
ৰাতিপুৱা সোনকালে উঠি চোতাল খন সাৰি ল’লে ফুল’ই । গিৰিয়েক বলাই পুতেকক সাৱটি শুই আছে । পুহ মাহৰ ঠেঁটুৱৈ ধৰা ঠাণ্ডা । কুঁৱলীয়ে ঘোপ মাৰি ধৰিছে চাৰিওফালে । ঠাণ্ডা বুলি এলাহ কৰিবৰ সময় নাই আজি তাইৰ । ঘৰৰ কামখিনি কৰি অ’তাই বৰুৱানীয়ে ৰাতিয়েই ভিজাই ৰখা কাপোৰ খিনি ধুবগৈ লাগিব ।
গাটো তিয়াই জুহালত চাহৰ বাবে পানী উঠাই তাই বলাইক মাতিব গ’ল । চাহ টুপী খুৱাই গ’লে বৰুৱাণীৰ ঘৰত কাম কেইটা কৰিবও মন বহিব তাইৰ । কি নো হৈছে জানো মানুহটোৰ ,জুপুকা লাগি থাকিব লৈছে । এইকেইদিন কামলৈ ও যাব মন কৰা নাই । মূৰৰ ঘুৰণী , জ্বৰ । খোৱা বোৱা ও বাদ দিছে ।এইদৰে বহি শুই নথকা মানুহটোকলৈ চিন্তাত পৰিল তাই । আজি বৰুৱাৰ ঘৰত কাম কৰি পোৱা টকা কেইটাৰ লগত সাঁচতীয়া কেইটা লৈ পিছদিনা বলাইক ডাক্তৰৰ ওচৰত এপাক দেখুৱাই অহাৰ কথা ভাবিলে ফুল’ই ।
” ঐ উঠ আক’ । মই কামলৈ যাওঁ নহয় । বাবুটো শুই থাকক । তই চাহ টুপী খাই ল’হি । আজি বৰুৱাণীৰ ঘৰত বহুত কাম আছে । তই কামলৈ যাব নালাগে । মই আজি বাবুক লগত লৈ নাযাওঁ । তোৰ গা বেয়া । বাবুৰ লগত ঘৰতে থাক ।”
“হ’ব দে । তই চাহ দে । মই মুখ খন পখালি লওঁ ।”
হাততে মিঠৈ এচপৰা লৈ দুয়ো জুহালতে বহি চাহ খালে ।
“শুনচোন , মোৰ দেৰি হ’লে তই ভাত কেইটা বঢ়াই দিবি নহ’লে। খৰাহিতে আলু এটা আছেই । ভাততে দি থবি । “
কথা কেইটা কৈ তাই কলৰ পাৰত চাহৰ বাচন কেইটা ধুই হাতখন মুচি লৈ শুই থকা পুতেকক ভালকৈ গাত কাপোৰ খন দি ওলাই গ’ল ।
বাহিৰত তেতিয়াও কুঁৱলী । বলাইয়ে দুৱাৰ মুখৰ পৰা তাই যোৱালৈ চাই ৰ’ল । বৰ মৰমৰ মানুহজনী তাৰ বাবে । একোৱেই দিব পৰা নাই সি তাইক । তথাপিও তাইৰ আপত্তি নাই কোনোদিন । লোকৰ ঘৰত কাম কৰি দুপইচা আৰ্জি তাক হে সহায় কৰি আহিছে পেটৰ ভাত মুঠি যোগাৰ কৰাত। এইবাৰ বিহুত পাৰিলে তাইক শাৰী এখন দিব লাগিব । নেদেখা হোৱালৈকে ফুল’ক চাই থাকিল সি ।
“বাইদেউ উঠিলে নে?” বৰুৱানীক মাতষাৰ দি তাই ভিজাই ৰখা কাপোৰ খিনি উলিয়াই ল’লে ।
“ৰ’ ফুল’ চাহ একাপ খাই ল’ । ইমান ঠাণ্ডা খনত কাপোৰ গাল উলিয়াই ল’ব নালাগে ।
বৰুৱানীক সেইবাবে ভালপাই ফুল’ই। সেই মৰমখিনিৰ বাবেই এইখন ঘৰত কাম নকৰো বুলিও এৰিব পৰা নাই তাই।
কিন্তু বৰুৱা……. !!??
সুবিধা পালেই অসৎ ইংগিত দিয়ে তাইক । ঘৰখন চলাবলৈ যে টকা কেইটাৰ প্ৰয়োজন হয় তাকে ভাবি সকলো হজম কৰি বৰুৱাৰ পৰা আঁতৰি থাকে তাই ।
“নালাগে বাইদেউ , অলপ পিছত দিলেই হব । মই ঘৰতে চাহ একাপ কৰি খাই আহিছো “।
“বলাইৰ গা বেয়া বুলি কৈছিলি যে , ভাল পাইছে নে নাই ?”
“তাক লৈ চিন্তা হে হৈছে মোৰ । ভাল পোৱা নাই । খাব- বব ও মন নকৰা হৈছে। জানো কি হৈছে। এই কেইদিনতে চিভিলতে এবাৰ দেখুৱাই আহিম বুলি ভাবিছোঁ ।”
“তাকেই কৰ। মানুহটো বেমাৰত পৰি থাকিলে কি শান্তিত নো থাক’ ?পইচা পাতি লাগিলে কবি ।”
“আছে বাৰু এতিয়া। লাগিলে আপোনাক কম দিয়ক ।”
কাপোৰ খিনি ধুই , ঘৰ খন সৰা মোছা কৰি তাই আজৰি হ’ল । কামৰ মাজত এশ এবুৰি চিন্তাই বেৰি থাকিল তাইক । বিহু ও পালেহি । পৰহিলৈ মাঘৰ উৰুকা । বিহুত চাগে ডাক্তৰ বোৰ নাথাকিব চিভিলত । বিহুৰ পিছতে নিব লাগিব বলাইক ডাক্তৰ ওচৰলৈ ।
কথাখিনি ভাবি তাই বৰুৱানীক মাত লগাই যাবলৈ ওলাল । বৰুৱানীয়ে টকা এশ তাইৰ হাতত দি উৰুকাৰ দিনা আহিব ক’লে।
বৰুৱা তেনেকুৱাতে ওলাই আহিল ভিতৰৰ পৰা।
“ফুল’, উৰুকাৰ দিনা বাইদেউৰ কামবোৰ বাৰু কৰিবিহি । ৰাতিলৈ মোৰ ও আলহী কেইজনমান আহিব । জানই নহয় বাইদেউৱে অকলে সকলো চম্ভালিব নোৱাৰিব । তই আহি অলপ সহায় কৰি দিবিহি ।টকা কেইটামান বেছিকৈয়েই দিম দে। চিন্তা নকৰিবি। “
ফুল’ই বুজিলে ৰাতিলৈ কি সহায় বিচাৰি বৰুৱাই তাইক কাম কৰিব মাতিছে । এনেকুৱা কাম কৰিবলৈ তাইক আগতেও মাতিছিল বৰুৱাই । সম্ভ্ৰান্ত ঘৰৰ বৰুৱাৰ দৰে বহুত এনে মানুহ আছে যি সভ্যতাৰ মুখা এখন পিন্ধি তাইৰ দৰে বহু ফুল’ক টকাৰ লোভ দি উপভোগ কৰি আহিছে । বৰুৱাৰ চৰিত্ৰ তাই নজনা নহয় ।তাই লগে লগে সিদ্ধান্ত ল’লে, বৰুৱাৰ ভোগৰ সামগ্ৰী নহয় তাই কেতিয়াও । নালাগে তাইক তেনেকুৱা টকা ।
“ৰাতিলৈ মই আহিব নোৱাৰো দাদা । আপুনি বেলেগ কাৰোবাক মাতিব । “
আৰু একো ক’ব সুবিধা নিদি ওলাই আহিল তাই ।
ঘৰ আহি দেখিছে দুৱাৰত তলা লগোৱা আছে । ইফালে সিফালে চাই পিৰালিতে , বলাই ক’ত গ’ল চিন্তা কৰি বহি পৰিল তাই । বাবুটোক ও লৈ গৈছে। ক’ত বা গৈছে ।অলপ পিছতে বলাই পালেহি ।
“ক’ত গৈছিলি অ’ তই । গা বেয়া বাবে ঘৰতে থাকিব কৈ গ’লো ঘূৰি ফুৰিছ ?ক’ৰবাত গৈ মুৰ ঘূৰাই পৰি থাকিলে মই কি কৰিম ক’?তোৰ বাদে মোৰ আৰু কোন আছে । মোৰ কথাও ভাবিবিচোন অলপ ।”
মৰমত দিয়া ফুল’ৰ গালিবোৰ শুনি তাইলৈ বৰ মৰম লাগি গ’ল বলাইৰ ।তাইক ওচৰ চপাই আনি ক’লে …
“বলচোন ভিতৰলৈ । মই তোলৈ কিবা এটা আনিব গৈছিলো অ’।কিয় নো খং কৰি আহিছ । “
“কি আনিলি গৈ তই । ” তেতিয়াহে তাৰ হাতলৈ চালে তাই । হাতত এটা অলপ ডাঙৰ টোপোলাই দেখোন ।
“চাবি , আগতে দুৱাৰখন খুলি ল’ আক’।”
চাবিপাত লৈ দুৱাৰখন খুলি ভিতৰ সোমায়েই বলাইৰ হাতৰ পৰা টোপোলাটো কাঢ়ি খুলি পেলালে তাই।
এখন শাৰী। তাইৰ প্রিয় ৰঙা ৰঙৰ । কেইযোৰমান ৰঙা খাৰু , এটেমা সেন্দুৰ । লগত এযোৰ চেন্ডেল ও ।
দেখি ভাল লাগি গ’ল তাইৰ । ফুৰ্তিতে বলাইক সাৱটি ধৰিলে । নাৰীৰ সহজাত প্ৰবৃত্তি । সাজি কাঁচি, ধুনীয়া কাপোৰ কানি পিন্ধি সকলো নাৰীয়েই ভাল পাই । টকা পইচাৰ অভাৱে সেই চখ দমাই ৰাখে যদিও , মনে বিচৰাৰ দৰে পিন্ধিব উৰিব সকলোৱে বিচাৰে । লিৰিকি-বিদাৰি বস্তু কেইবিধ চাই লৈহে ভাবিলে তাই, বলাইয়ে ক’ত টকা পালে এইবোৰ কিনিব ।
“ঐ ৰচোন ,ইমানবোৰ টকা তই ক’ত পালি অ’। তই পাব ল’গা আছিল নেকি ?”
“কামলৈ যোৱাই নাই ইমানদিনে , কোনে দিব অ’ মোক মুখখন চাই টকা এগাল। তই ইমান কষ্ট কৰ’ ,বহুত বছৰ তোক একো এটা দিয়াই হোৱা নাই। সদায়তো জোৰা টাপলি দি ঘৰ চলাওতেই শেষ হয় যি কেইটা পইচা পাওঁ। এইবাৰ বিহু বুলি সাঁচতীয়া টকা কেইটাৰেই আনিলো দে ।”
মূৰটো ঘূৰাই গ’ল ফুল’ৰ । তাই মনে মনে সেইকেইটা টকাৰে তাক ডাক্তৰৰ ওচৰলৈ নিয়াৰ কথা ভাবি আছিল আৰু সি সেইখিনি তাইলৈ শাৰী খাৰু কিনি খৰছ কৰি পেলালে । দুখে হেঁচা মাৰি ধৰিলে তাইক ।
“মোক এই খাৰু ,শাৰী নালাগে বলাই । তই হে মোৰ আচল সুখ । তই থাকিলে এইবোৰ বস্তু মোৰ বাবে মূল্যহীন । তোক ডাক্তৰ তাত নিম বুলি মই গোটাই ৰাখিছিলোঁ পইচা কেইটা , তই কিয় খৰছ কৰিলি বাৰু ক’চোন । কি কৰিম এতিয়া মই। হাতত মাত্ৰ আজি কাম কৰি পোৱা টকা এশ হে আছে। তেল চাউলয়েই আনি খাওঁ নে তোৰ বেমাৰৰ চিকিৎসাই কৰোঁ । বহুত বেয়া কাম কৰিলি তই । “
টোপোলাটো দলিয়াই তাই কান্দি কান্দি সোমাই গ’ল ।
“হব দে। মই ভাল পাইছোঁ নহয় । পিছত যাম দে ডাক্তৰৰ তালৈ ।”
বলাইৰ কথাৰ উত্তৰ নিদি তাই ভাতৰ চৰুটো দাঙি চাই , ল’ৰাটোলৈ ভাত কেইটামান উলিয়াই ল’লে । বলাইক ও দিলে কেইটামান ।দূৰৰ পৰা তাইক চাই থকা বলাইয়ে সুধিলে ,,
“তই নাখাৱ নেকি ?”
“মই খাই আহিছো । খাই ল’হি তই ।”
ঘৈণীয়েকৰ খং দেখি চুপচাপ ভাত কেইটা খাই উঠি গ’ল সি ।
ৰাতিটো ফুল’ৰ অলপ ও টোপনি নাহিল । তাৰ মুখখনলৈকে চাই চিন্তা কৰি কটালে , কিদৰে আকৌ টকা কেইটামান গোটাই তাৰ চিকিৎসা কৰাব । শুকাই ক্ষিণাই কিবা হৈ গৈছে মানুহটো ।
বাহিৰত ঘন কুঁৱলী পৰিছে তেতিয়া। টোপ টোপ কৈ সৰি পৰা নিয়ৰৰ টোপালবোৰে, ওপৰৰ চালিখনত কৰা শব্দবোৰৰ লগে লগে তাইৰ চকুৰ পৰা সৰি পৰা চকুলোবোৰে ও তাইৰ বুকুৰ ভিতৰখনত হাহাকাৰ কৰি তুলিলে । কিবা এটা সিদ্ধান্ত ল’ব লাগিব । দোমোজাত পৰিল তাই ।
চকুৰ টিপ নেপেলোৱাকৈ ৰাতিটো পাৰ কৰি ,পোহৰ হোৱাৰ লগে লগে উঠি আহিল তাই। এটা নতুন দিন, এখন নতুন যুদ্ধ । সকলো একেই থাকে দেখোন সিহঁতৰ বাবে সদায়। সেই একেই কষ্ট, একেই চিন্তা, একেই অভাৱ । কেৱল মাত্ৰ সলনি হয় দিনবোৰ,মাহবোৰ আৰু বছৰবোৰ ।
আজি ঘৰতে থাকিব তাই। বলাইৰ লগত, সিহঁতৰ ল’ৰাটোৰ লগত । দিনটো হাঁহি ফূৰ্তিৰে পাৰ কৰিলে সিহঁতে । অভাৱে জুৰুলা কৰিলেও সুখী হব জানে সিহঁতে। পেট ভৰাই খাব নাপালেও , নিমখ ভাত কেইটাও কেতিয়াবা অমৃত যেন হয় । তাতে দুয়ো দুয়োকে বহুত মৰম কৰে । সেয়াই প্ৰকৃত সুখ সিহঁতৰ বাবে।
পিছদিনা উৰুকা । ঘৰৰ বাহি বন কৰি তাই বৰুৱাৰ ঘৰৰ কামলৈ ওলাল । বলাইয়ে আনি দিয়া নতুন শাৰী খন পিন্ধি তাই নিজকে চালে খিৰিকীৰ গজালত ওলোমাই ৰখা সৰু আইনা খনত । খাৰু খিনি ও পিন্ধি ল’লে । সেন্দুৰৰ টেমাটো খুলি কিবা এটা ভাবি তাই বলাইৰ ওচৰ পালেগৈ ।
“তই দেখোন আজি কামলৈ ইমান সাজি কাঁচি ওলাইছ ।” বলাইয়ে তাইলৈ চাই সুধিলে ।
“আজি বৰুৱাৰ ঘৰলৈ দূৰৰ কোনোবা আলহী আহিব । বিহু বুলি তই দিয়া শাৰী খনকে পিন্ধিছো দে । “
শাৰীখন ঠিক কৰি কৰি কথাখিনি বলাইক ক’লে তাই । কিয় জানো তাৰ চকুলৈ চাবলৈ সাহস হোৱা নাই আজি তাইৰ ।
“সেন্দুৰ কণ শিৰত দি দিবি নেকি বলাই?” লাহেকৈ সুধিলে তাই ।
আৱেগিক হৈ পৰিল বলাই । আজি কিয় এনেকুৱা কৰিছে তাই!!! ।তাইক ওচৰ চপাই আনি সেন্দুৰেৰে সেওতাটো বোলাই মুখতে চুমা এটা আঁকি দিলে সি । আজি যেন ফুল’ এজনী ন’কইনা । বলাইৰ সদ্য বিবাহিতা পত্নী । একেথৰে চাই ৰ’ল সি তাইৰ মুখলৈ । দুটোপাল চকুলো সৰি পৰিল ফুল’ৰ চকুৰ পৰা । মৌনতাৰে বহু কথাই কৈ গ’ল বলাইক সেই চকুপানীখিনিয়ে । সি কি বুজিলে, বুজিব যত্ন নকৰিলে তাই ।
বৰুৱাৰ ঘৰত উখল মাখল পৰিবেশ । এফালে মাঘৰ উৰুকা , লগতে বৰুৱাৰ কেইজনমান গণ্য মান্য বন্ধুৰ আগমন । লাড়ু ,পিঠাকে ধৰি বিভিন্ন ব্যঞ্জনৰ সুগন্ধীৰে ঘৰ ভৰি পৰিছে । বৰুৱানীক নিয়াৰিকৈ সকলো যোগান ধৰি চল বুজি তাই বৰুৱাৰ ৰুম পালেগৈ ।
“দাদা আজি ৰাতি যে মোক কামলৈ মাতিছিল , মই কৰিম । যি কামেই নিদিয়ে । কিন্তু মোক টকা কেইটামান সৰহকৈ লাগিব ।”
ফুল’ৰ কথা শুনি বৰুৱাই তাইক যি লাগে তাকে দিব বুলি কৈ সন্তুষ্টিৰ হাঁহি এটা মাৰিলে । ভৰিৰ পৰা মুৰলৈ বৰুৱাই তাইক যিদৰে চালে ,ঘৃণাত নাক কোচ খাই গ’ল ফুল’ৰ । ঠুৱাই দিব মন গ’ল বুঢ়াটোৰ মুখত । কিন্তু একো কৰিব নোৱাৰে তাই। আজি তাই উপায়হীন ।
বৰ অস্বস্তিত কামবোৰ কৰি গ’ল তাই । যথা সময়ত বৰুৱাৰ আলহী চাৰিজন ও আহি পালে । বৰুৱানীয়ে আলহ- উদৰেৰে আলহীক খুৱাই বোৱাই বাকীখিনি কামৰ দায়িত্ব ফুল’ক দি আজৰি হ’ল।
বাচন বৰ্তন ধুই পাকঘৰ চিজিল কৰে মানে বৰুৱাৰ ৰূমত উৰুকাৰ মেহফিল জমি উঠিল । বৰুৱাই মাতি নিলে তাইক ।সুৰা, নাৰী, খাদ্যৰ সুন্দৰ আয়োজন দেখি আনন্দিত হৈ পৰিল বৰুৱাৰ বন্ধু সকল । হাতত মদৰ গিলাচ লৈ আঠ যোৰ চকুৱে যেন গিলি গ’ল এফালৰ পৰা তাইৰ শৰীৰটো । খালি গিলাছবোৰত পুনৰ মদ ঢালি দিলে তাই । লাহে লাহে নিচা বেছি হৈ আহিল সিহঁতৰ । বৰুৱাই তাইক হেঁচা মাৰি ধৰি বগৰাই ল’লে বিচনাত । আৰু ভোগ কৰি গ’ল এজন এজন কৈ সকলোৱে তাইৰ শৰীৰটো । পুৱতি নিশালৈকে চলিল ফুল’ৰ দেহটোৰ ওপৰত এই অত্যাচাৰ। যন্ত্ৰনাত কাতৰ হৈ পৰিল তাই ।তাইক ভোগ কৰি নিচা আৰু ভাগৰত শুই পৰিল বুঢ়া কেইটা । শাৰীখন ভালকৈ পিন্ধি ওলাই আহিল তাই বৰুৱাৰ ৰুমৰ পৰা। ৰাতিপূৱাবলৈ আৰু বেছি সময় নাই । বৰুৱানীৰ অজ্ঞাতে আজি তাই উৰুকাৰ ভোজ আগবঢ়ালে বৰুৱাক । বিনিময়ত পালে সৰহকৈ অলপ টকা । শৰীৰৰ বিষত কেকাই উঠিল যদিও গভীৰ প্ৰশান্তিত উজ্জ্বলি উঠিল তাইৰ মুখ খন। বলাইয়ে ৰাতিপুৱা বোলাই দিয়া কপালৰ সেন্দুৰ খিনি চুই চালে তাই । আন্ধাৰৰ মাজত ও যেন ডগমগাই উঠিল তাইৰ সেওতাৰ ৰঙাবোৰ । মনতে ভাবিলে, এই সেন্দুৰখিনিৰ মূল্য তাইৰ শৰীৰৰ মূল্যতকৈ বহুত বেছি ।
হাতৰ মুঠিত টকা কেইটা লৈ খৰ খোজেৰে ঘৰলৈ বুলি ৰাওনা হ’ল তাই ।বিহুৰ পিছদিনাই বলাইক ডাক্তৰৰ ওচৰলৈ নিব লাগিব । বাবুটোলৈ ও চুৱেটাৰ এটা কিনিব লাগিব । ঠান্ডাত সি বৰ কষ্ট পাইছে ।
মনতে কথাবোৰ জুকিয়াই জুকিয়াই কুঁৱলী ফালি গৈ থাকিল ফুল’।
বলাইৰ ওচৰলৈ….।








