
কানিমুনি সন্ধ্যাৰ সময় … । গোঁসাই ঘৰত চাকি গচ জ্বলাই , মুকলি বতাহত অলপ বহো বুলি আগফালৰ বাৰাণ্ডা খনলৈ ওলাই আহিল নয়না । লাইটটো অফ কৰি আৰামী চকী খনত গাটো এৰি দিলে তাই । দিনটোৰ কৰ্মব্যস্ততাৰ পিছত ঘৰমুৱা হৈছে মানুহবোৰ , আপোন ঘৰখনলৈ …। সন্মুখৰ ৰাস্তাইদি অহা-যোৱা কৰা বিভিন্ন জনলৈ চাই চাই নিজকে বৰ অকলশৰীয়া অনুভব কৰিলে তাই ।
এই অকলশৰীয়া জীৱনটোক আচলতে নয়নাই নিজেই আমন্ত্ৰণ দি আনিছে …। অভিযোগ দিব , নাইবা কাৰোবাক দোষাৰোপ কৰিব… এই অধিকাৰবোৰ ও তাই নিজেই কাঢ়ি ল’লে নিজৰ পৰা ।
দুচকু তিয়াই অজানিতে বুকুৰ বিষ এটা বাগৰি আহিল তাইৰ দুগালেদি । বৈ যাব দিলে তাই বুকুখনক হেঁচি ৰখা দুখবোৰ… । কেতিয়াবা এই অসহনীয় বিষটোয়ে কোঙা কৰি পেলাব বিচাৰে তাইক …।
হঠাৎ গেটৰ সন্মুখতে গাড়ীৰ হৰ্নৰ শব্দত মুৰ তুলি চাওঁতে জলক তবক চকুৰে অৰ্ণৱৰ গাড়ীখন দেখা পালে নয়নাই । জুমি চাই গাড়ীখনৰ ভিতৰত কোন আছে অনুমান কৰিব যত্ন কৰিলে তাই । আন্ধাৰ হোৱাৰ বাবে একো মনিব নোৱাৰিলে চকুৰ পানীৰে ভিজি থকা তাইৰ দুচকুৱে। হয়তো পত্নী পুত্ৰক লৈ ঘৰলৈ আহিছে সি… ।
দহ বছৰ পাৰ হৈ গ’ল… অৰ্ণৱক তাই দেখা নাই । সেই যে বিয়াৰ দিনা দৰাৰ সাজেৰে পদূলিৰ আগেদি যোৱা অৰ্ণৱক সজল চকুৰে খিৰিকী দি জুমি জুমি চাইছিল , তাৰ পিছৰ পৰা অৰ্ণৱৰ পৰা পলাই ফুৰিছিল নয়না । আৰু অৰ্ণৱ…. !?
সি বাৰু বিচাৰে নেকি কেতিয়াবা নায়নাক এবাৰ চাবলৈ… নে নায়নাক তাৰ জীৱনৰ পৃষ্ঠাবোৰৰ পৰা মোহাৰি আঁতৰাই পেলালে সি চিৰদিনলৈ ..??
যোগ্য তাই… অৰ্ণৱৰ সিমানখিনি অৱজ্ঞাৰে যোগ্য তাই । বহুত যত্ন কৰিছিল নয়নাক সি নিজৰ কৰি ল’বলৈ । কিন্তু তাই নোৱাৰিলে অৰ্ণৱৰ অনুভূতিবোৰৰ মৰ্য্যদা ৰাখিব …নুবুজিলে তাৰ কান্দোনবোৰক … । সেইয়াই প্ৰেম আছিল তাইৰ অৰ্ণৱৰ প্ৰতি.. ?? কেনেকুৱা প্ৰেম আছিল সেইয়া… ?? এটা সময়ত অৰ্ণৱক অনবৰতে ওচৰত বিচাৰি থকা নয়নাই কিয় সাহস গোটাব নোৱাৰিলে জীৱনৰ বাবে তাইক ওচৰতে ৰখাৰ সুযোগ দিয়া অৰ্ণৱক আপোন কৰি লবলৈ ??
একেলগে ডাঙৰ হৈছে নয়না আৰু অৰ্ণৱ । একেলগে খেলা ধুলা কৰিছে, একেলগে পঢ়া শুনা কৰিছে .. ।অপৈনত বয়সৰ কোমল মনৰ সিহঁতৰ মৰম ধেমালিবোৰ সিহঁত বুজন হোৱাত লাহে লাহে ঢাল খাইছিল এক অনামি আকৰ্ষণলৈ …। সময়ৰ লগে লগে সিহঁতে বুজি পাইছিল সেই আকৰ্ষণ আচলতে ভালপোৱা…. ইজনৰ সিজনৰ প্ৰতি প্ৰেম ।
…….ঐ তোৰ বাবে প্ৰেমৰ সংজ্ঞা কি অ’ ?
এদিন কথাৰ মাজতে সুধিছিল নয়নাই অৰ্ণৱক ।
….. কিয় ? আজি দেখোন তোৰ প্ৰেমৰ কথা জানিব মন গ’ল !
….. সুধিছো .. ক’চোন ।
অলপ সময় ভাবি উত্তৰ দিছিল অৰ্ণৱে..
…… মোৰ বাবে প্ৰেম পৰিতৃপ্তি…, মানসিক শান্তি । অনবৰতে হৃদয়ত বাজি থকা এটি মিঠা সঙ্গীত । যিয়েই… যেনেকুৱা পিৰিস্থিতিয়েই নাহে জীৱনত…নিজকে সন্তুলন কৰি ৰাখিবলৈ উদ্যম দিয়ে । প্ৰেম এটি উশাহ… প্ৰাণ খুলি জীয়াই থাকিব পৰা এটি প্ৰেৰণা ।এটি আবেগ…. ভাল লগাৰ অবৰ্ণনীয় অনুভূতি… । বাৰু … কিয় সুধিলি ক’চোন ।
…….. অৰ্ণৱ, আজিকালি দেখোন মোৰ খুব ভাল লগা হৈ থকা হৈছে দিনবোৰ জান’… ? এটা নতুন অনুভৱে চুই গৈছে মোৰ মন , হৃদয়ে অহৰহ গুণগুণাই থকা হৈছে এটি মিঠা গান । মই চাগৈ প্ৰেমত পৰিছো অৰ্ণৱ .. মই প্ৰেমত পৰিছো তোৰ !!
অৰ্ণৱে মনতে ৰখা কথাবোৰ নয়নাই কৈ দিছিল তাৰ চকুত চকু থৈ । এটি ভাললগা সপোনৰ দৰে মাথোঁ প্ৰাণ ভৰি চাই ৰৈছিল নয়নাৰ দুচকুত অৰ্ণৱে নিজকে । উফ,,কি যে প্ৰশান্তি… !! ইমান সুখ থাকে নে ভালপোৱাত ? বুকু খন ভৰি পৰিছিল তাৰ… নয়নাৰ মৰমেৰে ।
অনুভৱবোৰ খুলি কোৱাৰ পিছতহে ভয় হৈছিল সিহঁত দুয়োৰে আগৰ দৰে মিলা মিছা কৰিবলৈ । কিজানি কোনোবাই পঢ়িয়েই পেলাই দুচকুৰ ভাষাবোৰ … । আঁতৰি আহিব লগা হয় দুয়ো দুয়োৰে পৰা …আৰু এইদৰে ভবাৰ মূলতে হ’ল বৰ্ণ বৈষম্যৰ প্ৰাচীৰ খন … । সিহঁতে জানিছিল ব্ৰাহ্মণ নয়নাৰ, কলিতা সম্প্ৰদায়ৰ অৰ্ণৱৰ লগত হোৱা প্ৰেমক সমাজে নালাগে নয়নাৰ দেউতাকেও কোনোদিন স্বীকৃৰ্তি নিদিয়ে । কিন্তু ভাল পাইছে সিহঁতে … কিমান ভাল পাইছে সেইটো অকল সিহঁতেহে বুজিছে ।
লুকাই চুৰকৈ প্ৰেমৰ বিনিময় হব ধৰিলে দুয়োৰে মাজত.. সপোন কিছুমানে বগুৱা বাই মন মগজুত বাহৰ পাতিব ধৰিলে দুয়োৰে.. । তেনেকৈয়ে কলেজীয়া শিক্ষা শেষ কৰি এদিন উচ্চ শিক্ষাৰ বাবে ৰাওনা হ’ল অৰ্ণৱ আৰু নয়না ইউনিভাৰ্চিটিলৈ বুলি । দুয়ো একেলগে প্ৰথম বাৰৰ বাবে ঘৰ এৰি আঁতৰত পঢ়িব যোৱাৰ বাবে মাক দেউতাকে চিন্তা কৰিছিল। তথাপিও ইটো সিটোৰ লগ হ’ব বুলি আশ্বস্ত হৈছিল দুয়োখন ঘৰ ।
ঘৰৰ পৰা আঁতৰি যোৱাৰ পিছত ঘনিষ্ঠতা বাঢ়ি আহিব ধৰিলে দুয়োৰে মাজত । সময়বোৰ কেৱল সিহঁতৰ হ’ল । কাৰণ একোৰে বাধা নাছিল তেতিয়া দুয়োৰে মাজত । ক্লাছ কৰা, ফুৰা, প্ৰেম কৰা …. চাৰিওফালে কেৱল মৰমে বেৰি ৰখা এটা পৰিবেশ । অনবৰতে ওচৰত বিচাৰি থকা হ’ল নয়নাই অৰ্ণৱক । সি কেতিয়াবা লগৰ ল’ৰাৰ লগত ব্যস্ত থাকিলেও অভিমান কৰিছিল তাই .. । প্ৰতি মুহূৰ্ততে তাৰ সান্নিধ্যৰ বাবে বাউলি হৈ পৰিছিল তাই ।
কিন্তু তাৰ বিপৰীতে বন্ধত যেতিয়া ঘৰলৈ আহে দুয়ো… এসপ্তাহ ও যদি থাকে … অৰ্ণৱৰ পৰা সম্পূর্ণ আঁতৰি থাকিছিল নয়না । ফোন, মেছেজ একোয়েই নকৰিছিল । তাকো মানা কৰিছিল কৰিবলৈ । সি বুজিছিল কথাবোৰ .. জানিছিল যে ভয় কৰে নয়নাই ঘৰৰ মানুহখিনিলৈ … ভয় কৰে মাক দেউতাকক অৰ্ণৱৰ কথাবোৰ জনাবলৈ । ভাঙি যায় যদি সপোনবোৰ … !
সমন্ধ এটা যিহেতু গঢ় লৈ উঠিছে, সেই সম্বন্ধটোক ভালদৰে ৰখাত তাৰো দায়িত্ব আছে । গতিকে খেলি মেলিবোৰক ইমান সোনকালে আহ্বান জনাব মন নাছিল অৰ্ণৱৰ । সময়ৰ হাততে এৰি দিছিল সি সকলোবোৰ । এটা হেঁপাহ জীয়াই ৰাখিছিল মাথোন … এদিন নায়নাৰ উকা সেউতা ,তাৰ ভালপোৱাৰ ৰঙেৰে ৰাঙলী কৰিব , নয়না সেইদিনা সকলো প্ৰাচীৰ ভাঙি তাৰ হ’ব ।
” ৰং দিয়া মৰম,
ৰং ভালপোৱা
সজাও ৰামধেনু….”
ইউনিভাৰ্চিটিৰ মায়াময় পৰিবেশত ব’য়জ হোষ্টেলৰ অৰ্ণৱৰ ৰুমত নয়নাৰ হাতখন খামুচি ধৰি কাণৰ কাষত গুণগুণাব ধৰিলে অৰ্ণৱে তাৰ প্রিয় গীত ফাঁকি । দুদিনমান পিছতেই স্মৃতি হৈ পৰিব এই দিনবোৰ । শেষ চেমিষ্টাৰৰ পৰীক্ষা দি ঘৰমুৱা হ’ব লাগিব দুয়ো । অৰ্ণৱৰ মূৰৰ ওপৰত গধুৰ দায়িত্ব আহি পৰিব । সি প্রথমে নিজকে প্ৰতিষ্ঠা কৰিব লাগিব নয়নাৰ দায়িত্ব ল’ব পৰাকৈ । নয়নাৰ ঘৰৰ মানুহখিনিক সন্মত কৰাব লাগিব , তাইৰ যোগ্য হৈ…। আবেগিক হৈ পৰিল অৰ্ণৱ । এটা ভয়ে অজানিতে কঁপাই গ’ল তাক । সময়ে বা কি ৰঙ দেখুৱাই ,, কি বা লিখি ৰাখিছে বিধাতাই তাৰ কপালত… !!
সমানে চিন্তিত হ’ল নয়নাও । অৰ্ণৱৰ ওপৰত তাইৰ অগাধ বিশ্বাস আছে । বিশ্বাস নাই… নিজৰ ওপৰত । তাই কি দৰে পাতনি মেলিব সিহঁতৰ সমন্ধৰ বিষয়ে ঘৰত .. !! দেউতাক মাকক কেনেকৈ ক’ব .. তাই যে অৰ্ণৱৰ হ’বলৈ সংকল্পবদ্ধ ।
……. আমাৰ সপোনবোৰ আধৰুৱা হৈ ৰব নেকি অৰ্ণৱ ? মোৰ খুব ভয় লাগিছে অ’…। যিমানে ঘৰলৈ উভটাৰ দিন আহিছে ,এনে লাগিছে মই যেন লাহে লাহে আঁতৰি যাব ধৰিছো তোৰ পৰা ।
……. কিয় তেনেকৈ ভাবিছ’ নয়না । তই সদায়েই মোৰ । অলপ বাধা আছে সমাজৰ । কিন্তু সেই বাধা আঁতৰাম আমি দুয়ো মিলি একেলগে । তই মোক সাহস দিবি মাত্ৰ .. ভাঙি পৰিব নিদিবি এইবোৰ কৈ । তোৰ অবিহনে মই নিজকে ভাবি চাবলৈও ভয় কৰো অ’ ।
ভাললগা স্মৃতিবোৰ সোণোৱালী কৰি ৰাখিবলৈ সেইদিনা আবেলি ক্লাছৰ অন্তত অৰ্ণৱে তাৰ ৰুমত নয়নাৰ বাবে এটা সৰু পাৰ্টীৰ আয়োজন কৰিছিল । সিহঁতৰ অন্তৰংগ বন্ধু বান্ধৱী দুজনমানক ও নিমন্ত্ৰণ জনাইছিল অৰ্ণৱে । হাঁহি ফুৰ্তিৰে সময় কিছুমান পাৰ কৰি নয়না আৰু অৰ্ণৱৰ সম্বন্ধক স্থায়ি কৰাৰ বাবে শুভকামনা জনাই বন্ধু সকল ৰাওনা হৈছিল সিহঁতক এৰি ।
অৰ্ণৱ ওচৰ চাপি বহি লৈছিল নয়নাৰ… । সেইদিনা নয়নাই হালধীয়া চেলোৱাৰ কামিজ এযোৰ পিন্ধিছিল .. আৰু তাৰ লগত মিলাই এখন বহুৰঙী দুপাত্তা । ধুনীয়া দেখাইছিল তাইক ।হেঁপাহ পলুৱাই চাই আছিল অৰ্ণৱে তাৰ প্ৰেমিকাক আৰু আৱেগেৰে সাৱটি ধৰি তাইৰ কপালত চুমা এটা দি টেবুলৰ ড্ৰয়াৰৰ পৰা এটা আঙুঠি উলিয়াই আনিছিল ।
…….. মই আমাৰ প্ৰেমক এটা বান্ধোনৰে বান্ধিব বিচাৰিছো নয়না । মই জানো তইয়ো আপত্তি নকৰ’ । এই বান্ধোনৰ দ্বাৰা আজীৱন মই তোৰ হৈ থকাৰ প্ৰতিশ্ৰুতি দিলো । তোৰ শিৰত সেন্দুৰ দি মই সকলোৰে সন্মুখত তোক পত্নীৰ মৰ্য্যদা দিম , কিন্তু এই আঙুঠিটো পিন্ধাই মোৰ হৃদয়ৰ সমস্ত অনুভূতি আজিৰ পৰা তোৰ নামত উচৰ্গা কৰিব বিচাৰো । এক হৈ যাব দিওঁ আহ আজি … তোৰ মোৰ মন দুটা… চিৰদিনৰ বাবে ।
তাইৰ বাওঁহাতৰ অনামিকা আঙুলিত আঙুঠিটো পিন্ধাই দিছিল সি ।
স্তব্ধ হৈ পৰিছিল নয়না.. । হৃদয় খন যেতিয়া ভৰি পৰে, শব্দবোৰ হেনো কৰবাত থমকি ৰয়… । নয়নাৰ শব্দবোৰ ও সেই মুহূৰ্তত হেৰাই গ’ল কেনিবা । সকলো পাহৰি অৰ্ণৱক মৰমেৰে উপচাই দিব মন গ’ল তাইৰ । চঞ্চল হৈ পৰিল দুয়োৰে মন দুটা । সেই একান্ত সময়খিনিত ইমান দিনে সংযত হৈ থকা নয়না আৰু অৰ্ণৱে অজানিতে চূড়ান্ত ভুল এটা কৰি পেলালে । শাৰীৰিক অকুলতাক বাধা দিব নোৱাৰিলে সিহঁতে । একাত্ম হৈ পৰিল দুটা মনৰ লগতে দুটা শাৰীৰ … । ভালপোৱাত বিলীন হৈ গ’ল নয়না আৰু অৰ্ণৱ ।
সম্বিত ঘূৰি অহাত অৰ্ণৱৰ বুকুতে উচুপি উঠিল নয়না । কি হ’ল এইয়া .. !! সিহঁতে যে কোনোদিন এনে ভুল কৰিব বুলি কল্পনা ও কৰা নাছিল । কিয় বাধা দিব নোৱাৰিলে নিজকে …?
নয়নাৰ মনটো পঢ়ি অৰ্ণৱৰ ও বেয়া লাগিল । কিন্তু সি সেইয়া ভুল হ’ল বুলি মানি ল’ব নিবিচাৰিলে । নয়নাৰ মুখখন দুই হাতেৰে উঠাই বুজাইছিল অৰ্ণৱে সেইদিনা ..
……. প্ৰেমত শাৰীৰিক সম্পৰ্ক থাকিব পাৰে নয়না । মানসিক তৃপ্তিৰ দৰে সেইয়াও পৰিতৃপ্তি … দৈহিক । এক স্বতঃস্ফূৰ্ত পৰিঘটনা এইয়া । সকলোৰে লগত জানো শাৰীৰিক সম্পৰ্ক সম্ভৱ ?? প্লেন কৰি জানো হ’ব পাৰে সেই সম্পৰ্ক , যদি হৃদয়ে অনুমতি নিদিয়ে । দুখ নকৰিবি.. ভুল হোৱা নাই আমাৰ । তই কান্দি থাকিলে মোৰ নিজকে দোষী যেন অনুভৱ হ’ব এতিয়া …। এই সময়খিনি ভাল লগা কৰি সাঁচি থও আহ .. । ভুল বা পাপৰ আখ্যা নিদিবি তোৰ মোৰ এই নিবিড় মুহূৰ্ত্ববোৰক । মই সুখী নয়না । তোক একান্ত ভাবে পাই মই আজি পৰিপূৰ্ণ । তই জানো মোৰ নহয় .. !! আগলৈ ও তো মোৰেই হ’বি ।
সেই দিনটোৰ প্ৰতিটো কথা, প্ৰতিটো অনুভূতি … আজিও সজীৱ হৈ আছে নয়নাৰ মনত । বহুত দিন প্ৰয়োজন হৈছিল তাইৰ কথাবোৰ সহজ ভাবে ল’বলৈ.. লাহে লাহে অৰ্ণৱৰ বুজনি আৰু ভালপোৱাৰ বিশ্বাসে সহজ কৰি পেলাইছিল তাইক । আৰু ক্ৰমান্বয়ে গভীৰতা বোৰ বাঢ়ি আহিছিল …অনুভৱৰ … ।
কিন্তু ঘৰলৈ আহি মাক দেউতাকৰ ওচৰত এটা অপৰাধবোধে দহিব ধৰিছিল নয়নাক । কাৰো চকুলৈ চাবলৈ সাহস হোৱা নাছিল তাইৰ । আচলতে কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰস্তুত নহব তাই কোনোদিন … আৰু সেই প্ৰশ্নবোৰৰ পৰা যিমান পাৰে আঁতৰি থাকিব বিচাৰিছিল নয়না ।
অৰ্ণৱ ও ব্যস্ত হৈ পৰিছিল সংস্থাপনৰ বাবে । যিমান পাৰে কষ্ট কৰিছিল সি চাকৰি এটা বিচাৰি । সময়বোৰ অথলে যাব দিব নোৱাৰি কোনোমতে….তাৰ লগতে নয়নাৰ জীৱনৰ সপোনবোৰ ও যে সাঙোৰ খাই পৰিছে ।
আৰু নয়না…. উদাস , হতাশ মন এটা লৈ ঘৰতে বহি আছিল । দেউতাকে বিচাৰিছিল তাই কিবা এটা কৰাতো । ইমানবোৰ লিখা পঢ়া কৰি এনেই বহি থকাটোত অসন্তুষ্ট হৈছিল তেওঁ । জোৰ দিছিল তাইক ইন্টাৰভিউ বোৰ এটেণ্ড কৰিব । তাই ঘৰৰ পৰা ওলাই যাবই বিচৰা নাছিল কোনোপধ্যে.. । প্ৰতি দিনে প্ৰতি মুহূৰ্ত্বত তাই মাথোঁ অৰ্ণৱ আৰু তাইৰ সমম্বন্ধৰ বিষয়ে কি দৰে ঘৰত জনাব পাৰে তাৰে চিন্তাত আছিল । আৰু প্ৰতি পুৱা গোঁসাই ঘৰৰ পৰা গায়ত্ৰী মন্ত্ৰ জপ কৰি ওলাই অহা দেউতাকৰ কপালত আঁকি লোৱা চন্দনৰ ফোঁটতো আৰু লগুন ডালে সেই প্ৰচেষ্ঠাত চেঁচা পানী ঢালিব ধৰিলে ..। অৰ্ণৱ যে ব্ৰাহ্মণ নহয় । কি হ’ব ..? অৰ্ণৱক কেতিয়াও নিজৰ কৰিব নোৱাৰিব নেকি তাই …??
অৰ্ণৱে প্ৰতিটো খবৰ মেছেজৰ জৰিয়তে দি থাকিল নয়নাক । কিন্তু কেতিয়াবা হা না এটাৰ বাদে বিশেষ একো উত্তৰ নাপালে সি নয়নাৰ পৰা । খং উঠিল তাৰ .. । মূৰৰ ওপৰত কিবা এটা কৰি নিজকে তাইৰ যোগ্য কৰাৰ বোজা আৰু আনহাতে তাইৰ পৰা বিচৰা ধৰণে সঁহাৰি নাপাই খঙাল হৈ পৰিছিল সি । কিয় কৰে তাই এনেকুৱা …? ঘৰখনত সোমালে সম্পূৰ্ণ সলনি হৈ যায় কিয় ,সি নহলে উশাহটো ও যেন নল’ব বুলি কোৱা নয়না..??
অভিমানে তাকো আঁতৰাই ৰাখিব ধৰিলে নয়নাৰ পৰা । ৪মাহ ওকলি গ’ল ইতিমধ্যে । একেখন ঠাইতে থাকিও ৪ মাহে সিহঁতৰ মাজত কোনো ধৰণৰ যোগাযোগ নহ’ল । অৰ্ণৱ বলিয়া হৈ পৰিছিল । ইমান নিষ্ঠুৰ নে তাৰ নয়না .. কি দৰে পাৰিছে এনেকৈ আঁতৰি থাকিব… । সমানে কিছুমান ঋণাত্মক চিন্তা ও আহিব ধৰিলে তাৰ মনলৈ । ঘৰত তাইৰ বিয়াৰ কথা চিন্তা কৰা নাইতো ..!! নে ইমান দিনে নয়নাই ভালপোৱাৰ খেল এখন হে খেলিলে তাৰ লগত ..? যিয়েই নহওঁক, অৱশেষত সি যিকোনো প্ৰকাৰে তাইক এবাৰ লগ কৰাৰ কথা ভাবিলে ।
অৰ্ণৱৰ বহুত দাবী ধমকিৰ মূৰত নয়না মান্তি হ’ল তাক লগ কৰিবলৈ ।
চহৰৰ পৰা আঁতৰৰ এখন সৰু ৰেষ্টুৰেণ্টত লগ হ’ল দুয়ো । অৰ্ণৱে কেতিয়াও ভবা নাছিল সেইয়া সিহঁতৰ শেষ দেখা হ’ব । সেইদিনাই জীৱনৰ আটাইতকৈ কঠিনতম সিদ্ধান্তটোৰ বিষয়ে জনাই দিলে নয়নাই তাক । অৰ্ণৱৰ লগত বিয়াত বহিব কোনোমতে নোৱাৰে তাই । এজন ইঞ্জিনীয়াৰৰ লগত ইতিমধ্যে তাইৰ বিয়া ঠিক হৈছে ।
মূৰৰ ওপৰৰ আকাশ খন যেন হঠাৎ খহি পৰিল .. নয়নাৰ কথা কেইটাই কাঁইটে বিন্ধা দি বিন্ধিলে অৰ্ণৱৰ বুকুখনত….।
……… কি কৈছ’ তই নয়না । পাগল হৈ গলি নেকি ? কি প্ৰলাপ বকিছ । মোৰ ধৈৰ্যৰ পৰীক্ষা নলবি প্লিজ .. বহুত জ্বলাইছ তই মোক ইমান দিনে আৰু নোৱাৰো সহিব মই । তোৰ মোৰ মাজত কি আছিল তেতিয়াহলে সেইবোৰ ..? পাহৰি গলি যে …!! তই বেলেগৰ লগত বিয়াত বহাৰ কথা কৈছ’ .. ??
…….. অ’ কৈছো মই । কাৰণ তোলৈ মোক বিয়া নিদিয়ে । ইমান দিনে তই চাকৰি এটা গোটাব নোৱাৰিলি । কেতিয়ালৈ কি কৰিব পাৰ’ তাৰো ঠিক নাই । এনেই তোৰ মোৰ মাজত কাষ্টৰ প্ৰব্লেম … কিহৰ ভিত্তিত মই তোৰ কথা কওঁ ঘৰত ।
…….. ইমান নিষ্ঠুৰ নহ’বি অ’ । মই যত্ন কৰি আছো । চাকৰি এটা পকা কল নহয় যে কোনোবাই হাততে দি যাব ।এই জটিল সময়খিনিত মোক এইবোৰ কৈ পাগল নবনাবি তই । প্ৰাইভেট স্কুল বা কলেজ এখনত মই আজিয়েই সোমাব পাৰো ।কিন্ত্ত তোৰ মোৰ ভৱিষ্যতৰ চিন্তা কৰিয়েই মই চৰকাৰী চাকৰি এটাৰ পিছত ঘূৰি ফুৰিছো । তোৰ বিশ্বাস এইদৰে হেৰাই গল নে ..?
…….. নোৱাৰো মই তোৰ কিবা এটা হোৱালৈ ৰৈ থাকিব । দেউতাৰ বয়স হৈ আহিছে । উপযুক্ত ল’ৰাৰ খবৰ আহিছে । মই না ক’ব নোৱাৰো । দেউতা মাক আঘাত দিব নোৱাৰো মই অৰ্ণৱ । তই ব্ৰাহ্মণ হোৱা হ’লেও কিবা এটা বাহানা দেখালো হয় । এতিয়া সম্ভৱ নহয় এইবোৰ । মই ঘৰ খনক তোৰ বাবে বাদনামী কৰিব নোৱাৰো … পাহৰি যা তই সকলো ।
……. পাহৰি যাম… ?? ইমান সহজে কৈ দিলি তই…। আৰে তই মই মানসিক আৰু শাৰীৰিক দুই ভাবে এক হৈ আছো নয়না । পাৰিবি ইয়াৰ পিছত ও বেলেগ কাৰোবাক মৰম দিব ? মোক আৰু অলপ সময় দে প্লিজ… মই যাম তোৰ ঘৰলৈ । দেউতাক কম তোৰ মোৰ সম্বন্ধৰ বিষয়ে ।
….. পাৰিম । মই সিদ্ধান্ত লৈ লৈছো অৰ্ণৱ। তোৰ লগত যি হ’ল ভুল হ’ল সকলো । ভুল কৰিলো মই ….আৰু তাৰ বাবে পস্তাইছো আজি । তোক যদি কেতিয়াবা কষ্ট দিলোঁ, দুখ দিলো ….মোক মাফ কৰি দিবি প্লিজ..। আজিৰ পৰা তই মই সকলো বান্ধোনৰ পৰা মুক্ত ।
পিন্ধি থকা আঙুঠিটো খুলি নয়নাই অৰ্ণৱৰ সন্মুখত থৈ যাবলৈ ওলাল । হঠাৎ অৰ্ণৱৰ কানতলীয়া চৰ এটাই থতমত খোৱাই দিলে নয়নাক ।
…….. তই ভালপোৱাৰ যোগ্যই নহয় আচলতে। তই এজনী বেশ্যা । আজি মোৰ লগত শুলি.. কাইলৈ বেলেগৰ বিচনা গৰম কৰিবি । তোক চিনাত ভুল হ’ল মোৰ । যা .. ময়ো এদিন নিজকে সমাজত প্ৰতিষ্ঠা কৰিম আৰু তোতকৈ হাজাৰ গুণে ভাল ছোৱালী বিয়া কৰি দেখাম । যি খিনি দুখ দি আজি মোক তই এৰি যাব ওলাইছ ,তাৰ বিচাৰ নেদেখা জনে কৰিব ।
খঙত হিতাহিত জ্ঞান হেৰুৱাই হুকহুকাই কান্দি উঠিল অৰ্ণৱ ।
ওলাই অহা কান্দোনবোৰ যেনেতেনে চেপি ধৰি আঁতৰি আহিল নয়না অৰ্ণৱৰ কাষৰ পৰা … চিৰদিনলৈ । তাক দুখ দি আঁতৰি অহাৰ বাদে বেলেগ একো উপায় নাছিল তাইৰ । মাকৰ জীৱন তাইৰ সিদ্ধান্তৰ ওপৰত টিকি আছিল । অৰ্ণৱৰ কথা এদিন মাকক জনাওঁতে মাকে তাইক শপত দিয়াইছিল তাক পাহৰি যাবলৈ । দেউতাকৰ মৃত্যুৰ কাৰণ তাই হ’লে মাকৰ ও মৰা মুখ দেখাৰ ভাবুকি দিছিল । তাই সেইবাবে দুখবোৰ নিজেই ল’বলৈকে সিদ্ধান্ত লৈছিল ….মাথোঁ মাকৰ সন্মুখত চৰ্ত ৰাখিছিল কোনোদিন যাতে ঘৰত তাইৰ বিয়াৰ কথা নোলাই । দেহে মনে আজীৱন অৰ্ণৱৰেই হৈ থাকিব তাই । অৰ্ণৱৰ স্পৰ্শৰ মধুৰতাৰে গোটেই জীৱন কটাই দিব তাই .. ।
কেইমাহ মানৰ ভিতৰতে অৰ্ণৱৰ চাকৰি হৈছিল ভাৰতীয় ষ্টেট বেংকত । পষ্টিং সি ডিব্ৰুগড়ত লৈছিল ,যাতে নয়নাৰ মুখা মুখি হ’ব লগা নহয় কোনোদিন আৰু সোনকালেই ঘৰে দেখুৱাই দিয়া ধুনীয়া ছোৱালী এজনীক সি পত্নী হিচাপে আদৰি লৈছিল । অৰ্ণৱৰ সুখত সুখী হৈছিল তাই । সি জীৱনত আগুৱাই যোৱাত অন্তৰ খনে সকাহ পাইছিল কিছু পৰিমানে । অৰ্ণৱে নয়নাৰ কোনো খবৰেই ৰখা নাছিল । তাই কৰা চূড়ান্ত অপমান সহিব নোৱাৰিলে সি ।
নয়না অকলশৰীয়া হৈ পৰিছিল । এবছৰৰ ভিতৰতে অগা পিছাকৈ তাইৰ মাক দেউতাক দুয়ো তাইক এৰি স্বৰ্গগামী হৈছিল । সকলো ঘটনা, দুৰ্ঘটনা পাহৰি থাকিবলৈকে স্থানীয় কলেজ এখনত সোমাই তাই নিজকে ব্যস্ত কৰি ৰাখিব যত্ন কৰিলে । সময়বোৰ যেন স্তব্ধ হৈ গ’ল তেতিয়াই । সপোন ভঙাৰ দুখ আৰু অৰ্ণৱ হীনতা দিনবোৰে বুকুখনত গধুৰ বোজা এটা দি গ’ল নয়নাক ।
দিনটো যেনেতেনে পাৰ হয় তাইৰ, কিন্তু সন্ধ্যা লাগিলেই ঘৰখনলৈ নামি আহে ভয়ানক নীৰৱতা । নয়নাই বিচাৰি ফুৰে অতীত আৰু বৰ্তমানৰ সমন্বয়হীনতাৰ উহঁটোক। ক’ৰ পৰা কি হৈ গ’ল বুজি ল’বলৈ অৱকাশেই যেন নাছিল ।কেতিয়াবা ল’ৰালিৰ নিৰ্দোষ ধেমালিবোৰৰ মাজত খেপিয়াই চাব খোজে নিয়তিৰ নিষ্ঠুৰ পৰিকল্পনাবোৰক । অসহায় লাগে, বিচাৰি নাপাই কোনো যোগসূত্ৰ..।
কথাবোৰ ভাবি ভাবি উঠি আহিল তাই ভিতৰলৈ । বাহিৰত কিনকিন কৈ এজাক বৰষুণ পৰিছিল । আৱতৰিয়া বৰষুণ জাকে তিয়াই গ’ল তাইৰ অনুভৱবোৰক । অৰ্ণৱ তাইৰ লগত নাথাকিলেও প্ৰতি পল , প্ৰতি নিয়ত তাইৰ মনত আছে .. । সেই বিশ্বাস আৰু সেই সান্তনাই নয়না আজি জীয়াই থকাৰ মূল প্ৰেৰণা.. ।
বিচনাখনত পৰি অৰ্ণৱক ভাবিব মন গ’ল নয়নাৰ । স্মৃতিবোৰ খুচৰি চাবলৈকে ভলিউমটো কমাই লগাই ল’লে তাই লতা মংগেশকাৰৰ গান এটা …..
वो शाम कुछ अजीब थी,
ये शाम भी अजीब है
वो कल भी पास पास थी,
वो आज भी करीब है…..
——————–
(সমাপ্ত)








