চাই ৰোৱা….এইয়া… স্মৃতা.. ।

:-তেন…তে …নে…ন…..
আই এম কামিঙ দিশা বা…। আই হেভ কাম টু ষ্টে হিয়াৰ ফৰ ডা নেক্সত ফিউ ডেইজ… ।
ৰাখিবা নে নাই মোক পিচে..? এইবাৰ কাপোৰ ও লৈ আহিছো ।তোমাৰ কাপোৰ নিপিন্ধো দিয়া.. । ড’ন্ট ৱ’ৰি… ।
(ধেমালি কৰি কৈ উঠিল তাই.. )

:-কাম ইন বেবী.. ইউ আৰ ম’স্ত ৱেলকাম.. । সদায় যদি মোৰ লগতে থাকো বুলি ও কোৱা … তাতো মোৰ আপত্তি নাই.. । ভাল  হে পাম মই.. ।
আহা… ।
( স্মৃতাৰ হাতৰ বেগটো নিজৰ হাতলৈ আনি … ভিতৰলৈ সোমাই আহিল দিশা ।)

স্মৃতাৰ মাত শুনি দুগুও দৌৰি আহি তাইক সাৱটি ধৰিলে.. । 

:-স্মৃতা মাহী… তুমি কিয় কেইদিনমান অহা নাছিলা.. । তোমাক মই বহুত মিছ কৰি আছিলো জানা.. । চোৱা মোৰ কিমান বডী বনি গৈছে … । মই একদম আই’ৰণ মেনৰ দৰে ষ্ট্ৰঙ হৈ গৈছো… দেখিছা… ।

দুৱাৰ মুখতে দুগুয়ে …পিন্ধি থকা টি-চাৰ্টটোৰ হাত দুখন দাঙি … তাৰ অকণমানি বাহু দুটা উদঙাই… দেখুৱালে স্মৃতাক.. ।

:- ৱাহ… বেলেগ দেখোন ! আমাৰ দুগু বেটা চুপাৰমেন আছিল… এতিয়া আইৰণ মেন ও হৈ গ’ল .. । প্লিজ…বেটা.. স্মৃতা মাহীক ও কৈ দিয়া নাই ৰাজটো… । স্মিতা মাহীয়ে ও বডী বনাব.. ।

:-কি জানা.. তুমি ভাত শেষ কৰি খাবা.. , গাখীৰ খাবা.. , ফ্ৰুইটছ খাবা আৰু সদায় ক’মপ্লান খাবা…। মই আজিকালি সদায় খাওঁ.. । মায়ে কৈছে নহয়.. এইবোৰ খাই যে… সেইকাৰণে ছলমান খানৰ ইমা…. ন বডী.. ।

দুগগুৰ কথা শুনি … মৰমতে স্মৃতায়ে তাক কোচত তুলি ল’লে… আৰু ভিতৰ সোমাই আহিল.. ।

:-একদম.. ।
আজিৰ পৰা স্মৃতা মাহীয়ে.. দুগুৱে যি কয়.. তাকে শুনিব দেই.. । এতিয়া পিছে গম পাইছা নে নাই… স্মৃতা মাহী যে তোমালোকৰ ঘৰত বহু….ত দিন থকাকৈ আহিছে .. । দুগুয়ে থাকিব দিব নে নাই আক’… ?

:- ইয়া …হু… কিমান ভাল লাগিব.. । তুমি আমাৰ ঘৰতে থাকিবা না সদায়.. । আমি একেলগে খেলিব পাৰিম.. । 
(কথাকেইটা কৈ অলপ পৰ কিবা এটা ভাবি সি পুনৰ ক’ব ধৰিলে… )
নালাগে নালাগে… । তোমাৰ মা অকলে থাকিব নহয়.. । মোৰ মাৰ লগতটো মই আছো .. । তোমাৰ মাৰ জ্বৰ বম’ হ’লে কোনে ঔষধ খোৱাই দিব… ? মাক অকলে থাকিব দিব নালাগে জানা.. !  তুমি মাত্ৰ টু ডেইজ থাকি গুছি যাবা দেই…।

:- অ’কে বেটা.. আমি স্মৃতা মাহীক মাত্ৰ দুদিনেই আমাৰ ঘৰত ৰাখিম.. । এতিয়া মা আৰু স্মৃতা মাহীয়ে ডাঙৰ কথা এটা পাতিব.. দুগু মইনাই টম এণ্ড জেৰি চাব নেকি বাৰু…!
(দুগুৰ কণমানি অন্তৰখনত…”মা” ক বোৰলৈ থুপ খাব ধৰা মৰমবোৰ দেখি দিশাৰ দুচকু ভৰি আহিল.. ।)

:-য়েছ মা… । তোমালোকে কথা পাতা.. মই কাৰ্টুন চাওঁ…. বুলি দিশাৰ হাতৰ পৰা মবাইলটো লৈ ভিতৰলৈ দৌৰ মাৰিলে সি..  ।

আগফালৰ চ’ফা খনতে আৰামকৈ বহি ল’লে .. তেজৰ সম্পৰ্কতকৈও উৰ্ধত.. এক আন্তৰিক সম্পৰ্কৰে বান্ধ খোৱা… দুই বাই ভনী..। কিমান যে কথা পাতিব লগীয়া আছে… ! কিমান যে পৰিকল্পনা কৰিব লগা আছে… !
এই একান্ত সময়খিনিয়ে খুলি পেলাব নেকি বাৰু… দিশাই ইমান বছৰে আতি আতি বান্ধি ৰখা তাইৰ বেদনাসিক্ত  অতীতক.. ।

আগ্ৰহেৰে দিশাৰ মুখলৈ চাই , ৰৈ থকা স্মৃতাৰ হাতত.. পাৰ্মিচন কপিটো তুলি দিলে দিশাই.. । ভালদৰে কাগজখন পঢ়ি … দিশাৰ হাত দুখন …নিজৰ দুই হাতৰ মাজত লৈ …অলপ পৰ চাই থাকিল স্মৃতাই… তাইৰ দিশা বাজনীৰ দুচকুৰ সুখবোৰ..  মুখত ফুটি উঠা সুকোমল উজ্জ্বলতাবোৰ.. আৰু হেৰুৱা ঘৰখনক স্নেহালয়ৰ ৰূপত ঘূৰাই পোৱাৰ আনন্দবোৰ… । আজি তাইও সুখী… কাৰণ আজি তাইৰ মৰমৰ বা জনী সুখী.. ।

পিছদিনাই সিহঁতে মহেশ কলিতাৰ লগ লাগি…প্ৰথমে  কাপোৰৰ বজাৰখিনি কৰাৰ কথা ভাবিলে.. । কামবোৰ প্লেন কৰি কৰিব লাগিব… । এটা এটাকৈ সকলোবোৰ এফালৰ পৰা চিজিল কৰি যাব লাগিব.. ।
স্মৃতাই… তাৰ মাজতে …দিশাক স্নেহালয়ৰ শুভাৰম্ভৰ বাবে কোনোবা জ্যোতিষী এজনৰ পৰামৰ্শ লৈ ভাল দিন এটা ঠিক কৰাৰ বিষয়ে মনত পেলাই দিলে… ।
কিন্তু সেই দিনটো দিশাই ইতিমধ্যে মনে মনে  ঠিকে কৰিয়েই ৰাখিছিল…. । স্মৃতাই জানিব বিচাৰিলে .. কোনটো দিন আৰু এনেকুৱা এটা সিদ্ধান্ত … দিশাই কি ভাবি লৈ থৈছে…!!

:-১৫ জুন.. । সেইদিনা দুগুৰ জন্মদিন.. । আজিৰ পৰা চাৰি বছৰৰ আগতে ..এই দিনটোতে.. হীৰেন বৰ্মনৰ… বাগানৰ হস্পিতালত ….দুগুৰ জন্ম হৈছিল.. । বৰ্মনে… সেইদিনা সগৌৰবে…বুকুৰ উমেৰে আদৰি লৈছিল তেওঁৰ নাতিক..। ভাবিছিল.. হস্পিতালৰ পৰাই বাহিৰে বাহিৰে …পিতৃৰ গৃহলৈ লৈ যাব সেই দেৱশিশুটিক.. । কিন্তু কথাবোৰ তেওঁ ইচ্ছা কৰাৰ দৰে হৈ নুঠিল.. ।
হীৰেন বৰ্মনে কিন্তু তেওঁৰ সেই ভেটিটো… মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ নাতি অংকিত বৰ্মনৰ নামত লিখি থৈ গ’ল.. । আইন মতে এতিয়া দুগুয়েই .. ককাকৰ  মাটিখিনিৰ স্বত্বাধিকাৰী.. ।  বুজন হৈ নুঠালৈকে … তাৰ সেই সম্পত্তিৰ চোৱা চিতা কৰাৰ দায়িত্ব মোৰ.. । গতিকে , মই স্নেহালয়ৰ ৰূপ দি সেই সম্পত্তিৰ সদব্যৱহাৰ কৰাৰ কথা ভাবিলো ।
স্নেহালয়ৰ শুভাৰম্ভৰ বাবে দুগুৰ জন্মদিনৰ দিনটোয়েই ভল হ’ব স্মৃতা.. । মোক কোনো জ্যোতিষীয়ে চাই দিয়া দিন নালাগে.. । জন্ম হোৱাৰ পৰা সি পিতৃ গৃহৰ পৰা আঁতৰি আছে.. । এইবাৰৰ জন্মদিনত মই তাক তাৰ নিজৰ ঘৰখনকে জন্মদিনৰ উপহাৰ হিচাপে দিম.. ।

স্মৃতাৰ প্ৰশ্নৰ পোনপটীয়া উত্তৰ দি অলপ শান্তি অনুভব কৰিলে দিশাই… ।
         
:-কি কৈছা এইয়া দিশা বা… ? তোমাৰ ল’ৰা দুগু …হীৰেন বৰ্মনৰ নাতি.. ! মানে তুমি হীৰেন বৰ্মনৰ একমাত্ৰ বোৱাৰী…! অভিজিত বৰ্মনৰ পত্নী.. ?

:- হয় ..  মই অভিজিতৰ এসময়ৰ পত্নী.. হীৰেন বৰ্মনৰ বোৱাৰী… । দুগু হীৰেন বৰ্মনৰ নাতি…। কিন্তু কথাবোৰ ইমান সহজ ও নহয় স্মৃতা..যি দৰে তুমি বুজিছা… । সময়ে সম্বন্ধবোৰক বহুত ৰং দেখাই থৈ গ’ল অ’.. । আজি সময়ৰ মেৰপাকত পৰি বিবৰ্ন হৈ পৰিছে সম্বন্ধৰ ৰংবোৰ ও… ।

:-মোক ভালদৰে বুজাই কোৱা দিশা বা… । তুমি ইমানবোৰ দুখ… ইমানবোৰ কথা কেনেকৈ ইমান বছৰে বুকুত লুকুৱাই ৰাখিছা…? কোৱা মোক সকলো.. । তুমি কিয় আঁতৰি আহিলা বৰ্মনৰ ঘৰ খনৰ পৰা..? সেইখন ঘৰত বোৱাৰী হিচাপে তোমাৰ হেৰুৱা মৰ্যদা মই ঘূৰাই দিব যত্ন কৰিম.. । অভিজিত বর্মনক  ক’ম সকলোবোৰ.. ।

:- (শেঁতা হাঁহি এটাৰে দিশাই স্মৃতালৈ চালে..)
এতিয়া বহুত দেৰি হৈ গ’ল স্মৃতা… । ১২ বছৰ হ’ল মই সেই খন ঘৰ এৰি গুচি অহা…। এৰি অহা অতীতটোলৈ মই আৰু ঘূৰি যাব নিবিচাৰো… । অভিজিতৰ দৰে নীচ মানসিকতাৰ এজন পুৰুষৰ লগত সম্বন্ধৰ জৰীৰে বান্ধ খোৱাটোৱেই  মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল.. ।লাহে লাহে গম পাবা সকলোবোৰ…। তোমাক মই সকলো জনাব লাগিব ।
বৰ্তমান দুগুয়েই মোৰ সকলো… । ইমান সৎ শহুৰ এজন কপালত আছিল যদিও… তেওঁক জীৱনৰ শেষ সময়খিনিত পৰিচৰ্যা কৰাৰ সৌভাগ্য ন’হল মোৰ.. । তেওঁৰ অবিহনে মোৰ সেইখন ঘৰত কোনো অস্তিত্বই নাই.. । মই এইদৰেই সুখী স্মৃতা… ।

:-দিশা বা ….কথা এটা কওঁ..? তুমি খং কৰিবা নেকি..?

:-কোৱা.. কি.. ?

( দিশাৰ ওচৰৰ পৰা উঠি …শ্ব’কেচৰ ড্ৰয়াৰৰ পৰা অভিজিত আৰু দিশাৰ ফটোখন উলিয়াই আনিলে স্মৃতাই.. )
:-মই সেইদিনাই গম পাইছিলো তোমাৰ সেইখন ঘৰৰ লগত থকা সম্বন্ধৰ বিষয়ে.. । বুজিছিলো.. তোমাৰ সেই সম্বন্ধটোৰ বিষয়ে স্নেহালয়ত কৰ্মৰত কোনোৱেই জ্ঞাত নহয়.. । সেইবাবে এইখন মই লগতে লৈ গুচি আহিলো .. । তোমাক কোনোবাই  যাতে ফটোখনৰ কথা সুধি ব্যতিব্যস্ত কৰিব নোৱাৰে… । অনুভৱ হৈছিল মোৰ… লুকুৱাই ৰাখিছা যেতিয়া ..  তোমাৰ ওচৰত তাৰ এটা স্পষ্ট কাৰণ আছে.. ।
মোক বেয়া পাইছা নেকি মই এনে কৰাত…? তুমি সেইদিনা বৰ বেছি আশান্তিত আছিলা বাবে তোমাক মই একো নজনালো.. । ইয়াতেই থৈ দিলো এইখন… ।
( ফটোখন দিশালৈ আগবঢ়াই দিলে তাই.. ।)

:-তুমি নাজানা স্মৃতা.. তুমি মোৰ কিমান ডাঙৰ উপকাৰ এটা কৰিলা.. । স্নেহালয়ত এইখন মই পাগলৰ দৰে বিচাৰি ফুৰিছিলো .. । সত্যবোৰ প্ৰকাশ হোৱাৰ ভয়ে… আমনি কৰিছিল মোক.. । ঠেংক  ইউ স্মৃতা…।
আচলতে..সেইখন মোৰ ঘৰ… বা .. মই হীৰেন বৰ্মনৰ বোৱাৰী বুলি স্নেহালয়ত কাম কৰি থকা কোনেও নাজানে । কথা প্ৰসংগত মহেশ কলিতাৰ আগত পাহৰি… হীৰেন বর্মনক “দেউতা” সম্বোধন ধৰাত .. তেখেতে এদিন জানিব বিচাৰিছিল … তেওঁৰ লগত মই কি দৰে জড়িত.. । কিন্তু মই তেখেতক মোৰ দেউতাৰ বয়সৰ… হোৱা হেতুকে দেউতা জ্ঞান কৰি এই সম্বন্ধৰে মাতিছো বুলি ফাঁকি দিছিলো….। মই নিবিচাৰোঁ স্মৃতা …  তোমাৰ বাদে দ্বিতীয় কোনোবাই মোৰ বিষয়ে জানক ..। হীৰেন বৰ্মনৰ দৰে…আভিজাত্যপূর্ণ মানুহ এঘৰত…মাত্ৰ চাৰি বছৰীয়া বোৱাৰী জীৱন কটোৱা দিশাক…. তেওঁৰ লগত ঘনিষ্ঠ সকলৰ বাদে বহুতে চিনিয়েই পোৱা নাছিল ।  ইমান বছৰে মই নিজৰ পৰিচয় লুকুৱাই ৰখাত সেইবাবেই সফল হৈছো.. ।

মনৰ ভিতৰত সাঁচি ৰখা কথাবোৰ প্ৰকাশ কৰিলে .. দুখবোৰ পাতলে বোলে… । দিশাৰ ও বহুত বছৰৰ মূৰত মনটো মুকলি যেন লাগিল.. ।
আন্ধাৰৰ অস্বাদন ফালি এমুঠি সুখৰ পোহৰে যেন চুই গ’ল দুয়োকে…। বুকুখন খুলি খুলি খাই থকা ….দুখ এসোপাৰ প্ৰসৱ ঘটিল আজি… ।  দিশহাৰা হৈ পৰা দিশাই …  স্মৃতাৰ ওচৰত দুখৰ নৈ এখন বোৱাই দি… এটা যেন… নিৰ্দিষ্ট গতি লাভ কৰিলে…. আগুৱাই যোৱাৰ যেন এটা…. নিৰ্দিষ্ট ৰাস্তা বিচাৰি পালে… !

নিশাৰ আহাৰ গ্ৰহণ কৰি.. দুগুক শুৱাব যোৱা …দিশাৰ ওচৰৰ পৰা আঁতৰি আহি.. বেলকনিৰ চকী খনতে বহি ল’লে স্মৃতা.. । মনলৈ অহা বহুতো প্ৰশ্নই… দুৰ্ভেদ্য সাঁথৰ হৈ ক্ৰিয়া কৰিব ধৰিলে তাইৰ মগজুত…।

বাহিৰত তেতিয়া নিমাওমাও পৰিবেশ.. । প্ৰায়বোৰ ঘৰতে ভিতৰৰ অন্ধকাৰত মানুহবোৰ হয়তো দিনটোৰ অৱসাদ দূৰ কৰি…শুই পৰিছে.. । অ’ত ত’ত জ্বলি থকা দুই এটা লাইটৰ পোহৰত.. তললৈ ভুমুকি মাৰি চালে তাই.. । কেম্পাছৰ তলা লগোৱা গেটখনৰ বাহিৰত… ৰাস্তালৈ মুখ কৰি  কুকুৰ দুটা বহি আছে.. যেন ঘৰ খন চোৱা চিতাৰ দায়িত্ব সিহঁতৰ হে.. । তলত থকা কোঠা দুটাৰ কোনোবা এটা কোঠাত … কোনোবা এজন বৃদ্ধই …কাহি আছে…। হয়তো ডিঙিটো সুৰসুৰাই অহা কাহটোয়ে …. টোপনিত ব্যাঘাত জন্মাইছে তেওঁৰ.. ।
সঁচাই.. নিজে জন্ম দিয়া সন্তান একোটাই ..কেতিয়াবা পাহৰি যায় মাক দেউতাকৰ ত্যাগবোৰ.. সিহঁতক ডাঙৰ কৰোঁতে হোৱা তেওঁলোকৰ কষ্টবোৰ… । হেঁপাহৰে এটকা এটকা কৈ  গোটাই … ল’ৰা ছোৱালীৰ নিৰাপত্তাৰ বাবেই সাজি উলিওৱা ঘৰ একোখনৰ পৰা গতিয়াই খেদি দিয়ে তেওঁলোকক ..  । তাতকৈ বেদনাদায়ক কি হ’ব পাৰে… ?
তেওঁ চাগৈ এই সময়ত নিজৰ সন্তানৰ পৰা অলপ পৰিচৰ্যাৰ আশা কৰি চটফটাই উঠিছে.. । কান খনে চাগৈ….. ” দেউতা আপোনাৰ কষ্ট হৈছে নেকি.. ইমান কাহি আছে.. । ৰ’ব মই পানী অকন গৰমাই আনো..। ” ….বুলি মৰমৰ মাত এষাৰ শুনিবলৈ ব্যাকুল হৈ পৰিছে… ।

আচলতে…মানসিক সুস্থিৰতাইও.. মানুহক নিৰোগী  কৰি ৰখাত যথেষ্ট সহায় কৰে.. । আজি তেওঁলোক মানসিক ভাৱে সুস্থ নহয়.. । স্মৃতাৰ অন্তৰ খনে কান্দি উঠিল তেওঁলোকৰ অসহায় অৱস্থাটোৰ কথা চিন্তা কৰি.. ।
সেই বৃদ্ধ সকলক চোৱা চিতা কৰিবলৈ.. তেওঁলোকৰ লগতে থকাৰ ব্যৱস্থা কৰি দিয়া…. মনিকালৈ তাই ফ’ন কৰি.. তেখেতক গৰম পানী অলপ আৰু কাহৰ মেডিচিন খোৱাই দিয়াৰ কথা ক’লে ।

দূৰৈত.. অচিন চৰাই এটাই অদ্ভুত ধৰণে মাতিব ধৰিলে.. । ৰাতিৰ নীৰৱতাত চৰাইটোৰ মাতত..  বাহিৰৰ আন্ধাৰবোৰ কিবা জয়াল যেন অনুভৱ হ’ল স্মৃতাৰ.. ।
ভিতৰলৈ সোমাই আহি দুৱাৰখন বন্ধ কৰি দিলে তাই.. আৰু আগফালৰ সৰু বিচনাখনতে ফ’নটো হাতত লৈ কিবা এটা চিন্তা কৰি .. অভিজিত বর্মনৰ নাম্বাৰটো উলিয়াই ল’লে…

“হাই.. আই এম স্মৃতা কৌশিক ফর্ম স্পৰ্শ এন.জি. অ’… । আপুনি মোক আগতে লগ পাইছে.. । পাহৰিছে যদি মনত পেলাই দিছো…আপোনাৰ পিতৃৰ শেষ সময়খিনিত.. আমাৰ এন.জি. অ’ টোৱেই তেখেতক চোৱা চিতা কৰিছিল.. । মৃত্যুৰ আগমুহূৰ্তত আপোনাক তেখেতৰ মৃত্যুৰ খবৰটো জনাবলৈ মোক তেওঁয়েই..আপোনাৰ ফ’ন নাম্বাৰ দিছিল.. । আজি তেওঁৰ মৃত্যুৰ দুবছৰৰ পিছত… মই বিশেষ খবৰ এটা দিবলৈহে আপোনালৈ মেছেজ কৰিলো.. । অহা ১৫ জুনত আপোনাৰ ঘৰটোত .. এখন বৃদ্ধাশ্ৰমৰ শুভ আৰম্ভণি কৰা হ’ব.. । তাৰবাবে আয়োজন কৰা অনুষ্ঠানটিলৈ আপোনাক সাদৰেৰে নিমন্ত্ৰণ জনালো…। কোনে এই কামটোত আগভাগ ল’লে.. কিদৰে ইয়াক গঢ়ি তোলা হ’ল.. সবিশেষ ইয়ালৈ আহিলেই গম পাব.. । উক্ত দিনা আপোনাৰ উপস্থিতি কামনা কৰিলো..।”

মেছেজটো কেইবাবাৰ ও পঢ়ি চাই অভিজিত বৰ্মনৰ নাম্বাৰলৈ পঠাই দিলে স্মৃতাই.. ।
আহক তেওঁ.. দেখক স্নেহালয়ক.. বুজক তেওঁৰ পত্নীৰ মহানুভতাখিনি…. । কিছুমান প্ৰশ্ন স্মৃতাৰ ও কৰিব লগা আছে… অভিজিত বর্মনক.. ।
                             ————-
ভিতৰৰ কোঠাত দুগুক শোৱাবলৈ লৈ…  তাক বুকুতে সোমোৱাই দিশা ও টোপনিত পৰিল.. । সিহঁতক সেইদৰে দেখি মৰম লাগি গ’ল স্মৃতাৰ.. । দুগুক শুৱাই … স্মৃতাৰ লগত কথা পাতিব বুলি কৈছিল দিশাই.. । কিন্তু এতিয়া এইয়া… টোপনিত লালকাল তাইৰ বায়েকজনী.. । সেইখন ঘৰত যে স্মৃতা ও আছে আজি… পাহৰিয়েই থাকিল চাগৈ.. ।
এগৰাকী মাতৃৰ বাবে .. নিজ সন্তানক বুকুত লৈ শুই পৰাৰ আমেজেই বেলেগ বোলে…। সন্তানৰ স্পৰ্শই.. বুকুলৈ কঢ়িয়াই অনা প্ৰশান্তিয়ে.. সকলো দুখ কষ্টক পাহৰাই পেলাই আচলতে…। শুই পৰা দিশাৰ.. কপালত পৰি থকা.. অবিন্যস্ত চুলি কেইডাল আঁতৰাই… তাইৰ কাষতে স্মৃতা ও শুব ল’লে..  । 

চাৰি বছৰীয়া বৈবাহিক সমন্ধ এটাৰে বান্ধ খাই… অকলশৰে পিছৰ বাৰটা বছৰ কটোৱা এইজনীয়েই সেই মানুহজনী..  যি নিজেই সকলো হেৰুৱাৰ পিছত ও সদায় লোকৰ বাবে চিন্তা কৰি আহিছে..  । যি নিজেই নিৰাশ্ৰয় হৈ পৰিও… বেলেগৰ বাবে সাজি উলিয়াইছে এখন আশ্রয়স্থলী…। সেই মানুহজনীক নো কোনোবাই পৰিত্যাগ কৰিব পাৰে নে…!  সেই মানুহজনীয়ে নো এনেকুৱা কিবা ভুল কৰিব পাৰে নে .. যাৰ বাবে পত্নী পত্নীৰ দৰে এটা স্বৰ্গীয় সম্বন্ধৰ ইমান সোনকালে যৱনিকা পৰিব পাৰে… ??

দিশাক ক্ষন্তেক চাই  … শুব লওঁতেই মনলৈ আহিল স্মৃতাৰ… , অংকিত বৰ্মন হীৰেন বৰ্মনৰ নাতি.. । কিন্তু সি আচলতে কাৰ ল’ৰা.. ?  দিশাই দেখোন বাৰ বছৰৰ আগতেই হীৰেন বৰ্মনৰ ঘৰৰ পৰা গুচি আহিছে আৰু অভিজিতৰ পৰা আঁতৰি আছে..  ! তেনেহ’লে মাত্ৰ চাৰি বছৰীয়া দুগু কিদৰে দিশাৰ ল’ৰা হ’ল….! দিশাই….বৰ্মনৰ ঘৰৰ পৰা আঁতৰি আহিও.. গোপনে অভিজিতৰ লগত সম্পৰ্কত আছিল নেকি..?  নে বেলেগ কাৰোবাৰ লগত তাই অবৈধ সম্পৰ্ক ৰাখিছিল.. ?? দিশাৰ অতীতৰ আৰু কোনটো সত্য এতিয়াও ফাদিল হ’ব বাকী আছে… । দুগুৰ জন্মৰ প্ৰকৃত সত্য কি …???

              
                  *************************

ৰাতিপুৱা…. দুগুক স্কুলত নমাই… দিশা আৰু স্মৃতা স্নেহালয় অভিমুখে ৰাওনা হ’ল.. । সিহঁতে আজি স্নেহালয়ৰ বাবে… প্ৰয়োজনীয় বজাৰখিনি কৰিব.. । মহেশ কলিতাক এই বিষয়ে দিশাই …আগতীয়াকৈ জনায়েই থৈছিল ।  গেটৰ মুখতে সেয়েহে কলিতাই সিহঁতলৈকে অপেক্ষা কৰি ৰৈ আছিল..। 

কেইদিনমান নিজৰ ব্যস্ততাৰ বাবে.. স্নেহালয়লৈ আহিব নোৱাৰা স্মৃতা..  কেম্পাছৰ বাহিৰৰ পৰাই… সাজি কাঁচি ধুনীয়া হৈ পৰা… স্নেহালয়ক দেখি মন্ত্ৰমুগ্ধ হৈ পৰিল…. । কাৰোবাৰ সপোন ও এইদৰে জীৱন্ত হৈ উঠিব পাৰে নে..!! এইয়া দেখোন দিশাই সদায়  তাইৰ আগত বৰ্ণনা কৰি অহা… সপোনটোৰ হুবহু ৰূপ.. ।  ইমান ধুনীয়া.. !… ইমান মনোৰম…!!
স্মৃতাৰ ওঠযুৰিত আপোনা-আপুনি এটি মিঠা হাঁহি বিয়পি পৰিল.. আৰু সেই হাঁহিটো বগাই উঠি . … চকুৱে মুখে তাইক উজ্জ্বলাই তুলিলে…।

বজাৰখিনি কৰি অনাত সুবিধা হ’ব বুলিয়েই…কলিতাই নিজৰ গাড়ীখন লৈ আহিছিল … । গতিকে তিনিও তেওঁৰ গাড়ীতেই বজাৰলৈ  যোৱাৰ সিদ্ধান্ত ল’লে.. ।
কেম্পাছৰ ভিতৰত স্কুটি খন থ’বলৈ লৈ…স্মৃতাৰ এইবাৰ সোঁফালে… নতুনকৈ নিৰ্মান কৰি উলিওৱা প্ৰাৰ্থনা গৃহটোত চকু পৰিল.. । ঘৰটোৰ ওপৰত .. খেৰৰ চালি এখন পৰিপাটিকৈ বান্ধি দিয়া হৈছে ..আৰু  ঘৰটোৰ চাৰিও কাষত… নতুনকৈ ৰং কৰা টাব কিছুমানত বহুতো ৰং বিৰঙৰ ফুল .. দেখিলেই ভাল লাগি যোৱাকৈ ফুলি আছে … । খেৰৰ চালি খনৰ তলৰ ….. পকী কৰি লোৱা মজিয়াখনত… ক’লা আৰু হালধীয়া ৰঙৰ চিমেণ্টৰে … ডাঙৰকৈ ..এটা ফুলৰ আৰ্হিৰ নক্সা.. তুলি দিয়া হৈছে.. । ঘৰটোৰ পূবফালে …একেবাৰে কাষত… অলপ ঠাই ..ওখকৈ ..ভেটি এটাৰ দৰে  সাজি উলিয়াইছে.. আৰু সেই চাইডটো… বাঁহৰ বেৰ এখনৰে বন্ধ কৰি দিয়া হৈছে.. । বেৰখন লিপি থোৱা মাটিখিনিত…. ভিজা ভিজা ভাব এটা তেতিয়াও লাগি আছে.. ।  সেই ভেটিটোতেই চাগৈ ৰখা হ’ব সকলো ধৰ্মৰে…ইষ্টদেৱতা সকলক..। তাতেই প্ৰাৰ্থনা জনাব স্নেহালয়ৰ আবাসী সকলে… ভগৱান..আল্লা.. ..যিশু… ৱাহে গুৰুক…। জীৱনৰ বিয়লি বেলাত… মনৰ শান্তি বিচাৰি নেদেখাজনৰ প্ৰতি..সেই প্ৰাৰ্থনা গৃহতেই হ’ব  তেওঁলোকৰ সৰল মিনতি..।

মুঠৰ ওপৰত ভগৱানক স্থাপন কৰা হোৱা নাই যদিও.. ঘৰটো দেখি স্মৃতাৰ মনটো.. নেদেখাজনৰ প্ৰতি ভক্তি ভাৱেৰে ভৰি পৰিল..। ইমান পৱিত্ৰ…  ইমান মনোগ্ৰাহী হৈ উঠিছে ঠাইখিনি.. ।
বাহিৰলৈ ওলাই আহি স্মৃতাই কৃতজ্ঞতা সূচক মনোভাৱেৰে কলিতাৰ কামৰ শলাগ ল’লে…

:- কলিতা দা.. ইউ আৰ জাষ্ট গ্ৰেট..। অতি সুন্দৰ কাম কৰিছে আপুনি । ইমান সোনকালে ইমান ধুনীয়াকৈ সজাই পেলালে প্ৰাৰ্থনা গৃহটো । ফুলবোৰ ও ইমান ধুনীয়াকৈ ফুলি উঠিছে… ।

:-মই বিশেষ কৰিবল’গীয়া হোৱাই নাই স্মৃতা.. । চোতালখন আছিলেই।  ঘৰটোৰ আইডিয়া বাইদেউয়ে দিছে.. ফুলখিনি বৰ্মনৰ ঘৰত আগৰে পৰা থকা.. । পিছফালে বাৰীৰ চুকত .. মিস্ত্ৰীৰ কাম চলি থকা বাবেই আঁতৰাই থৈছিলো.. । এতিয়া উলিয়াই আনি ৰঙ বৰণ দি… টাব কেইটাত অলপ নতুনৰ পৰশ দিয়াত.. সুন্দৰ হৈ উঠিছে..।
(মহেশ কলিতাই স্মৃতাক সম্বোন্ধি কথাখিনি ক’লে..।)

:-কলিতা.. সেইখিনি তদাৰক কৰি..নিয়াৰিকৈ কৰোৱাটো ও এটা ডাঙৰ কাম.. । স্নেহালয়ক আপুনি নিজৰ ঘৰৰ দৰে মৰম দিছে.. । আপুনি নোহোৱা হ’লে কামবোৰ চাগৈ…ইমান সুন্দৰকৈ হৈ নুঠিল হেঁতেন… !
আই এম ৰিয়াল্লি ঠেংকফুল টু ইউ …।
( দিশাই কালিতাক আন্তৰিক ধন্যবাদ জনালে…।)

:- হ’ব বাৰু বাইদেউ ধন্যবাদ পিছে পৰেও জনাব ।
মই কথা এটা ভাবিছো…। বৰ্তমান স্নেহালয়ত থাকিব ল’গা সদস্য … ,আপোনাৰ ঘৰত ৰখা সেই পাঁচ জনেইহে.. । গতিকে এটা ৰুমত দুজনকৈ … মানে তিনিটা ৰুমতে তেওঁলোকৰ থকাৰ ব্যৱস্থা হৈ যাব .. । ঠিক আছে বাৰু …আৰু দুটা ৰুম বেছিকৈয়েই ধৰিলো.. । ৰান্ধনী দুজন.. আৰু চাফাই কৰ্মী দুজনৰ থকাৰ ব্যৱস্থাও কৰিব লাগিব.. । লগতে মুখ্য কাৰ্য্যালয় হিচাবে যিটো ৰুম ব্যৱহাৰ কৰা হব… সেইটোকে.. ধৰি প্ৰায়  আঠটা মান ৰুমৰ কাপোৰ ল’লেই হ’ব নেকি এতিয়া.. । বাকী বোৰ ৰূমটো তলা বন্ধ কৰিয়েই ৰখা হ’ব.. । আপুনি কি ভাবে..?

:- সেইটো কৰাই ভাল হ’ব.. । ঠিকেই ভাবিছে আপুনি ..। যদি প্ৰয়োজন হয়.. পিছত আনি ল’লেই হ’ব… । দুৱাৰ খিৰিকীৰ হিচাপ বোৰ লৈছে নহয়.. ? কিটচেন টাৱেল অলপ ও কিনিব লাগিব..। সময়ত কেৱল মনত ৰাখিব দুয়ো..পাহৰি নাযাব । ( দিশাই স্মৃতা আৰু কলিতা দুয়োকে সোঁৱৰাই দিলে..।)
ভগৱানে নকৰক… আৰু কোনো পিতৃ মাতৃ.. ঘৰ এৰি যাতে এই স্নেহালয়ৰ আবাসী হ’ব লগা নহয়..।

থুলমূল হিচাপ এটা কৰি .. মহেশ কলিতাৰ গাড়ীৰে গৈ… তিনিও বজাৰ খিনি কৰি পেলালে… । বৃদ্ধ কেইজনৰ পিন্ধা কাপোৰ কেইসাজ দিশাই নিজৰ ফালৰ পৰাই  ল’লে.. ।

পাতল হালধীয়া ৰং দিয়া… স্নেহালয়ৰ বেৰবোৰৰ লগত মিলাকৈ…স্মৃতাৰ পছন্দৰেই …পাতল সেউজীয়া ৰঙৰ ফুলাম পৰ্দা অলপ  কিনি … দৰ্জীৰ তাত চিলাবলৈ দি … স্মৃতাই সময়টো চাই কলিতা আৰু দিশাক তাতে এৰি দুগুক স্কুলৰ পৰা আনিবলৈ ৰাওনা হ’ল.. ..।

দিশা আৰু কলিতাই স্নেহালয়ৰ ষ্ট’ৰ ৰুমত বস্তুবোৰ চিজিল কৈ ৰাখিলে… আৰু গোটেই ঘৰটোৰ চুক কোণবোৰ…  ভালদৰে চাই…. হল ঘৰটোতে গুৰুত্বপূৰ্ণ কথা অলপ পাতিবলৈ বহি ল’লে.. ।
আচলতে যি কোনো কামৰে… আৰম্ভণি খিনি নিয়াৰিকৈ কৰি ল’লে… পিছলৈ অসুবিধাত পৰা নাযায়…। সকলো ক্ষেত্ৰতে সফল হ’বলৈ মাত্ৰ অলপ সু-পৰিকল্পনাৰ হে প্ৰয়োজন হয়.. আৰু  সেই সফলতাক চুই চাবৰ বাবে… মনত ৰাখিব লাগে মাথোঁ …অলপ বিশ্বাস আৰু থাকিব লাগে … কামৰ প্ৰতি একাগ্ৰতা…।
দিশাই পাতনি মেলিলে কথাবোৰৰ .. ।
       
:-কলিতা… গেটৰ পৰা সোমাই আহি বাৰাণ্ডা খনৰ লগতযিটো ৰুম আছে.. সেইটো স্নেহালয়ৰ কাৰ্য্যালয় হিচাপে ব্যৱহাৰ কৰা হওক.. আৰু এই হল ঘৰটো ডাইনিং ৰুম কৰিলে.. সুবিধা হ’ব.. । কাৰণ কাষতে পাকঘৰটো থাকিব । ইয়াতে এটা চুকত টি. ভি এটাও ৰাখিব লাগিব.. । ককা আইতাহঁতৰ মনোৰঞ্জনৰ কথা ভাবিব লাগিব আমি.. ।

টিভিটোৰ কাষতে এটা বুক চেল্ফ বনোৱাৰ বাবে মিস্ত্ৰী কেইজনক কৈ দিবচোন…। কেইখনমান ধৰ্মমূলক গ্ৰন্থ আৰু লগতে খুহুতিয়া ৰস ৰচনাৰ কিতাপ অলপ মান ৰখাৰ কথা ভাবিছো মই.. । বৃদ্ধ বয়সত …বহুতে নিজৰ নিজৰ কৰ্মজীৱনৰ পৰা অব্যাহতি লৈ… কিতাপ পত্ৰৰ মাজতে নিজক ব্যস্ত কৰি ৰাখিব ভাল পাই আচলতে.. । আমি তেওঁলোকৰ দিনবোৰ যাতে আমনি দায়ক হৈ নুঠে তালৈ চকু দিব লাগিব…।

দিনটোৰ সকলো  সময়তে উপলব্ধ হোৱাকৈ কেইজনমান কেয়াৰ টেকাৰক ও নিযুক্তি দিব লাগিব.. । মই ভাবিছো তিনিটা শ্বিফ্টত তেওঁলোকৰ ডিউটিবোৰ ভগাই দিম..।
চাফাই কৰ্মী আৰু ৰান্ধনী ..বৰ্মনৰ ঘৰত আগৰে পৰা কাম কৰি থকা  কেইজনক ৰখাই ভাল হ’ব.. । কাৰণ তেওঁলোকে ঘৰখনৰ কামবোৰত… আও ভাও পোৱাত সহজ হ’ব.. ।
আৰু এতিয়া মেইন কথাটোলৈ আহিছো.. ।
( ক্ষন্তেক কলিতাৰ মুখলৈ চাই … নিজৰ ভিতৰতে ভবাৰ দৰে দিশাই ক’ব ধৰিলে.. ।)
স্নেহালয়ৰ কাৰ্য্যালয় চম্ভালাৰ দায়িত্ব মই আপোনাক দিব বিচাৰো.. । আপুনি এজন ৰিটাইয়াৰ্ড পাৰচন.. । অসুবিধা নহয় যদি আপোনাৰ এনেই থকা সময়খিনি স্নেহালয়কে দিয়ক.. ।  আপুনি ও ব্যস্ত  হৈ পৰিব.. লগতে মইয়ো নিঃচিন্ত হ’ব পাৰিম.. মোৰ সপোনৰ ঘৰখনক আপুনি ৰক্ষনা বেক্ষন দি ৰাখিছে বুলি.. ।

:- ( কথা খিনি শুনি উৎফুল্লিত হৈ পৰিল কলিতা..। )
বাইদেউ… না ক’ব পৰা …কাৰণেই নাই মোৰ.. । ইমান দিনে স্নেহালয়ৰ লগত লাগি আছো..  এনে লাগিছে যেন .. এইখন মোৰ আপোন ঘৰখনেই.. । শোৱাৰ পৰা উঠিয়েই খৰধৰ কৰো.. স্নেহালয়লৈ আহিবলৈ.. ঘৰত গৈ ও দিনটোৰ হিচাপ পত্ৰ লৈ ব্যস্ত হৈ পৰো..।  পত্নীয়ে সুধিছেই মোক….বেডিংএ পাতিয়ে মই স্নেহালয়লৈকে গুচি আহিম নেকি একেবাৰে … ! 
( হাঁহিব ধৰিলে তেওঁ কথাটো কৈ … )
ঘৰত এনেই থাকি আমনি লাগে সঁচাই..। গতিকে দিনটোৰ কেইটামান ঘণ্টা যদি এইদৰে ব্যস্ত হৈ থাকিব পাৰো…  ভালেই পাম মই.. ।

:-আপুনি মোৰ ডাঙৰ চিন্তা এটা দূৰ কৰিলে কলিতা.. । মই বহুত ভাবি চিন্তি এইটো দায়িত্ব.. আপোনাকে দিয়াৰ… সিদ্ধান্তই লৈ পেলাইছিলো । আপুনি সন্মতি জনাই নে নাই…সেই লৈ হে দোধোৰ-মোধোৰ অৱস্থাত আছিলো… ।
বাৰু…..! সকলোবোৰ গতি লাগিছেই.. । এতিয়া শুভ আৰম্ভণিৰ দিনা আয়োজন কৰা অনুষ্ঠানটিৰ বাবে…নিমন্ত্রিত অতিথি সকলৰ লিষ্ট এখন বনাব লাগিব.. । চিঠি অলপ ও চপাব লাগিব.. । কাক কাক নিমন্ত্ৰণ জনালে ভাল হ’ব বাৰু…?

:-জিলা উপায়ুক্তক নিমন্ত্ৰণ জনাবই লাগিব .. । স্মৃতাৰ
এন. জি. অ’ৰ মানুহখিনি থাকিব.. । ৰিপৰ্টাৰ দুজন মানক ও খবৰ দিব লাগিব.. । স্নেহালয়ৰ কাষতে থকা .. হীৰেন বৰ্মনৰ বয়সৰ দুজনমান ব্যক্তিক ও নিমন্ত্ৰণ জনোৱা ভাল হ’ব নিশ্চয়…! আৰু আপুনি বিশেষ ভাবে কাৰোবাক নিমন্ত্ৰণ জনাব বিচাৰিলে আগতীয়াকৈ ক’ব মোক.. ।  চিঠি কেইখনৰ প্ৰিন্ট আউট উলিয়াব লাগিব নহয়.. ।

:- তাকেই ..  ঠিকেই কৈছে কলিতা…। লগতে আপোনাৰ মোৰ ঘৰদুখনৰ সদস্য কেইজন আছেই..  ।
( মিচিকিয়া হাঁহিৰে কথা কেইটা ক’লে দিশাই…।)
মই ভাবিছো বৰ্মনৰ বাগানৰ বনুৱা খিনিক ও মাতি দিম.. । যিখিনি আহিব পাৰে আহিব.. । বৰ্মন ঢুকোৱাৰ পিছত .. এইখন ঘৰৰ লগত .. সিহঁতৰ সম্বন্ধ প্ৰায় নোহোৱাৰ দৰেই…। আৰু বিশেষ ভাবে মই… স্নেহালয়ৰ পাৰ্মিচন কপিটো উলিওৱাত মোক যথেষ্ঠ সহায় কৰা… জয়ন্ত বৰাক নিমন্ত্ৰণ নজনালে ভুল কৰা হ’ব..। তেওঁ নিশ্চয়কৈ আহিব । মই জানো.. ।
ঈশ্বৰে কৰক.. সকলোবোৰ যাতে সুকলমে হৈ উঠে.. ।

তেওঁলোকৰ আলোচনা চলি থকাৰ মাজতে… স্নেহালয়ৰ বাবে ফাৰ্নিচাৰবোৰ লৈ… ট্ৰাক এখনে.. গেটৰ বাহিৰত হৰ্ণ দিলে…। লৰালৰিকৈ ওলাই গৈ.. কলিতাই আচবাববোৰ নোমোৱাৰ ব্যৱস্থা কৰিলে.. ।
কলিতাৰ সজাগতা আৰু এই বয়সতো ইমান নিষ্ঠাৰে সকলোবোৰ চম্ভালি লোৱাৰ মানসিকতাক চেলুইট দিলে দিশাই.. । তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ দো খাই গ’ল তাইৰ.. ।

কামবোৰ হৈ উঠাৰ পিছত কলিতাৰ পৰা বিদায় লৈ.. এসোপা সুখ বুকুতে বান্ধি… ওলাই আহিল দিশা.. স্নেহালয়ৰ পৰা.. ।

ভাল লাগিল দিশাৰ…  স্নেহালয়ে লাহে লাহে প্ৰাণ পাই উঠিছে.. যেন এটি গৰ্ভজাত সন্তানৰ জন্ম দিন এটা হে পালিবলৈ গৈ আছে তাই… । বিষাদৰ কলীয়া ডাৱৰবোৰ আঁতৰাই.. ফৰকাল হৈ পৰা দিশাৰ মনাকাশত আজি… অলেখ সপোনৰ অহা যোৱা…। ক্ৰমে ভাল লগা হৈ আহিছে সময়বোৰ.. । বহুত বছৰৰ মূৰত যেন ….প্ৰাণ খুলি হাঁহিবলৈ জীৱনে আকৌ এটা সুযোগ দিছে তাইক.. ।

                     *********************

ঘৰত গৈ দেখে…..স্মৃতাই দুগুক শুৱাব লৈছে.. । দিশাই সিহঁতক মাত নিদি… বাথৰুমত গৈ… হাত মুখ ধুই….পাকঘৰত সোমাল…। ঘৰ পাইহে… পেটৰ ভোকটোয়ে দেখোন কলমলাই উঠিছে.. । কিবা বনাব লৈ দেখিলে …গেছ টেবুলত …আলু কণী ড’ম… আৰু গৰম ভাত ৰেডি.. । স্মৃতাই ইতিমধ্যে … দুগুক… বনাই খোৱালে মানে…. !
মৰম লাগি গ’ল স্মৃতালৈ তাইৰ.. । এই ছোৱালীজনী থাকিলে সকলোতে নিঃচিন্ত হ’ব পাৰে দিশা.. । কোনোবা জনমৰ কিবা সুকৰ্মৰ ফলত হে তাইক যেন ভন্টি হিচাবে পাইছে দিশাই…!

আপোন বুলি …হিয়াৰে মানি লোৱা সম্বন্ধবোৰক … ধৰি ৰাখিব বিচাৰি …উজুটি খাব ল’গা হ’ল যদিও.. অচিনাকি কোনোবাজন  হে আজি তাইৰ নিচেই আপোন হৈ পৰিল… । সুখ দুখ… হাঁহি কান্দোনৰ সংগী হৈ পৰিল… ।  গাৰ জোৰে সাৱটি ধৰি স্মৃতাক মৰম কৰিব মন গ’ল তাইৰ.. । সুখ অলপে .. দুচকু তিয়াই পেলালে… ।

দুগু টোপনি যোৱাৰ পিছত .. দুয়োজনীয়ে ভাত কেইটা খাই …. স্নেহালয়ৰ কথাবোৰ আলোচনা কৰিলে.. । দিশাই কালিতাৰ লগত হোৱা কথাবোৰ তাইক জনাই.. তাইৰ পৰা ও দিহা পৰামৰ্শৰ আশা কৰিলে..।
কিন্ত স্মৃতাৰ মনত… অভিজিতৰ কথাবোৰে হে পাকঘূৰনি খাই থাকিল… । মানুহটোৰ বিষয়ে জানিবলৈ… দিশাক… অভিজিত আৰু তাইৰ সম্বন্ধৰ কথা সুধিবলৈ বিৰাট মন গ’ল তাইৰ…। অভিজিত বর্মনলৈ মেছেজ কৰাৰ কথা দিশাক জনাব বুলি ভাবিও নীৰৱে ৰ’ল স্মৃতা.. ।

অভিজিতে বা মেছেজ চালে নে নাই…? এই দুবছৰত ফ’ন  নাম্বাৰ সেই আগৰটোৱেই আছে নে… বা সলনি হ’ল…? উৎসুকতাৰে স্মৃতাই .. মবাইলটো উলিয়াই চাই দেখিলে মেছেজৰ তলত দুটা নীলা দাগ… । মানে ইতিমধ্যে তাই …জনাব বিচৰাখিনি… মিষ্টাৰ অভিজিত বৰ্মনে গম পালে.. । কিন্তু তেওঁৰ পৰা কোনো ৰিপ্লাই নাহিল.. । না তেওঁ ফ’ন এটা কৰি স্নেহালয়ৰ বিষয়ে জানিব বিচাৰিলে.. ।
নিজৰেই ঘৰ সেইখন.. জানিবলৈ অলপ ও আগ্ৰহ নাই নে তেওঁৰ .. দেউতাকৰ অবিহনে কিদৰে চলিছে ঘৰ খন… ? কোনে তদাৰক কৰিছে সকলোবোৰৰ.. ? স্নেহালয়ে নো কি দৰে গঢ় লৈ উঠিল…?

অন্যমনস্ক হৈ পৰা স্মৃতাক.. দিশাই মাত দিয়াত .. তাই উচপ খাই উঠিল.. ।

:- কিহৰ চিন্তাত বিভোৰ মোৰ ভন্টীজনী…? মই যে অথনিৰ পৰা কিবা কিবি কৈ আছো গম পাইছা নে..?

:-চ’ৰি দিশা বা…। বেলেগ কিবা এটা ভাবি আছিলো । তুমি কলিতা দাক… স্নেহালয়ৰ কাৰ্য্যালয় চলোৱাৰ দায়িত্ব দিয়াৰ কথা কৈ আছিলা ন’…? বহুত ভাল ডিচিচন লৈছা এইটো.. । তেওঁ থাকিলে তুমি বহুত ক্ষেত্ৰত সকাহ পাবা.. ।

:- হয়.. তাকেই ভাবিছো… । কেয়াৰ টেকাৰ তিনিজনক হে কি দৰে নিয়োগ কৰো বাৰু.. । এতিয়াটো মিনতিয়ে সকলো চম্ভালি আছে..  । কিন্তু অকল তাইৰ ওপৰতে সকলোবোৰ এৰি দিব নোৱাৰো .. । আৰু দুজনক কামত ৰাখিব লাগিব.. । কি কৰা যায় এতিয়া…?
( চিন্তিত মনেৰে কথা কেইটা ক’লে দিশাই… )

:-আমাৰ এন.জি. অ’লৈ বহুত ল’ৰা ছোৱালীয়ে …পঢ়া শুনা কৰিও ক’তো মুৰ গুজিব নোৱাৰি… কাম বিচাৰি আহি থাকে.. । নাৰ্ছিং কো’র্স কৰি বহি থকা কেইজনীমান ছোৱালীৰ লগত কনটেক্ট  আছে মোৰ… । ৰ’বা..  মই কথা পাতি চাওঁ.. ।

:- ঠিক আছে.. ..  । কথা হোৱা তুমি .. মোক খবৰটো দিবা.. । বাকী চাফাই কৰ্মী হিচাবে.. বাবুৱা আৰু ৰাখালকে ৰাখিম.. । ৰান্ধনী…. বৰ্মনৰ ঘৰত থকা শংকৰটো থাকিবই..  আৰু যদি কোনোবা এজনৰ প্ৰয়োজন হয়.. শংকৰকেই চাই ল’ব কম.. .।

:- শংকৰক ময়ো লগ পাইছো.. । আগতে বৰ্মনৰ খবৰ লব যাওঁতে সি আমাক চাহ কৰিও খুৱাইছিল.. । ৰাখাল আৰু বাবুৱাক লগ পোৱা নাই.. ।

:-বাবুৱা … দুগুৰ মোমায়েক.. ।
( বাহিৰৰ খোলা দুৱাৰেদি মুকলি অকাশখনলৈ চাই কথা কেইটা কৈ দুচকু জপাই দিলে দিশাই..  ।)

:- মই ঠিক বুজা নাই…। দুগুৰ মোমায়েক বাবুৱা…। কোন এই  বাবুৱা…??
তুমি ইমান কৃটিকেল কৰি কথাবোৰ নক’বা দিশা বা.. । যোৱা ৰাতিৰ পৰা কিছুমান কথাই মোৰ মুৰটো গধুৰ কৰি পেলাইছে.. । দুগু আচলতে কৰে সন্তান.. ? তোমাৰ আৰু অভিজিতৰ নহয় নেকি..? নে সি অকল তোমাৰ বা অভিজিত বৰ্মনৰ ল’ৰা.. । কোনটো সম্বন্ধৰে সি আচলতে হীৰেন বৰ্মনৰ নাতি.. ?
আজি মোক সকলোবোৰ খুলি ক’বই লাগিব তুমি.. । প্লিজ দিশা বা…  মনটোক খুন্দিয়াই থকা কথাবোৰ উলিয়াই দিয়া.. । প্লিজ…….

ক্ষন্তেক মৌনতা… ।

যেতিয়া হৃদয়ত বহুতো শব্দই …কোলাহল কৰি উঠে.. প্ৰকাশ কৰিবলৈ ভাষাবোৰ বিচাৰি ফুৰিব লগা হয়.. । হেৰাই যায় কৰবাত.. অনুভূতিবোৰ ও… । শিল হৈ পৰে বুকুৰ ভিতৰখন.. ।
দিশাই ও কি দৰে আৰম্ভ কৰে .. বুজা নুবুজাৰ দোমোজাত … অলপ সময়  স্তব্ধ হৈ ৰ’ল …।
স্মৃতাই বহি থকাৰ পৰা উঠি আহি… আৰু অলপ কাষ চাপি..  দিশাক সাৱটি ধৰিলে.. । বুজিছিল তাই.. বাৰ বছৰীয়া অতীত এটাক খুচৰি .. বৰ্তমান সহজ হৈ পৰা জীৱনটোত… তাৰ প্ৰভাৱ পৰিব দিয়াৰ মানসিকতা দিশাৰ সদ্যহতে নাই.. । তাই দুগুক লৈ এইদৰেই জীৱনৰ বাকীছোৱা ও কটাই যাবলৈ প্ৰস্তুত এতিয়া.. ।  কিন্তু… দুগুৰ ভৱিষ্যতটোৰ কথা আছে.. । দিশাই যে আজি বাবুৱাৰ কথা ক’লে… সেইখিনি প্ৰকাশ কৰাৰ আঁৰত হয়তো ..দুগুৰ জন্মৰ সত্য… স্মৃতাক জনোৱাৰ অভিপ্ৰায় লুকাই আছে.. ।

: কোৱা দিশা বা.. । কৈ দিয়া… । ইমান বছৰে বুকুত লুকুৱাই ৰখা ..দুখৰ বোজাতো.. পাতলাই দিয়া আজি… । মই প্ৰমিজ কৰিছো.. মোৰ মাজতে সোমোৱাই ৰাখিম কথাবোৰ.. । দুখ বোৰ প্ৰকাশ কৰিলে বোলে অন্তৰখনে সকাহ পাই… । তোমাৰ ভন্টি বুলি ভাবা যদি .. আজি এই ভন্টীজনীৰ লগত ও ভগাই চোৱাচোন দুখবোৰ…। দুইজনীয়ে মিলি তাৰ মাজতে অকণমান সুখ বিচাৰিব যত্ন কৰিম.. ।
তোমাক দুখত থকা দেখিলে মইয়ো বৰ কষ্ট পাওঁ দিশা বা..। মা দেউতাৰ অকলশৰীয়া ছোৱালী মই… । সৰুৰে পৰা অকলেই খেলি ধূলি ডাঙৰ হৈছো.. । বন্ধুৰ অভাৱ নাই.. । কিন্তু সেই আপোন আপোন অনুভৱ এটা… বাই-ভনীৰ মৰমৰ বান্ধোনটো… তোমাক লগ পাই হে বুজি উঠিছো.. । তুমি মোক অলপ ও শংকা নোহোৱাকৈ সকলো খুলি ক’ব পাৰা .. । মই সদায় তোমাৰ লগত থাকিম… ।

উচুপি উঠিল দিশা.. । স্মৃতাক ও জোৰেৰে সাৱটি ধৰি… চুলিখিনিতে হাত ফুৰাই মৰম কৰি দিলে তাই.. । এনে লাগিল…নিজৰ ছোৱালীজনীক হে যেন বুকুৰ মাজত সুমোৱাই লৈছে… । এসোপা মৰম যেন নিগৰি আহিছে… বুকুৰ শিলটুকুৰা ভেদি… । ইমান আন্তৰিকতা আছে এই স্পৰ্শত.. ।

কথাবোৰ যে ভৰি আছে…! মাথোঁ ব্যক্ত কৰিবলৈ … শব্দবোৰ জুকিয়াই ল’লে দিশাই.. আৰু কাষৰ বিচনাত শুই থকা দুগুলৈ চাই লাহে লাহে ক’ব ধৰিলে…

:- আজিৰ পৰা বাৰ বছৰৰ আগতে মই অভিজিতৰ লগত বিয়াত বহি … হীৰেন বৰ্মনৰ একমাত্ৰ বোৱাৰী হৈ পৰিছিলো । দুখনকৈ চাহ বাগানৰ মালিক .. প্ৰতিপত্তিশীল বৰ্মনৰ ঘৰৰ বোৱাৰী.. বেংক বিষয়া অভিজিত বৰ্মনৰ পত্নী লগতে পিতৃ সদৃশ .. সৎ আৰু মৰমিয়াল শহুৰ এজনক … ভাগ্যৰ বলত হে পালো বুলি নিজৰে অহংকাৰ হৈছিল মোৰ.. । প্ৰাপ্তিৰ সুখে হয়তো … বলিয়া কৰিছিল মোক … ।
তেতিয়া মই এম.এ পাচ কৰি হাইস্কুল এখনত নতুনকৈ জইন কৰিছিলো মাত্ৰ.. । কিন্তু বৰ্মনৰ ঘৰখন চম্ভালা… আৰু অভিজিতৰ পত্নীৰ দায়িত্ব… সুচাৰুৰূপে পালন কৰাৰ অজুহাতত স্কুলৰ চাকৰিৰ পৰা ও অব্যাহতি লৈছিলো… ।
বৰ আলাসতে দিনবোৰ পাৰ হ’ব ধৰিলে মোৰ.. । ঘৰখনত মই বিশেষ কৰিব লগা নাথাকেই একো .. । বাবুৱা আৰু ৰাখাল দুইটাই ঘৰ খন চুকে কোনে পৰিষ্কাৰ কৰি ৰাখে .. । বাবুৱাৰ বায়েক পঞ্চমী আৰু মাকে মিলি ভাগে ভাগে ৰন্ধা বঢ়া কৰে.. । মই মাত্ৰ কামৰ দিহা দিব লগা হয়.. । বাবুৱাৰ বয়স তেতিয়া বাৰ বছৰ আৰু পঞ্চমী চৈধ্য বছৰীয়া কিশোৰী.।

দেউতা আৰু মই … ফুলৰ বাগান খনতে ব্যস্ত থাকো  দিনটোৰ বেছি ভাগ সময়.. । দেউতাৰ বহুত চখ আছিল গাৰ্ডেনিঙত .. । ফুল.. ফল.. বনৌষধি… আদি ভিন ভিন গছপুলি সময় সুবিধা পালেই নিজ হাতে …বাৰীখনত লগাই থৈছিল তেওঁ.. ।

আৰু অভিজিত….!  এজন সদা ব্যস্ত পুৰুষ তেওঁ.. । ৰাতি বিচনাখনত হে লগ পাওঁ তেওঁক মই.. । কেতিয়াবা হয়তো মনেৰে সঁপি দিও.. তেওঁৰ ওচৰত নিজৰ শৰীৰটো আৰু কেতিয়াবা… আনিচ্ছা সত্বেও বাধ্য হওঁ দিবলৈ…। তেওঁৰ লগত মোৰ সম্বন্ধটো কোনোবা এদিন… আত্মিক হৈ পৰিছিল যদিও… মোৰ স্মৃতি দৰ্পনত কিন্তু অংকিত হৈ নৰ’ল কোনোদিন.. । আচলতে বিয়া হোৱাৰ দিন ধৰি … তেওঁৰ প্ৰতি মোৰ তেনে ধৰণৰ আনুগত্য অহাই নাছিল…যি খিনি এগৰাকী পত্নীৰ…নিজ স্বামীৰ প্ৰতি থকাটো দৰকাৰ …। তেওঁ সেইখিনিৰ অধিকাৰ মোক দিবই বিচৰা নাছিল.. ।
মই নকওঁ যে… তেতিয়া মই দুখী আছিলো বা অভিজিতে মোক দুখ কষ্ট দিছিল .. কিন্তু বিয়াৰ পিছৰ দুবছৰলৈ … অভিজিতৰ মোৰ প্ৰতি অৱহেলা আৰু নিজৰ কামৰ প্ৰতি থকা অপাৰ ব্যস্ততাই … মানসিক ভাবে …তেওঁৰ কাষ চপাৰ সুযোগ দিয়া নাছিল মোক .. ।

ৰাতিপুৱাই ওলাই যায় তেওঁ কৰ্মস্থলীলৈ … আৰু নিশা দেৰিকৈ ঘৰ সোমাই ।  ফলত , অকলশৰীয়া হৈ পৰো মই ইমান বৃহৎ ঘৰখনত …. ।  ইফালে…পত্নী বিয়োগৰ পিছত … দেউতা ও অকলশৰীয়া হৈ পৰিছিল । গতিকে… মই ঘৰখনলৈ অহাৰ পিছত… দেউতাইও যেন  লগ এটা  বিচাৰি পালে..। তেওঁ মোক নিজৰ জীয়েকৰ দৰে মৰম দিবলৈ ল’লে… ।  আমি দুয়ো দুয়োৰে লগ হৈ পৰিলো…. ।

লাহে লাহে মই অনুমান কৰো… অভিজিত যেন ঘৰত থকা সময়খিনিত ও কোনোবা বেলেগৰ সান্নিধ্য বিচাৰি উচপিচাই থকা হ’ল… । দেখা পাওঁ…ফ’নটো হাততে লৈ .. অনবৰতে বিজি থাকে তেওঁ.. যিমান পাৰে মোৰ পৰা আঁতৰি থাকে..। মই খুব আশান্তিত দিনবোৰ পাৰ কৰিব ধৰিলো..  । অভিজিতৰ স্বভাবজাত গাম্ভীৰ্যতাই কথাবোৰ তেওঁৰ লগত খুলি আলোচনা কৰাত ও বাধা দিলে মোক.. । তেওঁৰ মনটোক পঢ়ি চাব মন গল মোৰ..  কি চলি আচলতে তেওঁৰ ভিতৰখনত.. ?
( অলপ পৰ ৰৈ … দীঘলকৈ উশাহ এটা টানি পুনৰ ক’ব ধৰিলে দিশাই… ।)
সেইদিনা আমাৰ দ্বিতীয় বিবাহ বাৰ্ষিকী আছিল । ৰাতিপুৱা উঠি চাহ কাপ খায়েই অভিজিত ওলাই গৈছিল .. জৰুৰী কাম আছে বুলি । মই মনত পেলাই দিছিলো …সেইদিনা যে আমাৰ বাবে দিনটো বিশেষ আছিল… । ভাবিছিলো মন্দিৰৰ পৰা আহিম .. দুয়ো একেলগে.. । ভগৱানৰ আশীষ ল’ম আগন্তুক দিনবোৰৰ বাবে সুখ শান্তি বিচাৰি… । কিন্তু…তেওঁ কাম শেষ কৰি সোনকালে আহিব বুলি কৈ ..গুচি গৈছিল..।
মন্দিৰ যোৱা নহ’ল আমাৰ… । কেইবিধমান স্পেচিয়েল ব্যঞ্জন বনাই দুপৰীয়াৰ সাজ একেলগে খাম বুলি পাকঘৰত নিজেই সোমালো…আৰু মই সকলোকে খোৱাই …তেওঁলৈ অপেক্ষা কৰি ৰৈ থাকিলো.. । বিবাহ বাৰ্ষিকী বুলি মনত থকা উৎসাহ… ফুৰ্তিবোৰ লাহে লাহে কমি আহিল মোৰ.. । আবেলি পৰত তেওঁ আহিল ঘৰলৈ.. । অলপ অভিমান … অলপ খং দেখুওৱাৰ অধিকাৰ আছে বুলি… মই ঠেহ পাতি .. খোৱা বস্তুবোৰ ডাইনিং টেবুলত সজাই…তেওঁক সুধিব ধৰিলো…

: কিয় ইমান দেৰি কৰিলা অভি… । সদায় নিজৰ কামতে ব্যস্ত থাকা.. । আপত্তি নকৰো মই… । এটা দিনৰ …অলপ সময় তুমি মোক দিব নোৱাৰা নে..?  পত্নী হিচাপে তোমাৰ ওপৰত মোৰ সেইখিনি অধিকাৰ আছে অভি.. । বেয়া পাইছো তোমাক মই.. ।

মই চোৱাই নাছিলো কথাখিনি কৈ থাকোতে অভিৰ মুখলৈ.. । গমেই নাপালো .. মই সেইদৰে অধিকাৰ সাবস্ত্য কৰিব যোৱাটো যে মোৰ ভুল আছিল… । তেওঁৰ যে মোৰ কথাবোৰ শুনি খং উঠিব পাৰে … ভাবিয়েই নাচালো …। অভিৰ পূৰ্ণহতিয়া চৰ এটাত থতমত খাই উঠিলো মই.. । টলকিবই নোৱাৰিলো… ক’ত নো কি জগৰ লগালো.. । অভিয়ে উচ্চস্বৰে চিঞৰি আহিল….

: মই সব কাম বন বাদ দি তোৰ পিছত ঘূৰি ফুৰিব লাগে হা…? অধিকাৰ দেখুৱাব আহ’ মোৰ ওপৰত…? মোৰ জীৱনটো শেষ কৰি দিলি তই.. । তোৰ কাৰণে মোৰ সুখ শান্তি নোহোৱা হ’ল.. 

সজাই ৰখা ডাইনিং খনৰ.. কাপোৰখন একে আযোৰে টানি আনিলে অভিয়ে… । য’ত ত’ত সিঁচৰতি হৈ পৰিল খোৱা বস্তুবোৰ.. মোৰ হেঁপাহবোৰ… মোৰ মনৰ ফুৰ্তিবোৰ লগতে কেইবা টুকুৰা হৈ ভাঙি গ’ল মোৰ কলিজাটো..  ।

মোৰ বাবে অভিৰ সুখ শান্তি নাইকিয়া হৈছে.. ? মই অভিৰ জীৱনটো শেষ কৰি দিলো…? মই যেন নিজৰ কান দুখনকে বিশ্বাস নকৰিম… ।

মোৰ মগজুৱে কাম কৰা বন্ধ কৰি দিলে.. । মজিয়াখনতে সন্তুলন হেৰুৱাই বহি পৰিলো মই.. । যত্ন কৰি বাধা দিব বিচাৰা দুখবোৰে ডিঙিটো যেন চেপি ধৰিলে মোৰ.. । মই চিঞঁৰি চিঞঁৰি কান্দিব ধৰিলো … । বিয়া হৈ অহা মাত্ৰ দুবছৰ হৈছে আমাৰ… এই কম দিনতে মই অভিৰ ইমানেই অপ্ৰিয় হৈ পৰিলো… ! মোৰ ভুল ক’ত .. ? মই কি দিয়া নাই অভিক… ? কিহত বাধা দিছো মই তেওঁক…?

মোক সেই অৱস্থাতে এৰি আঁতৰি গ’ল অভি…। নিজৰ কোঠাত সোমাই তেওঁ ব্যস্ত হৈ পৰিল কাৰোবাৰ লগত অন্তৰংগ আলাপত… । কথাৰ মাজত তেওঁলোকৰ হাঁহি খিকিন্দালি বোৰে কাষৰ ৰুমৰ মজিয়াত …লেপেটা খাই পৰি থকা ..মোৰ কান দুখনক…  কাঁইটে বিন্ধা দি বিন্ধিব ধৰিলে…।
মোৰ অনুমান সঁচা হ’ল…। মই বুজি পালো অভি মোৰ পৰা আঁতৰি আঁতৰি থকাৰ কাৰণটো…। গম পালো যে তেওঁ নিজৰ হৃদয়ত বেলেগ কাৰোবাক স্থান দি ৰাখিছে…  য’ত মই কোনোপধ্যেই নাই… ।
                 
                        ——————

কিমান সময় সেইদৰেই পৰি থাকিলো গমেই নাপালো । ডাইনিং ৰূমটোৰ পৰা চিধাকৈ যিটো কৰিড’ৰ গৈছে… তাৰ মুৰতে দেউতাৰ ৰূমটো.. । দেউতা …ৰুমৰ পৰা ওলাই আহি… কৰিড’ৰত খোজ দিয়া গম পাই …ল’ৰালৰিকৈ উঠি … মজিয়াখনত সিঁচৰতি হৈ পৰি থকা বস্তুবোৰ ..চিজিল কৰিব ধৰিলো মই.. । কিন্তু দেউতাৰ ওচৰত ধৰা পৰি গ’লো .. । ইমান কম সময়ৰ ভিতৰত … এইদৰে বিশৃংখল হৈ পৰা ৰূমটোৰ গতি লগাব নোৱাৰিলো … । চকুৰে ধুৱলি কুঁৱলি দেখিলো..। বিশৃংখল হৈ পৰা জীৱনটোক ও সঠিক ভাবে সজাই তোলাত ব্যৰ্থ হৈ পৰিম নেকি বাৰু মই…!!

দেউতাই আচৰিত হৈ …মোৰ মুখলৈ চাই.. কি হৈছে উমান লব যত্ন কৰিলে.. । মই যিমান পাৰো সহজ হ’ব চেষ্টা কৰি চকুপানীখিনি মুচি ল’লো….।  কেনেকৈ কওঁ দেউতাক .. অভিৰ জীৱনত মই যে একেবাৰে পৰিত্যক্ত হৈ পৰিছো… । তেওঁ যে বেলেগ কাৰোবাক হে মন মগজুত ঠাই দি ৰাখিছে… ।
প্ৰচণ্ড ক্ষোভত জ্বলি উঠিলো মই…। কিয় বিয়া পাতিছিল তেওঁ মোক.. ? কি দৰকাৰত সামাজক দেখুৱাই অৰ্দ্ধাঙ্গিনীৰ আখ্যা দিলে..? ইমান মূল্যহীন কৰি পেলালে নে মোৰ জীৱনটোক..?

: কি হ’ল মাজনী… । এইবোৰ কি হৈছে..  ?

গম্ভীৰ স্বৰৰে দেউতাই সোধা কথা কেইটাত…  নিজকে বাধা দি ৰাখিব নোৱাৰিলো মই । দেউতাৰ ভৰিতে পৰি হুকহুকাই কান্দি উঠিলো.. ।

: অভিজিতৰ লগত তোমাৰ কিবা কথাত কাজিয়া হৈছে নেকি মা… ? বস্তুবোৰ কি দৰে সিঁচৰতি হৈ পৰিল..? মোক জানিব দিয়া কথাবোৰ..। সি কেতিয়া আহিল..?

হয়তো কিবা এটা সন্দেহ কৰিছিল তেওঁ..। মোৰ মূৰতে হাত ফুৰাই …তেওঁ মোক উঠাই লৈ …পুনৰ সুধিলে…।।

: নাই দেউতা..  গাটো খুব বেয়া লাগি গ’ল হঠাতে.. । মূৰটো ঘূৰোৱা যেন লাগিল । খোৱা বাচনবোৰ উঠাই.. পৰি যাম যেন অনুভৱ কৰি টেবুল কাপোৰ খনত খামুচি ধৰিছিলো যদিও…  নিজকে ৰখাব নোৱাৰিলো…  । হাতৰ পৰা সকলোবোৰ চিটিকি পৰিল..। খুব দুৰ্বল অনুভৱ হৈছে দেউতা মোৰ.. । মোৰ চকুৰ আগত সকলোবোৰ ধূসৰ হৈ পৰিছে.. ।

মিছা মাতিলো মই…। অভিয়ে.. কাৰবাবে মোৰ লগত.. ইমানখিনি অন্যায় কৰিছে..  তাৰ প্ৰমাণ নোপোৱালৈকে… দেউতাক কথাবোৰ জনাব মন নগ’ল মোৰ.. । কেৱল সন্দেহৰ ভিত্তিত… মই সত্য বুলি মানি লোৱা অভিৰ বিশ্বাসঘাটকতাক…. আনৰ চকুত মোৰ ওপৰত ইমান দিনে চলি অহা অন্যায় বা মানসিক নিৰ্য্যতান বুলি প্ৰমান দিব নোৱাৰো মই.. । মই অভিৰ সত্য এদিন দেউতাৰ সন্মুখত উদঙাই দেখুৱাব লাগিব.. ।

মনতে  সেইদৰে ভাবিলোঁ যদিও.. অভিৰ লগত খোলাকৈ কথাবোৰ পাতি… আউল লাগি …জটিল হৈ পৰা সম্বন্ধটোক.. নতুনকৈ সজাই চোৱাৰ হেঁপাহ এটাই ও একে সময়তে ভিৰ দিলে মোৰ বুকুত.. ।
দেউতাই মোৰ কথা কিমান কি বুজিলে নাজানিলো … । কিন্তু অনুভৱ কৰিছিলো মই… জীৱনটোক বুজিব পৰাকৈ.. বা যি কোনো এটা ঘটনাৰ সত্যতা…তৎক্ষণাত বোধগম্য হোৱাকৈ.. বয়স আৰু অভিজ্ঞতাৰে পুষ্ট আছিল তেওঁ… ।

গলগলীয়া মাতেৰে তেওঁ অভিক চিঞঁৰিছিল আৰু মই ঠাইতে ৰৈ দিছিলো… নিজকে লুকুৱাই ৰাখিবলৈ ক’ৰবাত অকণ জেগা আছে নেকি বিচাৰি…. ।

: অভিজিত… ক’ত আছা.. ? ওলাই আহা.. ।

দেউতাৰ মাত শুনি ভয়ে ভয়ে ওলাই আহিছিল অভি..  । দুৱাৰ মুখৰ পৰা দেউতাৰ চকুলৈ চাই… পৰিস্থিতিৰ বুজ ল’ব চেষ্ঠা কৰিছিল তেওঁ… আৰু আঁৰ চকুৰে মোলৈকো চাইছিল… । দেউতাৰ সন্মুখলৈ আহি .. নীৰৱে.. মজিয়াৰ.. ভঙা চিঙা বস্তুবোৰ চাই… দেউতাই কি কয় শুনিব ৰৈ থাকিল তেওঁ……।

: তোমাৰ এইয়া দায়িত্বজ্ঞান .. ? কেতিয়া গাত কথা লাগিব…? তোমাৰ জীৱনৰ লগত এতিয়া পত্নী সূত্ৰে.. দিশাও সাঙোৰ খাই পৰিছে…।  তুমি নিজৰ লগতে ব্যস্ত হৈ সময়বোৰ কটাই…  মাহ বছৰ পাৰ কৰিলেই নচলিব.. ।
একেলগে খাই বৈ আৰাম কৰিলাগৈ নিজৰ ৰুমত.. । কিন্তু দিশা যে মুৰ ঘূৰাই ইয়াতে পৰি আছিল গম পাইছিলা নে.. ?

অভিয়ে আচৰিত হৈ মোলৈ চালে.. । কি ক’ব… কি কৰিব হয়তো একোয়েই বুজি পোৱা নাছিল তেওঁ.. ।

: যোৱা.. দিশাক ৰুমলৈ লৈ যোৱা.. । আৰু এতিয়াই ডাক্তৰ ফুকনক .. দিশাৰ ৰুটিন চেক আপ এটাৰ বাবে মাতি দিয়া..  । ৰান্ধি বাঢ়ি দিনটো তোমাৰ অপেক্ষাত বহি থাকিল.. । কিমান ক’লো মই সময়ত খাই লোৱা..ভোকত থাকিলে.. গা বেয়া কৰিব । নাই নুশুনিলে.. । আৰু তোমাৰ অলপ ও অনুকম্পা নাই তেওঁৰ প্ৰতি.. । ছোৱালীজনী ইয়াতে পৰি থাকিল… কিয় নো ইমান পলম কৰিছে.. ৰুমলৈ অহা নাই … তাৰো খবৰ নহ’ল তোমাৰ.. ?

এটা শব্দ উচ্চাৰণ নকৰাকৈ.. দেউতাকে দেখুৱাই.. অভিয়ে মোক বাহুত ধৰি …ৰুমলৈ লৈ আহিল.. ।
সেই সময়ত মোৰ এনেকুৱা লাগিছিল যেন উচাট মাৰি আঁতৰি যাম অভিৰ কাষৰ পৰা.. । কৈ দিম… নালাগে মিষ্টাৰ অভিজিত বৰ্মন.. পিতৃৰ ওচৰত সৎ পুত্ৰ হৈ দেখাব নালাগে..। নকৰিবা অভিনয়.. । কৈ দিয়া … একো নহয় এইজনী মোৰ.. । মোৰ জীৱনটো শেষ কৰিবলৈ অহা .. মোৰ বাবে মাথোঁ এটা অশান্তিৰ কাৰণ…. পত্নী নামৰ এটা আপদ… ।

দুখ এসোপা বুকুখনৰ পৰা ডিঙিলৈকে উজাই আহিছিল মোৰ.. ।বাধাহীন ভাবে বৈ গৈছিল চকুপানীবোৰ… । অভিক মোৰ একেবাৰে অচিনাকি কোনোবা যেন অনুভৱ হৈছিল.. ।
নিজৰ ওপৰতে হাঁহি উঠিছিল মোৰ…। আৰে… এইটো মানুহকে দেহ মন সঁপি দিবলৈ সেউতাত ৰং বোলাইছিলো মই.. ? জীৱনৰ দুটা বছৰ…. মিছা অভিনয় কিছুমানকে …  সুখ বুলি.. বুকুৰ উমেৰে উমাল কৰি ৰাখিছিলো..?

মোৰ ভুল হৈছিল সেইদিনা স্মৃতা.. । নাৰী সহণশীল…। যুগে যুগে চলি অহা সেই সত্যটোক মই সেইদিনা মানি ল’ব নালাগিছিল.. । সকলো শেষ হৈ যোৱাৰ পিছত ও এই যে অলপ আশা থাকে মনত… নাই.. কৰবাত কিবা ভুল হৈছে..! সময়ত সকলো ঠিক হৈ যাব..। সেই আশাত বন্দী হ’ব নালাগিছিল মই .. । বাট চাব নালাগিছিল.. সকলো ঠিক হৈ যাব বুলি… মনে.. মানি ল’ব বিচৰা সময় খিনিলৈ.. ।

অভি অলপ ও অনুতপ্ত নাছিল ইমানবোৰ হৈ যোৱাৰ পিছত ও.. । তেওঁ হয়তো অভাৰ কনফিডেন্ট হৈ পৰিছিল.. কি কৰিবি.. ? গমতো পালিয়েই মোৰ বাবে তই কি.. ? হয়তো এইটো ও ভাবি লৈছিল নিশ্চয়.. ঘৰখনৰ সন্মান বা দেউতাৰ মুখলৈ চাই মই সদায় নীৰৱে থাকিম.. । পুতলা নাচৰ পুতলা জনীৰ দৰে নাচি থাকিম .. অভিয়ে যি দৰে নচুৱাই.. । সেইদিনাৰ পৰাই অভি আৰু মোৰ মাজত সকলো ধৰণৰ সম্পৰ্কৰ শেষ হৈছিল.. ।

তাৰ পিছৰ পৰাই মই… অভিৰ জীৱনৰ সেই নায়িকা গৰাকী কোন জানিবৰ বাবে বলিয়া হৈ পৰিছিলো.. । ইমান অপমান সহ্য হোৱা নাছিল মোৰ.. । কথাবোৰ জনাটো মোৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছিল.. । লাহে লাহে মই ঘৰত থকা সময়খিনিত…আলেঙে আলেঙে অভিৰ প্ৰতিটো কথা মন কৰিব ধৰিলো.. ।
ভগৱানৰ ও চাগৈ মোৰ সেই অসহায় অৱস্থাটো দেখি দয়া উপজিছিল.. আৰু এদিন ফ’নটো পাহৰি ওলাই যোৱা অভিলৈ … তেওঁৰ প্ৰেয়সীৰ ফ’ন আহিছিল ..।  ফ’নৰ মূৰত অভি বুলি মহিলা গৰাকীয়ে কৈ উঠিছিল…

” কি হ’ল জান.. আজি প্ৰিয়তমা পত্নীৰ বাহুবন্ধনৰ পৰা মুক্ত হ’ব পৰাই নাই নেকি.. ? তোমাৰ প্ৰেমিকা ইয়াত মৰি গৈছে… । ( কুটিল হাঁহি এটা মাৰি আকৌ কৈছিল.. ) জাষ্ট জ’কিং ডাৰলিং.. । মই জানো তোমাৰ ওপৰত সকলো অধিকাৰ অকল মোৰ হে আছে…। কাম চুন বেবী.. ইউ আৰ মিছড.. ।”

ফ’নটো কাটি দিছিল সেই মহিলাগৰাকীয়ে.. । মই নাম্বাৰটো চেভ কৰি লৈছিলো.. । ঘৃণা উপজিছিল মনত.. । অভিৰ প্ৰতিও আৰু সেই অচিনাকি মহিলা গৰাকীৰ প্ৰতি ও.. ।
পম খেদি গম পাইছিলো… অভিৰ প্ৰেমিকা.. তেওঁৰেই ক’লিগ … এগৰাকী বিধবা… যাৰ লগত অভিৰ বহু বছৰীয়া সম্পৰ্ক…। সমাজত বাদনামী হোৱাৰ ভয়ত… মোক বিয়া পাতিছিল যদিও… তেওঁলোকৰ মাজত আছিল এক অবৈধ সম্পৰ্ক.. । এক গোপন বুজা বুজি … ।

দুহাতেৰে মুখ খন ঢাকি .. ফেঁকুৰি ফেঁকুৰি কান্দিব ধৰিলে দিশাই.. । স্মৃতাই ও দিশাক বুকুৰ মাজলৈ সোমোৱাই লৈ উচুপি উঠিল.. ।

: নাকান্দিবা দিশা বা…। তোমাক বুজাবলৈ বা সান্তনা দিবলৈ মোৰ এতিয়া ভাষাৰ অভাৱ.. । মই অনুভৱ কৰিছো… কিমান অসহনীয় আছিল সেই মুহূৰ্ত্ববোৰ তোমাৰ বাবে.. । নিজ স্বামীক.. তেওঁৰ প্ৰেমিকাৰ লগত কল্পনা কৰি.. তুমি কিমান দুখ পাইছিলা বুজি পাইছো মই.. । চাবা .. ভগৱানে কেতিয়াও ক্ষমা নকৰে তেনেকুৱা দুঃচৰিত্ৰৰ মানুহক । তোমাৰ জীৱনৰ পৰা সুখ শান্তি কাঢ়ি নিয়া জনে…  নিজেইও দুখতে কটাব লাগিব জীৱনটো.. ।

: তাৰ পিছত ও আৰু দুটা বছৰ মই সেইখন ঘৰত থাকি গ’লো স্মৃতা.. । বিশ্বাস কৰিবা তুমি…?
চেষ্ঠাৰ ক্ৰুটি ৰখা নাছিলো অলপ ও অভি আৰু মোৰ সম্বন্ধটোক জীয়াই তুলিবলৈ.. । শিৰত লোৱা সেন্দুৰকনৰ মান ৰাখিবলৈ বহুত যত্ন কৰিছিলো মই..। সেউতাটো ৰঙেৰে বোলাই… কাৰোবাৰ পত্নী হৈ থকাৰ প্ৰবল ইচ্ছাক বাধা দিব পৰা নাছিলো আচলতে.. । ভাবিছিলো… বিবাহৰ বিধিবোৰ অৰ্থহীন নহয়…। সাত জনম’লৈ বোলে ঈশ্বৰে… কোনোবা দুজনক স্বামী স্ত্ৰীৰ সম্বন্ধৰে বান্ধ খোৱাই ৰাখে.. । অভি আৰু মোৰ সম্পৰ্কৰ জৰী ডাল মাত্ৰ দুবছৰতে চিঙি যাব নে .. ??

অভিজিতৰ লগত ভালেৰে.. খঙেৰে… মৰমেৰে কথা হৈছিলো..মই । বুজাইছিলো তেওঁক…
” আঁতৰি আহা অভি.. । দেউতাৰ মুখলৈ চাই … তুমি কৰি অহা ভুল বোৰৰ পৰা আঁতৰি আহা.. । তুমি যি বিচাৰা …মই দিব যত্ন কৰিম…। তুমি যি কোৱা তাকে মানিম…। মোৰ লগত ইমান অন্যায় নকৰিবা প্লিজ… ।

কিন্তু বৰ বেয়াকৈ হাৰি গ’লো মই স্মৃতা.. । কোনোপধ্যে অভিজিত বৰ্মনৰ মন নগলিল মোৰ বাবে.. । মই অৱহেলিত.. পৰিত্যক্ত হৈয়েই ৰ’লো.. ।

: দিশা বা.. তুমি হীৰেন বর্মনক কথাবোৰ নজনালা কিয়..? পুতেকৰ নষ্ট চৰিত্ৰৰ বিষয়ে গম নিদিলা কিয় তেওঁক…??

: অভিৰ প্ৰেয়সীৰ ক’লটো ৰিচিভি  কৰাৰ পিছত..  প্ৰায় উন্মাদ যেন হৈ পৰিছিলো মই… । নিজৰ শৰীৰটোৰ ওপৰতে ঘৃণা  জন্মিছিল মোৰ.. । অনুভৱ হৈছিল..  মই মানে অভিৰ দ্বাৰা ধৰ্ষিত এগৰাকী নাৰী … যাৰ প্ৰেম ভালপোৱাৰ অলপ ও মূল্য নাই অভিৰ বাবে.. ।
পত্নীৰ মৰ্য্যদা দিবলৈ অপৰাগ এজন পুৰুষে… পতিৰ অধিকাৰ কি দৰে বিচাৰিছিল মোৰ ওচৰত.. ? শাৰীৰিক চাহিদা পুৰাবলৈকে কিয় ব্যৱহাৰ কৰিলে মোক.. ? এগৰাকী বেশ্যা আৰু মোৰ মাজত মানে একো পাৰ্থক্য নাই নেকি..?
বহুত কথা মনলৈ আহি দিক বিদিক হেৰুৱাই পেলাইছিলো সেই সময়ত … ।

অভি ঘৰলৈ উভটি অহালৈ বাট নাচাই.. দেউতাক সকলো জনাই দিলো মই.. । লাজে অপমানে কাতৰ হৈ পৰিল তেওঁ.. । একমাত্ৰ পুত্ৰৰ এনেকুৱা চাৰিত্ৰিক স্খলন সহিব নোৱাৰি .. অস্থিৰ হৈ পৰিল তেখেত । তেখেতক আঘাট দি ময়ো আত্মগ্লানিত দগ্ধ হ’ব ধৰিলো..।
কিন্তু সেই সময়ত… মোৰ একো ভুল নোহোৱাকৈ.. অভিয়ে কৰা চৰম প্ৰতাৰণাক যদি সহি থাকো.. নিজৰ লগতে অন্যায় কৰা হ’ব ভাবি… অভি আৰু মোৰ সম্বন্ধৰ সত্যক… মই দেউতাৰ দৃষ্টি গোচৰ কৰাটো উচিত হ’ব বুলি বিবেচনা কৰিলো…. ।

দেউতাই তথাপিও সত্য অসত্যৰ দোমোজাত পৰি সুধিছিল মোক….

: মাজনী অ’.. । তোমাৰ ভুল হৈছে নেকি..? কথাবোৰ তুমি ভুলকৈ ভাবিছা নেকি..? তেনেকুৱা কিবা হোৱা হ’লে … অভিজিতে বিয়াৰ আগতে মোক…. কিবা এষাৰ হয়তো জনালে হেঁতেন… !

এজন দেউতাকৰ মনৰ অসহায় অৱস্থাটো অনুভৱ হৈছিল মোৰ.. । নিজ সন্তানৰ এনেকুৱা নিকৃষ্ট মানসিকতাক কি দৰে মানি লয় তেখেতে…? নিজেই তুলি তালি… গঢ় দিয়া সন্তানৰ ওপৰত বিশ্বাসবোৰ কি দৰে ইমান সহজে হেৰুৱাই পেলাই..?

: মোৰ ভুল হোৱা নাই দেউতা…। মই সকলো আতিগুৰি লৈ হে.. কথাবোৰ আপোনাক জনাইছো.. । অভি আৰু মোৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই এতিয়া…। মই কেৱল প্ৰমাণ বিচাৰি …. ইমান দিনে মনে মনে আছিলো.. । আৰু এক মুহূৰ্ত্ব ও তেওঁৰ লগত একেটা কোঠাতে…একেখন ঘৰতে..থাকিব নোৱাৰো মই.. । একেবাৰে কম দিনৰ আলহী হৈ… অহাৰ হে সুযোগ পালো এইখন ঘৰলৈ…। মোৰ যদি অজানিতে ক’ৰবাত কিবা ভুল হৈছে.. মোক ক্ষমা কৰিব দেউতা.. । 

: কি কৈছা তুমি এইবোৰ…? এইখন তোমাৰ ঘৰ.. । তুমি ইয়াৰ পৰা ক’লৈকো যাব নোৱাৰা… । মই দায়িত্ব লৈছো.. সকলোবোৰ ঠিক কৰি দিম…. । তুমি অলপ ধৈয্য ধৰা মা… । অভিজিতৰ লগত মই কথা পাতিম .. । তোমাৰ লগত হোৱা অন্যায়ৰ বিচাৰ কৰিম মই ।

: দেউতা.. কাৰোবাৰ হৃদয়ত জোৰ কৰি ঠাই ল’ব নোৱাৰি.. । অভিৰ হৃদয়ত ও মোৰ কোনো স্থান নাই.. । মই অপ্ৰত্যাশিত কোনোবা এজনৰ দৰে … তেওঁৰ জীৱনত থাকিব নিবিচাৰো.. । মোক বাধা নিদিব দেউতা.. ।

তেনেকুৱাতে অভি আহি ঘৰ সোমাইছিল.. । দেউতাই দুৱাৰ মুখতে অভিৰ দুই গালত.. দুটা প্ৰচণ্ড চৰ শোধাই দিছিল.. ।  ঘটনাৰ প্ৰাসংগিকতাত থত-মত খাই পৰিছিল তেওঁ..।
প্ৰেয়সীৰ ফ’ন কল যে ঘৰৰ বেলেগ কোনোবা এজনে ৰিচিভ কৰিছিল.. তাৰ আভাস পাইছিল অভিয়ে.. আৰু হয়তো সেইবাবে নিজকে সাজু কৰি আহিছিল… হ’ব পৰা যি কোনো পৰিঘটনাৰ পৰা চল চাতুৰীৰে নিজকে নিৰ্দোষী প্ৰমাণিত কৰিবলৈ…।

: দেউতা.. মোক ভুল নুবুজিব.. । মই অফিচিয়েল কথা কিছুমানৰ বাবে… বহুত দিনৰ পৰাই… বৰ সমস্যাত পৰি আছো..। কোনোবাই মোৰ অহিত চিন্তা কৰি মোৰ লগত ডাঙৰ ষড়যন্ত্ৰ কৰিছে..। দিশা আৰু মোৰ সম্বন্ধৰ প্ৰতি ও ভাবুকি আহি পৰিছে.. । আজি অহা ফ’ন কলটো ও তাৰেই এটা কাৰণ.. । মই জানি বুজি একো পাপ কৰা নাই দেউতা.. । মোক বিশ্বাস কৰক…।

দেউতাৰ ভৰিতে পৰি বিনাব ধৰিলে অভিয়ে..। সহ্য নহ’ল মোৰ..। ইমান ডাঙৰ ফাঁকি এটাৰে নিজকে শুদ্ধ বুলি পতিয়ন নিয়াব যত্ন কৰিছে তেওঁ.. ! এটা ফাঁকিক ঢাকিবলৈ … আকৌ ফাঁকিৰে আশ্ৰয় লৈছে … !  অভিৰ প্ৰতাৰণাই ধাৰাশায়ী কৰা মই জনীৰ …সহনশক্তি হয়তো শেষ হৈ গৈছিল.. । গুজৰি উঠিছিলো মই…

: আৰু কিমান নাটক কৰা অভি.. ? লাজ পোৱা নাই…  নিজকে সংশোধন কৰাৰ পৰিবৰ্তে.. নিজৰ ভুলৰ ক্ষমা বিচৰাৰ সলনি ..মিছা কথাৰে দেউতাৰ দৰে মানুহ এজনক ঠগিবলৈ.. ? মোক তুমি নিজ মুখে কোৱা কথাবোৰ তেতিয়াহলে কি আছিল…? সেইয়া ও কাৰোবাৰ ষড়যন্ত্ৰই আছিল নে..? যদি ষড়যন্ত্ৰই হৈছে তোমাৰ লগত… আজিৰ ফ’ন কলটোৰ কথা কি দৰে জানিলা তুমি…? তোমাৰ সেই শত্রুজনেই কৈ দিলে নে তোমাক…? ইমান অভিনয় নকৰিবা অভি… । নাপাই..। মানুহৰ সৰলতাৰ সুযোগ নল’বা এইদৰে.. ।
( প্ৰচণ্ড ক্ষোভ আৰু দুখত…  চকুপানী নিগৰি আহিল মোৰ..)
মোৰ লগত তুমি কি কৰি আছা… অনুভৱ কৰি চোৱা এবাৰ….  । কিয় বিয়া পাতিছিলা মোক..  যদি কাৰোবাৰ প্ৰেমত অন্ধই আছিলা তুমি.. ? কিয় মোৰ জীৱনটো ধ্বংস কৰি দিলা.. ? কিয় মোৰ শৰীৰটোৰ লগত খেলিলা অভি..? কিয়…?

: মই ভুল কৰিছো.. । বহুত ডাঙৰ ভুল হৈছে মোৰ দিশা.. । তোমাৰ শপত.. ভাল হম মই দিশা.. । মোৰ পাপৰ প্ৰায়শ্চিত কৰিম মই… । মোক মাত্ৰ এটা সুযোগ দি চোৱা.. ।
দেউতা দিশাক বুজাওক.. । তাইক ঘৰ এৰি যাব নিদিব.. ।
( অভিয়ে ক্ষমা খুজিছিল দুয়োকে…)

দেউতাই হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল.. । খঙৰ কোবত … কোঠাৰ পকী দেৱালত নিজৰে মূৰটো মাৰি চিঞঁৰি উঠিছিল তেওঁ…
” এইয়া কি দিন চাবলৈ জীয়াই থাকিলো মই..। মোক মাৰি নেপেলালা কিয় প্ৰভু…? দিশা… মোক ক্ষমা কৰি দিয়া মা…।”

দেউতাৰ মুৰ ফাটি এসোঁতা তেজ বৈ আহিছিল.. । পুত্ৰৰ কৰ্মত লজ্জিত.. অপমানিত দেউতাই যেন নিজকে শেষ কৰি দিয়াৰ চেষ্ঠা কৰিছিল…। মজিয়াত ঢলি পৰিছিল তেওঁ.. ।
 
                       ********************

সেই ঘটনাৰ পিছত …দেউতাক এৰি … আঁতৰি যাবলৈ .. মই নিজকে প্ৰস্তুত কৰিবলৈ অসুবিধাত পৰিছিলো …। দেউতা সুস্থ হৈ উঠালৈ অপেক্ষা কৰি সেই খন ঘৰতে থকাৰ সিদ্ধান্ত ল’লো মই.. ।

অভি ও যেন সলনি হৈছিল… । দিনটোৰ বেছি খিনি সময় ঘৰতে থাকি দেউতাৰ পৰিচৰ্যাত ব্যস্ত থাকিব ল’লে তেওঁ…। অলপ দিন অফিচৰ পৰা ও চুটি ল’লে…। মোৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাছিল যদিও… মন কৰিছিলো…সেই প্ৰেমিকাৰ পৰা ও যেন তেওঁ আঁতৰি আছিল…। সদায় ফ’নটো লৈ ব্যস্ত থকা অভিয়ে ফ’নটো নো ক’ত পেলাই থয় .. খবৰেই নাৰাখা হ’ল দেখোন..।
সৰু সৰু কথাবোৰতে সুখ বিচাৰি পোৱা মই জনীৰ… বুকুৰ ভিতৰত শিল হৈ পৰা অনুভৱবোৰে.. লাহে লাহে যেন গলিব ধৰিছিল.. ।
মই উপযাচি অভিৰ ওচৰ চাপি গ’লো .. । ভাবিছিলো… মানুহ হে আমিবোৰ.. । ভুলটো মানুহৰেই হয়.. ।আৰু ভুল কৰিলে… সেই ভুলৰ প্ৰায়শ্চিত কৰোতা জনক ক্ষমা কৰাও আমাৰেই দায়িত্ব…। অভি ও মানুহ হে.. । মানুহৰ উৰ্ধতটো নহয়…। অভিৰ ভুল হৈছে… বুজিছে তেওঁ…।

অভিক বুজাইছিলো….
“আঁতৰি আহা অভি.. । দেউতাৰ বাবে ভুল বোৰৰ পৰা আঁতৰি আহা..। নতুনকৈ জীৱনটো আৰম্ভ কৰিম আমি… ।”

অভি আঁতৰি আহিছিল তেওঁৰ প্ৰেমিকাক এৰি…। মোৰ অভি সলনি হৈছিল .. মোকে দেখুৱাই… । কিন্তু মই মূৰ্খই বুজা নাছিলো… প্ৰেমিকাৰ লগত এৰা এৰি হোৱাত ও…আচলতে দুয়োৰে মাজত আছিল আন এক গোপন বুজা বুজি… ।
                          ————-
                                                           
লাহে লাহে দেউতা সুস্থ হৈ উঠিল..  ।  পিছে দেহালৈ  সুস্থতা আহিছিল যদিও..  মানসিক ভাৱে কিন্তু বৰ দুৰ্বল হৈ পৰিছিল তেওঁ.. । মই যিমান পাৰো তেখেতক সংগ দিব ধৰিলো.. । নতুন নতুন ফুল কিছুমান আনি,.. সেইবোৰৰ যত্ন লোৱাত ব্যস্ত ৰাখিলো তেওঁক…। দেউতাৰ পচন্দৰ খোৱা বস্তুবোৰ নিজ হাতে বনাই… তেওঁৰ মন ভাল লগাবলৈ চেষ্ঠা কৰিলো…। ৰাতিপুৱা গধূলি.. চাহ গছৰ সেউজীয়াবোৰৰ মাজে মাজে… দুয়ো… অলপ মুকলি বতাহত ফুৰা আৰম্ভ কৰিলো…। মুঠৰ ওপৰত… যি কোনো প্ৰকাৰে… আগৰ হীৰেন বৰ্মন জনক ঘূৰাই পোৱাৰ …. চেষ্টা অব্যাহত থাকিল মোৰ.. ।
মই বুজিছিলো… অভিয়ে তেওঁক দিয়া দুখবোৰতকৈ.. অভিৰ পৰা মই পোৱা দুখবোৰে তেওঁক বেছিকৈ হতাশ কৰি পেলাইছিল .. । গতিকে মনৰ ভিতৰৰ ধুমুহাজাক.. মনতে ৰাখি.. তেওঁৰ বাবেই… মই…আনক দেখুৱাই সহজ হৈ থাকিব যত্ন কৰিলো .. । 

অভি ও  অলপ নৰ্মেল হৈ পৰিল..। গতানুগতিক জীৱন যাত্ৰাত.. এজন নতুন অভিজিত বৰ্মনে যেন খোজ দিয়া আৰম্ভ কৰিলে… । অফিচ টাইমৰ বাদে বাকীখিনি সময় ঘৰতে থকা হ’ল তেওঁ.. । সময়ে সময়ে আহি… তেওঁ দেউতাৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও… তেখেতৰ প্ৰয়োজনীয় বস্তুবোৰৰ ও খবৰ ৰাখিব ল’লে… ধৰা দেউতাৰ মেডিচিন… পথ্য.. দৈনন্দিন ব্যৱহার্য সামগ্ৰীবোৰ…।

কিন্তু.. মই বিনা প্ৰয়োজনত অভিৰ লগত… কথা হোৱাটো বাদেই…তেওঁৰ মুখলৈ চাব ও মন কৰা নাছিলো… ।

“মই বোলে তেওঁৰ জীৱন শেষ কৰি দিলো…। “
সেই কথাষাৰে মোৰ কলিজাটো.. তীব্ৰ বিষ এটা দি… খুচি থকা হ’ল অনবৰতে ..।
আইনা খনত নিজকে চালেও.. এনে ল’গা হ’ল.. যেন … শৰীৰটো চেপি খুন্দি.. অভিয়ে মোৰ পিছফালে ৰৈ…অট্টহাস্য কৰি… মোকেই চাই আছে…। মোৰ কানতে ফুচফুচাই কৈছে…
” দেখিছ’… কি দৰে বৰবাদ কৰি দিলো তোক.. । কেনেকৈ খেলিলো তোৰ শৰীৰটোৰ লগত.. । তই এজনী ধৰ্ষিতা..। তই মূল্যহীন… ।”

মই নিজক চাবলৈ ও বাদ দিছিলো স্মৃতা..। খুব অসহায় হৈ পৰিছিলো…। অভিক দেখিলে.. প্ৰায় প্ৰতিদিনেই সিদ্ধান্ত লৈছিলো.. গুচি যাম এইখন ঘৰৰ পৰা । নাথাকো ইয়াত.. য’ত মোৰ মূল্য নাই… য’ত মোৰ আত্মসন্মান নাই.. কিয় থাকিম তেনে এখন ঘৰত..?
কিন্ত প্ৰতিবাৰেই দেউতাৰ মুখ খন দেখি থমকি ৰৈছিলো .. । তেওঁ দেখোন প্ৰচণ্ড বৰষুণ এজাকত… ছাতিটোৰ দৰেই আশ্ৰয় দিছে মোক… সমস্যাই বেৰি ধৰিলেও.. আশ্বস্ত হ’ব পৰাকৈ সাহস দিছে মোক…। তেওঁক নো কি দৰে অভিৰ লগত এৰি থৈ যাওঁ মই.. !
“মা” জীয়াই থকা হ’লেও বিকল্প কিবা এটা থাকিল হয়..।

উফ… কিমান যে মানসিক যন্ত্রণাত দিনবোৰ কটাইছিলো… ভাবিলেও শিয়ঁৰি উঠো এতিয়া..।

নাৰী জীৱন খুবেই জটিল অ’.. । প্ৰতি খোজতে.. নিজক মাৰি… আনৰ বাবে কম্প্ৰমাইজ কৰিব লগা হয় আমিবোৰে..। বুকুখন হাজাৰটা বেদনাত … কাতৰ হৈ পৰিলেও… মুখত হাঁহি এটা পিন্ধি ল’ব লাগে অনবৰতে… । নিজৰ ভাল লগা বেয়া লগা বোৰক ক’ৰবাতে থৈ… আনৰ সুখৰ কথা চিন্তা কৰিব লাগে সদায়.. । ফলত মূল্যহীন হৈ পৰে নাৰী জীৱন.. । নিজৰ অস্তিত্বৰ… প্ৰশ্ন আহি পৰে..। বাধ্য হৈ জীয়াই থাকিব লগা হয়…।

                         ********************

শোৱা কোঠাৰ লগতে থকা ড্ৰেছিং ৰূমটোতে… মই অভিৰ পৰা দূৰে দূৰে থাকিব ল’লো.. আৰু দুটা বছৰ সেইদৰেই থাকি গ’লো..।
অভি কিন্তু এদিনলৈ মোৰ কাষলৈ… বা শোৱনি কোঠালৈ মোক লৈ যাবলৈ নাহিল.. । এদিনলৈ অকনমান মৰম সনা মাতেৰে মাতি নাপালে মোক.. । এদিনলৈ এধানমান মৰম সনা চকুৰে .. মোলৈ চাই নাপালে…। তেওঁ অলপ ও অনুতপ্ত নাছিল কৰি অহা ভুলবোৰৰ বাবে.. ।
মই কেৱল বোৱাৰীৰ দায়িত্ব পালি গ’লো.. । নিজকে বুজাই.. দেউতাৰ বাবেই সুখত থকাৰ অভিনয় কৰিলো.. ।
মই যে নাৰী.. । 

বুজি পাইছিলো… অভিৰ পৰা মই আঁতৰি থকাটোৱেই বিচাৰে তেওঁ..। দেউতাৰ লগত ভালে থাকি …মাত্ৰ নিজকে সলনি কৰাৰ অভিনয় হে কৰি আছে অভিয়ে…। চাব মন গ’ল মোৰ .. কিমান দিনলৈ নো চলি থাকে …তেওঁৰ সেই অভিনয়…! কিহৰ বাবে নো ৰচিছে পুনৰ নতুন নাটক এখন… ।

দেউতাক কৈ আগৰ স্কুল খনতে জইন কৰিলো মই…।  অলপ স্বাধীন যেন অনুভৱ হ’ল নিজৰে.. । পাহৰি থাকিব যত্ন কৰিলো মোৰ লগত অভিয়ে খেলা খেলখন… আৰু অভিক.. ।
আচলতে মই ইউজ টু হৈ পৰিছিলো স্মৃতা… । জীৱনৰ লগত খোজ মিলাই আগুৱাই যাব বিচাৰিছিলো.. । কাৰোবাৰ পত্নী হৈ.. নহয় … কাৰোবাৰ জীয়ৰী হৈ…। ভাঙি পৰিও.. মোৰ তুলি ঠিয় দিয়া এজনী নতুন দিশা হৈ…।

এবাৰ বাগানৰ বাবে… অলপ উন্নত মানৰ মেচিনৰ প্ৰয়োজন হোৱাত…দুদিন মানৰ কাৰণে দেউতা কলিকতা যাবলৈ ওলাল…। মই মাৰ ঘৰলৈকে যাবলৈ ঠিক কৰিছিলো যদিও.. স্কুলত চলি থকা… বছেৰেকীয়া পৰীক্ষাৰ ডিউটি থকাত …তাতে থাকিবলৈ বাধ্য হ’লো.. ।
দুটা দিন… যেনেতেনে কটাম বুলি মনে মনে ভাবিলো যদিও.. মনটোত এনেকুৱা ভাব আহিছিল যেন … দেউতাৰ অনুপস্থিতিত মই তাত থকা উচিত নহ’ব…।
দোধোৰ-মোধোৰ অৱস্থাত পৰিলো মই..। অভিৰ লগত একেখন ঘৰত দেউতা নোহোৱাকৈ কি দৰে থাকো এতিয়া…?

হয়… মই ভবাৰ দৰেই …সেই দুদিনত …মোৰ জীৱনলৈ ঘোৰ আমানিশা নামি আহিছিল..। মই অতি কষ্টৰে থাপি থুপি সজাই লোৱা কলিজাটোক আকৌ টুকুৰা টুকুৰকৈ ভাঙি পেলাইছিল অভিয়ে…।

দেউতা কলিকতা যোৱাৰ দিনাই… অভিয়ে তেওঁৰ প্রেয়সীক.. লৈ আহিছিল তেওঁৰ লগত…। মোৰ কাষেৰে লৈ গৈছিল… বিয়া হৈ আহি… মই হেঁপাহেৰে সজাই লোৱা আমাৰ শোৱনি কোঠালৈ.. । খঙত কঁপি উঠিছিলো মই… । বাধা দিছিলো অভিক… । গতিয়াই খেদি দিব বিছাৰিছিলো তেওঁৰ প্রেয়সীক.. । চিঞঁৰি চিঞঁৰি কান্দিছিলো… কোঠাৰ দুৱাৰ মুখত ৰৈ প্ৰতিবাদ কৰিছিলো… নোসোমোৱাবা তোমাৰ অবৈধ সম্পৰ্ক এটাক মোৰ হেঁপাহৰ ঘৰ খনত… । ইমান অন্যায় হ’ব নিদিওঁ মই…।

অভিয়ে সেই মহিলাৰ সন্মুখতে মোৰ পেটত দুটা গোৰ দি …বগৰাই পেলাই দিছিল মোক.. আৰু চোচোৰাই উলিয়াই দিছিল..মোৰেই শোৱা কোঠাটোৰ পৰা…। দুৱাৰৰ চুকত লাগি মোৰ কপাল ফাটি …তেজ বৈ আহিছিল.. । পেটৰ বিষত কেকাই উঠিছিলো মই…।
মোৰ ওপৰত হোৱা সেই অত্যাচাৰ দেখি … অভিৰ প্ৰেয়সীয়ে কুটিল হাঁহি এটা মাৰি অভিক টানি লৈ গৈছিল.. 

” লেটচ গ’ বেবী.. ড’ন্ট ৱেইষ্ট আৱাৰ প্ৰিচিয়াচ টাইম অন চাচ আননেচেচাৰি থিংচ… জাষ্ট লেট হাৰ গ’.. “

অভিক দুহাতেৰে সাৱটি ৰুমৰ ভিতৰলৈ সোমাই সাজোৰে দুৱাৰ খন বন্ধ কৰি দিছিল তাই.. ।
ঘৃণা উপজিছিল মোৰ.. । থুৱাই দিছিলো মই বন্ধ দুৱাৰত.. । অভিশাপ দিছিলো …
” ভগৱানে চাব তহঁতক.. । মোক শাস্তি দি ৰং চাইছ’.. । ভগৱানৰ বিচাৰত সাৰিব নোৱাৰিবি কিন্তু…। “

অভিয়ে বন্ধ কোঠাৰ পৰা চিঞঁৰি কৈছিল মোক…
” শাস্তি খাবলৈ ৰৈ আছ’ কিয় এইখন ঘৰত .. ? সম্পত্তিৰ লোভত… নে বুঢ়াৰ লগত লিলিমাই কৰিবলৈ…? গুচি যা এই মুহূৰ্ত্বতে ইয়াৰ পৰা..।”

স্মৃতা… সেইখিনি সময়ত মোৰ এনে লাগিছিল… মই যেন হত্যা কৰি পেলাম সিহঁত দুটাক.. । চুৰি এখন লৈ যেন হেঁপাহ নপলোৱালৈকে খুচি থাকিম দুইটাৰে বুকু দুখন..।
বিশ্বাস কৰা.. সেইদিনা মই অনুভৱ কৰিছিলো.. কেতিয়াবা কেনে পৰিস্থিতিয়ে .. কাৰোবাক হত্যা কৰাৰ ও সাহস দিয়ে মানুহক.. । মই আচলতে মানসিক ভাৰাসম্যতা হেৰুৱাই পেলাইছিলো .. ।
বুঢ়াৰ লগত লিলিমাই কৰিলো মই…?
নিজৰ জন্মদাতা দেউতা জ্ঞান কৰা অভিৰ দেউতাকৰ লগত লিলিমাই কৰিবলৈকে এইখন ঘৰত থাকি গ’লো মই.. ?
ইমান নিকৃষ্ট চৰিত্ৰৰ বুলি ভাবিলে অভিয়ে মোক.. ?

নিজৰ ওপৰত ধিক্কাৰ জন্মিছিল মোৰ.. । অভিৰ অৱজ্ঞাৰ পিছত ও তেওঁৰ পিতৃৰ কথা চিন্তা কৰি .. নিজ হাতে নিজৰ সুখৰ বলিদান দিয়াৰ বাবে .. নিজৰ ওপৰতে পুতৌ জন্মিছিল মোৰ.. ।
মই আচলতে স্বাৰ্থপৰ হ’ব লাগিছিল… । কিন্তু হ’ব নোৱাৰিলো.. । 
সেইখিনিতে আমি নাৰী সকলে ভুল কৰি পেলাওঁ.. । অন্যায় সহি বহি থাকি ভুল কৰি পেলাওঁ… । নিজৰ অস্তিত্বৰ বাবে যুজঁ দিব লগা হোৱা পৰ্য্যায়লৈ …নিজকে অৱনমিত কৰি ভুল কৰি পেলাওঁ.. ।
আৰু .. সেইদিনাই মোৰ উপলব্ধি হৈছিল…  নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু.. । অভি শুদ্ধ পথলৈ ঘূৰি আহিল হয়.. যদিহে তেওঁৰ প্ৰেয়সীয়ে তেওঁক শুদ্ধ পথটো দেখাই দিলে হেঁতেন..

দেৰি হৈ গৈছিল যদিও…নিজৰ হকে এটি উচিত সিদ্ধান্ত ল’বলৈ তেতিয়াই নিজকে প্ৰস্তুত কৰি পেলাইছিলো মই ..। 

চুচৰি বাগৰি মই যেনেতেনে দেউতাৰ ৰুমলৈ আহিলো.. । শৰীৰৰ যন্ত্ৰণাবোৰতকৈ.. ..মনৰ যন্ত্ৰণাবোৰে মাৰি পেলোৱাৰ উপক্ৰম কৰিলে মোক..। মোৰ শোৱনি কোঠাত.. মোৰেই স্বামী .. আজি তেওঁৰ প্ৰেমিকাৰ লগত ..অভিসাৰত লিপ্ত.. আৰু তাৰ সাক্ষী হৈ ৰৈছো স্বয়ং মই.. । এনেখন কপাল মোৰ.. !!

দেউতাৰ বিচনাখনতে পিঠিখন আওজাই.. মজিয়াখনত ভৰি দুটা দীঘলকৈ মেলি…বহি পৰিলো মই..। পেটৰ বিষত কোঙা হৈ পৰিছিলো.. চকুপানীবোৰক বাধা দি ৰখাৰ ব্যৰ্থ প্ৰয়াসত… ভাগৰি পৰিছিলো মই… ।
মালৈ খুব মনত পৰিছিল সেই সময়ত মোৰ.. । মাক যেন ক’ম… “অলপ বুকুৰ মাজত সোমোৱাই সাৱটি ধৰাচোন.. । মোৰ খুব অকলশৰীয়া যেন অনুভব হৈছে অ ‘ মা…।”

এক মুহূৰ্ত্বৰ বাবে এনে লাগিছিল … গুচি যাওঁ এতিয়াই.. । এতিয়াও কি চাবলৈ ৰৈ আছো নো এইখন ঘৰত …?
কিন্তু পিছ মুহূৰ্ত্বতে আকৌ ভাব হৈছিল… কিয় ভয়াতুৰৰ দৰে পলাই যাওঁ.. দেউতা আহক…  শেষ যুদ্ধ খন ও যুঁজি যাওঁ.. । অভিৰ আচল ৰূপটো দেউতাক ও দেখাই যাওঁ…।

সেইদিনা অভি আৰু তেওঁৰ প্ৰিয়তমাক… দেউতা উভটি অহালৈ অপেক্ষা নকৰি..মই যদি তেনেকৈ এৰি থৈ.. ঘৰৰ পৰা গুচি আহিলো হয়… অভিয়ে হয়তো তেঁওৰ সু অভিনয়ৰে .. মোৰ গাতেই দোষ জাপি.. নিজক সত্য প্ৰতিপন্ন কৰাত সক্ষম হ’ল হেতেন..।
আচলতে ভগৱানৰ কৃপা আছিল মোৰ ওপৰত.. । মই লোৱা সিদ্ধান্তবোৰৰ ভিতৰত … দুটা দিন.. হীৰেন বৰ্মনৰ কোঠাত.. নিজকে আৱদ্ধ কৰি ৰখাৰ সিদ্ধান্তটো ও মোৰ জীৱনৰ এটা অন্যতম উচিত সিদ্ধান্ত আছিল ।

নোখোৱা নোবোৱাকৈ ভগ্ন হিয়াখন লৈ মই দেউতা অহালৈ অপেক্ষা কৰি থাকিলো..। কপালৰ পৰা বৈ অহা তেজবোৰ.. শুকাই কৰাল বান্ধিলে..। চকুপানী মুচোতে.. চাদৰৰ আচল গধুৰ হৈ পৰিল..। তথাপিও মই ধৈয্যৰ বান্ধ ডাল চিঙিব নিদিলো.. ।

সেই গোটেই ঘটনাৰ সাক্ষী হৈ ৰ’ল বাবুৱা..।

বৰ্মনৰ সুবিশাল কেম্পাছটোত.. মেইন ঘৰৰ পৰা আঁতৰত … পাচলি বাৰী খনৰ লগতে.. কেইটামান ৰুম বনাই.. কাম কৰা মানুহখিনিৰ থকাৰ ব্যৱস্থা কৰি দিছিল দেউতাই.. । বাবুৱা.. এনেই …মাক আৰু বায়েক পঞ্চমীৰ লগত.. কাম খিনি কৰি .. আজৰি হৈ.. বাগানলৈ গুচিয়েই যায় সদায় ।  ৰাখাল হে আমাৰ ঘৰত সদায়েই থকা লগুৱা…।
সেইদিনা আক’ দেউতা নথকাৰ সুযোগ লৈ ৰাখাল …এৰাতিৰ বাবে বাগানত…চুলাই খাবলৈ গৈ বাবুৱাক মোৰ ৰখিয়া দি গৈছিল । দুয়ো বৰ বিশ্বাসী আছিল আৰু মোক যথেষ্ট ভাল পাইছিল দুইটাই.. ।

সন্ধ্যা সময়ত.. অভিৰ গাড়ীৰ শব্দত গেট খুলিব আহি.. তেওঁৰ লগত অচিনাকি সেই নাৰীক দেখি .. বাবুৱাই ..কোন নো তেওঁ… সেই সময়ত অভিৰ লগত আমাৰ ঘৰলৈ কিয় নো আহিছে .. গম ল’ব চেষ্টা কৰিছিল.. আৰু চিঞৰ বাখৰবোৰ কাণত পৰাত .. আলেঙে আলেঙে সি সকলোবোৰ লক্ষ্য কৰি আছিল..।
ঘৰৰ কাম কৰা ল’ৰা হিচাবে … বৰ্মনৰ ঘৰৰ ভিতৰুৱা কথাবোৰত ভাগ লোৱা… বা মাত মতাৰ অধিকাৰ হীৰেন বৰ্মনে.. সিহঁত কাকোয়েই দিয়া নাছিল । গতিকে দুবছৰৰ আগতেই…অভিৰ লগত শেষ হৈ যোৱা … মোৰ সম্পৰ্কটোৰ উমান.. দেউতাৰ বাদে.. ঘৰখনত দ্বিতীয়জন কোনেও জনা নাছিল .. ।   সেইদিনা কিন্তু অভিৰ অভব্য আচৰনে  … বাবুৱাক সকলো বুজাই দিছিল..।

মই দেউতাৰ ৰুমত দুৱাৰ জপাই সোমোৱাৰ… অলপ সময়ৰ পিছতেই.. বাবুৱাই দুৱাৰত টোকৰ দিছিল.. । মোৰ পৰা কোনো সঁহাৰি নাপাই.. উভটি গৈছিল যদিও..  প্ৰায় পোন্ধৰ বিশ মিনিটৰ মূৰে মূৰে…  সি দুৱাৰত কান দি ভিতৰত মই কি কৰি আছো উমান লব যত্ন কৰিছিল .. । মই বুজিছিলো.. বাবুৱাই সকলো গম পাইছে.. । মোৰ কথা ভাবি সি অস্থিৰ হৈ পৰিছে.. । কিন্তু দুৱাৰ খন খুলি কিবা এটা কৈ তাক অলপ সকাহ দিয়াৰ … মানসিক শক্তি নাছিল তেতিয়া মোৰ.. ।
সি কিন্তু ওৰেটো নিশা… মাজে মাজে .. বন্ধ কোঠাৰ ভিতৰত সোমাই থকা মই জনীৰ… নীৰৱে আহি  খবৰ লৈ যোৱা গম পাই আছিলো মই.. ।

আবেগবোৰ পাৰ ভাঙি উথলি উঠিছিল তেতিয়া.. । নিজৰ বুলি আঁকোৱালি ল’ব বিচৰাজনে গতিয়াই দিলে.. কিন্তু একো সম্পৰ্ক নথকা সেই সৰু ল’ৰাটোৱে আজি মোৰ দুখত …অলপ হ’লেও কষ্ট পাইছে.. বাৰে বাৰে আহি মোক বন্ধ কোঠাৰ ভিতৰতে চাই গৈছে… ।

ৰাতি গভীৰ হৈ অহাৰ লগে লগে.. মোৰ দুখবোৰ ও বিদ্ৰোহী হৈ পৰিছিল..। এক অদ্ভুত জেদে… কৰ পৰা জানো… আচৰিত ভাৱে শক্তিশালী কৰি তুলিছিল মোক..। হাজাৰটা প্ৰশ্নৰ উত্তৰ যেন… ততক্ষণাৎ বিচাৰি পাইছিলো মই.. ।

নাৰী হ’লো বুলিয়েই মই কি দুৰ্বল..? নাৰী হ’লো বুলিয়েই মই কি  সহি থাকিম মোৰ লগত হোৱা অন্যায়বোৰ…? কিয় সহিম.. কিয় কান্দিম মই..? ভুল জানো মই কৰিছো.. ! মিছাতে কিয় শাস্তি দিম নিজকে.. ?

মজিয়াৰ পৰা উঠি.. আন্ধাৰ ৰূমটোত লাইটবোৰ জ্বলাই পোহৰাই ল’লো মই.. । অসংযত ভাবে পিন্ধি থকা কাপোৰসাজ… পৰিপাটিকৈ পিন্ধি.. কপালৰ গোট বন্ধা তেজবোৰ মুচি .. দুৱাৰখন খুলি ওলাই আহিলো .. ।

ৰাতিপুৱাবলৈ তেতিয়াও বহু পৰ বাকী আছিল.. । বাহিৰখন আন্ধাৰ হৈয়েই আছিল.. । দেউতাৰ বিচনাৰ লগতে থকা …সৰু টেবুল খনৰ পৰা …টৰ্চ লাইটটো হাতত লৈ .. মই মোৰ শোৱা কোঠাৰ দিশে খোজ দিলো ..। আৰু গোটেই ঘৰৰ লাইটবোৰ জ্বলাই দিলো.. ।

শোৱা ৰুমৰ দুৱাৰখন বন্ধ হৈয়েই আছিল.. । অভি হয়তো তেওঁৰ প্ৰেয়সীৰ লগত সুমধুৰ ক্ষণ কিছুমান কটাই .. প্ৰশান্তিৰে শুই পৰিছিল…। মই বন্ধ কোঠাৰ দুৱাৰত… মোৰ সমস্ত শক্তিৰে ধকিয়াই…  শব্দ কৰিছিলো.. ।

অভিয়ে বিয়াৰ কেইদিনমান পিছতে মোলৈ অনা.. ৰঙা চিফনৰ নাইটিটো পিন্ধি …দুৱাৰ খুলি ওলাই আহিছিল অভিৰ প্ৰিয়তমা.. আৰু ইতিকিং সূচক হাঁহিৰে মোলৈ চাই.. মোৰেই বিছনাত শুই থকা অভিক…. ইঙ্গিতেৰে দেখুৱাই ভিতৰলৈ সোমাই যাবলৈ বাট এৰি দিছিল মোক.. ।

ঈষৎ সেউজীয়া পোহৰে.. মায়াময় কৰি ৰখা ৰুমটোৰ ….ডাবল বেডখনত.. গভীৰ টোপনিত শুই থকা অভিক দেখি ..মোৰ ঘিণ লাগি গৈছিল স্মৃতা..। ৰূমটোত অ’ত ত’ত সিঁচৰতি হৈ পৰি থকা অভিৰ প্ৰেয়সীৰ .. হেণ্ডবেগ, চেণ্ডল, কাপোৰবোৰ দেখি…  মোৰ নিজৰ বিচনাখন দেখি.. আৰু সেই নিলাজ, অসভ্য তিৰোতা গৰাকীৰ গাত মোৰ ৰঙা নাইটিতো দেখি বিতৃষ্ণাত নাক মুখ কোচ খাই গৈছিল মোৰ…..।

মুখেৰে এটা শব্দ নোকোৱাকৈ বেডৰুমৰ লগতে থকা ড্ৰেচিং ৰূমটোৰ …মই শোৱা বিচনাখনৰ পৰা .. মবাইলটো লৈ ওলাই আহিছিলো মই …আৰু আহোঁতে সাজোৰে ৰুমৰ দুৱাৰখন জপাই দিছিলো .. । 

অভিৰ প্ৰতি প্ৰচণ্ড ঘৃণা হয়তো মোৰ মুখত ও স্পষ্ট হৈ পৰিছিল..আৰু মোৰ সেই ৰূপ দেখি অভিৰ প্ৰেমিকাই লাজত নে ভয়ত নাজানো… ৰুমত য’ত ত’ত পৰি থকা নিজৰ বস্তুবোৰ লৰালৰিকৈ উঠাই লৈছিল.. ।

মই ভাবি আচৰিত হৈছিলো .. তেওঁ ও এগৰাকী নাৰী হৈ.. মোৰ মনৰ কষ্ট ….দুখবোৰ বুজিব পৰা নাছিল নে চাগে.. ।

মোবাইলটো লৈ মই পাকঘৰত সোমালো.. । প্ৰচণ্ড মূৰৰ বিষত .. বমি ভাব আহি গৈছিল .. । পেটটো ও কিবা যেন পকাই ধৰিছিল…। ভোক ও লাগিছিল আচলতে.. । ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত ….একোয়েই খোৱা হোৱা নাছিল মোৰ.. । চাহ একাপ কৰোঁ বুলি ভাবোঁতেই … মূৰটো ঘূৰোৱা যেন অনুভৱ হৈছিল…। কপালৰ দুখ পোৱা জেগাখিনি হাতেৰে চুই গম লব যত্ন কৰিছিলো কিমান নো আঘাত পালো …!  বুজিছিলো..  যিমানেই গভীৰ আঘাত নহওঁক কিয়… মনৰ আঘাতবোৰ তাতকৈ বহুগুণে প্ৰবল… ।

বাবুৱাক মাতি ফিকা চাহ একাপ কৰিব কৈ মই দেউতালৈ ফোন লগালো.. ।
নিশাৰ অন্ধকাৰৰৰ… আস্বাদন ফালি…বাহিৰত অলপ অলপ পোহৰে দেখা দিছিল…। চৰাইৰ মাতে মুখৰিত কৰিছিল চৌদিশ..। সময়তো চাইছিলো মবাইল স্ক্ৰীনতে…। .. ৪:৪৫ …। ইমান সোনকালে দেউতালৈ ফ’ন কৰো জানো …বুলি ও মনটো বান্ধি পেলাইছিলো.. । সময়ত সকলো ঠিক হোৱাৰ আশাৰে … বহুত সময়েই আবাবত খৰছ হ’ল মোৰ…। এতিয়া আৰু দেৰি কৰি থকাৰ প্ৰশ্নই নাহে..।

বাবুৱাক কাষত ৰাখিয়েই দেউতাক সকলোবোৰ বিৱৰি ক’লো মই…। লগতে মোৰ সিদ্ধান্ত ও জনাই দিলো…
মিষ্টাৰ অভিজিত বৰ্মনৰ ওপৰত মই ড’মেষ্টিক ভায়’লেন্স…. মেণ্টেল হাৰাচমেণ্ট আৰু মানহানিৰ কেচ দিয়াৰ সিদ্ধান্ত লৈছো…। মই বহুত সহিলো আৰু নোৱাৰিম…।

ফ’নৰ সিটো মূৰত দেউতাই মাথোঁ শুনি গৈছিল মই কোৱাবোৰ.. । মোৰ ভাবিবও মন যোৱা নাছিল.. দূৰত থকা মানুহজনক এইবোৰ কোৱা উচিত হব নে নহয়.. ।

দেউতাই মাত্ৰ কৈছিল ..

” মই আহি পাইছোহে মা.. । ইমান কম সময়ত ইমানবোৰ হৈ গ’ল.. । তুমি ধৈয্য ধৰা .. মই এতিয়াই গৈ আছো ।”

ক’ব মন গৈছিল দেউতাক…. চাৰিটা বছৰ ধৈয্য ধৰিয়েই কটালো.. । এতিয়াও আপুনি নহালৈকে ধৈয্য ধৰিয়েই আছো..। আপোনাৰ পুত্ৰই অবৈধ সম্পৰ্ক ৰাখি…. চৰিত্ৰহীনতাৰ পৰিচয় দিছে.. আৰু মোক আপোনাৰ লগত লিলিমাই কৰা বুলি চাৰিত্ৰহীনা সজাইছে…! মই আৰু কিমান ধৈয্য ধৰিম…!

কিন্তু নক’লো..।….

” আপুনি সকলো কাম বাদ দি গুচি আহক…”
বুলি ফ’নটো কাটি দিলো মই.. ।

বাবুৱাই মোৰ মুখলৈকে চাই আছিল.. । তাৰ চকুযুৰি সেমেকি উঠিছিল…। মই তাৰ মুখলৈ চাই সুধিছিলো…

” যদি পুলিচ আহে .. তই দেখাবোৰ পুলিচক ক’ব পৰিবি নে..? গমটো পালিয়েই সকলোবোৰ… “

সি গভীৰ প্ৰত্যয়েৰে কৈছিল…

” পাৰিম বাউদেৱ.. । মই সব কৈ দিম । দাদা ইমান ফাল্টু বুলি জনা নাছিলো.. । মই খিৰিকি দি সব চাই আছিলো… আপোনাক ইমান মাৰিছিল..। মোৰ বহুত দুখ লাগিছিল..।
আপুনি চাৰৰ ৰুমত সোমাই থাকোতে… দাদাই কিবা খোৱা বস্তু গৰমাই.. ৰুমলৈ লৈ গৈছিল…। হাতত মদৰ বটল ও আছিল..। মই সেইফালে গৈছিলো পিছত.. । বাহিৰৰ পৰা শুনিছিলো দাদা আৰু মাইকীটোৱে খুব হাঁহি হাঁহি কথা পাতি আছিল.. ।
আমাৰ বাগানৰ মানুহবোৰ এনেকুৱা খাৰাপ চৰিত্ৰৰ নহয় দেই …। আমি চুলাই খাই হাঙগামা কৰিব পাৰো… কিন্তু ইজ্জত যোৱা কাম নকৰো..। “

দুটোপাল চকুপানী নিগৰি আহিছিল মোৰ…। বাবুৱাই দিয়া চাহকাপ হাততে লৈ … মূৰৰ বিষৰ টেবলেট এটা বিচাৰি দেউতাৰ ৰুমলৈ গুচি আহিছিলো…।

অলপ শুই দিব মন গৈছিল মোৰ..।
ভাবিছিলো….নিজকে পুনৰ ঠিয় কৰাব লাগিব..। কৰিব লগা বহুত কাম বাকী আছে মোৰ..। এইবাৰ যি কৰিম .. মাথোঁ নিজৰ বাবে কৰিম…। নিজৰ কথা চিন্তা কৰিম..। জীৱন ডায়েৰীৰ পৰা… অভিজিত বৰ্মনৰ নামত লিখা পৃষ্ঠাবোৰ চিৰদিনৰ বাবে ফালি পেলাম…।

বাহিৰত তেতিয়া ৰ’দে ভুমুকি মাৰিছিল…। আন্ধাৰবোৰ একেবাৰে আঁতৰি গৈছিল…। মই দেউতাৰ শোৱা কোঠাৰ খিৰিকীখন খুলি দিছিলো…। এচেৰেঙা ৰ’দে মুখতে চুমি গৈছিল মোৰ… ।

ভাল লগা অনুভৱে চুব পৰা নাছিল যদিও… অলপ সহজ হ’ব যত্ন কৰিছিলো মই…।
দেউতাৰ বিচনাতে বাগৰ দি … দিনটোৰ কাৰ্যসূচীখন জুকিয়াই লৈছিলো…। পৰীক্ষাৰ ডিউটি শেষ কৰি.. পুলিচ থানাত গৈ… অভিৰ বিৰুদ্ধে এজাহাৰ এখন দিব লাগিব..। অভিৰ লগত সকলো সম্পৰ্ক … এইবাৰ কাগজে পত্ৰইও শেষ কৰি পেলাব লাগিব… ।

                       —————-

৯ বজাৰ পৰা মোৰ পৰীক্ষাৰ ডিউটি আছিল… । দেউতাৰ বিচনাখনত পৰি থাকোতেই …  চকু দুটা গম নোপোৱাকৈয়েই জাপ খাই গৈছিল …। আচলতে…মানসিক যাতনা বিলাকে… শাৰীৰিক ভাবে ও ভীষণ দুৰ্বল কৰি পেলাইছিল মোক.. ।
বাবুৱাই আহি জগাই দিয়াত .. খপজপকৈ উঠি.. গাটো ধুই… দিনটোৰ বাবে নিজকে প্ৰস্তুত কৰি ল’লো মই.. ।

আইনাখনত মুখ খন চাই … ক’লা পৰা চকুৰ গুৰি দুটা ঢাক খুৱাবলৈ ডাঠকৈ কাজল অলপ লগাই ল’লো… । চুলি কেইডাল মেলি .. কপালৰ আগত পৰি থকাকৈ ফণীয়াই ল’লো..। কপালৰ কেঁচা দাগটো… তথাপিও জিলিকি উঠিল..। ওঠযুৰিত পাতলকৈ লিপষ্টিক অলপ লগাই… স্বভাবজাত হাঁহিটো জোৰ কৰি পিন্ধি ল’লো..।
নিজৰ চকুত নিজকে অখজা যেন লাগিল যদিও… কিবা অলপ বিশ্বাস জন্মিল মনত… মানুহৰ চকুত এতিয়া মই আগৰ দিশাজনী যেনেই হৈ পৰিছো..।
হাঁহি উঠিল মোৰ…নিজকে লুকুৱাই ৰখাৰ কি যে প্ৰগলভতা এইয়া…. ! কিহৰ বাবে এইদৰে বাধ্য হৈ পৰো আমিবোৰ..? লাগিলে যিয়েই পৰিস্থিতি নহওক… আনৰ চকুত সুখী হোৱাৰ কিয় অভিনয় কৰো…!!

বাবুৱাই ইতিমধ্যে ৰুটি ভাজি কৰি… চাহ একাপৰ সৈতে যুগুতাই দিলেহি মোক.. । খালো মই… । অভিয়ে প্ৰতাৰণা কৰিলে বুলিয়েই… মৰি যোৱাটো নাই মই.. ।
জীয়াই আছো..
উশাহ নিশাহ লৈ আছো…
ভোক পিয়াহ ও লাগিব মোৰ..।
বাবুৱাক ও লগতে খাই ল’ব কৈ .. দেউতাৰ খবৰ ল’লো..। দেউতাৰ ফ্লাইটৰ টিকট কনফাৰ্ম হৈছে বুলি জনালে..। আবেলি ৪ বজাত তেখেত কলকাতাৰ পৰা ৰাওনা হ’ব… । মানে ঘৰ পাওঁতে নিশা হ’ব..।
ৰাতিয়েই অধৈৰ্যৰ দৰে কথাবোৰ জনাই… ইমান এটা ডাঙৰ সিদ্ধান্তৰ বিষয়ে ফ’নতে কৈ… অলপ অপৰাধবোধে ও চুলে মোক..। দুখ ও লাগিল দেউতাৰ মানসিক স্থিতি..  কি হৈ পৰিছে অনুমান কৰি.. ।
দোষী দোষী ভাব এটাৰে তেখেতক মই সুধিলোঁ…

: দেউতা ভুল কৰিছো নেকি মই..?আপুনি মোৰ লগত আছে নে বাৰু..? মোক আপুনি বেয়া পাইছে নেকি এইবোৰ চিন্তা কৰাত..? মই ভাঙি পৰিছো দেউতা.. । খুব বেছি কষ্ট হৈছে মোৰ..। মই নিৰূপায় …।
অভি আৰু তেওঁৰ প্ৰেমিকাক মই এনেদৰে এৰি দিব নোৱাৰো…। আপুনি সোনকালেই আহক উভটি..। আপোনাৰ অবিহনে মই ইয়াত বৰ অকলশৰীয়া হৈ পৰিছো..

আৰু একো কব নোৱাৰিলো.. । ডিঙিটোত দুখবোৰে সোপা মাৰি ধৰিলে.. । দেউতাই বুজিলে মই কান্দিছো.. ।

: নকান্দিবা মাজনী..। মই গৈ পামগৈয়েই..। তুমি অকলশৰীয়া নহয় … ।তোমাৰ দেউতা তোমাৰ লগত আছে..।

: আহক দেউতা.. । আপোনাৰ ছোৱালীক .. আপোনাৰ খুবেই প্ৰয়োজন হৈছে…।

ফ’নটো কাটি দিলো…।

কিমান যে সাহস পাইছিলো কথাষাৰ শুনি.. । এজন জন্মদাতা পিতৃয়ে আজি পুত্ৰৰ বিৰূদ্ধে থিয় দিছে…। বোৱাৰীক চাপৰ্ট কৰিছে….। মই সঁচায়ে সৌভাগ্যৱতী..। স্বামীৰ প্রিয় নহ’লো যদিও… তেওঁৰ লগত বিবাহৰ সূত্ৰে দেউতাৰ দৰে এজন ব্যক্তিক জীৱনৰ পথ প্ৰদৰ্শক হিচাবে পালো …। দুখৰ মাজতো সুখ অলপে… অশান্ত মনটোক কিঞ্চিত ভাল লগাই দিলে মোৰ..।

যি কোনো ঘটনাৰেই…উচিত অনুচিত বিচাৰ কৰিব পৰাকৈ দেউতা আচলতে এজন সৎ ব্যক্তি আছিল.. । পুত্ৰৰ ভুল বোৰক ভুল আৰু বোৱাৰী হ’লেও.. মোৰ যুক্তিবোৰক… শুদ্ধ বুলি গ্ৰহণ কৰিব পৰাকৈ তেওঁৰ অন্তৰখন বিশাল আছিল.. । সেইবাবেই তেওঁ মোৰ চিৰনমস্য..মোৰ বিশ্বাস… মোৰ আশা ভৰসা সকলো… ।
মোৰ জীৱনৰ ইমান এটা ক্ৰুচিয়েল সময়ত.. তেওঁ প্ৰতি মুহূৰ্ত্বতে মোৰ সাহস হৈ ঠিয় দিছিল.. । কিন্তু তেওঁৰ প্ৰয়োজনত মই তেওঁক সংগ দিব নোৱাৰিলো..। খুব দুখ লাগে মোৰ স্মৃতা..। মই ইচ্ছা কৰিও একো কৰিব নোৱাৰিলো..  ।

: তুমি বাধ্য আছিল দিশা বা.. । তথাপিও তুমি আঁতৰৰ পৰাই তেওঁৰ খবৰ ৰাখিছিলা..। আমাৰ এন.জি. অ’ৰ সহায় লৈ তেওঁৰ চিকিৎসা.. বা চোৱা চিতাৰ সকলো ব্যৱস্থা কৰি দিছিলা..। প্ৰায় প্ৰতিদিনেই আমাৰ লগত যোগাযোগ ৰাখি… তেখেতৰ স্বাস্থ্যৰ বুজ লৈছিলা …। 
মইতো প্ৰথম অৱস্থাত .. তেখেত তোমাৰ কোনোবা আপোনজন বুলিয়েই অনুমান কৰি লৈছিলো.. । কিন্তু তুমি যেতিয়া কৈছিলা.. অকলশৰীয়া মানুহজনক জীৱনৰ শেষ সময়খিনিত… অলপ উপকাৰ কৰাৰ মানসেৰে হে তুমি তেওঁৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিছা.. তেতিয়া তোমালৈ মোৰ শ্ৰদ্ধা উপজিছিল..। তোমাৰ বহল অন্তৰখনৰ বাবেই মই তোমাক ভালপাই পেলাইছিলো … ।
তেতিয়া অৱশ্যে মই তোমাক দেখা নাছিলো.. । ফ’নৰ জৰিয়তে কথা হৈছিল আমাৰ..। কিন্তু পিছত ককা আইতা সকলৰ থকাৰ বাবে …কিবা সহায় কৰিব পাৰো নেকি… জানিব বিচাৰি তুমি যে মোক লগ কৰিছিলা… সেইদিনা তোমাক দেখিয়েই কিবা আপোন আপোন লাগি গৈছিল.. । তোমাক দেখি ভাবিছিলো… দেখাতেই ইমান মৰমিয়াল যেন লগা মানুহ এগৰাকীয়ে.. পৰৰ হকে কিবা এটা কৰাৰ হেঁপাহ ৰখাটো একো ডাঙৰ কথা নহয়…।
আৰু আজি ..মই সবিশেষ জানিলো… । মোৰ মনত অহা ধাৰণা ভুল নাছিল আচলতে…।
হীৰেন বৰ্মনৰ লগত থকা তোমাৰ সম্বন্ধ … কেৱল.. শহুৰ আৰু বোৱাৰীৰ নহয়.. তাতকৈও গাঢ়…তাতকৈও গভীৰ… আপোনত্বৰ সম্পৰ্ক… । বিশ্বাস আৰু আন্তৰিক ভালপোৱাৰ সম্পৰ্ক… । এনেকুৱা এজন শহুৰ তুমি ভাগ্যৰ বলত হে পাইছিলা .. । অভিজিত বৰ্মনৰ লগত ও যদি তোমাৰ সু সম্পর্ক থাকিল হয়… তুমি যে কিমান সুখী বোৱাৰী এগৰাকী হ’লা হেতেন…!!
মোৰ অভিজিতৰ ওপৰত আচৰিত খং এটা জন্মিছে দিশা বা..। তোমাক সি বিয়া পাতিছিল কিয়..?
কিয় নিজ হাতে ধ্বংস কৰি দিলে … নিজৰেই সংসাৰ খন… আৰু তোমাৰ জীৱনটো..?
এবাৰলৈ ও তাৰ মনে কান্দি উঠা নাছিল নে … নিৰ্দোষী পত্নী এগৰাকীক ইমান যাতনা দিওঁতে…। এনে কঠুৱা হৃদয়ৰ লোক ও থাকে নে..?

উত্তেজিত হৈ উঠিল স্মৃতা.. । দুখ আৰু খঙতে …উঠি গৈ… সন্মুখত থকা …অভিজিত আৰু দিশাৰ ফটোকপি চকুৰ আগৰ পৰা আঁতৰাই থৈ আহিল..।

: মই এতিয়া শিল হৈ পৰিছো স্মৃতা..। আজিকালি সহজে বিচলিত নহওঁ..। জীৱনে কম বয়সতে বহুত শিকাই দিলে.. । আজিকালি যিমানেই বিপদে ঘেৰি নধৰক… যিমানেই সমস্যাত নপৰো.. ভগৱানৰ ওপৰতে সকলো এৰি দি … নিশ্চিন্ত হৈ পৰো.. ।
নেদেখা জনক কওঁ..  যি কৰিছা … তুমিয়েই কৰিছা প্ৰভু..। কি ভাবি কৰিছা.. তাৰ পৰিনাম কি দেখুওৱা ..  তোমাৰ ওপৰতে এৰি দিছো … । বহুত খেল খেলিলা মোৰ লগত.. । আৰু টেনশ্যন লোৱাৰ শক্তি নাই মোৰ… ।
মই তেওঁক চিন্তাবোৰ দি… নিজেই চিন্তামুক্ত হৈ পৰো..।

: ডেটচ ডা স্পিৰিট… ।
তুমি ইমানবোৰ বোজা বুকুত লৈ ও বিন্দাচ থাকা.. । তোমাক দেখিলে অলপ ও অনুমান কৰিব পৰা নাযায়… তোমাৰ যে জীৱনত ইমান জটিল সময় কিছুমান আহিছিল.. । সকলোৰে বাবে সম্ভৱ নহয়.. এইবোৰ সহা…। গড ব্লেচ ইউ ডিয়েৰ..
তাৰ পিছত কি হ’ল দিশা বা..? তুমি সেইদিনাই কেচ দিলা নে..?

: মই ঘৰৰ পৰা ওলাই যাওঁতে অভি শোৱাৰ পৰা উঠাই নাছিল.. । বাবুৱাক তেওঁলোকে কি কৰে অলপ মন কৰিব কৈ .. মই স্কুললৈ গ’লো.. ।
পৰীক্ষাৰ ডিউটি নামত হে দিছিলো.. । মোৰ মনতো.. তেতিয়া.. এজাক.. অশান্ত জোৱাৰ ভাতাই খেলিমেলি লগাই আছিল.. । বাৰে বাৰে ঘড়ীটোলৈ চাই মই ডিউটি শেষ হোৱালৈ অপেক্ষা কৰি আছিলো..।
বাৰ বজাত পৰীক্ষা শেষ হৈছিল.. । পৰীক্ষাৰ বহীবোৰ জমা লৈ ..যাৱতীয় কামখিনি কৰি… মই পুলিচ থানা পালোগৈ.. ।

খানৰ অ’.চি… বিপ্লৱ দুৱৰাৰ দেউতাৰ লগত এটা সু সম্পৰ্ক আছিল.. । সেই সূত্ৰে তেখেতক মইও দুবাৰমান লগ পাইছিলো.. ।
মোক থানাত দেখি আচৰিত হৈছিল তেওঁ … আৰু কি কামত আহিছো সুধিছিল ..। মই তেখেতপৰা প্ৰথম জানি লৈছিলো… এক্সট্ৰা মেৰিটেল এফেইয়াৰ আৰু তেনে অবৈধ সম্পৰ্ক এটাৰ বাবে .. কাৰোবাক মেণ্টেলি আৰু ফিজিকেলি ট’ৰচাৰ কৰিলে .. যদি তেওঁৰ এগেইনষ্টত কেচ দিয়া যায়.. কেনেকুৱা শাস্তি হ’ব পাৰে..।

বিপ্লৱ দুৱৰাই অলপ সময় মোলৈ চাই ৰৈছিল.. । হয়তো জানিব বিচাৰিছিল .. মোৰ উদ্দেশ্যৰ বিষয়ে..। মোক একো প্ৰশ্ন নকৰাকৈ তেওঁ বুজাই দিছিল মোক.. যদি উইঠ প্ৰুফ কেচ দিয়া হয়.. মিনিমাম থ্ৰী ইয়েৰচ জেইল হোৱাৰ চান্স থাকে..।

মই লগে লগে কৈ পেলাইছিলো.. 

: মই চাৰ এটা কেচ দিবলৈকে আজি আপোনাৰ থানালৈ আহিছো.. ।

: সবিশেষ কোৱাচোন মোক .. ।

বিপ্লৱ দুৱৰাই আগ্ৰহেৰে সুধিছিল মোক.. । মই অলপ ও বিচলিত নহৈ.. নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি তেওঁক কৈ দিছিলো যে… মই মোৰ স্বামী অভিজিতৰ ওপৰত সেই একে কাৰণতে এটা কেচ দিব বিচাৰো..।
ড’মেষ্টিক ভায়’লেন্স… মেণ্টেল হাৰাচমেণ্ট আৰু ডিফেমেচ’ন … এই তিনিটাক সাঙুৰি …. তেওঁৰ ওপৰত এটা গোচৰ দাখিল কৰিবলৈকে আজি মই পুলিচ থানালৈ আহিব লগা হৈছে…।

আচৰিত হৈ পৰিছিল তেওঁ..  ।
কি কৈছো মই এইয়া..। তেওঁৰ হয়তো বিশ্বাসেই হোৱা নাছিল.. ।

: কি কৈছা এইয়া দিশা.. ? অভিজিতে এইবোৰ কৰিছে তোমাৰ লগত.. । ইটচ জাষ্ট ইমপচিবল.. ।
বৰ্মনে জানে নে কথাবোৰ.. ?

: দেউতাই জানে.. । তেওঁ বৰ্তমান ইয়াত নাই.. । মই ইতিমধ্যে তেওঁক সকলো জনাইছো.. ।

তেওঁ লগে লগে দেউতালৈ ফ’ন লগাইছিল..

দেউতা তেতিয়া এয়াৰপ’ৰ্ট লৈ আহি আছিল …। বাটতে তেওঁ..বিপ্লৱ দুৱৰাৰ ফ’ন ৰিচিভ কৰিছিল.. । দুয়ো কথা হৈছিল.. । 
দুৱৰাই মোৰ পৰা অলপ আঁৰ লৈ … ইঙ্গিতেৰে কথাখিনি জনাইছিল দেউতাক.. । তেওঁ হয়তো ভাবিছিল.. হীৰেন বৰ্মনৰ দৰে প্ৰভাৱশালী ব্যক্তি এজনৰ.. একমাত্ৰ  পুতেকৰ ওপৰত…তেওঁৰ লগত আলোচনা নকৰাকৈ …কেচ এটা লিখাটো… সমীচিন হ’ব জানো…?
বহু সময় ধৰি চলিছিল তেওঁলোকৰ টেলিফ’নিক বাৰ্তালাপ..।

মই অপেক্ষা কৰি বহি আছিলো..।
বিশ্বাস.. অবিশ্বাসৰ দোমোজাত.. মনৰ স্থিৰতা হেৰাইছিল মোৰ… ।
দেউতাই বাৰু বিপ্লৱ দুৱৰাৰ কথাত পৰি.. নিজৰ মত.. সলনি কৰিব নেকি… ?
এজন সন্মানীয় ব্যক্তি হিচাবে .. দেউতাক.. আনৰ চকুত.. হেয়’ প্ৰতিপন্ন কৰাৰ পৰা.. বিৰত থাকি বিপ্লৱ দুৱৰাই মোৰ কেচটো এনট্ৰি নকৰিব নেকি…?

মনতে ভাবি ও লৈছিলো.. যিয়েই নহওঁক এই যুঁজ খন মই অকলে হ’লেও যুঁজিম.. ।
হাজাৰ হওক.. হীৰেন বৰ্মন.. অভিৰ পিতৃ.. । গতিকে মই লোৱা সিদ্ধান্ত এটা.. তেওঁ দ্বিতীয় বাৰ ভাবি চাব পাৰে.. ।  চাব গ’লে তাত অযুক্তিকৰ একো নাই..।  কিন্তু মানৱীয়তাৰ চকুৰে চালে …দেউতাই যে মোৰ হৈয়েই ঠিয় দিব.. মই সম্পূৰ্ণৰূপে বিশ্বাসী আছিলো …।

অপেক্ষাৰ কেইবাটাও দীঘলীয়া মুহূৰ্ত্বৰ পিছত.. দুৱৰাই নিজৰ ফ’নটো মোলৈ আগবঢ়াই দিছিল.. । সিমূৰত দেউতা…। তেখেতে কিবা এষাৰ কোৱাৰ আগতেই… মই নিজৰ স্থিতিত অটল থাকি কৈ উঠিছিলো…

: আপুনি যদি ক’ব বিচাৰিছে .. মই এইবোৰ জঞ্জালত সোমাব নালাগে…  অভিৰ ওপৰত একো কেচ দিব নালাগে…  আপুনি কিন্তু ভুল ভাবিছে দেউতা…।  এইক্ষেত্ৰত আপোনাৰ বিৰুদ্ধে… যাবলৈ  ও  চিন্তা নকৰো মই এইবাৰ… ।

: মই তোমাক তেনে একো উপদেশ নিদিওঁ মা… । তোমাৰ লগত ইমান দিনে হৈ অহা অন্যায়ৰ বিচাৰ হ’বই লাগিব.. । কিন্ত মই গৈ নোপোৱালৈকে দুৱৰাই কেচটো এনট্ৰি কৰিব বিচৰা নাই…।
মই তেখেতক সকলো জনাইছো… । চাৰিটা বছৰে.. তুমি সহি অহা যাতনা বোৰৰ কথাও বুজাই কৈছো… । অভিজিতে শাস্তি পাবই…।
মই গৈ লওঁ…। দুয়ো মিলি অভিজিতৰ শাস্তিৰ ব্যৱস্থা কৰিম..। আজি দিনটো যাব দিয়া.. । মই কথা দিছো.. মোৰ পুত্ৰৰ দুকর্মৰ বিচাৰ কৰিবলৈ.. মই নিজেই কেচ দিম । মোৰ ওপৰত বিশ্বাস ৰাখা মাজনী.. ।

দেউতাৰ কথাখিনি শুনি মই হুকহুকাই কান্দি পেলাইছিলো..। বুকুখন বিষাই গৈছিল মোৰ …সেইজন পিতৃৰ কথা ভাবি…যি জনে …জীৱনৰ বিয়লি বেলাত …নিজ হাতেৰে.. একমাত্ৰ পুত্ৰক তেওঁ কৰা অপকৰ্মৰ বাবে… শাস্তি বিহিবলৈ সাজু হৈছে.. ।
এনে লাগিল.. ক’ৰবাত… কেনেবাকৈ…ময়ো দোষী নেকি বাৰু..?

লগে লগে ভাবিছিলো…নাই… নহয় মই দোষী..  । মই কেতিয়াও অভি বা সেই ঘৰ খনৰ বেয়া হোৱাতো বিচৰা নাই..। কিনোদিন অভিয়ে মোক কৰাৰ দৰে.. মই অভিক প্ৰতাৰণা কৰা নাই.. । জানি বুজি একো ভুল কৰা নাই…। কিয় মই নিজকে দোষী বুলি ভাবিছো..? আজি অভিৰ জীৱনলৈ যি দু:সময় আহি  পৰিছে… তাৰ বাবে দোষী কেৱল তেওঁ.. তেওঁৰ ইচ্ছাকৃত কিছুমান ভুল…।

বিপ্লৱ দুৱৰাই মোক সান্তনা দি বুজাইছিল…যদি দেউতাইও মোৰ লগতে মিলি …একেলগে অভিৰ বিৰুদ্ধে গোচৰ দাখিল কৰে.. কেচটো বেছি ষ্ট্ৰং হ’ব… । গতিকে তেখেতে মোক আৰু এটা দিন অপেক্ষা কৰিবলৈ পৰামৰ্শ দিছিল..।

দেউতাৰ ওপৰত বিশ্বাস ৰাখি গুচি আহিছিলো মই থানাৰ পৰা..। ঘৰ অভিমুখে আগুৱাই আহোঁতে.. বাৰে বাৰে উজুটি খাইছিলো মই ৰাস্তাৰ খলাবমা বোৰত..। সদায় অহা যোৱা কৰা চিনাকি বাটতো ও যেন বৰ অচিনাকি হৈ পৰিছিল..।  বুজিয়েই পোৱা নাছিলো একো … ক’ত নো মোৰ গন্তব্যস্থান…!! ক’লৈ নো গৈ আছো মই…!!
কিন্তু মন আৰু মগজুৰ শীতল যুদ্ধ খনত.. মগজুৰ জয় হৈছিল.. । আনিচ্ছা স্বত্তেও মই বৰ্মনৰ প্ৰকাণ্ড ঘৰটোলৈ বাট লৈছিলো..।

আৰু মাত্ৰ এটা ৰাতি…  ।
অভিৰ ঘৰত মোৰ শেষ ৰাতি.. ।
মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায় এটাৰ যৱনিকা পৰিব সেই ৰাতিটোৰ পিছতেই…।
মোৰ বুকুখন আকৌ বিষাইছিল…। উশাহটো ল’বলৈও বৰ কষ্ট হৈছিল… । বেগৰ পৰা পানী বটলটো উলিয়াই… ঘটঘটকৈ পি দিছিলো…মই বটলৰ পানীবোৰ…।  ডিঙিটো হেঁচি ৰখা দুখবোৰ গিলি থব যত্ন কৰিছিলো…।

গেটৰ বাহিৰৰ পৰাই দেখিছিলো অভিৰ গাড়ীখন চোতালতে আছে..। মানে তেওঁ ঘৰতে আছে..। কিবা এটা অস্বস্তি লাগিছিল মোৰ.. ।
ভাবিছিলো…থাকক.. তেওঁৰ বিষয়ে.. মোৰ ভাবিব লগা নাই..। মই জীৱনৰ পৰা.. একেবাৰে আঁতৰাই দিব বিচাৰা মানুহজন.. ক’ত আছে কি কৰিছে মোৰ চিন্তাৰ বিষয় নহয়…। আচলতে নিজকে বুজোৱাৰ প্ৰয়াস সেইয়া মোৰ.. ।

মনটো ডাঠ কৰি … ভিতৰলৈ সোমাই গ’লো..।
বাবুৱাই মই অহা উমান পাই লৱৰি আহিল.. আৰু বাটতে খবৰ দিলে…. অভি, তেওঁৰ প্ৰেমিকাৰ লগত অফিচ টাইমতে ওলাই গৈছিল.. । উভটি আহোঁত কিন্তু অকলে আহিছে…। মই ..  মুৰটো দুপিয়াই তাৰ কথাৰ সঁহাৰি জনাই .. দেউতাৰ ৰুমলৈ সোমাই গ’লো… আৰু হাতৰ বেগটো টেবুলখনৰ ওপৰতে দলিয়াই থৈ.. বিচনাখনত দীঘল দি পৰিলো.. ।
বাবুৱাই কিবা এটা খাই লোৱাৰ কথা কৈছিল…। মই একো নাখাওঁ বুলি .. ৰুমৰ দুৱাৰখন বন্ধ কৰি দিলো.. । এতিয়া মাথোঁ অপেক্ষা কৰিম মই.. দেউতা অহালৈ..। অলপ সময় নিজকে পুনৰ বন্দী কৰিম… মোৰ দুখৰ সাক্ষী হৈ ৰোৱা দেউতাৰ সেই কোঠাটোত..।

অভিক প্ৰথম লগ পোৱাৰ পৰা … এই মুহূৰ্ত্ব লৈকে সকলোবোৰ কথা  মই ভালদৰে ভাবি চালো । … কেনেবাকৈ ..অভিৰ মনৰ এটা চুকত নিজৰ বাবে… অলপ মান জেগা …উলিয়াই ল’ব  পাৰিছিলো নেকি মই..? কেতিয়াবা হৃদয়েৰে ও বিচাৰি চাইছিল নেকি বাৰু তেওঁ মোক..। নিবিড় মুহূৰ্ত্ববোৰত মোৰ প্ৰতি এধানমান হ’লেও প্ৰেম জাগিছিল নেকি তেওঁৰ মনত..?

নাই… তেনেকুৱা একো মনলৈ নাহিল মোৰ.. । যি বোৰ ..সত্য আৰু বিশ্বাস …বুলি মনত সাঁচি ৰাখিছিলো… ভ্ৰমত বলিয়া হৈ যদিও অভিৰ লগত একান্ত সময় কিছুমান কটাই আহিছিলো… সেইবোৰ সকলো মিছা আছিল বুলিতো অভিয়ে নিজেই প্ৰকাশ কৰিছে …।
মই নো ইমানেই বুৰ্বক আছিলো নে..  চকুৰ আগতে অভিয়ে মোক ঠগি থাকিল… মই দুটা বছৰে একোৰে ভূ  নাপালো…!!

চিলমিলকৈ টোপনি আহিছিল মোৰ । মাজনিশা দুৱাৰত টোকৰ পৰাত … চকু দুটা জোৰকৈ মেলি.. ঢলং পলং কৈ দুৱাৰ খন খুলি দিলো মই..।
সন্মুখত দেউতা… । ইমান সময়ে যত্ন কৰি বাধা দি ৰখা চকুপানীবোৰক… ধৰি ৰাখিব নোৱাৰিলো মই…। দেউতাক সাৱটি ধৰি চিঞঁৰি চিঞঁৰি কান্দিব ধৰিলো.. । বৈ যাব দিলো দুখৰ নৈখন …। তেওঁ মোৰ মূৰৰ ওপৰত হাত খন থৈ সজল চকুযুৰিৰে মাত্ৰ কৈ উঠিল…
” চিন্তা নকৰিবা… মই আছো নহয়…।”

বুকুখন অলপ পাতল যেন লাগিছিল মোৰ..। মোৰ বাবেই অভিৰ দেউতাকে আজি …নিজৰ সকলো কাম বাদ দি… ঘৰলৈ উভটি আহিছে..।
ইমান মৰম… ইমান আন্তৰিকতা …!
কোনোবা জনমৰ পুণ্যৰ ফলত হে যেন তেওঁক মই লগ পাইছো..।

দেউতাৰ লগত কথাবোৰ খুলি আলোচনা কৰিলো…। বাবুৱা ও দেউতা অহা গম পাই … তেখেতৰ ৰূমলৈকে আহিল.. । সিও সকলোবোৰ বিৱৰি ক’লে.. ।
আচলতে অভিয়ে কাৰোবাৰ লগত অবৈধ সম্পৰ্ক এটা ৰাখিছে.. সেইটো ভুলৰ বাবেই পুলিচৰ সহায় লৈ অভিক শাস্তি দিয়াৰ বিশেষ যুক্তি নাছিল.. । ময়ো অভিক ক্ষমা কৰি দিলো হয়… যদিহে তেওঁ সেই সম্পৰ্কটোৰ পৰা নিজকে আঁতৰাই আনিলে হেঁতেন..।
কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখি.. কেতিয়াবা বাধ্যত পৰি তেওঁৰ লগত সংসাৰ কৰিব নোৱাৰিলেও … বেলেগ কাৰোবাক জীৱনসঙ্গীৰ মৰ্যদা দি…সুখী হোৱা দম্পতী ও বহুত আছে..।

প্রেমতো হিচাপ নিকাচৰ খেল নহয়.. প্ৰেম কৰো বুলি ও টো কৰিব পৰা নাযায়.. । মানি লৈছো… অভিৰ সেই নাৰীগৰাকীৰ লগত এসময়ত প্ৰেম হৈছিল…। যদিহে তেওঁ আতঁৰিবই পৰা নাছিল সেই প্ৰেমিকাৰ পৰা… মোক কিয় বিয়া পাতিছিল..?
কিয় যত্ন নকৰিলে এবাৰলৈও… বিয়া পাতিলে যেতিয়া … মনেৰে মোক পত্নী হিচাবে মানি ল’বলৈ..।
কিয় মোৰ লগত.. মিছা অভিনয়ৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে…?
প্ৰতিবাৰেই ইচ্ছা কৰি কিয় আঘাত দি গ’ল মোক…?

বিবাহ পূৰ্বৰ প্ৰেমৰ সম্বন্ধ এটা…নতুনকৈ পাতি লোৱা ঘৰ এখন … ভাঙি যোৱাৰ কাৰণ হ’ব নোৱাৰে..।
অতীতৰ সম্পৰ্ক এটাক.. নতুন জীৱনটোলৈ বাৰে বাৰে টানি আনি…  নিজ পত্নীৰ সন্মুখতে.. প্ৰেমিকাৰ লগত ব্যভিচাৰত লিপ্ত হৈ… পত্নীক শাৰীৰিক প্ৰহাৰ কৰা কথাটো … দেউতাই সহ্য কৰিব নোৱাৰিলে.. । তেওঁৰ লগত সন্দেহ কৰি .. মোক চৰিত্ৰহীনা সজালে… সেই কথাটো তেখেতে সহিবলৈ টান পালে..। পিতৃ আৰু জীয়ৰীৰ দৰে…পবিত্ৰ সম্বন্ধ এটাক… বাদনামী কৰা… অভিৰ মানসিকতাই হে অত্যন্ত দুখী কৰিলে তেওঁক..।

ৰাতিপুৱাই দেউতাই মোক থানালৈ লৈ গ’ল..। দেউতাই অভিক কথাবোৰ সোধাৰ বা জনোৱাৰ প্ৰয়োজনীয়তা আছে বুলি ও নাভাবিলে…।
সকলো শেষ হৈ যাব ক্ষন্তেক পিছতে… । কিন্তু মোৰ অলপ ও দুখ লগা নাছিল.. । দেউতাৰ পৰা আঁতৰি আহিম… মাথোঁ সেই কথাই হে বিচলিত কৰিছিল.. ।

বিপ্লৱ দুৱৰা থানালৈ অহাই নাছিল তেতিয়াও..। আচলতে আমি যোৱা বহুত সোনকাল হৈছিল.. ।  দেউতাই ফ’ন কৰি মাতি আনিলে তেওঁক.. । কথাবোৰ আগতীয়াকৈ আলোচনা কৰিয়েই থৈছিল দুয়ো..। পলম নকৰি অভিজিত বৰ্মনৰ এগেইনষ্ট’ত কেচ ফাইল কৰিলে থানাৰ অ’চি… বিপ্লৱ দুৱৰাই.. ।

দেউতাই কঁপা থকা হাতেৰে… নিজ পুত্ৰৰ দুকৰ্মৰ বিৱৰণ লিখি ৰখা কাগজ খিলাত হস্তান্তৰ কৰিলে.. ।
হীৰেন বৰ্মন… নামটোৰ তলতে ময়ো লিখি দিলো…
দিশা…. ।
বিয়াৰ পিছত… নিজৰ নামৰ অন্তত লিখিবলৈ অভ্যাস কৰা বৰ্মন উপাধিটো সেইদিনা মোৰ লিখিব মন নগ’ল… ।
ভাবুক হৈ পৰিল দেউতা.. ।
মৌনতাৰ ভাষাৰে..  বিপ্লৱ দুৱৰাই দেউতাৰ পিঠিতে হাত ফুৰাই.. তেওঁক হয়তো সান্তনা দিব যত্ন কৰিছিল..।
কাতৰ চকুযুৰিৰে … হাতযোৰ কৰি মই দেউতাক ক্ষমা ভিক্ষা কৰিলো..।
দেউতাই মোৰ হাতদুখন খামুচি ধৰি … তললৈ চাই ৰ’ল…।

তেঁও আজি লজ্জিত… অপমানিত.. ।
আৰু মই… পাই হেৰুৱাৰ বেদনাৰে জৰ্জৰিত.. ।
শব্দহীন সময়বোৰে… বহু কথাই বুজাই দিছিল আমাক.. ।
আমি ওলাই আহিছিলো থানাৰ পৰা… ।

থানাৰ পৰা ওলাই আহি.. অলপ পৰ ভাবি… ঠাইতে ৰৈ থাকিলো মই… ।
ক’লৈ যাম এতিয়া.. কি কৰিম.. ?
দুনাই বৰ্মনৰ ঘৰলৈ যোৱাৰ ইচ্ছা অলপ ও নাছিল মোৰ..।  মোৰ মনৰ কথাখিনি দেউতাই হয়তো উপলব্ধি কৰিছিল.. । তেওঁ মোৰ হাতখনত ধৰি… নিজকে বুজোৱাৰ ধৰণে ক’ব ধৰিলে..

: কিয় সিদ্ধান্ত ল’বলৈ অসুবিধাত পৰিছা মা.. । তোমাৰ এতিয়াও বহু কাম বাকী আছে…। কামবোৰ আধাতে থৈ … অভিক তুমি নিজৰ জীৱনৰ পৰা চিৰদিনলৈ আঁতৰাই পঠাব নোৱাৰিবা…। মই তোমাক কেতিয়াও অভিজিতৰ জীৱনৰ লগত সাঙোৰ খাই থাকিব নিদিওঁ..। তুমি নিশ্চিন্ত থাকা..।
কিন্তু এতিয়া ঘৰলৈ ব’লা..।
বৰ্তমান হীৰেন বৰ্মনৰ ঘৰখন..  তোমাৰ ঘৰেই হৈ আছে.. । সেইখন ঘৰত তোমাৰ এতিয়াও সম্পূৰ্ণ অধিকাৰ আছে.. । তাতে ..তোমাৰ বাবে মোৰো কিছুমান দৰকাৰী কাম কৰিবল’গা হৈ আছে… । সকলোবোৰ হৈ উঠিব দিয়া.. ।
আহা.. আমি ঘৰলৈ যাওঁ..  ।

: মই ঠিক বুজা নাই..  আপুনি কি ক’ব বিচাৰিছে দেউতা.. ।

: আচলতে অভি আৰু তোমাৰ ডিভোৰ্চ কেচ এটা ফাইল কৰিবলৈ… মই এজন উকিলক ঘৰলৈ মাতিছো.. । তোমাক মই মোৰ অসভ্য.. বৰ্বৰ..  একমাত্ৰ পুত্ৰৰ জীৱনৰ পৰা.. একেবাৰেই মুক্ত কৰিব বিচাৰিছো.. । তুমি স্বাধীন ভাবে নিজৰ জীৱনটো … নতুনকৈ আৰম্ভ কৰা.. । সকলো ব্যৱস্থা মই কৰি দিম.. । তোমাৰ লগত মোৰ আশীৰ্বাদ সদায়েই আছে.. ।
তুমি নিঃস্বাৰ্থ ভাবে.. বোৱাৰীৰ দায়িত্ব পালি থাকিলা.. ঘৰখনত তোমাৰ জীৱনৰ অমূল্য চাৰিটা বছৰ অবাবত খৰছ কৰিলা… । সেই ধাৰ শুধা সম্ভৱ নহয় কোনোপধ্যে… । কিন্তু তাৰ বিনিময়ত … যৎ কিঞ্চিত কৰাৰ অধিকাৰ মোৰ ও আছে..। মোক সিমানখিনি কৰিব দিয়া.. ।

: মোৰ বাবে আপুনি যি কৰিছে .. সেইয়া মই শব্দৰে বৰ্ণনা কৰি প্ৰকাশ কৰিব নোৱাৰো দেউতা..। মই আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’ম.. । মোৰ বাবে আৰু আপুনি একো কৰিব নালাগে.. ।
বল’ক … ঘৰলৈ যাওঁ.. । উকীল জনক লগ কৰো .. । ডিভোৰ্চৰ প্ৰচিডিয়’ৰবোৰ সম্পূৰ্ণ কৰোগৈ..।

ঘৰলৈ আহি দেখো.. অফিচলৈ যাবলৈ …অভিয়ে গাড়ী উলিয়াইছে.. । দেউতাক তেওঁ মনেই কৰা নাছিল..। হঠাৎ সন্মুখত দেউতাক দেখি .. উচপ খাই উঠিল তেওঁ….।

: দেউতা.. আপুনি কেতিয়া আহিলে.. । আপুনিতো দুদিনমানৰ বাবে থকাৰ কথা আছিল… ! কিমান সময়ত পালেহি..?

তেওঁ কৰা প্ৰশ্নবোৰৰ কোনো উত্তৰ নিদি.. দেউতা ভিতৰ সোমাই আহিল…আৰু দেউতাৰ পিছে পিছে মই.. । অভি শিল পৰা কপৌৰ দৰে ঠাইতে ৰৈ.. দেউতা যোৱাৰ ফালে চাই থাকিল.. । তেওঁ বুজিছিল..  দেউতাই জানিছে সকলোবোৰ.. ।
অভিয়ে ভাবিছিল.. মই ইমান অত্যাচাৰৰ পিছত… সেইখন ঘৰত এক মুহূৰ্ত্ব ও নাথাকিম..আৰু তেওঁ  কিবা প্ৰকাৰে.. নিজকে বচোৱাৰ উপায় উলিয়াই ল’ব.. । কিন্তু বেচেৰাৰ পৰিকল্পনা সফল নহ’ল..। মই দেউতা অহালৈ বাট চাই তাতে ৰৈ দিলো..  । দেউতাৰ লগত মোক দেখি অভি আৰু বেছি আচৰিত হৈছিল… ।
অলপ ভয়.. অলপ শংকা মনত লৈ ..তেওঁ আমাৰ পিছে পিছে আহি দেউতাৰ ৰুমৰ দুৱাৰ মুখত ঠিয় দিলেহি.. । পুনৰ সুধিলে..

: কামবোৰ হ’ল গৈ নে দেউতা.. ? ইমান কম সময়তে সকলোবোৰ এৰেঞ্জ কৰি উভটি আহিব পাৰিলে আপুনি.. ?

এইবাৰ গৰজি উঠিল দেউতা… । দেউতাৰ সেইটো ৰূপ .. চাৰি বছৰীয়া বোৱাৰী জীৱনত এদিনলৈ ও দেখি পোৱা নাছিলো মই.. । খঙতে ফোঁপাই পেলাইছিল তেওঁ… । কাষতে থকা সৰু টেবুলখনৰ পৰা … পানীৰ বটল এটা গাৰ সমস্ত শক্তিৰে দলিয়াই দিছিল অভিৰ গালৈ.. ।

: নমাতিবি মোক দেউতা বুলি…। তোৰ দৰে কুলাঙ্গাৰ পুত্ৰৰ মুখত … সেই পবিত্ৰ শব্দটো ও অপবিত্ৰ হৈ পৰে.. । মাৰৰ ভাগ্য ভাল…। আজি তেওঁ জীয়াই থকা নাই..।
ভৱিষ্যতে এনে দিন এটা দেখিব লাগিব বুলি চাগৈ.. গম পাইছিল মানুহগৰাকীয়ে…। পুন্য আত্মা আছিল .. গুচি গ’ল মোক সংসাৰৰ দায়িত্ব দি…আৰু মই পাপী বাবেই আজি পুত্ৰৰ দ্বাৰা অপমানিত হ’ব লগা হৈছে.. ।
ইমান দিনে.. কষ্ট… ধৈয্য… আৰু সংযমেৰে অর্জন কৰা মোৰ সকলো মান সন্মান.. ধুলিৰ লগত মিলাই দিলি তই..।
নিজৰ ওপৰতে…আজি  ঘৃণা উপজিছে মোৰ.. । আঁতৰ হ’ মোৰ চকুৰ আগৰ পৰা..। এতিয়াই ওলাই যা মোৰ ৰুমৰ পৰা.. ।

অভি খৰখেদাকৈ ৰুমৰ পৰা ওলাই গৈছিল..। যেন দেউতাৰ চকুৰ আঁৰ হ’লেই ৰক্ষা পাব.. । গাড়ীখন ষ্টাৰ্ট দি .. ফুল স্পীডত তেওঁ অফিচ অভিমুখে ৰাওনা হৈছিল..।

অভিয়ে অলপ ও উমান পোৱা নাছিল.. তেওঁৰ বিপক্ষে যে পুলিচ থানাত কেচ ফাইল কৰা হৈছে..। সিমান খিনি দূৰলৈ ও যে  আমি চিন্তা কৰিব পাৰো …তেওঁ অনুমানেই কৰি চোৱা নাছিল আচলতে..।

তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল ..মই চৰ গোৰ আৰু অপমান সহিব নোৱাৰি এদিন অতিষ্ঠ হৈ নিজেই তেঁওৰ জীৱনৰ পৰা আঁতৰি যাম.,। মোৰো যে প্ৰতিশোধ পৰায়ন মন এটা থাকিব পাৰে..  তেওঁ হয়তো উপলব্ধিয়েই কৰা নাছিল.. ।

অফিচত থাকোতেই.. অভিলৈ থানাৰ পৰা …বিপ্লৱ দুৱৰাই ফ’ন কৰিছিল.. আৰু থুলমূলকৈ কথাখিনি জনাই..অনতি পলমে তেওঁক থানালৈ মাতি পঠিয়াইছিল..।

ইফালে ঘৰত.. মই আৰু দেউতাই .. উকীল এজনৰ সহায় লৈ .. অভি আৰু মোৰ সম্বন্ধক…চিৰদিনলৈ অন্ত পেলোৱাৰ বাবে …ডিভোৰ্চ পেপাৰ তৈয়াৰ কৰাত ব্যস্ত আছিলো…।

থানাৰ পৰা  ফ’ন অহাত লৰালৰিকৈ অভি ঘৰলৈ আহিছিল..। ঘৰত ও উকীল এজন বহি থকা দেখি .. এইবাৰ তেওঁৰ মনৰ সন্দেহ সঁচাত পৰিণত হৈছিল..। তেওঁ ভালদৰে বুজি পাইছিল… যে তেওঁৰ বিপক্ষে আমি পুলিচ কেচ দিছো.. ।
ভয় খাইছিল অভিয়ে..। ইমান কম সময়তে ইমানবোৰ সমস্যাই ঘেৰি ধৰাত.. তেওঁৰ.. ভৰিৰ তলৰ মাটিখিনি যেন খহি পৰিছিল । তেওঁৰ অসহায় অৱস্থাটোক মই ভালদৰে অনুধাৱন কৰিব পৰিছিলো..। কাৰণ .. অভিৰ বাবে ময়ো.. বহুবাৰ.. . এনে অসহায় অৱস্থাৰ সন্মুখীন হৈছো… । মানসিক সন্তুলন হেৰুৱাৰ উপক্ৰম  হৈছিল মোৰ..।
আজি অভি ও  মোৰ দৰেই অকলশৰীয়া হৈ পৰিছে..।

অভিক দেখি উকিল জনে … মিউচুৱেল ডিভোৰ্চৰ বাবে …মই ইতিমধ্যে চাইন কৰি ৰখা .. পিটিচন কপিটো আগবঢ়াই দিছিল..। থতমত খাই মোৰ মুখলৈ চাইছিল অভিয়ে..।

: আপোনালোকৰ প্ৰব্লেমবোৰৰ বিষয়ে বিতংভাবে  জানি .. পেপাৰখন তৈয়াৰ কৰা হৈছে..। আপোনাৰ পত্নীয়ে আপোনাৰ লগত বিবাহ বিচ্ছেদ বিচাৰি .. পিটিচন কপিত অলৰেডি চাইন কৰিছে..।  আপুনি ও চাইন কৰক..,।
আপোনালোকৰ কেচটো ক’ৰ্টলৈ যাব…। মিউচুৱেলি কেচ ফাইল কৰা হৈছে যেতিয়া.. আপোনালোক দুয়োকে সম্পৰ্কটোৰ বিষয়ে ভাবিবলৈ….ছয় মাহ মানৰ সময় দিয়া হ’ব…।
আশা কৰো জীৱনৰ চৰম সিদ্ধান্ত এটা লওঁতে… দুয়ো পুনৰ কথাবোৰ ভাবি চাব..। সম্পৰ্ক এটা গঢ়িবলৈ… বা ভাঙি পেলাবলৈ …বেছি দিগদাৰ নাই.. । দিগদাৰ হয় সেই সম্পৰ্কটোক জীৱনটোৰ বাবে …সুন্দৰকৈ সজাই ৰাখিব যাওঁতেহে…।
আমি কৰা  ভুল কিছুমানৰ বাবেই … আপোন কোনোবা জনক… কেতিয়াবা … হেৰুৱাই পেলাবলৈ বাধ্য হৈ পৰো আমিবোৰে..। তাৰ সলনি ভুলবোৰক… শুদ্ধ কৰিবলৈ অলপ যত্ন কৰি চোৱা যাওকচোন.. ।
ভগৱানে সুমতি দিয়ক দুয়োকে..।

অভিয়ে পেপাৰ খনত চাইন কৰি ভিতৰলৈ সোমাই গৈছিল..।

নতুন কইনা হৈ  … নীতি নিয়মৰ মাজেদি …হীৰেন বৰ্মনৰ ঘৰৰ ভিতৰত..প্রথম ভৰি থোৱা… সেই একেটা দুৱাৰদলিকে গৰকি… ওলাই আহিছিলো মই…. চিৰদিনৰ বাবে..।

দেউতাই মোৰ প্ৰয়োজনীয় বস্তুবোৰ লগত লৈ আহিব কৈছিল…।  তেতিয়ালৈ…মোৰ বাবে প্ৰয়োজনীয় একোৱেই  নাছিল সেইখন ঘৰত…।
তেওঁ মোক … বোৱাৰী হৈ নহয়.. তেওঁৰ জীয়ৰী হৈ তাতে থাকিবলৈ ও অনুৰোধ জনাইছিল..।
কিন্তু চৰিত্ৰহীনাৰ মোহৰ এটা লগাই.. অভিৰ মগজুৱে ঢুকি নোপোৱা .. পবিত্ৰ সম্বন্ধটোৰে বান্ধ খাই থকা সম্ভৱ নাছিল মোৰ বাবে… ।

বেদনা কিছুমান…লগতে মধুৰ স্মৃতি অলপ ও …বুকুতে বান্ধি… গুচি আহিছিল এই… দিশা বৰ্মন .. অভিজিত বৰ্মনৰ ঘৰৰ পৰা..আৰু  চিৰদিনলৈ তেওঁৰ জীৱনৰ পৰা.. ।

কপালৰ সেন্দুৰীয়া আলিটো উকা হৈ পৰিছিল..। মোৰ আশাবোৰৰ মৃত্যু ঘটিছিল..। হাঁহি ধেমালিৰে সদায় ৰঙীয়াল হৈ থাকিব বিচৰা দিশা জনীৰ.. ৰঙা ৰঙ বোৰলৈ প্ৰচণ্ড ক্ষোভ জন্মিছিল মনত.. ।

ঠিকনা সলনি হৈছিল মোৰ…।
মই পুনৰ গোত্ৰ ছিঙি ওলাই অহা .. মোৰ পিতৃ গৃহৰ আলহী হৈছিলো….।

ডিচেম্বৰ মাহৰ.. কুঁৱলীয়ে ঘোপ মাৰি ধৰা… এটি কানিমুনি সন্ধিয়া…।
মই মাৰ ঘৰৰ পদূলিত..।
স্বামী গৃহৰ লগত সকলো সম্বন্ধ শেষ কৰি..এইয়া… উভটি আহিছো…।
মোক দেখি মাৰ চাগৈ কিমান ফুৰ্তি লাগিব..!
জোঁৱাই ক’ত.. কেইদিনমান থকাকৈ আহিছ’ নে… ? আগতীয়াকৈ খবৰ এটা নিদিলি কিয় নো..?
লাড়ু পিঠা দুটামানকে কৰিলো হয়..।
ব্লেঙকেট কেইখন ৰ’দোৱাই নহ’লে…।
কিমান যে প্ৰশ্নৰে মোক ব্যতিব্যস্ত কৰিব… ।

কিন্তু মা বা ভাইটি.. কোনেও যে নাজানে.. আজি মই একেবাৰৰ বাবে জোঁৱাইৰ ঘৰখন এৰি গুচি আহিছো..।

ধুনা ফুৰাই … মা গোঁসাই ঘৰত সোমাইছিল.. । ধূপ..ধুনাৰ সুবাস আৰু গোঁসাই ঘৰৰ পৰা ভাহি অহা মাৰ প্ৰাৰ্থনাৰ সুৰে.. ঘৰখনলৈ পবিত্ৰতা নমাই আনিছিল..। ইমান সুন্দৰ পৰিবেশ এটাই ও কিন্তু .. মোৰ অশান্ত মনটোক শান্ত কৰিব পৰা নাছিল ।
মই ভাৰাক্ৰান্ত মনটোৰে আগফালৰ চ’ফা খনতে … মা ওলাই অহালৈ বাট চাই… বহি পৰিলো..। খুব ভাগৰ লাগিছিল মোৰ..। উশাহটো ল’বলৈ ও যেন গাত শক্তি নাছিল..।
মায়ে .. সেইদৰে মোক বহি থকা দেখি আচৰিত হৈছিল.. । কি হ’ল .. কাৰ লগত আহিছো.. কিয় এইদৰে বহি আছো.. একে উশাহে কথাবোৰ সুধি.. অভিও লগতে আহিছে নেকি ইফালে সিফালে চাব ধৰিলে..।

: সকলো ক’ম .. বহাচোন মোৰ কাষতে..।

মাক.. ওচৰতে বহুৱাই .. মাৰ কোলাত মুৰতো থৈ.. হুকহুকাই কান্দি পেলালো মই..।

মায়ে .. “কি হ’ল মাজনী.. কিয় এনেকুৱা খন কৰিছ”…বুলি মোৰ মূৰে কপালে হাত ফুৰাই দিলে..। দুখবোৰ উজাই আহি.. বুকুখন হেঁচি  ধৰিলে মোৰ..। এনে লাগিল..  এইমাত্ৰই যেন থমকি ৰব …উশাহৰ গতি.. ।

ক’ৰ পৰা .. কি দৰে আৰম্ভ কৰিম ভাবি লৈ.. লাহে লাহে মাক সকলোবোৰ বিৱৰি ক’লো মই..। ভাইটি ও সেই সময়তে ক’ৰবাৰপৰা উভটি আহিছিল.. । কথাবোৰ সি ও শুনিলে..।
মৰমৰ জীয়ৰীৰ জীৱনলৈ ..নামি অহা প্ৰচণ্ড ধুমুহাজাকৰ বিষয়ে জানিব পাৰি.. মায়ে কান্দিব ধৰিলে..।
সেইদিনা..ঘৰ খনলৈ মই উভটি আহোঁতে যিমান দুখ পাইছিল মায়ে.. বিয়াৰ দিনা.. জন্ম হোৱা ঘৰখনৰ পৰা.. অচিনাকি এজনৰ জীৱনলৈ… চিৰদিনৰ বাবে উলিয়াই দিওতে ও চাগৈ সেইদৰে ভাঙি পৰা নাছিল মা..।

ভাইটিয়ে নীৰৱে কথাবোৰ শুনি মোক সান্তনা দিলে..

: বহুত ভাল কৰিলি বা, ভিনদেউক এৰি আহি..। কি ভাবিছিল ভিনদেউয়ে তোক..? তোৰ লগত ইমানবোৰ কৰাৰ পিছত ও সহি থাকিবি তই..! আমি আছো নহয়.. । বাদ দে অভিজিত বৰ্মনৰ বাবে দুখ কৰিব..।
চালা.. পাষাণ্ডটো… ! তোৰ জীৱন ধ্বংস কৰে সি..? এনেকুৱা লাগিছে যেন মাৰি থৈ আহো সেইটোক… ।

: আইনে বিচাৰ কৰিব ভাইটি.. অভিজিতৰ অপকৰ্মৰ..। তই ইমান উত্তেজিত নহ’বি..। মই ডিভোৰ্চ পেপাৰত ও চাইন কৰি আহিছো..। ধৈয্য ধৰ.. । ইমান খং নুঠাবি..।

যিমান পাৰো শান্ত কৰিব যত্ন কৰিলো ভাইটিক.. । এনে দেখুৱালো যেন .. মোৰ দুখ লগা নাই..। মোৰ লগত যেন সকলো ভালেই হৈছে..।
ভয় লাগিছিল মোৰ ভাইটিলৈ.. । ডেকা ল’ৰা..। খঙৰ ভমকত যদি নকৰিব লগীয়া কিবা কৰিয়েই পেলাই .. আমাক নজনোৱাকে..।

                            …………………………

মা আৰু ভাইটিৰ মৰমৰ আৱেষ্টনীত.. জীৱনটোয়ে যেন অলপ সকাহ পালে..।  দিশাৰ জীৱনৰ এটা নতুন অধ্যায়ৰ সূচনা হ’ল..।
পাহৰি থাকিব বিচাৰিলো ঘটি যোৱা ঘটনাবোৰ.. পাহৰি থাকিব বিচাৰিলো …. বুকুখন গেলাই পেলোৱা দুখবোৰ… পাহৰি থাকিব বিচাৰিলো অভিক .. ।

দিনবোৰ পাৰ হৈ গৈ থাকিল.. । তাৰ মাজতে.. ক’ৰ্ট কাছাৰীৰ কামবোৰ ও চলি থাকিল.. । কেচৰ ডেট পৰিলে .. ভাইটিৰ লগত ক’ৰ্টলৈ যাওঁ.. আকৌ মুখামুখি হওঁ অভিজিত বৰ্মনৰ..। পুনৰ বুকুৰ বিষটোয়ে উকাই উঠে… । চলি থাকিল এই ধাৰা ..l

ইতিমধ্যে অভিজিতক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল.. আৰু তেওঁৰ প্ৰেয়সী… সেই বিধবা মহিলাগৰাকীক বেলেগ ডিষ্ট্ৰিকলৈ ট্ৰান্সফাৰ কৰাইছিল দেউতাই..।
অভিৰ বাবে সেই সময়খিনি অভিশাপ স্বৰূপ হৈ পৰিছিল.. । পুলিচ, ক’ৰ্ট , আচামি , কাঠগৰা…. এইবোৰৰ প্ৰতি চৰম বিতৃষ্ণা.. তেওঁৰ মুখাবয়ৱত স্পষ্ট হৈ পৰিছিল… ।

অভিৰ বিপক্ষে দেউতা আৰু মোৰ বাদেও..  তেওঁৰ অফিচৰ ক’লীগ দুজনমানে ও সাক্ষী দিছিল.. । মোৰ লগত তেওঁলোকৰ কোনো ধৰণৰ চা-চিনাকি নাছিল যদিও.. অভিৰ কৰ্ম কাণ্ডই.. তেওঁলোকক… অভিৰ বিৰুদ্ধে ক’ৰ্টত ঠিয় হ’বলৈ ও  বাধ্য কৰাইছিল..। অফিচৰ ভিতৰতে দুয়োকে অসংযত অৱস্থাত কেইবাবাৰ ও ধৰা পেলাইছিল তেওঁলোকে..।

দেউতাই মৰি যোৱাৰ সমান লাজ পাইছিল.. আৰু মই হয়তো কোনোধৰণৰ অনুভূতিয়ে চুব নোৱাৰা …ৰবট সদৃশ হৈ পৰিছিলো.. । না মোৰ খং উঠিছিল.. না দুখ লাগিছিল.. না নিজ স্বামীৰ চৰিত্ৰৰ বিষয়ে… লোকৰ মুখৰ পৰা শুনি… তেওঁৰ প্ৰতি মোৰ ঘৃণা জন্মিছিল …। অভিক এৰি অহাৰ পিছতেই… মোৰ চাগৈ অনুভৱবোৰৰ ও মৃত্যু ঘটিছিল..।

অৱশেষত সকলোৰে জৱানবন্দী আৰু বাবুৱাৰ চাক্ষুস প্ৰমাণৰ ভিত্তিত… অভিৰ জেইল হৈছিল..। দুবছৰ কাৰাবাসৰ.. ৰায়দান   প্ৰদান কৰা হৈছিল তেওঁলৈ….।
পুলিচে ক’ৰ্ট ৰুমৰ পৰা লৈ যাওঁতে.. খঙত জ্বলি উঠিছিল অভিৰ দুচকু..। দেউতা আৰু মোলৈ এবাৰো নোচোৱাকৈ… বাবুৱালৈ এইদৰে চাইছিল যেন.. প্ৰচণ্ড আক্রোশত গিলি পেলাব অভিৰ চকুযুৰিয়ে তাক..।

মই দেউতালৈ চাইছিলো..বুজিব যত্ন কৰিছিলো.. তেওঁৰ  বুকুখনে বাৰু সহিব পাৰিছে নে …ইমানবোৰ দুখৰ বোজা…ইমান বোৰ অপমান.. !!
দেউতাই কিন্তু ওলোটাই মোক হে সান্তনা দিছিল.. আৰু সেই দিনাই ..অভি আৰু মোৰ ডিভোৰ্চ কেচটোত লাগি থকা উকীল জনক.. ক’ৰ্টতে লগ কৰি.. মোলৈ আগবঢ়াই দিছিল এটা অলপ ডাঙৰ এনভেল’প.. ।
ক’ৰ্টৰ চিল মোহৰ লগোৱা এনভেলপটো পৰম আশ্বৰ্যৰে হাত পাতি লৈছিলো মই..। আচৰিত হৈছিলো অলপ….কাৰণ অভি আৰু মোৰ মাজত .. ডিভোৰ্চৰ বাবে…প্ৰচিডিয়ৰ মতে গ’লে.. অতি কমেও ছয় মাহ লাগিবই… । তেনেস্থলত এইয়া কি দিছে দেউতাই মোৰ হাতত.. !

: মোৰ ফালৰ পৰা কিবা অলপ তোমাক দিব বিচাৰিছো..। তোমাৰ হেৰুৱা মৰ্য্যদা ঘূৰাই দিব নোৱাৰো মই…। এইয়া মাথোঁ তোমাৰ অধিকাৰ বুলি গ্ৰহণ কৰিবা ..।

দেউতাই কাগজৰ খামটো মোৰ হাতত তুলি দিছিল.. ।
বুজা নুবুজাৰ দোমোজাত… হাত পাতি লৈ… খুলি পেলাইছিলো মই এনভেলপটো.. । 
চহৰৰ উপকন্ঠ অঞ্চলত থকা… মাটি টুকুৰা মোৰ নামত লিখি দিছিল দেউতাই .. । পৰম বিস্ময়ৰে মই দেউতালৈ চাই ৰৈছিলো.. ।

: কি কৰিছে দেউতা এইয়া.. । মোক  মাটি সম্পত্তি নালাগে..। আপোনাৰ আশীৰ্বাদৰ হে প্ৰয়োজন সদায়.. ।
নাই .. নাই.. ।  এইবোৰৰ অধিকাৰ ..অকল অভিৰ…। তেওঁ আপোনাৰ পুত্ৰ.. । মই সম্পত্তিৰ ভাগ বিচৰা নাই কোনোদিন.. । আপুনি এইটো কাম নকৰিব..,।

: আজিলৈকে .. কষ্টৰে যি খিনি ঘটিছো.. সেইয়া অকল মোৰ সম্পত্তি.. অভিজিতৰ নহয়..।  তাত কাক কেনেকৈ কি অধিকাৰ দিওঁ মোৰ কথা..। তুমি আপত্তি নকৰিবা দিশা..।
তুমি তাতেই সৰুকৈ ঘৰ এটা সাজি..থাকিব পাৰিবা..। তোমাৰ স্কুল ও ওচৰ হ’ব.. । মই সকলো চিজিল লগাই দিম..। প্লিজ.. মোৰ মৰম বুলি গ্ৰহণ কৰা.. । তোমাৰ নিজৰ দেউতা হোৱা হ’লে .. তুমি জানো না কৰিলা হয়.. ?

মই বাধ্য হৈ পৰিলো.. । মোৰ জন্মদাতা নহ’লেও মোৰ বাবে ভগৱানৰ এটা ৰূপ তেওঁ.. । সকলো সমস্যাত .. সহায়ৰ বাবে প্ৰয়োজন হোৱা …হাতখন …আগবঢ়াই দিয়া মোৰ জীৱনৰ সাৰথি তেওঁ..। মোৰ সাহস.. ।
ভগৱানৰ দান.. কি দৰে প্ৰত্যাখ্যান কৰো মই… !
দেউতাক সাৱটি ধৰি উচুপি উঠিলো .. । কিমান কৰে এই মানুহজনে মোৰ বাবে..। কি ভাষাৰে.. কি শব্দৰে ধন্যবাদ জনাওঁ তেওঁক… ।

                        …………………………

বছেৰেকীয়া পৰীক্ষা শেষ হোৱাৰ বাবে অলপ দিনৰ বন্ধ পাইছিলো স্কুল ..। মা আৰু ভাইটিৰ যত্নত .. ঘৰত থাকি..নিজকে দৈনন্দিন জীৱনত সহজ কৰিবলৈ যত্ন কৰিলো মই..।
প্ৰতিদিনেই পূৱা গধুলি দেউতাৰ খবৰ লোৱাটো মোৰ অভ্যাস হৈ পৰিছিল.. । দেউতাই ও মোৰ ফ’ন নগলেই চিন্তাত পৰে..। ইমান ডাঙৰ ঘৰখনত দেউতা এতিয়া অকলশৰীয়া..। বাবুৱা আৰু পাঞ্চালীক বোলে দেউতাই লগতে থাকিব দিছিল…। পাঞ্চালীৰ মাকে শাৰীৰিক অসুস্থতাৰ বাবে.. দেউতাৰ ৰন্ধা বঢ়াৰ দায়িত্ব জীয়েকক দি.. নিজেই বাগানতে থাকিব লৈছিল..।

সকলোবোৰ সলনি হৈ পৰিছিল..। স্কুলৰ ৰিজাল্ট ওলোৱাৰ পিছত নতুন ক্লাছৰ আৰম্ভ হ’ব…। মই আকৌ ল’ৰা ছোৱালীবোৰৰ লগত ব্যস্ত হৈ পৰিম.. । ভাল লাগিছিল মনটো..।
অভিয়ে যি টুকুৰা ঘাঁ .. বুকুত দি থৈ গ’ল .. সেই টুকুৰা সহজে নুশুকাই…বুকুখনত বিষ এটা লগতেই থাকিব সদায়..। কিন্তু এই যে ওলাই গৈ… স্কুল খনত ছাত্ৰ ছাত্ৰীবোৰৰ লগত .. কিছু সময় কটাম.. সেই সময়খিনিয়ে..বিষৰ মলমৰ দৰেই মোৰ বুকুৰ বিষটোৰ অলপ হ’লেও যে উপশম ঘটাব.. মই জানিছিলো… ।

স্কুল খোলাৰ আগে আগে দেউতাৰ পৰা মই আৰু এটা উপহাৰ পাইছিলো..। ঘৰৰ ওচৰৰ স্কুল এখনলৈ মোৰ বদলি হৈছিল..। কামখিনি মই নজনাকৈ .. দেউতাই কৰি দিছিল.. মোৰ বাবে..।

মই বাকৰুদ্ধ হৈ পৰিছিলো..। কৃতজ্ঞতাত মুৰ দো খাই গৈছিল মোৰ.. । ভাবিছিলো.. মোৰ লগত মোৰ ভগৱান আছে..। মই ধন্য..।
আগৰ দৰেই সময়মতে স্কুল ওলাই যাব ল’লো…। ঘৰৰ কাম বনত ও মাক সহায় কৰি দিব ধৰিলো..। বজাৰ সমাৰ কৰিবলৈ ও ওলাই যোৱা হ’লো..। ঘৰত এখন ফুলনী সাজি.. ফুলৰ লগত সময় কটাব ধৰিলো…।
মুঠতে পুনৰ নিজকে…নতুনকৈ গঢ়াৰ চেষ্টাত ব্ৰতী হ’লো মই…।
মাত্ৰ আজিকালি গা ধুই .. ড্ৰেচিঙৰ সন্মুখত বহি .. সেউতাত সেন্দুৰ বোলোৱা কামটো হে কমি গ’ল মোৰ… ।

সেইখিনিৰ অধিকাৰ মই হেৰুৱাই পেলালো…।
উকা কপালখনেই ভাল লাগিব ধৰিলে দেখোন..।
সেন্দুৰৰ ৰংটোলৈ বৰ ভয় লগা হ’ল .. ।
ৰঙা ৰংটো যে বিপদৰ সংকেত…

                       ————-

সপ্তাহ… মাহ…বছৰকৈ… দিনবোৰ বাগৰি গৈ থাকিল..। ঘৰৰ ওচৰৰ মানুহবোৰৰ মুখত ও নানান কথা ওলাল..।
বিয়া দিয়া ছোৱালী.. ইমান দিন মাকৰ ঘৰত সোমাই আছে.. কি বা কথা..!
গিৰিয়েকে খেদিলে চাগে…!
মুঠতে বেছিভাগৰে মনত উৎসুকতা..।
আমাৰ… এই পুৰুষ প্ৰধান সমাজ খনত …সকলো ক্ষেত্ৰতে.. নাৰী বাদনামী হোৱাৰ পৰম্পৰা কৌটি কালৰ পৰাই…প্ৰচলিত হৈ আহিছে..। কোন ভুল… কোন শুদ্ধ.. বিচাৰ কৰি চোৱাৰ আগতে.. দোষবোৰ নাৰী গৰাকীৰ গাতে..সহজে জাপি দি .. এচামে যেন নিজৰ.. তথাকথিত মহানতাৰ পৰিচয় দিয়ে..।
কিমানে হয়তো.. সেই বদনামৰ ভাৰ বব নোৱাৰি… মানসিক হতাশগ্ৰস্ততাৰ চিকাৰ হৈ.. আত্মহননৰ পথ  বাছি লৈছে .. বা নিজকে জনচক্ষুৰ আঁৰত ৰাখি .. বন্দীত্বৰ জীৱন যাপন কৰিছে…! ভাবিলে ও ভয় লাগে..।
হাতে ভৰিয়ে.. আনকি বাক স্বাধীনতাত ও… অদৃশ্য শিকলি এডাল লগাই .. কিছুমানে আকৌ নাৰী স্বাধীন.. নাৰী শক্তিশালীৰ… বৰ বৰ লেকচাৰ দিয়ে.. । কিন্তু সময়ত নিজৰ ন্যায়ৰ হকে যুঁজিবলৈ যেতিয়া নাৰী এগৰাকী ওলাই আহে… নিজৰ গাত পৰা বদনামৰ প্ৰলেপতো আঁতৰাবলৈ মুখ খোলে… তেতিয়াই তেওঁ হৈ পৰে অসভ্য তিৰোতা.. কুলক্ষণী… নাইবা  চৰিত্ৰহীনা .. । সকলোতকৈ দুখৰ কথা .. নাৰীয়েই নাৰীৰ শত্ৰু হৈ পৰে.. । কটু সমালোচনাৰে.. অসহায় নাৰী গৰাকীক থকা সৰকা কৰে..।
মোৰ ক্ষেত্ৰত ও ব্যতিক্ৰম একো নাছিল.. । মায়ে মানুহৰ টুলুঙা কথাবোৰ …মুখ পাতি ধৰি.. মমতাৰ আচলখনৰে মেৰিয়াই… আত্মবিশ্বাসী কৰি তুলিছিল মোক .. আশ্বস্ত হ’ব পৰাকৈ নিৰাপত্তা দিছিল ..।
বহুতে .. দেখুৱাই মোৰ দুখত দুখী হৈছিল যদিও.. মোৰ আঁৰত মুখৰোচক কাহিনী কিছুমান সজাই ..ৰং চোৱাৰ বিষয়ে ও কৰ্ণগোচৰ হৈছিল মোৰ.. । মই কিন্তু নিজৰ স্থিতিত অটল থাকিলো.. । সাহসেৰে জীৱনৰ বাটত খোজ দিলো.. ।

অ’….  তাৰ মাজতে অভিজিত বৰ্মনৰ লগত ফাইনেলি মোৰ ডিভোৰ্চ কেচটোৰ মীমাংসা ঘটিছিল..। মনেৰে আমি কেতিয়াবাই বিচ্ছেদ হৈছিলো যদিও.. এইবাৰ আইনৰ জৰিয়তে ও দূৰ হৈ পৰিলো..।

ক্ষন্তেক নীৰৱতাৰ পিছত.. স্মৃতাই লাহেকৈ সুধিলে দিশাক…

: তুমি নিজৰ ঘৰ খন এৰি ..এইদৰে ভাড়া ঘৰত কিয় থাকিব লগা হ’ল দিশা বা.. । হীৰেন বৰ্মনেটো তোমাক মাটি এটুকুৰা ও দিছিল.. আৰু দুগু… ? সি কাৰ সন্তান..?

: জীৱনটো ইমান সহজ নহয় অ’ স্মৃতা..। ভগৱানে কোনোবা জনক হয়তো .. কষ্ট দিওঁ বুলিয়েই দিয়ে.. । সেই কোনোবা জনৰ ভিতৰত.. মোকেই বাচনিত ল’লে তেওঁ..। এটাৰ পিছত এটাকৈ পৰীক্ষাবোৰ লৈ গৈ থাকিল … ।
কি জানা .. এটা সময়ত মই অতিষ্ঠ হৈ পৰিছিলো..। মোৰ সহনশক্তি ও শেষ হৈ যাব ধৰিছিল..। দেউতাই মোক বুজাইছিল…

: তোমাৰ ধৈয্যক তীব্রতৰ কৰি তোলা মা… । হলা গছত বাগি কুঠাৰ মাৰিবলৈ সকলো আহে..। সাহসেৰে যুজঁ দিয়া জীৱন যুদ্ধখনত..। এদিন সহনশক্তিয়ে.. এনে পৰ্য্যায়ত তোমাক উপনীত কৰাব.. য’ৰ পৰা তুমি কোনোপধ্যে বিচলিত হৈ নপৰা..।

দেউতাৰ উদ্গনি মূলক কথাবোৰেৰ বাবেই .. আজিৰ এই দিশা জনী তোমাৰ ওচৰত এইদৰে মুৰ তুলি ঠিয় দি আছে..। দেউতাই ও আচলতে জীৱনটোক এইদৰেই আদৰি লৈছিল..। যাৰবাবে.. ইমানবোৰ দুখ সহিও ভাঙি পৰা নাছিল তেওঁ..। অকলশৰীয়া সময়বোৰত তেওঁ.. কিতাপৰ পৃথিৱী এখনত বিচৰণ কৰি ফুৰিব ধৰিলে..। যাৰবাবে…জগতৰ সকলো সমস্যা তেওঁৰ বাবে গৌণ হৈ পৰিল..। সচাঁই.. কিতাপেই পৰম মিত্ৰ.. । দেউতাৰ পৰা শিকিবল’গা বহুত আছিল ..। তেওঁ মোক সদায় শুদ্ধ ৰাস্তা এটা দেখুৱাই থৈ গৈছিল..। প্ৰেৰণা যোগাইছিল জীয়াই থাকিবলৈ..।

বাৰু.. তুমি সুধিছিলা.. মই কিয় নিজৰ ঘৰখন এৰি.. ভাড়া ঘৰত থাকিব আহিলো.. কাৰণ মই পুনৰবাৰ গৃহহীনা হৈ পৰিছিলো..।
এটা বছৰ খুব ভালদৰে পাৰ হ’ল মোৰ পিতৃ গৃহত…। তাৰপিছতে ভাইটিৰ বিয়াৰ যো-জা চলিল..। সকলোবোৰ সুকলমে হৈ গ’ল..। কিন্তু… ভাই বোৱাৰীজনী ঘৰলৈ অহাৰ পিছতেই.. লাহে লাহে কিছুমান কথাই মোক কাঁইটে বিন্ধা দি.. বিন্ধিব ধৰিলে..।
দোষ মই কাকো নিদিওঁ.. । দোষ আচলতে মোৰ কপালৰ..। বোৱাৰীৰ ঘৰৰ মানুহখিনিৰ… মই সেইখনঘৰত থকাত যেন আপত্তি আছিল..। বিয়া হৈও স্বামীক এৰি.. মাকৰ ঘৰত থকা মই জনীয়ে…জেশাহু গিৰী খটুৱাই.. বোৱাৰীক কষ্ট দিম বুলি হয়তো ভয় কৰিলে তেওঁলোকে..।
অৱশ্যে সেইটো স্বাভাৱিক আছিল..। নিজৰ ছোৱালীজনীলৈ সকলোৰে মৰম থাকেই..। চিন্তা কৰিবই তেওঁলোকে..।
মোৰ বোৱাৰীজনী কিন্তু আজিও মোৰ বহুত মৰমৰ..। ভাল ছোৱালী তাই..। তাইৰ সৰল মনটোৱে কথাবোৰ উপলব্ধি কৰিব পৰা নাছিল আচলতে..।
ঘৰৰ মানুহে বুজোৱা কথাবোৰকে লৈ.. ভাইটিৰ লগত তাই তৰ্ক কৰিব ধৰিলে… । সিহঁত দুটাৰ মাজত অৰিয়া-অৰিয়ে.. এনেকুৱা পৰ্য্যায়লৈ ও গৈছিল যে.. যদিহে মই সেইখন ঘৰত থাকো.. হয় ..ভাইটিয়ে ঘৰ এৰি বেলেগত থাকিব লাগিব..। নহ’লে তাই ঘৰ এৰি গুচি যাব..।
মই..মোৰ বাবে সিহঁতৰ মাজত অশান্তি হোৱাটো মানি ল’ব নোৱাৰিলো..। সংসাৰ এখন ভঙাৰ দুখ কি.. মোৰ বাদে কোনে বেছিকৈ বুজিব নো..?

সেইবাবে.. স্কুলৰ ওচৰতে.. এটা ৰুম ভাড়া লৈ থকাৰ সিদ্ধান্ত ল’লো ..। মোৰ সেই সিদ্ধান্তত ভাইটিয়ে ঘোৰ আপত্তি দৰ্শাইছিল..। সি কৈছিল.. বোৱাৰীজনীক বুজাব সি..
। আকৌ এবাৰ মই অকলশৰীয়া হৈ পৰাটো বিচৰা নাছিল মোৰ ভাইটিয়ে..।
মায়ে কিন্তু বিনা বাক্যই মোৰ কথা মানি লৈছিল..। বয়সে তেওঁক অভিজ্ঞ কৰি তুলিছিল..। মোৰ বা ভাইটিৰ কাৰো জীৱনলৈ আৰু অশান্তি নাহক বুলিয়েই .. মোৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৰ যোগাৰ কৰি.. নিজ হাতে মোৰ নতুন ঘৰ এখন সজাই দিছিল মায়ে..।
যদিও তাত থাকিব ল’লো.. কোনোদিন মা বা ভাইটিয়ে মোক নিসংগ অনুভৱ কৰিব নিদিলে..। ৰাতিপুৱা অফিচ যাবলৈ আহি মোৰ ৰুমত সোমাই.. মায়ে দি পঠোৱা পুৱাৰ আহাৰৰ টিফিনটো ভাইটিয়ে প্ৰতিদিনেই কঢ়িয়াই আনিব লগা হ’ল..। অফিচৰ পৰা ঘৰমুৱা যাত্ৰাত ও বায়েকক লগ কৰি যোৱাটো… তাৰ এটা দৈনন্দিন কামৰ ভিতৰত পৰিল..।

দেউতাই কৈছিল.. সৰুকৈ ঘৰ এটা সাজি দিওঁ.. নিজৰ ঘৰ খনতে থাকা হি তুমি..। মই মানি নল’লো..। সেইখন ঘৰৰ লগত সম্পৰ্ক ছেদ হোৱাৰ পিছত.. সেইখন ঘৰৰ সম্পত্তিত ও মোৰ অধিকাৰ নাই বুলি ভাবি লৈছিলো মই.. । দেউতাৰ অনুগ্ৰহক আও কান কৰিব নোৱাৰি হে দেউতাৰ দান গ্ৰহণ কৰিছিলো..।সেইবাবে মাটি টুকুৰা মোৰ নামত দিওঁতেই.. নিজৰ কামত ব্যৱহাৰ নকৰি.. চাকৰিৰ পইচা গোটাই.. বৃদ্ধাশ্ৰম এখন খোলাৰ বিষয়ে মনতে পাঙি থৈছিলো মই ..। দেউতাৰ অকলশৰীয়া জীৱনটোৰ কথা ভাবিয়েই তেনে এটি সিদ্ধান্ত.. সেই তেতিয়াই লৈ পেলাইছিলো..। দেখিছিলো মই ..তেনেকুৱা বহুত অসহায় লোকক.. । তেওঁলোকৰ বাবে কিবা এটা কৰিব মন গৈছিল মোৰ..।

মই জমা কৰি যোৱা টকাৰে তাত দুটা ৰুমৰ ঘৰ এটা বনাই প্ৰথম ভাড়াত দিছিলো..। প্লেন কৰি থৈছিলো.. লাহে লাহে সেই ঘৰটোকে বহলাই নি.. মোৰ সপোনটোক পুৰা কৰিম..।
আজি.. মোৰ সপোন পুৰা হ’ল.. কিন্তু বৃদ্ধাশ্ৰমখন তাত ন’হৈ.. হীৰেন বৰ্মনৰ ঘৰখনত হে গঢ় লৈ উঠিল..।
দেউতাই মোৰ মনৰ কথা জানি অত্যন্ত সুখী হৈছিল… ।

জীৱনে কিন্তু সময়ে সময়ে…নতুন নতুন ৰং দেখুৱাই থাকিব নেৰিলে এই দিশাক..।
দুবছৰৰ পিছত অভি ও জেইলৰ পৰা ওলাই আহিল..।
অভিৰ লগত দূৰত থকাৰ পিছত ও… অভি নামৰ ধুমুহা জাকে.. তচনচ কৰিব নেৰিলে মোক…।

মই ঘৰৰ পৰা ওলাই অহাৰ পিছতেই.. দেউতাই মোৰ শোৱনী কোঠাত তলা লগাই দিলে…। সেইটো তলাৰ চাবি.. তেওঁ শেষ উশাহটো লোৱালৈকে নিজৰ লগতে ৰাখিছিল..। মই যেতিয়া দেউতাৰ শেষ সময়খিনিত .. তেওঁৰ ওচৰলৈ গ’লো.. তেতিয়া… বাৰ বছৰ আগতেই …বন্ধ কৰি দিয়া কোঠালিটোৰ.. চাবিটো মোলৈ তেওঁ আগবঢ়াই দিছিল… । আচলতে… মোৰ অবিহনেও.. সেইখন ঘৰৰ ..সেই নিৰ্দিষ্ট ৰূমটোৰ অধিকাৰ মোকেই দি থৈছিল দেউতাই..।

                         ————

দুবছৰৰ মূৰত.. অভি নিজ ঘৰলৈ উভটি আহিছে… । দেউতাই আশা কৰিছিল.. নিজৰ ভুলবোৰ বুজি..অনুতপ্ত…সংশোধিত হৈ.. ঘৰ খনত ভৰি দিবহি অভিয়ে..।
অৱশ্যে.. ইমান দিনৰ মূৰত ল’ৰাটো নিজৰ ঘৰখনলৈ উভটি আহিব বুলি.. অলপ ও ফুৰ্তি নাছিল তেওঁৰ মনত..। জেইল খাটি হে আহিছে.. ঘৰখনৰ সন্মান শেষ কৰিহে উভটি আহিছে… নিজৰ সংসাৰখন… নিজ হাতে মোহাৰি..অস্তিত্ব ও নোহোৱা কৰি… অকলশৰীয়া জীৱন এটা যাপন কৰিবলৈ হে অভিৰ এই আগমন..। তাত কিহৰ ফুৰ্তি.. কিহৰ বাবে উৎসাহ…???

আহিয়েই নিজৰ কোঠাত সোমাব বিচাৰিলে অভিজিত…। দেখিলে.. দুৱাৰখনত তলা ..।  ৰাখাল আৰু বাবুৱাক মাতি.. চাবিটোৰ কথা সুধিলে..। সিহঁতে দেউতাক সুধিব কোৱাত … অভিয়ে চাবিটো আনি দিবলৈ চিঞৰ বাখৰ কৰিলে..।  অভিৰ চিঞৰ শুনি দেউতা ওলাই আহিল.. ।

: ৰুমৰ চাবিটো দিয়ক..।

অভিয়ে এনেকুৱাকে দেউতাক কথাটো ক’লে.. যেন… দেউতাই হে কিবা ভুল কৰিছে.. । অভিৰ আদেশ পালিবলৈ তেওঁ যেন বাধ্য… । তেওঁৰ মাতত.. অলপ ও অনুৰোধৰ সুৰ নাছিল.. নাছিল অলপ ও অনুশোচনা ..।

: তই গেষ্ট ৰূমটোতে থাকিবি.. । এইটো কোঠাৰ তলা মই নোখোলো আৰু..।

: মোৰ বস্তুবোৰ আছে তাত.. । কিয় মই গেষ্ট ৰুমত থাকিম..।

: কাৰণ সেইটো মোৰ ছোৱালীজনীৰ ৰুম আছিল..। তাই এইখন ঘৰত নাই যিহেতু.. তাইৰ কোঠাটো ও খোল নাখায় কেতিয়াও..।

: মোৰ ম’বাইল.. টকা পইচা.. কাপোৰ কানি.. এইবোৰ…?

: তোক যি লাগে উলিয়াই লবি..।

: কিয় খোল নাখাব মোৰ ৰূমটো..?
কি কৰিব ওলাইছে আপুনি এইবোৰ..?
ভিতৰৰ সকলোবোৰ বয়-বস্তু…নষ্ট হব দেখোন..!

: জহি খহি যাওক..। তই চিন্তা কৰিব নালাগে..। এটা সুন্দৰ সম্পকৰ্কে তই জীয়ন দি ৰাখিব নাজানিলি..! এজনী হাঁহিমুখীয়া ছোৱালীৰ জীৱনলৈ অন্ধকাৰ নমাই আনি.. তাইকে ভাঙি পেলালি..! এই নিৰ্জীৱ বস্তুবোৰৰ প্ৰতি কিহৰ মোহ দেখুৱাইছ’ এতিয়া… ??
এই ৰুমৰ দুৱাৰ.. মই জীয়াই থকালৈকে খোল নাখাই..। এনেয়ো মৃত্যুৰ মুখলৈ কাষ চাপি গৈয়েই আছো.. । যি কেইদিন উশাহটো লৈ থাকো.. ছোৱালীজনীৰ স্মৃতিবোৰ মই.. তোৰ হাতত এৰি দি ধ্বংস কৰিব দিব নোৱাৰো… ।
থাকক.. জহি.. খহি ..উৱঁলি… বস্তুবোৰ তাতেই লাগিলে পচি যাওঁক..।

অভিক আৰু একো কোৱাৰ সুবিধা নিদি …দেউতাই নিজৰ ৰুমৰ পৰা চাবিটো লৈ ওলাই আহিল । নিজেই দুৱাৰ খন খুলি  লাগতিয়াল বস্তুকেইপদ তেওঁক উলিয়াই আনিবলৈ ক’লে..।

ৰূমটোত সোমাই..দুবছৰৰ আগৰ সেই ৰাতিটো মনত পৰিল চাগৈ অভিৰ…।  দুৱাৰ মুখতে ক্ষন্তেক ৰৈ ..সোমাও নোসোমাও কৈ ভিতৰলৈ গ’ল তেওঁ..আৰু ল’ৰালৰিকৈ.. কাপোৰ কেইটামান.. ৱালেটটো আৰু… ছুইটচ অফ কৰি থোৱা… ম’বাইলটো লৈ ওলাই আহিল.. । দেউতাই তেওঁক লক্ষ্য কৰি থাকিল.. আৰু দৰকাৰী কাগজ পত্ৰ… নগদ ধন আছিল নেকিও মনত পেলাই দিলে..। আলমাৰী খুলি সেইখিনি ও উলিয়াই ল’লে অভিয়ে..।
প্রেয়সীৰ লগত গোপন অভিসাৰত লিপ্ত হোৱা সেই ৰাতিটোৰ স্মৃতিয়ে… দেউতাৰ আগত…অকনমান হ’লেও লজ্জিত কৰিছিল চাগৈ তেওঁক..। দেউতাৰ চকুত চকু থোৱাৰ বা মুখেৰে কিবা এটা কোৱাৰ সাহস কৰিব নোৱাৰি… তললৈ চাই  কোবা-কোবিকৈ গেষ্ট ৰুমৰ দিশে অগ্ৰসৰ হ’ল.. নিজৰ ঘৰতে আলহী হৈ পৰা অভিজিত বৰ্মন.. ।

গেষ্ট ৰূমটো..বাবুৱাই পৰিপাটিকৈ সজাই ৰাখিছিল..। দেউতাই সিহঁতক আগতিয়াকৈ কৈ থৈছিল… অভিৰ প্ৰয়োজনীয়তা বোৰলৈ .. সিহঁত দুইটাই যাতে চকু দিয়ে..। তেওঁ যেন একো অসুবিধাত নপৰে..।
ৰুমৰ দুৱাৰখন ..ভিতৰৰ পৰা বন্ধ কৰি.. অভি সোমাই পৰিল..। নিজকে.. পৰিস্থিতিৰ লগত মুখা মুখি হ’ব পৰাকৈ.. গঢ়ি তুলিবলৈ … তেওঁকও নিশ্চয় অলপ মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হৈছিল..।  কাৰণ সেইখন ঘৰত .. এতিয়া তেওঁ একেবাৰেই অকলশৰীয়া…।

কথাবোৰ মোক ফ’ন কৰি জনালে দেউতাই..। মই.. তেওঁক .. অভিৰ কোনো কথাই যাতে মোক নজনায়… তাৰবাবে অনুৰোধ জনালো… । দেউতাই বুজিছিল.. সম্পৰ্ক এটাৰে তেওঁৰ লগত হে …মই সাঙোৰ খাই আছো.. । অভিজিত বৰ্মন মোৰ বাবে এতিয়া .. পাহৰিব বিচৰা এক অতীত..।

সেইদিনা অভি ৰুমৰ পৰা বাহিৰ নোলালেই.. । পিচদিনা পুৱা  গা ধুই.. কিবা এটা খাবলৈ বুলি পাকঘৰত সোমাল..। পঞ্চমীয়ে ব্ৰেকফাষ্টৰ যোগাৰ কৰি আছিল..। চাহ একাপ বিচাৰি তেওঁ গাড়ীখন চাবলৈ বুলি গেৰেজ লৈ গ’ল..। দুবছৰে.. পৰিত্যক্ত হৈ পৰি আছে সেইখন..। গাড়ীৰ চাবিটো ..কি হ’লডাৰটোৰ পৰা লৈ .. গাড়ীখনৰ ওচৰ চাপোতেই.. দেউতাই তেওঁক নিজৰ ৰুমলৈ মাতি পঠিয়ালে.. আৰু বাগান দুখনৰ সকলো দায়িত্ব তেওঁৰ ওপৰত দিব বিচাৰি.. লাগতিয়াল নথি পত্ৰবোৰৰ দুটা ফাইল উলিয়াই দিলে তেওঁক..।

চাকৰিটো হেৰুৱাৰ পিছত.. নিজকে ব্যস্ত ৰখাৰ এটা উপায় দিব বিচাৰিছিল দেউতাই অভিক..। অভিয়ে না .. নকৰিলে..। তেওঁ ও হয়তো .. নতুনকৈ কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিছিল..।

পিছে কথাবোৰ ভবাৰ দৰে হৈ নুঠে কেতিয়াও.. । দেউতাই অভিক সংশোধন কৰিব বিচৰা .. সকলো প্ৰয়াস ব্যৰ্থ হৈ পৰিছিল..।
জেইলৰ পৰা.. অভিজিত বৰ্মনে.. প্ৰকৃততে অত্যন্ত জেদি আৰু প্ৰতিশোধ পৰায়ন মন এটা লৈ হে উভটি আহিছিল..। যাৰ কাৰণে ভৱিষ্যতত.. দেউতা মানসিক ভাবে ভাঙি পৰি শয্যাশায়ী হ’ব লগা হৈছিল.. । অভিৰ প্ৰতিশোধে.. মোৰ জীৱনত ও বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল..। এক কথাত ক’ব গ’লে মোৰ জীৱনটোক সলনি কৰি দিছিল..। 

হাজাৰ বিচ্ছেদ.. হাজাৰ মতানৈক্যই ও আচলতে মোক অভিৰ পৰা দূৰ কৰিব নোৱাৰিলে..। কাৰণ দুগু অভিজিতৰ সন্তান..। মই জন্ম নিদিয়াকৈয়ে..অভিৰ সন্তানক আজি তুলি তালি ডাঙৰ কৰিছো.. । 

উকা কপাল এখন আৰু স্বামীৰে বৰ্জিত হৈও আজি মোৰ কপালত ভগৱানে সন্তান সুখ লিখি দিছে..। বিচাৰ চোৱাচোন তেওঁৰ..। মোক কি বুলি ক’বা স্মৃতা.. ?
মই বৰ ভাগ্যৱতী ন’…?

: দিশা বা … কি কম… ভাষা নাই মোৰ.. । তোমাৰ ঠাইত নিজকে কল্পনা কৰি চাবলৈ ও ভয় লাগিছে মোৰ । তুমি কি দৰে ইমান বোৰ ধুমুহাৰ পিছত ও নিজকে এইদৰে বলিষ্ঠ ভাবে ঠিয় কৰাই ৰাখিলা..? তোমাৰ অন্তৰৰ বিশালতাক…. কি দৰে জুখি চাওঁ..?
যি জন মানুহে .. তোমাক কেৱল দুখেই দিলে.. আজি তেওঁৰেই সন্তানক .. মাতৃত্বৰ উমেৰে আঁকোৱালি লৈ.. নিজা পৰিচয়েৰে ডাঙৰ দীঘল কৰিছা… ! তুমি কেনেকৈ পাৰিলা…? এবাৰলৈ ও মনলৈ অহা নাছিল নে তোমাৰ… ” কি দৰকাৰত অভিৰ সন্তানক মই তুলি তালি ডাঙৰ কৰিম..!” 
তোমাক ঈশ্বৰে আচলতে কি ধাতুৰে গঢ়িলে..?  

: মানুহ পৰিস্থিতিৰ দাস..। মইয়ো বাধ্য হৈ পৰিছিলো স্মৃতা..। জীৱনে মোক এনেকুৱা এটা পইণ্টত নি ঠিয় কৰাইছিল.. য’ত ৰৈ.. অতীতৰ তিতা কেঁহা স্মৃতিবোৰক  আওকাণ কৰি..  দুগুৰ জৰিয়তে.. ভৱিষ্যতৰ দিনবোৰত ও অভিজিত বৰ্মনৰ জীৱনৰ লগত ..জড়িত হৈ পৰিবলৈ বাধ্য হৈ গ’লো মই..।
লাইফ ইজ চ’ আনপ্ৰেডিক্টএবল..।
জীৱনৰ অংকটো…যোগ বিয়োগ ..পূৰণ হৰণ… কৰি যেনে তেনে.. মিলাই গৈ থাকিবা…।  সময়ত অনুভৱ হ’ব.. পাৰিলো অ’ উত্তৰটো উলিয়াব..আৰু নকৰো অংক যা..। এইবুলি নিশ্চিন্ত হৈ বহিব বিচাৰিবা হে….পুনৰ আন কিছুমান ডাটাৰ..এনেকৈ এনট্ৰি হয় যে… ইচ্ছাৰ বিৰুদ্ধে গৈ ও আকৌ নতুনকৈ অংক এটা পাতি.. উত্তৰৰ সন্ধানত যোগ  বিয়োগ কৰিবলৈ বাধ্য হৈ পৰো আমিবোৰ..।
সমীকৰণবোৰ কিন্তু নিমিলে হে নিমিলে…।
এই জীয়াই থকাৰ প্ৰক্ৰিয়াটো …সকলোৰে বাবেই একে আচলতে..। কিছুমানে হয়তো সহজ অংক কিছুমান মিলাব ল’গা হয়.. আৰু আন কিছুমানৰ ক্ষেত্ৰত অংকবোৰ ইমানেই  আউল ল’গা হয় যে.. নিমিলাকৈয়েই ৰৈ যায় সদায়..। ময়ো নিমিলা অংকবোৰ মিলাবলৈকে যত্ন কৰি গৈ আছো… ।

                            ————-

মই এৰি দিছিলো.. অভিৰ কথা ভাবিবলৈ.. । তেওঁৰ জীৱনত কি ঘটি আছে..খবৰ ৰখাৰ প্ৰয়োজনবোধ ও কৰা নাছিলো..। মোৰ অকলশৰীয়া জীৱনটোত মই বৰ ধুনীয়াকৈ অভ্যস্ত হৈ পৰিছিলো..। স্কুলৰ ল’ৰা ছোৱালীবোৰৰ লগতে সময়বোৰ ভাল লগাকৈ পাৰ হ’ব ধৰিলে মোৰ..।
দেউতাৰ খবৰ পিছে  প্ৰতিদিনাই ৰাখিছিলো..। সেই খবৰ লোৱা বা খবৰ দিয়া সময়খিনিত …দেউতা আৰু মোৰ মাজত অভিৰ কথা কিন্তু …কোনোদিন ওলোৱা নাছিল..।

লাহে লাহে মোৰ পইচা পাতি অলপ ও জমা হৈছিল..। হাইস্কুল এখনৰ চাবজেক্ট টিচাৰ হিচাবে.. যিমান খিনি উপাৰ্জন কৰিছিলো.. তাৰ মোটা অংশ .. জমা কৰি গৈ আছিলো মই..।তাৰোপৰি…ভাড়াত দি থোৱা ৰূমদুটাৰ পৰা অর্জন কৰা টকা খিনি ও আছিল..।  খৰছ বুলিতো  নাছিলেই মোৰ..। যি দুটা.. এচলিয়া ৰুমত আছিলো.. ভাড়াৰ নামত প্ৰতি মাহে.. মাত্ৰ সাত শ টকাকৈ মালিকক আদায় দিব লগা হৈছিল..।
পেটতো পূৰাবলৈ..খোৱাৰ যোগাৰ যিমানখিনি কৰিব লগা হৈছিল… তাৰ তুলনাত…ঘৰৰ পৰা মায়েই বেছি খিনি দি  পঠাইছিল বুলি ক’লেও ভুল কোৱা নহ’ব..।
গতিকে.. মোৰ মাটি টুকুৰাত পুনৰ অলপ নিৰ্মাণৰ কাম আৰম্ভ কৰালো..আৰু আগৰ ভাড়া ৰূম কেইটাৰ কাষতে আৰু দুটা ৰুম সাজি উলিয়াও বুলি ঠিক কৰিলো..। ভাবিছিলো .. দেউতা জীয়াই থাকোতেই .. আশ্ৰম খন গঢ়ি … তেওঁৰ হাতেৰেই সেইখনৰ শুভাৰম্ভ কৰাম..।

এইবাৰ কিন্তু কামখিনি কৰাত বাধা আহিল..। অভিয়ে..চহৰৰ উপকন্ঠ অঞ্চলৰ মাটি টুকুৰাত কিবা কাম কৰোৱা হৈছে বুলি… গম পাই.. এদিন সেইখিনি পালেগৈ.. । তেওঁ জনা নাছিল সেই মাটি টুকুৰা যে দেউতাই মোক দি দিছে..। 
মিস্ত্ৰীয়ে কাম কৰিয়েই আছিল.. । তেওঁ চিঞৰ বাখৰ কৰি … অশ্লীল শব্দ প্ৰয়োগেৰে অসভ্যলি পৰিবেশ এটাৰ সৃষ্টি কৰিলে…। ভয় কৰি মোলৈ ফ’ন কৰিলে মিস্ত্ৰীয়ে..।
মই বিচৰা হ’লে অভিৰ হকা বাধা নামানি .. আইনী কাগজ পাতিবোৰ দেখুৱাই … মাটি টুকুৰাত নিজৰ অধিকাৰ সাবস্ত্য কৰিব পাৰিলো হয়..।
কিন্তু মই একো ষ্টেপ নল’লো..।  যেনেতেনে অলপ থান-থিত লগোৱা জীৱনটোত আৰু নতুনকৈ অশান্তি কিছুমান চপাই ল’ব মন নগ’ল মোৰ..। মই কাম বন্ধ কৰি দিলো…। এতিয়াও সেইবোৰ তেনেকৈয়ে পৰি আছে..। ভাবি থৈছো.. এসময়ত অভিক দি দিম সেইখিনি মাটি..।

: কিয় দিবা অভিজিত বর্মনক.. ? হীৰেন বৰ্মনে তোমাক দিছে সেইখিনি..। তুমি নিজৰ নামত ঘৰ এটা বনাই লোৱা তাত.. । দুগুক কি এইদৰে সদায় ভাড়া ঘৰে ঘৰে.. থাকিয়েই ডাঙৰ কৰিবা নেকি.. ? সেই মাটিখিনি তোমাৰ । নিজৰ ভাগৰ বস্তু লোকক বিলোৱাৰ কোনো দৰকাৰ নাই.. ।

খং খাই উঠিল স্মৃতা.. ।

: মই বহুত পাইছো..। যিমান হেৰুৱালো তাতকৈ ও বেছি চাগৈ..। দেউতাৰ আন্তৰিক মৰম পালো.. একান্ত নিজৰ বুলি ক’বলৈ দুগুক পালো..। দেউতাই সম্পত্তিৰ আধাতকৈ ও বেছি… মোৰ আৰু দুগুৰ নামত লিখি থৈ গ’ল.. । সেইখন ঘৰৰ লগত সকলো সম্পৰ্ক শেষ হোৱাৰ পিছত ও.. মূল ঘৰখনেই মোৰ হ’ল..।

অভিয়ে কি পালে…? এটাৰ পিছত এটাকৈ হেৰুৱাই গ’ল  তেওঁ মাথোঁ.. ।
কেতিয়াবা ভাবোঁ .. অভিৰ লগত অন্যায় হৈছে..। দেউতাই অকল বাগান দুখন অভিৰ নামত দি.. নিজৰ ভেটিটোৰ পৰা ও তেওঁক আঁতৰাই পঠালে.. । মই অপৰাধবোধত ভোগো মাজে সময়ে…।

: তোমাক মানি গৈছো মই দিশা বা..। তোমাৰ লগত যে অভিয়ে ইমানবোৰ অন্যায় কৰিলে.. তোমাৰ জীৱনটো শেষ কৰি দিলে.. জীয়াই থাকিও নিজ পত্নীৰ সেউতা উকা কৰিলে.. সেইয়া কি অভিৰ ভুল নহয়..!!
তুমি অভিৰ বাবে.. এতিয়াও যে এইদৰে চিন্তা কৰিছা.. তেওঁ তোমাৰ কাৰণে নূন্যতম কিবা অকন ও কৰি পাইছে নে..? তাৰ বিপৰীতে.. নিজৰ পাপ এটা তোমাক চপাই দিছে…।
আই জাষ্ট হেট ড মেন.. ।
ইমান মহান নহ’বা দিশা বা..। হীৰেন বৰ্মনে উচিত বিচাৰ কৰি থৈ গৈছে..। মানি লোৱা তাক..।

: দুগু পাপ নহয় স্মৃতা..। সেই ফুলকুমলীয়া শিশুটোৰ জন্মৰ সত্যতা যিয়েই নহওঁক.. সি মোৰ বুকুৰ আপোন..। তাক অভিৰ সন্তান বুলি কোনোদিন ভবা নাই মই..। সি মোৰ ল’ৰা..।
দৈৱকী নন্দন… শ্ৰী কৃষ্ণক কিন্তু যশোদাই বুকুৰ সন্তানৰ দৰে ডাঙৰ কৰিছিল..। জগতে কৃষ্ণ..যশোদাৰ সন্তান বুলিয়েই মানি লৈছে..।
মোৰ গৰ্ভত স্থিতি লোৱা নাই যদিও.. দুগু মোৰ হৃদয়ৰ গভীৰলৈ শিপাই যোৱা এটা সপোন.. । মই জিয়াই থকাৰ কাৰণ..। সি পাপ নহয় স্মৃতা..। সি পাপ হ’ব নোৱাৰে..।
প্লিজ মোৰ দুগুৰ কথা তেনেকৈ নক’বা..।

কান্দোনত ভাগি পৰিল দিশা..। স্মৃতাই খঙৰ ভমকত কৈ দিয়া কথা কেইটাই.. দিশাৰ কলিজাটো মোহাৰি থৈ গ’ল..। স্মৃতাই দিশাক সাৱটি ধৰি উচুপি উঠিল..।

: আই এম চ’ চ’ৰি দিশা বা..। মোৰ ভুল হ’ল.. । বিশ্বাস কৰা .. তোমাক দুখ দিয়াৰ ইনটেনচ’ন অলপ ও নাছিল মোৰ..। অভিজিত বৰ্মনৰ ওপৰত উঠা খঙৰ বহিঃপ্ৰকাশ কৰিব যাওঁতেই.. কথাখিনিয়ে বেলেগ ৰূপ ল’লে..।
মই জানো দিশা বা.. দুগু তোমাৰ বাবে কি হয়..। তোমাৰ যে প্ৰাণটো তাৰ লগতেই আছে.. তাকো বুজো..। অজানিতে হোৱা মোৰ ভুলৰ বাবে মোক ক্ষমা কৰা দিশা বা..।
ইটচ মাই ষ্টুপিডিটি… নাথিং এলচ.. । আই এম ৰিয়াল্লি ভেৰি চ’ৰি…।

: ইটচ অ’কে.. মই বুজিছো .. । মোৰ প্রতি থকা তোমাৰ মৰমবোৰৰ বাবেই অভিৰ ওপৰত খং উঠাই এইদৰে কৈ দিলা.. । মই বেয়া পোৱা নাই অলপ ও..।
ক্ষন্তেক ভাবুক হৈ পৰিছিলো অ’…।

আচলতে দুগুক নিজৰ কৰি লোৱাটো মোৰ কৰ্তব্য আছিল..। সময়ৰ পাক চক্ৰত পৰি.. দুগুৰ দায়িত্ব… মই মুৰ পাতি ল’ব লগা হ’ল..।
অভিয়ে কৰা ইচ্ছাকৃত ভুলৰ বাবেই দুগু এই পৃথিৱীলৈ আহিল..নহয় মই আচলতে অভিয়ে কৰা পাপ বুলিহে ক’ম..। কিন্তু তাৰ বাবে .. দুগুৰ জন্মদাত্ৰী মাকজনী দোষী নহয়..।
বিশ্বাস কৰিবা…অভিয়ে তেওঁৰ লগত হোৱা ঘটনাবোৰক.. কোনোদিন তেওঁৰ ভুল বুলি মানি ল’বই বিচৰা নাছিল..।

প্ৰতিশোধৰ জুই একুৰাত জ্বলি পুৰি … ইমান তললৈ ও নামি গৈছিল যে অভি… এদিন ধৰ্ষণৰ দৰে ঘৃণনীয় অপৰাধ এটা ও কৰি পেলাইছিল তেওঁ.. ।
আকৌ এবাৰ অভিয়ে ..তেওঁৰ নীচ মানসিকতাৰ পৰিচয় দিছিল..। যিটো আমি কোনেও ভাবিবই পৰা নাছিলো.. ।

                    ——————-
      
ঘৰলৈ গৈ অভিয়ে .. মাটিখিনিৰ বিষয়ে দেউতাৰ পৰা জানিব বিচাৰিলে..। দেউতাই সকলো বিৱৰি কোৱাত.. অভি..ৰুদ্ৰ মূৰ্তি ধৰি দেউতাৰ লগত তৰ্কত লিপ্ত হ’ল.. ।

: আপুনি কি বিচাৰ কৰিছে এইয়া..? দিশাক মই ভালপাব নোৱাৰিলোয়েই কোনোদিন..। আপোনাৰ সন্মান.. আপোনাৰ ষ্টেটাছৰ কথা ভাবি.. যাক ভালপালোঁ.. তেওঁক বিয়া নাপাতি .. আপোনাৰ পচন্দৰ দিশাক.. বাধ্যত পৰি বিয়া পাতিলো..। মই এদিনলৈ ও দিশাক আপোন কৰি ল’ব পৰা নাছিলো.. । ভাবিছিলো মোৰ অৱজ্ঞাই .. মোক এৰি যাবলৈ বাধ্য কৰিব তাইক.. । কিন্তু আপোনাৰ মৰমে দিশাক এইখন ঘৰ এৰি যোৱাত বাধা দিলে..।
আপুনি নোহোৱাত মই ইচ্ছাকৃত ভাবে তাইক আঘাট কৰিবলৈকে.. মোৰ প্ৰেমিকাক ..এইখন ঘৰলৈ লৈ আহিছিলো..। ভাবিছিলো.. এইবোৰ দেখি..জানি..ডিভোৰ্চ দি তাই চিৰদিনৰ বাবে মোৰ জীৱনৰ পৰা যাবগৈ..।
কিন্তু মোৰ জীৱনটো নৰক বনাই দিলে আপোনালোকে.. । এটা সেই বাবুৱা.. ! সি চাল্লা..এইখন ঘৰৰে নিমখ খাই.. মোৰ লগতে নিমখ হাৰামি কৰিব আহে..? মোৰ বিপক্ষে সি ক’ৰ্টত প্ৰমাণ দিয়ে..?
কি ভাবিছে আপোনালোকে মোক.. মই সহি থাকিম সকলো..? 
মোৰ চাকৰি গ’ল.. মোৰ ভালপোৱা মোৰ পৰা আঁতৰি গ’ল.. মোৰ নিজৰ ৰূমটোত মোৰ অধিকাৰ নোহোৱা হ’ল..। এতিয়া উত্তৰাধিকাৰীসূত্ৰে পাব ল’গা.. মোৰ সম্পত্তি ও আপুনি বিলাই ফুৰিব..?
এইয়া কেতিয়াও হ’ব নোৱাৰে..। মই চাই ল’ম সকলোকে.. ।

: চুপ থাক অভিজিত.. । কাক চাই ল’বি তই.. ? তোৰ লগত আজি যি হৈছে.. সেয়া তই কৰা অপৰাধৰ ফল..। তই মোৰ পুত্ৰ হোৱাৰ যোগ্যতা হেৰুৱাইছ..।  সৎত থকা হ’লে.. আজি এই বিশাল সম্পত্তি অকল তোৰ হ’ল হয়..! এখন সুন্দৰ সংসাৰত সুখেৰে থাকিব পাৰিলি হয়..! আনক দোষ দিয়াৰ আগতে.. নিজকে চিকুটি চা এবাৰ…।
আৰে..মোৰ বাবে.. বা মোৰ সন্মানৰ কথা চিন্তা কৰা হ’লে তই ইমানবোৰ কুকৰ্ম নকৰিলিয়েই হয়..!
আৰু এটা কথা.. তোৰ কাৰোবাৰ লগত প্ৰেমৰ সম্বন্ধ থকা বুলি জনা হ’লে.. মই সেই নিৰীহ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিবলৈ.. তোৰ লগত তাইৰ বিয়া পাতি নিদিলো হেঁতেন..! তই যদি ঘুনাক্ষৰেও জনালি হয়…তোৰ প্ৰেমিকাৰ বিষয়ে.. মই নিশ্চয় কিবা এটা চিন্তা কৰিলো হয়…।
তোৰ দেউতাৰ ইমান সংকীৰ্ণ মনৰ নহয়..। তই চিনিয়েই নাপালি আচলতে..।  বিধবা হ’ল বুলিয়েই তাইক যে মই মোৰ ঘৰৰ বোৱাৰীৰ স্বীকৃতি নিদিও … তই কিয় ভাবি লৈছিলি..? কম বয়সতে বিধৱা হোৱা ছোৱালীৰ কি সুখী হোৱাৰ অধিকাৰ নাই..? বিধবা এগৰাকীৰ.. নতুনকৈ ঘৰ এখন কৰাৰ হেঁপাহ থাকিব নোৱাৰে..? দৰকাৰ হ’লে..মই সমাজৰ বিপক্ষে ও ঠিয় দিলোহেতেঁন..।
তই সেইখিনি মোৰ লগত আলোচনা কৰিব নোৱাৰিলি.. ? তেতিয়া তোৰ লাজ লাগিল… আৰু নিজ পত্নীক মাৰধৰ কৰি.. তেওঁৰ সন্মুখতে .. প্ৰেমিকাৰ লগত ৰাত্রী যাপন কৰিবলৈ লাজ নাপালি তই..?
বেচেৰী দিশা জনীৰ লগত বহুত অন্যায় হ’ল..। গতিকে তাইৰ বাবে কিবা এটা কৰাটো মোৰ নৈতিক দায়িত্ব..।তোৰ মগজুৱে ঢুকি নাপাব সেই কথা..।
থাকিল বাবুৱাৰ কথা..। সি নিমখ হাৰামি নাই কৰা বাবেই আজি ..হীৰেন বৰ্মনৰ পুত্ৰ.. অভিজিত বৰ্মনে জেইল খাব লগা হ’ল..।
বিচাৰ বিবেচনাৰে পৰিস্থিতিৰ সন্মুখীন হ’বলৈ শিক..। জীৱনটো এতিয়াও শেষ হৈ যোৱা নাই..। অনাগত দিনবোৰত নিজকে এজন সৎ ব্যক্তি হিচাবে গঢ়ি তুলিবলৈ যত্ন কৰ.. । চাই ল’ম .. শেষ কৰি দিম.. এইবোৰ চলিউচন নহয়..। ভাল হ’ম..ভাল কৰিম বুলি হে পন কৰে..।

দেউতাৰ কথাবোৰ অভিয়ে কি দৰে বুজিলে নাজানো.. । দেউতাই বিধবা গৰাকীক ও নিজৰ বোৱাৰী কৰাত আপত্তি নাছিল.. । তেওঁৰ দৰে বহল অন্তৰৰ মানুহ খুব কমেই হে আছে স্মৃতা..।
সেইকাৰণে..অভিজাত্যৰে উজ্বলি থকা.. বৰ্মন পৰিয়ালতকৈ বহুগুণে নিম্ন খাপৰ.. বাগানীয়া পঞ্চমীক ও দেউতাই.. বোৱাৰীৰ মৰ্যদা দিবলৈ কুণ্ঠাবোধ কৰা নাছিল..। পঞ্চমীৰ ল’ৰা দুগুক.. পো- নাতি বুলি সাৱটি লৈছিল..।

আচৰিত হৈ পৰিল স্মৃতা..। কি কব.. কি শুনিছে.. এইয়া..? দিশাই যে কৈছে ..  এইয়া কি সত্য..?
স্মৃতাৰ মনটো বুজিব পাৰি… তাইৰ মনত উদয় হোৱা প্ৰশ্নবোৰ অনুমান কৰি.. দিশাই পুনৰ কৈ উঠিল..।

: হয় স্মৃতা..। তুমি ঠিকেই শুনিছা..। দুগু.. অভি আৰু পঞ্চমীৰ সন্তান..। অভিৰ ঔৰসত.. পঞ্চমীৰ গৰ্ভত স্থিতি লৈছিল দুগুয়ে..।
বাবুৱাৰ প্ৰতি মনত পুহি ৰখা ক্ষোভ আৰু ঘৃণাৰ বাবেই.. এদিন হিতাহিত জ্ঞান হেৰুৱাই.. অভিয়ে বাবুৱাৰ একমাত্ৰ ভনীয়েক.. পঞ্চমীক ধৰ্ষণ কৰিছিল..। উদ্দেশ্য.. প্ৰতিশোধ পূৰণ কৰা…।
কিমান নষ্ট চৰিত্ৰৰ.. কিমান অভদ্ৰ.. অভিজিত বৰ্মন ভাবি চোৱাচোন.. । সেইজনী ছোৱালী.. সৰুৰে পৰাই.. মাকৰ লগত আহি এইখন ঘৰত খেলি ধূলি ডাঙৰ হৈছে..। মাকে কাম কৰিব নোৱাৰা হোৱাত.. নিজৰ ঘৰ বুলি.. এইখন ঘৰৰ লগতে দেউতা আৰু অভিৰ ও চোৱা চিতা কৰাৰ দায়িত্ব পালন কৰি গৈছে..। অভিজিতে ভগ্নী তুল্য.. সেই নিৰ্দোষী ছোৱালীজনীৰ লগত নিজৰ কামনা চাৰিতাৰ্থ কৰোঁতে বুকু খন কঁপা নাছিল নে তেওঁৰ..? কেনেকৈ পাৰিলে স্মৃতা.. তাইৰ শৰীৰটোক পশুৰ দৰে হানি খুচি.. ৰং চাব.. । কথা খিনি জানি..মোৰ অভিৰ মুখতে থুৱাই দিব মন গৈছিল… ।
সেইটো মানুহৰ নামতে মই শিৰত সেন্দুৰ বোলাইছিলো..? হাতে হাত ধৰি জীৱনৰ খলা-বমা বোৰত আগুৱাই যোৱাৰ সপোন দেখিছিলো..? তেওঁৰ ভালৰ বাবে .. পুৱা গধূলি গোঁসাই ঘৰত এগছি বিশ্বাসৰ চাকি জ্বলাইছিলো..। মোৰ বিশ্বাস শেষ হৈ গৈছিল..। ভগৱানৰ প্ৰতি আস্থা নোহোৱা হৈছিল.. ।
মই বাকৰুদ্ধ হৈ পৰিছিলো..। মোৰ মগজুৱে কাম কৰা নাছিল .. । তিনি বছৰৰ পিছত পুনৰ মই ঢপলিয়াই গৈছিলো সেই ঘৰখনলৈ..।
দেউতাৰ বাবে..
বাবুৱাৰ বাবে..
আৰু পঞ্চমীৰ বাবে…।
                     ———————-                         
নির্জনতাত অৱহেলিত এটি আবেলি..।
হঠাৎ এজাক কলীয়া ডাৱৰে চানি ধৰিলে .. পশ্চিম আকাশত ডুবিব ধৰা বেলিটো..। ধৰাৰ বুকুলৈ.. সেইদিনা যেন অলপ সোনকালেই নামি আহিল সন্ধিয়াটো..।
ভিতৰৰ লাইটবোৰ আনদিনাতকৈ সোনকালেই জ্বলাই দিলে পঞ্চমীয়ে..। বাহিৰত তেতিয়া ধাৰাসাৰ বৰষুণ পৰিছিল.. । বৰষুণজাকৰ শব্দত কোনেও কাৰো মাত… শুনা নোপোৱা অৱস্থা এটাই বিৰাজ কৰিছিল..। হীৰেন বৰ্মনৰ ঘৰখনত ও.. বৰষুণজাকে যেন… এটি মায়াময় পৰিবেশৰ সৃষ্টি কৰিলে..!

আকাশত ওন্দোলি উঠা মেঘৰ সৌন্দৰ্য্য.. উপভোগ কৰি.. পাচলি বাৰিখনৰ  লগতে থকা নিজৰ কোঠাত.. বাবুৱা আৰু ৰাখাল .. ৰসাল আড্ডাত নিমগ্ন হৈ পৰিল..।  দেউতা ও সদায়ৰ দৰে কিতাপ এখন উলিয়াই .. নিজৰ কোঠাত সময় কটাব ধৰিলে..। আগফালৰ গ্ৰীল খনৰ ফাঁকেদি আঙুলি কেইটা উলিয়াই..বৰষুণৰ টোপালবোৰৰ.. হিমচেচাঁ স্পৰ্শ অনুভৱ কৰি আপোন পাহৰা হৈ পৰা পঞ্চমীক.. চাহ একাপ কৰিব কৈ .. অভি নিজৰ ৰুমত সোমাল..।

পঞ্চমীয়ে অভিলৈ চাহ কাপ কৰি… দিব যাওঁতেই.. তাইক আচৰিত কৰি অভিয়ে তাইৰ হাতত খামুচি ধৰিলে..। কি হৈছে ত’তকে ধৰিব নোৱাৰিলে বেচেৰীয়ে.. আৰু তেওঁ পঞ্চমীক বিচনাখনত বগৰাই ল’লে..। পঞ্চমী সচকিত হৈ উঠিল আৰু অভিৰ কব্জাৰ পৰা নিজকে মুক্ত কৰিবলৈ প্ৰাণপনে চেষ্টা কৰিলে..। অভিয়ে .. বাবুৱাক উপৰ্যুপৰি গালি দি..খহাই গ’ল এপদ এপদ কৈ পঞ্চমীৰ লাজৰ আৱৰণ..। অভিৰ ভৰিতে পৰি.. নিজৰ সতীত্ব ৰক্ষাৰ হেতুকে মিনতি কৰিলে পঞ্চমীয়ে..।

কিন্তু ..নগলিল অভিৰ কঠুৱা হিয়াখন..। দুচকুত জ্বলাই ৰখা প্ৰতিশোধৰ জুই কুৰাৰ বাবেই .. নেদেখিলে তেওঁ .. ভগ্নী সম পঞ্চমীৰ কাতৰ চকুলোবোৰ.. । অভিৰ পুৰুষত্বই পিষ্ট কৰি পেলালে তাইৰ ফুলকুমলীয়া দেহা..।
সেইখিনি সময়ৰ প্রতিটো মুহূৰ্ত্বত.. অভিৰ অন্তৰত .. বাবুৱাৰ প্ৰতি থকা ক্ষোভ.. বিদ্বেষ.. পঞ্চমীয়ে অনুভৱ কৰিব পাৰিছিল ..। বাবুৱাক প্ৰাণে মৰাৰ ও ভাবুকি দিছিল অভিয়ে.
..। ইমানবোৰ শাৰীৰিক আৰু মানসিক যন্ত্ৰণাৰ মাজত ও .. কঁপি উঠিছিল পঞ্চমীৰ বুকু… তাইক ধ্বংস কৰাৰ দৰে বাবুৱাৰো কিবা অঘটন ঘটাব নেকি বাৰু… সেই লম্পটটোয়ে..!!

নিৰীহ ছোৱালীজনীৰ ওপৰত.. নিজৰ কামনা চাৰিতাৰ্থ কৰি.. সেই দোপালপিতা বৰষুণ জাকতে.. গাড়ীখন লৈ ওলাই গ’ল অভি..। যি গ’ল… একেবাৰেই গ’ল অভিজিত বৰ্মন.. সেইদিনা হীৰেন বৰ্মনৰ ঘৰখন এৰি..।

আচলতে সকলোবোৰ অভিৰ প্ৰি-প্লেন আছিল..। তেওঁ বাগান দুখনৰ একাউণ্ট দুটাৰ পৰা গোটেইখিনি টকা উলিয়াই নিছিল.. আৰু দেউতাই গম নোপোৱাকৈ… ঘৰত থকা নগদ টকা অলপ ও.. নিজৰ হাতলৈ সৰকাই থৈছিল..। কি কৰিব .. বা ক’ত গৈ চেট’ল হোৱাৰ পৰিকল্পনা কৰি ৰাখিছিল অভিয়ে কোনেও গম নাপালে..।

অভিজিত বর্মনক প্ৰথম দেখিলে .. কোনেও অনুমান কৰিব নোৱাৰিব.. তেওঁৰ পিন্ধি ৰখা মুখা খনৰ আঁৰত যে.. এজন চাৰিত্ৰহীন তথা অসভ্য… বৰ্বৰ লোক লুকাই আছে..। মই দুটা বছৰ তেওঁৰ লগত থাকিও.. তেওঁৰ মানসিকতাক বুজিয়েই নাপালো…আৰু যেতিয়া বুজিলো.. তেওঁ সলনি হোৱাৰ আশা অলপ বুকুতে বান্ধি ….আৰু দুটা বছৰ .. সেইখন ঘৰতে ৰৈ দিলো..।
কিন্তু অভিজিত সলনি হোৱা মানুহ নহয়েই.. । তেওঁ এটাৰ পিছত এটাকৈ দুষ্কাৰ্য কৰি গ’ল..। পৰিতাপৰ গ্লানিয়ে কিন্তু দহিব নোৱাৰিলে তেওঁৰ বুকু..।
ভাবিলে এতিয়া শিয়ঁৰি উঠো…স্মৃতা..।
মোৰ দৰে দুৰ্ভগীয়া আছে নে চাগৈ কোনোবা.. !!
পঞ্চমী আৰু মোৰ মাজত কি পাৰ্থক্য থাকিল কোৱা..। আমি দুইজনী অভিৰ দ্বাৰা ধৰ্ষিত হ’লো..। মোক ধৰ্ষণ কৰিলে.. মোৰ বাবেই প্ৰেমাস্পদৰ সান্নিধ্যৰ পৰা বঞ্চিত হোৱাৰ ভয়ত.. আৰু পঞ্চমীক ধৰ্ষণ কৰিলে.. ভায়েকৰ চাক্ষুষ প্ৰমাণৰ ভিত্তিত জেইল যাব লগা হোৱাৰ অপমান সহিব নোৱাৰি..। অভিয়ে কৰা পাপৰ প্ৰায়শ্চিত আছে নে চাগৈ…!!
এইবোৰ কাৰণতে ভগৱানৰ অস্তিত্বক বিশ্বাস কৰিব মন নাযায় মোৰ..। তেওঁ যে আঁৰত থাকি… খেল এখন খেলি… ৰং চাই থাকে.. তাৰ অন্তৰালত কি থাকে বাৰু..?? মনত পৰাত এই জনমত মইতো এনেকুৱা কোনো পাপ কৰা নাই যে.. মোক তেওঁ ইমান শাস্তি দিছে…। নে মই.. আগৰ জনমত কিবা পাপ কৰি আহিছিলো..??

এটা হুমুনিয়াহ কাঢ়ি..দীঘলকৈ উশাহটো টানি দুচকু মুদি ক্ষণিক স্তব্ধ হৈ ৰ’ল দিশা .. । বুকুখনৰ কোনোবা এটা চুকত পুৰণি বিষটো দেখোন উজাই আহিছে..। বেদনাগ্ৰস্ত অতীতটোক খুঁচৰি.. আজি ধাৰাশায়ী তাই..।

স্মৃতাই একেথৰে দিশালৈ চাই…. মাথোঁ অপেক্ষা কৰি ৰ’ল.. তাইৰ মৰমৰ বায়েকজনীৰ… জীৱনৰ কেতিয়াও নোখোলা বাকী কেইটা পৃষ্ঠা ও …খুলি দিয়ালৈ …।

পুনৰ ক’বলৈ ধৰিলে দিশাই…

: বাবুৱাই যেতিয়া গম পালে কথাবোৰ .. উন্মাদ হৈ পৰিল সি ..।নিজৰ বায়েকৰ ..জঠৰ হৈ পৰা সেই ৰূপটো …চাই ৰোৱাৰ সাহস কৰিব নোৱাৰিলে সি..।পঞ্চমীক বহু পৰ বুকুতে সাৱটি .. পাগলৰ দৰে..  দা এখন হাততে লৈ .. অভিক বিচাৰি ওলাই গ’ল বাবুৱা..।

আৰু দেউতা … !!
মাথোঁ মৌন হৈ ৰ’ল তেওঁ..। আৰু কষ্ট সহিব পৰাকৈ বুকুখন ডাঠ হৈ থকা নাছিল তেখেতৰ…। পঞ্চমী বা বাবুৱাক কিবা এষাৰ ক’বলৈ ও শব্দবোৰ হেৰাই গৈছিল তেওঁৰ..।  এচুকত বহি… কান্দি থকা ….পঞ্চমীক সান্তনা দি .. ৰাখালেও ভদ্ৰতাৰ মুখা পিন্ধি.. অভিজাত্যৰ টেগ মোহৰ লগাই … সমাজত দুষ্কাৰ্য চলাই যোৱা অভিজিতৰ দৰে হাজাৰকনক গুৱাল গালি দিব ধৰিলে..। দেউতাৰ বুকুখনত যেন শেল এপাটেহে খুঁচিলে .. ।

একমাত্ৰ পুত্ৰৰ বাবে আৰু কিমান অপমানিত হ’ব ….!!
জীৱনৰ শেষ দিনকেইটাত মানুহৰ পৰা ঠাট্টা লাঞ্ছনা পাবলৈকে জীয়াই থাকিলে নেকি বাৰু তেওঁ…!!
দেউতাই অস্ফুট শব্দ কেইটামানেৰে মোলৈ ফোন কৰি .. ঘটনাটোৰ বিষয়ে জনাবলৈ যত্ন কৰিলে.. । মই ফোনৰ আনটো মূৰত.. চক খাই উঠিছিলো দেউতাৰ সেই গেঙনি কেইটা শুনি..। মোৰ বুজিবলৈ অসুবিধা হোৱা নাছিল যে.. হয় দেউতাৰ গা বেয়া হৈছে.. নাইবা ঘৰখনত ডাঙৰ কিবা এটা ঘটনা ঘটিছে..। নহ’লে দেউতাই ইমান অসহায়ৰ দৰে মোলৈ ফোন নকৰে ।
মই চিঞৰি চিঞৰি সুধিব ধৰিলো..

: কি হৈছে দেউতা.. অলপ বুজাই ক’ব চেষ্টা কৰকচোন .. । আপোনাৰ গা বেয়া নেকি.. ? মই গৈ আছো ৰব..। আপুনি চিন্তা নকৰিব.. । অলপ ধৈয্য ধৰক… । মনটো সৱল কৰি ৰাখক..।

সদায় মোক ধৈয্য ধৰিবলৈ শিকোৱা মানুহজনক.. আজি মই ভাঙি নপৰিবলৈ অনুৰোধ কৰিছো.. ধৈয্য ধৰাৰ কথা কৈছো.. ।
মোৰ মাতষাৰত তেখেতে হয়তো.. মনত অলপ সাহস গোটাব পাৰিছিল..। মোক কৈছিল তেঁও…

:  আহা মাজনী । সোনকালে আহা…অভিয়ে সকলো শেষ কৰি দিলে..। পঞ্চমীক ও সি…..

কথা কেইটা সম্পূৰ্ণ নকৰাকৈ হুকহুকাই কান্দি উঠিল দেউতা..। মই বুজিলো.. অৱশেষত পঞ্চমীৰ জীৱনলৈ ও চৰম সৰ্বনাশ নমাই আনিলে অভিজিত বৰ্মনে..। কি কৰো এতিয়া..? কেনেকৈ মুখা-মুখি হওঁ সিহঁতৰ..?
পঞ্চমীক কি কৈ বুজাম এতিয়া..?
বাবুৱাক কি বুলি সান্তনা দিওঁ..?
উফফ… ।
মূৰটো ঘূৰাই গ’ল মোৰ..। এইখিনি সময়ত দেউতাক মই কোনোপধ্যে অকলে এৰিব নোৱাৰো..। ভগৱানে কি কৰিছে এইয়া মোৰ লগত..? কেতিয়াও ভৰি নথও বুলি… পণ কৰা ঘৰখনলৈ আকৌ যাবলৈ কিয় বাধ্য কৰিছে ঈশ্বৰে মোক..??
বাহিৰত তেতিয়াও দপদপিয়া এজাক বৰষুণ..।
ছাতি এটা হাততে লৈ ওলাই গ’লো মই ৰাস্তাৰ ফালে..। প্ৰচণ্ড বৰষুণজাকৰ বাবেই…ৰাস্তা জনপ্ৰাণীহীন হৈ পৰিছিল.. । ইফালে সিফালে চাই .. এখন ও বাহন নেদেখি.. ভাইটিলৈ ফোন কৰিলো মই..।
বোৱাৰীজনীয়ে ফোন ৰিচিভ কৰিলে.. । মই কথাখিনি কোৱাত.. তাইৰ প্ৰত্যুত্তৰ শুনি… সেইদিনা মই সেই মুষলধাৰ বৰষুণজাকতে বহু সময় শিল পৰা কপৌৰ দৰে ৰৈ থাকিলো..।

হয়..  মোৰ ভাঙি যোৱা সংসাৰ খনৰ বাবে.. এতিয়া মোৰ আপোন মানুহখিনিৰ পৰাও… কিবা এটা সহায় বিচৰাৰ একো অধিকাৰ নাই মোৰ..। নিজৰ ওপৰতে খং উঠিছিল..  বাৰে বাৰে অকলশৰীয়া বুলি জানিও.. মই কিয় আনৰ পুতৌৰ পাত্ৰী হ’ব বিচাৰো… কিয় সকলো জানিও স্বইচ্ছাৰে অপমানিত হওঁ…!!
উভটি আহিছিলো মই…মোৰ অকলশৰীয়া ৰূমটোলৈ..আৰু এসাগৰ প্ৰশ্ন মনতে লৈ এটা উজাগৰী নিশা পাৰ কৰি দিছিলো..।
পিছদিনা কাহিলী পুৱাতে টেম্প’ এখন লৈ… হীৰেন বৰ্মনৰ ঘৰত ভৰি দিছিলো মই… ।

গেটৰ বাহিৰৰ পৰাই দেখিছিলো.. বাগানৰ মানুহবোৰে বৰ্মনৰ ঘৰ খন বেৰি .. অশ্ৰাব্য গালি গালাজেৰে.. এটা হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰিছে..।
কিবা এটা ভয়ে অন্তৰাত্মা কঁপাই দিলে মোৰ..। পৰিস্থিতিৰ পৰিণতি কি হ’ব পাৰে ভাবিবলৈ ও বুকুখনে যেন বাধা দিলে মোক..। তথাপিও নিজকে যেনেতেনে… অলপ প্ৰস্তুত কৰি সোমাই গ’লো মই বৰ্মনৰ বিশাল কেম্পাছৰ ভিতৰলৈ…।

                                  ……………

বৰ অসহজ লাগিল পৰিৱেশটো মোৰ… । বাগানৰ কৰ্মচাৰী তথা মজদুৰ খিনিক বৰ্মনৰ ঘৰত থাকোঁতে… বছৰত দুবাৰকৈ লগ পাইছিলো মই…। চাহপাত চিঙাৰ আগত আৰু চাহপাত  চিঙি হোৱাৰ পিছত..দেউতাই প্ৰতি বছৰে আয়োজন কৰা প্ৰীতি ভোজত..।  তাৰ ভিতৰত …কিছুমানক মনত আছিল .. কিছুমানক হয়তো পাহৰি গৈছিলো..।
ইফালে সিফালে চাই.. চিনাকি মুখ বিচাৰি.. ভিৰ থেলি সোমাই গ’লো মই..।

আগ নিশাৰ বৰষুণে চোতাল খন ভিজাই… জেপজেপিয়া কৰি পেলাইছিল..। অ’ত ত’ত ডোঙা বান্ধি থকা পানীত.. প্ৰভাতি পখি কেইটামানে জপিয়াই জপিয়াই নাচি থকাৰ দৃশ্যই… এক লহমাৰ বাবে হ’লেও …দৃষ্টি কাঢ়ি নিছিল মোৰ..। ফুলনী খনৰ ফুলবোৰ ও যেন বৰষুণৰ পৰশত আৰু বেছি সজীৱ হৈ পৰিছিল ..।

চৌকাষৰ সজীৱতা বোৰ কিন্তু.. বৰ্মনৰ ঘৰ খনলৈ বিয়পিব পৰা নাছিল..। অন্তিম উশাহটোৰ অপেক্ষাত.. দুচকু মেলি .. পৰি থকা শয্যাসায়ী বেমাৰীৰ দৰেই ম্লান আজি… এসময়ত অভিজাত্যৰ চমকেৰে জিলিকি থকা… বৰ্মনৰ আৱাস গৃহ..।

বাবুৱা.. ৰাখাল আৰু পঞ্চমীক মোৰ দুচকুৱে পিটপিটাই বিচাৰি ফুৰিলে..। কিন্তু মই এজনক ও নেদেখিলো..।

মূল ঘৰটোৰ বাৰাণ্ডা খনত ভৰি দিবলৈ বুলি লওঁতেই.. চিৰি কেইটাত বহি থকা .. কেইবাগৰাকীও বাগানিয়া মহিলাৰ মাজত ..  পঞ্চমীৰ মাক … সাবিত্ৰীলৈ চকু গ’ল মোৰ..।  বেমাৰী দেহাটোৰে.. এযুৰি কাতৰ চকুৰে ভিতৰলৈ চাই বহি আছে তেওঁ..।

বুকুখন মোচৰ খাই গ’ল মোৰ..। নিজৰ পেট পুহিবলৈকে .. কেইটামান টকাৰ বিনিময়ত.. জীৱনৰ কেইবাবছৰ ও এই ঘৰখনত কাম কৰি খোৱা সাবিত্ৰীৰ.. একমাত্ৰ জীয়েক আজি এই ঘৰৰ ল’ৰাৰ  হাততে ধৰ্ষিত..। সাৱিত্ৰীয়ে জানো ভাবিব পাৰিছিল.. এটা দুটা মাত ফুটোটেই …মাকে লৈ অহা এই ঘৰখনতেই.. জীয়েক পঞ্চমী.. এদিন এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ’ব..?
আজি পঞ্চমী যদি মোৰ ছোৱালী হ’ল হয়… !
ভাবিব ও মন নগ’ল মোৰ..।

মই দুহাতেৰে সাবিত্ৰীৰ কান্ধতে ধৰি উঠাই ল’লো তাইক.. আৰু ভিতৰলৈ আনিব বিচাৰিলো..।

: দিদি.. উঠি আহাচোন.. । ভিতৰলৈ ব’লা..অলপ কথা পাতো তোমাৰ লগত..।

সাৱিত্ৰীয়ে আপত্তি কৰিলে..।

: নাই মেমচাহাব.. আমাৰ ছোৱালীৰ ইজ্জত শেষ কৰি দিছে চ’ট চাহাবে..। এই ঘৰৰ ভিতৰত নোসোমাও মই..।আপুনি দেখিছিলে.. আমি নিজৰ ঘৰ ভাবি.. এই ঘৰত চাকৰ কৰিছিলো..। বৰ’ চাহাবক আমাৰ বাবা আৰু চ’ট চাহাবক আমাৰ ল’ৰা মতন মৰম দিছিলো..।
আমাৰ টকা পইচা নাই বাবে.. আমাৰ কি ইজ্জত ও নাই.. ? মোৰ এটাই ছোৱালী.. চাৰা বাগানে জানি গৈছে… তাইৰ লগত চ’ট চাহাবে বেয়া কাম কৰিছে..। মই ছোৱালীটো লৈ.. এতিয়া কি কৰিম  কওঁক..? তাইক কোনে চাদি কৰিব..?
আমাক বিচাৰ লাগে.. । আমাৰ বেটিৰ বাবে ন্যায় লাগে ..। আমাৰ গাৰ ছাল .. কালা হ’ব পাৰে.. পেটটা কিন্তু চ’ট চাহাবেৰ মতন কালা নহয়..।

মই তল মূৰ কৰি সাবিত্ৰীৰ কথা খিনি শুনি থাকিলো… । সেইসময়ত তাইক বুজাব পৰা শব্দবোৰ মোৰ মুখৰ পৰা ওলাই নাহিল..। বছৰ বছৰ ধৰি এইখন ঘৰত কাম কৰি আহিছে সিহঁতে..। অভাৱে জুৰুলা কৰা সিহঁত.. ইমানেই বিশ্বাসী যে.. ইমান বছৰে.. ঘৰখনৰ এটা পইচা বা এটা বস্তু.. সিহঁতৰ হাতত ইফাল সিফাল হোৱা নাই..।
আৰু আজি আমিবোৰে.. সিহঁতৰ বিশ্বাস ৰখাত অসমৰ্থ হৈ পৰিছো..। অভিয়ে কৰা ভুলে .. দেউতাৰ দৰে ব্যক্তি এজনৰ প্ৰতি থকা সিহঁতৰ আস্থা.. আৰু মনোবৃত্তিৰ সলনি কৰি দিছে… ।

এনে লাগিল মোৰ.. এই যেন অভিক গতিয়াই উলিয়াই আনি.. সাবিত্ৰীৰ ভৰিতে পেলাই ক্ষমা খোজাম.. । মানুহগৰাকীৰ মনৰ শান্তিৰ বাবেই… বাগানৰ গোটেই মানুহখিনিৰ সন্মুখত পঞ্চমীৰ হাতেৰে…অভিৰ গালত দুটা প্ৰচণ্ড চৰ সোধাই দিম..।
মই দিক বিদিক হেৰুৱাই পেলাইছিলো..। উত্তেজিত হৈ পৰিছিলো .. এজনী মাকৰ অসহায় অৱস্থাতো উপলব্ধি কৰি …।

সাৱিত্ৰীক তাতে এৰি .. পোনে পোনে দেউতাৰ কোঠালৈ সোমাই গ’লো মই.. । দেউতা উপৰমুৱাকৈ বিচনাখনতে পৰি আছিল..। খুব দুৰ্বল দেখাইছিল তেওঁক..। যোৱা তিনিটা বছৰে.. দেউতাৰ মাতটো ফোনত শুনি.. দেউতা ইমান নিশকতীয়া হৈ পৰিছে যেন অনুভৱ হোৱা নাছিল দেখোন..!
এটা ৰাতিয়ে হয়তো …দেউতাক ভাঙি পেলাবলৈ যথেষ্ট হৈ পৰিছে..। তেখেতক দেখি শোকে খুন্দিয়াই গ’ল মোৰ বুকুখন..।
বাবুৱা আৰু ৰাখাল দেউতাৰ কাষতে ৰৈ কিবা-কিবি কৈ আছিল..। সিহঁতৰ কথাবোৰ বুজাত অসুবিধা হ’ল মোৰ.. । কিন্তু অনুমান কৰিলো.. সিহঁত আজি ক্ৰোধাম্বিত.. ।

মোক দেখি বাবুৱা উধাতু খাই মোৰ ওচৰ পালেহি..।

: বাইদেউ .. গম পাইছে নে  আপুনি… সেই কুত্তাটোয়ে পঞ্চমীৰ লগত কি কৰিলে..। সি চাল্লা.. চাদি কৰি আনি আপোনাক ও বৰবাদ কৰি দিলে.. আৰু মোৰ দিদিৰ ও চব শেষ কৰি দিলে.. । তাক ( ….. ) মই কাটি পেলাম.. । সি হাৰামি পলাই ফুৰিছে..। দ’ম আছে যদি ওলাই নাহে কিয় এতিয়া..?
আমাৰ বাগানৰ চব বিলাক মানুহ গৰম হৈ আছে..। তাক কৰবাত পালেই মাৰি পেলাব..।

মই তেতিয়াহে গম পালো.. অভি যে পলাই ফুৰিছে..।
বাবুৱাৰ লগতে ৰাখালে ও বহুত কিবা কিবি ক’লে.. যিবোৰ সহিবলৈ দিগদাৰ পালো মই..। কিন্ত্ত… মই আজি শুনিবলৈ বাধ্য..। অভিয়ে কৰা এই মাৰাত্মক ভুলটোৱে.. আজি গোটেই সভ্য সমাজখনক কলুষিত কৰিছে..। মই কেনেকৈ বুজাও যে.. সকলো অভিজিত বৰ্মন নহয়..। সকলোৱে এনেকুৱা পাপ নকৰে..!
অভিৰ প্ৰতি ঘৃণাই সিহঁতৰ চিন্তা শক্তিত ও প্ৰভাৱ পেলাইছে আচলতে..। সিহঁত এতিয়া ভাল বেয়া.. ভুল শুদ্ধ বিচাৰ কৰি চাব পৰা অৱস্থাত নাই  ।
অগত্যা মই সিহঁতক বাহিৰলৈ যাবলৈ কৈ দেউতাৰ বিচনাখনতে গৈ বহি ল’লো..। দেউতাই মুখ খন ঘূৰাই উচুপি উঠিল..।

: মোক শেষ কৰি দিলে এই ল’ৰাটোৱে মাজনী.. । সকলো শেষ হৈ গ’ল মোৰ.. যি অলপ সন্মান বাছি আছিল.. আজি সেইখিনিও হেৰুৱালো মই..। মই ওলাই গৈ সিহঁতৰ মুখামুখি হোৱাৰ সাহস গোটাব পৰা নাই অ’… । কি কৰো এতিয়া মই ..?  এনেকুৱা লাগিছে .. ঘৰ দুৱাৰ জ্বলাই.. নিজেই ও যেন শেষ হৈ যাও..।

: এইখিনি সময়ত দুৰ্বল হৈ পৰিলে নহ’ব দেউতা..। সকলো সমস্যাৰে সমাধান আছে..। এইটো সমস্যা ও আপুনিয়ে মইয়ে মিলি ঠিক কৰিম..। ইমান চিন্তা নকৰিবচোন ৰব ..।

দেউতাক ক’লো হয়..  কিন্তু কি ঠিক কৰিম..? এজনী ছোৱালীৰ হেৰুৱা সতীত্ব ঘুৰাই দিয়া সম্ভৱ জানো…! অশিক্ষিত হ’ব পাৰে বাগানৰ মানুহবোৰ..। কিন্তু আত্মসন্মান সিহঁতৰ ও আছে.. ।

: মই পঞ্চমীক এইখন ঘৰৰ বোৱাৰীৰ মৰ্য্যদা দিম..।
হয়.. সেইটোৱেই কৰিম মই..। সৰুৰে পৰা এইখন ঘৰৰ ছোৱালীৰ দৰেই… তাই আমাৰ ঘৰতেই ডাঙৰ দীঘল হৈছে..।আমাৰ শুশ্ৰুষা কৰিছে..।  এতিয়া তাইক বোৱাৰী হিচাবে মানি লৈ..মই তাইৰ হেৰুৱা সন্মান ঘূৰাই দিম..।

দেউতাই হঠাৎ কৈ উঠিল..।

: অভিজিতে মানি ল’ব নে..? আৰু পঞ্চমীয়েই বা কিয় মানিব দেউতা..? যি জন পুৰুষে তাইৰ সতীত্ব হৰণ কৰিছে.. তেওঁক  তাই স্বামী বৰণ কৰিব পাৰিব নে..?

: অভিৰ লগত কোনো কথা নাই..। তাই যদি মান্তি হয়..মই মোৰ ঘৰত ৰাখি তাইৰ দায়িত্ব ল’ম.. আৰু সাধ্যানুসৰি যোগ্য পাত্ৰ বিচাৰি তাইক বিয়া দিব যত্ন কৰিম..। ক’ৰবাত নহয় ক’ৰবাত তেনে এজন লোক জানো নোলাব..?
এই দুনীয়া খনত কেৱল.. মোৰ কুলাঙ্গাৰ পুত্ৰৰ দৰে মানুহেই.. বসতি নকৰে নহয়..।

: ইমান সহজ নহয় দেউতা..। বাহিৰত গোটেইবোৰ মানুহ উত্তেজিত হৈ পৰিছে..। তেওঁলোকক বুজোৱা সম্ভৱ নহ’ব এতিয়া..।
পিছে..বাবুৱা আৰু ৰাখালক কৈ চাব পৰা যায়.. ।

মই সিহঁত দুটাক মাতি আনিলো..। যিমান পাৰো মৰমেৰে .. বুজাব যত্ন কৰিলো..। নিজৰ লগতেই হোৱা… অন্যায়ৰ বিষয়ে কৈ..মনৰ বেদনাবোৰ ও প্ৰকাশ কৰিলো..। লগতে অভিজিতক বিচাৰি পালে উচিত শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিলো..।

দেউতাই ও থোকা থোকি মাতেৰে … ক্ষমা খুজিলে বাবুৱাক..। দেউতাৰ দৰে মানুহ এজনে.. পুতেকৰ বাবেই আজি অশিক্ষিত..নিম্নশ্ৰেণীৰ বাবুৱা আৰু ৰাখলক ক্ষমা খুজিব ল’গা হৈছে..। কিমান দুখজনক পৰিস্থিতি এটা..! মোৰ বুকুৰ ঢপঢপনি বোৰ যেন ৰৈ যাব এতিয়া…।

অৱশেষত..বুজিলে সিহঁতে.. ।
ছোৱালীজনীয়ে যি হেৰুৱালে ঘূৰাই দিব নোৱাৰে কেতিয়াও .. তথাপিও…তাইৰ বাবে দেউতাই যি চিন্তা কৰিছে.. তাত যদি আপত্তি জনাই.. বেলেগ কি উপায় আছে নো..? সিহঁতেই বা কি কৰিব..?
গতিকে দেউতাৰ কথা মানি… বাবুৱাই মাকৰ লগতে বাহিৰৰ মানুহখিনিক বুজালে সকলোবোৰ..। অলপ যেন শাম কাটিল সিহঁতৰ খঙবোৰৰ..।
আচলতে এই শ্ৰেণীৰ মানুহে… নিজৰ ভিতৰত লাগিলে কটা-মৰাই কৰি থাকক..কিন্তু বেলেগ কোনোবাই যেতিয়া.. সিহঁতৰ মাজৰ কোনোবা এজনকও… কেনেবাকৈ অপদস্ত কৰে.. সিহঁত গোটেইবোৰ ঐকবদ্ধ ভাবে তাৰ বিৰোধিতা কৰিবলৈ ওলাই আহে..। যিটো আমাৰ অসমীয়া মানুহখিনিৰ মাজত খুব কমেই হে দেখা যায়..।

নিজৰ ভায়েকৰ বুজনিত আশ্বস্ত হৈ.. পঞ্চমীৰ হৈ ঠিয় দিয়া মানুহখিনি বাগানলৈ উভটি গ’ল..।
মই পঞ্চমীক বিচাৰি.. বাবুৱাৰ কোঠা পালোগৈ..। কুচি মুচি .. বিচনাখনতে শুই আছিল তাই..। মই লাহেকৈ মাত দিলো…

: পঞ্চমী…।

উচপ খাই উঠিল পঞ্চমী.. । পিন্ধি থকা চোলাটো যিমান পাৰে টানি-টুনি ঠিক কৰিব যত্ন কৰিলে..। ক্ষত-বিক্ষত হৈ পৰা শৰীৰটোত .. আৰু যেন কাৰো নজৰ পৰিব নিদিব তাই..।

এদিন মোৰো তেনে অনুভৱ হৈছিল.. যেতিয়া অভিৰ অভিসন্ধিৰ কথা মই বুজি উঠিছিলো..। ময়ো পঞ্চমীৰ দৰে.. নিজৰ শৰীৰটোক আইনাত দেখি শিয়ঁৰি উঠিছিলো..। পিন্ধি থকা কাপোৰ সাজেৰে.. আতি আতি মেৰিয়াই লৈছিলো মোৰ ধৰ্ষিত শৰীৰটো..।
চকুপানী খিনিক ধৰি ৰখাব নোৱাৰিলো..।
তাইও নাৰী..
মোৰ দৰে..
আজি তাইও লাঞ্চিত..
মোৰ দৰে..
নাৰীৰ মূল্য এইয়াই নেকি.. ।
মন গ’লেই কোনোবাই মোহাৰি… দলিয়াই দিব.. !
কিয় আমিবোৰ.. কিছুমান মুহূৰ্ত্বত… ইমান অসহায় হৈ পৰো..?

দৌৰি গৈ পঞ্চমীক সাৱটি ধৰিলো মই.. আৰু জোৰেৰে বুকুৰ মাজত সোমোৱাই ল’লো..। বুকুৰ ভিতৰৰ নিৰাপত্তা খিনি বুজাব মন গ’ল তাইক..।
মই আছো পঞ্চমী..
মই তোৰ লগত থাকিম.. ।

                      …………………….

মুখেৰে একো নামাতিলে পঞ্চমীয়ে.. । কেৱল কুৰুকি কুৰুকি মোৰ বুকুৰ মাজলৈ সোমাই আহি.. উচুপি উঠিল..। ভয় খাইছিল তাই.. মানুহৰ প্ৰতি থকা বিশ্বাস বোৰ হেৰুৱাই পেলাইছিল..। 
আলফুলে তাইৰ মূৰতে হাত ফুৰাই দিলো মই..।
কেতিয়াবা.. কিছুমান সময়ত ..মৌনতাই শ্ৰেষ্ঠ ভাষা হৈ পৰে..।
আজি এই মুহূৰ্ত্বত মই পঞ্চমীক ক’ব নোৱাৰো যে..
” যি হ’ল.. হৈ গ’ল.. । কথাবোৰ পাহৰি যা.. ”  নাইবা
” সব ঠিক হৈ যাব.. চিন্তা নকৰিবি..। “

তাইক বুজাবলৈ ইয়াৰে যদি.. যিকোনো এটা বাক্য ও মই.. কৈ পেলাও… মই জধামূৰ্খৰ শাৰীত হে পৰিম..। কাৰণ তাই যি হেৰুৱাইছে.. তাৰ তুলনা কৰি চাবলৈ যত্ন কৰাটোও..আচলতে এক বাতুলতা..। মই নিমাতে ৰ’লো.. ।

শৰীৰৰ ঘাঁবোৰ বাৰু সোনকালেই শুকাই যাব.. কিন্তু পঞ্চমীৰ বুকুত আজি  যি টুকুৰা ঘাঁ লাগিল.. তাৰ নিৰাময়ৰ বাবে পঞ্চমীক এতিয়া বহুত মৰমৰ প্ৰয়োজন.. আশ্বস্ত হ’ব পৰাকৈ অলপ নিৰাপত্তাৰ প্ৰয়োজন..দুখবোৰ পাহৰি থাকিব পৰাকৈ.. এটা সুস্থ পৰিবেশৰ প্ৰয়োজন.. ।

মই পঞ্চমীক দেউতাৰ প্ৰস্তাৱৰ বিষয়ে জনালো..। এইখন ঘৰত..তাই সন্মান সহকাৰে থাকিব পাৰিব বুলি আশ্বাস দিলো..। লগতে বাবুৱা আৰু সাৱিত্ৰীয়ে ও যে সন্মতি জনাইছে তাকো ক’লো..।
মোৰ কথা শুনি পঞ্চমী খং খাই উঠিল..।

: নাথাকো মই ইয়াত.. । মই মাৰ ওচৰত গুচি যাম..। মোৰ ইয়াত থাকিব ভয় লাগে বাইদেউ..। চাহাবে বাবুৱাক ও মাৰি পেলাব.. । সেইদিনা চাহাবে বাবুৱাক বহুত গালি দিছিল..। আমি ইয়াৰ পৰা একেবাৰে গুচি যাম গৈ..।

পঞ্চমীয়ে সেই অভিশপ্ত সন্ধিয়াটোৰ.. গোটেই ঘটনাটো বিৱৰি ক’লে মোক..। মই বুজিলো… অভিজিত বৰ্মন সঁচায়ে এজন মানসিক বিকাৰগ্ৰস্ত লোক..।
ইমান নীচ চৰিত্ৰৰ হ’ব পাৰে নে মানুহ..? দেউতাৰ দৰে আমায়িক.. সহণশীল আৰু উদাৰ ব্যক্তি এজনৰ… একমাত্ৰ পুত্ৰ… কেনেকৈ ইমান হিংসুক প্ৰকৃতিৰ হ’ল বাৰু..?
মোৰ মনতো উত্তৰহীন প্ৰশ্ন কিছুমানে গধূৰ কৰি পেলালে..।

পঞ্চমীক তাতে থাকিবলৈ জোৰ কৰাৰ কথাই নাহিল..। এতিয়া সিদ্ধান্তবোৰ তাইৰ হাতত এৰি দিয়াৰ সময়..। তাই আজি ভীতিগ্ৰস্ত..। আৰু কিবা হেৰুৱাৰ ভয়ে খুলি খুলি খাইছে তাইক..।
দেউতাৰ লগত আলোচনা মৰ্মে…অৱশেষত পঞ্চমীক মাকৰ লগত বাগানলৈ পঠাই দিয়াৰ সিদ্ধান্ত লোৱা হ’ল । মই ভৱিছিলো… বাবুৱা ও আৰু এইখন ঘৰত নাথাকিব.. । পিছে সি দেউতাক অকলশৰীয়া কৰি এৰি যাব মন নকৰিলে..। তাৰ আন্তৰিকতা দেখি বুকুখন ভৰি গৈছিল মোৰ..।

কিমান নি:স্বাৰ্থ আছিল… দেউতাৰ প্ৰতি তাৰ ভালপোৱা চোৱাচোন..। কিমান শ্ৰদ্ধা আছিল তেখেতৰ প্ৰতি..। যি জন মানুহৰ ল’ৰাই.. বায়েকৰ জীৱনটো ধ্বংস কৰি দিলে.. আজি  তেওঁৰ বাবেই সি সকলো অপমান সহি.. সেইখন ঘৰতে থাকিবলৈ ৰাজী হৈছে..।

পঢ়া-শুনা কৰি .. পাঠ্যপুথিগত জ্ঞানেৰে.. আমি শিক্ষিত এচামে কি কৰিছো… আৰু তাৰ বিপৰীতে… অশিক্ষিত বাবুৱাই এইয়া কি উদাহৰণ দেখুৱাইছে..!
মোৰ চকুৰ কোণ দুটাৰে.. অজানিতে দুটোপাল চকুলো বাগৰি আহিল..। এইবাৰ কিন্তু বুকুৰ দুখ বোৰ বৈ অহা নাছিল..। মনটো ভৰাই পেলোৱা সুখ অলপ হে ওলাই আহিব বিচাৰিছিল..।
বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ পাবেৰে… চকুৰ কোণ দুটা জোৰকৈ হেঁচি ধৰিলো মই..। নালাগে সুখবোৰ বৈ শেষ হৈ যাব..। থাকক বুকুৰ এচুকতে জমা হৈ..। সুখৰ অনুভূতিবোৰ আজিকালি দেখোন তেনেই দুষ্প্ৰাপ্য..। কেতিয়াবা হে ভুমুকি মাৰে..।

সেইদিনা মই উপায় নোহোৱাত…দেউতাৰ লগতে থাকিবলৈ বাধ্য হ’লো..। কাৰণ..আগদিনা অভিয়ে সংঘটিত কৰা অপকৰ্মৰ ফলত..ঘৰখনৰ পৰিৱেশটো বৰ খেলিমেলি হৈ পৰিছিলি..। অলপ সুস্থিৰতা ঘূৰি নহালৈকে.. দেউতাক অকলে এৰি যাবলৈ মনটোৱে বাধা দিছিল মোক…। দেউতাক চোৱা চিতা কৰিবৰ বাবে …সেই সময়ত অভিজ্ঞ কোনোবা এজনৰ বিশেষ দৰকাৰ হৈ পৰিছিল..।
তাৰোপৰি..বাবুৱা আৰু ৰখাল.. এটাও ৰন্ধা-বঢ়া কামটোত সিদ্ধহস্ত নাছিল..। সদ্যহতে.. ঘৰখনত ৰান্ধনী এজনৰ ও আৱশ্যক হৈছিল..।

ৰাতিটো কটাই.. পিছদিনা ৰাতিপুৱাই মই তোমালোকৰ এন.জি. অ’লৈ ঢাপলি মেলিছিলো..। বহুতৰ মুখত শুনি আহিছিলো… “স্পৰ্শ” এন.জি. অ’ৰ গুড পাৰফৰ্মেন্সৰ বিষয়ে.. । চিনিয়ৰ চিটিজেন.. আৰু হ’মলেচ পিপলৰ বাবে..তোমালোকে সময়ে সময়ে লৈ থকা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত হৈছিল মোৰ..। গতিকে মই বহুত আশাবাদী আছিলো.. তোমালোকৰ পৰা সহায় পাম বুলি..।
তাত গৈ মোৰ ধাৰণা সঠিক প্ৰমাণিত হ’ল.. । গোটেইখিনি কথা মোৰ পৰা জানি.. এগৰাকী নাৰ্ছক দেউতাৰ শুশ্ৰষাৰ বাবে সেইদিনাই তোমালোকৰ এন.জি. অ’ৰ দ্বাৰা নিয়োগ কৰা হ’ল..। মই যেন হাততে সৰগ খন হে ঢুকি পালো.. । এতিয়া দেউতাৰ কোনো অসুবিধা নহয় বুলি নিশ্চিন্ত হ’ব পাৰিলো মই..।

তাৰ পিছৰ কৰিব ল’গা কামটো হ’ল .. এজন ৰান্ধনী বিচৰা..। সেই ক্ষেত্ৰত.. বাবুৱাই সহায় কৰিলে মোক..। তাৰ চিনাকি শংকৰক লগ কৰাই দিলে..। শংকৰক ও সকলো বুজাই.. দিহা পৰামৰ্শ দি.. পিছদিনাৰ পৰাই কামলৈ মাতি দিলো মই..।
ইমান খৰতকীয়াকৈ কামবোৰ হৈ উঠা দেখি ভাল লাগিছিল মোৰ…।
আৰু এটা ৰাতি বৰ্মনৰ ঘৰখনত কটাই.. সকলোবোৰ চিজিল কৰি উভটি আহিছিলো মই..।

এতিয়া ভাবি আচৰিত হওঁ.. সেই সময়ত ..ক’ৰপৰা ইমানবোৰ মানসিক শক্তি গোট খাইছিল মোৰ…! নিজৰে জীৱনটো বেচিজিল হৈ পৰাৰ পিছত ও.. অভিৰ ঘৰৰ বমেজালিবোৰ আঁতৰাবলৈ যত্ন কৰিছিলো মই..।
যি সময়ত একমাত্ৰ পুত্ৰ হিচাবে..অভিয়ে ঘৰখন মুৰপাতি ধৰিব লাগিছিল.. সেই সময়ত ঘৰখনৰ পৰা পৰিত্যক্ত হৈ ও.. সকলোবোৰ দায়িত্ব দেখোন মইয়েই ল’ব লগা হৈছিল..।

জীৱনে যে কেতিয়া.. কি ৰং দেখুৱাই যায়.. ধৰিবই নোৱাৰি..। পুতলা নাচৰ.. পুতলাবোৰক.. এডাল সূতাৰে নিয়ন্ত্ৰণ কৰি নচুৱাই থকাৰ দৰে.. জীৱনেও আমাক.. নচুৱাই গৈ থাকে..। আমিও ভিন ভিন ৰংত.. ভিন ভিন মুদ্ৰাৰে নাচিবলৈ বাধ্য হৈ পৰো..।
তথাপিও ভালপাওঁ দেখোন জীৱনক.. ভলপোৱাজনৰ দৰেই নি:স্বাৰ্থ ভাবে… । জীয়াই থকাৰ স্পৃহা দেখোন সহজে শেষেই নহয়..।

পুনৰ নিজৰ দুনীয়খনত ব্যস্ত হৈ পৰিলো মই..। কিন্তু ইমান সহজ হ’ব পাৰে জানো দিশাৰ জীৱনটো..?
অলপ দিনৰ পিছতে মোলৈ খবৰ আহিছিল.. পঞ্চমী গৰ্ভৱতী..। যদিও অপ্ৰত্যাশিত নাছিল… খবৰটোয়ে কিন্তু অলপ পৰৰ বাবে স্তব্ধ কৰি দিছিল মোৰ চিন্তা শক্তি..।

আকৌ বা কিহৰ সন্মুখীন হও এতিয়া..!! আচলতে..পৰীক্ষাগাৰৰ গিনিপিগটোৰ দৰেই ঈশ্বৰে.. মোৰ ওপৰতে.. সকলো পৰীক্ষা নিৰীক্ষা কৰি চাইছিল চাগৈ..আৰু মই পৰীক্ষা দি দি …নিজকে আচৰিত ধৰণে শক্তিশালী কৰি গঢ়ি পেলাইছিলো ..।
মানে ভগৱানে লোৱা পৰীক্ষাত… মই সুখ্যাতিৰে উত্তীণ হৈ গৈ আছিলো..।
বাগানত পুনৰ বৰ্মনৰ ঘৰৰ বিৰুদ্ধে…আঘোষিত যুদ্ধ এখনৰ সূত্ৰপাত হৈছিল..। এইবাৰৰ যুজঁ খন আছিল.. পঞ্চমীৰ গৰ্ভত একলা দুকলাকৈ বাঢ়িব ধৰা ভ্ৰূণটোৰ অধিকাৰ বিচাৰি.. আৰু পৃথিৱীত ভৰি দিব ওলোৱা এটি দেৱশিশুৰ পিতৃৰ পৰিচয় বিচাৰি..।

কি কৰা যায় এতিয়া…???
    
                         ………………………..


ইচ্ছা কৰিয়েই… এইবাৰ লৰালৰিকৈ বাগানলৈ নগ’লো মই..।
পৰিস্থিতিয়ে কি ৰূপ লৈ চাওঁ বুলি ভাবিলো..।
কিয় জানো.. মনলৈ ভাব আহিছিল.. অভিয়ে কৰা ভুলৰ বাবে মই নিজকে কিয় বাৰে বাৰে অশান্তি দিওঁ..! মোৰ দুনীয়াত মই ব্যস্ত থাকিম..।
সাময়িক ভাবে মনলৈ অহা জেদটোক অলপ দৃঢ় কৰি চাব মন কৰিলো মই..।

বাবুৱালৈ ফোন কৰি গম পালো.. বাগানৰ পৰিস্থিতি ইমান বেছি উত্তপ্ত হৈ পৰা নাই..। পিছে কিছুমানে আহি… সাৱিত্ৰী আৰু পঞ্চমীক হে নিজৰ হক বিচাৰি …হীৰেন বৰ্মনৰ ওচৰলৈ যাবলৈ কুটুৰি আছে..। টকা-পইচা বিচাৰিব উপদেশ দিছে..।বেমাৰী সাৱিত্ৰীৰ… ছোৱালীজনীক লৈ চিন্তা হৈছে বহুত..। এতিয়া মাক জনী জীয়াই আছে…  কাইলৈ পৰহিলৈ… “মাকৰ অবিহনে ছোৱালীটোৰ কি গতি হ’ব”..  এই লৈ চিন্তিত তাই..।

মই বাবুৱাক তাৰ মনৰ কথা জানিবলৈ সুধিলো..।

:- তই কি ভাব বাবুৱা..? কি কৰা উচিত হ’ব এতিয়া..। দেউতা বেমাৰী হৈ পৰিছে..। দাদাৰৰ একো খবৰ নাই..। এনে পৰিস্থিতিত…পঞ্চমীৰ বাবে কি কৰিলে ভাল হ’ব কচোন তই…?

ফোনৰ সিমূৰে ক্ষন্তেক নীৰৱতাই বিৰাজ কৰিলে..। কি কৰা উচিত হ’ব ….সঁচাই এটা চিন্তা কৰিবলগা বিষয় হৈ পৰিছে ..। আজি যদি হীৰেন বৰ্মনৰ ঘৰখন এই ক্ষেত্ৰত সাঙোৰ খাই নপৰিলে হেঁতেন .. তেতিয়া পঞ্চমীৰ… বাগানৰ কাৰোবাৰ লগত এনে বদনাম ওলোৱা হ’লেও.. সিহঁতে চাগৈ হৈ হাল্লা নকৰি.. নিজৰ মাজতে সকলো মীমাংসা কৰি থৈ দিলে হেঁতেন..!!
এতিয়া কিন্তু কথা বেলেগ হ’ল..। অভিজিতে এইটো পাপ কৰাত .. সিহঁতৰ মাজৰে সুবিধাবাদী কিছুমানে .. জ্বলা জুইত ঘিউ ঢালা কাম আৰম্ভ কৰি দিছে..। এতিয়া বিষয়টো অকল পঞ্চমীৰ সতীত্ব হৰণ …হৈ থকা নাই..  এতিয়া ই উচ্চ -নীচৰ মাজৰ… বিভেদকামী প্ৰাচীৰ খনত ও টক্কৰ দিছে..।
হয়….অভিজিতে কৰা ভুল ক্ষমাৰ অযোগ্য..। এজনী ছোৱালীৰ জীৱন ধ্বংস কৰাৰ পাপ আৰ্জিচে তেওঁ..।
কিন্তু …দেউতাই ইমানখিনিৰ আশ্বাস দিয়াৰ পিছত ও বাগানৰ মানুহখিনিৰ এই আচৰনে দুখ দিলে মোক..। নিজৰ সন্তানৰ দৰে তেওঁ সকলোকে মৰম দিছিল..। কোনোদিন নিজেই মালিক হৈ….সিহঁতক কৰ্মচাৰী জ্ঞান কৰি উচ্চ স্বৰে কথা কোৱা নেদেখিলো মই..।
দেউতাই নো কি কৰিব আৰু..? পুতেকেই সন্মানহানি কৰি পলাই ফুৰিছে..। ভুলটো দেউতাই কৰা নাই..?

:- বাইদেউ.. মই ভাবিছো পঞ্চমীৰ বাচ্চাটো গিৰাই দিওঁ..। সেইটো থাকিলে বহুত জেং হ’ব..। চাদি নোহোৱা ছোৱালী এজনীয়ে কেনেকৈ বাচ্চা ডাঙৰ কৰিব..। মানুহেতো তাইকেই বাদনামী বনাব ন..?

বাবুৱাৰ কথাকেইটাই মোৰ বুকুখনৰ কোনোবা খিনি খুচি গ’ল দেখোন…। যোৱা সাতটা বছৰে….মানুহৰ চকুত নিজকে সৱল যেন দেখুৱাই… বিন্দাচ থাকিব যত্ন কৰিছো যদিও… সকলোৰে অজ্ঞাতে…এটা সন্তান…বুকুৰ উমেৰে… আঁকোৱালি লোৱাৰ প্ৰবল হেঁপাহ মনতে পুহি ৰাখিছো মই..। মোৰ কপালত.. সংসাৰ আৰু সন্তানৰ সুখ নিদিলে ঈশ্বৰে..।
আৰু আজি.. অবৈধ হ’লেও… পঞ্চমীক এটি সন্তান… ঈশ্বৰে দান দিব বিচাৰিছে..। ভূমিষ্ঠ নহঁওতেই.. ঈশ্বৰৰ দান.. অৱজ্ঞা কৰি.. মাৰি পেলালে পাপ নহ’ব নে..? মাকৰ গৰ্ভত থকা…সেই শিশুটোয়ে জানো বুজিছে  বৈধ অবৈধৰ পৰিভাষা..?

:- নাই বাবুৱা.. । কি কৈছ এইয়া তই..? নাপাই নাপাই … । এনেকুৱা এটা পাপ কৰাৰ চিন্তা… মনলৈ ও নানিবি..। ভগৱানৰ ওপৰত বিশ্বাস ৰাখ..। ভগৱানে নিশ্চয় কিবা এটা চিন্তা কৰিহে ..এইবোৰ কৰি আছে..। পঞ্চমীক তই এইবোৰ কথা কৈছ নেকি..?

:- নাই কোৱা..। তাইক লৈ চিন্তা হয় মোৰ..। মই হে ভাবিছো তেনেকৈ..।

:- ঠিক আছে..। মই কথা হ’ম তোৰ মা আৰু পঞ্চমীৰ লগত..। তই দেউতাক ও একো নক’বি এতিয়াই..। মই গৈ আছো..।

ফোনটো কাটি দি ভাবুক হৈ পৰিলো মই..। অভিৰ ওপৰত ঘৃণা আৰু বিতৃষ্ণাই চৰম সীমা অতিক্ৰম কৰিলে..।
পিছদিনাই.. মই পঞ্চমীক লগ কৰিবলৈ বাগান পালোগৈ..।

এইয়া প্ৰথম বাৰৰ বাবে সিহঁতৰ ঘৰত ভৰি দিছো মই..। বাগানৰ ভিতৰলৈ বহুদূৰ সোমাই গৈ.. প্ৰায় বিশটা মান পৰিয়ালে.. এখন সৰু গাঁওৰ দৰে .. ঘৰ কিছুমান সাজি… বাস কৰি আহিছে..। খেৰৰ চালি.. বাঁহৰ বেৰৰ.. সৰু সৰু জুপুৰীৰ দৰে ঘৰবোৰ… বেছ পৰিপাটি যেনেই বোধ হ’ল..। বেৰবোৰ.. ৰঙা মাটিৰে..ধুনীয়াকৈ লেপি থোৱা আছে..। প্ৰায় সকলোৰে ঘৰৰ … চোতাল আৰু বেৰবোৰত.. গৰুৰ গোবৰ.. চপৰা চপৰকৈ বা কাঠি এডালত লেপি শুকাবলৈ দিছে..। সেইবোৰ ইহঁতে ইন্ধনৰ দৰে ব্যৱহাৰ কৰে..। তদ্রুপ ছবি এখন পঞ্চমীৰ ঘৰত ও দেখা পালো মই..।
মোক দেখি সাৱিত্ৰীয়ে ভিতৰৰ পৰা চকী এখন উলিয়াই আনি… আথে-বাথে বহিবলৈ দিলে..। মই পঞ্চমীৰ বিষয়ে সুধিলো…। সাৱিত্ৰীয়ে জীয়েকক ৰিঙিয়াই মাতিলে.. আৰু পঞ্চমী ভিতৰৰ পৰা ওলাই আহিল..।
প্ৰথমেই তাইৰ পেটটোতহে চকু পৰিল মোৰ..। মই যেন চাব যত্ন কৰিলো.. মাকৰ ভিতৰত নিৰাপদে স্থিতি লোৱা ভ্ৰূণটোক..। পঞ্চমীয়ে মাত লগালে  ..

:- বাইদেউ… ভালে আছে নে..?

:- মই হে তোৰ খবৰ ল’ব আহিছো..। কচোন.. কি খবৰ তোৰ..।

:- অছো আৰু.. । কি নো খবৰ দিম..!

:- মই কথাবোৰ গম পাইছো..। তই ভয় কৰিছ নেকি?

তললৈ চাই ৰ’ল তাই..। মই আকৌ ক’লো..

:- শুন পঞ্চমী.. তই একো চিন্তা নকৰিবি..। মই সদায়েই তোৰ লগত আছো..। তোৰ পেটৰ বাচ্চাটো ভগৱানৰ দান.. । তই তাক জন্ম দি ডাঙৰ কৰিব লাগিব..।

:- মোক মানুহে কি ক’ব বাইদেউ..। চাহাবে বেয়া কাম কৰি মোৰ এই অৱস্থা কৰিলে..। বদনাম.. দুখ..কষ্ট.. মইহে পাইছো..। এই পেটৰ পোৱালীটো জন্ম দিলে তাক কোনে খোৱাব.. পিন্ধাব..? কেনেকৈ ডাঙৰ কৰিম মই..। মই দৰব খাই গুচাই পেলাম.. মাৰি পেলাম ইয়াক..।

:- নক’বি তেনেকৈ..। কিয় নোৱাৰিবি তই ইয়াক জন্ম দিব..?  সদায় মতাৰ ওপৰতে নিৰ্ভৰ কৰিম নেকি আমি মাইকীবোৰে..? ঈশ্বৰে সন্তান জন্ম দি ..বুকুৰ অমৃত খোৱাই… ডাঙৰ কৰাৰ  ক্ষমতা কেৱল নাৰীকে দিছে..। তই সেইখিনি পুন্য… অর্জন কৰিব লাগিব..। অলপ ও চিন্তা নকৰিবি পঞ্চমী..। তোৰ সন্তানৰ দায়িত্ব মই ল’ম..। পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম তাক..।
অভিজিত বৰ্মনে তোৰ লগত কৰা অন্যায়ৰ প্ৰতিবাদ.. সন্তানটো জন্ম দি কৰিবি তই..। মতা মানুহ নহ’লেও.. নাৰীৰ অস্তিত্ব যে শেষ হৈ নাযায়.. বুজাব লাগিব সকলোকে..। মোকেই চাচোন..। মই নো কি পালো..? তোৰ মোৰ মাজত কি পাৰ্থক্য আছে..?

মনৰ মাজত বহু কথাই থুপ খাই আছিল..। কিমানখিনি বুজাব পাৰিলো নাজানিলো মই..। হৃদয়ে যেতিয়া বহু কিবা কিবি ক’ব বিচাৰে… শব্দবোৰ দিশহাৰা হৈ পৰে আচলতে..।

মই অলপ মান টকা সাবিত্ৰীৰ হাতত গুজি দি গুচি আহিলো পঞ্চমীৰ ঘৰৰ পৰা..। তাই কি বুজিলে.. কি নুবুজিলে তাইৰ ওপৰতে এৰি দিলো..।
পঞ্চমীক এতিয়া…ৰাস্তাটো হে দেখাই দিব হে পাৰিম মই.. সেইটো ৰাস্তাতে …খোজ দিবলৈ তাইক বাধ্য কৰাৰ অধিকাৰ নাই মোৰ..। কাৰো ব্যক্তিগত জীৱনত অনাধিকাৰ প্ৰৱেশ কৰা উচিত নহয় যদিও.. বাৰে বাৰে সিহঁতৰ লগত মই আনিচ্ছা সত্ত্বেও সাঙোৰ খাব লগা হৈছে..।

দেউতাৰ ওচৰলৈ নগ’লো..। গম পাইছিলো.. দেউতা ঠিকে আছে..। পুনৰ দেউতাক দেখা দি.. এইবোৰ কথা উলিয়াই.. তেওঁক টেনশ্যন দিব মন নকৰিলো…।

পঞ্চমীৰ সিদ্ধান্ত জানিবলৈ অপেক্ষা কৰি ৰ’লো মই..। বুজিছিলো… তাইক অলপ সময়ৰ প্ৰয়োজন হ’ব..। সংসাৰৰ মোহ মায়া বুজি নোপোৱা এজনী অবিবাহিত ছোৱালীৰ বাবে এটি সন্তান জন্ম দিয়াটো… কিমান ডাঙৰ কথা.. অনুভৱ কৰিছিলো মই..।
তথাপিও ঈশ্বৰক খাটিছিলো….
“প্ৰভু.. সন্তানটোক ভূমিষ্ঠ হ’ব দিয়া…। যি হয় দেখা যাব..। “

হঠাৎ এদিন পঞ্চমীয়ে সেই ভাল খবৰটো দিবলৈ ফোন কৰিলে মোলৈ.. তাই পেটৰ বাচ্চাটো জন্ম দি ডাঙৰ কৰিব..। সমাজলৈ ভয় নকৰে তাই..। তাইৰ লগতে উশাহ লৈ তাইৰ গৰ্ভত স্থিতি লোৱা.. বাচ্চাটোৰ উশাহ বন্ধ কৰি দিব নোৱাৰে তাই..।

মোৰ যে সেইদিনা কিমান ফুৰ্তি লাগিছিল স্মৃতা.. ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো …। যেন মই হে এটি সন্তান জন্ম দিব ওলাইছো..।
সঁচা অৰ্থত সুখী হৈছিলো মই বহুত দিনৰ মূৰত..। মনতে আঁকি পেলাইছিলো.. কেনেকুৱা হ’ব পঞ্চমীৰ সন্তানটো..।
মমত্বৰ অনুভূতিয়ে ভৰাই পেলাইছিল মোৰ হিয়াখন…।

                         ……………………                   
                                                                
:- হয় দিয়া দিশা বা.. । ভগৱানে যে.. কি ভাবি কি কৰে..?  আচৰিত লাগে অ’…। কাৰ কপালত কেতিয়া… কি… লিখি দিয়ে বুজিবই নোৱাৰি..। পঞ্চমীলৈ বেয়া লাগি গৈছে..। প্ৰতিশোধৰ জুই একুৰাই তাইৰ জীৱনটো ও জ্বলাই থৈ গ’ল..। সংসাৰ নকৰাকৈ…. এজনী ” মা ” হৈ পৰিল পঞ্চমী…।
তাইৰ সাহস.. আৰু মনৰ দৃঢ়তাক কিন্ত্ত…চেলুট দিছো মই..।
তাইৰ ঠাইত মই হোৱা হ’লে.. হয়তো আত্মহত্যা কৰিলো হেঁতেন….! মই মানসিক ভাৱে ইমান সবল নহয়..।
তোমাৰ কথা ভাবিয়েই চটফটাই মৰিছিলো.. আৰু এতিয়া … সেই নিৰ্দোষী ছোৱালী জনীয়েও আনকি অভিজিত বৰ্মনৰ লেতেৰা মানসিকতাৰ.. বলি হৈ জিয়াতু ভুগিব লগা হ’ল… । উফ… অসহনীয়… !!
কাৰো জীৱনলৈ ইমান দুখ কেতিয়াও নাহক…।
ইমানবোৰ ঘটনা ঘটি গ’ল.. পিছে…সেই অভদ্ৰটোৱে এইবোৰৰ উম ঘাম পালে নে কিবা…?

স্মৃতাই জানিব বিচাৰিলে… ।

:- অভিয়ে জানিছিল.. । কিন্তু…তেওঁ জানে বুলি.. দেউতাই মৰিবৰ সময়ত… মোক তেওঁৰ ফোন নম্বৰ দিওঁতে হে জনাইছিল..।  সেই নম্বৰটোৰে তোমাক…দেউতাৰ শেষ সময়খিনিত …অভিক… কনটেক্ট কৰিবলৈ যে দিছিলো.. মনত আছে নহয়..?
বাগানৰ টকা.. ঘৰৰ জমা ধন.. সকলো লৈ অভি পলাই গৈছিল..। ভাবিছিল.. ঘৰৰ পৰা আঁতৰি.. আৰামদায়ক জীৱন এটা কটাব..। কিন্তু পাপীক শাস্তি ভগৱানেই দিয়ে..। দোষী জনে উচিত শাস্তি পোৱালৈ …আমি মাত্ৰ অলপ পৰ…অপেক্ষা কৰাৰ হে প্রয়োজন..। লাহে লাহে অভিৰ লগত ও সকলোবোৰ বেয়া হ’ব ধৰিলে..।

পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত..এটা ব্যৱসায়িক প্ৰতিষ্ঠানত.. তেওঁ বোলে একাউনটেণ্ট হিচাবে  নিযুক্তি পাইছিল..। নিজেই চলি থাকিব পৰা কৈ .. কাম এটাৰ যোগাৰ কৰি… সৰু ৰুম এটা লৈ.. তাতে থকাৰ ব্যৱস্থা ও কৰি লৈছিল তেওঁ.. । অলপ দিন খুব ভালদৰেই পাৰ হ’ল দিনবোৰ..। দেউতাক ঠগি.. হাত কৰি লোৱা টকাৰে.. তেতিয়া…ধনী হৈ আছিল অভিজিত বৰ্মন..।

পিছে নিজা ঘৰ খন এৰি যোৱাৰ দুখ চাগৈ.. অভিৰ মনত ও আছিল..। সৰুৰে পৰা …অত্যাধুনিক লাইফ ষ্টাইলত ডাঙৰ হোৱা অভিয়ে… নিজেই পানী গিলাচ ও লৈ খাব লগা নহৈছিল..। কিন্তু সময়ে ….নিসংগ কৰি তোলা সেই অভিজিত বৰ্মনে…. নিজেই এমুঠি ৰান্ধি খাবলৈ বাধ্য হৈ পৰিল..। টকাৰ ওপৰত বহি খোৱা অভিয়ে..  টকা দহটা খৰছ কৰিবলৈ ও চিন্তা কৰিব লগা হ’ল..।

ফলত মদৰ নিচাত ডুবি থকা হ’ল মানুহজন..। কোনো বন্ধু বান্ধৱৰ লগত ও অভিৰ কোনো ধৰণৰ যোগাযোগ নাছিল..। কব গ’লে সকলোৰে পৰা পলাই ফুৰিছিল তেওঁ..।
দিন যোৱাৰ লগে লগে.. অভি বেমাৰী হৈ পৰিল..। যকৃতৰ ৰোগত ভুগি.. তেওঁ হচপিটেলাইজ পৰ্য্যন্ত হ’ব লগা হ’ল..।  কৰ্মৰত প্ৰতিষ্ঠানটোৰ পৰা ও তেওঁক উলিয়াই দিলে..। দিনে ৰাতিয়ে মদৰ নিচাত.. মাতাল হৈ থকা বেমাৰী মানুহ এটাক কোনে নো কামত ৰাখিব..?

ঘৰলৈ মনত পৰিল তেওঁৰ..। টকা পইচাৰ অভাৱত খোৱা মুঠি যোগাৰ কৰা ও কঠিন হৈ পৰিল..।
উপায়হীন হৈ দেউতালৈ ফোন কৰিলে অভিয়ে..। দেউতাই আননৌ’ন নাম্বাৰ দেখি ফোন ৰিচিভ কৰি.. সিমূৰে অভিৰ মাত শুনি খং খাই উঠিল..। তেওঁ কাবৌ.. কাকূতি কৰি দেউতাৰ লগত কথা পাতিব বিচাৰিলে..।

কি জানা.. দেউতাই জন্ম দিয়া সন্তান অভি..। দেউতাই নিজৰ ফালৰ পৰা যি ধৰণে শাস্তি দিব পাৰে.. ইতিমধ্যে অভিক তেনেধৰনে শিক্ষা দিছিলেই..।
অভিক তেওঁ কোনো দিন মাফ নকৰিলে.. কিন্তু সেই ফোনটোত…ক্ষন্তেকৰ বাবে হ’লেও.. দেউতাৰ বুকু খন… পুত্ৰ স্নেহে ..গধুৰ কৰি পেলাইছিল..।
তেওঁ জানিছিল.. অভিয়ে ফোন কৰা বুলি যদি কেনেবাকৈ বাবুৱাৰ কাণত পৰে.. সি অভিক বিচাৰি হুলস্থূল লগাব.. । আৰু ধৰিব পাৰিলে মাৰিয়েই পেলাব..। গতিকে কথাবোৰ গোপনে ৰাখিলে দেউতাই..। আৰু অভিৰ একাউণ্টত সৰহকৈ টকা অলপ ভৰাই দিলে..। দেউতাই তেওঁক পঞ্চমীয়ে গৰ্ভধাৰণ কৰাৰ কথা জনাই অনুৰোধ কৰিছিল….
“পাপ কৰি পলাই ফুৰাতকৈ..আহি সাহসেৰে পঞ্চমীক নিজৰ কৰি ল’হি..। তাইক পত্নীৰ মৰ্য্যদা দি…পাপৰ প্ৰায়শ্চিত্ত কৰহি..”

অভিয়ে কিন্তু মানি নল’লে.. । ইমানৰ পিছত ও.. অভিয়ে নিজৰ ষ্টেটাচৰ লগত কমপ্ৰ’মাইজ কৰিব নোৱাৰাৰ কথা জনালে..। বাগানীয়া চাকৰনি এজনীক পত্নীৰ মৰ্য্যদা কোনোপধ্যে দিব নোৱাৰে বুলি জনালে..।

দেউতাই বোলে তেতিয়া অভিক কৈছিল…
” তোৰ অহংকাৰেই তোৰ পতন নমাই আনিব অভিজিত..। ইমানৰ পিছত ও শিক্ষা নল’লি তই..। জীয়াই থাক তই..। মোৰ টকাৰে.. তই… কি কি হেৰুৱালি চাবলৈকে জীয়াই থাক..। তোক মই শাও দিছো.. । তই বেলেগৰ জীৱনবোৰ যিদৰে ধ্বংস কৰি গ’লি.. সেইদৰে তোৰ জীৱন ও ধ্বংস হ’ব এদিন..।

দেউতাই এই কথাখিনি খুব দোষী দোষী ভাৱেৰে জনাইছিল মোক..। তেতিয়া তেওঁ…মৃত্যু পথৰ পথিক..। মৃত্যুৰ ক্ষণ গণি শয্যাশায়ী হৈ আছিল.. । কথাবোৰ মোক নজনোৱাৰ বাবে ক্ষমা খুজিছিল তেওঁ..। মোৰ বহুত দুখ লাগিছিল স্মৃতা..। মই দেউতাৰ মনটো পঢ়ি পেলাইছিলো..। এফালে পুত্ৰ স্নেহ..  আনফালে পুত্ৰক ত্যাগ কৰিব লগা হোৱাৰ বিষাদ..। শেষ সময়খিনিত ও একান্ত আপোন বুলি কোনো নাছিল তেওঁৰ কাষত..। মায়ে চিৰদিনলৈ এৰি যোৱাৰ পিছত.. অভিয়েই আছিল তেওঁৰ লগত..। কিন্ত্ত সময়ে অভিক ও আঁতৰাই নিলে..।
মোক অভিৰ ফোন নাম্বাৰটো দি কৈছিল… মোৰ মৃত্যুৰ পিছত হে খবৰ দিবা তাক..। জীৱিত অৱস্থাত তাৰ মুখ চোৱাৰ ও পাপ নকৰো মই..।
সেইদিনাই দেউতাই ঘৰৰ ভেটিটো দুগুৰ নামত লিখি দিছিল..।মই হা কওঁ নে…. না বুজিয়েই পোৱা নাছিলো..। কাৰণ দুগুক মই ডাঙৰ কৰিব লগা হ’ল যদিও..  দুগু এইখন ঘৰৰ সন্তান..। ভাবিলো… তাৰ এইখন ঘৰৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে..। পঞ্চমীৰ আত্মাই ও তেনে কৰিলেই শান্তি পাব ..আৰু মই দেউতাৰ সিদ্ধান্ত মানি ল’লো..।

:- দুগু জন্মৰ পিছত হে হীৰেন বৰ্মন ঢুকাইছিল নেকি..? আৰু পঞ্চমীৰ কি হৈছিল দিশা বা.. ? হে.. ঈশ্বৰ .. ইমানবোৰ সমস্যাৰ তুমি কি দৰে সমাধান কৰিছিলা..?

:- দুগু জন্মৰ পিছৰ বছৰতে দেউতা স্বৰ্গগামী হৈছিল..। দেউতাৰ খুব ইচ্ছা আছিল.. দুগু দেউতাৰ লগত থাকি.. দেউতাৰ ঘৰত ডাঙৰ হ’ব.. । কিন্তু সেইয়া হৈ নুঠিল..। পঞ্চমী জীয়াই থকা হ’লে.. হয়তো  তাকেই হ’ল হেঁতেন..। পিছে দুগুক ডাঙৰ কৰাৰ দায়িত্ব.. নেদেখাজনে মোক হে দি দিলে..। মই কি দৰে সেইখন ঘৰলৈ পুনৰ উভটি যাম..?

আচলতে… মই কিবা প্ৰকাৰে এইখন ঘৰৰ লগত সম্পৰ্কত থাকিব লগা আছিলেই..। ভগৱানে দুগুৰ জৰিয়তে তাকেই কৰিলে..। দুগু আৰু পঞ্চমীক.. হচপিটেলৰ পৰা ঘৰলৈ অনিবলৈ দেউতা নিজেই গৈছিল..।
কিন্তু পঞ্চমী হীৰেন বৰ্মনৰ ঘৰলৈ আহিবলৈ…. জীয়াই থকা নাছিল তেতিয়া..। দুগুক জন্ম দি… প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত পঞ্চমীৰ মৃত্যু হৈছিল..।
পঞ্চমীয়ে মৰাৰ আগ মুহূৰ্ত্বত .. দুগুক মোক চমজাই দিছিল.. । মুখেৰে মাতিব নোৱাৰিলেও..  চকুৰে তাই মোক কৈ গৈছিল…

” বাইদেউ.. কৈছিল নহয়.. সন্তানটো জন্ম দে..। তাৰ দায়িত্ব মই ল’ম..  পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম..। এইয়া লওক.. মোৰ বুকুৰ কলিজাটোক গতালো আপোনাক..। বাপেকৰ মৰম সি কোনোদিন নাপাই.. কিন্তু মাকৰ মৰমৰ পৰা বঞ্চিত নকৰিব তাক…”

মই মোৰ কথাৰে বান্ধ খাই পৰিছিলো..
এটা সদ্যোজাত সন্তানৰ মায়াত বন্দী হৈ পৰিছিলো.. ।
তেতিয়াই দিশাই খোজ দিছিল…
এটি নতুন জীৱনৰ অভিমুখে..।
এইবাৰ দিশা অকলশৰীয়া নাছিল..।
এইবাৰ দিশাৰ লগত.. দিশাৰ সন্তান আছিল..।

                        …………………
     
সময় অমূল্য..। সময়ক আমি ধৰি ৰাখিব নোৱাৰো.. কিন্তু সময়ৰ লগতে খোজ মিলাই.. সময়ে কঢ়িয়াই অনা… বিভিন্ন ৰঙেৰে… আমি আমাৰ জীৱনটোৰ লগত একাত্ম হৈ পৰিব লগা হয়..।
জীৱন পথত সন্মুখীন হোৱা বাধা… বা জটিলতাবোৰতকৈ.. আমাৰ ভিতৰত থকা দুর্বলতাবোৰৰ বাবে হে আমি ভাগৰি পৰো.. হাৰি যাওঁ…। সময় নামৰ ধুমুহা জাকত সকলো হেৰুৱাই পেলাও..। 
কিন্তু কি জানা.. আমি আমাৰ অতীতটোৰ পৰা কেতিয়াও আঁতৰি থাকিব নোৱাৰো..। আমাৰ অতীতটোৱেই.. ভৱিষ্যতে এটা সঠিক সিদ্ধান্ত ল’ব পৰাকৈ.. প্ৰস্তুত কৰি তোলে আমাক..। ধনু খনৰ পৰা শৰ ডাল নিক্ষেপ কৰোতে.. পিছলৈ টানিবই লাগিব.. .। শৰ ডাল কিন্তু আগলৈ হে যায় আৰু দেখিবা… সময়ত শৰ ডাল.. নিৰ্দিষ্ট লক্ষ্যত গৈ উপনীত হয়..। জীৱনৰ অংকবোৰ ও সেই তেনেকুৱাই..।

দুগুৰ লগত আজি যে মই… সুখ কিছুমান বুটলি লৈছো.. তাৰ কাৰণ কিন্তু মোৰ অতীতটোৱেই..। অভিৰ লগত সুখৰ সংসাৰ এখন হোৱা হ’লে.. জীৱনটো নিশ্চয়কৈ বেলেগ হ’ল হেঁতেন..। পিছে অভিৰ লগত বিচ্ছেদৰ পিছত ও… এই যে… নিজকে.. একে  আষাৰে সুখী বুলি ক’বলৈ সমৰ্থ… “মই” জনী… সেই “মই” জনীক… কিন্তু সময়েই গঢ়িছে..। মোক যি  দিছে বা …মোৰ পৰা যি কাঢ়ি নিলে সেইয়া ও সময়ৰেই খেলা..। 

বাগানৰ হস্পিটেলত পঞ্চমীয়ে যেতিয়া.. জীৱন মৃত্যুৰ সন্ধিক্ষণত.. মোলৈ… সজল চকুযুৰিৰে.. গভীৰ প্ৰত্যাশা মনতে লৈ চাই ৰৈছিল.. মই অস্থিৰ হৈ পৰিছিলো..। ভৱিষ্যতে কি হ’ব… তাক চিন্তি বহি থকাৰ সময় নাছিল সেইয়া..। মই পঞ্চমীয়ে শেষ উশাহটো লোৱাৰ আগতেই তাইক কথা দি উঠিছিলো..
“চিন্তা নকৰিবি পঞ্চমী..। তোৰ গৰ্ভজাত সন্তানক মই ডাঙৰ কৰিম..। তই মোক সন্তান সুখ দিব ওলাইছ..। তোৰ শৰীৰৰ এই অংশটি এতিয়াৰ পৰা..মোৰ ওচৰত সুৰক্ষিত.. । তই নিশ্চিন্ত থাক..। মই মোৰ সমগ্ৰ সত্বাৰে.. এই দেৱশিশুটিক আপোন কৰি ল’ম..। মোৰ পৰিচয়েৰে জগতত তাৰ চিনাকি দিম..। “

কণমানি শিশুটিক.. পঞ্চমীৰ বুকুতে শুৱাই দি মই হুকহুকাই কান্দি উঠিছিলো.. । তাই শিশুটিৰ মূৰত লাহেকৈ হাতখন ফুৰাই দুচকু মুদি.. অস্পষ্ট শব্দ কিছুমানেৰে কিবা কিবি কৈছিল..।
মই বুজিছিলো…দহ মাহ দহ দিন.. নিজৰ গৰ্ভত স্থান দি ৰখা.. সন্তানটোৰ লগত এইয়া তাইৰ শেষ কথা..। তাইৰ সেই ভাষা আমিবোৰে বুজিবলৈ অসমৰ্থ..কিন্তু সেই কেঁচুৱাটোয়ে বিশেষ ভঙ্গীমাৰে..এঙামূৰী দি তাইৰ আঙুলি স্পৰ্শ কৰিছিল..। সি ও যেন কৈছিল..
” তুমি মোক জন্ম দি পোহৰ দেখুৱালা..। মোৰ বাবে চিন্তা নকৰিবা মা..। মই পোহৰ অভিমুখে আগুৱাই যাম সদায়..।”

পঞ্চমীৰ দুই ওঁঠত.. অলপ মান সুখ যেন বিয়পি পৰিছিল..। দেউতাই ও তাইক আশ্বাস দিছিল.. তাইৰ সন্তানক আমি তুলি তালি ডাঙৰ কৰিম বুলি.. ।
কেঁচুৱাটো বুকুতে সাৱটি.. পঞ্চমীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল..। ৰাখাল আৰু বাবুৱাই বাগানৰে কেইজনমান মানুহৰ সহায়ত.. তাইৰ মৃতদেহ হস্পিটেলৰ পৰা লৈ গৈছিল.. আৰু মই তাইৰ সন্তানক সমগ্ৰ আকুলতাৰে.. বুকুতে সাৱটি ঘৰমুৱা হৈছিলো..।
মাক ফোন কৰি জনাইছিলো কথাবোৰ..। মোৰ প্ৰতিটো সিদ্ধান্তত… গভীৰ আস্থাৰে সন্মতি জনোৱা মায়ে.. এইবাৰ কিন্ত্ত মোৰ এই সিদ্ধান্ত.. কোনোপধ্যে মানি ল’ব নিবিচাৰিলে..।

:- কি ভাবি কি কি কৰিব ওলাইছ দিশা..? কি দৰকাৰ অভিজিতৰ অবৈধ সন্তানক তই তুলি ল’বলৈ..? যিটো মানুহে তোৰ আজি এই দশা কৰিলে.. সেই মানুহটোৰ ভুল এটাক তই নিজৰ নাম দিবি..? নিজকে খুব মহান বুলি ভাবিছ নেকি..? তোৰ এই কাণ্ডই মানুহক.. তোক আঘাট দিবলৈ আৰু বেছি সুবিধা দিব..। তোৰ জীৱন দুৰ্বিসহ কৰি তুলিব..। কিমানে তোৰ চৰিত্ৰৰ ওপৰত ও সন্দেহ কৰিব ভাবি চাইছ নে..? কেঁচুৱা এটাৰ মাক হ’ব ওলাইছ.. । সেই কেঁচুৱাটো কৰ পৰা আহিল.. কি হ’ল.. মানুহক কিমান বুজাবি কচোন.. ? মই সঁচাই বহুত বেয়া পাইছো তোক দিশা..। তই নিজৰ ময়মতালিতে.. সিদ্ধান্ত বোৰ লৈ পেলাৱ…। আমাৰ কথা ও ভাবিবিচোন কোনোবাদিনা..। 

মাৰ কথাখিনি মই মাথোঁ নীৰৱে শুনি থাকিলো.. । মায়ে কোৱাবোৰ মিছা নাছিল..। অলপ দিনৰ পিছতেই.. বহুতে কেঁচুৱাটোৰ বিষয়ে নানা কথা উলিয়াব ধৰিলে..। মইয়ো এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই গ’লো মানুহৰ মতামতবোৰ..। ওচৰৰ মানুহখিনিয়ে মোৰ লগত মাতবোল কৰিব এৰিলে.. । আনকি স্কুলৰ ছাত্ৰ ছাত্ৰী কিছুমানে ও মোক দেখি ফিচিঙা ফিচিঙ কৰা হ’ল..।
ভাঙি পৰিবলৈ মানুহক দেখাই কিলাব নালাগে..। তোমাৰ প্ৰতি থকা কাৰোবাৰ মনোভাব.. ভ্ৰান্ত ধাৰণা.. আৰু সেই ধাৰণাই উৎপত্তি কৰা..  অৱজ্ঞাই যথেষ্ট..। ময়ো সকলোৰে পৰা ইগন’ৰ ফিল কৰিব ধৰিলো.. আৰু চৰম আঘাটটো সেইদিনা পালো.. যিদিনা কোনোবাই কোৱা শুনিলো..
” কি ঠিক শহুৰেকৰ লগতেই জেং চাগে.. ! পাৰোতে গিৰিয়েকে এৰি যায় নে..? “

মই সহ্য কৰিব নোৱাৰিলো..। মানুহও ইমান তললৈ নামিব পাৰে নে..? সদায় দেখি থকা মানুহজনীৰ বিষয়ে ও ইমান বেয়াকৈ ভাবিব পাৰে নে..?
ফলশ্ৰুতিত.. সেইখন ঘৰ এৰি… মই জনসমাগমৰ পৰা দূৰত তোমালোকৰ এই ঘৰটোত থাকিবলৈ গুচি আহিলো..। ঘৰটো বিচাৰি উলিওৱাত বাবুৱাই সহায় কৰিলে মোক..। দুটা বছৰ সাৱিত্ৰীক লগতে ৰাখি.. পঞ্চমীৰ সন্তানটোক ডাঙৰ কৰিলো মই..।

বেমাৰী সাৱিত্ৰীয়েও এদিন আমাক এৰি গুচি গ’ল..। এইবাৰ ল’ৰাটোৰ সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰত পৰিল..। ভয় লাগিছিল .. পাৰিম নে দায়িত্ববোৰ ল’ব..? কিন্তু ভগৱানৰ কৃপাত আজি সেই ল’ৰাটো… দুগুয়ে চাৰি বছৰত ভৰি দিলে..।

তাৰপিছত… এদিন তাক স্কুলত নাম লগাই দিলো মই..।
স্কুলৰ নামভৰ্তিৰ ফর্ম খন ফিল আপ কৰোতে.. অলপ সময় চিন্তা কৰি ৰৈছিলো মই..।
কি উপাধি লিখো .. তাৰ নামৰ পিছত..?
দেউতাকৰ নাম কি দিওঁ..?
বহুত ভাবি তাৰ নামৰ পিছত মই লিখি দিছিলো বৰ্মন.. । অংকিত বৰ্মন..।
সি অভিজিত বৰ্মনৰ পুত্ৰ নহয়.. ।
হীৰেন বৰ্মনৰ নাতি হৈ ৰওক… ।
দেউতাকৰ নামৰ ঠাইত ডাঠকৈ এটা কাটা চীন আঁকি দিলো..। ভাবিলো…নালাগে তাৰ পিতৃ পৰিচয়..। সি দিশাৰ ল’ৰা..। মই তাক পিতৃ মাতৃ দুয়োৰে মৰম দি ডাঙৰ কৰিম..।

আৰু আজি এইয়া.. দুগু আৰু দিশাৰ অকণমানি পৃথিৱীখন….। য’ত মই দুখ কষ্টবোৰ পাহৰি .. সুখ আৰু শান্তিৰ ঘৰ এখনত দুগুক ডাঙৰ কৰিব যত্ন কৰিছো..। তাৰ ভৱিষ্যত কি হয় মই নাজানো.. বৰ্তমানটোত কিন্তু মই তাৰ সকলো অভাৱ পূৰ কৰিবলৈ যিমান পাৰো চেষ্টা কৰি আহিছো..।

এজনী মাকৰ দায়িত্ব পালন কৰাত কিমান সফল হৈছো নাজানো স্মৃতা..। কিন্তু ভগৱানক সদায় প্ৰাৰ্থনা কৰি আহিছো.. গৰ্ভত থাকোতেই পিতৃয়ে পৰিত্যাগ কৰা.. আৰু ভূমিষ্ঠ হৈয়েই মাকক চিৰদিনলৈ হেৰুৱা এই ল’ৰাটোক ভগৱানে যেন আৰু কোনো দুখ নিদিয়ে..। কেতিয়াবা মনলৈ প্ৰশ্ন ও আহে…
“মোৰ দৰে দুগু ও  দুৰ্কপলিয়া নেকি..? মোৰ লগত থাকিলে তাৰো জীৱনটো দুখেৰে ভৰি পৰিব নেকি..?”
মোৰ কেতিয়াবা বহুত ভয় লাগে স্মৃতা..।

:- মা.. কি ভয় লাগে তোমাৰ..? আমাৰ ঘৰত হাও ওলাইছে নেকি..?

হঠাৎ দুগুৰ মাত শুনি দুইজনী সচকিত হৈ উঠিল..। অতীতক খুচৰি থাকোতেই কিমান সময় হ’ল গমেই নাপালে..। দুগু শোৱাৰ পৰা উঠি আহি … দিশাৰ কোলাতে সোমাই ল’লে..। দিশাই চকুপানীবোৰ দুগুৰ পৰা লুকুৱাই আৱেগেৰে তাক সাৱটি ধৰিলে..।
বাহিৰত তেতিয়া সুৰুযে পৃথিৱীৰ বুকুৰ পৰা মেলানি মাগিছিল..। কানিমুনি এন্ধাৰ অলপে.. কোঠাৰ বস্তুবোৰ মনিব নোৱাৰা কৰি পেলাইছিল..।
স্মৃতাই উঠি গৈ লাইটবোৰ জ্বলাই দিলে..। পোহৰত সকলোৰে মুখবোৰ জিলিকি উঠিল..।

:- দিশা বা.. আন্ধাৰৰ পিছত পোহৰ হ’বই..। তুমি ভয় নকৰিবা..। তোমাৰ জীৱনৰ আন্ধাৰবোৰ.. আঁতৰিল এতিয়া..। পোহৰাবলৈ দুগু আহি গ’ল নহয়.. !
কি কোৱা মিষ্টাৰ আইৰণ মেন.. মা জনীয়ে এনেই ভয় কৰি থাকে ন’হ .. ?

স্মৃতাই মাকৰ কোলাৰ পৰা দুগুক দাঙি লৈ বাৰাণ্ডালৈ ওলাই গ’ল..। যাওঁতে চিঞৰি কৈ গ’ল..

:- দিশা বা তোমাৰ স্পেচিয়েল চাহ কাপ বনোৱা জলদি.. আৰু আমাৰ দুগু মাইনালৈ ও কমপ্লান ৰেডি কৰা..। আমি আহি আছো…।
লেটচ গ’ হিৰ’… ।

দুয়ো ওলাই গ’ল..। দিশাৰ মনটো ও ফৰকাল হৈ পৰিল..। বুকুৰ বিষবোৰৰ অলপ যেন উপশম ঘটিল..। আজি বহুত দিনৰ মূৰত ভালকৈ শুব তাই..

                                 ………………….           

বতৰটো গোমা আজি..। শনি বাৰে দুগুৰ স্কুল ও বন্ধ থাকে..। এলাহতে…ৰাতিপুৱা উঠা অলপ পলমেই হ’ল দিশাৰ..। ইমান বছৰে.. নিজৰ মাজতে.. তৰপে তৰপে জমা কৰি যোৱা … অব্যক্ত বেদনাবোৰ.. স্মৃতাৰ আগত প্ৰকাশ কৰি.. পাতলাই পেলোৱা মনটোৰে… আজি তাই নিজকে বৰ মুকলি যেন অনুভৱ কৰিছে..। দুগু আৰু স্মৃতা.. ইটোৱে সিটোক সাৱটি তেতিয়াও গভীৰ নিদ্ৰাত মগ্ন….।
নেমু দি.. লাল চাহ একাপ কৰি বেলকনিৰ চকী খনতে বহি.. ম’বাইলটো উলিয়াই ল’লে তাই.. । মহেশ কলিতাই ৰাতিয়েই ..স্নেহালয়ৰ উদ্বোধনী অনুষ্ঠানলৈ.. নিমন্ত্ৰণ কৰিব লগা …বিশিষ্ট ব্যক্তি কেইগৰাকী লিষ্ট এখনৰ সৈতে.. নিমন্ত্ৰণী পত্ৰ খনৰ চেম্পল এটা .. ফাইনেল এপ্ৰ’ভমেন্টৰ বাবে .. মেইল কৰি থৈছিল দিশালৈ..। মাজত মাত্ৰ দুটা দিন.. সকলোবোৰ কাম হৈ উঠিছে যদিও.. এই কামটো এতিয়াও বাকী আছেগৈ..।
মহেশ কলিতা মানুহজন অত্যন্ত পৰিপাটি..। তেওঁৰ কামবোৰ ও খুঁত ধৰিব নোৱাৰা..। দিশাই মেইলটো চেক কৰি .. কলিতাই পঠোৱা ধৰনেই.. ইনভিটেচ’ন কাৰ্ড কেইখনৰ প্ৰিন্ট আউট উলিয়াবলৈ ৰিপ্লাই কৰি থ’লে.. ।

বাহিৰৰ পৰিৱেশটো বৰ ভাল লাগিল দিশাৰ….  পাতলীয়া এজাক বৰষুণ.. এছাটি শীতল বা…নিমাত..নিস্তব্ধ চৌকাষ..। এনেকুৱা বতৰত এজন সংগীৰ অভাৱ.. অনুভৱ নকৰা নহয় পিছে তাই..। তাইও এগৰাকী নাৰীহে..।
যন্ত্রণাত কোঙা হৈ পৰিলেও.. নিজকে আবেগ অনুভূতিয়ে চুব নোৱাৰাকৈ দৃঢ় মনৰ বুলি দাবী কৰিলেও.. অনুভৱৰ জানো মৃত্যু হ’ব পাৰে কেতিয়াবা..?
তাইৰ ও মন যায়.. এজন সঁচা মনৰ মানুহক .. প্ৰাণ ভৰি ভাল পাবলৈ…প্ৰেমৰ বৰষুণ এজাকত তিতি চাবলৈ..।  কিন্তু … সেইয়া যে সম্ভৱ নহয়..!
তাই এতিয়া দুগুৰ সান্নিধ্যৰে জীৱনৰ বাকীবোৰ দিন.. পাৰ কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ..। দুগুয়েই এতিয়া তাইৰ প্ৰেম.. ভালপোৱা …সকলো..।
আচলতে.. বিচৰা সকলোখিনি পোৱাকে সুখ বুলিব নোৱাৰি..। বৰ্তমানত যি আছে.. তাতেই সুখবোৰ বিচাৰি লোৱাটোহে জীৱনৰ উদ্দেশ্য হোৱা উচিত..।

বহুত বছৰৰ মূৰত… মনৰ অনুভৱবোৰ লিপিবদ্ধ কৰিবলৈ মন গ’ল দিশাৰ..। উঠি গৈ ডায়েৰীখন উলিয়াই আনিলে তাই..।
আজিকালি ডায়েৰীত হিচাপ-পত্ৰ বোৰ হে লিখি ৰখা হয়..। আগৰ সেই সৰু সৰু ভাল লগা কথাবোৰ লিখি ৰখাৰ দিন আৰু নাই..। সঁচাই বৰ যন্ত্ৰৱৎ হৈ পৰিল তাইৰ জীৱনটো..!!কেইটামান পেজত দুগুয়েও কিবা কিবি আঁক-বাক কৰি থৈছে..। তাৰ মাজৰ পৰা উকা পাত এখিলাত লিখি থ’লে তাই…

এই যে অজানিতে বুকুখন কোনোবাফালে বিষাই ,
যন্ত্ৰনাই হৃদয়ত প্ৰাণ খুলি হাঁহে..
কিয় হয় বাৰু এনে..?
নিশাই গভীৰতাৰ সাজ পিন্ধাৰ লগে লগে..
নিসংগতাৰ বৰষুণ এজাকে যে ভিজাই পেলাই মোক..
কিহৰ বাবে ব্যাকুল হৈ পৰো বাৰু মই.. ?

তেতিয়া মই…কুচি মুচি সোমাই যাওঁ..সপোনৰ বুকুলৈ..
কিজানিবা উপশম ঘটেই যন্ত্ৰণাবোৰৰ..!
স্মৃতিবোৰ আলফুলে বুকুতে বান্ধি ভাবো..
জীৱন তোমাক ভালপাওঁ বাবেই..
তোমাৰ সকলো বেদনাৰ অংশীদাৰ হ’লো মই.. ।
তোমাৰ প্ৰেমত অন্ধ বাবেই..
দুখেৰে দুচকু ভৰি পৰিলেও..
লুকুৱাব যত্ন কৰো.. ফুলাম হাঁহিৰে..।
তোমাক ভালপাওঁ বাবেই… মই আজি বাকৰুদ্ধ..!
জীৱন তৃষ্ণাত বন্দী..!!

তথাপিও আশা ৰাখো….
সকলো নিঃশেষ কৰি পাৰ হৈ যোৱা ধুমুহাজাক…
দিগন্তত বিলীন হোৱাৰ..।
সপোনৰ তুলিকাৰে.. জীৱনৰ কেনভাচত ..
ৰং বোলাবলৈ এতিয়া ভয়…!
হৃদয়ৰ বৰষুণ জাকে উটুৱাই নিয়ে যদি সকলো ৰং..!!

হুমুনিয়াহ এটা কাঢ়ি…ডায়েৰীখন জপাই থৈ.. তললৈ নামি গ’ল দিশা..। মণিকাই… ককা আইতাহঁতৰ কোঠা কেইটা ঝাড়ু দি আছিল..। দিশা ভিতৰলৈ সোমাই গ’ল..। ডাইনিং টেবুলত সকলোৱে চাহৰ কাপ হাতত লৈ… কিবা কথাত ৰস উলিয়াই হাঁহিত মচগুল হৈ পৰিছিল..।

:- বাহ..আজি সকলোৱে ইমান ফুৰ্তি কৰি আছে যে ৰাতিপুৱাই । কি কথা ওলাইছে বাৰু..।
দিশাই সকলোকে উদ্দেশ্যি সুধিলে… ।

:- মাজনী… আহা আহা..।
ৰ’বা আগৰ কথা কিছুমান ওলাইছে অ’..। স্মৃতি বোৰকে সুঁৱৰি হাঁহিব যত্ন কৰিছো আৰু…।
ককা এজনে  দিশাক আগ্ৰহেৰে মাতিলে..।

:- এনেকৈ হাঁহি থাকিব ককা..। আপোনালোকক ফুৰ্তিত থকা দেখিলে মোৰো ভাল লাগে মনতো..।
মই  ৰাতিপুৱাই ভাল খবৰ এটা দিও বুলি হে আহিছো..। আপোনালোকৰ ঘৰখন.. থকাৰ উপযোগী হৈ উঠিছে..। অহা ১৫ জুন তাৰিখে.. স্নেহালয়ৰ উদ্বোধনী অনুষ্ঠান এটাৰ আয়োজন কৰিছো । সেইদিনাৰ পৰা স্নেহালয় আপোনালোকৰ নিজৰ  ঘৰ হ’ব..।
ইয়াত যি খিনি অসুবিধাৰ সন্মুখীন হৈছে.. স্নেহালয়ত সেইখিনি অসুবিধা নিশ্চয়কৈ নাপায়..। মই বিশ্বাসী..। গতিকে সাজু হওক নতুন ঘৰখনলৈ যাবলৈ..।

:- তোমাৰ সপোন পূৰ হৈছে..। আমাৰ বাবেও এইটো ভাল খবৰ মাজনী..। পিছে এতিয়াও ক’ম.. তুমি আমাক তোমাৰ পৰা দূৰত ৰাখিব বিচাৰিছা..। সেইটোত হে দুখ পাইছো..।

:- চিন্তাই নকৰিব..  মই সদায় যাম আপোনালোকৰ খবৰ ল’বলৈ..। তাত গৈ আপোনালোকে মোক নাপাহৰিলেই হ’ল কেৱল..।

দিশাৰ কথা শুনি থোকা-থোকি মাতেৰে আইতা এজনীয়ে কৈ উঠিল…
:- আইজনী অ’…। বাটৰ পৰা বুটলি আনি.. তুমি আমাক থাকিবলৈ ঘৰ এখন দিছা.. খোৱাইছা.. পিন্ধাইছা..। বেমাৰত প্ৰতিপাল কৰিছা..। আজিকালি এচামে..নিজৰ মানুহৰ বাবেও ইমানখিনি নকৰে.. । তাৰপিছত ও.. আমি যদি তোমাক পাহৰো.. তোমাৰ প্ৰতি কৃতজ্ঞ নহওঁ.. ঈশ্বৰে আমাক ক্ষমা নকৰিব..। পাপ লাগিব আই..।
তেনেকৈ নক’বা..।

:- জানো আইতা.. । মই যিদৰে আপোনালোকক পাহৰিব নোৱাৰো.. সেইদৰে, মইয়ো সদায় আপোনালোকৰ অন্তৰত থাকিম..। আপোনজনে যিদৰে আপোনালোকক এদিন..নিজা ঘৰখনৰ পৰা আঁতৰাই পঠালে.. মইয়ো সেইদৰে বাধ্যত পৰি আপোনজনৰ পৰা আঁতৰি থাকিব লগা হৈছে..। গতিকে মই বুজো আইতা..। ধেমালি হে কৰিছো..।
দুগু উঠিল চাগৈ..। মই যাওঁ.. । ভালদৰে থাকিব..।

দিশা উদাস হৈ পৰিল..। এই বয়সত ও ইমানবোৰ দুখ সহিব লগা হৈছে তেওঁলোকে..। হীৰেন বৰ্মন ও কিমান অকলশৰীয়া হৈ পৰিছিল শেষ দিনকেইটাত..। নিজ পত্নী আৰু একমাত্ৰ পুত্ৰক কাষত পাবলৈ .. কিমান চাগৈ ব্যাকুল হৈ পৰিছিল..।

উফ… জীৱন.. ! কত’ যে ৰং তোমাৰ.. !!

ৰুমত গৈ দেখিছে.. স্মৃতাই দুগুৰ বাবে গাখীৰ গৰমাই আছে..।
দিশা গৈ দুগুৰ কাষৰ চকীখনতে বহি পৰিল..।

:- গুড মৰ্নিং বেটা..। উঠিলা..? আজি মই কি ভাবিছো জানা.. ভাবিছো যে… আমাৰ বেটাৰ জন্মদিন পালেহি নহয়.. সেইবাবে বেটাক লৈ আজি চ’পিংত যাম..। বেটাক এডভান্স বাৰ্থডে’ গিফ্ট দিম..।
কোৱাচোন কি কি লাগিব তোমাক… ।

:- ই.. য়ে… আজি আমি ফুৰিব যাম..। সঁচা নে মা..? আমি স্মৃতা মাহীক ও লৈ যাম দেই..। ঢেৰ খেলা বস্তু কিনিম.. এগাল বেলুন কিনিম.. । আৰু যে মোক ডাঙৰ পিষ্টল এটা ও লাগিব.. । কিয় জানা… তুমি যে কালি ভয় লাগে বুলি কৈছিলা.. মই সেই পিষ্টলটোৰে.. তোমাক ভয় খুৱাই থকা হাওটোক ধিচ.. চুম কে গুলি মাৰি দিম..।

:- হ’ব হ’ব.. সেই সৰু সৰু বস্তুবোৰ.. এইবাৰ স্মৃতা মাহীয়েই গিফ্ট কৰিব তোমাক..। মায়ে কিন্তু বহুত ডাঙৰ বস্তু এটা দিবলৈহে… প্লেন কৰি থৈছে আমাৰ হিৰ’ক বাৰ্থডে’ত.. । কি বাৰু কোৱাচোন…?
স্মৃতাই গাখীৰ গিলাচ দুগুলৈ আগবঢ়াই দি সুধিলে …। দুগুয়ে প্ৰশ্ন কৰাৰ আগতে দিশাই ক’ব ধৰিলে.. ।

:- এইবাৰ মায়ে দুগুক এটা ঘৰ গিফ্ট কৰিব..।  কি জানা বেটা.. স্পেচিয়েল ডে’ বোৰত মানুহে স্পেচিয়েল স্পেচিয়েল কাম কিছুমান কৰিব লাগে..। গতিকে ভাবিছো.. তোমাৰ জন্মদিনৰ দিনাই.. স্নেহালয়ৰ ও জন্মদিন পাতিম.. । তুমি তাতে বাৰ্থডে’ কে’ক কাটিবা..। আৰু.. “স্নেহালয়” ঘৰটো তোমাক মই  উপহাৰ দিম..।

:- কিন্তু মই সেইটো ঘৰত কেনেকৈ অকলে অকলে থাকিব পাৰিম..। মোক ঘৰ নালাগে দেই..। মই তোমাৰ লগতে এই ঘৰটোতে থাকিম.. ম

:- বেঙা.. তুমি সদায় মাৰ লগতেই থাকিবা..। মা কিবা তুমি নহ’লে থাকিব পাৰিব জানো..? সেইটো ঘৰত.. তুমি যেতিয়া বহুত ডাঙৰ হৈ যাবা.. তেতিয়া হে মন গ’লে থাকিব পাৰিবা  বুলি কৈছো.. ।

:- ঠিক আছে…। ব’লা মোক ৰেডি কৰি দিয়া.. ।  স্মৃতা মাহী ওলোৱা জলদি..।  আমি ফুৰিব যাম এতিয়া… ।

:- এতিয়াই নহয়..। ইমান সোনকালে দোকান খোলে জানো..? আমি লাঞ্চ কৰি আবেলি হে যাম..। তুমি গাখীৰ খিনি পটা-পট খতম কৰি লোৱা..।

স্মৃতাই.. আঁতৰৰ পৰা মাক পুতেকৰ কথাবোৰ শুনি থাকিল..। দিশাৰ লগত দুগুৰ মুখ খন মিলাই চালে ..। তাই যেন দুগুৰ মাজত… দিশাকেই বিচাৰি পাইছে..। কোনে ক’ব.. এই ল’ৰাটো দিশাৰ গৰ্ভজাত সন্তান নহয়..! ইমান মৰম.. ইমান আন্তৰিকতাৰে গঢ়া সিহঁতৰ সম্পৰ্ক… ।

দিশাৰ বুকুৰ বিশালতা খিনি জুখি চাব মন গ’ল স্মৃতাৰ..। কিমান বিশাল বাবে…  তাই আচলতে অভিজিত আৰু পঞ্চমীৰ সন্তানটিক .. হিয়া উজাৰি মৰম দিব পাৰিছে..!
হৃদয়ৰ সমগ্ৰ সত্তাৰে আপোন কৰি ল’ব পৰিছে..!!
দিশালৈ তাইৰ মৰমবোৰ উথলি উঠিল…।
 
                          ……………………

বজাৰত গৈ দুগুয়ে বিচৰা বস্তুবোৰ কিনি দি… স্মৃতাই দিশাক শাৰী ষ্ট’ল এখনলৈ লৈ গ’ল..।

:- দিশা বা ..শাৰী এখন চোৱা..। দুগু আৰু স্নেহালয়ৰ জন্মদিনৰ দিনা.. তুমি কিয় পুৰণা কাপোৰ পিন্ধিবা…? সেইদিনা পিন্ধিবলৈ ধুনীয়া শাৰী এখন মই গিফ্ট কৰিম তোমাক.. । তুমি চইচ কৰা..।
না নক’বা প্লিজ..। তোমাৰ ভন্টীয়ে তোমাক কিবা এটা দিব বিচাৰিছে..। না ক’লে বেয়া লাগিব মোৰ..।

স্মৃতাৰ কথা পেলাব নোৱাৰি.. দিশাই কেইবাখন ও শাৰীৰ মাজৰ পৰা পাতল হালধীয়া ৰঙৰ শাৰী এখন পচন্দ কৰি ল’লে..। স্মৃতাই কিন্ত.. তাইক… বগাত তেজ ৰঙা ফুলৰ সৰু সৰু বুটা বচা.. লগতে গুনাৰ কাম কৰা … শাৰীখন লব’লৈ হে জোৰ দিলে..।

:- শাৰীখন বহুত ধুনীয়া স্মৃতা..। কিন্তু মই ল’ব নোৱাৰিম..। ৰঙা ৰংটোক মই মোৰ জীৱনলৈ কোনোদিন আহিব দিব নোৱাৰিম..। তুমি জানা সকলো … ।
দিশাই আপত্তি জনালে.. ।

:- জানো দিশা বা.. । মই সকলো জানো..। শিৰৰ সেন্দুৰ কণ মুচিব লগা হ’ল বুলিয়েই.. তুমি সেন্দুৰৰ ৰঙটোক ও বৰ্জন কৰিবা নেকি.. ? কিয় কৰিবা.. ? অকল সেন্দুৰেই ৰঙা নহয়.. । তেজেৰ ৰঙ ও ৰঙা..। তোমাৰ.. মোৰ.. দুগুৰ.. গাত যে আছে… সেই তেজ খিনি ও ৰঙা..। তুমি পাৰিবা দুগুক বৰ্জন কৰিব..?
মোক..? 
পাৰিবা তোমাৰ গাত ৰঙা ৰঙা তেজবোৰ বৈ আছে বাবেই.. নিজকে বৰ্জন কৰিব..?
জীৱনে দিয়া সকলো ৰঙেই আঁকোৱালি ল’লা.. । বেদনাৰ নীলাবোৰ.. সপোনৰ সেউজীয়া বিলাক.. আন্ধাৰৰ ক’লাখিনি..পোহৰৰ শুভ্ৰতা.. ত্যাগৰ গেৰুৱা… কেৱল ৰঙাবোৰৰ প্ৰতিয়েই …কিয় ইমান বিতুষ্ট তুমি.. ?

মনত ৰাখিবা.. সাতো ৰঙৰ সমষ্টিয়েই ৰামধেনু.. । জীৱনটোক যদি ৰামধেনুৰ ৰঙেৰে .. নতুনকৈ গঢ়িব বিচাৰিছা… ৰঙা ৰংটোক অৱজ্ঞা কৰিব নোৱাৰিবা কোনোপধ্যে..আৰু তুমি দুগুৰ বাবেই… নিজকে গঢ়ি ল’ব লাগিব.. সাতো ৰঙেৰে ৰঙীন হৈ..।
ৰঙা বিপদৰ সংকেত যদিও…ই প্ৰেমৰ ও সূচনা কৰে..। কেৱল সেন্দুৰৰ সম্পৰ্কই প্ৰেম হয় জানো..? প্ৰেম… ভাতৃ ভগ্নীৰ মাজত ও থাকে.. বন্ধু বান্ধৱীৰ মাজত ও থাকে.. মাক দেউতাকৰ সন্তানৰ প্ৰতি ও থাকে..। সেইয়া জানো সেন্দুৰৰ সম্পৰ্ক.. ?
তেনেস্থলত.. প্ৰেমৰ ৰঙাবোৰক.. কিয় আহিব নিদিবা তোমাৰ জীৱনলৈ..?

স্মৃতাৰ যুক্তিক মানি ল’বলৈ বাধ্য হৈ পৰিল দিশা..। অভিৰ দ্বাৰা উপেক্ষিত বাবেই.. জীৱনৰ ৰঙবোৰক কিয় হেৰাই যাব দিব তাই… ! স্মৃতাৰ পচন্দৰ ৰঙা ফুলৰ শাৰীখন গাতে লৈ চালে দিশাই..।

পূবৰ বেলি পশ্চিমলৈ গৈ.. আকাশখন ও দেখোন ৰক্তিম কৰি তুলিছে…।  তাইৰ মুখত ও ৰক্তিম আভা এটা বিয়পি পৰিল..। এইয়া প্ৰেমৰ আভা..।
তাই ভালপোৱা মানুহবোৰৰ প্ৰতি থকা মৰমৰ আভা.. ।
শাৰীখনৰ ফুলবোৰত আলফুলে হাত বোলাই.. এখন হাতেৰে স্মৃতাক..আৰু আনখন হাতেৰে দুগুক আঁকোৱালি ল’লে তাই…

                      ……………………………
                                                                                               
         
আজি ১৫ জুন..।  আজি স্নেহালয়ৰ শুভ আৰম্ভণিৰ দিন..। লগতে আজি দিশাৰ জীৱনলৈ পোহৰ কঢ়িয়াই অনা .. তাই জীয়াই থকাৰ একমাত্ৰ  কাৰণ হৈ পৰা.. দুগুৰ ও জন্মদিন..।
সেই উপলক্ষে..আয়োজন কৰা অনুষ্ঠানটি বা সুকলমে হৈ উঠে নে নুঠে.. তাৰ চিন্তাতে ৰাতি ভালদৰে শুৱাই নহ’ল দিশাৰ..।
দোকমোকালিতে উঠি.. শুই থকা দুগুৰ… ভৰি দুটাতে চুমা দি.. তাই ভগৱানক খাটিলে..
” গোসাঁইটোৰ জন্মদিন আজি প্ৰভু..। তোমাৰ অনুগ্ৰহতে…সি আজি..  মোৰ জীৱনলৈ আহি..মোৰ সুখ দুখৰ লগৰী হৈ পৰিছে..। অভিয়ে পিতৃত্বৰ অধিকাৰক… প্ৰত্যাখ্যান কৰাৰ পিছতো.. তাক নিঠৰুৱা কৰি… তুমি তাৰ মাক জনীক ও আঁতৰাই লৈ গ’লা..। মাকৰ বুকুৰ অমৃতকনৰ পৰা.. তাক বঞ্চিত কৰিলা..। মাকৰ মৰম কি বুজি উঠাৰ আগতেই… তাক অকলশৰীয়া কৰিলা..। আৰু একো কাঢ়ি নিনিবা তাৰ জীৱনৰ পৰা ঈশ্বৰ ..। প্ৰাপ্য সুখবোৰেৰে… তাৰ আগন্তুক দিনবোৰ মংগলময় কৰি তোলা ..।
হেপি বাৰ্থ ডে বেটা…। এটি সুন্দৰ মনৰ গৰাকী হোৱা..। ভাল মানুহ হোৱা..। সদায় সুখত থাকা..। বহুত বহুত মৰম আৰু আশীৰ্বাদ কৰিছো দেই সোনটো..।
দুচকু ভৰি আহিল দিশাৰ..। স্মৃতাই ও সাৰ পাই উঠিছিল তেতিয়া..। তাইও দুগুৰ কপালতে চুমা এটা দি তাৰ মুখলৈ একেথৰে চাই ৰ’ল..আৰু দিশাক ক’লে…

:- দিশা বা.. দুগু বহুত ভাগ্যবান..। সি তোমাৰ দৰে সাহসী… ধৈয্যশীলা..আৰু মৰমিয়াল মানুহ এগৰাকীক মাকৰ ৰূপত পাইছে..। সি বহুত ভাল ল’ৰা হ’ব.. কাৰণ তোমাৰ শিক্ষাৰে সি ডাঙৰ হ’ব..।
আজি ইমান এটা শুভ দিনত.. তুমি ও কথা দিয়া দিশা বা.. অতীতৰ বেয়া দিনবোৰ …এটা বেয়া সপোনৰ দৰেই পাহৰি যাবা তুমি..। দুগুৰ বাবে.. দুগুৰ লগতে অনাগত দিনবোৰত সুখী হ’বা..।
আচলতে ভগৱানৰ ও আমনি লাগি গ’ল.. তোমাৰ পৰীক্ষা লৈ লৈ.. । তুমি সফলতাৰে উত্তীৰ্ন হ’লা বাবেই.. দুগুক তোমাৰ জীৱনৰ অংশীদাৰ কৰি পঠাইছে.. এটা অমূল্য উপহাৰ দিছে তোমাক ..।
এতিয়া সুখতে হওক.. দুখতে হওক.. এই যে চকু দুটা তিয়াই..চকুপানীবোৰ বোৱাইছা.. সেইবোৰ মুচি লোৱা..। তোমাৰ দুচকুৰ সপোন পূৰ হৈছে আজি..। চকু দুটাত এতিয়া চকুপানী নহয়.. মিঠা হাঁহি এটা বিয়পি থকাটোহে বিচাৰো মই..।
ইফালে..স্নেহালয়ে ও চাগে দিশাক বিচাৰি হুলস্থুল লগাইছে । ১২ বজাত নিমন্ত্রিত অতিথি সকল আহি পাবহি..।
মই দুগু উঠিলে.. ঘৰৰ কামবোৰ চিজিল কৰি গৈ আছো.. । তুমি গা ধুই ওলাই যোৱা..। ইমান সুন্দৰকৈ সঁচা হোৱা তোমাৰ সপোনটোৰ.. সফল পৰিসমাপ্তি হওক..। তাত গৈ সকলোবোৰ তদাৰক কৰাগৈ..।
গুড ডে’ ডিয়েৰ..। অল ডা বেষ্ট..।

স্মৃতাই দিশাক সাৱটি ধৰিলে.. দিশাই ও আৱেগেৰে কৈ উঠিল..

:- হয় দিয়া স্মৃতা..। এতিয়া নতুন উদ্যমেৰে.. জীৱনৰ খলা-বমা বোৰক.. মসৃণ কৰি গৈ থাকিব লাগিব..। জীৱনটোক নতুনকৈ সঁজাব লাগিব..। ইমান দিনে যন্ত্ৰণাবোৰ.. বুকুতে বান্ধি ৰাখিছিলো বাবেই.. বুকুৰ বিষটোয়ে বৰকৈ অশান্তি দিছিল..। এতিয়া মই সকলো যন্ত্ৰণাৰ পৰা মুক্ত..। দুগুৰ জন্ম ৰহস্য তোমাক জানিব দি.. বুকুৰ ভিতৰৰ ঘাঁ টুকুৰা.. মলম লগাই যেন শুকুৱাই পেলালো মই…।
অশেষ ধন্যবাদ স্মৃতা.. ছাঁটোৰ দৰে মোৰ লগত থাকি.. মোক সাহস দিয়াৰ বাবে..। সঁচা মৰম.. ভাল পোৱাৰে মোক ধন্য কৰাৰ বাবে..। লাভ ইউ…
মই ৰেডি হওঁ..। তুমি বেটাৰ লগতে শুই থাকা..। এতিয়াই উঠিব নালাগে..।

:- অ’কে বেহনা.. । যিৱা আজ্ঞা..। পিছে আজি অলপ ধুনীয়াকৈ সাজি কাঁচি ওলাবা দেই..। স্পেচিয়েল দিনত… স্পেচিয়েল কিবা কৰাৰ লগতে.. স্পেচিয়েলকৈ নিজক সজাবও লাগে..।

দিশাই স্মৃতাৰ কথা শুনি হাঁহি হাঁহি বাথৰুমত সোমাল..।
গা ধুই..চাকি ধূপ লগাই.. তাই গোঁসাইৰ থাপনাত সেৱা জনালে  আৰু স্মৃতাই গিফ্ট কৰা.. তেজ ৰঙী ফুলৰ শাৰীখন উলিয়াই ল’লে..।
সাধাৰণকৈ বান্ধি লোৱা খোপা এটা..সামান্য প্ৰসাধন..দুচকুত ডাঠকৈ কাজল আৰু পাতল গুলপীয়া লিপষ্টিকেৰে নিজকে সজাই.. শাৰীখন পৰিপাটিকৈ পিন্ধি ল’লে দিশাই..। বহুত দিনৰ মূৰত…ইমান যত্নৰে নিজকে সজাইছে তাই..।
কিবা এটা ভাল লগা অনুভৱে জীপাল কৰি তুলিলে মনটো..।মিচিকিয়া হাঁহি এটাৰে আইনাখনত নিজকে চালে তাই.. আৰু স্মৃতাক মাত লগাবলৈ শোৱনী কোঠালৈ গ’ল..।

:- মই আহিছো স্মৃতা..। তুমি দুগু উঠিলেই তাক লৈ যাবা..।
বাকী কোৱাচোন… হাউ এম আই লুকিঙ..?

স্মৃতাৰ মন্তব্য বিচাৰি.. দিশাই স্মৃতাৰ সন্মুখত.. শাৰীৰ আচলটো এক বিশেষ ভঙ্গীমাৰে দাঙি.. এপাক ঘূৰি দিলে..।

:- খুব ধুনীয়া লাগিছে তোমাক দিশা বা..। চাইয়েই থাকিব মন গৈছে.. ।
যোৱা..। দুগুৰ চিন্তা অলপ ও নকৰিবা..। মই আছো..।

দুগুৰ মুৰতে হাত ফুৰাই.. ওলাই গ’ল দিশা..।
তাইৰ সপোন ভূমিলৈ… ।

“ব্যৰ্থতাৰ চকুলোবোৰক.. দুই ওঁঠত.. হাঁহি হৈ.. বৈ যাব দিয়া , সুখৰ ছন্দোময় গতিয়ে.. জীৱনটো সন্তুষ্টিৰে ভৰাই পেলাব..।”

                           ………………………..

গেটৰ বাহিৰৰ পৰাই …হীৰেন বৰ্মনৰ প্ৰতিমূৰ্তিটোৰ সন্মুখত .. অস্থায়ী ভাবে নিৰ্মান কৰা ৰভা খনত চকু পৰিল দিশাৰ..। ৰভা খনৰ চাৰিওকাষে লগাই দিয়া..ৰং বিৰঙৰ বেলুনবোৰ.. বতাহত নাচি আছে..। এই যেন… উৰি গুচি যাব বতাহৰ তালে তালে..। আকৌ..পিছমুহূৰ্ত্বতে.. বতাহজাকৰ লগতে সিহঁত ও থমকি.. বান্ধি ৰখা সূতা ডালত একে ঠাইতে ওলমি ৰৈছে..।
তাইৰ ও মনটো আজি বেলুনবোৰৰ দৰেই চঞ্চল হৈ পৰিছে দেখোন..।
গেট খন খুলি.. দীঘলকৈ উশাহ এটা টানি..এখুজি দুখুজিকৈ ভিতৰলৈ সোমাই গ’ল দিশা..। প্ৰাণভৰি উজাই ল’লে তাইৰ সপোনটোৰ.. মিঠা মিঠা সুবাস এটা..।
সেই সুবাস প্ৰেমৰ.. সেই সুবাস অনুভৱৰ..। স্নেহালয় এতিয়া কেৱল এখন বৃদ্ধাশ্ৰমেই নহয়..। স্নেহালয় এতিয়া তাইৰ প্ৰেম.. তাইৰ ভালপোৱা..। তাইক সুখী কৰা … এটা হেঁপাহ…।

ৰভাৰ তলত..বাবুৱা আৰু ৰাখালে… অতিথি সকল বহিবৰ বাবে.. চকীবোৰ লাইন কৰি পাৰি আছে..। মণিকাই প্ৰাৰ্থনা ঘৰটো মুচি আছে..।
মহেশ কলিতা.. দিশাতকৈ আগতেই.. স্নেহালয়ত উপস্থিত হৈছিল..। তেওঁ দিশাক দেখি স্বভাৱজাত হাঁহিটো মুখত লৈ আগুৱাই আহিল..। দূৰৈৰ পৰাই দিশাক একেথৰে চাই.. সন্মুখত ঠিয় হৈ কৈ উঠিল তেওঁ…

:- গুড মৰ্নিং বাইদেউ..। আপোনাক আজি সঁচাই বৰ ধুনীয়া লাগিছে..। নোকোৱাকৈ নোৱাৰিলো আৰু..। ইমান দিনে আপোনাক এইদৰে সাজি কাঁচি অহা দেখা নাছিলো যে..।

:- ধন্যবাদ কলিতা..। গুড মৰ্নিং..। ধুনীয়াকৈ সাজি আহিবলৈ আপোনালোকেই অনুপ্ৰাণিত কৰিছে..। স্নেহালয়ক ইমান ধুনীয়াকৈ সজাই উলিয়াইছে.. মই নো কোন সতে জাধলী জনী হৈ আহো বাৰু..!

:- আহক আহক..। কামবোৰ চাই লওক হি..। আজি সকলো ফুৰ্তিত ক’ব নোৱাৰা হৈ পৰিছে..। মন খুলি কামবোৰ কৰি গৈছে..।

দিশাক আগবঢ়াই লৈ গ’ল কলিতাই..।
তাই ভিতৰত গৈ কোঠালীবোৰ এটা এটা কৈ চাই গ’ল..। নতুন আচবাব..শুভ্ৰ বিচনা চাদৰ.. গাৰু গিলিপ.. হালধীয়া আৰু সেউজীয়াৰ সংমিশ্ৰণৰে নতুন ফুলাম পৰ্দাবোৰ… কোঠাৰ পাতল হালধীয়া ৰঙৰে..স্নেহালয়ৰ ৰূমবোৰ দেখি ভাল লাগি গ’ল তাইৰ..।
আপোন ঘৰ খনক মনৰ ভিতৰৰ পৰা উলিয়াই দিব নোৱাৰে যদিও.. এইখন ঘৰত.. যে আইতা-ককা কেইজন.. সুখেৰে থাকিব পাৰিব .. তাকে ভাবি তাই সুখী হৈ পৰিল..।

হল ঘৰটোত.. শঙ্কৰে.. সহযোগী দুজনমানৰ লগত ৰন্ধাৰ যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে..। সকলোৰে মতামত লৈ আজিৰ মেনু খন.. নিৰামিষ ৰখা হৈছে..। দিশাই দঢ়াই দঢ়াই আইটেমবোৰ সোৱাদযুক্ত হ’বৰ বাবে… বিশেষভাৱে মন কৰিবলৈ.. শঙ্কৰক অনুকিয়াই দিলে..।

ষ্ট’ৰ ৰুমত লাগতিয়াল বস্তুবোৰৰ তদাৰক কৰাৰ লগতে.. বিশিষ্ট অতিথি সকলক .. সম্ভাষণ জনাবৰৰ বাবে.. গোটাই ৰখা.. শৰাই গামোচা কেইখন ও চাই ল’লে তাই..। সময়ত বিচাৰি ফুৰিব ল’গা হ’লে বৰ অপদস্ত হ’ব লাগিব..।

প্ৰাৰ্থনা গৃহত আগদিনাই দিশাই… ধূপ চাকিৰ লগতে আম পাত অলপ ও চিঙি থৈ গৈছিল..। মণিকাৰ লগ লাগি আম পাতৰ মালা কেইডালমান গাঁঠি.. কোঠাবোৰৰ দুৱাৰ মুখত আৰু গোঁসাই থাপনা খনৰ ওপৰত আৰি দিলে..। স্নেহালয়ৰ বাগিচাৰ পৰাই চিঙি অনা.. গোলাপ, কথনা, কৰবি, জবা আদি ফুলৰে.. দীঘলকৈ মালা এধাৰ গাঁঠি.. বৰ্মনৰ প্ৰতিমূৰ্তিটোত পিন্ধাই দিলে..আৰু গোঁসাই থাপনাখন ও ফুলেৰে সুন্দৰকৈ সজাই পেলালে..।
কামবোৰ মনে ভবাৰ দৰে হৈ উঠিছে..। তাই চাৰিওফালে চাব ধৰিলে.. । ক’ৰবাত কিবা বাকী ৰৈ গৈছে নেকি..!

তেনেকুৱাতে দুগুক হাতত ধৰি স্মৃতা সোমাই আহিল..। দুগুয়ে স্নেহালয়ৰ পৰিবেশ দেখি ফুৰ্তিতে নাচিব ধৰিলে..। বেলুন, ফুল, ৰভা ঘৰ.. এইবোৰ…এইদৰে সজোৱা সি প্ৰথম দেখিছে..। দিশাই তাক প্ৰাৰ্থনা গৃহলৈ লৈ গ’ল..। চাকি ধূপ আৰু মম কেইডালমান ও জ্বলাই নেদেখাজনক প্ৰাৰ্থনা জনালে..।
কৃষ্ণ , শিৱৰ লগতে.. ৱাহেগুৰু, কোৰান শ্বৰীফ, যিশু খ্ৰীষ্ট.. সকলোকে একেলগে দেখি.. দুগুয়ে কৌতূহলতে দিশাক ঢেৰ প্ৰশ্ন কৰিব ধৰিলে..। দিশাই বুজালে তাক..

:- চোৱা বেটা.. তুমি ইয়াত যে দেখিছা ফুলবোৰ.. সব জানো দেখিব একেই.. । নহয় তো..! ফুলবোৰৰ গন্ধ বেলেগ.. ৰং বেলেগ.. কিছুমান সৰু, কিছুমান ডাঙৰ..। কিন্তু সকলোবোৰকে আমি ফুল বুলিয়েই কওঁ ন.. ?
তেনেকৈ ভগৱান ও এজনেই.. । তেওঁ ফুলৰ দৰে ঢেৰ ৰূপ ধৰিব পাৰে..। তেওঁ যে বহুত শক্তিমান..!  ইয়াত সেইকাৰণে ভগৱানৰ কেইবাটাও ৰূপ .. সজাই থৈছো.. ।
কিন্তু সাই বাবাই কি কয়…? তুমি জানা নহয় কোৱাচোন..

:- সবকা মালিক এক..
দুগুয়ে খিলখিলাই হাঁহি উঠিল..

:- ইয়েচ.. মাই স্মাৰ্ট বয়.. । সবকা মালিক এক.. । মানে সকলোৰে ভগৱান এজনেই..। বুজিলা এতিয়া..?
ঠিক আছে.. তুমি এতিয়া বাহিৰত খেলাগৈ.. । আলহীবোৰ অহাৰ সময় হৈছে নহয়..। মই আৰু স্মৃতা মাহীয়ে.. কাম কৰো.. । বেছি উৎপাত নকৰিবা কিন্তু..। বাবুৱা মামাৰ লগতে থাকিবা.. ।
দিশাই বাবুৱাক মাতি দুগুক বাহিৰলৈ পঠাই দিলে..। বাবুৱাক .. মামা সম্বোধন ধৰিবলৈকে শিকাইছে দিশাই..। অন্তত: এটা সম্পর্ক সত্য হৈ থাকক তাৰ বাবে..।

ওচৰৰ বয়সস্থ লোক কেইজন.. এজন দুজনকৈ আহি ৰভাৰ তলৰ চকী শুৱনি কৰি বহি পৰিছে..। কলিতাই সকলোৰে লগত কথা বতৰা পাতি তেওঁলোকক ব্যস্ত ৰাখিছে..।
স্মৃতাই চেগতে.. কলিতাৰ গাড়ীখনকে লৈ দুগুৰ বাৰ্থ ডে’ কেকটো লৈ আহিলগৈ..।
অভিজিত বৰ্মন বা আহে নে নাহে.. কিবা মেছেজ পঠাইছে নেকি.. ম’বাইলটো উলিয়াই চালে তাই..। নাই.. একো খবৰ নাই.. । নাহিব চাগৈ..।

আইতা ককাহঁতক কলিতাই নিজেই গৈ নতুন ঘৰখনলৈ আদৰি আনিলে…। দিশাই কোৱাৰ দৰে.. তেওঁলোকেও তাই দিয়া নতুন কাপোৰ কেইসাজ পিন্ধি স্নেহালয় পালেহি..। স্নেহালয়ৰ সৌন্দৰ্য্যত মন্ত্ৰমুগ্ধ হৈ পৰিল তেওঁলোক..। এইখন ঘৰেই তেওঁলোকৰ বাবে দিশাই সাজি উলিয়াইছে..!
ইমান মনোৰম.. ইমান পবিত্ৰ যেন অনুভৱ হৈছে..।
সকলোৰে চকুবোৰ সেমেকি উঠিল.. সুখত….।

দিশাই তেওঁলোকক কোঠালিবোৰ দেখুৱালে..।
প্ৰাৰ্থনা ঘৰটো চাৰিওফালে চাই.. তেওঁলোক তাতে বহি পৰিল..। বহু সময় ধৰি ঈশ্বৰৰ স্তুতি কৰিলে..। তেওঁলোকৰ এই প্ৰাৰ্থনা নিজৰ বাবে নহয়..। তেওঁলোকৰ আপোন ঘৰ খনৰ সুখৰ বাবে.. দিশাৰ বাবে..দুগুৰ সুন্দৰ ভৱিষ্যতৰ বাবে.. আৰু তেওঁলোকক মৰম দিয়া এই সকলো লোকৰ বাবে.. যাৰ কাৰণে আজি জীৱনৰ বিয়লি বেলাত ..তেওঁলোকে স্নেহালয়ৰ দৰে ঘৰ এখন পাইছে..। এইয়া তেওঁলোকৰ নিঃস্বাৰ্থ প্ৰাৰ্থনা..।

প্ৰাৰ্থনাৰ আৰু বিশ্বাসৰ এক আচৰিত শক্তি আছে..। অন্তৰৰ শুদ্ধতাৰে কৰা প্ৰাৰ্থনা.. ভগৱানে গ্ৰহণ কৰেই.. ।
শুভ হওঁক সকলো..। আহিবল’গা দিনবোৰ অপায় অমংগলবোৰ আঁতৰি.. সুখৰ হৈ উঠক..। দিশা.. স্মৃতা.. আৰু কলিতাই ও ঈশ্বৰক চিন্তা কৰিলে..।

স্মৃতাৰ এন.জি. অ’ৰ সদস্য সকল.. কলিতাৰ পৰিয়াল.. দিশাৰ
মাক আৰু ভায়েক ও আহি ওলালহি..।
বাৰ বজাৰ আগে আগে মিডিয়াৰ মানুহ কেইজনমান উপস্থিত হ’ল…। তেওঁলোকে স্নেহালয়ৰ চৌকাষ.. কেমেৰাত বন্দী কৰি ল’লে..। এতিয়া অপেক্ষা মাথোঁ.. উপায়ুক্ত জন অহালৈ..।
তাৰ পিছতে অনুষ্ঠানটো আৰম্ভ কৰিব পৰা যাব..।

নিজৰ নিজৰ ভিতৰতে সকলোয়ে কথা বতৰা পাতি সময় কটাইছে..। দিশাৰ মাকে.. জীয়েকৰ কাম দেখি গৌৰৱ অনুভৱ কৰিলে..। কেতিয়াও নাতি বুলি স্বীকাৰ নকৰা..দুগুক কোলাত লৈ গাল মুখে চুমা এগাল আঁকি দিলে তেওঁ..।
সকলোৱে অকলশৰীয়া কৰিলে যদিও.. আজি দিশা সুখী..। কাৰণ তাইৰ একান্ত আপোন বুলিবলৈ দুগু আছে আজি তাইৰ জীৱনত..। দুৰ্ভগীয়া জীয়েকৰ সুখৰ কাৰণটোক কি দৰে অৱজ্ঞা কৰে মাকে..!

সময়ত জয়ন্ত বৰাৰ লগতে উপায়ুক্ত মহোদয় আহি স্নেহালয়ৰ অস্থায়ী ৰভাৰ তলত আসন গ্ৰহণ কৰিলে..। তেওঁলোকৰ লগতে স্মৃতাৰ এন.জি. অ’ৰ সদস্য দুজনমানক গামোচা আৰু শৰাই দি সন্মান যচা হ’ল..। উপায়ুক্ত মহোদয়ে.. হীৰেন বৰ্মনৰ প্রতিমূৰ্তিত..ফুলৰ থোপা এটাৰে শ্ৰদ্ধাঞ্জলি জনালে..।
সুন্দৰ পৰিবেশটোত…. সকলোৰে মনবোৰ আনন্দিত হৈ উঠিল..।

নিজ নিজ বক্তব্য ৰাখি..আমন্ত্ৰিত অতিথি সকলে..স্নেহালয়ৰ লগতে.. দিশাৰ ও ভূয়সী প্ৰশংসা কৰিলে..। আইতা ককা কেইজন ও চলচলীয়া চকুৰে.. এষাৰ দুষাৰ কৈ মনৰ আনন্দ প্ৰকাশ কৰিব যত্ন কৰিলে..।

সকলোৰে শেষত দিশা ষ্টেজত উঠিল..। হীৰেন বৰ্মনৰ প্ৰতিমূৰ্তিটোক লক্ষ্য কৰি.. সেৱা জনাই.. অলপ সময় মৌন হৈ ৰ’ল তাই…।
কি কয়.. ক’ৰ পৰা আৰম্ভ কৰে এতিয়া..। বহুতৰ মনত আজি অজস্ৰ প্ৰশ্ন..। স্নেহালয়ৰ লগত দিশা কি দৰে জড়িত হৈ পৰিল..? হীৰেন বৰ্মনৰ লগত তাইৰ কি সম্পৰ্ক..? কোনে স্নেহালয় নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা .. ধনৰাশি বিনিয়োগ কৰিলে..?
কথাবোৰ থোৰতে জুকিয়াই ল’লে দিশাই..।
স্মৃতা.. দিশাই কি কয়… শুনিবলৈ আগ্ৰহেৰে বাট চাই ৰ’ল..। কি দৰে দিশাই..সকলোৰে আগত প্ৰকাশ কৰিব বাৰু … এগৰাকী দুৰ্ভগীয়া নাৰীৰ জীৱন গাঁথা..!?

সন্মুখত বহি থকা দুগুলৈ চাই লাহে লাহে ক’ব ধৰিলে দিশাই…

:- সকলোকে আন্তৰিক ধন্যবাদ জনাইছো.. । আজি এই অনুষ্ঠানত আপোনালোকৰ উপস্থিতিয়ে.. অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে.. স্নেহালয়ৰ লগত ইমানদিনে জড়িত হৈ থকা আমাক… পৰম আনন্দিত তথা উৎসাহিত কৰিছে..।
স্নেহালয়… মোৰ এটা সপোন..।
হয়.. আজিৰ পৰা সাত বছৰৰ আগতে.. মই অহৰহ মোৰ মন মগজুত .. শিপাই লোৱা মোৰ ড্ৰিম প্ৰজেক্ট..। আজি মোৰ সপোন পুৰা হ’ল..। সকলোৰে ওচৰত মই চিৰ কৃতজ্ঞ..। মহেশ কলিতা.. জয়ন্ত বৰা দা.. স্নেহালয়ৰ লগত জড়িত.. সকলো কৰ্মচাৰী.. সময়ে সময়ে মোক উপদেশ দি কৃতাৰ্থ কৰা  মোৰ শুভচিন্তক সকল.. আৰু মোৰ মৰমৰ ভন্টি স্মৃতা কৌশিকৰ ওচৰত মই চিৰ ঋণী হৈ পৰিলো.. ।
সকলোৱে নিশ্চয় ভাবিছে.. এখন বৃদ্ধাশ্ৰম খোলাৰ কথা মোৰ মনলৈ কিয় আহিল…? হীৰেন বৰ্মনৰ ঘৰটোত স্নেহালয় নিৰ্মান কৰিবলৈ মই কেনেকৈ অধিকাৰ পালো… ?
আচলতে মই তেওঁৰ লগত এটি সম্পৰ্কৰে সাঙোৰ খাই আছো..। মই এসময়ত তেখেতৰ বোৱাৰী আছিলো..। তেখেতৰ একমাত্ৰ পুত্ৰ.. অভিজিত বৰ্মনৰ পত্নী..। কিন্তু সময়ৰ পাকচক্ৰত…সেই সম্বন্ধ বেছি দিন নিটিকিল..। পিছে এটা সমন্ধৰ যতি পৰাৰ পিছত ও.. চিৰদিনলৈ মই.. হীৰেন বর্মনৰ জীয়ৰী হৈ থাকি গ’লো..।
দেউতাক নিজৰ পুত্ৰই এৰি থৈ গুচি গ’ল..। জীৱনৰ ভাটি বেলাত.. অকলশৰীয়া হৈ পৰা তেখেতৰ.. মনৰ বেদনাখিনি মৰ্মে মৰ্মে উপলব্ধি কৰি.. দেউতাৰ দৰে অসহায় হৈ পৰা .. কাৰোবাৰ বাবে .. কিবা এটা কৰাৰ মানসেৰে.. স্নেহালয়ক গঢ়ি তুলিবলৈ মনতে ঠিৰাং কৰিছিলো মই..। যদিও দেউতা জীয়াই থাকোতেই ইয়াৰ শুভাৰম্ভ কৰাৰ মন আছিল.. বিভিন্ন কাৰণত হৈ নুঠিলগৈ..। দেউতাই কিন্তু জানি গ’ল মোৰ সপোনটোৰ বিষয়ে..।
গতিকে মৃত্যুৰ আগে আগে .. তেখেতে.. তেখেতৰ নাতিৰ নামত .. তেওঁৰ ভেটিটো লিখি দি… নিজৰ জমা পুঁজি খিনি ও স্নেহালয় নিৰ্মাণৰ বাবে দান দি গ’ল..।
তাৰ ফলত এইয়া.. স্নেহালয় আজি আপোনালোকৰ সন্মুখত..। আজি তেখেতৰ একমাত্ৰ নাতি.. অংকিত বৰ্মনৰ ও জন্মদিন..। সেইবাবে..অংকিতৰ জন্মদিনতে.. তাৰ নামত ককাকে লিখি যোৱা ভেটিটোত নিৰ্মিত..স্নেহালয়ৰ ও জন্মদিন পালন কৰিবলৈ ঠিক কৰিলো মই..। সকলোৱে আশীৰ্বাদ কৰিব তাক..।

দুগু.. আহা বেটা…. মাৰ ওচৰলৈ আহা..।

দিশাই মাত দিয়াত দুগু ওপৰলৈ উঠি আহিল..। কেকটো হাতত লৈ স্মৃতা ও দুগুৰ পিছে পিছে দিশাৰ ওচৰ পালেহি..। দুগুৱে কেক কাটোতে.. উপস্থিত সকলোৱে হিয়া উজাৰি আশীৰ্বাদ দিলে তাক….।
হঠাৎ.. বহি থকা মানুহখিনিৰ পিছফালে.. চুকৰ চকী এখনত দিশাৰ চকু থমকি ৰ’ল….।
হয়.. তাইৰ ভুল হোৱা নাই.. । এইয়া অভি..। পুৰণি টি-চাৰ্ট এটাৰে.. এমুখ ডাঢ়িৰে.. তাইৰ সন্মুখত নিস্তেজ.. ক্লান্ত.. অভিজিত বৰ্মন..। তাই থমকি ৰোৱাত স্মৃতাৰো চকু গ’ল সেইদিশে..। অভিজিতক দেখি..দিশাক তাই কানতে ক’লে…

” মইয়েই খবৰ দিছিলো..। তোমাক দুখ দি ৰঙ চোৱা জনে.. তোমাৰ সুখবোৰ ও নিজ চকুৰে দেখক..। তোমাক নজনালো…. । বেয়া নাপাবা..। “

বাবুৱা আৰু দুগুয়ে কেকটো সকলোকে ভগাই দিলে..। মহেশ কলিতাই অতিথি সকলক.. আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনালে..। শঙ্কৰে ৰন্ধা সুস্বাদু ব্যঞ্জন সমূহৰ শলাগ লৈ.. আহাৰ গ্ৰহণ কৰি .. স্নেহালয়ৰ পৰা তেওঁলোকে বিদায় মাগিলে…।

অভিক বাবুৱাই ও দেখা পালে.. । গৰজি উঠিল সি..।  দিশাই বুজালে তাক..

:- আজি ইমান এটা ভাল দিনত.. খং নুঠাবি বাবুৱা..। দেখিছ নে… মানুহটোৰ অৱস্থা..। কোনোদিন সদায় ব্যৱহাৰ কৰি অহা ব্ৰেণ্ডৰ লগত কম্প্ৰমাইজ নকৰা অভিয়ে আজি কিমান সাধাৰণ চোলা এটাৰে… এইখিনি পাইছেহি..। ভৰিৰ জোতাযোৰ চা..। কেনেকৈ আগফালে ফুটা ওলাইছে..।  ক্লিন চেভত ৰখা মুখ খনত.. আজি ডাঢ়িবোৰ চা..। চকুৰ গুৰিৰ ক’লা খিনি চা..। তেওঁৰ বিচাৰ ভগৱানে লৈছে..। তই শান্ত হ’..।

অভি দিশাৰ ওচৰলৈ আগবাঢ়ি আহিল..। অপ্ৰস্তুত হৈ পৰিল তাই..।

:- আই এম চ’ৰি দিশা..।
কোনো কথাৰ অৱতাৰণা নকৰাকৈ অভিয়ে দিশাক ক্ষমা খুজিলে..। সি আজি অনুতপ্ত..। তাৰ দুচকুত আজি অনুশোচনাৰ চকুলো..।

:- তোমাক মই ক্ষমা কৰিব নোৱাৰো অভিজিত বৰ্মন..। আজিৰ পৰা যদি বাৰ বছৰৰ আগতে তুমি এইদৰে অনুতপ্ত হ’লা হয়.. তেতিয়া হয়তো মই ক্ষমা কৰি দিলো হেঁতেন তোমাক..। আজি মই.. জীৱনৰ যিটো স্তৰত আহি উপনীত হৈছো.. তাত ঠিয় হৈ তোমাক মাফ কৰা মোৰ পক্ষে সম্ভৱ নহয়..।

গভীৰ বিশ্বাস মনত ৰাখি.. দিশাই.. অলপ ও খোকোজা নলগাকৈ কথাখিনি অভিক উদ্দেশ্যি কৈ উঠিল..।
দুগু আৰু স্মৃতা ও তেনেকুৱাতে সেইখিনি পালেহি..। অভিজিতে দুগুৰ গালতে হাত ফুৰাই.. আবেগ বিহ্বল হৈ সুধিলে..

:- মোৰ ল’ৰা..। অংকিত.. দুগু..!!

:- নহয়..। সি মাকৰ গৰ্ভত স্থিতি লওঁতেই.. তাৰ দেউতাকৰ মৃত্যু ঘটিছে..। দুগু দিশাৰ ল’ৰা..। দেউতাৰ নাতি…।

দুগুক হাতত ধৰি দিশা অভিৰ ওচৰৰ পৰা আঁতৰি আহিল..। অলপ দূৰ গৈ .. পুনৰ উভটি আহি কৈ গ’ল..।

:- চহৰৰ মূৰত.. মোৰ নামত থকা মাটিখিনি.. তোমাৰ নামত লিখি দিছো মই..। কাগজ খিনি কেতিয়াবাই সাজু কৰি  ৰাখিছিলো.. । স্নেহালয়ৰ কাৰ্য্যালয়ৰ পৰা লৈ যাবা..।
আচলতে এই সকলোবোৰ তোমাৰেই আছিল..। তুমি ৰাখিব নোৱাৰিলা..। সম্পত্তিবোৰৰ দৰে..মানুহৰ মৰম আৰু বিশ্বাস ও ৰাখিব নাজানিলা..। তুমি হাৰি গ’লা অভিজিত বৰ্মন..। খুব দুখ লগাকৈ হেৰুৱাই পেলালা সকলোবোৰ..।

সকলোকে মাত লগাই.. দুগু আৰু স্মৃতাৰ হাতত ধৰি…এবুকু সুখ বুকুতে লৈ… স্নেহালয়ৰ গেটেদি ওলাই আহিল.. সাহসী.. দৃঢ়মনা.. আৰু সময়ে হৰুৱাব নোৱাৰা দিশা দেৱী.. ওৰফে দিশা বৰ্মন..।
তাই আজি পাই হেৰুৱাৰ বেদনাৰে জৰ্জৰিত নহয়..। তাই আজি প্ৰাপ্তিৰ সুখেৰে সুখী..।
আন্ধাৰবোৰ গৰকি… এইয়া তাইৰ পোহৰ অভিমুখে এক নতুন যাত্ৰা..।

                                …………………

                                    সমাপ্ত..
                                   





                                             
                                                                            

                                          
                                  
                                                            

মুক্তি..




চহৰৰ আটাইতকৈ ব্যয়বহুল চিকিৎসালয় খনত অধ্যাপক দিলীপ ফুকনৰ একমাত্ৰ পুত্ৰ প্ৰতীকৰ এইয়া… ট্ৰিটমেণ্ট চলি আছে । ইউৰ’লজিষ্ট বিভাগৰ হেড….ডাঃ অভ্ৰনীল দত্তই তাৰ ট্ৰিটমেণ্টৰ সকলো দায়িত্ব লৈছে .. ।
কেইবাটাও টেষ্টৰ ৰিপৰ্ট হাতত লৈ ডাঃ দত্তই ….ফুকন আৰু তেওঁৰ পত্নী জুলাক এইমাত্ৰ তেখেতৰ চেম্বাৰলৈ মাতি নিছে … । গভীৰ উৎকণ্ঠা দুয়োৰে মনত .. ।
বাংগালোৰত এম. বি .এ কৰিব যোৱাৰ পৰাই প্ৰতীকৰ কিবা নহয় কিবা এটা বেমাৰে লগ নেৰাই হৈছে … ! তাতেই ডাক্তৰক দেখাই …. মেডিচিন লৈ সুস্থ হৈ উঠাৰ খবৰবোৰ…. ফোন যোগে সি মাক দেউতাকক দি থাকে যদিও… একমাত্ৰ সন্তানক লৈ দুয়ো বৰ চিন্তাৰে দিনবোৰ পাৰ কৰি আহিছে … । এইবাৰ বেছিকৈ অসুস্থ হৈ পৰাত সি নিজেই ঘৰলৈ গুচি আহিল । ক্ষিণাই – শুকাই দুৰ্বল হৈ পৰা প্ৰতীকক দেখি মাকে চকুপানী ধৰি ৰাখিব পৰা নাই … । চকুৰ আঁতৰত থকা সন্তানৰ এনে অৱস্থা দেখিলে কোন গৰাকী মাতৃনো ধৈৰ্যৰে থাকিব পাৰে…??
প্ৰচণ্ড পেটৰ বিষত চটফটাই থকা প্ৰতীকক ততাতৈয়াকৈ ফুকনে ডাক্তৰৰ ওচৰলৈ লৈ আহিল … আৰু সাধাৰণ দুই এটা চেক আপৰ পিছতেই ডঃ অভ্ৰনীল দত্তই .. তাক চিকিৎসালয়ত এডমিট কৰাৰ পৰামৰ্শ দিলে.. .. ।

●●●●● বহক মিষ্টাৰ ফুকন..
সন্মুখৰ চকী দুখনলৈ আঙুলিয়াই অলপ চিন্তাক্লিষ্ট মুখেৰে ডাক্তৰ দত্তই দুয়োকে বহিবলৈ ইংগিত দিলে.. ।

ডাক্তৰ অভ্ৰনীল দত্তৰ মুখলৈ দিলীপ ফুকন আৰু তেওঁৰ পত্নী জুলাই আগ্ৰহেৰে চাই…. চকী দুখনত বহি ল’লে…।

●●●●● .. ইওৰ চন ইজ ৰিয়াল্লি লাকি .. । আচলতে প্ৰতীকৰ শাৰীৰিক চিম্পটমছ কিছুমান দেখি মোৰ সন্দেহ আছিল …. কিন্তু তাৰেই কপাল ভাল যে সি এতিয়ালৈকে এউডছ আক্ৰান্ত হোৱা নাই .. । তাৰ ব্লাড আৰু ইউৰিন টেষ্টৰ সকলোবোৰ ৰিপৰ্ট ইতিমধ্যে চালো মই ।
এক্সুৱেলি হি ইজ চাফাৰিং ফর্ম আ চেক্সুৱেলি ট্ৰেন্সমিটেড ইনফেক্সন .. । লগতে সি ড্ৰাগছ এডিকটেড…। আপোনালোক জ্ঞাত নে বাৰু সেই বিষয়ে…??
দুয়োৰে মুখলৈ চাই প্ৰশ্ন কৰিলে তেখেতে ।
উত্তৰ দিবলৈ শব্দৰ সন্ধানত… ফুকন দম্পতীয়ে আচৰিত হৈ… ইজনে সিজনৰ চকুলৈ চাই ৰ’ল মাথোঁ…।
ক্ষন্তেক সময় অপেক্ষা কৰি… তেওঁ পুনৰ কৈ উঠিল…

●●●●● হি নিডছ আ লং টাৰম ট্ৰিটমেণ্ট টু ৰিকভাৰ কমপ্লিটলি.. । তাৰ লিভাৰ ফাংচন ডেমেজ হৈ পৰিছে লগতে প্ৰচাৱ নলীত ও বহুখিনি ঘাঁ ল’গা দেখা পাইছো ।

●●●●● চেক্সুৱেল ইনফেক্সন….? ড্ৰাগছ এডিকচন….??
কি কৈছে আপুনি চাৰ.. ??? ইটচ জাষ্ট আনবিলিভএবল.. । টেষ্টবোৰত কিবা ভুল হৈছে নেকি বাৰু…!!
আচৰিত হৈ ফুকনে দত্তৰ মুখলৈ চালে .. ।

●●●●● ন’ … মিষ্টাৰ ফুকন..। আমি খুব সূক্ষ্ম ভাবে অৱজাৰ্ভ কৰিছো সকলোবোৰ । টেষ্টত অলপ ও ভুল নাই । আপোনাৰ ল’ৰা হয়তো বহুত দিনৰ পৰাই এটি আনহেলডি চেক্স লাইফত অভ্যস্ত হৈ পৰিছে .. । যাৰবাবে তাৰ যৌন সংক্ৰমনে দেখা দিছে … । সি হয়তো খুলি ক’ব বিচৰা নাই আপোনালোকক .. কিন্তু … সি আপুনি মই অনুভৱ কৰিব নোৱাৰা অসহ্য যন্ত্রণা কিছুমান শৰীৰত কঢ়িয়াই লৈ ফুৰিব লগা হৈছে… ।

●●●●●● সি ভাল হৈ উঠিবনে চাৰ…?
ক্ৰন্দন মিশ্ৰিত কণ্ঠৰে জুলা’ই পৰম প্ৰত্যয়েৰে সুধিলে… ।

●●●●●● ড’ন্ট ৱৰী মিছেচ ফুকন…. । কমপ্লিকেচি আছে যদিও….. সেইমতে উন্নত চিকিৎসা ব্যৱস্থা ও আছে । সময় লাগিব…. সি সুস্থ হৈ উঠিবলৈ । লগতে তাৰ লাইফ ষ্টাইল সলনি কৰাৰ ও বিশেষ প্ৰযোজনীয়তা আছে … ।
তাৰ লগত কথা হ’ম বাৰু এই বিষয়ে মই ।
আপোনালোকে কাইন্দলি মেডিচিন খিনি আনি তাৰ কেবিনত ৰাখি দিব। টেনশ্যন নল’ব … । বয়সৰ দোষত আজিৰ নৱপ্ৰজন্মই কিছুমান মাৰাত্মক ভুল কৰি পেলাই । তাতে মাক দেউতাকৰ পৰা দূৰত থকা ল’ৰা ….। আপুনি মই বুজাব লাগিব সিহঁতক ..। জাষ্ট ষ্টে’ প’চিটিভ… ।

ডাক্তৰৰ চেম্বাৰৰ পৰা ওলাই আহি দুয়ো এটেনডেন্সৰ বাবে শাৰী পাতি সজাই ৰখা…. হস্পিতালৰ চকী দুখনত বহি পৰিল ।

নিজৰ জ্ঞানৰ জ্যোতিৰে বহুতৰ জীৱন উজ্জ্বল কৰি….ডাক্তৰ , ইঞ্জিনীয়াৰ বনোৱা…. প্ৰফেছৰ দিলীপ ফুকনৰ … নিজৰে একমাত্ৰ পুত্ৰৰ জীৱন…. আজি অন্ধকাৰৰ কৱলত… !!
পুথিগত শিক্ষাৰ উপৰিও নীতিগত শিক্ষাৰে… সঠিক দিশত বহুতকে গঢ় দিয়া আদৰ্শ শিক্ষক জনে… নিজৰেই ল’ৰাটোক উচিত শিক্ষাৰে গঢ় দিব নোৱাৰি এজন অসফল পিতৃ আজি … !!
ক’ত কেনা লাগিল বাৰু গমেই নাপালে যে তেওঁ….!!! সাধ্যানুসৰি তাৰ ভালৰ বাবে… সকলোবোৰ কৰি…
তেওঁ দেখোন এজন পিতৃৰ সমস্ত দায়িত্ব পালি আহিছে বুলিয়েই অনুমান কৰি আহিছিল ইমান দিনে…!!
মানে তেওঁৰ ধাৰণাবোৰ ভুল আছিল..? তেওঁ পিতৃত্বৰ মমতাত অন্ধ হৈ তাৰ ভুলবোৰ নেদেখিলে…. নে…. পিতৃত্বৰ অধিকাৰত অন্ধ হৈ তাক ভুলবোৰ কৰি যাব দিলে ….?? সাঁথৰ হৈ পৰিল সকলোবোৰ …।
শোকত বুকুখন খুন্দা মাৰি ধৰিল তেওঁৰ … ।

জুলা নিচ্ছুপ হৈ …সন্মুখলৈ চাই বহি আছে মাথোন…. । মনৰ ভিতৰ খনত প্ৰলয়ৰ সৃষ্টি কৰা… এসাগৰ প্ৰশ্নৰ… উত্তৰ বিচাৰি উলিয়াবলৈ অপাৰগ আজি তেওঁ। ইমান নিষ্ঠা… নিঃস্বাৰ্থ মৰমেৰে…. বুকুৰ উম দি ডাঙৰ কৰা ল’ৰাটোৰ এই চাৰিত্ৰিক স্খলন সহ্য কৰিব পৰা নাই তেওঁ … । দেৱতা সদৃশ দেউতাকক এইদৰে চৰম আঘাত দিয়াত বাকৰুদ্ধ আজি এগৰাকী মাতৃ … ।

———————-

হস্পিতালত প্ৰতীকৰ চিকিৎসাত অলপ ও ক্ৰুটি ৰখা নাই ডাক্তৰ অভ্ৰনীল দত্তই … । সময়মতে মেডিচিন…টেষ্টবোৰৰ লগতে অলপ ব্যায়াম আৰু ধ্যানৰ ব্যৱস্থাও কৰিছে তেওঁ ।
সুস্থ হৈ উঠক ল’ৰাটো.. শাৰীৰিক ভাৱে ও ….আৰু মানসিক ভাৱে ও..। মিষ্টাৰ ফুকনৰ দৰে অমায়িক পিতৃ এজনৰ …..মানসিক যাতনা আৰু দুশ্চিন্তা বোৰ.. তেওঁ চাই থাকিব টান পাইছে আচলতে ।
প্ৰতীক ভাল হৈ উঠিব… বুজিব সি কৰা ভুলবোৰ… মাক দেউতাকৰ দুখ…. কষ্টখিনি… অনুভৱ কৰিব পাৰিব সি …. । সেই বিশ্বাস মনত ৰাখিয়েই ফুকন দম্পতীয়ে ও ডাক্তৰৰ পৰামৰ্শমতে প্ৰতীকৰ যত্ন লৈছে … আৰু দুমাহ মেডিকেলত কটাই আজি প্ৰতীকক তেওঁলোকে ঘৰলৈ লৈ আহিছে .. ।

——————-

ঘৰুৱা সহায়িকা গীতাৰে সৈতে লাগি নতুনকৈ সজাই পৰাই তুলিছে… মাকে প্ৰতীকৰ ৰূমটো … । তাৰ বিচনাখনৰ সন্মুখতে দেউতাকে তাক কোলাত লৈ থকা সৰুকালৰ ফটো এখন ডাঙৰকৈ বন্ধাই আঁৰি দিছে ….আৰু তলতে লগাই দিছে… কেমেৰাৰে ধৰি ৰখা… তেওঁলোকৰ কিছুমান সুখৰ মুহূৰ্ত্বৰ সৰু সৰু স্মৃতি … । যাতে সেইবোৰে দেখি … মাক দেউতাকৰ নিস্বাৰ্থ মৰমবোৰ সুঁৱৰি ….সি পুনৰ ধনাত্মক দৃষ্টিৰে জীৱনটোক গঢ় দিবলৈ অনুপ্ৰাণিত হয়.. ।
বিচনাৰ কাষতে থকা টেবুলখনত … কেইবাখনো অনুপ্ৰেৰণামূলক কিতাপ … কেইখনমান মহৎ লোকৰ জীৱনী…..এথোপা সজীৱ ৰং বিৰঙী ফুল …. সি ভালপোৱা চকলেটৰ পেকেট কেইটামান আৰু লগতে সৰু উপহাৰৰ টোপোলা দুটামান ও সযতনে থৈ দিছে তেওঁ…। ডাইনিং টেবুলত ও আজি সকলোবোৰ…. প্ৰতীকৰ প্ৰিয় খাদ্যই সজাই দিছে মাকে .. । মুঠৰ ওপৰত দেখিয়েই ভাল লাগি যোৱা এটা পৰিবেশ … ।
এতিয়া যে অন্তৰ উজাৰি মৰম দিয়াৰ সময়… আৰু সেই মৰমবোৰৰ জৰিয়তে ইমানদিনে প্রতীকে কৰি অহা ভুলবোৰক শুধৰোৱাৰ সময় ….! পুৰনা বোৰ পাহৰি বিপথে পৰিচালিত হোৱাৰ একমাত্ৰ পুত্ৰক সৎ পথে আনিবলৈ যত্নবান আজি এহাল পিতৃ-মাতৃ… ।
প্ৰতীক নিমাত , নিস্তব্ধ… । মাক দেউতাকলৈ চকু তুলি চাব নোৱাৰাকৈ লজ্জিত সি…. । নিদিলে নোহোৱা প্ৰশ্ন কেইটাৰ উত্তৰ দিবলৈ হে কথা কেইটা কৈ আছে মাত্ৰ… ।

দিনবোৰ পাৰ হৈ গৈ থাকিল… লগে লগে সহজ হৈ পৰিব ধৰিলে ঘৰুৱা পৰিবেশটো … । মাকৰ দেখি ভাল লাগিছে… প্ৰতীকে মাজে মাজে দুই এটা গান গুণগুণাব লৈছে .. । আগফালৰ বাৰাণ্ডাত মুকলি বতাহত …অলপ বহিব ও মন কৰা হৈছে … ।
ফুকন আৰু জুলা এতিয়া তাৰ ভৱিষ্যত গঢ়াৰ বাবে চিন্তিত… । পুনৰ বাংগালোৰ পঠাব বিচৰা নাই প্ৰতীকক তেওঁলোকে …..। সদ্যহতে তাৰ শিক্ষাগত অৰ্হতাৰে… দেউতাকে তাক ব্যস্ত হৈ থাকিব পৰাকৈ… কেইটামান টিউচন গোটাই লোৱাৰ হে পৰামৰ্শ দিছে ..। প্ৰতীকে ও দেউতাকক কথাবোৰ ভাবি চোৱাৰ ইংগিত দিছে … ।

জুলাই পিছে প্ৰতীকৰ বিয়া খন পাতি দিয়াত হে মন মেলিছে । বৈবাহিক বান্ধোনৰে বান্ধ খালে প্ৰতীক সম্পূৰ্ণ সলনি হৈ….. জীৱনমুখী হৈ পৰিব বুলি দৃঢ় বিশ্বাস তেওঁৰ .. । ফুকন কিন্তু কোনো এটা সংস্থাপন নোহোৱা… পুতেকৰ বাবে… বৰ্তমান এই ধৰণৰ সিদ্ধান্ত এটা লবলৈ প্ৰস্তুত নহয় …. ।

———————

কেইদিনমানৰ পৰা প্ৰতীকৰ লগৰ দুই এটা ল’ৰাই তাক বিচাৰি সিহঁতৰ ঘৰলৈ আহিব লৈছে । ফুকনে বেয়া পোৱা নাই…. । হওক…. ল’ৰাটো লগ সংগ বিচাৰি বাহিৰলৈ ওলাই যোৱাতকৈ ঘৰতে থাকক … । তাৰ খবৰ লবলৈ লগৰবোৰ তাৰ ওচৰলৈ অহাত আপত্তি কৰিবলগা নাই তেওঁৰ । সদায়টো এইদৰে ঘৰতে সোমুৱাই ৰাখিব নোৱাৰিব.. অন্তত তেওঁলোক আশ্বস্ত হব পৰাকৈ সুস্থ হৈ উঠক তেওঁলোকৰ একমাত্ৰ পুত্ৰ … ।

পিছে দুটামান ল’ৰা প্ৰতীকৰ ৰুমতে গৈ বহেগৈ । দুৱাৰখন বন্ধ কৰি… কি জানো কৰে….!! মাকৰ অলপ ও ভাল নালাগে ।
চাহ কাপ দিবলৈ যাওঁতে দুৱাৰখন ন’ক কৰিলে হে খুলি দিয়ে । কেতিয়াবা চাহৰ ট্ৰেখন লৈ সোমাই গ’লে গীতাইও অলপ আচহুৱা অনুভৱ কৰে … । কিবা যেন গোপন বৈঠক ….তাইৰ অনাহক প্ৰৱেশত বিতুষ্ট হৈ পৰিছে প্ৰতীক আৰু তাৰ লগৰ কেইজন… ।
প্ৰতীক ও ৰূমটোৰ ভিতৰতে সোমাই থাকি ভাল পোৱা হৈছে । জোপোকা লাগি নিজৰ মাজতেই ব্যস্ত সি… । তাৰ পুনৰ সলনি হোৱা ব্যৱহাৰে ফুকনক বাৰুকৈয়ে চিন্তাত পেলাব লৈছে … । এইদৰে প্ৰতীকক ঘৰতে বান্ধি ৰাখি তেওঁ বাৰু ভুল কৰিছে নেকি ..!! নে জুলাই ভবাৰ দৰে সঁচাই তাৰ বিয়াখন পাতি দিয়াই ভাল হ’ব … !?
কেতিয়াবা একোটা বন্ধনে… আচলতে মানুহক মুকলি মনেৰে জীয়াই থাকি…. সুখী হোৱাত হে প্ৰেৰণা যোগাই । প্ৰেম… বিবাহ …. এইবোৰ ঠিক তেনে একোটা বান্ধোন …। যি জীৱনক ভাল পাব শিকাই… নিজক ভালপাবলৈ বাধ্য কৰে .. ।
জুলাই হয়তো ঠিকেই কৈছে .. !!

———————

●●●●● অ’ই মালটোৰ যোগাৰ হ’ল নে … ? জলদি আনি থ’ … । তোৰ ৰুমতে ৰাখিবি .. । গৈ আছো মই .. ।

প্রতীকে ফোনত কাৰোবাৰ লগত পতা কথাবোৰৰ কিয়দংশ জুলাৰ কাণত ও পৰিল । কি আনি থোৱাৰ কথা ক’লে সি… কি মাল নো… ? সুধো বুলি মনতে জুকিয়াই লওঁতেই … খৰখেদাকৈ জুলাৰ সন্মুখেৰে প্ৰতীক ওলাই গ’ল ।
বিশেষ নাভাবি তেওঁ নিজৰ কামত ধৰিল…।

লাহে লাহে দেখা গ’ল…..প্ৰতীকে যেন এটা নিৰ্দিষ্ট ফোনলৈ সদায় বাট চাই থকা হ’ল… । ফুকন কলেজলৈ ওলাই যোৱাৰ পিছতে সিও ঘৰৰ পৰা ওলাই যাব ল’লে .. । মাকৰ অনুমতিৰ প্ৰয়োজন আছে বুলি নাভাৱেই সি.. । ঘৰলৈ আহিও নিজৰ ৰুমতে সোমাই থাকে …।
অহুকানে পহুকানে ফুকনৰ কাণত ও কিছুমান কথা পৰা হ’ল… । কলেজৰ পিয়ন জনেই ফুকনক এদিন…. প্ৰতীকক নেদেখিব লগা জেগা এডোখৰত প্ৰায়েই দেখা বুলি জনালে .. আৰু যি কেইজন ল’ৰা লগত থাকে… সিহঁতবোৰ ও নাম থকা গুণ্ডা বুলি যে সকলোৰে পৰিচিত তাকো ক’লে ।
ফুকন শংকিত হৈ পৰিল । প্ৰতীক মানে পুনৰ সেই কু-কৰ্ম বোৰত অভ্যস্ত হৈ পৰিছে …. !! জুলাক ঘৰত আহি সকলোবোৰ জনালে তেওঁ ….. আৰু প্ৰতীকক ও ঘৰৰ পৰা ওলোৱা সমূলি বন্ধ কৰি দিলে … । দেউতাকে তাৰ ওপৰত দিয়া গোচৰবোৰ… সি পিছে একেষাৰেই অৰ্থহীন বুলি চিঞৰি উঠিল .. ।

●●●●● যোনে তোনে যি টি কব আৰু তুমি মানি ল’বা নেকি …? ইমান দিন ঘৰতে আছো নহয় … দেখিছা জানো কিবা ভুল কৰা .. ? তোমালোকৰ বাবেই পঢ়া শুনা ও বাদ দিব লগা হ’ল .. আৰু এতিয়া অযথা মোৰ মাথা গৰম নকৰিবা … ।

প্ৰতীক উগ্ৰ হৈ পৰিল .. আৰু ফুকনে ও প্ৰত্যুত্তৰত বহু কিবা ক’ব বুলি ভাবিও… মাত্ৰ তাক ঘৰৰ পৰা নোলোৱাৰ আদেশ দি আঁতৰি আহিল ।
তেওঁ জানিছিল সুৰা আৰু নাৰীৰ নিচাত প্ৰতীক এতিয়া বাৰুকৈয়ে নিচাগ্ৰস্ত.. । এই সময়ত যুক্তি তৰ্ক… বা খং ৰাগে তাক এটা ভুল সিদ্ধান্ত লৈ পেলোৱাত অৰিহণা যোগাব … । তেওঁৰ স্বভাৱজাত ধৈৰ্যৰ বান্ধডাল ছিঙি পেলাব নিবিচাৰিলে .. অন্যথা পৰিনাম ভয়ংকৰ হ’ব বুলি তেওঁ নিশ্চিত.. ।

মাক দেউতাকৰ লগত প্ৰতীকৰ এখন নীৰৱ যুদ্ধ চলি আছে এতিয়া….। তাৰ ভাত চাহৰ যোগাৰ ও ৰুমতে নি গীতাই হে ধৰিব লগা হৈছে ।
আৰু এদিন গীতাই চাহ দিব যাওঁতে প্ৰতীকে জোৰজবৰদস্তি তাইক বিচনাত বগৰাই লৈ নিজৰ যৌন কামনা ….চৰিতাৰ্থ কৰিবলৈ উদ্যত হওঁতেই জুলা… গীতাৰ চিঞৰ শুনি লৱৰি আহিল । প্ৰতীকক সেই অৱস্থাত দেখি তেওঁৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ… । গীতাক তাৰ কৱলৰ পৰা উদ্ধাৰ কৰি… প্ৰতীকৰ গালত এটা প্ৰচণ্ড চৰ শোধাই … কান্দি কান্দি মজিয়াতে বহি পৰিল তেওঁ … !
। পুত্ৰৰ এই পৈশাচিক ৰূপ …. !! তেওঁ যেন নিজৰ চকুকে বিশ্বাস নকৰিব .. । কিয় হ’ল তাৰ এই পতন ?… ইমান নীচ কেনেকৈ হ’ব পাৰিলে সি…?? তাক শুদ্ধ কৰিবলৈ… মানুহ বনাবলৈ তেওঁলোকে কৰা যত্নবোৰ কিয় অথলে গ’ল..??

●●●●● বোপাই অ’… বহুত কষ্ট দিছ’ তই মাৰ বাপেৰক.. । সেই ভদ্ৰ, আমায়িক বাপেৰৰ সন্মানহানি নকৰিবি আৰু .. । ইমান দিনে তোৰ কথাবোৰ বাহিৰলৈ ওলোৱা নাই । সকলোৱে বেমাৰৰ বাবে হে তই গুছি অহা বুলি ভাবি আছে । আজি গীতা ৰ লগত এইবোৰ কৰি তই সমাজত মুখ দেখাব নোৱাৰা কৰিলি আমাক … । তাই বাহিৰত এইবোৰ নোকাৱাকৈ থাকিব নেকি ..?

হঠাৎ উঠি আহি জুলাই প্ৰতীকৰ ভৰি দুটাত সাৱটি ধৰিলে…
●●●●● কাবৌ কৰিছো বোপাই.. বেশ্যা বিচাৰি যোৱাতকৈ বা ঘৰৰ কাম কৰা ছোৱালীক বিচনালৈ টানি নিয়াতকৈ… মোকেই ক’বি অ’…। মোৰ শৰীৰটোকে ভোগ কৰিবি .. বাপেৰক অন্তত মানুহৰ আগত মুখ উলিয়াব পৰা কৰি ৰাখিবি .. ।

দুৱাৰৰ ফাঁকেৰে কথাবোৰ শুনি… কলেজৰ ক্লাছ কৰি ঘৰ সোমোৱা ফুকনৰ বুকুখন বিষাই গ’ল .. । কম অসহায় অনুভৱ কৰি এগৰাকী মাতৃয়ে নিজৰ পুতেকক এনে কথা কব পাৰে নে …?
উফ… কি দিন দেখুৱাইছা প্ৰভু…. !!

ভিতৰলৈ গৈ গীতাৰ পৰা সকলো শুনি ফুকন দুখ আৰু ক্ৰোধত শব্দহীন হৈ পৰিল …। পুতেকৰ হাতত এজনী নিৰীহ ছোৱালী…. আজি অলপৰ বাবে হে ধৰ্ষিত হোৱাৰ পৰা বাছিল … ইয়াতকৈ আৰু লজ্জাজনক কি হ’ব পাৰে ….!!

জুলাক তেওঁ একো নুসুধিলে .. । চকুপানী মুচি মুচি জুলা বিচনাত উঠিল । জুলাক এইদৰে দেখি গীতাৰ ও বেয়া লাগিল । তাই ওচৰ চাপি আহি জুলাৰ মূৰতে হাত ফুৰাই মৰমেৰে ক’লে…

●●●●● বাইদেউ দুখ নকৰিব.. । আপোনালোকে মোক মা দেউতাৰ দৰে মৰম দিছে । মই আপোনালোকৰ ছোৱালী হৈ এইখন ঘৰৰ সন্মান যোৱা কোনো কাম নকৰো । আপুনি নিচিন্ত থাকক … এইবোৰ কথা মই কাকো নকওঁ … ।

আৱেগক বাধা দিব নোৱাৰিলে জুলাই…. । উচুপি উঠিল তেওঁ..। লোকৰ ছোৱালী এজনীৰ এইখন ঘৰৰ সন্মানৰ বাবে ইমান চিন্তা ….আৰু নিজেই জন্ম দিয়া ল’ৰাটোয়ে কেৱল মানসিক যাতনাই দি আহিছে তেওঁলোকক ….. ।

—————–

দুকাপ চাহ হাতত লৈ ফুকন প্ৰতীকৰ ৰুমত সোমাল । কুচি মুচি বিচনাতে পৰি আছিল সি… ।

●●●●● উঠ … চাহ খা ।
বাপেকৰ মাত শুনি উচপ খাই উঠি বহিল প্ৰতীক… আৰু বাধ্য ছাত্ৰৰ দৰে তালৈ আগবঢ়াই দিয়া চাহ কাপত সোহা মাৰিলে .. ।
ফুকনে ও নিজৰ চাহ কাপ হাতত লৈ কবলৈ আৰম্ভ কৰিলে…

●●●●● তই নাজান’… মাৰৰ গৰ্ভত স্থিতি লোৱাৰ দিন ধৰি… তই মাৰক কেৱল কষ্টই দি আহিছ.. । প্ৰেগনেঞ্চিৰ সময়ত মানুহজনীৰ বহুত কমপ্লিকেচি আছিল …. । তোৰ কাৰণে ….তেওঁৰ প্ৰাণৰ প্ৰতিও ভাবুকি আহি পৰিছিল …। তথাপিও সেইবোৰ হাঁহিমুখে স্বীকাৰ কৰি তেওঁ জন্ম দিলে তোক । পৃথিৱীৰ লগত চিনাকি কৰালে … । তাৰপিছত জীৱনটোৰ প্ৰতিটো দিন কেৱল তোৰ ভালৰ … তোৰ সুখৰ কথা… চিন্তা কৰিয়েই নিজেই দুখ কষ্টবোৰ গাত পাতি লৈ আহিছে তোৰ মাৰাই .. । সাদায় তোক শুদ্ধ পথ এটা দেখাব যত্ন কৰিছে তেওঁ … তোৰ ভালৰ বাবেই পুৱা গধুলি ঈশ্বৰৰ ওচৰত বিশ্বাসৰ এগছি চাকি জ্বালাইছে … ।

মোৰ কথা বাৰু নকওঁ … । মোৰ গাম্ভীৰ্যতাই তোক মোৰ পৰা দূৰ কৰিয়েই ৰাখিলে সদায় । কিন্তু এজন পিতৃ হিচাপে কৰণীয় সকলোখিনি কৰিছো মই….. । তোৰ ইমানবোৰ ভুলক ও মই মোৰেই কৰবাত ভুল হ’ল ভাবি… মৰমেৰে তোক বুজাব যত্ন কৰি আহিলো … । তই নুবুজিলি.. সেই নিঃস্বাৰ্থ মৰমবোৰক নিজৰ স্বাৰ্থ পূৰণৰ অস্ত্ৰ হিচাপে ল’লি… ।

কিন্তু ভুল হ’ল তাতেই মোৰ..। তই এটা কুলাঙ্গাৰ.. পাপী… দয়া মৰমহীন এক পশু… । কোনোবা কুক্ষণত জন্ম লৈ আমাক জ্বলাবলৈ আহিলি আচলতে… । তোক সলনি কৰিবলৈ কৰা আমাৰ প্ৰয়াসবোৰ মূল্যহীন হৈ পৰিল …. । তোৰ দৰে সন্তান থকাতকৈ নিঃসন্তান হোৱা হ’লেই হয়তো সুখী হ’লো হেঁতেন আমি দুয়ো .. । আমি তোক শিক্ষা দিয়াত ভুল কৰা নাই .. তই সেই শিক্ষা আৰু আমাৰ মৰমবোৰক ল’ব নাজানিহে ভুল কৰিলি .. । তোক ঈশ্বৰেও মাফ নকৰে … । ইমানদিনে নিচ্ছুপ হৈ সকলো সহি আছিলো বুলি নাভাবিবি… মোৰ ভিতৰৰ যুক্তিৰে বিচাৰ কৰিব জনা মানুহটোও মৰি গ’ল … । তই জগাই দিলি তোৰ দেউতাৰক আজি … । লাজ লাগিছে তোক মোৰ সন্তান বুলি ভাবিবলৈ ও…. ।

বুকুৰ ভিতৰখন পাতলাই … ইমান দিনৰ অব্যক্ত যন্ত্ৰণাবোৰৰ বহিঃপ্ৰকাশ কৰি ওলাই আহিল তেখেত .. ।

গোটেই ৰাতি দুটা ৰুমত তিনিটা জীৱই উচুপি থাকিল … । নীৰৱে… নিটালে… । কি যে হৃদয়বিদাৰক আজিৰ এই নীৰৱতাবোৰ… !!

পুৱতি নিশালৈ প্ৰতীক ….পেটৰ বিষত ধৰফৰাব ধৰিলে । তাৰ মৰণ কাতৰ চিঞৰ শুনি ফুকন আৰু জুলা তাৰ ৰুমলৈ দৌৰি আহিল ।… বিচনাতে সি বমি কৰিছে …. হোলোকা হোলোকে…. তেজ বমি .. ।
ফুকনে ডাক্তৰলৈ ফোন কৰি তাক হস্পিতাল নিয়াৰ যো-জা কৰোঁতেই … প্ৰতীকৰ উশাহ চিৰদিনলৈ বন্ধ হৈ পৰিল….। ডাক্তৰ অভ্ৰনীল দত্ত… খবৰটো পাইয়েই ফুকনৰ ঘৰ পালেহি … । ড্ৰাগছৰ নিচাই তাৰ মৃত্যুৰ কাৰণ হ’ল বুলি ফুকনক সান্তনা দি গুচি গ’ল তেওঁ … ।

●●●●● যা বোপাই.. আজিৰ পৰা মুক্ত তই … । পিছৰ জনমত কিন্তু আমাৰেই সন্তান হৈ জন্ম ল’বি … । আমি ভাল পিতৃ মাতৃ হৈ দেখাম… । চাই থাকিবি… তেতিয়া সৰু ভুল এটা কৰিবলৈ ও তই দহ বাৰ চিন্তা কৰিব লাগিব.. । যাগৈ যা….।

শেষ বাৰৰ বাবে প্ৰতীকৰ নশ্বৰ শৰীৰটোক সাৱটি ধৰি… কপালতে হাত ফুৰাই ফুকনে চিতাত তুলি দিলে… ।

কান্দিবলৈ চকুপানীবোৰ যেন কেতিয়াবাই শুকাই গ’ল জুলাৰ .. । পুতেকৰ ফটোখন চাই চাই তেওঁ মাত্ৰ দিন ৰাতি পাৰ কৰিব ধৰিলে .. । আৰু ফুকনে যথা ৰীতি… প্ৰতীকৰ শ্ৰাদ্ধ বিধিৰ নিয়মবোৰ পালি গ’ল ।
কম খন ভাগ্য নে তেওঁৰ…!!
নিজ হাতেৰে পুত্ৰৰ মুখাগ্নি কৰিছে.. ঘাটত গৈ নিজেই ৰান্ধি পিণ্ড দিছে.. মন্ত্ৰ পাঠ কৰি বৈদিক ৰীতি পালি… পুতেকৰ আত্মাৰ শান্তিৰ বাবে শ্ৰাদ্ধ কৰিছে … । এজন পিতৃৰ কপাল এইখন … !!!

সকলো কাম নিয়াৰিকৈ হৈ উঠাৰ পিছত জুলাক প্ৰতীকৰ ৰূমটোলৈ মাতি লৈ গ’ল ফুকনে… । কিছুমান ক’ব ল’গা আছে তেওঁৰ… কিছুমান সত্য জনাব লাগিব জুলাক .. ।
প্ৰতীকৰ ফটোখন বুকুতে সাৱটি তাৰ বিচনাখনত বহি ল’লে তেওঁ … ।

●●●●● জুলা, তোমাৰ ল’ৰাৰ হত্যাকাৰী মই । মই হত্যা কৰিলো তাক .. ।

●●●●● কি ভ্ৰম বকিছে আপুনি… ? বুজিছো পুত্রক হেৰুৱাৰ দুখত ম্ৰিয়মান আপুনি । শুই থাকক ব’লক… ।

●●●●● মই সঁচা কৈছো জুলা … মই সেইদিনা চাহ কাপত বিষ দি মাৰিলো তাক….. । মই মাৰি পেলালো আমাৰ ল’ৰাক .. ।
সি সংশোধন হোৱাৰ ৰাস্তা হেৰুৱাই পেলাইছিল অ’.. । তুমি তাৰ বিয়া পাতি দিয়াৰ কথা কৈছিলা ন’… ? কিন্তু মই জানিছিলো সেইয়া কৰা হ’লে এজনী নিৰ্দোষী ছোৱালীৰ জীৱন ধ্বংস কৰাৰ…. পাপৰ ভাগি হ’লো হয় আমি দুয়ো .. । তুমি দুখ পোৱা বুলিয়েই কোৱা নাছিলো … । বেশ্যালয়ত গৈ প্ৰতি দিনাই সি বেশ্যাৰ শৰীৰৰ সোৱাদ লৈছিল । মদ … ড্ৰাগছৰ ঘাটিত তাৰ কেইবা হাজাৰ টকাৰ বাকী মাৰিছো মই … ।
তথাপিও সহি আছিলো… সি বুজিব এদিন বুলি শেষ মুহূৰ্ত্বলৈকে আশাবাদী আছিলো মই .. । কিন্তু মোৰ ধৈৰ্যৰ বান্ধডাল ছিঙি গ’ল সেইদিনা … যি দিনা তুমি উপায়হীন হৈ নিজৰ শৰীৰটোকে ভোগ কৰিবলৈ আগবঢ়াই দিবলগা পৰিস্থিতি আহি পৰিল .. ।
মোক পাৰা যদি ক্ষমা কৰিবা জুলা … । তোমাৰ স্বামী আজি তোমাৰেই পুত্ৰৰ হত্যাকাৰী হৈ তোমাৰ সন্মুখত … । মই স্বইচ্ছাই জেইল লৈ যাম .. । তাক হত্যা কৰিয়েই সিদ্ধান্ত লৈ থৈছো… । মাত্ৰ শেষ বাৰলৈ পিতৃৰ দায়িত্ব পালিবলৈকে এইকেইদিনৰ সময় ল’লো …. । মোৰ সিদ্ধান্ত ভুল আছিল নে শুদ্ধ ….জানিব নিবিচাৰো মই … কিন্তু মই অনুতপ্ত নহয় আজি…।

ইমান সময় নীৰৱে শুনি যোৱা জুলাই গিৰিয়েকৰ ভৰিতে মূৰটো থৈ কান্দিব ধৰিলে …

●●●●●● আপুনি ভুল কৰা নাই … নাই হোৱা আপোনাৰ ভুল… । মই ইমান বছৰে আপোনাৰ লগত থাকি আপোনাক দেখি আহিছো … বুজি আহিছো .. । আপোনাৰ সিদ্ধান্ত ভুল হ’বই নোৱাৰে … । স্বয়ং দেৱৰো দেৱ মহাদেৱেই …অহংকাৰৰ পতন ঘটাবলৈকে নিজ পুত্ৰৰ শিৰচ্ছেদ কৰিছিল ..। আপুনি মই মানুহ হে … !!
পাপ কৰা নাই আপুনি….। বৰঞ্চ সি কৰি অহা সকলোবোৰ পাপ…. আৰু ভুলৰ পৰা মুক্ত কৰিছে তাক … । এনেইয়ো তাৰ আয়ুস হয়তো ইমান দিনৰে আছিল…। বেমাৰে প্ৰতি নিয়ত… মৃত্যুৰ কাষ চপাই আনিছিল তাক… পাহৰি যাওক সকলো… । নালাগে কাকো জনাব .. । আপোনাৰ মোৰ মাজতেই থাকিব দিয়ক এই গোপন সত্য .. । ভাবি লওক আমি এহাল নিঃসন্তান দম্পতী…। আমাৰ মৃত্যুৰ লগতেই সমাধিস্থ হ’ব দিয়ক এই নিৰ্মম সত্যটি .. । আপোনাৰ এই সিদ্ধান্তই মুক্তি দিলে প্ৰতীকক … । প্ৰতীকৰ মৃত্যু হোৱা নাই … প্ৰতীকৰ মুক্তি হৈছে আজি…. ।

দুয়ো দুয়োকে সাৱটি ধৰি প্ৰাণ খুলি কান্দিব ধৰিলে … । যি অপৰাধবোধৰ গ্লানিয়ে… ইমানপৰে দগ্ধ কৰি আছিল দিলীপ ফুকনৰ বুকুখন… পত্নী জুলাৰ বুজনিত অলপ হলেও যেন শান্ত হ’ল … ।
দুয়োৰে মনৰ একোনত… প্ৰতীকৰ শৈশৱৰ স্মৃতিবোৰে দোলা দি গ’ল…. ।

নিজ পুত্ৰক মুক্তিৰ হেতু… বিষ দি মৰা … তেওঁ এজন হত্যাকাৰী পিতৃ আজি….. !!

সৌভাগ্য নে দুৰ্ভাগ্য এইয়া….???

                          ——————-

মোৰ সমাধিত ফুলি ৰ’বা তুমি বনৰীয়া ফুল হৈ..♥️

এটি অনন্য …প্ৰেম কাহিনী….💏

“এইবেলি মোক বুকুতে ৰাখি,
এইবেলি মোক লোৱাহি ঢাকি,
এইবেলি মোক আঁচলতে তোমাৰ
চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি…..
এইবেলি হওঁক এই পৃথিৱী সাক্ষী,
আৱেগেৰে জ্বলোৱা চাকি…..”

“ৰ’খোৱা ,, ৰ’খোৱা গীতার্থ । প্লিজ গাড়ীখন ৰ’খোৱা ।”

বিশাখাৰ চিঞৰত শ্বিলঙৰ সেউজীয়া বোৰৰ মাজেৰে , পাপনৰ গান শুনি আপোন-পাহৰা হৈ অকাই-পকাই গৈ থকা গীতাৰ্থই জোৰত ব্ৰেক মাৰি গাড়ীখন ৰখালে । কি হৈছে বুজিবলৈ বিচৰাৰ আগতেই দুৱাৰ খন খুলি দৌৰ মাৰি ওলাই গ’ল বিশাখা ।

“কি হ’ল ? এইদৰে দৌৰিছা যে !” …..আচৰিত হৈ তাইলৈ চালে সি ।

“চোৱা না এই গছজোপা । ভগৱানৰ কি যে অপূৰ্ব সৃষ্টি ।ইমান ধুনীয়া পাতবোৰ । ৰঙেৰে বোলাই ছবি এখন হে যেন আঁকি থৈছে কোনোবাই । মোক গছজোপাৰ পুলি এটা লাগে গীতু । নামি আহা না প্লিজ । “

“অহ’ ,, মেডাম গছৰ প্ৰেমত পৰি হে এইদৰে দৌৰি ঢাপৰি ওলাই আহিছে , মই আকৌ ভাবিছিলো জন-প্ৰাণীহীন, নীৰৱ- নিতাল ৰোমান্টিক পৰিবেশ ।মেম’ৰ কিজানি কিবা মনেই গৈছে !!” …..দুষ্টালিৰ হাঁহি এটা মাৰি নামি আহিল সি ।

সচাঁই বৰ ধুনীয়া গছজোপা । বেছি ডাঙৰ ও নহয় । জোপোহা । ব’টানিৰ ছাত্ৰী বিশাখাৰ এনেইয়ো এই গছ বিৰিখবোৰৰ প্ৰতি আকৰ্ষণ বেছিয়েই । ধৰিব নোৱাৰিলে তাই ,কি প্ৰজাতিৰ , কি নাম গছজোপাৰ। আশে-পাশে চাই সৰু পুলি এটা দেখি আলফুলে তুলি আনি গীতাৰ্থই বিশাখাৰ হাতত তুলি দিলে ।

“Thank you gitu , thank you so much . It is the best birthday gift from you today . ” ফুৰ্তিতে সাৱটি ধৰিলে বিশাখাই গীতাৰ্থক ।

হাঁহি উঠিল তাৰ । তাইক স্পেচিয়েল দিনটোত ফুৰাবলৈ শ্বিলঙ লৈ আহিছে , ধুনীয়া ড্ৰেচ দিছে ,কিন্তু বাটৰ কাষৰ গছৰ পুলিটোহে তাইৰ বাবে বেষ্ট গিফ্ট হ’ল। কি যে পাগলী এইজনী ।
পুলিটো গাড়ীত উঠাই পুনৰ আগবাঢ়িল সিহঁতৰ গাড়ী,সেউজীয়া বোৰৰ মাজত এটা সুন্দৰ দিন কটাই বিশাখাৰ জন্মদিনটো আৰু বেছি সুন্দৰ কৰি তুলিবলৈ ।

গুৱাহাটী ইউনিভাৰ্চিটিৰ ব’টানি বিভাগৰ ফাইনেল য়ে’ৰৰ ছাত্ৰী বিশাখা ,আৰু গীতার্থ তাইৰ চিনিয়ৰ । বর্তমান স্থানীয় কলেজ এখনৰ প্ৰবক্তা । সিহঁতৰ দুয়োখন ঘৰে আদৰি লৈছে সিহঁতৰ সম্বন্ধক । বিশাখাই ইউনিভাৰ্চিটিৰ শিক্ষা সমাপ্ত কৰাৰ পিছতেই দুয়ো বিবাহ বান্ধোনৰে বান্ধ খোৱাৰ কথা । আজি তাইৰ জন্মদিন পালন কৰিবলৈকে সিহঁতৰ এই শ্বিলঙ যাত্ৰা ।

প্ৰকৃতিৰ বুকুত ভবাৰ দৰেই সুন্দৰ দিন এটা কটাই উভটি আহিল সিহঁত । আহোঁতেই ডাঙৰ চাই টাব এটা কিনি ল’লে তাই ।আৰু পিছদিনাৰ পৰাই তাই ব্যস্ত হৈ পৰিল পুলিটোৰ যত্ন লোৱাত । সাৰ পানী দিয়া, ৰ’দত উলিওৱা , মুঠৰ ওপৰত তাইৰ ব্যস্ততা পূৰ্ণ সময় সূচীখনত আৰু এটা কাম যোগ হ’ল ।গীতাৰ্থই  পুলিটো তাইৰ কেঁচুৱা বুলি জোকাব ল’লে ।

“কি জানা গীতু , বহুত বিচাৰি ও মই গছজোপা কি ধৰিব নোৱাৰিলো । সেইবাবে ভাবিছোঁ ইয়াৰ নাম এটাকে দিয়া যাওক ।”….. এদিন লগ হওঁতে বিশাখাই গীতাৰ্থক ক’লে ।

“Wow, very good . আমাৰ মেম’ৰ নাম ,guinness world record তে অন্তৰ্ভুক্ত হব দেখোন এতিয়া । ভগৱানৰ দান ,সেউজীয়া বিৰিখক নামাকৰণ কৰাৰ বাবে ।” ….তাইক জোকাবলৈ ধৰিলে সি ।

“You are so lucky by the way, তেতিয়া সমগ্ৰ পৃথিৱীয়ে মোৰ পতি পৰমেশ্বৰ বুলি তোমাক ও চিনি পাব বুজিছা । “

“So sweet of you darling. বাৰু কোৱাচোন কি নাম ৰাখিবা তোমাৰ কেঁচুৱাৰ ?”

“Relation tree  , তোমাৰ মোৰ প্ৰেমৰ সাক্ষী হ’ব এই কেঁচুৱাটো।”

“What …? relation tree .?? কেনেকুৱা নাম এইটো ?”

“Yes,, relation tree. তুমি মোৰ যিমান মৰমৰ ,এই পুলিটো ও দিনে দিনে সিমান মৰমৰ হৈ পৰিছে মোৰ । মই খুব যত্নৰে ডাঙৰ কৰিম ইয়াক আৰু যিমানেই পুলি পোখা মেলি ই ঠন ধৰি
উঠিব, সিমানেই আমাৰ মাজত মৰমবোৰ ও গাঢ় হৈ পৰিব।  মোৰ বিশ্বাস আছে ।”

“কি logic !! তোমাৰ মোৰ প্ৰেম চিৰযুগমীয়া সোনজনী । এই পুলিটো মৰি গ’লেও আমাৰ প্ৰেম গাঢ় হৈয়েই থাকিব । তুমি তাৰ ডাল পাত ,ঠাল ঠেঙুলি চাই আমাৰ প্ৰেমক নুজুখিবা দেই ।”

“হয় নেকি ? মানে বিশাখাক গীতাৰ্থই সদায়েই ভাল পাই থাকিব । ” ….মৰমত সাৱটি ধৰিলে তাই তাক।

তাই বুজে, কিমান ভলপোৱা আছে সিহঁতৰ মাজত। তাৰ মৰমবোৰৰ পৰা বঞ্চিত নহয় তাই কেতিয়াও।  কেৱল মাথোঁ এটাই হেঁপাহ আছে , তাৰ নামৰ সেন্দুৰেৰে তাইৰ কপালৰ সেওতা সেন্দুৰীয়া কৰা ।

দিনবোৰ পাৰ হ’ব ধৰিলে।  আৰু তাইও লাহে লাহে গছপুলিটো লৈ possessive হৈ পৰিল । গীতাৰ্থৰ লগত কাজিয়া কৰিলেও তাই অনুভৱ কৰে যেন পুলিটো মৰহি পৰিছে । তাৰ মৰমত ৰাংঢালি জনী হৈ পৰিলেও এনে লাগে যেন পুলিটো বেছি সজীৱ হৈ পৰিছে।  সিহঁতৰ আন্তৰিক সম্বন্ধটোৰ আত্মা যেন সেই পুলিটো ।

গীতাৰ্থই এদিন ধেমালিৰ সুৰেৰে তাইক ক’লে— ” শিখা , মই যদি কেতিয়াবা হেৰাই যাওঁ , মৰি থাকোঁ তুমি কিন্তু মোক ক’তো বিচাৰি যাব নালাগে দেই। মই এই পুলিটোতে থাকিম । অনবৰতে…. তোমাৰ কাষতে ।”

“পাগল হৈছা গীতু । কি প্রলাপ বকিছা ? তোমাৰ অবিহনে তোমাৰ শিখা ও হেৰাই যাব এই পৃথিৱীৰ পৰা । এইবোৰ ফটুৱা
কথা নক’বা কোনোদিন ।” চকু দুটা সেমেকি উঠিল তাইৰ ।

“বেঙী জনী মোৰ । ” কপালতে চুমা এটা আঁকি দিলে সি।

“আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন,
সাঁথৰ সাঁথৰ তোমাৰ চকু
পাতল পাতল মোৰ উম,
তাকৰ তাকৰ তোমাৰ আশাত
বাখৰ হ’ব মোৰে বাট…..”
           
৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹
 
“প্লিজ গীতু , শুব দিয়া না । দিগদাৰ নকৰিবাচোন ।” 
গালত গীতাৰ্থৰ পৰশ পাই খকমক কৈ উঠি বহিল তাই । কাষত দেখোন কোনো নাই…।  গাৰুটোত তাইৰ মৰমৰ গছজোপাৰ পাত এটা পৰি আছে । খোলা খিৰিকীৰে উৰি আহি চুমি গ’ল তাইৰ গালখন ।

আজি গীতার্থৰ আদ্য শ্ৰাদ্ধ । আজিৰ পৰা পোন্ধৰ দিনৰ পিছতে সিহঁতৰ বিয়াৰ দিন আছিল । বিয়াৰ যা-যোগাৰত দুয়ো ব্যস্ত হৈ পৰিছিল । মানুহ মতা , বজাৰ কৰা , ঢেৰ কাম দুয়োৰে । এদিন সম্বন্ধীয় মানুহ এঘৰত নিমন্ত্ৰণ জনাব যাওঁতেই দুৰ্ঘটনাত মৃত্যু হৈছিল তাৰ । সকলোবোৰ যেন স্তব্ধ হৈ পৰিছিল । আধৰুৱা হৈ ৰৈছিল বিশাখা আৰু গীতাৰ্থৰ সেউজীয়া সপোনবোৰ । সেই দিন ধৰি বিশাখাই বন্ধ কোঠালিতে পাৰ কৰি দিছে দিন ৰাতিবোৰ ।

লাহে লাহে তাই অদ্ভুত আচৰণ কিছুমান কৰিব ধৰিলে । তাই নাম দিয়া relation tree জোপা তাই নিজৰ ৰুমত সোমুৱাই ল’লে। দিনটো তাই গছজোপাৰ লগত কথা পাতে, কান্দে, গছজোপা মৰম কৰে আনকি ৰাতি শোৱাৰ সময়ত ও টাবতো আনি কাষতে লৈ লয় । ঘৰৰ মানুহে প্ৰথম অলপ দিন সকলোবোৰ দেখি আছিল যদিও ইমান গুৰুত্ব দিয়া নাছিল ।ভাবিছিল অন্তৰৰ দুখবোৰ তাই এইদৰে পাতলাইছে । সেই গছ জোপাৰ কথা তাইৰ ঘৰৰ মানুহেও জানিছিল । গীতার্থ আৰু বিশাখাৰ প্ৰেমৰ চিন বুলি । আৰু বিশাখা …. তাইৰ মতে গীতার্থৰ আত্মা আছিল সেইজোপাত। তাইক কথা দিছিল সি কেতিয়াবা হেৰাই গ’লেও তাতেই থাকিব সি । তাইৰ কাষতে , চিৰদিনলৈ ….।
বিশাখাৰ সেই বিশ্বাস হিমালয়ৰ দৰে অটল আছিল । সেই বিশ্বাসে তাইক দিন বাগৰাৰ লগে লগে মানসিক ৰোগীলৈ পৰিৱৰ্তন কৰিলে। কোনেও তাইক বুজাব পৰা নাছিল যে গীতার্থ আৰু এই পৃথিৱীত নাই। সেই চৰম সত্যটো মানি ল’বলৈ
তাই কোনোপধ্যে মান্তি নহয় । গছজোপা আছে মানেই তাইৰ গীতু তাইৰ জীৱনত আছে । টাবতো কোনোবাই চুলেও বস্তু- বাহনি দলিয়াই তাই উগ্ৰ মূৰ্ত্তি ধাৰণ কৰিছিল ।
মাক দেউতাকে ক’ৰবাত চোৱা মেলা ও কৰালে ভূত প্ৰেতে দিগদাৰ দিছে বুলি । যিয়েই যি বিধান দিলে সেই মতে পূজা পাতল ও কৰিলে । কিন্তু দিনে দিনে তাইৰ অৱস্থা বেয়াৰ ফালে ঢাল খালে। গছজোপাকে বুকুত সাৱটি দিন ৰাতি পাৰ কৰি দিলে তাই। 
ভায়েক এদিন তাইক psychiatrist এজনৰ ওচৰলৈ লৈ গ’ল । সবিশেষ শুনি ডাক্তৰে ক’লে যে তাই গুৰুতৰ মানসিক ৰোগত আক্ৰান্ত হৈছে । এনে এক মানসিক ৰোগ ,যাৰ বাবে এখন imaginary world ত সোমাই পৰিছে তাই । য’ত কেৱল গীতার্থ আৰু তাই আছে। মানুহে সাধাৰণ বুলি ভবা গছজোপা তাইৰ বাবে তাইৰ গীতার্থ । যাৰ পৰা তাইক উলিয়াই অনাতো প্ৰায় অসম্ভৱ । বহুত চিকিৎসাৰ প্ৰয়োজন হ’ব। কিমানখিনি cure হয় সেইয়া সময়েহে ক’ব।
শেহত সকলোৰে দিহা পৰামৰ্শ লৈ তাইক mental hospital ত এডমিত কৰা হ’ল। চকু মেলি উশাহটো মাত্ৰ লৈ থকা বিশাখাই সেই সময়ত ও কিন্ত গছজোপা এৰি নিদিলে । বুকুতে সাৱটি লাচ এটাৰ দৰে পৰি থাকিল হস্পিতালৰ বিচনাত।  বহুত চিকিৎসা চলিল , বহুত মেডিচিন প্ৰয়োগ কৰা হ’ল , ফুৰাবলৈ ও লৈ গ’ল তাইক ঘৰৰ মানুহে ডাক্তৰৰ পৰামৰ্শ মতে।  একোৱেই ফলপ্ৰসূ নহ’ল । তাইৰ শাৰীৰিক অৱস্থাৰ সমানে সমানে মানসিক অৱস্থাৰ ও অৱনতি ঘটিল । ভাগি পৰিল তাইৰ মাক দেউতাক, ভায়েক ।
এদিন দুখতে তাইৰ টোপনি যোৱাত ভায়েকে গছজোপা উঘালি টাবতো বাহিৰত দলিয়াই দিলেগৈ । ভাবিলে গছজোপাই তাইৰ বায়েকৰ এই অৱস্থা কৰিছে। সেইজোপা আঁতৰাই দিলে কিজানি বায়েকক ঘূৰাই পায়েই ।
কিছুমান পৰিস্থিতিত মানুহে কিছুমান ভুল সিদ্ধান্ত অজানিতে লৈ পেলাই ।সেইটোৱেই চূড়ান্ত ভুল হ’ল তাৰ  । গছজোপা কাষত নেদেখি বলিয়া হৈ পৰিল বিশাখা । পাগলৰ দৰে ইফালে সিফালে ঘূৰি ফুৰিলে টাবতো বিচাৰি । তাইক চম্ভালিব নোৱাৰা হ’ল কোনেও । দুৰ্বল দেহাটোৰে কান্দি কান্দি অস্থিৰ হৈ পৰিল বিশাখা আৰু হৃদস্পন্দন বন্ধ হৈ নিথৰ হৈ পৰিল  চিৰদিনৰ বাবে হস্পিতালৰ বিচনাতে । তাইৰ গীতাৰ্থক তাইৰ ওচৰৰ পৰা আঁতৰাই নিয়াৰ লগে লগে তাইও আঁতৰি গ’ল সকলোকে এৰি পৃথিৱীৰ পৰা ।

বিশাখা আৰু গীতার্থ ,দুয়ো দুয়োৰে কথা ৰাখিলে । যিদৰে সি কথা দিছিল, কেতিয়াবা হেৰাই গ’লেও গছজোপাতে থাকিব সি,সদায় তাইৰ কাষতে আৰু তাই কথা দিছিল, সি হেৰাই গ’লে তাইও নোহোৱা হৈ যাব এই পৃথিৱীৰ পৰা । শেষ উশাহটোলৈকে সিহঁত এনেকৈ দুয়ো দুয়োৰে হৈ থাকিল ।

গীতার্থৰ সামাধিৰ ওচৰতে তাইক খৰি দিয়া হ’ল। ভায়েকে  গছজোপা উঠাই আনি সযতনে টাবটোত ৰুই সেই ঠাইতে থৈ আহিল ।

“মোৰ সামাধিত ফুলি ৰ’বা তুমি ,
বনৰীয়া ফুল হৈ..
জীৱনৰ যত’ আধা কোৱা কথা,
সুবাসে যাবা কৈ..
বনৰীয়া ফুল হৈ … “

নাইকিয়া হৈ গ’ল দুয়ো পৃথিৱীৰ পৰা । কিন্তু জীয়াই থাকিল সিহঁতৰ “relation tree” জোপা । সিহঁতৰ প্ৰেমক অমৰ কৰি ।
 

                           (….সমাপ্ত….)

                                  

এটি সত্যৰ আঁৰৰ কাহিনী..

প্ৰসৱৰ আগমুহূৰ্ত্বৰ… অসহনীয় যন্ত্ৰণাবোৰ সহি.. চাটিফুটি কৈ হস্পিতালৰ বিচনাত পৰি আছে সাগৰিকা … । নিৰন্তৰ সংগ্ৰামৰ অন্তত… অলপ সময়ৰ পাছতেই অস্ত্ৰোপচাৰৰ দ্বাৰা পৃথক কৰা হ’ব ইমান দিনে আলফুলে … সযতনে….তাই গৰ্ভত লালন-পালন কৰি অহা তাইৰে এটি অংশ … । তাইৰ শৰীৰৰ পৰা বিচ্ছিন্ন হৈ… এই পৃথিৱীত.. স্বাধীনভাৱে উশাহ ল’ব এটি ফুলকুমলীয়া দেৱ শিশুৱে … ।
আৱেগে ধুৱাই নিয়া এই বিশেষ সময়খিনিত…. মনৰ সকলো উৎকণ্ঠা …. উদ্বেগক সাময়িক ভাৱে সন্তুলিত কৰাৰ যত্নৰে… সাগৰিকাৰ স্বামী….. পাৰ্থই…. অস্ত্ৰোপচাৰ কক্ষৰ সন্মুখৰ কৰিড’ৰটোত পায়চাৰি কৰি ঘূৰি ফুৰিছে । অহৰহ গুণগুনাই আছে হনুমান চালিছা….

” জয় হনুমান জ্ঞান গুণ সাগৰ…
জয় কপিশ তিহো লৌক উজাগৰ… “

অ’ টিৰ দুৱাৰমুখৰ পৰা ভুমুকি মাৰি মিচিকিয়া হাঁহিৰে এগৰাকী নাৰ্চে পাৰ্থক খবৰটো দি গ’ল … সি এটা ল’ৰাৰ দেউতাক আজিৰ পৰা … । সাগৰিকাৰ কোলা শুৱনি কৰিবলৈ ঈশ্বৰে এটি দেৱশিশু উপহাৰ দিছে সিহঁতৰ জীৱনলৈ .. ।

হয়… সাগৰিকাৰ সন্তান এইয়া … । তাই দুচকুত… যোৱা চাৰিটা বছৰে… প্ৰতি নিয়ত…চিৰসেউজ কৰি ৰখা এটি সপোন এইয়া….। এটি সন্তানক বুকুৰ উমেৰে আৱৰি … মাতৃত্বৰ অনুভৱেৰে নিজকে জীৱনৰ আন এটা স্তৰত উপস্থাপিত কৰি চোৱাৰ দুৰ্বাৰ হেঁপাহ এইয়া… ।

… ..আৰু পাৰ্থ…. ??? ------------------

সাত বছৰৰ গভীৰ প্ৰেমৰ অন্তত … সাগৰিকা আৰু পাৰ্থ আজিৰ পতি-পত্নী । বন্ধু মহলত…. ঈর্ষণীয় প্ৰেমিক প্ৰেমিকা দুয়ো … । বিবাহ পূৰ্বৰ তিনিটা বছৰ… হেঁপাহ পলুৱাই… প্ৰেমৰ অনুভূতিৰে প্ৰতিটো দিন উপভোগ কৰি…..বান্ধ খাই পৰিছিল সাংসাৰিক বান্ধোনেৰে .. ।
এমুঠি সপোন… বাস্তৱ কৰাৰ মানসেৰে হাতত হাত থৈ… খোজ দিছিল সাগৰিকা আৰু পাৰ্থই জীৱনৰ এটি নতুন অধ্যায়ৰ দিশে… । হেঁপাহৰ কুকিটো কিমান যে গধুৰ হৈ পৰিছিল … !! সুখবোৰ আজুৰি ল’বলৈ কিমান যে পৰিকল্পনা দুয়োৰে …. !!

বিয়াৰ প্ৰথম নিশাই সাগৰিকাই তাইৰ “মা” হ’ব বিচৰা হেঁপাহটোক সঁচা কৰাৰ বাবে পাৰ্থৰ লগত কথা হৈছিল… ।

—— ” পাৰ্থ , যদি ঈশ্বৰে দিয়ে… দাম্পত্য জীৱনৰ সফলতা… হয়তো গৰ্ভ ধাৰণ কৰাই ..। প্ৰেমিকাৰ ভূমিকা পালি… আজি তোমাৰ পত্নী মই .. । মোৰ উকা কপাল ৰাঙলী কৰি .. পত্নীৰ মৰ্য্যদাৰে… নাৰীত্বৰ এক নতুন সোৱাদ দিলা .. । এতিয়া এগৰাকী মাতৃৰ পৰিচয়েৰে পূৰ্ণতা দিয়া মোক … । মই গৰ্ভধাৰণ কৰিব বিচাৰো পাৰ্থ.. । আজিয়েই .. এই মুহূৰ্ত্বত… ।”

—— ” ইমান সোনকালে … ? অলপ দিন ৰোৱা ..। ভালপোৱাবোৰক সম্বন্ধ এটাৰে নামাকৰণ কৰাৰ পিছত… কেইটামান দিন এই নতুন সম্বন্ধটোক অন্তত সময় দিয়াচোন .. । মাক-দেউতাকৰ দায়িত্ব আহি পৰিলে পতি-পত্নীৰ মিঠা আমেজবোৰৰ… অলপ হ’লেও কমি যাবচোন….।
মোৰটো এতিয়া স্বামী হৈ তোমাৰ ওপৰত ৰাজত্ব কৰাৰ হে প্ৰৱল ইচ্ছা .. !
মোৰ সদ্যস্নাতা পত্নীয়ে..আগ নিশাৰ.. একান্ত মুহূৰ্ত্ববোৰ মনত পেলাই .. লাজ লাজকৈ মোৰ গালত চুমা এটা আঁকি…বিচনাতে চাহ একাপ যাঁচি দিব… আৰু মই মন্ত্ৰমুগ্ধৰ দৰে চাই ৰ’ম… ভিজা চুলিৰে.. ডগমগাই থকা সেন্দুৰেৰে.. মোৰ সুন্দৰী পত্নীৰ গুলপীয়া গালদুখন… হৃদয়েৰে বুজিব যত্ন কৰিম …কওঁ নকওঁ কৈ কঁপি থকা ওঁঠদুটিৰ আঁৰত ধৰি ৰখা আৱেগবোৰ .. ।
উফ… ভাবিয়েই ৰোমাঞ্চিত হৈ গৈছো মই …সাগৰিকা … ।”

—— “চোৱা পাৰ্থ.. তোমাৰ ওপৰতে নিৰ্ভৰ কৰিব সকলো । হয় বাৰু…. আমি অলপ দিন পতি-পত্নী হৈ দিনবোৰ উপভোগ কৰাটো প্ৰয়োজনীয় । কিন্তু চোৱা… মই যে মাৰ মৰম কি… বুজিয়েই নাপালো … । মাৰ বুকুৰ অমৃতৰ সোৱাদ লোৱাৰ ভাগ্যই নহ’ল মোৰ… । জন্ম দিয়েই মোক এৰি যোৱা “মা” জনীৰ অভাৱত …গোটেই জীৱন মাৰ মৰমৰ পৰা বঞ্চিত হৈ আহিছো মই । পেহী আৰু দেউতাই অলপ ও ক্ৰুটি কৰা নাই মোৰ আলপৈচান ধৰাত। তথাপিও মনৰ গভীৰত ” মা ” জনী লুকাইয়েই থাকিল দেখোন সদায় … । প্ৰতি মুহূৰ্ত্বত ম’নলৈ আহিব ল’লে … মাৰ মৰমবোৰ বাৰু দেউতা বা পেহীৰ মৰমবোৰতকৈ পৃথক হ’ল হেঁতেন নেকি … !!
এতিয়া নিজেই এজনী ” মা ” হৈ… ইমান বছৰে মনৰ মাজত সুমোৱাই ৰখা সেই মানুহগৰাকীক … জীয়াই তুলিব বিচাৰিছো.. । মোক দহমাহ গৰ্ভত ৰাখিও …এইদৰে অনাথ কৰি পৃথিৱীত এৰি থৈ যাওঁতে .. তেওঁৰ বেদনাবোৰ…. অনুভৱ কৰি চাব বিচাৰিছো ।
কিমান কষ্ট হৈছিল চাগে তেওঁৰ….! কিমান চাগে অসহায় হৈ পৰিছিল বুকুৰ গাখীৰ কণ মোক খুৱাব নোৱাৰি ….! নিশ্চয় কিমান কাতৰ হৈ.. শেষ বাৰলৈ মোক…. হৃদয়ৰ আকুলতাৰে চাই … চিৰদিনলৈ চকুমুদি গুচি গৈছিল তেওঁ … !
মই সেইবাবেই “মা” হ’ব বিচাৰো পাৰ্থ… ।

সাগৰিকাৰ মনৰ দুখবোৰ অনুভৱ হৈছিল পাৰ্থৰ .. । পিছে তাইৰ সেই প্ৰৱল ইচ্ছাত… অদৃষ্টৰ যেন কোপদৃষ্টি পৰিছিল । সপোনবোৰ সফল নহৈ .. ভাঙি পৰিছিল বাৰে বাৰে.. আৰু প্ৰতিবাৰেই নতুন আশাৰে… পুনৰ সপোনৰ ৰাস্তাত..খোজ দি …উজুটি খাই ভাগৰুৱা হৈ পৰিছিল দুয়ো …। ---------------

শেহত দুয়োৰে মেডিকেল টেষ্টৰ পিছত… সেই বিশেষ সত্যটো উদ্ঘাটন হ’ল…. যি পাৰ্থক হতাশাৰ চৰম সীমাত উপনীত কৰালে..।
সাগৰিকাই গৰ্ভ ধাৰণ কৰিব নোৱাৰাৰ গুৰিতে আছিল…পাৰ্থৰ কিছু যৌন সম্পৰ্কীয়… আভ্যন্তৰীক বিসংগতি … । চিকিৎস্যকৰ মতে ট্ৰিটমেণ্ট কৰিলেও….. সেইয়া কিমান ফলপ্ৰসূ হ’ব তেওঁলোক জ্ঞাত নহয় ….. ।

বিচলিত হৈ পৰিল পাৰ্থ.. । সি অসমৰ্থ … । মৰমী পত্নীক মাতৃত্বৰ স্বর্গীয় সুখ কণ দিয়াত… অপৰাগ আজি সি .. ।
সাগৰিকাৰ সপোনৰ বাটটোত হেঙাৰ হৈ পৰা পাৰ্থই… নিজকে দোষী সাবস্ত্য কৰি ধৰফৰাব ধৰিলে … । “মা” হোৱাৰ কিমান যে তীব্ৰ বাসনা তাৰ সাগৰিকা জনীৰ …! কিমান যে আশা… ! সকলো তাৰ কাৰণেই দেখোন… বালিৰ ঘৰ খহা দি খহি পৰিছে… ।

বুকুখন মোচৰ খাই গৈছিল সাগৰিকাৰ ও … । ” মা ” শব্দটো শুনাৰ সৌভাগ্যক’ণ…. ঈশ্বৰে …..তাইৰ “মা”ক জনীক … তাইৰ জীৱনৰ পৰা আঁতৰাই নিয়াৰ দিনাই… কপালৰ পৰা ও যেন মোহাৰি দিলে … । সুখবোৰ লিখোঁতে ভগৱানে কিয় বাৰু ইমান কৃপনালি কৰিলে…?
তথাপিও মৌন হৈ ৰ’ল সাগৰিকা ..। পাৰ্থৰ দুখবোৰৰ তুলনাত… নিজৰ বোৰ যেন গৌণ হৈ পৰিল .. ।

সপোন পূৰণৰ ব্যৰ্থ চেষ্টাৰে… দিনবোৰ পাৰ হৈ গৈ থাকিল । লগতে চলি থাকিল পাৰ্থৰ ট্ৰিটমেণ্ট … । মনত অলেখ আশা …কিজানিবা সাগৰিকাৰ সপোনবোৰ পূৰ কৰাত সফল হয়েই সি.. ।

দেখুৱাই হাঁহি ফুৰ্তিৰে থাকিলেও ….মনৰ নিজানত এজাক অশান্ত কোলাহলে অনবৰতে সাগৰিকাক ভাৰাক্ৰান্ত কৰি ৰাখিলে … । আক্ষেপ কৰিব নো কাৰ ওচৰত …? ক্ষোভবোৰৰ বহিঃপ্ৰকাশ কৰিবলৈ ও দেখোন কোনো নাই… !
ভগৱানৰ ওপৰত আস্থা.. বুজন হোৱাৰ বয়সতে হেৰুৱাই পেলাইছে তাই… । নেদেখাজনে কপালত কি লিখি পঠাইছে … তাক লৈ উৎসুকতা অলপ ও নাই সাগৰিকাৰ .. । দুখ কেৱল এটাই … বিচৰামতেই যদি কপালত লিখি অহাবোৰ মোহাৰি… নিজৰ মতে লিখি ল’ব পাৰিলে হয়…!! ভগৱানৰ লগত অমিমাংসিত যুজঁ খনৰ অন্ত পেলোৱাৰ সুযোগ কোনো দিন নাপাবই নেকি তাই…? -----------------

পাঁচমাহৰ অবিৰত চিকিৎসাৰ পিছত ও …ভবাৰ দৰে অলপ ও উন্নতি দেখা নগ’ল পাৰ্থৰ সমস্যাবোৰৰ ।

__ ” সাগৰিকা… মই নিজকে বুজাব পৰা নাই… । মোৰ বাবে তুমি কিমান দুখ বুকুত কঢ়িয়াই লৈ ফুৰিছা…. ভাবি বৰ কষ্ট হৈছে মোৰ .. । মই নিৰূপায় সাগৰিকা .. । তোমাৰ সপোন সঁচা কৰিবলৈ ভগৱানে মোক শক্তি নিদিলে অ’.. ।
ব’লা আমি এটি অনাথ শিশুক মা দেউতাৰ পৰিচয় দিও .. আমাৰ বুকুৰ মৰমেৰে তাক ডাঙৰ কৰি লওঁ…। আমি জন্ম দিয়া আমাৰেই এটি অংশৰ দৰে..। আমাৰ নিজৰ সন্তানৰ দৰে… । “

—— ” ডাক্তৰে কি কৈছে পাৰ্থ…? তোমাৰ সকলো সমস্যাৰ ওৰ পৰিব বুলি আশা দিয়া নাই জানো তেওঁ.. ! আমাৰ ভালপোৱাৰ সাক্ষী হিচাপে মই… তোমাৰ মোৰ সন্তান এটা গৰ্ভত ধাৰণ কৰিব বিচাৰিছো…। অলপ দিন বাট চাওঁ ৰ’বাচোন… । এটি অনাথ শিশু তুলি লোৱাৰ… পুন্য কৰিবলৈ সুযোগ পালে… মই নিজকে ভাগ্যৱতী বুলিয়েই ভাবিম । মোৰ অলপ ও আপত্তি নাই । কিন্ত….

সজল চাৱনীৰে পাৰ্থলৈ চাই ৰৈ দিলে সাগৰিকা । ওলাই অহা কথাবোৰে …পাৰ্থক আৰু বেছি দুখ দিয়াৰ চিন্তাত… আধাতে স্তব্ধ হৈ পৰিল তাই ।…

—— ” কিন্তু কি…. ? … কোৱা…. । শুনিম মই ..। মোৰ ওপৰত থকা তোমাৰ অভিযোগবোৰ ও একান্ত চিত্তে মানি ল’ম মই .. । মই দোষী তোমাৰ ওচৰত.. । তাৰবাবে মই সঁচাই দুঃখিত সাগৰিকা …। “

—— ” কি কৈছা পাৰ্থ তুমি.. তোমাৰ ওপৰত কিবা অভিযোগ থাকিব পাৰে জানো মোৰ..? কেনেকৈ থাকিব..?? যি জন মানুহে হিয়া ভৰি মৰম দিছে মোক…. যি জন মানুহে শ্ৰদ্ধা আৰু আন্তৰিকতাৰে চিৰ জীৱনলৈ আপোন কৰি লৈছে মোক.. সেই মানুহজনক মই দোষ দিম.. ?? কেতিয়াও সেইদৰে নাভাবিবা পাৰ্থ । মই স্বাৰ্থপৰ নহয় .. । এটা সপোন পূৰ নহ’লেই যেনিবা.. তোমাৰ লগতে পৰিপূৰ্ণ মই .. । তুমি লগত থাকিলে এনেকুৱা হাজাৰটা সপোন ভাঙি গ’লেও… হাঁহি হাঁহি তোমাৰ সৈতে জীৱনৰ একা-বেঁকাবোৰত আগুৱাই যাব পাৰিম পাৰ্থ…. ।
তুমি মোৰ বিশ্বাস.. মোৰ সাহস.. মোৰ উশাহৰ ঠিকনা তুমি.. । তুমি কেতিয়াও দোষী নহয়…. । আচলতে নেদেখাজনে বিচাৰ বিবেচনাবোৰ… কি দৰে কৰে …তাকে ভাবি হে আচৰিত হওঁ মই .. ।
কিন্তু মই আশাবাদী .. । মেডিকেল চাইন্সয়ে সকলো সম্ভৱ কৰিব এদিন… চাবা .. ।”

বুজিছিল পাৰ্থই … সাগৰিকাৰ মনৰ ভিতৰখন পঢ়ি পেলাইছিল তাইৰ দুচকুত…. । নিজৰ গৰ্ভত একলা দুকলাকৈ ডাঙৰ হৈ অহা সন্তানটোক অনুভৱ কৰি চোৱাৰ তীব্ৰ হেঁপাহবোৰ…. বুজি পাইছিল সি .. । কেইবাদিনো সাগৰিকাই আইনা খনৰ সন্মুখত ৰৈ … উদং পেটটোত হাত ফুৰাই চকুপানী টোকা দেখিছে পাৰ্থই .. ।
সাগৰিকাৰ আশাবোৰ কি দৰে পূৰাব সি .. ? তাৰ হাতত যে একোয়েই নাই এতিয়া .. !! --------------------

সময়বোৰ কিদৰে পাৰ হ’ল গমেই নাপালে সিহঁতে… । গতানুগতিক ভাবে ব্যস্ত থাকিল দুয়ো নিজৰ নিজৰ কামবোৰ লৈ .. । সাগৰিকাৰ উদাসীন চকু হালে… সুখী হোৱাৰ অভিনয় কৰা সাগৰিকাৰ …ভিতৰৰ মানুহজনীক কিন্তু লুকুৱাই ৰাখিব নোৱাৰিলে ।

আৰু মাত্ৰ এটা দিন … পিছদিনা পাৰ্থৰ টেষ্টৰ লাষ্ট ৰিপৰ্টতো আহিব.. । সাগৰিকাক কথাবোৰ জনাব ইচ্ছা কৰা নাই সি .. । তাইৰ আশাবোৰ আশা হৈয়েই থাকক….দেখা যাওক সময়ে ক’লৈ লৈ যায়… । ইতিমধ্যে এটা সিদ্ধান্ত ও লৈ পেলাইছে পাৰ্থই… এটি অনাথ শিশুক তুলি লোৱাৰ ।
মনাব সি সাগৰিকাক … বুজাব তাইক.. । গৰ্ভধাৰণ কৰাব নোৱাৰিলেও… মাতৃত্বৰ সুখ দিব যত্ন কৰিব… ।

ৰিপৰ্টতো লৈ ওলাই আহিল পাৰ্থ …ডাক্তৰৰ চেম্বাৰৰ পৰা … ভাৱলেশহীন ভাবে… ।
সঁচাই…সি এজন অক্ষম পুৰুষ.. । কপালত সন্তানৰ সুখ নাই তাৰ.. । ভগৱানে ৰং চালে সাগৰিকাক সপোন দেখুৱাই… আৰু পাৰ্থক… চিৰ জীৱনৰ বাবে অনুতপ্ত কৰি পেলালে ….সেই সপোনবোৰ পূৰ কৰাত সাগৰিকাক সহায় কৰিব নোৱাৰাৰ দুখত…।

একো নভবাকৈ সোমাই দিলে সি সন্মুখৰ বাৰ খনত … । গিলি গ’ল এগিলাচ এগিলাচ কৈ মদ.. । ক্ষন্তেকৰ বাবে পাহৰি যাব বিচাৰিলে তাৰ অক্ষমতাক… ।
মদৰ নিচাত হুকহুকাই কান্দি উঠা পাৰ্থৰ বাউসীত… হঠাৎ কাৰোবাৰ স্পৰ্শ .. । ঘূৰি চাই দেখিলে ….. তাতকৈ কম বয়সৰ এজন অচিনাকি পুৰুষ..।
কাষ চাপি আহি…. তেওঁ ও যেন সমভাগি হ’ব বিচাৰিছে পাৰ্থৰ দুখবোৰৰ .. । আদান প্ৰদান হ’ল… দুয়োৰে মনৰ ভিতৰখনত গুজৰি গুমৰি থকা কথাবোৰৰ…. ।
আচলতে অচিনাকি ডেভিদে ও …সাময়িক শান্তি বিচাৰি গুচি আহিছিল এই নিচাৰ দুনীয়াখনলৈ .. । এজনী ছোৱালীৰ সৈতে এখন সুখৰ সংসাৰ তাৰ …। পিছে এই মুহূৰ্ত্বত…পত্নীৰ হাৰ্টৰ জটিল অস্ত্ৰোপচাৰৰ বাবে… প্ৰয়োজন হোৱা মোটা ধনখিনি যোগাৰ কৰিব নোৱাৰাৰ চিন্তাত … উৱাদিহ হেৰুৱাই…পাৰ্থৰ দৰে সিও আশ্ৰয় লৈছেহি নিচাৰ… । তাৰ পত্নী যে আজি জীৱন-মৃত্যুৰ দুৱাৰদলিত .. ।

ডেভিদৰ কথাবোৰ শুনি অলপ পৰ কিবা এটা চিন্তা কৰি হঠাৎ পাৰ্থই কৈ উঠিল…

—— “কিমান টকা লাগে তোমাক.. দিম মই… । বিনিময়ত মোৰ পত্নীক গৰ্ভধাৰণ কৰাব লাগিব.. । পাৰিবা তুমি…?”

—— “কি কৈছে এইবোৰ আপুনি.. । “

—— ” তুমি যি শুনিছা.. । তোমাৰ আজি টকাৰ অভাৱ…. আৰু মই আজি মোৰ পত্নীক সন্তান সুখ দিব নোৱাৰা এজন দুৰ্বল পুৰুষ । মোৰ অভাৱবোৰ তুমি পূৰ কৰা.. মই তোমাৰ বোৰ .. । ইটচ জাষ্ট এ ডিল মেন.. “

—— ” আপোনাৰ নিচা বেছি হৈছে ডাঙৰীয়া .. । আপুনি প্লিজ ঘৰলৈ যাওঁক .. “

—— ” ন’ ডেভিদ .. আই এম কোৱাইট চিওৰ এবাউট ইট.. । কিমান অসহায় বাবে… এজন পৰ পুৰুষক পত্নীৰ শয্যাসংগী কৰিব ওলাইছো মই… অনুভৱ কৰিব পাৰিছা নে তুমি .. ? মোৰ পত্নীয়ে… পেটৰ ভিতৰত কেঁচুৱা এটাৰ উশাহৰ শব্দ শুনিবলৈ বাউলি হৈ পৰিছে অ’ .. । ফুলি উঠা পেটটোত… জীৱ এটাৰ অস্তিত্ব বিচাৰাৰ হেঁপাহ তাইৰ.. । মই যে তাইক সেই সুখ কণ দিব নোৱাৰো .. । আই এম চ’ আনফৰচুনেট …. ইয়ং মেন… ।

নিজৰ গালখনত চৰ এটা মাৰি টেবুলত ধকিয়াই উচুপি উঠিল পাৰ্থ… । নীৰৱ কেইটামান মুহূৰ্ত্বৰ পিছত …. শান্ত হৈ পুণৰ আৰম্ভ কৰিলে…

চিন্তা কৰি চোৱা ডেভিদ .. তুমি মোক এইকন উপকাৰ কৰি দিলে তোমাৰ পত্নীয়ে জীৱন ঘূৰাই পাব.. । মই চৌডা কৰিছো আজি .. । কৰিবলৈ বাধ্য .. । মোক যি কোনো প্ৰকাৰে সাগৰিকাৰ সুখ লাগে । এইবোৰ সকলো গোপনে থাকিব .. । অলপ সুখৰ মূল্য যদি এইয়াই হয়… মই মোৰ পত্নীক ও এনিশাৰ বাবে তোমাৰ ওচৰত এৰি দিবলৈ ৰাজী … । আৰ ইউ এবল টু ফিল মাই গ্ৰিফ… ? হেল্প মি ডেভিদ.. প্লিজ হেল্প মি … । -----------------

শ্বিলঙৰ মনোমোহা পৰিবেশ এটাত … এখন সুন্দৰ হোটেলত পাৰ্থ আৰু সাগৰিকা… । সাগৰিকা আচৰিত হৈছিল পাৰ্থৰ এই চাডেন প্লেনত.. । তথাপিও মানসিক অস্থিৰতাবোৰ পাতলাবলৈকে এনেকুৱা এটা ত্ৰিপৰ ভীষণ প্ৰয়োজনবোধ কৰিছিল তাই .. ।
দিনটো পাহাৰ.. ডাৱৰ ….আৰু সেউজীয়াবোৰৰ সৈতে খেলি খেলি… সুসজ্জিত হোটেলৰ কোঠাত ভাগৰুৱা সাগৰিকা … ।
ভাল লাগিল পাৰ্থৰ … দুখৰ আঁৰত …সাগৰিকাৰ ওঁঠযুৰিত… ইমান দিনৰ মূৰত… বিয়পি পৰা সঁচা হাঁহিটো দেখি.. ।

গিলাছত সুস্বাদু ৱাইন অলপ ঢালি .. সাগৰিকালৈ আগবঢ়াই দিলে সি…. । বিনা আপত্তিৰে .. বিনা প্ৰশ্নৰে সাগৰিকাই … ঘোটঘোটকৈ গিলি গ’ল গিলাছে গিলাছে মদবোৰ… । হয়তো দুখবোৰ সামৰি থোৱাৰ প্ৰয়াস এইয়া তাইৰ.. । পাৰ্থই দুখ মনেৰে চাই ৰ’ল … প্রিয় পত্নীৰ আগেয়ে নেদেখা এই ৰূপ.. ।
নিশা গভীৰ হৈ অহাৰ লগে লগে নিচাও বেছি হৈ আহিল তাইৰ … আৰু মাতাল সাগৰিকাৰ…. সপোন পুৰোৱাৰ স্বাৰ্থত.. পাৰ্থই কাষৰ ৰূমটোতে থকা ডেভিদক পঠাই দিলে… এৰাতিৰ বাবে তাৰ পত্নীৰ শয্যাসংগী হ’বলৈ… ।

সকলোবোৰ আচলতে পূৰ্ব পৰিকল্পনা মতেই হৈছিল … । ডেভিদৰ মেডিকেল টেষ্টৰ পৰা আদি কৰি… হোটেল ৰুম ঠিক কৰালৈকে…. সকলোবোৰ নিয়াৰিকৈ ঠিক কৰি ৰাখিছিল পাৰ্থই … ।
আৰু….পুৱতি নিশা ডেভিদৰ হাতত গুজি দিছিল খমখমীয়া নোটৰ বান্দীল কেইটামান… ।

——- ” আপোনাৰ এই ত্যাগে উচিত মূল্য পাওক দাদা .. ।ঈশ্বৰে আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ কৰক … । মই অন্তৰেৰে প্ৰাৰ্থনা জনাম । কথা দিলো মই…আপোনাৰ পত্নীৰ ওচৰত গোপন হৈয়েই ৰ’ব এই সত্য.. ।
ময়ো মোৰ মৰমৰ পত্নীৰ স্বাৰ্থতে এনেকুৱা এটা পাপ কৰিবলৈ আগবাঢ়ি আহিলো .. । সিদ্ধান্তটো লওঁতে মোৰো বহুত কষ্ট হৈছিল … । কিন্তু দুটা পৰিয়ালৰ সুখ… জড়িত হৈ পৰাত মই এইয়া উচিত বুলিয়েই মানি ল’লো .. ।

দোষী দোষী ভাৱেৰে কোৱা ….ডেভিদৰ কথাবোৰ শুনি পার্থই…. বৈ অহা চকুপানীখিনি মুচি …সাৱটি ধৰিলে তাক.. ।

—— ” ইউ আৰ ৰিয়াল্লি এ গুড মেন ডেভিদ.. । কোনোদিন মনত কোনো গ্লানি নাৰাখিবা .. । মই দুখ পাম । তোমাৰ মোৰ মাজতে থাকিব এই চৰম সত্য… । আমি দুয়ো দুয়োৰে স্বাৰ্থ পূৰণ কৰিলো… । পাপ নহয় এইয়া.. ভুল ও নহয় .. । পাহৰি যাবা সকলোবোৰ .. । এনেকুৱা ভুলে যদি মৰহিব ধৰা কাৰোবাক সজীৱ কৰি তোলে.. নতুনকৈ জীৱনত জী উঠিবলৈ প্ৰেৰণা যোগাই… মোৰ মতে সেইয়া পাপ হ’বই নোৱাৰে… ।
তোমাৰ পত্নীও সুস্থ হৈ উঠিব চাই থাকা .. । ভগৱানে আশীৰ্বাদ কৰক .. । সুখী হোৱা ডেভিদ… । ঠেংক ইউ ফর্ম ডা ক’ৰ অৱ মাই হাৰ্ট .. । --------------------

নাৰ্চৰ পৰা খবৰটো শুনি … পকেটৰ পৰা মোবাইল ফোনটো উলিয়াই… ডেভিদৰ নম্বৰ ডায়েল কৰিলে পাৰ্থই …. আৰু সিমূৰত ….. কান পাতি শুনা ডেভিদক চিঞঁৰি চিঞঁৰি ক’ব ধৰিলে….

——- ” ডেভিদ .. সাগৰিকাই এটি পুত্ৰ সন্তান জন্ম দিছে .. । এই ল’ৰাটো তোমাৰ অংশ ডেভিদ.. । তোমাক ধন্যবাদ জনাবলৈ ভাষাৰ অভাৱ আজি মোৰ .. । আই এম চ’ হেপ্পী .. । তাক চাবলৈ যোৱাই নাই মই .. প্ৰথমে তোমাক জনাই লোৱাটো জৰুৰী বুলি ভাবিলো … । তুমি…. মোৰ সাগৰিকাৰ ডাঙৰ সপোন এটা সঁচা কৰিলা … ।

——- ” এইয়া আপোনাৰ আৰু বাইদেউৰ সন্তান দাদা .. । মইও বহুত সুখী আজি .. । আপুনি মোৰ পত্নীৰ জীৱন ঘূৰাই দিলে.. বিনিময়ত মই অলপ সুখ ঢালি দিলো আপোনালোকৰ জীৱনত.. । বহুত ভাল পালো খবৰটো পাই.. । ভগৱানে আশীৰ্বাদ কৰক পুতলাটোক… ।

ফোনটো কাটি সাগৰিকাৰ ওচৰলৈ লৱৰি গ’ল পাৰ্থ… । মাতৃত্বৰ সুখে গৰ্বিত কৰি তোলা সাগৰিকাৰ কাষতে শুই আছে… কপাহ কোমল এটি সদ্যোজাত দেৱশিশু.. । আলফুলে শিশুটোৰ মুৰটোতে হাত ফুৰাই ….. একেথৰে চাই ৰ’ল পার্থই…. ডেভিদৰ লগত সাদৃশ্য থকা… সাগৰিকা আৰু ডেভিদৰ সন্তানটোক .. ।

নহয়…এইয়া সিহঁতৰ সন্তান .. । সাগৰিকা আৰু পাৰ্থই মিলি দেখা ….এটা সপোনৰ বাস্তৱ ৰূপ এইয়া.. ।
ডেভিদে প্ৰাণ দিয়া এই শিশুটিক ….পাৰ্থই সযতনে ডাঙৰ কৰিব…. পৰিচয় দিব নিজৰ … ।
এছাটি শীতল বতাহে মন প্ৰাণ জুৰ পেলাই… চুই গ’ল… পাৰ্থৰ ইমান দিনৰ অশান্ত মনটোক.. ।

—— ” দেখিছা পাৰ্থ… কৈছিলো নে মই …আশা নেৰিবা কোনোদিন… এইয়া চোৱা মোৰ বুকুত আজি তোমাৰ মোৰ সন্তান .. । আমাৰ একান্ত নিজৰ … মোৰ গৰ্ভজাত এটি দেৱশিশু.. । মই পূৰ্ণ আজি… মই এগৰাকী মাতৃ আজি… ।
সাগৰিকাই আনন্দতে উচুপি উঠিল … ।
আৰু এটি সত্যক লুকুৱাই কান্দি উঠিল পাৰ্থৰ বুকুখনে… ।

মোবাইল কেমেৰাৰে বেবীটোৰ ফটো একপি তুলি ডেভিদলৈ পঠাই দিলে পাৰ্থই …
চোৱা ডেভিদ … এইয়া আমাৰ পুতলাটো..। তোমাৰ .. মোৰ … আৰু সাগৰিকাৰ .. সন্তানটো । তোমাৰ তেজেৰে আৰু মোৰ নামেৰে ডাঙৰ হ’ব এই শিশুটি… । আশীৰ্বাদ কৰিবা তাক….। ভগৱানক প্ৰাৰ্থনা জনাবা… মইও যাতে এজন সফল পিতৃৰূপে ডাঙৰ কৰিব পাৰো তোমাৰ এই অংশটোক… ।
ওৱানচ এগেইন… ঠেংক ইউ ডেভিদ …. ঠেংক ইউ চ’ মাচ… ।

                     ,……………………………

                                   সমাপ্ত

বিধাতাৰ লিখন..

                        
                          
                  

:- অ’ৰা … ক’ত আছা হে …  টংকেশ্বৰে দৈ গাখীৰ খিনি আনিছে । ষ্ট’ৰ ৰুমটো দেখুৱাই দিয়াচোন ..।

বজাৰৰ লিষ্টখনৰ পৰা আনিবলৈ বাকী থকা বস্তু কেইটা বেলেগ এখন কাগজত  টুকি লৈ ..টংকেশ্বৰক পাওনা টকা কেইটা হিচাপ কৰি দি.. ষ্ট’ৰ ৰূমটোলৈ ভুমুকি মাৰি বিধান বৰুৱা ঘৈণীয়েক নিলিমাৰ ওচৰ পালেগৈ ..।

কাম কৰা মানুহজনীক কামৰ দিহা দি থকা নিলিমাই ,বৰুৱাক টেণ্ট হাউচৰ গাদী কেইখন তেতিয়ালৈকে আহি নোপোৱাৰ কথা মনত পেলাই দিলে । পিছবেলালৈ  মিতিৰ কুটুম্ব সকলো গোট খাবহি । পেহীয়েক.. দুদিন আগতেই আহি বিয়াৰ কামত বৌয়েকৰ লগত লাগি দিছেহি । মাহীয়েক , মামীয়েকহঁত আজি অহাৰ কথা ।

:- অ’ৰা … ভোলাক আজিৰ পৰাই ভিতৰৰ ৰন্ধা বঢ়া খিনিৰ বাবে কৈ থৈছিলা নে.. ? বিয়া খাবলৈ আহি পাকঘৰত সোমাব লগা হ’লে তোমাৰ ভনীয়েৰাৰ মুখ ফুলিব কিন্তু..।

:- হ’ব দিয়ক… কাট মাৰি কথা ক’বলৈ এই বয়সত ও নেৰিলে আপুনি । কাইলৈ পৰহিলৈ শহুৰ হ’ব … ! মোৰ ভন্টীহঁত আপুনি ভবাৰ দৰে নহয় । এখন কৰি বায়েকক সহায় কৰোঁ বুলি হে আহে। এনেয়ো ভোলা পাবহিয়েই অলপ পিছতে  ।

:- ঠিকেই আছে দিয়া ..  মই অলপ মহিম ককাইদেউৰ ওচৰৰ পৰা আহো । তেওঁক ঘৰত গৈ নিমন্ত্ৰণ জনোৱা হোৱাই নাই নহয় । তেওঁ হে আহি আহি বিয়াৰ খবৰ লৈ আছেহি ।

সেউটি অ’ চোতালখন সুন্দৰকৈ আজিয়েই লিচি থৈ যাবি দেই । সেইটো কাম কাইলৈৰ বাবে নথবি । পৰহিলৈ সমাজ খন তাতেই পাতিব লাগিব নহয় । জেকা  হৈ থাকিলে ভাল নালাগিব ।

বাচন মাজি থকা সেউটিক কথা কেইটা কৈ বৰুৱা ওলাই গ’ল ।
দুৱাৰ মুখৰ পৰাই ৰমেনক ৰভাৰ বাটচৰাত শৰাইখনত দিবলৈ তামোলৰ ঠোঁক এটা আৰু বেটু থকা নাৰিকল দুটা পাৰি.. ষ্ট’ৰ ৰুমতে গোটাই থবলৈ ও দিহা দি গ’ল ।

ব’হাগৰ দহ তাৰিখে বিধান বৰুৱাৰ একমাত্ৰ কন্যা পুৰবীৰ গুৱাহাটীৰ ল’ৰা বিপ্লৱৰ লগত বিয়া । শিক্ষক দেউতাকৰ, জীয়েকৰ বিয়াখনক লৈ অলেখ সপোন । গাওঁ খনৰ ভিতৰত অমায়িক আৰু ভদ্ৰ জন হিচাপে সকলোৰে আদৰৰ তেওঁ । জীয়েক পূৰবী হে অলপ চঞ্চল । দেখনিয়াৰ যদিও পঢ়া শুনাই ইমান ভাল নোহোৱাত বাপেক মাকৰ তলে তলে চিন্তাই আছিল তাইক লৈ। শেষত যেনিবা ওচৰতে .. উপযুক্ত দৰাৰে খবৰ আহিল । কৰ্মসূত্ৰে গুৱাহাটীত থাকে ল’ৰা আৰু বিয়া ও সোনকালেই ঠিক হ’ল ।

আচলতে বাপেকে জীয়েকৰ সমস্ত দোষ নিজৰ গাতে পাতি লয় সদায় । তাকে লৈ মাকৰ লগত তৰ্ক ও হয় ।

:- আপুনিয়েই নষ্ট কৰিলে ছোৱালীক । বেছিকৈ মৰম কৰি কৰি মূৰৰ ওপৰত তুলিলে । গাভৰু হ’ল  ….গাত কথা লাগিবৰ হ’ল আৰু এতিয়া…. । দিনটো ইঘৰ সিঘৰ কৈ টলৌ-টলৌ কে ঘূৰি ফুৰিব খালি… । কিবা এটা কৰি মোক অলপ সহায় কৰি দিবতো পাৰে । বিয়া দিলে কামৰ গতি দেখি দুদিন পিছতেই ঘৰলৈ পঠায় নিদিলেই হ’ল জীয়েৰাক ।

খঙেৰে কোৱা নিলিমাৰ কথা কেইটা বৰুৱাৰ গাত নলগাওঁ নহয় । হয় কথাটো … বয়স অনুপাতে পূৰবী বেছিয়েই চঞ্চল হৈ আছে । কথাবোৰ তাইক বুজোৱা , শিকোৱাৰ সময় আহি পৰিছে । মাকে ভুল কোৱা নাই একো । তথাপিও মাকৰ খং কমাবলৈকে বৰুৱাই নিজেই বৰুৱানীক কামত সহায় কৰিব আগবাঢ়ি যায় ।

:- খং নকৰিবা হে.. ছোৱালী হৈ হে জন্মিছে । এখন ঘৰলৈ উলিয়াই দিয়াৰ পিছত নমৰালৈকে হেতা ঘূৰোৱা, ল’ৰা ছোৱালী চম্ভালা এইবোৰতেই দিনবোৰ যাব । আমাৰ লগত থাকোতেই উপভোগ কৰক দিয়া নিজৰ মতে জীৱনটো । কি কৰিব লাগে , ময়েই কৰি দিওঁ দিয়া..।

:- হেয়, থওক থওক… নিলিমাই কৰিব নোৱাৰা নহয় । মই তাইৰ দায়িত্ব জ্ঞানৰ কথা হে কৈছোঁ আপোনাক । কেতিয়া বুজিব আৰু …!! চাব ,ছোৱালীয়ে বুজালৈ বহুত দেৰি হৈ নাযায় যাতে .. আপুনি লাজত পৰাকৈ । মোকতো গুৰুত্ব নিদিয়েই , আপুনিয়েই বুজাব জীয়েৰাক ।

:- বৰ খেঙ খেঙাই থাকা হে ছোৱালীজনীক । মাকৰ মন ও এনেকুৱা হয় নে ??

বৰুৱা ভেকাহি মাৰি আহে ।
বৰুৱানী ও উচাত মাৰি আঁতৰি যায়…

:- ময়ো জন্ম দিয়া মাক হে বুজিছে । মৰম কিমান আছে ,কিমান নাই প্ৰশ্ন নুতুলিব । এঘৰলৈ উলিয়াই দিব পৰাকৈ উপযুক্ত কৰি গঢ় দিয়াটো মাক বাপেক হিচাপে আমাৰেই দায়িত্ব । শুনি বেয়া পালেও সঁচাটো হে কৈছো মই ।

জীয়েকক লৈ মাক বাপেকৰ মাজত হোৱা কাজিয়া বোৰৰ কিয়দংশ এইয়া । দেউতাকে পূৰবীক আলাসৰ লাৰুটোৰ দৰে ডাঙৰ কৰিছে .. যেন মূৰত থ’লে ওকণীয়ে খাব,মাটিত থ’লে পৰুৱাই … আৰু পুৰৱীয়ে ও মাক দেউতাকৰ অলক্ষিতে সেইখিনিৰ সুবিধা নোলোৱাকৈ থকা নাছিল ।

আবেলিলৈ পৰিয়ালৰ প্ৰায়বোৰ মানুহেই বিয়া ঘৰত ভৰি দিলেহি । ৰভাৰ কাম প্ৰায় শেষ হৈছিলেই । ডেক’ৰেচনৰ কাম খিনি বাকী আছেগৈ । বজাৰ সমাৰ ও বৰুৱাই ভতিজাকৰ লগত লাগি গোটেইবোৰ চিজিল কৰি ৰাখিছে । ফাৰ্নিচাৰৰ দায়িত্ব নিলিমাৰ ভায়েকক দি থৈছে । সি সময়মতে ঘৰলৈ আনিব আচবাববোৰ । বিয়াৰ দিনা ছাগলী দুটা গাৱৰে মইনাই কাটি দিয়াৰ দায়িত্ব লৈছে । মাছ ঘৰৰে .. পুখুৰীৰ । তামোল পান খিনি মোমায়েকৰ ঘৰৰ পৰা অনাইছে .. মুঠৰ ওপৰত বিয়া ঘৰ উদুলি-মুদুলি ।

পুৰৱীয়ে আলেঙে আলেঙে সকলোবোৰ লক্ষ্য কৰি থাকিল । ঘৰ খন এৰি গুচি যাব তাই , মাক বাপেকক এৰি গুচি যাব । সব কথাই খেলি মেলি লাগিছে দেখোন… ।  মাক দেউতাকৰ হাঁহি ফুৰ্তিৰ বিপৰীতে পূৰবীৰ বুকুত হাজাৰ বেদনাৰ কোলাহল , হাজাৰটা সামিধানহীন প্ৰশ্ন ….। কি হ’ব সকলোবোৰ …তাই এৰি গুচি গ’লে…!! যাবই যে লাগিব…উপায়হীন তাই.. ।
মাহীয়েক কেইজনীয়ে জোলোকা জোলোকে বিয়া নাম দি তাইক জোকাব ধৰিছে ..
                     ৰভাৰ খুটা হেলেকা,
                     ৰভাৰ খুটা হেলেকে..
                     মাজনী তোমাৰ দৰাৰ বোলে…
                     চকুকেইটা টেলেকা..

বিয়া নামৰ কি আচৰিত শক্তি থাকে জানো..! প্ৰতিগৰাকী নাৰীক কন্দুৱাবলৈ বিয়াসুৰীয়া নামৰ ,এফাকিয়েই বহুত । অন্তৰৰ কোনোবা খিনিত খুচি যায় সঁচাই … । মাকে কামৰ ব্যস্ততাৰ মাজতো মাহীয়েকহতে পুৰবীক জোকাই গোৱা বিয়া নাম শুনি নেদেখাকৈ চাঁদৰৰ আচলেৰে চকু পানী টুকিছে । ছোৱালীৰ জীৱনটো যে… !! জন্ম লোৱা ঘৰ খনতে দুদিনৰ আলহী । কি বা কপাল লৈ আহিছে ছোৱালীজনীয়ে …!! শহুৰৰ ঘৰ খন এইখন ঘৰৰ দৰে আপোন কৰি ল’বলৈ সেই ঘৰৰ মানুহখিনি বা তেওঁলোকৰ দৰে হয়েই নে নহয় …!!
দুখে হেঁচি ধৰিলে নিলিমাৰ বুকুখন । মাজত মাত্র এটা দিন । পৰহিলৈ ৰাতিপুৱা পুৰৱীয়ে বিপ্লবৰ ঘৰৰ পৰা দিয়া কাপোৰ ,গহনা পিন্ধি বোৱাৰী জীৱনৰ পাতনি মেলিব । বিপ্লৱৰ মাকে শিৰত সেন্দুৰ পিন্ধাই পুৰৱীক পুতেকৰ পত্নী হিচাৱে স্বীকৃতি দিব ।আৰু এইখন ঘৰৰ গোত্ৰ ছিঙি তাই বেলেগ এঘৰৰ সম্পত্তি হ’ব…! আনন্দৰ মাজতো ঘৰ খনৰ পৰা ছোৱালী এজনীক বিদায় দিয়াৰ দুখ … ।

                          ————-

পুৱাৰ পৰাই বিধান বৰুৱাৰ ঘৰত আজি হুলস্থূল পৰিবেশ এটা । ভাগে ভাগে সকলো কামত ব্যস্ত হৈ পৰিছে ।  মামীয়েক আৰু মাহীয়েকে পিছদিনা জোৰোণৰ মানুহখিনিক খুৱাবলৈ লাড়ু পিঠা কৰিছে , মাকে… পুৰবীৰ খুৰীয়েক, বৰমাক আৰু গাঁওৰ গোপিনী দুগৰাকীমানৰ লগত… লগ লাগি দুৰলী আৰু ঘটত চাউল ভৰাইছে , খুড়াকৰ জীয়েক দুজনীয়ে দুৱাৰে দুৱাৰে আম পাতৰ মালা আৰি দিছে । পুৰবীৰ বান্ধৱী কেইজনী আহি তাইৰ হাতত মেহেন্দি লগোৱাত লাগিছে । উৰুলিৰ শব্দ, সিহঁতৰ ৰসাল কথাবোৰ আৰু হাঁহি খিকিন্দালিত ঘৰ খনে যেন প্ৰাণ পাই উঠিছে ।

দেউতাকে এপাকত মেহেন্দি লগাই দুহাত মেলি বহি থকা জীয়েকৰ ওচৰলৈ আহি আনন্দ মিশ্ৰিত চকুপানীৰে বুকুতে চপাই ল’লেহি তাইক । আৱেগেৰে সুধিলে…

:- মাজনী অ’…সামৰ্থ্য অনুসৰি গোটেইখিনি যোগাৰ কৰিছোয়েই । তোক আৰু কিবা প্ৰয়োজন আছিল নেকি বাৰু …! সংকোচ নকৰিবি আই । ন’হলে পিছত মই বৰ দুখ পাম । তই সুখী হ’বৰ নিৰ্মিতে তোৰ দেউতাৰে যিমান পাৰে যত্ন কৰিব ।

হুকহুকাই কান্দি দিলে পুৰৱীয়ে । ভুল কৰিলে তাই । যিটো তাইক লাগিছিল, তাইৰ প্ৰয়োজন আছিল ,দেউতাকে জনা হ’লে …হয়তো দিব যত্ন কৰিলে হেঁতেন  । নোখুজি ভুল কৰিলে তাই , বহুত ভুল কৰিলে । সেই ভুলে ঘৰ খন কি পৰ্যায়লৈ লৈ যাব পাৰে ভাবি শিয়ৰি উঠিল পূৰবী । কথাবোৰ মনতে ৰাখি দেউতাকৰ বুকুতে মুখ খন গুজি মাত্ৰ ক’লে ….

:- একো নালাগে দেউতা.. মোক সকলো দিছেই আপুনি ।মাত্র এটা অনুৰোধ কৰো মোৰ  ভুলবোৰ যাতে মাফ কৰি দিয়ে ..।

দেৱতুল্য পিতৃ মাতৃ হালক চৰম আঘাট দিয়াৰ পাপ কৰিব গৈ আছে তাই …!! দেউতাকৰ মুখলৈ চাব সাহস নহ’ল পূৰবীৰ । বুকুখন গধুৰ কৰি বিষ এটা উজাই আহিল ….।

বিধান বৰুৱা অলপ সময়ৰ বাবে ভাবুক হৈ পৰিল । কি ভুলৰ কথা ক’লে জীয়েকে..? হয়তো ইমানদিনে নিজৰ ময়-মতালিত চলি …মাক দেউতাকক দুখ দিয়াৰ কথাই কৈছে তাই । সেই মুহূৰ্ত্বত কথাবোৰ বহলাই নলয় বুলিয়েই একো নকৈ দেউতাকে পূৰবীক  কপালতে চুমা এটা দি আঁতৰি গ’ল ।

ৰাতিলৈ সত্যনাৰায়ন পূজা এভাগৰ  আয়োজন কৰা হৈছে ।  গ্ৰহৰ দোষ নিবাৰণৰ অৰ্থে… । শুভ কামৰ আৰাম্ভনিতে নেদেখাজনক পূজা এভাগ দিয়াটো নিয়ম আচলতে ।
ভোলাক ষ্ট’ৰ ৰুমত সকলো বস্তু দেখুৱাই, ঘৰৰ মানুহখিনিৰ হিচাপ দি মাকে ভাতৰ যোগাৰ কৰিব কৈ নিজেই পূজাৰ কামত লাগিল । পেহীয়েকে চল বুজি মাহ হালধি খিনি ঠিক কৰি দৰাৰ ঘৰলৈ পঠাব লগা বস্তুবোৰৰ ওচৰতে থৈ দিলে । চাকি ধূপ তেল… ভাগে ভাগে সকলো বস্তুৰ যোগাৰ হ’ল । পূজাৰ অন্তত ভোগ , প্ৰসাদ গ্ৰহণ কৰি ওচৰ চুবুৰীয়াও গ’ল ।
নিলিমাই নিজ হাতেৰে মেহেন্দি লগাই ৰখা জীয়েকক আথে বেথে ভাত কেইটামান খুৱাই দিলেহি ।

:- আইজনী অ’.. খাই ল’ ভাত কেইটা । কাইলৈ পুৱাৰ পৰা লঘোণে থাকিব লাগিব নহয় …! পিতৃ গৃহত আজিয়েই তোৰ শেষ দিন । ইয়াৰ পিছত কেতিয়াবা আহিলেও  আলহীৰ দৰে হে আহিবি । এইবোৰ সমাজৰ নিয়ম । বিয়াৰ পিছত স্বামীৰ ঘৰ খনহে এজনী নাৰীৰ প্রকৃত ঘৰ হয় । সকলোকে আপোন কৰি ল’বি আই , ভুল হ’ব পাৰে কেতিয়াবা । এইখন ঘৰৰ লগত নীতি নিয়মৰ ও ভিন্নতা থাকিব পাৰে , নিজকে সেইবোৰৰ লগত খাপ খোৱাই ল’বি । শাহু-শহুৰক  মা-দেউতাৰ দৰে মৰম দিবি ।মৰম দিলে বিনিময়ত মৰম ও পাবি । বেয়া লাগিব অলপ দিন… আমাক এৰি । কিন্তু চাবিচোন বিপ্লৱৰ মৰম আৰু দায়িত্বই কি দৰে তোক আমি নোহোৱা সময়বোৰ ও উপভোগ কৰাই ৰাখিব । কুশলে থাকিবি গোসাঁনী ।

থোকা থোকি মাতেৰে কথা কেইটা কৈ জীয়েকৰ মুখলৈ চাই ৰ’ল নিলিমা …। পুৰৱী নিমাত হৈ মাথো শুনি গ’ল সকলো । চকুৰ পৰা বৈ আহিল চকুপানীবোৰ ।
ৰাতি মাকৰ লগতে শুলে তাই । মাকে বুকুৰ উমেৰে আৱৰি… ধৰি থাকিল তাইক .. আৰু মাকৰ বুকুত সোমাই এটা উজাগৰী নিশা পাৰ কৰিলে পুৰৱীয়ে ।

আন্ধাৰ হৈ থাকোতেই বিচনাৰ পৰা নামি নিলিমাই কামত ধৰিল । দহ বজাত বিপ্লৱৰ ঘৰৰ মানুহ জোৰোণ দিব আহিব । তাৰ আগতেই  সকলোবোৰ চিজিল কৰি নাৰাখিলে সময়ত বৰ উথপ-থপ লাগিব । ঘৰৰ মানুহবোৰ ও উঠি এজন এজনকৈ গা-পা ধুই আজৰি হৈছে ।

অলপ অলপ পোহৰ হওঁতে দেউতাকে নিলিমাক সুধিলে …
:- মাজনী উঠিল নে নিলিমা ..?

:- উঠিব ৰ’ব । ৰাতিটো এঘুমটিও মৰা নাই । সময়ত মই উঠাই দিম । কামবোৰ কৰি আজৰি হৈ লওঁ আগতে।
মাকে কামৰ মাজতে কথা কেইটা কৈ গ’ল।

বিধান বৰুৱা জীয়েকক এপাক হেঁপাহ পলোৱাই চাই লোৱাৰ মানসেৰে তাই শুই থকা ৰুমলৈ গ’ল । ৰুমত পুৰৱী নাই… ।উঠি বাথৰুম গৈছে ভাবি ওলাই আহিব ধৰোঁতেই …. জোৰোনত পিন্ধিবলৈ উলিয়াই ৰখা তাইৰ ৰঙা কাপোৰযোৰত চকু পৰিল । দুচকু সেমেকি উঠিল তেওঁৰ । কাপোৰযোৰৰ ওপৰত কাগজৰ টুকুৰা এটাও আছিল । টুকুৰাটো খুলি চালে তেখেতে । এখন চিঠি .. জীয়েকৰ । তেওঁকেই উদ্দেশ্যি লিখা …

        দেউতা.. 
             কিদৰে , কেনেকৈ কওঁ উৱাদিহ পোৱা নাই একো ।আপোনাক ক্ষমা খোজাৰ অধিকাৰ ও মোৰ নাই এতিয়া । বহুত ভাবিলো মই । আপোনালোকে বিচৰাৰ দৰে সকলো কৰিম বুলি ঠিৰাং ও কৰি পেলাইছিলো । কিন্তু মই নোৱাৰিলো দেউতা । বিপ্লৱ এজন ভদ্ৰ লোক । তেওঁৰ লগত মই মিছাৰ আশ্ৰয় লৈ এটা নতুন জীৱনৰ পাতনি মেলিব নোৱাৰিম.. ।
আপোনাৰ দৃষ্টিত বেকাৰ, উদণ্ড ,অভদ্ৰ পবিত্ৰৰ লগত মোৰ বহুদিনীয়া সম্পৰ্ক । বিয়াৰ কথা ওলাওতেই ভাবিছিলো আপোনাক জনাম সকলো । মই আৰু পবিত্ৰ… দুয়ো সেইখিনি সাহস গোটাব নোৱাৰিলো ।
জানিছিলো তাৰ দৰে ল’ৰাৰ লগত মোক বিয়া নিদিয়ে আপুনি । পৱিত্ৰইও কৈছিল মোক বিপ্লৱৰ লগতে বিয়া হৈ সুখেৰে থাকিব । কিন্তু বিপ্লৱক ঠগিব নোৱাৰিম মই । মোৰ গাত দুমাহৰ লেঠা । পবিত্ৰৰ সন্তানৰ মাক হ’ব ওলাইছো মই …  । গতিকে সিদ্ধান্ত ল’লো তাৰ লগতে সংসাৰ কৰিম । কপালত যি লিখা আছে তাকে মানি ল’ম । মোক বিচাৰি নাহিব । ঘৰৰ একো বস্তুৱেই লগত অনা নাই মই । আপোনালোকৰ ফটো একপি হে লৈ ওলাই আহিছো । পাৰিলে ক্ষমা কৰি দিব ।
                                    মাজনী ।

চিঠিখন পঢ়ি হিতাহিত জ্ঞান হেৰুৱাই পেলালে বৰুৱাই । ইমান দিনে আলফুলে ডাঙৰ কৰা মাজনীয়ে এইদৰে এদিন বুকুত চুৰি মাৰি আঁতৰি যাব বুলি সপোনটো ভবা নাছিল তেওঁ। উফ… কি চৰম অপমান তেওঁৰ জীৱনৰ…. !
জোৰোণৰ দিনাই তেওঁৰ একমাত্ৰ ছোৱালী বেলেগ ল’ৰালৈ পলাই গ’ল । কি দৰে মুখ উলিয়াব এতিয়া মানুহৰ আগত ?

:-নিলিমা মোৰ সকলো শেষ হৈ গ’ল অ’…..
বুলি বিকট চিঞৰ এটা মাৰি মজিয়াত ঢলি পৰিল তেখেত ।
পৰিয়ালৰ সকলো য’ৰ কাম ত’তে পেলাই সেইখিনি পালেহি । আকস্মিক পৰিঘটনাত হতবাক হৈ পৰিল নিলিমা । বৰুৱাক সেইদৰে পৰি থকা দেখি কিবা এটা ভয়ে কঁপাই দিলে তেওঁক । ইতিমধ্যে হার্টৰ অসুখত ভুগি থকা বৰুৱাৰ দেহটো নিথৰ হৈ পৰিছিল ।
ভতিজাকে হাতৰ চিঠিখন পঢ়ি বৰমাকক সাৱটি ধৰিলে । কি বুলি সান্তনা দিব এতিয়া তাৰ সাদৰি বৰমাক জনীক… ? বিপ্লৱৰ ঘৰলৈ ও খবৰ পঠিওৱা হ’ল । জোৰোণ নাহিল…।   কিন্তু বিপ্লৱ উধাতু খাই আহিল ।
চোতালত গাওঁৰ আৰু পৰিয়ালৰ মানুহে বেৰি ৰখা,  হ’বলগা শহুৰেকৰ মৃত শৰীৰটো দেখি চকুলো ওলাই আহিল বিপ্লৱৰ ।
কান্দি কান্দি বলিয়া হৈ পৰা নিলিমাক আঁকোৱালি ধৰিলে সি ।

পেহীয়েকে জোৰোনৰ বাবে গোটাই ৰখা চাকি ধূপ খিনি উলিয়াই ককায়েকৰ শ’টোৰ ওচৰতে লগাই দিলে ।  জীয়েকৰ বিয়া বুলি পিন্ধিব উলিওৱা নতুন ধুতি আৰু কামিজটো ও উলিয়াই আনিলে লগতে । চোতালত কৰিব লগা নিয়ম খিনি কৰি শ্মশানলৈ নিবলৈ সাজু কৰা …বাঁহৰ চাঙি খনত বৰুৱাক  উঠাওতে সকলো  উচুপি উঠিল ।  ভতিজাক আৰু গাওঁৰ ল’ৰা কেইটাৰ লগতে বিপ্লৱে ও এফালে কান্ধত ল’লে বৰুৱাৰ চাঙি খন..।
শ্মশানত…. বিপ্লৱক নোৱাবৰ বাবে পিচি ৰখা মাহ হালধিৰে.. তেওঁৰ নিথৰ শৰীৰটোক স্নান কৰাই …নতুন ধুতি কামিজটো পিন্ধাই চিতাত তোলা হ’ল । বৈদিক নিয়মেৰে শ’টো উচৰ্গা কৰাৰ পিছত ভতিজাকে মুখাগ্নি কৰিলে তেখেতৰ ।

বৰমাকৰ বুকু ভেদি যোৱা কাতৰ চিঞৰ কেইটা কাণত বাজি উঠিল তাৰ ।

:- মোকো জ্বলাই দে অ’ তেখেতৰ লগতে , কি কৰিবলৈ জীয়াই থাকিম মই এতিয়া …??

পিতৃ হত্যাকাৰী হৈ পৰা পুৰবীৰ প্ৰতি প্ৰচণ্ড ঘৃণা উপজিল তাৰ মনত । নিজেই নমৰিল কিয় সেইজনী…!! একেষাৰ যদি তাকো ক’লে হয় পবিত্ৰৰ বিষয়ে….!!

বিপ্লৱ আগুৱাই আহি লাহেকৈ ক’লেহি…
:- মোক যদি এবাৰ ক’লে হয় পুৰৱীয়ে এইবোৰ কথা, আজি এই সৎ মানুহজনে ইমান খিনি গ্লানি, ইমানবোৰ অপমানৰ বোজা লৈ অকালতে মৰিব ল’গা নহ’ল হয় । বৰ দুখ পালো মই । বিয়া খনেই ঘৰ খনলৈ দুৰ্যোগ নমাই আনিলে । বৰমাৰ যত্ন ল’বা । অকলশৰীয়া হৈ পৰিল তেখেত ।

বিয়াৰ বাবেই গোটোৱা খৰিৰে সজা… চিতাৰ জুইকুৰা দপ দপকৈ জ্বলি উঠিল ।
সেইজুইকুৰাতে বৰুৱাৰ আশা, সপোন, মমতা … সকলোবোৰ চাই হৈ গ’ল …তেওঁৰ শৰীৰটোৰ দৰেই …..।

                   

                                   ( সমাপ্ত )

                               
                               
                               
                               
                               
                               
                          
                    
      
             

হীৰুদালৈ শ্ৰদ্ধাঞ্জলি🌸🙏

শব্দহীনতাত ভুগিছো মই…
প্ৰতিটো মুহূৰ্ত্বতে উপলব্ধি কৰিছো..
কলমৰ আগত মৃত্যু ঘটিছে মোৰ শব্দবোৰৰ.. ।
তুমিহীনতাই অনুভৱ কৰাইছে..তোমাৰ অস্তিত্বৰ গভীৰতাক..।

মই যে তোমাৰ কবিতাৰ উন্মাদ প্ৰেমিকা “হীৰুদা”..।

কোনে দিব এতিয়া সুগন্ধি পখিলাবোৰ ধৰি আনি..!

তোমাৰ পৰাইটো শিকিছিলো..
নিসংগ জোনৰ জোনাকত আৱৰণ খুলি হৃদয় নিচুকাবলৈ..
যন্ত্ৰনাই কোঙা কৰি পেলালেও..
কবিতাৰ বৰষুণত জুৰুলি জুপুৰিকৈ তিতি বেদনাবোৰ ধুই নিকা কৰিবলৈ…।

তুমিতো এইদৰে গুচি যোৱাৰ কথা নাছিল..।

সঁচায়ে দিকভ্রষ্ট হৈ পৰিছে শব্দবোৰ..
শূন্যতাৰ জোলোঙাত এতিয়া হিয়া খন ভৰাই কেনেকৈ ৰচো এটা কবিতা..?
কি নাম দিও মোৰ এই প্ৰচেষ্ঠাক..?
তোমাৰ কবিতাবোৰক ভালপোৱাৰ মাদকতা..
নে..সেইবোৰৰ মাজত নিজকে বিচাৰি চোৱাৰ প্ৰগলভতা..!!


  

                   *****************

Design a site like this with WordPress.com
Get started