বিষন্নতা..💔




কানিমুনি সন্ধ্যাৰ সময় … । গোঁসাই ঘৰত চাকি গচ জ্বলাই , মুকলি বতাহত অলপ বহো বুলি আগফালৰ বাৰাণ্ডা খনলৈ ওলাই আহিল নয়না । লাইটটো অফ কৰি আৰামী চকী খনত গাটো এৰি দিলে তাই । দিনটোৰ কৰ্মব্যস্ততাৰ পিছত ঘৰমুৱা হৈছে মানুহবোৰ , আপোন ঘৰখনলৈ …। সন্মুখৰ ৰাস্তাইদি অহা-যোৱা কৰা বিভিন্ন জনলৈ চাই চাই নিজকে বৰ অকলশৰীয়া অনুভব কৰিলে তাই ।
এই অকলশৰীয়া জীৱনটোক আচলতে নয়নাই নিজেই আমন্ত্ৰণ দি আনিছে …। অভিযোগ দিব , নাইবা কাৰোবাক দোষাৰোপ কৰিব… এই অধিকাৰবোৰ ও তাই নিজেই কাঢ়ি ল’লে নিজৰ পৰা ।
দুচকু তিয়াই অজানিতে বুকুৰ বিষ এটা বাগৰি আহিল তাইৰ দুগালেদি । বৈ যাব দিলে তাই বুকুখনক হেঁচি ৰখা দুখবোৰ… । কেতিয়াবা এই অসহনীয় বিষটোয়ে কোঙা কৰি পেলাব বিচাৰে তাইক …।

হঠাৎ গেটৰ সন্মুখতে গাড়ীৰ হৰ্নৰ শব্দত মুৰ তুলি চাওঁতে জলক তবক চকুৰে অৰ্ণৱৰ গাড়ীখন দেখা পালে নয়নাই । জুমি চাই গাড়ীখনৰ ভিতৰত কোন আছে অনুমান কৰিব যত্ন কৰিলে তাই । আন্ধাৰ হোৱাৰ বাবে একো মনিব নোৱাৰিলে চকুৰ পানীৰে ভিজি থকা তাইৰ দুচকুৱে। হয়তো পত্নী পুত্ৰক লৈ ঘৰলৈ আহিছে সি… ।
দহ বছৰ পাৰ হৈ গ’ল… অৰ্ণৱক তাই দেখা নাই । সেই যে বিয়াৰ দিনা দৰাৰ সাজেৰে পদূলিৰ আগেদি যোৱা অৰ্ণৱক সজল চকুৰে খিৰিকী দি জুমি জুমি চাইছিল , তাৰ পিছৰ পৰা অৰ্ণৱৰ পৰা পলাই ফুৰিছিল নয়না । আৰু অৰ্ণৱ…. !?
সি বাৰু বিচাৰে নেকি কেতিয়াবা নায়নাক এবাৰ চাবলৈ… নে নায়নাক তাৰ জীৱনৰ পৃষ্ঠাবোৰৰ পৰা মোহাৰি আঁতৰাই পেলালে সি চিৰদিনলৈ ..??

যোগ্য তাই… অৰ্ণৱৰ সিমানখিনি অৱজ্ঞাৰে যোগ্য তাই । বহুত যত্ন কৰিছিল নয়নাক সি নিজৰ কৰি ল’বলৈ । কিন্তু তাই নোৱাৰিলে অৰ্ণৱৰ অনুভূতিবোৰৰ মৰ্য্যদা ৰাখিব …নুবুজিলে তাৰ কান্দোনবোৰক … । সেইয়াই প্ৰেম আছিল তাইৰ অৰ্ণৱৰ প্ৰতি.. ?? কেনেকুৱা প্ৰেম আছিল সেইয়া… ?? এটা সময়ত অৰ্ণৱক অনবৰতে ওচৰত বিচাৰি থকা নয়নাই কিয় সাহস গোটাব নোৱাৰিলে জীৱনৰ বাবে তাইক ওচৰতে ৰখাৰ সুযোগ দিয়া অৰ্ণৱক আপোন কৰি লবলৈ ??

একেলগে ডাঙৰ হৈছে নয়না আৰু অৰ্ণৱ । একেলগে খেলা ধুলা কৰিছে, একেলগে পঢ়া শুনা কৰিছে .. ।অপৈনত বয়সৰ কোমল মনৰ সিহঁতৰ মৰম ধেমালিবোৰ সিহঁত বুজন হোৱাত লাহে লাহে ঢাল খাইছিল এক অনামি আকৰ্ষণলৈ …। সময়ৰ লগে লগে সিহঁতে বুজি পাইছিল সেই আকৰ্ষণ আচলতে ভালপোৱা…. ইজনৰ সিজনৰ প্ৰতি প্ৰেম ।

…….ঐ তোৰ বাবে প্ৰেমৰ সংজ্ঞা কি অ’ ?
এদিন কথাৰ মাজতে সুধিছিল নয়নাই অৰ্ণৱক ।

….. কিয় ? আজি দেখোন তোৰ প্ৰেমৰ কথা জানিব মন গ’ল !

….. সুধিছো .. ক’চোন ।

অলপ সময় ভাবি উত্তৰ দিছিল অৰ্ণৱে..
…… মোৰ বাবে প্ৰেম পৰিতৃপ্তি…, মানসিক শান্তি । অনবৰতে হৃদয়ত বাজি থকা এটি মিঠা সঙ্গীত । যিয়েই… যেনেকুৱা পিৰিস্থিতিয়েই নাহে জীৱনত…নিজকে সন্তুলন কৰি ৰাখিবলৈ উদ্যম দিয়ে । প্ৰেম এটি উশাহ… প্ৰাণ খুলি জীয়াই থাকিব পৰা এটি প্ৰেৰণা ।এটি আবেগ…. ভাল লগাৰ অবৰ্ণনীয় অনুভূতি… । বাৰু … কিয় সুধিলি ক’চোন ।

…….. অৰ্ণৱ, আজিকালি দেখোন মোৰ খুব ভাল লগা হৈ থকা হৈছে দিনবোৰ জান’… ? এটা নতুন অনুভৱে চুই গৈছে মোৰ মন , হৃদয়ে অহৰহ গুণগুণাই থকা হৈছে এটি মিঠা গান । মই চাগৈ প্ৰেমত পৰিছো অৰ্ণৱ .. মই প্ৰেমত পৰিছো তোৰ !!

অৰ্ণৱে মনতে ৰখা কথাবোৰ নয়নাই কৈ দিছিল তাৰ চকুত চকু থৈ । এটি ভাললগা সপোনৰ দৰে মাথোঁ প্ৰাণ ভৰি চাই ৰৈছিল নয়নাৰ দুচকুত অৰ্ণৱে নিজকে । উফ,,কি যে প্ৰশান্তি… !! ইমান সুখ থাকে নে ভালপোৱাত ? বুকু খন ভৰি পৰিছিল তাৰ… নয়নাৰ মৰমেৰে ।
অনুভৱবোৰ খুলি কোৱাৰ পিছতহে ভয় হৈছিল সিহঁত দুয়োৰে আগৰ দৰে মিলা মিছা কৰিবলৈ । কিজানি কোনোবাই পঢ়িয়েই পেলাই দুচকুৰ ভাষাবোৰ … । আঁতৰি আহিব লগা হয় দুয়ো দুয়োৰে পৰা …আৰু এইদৰে ভবাৰ মূলতে হ’ল বৰ্ণ বৈষম্যৰ প্ৰাচীৰ খন … । সিহঁতে জানিছিল ব্ৰাহ্মণ নয়নাৰ, কলিতা সম্প্ৰদায়ৰ অৰ্ণৱৰ লগত হোৱা প্ৰেমক সমাজে নালাগে নয়নাৰ দেউতাকেও কোনোদিন স্বীকৃৰ্তি নিদিয়ে । কিন্তু ভাল পাইছে সিহঁতে … কিমান ভাল পাইছে সেইটো অকল সিহঁতেহে বুজিছে ।

লুকাই চুৰকৈ প্ৰেমৰ বিনিময় হব ধৰিলে দুয়োৰে মাজত.. সপোন কিছুমানে বগুৱা বাই মন মগজুত বাহৰ পাতিব ধৰিলে দুয়োৰে.. । তেনেকৈয়ে কলেজীয়া শিক্ষা শেষ কৰি এদিন উচ্চ শিক্ষাৰ বাবে ৰাওনা হ’ল অৰ্ণৱ আৰু নয়না ইউনিভাৰ্চিটিলৈ বুলি । দুয়ো একেলগে প্ৰথম বাৰৰ বাবে ঘৰ এৰি আঁতৰত পঢ়িব যোৱাৰ বাবে মাক দেউতাকে চিন্তা কৰিছিল। তথাপিও ইটো সিটোৰ লগ হ’ব বুলি আশ্বস্ত হৈছিল দুয়োখন ঘৰ ।
ঘৰৰ পৰা আঁতৰি যোৱাৰ পিছত ঘনিষ্ঠতা বাঢ়ি আহিব ধৰিলে দুয়োৰে মাজত । সময়বোৰ কেৱল সিহঁতৰ হ’ল । কাৰণ একোৰে বাধা নাছিল তেতিয়া দুয়োৰে মাজত । ক্লাছ কৰা, ফুৰা, প্ৰেম কৰা …. চাৰিওফালে কেৱল মৰমে বেৰি ৰখা এটা পৰিবেশ । অনবৰতে ওচৰত বিচাৰি থকা হ’ল নয়নাই অৰ্ণৱক । সি কেতিয়াবা লগৰ ল’ৰাৰ লগত ব্যস্ত থাকিলেও অভিমান কৰিছিল তাই .. । প্ৰতি মুহূৰ্ততে তাৰ সান্নিধ্যৰ বাবে বাউলি হৈ পৰিছিল তাই ।
কিন্তু তাৰ বিপৰীতে বন্ধত যেতিয়া ঘৰলৈ আহে দুয়ো… এসপ্তাহ ও যদি থাকে … অৰ্ণৱৰ পৰা সম্পূর্ণ আঁতৰি থাকিছিল নয়না । ফোন, মেছেজ একোয়েই নকৰিছিল । তাকো মানা কৰিছিল কৰিবলৈ । সি বুজিছিল কথাবোৰ .. জানিছিল যে ভয় কৰে নয়নাই ঘৰৰ মানুহখিনিলৈ … ভয় কৰে মাক দেউতাকক অৰ্ণৱৰ কথাবোৰ জনাবলৈ । ভাঙি যায় যদি সপোনবোৰ … !
সমন্ধ এটা যিহেতু গঢ় লৈ উঠিছে, সেই সম্বন্ধটোক ভালদৰে ৰখাত তাৰো দায়িত্ব আছে । গতিকে খেলি মেলিবোৰক ইমান সোনকালে আহ্বান জনাব মন নাছিল অৰ্ণৱৰ । সময়ৰ হাততে এৰি দিছিল সি সকলোবোৰ । এটা হেঁপাহ জীয়াই ৰাখিছিল মাথোন … এদিন নায়নাৰ উকা সেউতা ,তাৰ ভালপোৱাৰ ৰঙেৰে ৰাঙলী কৰিব , নয়না সেইদিনা সকলো প্ৰাচীৰ ভাঙি তাৰ হ’ব ।


” ৰং দিয়া মৰম,
ৰং ভালপোৱা
সজাও ৰামধেনু….”

ইউনিভাৰ্চিটিৰ মায়াময় পৰিবেশত ব’য়জ হোষ্টেলৰ অৰ্ণৱৰ ৰুমত নয়নাৰ হাতখন খামুচি ধৰি কাণৰ কাষত গুণগুণাব ধৰিলে অৰ্ণৱে তাৰ প্রিয় গীত ফাঁকি । দুদিনমান পিছতেই স্মৃতি হৈ পৰিব এই দিনবোৰ । শেষ চেমিষ্টাৰৰ পৰীক্ষা দি ঘৰমুৱা হ’ব লাগিব দুয়ো । অৰ্ণৱৰ মূৰৰ ওপৰত গধুৰ দায়িত্ব আহি পৰিব । সি প্রথমে নিজকে প্ৰতিষ্ঠা কৰিব লাগিব নয়নাৰ দায়িত্ব ল’ব পৰাকৈ । নয়নাৰ ঘৰৰ মানুহখিনিক সন্মত কৰাব লাগিব , তাইৰ যোগ্য হৈ…। আবেগিক হৈ পৰিল অৰ্ণৱ । এটা ভয়ে অজানিতে কঁপাই গ’ল তাক । সময়ে বা কি ৰঙ দেখুৱাই ,, কি বা লিখি ৰাখিছে বিধাতাই তাৰ কপালত… !!
সমানে চিন্তিত হ’ল নয়নাও । অৰ্ণৱৰ ওপৰত তাইৰ অগাধ বিশ্বাস আছে । বিশ্বাস নাই… নিজৰ ওপৰত । তাই কি দৰে পাতনি মেলিব সিহঁতৰ সমন্ধৰ বিষয়ে ঘৰত .. !! দেউতাক মাকক কেনেকৈ ক’ব .. তাই যে অৰ্ণৱৰ হ’বলৈ সংকল্পবদ্ধ ।

……. আমাৰ সপোনবোৰ আধৰুৱা হৈ ৰব নেকি অৰ্ণৱ ? মোৰ খুব ভয় লাগিছে অ’…। যিমানে ঘৰলৈ উভটাৰ দিন আহিছে ,এনে লাগিছে মই যেন লাহে লাহে আঁতৰি যাব ধৰিছো তোৰ পৰা ।

……. কিয় তেনেকৈ ভাবিছ’ নয়না । তই সদায়েই মোৰ । অলপ বাধা আছে সমাজৰ । কিন্তু সেই বাধা আঁতৰাম আমি দুয়ো মিলি একেলগে । তই মোক সাহস দিবি মাত্ৰ .. ভাঙি পৰিব নিদিবি এইবোৰ কৈ । তোৰ অবিহনে মই নিজকে ভাবি চাবলৈও ভয় কৰো অ’ ।

ভাললগা স্মৃতিবোৰ সোণোৱালী কৰি ৰাখিবলৈ সেইদিনা আবেলি ক্লাছৰ অন্তত অৰ্ণৱে তাৰ ৰুমত নয়নাৰ বাবে এটা সৰু পাৰ্টীৰ আয়োজন কৰিছিল । সিহঁতৰ অন্তৰংগ বন্ধু বান্ধৱী দুজনমানক ও নিমন্ত্ৰণ জনাইছিল অৰ্ণৱে । হাঁহি ফুৰ্তিৰে সময় কিছুমান পাৰ কৰি নয়না আৰু অৰ্ণৱৰ সম্বন্ধক স্থায়ি কৰাৰ বাবে শুভকামনা জনাই বন্ধু সকল ৰাওনা হৈছিল সিহঁতক এৰি ।
অৰ্ণৱ ওচৰ চাপি বহি লৈছিল নয়নাৰ… । সেইদিনা নয়নাই হালধীয়া চেলোৱাৰ কামিজ এযোৰ পিন্ধিছিল .. আৰু তাৰ লগত মিলাই এখন বহুৰঙী দুপাত্তা । ধুনীয়া দেখাইছিল তাইক ।হেঁপাহ পলুৱাই চাই আছিল অৰ্ণৱে তাৰ প্ৰেমিকাক আৰু আৱেগেৰে সাৱটি ধৰি তাইৰ কপালত চুমা এটা দি টেবুলৰ ড্ৰয়াৰৰ পৰা এটা আঙুঠি উলিয়াই আনিছিল ।

…….. মই আমাৰ প্ৰেমক এটা বান্ধোনৰে বান্ধিব বিচাৰিছো নয়না । মই জানো তইয়ো আপত্তি নকৰ’ । এই বান্ধোনৰ দ্বাৰা আজীৱন মই তোৰ হৈ থকাৰ প্ৰতিশ্ৰুতি দিলো । তোৰ শিৰত সেন্দুৰ দি মই সকলোৰে সন্মুখত তোক পত্নীৰ মৰ্য্যদা দিম , কিন্তু এই আঙুঠিটো পিন্ধাই মোৰ হৃদয়ৰ সমস্ত অনুভূতি আজিৰ পৰা তোৰ নামত উচৰ্গা কৰিব বিচাৰো । এক হৈ যাব দিওঁ আহ আজি … তোৰ মোৰ মন দুটা… চিৰদিনৰ বাবে ।

তাইৰ বাওঁহাতৰ অনামিকা আঙুলিত আঙুঠিটো পিন্ধাই দিছিল সি ।
স্তব্ধ হৈ পৰিছিল নয়না.. । হৃদয় খন যেতিয়া ভৰি পৰে, শব্দবোৰ হেনো কৰবাত থমকি ৰয়… । নয়নাৰ শব্দবোৰ ও সেই মুহূৰ্তত হেৰাই গ’ল কেনিবা । সকলো পাহৰি অৰ্ণৱক মৰমেৰে উপচাই দিব মন গ’ল তাইৰ । চঞ্চল হৈ পৰিল দুয়োৰে মন দুটা । সেই একান্ত সময়খিনিত ইমান দিনে সংযত হৈ থকা নয়না আৰু অৰ্ণৱে অজানিতে চূড়ান্ত ভুল এটা কৰি পেলালে । শাৰীৰিক অকুলতাক বাধা দিব নোৱাৰিলে সিহঁতে । একাত্ম হৈ পৰিল দুটা মনৰ লগতে দুটা শাৰীৰ … । ভালপোৱাত বিলীন হৈ গ’ল নয়না আৰু অৰ্ণৱ ।
সম্বিত ঘূৰি অহাত অৰ্ণৱৰ বুকুতে উচুপি উঠিল নয়না । কি হ’ল এইয়া .. !! সিহঁতে যে কোনোদিন এনে ভুল কৰিব বুলি কল্পনা ও কৰা নাছিল । কিয় বাধা দিব নোৱাৰিলে নিজকে …?
নয়নাৰ মনটো পঢ়ি অৰ্ণৱৰ ও বেয়া লাগিল । কিন্তু সি সেইয়া ভুল হ’ল বুলি মানি ল’ব নিবিচাৰিলে । নয়নাৰ মুখখন দুই হাতেৰে উঠাই বুজাইছিল অৰ্ণৱে সেইদিনা ..

……. প্ৰেমত শাৰীৰিক সম্পৰ্ক থাকিব পাৰে নয়না । মানসিক তৃপ্তিৰ দৰে সেইয়াও পৰিতৃপ্তি … দৈহিক । এক স্বতঃস্ফূৰ্ত পৰিঘটনা এইয়া । সকলোৰে লগত জানো শাৰীৰিক সম্পৰ্ক সম্ভৱ ?? প্লেন কৰি জানো হ’ব পাৰে সেই সম্পৰ্ক , যদি হৃদয়ে অনুমতি নিদিয়ে । দুখ নকৰিবি.. ভুল হোৱা নাই আমাৰ । তই কান্দি থাকিলে মোৰ নিজকে দোষী যেন অনুভৱ হ’ব এতিয়া …। এই সময়খিনি ভাল লগা কৰি সাঁচি থও আহ .. । ভুল বা পাপৰ আখ্যা নিদিবি তোৰ মোৰ এই নিবিড় মুহূৰ্ত্ববোৰক । মই সুখী নয়না । তোক একান্ত ভাবে পাই মই আজি পৰিপূৰ্ণ । তই জানো মোৰ নহয় .. !! আগলৈ ও তো মোৰেই হ’বি ।

সেই দিনটোৰ প্ৰতিটো কথা, প্ৰতিটো অনুভূতি … আজিও সজীৱ হৈ আছে নয়নাৰ মনত । বহুত দিন প্ৰয়োজন হৈছিল তাইৰ কথাবোৰ সহজ ভাবে ল’বলৈ.. লাহে লাহে অৰ্ণৱৰ বুজনি আৰু ভালপোৱাৰ বিশ্বাসে সহজ কৰি পেলাইছিল তাইক । আৰু ক্ৰমান্বয়ে গভীৰতা বোৰ বাঢ়ি আহিছিল …অনুভৱৰ … ।

কিন্তু ঘৰলৈ আহি মাক দেউতাকৰ ওচৰত এটা অপৰাধবোধে দহিব ধৰিছিল নয়নাক । কাৰো চকুলৈ চাবলৈ সাহস হোৱা নাছিল তাইৰ । আচলতে কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰস্তুত নহব তাই কোনোদিন … আৰু সেই প্ৰশ্নবোৰৰ পৰা যিমান পাৰে আঁতৰি থাকিব বিচাৰিছিল নয়না ।
অৰ্ণৱ ও ব্যস্ত হৈ পৰিছিল সংস্থাপনৰ বাবে । যিমান পাৰে কষ্ট কৰিছিল সি চাকৰি এটা বিচাৰি । সময়বোৰ অথলে যাব দিব নোৱাৰি কোনোমতে….তাৰ লগতে নয়নাৰ জীৱনৰ সপোনবোৰ ও যে সাঙোৰ খাই পৰিছে ।

আৰু নয়না…. উদাস , হতাশ মন এটা লৈ ঘৰতে বহি আছিল । দেউতাকে বিচাৰিছিল তাই কিবা এটা কৰাতো । ইমানবোৰ লিখা পঢ়া কৰি এনেই বহি থকাটোত অসন্তুষ্ট হৈছিল তেওঁ । জোৰ দিছিল তাইক ইন্টাৰভিউ বোৰ এটেণ্ড কৰিব । তাই ঘৰৰ পৰা ওলাই যাবই বিচৰা নাছিল কোনোপধ্যে.. । প্ৰতি দিনে প্ৰতি মুহূৰ্ত্বত তাই মাথোঁ অৰ্ণৱ আৰু তাইৰ সমম্বন্ধৰ বিষয়ে কি দৰে ঘৰত জনাব পাৰে তাৰে চিন্তাত আছিল । আৰু প্ৰতি পুৱা গোঁসাই ঘৰৰ পৰা গায়ত্ৰী মন্ত্ৰ জপ কৰি ওলাই অহা দেউতাকৰ কপালত আঁকি লোৱা চন্দনৰ ফোঁটতো আৰু লগুন ডালে সেই প্ৰচেষ্ঠাত চেঁচা পানী ঢালিব ধৰিলে ..। অৰ্ণৱ যে ব্ৰাহ্মণ নহয় । কি হ’ব ..? অৰ্ণৱক কেতিয়াও নিজৰ কৰিব নোৱাৰিব নেকি তাই …??

অৰ্ণৱে প্ৰতিটো খবৰ মেছেজৰ জৰিয়তে দি থাকিল নয়নাক । কিন্তু কেতিয়াবা হা না এটাৰ বাদে বিশেষ একো উত্তৰ নাপালে সি নয়নাৰ পৰা । খং উঠিল তাৰ .. । মূৰৰ ওপৰত কিবা এটা কৰি নিজকে তাইৰ যোগ্য কৰাৰ বোজা আৰু আনহাতে তাইৰ পৰা বিচৰা ধৰণে সঁহাৰি নাপাই খঙাল হৈ পৰিছিল সি । কিয় কৰে তাই এনেকুৱা …? ঘৰখনত সোমালে সম্পূৰ্ণ সলনি হৈ যায় কিয় ,সি নহলে উশাহটো ও যেন নল’ব বুলি কোৱা নয়না..??
অভিমানে তাকো আঁতৰাই ৰাখিব ধৰিলে নয়নাৰ পৰা । ৪মাহ ওকলি গ’ল ইতিমধ্যে । একেখন ঠাইতে থাকিও ৪ মাহে সিহঁতৰ মাজত কোনো ধৰণৰ যোগাযোগ নহ’ল । অৰ্ণৱ বলিয়া হৈ পৰিছিল । ইমান নিষ্ঠুৰ নে তাৰ নয়না .. কি দৰে পাৰিছে এনেকৈ আঁতৰি থাকিব… । সমানে কিছুমান ঋণাত্মক চিন্তা ও আহিব ধৰিলে তাৰ মনলৈ । ঘৰত তাইৰ বিয়াৰ কথা চিন্তা কৰা নাইতো ..!! নে ইমান দিনে নয়নাই ভালপোৱাৰ খেল এখন হে খেলিলে তাৰ লগত ..? যিয়েই নহওঁক, অৱশেষত সি যিকোনো প্ৰকাৰে তাইক এবাৰ লগ কৰাৰ কথা ভাবিলে ।
অৰ্ণৱৰ বহুত দাবী ধমকিৰ মূৰত নয়না মান্তি হ’ল তাক লগ কৰিবলৈ ।
চহৰৰ পৰা আঁতৰৰ এখন সৰু ৰেষ্টুৰেণ্টত লগ হ’ল দুয়ো । অৰ্ণৱে কেতিয়াও ভবা নাছিল সেইয়া সিহঁতৰ শেষ দেখা হ’ব । সেইদিনাই জীৱনৰ আটাইতকৈ কঠিনতম সিদ্ধান্তটোৰ বিষয়ে জনাই দিলে নয়নাই তাক । অৰ্ণৱৰ লগত বিয়াত বহিব কোনোমতে নোৱাৰে তাই । এজন ইঞ্জিনীয়াৰৰ লগত ইতিমধ্যে তাইৰ বিয়া ঠিক হৈছে ।
মূৰৰ ওপৰৰ আকাশ খন যেন হঠাৎ খহি পৰিল .. নয়নাৰ কথা কেইটাই কাঁইটে বিন্ধা দি বিন্ধিলে অৰ্ণৱৰ বুকুখনত….।

……… কি কৈছ’ তই নয়না । পাগল হৈ গলি নেকি ? কি প্ৰলাপ বকিছ । মোৰ ধৈৰ্যৰ পৰীক্ষা নলবি প্লিজ .. বহুত জ্বলাইছ তই মোক ইমান দিনে আৰু নোৱাৰো সহিব মই । তোৰ মোৰ মাজত কি আছিল তেতিয়াহলে সেইবোৰ ..? পাহৰি গলি যে …!! তই বেলেগৰ লগত বিয়াত বহাৰ কথা কৈছ’ .. ??

…….. অ’ কৈছো মই । কাৰণ তোলৈ মোক বিয়া নিদিয়ে । ইমান দিনে তই চাকৰি এটা গোটাব নোৱাৰিলি । কেতিয়ালৈ কি কৰিব পাৰ’ তাৰো ঠিক নাই । এনেই তোৰ মোৰ মাজত কাষ্টৰ প্ৰব্লেম … কিহৰ ভিত্তিত মই তোৰ কথা কওঁ ঘৰত ।

…….. ইমান নিষ্ঠুৰ নহ’বি অ’ । মই যত্ন কৰি আছো । চাকৰি এটা পকা কল নহয় যে কোনোবাই হাততে দি যাব ।এই জটিল সময়খিনিত মোক এইবোৰ কৈ পাগল নবনাবি তই । প্ৰাইভেট স্কুল বা কলেজ এখনত মই আজিয়েই সোমাব পাৰো ।কিন্ত্ত তোৰ মোৰ ভৱিষ্যতৰ চিন্তা কৰিয়েই মই চৰকাৰী চাকৰি এটাৰ পিছত ঘূৰি ফুৰিছো । তোৰ বিশ্বাস এইদৰে হেৰাই গল নে ..?

…….. নোৱাৰো মই তোৰ কিবা এটা হোৱালৈ ৰৈ থাকিব । দেউতাৰ বয়স হৈ আহিছে । উপযুক্ত ল’ৰাৰ খবৰ আহিছে । মই না ক’ব নোৱাৰো । দেউতা মাক আঘাত দিব নোৱাৰো মই অৰ্ণৱ । তই ব্ৰাহ্মণ হোৱা হ’লেও কিবা এটা বাহানা দেখালো হয় । এতিয়া সম্ভৱ নহয় এইবোৰ । মই ঘৰ খনক তোৰ বাবে বাদনামী কৰিব নোৱাৰো … পাহৰি যা তই সকলো ।

……. পাহৰি যাম… ?? ইমান সহজে কৈ দিলি তই…। আৰে তই মই মানসিক আৰু শাৰীৰিক দুই ভাবে এক হৈ আছো নয়না । পাৰিবি ইয়াৰ পিছত ও বেলেগ কাৰোবাক মৰম দিব ? মোক আৰু অলপ সময় দে প্লিজ… মই যাম তোৰ ঘৰলৈ । দেউতাক কম তোৰ মোৰ সম্বন্ধৰ বিষয়ে ।

….. পাৰিম । মই সিদ্ধান্ত লৈ লৈছো অৰ্ণৱ। তোৰ লগত যি হ’ল ভুল হ’ল সকলো । ভুল কৰিলো মই ….আৰু তাৰ বাবে পস্তাইছো আজি । তোক যদি কেতিয়াবা কষ্ট দিলোঁ, দুখ দিলো ….মোক মাফ কৰি দিবি প্লিজ..। আজিৰ পৰা তই মই সকলো বান্ধোনৰ পৰা মুক্ত ।
পিন্ধি থকা আঙুঠিটো খুলি নয়নাই অৰ্ণৱৰ সন্মুখত থৈ যাবলৈ ওলাল । হঠাৎ অৰ্ণৱৰ কানতলীয়া চৰ এটাই থতমত খোৱাই দিলে নয়নাক ।

…….. তই ভালপোৱাৰ যোগ্যই নহয় আচলতে। তই এজনী বেশ্যা । আজি মোৰ লগত শুলি.. কাইলৈ বেলেগৰ বিচনা গৰম কৰিবি । তোক চিনাত ভুল হ’ল মোৰ । যা .. ময়ো এদিন নিজকে সমাজত প্ৰতিষ্ঠা কৰিম আৰু তোতকৈ হাজাৰ গুণে ভাল ছোৱালী বিয়া কৰি দেখাম । যি খিনি দুখ দি আজি মোক তই এৰি যাব ওলাইছ ,তাৰ বিচাৰ নেদেখা জনে কৰিব ।

খঙত হিতাহিত জ্ঞান হেৰুৱাই হুকহুকাই কান্দি উঠিল অৰ্ণৱ ।

ওলাই অহা কান্দোনবোৰ যেনেতেনে চেপি ধৰি আঁতৰি আহিল নয়না অৰ্ণৱৰ কাষৰ পৰা … চিৰদিনলৈ । তাক দুখ দি আঁতৰি অহাৰ বাদে বেলেগ একো উপায় নাছিল তাইৰ । মাকৰ জীৱন তাইৰ সিদ্ধান্তৰ ওপৰত টিকি আছিল । অৰ্ণৱৰ কথা এদিন মাকক জনাওঁতে মাকে তাইক শপত দিয়াইছিল তাক পাহৰি যাবলৈ । দেউতাকৰ মৃত্যুৰ কাৰণ তাই হ’লে মাকৰ ও মৰা মুখ দেখাৰ ভাবুকি দিছিল । তাই সেইবাবে দুখবোৰ নিজেই ল’বলৈকে সিদ্ধান্ত লৈছিল ….মাথোঁ মাকৰ সন্মুখত চৰ্ত ৰাখিছিল কোনোদিন যাতে ঘৰত তাইৰ বিয়াৰ কথা নোলাই । দেহে মনে আজীৱন অৰ্ণৱৰেই হৈ থাকিব তাই । অৰ্ণৱৰ স্পৰ্শৰ মধুৰতাৰে গোটেই জীৱন কটাই দিব তাই .. ।

কেইমাহ মানৰ ভিতৰতে অৰ্ণৱৰ চাকৰি হৈছিল ভাৰতীয় ষ্টেট বেংকত । পষ্টিং সি ডিব্ৰুগড়ত লৈছিল ,যাতে নয়নাৰ মুখা মুখি হ’ব লগা নহয় কোনোদিন আৰু সোনকালেই ঘৰে দেখুৱাই দিয়া ধুনীয়া ছোৱালী এজনীক সি পত্নী হিচাপে আদৰি লৈছিল । অৰ্ণৱৰ সুখত সুখী হৈছিল তাই । সি জীৱনত আগুৱাই যোৱাত অন্তৰ খনে সকাহ পাইছিল কিছু পৰিমানে । অৰ্ণৱে নয়নাৰ কোনো খবৰেই ৰখা নাছিল । তাই কৰা চূড়ান্ত অপমান সহিব নোৱাৰিলে সি ।

নয়না অকলশৰীয়া হৈ পৰিছিল । এবছৰৰ ভিতৰতে অগা পিছাকৈ তাইৰ মাক দেউতাক দুয়ো তাইক এৰি স্বৰ্গগামী হৈছিল । সকলো ঘটনা, দুৰ্ঘটনা পাহৰি থাকিবলৈকে স্থানীয় কলেজ এখনত সোমাই তাই নিজকে ব্যস্ত কৰি ৰাখিব যত্ন কৰিলে । সময়বোৰ যেন স্তব্ধ হৈ গ’ল তেতিয়াই । সপোন ভঙাৰ দুখ আৰু অৰ্ণৱ হীনতা দিনবোৰে বুকুখনত গধুৰ বোজা এটা দি গ’ল নয়নাক ।
দিনটো যেনেতেনে পাৰ হয় তাইৰ, কিন্তু সন্ধ্যা লাগিলেই ঘৰখনলৈ নামি আহে ভয়ানক নীৰৱতা । নয়নাই বিচাৰি ফুৰে অতীত আৰু বৰ্তমানৰ সমন্বয়হীনতাৰ উহঁটোক। ক’ৰ পৰা কি হৈ গ’ল বুজি ল’বলৈ অৱকাশেই যেন নাছিল ।কেতিয়াবা ল’ৰালিৰ নিৰ্দোষ ধেমালিবোৰৰ মাজত খেপিয়াই চাব খোজে নিয়তিৰ নিষ্ঠুৰ পৰিকল্পনাবোৰক । অসহায় লাগে, বিচাৰি নাপাই কোনো যোগসূত্ৰ..।
কথাবোৰ ভাবি ভাবি উঠি আহিল তাই ভিতৰলৈ । বাহিৰত কিনকিন কৈ এজাক বৰষুণ পৰিছিল । আৱতৰিয়া বৰষুণ জাকে তিয়াই গ’ল তাইৰ অনুভৱবোৰক । অৰ্ণৱ তাইৰ লগত নাথাকিলেও প্ৰতি পল , প্ৰতি নিয়ত তাইৰ মনত আছে .. । সেই বিশ্বাস আৰু সেই সান্তনাই নয়না আজি জীয়াই থকাৰ মূল প্ৰেৰণা.. ।
বিচনাখনত পৰি অৰ্ণৱক ভাবিব মন গ’ল নয়নাৰ । স্মৃতিবোৰ খুচৰি চাবলৈকে ভলিউমটো কমাই লগাই ল’লে তাই লতা মংগেশকাৰৰ গান এটা …..

वो शाम कुछ अजीब थी,
ये शाम भी अजीब है
वो कल भी पास पास थी,
वो आज भी करीब है…..

                   ——————–

                           (সমাপ্ত)

নিশাৰ উচুপনি …

গাৰুটো বুকুতে সাৱটি শুব যত্ন কৰিলে নিশাই । সকলো থাকিও আজি খুব অকলশৰীয়া অনুভৱ কৰিছে তাই । কাষতে শুই পৰা আয়ন লৈ চালে... । দিনটো দৌৰি... খেলি.. টোপনিত লালকাল সি আৰু ৰাজ লেপটপটো লৈ অফিচৰ কামত ব্যস্ত ।
ৰাজ বিচনালৈ অহাৰ আগতেই শুই পৰিব বহুত যত্ন কৰিলে নিশাই । তাই জানে , ওচৰ পোৱাৰ লগে লগেই ৰাজে তাইৰ ইচ্ছা অনিচ্ছাৰ বিষয়ে জানিব নিবিচৰাকৈয়ে তাইৰ শৰীৰটোক উপভোগ কৰিব উন্মাদ হৈ পৰিব । ইমান বছৰে যে সেয়াই হৈ আহিছে ।

বিয়াৰ পিছত এই সুখকণ বিচাৰি তাইও অধীৰ আগ্ৰহেৰে বাট চাইছিল ৰাজ আৰু তাইৰ নিবিড় মুহূৰ্ত্ববোৰলৈ.. । ৰাজৰ সুঠাম শৰীৰটোৰ বলিষ্ঠ আলিংগনে পাগল কৰি পেলাইছিল তাইক । তাৰ পুৰুষত্বৰ ওচৰত নিজকে সপি দি গৌৰৱবোধ কৰিছিল .. । কিন্তু এতিয়া যেন সলনি হ’ব ধৰিছে সকলোবোৰ..।

দিনবোৰ বাগৰি আহিছিল এদিন দুদিনকৈ… , এমাহ দুমাহকৈ …। এটা বহুজাৰ্তিক কোম্পানীত উচ্চ পদবীত কৰ্মৰত ৰাজ কিন্তু নিশাৰ কল্পনাৰ পুৰুষজন হ’ব নোৱাৰিলে ।
ঈশ্বৰ্য বিভূতিৰে ভৰাই পেলাইছিল সি তাৰ ঘৰখন…. । যথেষ্ট মৰম ও আছিল নিশালৈ… । কোনো ক্ষেত্ৰতে নিশাই অভাৱ কি বুজিব নোৱাৰা কৈ ৰাজে নিশাক কোনোবা সাধুকথাৰ ৰাজকুমাৰীৰ দৰেই ৰাখিছিল । বৃহৎ এটা অট্টালিকা ,চাকৰ-বাকৰ ,গাড়ী-মটৰ
.. সকলোৰে ভৰাই পেলাইছিল মৰম আকলুৱা নিশাজনীক ।
তথাপিও কিবা এটা নাছিল নিশাৰ… । সৰু সৰু কথা কিছুমানতে পখিলি জনী হৈ পৰা নিশাজনীক সেই সৰু সৰু ভাললগা কথাবোৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল ৰাজে ।

এদিন আয়নে নিশাৰ গৰ্ভত স্থিতি ল’লে। নিশাৰ চকুৰ পতাত যেন…সেউজীয়া সপোন এটাই চুমা আঁকি দিলে । কৰ্মব্যস্ত ৰাজে দিব নোৱাৰা সৰু সৰু সুখবোৰ তাই গৰ্ভৰ সন্তানটিক লৈ …বিচাৰি ল’ব বুলি আশাবাদী হৈ পৰিল ।
পিছে ৰাজ ও ব্যক্তিক্ৰম নাছিল সেই ক্ষেত্ৰত । নিশাৰ যত্ন লোৱাৰ পৰা… আহিব লগা সন্তানটিৰ বাবেও ব্যস্ত হৈ পৰিল ৰাজ ।
সকলো বাদ দি নিশাই হতাশাবোৰ আঁতৰাই নতুন প্ৰস্তুতিৰে জীৱনটোক সজাবলৈ সাজু হৈ পৰিল ।

সুকলমে দহমাহত ভৰি দিলে নিশাৰ গৰ্ভত থিতাপি লোৱা সোনামুৱাকনে ।আৰু এদিন ৰাজ আৰু নিশাৰ চকুৰ মণি আয়নে পৃথিৱীত চকু মেলিলে ।
খুব মৰম লাগি গ’ল তাইক মাতৃত্বৰ সোৱাদ দিয়া ,তাইৰ বুকুৰ অমৃত পান কৰি একলা দুকলাকৈ আজি দৌৰি খেলি… ঘূৰি ফুৰিব পৰা হোৱা ল’ৰাটোলৈ । কপালতে চুমা এটা দি সাৱটি ধৰিলে তাক ।

গভীৰ প্ৰশান্তিত ছিলমিলকৈ টোপনি আহিছিল নিশাৰ ।হঠাৎ উন্মুক্ত স্তন দুটিত ৰাজৰ হাতৰ পৰশত সাৰ পাই উঠিল তই… ।

“কি হল আজি মোক মৰম নিদিয়াকৈ শুই যাব বিচাৰিছিলা নেকি sweetheart !! Come close to me”

তাইক ঘূৰাই ওঁঠযুৰিত কামুৰি দিলে সি আৰু হাতখন তাইৰ শৰীৰৰ খলা বমাবোৰে দি বগুৱা বাই নাভিৰ তলত তাইৰ যৌনাঙ্গ স্পর্শ কৰিবলৈ উন্মাদ হৈ পৰিল ।

” No Raj .. plz . ”
বাধা দিলে তাই ।

“মানে ?”
ৰৈ গল সি । উথলি উঠা অনুভূতিবোৰক বাধা দিব লগা হোৱাত খং উঠিল তাৰ ।

“কি হৈছে নিশা তোমাৰ । অলপ দিনৰ পৰা মন কৰিছো sexual interest কমি গৈছে তোমাৰ । Do you know …sex is the most important part to be happy in a married life . তুমি দিনে দিনে ignore কৰিব লৈছা যে কি কাৰণে ?”

হুকহুকাই কান্দি উঠিল নিশা । কিয় নুবুজে তাই ইমান ভালপোৱা এই মানুহজনে তাইক…? কিয় অকল টকা পইচা আৰু যৌনতাই এখন সুখৰ সংসাৰ গঢ়ি তোলে বুলি ধৰি লৈছে সি ।
নিমাত হৈ পৰি ৰ’ল নিশা । বহুত ক’ব মন গ’ল। কিন্তু শব্দবোৰ যেন হেৰাই থাকিল ।

পুনৰ বুকুৰ মাজলৈ.. আলফুলে চপাই ল’লে ৰাজে তাইক  । চেপি ধৰিলে তাইৰ সুকোমল বক্ষ ।

” No Raj . No . এৰি দিয়া মোক ”

উচাত মাৰি আঁতৰি আহিল তাই ।

“তুমি ভুল ভাবিচা ৰাজ ।এখন সুখৰ সংসাৰৰ বাবে কিছুমান সৰু সৰু সুখৰ ও প্ৰয়োজন আছে । তোমাৰ দৈহিক বাসনা, পাহাৰ সম টকা পইচাই সেই সুখ দিব পৰা নাই মোক.. । মই নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিব লৈছো । প্ৰায় প্ৰতিটো নিশা…মোৰ মন নাথাকিলেও তুমি মোৰ শৰীৰটোৰ লগত খেলি দিনটোৰ অৱসাদ দূৰ কৰিছা । মই মানি লৈছো ৰাজ এইয়া পত্নী ধৰ্ম্ম । যত্নও কৰিছো এইদৰেই সুখী হব । কিন্তু মই সঁচা অৰ্থত সুখী হব পৰা নাই অ’ ৰাজ । “

তাইৰ দুচকুলৈ অবাক হৈ চাই থাকিল সি । কি কৈছে নিশাই এইবোৰ । কি দিয়া নাই সি তাইক । দামী গহনা, কাপোৰ কানি,এটা আৰাম দায়ক জীৱন । তথাপিও ৰাজক লৈ নিশাৰ অন্তৰত ইমান ক্ষোভ আছিল নে ?সি সঁচাই নিশাক নুবুজিলে নেকি…. ?

“মই তোমাৰ অট্টালিকাত বন্দী হৈ পৰিছো ৰাজ । মই মোৰ সপোনৰ ঘৰখনৰ… ৰূপ দিব পৰা নাই ,তুমি শিল বালিৰে গঢ়ি দিয়া এই অট্টালিকাটোক ।মোক মুকলি মনেৰে অলপ বাহিৰত উশাহ লব দিয়া প্লিজ…  ।
কেৱল তুমি… মই.. আৰু আয়নক লৈয়েই আমাৰ সুখৰ সংসাৰ খন নহয়  । সুখী হবলৈ আমাক ভালপোৱা মানুহবোৰৰ ও প্ৰয়োজন আছে । মই বিয়া হৈ এৰি অহা ঘৰ খন বা তোমাক জন্ম দিয়া তোমাৰ মা দেউতাৰ প্ৰতিও আমাৰ দায়িত্ব আছে । কিন্তু তুমি নুবুজিলা ,আৰু বুজি নাপাবাও কোনোদিন …প্ৰকৃত সুখ কি ।
কাৰণ এটা ডাঙৰ কোম্পানীৰ… ডাঙৰ বিষয়া ৰাজনিশ কাশ্যপ আজি টকাৰে ধনী । ধুনীয়া পত্নীৰ ধুনীয়া শৰীৰৰ প্ৰেমত মগ্ন । জীৱণটোক উপভোগ কৰিবলৈ প্ৰয়োজন হোৱা সৰু-সুৰা সুখবোৰ বুজি চাবলৈ আজি ৰাজনিশ কাশ্যপৰ সময় ক’ত… ?”

ভাগৰুৱা হৈ পৰিল নিশা । দেহৰে নহয়, মনৰে.. । বাথৰুমলৈ উঠি যাব ধৰোঁতেই তাইৰ ফোনটো বাজি উঠিল । ভায়েক বাবুৰ ভিডিঅ’ কল ।
পিন্ধি থকা নাইটিটো ভালদৰে পকাই চকু দুটা মোহাৰি কাষৰ ৰূমটোলৈ উঠি গল তাই । লাইটটো জ্বলাই দিলে ।

“Happy birthday Nisha ba . দিনটো বাট চালো আহিবা বুলি ।এতিয়া তোমালৈ অনা কেকটো ময়েই কাটো আৰু দেই ।”

মোবাইল স্ক্ৰীনত ভায়েক আৰু মাক দেউতাক ।
দেউতাকে তাইক আশীৰ্বাদ দিলে ।
“জন্মদিনৰ শুভেচ্ছা জনালোঁ মাজনী । সদায় সুখত থাকা, ভালে থাকা । মাৰাই ৰাতিপুৱাৰ পৰা তুমি ভালপোৱা বস্তুবোৰ গোটাই পাকঘৰতে ব্যস্ত থাকিল । কিবা অসুবিধা হ’ল নেকি নাহিলা যে ।”

বুকুৰ কোনোবা এটা কোণত বিষাই গ’ল তাইৰ । ওলাই আহিব ধৰা চকুপানী খিনি বাধা দি মিছা মাতিলে….

“যাবৰ বৰ ইচ্ছা আছিল দেউতা । বেয়া নাপাবা । ৰাতিপুৱাৰ পৰা আয়নৰ খুব জ্বৰ । তাক তেনে অৱস্থাত লৈ যাব মন নকৰিলো ।”

“হব দিয়া । সময় সুবিধা মিলিলে আহিবা এদিন । নাতি পোনাটোক একোলা লৈ মৰম কৰিব বৰ মন যায় । বুঢ়া হ’লো নহয় , মন গ’লেও তোমালোকৰ ওচৰত যাব নোৱাৰা হ’লো অ’ আইজনী । পোনাটোক মৰম দিবা। জোঁৱাই আৰু পোনাটিহে তোমাৰ আচল সম্পদ । সিহঁত দুটাৰ যত্ন ল’বা ।”

” ঠিক আছে দেউতা । শুৱাগৈ যোৱা । বহুত দেৰি হ’ল । মই যাম দিয়া … আয়নে ভাল পাই লওক..।
ভাইটি thank you । গোটেইটো কেক অকলে নাখাবি দেই। আৰু মোৰ birthday gift আনি থবি । মই গৈ আছো । ৰাখো দে ।….goood night.. ।”

ফোনটো থৈ চকী খনত নিজকে এৰি দিলে নিশাই । মনতে ভাবিলে-…..

“দেউতা তুমি শিকাই অহা কথাবোৰ মানি ,তোমাক দিয়া কথা বোৰ ৰাখি তোমাৰ নিশাজনীয়ে নিজৰেই অস্তিত্ব হেৰুৱাই পেলালে । নিশা এতিয়া যন্ত্ৰ হৈ পৰিল দেউতা । তোমাৰ জোঁৱাইৰ ঘৰখন ধৰি ৰাখোতেই নিশাজনী কেতিয়াবাই হেৰাই গ’ল ।”

কাষৰ ৰুমত বিচনাত পৰি… হাহাকাৰ হৈ উঠিল ৰাজৰ বুকুখন । আজি নিশাৰ জন্মদিন ….। এসপ্তাহ আগৰ পৰাই তাই এইবাৰ জন্মদিনত ঘৰলৈ যোৱাৰ কথা কৈ আছিল । আয়ন গাত হোৱাৰ পৰাই তাই ঘৰলৈ যোৱা হোৱাই নাই । চাৰি বছৰৰ মূৰত ঘৰলৈ গৈ মাক দেউতাকৰ লগত জন্মদিন পালন কৰিব বিচাৰিছিল তাই । সি হ’ব বুলি কথাও দিছিল । সেইবাবে নিশাই ঘৰত ও জনাইছিল ।কাৰণ তাইৰ জন্মদিনৰ দিনাই সি অফিচৰ কামত বেংকক যাব লাগিব । গতিকে আগদিনাই তাইক থৈ আহিব বুলি কৈছিল ।
সি পাহৰি গ’ল । দিনটো কেইবাটাও কল আছিল তাইৰ… মেছেজ ও… । কিন্তু সি মেছেজ চোৱাটো বাদেই ফোন ৰিচিভ কৰিবও টাইম নাপালে ।গভীৰ অপৰাধবোধে চুই গ’ল ৰাজক  । তাইলৈ একো এটা অনাও নহ’ল।

তাৰ হা তে হা মিলোৱা….না তে না মিলোৱা… নিশাৰ হা না বোৰলৈ ভ্ৰূক্ষেপ কৰিবলৈ নহ’লেই দেখোন তাৰ । তাই বিচাৰি ফুৰা সুখবোৰৰ ও খবৰ নাৰাখিলে সি ।
সি বুজি পালে এতিয়া হাজাৰ দামী কেক এটা আনি বা লাখ টকীয়া গহনা ছেট দি… ডাঙৰ পাৰ্টি এটাৰ আয়োজন কৰিও সি তাইক আৰু সুখী কৰিব নোৱাৰে । তাৰ নিশাজনী যে সৰু কিছুমান সুখৰ বাবেহে বাউলি ।

অজানিতে দুটোপাল চকুলো বাগৰি আহিল তাৰ দুচকুৰ পৰা ।


                                 সমাপ্ত…..

সহযাত্ৰী..💏


: অ’ৰা .. কি হ’ল ..? আজি ইমান দেৰিলৈকে শোৱা পাটি এৰাই নাই যে… । উঠা আক’ … চাহ একাপ কৰাগৈ ।

প্ৰাত: ভ্ৰমণৰ পৰা উভটি আহি… আগফালৰ বাৰাণ্ডাতে খবৰ কাগজ খন চাই চাই . ..চাহ একাপৰ প্ৰয়োজনীয়তা অনুভৱ কৰি দত্ত … পত্নী ৰুণাৰ ওচৰ পালেহি ।
এনেই দত্ত উভটি আহি ৰুণাক আগফালে ফুলনিখন খুচৰি.. ফুলপুলি কেইটাত পানী দি থকাতে পায়হি সদায় … । তেওঁ বহি পেপাৰ চোৱা বাৰাণ্ডা খনৰ সেই নিৰ্দিষ্ট টেবুলখনত চচমা যোৰ ও আনি থয় ৰুণাই… । আৰু তেওঁক দেখা পোৱাৰ লগে লগে চাহ দুকাপ কৰি আনি.. দেশৰ কথা, দহৰ কথা আলোচনা কৰি দুয়ো একেলগে চাহ কাপ খাই ।
আজি জানো কি হ’ল … !! ৰুণা দেখোন উঠিবই মন কৰা নাই । গাটো বেয়া নেকি … ?
দত্তই ৰুণাৰ কপালত হাত দি চালে । অকণমান কপালখন গৰম যেন অনুভৱ হ’ল তেওঁৰ ।


:একো হোৱা নাই অ’.. । অলপ এলাহ এলাহ ভাব এটা আহি আছে বাবে হে বিচনাতে পৰি আছো । উঠো ৰ’ব ।

:নালাগে ৰ’বা । মই লাল চাহ একাপ কৰি আনো … । খাই লৈ জ্বৰৰ টেবলেট এটা খাই দিয়া । উঠিব নালাগে তুমি ।

দত্ত ব্যস্ত হৈ পৰিল । গৰম পানী অলপ কৰি আনি ঘৈনীয়েকক চৰিয়া এটাতে মুখ খন পখালিব কৈ.. তেওঁ আদা আৰু জালুক দি লাল চাহ দুকাপ কৰি আনিলে । চাহ কাপ খোৱাৰ পিছত…নিজ হাতেৰে ৰুণাক জ্বৰৰ টেবলেট এটা খোৱাই দত্তই ঘৰ খনৰ পুৱাৰ কামবোৰ হাতত ল’লে…. ।

         ---------------

পৰিমল দত্ত … এজন অৱসৰপ্ৰাপ্ত বেংক বিষয়া । একমাত্ৰ পুত্ৰ সুবোধ ..ছফ্টৱেৰ ইঞ্জিনীয়াৰ। কৰ্মসূত্ৰে পত্নী জিনা আৰু পুত্ৰ জিউ সহ বৰ্তমান তেওঁ পুনেৰ বাসিন্দা ।
এইখন ঘৰত কেৱল দত্ত আৰু ৰুণা.. । দত্তৰ অৱসৰৰ পিছৰ পৰা দুয়ো মিলি বৰ পৰিপাটিকৈ ঘৰ খন চলাইছে … । পত্নী ৰুণাই কেঁচুৱা এটাৰ যত্ন লোৱাৰ দৰে খুব নিষ্ঠাৰে দত্তৰ দৈনন্দিন ৰুটিন খনৰ সকলো দ্বায়িত্ব পালন কৰি আহিছে ….। সময়ত চাহ ভাতৰ যোগাৰ ধৰা.. প্ৰেচাৰ আৰু চুগাৰৰ টেবলেট কেইটা সময়মতে হাতত আনি দিয়া … পিন্ধা কাপোৰ বা জোতাযোৰ ঠিক কৰি দিয়াকে ধৰি… যাৱতীয় সকলোবোৰ … ।
আৰু দত্তইও জীৱনৰ জটিলতাবোৰৰ একো ভূ নিদিয়াকৈ ৰুণাক মৰমৰে আৱৰি সামৰি ইমান দিনে এজন উপযুক্ত স্বামীৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
বেংক-কচাৰীৰ কামবোৰ… বজাৰ সমাৰ… লাইটৰ বিল খন দিয়া বা নিজৰ মোবাইল ফোনটোৰ ৰিচার্জ কৰা…এইবোৰ একোয়েই বুজি নোপোৱা ৰুণাক লৈ দত্তৰ চিন্তা ও হয় মাজে মাজে .. । তেওঁৰ অৱৰ্তমানত ৰুনাজনীয়ে পাৰিবনে বাৰু এইবোৰ চম্ভালিব … ?
অৱশ্যে দোষ তেওঁৰেই …। আজলী ৰুনাজনীক তেওঁ কেৱল নিজৰ পত্নী আৰু সুবোধৰ মাক কৰিয়েই ৰাখিলে । বাহিৰৰ দুনীয়া খন বুজিব পৰাকৈ অকলে একোৱেই কৰিব নিদিলে । সেইয়া তেওঁৰ পুৰুষ হোৱাৰ গৰ্বৰ বাবে নহয়…যি পত্নীক স্বাধীনতা নিদি ঘৰতে বন্দী কৰি ৰাখিব বিচাৰে … ।সেইয়া তেওঁৰ পত্নীৰ প্ৰতি থকা অফুৰন্ত মৰমৰ বাবেহে … । ৰুণাক বিয়া কৰি অনাৰ দিন ধৰি… অলপ ও টোপ পৰিব নিদিয়াকৈ জীৱনৰ এইটো স্তৰত আজি ভৰি দিছেহি দুয়ো । কেতিয়াবা সহজ সৰল ৰুণাক কথা প্ৰসংগত দত্তই কৈ ও পেলাই . …

: অ’ৰা … বয়সে ভটিয়াইছে আৰু আমাৰ । এই পৃথিৱীৰ পৰা মেলানি মগাৰ ও সময় আহি পৰিছে । দুয়ো একেলগে যাব পাৰিলেতো ভালেই .. । কিন্তু সঁচা কথা এটা কওঁ.. মই হ’লে তোমাক এৰি আগতে মৰিব নিবিচাৰো বুজিছা… । তুমি দেখোন বাহিৰৰ কামবোৰ একোৱেই নিশিকিলা … অকলে ইমানবোৰ চম্ভালিব নোৱাৰিবা যে… মই জানো । তুমি আগে আগে যাবগৈ আৰু… পিছে পিছে অমুকাই বাট ল’ম ।

:  শিকিব সুবিধা দিলে নে কেতিয়াবা ? এতিয়া মুখ খন খুলি নল ‘ব দেই কৈ দিছো । ভগৱানে তাকেই কৰিলে ভালপাওঁ । ময়ো চাম ওপৰৰ পৰা .. মই নথকাত কিমান সুখেৰে ভাত খায় আপুনি …!!

এই যে সৰু সুৰা তৰ্ক বোৰ…ঠেহ-পেচ কিছুমান… অলপ মান-অভিমান …. এইবোৰেইতো সংসাৰ এখন প্ৰকৃতাৰ্থত সুখৰ কৰি তোলাৰ মূল চাবি কাঠি ….। দত্ত আৰু ৰুণাৰ সংসাৰখন ও এই সকলো সমলেৰে সুখৰ… । এক কথাত ক’ব গ’লে সুখী দম্পত্তি তেওঁলোক … দুয়ো দুয়োৰে পৰিপূৰক ।

          --------------

গাটো অলপ ভালপোৱাত ৰুণা উঠি আহিল । দত্তই মচুৰ ডালি আৰু ভাজি এখনেৰে দুপৰীয়াৰ সাজটো নিজেই ৰান্ধিলে … । আৰু ৰুণা উঠি অহা দেখি দুয়োলৈকে ভাত কেইটামান বাঢ়ি আনি ডাইনিং টেবুলতে সযতনে থ’লে…. । মানুহজনে ইমান হেঁপাহেৰে যুগুতাই দিয়া ভাত কেইটা দেখি খাব বহিল যদিও , ৰুণাৰ দেখোন বমি ভাব এটা হে আহিছে…. ! ইমান দুৰ্বল গাটো .. ! মূৰটো ও যেন ঘূৰাইছে …! খাব নোৱাৰি উঠি আহিল তেওঁ ।

ঘৈণীয়েকক লৈ চিন্তা হ’ল দত্তৰ । অলপ দিনৰ পৰা ৰুণাই যেন খুব ভাগৰুৱা অনুভৱ কৰি থকা হৈছে.. । মুখ খনৰ উজ্জলতা ও বহু খিনি কমি গৈছে । মাজে মাজে হাত ভৰিবোৰ বিষাই থাকে বুলি ও কোৱা শুনে … । ঘৰৰ গোটেইবোৰ কাম এই বয়সত ও অকলে চম্ভালিব লগা হোৱাৰ বাবে মানুহগৰাকীৰ কষ্ট হৈছে বুলিয়েই ভাবি আছিল তেওঁ । পিছে এবাৰ ডাক্তৰক দেখুৱাই দিয়াই ভাল হ’ব বুলি… দত্তই ফোনতে এজন ভাল মেডিচিন ডাক্তৰৰ এপইণ্টমেণ্ট ল’লে ।
ৰুণাৰ মন নাছিল সাধাৰণ জ্বৰ অলপ উঠোতেই ডাক্তৰৰ ওচৰলৈ যাবলৈ । পিছে বিচনাত পৰি থাকিলে মানুহজনৰেই অসুবিধা হয় বুলিয়েই আনিচ্ছা সত্বেও তেওঁ যাবলৈ ওলাল ।

ৰুণাৰ শাৰীৰ বিভিন্ন ঠাইত সৰু সুৰা দাগ কিছুমান পৰিছিল । গাৰ বৰণটো ও অলপ শেঁতা পৰাৰ দৰে হৈছিল । ডাক্তৰে ব্লাড আৰু ইউৰিন টেষ্ট কৰাবৰ বাবে লিখি দিলে আৰু সাধাৰণ জ্বৰ… এচিডিটিৰ টেবলেট দুটামান দি সোনকালেই টেষ্টৰ ৰিপৰ্ট লৈ দেখা কৰিব ক’লে । দত্তই পলম নকৰি সেইদিনাই ৰুণাৰ ব্লাড আৰু ইউৰিনৰ চেম্পল টেষ্টৰ বাবে দি আহিল ।

ডাক্তৰে দিয়া টেবলেট কেইটা খাই অলপ সুস্থ হৈ উঠিছিল ৰুণা । দত্তৰ মনত কিন্তু …..কিবা এটা ভয় সোমাইছিল । ৰুণাৰ বাৰু ভিতৰি কিবা বেলগ অসুখেই হৈছে নেকি .. ? শৰীৰৰ দাগবোৰ দেখি কিয় ব্লাড টেষ্ট কৰাব দিলে ডাক্তৰে .. !
সুবোধৰ লগত কথাবোৰ আলোচনা কৰিব লাগিব… । পিছে ৰিপৰ্টতো অহালৈ ৰৈ দিলে তেওঁ । দূৰৈত থকা ল’ৰাটোক অযথা চিন্তা কিছুমান জাপি দিব মন নগ’ল দত্তৰ ।

এসপ্তাহৰ পিছত লেব’ৰেটৰীৰ পৰা ৰুনাৰ ৰিপৰ্ট অহা বুলি ফোন আহিল…। ৰুণাৰ ব্লাডৰ চেম্পল এপল’ লৈ পঠিওৱা হৈছিল । সেইবাবেই ৰিপৰ্ট অহাত সময় লাগিছিল ।
আৰু সেই ৰিপৰ্টটোৱেই দত্তৰ জীৱনলৈ আমানিশা নমাই আনিলে…. ।
সপোনত ও ভবা নাছিল দত্তই তেওঁৰ পত্নী যে কেতিয়াবা দুৰাৰোগ্য কেন্সাৰ বেমাৰত ভুগিব….।
হয়… ৰুণাৰ দেহত লিউকেমিয়াৰ লক্ষনে দেখা দিছিল ….। এবিধ মাৰাত্মক ব্লাড কেন্সাৰ , আৰু বৰ্তমান তেওঁ ষ্টেজ থ্ৰী ৰ পেচেন্ট । তেওঁৰ শৰীৰৰ বহুকেইটা অংগই লাহে লাহে ডেমেজ হ’ব ধৰিছিল আৰু বেমাৰটোৰ এটা অন্যতম লক্ষণ হিচাপে… এনিমিয়াত ভুগি ৰুণাৰ শৰীৰত হিম’গ্লবিনৰ পৰিমাণ দিনক দিনে কমি আহিব ধৰিছিল ।

দত্তৰ যেন ভৰি থোৱা মাটি খিনি খহি পৰিল…. । কি শুনিছে তেওঁ এইয়া … ! পত্নী ৰুণা …জীৱন আৰু মৃত্যুৰ সন্ধিক্ষণত … ?!! চকুৰে ধুৱলী কুঁৱলী দেখিলে তেওঁ… । কি কৰিব এতিয়া ..?
ডাক্তৰৰ মতে বেমাৰ ধৰা পৰা বহুত দেৰি হৈ গৈছে …. । কেতিয়াবা লক্ষণ সমূহে আচলতে বহুত পলমকৈ দেখা দিয়ে.. ।এতিয়া ৰুণাৰ জীৱনকাল মাত্ৰ ছয়/ সাত মাহ মান হে…।

ৰিপৰ্টটো বুকুৰ মাজতে সজোৰে খামুচি ধৰিলে তেওঁ । সেই কাগজৰ পাতটোতেই তেওঁৰ মৰমী পত্নীৰ শেষ উশাহটোৰ হিচাপ নিকাচ কৰা আছে … । কিমান দুৰ্ভগীয়া… কিমান অসহায় স্বামী এজন আজি তেওঁ… । বিষন্নতাৰ কলীয়া ডাৱৰ এজাকে চানি ধৰিলে দত্তৰ মনাকাশ … ।

ডাক্তৰৰ চেম্বাৰৰ পৰা ওলাই আহি থৰক বৰক খোজেৰে কাষৰে সৰু পার্ক এখনত সোমাই দিলে তেওঁ… । ৰুণাৰ সন্মুখীন হ’ব পৰাকৈ এতিয়া মানসিক প্ৰস্তুতিৰ প্ৰয়োজন…. । কথাবোৰ ভালদৰে জুকিয়াই চোৱাৰ প্ৰয়োজন… । সুবোধক ও জনাই কিছুমান সিদ্ধান্ত ল’ব লাগিব… । ঘৰত গৈ ৰুণাৰ ওচৰত এইবোৰ আলোচনা কৰা সম্ভৱ নহয় ।
পকেটৰ পৰা ফোনটো উলিয়াই সুবোধৰ লগত কথা হ’ল তেওঁ। ফোনটোৰ দুইমুৰে …ৰুণাই নিঃস্বাৰ্থ ভাবে ভালপোৱা , মৰম দিয়া দুজন মানুহে ফেঁকুৰি ফেঁকুৰি কান্দিব ধৰিলে…। দেউতাকক ধৈয্য ধৰিব কৈ অতি শীঘ্ৰেই সুবোধ ঘৰলৈ অহাৰ কথা জনালে আৰু মাকৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ ও আশ্বাস দিলে… । দত্তই বুজিছিল এতিয়া আৰু সময় নাই … । ৰুণাক তেওঁলোকে ধৰি ৰাখিব নোৱাৰে … ।
ঈশ্বৰে নো এইদৰে পৰীক্ষা চালে নে … ! মন খুলি ৰুণাক শুশ্ৰসা কৰাৰ ও সুবিধা অকণ নিদিলে …. । কথাবোৰ ৰুণাক নজনোৱাৰ সিদ্ধান্তই ল’লে দুয়ো । নহ’লে ৰুণা ভাগি পৰিব… । এনেকুৱা মৃত্যু যে কাৰো কাম্য নহয়… । উফ… কি লিখি দিলা কপালত প্ৰভু ..!!

ৰিক্সাখনৰ পৰা নামিব লৈয়েই দত্তই দেখা পালে আগফালৰ বাৰাণ্ডাতে পদূলিলৈ চাই বহি আছে ৰুণা । নিজকে সংযত কৰি চকুৰ কোণ দুটা মুচি গেট খুলি সোমাই গ’ল তেওঁ ।

: আপুনি ইমান দেৰি কৰিলে নে .. ? কিবা অসুবিধা হৈছিল নেকি .. ?
উৎসুকতাৰে সুধিলে ৰুণাই ..

: বহুত ভিৰ বুজিছা ডাক্তৰৰ তাত .. লাইনত বহি থাকি আমনি লাগি গ’ল ।
ৰুণাৰ চকুলৈ চোৱাৰ সাহস নাই আজি দত্তৰ… । কোবাকুবিকৈ ভিতৰলৈ আহিল তেওঁ ।

:  মুখ হাত ধুই লওঁক যাওক । মই ভাত বাঢ়ো .. ভোকেই লাগিছে চাগে আপোনাৰ ।
ল’ৰালৰিকৈ ৰুণা পাকঘৰ পালেগৈ ।

দত্তই উদাস মনেৰে চাই ৰ’ল তেওঁৰ আজলী পত্নীক । নিজৰ চিন্তা অলপ ও নকৰে । কেৱল মানুহজনৰ ভোক পিয়াহ, সুবিধা অসুবিধাবোৰৰ চিন্তা .. । ৰিপৰ্টটো আনিব গৈছে বুলি জানিও সেইবোৰৰ প্ৰতি ভ্ৰূক্ষেপ নাই তেওঁৰ । ….”মোৰ নো কি হৈছে… ৰিপৰ্টতো চাওঁচোন…” বুলি কবলৈ ও মনলৈ অহা নাই …. ।
খাওঁ নাখাওঁ কৈ ভাত কেইটা সানি থকা ৰুণালৈ চাই দত্তই ক’লে..

: অ’ৰা … দুই এদিনতে সুবোধ আহিব বোলে… । মোলৈ ফোন কৰি জনালে । আহি গা বেয়া স্বত্তেও তুমি ঘৰৰ কামবোৰ কৰি থকা দেখিলে তোমাৰ ল’ৰাই মোক গালি দি মাৰিব বুজিছা… । মই ভাবিছো কালিৰ পৰা কাম কৰা মানুহ এজনী ঠিক কৰি লওঁ । আমি বুঢ়া বুঢ়ী দুটাই অলপ আৰাম কৰো.. । জীৱনত বহুত কাম কৰিলা … কোনেও আপত্তি কৰিব নোৱাৰাকৈ সকলোৰে আল ধৰিলা .. । এতিয়া তুমি আৰাম কৰাৰ সময় ।

: সুবোধ আহিব …? অসময়ত যে .. ! সি দেখোন পূজাত হে অহাৰ কথা কৈছিল … ।

: বোৱাৰী আৰু নাতিটোৱে বোলে আমাৰ কথা বৰকৈ কৈ আছে । সুবোধৰ অলপ চুটি ও পেণ্ডিঙ হৈ আছিল । গতিকে সকলো মিলাই অহাৰ কথা ভাবিছে হেনো ।

:  ইমান যে ভাল লাগিছে কথাটো শুনি …। কিন্তু মোক কাম কৰা মানুহ নালাগে দেই। দুকোঠালীৰ এই সৰু ঘৰটো ময়েই অতাব পাৰিম । নিজেই কৰাৰ সমান শান্তি নাই । মই মানুহ লগাই পিছে পিছে চিঞৰি থাকিব নোৱাৰো । যদি কেতিয়াবা বিচনা লওঁ … তেতিয়া লগাব কাম কৰা মানুহ… ।

দত্তৰ চকুদুটা চলচলীয়া হৈ পৰিল । কেনেকৈ কয়…. ৰুণা যে অলপদিনৰ পিছতে শয্যাশায়ী হৈ পৰিব … কেতিয়াও উঠিব নোৱাৰাকৈ .. ।

কেইদিনমান পাছতে সুবোধ…. সপৰিয়ালে আহি ঘৰ পালেহি । মাকক দেখুৱাই হাঁহি ফুৰ্তিৰে ঘৰ খনত সময়বোৰ পাৰ কৰিলে যদিও মাকৰ আঁৰত সি নীৰৱে চকুলো টুকিব ধৰিলে… । কেইবাজনো ডাক্তৰৰ লগত কথা পাতিলে সুবোধে… । এবাৰ মুম্বাই লৈ উন্নত চিকিৎসাৰ বাবে নিয়াৰ কথাও চিন্তা কৰিলে । কিন্তু সকলোৱে তাক শেষ মুহূৰ্ত্বত মাকক ঘৰতে ৰখাৰে পৰামৰ্শ দিলে ।

ৰুণাই ও ইমান দিনৰ মূৰত পুত্ৰ বোৱাৰী , নাতি ল’ৰাটোক পাই দুৰ্বল দেহাটোৰেই বিধে বিধে ইটো সিটো বনাই জুতি লগাই সিহঁতক খুৱাব ধৰিলে । দত্তই বাধা নিদিলে … । কৰক… যি মন যায় কৰক পৰালৈকে… । জীৱনৰ শেষ দিনকেইটা অন্তত তেওঁৰ ৰুনাজনীয়ে হেঁপাহ পলুৱাই নিজৰ ইচ্ছাৰে জীয়ক …. ।
মনৰ ফুৰ্তিয়ে শৰীৰৰ যন্ত্ৰণাবোৰ যেন কমাই দিলে ৰুণাৰ … । এইদৰে ঘৰখন যদি সদায় সুখেৰে ভৰি থাকিল হয় .. । জিউৰ হাঁহি খিকিন্দালি বোৰে…. উৎপাতবোৰে এনেকৈ সদায়েই যদি ঘৰ খন মুখৰিত কৰি ৰাখিলে হয় … !!

এই সকলোবোৰৰ মাজতে ৰুণাৰ ডেইলি চেক-আপ… মেডিচিন.. চেলাইন ….টেষ্ট বোৰ চলি থাকিল.. । ৰুণাই কিন্তু তেওঁৰ ভাইৰেল ফেভাৰৰ বাবে হে এইবোৰ কৰা হৈছে বুলি বুজি থাকিল ।
এমাহ মান থাকি সুবোধ গ’লগৈ … । চাকৰিৰ কথা… । ইমান দিন চুটি নাপাই । জিনা আৰু জিউ তাতে থাকিল… । -----------------

অলপ দিনৰ পৰা ৰুণা খুব বেছি দুৰ্বল হৈ পৰিছে । বিচনাতেই পৰি থাকি ভাল পোৱা হৈছে…. । বোৱাৰীয়েক জিনাই ঘৰখন সম্পূৰ্ণ ৰূপে চম্ভালি লৈছে । বজাৰ পাতি, কাম বন বোৰকে ধৰি ৰুণাই খাব পৰা ইটো সিটো বনাই শাহুয়েকৰ লালন পালনতে ব্যস্ত তাই ।
আৰু দত্ত….. ?! দিনে ৰাতিয়ে ৰুণাৰ কাষতে সময়বোৰ পাৰ কৰি দিছে তেওঁ । ৰুণাৰ দেহৰ যন্ত্ৰণাবোৰে তেওঁক মানসিক ভাবে কাতৰ কৰি তুলিছে । খোৱা বোৱা কৰিব অলপ ও ইচ্ছা নকৰা ৰুণাক দেখি দত্তই ও জীয়াই থাকিবৰ নিমিত্তে নূন্যতম আহাৰ কণ হে গ্ৰহণ কৰিব লৈছে আজিকালি । ৰুণাৰ শেষ উশাহটো থকালৈকে তেওঁ ও যে জীয়াই থাকিব লাগিব … । বোৱাৰীয়েকে জোৰ কৰি খোৱাব বিচাৰিলে উচুপি উঠে তেওঁ …..

: মোৰ ৰুনাজনীয়ে একোৱেই গিলিব নোৱাৰে অ’ । মোক জুতি লগাই খাব নিদিবা জিনা…. ।
কান্দোনত ভাগি পৰে জিনা … ।

দিনবোৰ পাৰ হৈ গৈ আছে …. । লগে লগে ৰুণাৰ স্বাস্থ্যৰ ও অৱনতি ঘটিছে … । ডাক্তৰৰ মতে….ইতিমধ্যে ৰুণাৰ শৰীৰৰ প্ৰায় কেইবাটাও অংগ সম্পূৰ্ণ বিকল হৈ পৰিছে ।
কেলেণ্ডাৰ খন চাবলৈ ভয় কৰে আজিকালি দত্তই । মনতে ভাবে….সময়বোৰ স্থবিৰ কৰি দিব পৰা হ’লে…!

দুদিন মানৰ পৰা ৰুণা বৰ বেছি খিঙ খিঙিয়া যেন হৈছে । দত্তক দেখিলেই খঙাল হৈ পৰে তেওঁ ….। কপাল খনত দত্তই হাত দিয়া যেন অনুভৱ কৰিলেও উচাৎ মাৰি উঠে… । দত্তক দেখে বুলি ৰুণাই আজিকালি বেৰৰ ফালে মুখ দি শুয়ে ।
দত্তই জিনাক সোনকালেই সুবোধক মাতি পঠিয়াব ক’লে ।
তেওঁ বুজিছিল ৰুণাৰ মৃত্যু সমাগত … । সেইবাবেই ঈশ্বৰে মায়া মোহৰ পৰা মুক্ত কৰিছে তেওঁক । নহ’লে শৰীৰটো এৰি জীৱটো আঁতৰিব নিবিছাৰিব যে … !

জিনাৰ ফোন পাই পিছদিনাই সুবোধ মাকৰ ওচৰলৈ গুচি আহিল । ৰুণাক সেইদৰে দেখি হাহাকাৰ কৰি উঠিল তাৰ বুকুখনে … । মাকৰ ভৰি কেইটাতে পৰি সৰু ল’ৰাৰ দৰে উচুপি উঠিল সি .. । … “মা”… শব্দটো হেৰাই যাব ধৰিছে তাৰ জীৱনৰ পৰা…। ভাগৰি পৰিলেও… গভীৰ প্ৰশান্তি লাভ কৰা মমতাৰ সেই আচলখন নাইকিয়া হৈ যাব ওলাইছে…. চিৰদিনলৈ… । উফ….অসহনীয় .. ।

                      ————————–

আজি ৰুণাই নাম মাত্ৰ উশাহটো লৈ পৰি আছে বিচনাত । মূৰৰ শিতানত বহি দত্ত আজি অপেক্ষাৰত… নিজ পত্নীক চিৰ বিদায় দিবলৈ ….। মানসিক ভাৱে ও সাজু হৈছে তেঁও ।
দত্তৰ কথামতে জিনাই আহি শিতানৰ টেবুলখনতে চাকি এগছ আৰু ধূপ কেইডালমান জ্বলাই দিলেহি … ।
এইয়া যেন মৃত্যুক আহ্বান .. । এইয়া যেন কাৰোবাৰ মুক্তিৰ হকে জনোৱা মৃত্যুলৈ প্ৰাৰ্থনা … ।
ৰুণাৰ ওচৰ চাপি বহি ল’লে দত্ত । সংজ্ঞাহীন ৰুণা আজি অসমৰ্থ দত্তৰ উপস্থিতি অনুভৱ কৰিবলৈ । খুব কষ্টেৰে উশাহটো টানি জীয়াই থকা ৰুণাৰ বুকু খন আলফুলে মোহাৰি থাকিল তেওঁ …

: অ’ৰা … যাবলৈ ওলালাই ন’…? ইমান অভিমান তোমাৰ ….? ধেমালিকৈ হে কৈছিলো তুমি আগতে গ’লেই ভাল পাম মই… । জীৱনটো আখৰে আখৰে মোৰ কথা পালি থাকি.. শেষ মুহূৰ্ত্বত ও মোৰেই কথা শুনিলা … ? মোক অকলে এৰি যাবাগৈ এতিয়া.. ? মই কেনেকৈ থাকিম কোৱাচোন । মই গৰমত কৰবাৰ পৰা আহিলে নেমু চৰবত কণ বনাই খুৱাবলৈ নাথাকিবা ন’ তুমি ..? জধলা হৈ লেতেৰা কাপোৰ পিন্ধি থাকো বুলি দবিয়াবলৈ ও কাষত নাথাকিবা ন’…? মই বুজিছো… পতাত পিচা পদুনা চাটনি কণ ভাল পাওঁ বাবে… হাতৰ বিষত ও পিচি খুৱাব কষ্ট হয় বাবেই ঠেহ পাতিলা চাগে .. ? সময়ে সময়ে চাহ কাপ বনাই খোৱাব লাগে বাবেই খং উঠিল তোমাৰ … ?
যোৱা দিয়া .. । বহুত কষ্ট পাইছা তুমি । তোমাক এইদৰে চাই থাকিব পৰা নাই অ’ মই….। কেতিয়াবা যদি দুখ দিছিলো … অজানিতে কন্দুৱাইছিলো মোক ক্ষমা কৰিবা দেই .. ।
চিন্তা নকৰিবা .. মই ঈশ্বৰৰ কাষত ও অকলে থাকিব নিদিও তোমাক । বৰ আজলী অ’ তুমি .. । একো ভূ-ভা নাপাবা । মোৰ দায়িত্ব বোৰ পালন কৰি হ’লেই …. মই তোমাৰ ওচৰলৈ যামগৈ দেই । তোমাৰ অবিহনে যি কেইটা দিন জীয়াই থাকিম বৰ কষ্টৰ হ’ব অ’ ৰুণা.. ।
অশ্ৰুসিক্ত নয়নেৰে কথাখিনি কৈ দত্তই পানী এচামুছ ৰুণাৰ ওঁঠত বাকী দিলে আৰু ভৰি দুখনত ধৰি সেৱা কৰিলে .. । তেওঁৰ সহধৰ্মিনী আজি তেওঁৰ জীৱন যাত্ৰাৰ সহযাত্ৰী হৈ থাকিবলৈ অসমৰ্থ…. । বিয়া হোৱাৰ দিন ধৰি গোটেই জীৱন .. সুখে দুখে ছাঁটোৰ দৰে তেওঁৰ সংগী হোৱা ৰুণাই.. হয়তো অলপ পৰৰ পিছতে তেওঁক এৰি গতি ল’ব অনন্ত ধামলৈ … ।

কিমান সময় এইদৰে ৰুণাৰ ভৰিতে মূৰটো থৈ পৰি থাকিল গম নাপালে দত্তই । পুৱতি নিশা সুবোধে আহি দেখিলে মাকৰ শীতল জীৱহীন শৰীৰটো সাৱটি দেউতাক কাষতে টোপনি গৈছে .. ।
সুবোধে হেঁচুকি দেউতাকক উঠালে ….। খকমককৈ উঠি বহিল তেওঁ …

: মাৰা গ’ল নেকি .. ? ধৰ ভালকৈ…. তেওঁক বাহিৰলৈ উলিয়াই নিও .. । সাৱধানে ধৰিবি দেই … দুখ পাব কেনেবাকৈ ..। কাষৰ খুড়া হতক খবৰ দিলি নে ..?

জিনা.. ওচৰৰ মানুহবোৰক খবৰ দিয়া । চাঙি খন বনাব লাগিব নহয় … । বাবাক ও খবৰ দিবা । তাক চন্দন খৰি অলপৰ কথা কৈ থৈছিলো মই । তুমি মাহ হালধি অলপ তিয়াই দিয়া । মাৰাক নোৱাব লাগিব । তেওঁ ভালপোৱা গুলপীয়া কাপোৰযোৰ ও অলমাৰীৰৰ পৰা উলিয়াই থ’বা.. ।

দেউতাকৰ এই ৰূপটো দেখি জিনা আৰু সুবোধে চিঞৰি চিঞৰি কান্দিব ধৰিলে । কিন্তু দত্ত আজি সকলো দুখৰ পৰা মুক্ত.. । তেওঁৰ চকুত আজি এক গভীৰ প্ৰশান্তি.. !

: দেউতা অলপ ধৈয্য ধৰক । বহকচোন ইয়াতে । সকলো হৈ যাব . .. । মই আছো নহয় … ।
সুবোধে সাৱটি ধৰিলে তেওঁক .. ।

: নহয় অ’ সুবোধ … বেছি পলম নকৰিবি । তেওঁ তাত অকলে থাকিব নোৱাৰিব । মোৰ কৰিব লগীয়া খিনি সোনকালে কৰি আজৰি হৈ ময়ো যাব লাগিব নহয় … ।

সুবোধ ভাষাহীন.. কি ক’ব .. কেনেকৈ বুজাব সি দেউতাকক..?

ৰুণাক বাহিৰলৈ উলিয়াই অনা হ’ল ।ওচৰ চুবুৰীয়া সকলো গোট খালে । ধূপ ধুনাৰে মায়াময় পৰিবেশ এটাত শেষ বাৰৰ বাবে দত্তই তেওঁৰ প্ৰিয়তমা পত্নীৰ শিৰত অলপমান সেন্দুৰ ঢালি অনামিকা আঙুলিৰে কপালত ডাঙৰকৈ ফোঁট এটা আঁকি দিলে… গুলপীয়া কাপোৰ এযোৰ গাতে উৰি দি মিচিকিয়া হাঁহি এটাৰে ৰুণাক চাই তেওঁ ক’লে..

: বৰ ধুনীয়া লাগিছে তোমাক আজি ৰুণা .. । ঠিক আমাৰ ফুলশয্যাৰ নিশা যেনেকুৱা লাগিছিল … । যেন প্ৰাণ ভৰি চাই ৰ’ম মই … । যোৱাগৈ যোৱা.. নহ’লে পুনৰ প্ৰেমত পৰিম বুজিছা … ।

কথা কেইটা কৈ লাহে লাহে দত্ত নিজৰ ৰুমলৈ আহিল । দুৱাৰৰ খিলিটো লগাই ৰুণা শোৱা বিচনাখনতে শুই পৰিল । অলপ ভালদৰে শুব মন গৈছে তেওঁৰ .. । বৰ ভাগৰুৱা যেন লাগিছে নিজকে.. ।
অলপ বিশ্ৰাম কৰি ৰুণাৰ কাজ কৰ্মৰ যোগাৰ খিনি ভালদৰে কৰিব লাগিব… । নহ’লে ৰুণাৰ আত্মাই শান্তি নাপাব .. ।
এই শেষ কৰ্ম খিনি এজন উপযুক্ত স্বামী হিচাপে সুচাৰুৰূপে পালন কৰাটো দায়িত্ব তেওঁৰ … ।

হাতজোৰ কৰি ওপৰলৈ চাই মনতে কৈ উঠিল দত্তই…

: মোলৈ অপেক্ষা কৰিবা ৰুণা .. । তোমাক অকলেই পঠাই দিলো বুলি বেয়া পাই নাথাকিবা দেই … ।


       -----------------


              ( সমাপ্ত )

সপোন💖

#সপোন

——পৰিলে পৰিলে অ’…..কইনা পৰিলে’….. । ভাল ঠেকেচা খালে অ’ বেচেৰীয়ে …
কাৰোবাৰ চিঞৰত ৰভাৰ তলত গিৰ্জনী মাৰি হাঁহি দিলে সকলোৱে । বিয়াৰ মন্ত্ৰ উচ্চাৰণত ব্যস্ত পুৰোহিত জনও ক্ষণিক সময় মন্ত্ৰ পাঠ বন্ধ কৰি হাঁহি উঠিল …. ।
নাহাঁহিবই নো কিয় …..!! হোমৰ ওচৰলৈ কান্দি কাটি বাউলি হোৱা কইনা পৰিণীতাক ,দাঙি আনোতে বেলেন্স ৰখাব নোৱাৰি ঠিক বহাব লোৱাৰ মুহূৰ্ত্বতে ককায়েকে ঠেকেচকৈ পেলাই দিলে ….. । পৰিছে ও পৰিছে ….হোমৰ জুইত ঘি ঢালি থকা দৰাৰ গাতে ভৰি দুটা দি … । দীঘল উৰণিৰে পৰিবেষ্টিত পৰিণীতাৰ ও হাঁহি উঠিল । ওলাই আহোতেই হ’ব লগা মানুহটোৰ গাত ভৰি দুখন দি পৰিব লাগে নে বাৰু …!!

আজিৰ পৰা ত্ৰিশ বছৰৰ আগৰ নিজৰ বিয়া খনলৈ মনত পৰিলে এতিয়াও হাঁহি ৰখাব নোৱাৰা হয় পৰিণীতা কলিতাই । এনেকুৱা অনুভৱ হয় যেন এখন দৰা কইনাৰ খেল খেলি হে সংসাৰৰ জটিলতাবোৰক আঁকোৱালি ল’বলৈ আগবাঢ়ি আহিছিল তেওঁ… ।

সম্বন্ধ আৰু দায়িত্ববোৰৰ একো ভূ নাপাওঁতেই অসুস্থ দেউতাকে পৰিণীতাক এঘৰলৈ গতাই মুক্ত হ’ব বিচাৰিছিল । কন্যা দানৰ দায়িত্ব যে বহুত ডাঙৰ দায়িত্ব …. । সুস্থ হৈ থাকোতেই জীয়েকৰ সংসাৰ খন পাতি দিলে তেওঁ যেন এটি ডাঙৰ বোজাৰ পৰাহে সকাহ পাব …!
বয়স হিচাপে তেতিয়া উনৈশ বছৰীয়া গাভৰু পৰিণীতা… দেখা-শুনাৰ লগতে পঢ়া শুনাত ও ভালেই আছিল তাই । পখিলা খেদি ….সপোন কিছুমান চকুত আঁকি…. সেইবোৰৰ পিছে পিছে ঘূৰি ফুৰাৰ বয়সতে দেউতাক-মাকৰ ইচ্ছা, তাইৰ সপোনবোৰৰ বাটত হেঙাৰ হৈ দেখা দিছিল ।

নোৱাৰিলে পৰিণীতাই “না” ক’ব …যি দিনা দেউতাকে তাইক বিয়াৰ কথা জনাই নিজকে প্ৰস্তুত হ’বলৈ কৈছিল….।

ভগ্ন স্বাস্থ্যৰ দোহাই দি … উপযুক্ত ল’ৰা এজনৰ খবৰ পাই মনে মনে জীয়েকক বিয়া দিয়াৰ কল্পনাই কৰি পেলাইছিল তেখেতে..। জোৰ জবৰদস্তি কৰা নাছিল অৱশ্যে .. কিন্তু প্ৰয়োজন বোধ ও কৰা নাছিল … পৰিণীতাৰ জীৱনৰ ইমান এটা ডাঙৰ সিদ্ধান্তত তাইৰ ও ইচ্ছা অনিচ্ছাৰ বুজ লোৱাৰ.. । চাহিদা পূৰণৰ দাবী নকৰা বা কোনোদিন একোতেই আপত্তি নকৰা পৰিণীতাই দেউতাকৰ সিদ্ধান্তত হয়ভৰ দিব বুলিয়েই অগাধ বিশ্বাস আছিল তেওঁৰ … । নোৱাৰিলে…..পৰিণীতাই দেউতাকৰ বিশ্বাসৰ বিপক্ষে …..আৰু তাইৰ মনটোৰ সপক্ষে এটা সিদ্ধান্ত ল’ব নোৱাৰিলে…. । জগতৰ আটাইতকৈ প্রিয় ব্যক্তি জনক “না” কেনেকৈ ক’ব তাই….? কিজানি বা বহুত দুখ পাই তেখেতে…!!

নীৰৱে চকুলো টুকি….. বহু নিশা পাৰ কৰি ,অৱশেষত বিয়াত বহিল পৰিণীতা । মাক দেউতাকক এৰি যোৱাৰ দুখ যিমান আছিল, তাতোকৈ কলি মেলিব ধৰা সপোনবোৰক নিজ হাতে মোহাৰি পেলোৱাৰ দুখত হে অস্থিৰ হৈ পৰিছিল তাই… । দেউতাক বিয়াৰ পিছতও পঢ়া শুনাত যাতে তাইৰ ক্ষতি নহয় , সেই বিষয়ে জোঁৱায়েকৰ লগত কথা হৈছিল… জোঁৱায়েকে ও পৰিণীতাই সেই ক্ষেত্ৰত কোনো অসুবিধা নাপাই বুলি কথা দিছিল …। কথা খিনি জানি ভাল লাগিছিল যদিও , পৰিণীতাৰ মনত কিবা এটা জেদে উকমুকাই উঠিছিল…. । ইমান গধুৰ বোজা হ’ল নে তাই ঘৰ খনৰ …. ? হিয়া উজাৰি মৰম দিয়া দেউতাকে এবাৰ ও তাইৰ সপোনবোৰৰ বিষয়ে বুজিব যত্ন কৰিব নালাগিছিল নে..?? অকল বিয়া দি এঘৰলৈ উলিয়াই দিয়াটো হে তেওঁৰ দায়িত্ব আছিল নেকি …???

পৰিস্হিতি বোৰক সদায়েই নিজৰ মনটোক হত্যা কৰি …সহজে বুজি লোৱা পিৰিণীতাই এই সকলোবোৰ কপালৰ লিখন বুলিয়েই সান্তনা লৈছিল ..আৰু হোমৰ জুই কুৰাত দুচকুৰ সপোনবোৰৰ আহুতি দিছিল…. ! তাই এতিয়া কেৱল কাৰোবাৰ পত্নী … এখন ঘৰৰ বোৱাৰী হৈ জীৱন কটাব … । নেদেখে একো সপোন … জীৱনে যি বাটে লৈ যায়… খোজত খোজ মিলাই আগুৱাই যাব মাথোঁ… তাত তাইৰ ইচ্ছা অনিচ্ছাৰ কোনো কথা নাথাকিব … ।

এনেকৈয়ে এদিন পিতৃ গৃহৰ পৰা বিদায় লৈ বোৱাৰী জীৱনৰ পাতনি মেলিলে পৰিণীতাই … । প্ৰতি খোজতে যেন উজুটি খাব আৰম্ভ কৰিলে তাই.. । একো দেখোন আও- ভাও পোৱাই নাই … সব খেলি মেলি হ’ব ধৰিলে .. । কেতিয়াবা চখতে মাকৰ লগত মাংস তৰকাৰী এখন বনাবলৈ পাকঘৰত সোমোৱা পৰিণীতাই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পাকঘৰটোতেই ভাগে ভাগে খোৱা বস্তুৰ যোগান ধৰি সোমাই থাকিব ল’গা হ’ল..। নিজৰ পঢ়া -শুনা , টিউচন ক্লাছ , বন্ধু বান্ধৱৰ লগতে ইমান দিনে ব্যস্ত থকা পৰিণীতাৰ বাবে সহজ নাছিল ইমানবোৰ একেলগে চম্ভালা … । যত্ন কৰিছিল … শিকিছিল কামবোৰ , তথাপিও…. ” ঘৰত কি শিকি আহিলা…. ? মা দেউতাই কি শিকাই পঠালে ….?? ” তেনেকুৱা প্ৰশ্ন কিছুমানৰ সন্মুখীন হৈ ভাগি পৰিছিল পৰিণীতা .. ।
ইমান অবুজ নে মানুহবোৰ …. ! শিকি বুজি লৈ কামবোৰ কৰিব পৰাকৈ অলপ মান সময় ও দিব নোৱাৰে নে তাইক ….? এইদৰে যি টি কথা কৈ দুখ দিবলৈ অলপ ও বেয়া নালাগে নে কাৰো …. ? কেইদিন নো হৈছে এইখন ঘৰত ভৰি থোৱা…! তাইৰ অনুভূতিবোৰৰ…. তাইৰ মনটোৰ…মূল্য নাই নেকি একো…!!
দুখবোৰ নজনাকৈয়ে বিদ্ৰোহ হৈ পৰিল .. । সকলো সোনকালেই শিকি… সামৰি… ল’বলৈ পন কৰিলে তাই … । সময়ৰ লগে লগে শিকিলে, পৰা হ’ল কাম কাজবোৰ, জনা বুজা ও হৈ পৰিল… কিন্তু বিনিময়ত তাইৰ নিজস্বতা বোৰ হেৰাই থাকিল… । কেৱল এঘৰৰ বোৱাৰী হৈ পৰিল পিৰিণীতা .. পৰিয়াল , মিতিৰ কুটুম্ব , বন্ধু-বান্ধৱ সকলোৰে পৰা দূৰত্ব মানি চলিব ধৰিলে তাই … । নালাগে একো… কোনো মানুহৰ প্ৰয়োজন নাই তাইৰ কাষত … অকলেই পাৰিব থাকিব তাই…।
এতিয়াও নুবুজে… কিয় এনেকুৱা কৰিছিল … হয়তো নিজকে এইদৰে শাস্তি দিছিল পৰিণীতাই … নাইবা নিজৰ লগতে এখন অপ্ৰত্যাশিত যুঁজত নামি পৰিছিল এসময়ৰ ৰাংঢালি…. হাঁহি ফুৰ্তিৰে থাকি ভালপোৱা পৰিণীতা জনীয়ে … !!

দুবছৰৰ মূৰত তাইৰ কোলালৈ এজনী কণমানি পৰী আহিল ।
বহুত দিনৰ মূৰত যেন প্ৰাণ ভৰি উশাহ ল’ব পৰাকৈ… সুখবোৰে পৰিণীতাক হাত বাউলি মাতিলে .. । বুকুৰ সমগ্ৰতাৰে সাৱটি ধৰিলে তাই, সেই সুখ… সেই শান্তি খিনিক । তাইৰ একান্ত আপোন, তাইৰ নাৰীত্বক মৰ্যদা দি ….কোলা শুৱনি কৰা পৰিজনীক অনবৰতে যেন বুকুৰ মাজতে লৈ থাকিব পৰিণীতাই… । কাকো যেন চুব নিদিব, মৰম ও কৰিব নিদিব … ।

লাহে লাহে সময়বোৰ সলনি হ’ল । পৰিণীতাৰ সন্তানটি ডাঙৰ হ’ব ধৰিলে … তাইৰ জীয়াই থকাৰ কাৰণ হৈ পৰিল সেই পৰিজনী ।
মৰমৰে পৰিণীতাই তাইৰ নাম থ’লে ” হিয়া ” …..।

হিয়া এতিয়া তাইৰ অন্তৰংগ বান্ধৱী … । জীৱন ডায়েৰীৰ প্ৰতিটো পৃষ্ঠা খুলি দিছে হিয়াৰ সন্মুখত পৰিণীতাই .. । হিয়াই আজিকালি মাকক গালি দিয়ে ….
” নিজৰ অস্তিত্বৰ বাবে কিয় যুঁজিব নিশিকিলা মা…? , কিয় সহি গ’লা নীৰৱে সকলো …?? , কিয় প্ৰতিবাদ নকৰিলা সপোনবোৰক হত্যা কৰাৰ সময়ত …???
মাকে মাথোঁ শেঁতা হাঁহি এটাৰে উত্তৰ দিয়ে … ” হ’ব দিয়া … তুমি আছা নহয় ..! মই দেখা সপোনবোৰ তুমি পূৰ কৰিবা মোৰ হৈ … ।
দুচকু সেমেকি উঠে হিয়াৰ ।

এই হিয়াকে চাবলৈ আজি মাক দেউতাকক লগত লৈ মানস আহিব .. । মুম্বাই নিবাসী এজন চফ্টৱেৰ ইঞ্জিনীয়াৰ তেওঁ ।মাকে জানিব বিচাৰিছিল কোনোবা প্ৰেমিক আছে নেকি হিয়াৰ… তাই জনাই দিছিল…. অযথা সেইবোৰত সময় খৰছ কৰা মন নাই তাইৰ…। কপাল এখন লৈ আহিছে, কোনোবা এজনতো আছেই কপালত.. । বিয়াত বহি সেইজনৰ লগতেই প্ৰেম কৰিব ।

হিয়া এতিয়া এখন কলেজৰ প্ৰবক্তা….. । কামে কাজে পাকৈত কৰিয়েই গঢ় দিছে পৰিণীতাই হিয়াক । হিয়াই বিয়াৰ কথা ওলাওতেই মাকক কৈ দিছিল …. “ল’ৰা কেনেকুৱা সেইটো তাইৰ বাবে ইমান গুৰুত্বপুৰ্ণ নহয় । মদ ভাং নাখালেই হ’ল মাত্ৰ…..। বাকী , কিবা অলপ বেয়া থাকিলে ঠিক কৰি ল’ব পাৰিব তাই.. সেই বিশ্বাস আছে …। কিন্তু বিয়া হৈ যোৱা ঘৰ খনৰ মানুহখিনি ভাল হ’ব লাগিব …. তাইৰ ঘৰখনক, তাইৰ মাক দেউতাকক আপোন কৰি ল’ব পাৰিব লাগিব তেওঁলোকে … । তাই সেইটোহে বিচাৰে ।”
হাঁহি উঠে হিয়াৰ কথাবোৰত পৰিণীতাৰ । একেবাৰে খাৰাং-খাচ । মাকৰ সম্পূৰ্ণ বিপৰীত হিয়া … ।

ঘৰ খনত আজি উখল মাখল পৰিবেশ এটা….। মানস হঁতৰ বাবে বিশেষ আয়োজন চলিছে পাকঘৰত । ৰান্ধি ভাল পোৱা হিয়াই.. নানা ধৰণৰ ব্যঞ্জন বনোৱাত ব্যস্ত । মাকে কেইবাবাৰ ও তাইক সকিয়াই আছে কাপোৰ সাজ সলাই ধুনীয়া হৈ ল’বলৈ । মাকৰ কথা পেলাব নোৱাৰি পাতল সেউজীয়া কাপোৰ এযোৰ পিন্ধি … সামান্য প্ৰসাধনেৰে সজাই ল’লে হিয়াই নিজকে ।
তেনেকুৱাতে মানস আহি পালেহি । লগত তেওঁৰ মাক দেউতাক… । ছোৱালী চাব অহা পৰ্বটোতে ঘৰৰ মানুহ কেইজনৰ বাদে বেলেগ কাৰোবাক আনিব বিচৰা নাছিল সি .. । বিয়া খন কেনেবাকৈ হৈ নুঠিলে মানুহবোৰৰ সন্মুখত ছোৱালীজনীৰ আত্মসন্মান লাঘৱ হয়.. । শ্ৰদ্ধা উপজিছিল হিয়াৰ …মানসৰ সেই মনোভাব জানি ।
মাক দেউতাকে আথে বেথে বহুৱালে তেওঁলোকক । ইটো সিটো সাধাৰণ কথা বতৰা পিছতেই চাহৰ ট্ৰে’ খন লৈ ওলাই আহিল হিয়া… । লুকাই চুৰকৈ মানসক চালে তাই । মানসৰ চকুৱে চকুৱে পৰাত লাজতে গাল খন গৰম হৈ গ’ল ….। সি ও মানে তাইকে চাই আছিল … । ইস.. কিয় নো চাব লাগে তাই মানসৰ ফালে ….!!
মানসৰ মাকে কাষতে বহুৱাই নামটো সুধিলে হিয়াৰ ..
—–” হিয়া কলিতা ‘ … মোৰ নাম ।
—– মাতটো বৰ মিঠা তোমাৰ , দেখিবও মৰম ল’গা । গান গোৱা নেকি তুমি ?
—– নাই নাই.. নাগাও । শিকাই নহ’ল । এনেই গুণগুণাও ।
—– শিকিব পাৰিলা হয়… ! ইমান ধুনীয়া মাত ।
—– বিয়া হ’বলৈ গান শিকিবই লাগে নেকি । মই কিন্তু বাকীবোৰ কাম জানো । ঘৰ খন পৰিপাটিকৈ সঁজাব জানো , বাচন ধুই ও ভাল পাওঁ , থলুৱা অসমীয়া খাদ্যৰ পৰা… কেক ,লাড়ু পিঠা বা দুই এবিধ মিঠাই বনাবও শিকাইছে মায়ে মোক । লিখা পঢ়াত ও ৰাপ আছে .. গান শিকাহে নহ’ল । ভাবিয়েই নাচালো আচলতে ।
মানসৰ মাকে ভেবা লাগি শুনি গ’ল হিয়াৰ কথাবোৰ । দেউতাকে হিয়াৰ স্পষ্টবাদীতা বহুত ভাল পালে … আৰু মানসে মুখ টিপি হাঁহিলে তাইলৈ চাই ।
ইফালে পৰিণীতা দোধোৰ -মোধোৰ অৱস্থাত পৰিল … । কিয় নো ইমানবোৰ কব লাগে বাৰু হিয়াই … । মুখ চোকা বুলি যদি ছোৱালীক পছন্দ নকৰে এতিয়া …
চাহ খাই উঠি মানসৰ দেউতাকে ইঙ্গিতেৰে ক’লে যে হিয়াক তেওঁলোকে পছন্দ কৰিছে । লগতে হিয়ালৈ চাই জানিব বিচাৰিলে তাইৰ মত ।
হিয়াই অলপ সময় মানসক অকলে লগ পাব বিচাৰিলে । জীৱনটো নজনা , নেদেখা এজনৰ লগত কটাব গৈ আছে । সম্বন্ধৰ দোলেৰে বান্ধ খোৱাৰ আগতে ইজনে সিজনক জনাটো প্ৰয়োজন আচলতে । আপত্তি নকৰিলে কোনেও । হিয়াই তাইৰ ৰূমলৈকে লৈ গ’ল মানসক ।
ইমান সময় হিয়াই হে কৈ আছিল । মানসৰ মাততো শুনাই নাছিল তাই । ৰুমত আহি মানসেই প্ৰথম মাত দিলে …
—– হিয়া, ইউ আৰ চিমপ্লি বিউটিফুল । তুমি বহুত স্ট্রেইট ফ’ৱাৰ্ড.. । মোৰ ভাল লাগিছে তোমাক ।
মোৰ বাবে খোৱা বস্তুবোৰ তুমিয়েই বনাইছিলা নেকি বাৰু … ?
—– উম । মই বনোৱা । কেনেকুৱা পালা খাই ।
—– খুব সুন্দৰ হৈছিল । এতিয়াৰ পৰা মানে মই সদায় তোমাৰ হাতৰ সোৱাদ ল’ব পাৰিম ন…?
প্ৰশংসা বোৰ শুনি ভাল লাগিল হিয়াৰ । সকলোৱে ভাল পাই… কোনোবাই গুণবোৰক এপ্ৰেচিয়েত কৰিলে । তাই মিঠা হাঁহি এটা মুখত লৈ মানসে কোৱাবোৰ শুনি গ’ল ।
—– অহ’….. মইতো গমেই পোৱা নাই , তুমি মোক পছন্দ কৰিছা নে নাই … !!
মানসে হিয়াৰ দুচকুলৈ চাই সুধিলে । চকুৱে নিৰৱে মনৰ কথাবোৰ কৈ দিয়ে….. । মানসে হয়তো হিয়াৰ দুচকুত সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে … ।
হিয়াই গভীৰ প্ৰত্যয়ৰে জনালে মানসক যে প্ৰথম দেখিয়েই তাইৰ মানসক ভাল লাগি গৈছে ।
ভাল লাগি যাব পৰাকৈ এটি সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী মানস ।গহীন গম্ভীৰ, সুন্দৰ শাৰীৰ এটাৰ লগতে দেখাতে পৰিপাটি যেন লগা মানসৰ দৰে কোনোবা এজনকে চাগৈ সকলো ছোৱালীয়ে জীৱন সংগী ৰূপে পোৱাৰ সপোন দেখে ।
—— তেতিয়াহ’লে বিয়াৰ যোগাৰ কৰিব পাৰো মানে আমি … । ধেমালি কৰি সুধিলে মানসে হিয়াক ।
মৌন হাঁহি এটিৰে সন্মতি জনাই হিয়াই মানসক ক’লে …
—— মানস, মই চিধা চিধিকৈ এটা কথা কওঁ…
—— কোৱা ..।
—— বিয়াৰ আগতে মই তোমাৰ এইচ . আই . ভি টেষ্ট এটা কৰাটো বিচাৰো । তুমি সুদূৰ মুম্বাইত থাকা । তুমি ভাৰ্জিন হয় নে নহয় সেই লৈ মাথা গৰম কৰা নাই মই । কিবা কাৰণত কেতিয়াবা কাৰোবাৰ লগত তোমাৰ তেনে সম্বন্ধ হৈছে নেকি সেইটো ও জানিব নিবিচাৰো । তোমাৰ ভৱিষ্যতটোৰ গৰাকী হৈ হে মই তোমাৰ লগত জীৱন কটাব বিচাৰিছো । অতীতবোৰ অতীত হৈয়েই থাকক …, কিন্তু ভৱিষ্যতৰ সুৰক্ষাৰ বাবেই মই টেষ্ট এটা কৰাটো বিচাৰো । মোৰ লগৰ বহুতকে মই দেখিছো বিয়াৰ আগতে এইদৰে নিজৰ ফিজিকেল নিডছ পূৰাবলৈ গৈ বহুতো বেমাৰ গালৈ কঢ়িয়াই আনিছে । এইবোৰ কোৱাত তুমি মোক কি ভাবিছা নাজানো । কিন্তু মই সঁচাই ভাবো, ইয়াৰ প্ৰয়োজন আছে ।
আগ্ৰহেৰে তাই মানসলৈ চালে ।
—— তোমাৰ সজাগতাক মই সন্মান জনাইছো হিয়া । তুমি একো ভুল কৰা নাই । মই অতি সোনকালেই পৰীক্ষা কৰাই তোমাৰ ওচৰত আহিম । তুমি তেতিয়া মোক ফাইনেলি একচেপ্ট কৰিবা । মই তোমাক অলপ ও বেয়া পোৱা নাই । ৰাডাৰ ভাল লাগিছে তোমাৰ স্পষ্টবাদীতা… ।
—— মই জানো মোৰ পৰীক্ষা কৰোৱাৰ প্ৰয়োজনীয়তা নাই । কিন্তু তুমি বিচাৰিলে ময়ো যাম তোমাৰ লগত ।
হিয়াই মানসক জনালে ।
—— এজ ইউ উইছ … তোমাক লগত নিলে ভালেই লাগিব মোৰ । চ’ বাট চালো …. তোমাৰ ফাইনেল “হা” টোলৈ ..।
—— জাষ্ট থাৰটি পাৰ্চেন্ত বাকী মানস .. অলৰেডি চেভেন্টি পাৰ্চেন্ত হা ক’লোয়েই মই…. ।
নিজৰ ৰসিকতাত নিজৰেই হাঁহি উঠি গ’ল হিয়াৰ… ।
বহাৰ পৰা উঠি দুখোজ আগুৱাই গৈ মানস ঘপহকৈ ঘূৰি আহিল ….
—— বাই ডা ওয়ে , মিছ হিয়া কলিতা…. আই এম ষ্টীল ভাৰ্জিন । মোৰ পত্নীয়ে পুৰা ফ্রেছ স্বামী এজনেই পাব দেই । ডা টেষ্ট ইজ জাষ্ট ফৰ ইওৰ চেটিছফেক্সন… ।
হিয়াৰ গাল খনত তৰ্জনী আঙুলিৰে মৃদু টোকৰ এটা মাৰি ৰুমৰ পৰা ওলাই গ’ল মানস ।
লাজতে বহু সময় বহা ঠাইতে বহি থাকিল হিয়া …. । ভাল লগা অনুভৱ কিছুমানে চুই গ’ল মনটো ….। আৰম্ভণি বোৰ এইদৰে সুন্দৰ হ’লে অচিনাকি এজনৰ লগতো নিশ্চয় সুন্দৰকৈ গোটেই জীৱন পাৰ কৰি দিব পৰা যায় । ভাল হওক সকলোবোৰ । ভগৱানক মনতে প্ৰাৰ্থনা জনালে তাই ।

বাহিৰত সকলোৱে উৎসুকতাৰে বাট চাই আছিল দুয়োলৈ । মানসে সকলোবোৰ খোলাকৈ জনালে । ওজৰ আপত্তি কৰিব লগা একোৱেই নাছিল । দুই বিয়ৈ বিয়নীয়ে ফুৰ্তিতে ইজনে সিজনক সাৱটি ধৰিলে … ।
হিয়া ও ওলাই আহি লাজ লাজকৈ সকলোলৈ চালে । পৰিণীতাই মৰমেৰে আঁকোৱালি ল’লে তাইক ।
ফৰকাল যেন লাগিল পৰিণীতাৰ মনটো । হিয়াৰ নিৰ্ভীকতা, স্পষ্টবাদীতা আৰু সাহস দেখি গৌৰৱ বোধ কৰিলে তাই । আজিৰ নাৰী পৰিণীতাৰ দৰে দুৰ্বল , অবলা নহয় … আজিৰ নাৰী হিয়াৰ দৰে নিৰ্ভীক…. নিজৰ অস্তিত্বৰ বাবে যুজঁ দিব পৰাকৈ সাহসী … ।
নিজৰ বিয়া খন আৰু হিয়াৰ হ’ব লগা বিয়াখনৰ কথা ভাবি
সুখবোৰ চকুপানী হৈ বৈ আহিল পৰিণীতাৰ দুচকুৰ পৰা…. ।

                             …………………..

                                ( সমাপ্ত )

বিচ্ছেদ..💔

বৰষুণজাক থমকি ৰ'বই বিচৰা নাই দেখোন ....!! বিচনাৰ পৰাই খিড়িকীখনেৰে বাহিৰলৈ ভুমুকিয়াই চালে বৰ্ণালীয়ে ।

পুৱতি নিশাৰ পৰাই আকাশ খনে গাজি-গুমৰি আছে আজি । এসময়ত কিমান যে প্রিয় আছিল এনে এজাক বৰষুণ বৰ্ণালীৰ … সকলো অতীত হ’ল এতিয়া.. । আজিৰ এই বৰষুণজাকত ভালপোৱাৰ মাদকতা নাই.. নাই কোনো প্ৰেমৰ অনুভূতি… ।

এদিন এনেকুৱা এজাক বৰষুণতে তিতি কলেজৰ সন্মুখত মিৰ’নলৈ অপেক্ষা কৰিছিল বৰ্ণালীয়ে । লগৰ বোৰে …”পাগল হ’লি নেকি”– বুলি হাঁহিছিল … তাইক দেখি … । হয়তো পাগলেই হৈছিল তাই সেইদিনা , মিৰ’নৰ প্ৰেমত মতলীয়া হৈছিল… এআকাশ ভালপোৱা যেন খহি পৰি… তিয়াই পেলাইছিল সেইদিনা তাইক.. !!

মিৰ’নক প্ৰথম লগ পাইছিল বৰ্ণালীয়ে সেই বৰষুণমুখৰ আবেলিটোত.. ।

মিঠা বৰণীয়া, বুদ্ধীদীপ্ত চকু দুটাৰে …দেখিয়েই প্ৰেমত পৰিব পৰাকৈ ধুনীয়া আছিল মিৰ’ন… । আৰু এদিন বৰ্ণালীক আচৰিত কৰি মিৰ’নেই তাইক ভালপোৱাৰ প্ৰস্তাৱ দিছিল … । প্ৰেমৰ সুখানুভূতিয়ে ভৰাই পেলাইছিল দুয়োৰে মনবোৰ । সেই তেতিয়াৰ পৰাই , বৰষুণ প্ৰেমিক দুয়ো..বৰষুণ পৰিলেই একেলগে ওলাই আহিছিল তিতিবলৈ .. জপিয়াই জপিয়াই খেলিছিল হাতে হাত ধৰি … । নাচি নাচি বাউলি হৈ পৰিছিল তাই….. আৰু মন্ত্ৰমুগ্ধ হৈ চাই ৰৈছিল মিৰ’নে …

—- মিৰ’ন তোমাৰ ঈৰ্ষা হ’ব নেকি মই যদি বৰষুণৰ প্ৰেমত পৰো বুলি কওঁ…. !!
খিলখিলাই হাঁহি উঠিছিল বৰ্ণালী …
—- নহয়.. জানো, মোৰ বাদে তুমি কাৰো প্ৰেমত নপৰা । মাত্ৰ এইদৰে নাচি থাকা.. দেখিবা আকাশ, ডাৱৰ , বৰষুণ … সকলো ওলোটাই… মোৰ দৰে, তোমাৰেই প্ৰেমত পৰিছে…. । মইয়ো বৰষুণৰ টোপালবোৰৰ দৰেই স্পৰ্শ কৰি যাম তোমাৰ শৰীৰ .. প্ৰতি টোপাল বৰষুণত মোক অনুভৱ কৰি চোৱা না বৰ্ণালী.. । বিচাৰি পাইছা নে মোক তোমাৰ মাজত…?

মিৰ’নৰ কথা শুনি তাই লাজতে ৰঙা পৰি গৈছিল । সি আলফুলে বুকুলৈ চপাই লৈছিল তাইক .. । কি যে এক অবুজ শিহৰণে চুই গৈছিল সেইদিনা দুয়োকে… বুজিব বিচাৰি কুচি-মুচি বেছিকৈ সোমাই পৰিছিল বৰ্ণালী মিৰ’নৰ বুকুলৈ … মিৰ’নেও সমস্ত ভলপোৱাৰে সাৱটি ধৰিছিল তাৰ প্ৰেয়সীক … !!

প্ৰেম গভীৰ হৈ পৰিছিল দুয়োৰে । মিঠা সপোন কিছুমানে দুচকুত বাহৰ পাতিছিল…. । দুয়োৰে ঘৰত সিহঁতৰ সম্বন্ধক স্বীকৃতি ও দিছিল … মাথোঁ অপেক্ষা কৰি ৰৈছিল বিবাহৰ জৰিয়তে দুয়ো দুয়োৰে হোৱালৈ …

—– মিৰ’ন মই নোৱাৰো আৰু এইদৰে তোমাৰ পৰা দূৰত থাকিব । কেতিয়া মোৰ শিৰত সেন্দুৰৰ ৰং বোলাবা কোৱা না প্লিজ … !! কেতিয়া মই তোমাৰ ভালপোৱাৰে পূৰ্ণ হ’ম.. ?
—– মই জানো বিচৰা নাই তোমাক নিজৰ কৰি কাষতে ৰাখিব বৰ্ণালী .!! কিন্তু অকল প্ৰেমেই জানো সংসাৰ চলাব , ভোক গুচাব পাৰিব … ? মোক এষ্টাবলিচ হৈ ল’ব দিয়া আগতে । এই অপেক্ষাৰ অতি শীঘ্ৰেই ওৰ পৰিব চাবা .. । মই হয়তো নেক্সত মান্থত ফাইনান্স ক’ম্পানী এটাত জইন কৰিব পাৰিম .. । ইণ্টাৰভিউ খুবেই ভাল হৈছে । মই বহুত আশাবাদী .. আমাৰ সপোনবোৰে পূৰ্ণতা পাব বৰ্ণালী … অতি সোনকালেই তুমি মোৰ হ’বা ।

সোনকালেই মিৰ’নৰ এটা ফাইনান্স ক’ম্পানীত চাকৰি হৈছিল । তাৰ কেইটামান দিনৰ পিছতেই ভবাৰ দৰে ধুমধামেৰে বৰ্ণালী আৰু মিৰ’নৰ বিয়াৰ দিন ও ঠিক হৈছিল । পৰিকল্পনা বোৰ আগৰে আছিল দুয়োৰে… মাত্ৰ সেইবোৰক সঁচা কৰি এদিন বৰ্ণালীয়ে… জীৱনৰ বাকী থকা দিনবোৰ মিৰ’নৰ নামত লিখি দি , চিৰদিনলৈ গুচি আহিছিল জন্ম হোৱা ঘৰখন এৰি তাৰ পত্নী হৈ …. ।
ডগমগাই থকা শিৰৰ সেন্দুৰ, কপালৰ ফোঁট আৰু দীঘল একোচা চুলিৰে প্ৰথম দৃষ্টিতে ভাল লাগি যোৱাকৈ ধুনীয়া বোৱাৰী এজনী হৈ পৰিছিল তাই…. । নতুন কইনা চাব আহি ওচৰ চুবুৰীয়া সকলোৰে মুখে মুখে বৰ্ণালীৰ ৰূপৰ চৰ্চা হ’ব ধৰিছিল । শাহুয়েকে লখিমী বোৱাৰীয়ে ঘৰত ভৰি থৈছে বুলি মৰমেৰে উপচাই পেলাইছিল তাইক … ।
মনে বিচৰা জনৰ প্ৰণয় প্ৰাৰ্থী হোৱাৰ উপৰিও শাহুয়েক , শহুৰেকৰ পৰা পোৱা মৰমত নিজকে বৰ ভাগ্যৱতী যেন অনুভৱ কৰিব লৈছিল তাই… ঈশ্বৰে যেন সিহঁতৰ কপালত সুখবোৰ লিখি দিয়াত অলপও কৃপনালি কৰা নাছিল ।
নতুন জীৱনৰ প্ৰতিটো দিন বহাগৰ ন’ কুঁহিপাত বোৰৰ দৰেই সুন্দৰ আৰু ভাল ল’গা হৈ আহিছিল লাহে লাহে … প্ৰেমৰ সেউজীয়াবোৰে জীপাল কৰি তুলিছিল মিৰ’ন আৰু বৰ্ণালীক …

—–মিৰ’ন .. আমি দুজনৰ পৰা তিনিজন হোৱাৰ সময় আহিছে আৰু..! মোৰ খুব মন গৈছে জানা ,এটি সন্তানৰ মাক হ’বলৈ । কিমান যে ভাল লাগিব .. তোমাৰ মোৰ প্ৰেমৰ চিন স্বৰূপে এটি দেৱশিশু আহিব আমাৰ মাজলৈ । মোৰ বুকুৰ অমৃত পান কৰি একলা দুকলাকৈ ডাঙৰ হ’ব আমাৰেই তেজ মঙহৰ… একান্ত নিজৰ… এটুকুৰা অংশ ..!!
মা-দেউতাই ও কথা পতা শুনিছো এই সংক্ৰান্তত । বিয়া হোৱা দুবছৰেই হ’ল … । আমি এতিয়া সন্তানৰ প্লেন কৰা উচিত ।

বৰ্ণালীয়ে নিবিড় মুহূৰ্ত্ব এটাত আৱেগেৰে কোৱা কথা খিনিত মিৰ’নেও সঁহাৰি জনাইছিল । আচলতে যত্ন নকৰা ও নহয় দুয়ো । তথাপিও বৰ্ণালীয়ে গৰ্ভধাৰণ নকৰাত এবাৰ গাইন’ক’লজিষ্ট এজনক কনচাল্ট কৰাৰ কথা ভাবিলে মিৰ’নে ।
কথামতেই এজন চিকিৎসকক লগ কৰিলে সিহঁতে…. । দুটামান টেষ্ট কৰি বৰ্ণালীৰ গৰ্ভধাৰণত কোনো সমস্যা নাই বুলি সাধাৰণ কথা কিছুমান বুজাই ডাক্তৰে সিহঁতক পঠিয়াই দিলে ।
নতুন উদ্যমৰে সিহঁতে পুনৰ যত্ন কৰিলে … কিন্তু প্ৰতিবাৰেই বিফল হ’ল । এটি সন্তানৰ মায়াই বিচলিত কৰি পেলালে বৰ্ণালীক … হতাশ হ’ল মিৰ’ন ও …. ।
ইফালে শহুৰ-শাহুয়েকৰ বোৱাৰীলৈ থকা মৰমবোৰ ঘৃণালৈ ৰূপান্তৰ হ’ব ধৰিলে । ঘৰৰ লখিমী বুলি আদৰি লোৱা বৰ্ণালী সেইখন ঘৰত কুলক্ষণী হৈ পৰিল .. । বাজি …, বনৰী…. আদি বহুত উপমা পালে তাই …। সন্তানহীনতাৰ দুখে খুলি খুলি খাব ধৰা বৰ্ণালী ….আপোন মানুহখিনিৰ পৰা পোৱা এনে ব্যৱহাৰত ভাগি পৰিল । মাহেকীয়াৰ দিনটো ওচৰ চাপি অহাৰ লগে লগে বুকুখন কিবা এটা ভয়ত কঁপি থকা হৈছিল তাইৰ…. । আৰু শাহুয়েকে যেতিয়া তাই ভিতৰ সোমোৱা কথা গম পাইছিল… অশ্ৰাব্য গোৱাল গালি কিছুমানেৰে তাইক থকা সৰকা কৰিব ধৰিছিল ।

—- মোৰ কপালত নাতিৰ সুখ নাই অ’… ল’ৰাটোৰ জীৱনটো খাই পেলাবলৈ আহিল এই হাৰামজাদি… ভেটিত তিতা গুটি গজিল মোৰ .. এই বাজি জনীৰ ঠাইত বেলেগ এজনী বিয়া কৰাই অনা হ’লে আজি মোৰ ঘৰৰ চোতালত নাতি নাতিনীয়ে দপ-দপাই ফুৰিলে হয় …

এইদৰে বিননী তুলি শাহুয়েকে মিৰ’নৰ কাণত কথাবোৰ পেলাব যত্ন কৰিছিল । প্ৰতিবাদ কৰিছিল বৰ্ণালীয়ে…. । মনে মনে সহি থকাও নাছিল । ডাক্তৰৰ ৰিপৰ্ট মতে তাই যে বন্ধ্যা নহয় বুজাইছিল সকলোকে । মানি লোৱা নাছিল কোনে । বৰ্ণালীয়ে প্ৰশ্ন তুলিছিল তাৰ নীৰৱতাত .. মাক দেউতাকক বুজাব কৈছিল তাৰ পত্নী যে অক্ষম নহয় গৰ্ভধাৰণ কৰিবলৈ । কিন্তু সি বৰ্ণালীৰ সাহস হোৱাৰ সলনি সেই সকলোবোৰৰ প্ৰতি উদাসীন মনোভাব এটা লৈ আঁতৰি গৈছিল পৰিস্থিতিৰ মুখা-মুখি নকৰাকৈ …

বছৰবোৰ বাগৰি গৈছিল … ।
দিন যোৱাৰ লগে লগে বৰ্ণালীৰ ওপৰত মানসিক নির্যাতনে চৰম সীমা অতিক্ৰম কৰিব ধৰিলে । মিৰ’ন আৰু বৰ্ণালীৰ মাজতো মতানকৈই দেখা দিলে । সিহঁতৰ সপোনবোৰ যেন থান বান হৈ হেৰাই গ’ল ক’ৰবাত … !! নিজকে সামান্য চাপমুক্ত কৰিবলৈকে বৰ্ণালীয়ে চাকৰি এটাৰ প্ৰয়োজন অনুভৱ কৰিলে । বিয়া হৈ মিৰ’নৰ ঘৰ খন সজাই পৰাই সিহঁতৰ কল্পনাৰ ঘৰ এখন বনোৱাৰ স্বাৰ্থতে তাই ইমান বছৰে নিজৰ কথা ভবাই নাছিল । পিছে সময় আহি পৰিছিল তাইৰ নিজৰ কথা ভবাৰ .. ।
নিজৰ দক্ষতাৰে বৰ্ণালীয়ে উপায়ুক্তৰ কাৰ্যালয়ত তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাবে যোগদান কৰিছিল । অৱশেষত দিনটোৰ অলপ সময় কথাবোৰ নাভাবি অলপ মুকলি মনেৰে থকাৰ ৰাষ্টা এটা ওলাইছিল তাইৰ …।
এদিন সন্ধ্যা পাকঘৰত ব্যস্ত থকাৰ সময়তে… কাষৰ ৰুমত শাহুয়েকে ,শহুৰেকক বৰ্ণালীক খেদি আন এজনীক পুতেকৰ বোৱাৰী কৰি অনাৰ বিষয়ে আলোচনা কৰি থকা শুনিব পালে ।
একে কোবে তাই মিৰ’নৰ ওচৰ পালেহি ।

—– মা দেউতাই তোমাৰ দ্বিতীয় বিবাহৰ কথা ভাবিছে মিৰ’ন । এটা সন্তান জন্ম দিব নোৱাৰিলো বুলিয়েই আজি মই ইমান এলাগী হৈ পৰিলো … ? তুমি ইমানবোৰৰ পিছত ও নিৰৱে থাকিবা ..?? এতিয়াই যোৱা মিৰ’ন … মাহঁতক বুজোৱা … এটা সন্তান তোমাৰ মোৰ বিচ্ছেদৰ কাৰণ হ’ব নোৱাৰে । আমাৰ প্ৰেম এই সকলোবোৰৰ উৰ্ধত । যোৱা মিৰ’ন…
গতিয়াই দিছিল বৰ্ণালীয়ে তাক । মিৰ’নে তলমূৰ কৰি শুনি গৈছিল কথাবোৰ .. । কান্দি কান্দি পাগলী হৈ পৰিছিল বৰ্ণালী .. কিন্তু তাইৰ চকুপানীবোৰে ও যেন গলাব পৰা নাছিল মিৰ’নৰ হিয়াখন …
এটা সময়ত মুখ খুলিছিল মিৰ’নে .. আৰু তাৰ শব্দবোৰে খুচি গৈছিল এফালৰ পৰা বৰ্ণালীৰ কলিজাটো ..

—– মোক মায়ে জনাইছে এইবোৰ । আচলতে তেওঁলোক বহুত দুখী ।
—– মানে … ? কি বুজো মই মিৰ’ন …!! এই সিদ্ধান্তত একমত তুমি …??
—– ঠিক তেনেকুৱা নহয় । মই বিয়াত সন্মত নহয় ।
—– তেতিয়াহলে মোক চুলিত ধৰি গতিয়াই খেদি দিয়াত আপত্তি নাই তোমাৰ ?
—– তেনেকৈ কৈছো জানো মই .. ?
—– তোমাৰ ইমান দিনৰ নীৰৱতাই তাকে বুজাইছে মোক মিৰ’ন । আমাৰ ভালপোৱা ও আজি মূল্যহীন হৈ পৰিল …!! আৰে…. এই পৃথিৱীত সন্তানহীন দম্পত্তি বহুত আছে । ভগৱানে কেৱল তোমাকে মোক বঞ্চিত কৰা নাই এই সুখৰ পৰা । নিজেই জন্ম দিব নোৱাৰিলো .. তাতে কি হ’ল ..? আমি এটি অনাথ শিশুক তুলি লোৱাৰ পূণ্য কৰিম । মাক দেউতাকৰ মৰম দিম সেই শিশুটিক ।
একে উশাহে কথাবোৰ কৈ ভাগৰি পৰিছিল তাই ।
—– মোক আঁতৰাই সুখেৰে থাকিব পাৰিবা তুমি মিৰ’ন ..??

নীৰৱ মুহুত্ব কেইটামান পাৰ হ’ল । মিৰ’নে এটা শব্দও উচ্চাৰণ নকৰিলে । বৰ্ণালীৰ বেদনাবোৰ এইবাৰ ক্ৰোধ হৈ পৰিল । আঘাতপ্ৰাপ্ত বাঘিনীৰ দৰে মিৰ’নৰ বুকুত দুই হাতে খামুচি ধৰিলে তাই ।

—– তুমি ভয়াতুৰ মিৰ’ন .. ঠেক মনোবৃত্তিৰ তুমি এটা মস্ত কাপুৰুষ । সত্যবোৰ জানা তুমি .. মোৰ কোনো দোষ নাই তুমি বুজা .. তথাপিও মোৰ হৈ মাতিবলৈ অনুমতি নিদিলে তোমাক মগজুৱে । মোৰ ভালপোৱাৰ মৰ্যদা এইয়া দিলা … ক্লান্ত মই মিৰ’ন .. মোৰ মানসিক শক্তি শেষ কৰি পেলালা তুমি …
গাৰ সমস্ত জোৰেৰে মিৰ’নক ঠেলা মাৰি আঁতৰি আহিল বৰ্ণালী .. বিচনাখনতে ওপৰ মুৰ কৰি পৰি গ’ল সি । হঠাৎ কিবা এটা মনত পৰাত তাৰ কাষ চাপি আহিল বৰ্ণালী ..

—– আচ্ছা মিৰ’ন তুমি হে আচলতে সক্ষম নহয় নেকি মোক গৰ্ভধাৰণ কৰোৱাত । আজিলৈকে মোকেই সকলোৱে দোষ দি আহিছে । দোষটো তোমাৰ ও থাকিব পাৰে । তুমি জানো টেষ্ট কৰাইছা …?
কথাখিনি শেষ নহ’লেই .. বৰ্ণালীৰ গালত এটা প্ৰচণ্ড চৰ শোধাই দিলে মিৰ’নে । তাৰ পুৰুষত্বক প্ৰশ্ন কৰাটো সহিব নোৱাৰিলে সি ..
—– গুচি যা এইখন ঘৰৰ পৰা তই । মোক প্ৰয়োজন নাই তোৰ দৰে এজনীৰ । তই নাথাকিলে ঘৰ খনত শান্তি আহিব । আমনি লাগিছে মোৰ প্ৰতিদিনে একেবোৰ কাৰবাৰ দেখি দেখি । মোক প্ৰশ্ন কৰিব আহ’ …..। ভগৱানে তোকেই ফুটা কপাল এখন দি পঠাইছে । তোৰ বাবেই মোৰ জীৱনত শান্তি নোহোৱা হ’ল । ওলাই যা … এইমাত্ৰই ।

দুখবোৰৰ বিস্ফোৰণ ঘটিছিল সেইদিনা । স্তব্ধ হৈ পৰিছিল সকলোবোৰ… । বুকুখন বৰকৈ বিখাইছিল বৰ্ণালীৰ । আৰু তেতিয়াই সেই চৰম সিদ্ধান্তটো লৈ পেলাইছিল তাই । পাঁচ বছৰ বোৱাৰী হৈ….মিৰ’নৰ পত্নী হৈ ….কটোৱা ঘৰখন এৰি গুচি আহিছিল তাই । হিয়া উজাৰি ভালপোৱা মিৰ’নৰ এই ৰূপে মৰ্মাহত কৰি পেলাইছিল তাইক । এইয়াই আছিল তাৰ প্ৰেম… ?? ভালপোৱা বোৰক বৰষুণৰ টোপালৰ লগত তুলনা কৰি অপৰিসীম বুলি বুজোৱা মিৰ’ন…. প্ৰকৃততে এই জনেই মানে … !! নিষ্ঠুৰ…. কঠোৰ… কাপুৰুষ….. ।

সৰুকৈ ঘৰ এটা ভাড়াত লৈ বৰ্ণালীয়ে অকলশৰীয়া জীৱন এটাত অভষ্ট্য হ’ব চেষ্টা কৰিলে । মিৰ’নৰ পৰা আঁতৰি আহিল যদিও , তাৰ লগত পাৰ কৰা ভাললগা সময়বোৰৰ স্মৃতিয়ে আমনি কৰি থাকিল তাইক । তথাপিও গভীৰ আস্থা আৰু বিশ্বাসৰে তাই শিৰত সেন্দুৰ বোলাব নাপাহৰিলে … এদিন হয়তো ভুলবোৰ বুজি মিৰ’নে উভটাই নিব তাইক তাৰ কাষলৈ …
এবাৰ অফিচিয়েল কিছুমান ইছ্যুত বৰ্ণালীৰ ডকুমেণ্টছ অলপৰ প্ৰয়োজন হ’ল । সেইবোৰ মিৰ’নৰ অলমাৰীতে ফাইল এটাত ভৰাই থোৱা আছিল । গতিকে কাগজখিনি অনিবলৈকে বৰ্ণালী ঘৰলৈ যাব লগা হ’ল । মিৰ’ন ঘৰত নাছিল তেতিয়া । শাহুয়েক শহুৰেকক মাত লগাই তাই চিধা ৰুমলৈ গ’ল । যেনি তেনি বিশৃংখল হৈ পৰি আছিল বস্তুবোৰ ৰুমত । দেখি চকুপানী ওলাই আহিল বৰ্ণালীৰ । কি যে হৈ গ’ল তাইৰ হেঁপাহৰ ঘৰখন …!!
অলমাৰীৰ চাবিটো সদায় থোৱা জেগাতে আছিল । চাবিটো লৈ অলমাৰীটো খুলি তাই প্ৰয়োজনীয় ডকুমেণ্টছবোৰ উলিয়াই ল’লে । কাগজবোৰৰ লগত এটা মেডিকেল ৰিপৰ্টত চকু পৰিল বৰ্ণালীৰ । ৰিপৰ্টটোত মিৰ’নক এড্ৰেছ কৰা আছিল । ভয়ে ভয়ে ৰিপৰ্টটো খুলি চালে তাই …

মিৰ’নৰ ফাৰ্তিলিটি টেষ্টৰ ৰিপৰ্ট .. ! ৰিপৰ্ট মতে মিৰ’নৰ বীৰ্য্যত শুক্ৰাণুৰ পৰিমাণ নিচেই তাকৰ । যাৰ বাবে সন্তান জন্ম দিব পৰাকৈ তাৰ বীৰ্য্য শক্তিশালী নহয় … ।
মূৰটো ঘূৰাই গ’ল বৰ্ণালীৰ । ৰিপৰ্টৰ ডেটটো চালে তাই । চাৰি বছৰৰ আগৰ তাৰিখ এটা উল্লেখ আছিল তাত । তাৰমানে মিৰ’নে সকলো জানিছিল… । তাৰ সমস্যাৰ বাবে হে যে সিহঁত সন্তান সুখৰ পৰা বঞ্চিত … সি গম পাইছিল । তথাপিও নিজৰ অক্ষমতাক লুকুৱাই সি বৰ্ণালীৰ লগত অন্যায় কৰি আছিল ইমান বছৰে .. !! একো ভাবিব নোৱাৰা হৈ গৈছিল বৰ্ণালীয়ে । লাগতিয়াল কাগজবোৰৰ লগতে ৰিপৰ্টটোও লৈ ওলাই আহিছিল তাই ।

বহুত অন্যায় হ’ল তাইৰ লগত । জানি বুজি মিৰ’নে তাইৰ অনুভৱক আঘাত কৰি থাকিল ইমান দিনে । পাপ কৰিছে সি …সেই পাপৰ প্ৰায়শ্চিত কৰিবই লাগিব মিৰ’নে । .. নোৱাৰে তাই তাক ক্ষমা কৰিব । তাইক খেদি দিয়াৰ পিছত ও সময়বোৰ সলনি হোৱাৰ আশাত বন্দী হৈ আছিল তাই । কিন্তু নাথাকে আৰু বন্দী হৈ … মুকলি হ’ব তাই সকলো বন্ধনৰ পৰা ।

পিছদিনাই বৰ্ণালীয়ে উকীল এজনক লগ কৰি , সকলো কথা জনাই এখন দিভৰ্ছ পেপাৰ ৰেডি কৰিলে । লগতে মিৰ’নৰ ফাৰ্তিলিটি টেষ্টৰ ৰিপৰ্টটোৰ ফটোকপি এখন ও গাঁঠি দিলে ।
ঘৰলৈ আহি মিৰ’নক প্ৰথম লগ কৰাৰ দিনৰ পৰা সেই মুহূৰ্ত্বলৈকে সকলো সুঁৱৰি চিঞঁৰি চিঞঁৰি কান্দিলে বৰ্ণালীয়ে … বাধা নিদিলে তাই চকুপানীবোৰক । জমা হৈ গধূৰ কৰি পেলাইছিল সিহঁতে তাইৰ বুকুখন….. । উজাগৰী নিশা এটা পাৰ কৰি অলপ সুস্থ হ’ল তাই…. ।

আজি মিৰ’ন আৰু বৰ্ণালীৰ বিবাহ বাৰ্ষিকী … । শুভ দিন, শুভ লগ্ন চাই সিহঁত এই দিনটোতেই বিবাহৰ বান্ধোনেৰে এক হৈ পৰিছিল ।আজিৰ দিনটোতেই বৰ্ণালীয়ে তাক উপহাৰ দিব…. “সিহঁতৰ বিচ্ছেদ “।
বিচনাৰ পৰা নামি গাটো তিয়াই গোঁসাই ঘৰত চাকি এগছ জ্বলাই সৰ্বশক্তিমান ঈশ্বৰক সেৱা জনালে বৰ্ণালীয়ে । একো নিবিচাৰিলে , একো নক’লে ভগৱানক…. । মাথোঁ তেওঁৰ ইচ্ছাৰ ওপৰত সকলো এৰি দিলে ।
বৰষুণজাক তেতিয়াও এৰা নাছিল । ছাতিটো লৈ ওলাই গ’ল বৰ্ণালী … শেষ বাৰৰ বাবে মিৰ’নৰ ঘৰলৈ…. । গেট খন খুলি দুৱাৰ মুখত ভৰি থওঁতেই জড় জড় কৈ সৰি পৰিল তাইৰ চকুলোবোৰ …. । মুচি ল’লে তাই কোনোবাই দেখাৰ আগতে ।

—— মিৰ’ন ওলাই আহা ।
ৰাতিপুৱাই প্ৰচণ্ড বৰষুণজাকৰ মাজত ও বৰ্ণালীৰ মাত শুনি মিৰ’নৰ লগতে মাক দেউতাক ও ওলাই আহি চ’ৰা ঘৰ পালেহি ।
কোনো কথাৰ অৱতাৰণা নকৰাকৈ টেবুলত পেপাৰ খন থৈ বৰ্ণালীয়ে মিৰ’নলৈ চালে ।
——- চাইন কৰা এইখনত । আজিৰ পৰা মুক্ত তুমি । তোমাৰ জীৱনৰ অশান্তি বোৰৰ পৰা মুক্তি দিলো তোমাক ।

শিল পৰা কপৌৰ দৰে একেথৰে চাই ৰ’ল মিৰ’নে বৰ্ণালীৰ মুখলৈ..
——- কি হ’ল …? বুজা নাই একো..?? নে ফাঁকি দিওঁতে দিওঁতে সত্য স্বীকাৰ কৰি লোৱাত অসুবিধা হৈছে তোমাৰ..?? মনে মনে থাকিবা নে এতিয়াও নে তোমাৰ মা দেউতাক জনাবা সত্য কি …!!
বাদ দিয়া…. তুমি কাপুৰুষ হৈয়েই থাকা । মই কওঁ শুনক মা… । কুলক্ষণী …. হাৰামজাদি…. বাজি…. বনৰী …বহুত মৰমৰ মাতেৰে মাতিলে আপুনি মোক । আজি আপুনি বাজি বুলি ভবা এই হাৰামজাদিয়েই আপোনাৰ পুত্ৰক বিবাহ বিচ্ছেদ দিব আহিছো । ফুৰ্তি কৰক আপোনালোকে । আনক এজনী বিয়া কৰাই পুতেৰালৈ… আপোনাৰ চোতাল নাতিয়ে দপ-দপাই ফুৰিবলৈ .. ।
কিন্তু কি জানে দেউতা… সেইখিনি সুখ আপোনালোকক ভগৱানে নিদিয়ে । সন্তান জন্ম দিয়াৰ পৰা নেদেখাজনে মোক নহয় আপোনাৰ ল’ৰাক হে অক্ষম কৰি পঠাইছে ।
মোৰ সেই লৈ অলপ ও অভিযোগ নাই মিৰ’ন …. । তুমি কাষত থকা হ’লে একোৰেই প্ৰয়োজন নহ’ল হেতেন মোৰ । আমাৰ মৰম ভালপোৱাৰে সুন্দৰকৈ জীৱনটো অতিবাহিত কৰিলোহেঁতেন মই । কিন্তু মই বহুত দুখ পালো …. । তুমি বহুত দুখ দিলা মোক … । মোৰ বিশ্বাসক আঘাত কৰিলা…… । মই ইচ্ছা কৰিলেও তোমাৰ হৈ থাকিব নোৱাৰো আৰু । এতিয়া বিচ্ছেদেই একমাত্ৰ পথ .. মোৰ হেৰাই যোৱা আত্মসন্মান আৰু আত্মমৰ্য্যদা ঘূৰাই অনাৰ ….।

—— মোক ক্ষমা কৰা বৰ্ণালী ।
উচুপি উঠিল মিৰ’নে । শাহুয়েকে ও চাদৰৰ আচলেৰে চকুলো টুকিলে ।
—— ক্ষমা খোজাৰ অধিকাৰ তুমি হেৰুৱাই পেলালা … । পেপাৰ খনত চাইন কৰি থবা । ক’ৰ্টত ফৰ্মেলীটিবোৰ পুৰা কৰি আঁতৰি যাম মই তোমাৰ পৰা । মোৰ উকীলে নটিচ পঠাব সোনকালেই ।
কাকো একো কোৱাৰ সুবিধা নিদি উভতি আহিল বৰ্ণালী….বহুদিনীয়া এটা সম্বন্ধত যটি চিন পেলাই ……। মিৰ’নৰ লগত তাইৰ যাত্ৰা ইমান খিনিলৈকে আছিল আচলতে … !!

মিৰ’নক প্ৰথম লগ পোৱাৰ দিনাও এনেকুৱা এজাক বৰষুণেই আহিছিল …. আৰু আজি এৰি থৈ আহোঁতে ও সেই একে জাক বৰষুণে তিয়াই গ’ল বৰ্ণালীক । বৰষুণজাকে উটুৱাই লৈ গ’ল তাইৰ বেদনাবোৰ … লগতে ইমানদিনে হেঁপাহেৰে বোলাই ৰখা তাইৰ সেউতাৰ ৰঙাবোৰ … ।    


                             ( সমাপ্ত )

পাগলী..



চৌকাটোত জুইকুৰা দপদপকৈ জ্বলাই লৈ.. আনোৱাৰে দি পঠিওৱা চাউল কেইটাৰ.. তিনিমুঠি মান চাউল .. আলু এটাৰে সৈতে চচ এটাত উঠাই দিলে জুনুকাই । পিৰালিত পৰি থকা ভীমকলৰ বাকলি কেইটা শুকাই তেনেই কৰকৰীয়া হৈ আছিল …। আজি কেইবাদিনো জুনুকাই সেই ভীমকল কেইটাকে ইবেলা সিবেলা খাই পেটৰ ভোক গুচাই আহিছে .. । কলৰ বাকলি কেইটাও আনি চৌকাৰ কাষতে চপাই ল’লে …।

চাউল কেইটা সিজিছিলেই… । হেতা এখনেৰে দুটামান উলিয়াই.. আঙুলিৰ মূৰত লৈ টিপি চালে তাই… আৰু সাৱধানে ভাতৰ মাৰখিনি কাঢ়ি ..চৌকাৰ আঙঠাতে কলৰ বাকলি কেইটা পুৰি পেলালে । আজি কলা খাৰৰে ভাত খাব জুনুকাই । অনাথালয়ত থাকোতে … তাৰ হেড বাইদেৱেই খাৰ বনাব শিকাইছিল তাইক ।
বাইদেৱে শিকোৱা মতেই ….বাতি এটাত পোৰা বাকলিৰ ছাঁই খিনিত পানী অলপ ঢালি ….ছাঁই খিনি নিগৰিবলৈ দি চৰুৰ পৰা ভাত কেইটামান উলিয়াই ল’লে জুনুকাই ..। খাৰনিৰ বাতিটোৰ ফটফটীয়া পানীখিনি আঙুলিৰে চেলেকি চালে .. । চোকত জিভাখন দেৰদেৰাই গ’ল .. । এইবাৰ ভাত কেইটাৰ ওপৰতে সৰহকৈ খাৰ অলপ বাকি লৈ নিমখ ,তেল, জলকীয়াৰে মোহাৰি… গো-গ্রাসে ভাত কেইটা গিলি পেলালে.. । ডিঙিয়ে বুকুয়ে জ্বলি যোৱা যেন লাগিল জুনুকাৰ । ভাতৰ থাল খন তেনেকৈ পেলাই লৰালৰিকৈ বিচনাত উঠিল তাই … ।
মনৰ ভিতৰত জুনুকাৰ এজাক অশান্ত ধুমুহা আজি… হাজাৰটা প্ৰশ্ন…আৰু নেদেখাজনৰ প্ৰতি চৰম বিতৃষ্ণা… ।

এই বিচনাখনতে যোৱা চাৰিটা মাহে .. প্ৰায় প্ৰতিনিশাই.. জুনুকাই নিজৰ শৰীৰটো ভোগ কৰিবলৈ এৰি দিছিল উত্তমক । খুব কষ্ট হৈছিল তাইৰ… , বুকু আৰু তলপেটৰ প্ৰচণ্ড বিষত কোঙা হৈ পৰিছিল .. । তথাপিও ভাবিছিল.. প্ৰেম কৰিলে চাগে এনেকুৱাই হয় । উত্তমে যে ওচৰতে শুই…লগতে থাকি ইমান মৰম কৰে তাইক … !! কেতিয়াও বুজি নোপোৱা স্পৰ্শ বিলাক দেখোন বেয়া নালাগে জুনুকাৰ…। কথাবোৰ বুজাই দিবলৈও তাইৰ ওচৰত যে কোনো নাছিল ….। কাৰণ জুনুকা অকলশৰীয়া … । কোনোবা মাতৃয়ে অনাথালয়ৰ গেটৰ মুখত এৰি যোৱা তাই এজনী পেলনীয়া…. তাইৰ পৰিচয়…. “অনাথ” … ।

অনাথালয়ৰ কৰ্মচাৰী সকলে বোলে গেটৰ মুখতে কান্দি কান্দি ঠেৰেঙা দিয়া কেঁচুৱাটো দেখি আলফুলে লৈ গৈছিল ভিতৰলৈ । সকলোৰে যত্নত কোনোবাই ….এলাগী কৰি পেলাই যোৱা কেঁচুৱাটো ডাঙৰ হ’ব ধৰিলে । তাত থকা কেইবাটাও শিশুৰ মাজত অনবৰতে জুনুকা এটা লৈ খেলি খেলি ব্যস্ত হৈ থকা তাইক … মৰমতে হেড বাইদেৱে নাম দিলে ” জুনুকা “… ।

লাহে লাহে চকুত লগাকৈ ধুনীয়া হৈ উঠিল জুনুকাজনী .. আৰু চৌহদৰ ভিতৰতে প্ৰদান কৰা ব্যৱহাৰিক শিক্ষাৰে .. অলপ লিখা পঢ়াৰ লগতে কাপোৰ চিলোৱা … ফুল তোলা কামত ও সিদ্ধহস্ত হৈ উঠিল… । হেড বাইদেউৰ চিনাকি দুই এজনৰ পৰা জুনুকাই দুই এটা অৰ্ডাৰ ও পালে । নিপুণ হাতেৰে কৰা তাইৰ চিলাইৰ কামবোৰে সকলোৰে প্ৰশংসা পাব ধৰিলে … । অনাথালয়ৰ চৌহদৰ পৰা ওলাই…. চাৰিআলিৰ কেঁকুৰীটোতে থকা, এখন চিলাই কাম কৰা দোকানৰ পৰা ও জুনুকালৈ ফুলতোলা আৰু হাত চিলাইৰ অৰ্ডাৰ কিছুমান অহা হ’ল… । সেই সূত্ৰে কাপোৰবোৰ ঘূৰাই দিবলৈ তাই দোকানখনলৈ যাব ধৰিলে ।

দেখিলেই মৰম লগা জুনুকাক… লাহে লাহে চাৰিআলিৰ প্ৰায়বোৰেই চিনি পোৱা হ’ল । তাৰ ভিতৰত চিলাই দোকানখনৰ কাষতে থকা গেলামালৰ দোকানী আনোৱাৰৰ লগত তাইৰ এটা আত্মিক সম্বন্ধ গঢ়ি উঠিল… । নিজৰ ভনীয়েকৰ দৰে মৰম ক’ৰা হ’ল সি তাইক । কেও কিছু নোহোৱা জুনুকাক দেখিলে কেতিয়াবা বৰ দুখ লাগে আনোৱাৰৰ….. । কোনে বা পেলাই থৈ গৈছিল তাইক অনাথ কৰি.. কি বা কাৰণত তাই পৰিত্যক্ত হৈ পৰিল কাৰোবাৰ জীৱনত … !!

কিন্তু সঁচা ক’ব গ’লে সেইবোৰ বুজিব পৰাকৈ জুনুকাৰ জ্ঞানৰ অভাৱ …..। সেই কেঁচুৱাৰ পৰাই ঘৰ মানে হেড বাইদেউৰ অনাথালয় খনকে বুজি আহিছে তাই … মাক বাপেকৰ মৰম কি অনুমান কৰিব নোৱাৰা জুনুকাৰ বাবে হেড বাইদেৱে দিয়া মৰমবোৰেই যথেষ্ট .. । তেজৰ সম্পৰ্ক নাথাকিলেও এক আত্মিক সম্পৰ্ক তেওঁলোকৰ … । আপোন-পৰ… সত্য-অসত্যৰ উৰ্ধত … !

আনোৱাৰৰ দোকানতে প্ৰথম দেখা হৈছিল উত্তমৰ লগত জুনুকাৰ । জুনুকাৰ ৰূপ লাবন্যই প্ৰথম দেখাতেই আকৰ্ষিত কৰিছিল তাক … তাইৰ প্ৰতি ।
উত্তমৰ সেই প্ৰথম চাৱনিটোতেই কিবা এক অনামী অনুভৱৰে শিহৰিত হৈ উঠিছিল জুনুকা … । কিবা যেন বেলেগ আছিল সেই অনুভৱ …সেই চাৱনি…!! ইমান দিনে দেখি অহা, লগ পাই অহা কাৰোৰে দেখোন চাৱনিবোৰে তাইক ইমান সন্মোহন কৰিব পৰা নাছিল .. !!

সেইদিন ধৰি উত্তমক এবাৰ চাবলৈকে তাই সঘনাই চাৰিআলিলৈ আহিব ল’লে আৰু দিন যোৱাৰ লগে লগে সিহঁতৰ মাজত কথা বতৰাৰ ও আদান প্ৰদান হ’ল । সৰলমনা জুনুকাক এদিন কথাৰ জালেৰে বান্ধি প্ৰেমৰ প্ৰস্তাৱ দিলে উত্তমে ….। তাইক বিয়া পতাৰ ইচ্ছাৰ কথা জনালে…. । উত্তমৰ প্ৰস্তাৱত আপোন ঘৰ এখনৰ সপোন দেখা আৰম্ভ কৰিলে তাই .. । এটি আশাৰ কলিয়ে পোখা মেলিলে জুনুকাৰ কোমল হিয়াখনত… কোনোবা এজন নিচেই আপোন হৈ পৰিব তাইৰ .. একান্ত আপোন ..!!

আনোৱাৰ আৰু হেড বাইদেৱক কথাবোৰ জনালে জুনুকাই …। দুয়ো সেই বিষয়ে উত্তমৰ লগত কথা বতৰা হ’ল । উত্তমৰ পৰাই গম পালে নিৰ্মীয়মান এটি চৰকাৰী আবাসগৃহৰ কামত এজন ঠিকাদাৰ হিচাপে নিয়োজিত হৈ আছে সি.. । ঘৰ উজনিত । মাক বাপেক দুয়ো স্বৰ্গগামী হোৱাৰ পিছত… বৰ্তমান ইয়াতে লগৰ কেইজনমানৰ লগত ঘৰ এটা ভাড়াত লৈ আছে । চৰকাৰী কামখিনি শেষ হলেই উত্তম নিজৰ ঘৰলৈ যাবগৈ…।

অমায়িক যেন লগা উত্তমৰ লগত জুনুকাৰ বিয়া খন হ’লে ভালেই হ’ব যেন অনুমান কৰি তাৰ প্ৰস্তাৱত আনোৱাৰ আৰু হেড বাইদেউ দুয়ো সন্মতি জনালে ।
অৱশেষত … অনাথালয়ৰ সকলো নীতি নিয়ম মানি … জুনুকাক স্ব-ইচ্ছাৰে পত্নীৰ মৰ্যদা দিয়াৰ… চুক্তি পত্ৰত …সাক্ষৰ কৰি উত্তমে লৈ আহিছিল তাইক উত্তমৰ ভাড়া ঘৰটোলৈ ।

কেইবাজনো ল’ৰা একেটা ঘৰতে থকাত বৰ অসুবিধাত পৰিছিল নতুন কইনা জুনুকা… । আনোৱাৰে ভনীয়েকৰ অসুবিধাবোৰ বুজি সিহঁতৰ খেতিত থকা এচলিয়া ঘৰটোতেই উত্তম আৰু জুনুকাৰ থকাৰ ব্যৱস্থা কৰি দিলে । অলপ দিনৰ পিছতটো উত্তমে লৈয়েই যাব তাইক তাৰ আপোন ঘৰখনলৈ… সেই বিশ্বাসত… ।

কথাবোৰ ভাবি দুপৰ বেলাতে বিচনাত উঠা জুনুকাৰ কেতিয়ানো টোপনি আহিল গমেই নাপালে । প্ৰচণ্ড পেটৰ বিষত হঠাৎ সাৰ পাই চকুমেলি দেখিলে…. ভিতৰখন ঘোপ মৰা এন্ধাৰ । ৰাতিয়েই হ’ল চাগৈ.. । পেটটোতে হেঁচা মাৰি ধৰি কেকাই উঠিল জুনুকা .. । চাটিফুটি কৰি বাগৰ সলাওঁতেই অনুভৱ হ’ল …. শাৰীৰৰ নিম্নাংশ ভিজাই এসোঁতা গৰম তৰল যেন বৈ গৈছে তাইৰ দেহৰ পৰা… ! তাই পিন্ধি থকা কাপোৰৰ লগতে বিচনা চাদৰখন ও তিয়াই পেলাইছে .. । আঙুলিৰে চুই অনুমান কৰাত… ইমান বিষৰ মাজত ও এটি কুটিল হাঁহি বিয়পি পৰিল তাইৰ দুই ওঁঠত । পেটটো জোৰে হেঁচি হেঁচি বিচনাখনতে অলস ভাবে পৰি থাকিল জুনুকা …. পোহৰ হোৱালৈ … ।

দোকমোকালিতে থৰক বৰক খোজেৰে বিচনা চাদৰ খন সোপা মাৰি লৈ …. কলৰ পাৰলৈ উঠি আহিল তাই.. । পোহৰত সেইখন ভালকৈ চাই… গা শিয়ঁৰি যোৱা বখলা বখল তেজৰ দাগবোৰ দেখি দুচকু সেমেকি উঠিল জুনুকাৰ … । অলপ পৰ বুকুৰ মাজতে সেইখন সাৱটি ধৰি লেপেটা খাই বহি থাকিল তাই .. । একেলগে সুখ .. দুখ আৰু যন্ত্ৰণাৰ অনুভৱ এছাটিয়ে কোবাই গ’ল জুনুকাৰ অন্তৰাত্মা … ।

হয়…..তাই হত্যা কৰিলে আজি পেটৰ ভ্ৰূণটোক … । উত্তমে তাইৰ গৰ্ভত সিঁচি যোৱা প্ৰতাৰণৰ বীজটোক গজালি মেলিব নিদিলে তাই .. । তাইৰ গৰ্ভৰ পৰা আৰু এটা প্ৰতাৰকৰ জন্ম হোৱাৰ আগতেই দুমহীয়া ভ্ৰূণটোৰ হত্যা কৰি পেলালে .. । তাই আজি এজনী হত্যাকাৰী … ।

হুকহুকাই কান্দি উঠিল অসহায় জুনুকা.. ।

                           —————

যোৱা এসপ্তাহ ধৰি জুনুকাই দিন ৰাতি পদূলি মুখত বহি উত্তম লৈকে বাট চাই কটাইছে.. । জুনুকাৰ গৰ্ভত উত্তমৰ সন্তান এটিয়ে স্থিতি লোৱা বুলি জানিও সেইদিনা গোটেই ৰাতি তাইৰ শৰীৰটোৰ ওপৰত অত্যাচাৰ চলাইছিল সি । আচলতে ধৰ্ষণ কৰিছিল উত্তমে তাইক…। যন্ত্রণাত চিঞৰি চিঞৰি কান্দিব মন গৈছিল জুনুকাৰ .. । তথাপিও তাই নীৰৱে সহি আছিল সকলো.. তাই যেন পত্নী ধৰ্ম পালন কৰিবলৈ বাধ্য.. ! পুৱতি নিশালৈ ভাগৰত টোপনি গৈছিল জুনুকাৰ … আৰু উত্তমে একো নজনোৱাকে জুনুকাক এৰি গুচি গৈছিল । কেইবাদিনো সি আহিব আহিব কৈ অপেক্ষা কৰিলে জুনুকাই । চাৰিআলিলৈ ওলাই আহি খবৰ এটা লবলৈ ও তাইৰ দেহত শক্তি নাছিল … ।

অৱশেষত , মনটো ডাঠ কৰি আনোৱাৰৰ দোকান পালেগৈ তাই.. । সবিশেষ জনোৱাত আনোৱাৰ… উত্তম ভাৰাত থকা ৰুমটোলৈ গ’ল.. । তাৰ লগৰ প্ৰায়বোৰ ল’ৰাই ইতিমধ্যে নিজ নিজ ঘৰলৈ ৰাওনা হৈছিল । দুই এজনক সুধি আনোৱাৰে জানিব পাৰিলে যে … এবছৰৰ কনটেক্টত চৰকাৰ অধীনত সিহঁতে কৰি থকা কামটো পাইছিল আচলতে… আৰু এবছৰ উকলি যোৱাত সেই ঠাই এৰি গুচি গ’ল উত্তম । তাৰ পৰিচয়.. তাৰ ঠিকনা সকলোবোৰ ভুৱা আছিল .. । এই এবছৰ ইয়াত থাকি .. জুনুকাৰ লগত উত্তমে প্ৰেমৰ অভিনয় কৰিলে মাত্ৰ .. ।

কথাখিনি গম পাই জুনুকা বাউলি হৈ পৰিল.. । আনোৱাৰে জনোৱাবোৰ বিশ্বাস কৰিবলৈ মনটোৱে যেন বাধা দিলে তাইক .. । কিন্তু সেইয়া যে সহ্য কৰিব নোৱাৰিলেও সত্য আছিল .. ।
আনোৱাৰক সাৱটি ধৰি হিয়া ধাকুৰি কান্দিলে তাই …। সপোন ভঙাৰ যন্ত্রণাত কাতৰ হৈ পৰিল… । মৰমৰ ভনীয়েকৰ সেই অৱস্থা চাই থাকিবলৈ কষ্ট হ’ল আনোৱাৰৰ ।তথাপিও বুজাই বঢ়াই চাউল ডালি কেইটামান দি পঠাই দিলে তাইক ।

উত্তমৰ প্ৰতি ঘৃণাত …জুনুকাৰ মনত প্ৰতিশোধৰ জুই একুৰা সেই মুহূৰ্ত্বতে জ্বলি উঠিল । তাই তেতিয়াই সিদ্ধান্ত লৈ পেলালে তাৰ সন্তানক জন্ম নিদিয়ে তাই… । খাৰ খাই খুব ভালপোৱা জুনুকাই হেড বাইদেউৰ পৰাই জানিছিল এই সময়ত খাৰ খোৱা বেয়া .. ,গৰ্ভপাত পৰ্যন্ত হৈ যাব পাৰে … আৰু সেই খাৰ’কে আজি জুনুকাই অস্ত্ৰ হিচাপে প্ৰয়োগ কৰিলে… ।

তাইৰ খবৰ ল’বলৈ আহিছিল হেড বাইদেউ.. লৈ যাব বিচাৰিছিল জুনুকাক পুনৰ তাইৰ পুৰণা ঘৰখনলৈ.. । তাই যাবলৈ অমান্তি হ’ল …. ..

: নালাগে বাইদেউ… প্ৰতাৰনাৰে হ’লেও একান্ত নিজৰ বুলি থাকিবলৈ চালি এখন পাইছো .. । থাকিব দিয়কচোন মোক ইয়াতে .. । চাওঁচোন ভগৱানে নো আৰু কিমান পৰীক্ষা কৰি চাই .. ! জন্ম হওঁতেই জন্মদাত্ৰী আইয়ে দলিয়ালে.. উকা কপাল ৰাঙলী কৰি ….আপোন কৰি লৈছে বুলি বিশ্বাস ৰখা … পতি নামৰ পশু এটাই দলিয়ালে .. । আৰু বা কি আছে মোৰ ফুটা কপালত…?? কিমান বব’ আৰু মোৰ দুখৰ বোজাবোৰ আপুনি … ?

:তোক এনেকৈ এৰি যাব মোৰ মনটোৱে নকয় জুনুকা.. । তই এই অসুস্থ দেহাটোৰে ইয়াত অকলে থাকিব নালাগে .. । এতিয়াই ব’ল মোৰ লগত.. ।

: কাবৌ কৰিছো বাইদেউ .. মোৰ নিজৰ ঘৰ খনত থাকিব দিয়ক মোক .. ।
উচুপি উঠি কথা কেইটা কৈ পেলালে হেড বাইদেউক জুনুকাই..

:ঠিক আছে । থাক ইয়াতে … কিন্তু তোৰ কিবা অসুবিধা হ’লে জনাবি মোক .. । মোৰ ঘৰৰ দুৱাৰখন সদায় তোৰ বাবে খোলা আছে .. ।

থাকি গ’ল জুনুকা পথাৰৰ মাজৰ সেই ঘৰটোত…। অকলশৰে .. ।

                             —————–

কিছু দিনৰ পৰা আনোৱাৰৰ দোকানৰ সন্মুখত থকা বাছ ষ্টপেজটোৰ পৰিত্যক্ত চালি খনৰ তলতে বস্তা এটা পাৰি থাকিবলৈ লৈছে জুনুকা…… । অবিন্যস্ত চুলি একোছা, উৱঁলি যোৱা চাদৰ মেখেলা এযোৰৰ সৈতে… প্ৰথম তাইক দেখি আনোৱাৰৰ বুকু কঁপি গৈছিল.. । কিন্তু জুনুকাৰ অসংযত কথাবোৰত বুজি উঠিছিল সি… জুনুকা এতিয়া সকলো মায়া মোহ… দুখ সুখৰ পৰা মুক্ত… । সি বুজোৱা কোনো কথাই বুজি পাবলৈ সক্ষম নহয় এতিয়া তাই .. । তথাপিও ৰাতিপুৱা দোকান খুলি আৰু গধূলি দোকান বন্ধ কৰাৰ সময়ত খোৱা বস্তু অলপ প্ৰতিদিনেই জুনুকাক দি আহিছে সি .. ।

আজিকালি কেতিয়াবা হাততে গছৰ ডাল এটা লৈ ডেকা ল’ৰাবোৰক খেদি আহে জুনুকাই… আৰু কেতিয়াবা সম্পূৰ্ণ উলংগ হৈ আকাশলৈ মুখ কৰি শুই হাত ভৰি মেলি …কান্দি কান্দি মাতে ….

: আহ অ’ উত্তম.. মৰম কৰহি মোক .. কিয় গুচি গ’লি অ’ তই … ??
আৰু কেইটামান গেঙনি মাৰি পিছ মুহূৰ্ত্বতে ফটা চাদৰ খন গাতে পকাই লৈ… তেজৰ দাগেৰে ক’লা পৰি যোৱা বিচনা চাদৰখন জোকাৰি অট্টহাস্য কৰি উঠে..

: দেখিছ’… মাৰি পেলালো তোক মই .. মোৰ পেটত সোমাব আহিছিলি হা.. ।
চূড়ান্ত বিতৃষ্ণাত থুৱাই দিয়ে তাই সেইখন… ।

আনোৱাৰে আঁৰ কাপোৰ এখনেৰে তাই থকা ঠাইখিনি বেৰি দিছে আজি .. । থাকক তাই তাতে.. নিজৰ দুনীয়াখনৰ মাজতে .. ।
ৰাস্তাই দি যোৱা মানুহবোৰৰ তাইলৈ দিয়া অৱজ্ঞাৰ আৰু ঘৃণাৰ দৃষ্টিবোৰে বুকুখন বিন্ধি যায় তাৰ .. । দোকান বন্ধ কৰি .. আঁৰকাপোৰ খনৰ তলেৰে খোৱা বস্তু অলপ দি জুনুকাক জুমি চালে আনোৱাৰে … । বুকুতে তাই হত্যা কৰা ভ্ৰূণটো… সেই তেজ লগা চাদৰখন … সাৱটি কুচিমুচি শুই আছে তাই .. ।

আজি জুনুকা কেৱল অনাথেই নহয়…
আজি জুনুকা মৰি মৰি জীয়াই থকা এটি চেতনাহীন শৰীৰ …

আজি জুনুকা পাগলী … !!!



                            ———––—

                               ( সমাপ্ত)

আশা…😇

সাম্প্ৰতিক পৰিস্থিতিত মনৰ অনুভৱ ::
~~~~~~~~~~~~~~~~~~~~~~~~~~

বৰ্তমান বিধস্ত মোৰ চহৰ …
মৃত্যুৰূপী ভাইৰাছৰ কৱলত দিনে দিনে স্তব্ধ হৈছে বহুতৰ উশাহ…
খিৰিকী খন খুলি ভুমুকিয়াই চাওঁ ..
দেখা পাম নেকি কেনেবাকৈ সাত সাগৰৰ সিপাৰে মোৰ পিতাইৰ চিন্তাক্লিষ্ট মুখ খনি …!!

আইয়ে হয়তো চাঁদৰৰ আচলেৰে চকু পানী টুকিয়েই পাৰ কৰি দিছে দিন ৰাতি… ।
আই অ’.. নকৰিবিচোন তেনেখন ।
মোৰ চিন্তাত জুহালৰ জুইকুৰা নুমোৱাই নাৰাখিবি ,
নাৰাখিবি পিতাইক লঘোণে ।
মোৰে শপত …তইয়ো খাই ল’বি এমুঠি ।
চিন্তা নকৰিবি তহঁতে …
বৰ্তমানলৈকে কুশলে আছো মই ।
যদিওবা নাজানো আৰু কিমান দিন থাকিম …!!
বৰকৈ মন গৈছে আই ….

তোৰ আঙুলিত ধৰি প্ৰথম খোজ পেলোৱা আপোন ঘৰৰ চোতালখনত ভৰি দিবলৈ …
তোৰ বুকুত সোমাই তোৰ মৰমবোৰত নিজকে হেৰুৱাই দিবলৈ ।
বহুত দিন হ’ল জান’..
পেট ভৰাই এসাজ খাবলৈ নোপোৱা… ।

মোৰ চহৰত আজি খোৱা বস্তুৰ অভাৱ …!!
ঘৰৰ অমিতা, ৰঙালাও ..
পুখুৰীৰ মাছ কেইটা …
কলি গাইজনীৰ গাখীৰ ক’ণ খাবলৈ কিমান যে খতবান নকৰিছিলি তই …!!
মনত পৰিছে ..
সেই দিনবোৰলৈ …!!
তোক জনাব মন নাছিল ,
তথাপিও কওঁ শুন ….
মুকলি আকাশৰ তলত আপোন মনে উশাহ নোলোৱা ও বহুত দিনেই হ’ল বুজিছ’..

এদিন হয়তো ওলাব পাৰিম বন্ধ দুৱাৰৰ সিপাৰলৈ ..!!
প্ৰাণ ভৰি উশাহ ল’ম সেইদিনা ।
যি দিনা ওলাব পাৰিম দৌৰি যাম তোৰ কাষলৈ ।
এইবাৰ গৈয়েই বিয়া খন ও পাতি ল’ম ..
হ’ব ল’গা বোৱাৰীয়েৰক বুজাবি ,
এতিয়া প্ৰেমত ও ল’ক ডাউন ।
অনুভৱ বোৰ জীয়াই ৰাখিব ক’বি মনৰ গভীৰত ।
স্পৰ্শ নিষিদ্ধ এতিয়া প্ৰেমৰ গলিত ।
আন্ধাৰবোৰ আতঁৰিব দে …
পুনৰ গাম নতুন দিনৰ গান ,
আশাৰ গান …
সপোনবোৰক পুনৰ সাৰ পানী দি জীয়াই তুলিম…. ।
কথা দে আই ….,

মই উভটি নহালৈকে তহঁত ও ভালে থাকিবি ।
ঘৰৰ চালৰ তলত সুৰক্ষিত আমিবোৰ ..
দূৰত্ব মানি চলিলে নিৰাপদ সকলো …
আৱেগতে সাৱটি নধৰিবি আক’ যাকে তাকে …
কোৱাৰিৰ ফাঁকেৰে তামোলৰ ৰং বোৱাই থকা ওঁঠৰে
টপচকৈ গালত চুমাটো দিবলৈ ।
পিতাইক ক’বি পাৰিলে নঙলা ডাল আঁতি আঁতি বান্ধি থব ..

ক’ৰোণাক শেষ হৈ যাব দে …
ইঘৰ সিঘৰলৈ পিছে পৰেও যাব পাৰিব ।
আমি জীয়াই থাকিব লাগিব আই ..
সকলোবোৰ জীয়াই থাকিব লাগিব ।
আৰু নালাগে মৃত্যু ,
নোৱাৰো সহিব আৰু কোনো মাতৃৰ সন্তান হেৰুৱাৰ বেদনা ,
নোৱাৰো চাব কোনো ভগিনীৰ উকা সেউতা ,
কোনো পুৰুষৰ চকুপানী সহিব নোৱাৰো আৰু আই ..
ঈশ্বৰক জনাবিচোন প্ৰাৰ্থনা ..
শেষ হওক সকলো আতংক…,
মৃত্যুৰ ভাৰ বৈ অস্থিৰ হৈ পৰা পৃথিৱীত গতানুগতিক হওক জীৱন …
আজিকালি দিনে নিশাই মইয়ো ঈশ্বৰকে খাটিব শিকিছো জান’ …
তই যে লিখি দি পঠাইছিলি ডায়েৰীৰ পাত খিলাত “মহা মৃত্যুঞ্জয় মন্ত্ৰটো…….

“ওঁ ত্রম্বকম যজামহে সুগন্ধিং
পুষ্টি বর্ধনাম।।
ঊর্বারু কমিব বন্ধনাৎ
মৃত্যুমক্ষীয় মামৃতাৎ’।।…..”

আজিকালি মই সদায় আওৰাউ সেইটো…
নেদেখাজনক কাকূটি কৰো….
আমাক শকতি দিয়া প্ৰভু ..
মৃত্যুৰ সৈতে যুঁজিব সাহস দিয়া ..
অকাৰণত উশাহবোৰ শেষ হ’ব নিদিবা ঈশ্বৰ …

মই উভটি আহিমেই আই …
যিদিনা খোজ দিব পাৰিম সুবিশাল আকাশৰ তলত ,
হাতে-হাতে ধৰি…!!
সেইদিনা লৱৰি আহিম তোৰ বুকুলৈ ।
কাবৌ কৰিছো আই..
নঙলা ডাল সেইদিনা হে খুলি দিবি দেই ..
মই আহিম আই …
সকলো প্ৰাচীৰ ফালি..
সাত সাগৰ, তেৰ নদী পাৰ হৈ উভটি আহিম এদিন ..
তোৰ ওচৰলৈ, পিতাইৰ ওচৰলৈ …
মোৰ আপোন ঘৰ খনলৈ … ।
ভালেৰে থাকিবি তহঁত …
মইয়ো থাকিম ..
ইজনে সিজনৰ বাবেই জীয়াই থাকিম আমিবোৰ ।

মোৰে শপত আই…
মোৰ চিন্তাত নিজকে নামাৰিবি… ।
লঘোণে নমৰিবি… ।
মোকো জীয়াই থাকিবলৈ দিবি …. !!



✍️পল্লৱী কৌশিক শৰ্মা । ২৭/০৩/২০২০

হামাৰি অধুৰী কাহানি 💏

হামাৰি অধুৰী কাহানি 💏♥️
***********************

” Hii “..

“Hi , good morning . কি কৰি আছা?”

“Very good morning dear. তোমাৰ কথাই ভাবি আছো । কি কৰিম আৰু ! মোৰ তো মন মগজু তুমিয়েই দখল কৰি ৰাখিছা ।😁😁

শুনা মই শ্বিলঙ আহিছো । official purpose , drive কৰি আছো । গৈ পাই msg কৰিম । till then good bye & miss me 😏😏”

“Ok , bye “

কৌস্তভৰ msg চাই পাহি নিজৰ কামত লাগিল । ৰাতিপুৱা সময়খিনি তাইৰ বৰ লৰালৰি হয় । ঘৰৰ সকলোৰে খোৱাৰ যোগাৰ ,ঘৰুৱা কাম বন কৰি scooty খন লৈ ওলাই যায় কৰ্মস্থানলৈ । উপায়ুক্ত কাৰ্য্যালয়ৰ এগৰাকী কৰ্মচাৰী তাই । চাকৰি সংক্ৰান্তত তাইৰ গিৰিয়েক ও বেলেগ এখন জিলাত থাকে । তাইৰ অৱশ্যে সেই লৈ আপত্তি নাই। শিৰত এজনৰ নামৰ সেন্দুৰকণ ললে বুলিয়েই তেঁওৰ প্ৰতি প্ৰেম নাজাগিবও পাৰে । নিজৰ পত্নীৰ মূল্য নুবুজা, ঘৰৰ চাকৰনী জ্ঞান কৰা, মাতাল হৈ নিশা তাইৰ গাৰ ওপৰত জঁপিয়াই তাইক দেহ আৰু মনেৰে ধৰ্ষণ কৰা জনৰ প্ৰেমত কেনেকৈ পৰে তাই ?

কিন্তু মাক দেউতাকৰ মৰম পাইছে তাই শাহু শহুৰৰ পৰা। তেওঁলোকৰ মৰমৰ তাগিদাতে তাই আজি দেৱব্ৰত বৰুৱাৰ পত্নী হৈ এই ঘৰ খন চম্ভালি আছে ।
অফিচ পাওঁতে পলমেই হ’ল পাহিৰ । লৰালৰিকৈ attendence বহি খনত sign কৰি তাই টেবুলত বহিল । মোবাইল টো উলিয়াই চালে । কৌস্তভৰ তিনিটা msg ।

“Hey, just reached”

” you are missed here pahi ,the weather is so romantic😍. If you were with me!!”

“অফিচ পালাগৈ নে?”

Reply নকৰিলে তাই। টেবুলত থকা file কেইটা উলিয়াই কামত লাগিল। আজি বেছি কাম নাই। ভাবিলে সোনকালে অফিচৰ পৰা ওলাই সৰু-সুৰা বজাৰ কেইটামান কৰিব। ওচৰতে থকা তাইৰ চিনিয়ৰ বিদিশা বাইদেউক জনাই তাই গুচি আহিল । আবেলি ঘৰত সোমাওঁতেই তাইৰ মোবাইল টো বাজি উঠিল ।

“কি হ’ল তোমাৰ । দিনটো একো এটা খবৰ নাই । তুমি মোক মাৰি পেলাব বিচাৰা নেকি ? Busy থাকিলেও atleast জনাব লাগে না । “

“ঠিকেই আছো অ’ মই । ভাবিলো তুমিও busy থাকিবা । আজৰি হোৱা খবৰ লম । “

“Are you serious ? তোমাৰ খবৰ নাপালে তুমি ভাবা নেকি মই মোৰ কামত মন দিব পাৰো। নকৰিবা আৰু কোনোদিন এনেকুৱা । সৰুকৈ হলেও এটা reply দি থ’বা ।”

“Ok sir ,will follow your order । পিছে wife ৰ খবৰ লৈছা নে নাই?”

“নাই । “

“কিয় তুমি এইবোৰ কৰা কৌস্তভ। সদায় কওঁ তুমি নিজৰ সংসাৰ খনৰ কথা চিন্তা কৰা । মোক মাজত সুমোৱাই তোমাৰ ইমান ধুনীয়া সংসাৰ খন ধ্বংস হ’ব নিদিবা । বেয়া পাওঁ তোমাৰ এই কথাবোৰ । তোমাৰ মোৰ মাজত যি ভালপোৱা আছে তাৰ তুলনাত আমাৰ সংসাৰ বোৰৰ প্ৰতি দায়িত্ব বহুত বেছি । তুমি প্লিজ এতিয়াই তাইলৈ ফোন কৰা। right now “

” কৰি আছো। “

এইয়া কৌস্তভ আৰু পাহিৰ কাহিনী। দুয়ো বিবাহিত। নিজৰ নিজৰ সংসাৰত এজনো সুখী নহয় । দেৱব্ৰতৰ সকলো অত্যাচাৰ নিৰবে সহি ভাগি পৰিছিল পাহি । এদিন হঠাতে মোবাইলটো উলিয়াই facebook log in কৰিলে। কেইবাটাও friend request । কৌস্তভ কাশ্যপ বোলা জনৰ acconunt চেক কৰি তাইৰ চিনাকি হ’ব মন গ’ল। সুঠাম শৰীৰৰে এজন সুদৰ্শন যুৱক। অলপ দিন সাধাৰণ কথা বতৰাৰ পিছতেই ভাল বন্ধুত্ব গঢ়ি উঠিল সিহঁতৰ মাজত । মনৰ কথাবোৰ share কৰিব লৈছিল সিহঁতে ।

আজৰি সময়ত পাহিয়ে লিখা কবিতাবোৰৰ পাঠক কৌস্তভ.. তাইৰ কথাবোৰ শুনি ভালপোৱা কৌস্তভ .. দিনটোৰ সকলোবোৰ কথা জনাই তাইক প্ৰতিটো খবৰ দি থকা কৌস্তভ..।
তাইৰ ভাল লাগিব ধৰিছিল তাক ।কেনেকুৱা ভাললগা তাই বুজা নাছিল । কিন্তু কৌস্তভ লাহে লাহে তাইৰ অভ্যাস হৈ পৰিছিল।

                       *******************

“পাহি ক’ত আছো কোৱা ?”

“কেনেকৈ জানিম । msg ত দেখা পাই নেকি বেঙা ? মইতো সৰবজান নহয় !!☺️☺️”

“ব্ৰহ্মপুত্ৰৰ শোভা চাইছো । অগ্নিগড় পাহাৰত মই । ঊষা অনিৰুদ্ধৰ প্ৰেম নগৰত💏। খুব ভাল লাগিছে ইয়াত পাহি ।মোৰ কি মন গৈছে জানা….?? “

“🤔….😏….”

“তোমাক কাষতে বহুৱাই ল’ম । এখন হাতেৰে সাৱটি ধৰি থাকিম ।আৰু সিখন হাতেৰে দুষ্ট বতাহজাকে আউল বাউল কৰি পেলোৱা তোমাৰ চুলিখিনি সামৰি তোমাক ওচৰ চপাই আনিম । তাৰপিছত কি হ’ব কোৱা….. ?”

“কি হ’ব?”

“কি হ’ব নাজানা তুমি😳 ? “

“নাজানো ।”

“সঁচাই নাজানা…??”

“কৈছোঁতো নাজানো”

“মই তোমাৰ ওঁঠত মোৰ ওঁঠৰ পৰশ দিম । it will be our first kiss. 😘”

“Plz ,কৌস্তভ । be practical । তোমাৰ মোৰ মাজত এইবোৰ কেতিয়াও নহয়। we both are married । নিজৰ পতি বা পত্নীৰ আঁৰত এইবোৰ ভবা ও ভুল ।আমি কলেজীয়া ল’ৰা ছোৱালী নহয় কৌস্তভ ।”

“কিয় ভুল পাহি ।পাহৰি যোৱা অলপ সময়ৰ বাবে সব কথা । যদি এখন imaginary world এ অলপ সময় আমাক সুখ দিয়ে , জীয়াই থকাৰ প্ৰেৰণা দিয়ে ভবাত ভুল কিয় হ’ব পাহি ? বুকুত হাত থৈ ক’ব পাৰিবা ইমান দিনে মোৰ প্ৰতি তোমাৰ অলপ ও ভালপোৱা জাগা নাই মনত । feelings বোৰ express কৰা পাহি । স্থান- কাল-পাত্ৰ চাই, লাভ-লোকচান চাই, ভুল- শুদ্ধৰ বিচাৰ কৰি ভালপোৱা নাযায় । ভালপোৱাই বৈধ-অবৈধ ,বয়স একো নামানে । এই ক্ষেত্ৰত মোক practical হব নকবা dear “

” nothing to say । তোমাক বুজোৱা আৰু ধেৰুৱা ঠাৰি সিজোৱা একেই কথা । চাবা যাতে পস্তাৱ লগা নহয় !!”

“তোমাৰ প্ৰেমত পৰি পস্তাৱ লগা হ’লেও আপত্তি নকৰো মই মেডাম । “

কিবা এটা দুখে হেঁচি ধৰিলে পাহিক । বিচৰাবোৰ ওচৰত পাই ও ধৰি ৰাখিবলৈ অপাৰগ আজি তাই । কাৰণ সমাজৰ নিয়মৰ বিৰুদ্ধাচৰন কৰাৰ সৎসাহস নাই তাইৰ । তাই কাৰোবাৰ পত্নী।

মনত পৰিল কৌস্তভে প্ৰথম যেতিয়া তাইক ভালপোৱাৰ কথা কৈছিল । আচৰিত এই ল’ৰাটো । কোনো কথাৰ অৱতাৰনা নকৰাকৈ চিধা-চিধি কৈ দিছিল …..

“pahi , I think , I am deeply fall in love with you. মোৰ mind ত anytime তুমিয়েই ঘূৰি থাকা আজিকালি। কাৰোবাক ওচৰত নোপোৱাকৈ, নেদেখাকৈ ও যে প্ৰেমত পৰিব পাৰি মই আজি feel কৰিছো । একো expectation ৰখা নাই তোমাৰ পৰা , তুমি খালি মোক ভালপাব দিয়া মোৰ মৰমৰ পাহিজনীক । “

বাকৰুদ্ধ হৈ পৰিছিল তাই । গালি দিছিল বহুত, বুজাইছিল , কান্দিছিল ,সুধিছিল …

“কিয় কৰিছা এনেকুৱা ?”

কিন্তু, হাৰি গৈছিল তাৰ যুক্তিৰ ওচৰত । তাৰ দৰে তাইৰ ও মনত থকা মৰমবোৰ দেখাব নোৱাৰাৰ দুখে খুলি খুলি খাইছিল তাইক।
অলপ দিন কোনো contact ৰখা নাছিল তাই । তাৰ ফোন ৰিচিভ কৰা নাছিল, msg ৰ reply কৰা নাছিল । পাগল হৈ পৰিছিল সি ।

“এনেকৈ ignore নকৰিবা plz । মই বিনিময়ত ভালপোৱা বিচৰা নাই । একো বিচৰা নাই তোমাৰ পৰা ।আঁতৰি নাথাকিবা মোৰ পৰা । god swear , মই এইবোৰ কৈ আৰু কেতিয়াও অশান্তি নিদিওঁ তোমাক। মোক মাত্ৰ জীয়াই থাকিব দিয়া পাহি ।”
দুমাহ মানৰ মূৰত তাৰ msgৰ reply কৰিলে তাই ।

“Promise কৰা , next time এইবোৰ কথা নোলায় আমাৰ মাজত । আৰু তুমি তোমাৰ সংসাৰ খনক first preference দিবা । “

“I will try my best . But not sure. “

“সেইয়া, তোমাক কৈ লাভ নাই । তুমি নিজৰ টো কেতিয়াও নেৰা। মই আচলতে কাৰো জীৱনত অশান্তি হোৱা নিবিচাৰো কৌস্তভ।”

” সকলোৰে কথা ভাবা তুমি ।মোৰ জীৱনৰ কথা ভাবা নে ?কি importance আছে মোৰ জীৱনৰ তোমাৰ ওচৰত ? Tell me , mrs. pahi baruah … 😡😡😡”

খং উঠিছিল তাৰ । বহুত খং উঠিছিল….। আৰু বুকু খন ফাটি গৈছিল পাহিৰ।

“পাহি কেতিয়াও লগ পাম বুলিও নকওঁ তোমাক। তোমাক ভালপোৱাত বাধা নিদিবা মোক ।”

তেনেকৈয়ে হয় চাগে প্ৰেম । অজানিতে , কব নোৱাৰাকৈ । যেনেকৈ পাহিৰ ও হ’ল । পাৰ্থক্য মাথো কৌস্তভে পাহিক জনাই বুকুৰ ভিতৰখন পাতলাই পেলালে আৰু পাহিয়ে ক’ব নোৱাৰি এছটা গধুৰ শিল বুকুত কঢ়িয়াই লৈ ফুৰিব ল’গা হ’ল ।
হীৰুদাই ঠিকেই লিখি গ’ল …..
” প্ৰেম হয়তো তেনেকুৱাই , আৱৰণ খুলি হৃদয় জুৰাই ।
 

                   *******************

আজি পুৱাৰ পৰাই ব্যস্ত পাহি। আজি দেৱব্ৰত আহিব । সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি গোঁসাই ঘৰত সোমাল তাই ।চাকিগচ জ্বলাই প্রার্থনা কৰিলে–

“প্ৰভু কৃপা কৰিবা…। দেবুক সঁচা অন্তৰেৰে আপোন কৰি ল’বলৈ মোক শক্তি দিবা..।”

আজি অফিচৰ পৰাও চুটি ল’লে তাই আৰু যাৱতীয় কামকাজবোৰ কৰি পাকঘৰত দেবুয়ে ভালপোৱা এটো সিটো বনোৱাত লাগি গ’ল । চাৰিমাহৰ মূৰত ঘৰলৈ আহিব সি ।
কৌস্তভে msg কৰিলে —

” অফিচ ওলাইছা ?”

” চুটি লৈছো আজি । দেবু আহিব। “

“Debu ??? Who is he by the way ???” (জানিও প্ৰশ্ন কৰিলে সি ।)

” দেবু ,, মোৰ husband ।”

“Not debu , debabrat । ইমান মৰমৰ মাতেৰে নামাতিবা তাক । he doesn’t deserve your love. তোমাৰ মূল্য নুবুজা জন তোমাৰ মৰমৰ হ’ব নোৱাৰে। “

” he is my hubby koustabh. U have no right to say something, like this about him. “

” I am sorry .. plz don’t mind . লাগা তুমি কামত ।”

দিনটো কোনো খবৰ নাই তাৰ । কামৰ মাজতো বাৰে বাৰে চাই থাকিল পাহিয়ে তাইৰ মোবাইলটো ।আবেলি সময়ত দেবু আহি পালেহি । তাই ৰুমত ৰ’দৰ পৰা অনা কাপোৰবোৰ জাপি আছিল । মনে মনে আহি পিছফালৰ পৰা পাহিক সাৱটি ধৰিলে সি । আৰু গলধনত ওঁঠ খন চেপি ধৰিলে ।উচপ খাই উঠিল তাই আৰু শিহৰিত হৈ উঠিল সৰ্ব শৰীৰ । কিবা এটা ভাল লাগি ও গ’ল । সুদীৰ্ঘ চাৰিমাহৰ মূৰত তাই যাৰ নামত সেন্দুৰ লয়, যাৰ ওচৰত গোটেই জীৱনটো সঁপি দিবলৈ হোমক সাক্ষী কৰি নিজৰ ঘৰ খন এৰি আহিছে সেইজন পুৰুষৰ পৰশ ।

” Miss কৰিছিলো তোমাক পাহি । মোৰ absent ত মোৰ ঘৰখন , মা দেউতাৰ যত্ন লৈ ইমান নিয়াৰিকৈ সকলোবোৰ চলোৱাৰ বাবে সুখী মই ।”

“এইয়া মোৰ দ্বায়িত্ব দেবু । মইও miss কৰিছিলো তোমাক ।”
নাজানে সঁচাই ক’লে নে মিছাই কলে তাই ।

“যোৱা fresh হৈ লোৱা । আজি তুমি ভালপোৱা বহুত বস্তু বনাইছো । মই চাহ কৰো । “

হাত ভৰি ধুই দেউতাক-মাকৰ লগত বহি দেবু কথা পতাত লাগিল । আলেঙে আলেঙে তাই তাক চাই থাকিল । সলনি হৈছে নেকি বাৰু দেৱব্ৰত !! তাইক সঁচাই miss কৰিছিল নেকি , কৌস্তভে কৰাৰ দৰে ।। সকলোকে চাহ খাব দি তাই ও চাহ কাপ লৈ কাষতে বহিল । শাহুৱেকে বোৱাৰীয়েকৰ গুণ কৈ পাহিক শলাগিব ধৰিলে । ভাল লাগিল পৰিবেশটো তাইৰ ।
গধূলি চাকি বন্তি জ্বলাই সোনকালে ভাতৰ যোগাৰ ক’ৰাৰ কথাই ভাবিলে তাই । দেৱব্ৰত ওলাই গ’ল অলপ ।মাছ মাংস বনায়েই ৰাখিছিল পাহিয়ে । ভাত কেইটা উঠাই তাই দেবুৰ বেগটোৰ কাপোৰবোৰ চিজিল কৰিবলৈ ৰুমলৈ গ’ল । মোবাইলটো চালে । কৌস্তভৰ msg ।

“Dont sleep with him. Plz ,, মই বেলেগৰ লগত তোমাক ভাবিব নোৱাৰো । u r mine . “

Msg টো delet কৰি দিলে তাই । কিয় ইমান possessive বাৰু কৌস্তভ তাইক লৈ । খং উঠিল তাইৰ । একো reply নকৰি মোবাইল টো off কৰি থ’লে।
দেৱব্ৰত উভতি অহাত তাই সকলোৰে বাবে ভাত বাঢ়ি আনিলে । ইমান দিনৰ মূৰত পাহিয়ে যত্নৰে ৰান্ধি দিয়া ঘৰৰ ভাত কেইটা বৰ তৃপ্তিৰে খালে সি ।
বাচন ধুই ৰুমলৈ আহে মানে দেবুয়ে বিচনা ready কৰি থৈছিল । nighty টো পিন্ধি তাই চুলি কেইডাল ফণীয়াই ল’লে । সি চাই থাকিল তাইক । সৰুসুৰা কথা কেইটামান পাতি বিচনাখনত উঠিব লওঁতে মনত পৰিল কৌস্তভলৈ ।

“don’t sleep with him .”
কি কৰিব তাই, সঁচাই নাযাব নেকি বাৰু দেবুৰ ওচৰলৈ !! এটা প্ৰশ্ন মনত লৈ তাই বিচনাত উঠিল আৰু ইমান দিনৰ মূৰত তাই পুনৰ নিজকে সঁপি দিলে যত্ন কৰিও প্ৰেমত পৰিব নোৱাৰা এজন মানুহৰ ওচৰত । অজানিতে দুটোপাল চকুলো বাগৰি আহিল তাইৰ দুচকুৰ পৰা। প্ৰতিটো মুহূৰ্তত কৌস্তভলৈ মনত পৰিল তাইৰ । সেইজন কৌস্তভ যাক তাই আজিলৈকে লগ পোৱা নাই ,তথাপিও নিকা অন্তৰ এখনেৰে ভাল পাই পেলাইছে ।

“কিমান ভালপোৱা থাকিলে বাৰু বিচনাত নিজৰ পতিৰ ওচৰত নিজকে সমৰ্পণ কৰিও এজন পৰ পুৰুষৰ কথা ভাবিব পাৰি ?? এই পাপ ৰ ফল কি বাৰু নে এইয়া ভুল নহয় । “
উত্তৰ বিহীন প্রশ্ন কিছুমানে বেৰি ধৰিলে তাইক ।

গতানুগতিক ভাবে দিনকেইটা পাৰ হল । এসপ্তাহৰ ছুটি লৈ আহিছিল দেৱব্ৰত। এই এসপ্তাহ সম্পূৰ্ণ ৰূপে পাহিয়ে দেবুক দিলে ।
কৌস্তভে ফোন msg নকৰিলে তাইলৈ । তাই কৰা msg ৰ ও reply নাই কৰা।

দেবু গ’লগৈ । পাহিয়ে call কৰিলে কৌস্তভলৈ।

“একো খবৰ নাই যে তোমাৰ। ঠিকে আছা নে ? “

” তোমাক disturb দিব মন নাছিল । তুমিতো পতি সেৱাতে ব্যস্ত আছিলা । সংসাৰৰ সুখ লৈছিলা…। আৰু মই কি কৰিছিলো নুসোধা ??”

একো নকলে তাই ।

“মদ খাইছিলো মই । দিনে ৰাতিয়ে । তোমাক ওচৰত বিচাৰিছিলো । জানিছিলো সম্ভৱ নহয় । কান্দিছিলো মনে মনে ।”

“আঁতৰি যোৱা মোৰ পৰা কৌস্তভ । পাগল হৈছা তুমি । পাগলামী কৰিব ঠাই নাপালা আৰু? বাৰে বাৰে বুজাইছো তোমাক। এখন সংসাৰ আছে তোমাৰ । ঘৰ খন ভাঙিব নিদিবা । আৰু তুমি ৰাতি দিন মদ খাই মাতলামী কৰি ফুৰিছা ?? কি ভাবিছে গৰিমাই তোমাৰ কথা ,কি reason দেখাইছা তাইক তোমাৰ পাগলামীৰ ???নালাগে মোক ভালপাব তুমি । u are just mentally sick . ..”

ফোনটো কাটি দিলে তাই । বহুত ভয় লাগিল তাইৰ ,ভৱিষ্যতৰ কথা ভাবি ।কি লিখিছে বাৰু বিধাতাই সিহঁতৰ কপালত ? সকলো তচ- নচ কৈ খহি যাব নেকি বাৰু তাচপাতৰ ঘৰ খহা দি ? অদৃষ্টলৈ কাতৰ মিনতি জনালে তাই কোনেও যাতে একো দুখ নাপাই । ভগৱানৰ ওপৰত অটল বিশ্বাসী পাহি আজি বিশ্বাস অবিশ্বাসৰ চাকনৈয়াত। অপৰাধবোধে ম্ৰিয়মান কৰিলে তাইক । সঁচা অন্তৰেৰে ভালপোৱা কৌস্তভক দুখ দি আৰু দেবুৰ লগত ভালপোৱাৰ অভিনয় কৰি । তাই উপায়হীন , দিশহাৰা আজি । আকাশলৈ মুৰ দাঙি চালে তাই। নীলা আকাশ খনৰ লগত নিজকে তুলনা কৰি ভাবিলে , বেদনাৰ ৰং বোলে নীলা । মোৰ দৰে আকাশৰ ও চাগে বহুত বেদনা । তথাপিও নিজৰ স্থিতিত অটল আকাশ ।

“অকাশ তোমাৰ বিশালতাত লীন হব দিয়া মোক । মোক ও তোমাৰ দৰে স্থিতপ্ৰতজ্ঞ হ’ব সাহস দিয়া । “


                         *******************

দুখ দি হলেও নিজকে কৌস্তভৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত ল’লে তাই । সিহঁত দুয়োৰে বাবে তাকে কৰাই উচিত হ’ব। কৌস্তভ তাইক লৈ দিনে দিনে বেছি possesive হৈ পৰিছে । যিটো সমূলি ভাল হোৱা নাই । বাস্তৱক সি কোনোমতে মানি ল’ব বিচৰা নাই । কেৱল তাইক বিচাৰিছে, সকলো পাহৰি…। এই সময়ত যদি পাহি ও দুৰ্বল হৈ পৰে সিহঁতৰ জীৱন দুৰ্বিসহঃ হৈ পৰিব।
তালৈ ফোন কৰিলে পাহিয়ে । খুব মৰমেৰে বুজালে তাক ।

” পাহৰি যোৱা কৌস্তভ সকলোবোৰ । তোমাৰ মোৰ এই সম্পৰ্ক ভৱিষ্যতে মাথোঁ দুখৰ কাৰক হ’ব । ভাবি চাইছানে ,যেতিয়া দেবু বা গৰিমাই এইবোৰ গম পাব কি হ’ব আমাৰ ঘৰ দুখনৰ? প্ৰেমেক ত্যাগে হে মহীয়ান কৰে । আমাৰ এই ভালপোৱা সদায় দুইজনৰ মনতে থাকিব দিয়া প্লিজ !! কাৰোবাৰ ভাললগা স্মৃতিবোৰেও জীয়াই থাকিব প্ৰেৰণা দিয়ে কৌস্তভ । মোৰ বিশ্বাস আছে contact ত নাথাকিলেও মোক তুমি কেতিয়াও মনৰ পৰা আঁতৰাই ৰাখিব নোৱাৰা আৰু ময়ো জীৱনৰ শেষ উশাহটোলৈকে তোমাক পাহৰিব নোৱাৰোঁ । বুজিব যত্ন কৰা মোৰ কথাবোৰ ।”
সিহঁতৰ সম্পৰ্ক যে এক অনামী সম্পৰ্ক ,সমাজৰ চকুত অবৈধ ,,যাক কোনেও কেতিয়াও স্বীকাৰ নকৰে তাকো ক’লে তাই। অলপ দিন দুখ পাব কিন্তু লাহে লাহে সকলো আগৰ দৰেই সহজ হৈ পৰিব বুলি বিশ্বাস দিলে ।
নাই,,মানি নলয় সি । আকোৰগোজ কৌস্তভ । পাহিৰ পৰা আঁতৰাৰ কথা ভাবিবই নোৱাৰে সি । মাত্ৰ ক’লে—-

“সময়ৰ হাতত এৰি দিয়া সকলো । দেখা যাওক কি হয় । “
তাক দুখ দি কিবা কলে দুগুন দুখত পাহিয়ে কান্দে । দুখবোৰ প্ৰকাশ কৰিবলৈ ও কোনো এজন নাই । একোতে মন নবহা হ’ল পাহিৰ । যন্ত্ৰৰ দৰে দৈনিক কামকাজবোৰ কৰি গ’ল মাথোন । দিনটোৰ বেচি ভাগ সময় কৌস্তভৰ লগত কটোৱা পাহিজনীয়ে ইচ্ছা কৰি তাক সময় নিদিয়া হ’ল ।

“পাহি ,বুজিছো তুমি সকলোৰে ভালৰ বাবেই এইবোৰ কৰিছা। তোমাক বেয়া নাপাওঁ কেতিয়াও । ভুল হৈছে আমাৰ ,কিন্তু জানি বুজি একো পাপ কৰা নাই । আজি তুমি দেবুৰ পৰা বা মই গৰিমাৰ পৰা যদি সঁচা মৰম ,অলপ care পালোঁ হয় মোক তোমাৰ বা তোমাক মোৰ প্ৰয়োজন নহ’ল হয় । আমি বিচৰা মৰমখিনিৰ পৰা বঞ্চিত পাহি । আজিলৈকে আমি ইজনে সিজনক নেদেখাকৈ, লগ নোপোৱাকৈ যি মৰম যাচিছো ,সি আন্তৰিক । একো স্বার্থপৰতা নাই । মই তোমাক শাৰীৰিক ভাবে ও বিচৰা নাই কোনোদিন । কেতিয়াবা কিবা কৈছো যদিও ভালকৈ বুজো যে সেইবোৰ সম্ভৱ নহয় । কেৱল মোৰ mental strenght হৈ থাকা মোৰ লগত প্লিজ !!মোৰ মতে বিবাহ বা শাৰীৰিক মিলনেই ভালপোৱাৰ পূৰ্ণতা নহয় । মানসিক তৃপ্তিৰ হে প্ৰয়োজন । প্ৰেম থাকিলে হে দৈহিক মিলনেও মানসিক ভাৱে তৃপ্ত কৰে । মই তৃপ্ত নহয় পাহি । “
কেনেকৈ কয় পাহিয়ে কৌস্তভক, যে দেবুৰ লগত মিলনৰ মূৰ্হুত্ববোৰতও তাই তাৰ কথাই ভাবে । তাইও যে অন্তৰ্দণ্ডত ভুগে। শুনি গ’ল মাথোঁ সি কোৱাবোৰ ।
“একো নোকোৱা পাহি । আমি জানো সদায় এইদৰে ভালপাই থাকিব নোৱাৰো ?? কোৱা পাহি !! তুমি যদি বিচৰা নাই মোক তোমাৰ কাষত ,মই আঁতৰি যাম । তোমাক কষ্ট দি মই তোমাক মোৰ কৰিও ৰাখিব নোৱাৰো । সকলো মই তোমাৰ ওপৰত এৰি দিছো ।কিন্তু সত্য এয়ে যে যিমানেই যি নহওক, যিমানেই বাধা নাহক তোমাক ভালপোৱাত কোনেও বাধা দিব নোৱাৰে মোক । তুমিও ।”

একো ভুল কোৱা নাই সি। তাইৰ দৰে সিও অলপ সঁচা মৰমৰ বাবে বলিয়া । পাৰ্টি ,বন্ধু বান্ধৱ ,বিউটি পাৰ্লাৰত সদাব্যস্ত গৰিমাই কৌস্তভৰ যদি অলপ যত্ন ললে হয়, সি বিচৰা মৰমখিনিৰ অলপ হ’লেও দিলে হয় ,আজি পাহিৰ প্ৰয়োজন নহল হয় তাৰ জীৱনত ।আকৌ এবাৰ ভাবি চাবলৈ বাধ্য হ’ল তাই কথাবোৰ ।
যদি কাৰোবাৰ অমল সান্নিধ্যই হতাশগ্ৰস্ত এজনক প্ৰাণ খুলি হাঁহিব শিকাই, অলপ সুখৰ ৰং বুলাই দিয়ে জীৱনত তেনেহ’লে সেই সান্নিধ্যৰ পৰা তেওঁক বঞ্চিত কৰাতো উচিত হ’ব জানো !!

নাই ,নাযায় আঁতৰি তাই কৌস্তভৰ জীৱনৰ পৰা । আজীৱন দুয়ো এই আন্তৰিক সম্পৰ্কটোৰে বান্ধ খাই থাকিব । সমাজৰ দৃষ্টিত যি অবৈধ সম্পৰ্ক । ভুলতো কৰা নাই সিহঁতে একো ,,না শাৰীৰিক মিলনৰ প্ৰত্যাশি দুয়ো ।কেৱল ভাল পাইছে অন্তৰ উজাৰি দুয়ো-দুয়োকে ।তেনেহ’লে ক’ত ভুল হ’ব সিহঁতৰ???
এক বুজাব নোৱাৰা সুখানুভূতিয়ে ভৰাই পেলালে পাহিৰ বুকুখন। এনেকুৱা লাগিল যেন দৌৰি গৈ তাক সাৱটি ধৰিব আৰু চিঞঁৰি চিঞঁৰি ক’ব.. “l love you koustabh , বহুত ভাল পাওঁ তোমাক ।”
আজি বহুত দিনৰ মূৰত শান্তিৰে শুব মন গ’ল পাহিৰ । মোবাইল টো উলিয়াই হেডফোন ডাল সংযোগ কৰি তাইৰ প্রিয় গীতটো লগাই ল’লে……

“চান্দ নে কুচ কাহা,
ৰাত নে কুচ চুনা..
তু ভি চুন বেখবৰ প্যাৰ কৰ…
আয়ী হে চান্দনী,
মুঝছে কেহনে য়েহি
মেৰি গলি মেৰে ঘৰ প্যাৰ কৰ…”


                     ********************


“A part of you is now me, and so you see, it’s you and me together forever… We would never be apart, maybe in distance, but never in heart.”

প্ৰেম জীৱন্ত হৈ পৰিল কৌস্তভ আৰু পাহিৰ মোবাইল দুটাৰ জৰিয়তে আৰু শিপাই গৈ পোখা মেলিলে দুয়োৰে হৃদয়ৰ গভীৰত । দিনবোৰ ভাল লগা হৈ আহিল সিহঁতৰ। হতাশাবোৰ যেন ক’ৰবাত হেৰাই গ’ল ।দুগুন উৎসাহেৰে পাহিয়ে ঘৰ, অফিচ চম্ভালি ,কৌস্তভৰ ভালপোৱাৰে জীৱনতো উপভোগ কৰিব ধৰিলে । সৰু ছোৱালীৰ দৰে প্ৰাণ চঞ্চলা হৈ পৰিল তাই । অনবৰতে যেন গুণগুণাই থাকিব ভাললগা গানবোৰ ।

চুটিত ঘৰলৈ অহা দেৱব্ৰতৰও পাহিৰ এই পৰিৱৰ্তন চকুত নপৰাকৈ নাথাকিল । জীৱনটোকলৈ অসন্তুষ্ট পাহিজনী দেখাত আজি সুখী । তাৰ জানিব মন গ’ল কিহৰ বাবে এই পৰিৱৰ্তন পাহিৰ !! তাৰ ভাল লাগি গ’ল পাহিক দেখি আৰু লগতে এক অপৰাধবোধে আমনি কৰিলে… হয়, বহুত কষ্ট দিছে সি পাহিক । বিয়া পাতি কেৱল তাইৰ শৰীৰটো উপভোগ কৰিছে। কোনোদিন তাইৰ প্ৰয়োজন বোৰৰ কথা জানিব বিচৰা নাই । দিনে ৰাতিয়ে ঘৰৰ কাম কৰি ভাগৰি পৰিলেও মৰমৰ মাত এষাৰেৰে তাইক কোৱা হোৱা নাই যে,, “পিছত কৰিবা আৰু কি কাম আছে ,অলপ আৰাম কৰি লোৱা।” তাই যতনাই দিয়া ভাত কেইটা খাওঁতেও কোৱা নাই,”তোমালৈ ও আনা, একেলগে খাওঁ ।” এদিনলৈ তাইক লৈ চিনেমা এখন চোৱা নাইবা ফুৰিব যোৱা হোৱা নাই বা তাইৰ লাগতিয়াল বস্তুবোৰ ও আনি দিয়াৰ কথা ভাবা নাই সি কেতিয়াও। ঘৰ খনৰ খুটি -নাটি বোৰৰ লগতে নিজৰ কামবোৰ ও তাই নিজেই কৰি আহিছে ইমান দিনে । তথাপিও নীৰৱে সহি গৈছে তাই দুখবোৰ । কোনোদিন একো আপত্তি কৰা নাই ।
অনুশোচনাত দগ্ধ হৈ পৰিল দেৱব্ৰতৰ হিয়াখন। ঢপলিয়াই গৈ পাকঘৰত কাম কৰি থকা পাহিক সি সাৱটি ধৰিলে ।

” কি হ’ল দেবু?”আচৰিত হ’ল তাই ।

“পাহি তুমি মোক ভালপোৱা নে বাৰু? মই বুজি পাওঁ ,তুমি বিচৰা মনৰ মানুহজন মই নহয় । তোমাক মই বহুত দুখ দিছো । তথাপিও তুমি কেনেকৈ পৰিছা নিজকে সুখী ৰাখিব ? কি ধাতুৰে গঢ়া তুমি পাহি ??”
হঠাৎ এনে এটি প্ৰশ্নৰ সন্মুখীন হৈ শব্দহীন হৈ পৰিল পাহি । তললৈ মুৰ কৰি লাহে লাহে ক’ব ধৰিলে…

” দেবু ,হোমৰ অগ্নিক সাক্ষী কৰি যি দিনা নিজকে তোমাৰ ওচৰত সমৰ্পণ কৰিছিলো ,সেইদিনাই মোৰ কিছুমান আশা, ভাললগা কিছুমানৰ ও জ্বলাঞ্জলি দিছিলো সেই জুইকুৰাত। ভাবিছিলো তোমাৰ সুখত সুখী হ’ম, দুখত দুখী । সঁচা ক’ব গ’লে মই তোমাকলৈ সুখী নহয় দেবু। কিন্তু মই এনেদৰেই জীৱনটোক মানি লৈছো । শিকিছো, যত্ন কৰিছো সুখী হ’বলৈ । তুমি মদৰ ৰাগীত ক’ব নোৱাৰা হৈ মোৰ শৰীৰটোৰ ওপৰত চলাই অহা অত্যাচাৰ বোৰ মই মৰমৰ অত্যাচাৰ বুলি ভাবি চাই সুখী হৈছো। সকলোতকৈ ডাঙৰ আশীৰ্বাদটো হ’ল মা-দেউতাৰ পৰা পোৱা আন্তৰিক মৰমখিনি । নিজৰ ছোৱালীৰ দৰে মৰম দিছে তেওঁলোকে মোক । যি মোক তোমাৰ ঘৰ খনত তোমাৰ পত্নী হৈ থকাত সহায় কৰিছে । মোৰ আৰু একো ক’বলগা নাই দেবু। মাথোঁ মই নিজকে যিদৰে সলনি কৰি তোমাৰ জীৱনৰ অংশীদাৰ হৈ পৰিছো ,অনুৰোধ কৰো তুমিও যাতে মোৰ বাবে অলপ হ’লেও সলনি হোৱা । “
বহুত দুখত…ক্ষোভত কান্দি উঠিল পাহি । মৌন হৈ ৰ’ল দেৱব্ৰত ।

সন্ধ্যা দেৱব্রতে তাইক এপাক উলিয়াই নিয়াৰ কথা ভাবিলে। আজি পাহিক সি ধুনীয়া শাৰী এখন কিনি দিব, ধুনীয়া ৰেষ্টুৰেণ্ট এখনত নি তাই ভালপোৱা এসাঁজ খুৱাব । প্ৰথমে আপত্তি কৰিছিল পাহিয়ে। দেৱব্ৰতে জোৰ কৰাত মান্তি হ’ল । বজাৰ কেইটা কৰি দুয়ো খাব সোমাল এখন ৰেষ্টুৰেণ্টত । দেবুয়ে পাহিক অৰ্ডাৰ দিব ক’লে তাইৰ প্ৰিয় খাদ্যৰ। তাই ক’লে….

“তুমিয়েই দিয়াচোন মই যি ভালপাওঁ।” (জানিছিল তাই, দেবুয়ে তাই ভালপোৱা বেয়াপোৱাবোৰৰ বিষয়ে একোৱেই নাজানে ।)

“মই নাজানো পাহি তুমি কি খাই ভালপোৱা।”

” কিন্তু মই তোমাৰ প্ৰিয়বোৰ জানো দেবু । তুমি কোনোদিন মোক গুৰুত্ব দিয়েই নাপালা । মোৰ কি ভাল লাগে, কি বেয়া লাগে কেনেকৈ জানিবা । এখন ঘৰত ,এখন চাঁদৰ তলত একেলগে থাকিলেই কোনোবা আপোন হৈ নপৰে,আপোন হ’বলৈ মনৰ মিল হ’ব লাগিব । হ’ব দিয়া আজি তোমাৰ পচন্দৰেই খাওঁ ।”

তাই দেবুয়ে ভালপোৱা বাটাৰ চিকেন আৰু ভেজ পোলাও অৰ্ডাৰ কৰিলে ।
একেথৰে চাই ৰ’ল সি পাহিক । ভাবিলে মনতে

“এখন সুখী সংসাৰৰ বাবে এই সৰু সুৰা understanding বোৰৰ ও সঁচাই প্ৰয়োজন আছে। পাহিয়ে বাৰু কি দৰে ভালপাব মোক? মই কি দিছো নো তাইক??”

অলপ মুকলি যেন লাগিল পাহিৰ মনতো আজি। ইমান দিনে বুকুখন খুচি বিন্ধি থকা অব্যক্ত বেদনাবোৰৰ অলপ হ’লেও দেৱব্ৰতৰ আগত প্ৰকাশ কৰি মনটো পাতল পাতল লাগিল তাইৰ ।
ঘৰলৈ আহি কৌস্তভক কথাবোৰ জনাব মন গ’ল । মোবাইলতো উলিয়াই msg এটা কৰি থ’লে তালে ….

“Somehow I am happy today . Will talk to you tomorrow in details . you are badly missed koustabh…😔😔 Good night ..”
 

                         *****************


ৰাতিপুৱা দেৱব্ৰতক তাৰ চাকৰি ঠাইলৈ পঠাই পাহিও অফিচ যাবলৈ ওলাল । মোবাইলতো চালে । কৌস্তভলৈ msg sent হৈছে কিন্তু deliver হোৱা নাই । নেটৱৰ্ক প্ৰব্লেম চাগৈ। অফিচ গৈ ফোন কৰিব বুলি তাই scooty খন লৈ ওলাই গ’ল।

টেবুলত বহি কৌস্তভৰ নম্বৰ dial কৰিলে । switch off । কি হ’ল আজি । তাৰ মোবাইল বেয়া হ’ল নে হেৰাল ?? যোৱাকালি ৰাতিপুৱাৰ পৰাই কোনো খবৰেই নাই যে । চিন্তাত পৰিল তাই । তথাপিও ,কি হৈছে জনাই সি খবৰ দিব বুলি তাই file বোৰ উলিয়াই কামত লাগিল ।

দিনটো পাৰ হ’ল । কৌস্তভৰ ফোন মেছেজ একো নাহিল । কিবা এটা ভয় লাগিল পাহিৰ। একো অঘটন হোৱা নাই তো ??

ঘৰত আহি তাই উচপিচাই থাকিল। কি কৰিব, কেনেকৈ এটা খবৰ ল’ব তাৰ । তাৰ খবৰ পোৱাৰও কোনো উপাইয়েই নাই যে । মনটো অলপ ও ভাল নালাগিল তাইৰ। ৰাতি শাহুয়েক শহুৰেকক খাব দি তাই ভাত কেইটামান বাঢ়ি ল’লে। কোনোপধ্যেই খাব নোৱাৰিলে । দেৱব্ৰতৰ খবৰ এটা লৈ তাই বিচনাত পৰিল। বেয়া চিন্তা কিছুমানে বেৰি ধৰিলে তাইক আৰু এটা উজাগৰী নিশা পাৰ কৰিলে পাহিয়ে কৌস্তভৰ কথা চিন্তা কৰি ।

পিছদিনাও কোনো খবৰ নাহিল তাৰ। ফোন কৰি কৰি ভাগৰি পৰিল পাহি। ফোনটো switch off কিয় ৰাখিছে ? হাজাৰটা প্ৰশ্নই দোলা দি গ’ল তাইক ।
এইদৰে কেইবাদিন ও পাৰ হ’ল । কৌস্তভ অবিহনে ভাগি পৰিল পাহি । না কোনো কামত মন বহিল ,না কিবা খাব মন গ’ল।তাৰ এটা মেছেজ বা এটা ফোন কলৰ বাবে অপেক্ষা কৰি পাহিয়ে দিন ৰাতি পাৰ কৰিব ল’লে। দুখে শোকে বেমাৰী কৰি পেলালে তাইক । সেইকেইদিনতে পাহি ক্ষিণাই শুকাই কিবা হৈ গ’ল ।শাহুয়েকে তাইৰ অৱস্থা দেখি দেৱব্ৰতক মতাই আনিলে । দেৱব্ৰত আহিয়েই তাইৰ ওজৰ আপত্তিক আওকান কৰি তাইক ডাক্তৰৰ ওচৰলৈ লৈ গ’ল ।
পৰীক্ষা-নিৰীক্ষাৰ অন্তত মিঠা হাঁহি এটা মাৰি ডাক্তৰে ক’লে যে পাহি অন্তঃসত্তা । ফুৰ্তিতে সাৱটি ধৰিলে
দেৱব্রতে পাহিক । আৰু পাহি …????
কি কৰিব তাই, হাঁহিব নে কান্দিব ? কৌস্তভ এইদৰে নাইকিয়া হৈ যোৱাৰ বাবে দুখ কৰিব নে ভগৱানে তাইৰ জীৱনলৈ উপহাৰ হিচাপে আগবঢ়োৱা সেই ভ্ৰূণটোৰ বাবে ফুৰ্তি কৰিব । পেটটোত হাত ফুৰাই তাই দেবুলৈ চালে ।

“পাহি চোৱা,আমাক মা দেউতা বুলি মাতিবলৈ দেৱশিশু এটি আমাৰ ঘৰলৈ আহিব ।Thank you so much pahi.. মোৰ জীৱনৰ এটি ডাঙৰ প্ৰাপ্তি হ’ব এই শিশুটি। ব’লা ঘৰত গৈ মা দেউতাক খবৰতো দিওঁগৈ।”

“দুই নাও দুই ভৰি, হৃদয় তাটিনিত এজাক অশান্ত ধুমুহাৰ গতি ।
আঁকোৱালি ল’ব বিচাৰো যদি ,সুখৰ চন্দ্ৰময় গতিক জীৱনে জুৰে দেখোন দুখৰ আৱহ সঙ্গীত ।সপোন আৰু বাস্তৱৰ ছায়াত মাথোঁ উচুপি উঠে চনকা হিয়াখনি। “

ভগৱানক চিন্তা কৰিলে পাহিয়ে …

“প্ৰভু কি পৰীক্ষা কৰি চাইছা এইয়া তুমি ? কৌস্তভক মোৰ পৰা আঁতৰাই তুমি তাৰ ঠাইত কাৰোবাক পঠাইছা নেকি ,মোৰ একান্ত আপোন বুলিবলৈ ?? সকলো তোমাৰেই ইচ্ছা । কেৱল ভালে ৰাখা কৌস্তভক, য’তে আছে যেনেকৈ আছে ।”।

চকুলো নিগৰি আহিল তাইৰ ।

ঘৰত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হ’ল । শাহুয়েক শহুৰেকে তাইক হিয়া উজাৰি আশীৰ্বাদ দিলে । শহুৰেকৰ কাঢ়া অৰ্ডাৰ , পাহিয়ে যাতে কষ্ট পোৱা কাম একো কৰিবল’গা নহয় । দেবুক পিছদিনাৰ পৰাই কাম কৰা ছোৱালী এজনীৰ খবৰ ল’ব ক’লে । অকণো টোপ নপৰাকৈ যেন পাহিক ৰাখিব ঘৰৰ মানুহখিনিয়ে ।
দেৱব্ৰত অলপ দিন ঘৰতে থাকি পাহিৰ যত্ন ল’লে। মনৰ দুখবোৰ মনতে থৈ পাহিও তাইৰ পেটত থকা সন্তানটিৰ বাবেই ডাক্তৰৰ কথামতে খোৱা-বোৱা আৰু মেডিচিনলৈ লাহে লাহে সুস্থ হৈ আহিল ।
দেৱব্রতে দহাই দহাই পাহিক নিজৰ যত্ন ল’ব কৈ নিজৰ কামলৈ গ’ল। নিজক চম্ভালি ল’ব যত্ন কৰা পাহিক অনবৰতে কৌস্তভৰ চিন্তাই ভাৰাক্ৰান্ত কৰি ৰাখিলে। দেহৰ বেমাৰ নহয় ,মনৰ বেমাৰেহে তাইক দুৰ্বল কৰি পেলালে । লোকক দেখুৱাই হাঁহি থকা পাহিয়ে অকলশৰীয়া সময়বোৰ চকুলো মুচি পাৰ কৰিব ধৰিলে ।

45 দিনৰ মূৰত কৌস্তভৰ ফোন আহিল ।এনেই বিচনাতে পৰি আছিল পাহি । প্ৰথমে তাই বিশ্বাসেই কৰা নাছিল কৌস্তভৰ ফোন বুলি ।মোবাইল স্ক্ৰীনত ভালদৰে তাৰ নামটো চাই তাই জঁপিয়াই উঠিল আৰু ফোনটো ৰিচিভ কৰিলে …

“কেনে আছা পাহি?”

ইমান দিনৰ মূৰত সেই মানুহজনৰ ফোন । যাৰ অবিহনে এই 45টা দিন পাহি মৰি মৰি জীয়াই আছে, দিন ৰাতি এই মাতটো শুনিবলৈকে পাহি পাগলী হৈ আছে সেই মাতটো কাণৰ কাষত শুনি এক মিশ্ৰিত অনুভৱে বোবা কৰি পেলালে তাইক । মুখেৰে এটা শব্দও নোলাল , হুকহুকাই কান্দি পেলালে তাই ।

“পাহি নাকান্দিবা । মই বুজিছো বহুত কষ্টত আছা তুমি ইমানদিনে। কি কি ভাবিচা মোৰ কথা চাগে ঠিক নাই । ময়ো বহুত কষ্টত আছো পাহি । “

যিয়েই নহওঁক কৌস্তভৰ এটা ফোন ক’লে সকলো দুখ পাহৰাই দিলে তাইক ।

“ক’ত আছিলা তুমি ইমান দিনে কৌস্তভ?অলপো মনত পৰা নাছিল মোলৈ? মোক দুখত ৰাখি কেনেকৈ আছিলা তুমি। বহুত বেয়া পাইছো মই তোমাক । মোক কিয় আঁতৰাই ৰাখিছিলা তোমাৰ পৰা ইমানদিনে??? “

একে উশাহে কথাবোৰ কৈ বাউলি হৈ পৰিল তাই । বহুত সময় একো নামাতিলে কৌস্তভে । কেইটামান নীৰৱ মুহূৰ্ত্ব পাৰ কৰিলে দুয়ো , মবাইলটোৰ মাজেৰে অহা উশাহৰ শব্দবোৰ অনুভৱ কৰি । এক অময়া সুখে চুই গ’ল দুয়োকে ।

“Love reckons hours for months, and days for years; and every little absence is an age.”


                   ******************


” Pahi, I am in Delhi.”

“কিয় , কি হ’ল কৌস্তভ ?”

“সব ঠিকেই আছে অ’ । এনেই গুচি আহিলো । 20 দিন মান হ’ল । ইয়াতে আছো ।”

“মানে ?? তুমি তাত কি নতুন job join কৰিছা? ফুৰিব গৈছা নেকি family লৈ ?? নে কিবা treatment ৰ বাবে গৈছা । প্লিজ টেনশ্যন নিদিবা আৰু মোক । let me know koustabh .. বুজাই কোৱা মোক ।”

“পাহি সঁচা ক’ব গ’লে পলাই আছো মই সকলোৰে পৰা ।তোমাৰ পৰা ও ।”

“কিয় এনেকৈ কৈছা?”

“বহুত কিবা-কিবি হৈ গ’ল পাহি । যেনেতেনে মই settle কৰিছো গোটেইবোৰ। ভাবিছিলো তোমাক নজনাও একো,দুখ নিদিওঁ তোমাক। নিজকে মানসিক ভাৱে সৱল কৰিবলৈ মই ইমানদিনে আঁতৰি আছিলো পাহি”

ভালদৰে একো বুজিব পৰা নাছিল তাই কৌস্তভৰ কথাবোৰ । কিন্তু অনুমান কৰিছিল নহ’বলগীয়া কিবা এটা নিশ্চয় ঘটিছে তাৰ লগত।

” কোৱা কৌস্তভ । কি হৈছিল ?”

“পাহি ,গৰিমাই তোমাৰ লগত মোৰ এই relationship ৰ কথা গম পাইছে ।”

“কি কৈছা কৌস্তভ ! কেনেকৈ গম পালে তাই?”

“অলপ দিনৰ পৰা তাই কিবা এটা ভাবিছিল মোক দেখি । মোৰ changing behaviour, তাই যি কৰে কৰি থাকক বুলি কৰা ignorance বোৰত তাই সন্দেহ কৰিছিল মোৰ ওপৰত । সেইদিনা মই তোমালৈ msg কৰি বাথৰূমত যাওঁতে তাই মোৰ মোবাইল check কৰি আমাৰ conversation চালে । বহুত কাজিয়া কৰিলে মোৰ লগত । “কোন পাহি , মোৰ কি নাই যে তাইৰ আছে। কিয় তাইৰ প্ৰেমত পৰিব লগা হ’ল, কিমান দিনৰ relation, কিমান বাৰ লগ পাইছো” ….. বহুত প্ৰশ্ন কৰিলে । কোনোপধ্যেই তাই মানি ল’ব নিবিচাৰিলে যে আমি কেতিয়াও লগ হোৱা নাই । “
ভৰিৰ তলৰ মাটিখিনি নাইকিয়া হৈ গ’ল যেন লাগিল পাহিৰ । কি হৈ গ’ল এইবোৰ ।

“এতিয়া ?” সুধিলে পাহিয়ে

” তাই divorce বিচাৰিছে নহ’লে তাই আৰু তোমাৰ মাজত এজনীক choose কৰিব কৈছে মোক।”
যিটোৰ ভয়ে পাহিক আমনি কৰিছিল তাকে হ’ল

“তুমি কি ক’লা কৌস্তভ ?”

” মই অলপ time বিচাৰি delhi গুচি আহিলো । এইটো decession ল’ব পৰা সাহস মোৰ নাই পাহি ।”

সকলোবোৰ যেন স্তব্ধ হৈ পৰিল । শব্দবোৰ , সময়বোৰ আৰু সিহঁতৰ উশাহবোৰ … কান্দি উঠিল মাথোঁ দুয়োৰে হিয়াদুখনে ।অলপ সময় নীৰৱে থাকি পাহিয়ে ক’লে..

” কৌস্তভ choose কৰিব চিন্তা কৰিব নালাগে তুমি । তোমাক মই সদায় বুজাই আহিছিলো ..practcal হোৱা । আমাৰ মাজৰ যি স্বৰ্গীয় প্ৰেম তাক বেলেগে কেতিয়াও নুবুজে। হ’ব পাৰো মই তোমাৰ প্ৰেম, কিন্তু গৰিমা তোমাৰ দায়িত্ব। সমাজক সাক্ষী কৰি তুমি তাইক তোমাৰ পত্নীৰ মৰ্য্যদা দিছা । জীয়াই থকালৈকে তুমি এই দায়িত্ব পালন কৰিবই লাগিব । কৰিবলৈ বাধ্য তুমি কৌস্তভ।”

“তোমাক আঁতৰাই ৰখাৰ কথা মই ভাবিব নোৱাৰো পাহি । কি কৰিম মই । মই বহুত কষ্টত আছো অ’।”
বুকুখন বিষাই গ’ল তাইৰ। তথাপিও নিজকে দৃঢ় কৰিলে । এই সময়ত উচিত পদক্ষেপ নল’লে কৌস্তভৰ ঘৰ খন ভাঙি যাব । আৰু সেই পাপৰ বোজা আজীৱন বহন কৰিব লাগিব তাই।

“কৌস্তভ বিশ্বাস আছে নে আমাৰ প্ৰেমৰ ওপৰত তোমাৰ? তুমি ভাবিচা নেকি কেতিয়াবা মৃত্যু ঘটিব এই প্ৰেমৰ ?? অনুভৱৰ মৃত্যু নহয় কেতিয়াও কৌস্তভ । আমাৰ প্ৰেম পৱিত্ৰ, শেষ উশাহটো থকালৈকে জীয়াই থাকিব এই প্ৰেম । একো বান্ধোন ,একো নামৰ প্ৰয়োজন নাই আমাৰ সম্পৰ্কৰ ।মুক্ত হৈ চিৰয়ুগমীয়া হৈ থাকিব দিয়া ইয়াক ।”

পুনৰ নিৰৱতাই বিৰাজ কৰিলে। নোকোৱাকৈ বহুত কিবা কৈ গ’ল যেন এই নিৰৱতাই । মূৰটো ঘূৰাই যোৱা যেন লাগিল তাইৰ। কৌস্তভৰ পৰা মানে আঁতৰি থাকিব লাগিব পাহি। কেনেকৈ থাকিব, কি হ’ব কৌস্তভ বিহীন দিন-ৰাতিবোৰ !! তথাপিও পাৰিব লাগিব, কৌস্তভৰ বাবেই তাই পাৰিব লাগিব তাৰ পৰা আঁতৰি আহিব।
“কৌস্তভ, গৰিমাৰ লগত সুখী হোৱা তুমি । মই সদায়ে থাকিম তোমাৰ মনত । হয়, আমাৰ ভুল হৈছে । আমাৰ এই পৰকীয়া প্ৰেমক কোনেও মানি নলয়। সত্যবোৰ এদিন হ’লেও বাহিৰলৈ আহিবই । আমি যে এটা অবৈধ সম্পৰ্কৰে বান্ধ খাই পৰিছো এয়াও সত্য । আজিৰ পৰা তুমি মোৰ লগত contact ত নাথাকিবা । মোৰ পৰা আঁতৰি নিজৰ সংসাৰ খন বছোৱা কৌস্তভ । “

“পাহি , তুমি পাৰিবা পাহৰিব সকলো?”

“নোৱাৰো। তোমাক ও কোৱা নাই পাহৰি যোৱা। এই প্ৰেমক জীয়াই থকাৰ প্ৰেৰণা হিচাপে লোৱা । চকুৰ আঁতৰ হলেই মনৰ আঁতৰ হৈ নাযায় যদিহে সঁচা প্ৰেম থাকে ।আমিও মনেৰে সদায় ইজনে সিজনৰ ওচৰতে থাকিম ।”

“Promise কৰা পাহি, অহা জনমত তুমি কেৱল মোৰ হ’বা ।”

বাধা দিব নোৱাৰিলে তাই ইমান সময়ে ধৰি ৰখা চকুলো বোৰক ।

“Promise কৰিছো কৌস্তভ ,অহা জনমত আমি এইদৰে অবৈধ সম্পৰ্কৰে বান্ধ নাখাও ।মই তোমাৰ হ’ম । এই জনমত নোপোৱাবোৰ অহা জনমত আমাৰ হ’ব । love you koustabh , I will miss you .. “

“Love you too pahi . ভালে থাকিবা, নিজৰ যত্ন ল’বা । তোমাক এবাৰ ওচৰৰ পৰা চোৱাৰ খুব হেঁপাহ আছিল মোৰ । মোৰ আশাবোৰ, সপোনবোৰ ক’ৰবাত হেৰাই থাকিল পাহি । বৰ কষ্টৰ হ’ব তুমি নথকা দিনবোৰ ।”

“বিশ্বাস ৰাখা কৌস্তভ । সময়ে সকলো ঠিক কৰি দিব। তুমি খালি ভাঙি নপৰিবা ।”

ক’ব মন গৈছিল তাক তাই যে দেৱব্ৰতৰ সন্তানৰ মাতৃ হ’ব ওলাইছে । কিন্তু নক’লে । কিছুমান কথা জনোৱাৰ বিশেষ সময় থাকে । এই সময় আৰু কোনোদিন নাহিব ।আৰু একো ক’ব নোৱাৰে তাই । তাকো একো কোৱাৰ সুবিধা নিদি ফোনটো কাটি দিলে ।

জীৱনৰ অন্তিম ফোন কল ভালপোৱা মানুহজনৰ লগত । আৰু কোনোদিন নুশুনিব এই মাতটো ,শুনিব বিচাৰিলেও নুশুনিব। চকুপানীবোৰ মুচি ল’লে তাই । থাকিব লাগিব তাই জীয়াই ।পেটৰ সন্তানটোৰ বাবেই থাকিব ।

“Distance between two hearts is not an obstacle rather a beautiful reminder of just how strong true love can be. “

মোবাইলতো উলিয়াই facebook log in কৰিলে তাই। settings ত গৈ block option ত type কৰিলে .. koustabh kashyap . Profile টো চাই তাৰ ধুনীয়া pic এখন save কৰি ৰাখিলে । block কৰি দিলে facebook ৰ জৰিয়তে চিনাকি হৈ তাইৰ জীৱন হৈ পৰা কৌস্তভক । Phone contacts পৰাও delet কৰিলে কৌস্তভৰ নামটো । অৱসান ঘটিল এটি প্ৰেম কাহিনীৰ, আধৰুৱা হৈ ।।
গান এটা লগাই ল’লে তাই …


“पास आये
दूरियां फिर भी काम ना हुई
एक अधूरी सी हमारी कहानी रही
आसमां को ज़मीन ये ज़रूरी नहीं
जा मिले, जा मिले
इश्क़ सच्चा वही
जिसको मिलती नहीं मंज़िलें, मंज़िलें
रंग थे, नूर था
जब करीब तू था
एक जन्नत सा था, ये जहां
वक़्त की रेत पे कुछ मेरे नाम सा
लिख के छोड़ गया, तू कहाँ?
हमारी अधूरी कहानी….”
গানে বহু নোকোৱা কথা কৈ যায় , তাইকো কৈ গ’ল ।
 

                  *******************

                                 সমাপ্ত…..

বন্দীত্ব 💟

বন্দীত্ব ●●

অফিচৰ পৰা আহি ….ভাগৰুৱা তৃষাই… কফি একাপ বনাই বিচনা খনতে পেট পেলাই পৰি ল’লে … ।
লেপট’পটো উলিয়াই ফেচবুক লগ ইন কৰোতে… মেছেঞ্জাৰত কেইবাটাও ওপৰা ওপৰি কৈ অহা মেছেজৰ মাজৰ পৰা … প্ৰীতমৰ ও মেছেজ এটা দেখি মেছেজটো অপেন কৰি চালে … ।

:::::: গুড ইভিনিং মেম.. ঘৰ পালেগৈ চাগে …😁 !!
ৰসিকতাৰে সুধিলে সি …

কি আচৰিত ল’ৰা …. তাৰ লগত কথা পাতি পাতিয়েই… দুৱাৰখন খুলি… ফোনটো থৈছে হে অলপ আগতে .. ৱাটছআপত ও খবৰৰ আদান প্ৰদান চলিয়েই থাকে… আকৌ মেচেঞ্জাৰত নো মেচেজ কৰিব লাগে নে…?

::::::::: হয় দিয়ক পালোহি…🙋 ।
ৰসিকতাৰে তাইও প্ৰত্যুত্তৰ দিলে … ।

নিউজফিডত চকু ফুৰাই থাকোতে এটা নটিফিকেচন আহিল…
—– প্ৰীতম ভূঞা এডেড ইউ টু এ চিক্ৰেট গ্ৰুপ ।
এইবাৰ আৰু আচৰিত হ’ল তাই … চিক্ৰেট গ্ৰুপ…!! কি কৰি আছে বাৰু এই ল’ৰাটোৱে..? কি গ্ৰুপ বা ক্ৰিয়েট কৰিবৰ হ’ল…কিয় বা এড কৰিছে তাইক …!!
উৎসুকতাৰে সেইটো নটিফিকেচন ও অপেন কৰিলে তৃষাই…।

দুজন মেম্বাৰৰ এটা চিক্ৰেট গ্ৰুপ ..। মেম্বাৰ দুজন… প্ৰীতম আৰু তৃষা … । গ্রুপটোৰ নাম দিছে …
” আমাৰ ঘৰ 🏡 “.. ।
কভাৰ পিকত… অফিচৰ কেণ্টিনত দুয়ো একেলগে বহি..কফি খাই থাকোতে.. তাইয়েই লোৱা এখন চেল্ফি ….আৰু প্ৰফাইলত দি থৈছে এখন ৰং বিৰঙী টিউলিপ বাগানৰ মাজত মৰম ল’গা অকণমানি ঘৰ এটা… ।
বহুত সময় তাই ফুলনী খনৰ মাজৰ ধুনীয়া ঘৰটো চাই ৰ’ল .. আৰু আপোন পাহৰা হৈ কৈ উঠিল…
“ৱাও.. চ’ নাইচ.. ইট’চ জাষ্ট এ বিউটিফুল ট্ৰিট টু মাই টায়াৰড আইজ… !!”
( যেন কাষতে থকা প্ৰীতমক উদ্দেশ্যি হে কৈছে…!! )

এনেকুৱা লাগিছে তাইৰ…. এই যেন ঢপলিয়াই গুচি যাব… সেই ঠাই খনলৈ….। ৰঙ বিৰঙৰ টিউলিপ এসোপা ছিঙি…. ইচ্ছামতে সজাই ল’ব… ধুনীয়া ঘৰটো আৰু পখিলাৰ দৰে নাচি বাগি…জপিয়াই ফুৰিব…শাৰী শাৰী টিউলিপবোৰৰ মাজে মাজে … ।

লাহে লাহে গ্রুপটোৰ টাইম লাইনত চকু দিলে তৃষাই…

তাইক ইনভাইট কৰি মাত্র কেইমিনিট আগত…. গ্রুপৰ ৱালত কৰা প্ৰীতমৰ লাষ্ট প’ষ্ট——–

:::::::::::: এ ৱাৰম ৱেলকাম টু ” আমাৰ ঘৰ….তৃষা 💐😍 ।
ইউ ওয়েৰ ইগাৰলি ওয়েটেড… ❣️🤗

নেক্সত প’ষ্ট… দুদিন আগৰ—– বেলেগ বেলেগ ভঙ্গীমাৰে তাইৰ কেইবাখন ও নতুন…. পুৰণা ফটো.. । যি কেইখন সি হয়তো তাই গম নোপোৱাকৈয়েই ক্লিক কৰিছিল … ।
কেপচ’নত…

:::::::::::::: ” ইওৰ স্মlইল ইজ এ কি.. টু মাই আনল’ক হেপিনেচ.. 😊😇”
লগতে কমেণ্ট বক্সত এটা কমেণ্ট….

::::::::::::: ” চ’ৰি দিয়েৰ.. তুমি গম নোপোৱাকৈ ধৰি ৰাখিছিলো তোমাক ..মোৰ মোবাইল কেমেৰাত.. । আৰু ইয়াতে থৈ দিলো… খং নকৰিবা কিন্তু .. 🙏”

স্ক’ৰল কৰি তললৈ আহি থাকিল তৃষা..

গ্রুপটো ক্ৰিয়েট কৰা মানে বহুত দিনয়েই হৈ গ’ল… টাইম লাইনত কেতিয়াবাৰ পৰাই প’ষ্ট কৰি আহিছে প্ৰীতমে … ।
কেতিয়াবা যদি তাই খাই থকা কফিৰ কাপটো দিছে.. কেতিয়াবা ফুৰ্তিতে তৃষাই….. তালৈ পঠোৱা ধুনীয়া ফুলা লুচী কেইখনৰ ফটো ….. বা এলাহতে পাল মাৰি বনাই খোৱা মেগীৰ প্লেটখন … । আকৌ কেতিয়াবা হয়তো ষ্টেটাছত দিয়া… তাইৰ মৰ্নিং চেল্ফিখন বা মন্দিৰত যাওঁতে চাদৰ মেখেলা জোৰেৰে উঠা ফটোখন… বন্ধত ঘৰলৈ যাওঁতে মাক দেউতাকৰ লগত কটোৱা হেপ্পী ম’মেণ্টছ বোৰ… তাইৰ নতুন হেণ্ড বেগটো.. … অফিচত দুয়ো একেলগে কাম কৰি থকাৰ ফটো কেইখনমান … আৰু লগতে তাই ভালপোৱা কেইবাটাও ৰোমান্টিক অ’ডিও ট্রেক….!!

মুঠৰ ওপৰত… তৃষাৰ সৰু সৰু সুখ কিছুমানেৰে ভৰাই থৈছে প্ৰীতমে ” আমাৰ ঘৰ ” খন … । আৰু প্ৰতিটো প’ষ্টৰ লগত ভাল লাগি যোৱাকৈ একোটা কেপচন … ।
যিমানেই চাই গ’ল প’ষ্টবোৰ … সিমানেই আগ্ৰহ বাঢ়ি গ’ল তাইৰ গ্রুপটোৰ প্ৰতি… ভাল লাগিব ধৰিলে “আমাৰ ঘৰ ” খনক ।
কথাবোৰ কি … ? কিয় প্ৰীতমে এইবোৰ কৰিছে…. বুজিব লওঁতেই … সি আকৌ এটা প’ষ্ট দিলে… ।
এই ব্ৰেণ্ড নিউ প’ষ্টটোত তাই জানিব বিচৰা সকলোবোৰৰ উত্তৰ পাই গ’ল তৃষাই .. । প্ৰেমৰ সুবাস.. 😍😍 ◆◆◆◆◆◆◆

ৰিব-ৰিবকৈ বৈ আহিছে প্ৰেম….
কোঠালীৰ খোলা খিৰিকী খনেদি ।
মোৰ চৌ-পাশে শেৱালিৰ আমোল-মোল সুবাস….
তুমি তুমি যেন এটি মিঠা অনুভৱ !!❣️
তোমাৰ বাবেই নদী হৈ বৈ গৈছো…..
সন্মুখত এসাগৰ ভালপোৱা ।
আকাশীলতাৰ দৰে খামুচি ধৰিছো তোমাক….
অভিলাস … জীয়াই থকাৰ ।
কিমান ভাল পালে বাৰু এইদৰে সপোন দেখিব পাৰি ..?
কিমান আপোন হ’লে হিয়াখন কাৰোবাক উদঙাই দেখুৱাব পাৰি..??
প্ৰশ্নবোৰক প্ৰশ্ন কৰিয়েই ৰাখিছো..
তথাপিও উত্তৰ সন্ধানী হৃদয় আজি… !!
নৈশব্দতাত…. মই আৰু মোৰ ভালপোৱা,
শীতাৰ্ত অথচ অনুভৱী মনৰ প্ৰগলভতা ।।
❤️❤️

::::::::::: “তৃষা… আচৰিত হৈ গৈছা চাগে ন’.. ? ভাবিছা চাগে পাগল হ’লো মই … । হয় ….প্ৰীতম কাৰোবাৰ প্ৰেমত পাগল এতিয়া… প্ৰীতমৰ মন মগজু.. প্ৰতি মুহূৰ্ত্ব সেই বিশেষ এগৰাকীয়ে দখল কৰি পেলাইছে .. যি প্ৰীতমৰ ….জীৱনৰ প্ৰতি থকা একেবাৰে স্বচ্ছ ধাৰণাবোৰক সলনি কৰি দিছে .. । প্ৰীতমে ও মন কৰে আজিকালি.. প্ৰেমাস্পদৰ মৰম…ভালপোৱাত ডুবি চাবলৈ .. প্ৰীতমৰ ও মন গৈছে.. জীৱনৰ উকা কেনভাচ খনত ভালপোৱাৰ তুলিকাৰে ৰামধেনুৰ ৰং বোলাবলৈ.. ।
প্ৰীতমক এইদৰে প্ৰেমত পৰিবলৈ বাধ্য কৰা গৰাকী কোন জানা…?
…. ” তুমি ” ….
য়েছ…. আই লাভ ইউ তৃষা.. এণ্ড আই ৱানত টু বি ৱিথ ইউ ফৰ দা ৰেষ্ট অৱ মাই লাইফ… ।
তোমাক প্ৰথম অফিচত দেখাৰ দিনাই ভাল লাগি গৈছিল.. । নকওঁ সেইয়া….” লাভ এট ফাৰ্ষ্ট চাইট ” বুলি …. । কাৰণ কাৰোবাক ভালপাবলৈ… বা আপোন কৰি লবলৈ… সম্বন্ধবোৰৰ প্ৰতি বিশ্বাস উঠি গৈছিল মোৰ .. । আচলতে বৰ বেপেৰুৱা হৈ পৰিছিল জীৱনটো…..। কিন্তু লাহে লাহে …সকলো ক্ষেত্ৰতে তোমাৰ পৰা পোৱা চাপৰ্ট… জটিল সমস্যাবোৰক ও টিলিকতে সমাধান কৰাৰ তোমাৰ প্ৰয়াসবোৰ.. অফিচৰ বচ জনৰ পৰা …..পিয়ন জনলৈকে ডাঙৰ -সৰু নাভাবি আপোন কৰি ল’ব পৰা তোমাৰ গুণটো… তোমাৰ চকুযুৰিত সকলোৰে প্ৰতি থকা মৰমবোৰ দেখি…. এনেকুৱা লাগিছে…. যেন তোমাৰ মাজত এনেকুৱা কিবা এটা আছে…যি মোক জীৱনটোক নতুন কৈ ভাবি চাবলৈ বাধ্য কৰিব পৰিছে … ।
মোৰো মন গৈছে উশৃংখল হৈ পৰা ” মই “টোক তোমাৰ প্ৰেমৰ বান্ধোনৰে বান্ধি… সলনি কৰি চাবলৈ.. । মোৰ আশাবোৰে তোমাৰ পৰা সঁহাৰি পাব নে বাৰু তৃষা.. ??
কথাবোৰ মনৰ মাজত কেতিয়াবাৰ পৰাই ৰাখিছিলো… । কল্পনাৰে সজায়েই পেলাইছো সেইবাবে “আমাৰ ঘৰ” খনক.. । তোমাক…মৰমৰ ঘৰখনত ৰাখি থব যত্ন কৰিছো… ।
এই যে দেখিছো…..তোমাৰ মোৰ মৰমৰ ঘৰ এখন ….. সপোনটোক বাস্তৱ কৰিব পাৰিম নে বাৰু …. তুমি..মই একেলগে….. ?”

প্ৰীতমৰ কথাখিনি কেইবাবাৰও পঢ়ি চালে তৃষাই… । যেন পঢ়িয়েই থাকিব…. । ইমান প্ৰাণময় দেখোন প্ৰতিটো শব্দ.. । ইমানবোৰ ভালপোৱা….!! উফ… মৰমবোৰ সামৰি থ’বলৈকে দেখোন দিগদাৰ হৈছে.. !! বুকুৰ ভিতৰখন ভৰি …. এসোঁতা মৰম.. বৈ আহিছে তাইৰ দুচকুৰে… ।
তাই ইমান দিনে প্ৰীতমৰ দুচকুত… তাইৰ প্ৰতি থকা ভালপোৱাবোৰ নেদেখিলেই যে…!
কিয়…?
নাই.. নাই …তাই আচলতে চোৱাই নাই প্ৰীতমক মনৰ চকুৰে ।এজন ক’লীগ বা এজন ভাল বন্ধুৰ দৰে হে ভাবি আহিছে সদায়…আৰু তাৰ বিপৰীতে ..গোপনে গোপনে… মনৰ ভিতৰত..সি তাইক এক সুকীয়া স্থানত ৰাখি আহিছে ইমান দিনে…. !!
মনৰ ভিতৰতে ৰিৱাইন্ড কৰি চালে তৃষাই.. প্ৰীতমৰ লগত পাৰ কৰা সময়বোৰ.. তাক প্ৰথম লগ পোৱাৰ দিনটো….।
“না” ক’ব পৰাকৈ প্ৰীতমৰ দেখোন একো খুঁত নাই .. !
সৰুতে মাকক হেৰুৱা প্ৰীতমৰ …. মাহী মাকৰ অনাহক প্ৰবেশত … জীৱনটোহে বে-চিজিল হৈ পৰিছে । বেলেগ এজনী মাক অনাৰ বাবে দেউতাকৰ ওপৰত বিতুষ্ট সি… । প্ৰকৃততে প্ৰীতম এজন শান্ত.. সৌম্য পুৰুষ.. ।

একো ৰিপ্লাই নকৰাকৈ …. ফেচবুক লগ আউট কৰি বেলকণীৰ আৰামী চকীখনত বহি ল’লে তৃষা… ।

সন্ধিয়াৰ আকাশত তেতিয়া ডুবিব ধৰা সুৰুজ …। প্ৰতিশ্ৰুতিময় ৰক্তিম আভাৰে .. লাহে লাহে হেৰাই যাব ধৰা সুৰুজলৈ ৰ’ লাগি চাই ৰ’ল তাই…. ।
ভাল লাগি গ’ল সময়খিনি… ভাল লাগি গ’ল তাইৰ বিশাল আকাশৰ ঈষৎ হালধীয়া খিনি.. ।
পিছদিনাৰ উদিত সুৰুজক সাক্ষী কৰি… তৃষাও প্ৰতিশ্ৰুতিব্ধ হ’ব … প্ৰীতমৰ লগত মৰমৰ ঘৰ খন সজাই পৰাই ল’বলৈ.. ।এতিয়াৰ পৰা… প্ৰীতমক বুকুৰ সমগ্ৰতাৰে আৱৰি ৰাখি …তাৰ সপোনবোৰক সঁচা কৰিবলৈ সাহস দিব তাই.. তাৰ বিশৃংখল জীৱনটোক নতুনকৈ গঢ়ি তুলিবলৈ যত্ন কৰিব… ।

আকাশৰ বহল বুকুত … অ’ত ত’ত ভুমুকি মাৰি …আন্ধাৰ দূৰ কৰা …তৰাবোৰৰ দৰে তৃষাৰ দুচকু ও উজ্জ্বলি উঠিল… । তাইৰ দুগাল তিয়াই চকুৰ কোণৰ পৰা দুটোপাল চকুলো বাগৰি আহিল… সেই চকুলো সুখৰ… প্ৰাপ্তিৰ… প্ৰীতমৰ সপোনৰ ঘৰ খন বাস্তৱ কৰাৰ.. হেঁপাহৰ… ।

পিছদিনা শোৱাৰ পৰা উঠিয়েই তৃষাই ফেচবুক লগ ইন কৰি…. ” আমাৰ ঘৰ ” ৰ দুৱাৰখন খুলি ল’লে .. ।
ৱাল খনত লিখি দিলে তাই…
::::::::::: “আই লাভ ইউ প্ৰীতম … এইয়া চোৱা মই আহি গ’লো … তোমাৰ মোৰ ঘৰ খনলৈ.. । খুব ধুনীয়া তুমি সাজি লোৱা এই সপোনৰ ঘৰখন প্ৰীতম… . । মই নহাকৈ নোৱাৰিলো জানা…। দুয়ো মিলি আৰু ধুনীয়াকৈ সজাই ল’ম দেই এই অকণমানি পৃথিৱী খন.. ।
মই আজি ব…..হু……ত সুখী প্ৰীতম । তোমাৰ হৈ আজি মই পূৰ্ণ… । লাভ ইউ.. ❤️😍

অফিচ নগ’ল তৃষা .. হয়তো প্ৰীতমৰ মূখা মুখি হ’বলৈ লাজ লাগিছে আজি ….। সদায় হাঁহি ফুৰ্তি কৰি অফিচত একেলগে থকা ল’ৰাজনৰ লগত আজিৰ পৰা এটা আন্তৰিক বান্ধোনৰে বান্ধ খালে তাই… ।
সকলোবোৰ দেখোন কিবা নতুন নতুন লাগিছে …. । এই ভাল ল’গাৰ অনুভৱবোৰ ও নতুন …. আজি প্ৰীতমক ও নতুন নতুন লাগিছে তাইৰ .. ।

প্ৰীতমৰ কিন্তু একো ৰিপ্লাই নাহিল…. না সি তাইৰ প’ষ্টত কমেণ্ট কৰিছে… না ফোন কৰিছে … না ৱাটছআপত মেছেজ কৰিছে… ।
পিছে সেইবোৰ চিন্তা কৰিবলৈ সময় নাই আজি তৃষাৰ…. ।মনৰ কথাবোৰ জনাই …. আনন্দত বাউলি হৈ পৰা …. তাইৰ.. আজি ক’ত যাওঁ….. কি কৰো অৱস্থা.. ।

প্ৰায়েই এলাহ কৰি … যেনে-তেনে কিবা এটা বনাই খোৱা তৃষাই… কেইবাবিধো জুতি লগাই বনালে.. আৰু ধুনীয়াকৈ সজাই …প্ৰীতম আৰু তাইৰ চিক্ৰেট গ্রুপটোৰ ৱালত প’ষ্ট কৰিলে….
:::::::::: খানা ৰেডি প্ৰীতম … আহি যোৱা … ।😍❤️

তাইক আচৰিত কৰি প্ৰীতম আধাঘণ্টাৰ ভিতৰত তাইৰ দুৱাৰ মুখত .. ভবাই নাছিল তৃষাই.. সি যে সঁচাই গুচি আহিব.. ।
দ’ৰ বেলৰ শব্দত … দুৱাৰ খুলি সন্মুখত প্ৰীতমক দেখি তৃষা যেন লাজতে মৰি যাব… ।
নতুনকৈ সম্বন্ধ এটাৰে বান্ধ খোৱাৰ পিছত এইয়া সিহঁতৰ প্ৰথম দেখা… । প্ৰীতমে চাই ৰ’ল তাইৰ মুখলৈ … । ৰঙা হৈ পৰা তৃষাৰ গাল খনত লাহেকৈ চিকুট এটা মাৰি সোমাই আহিল সি ভিতৰলৈ .. ।
সন্মুখত প্ৰিয়জনক দেখি আপোন পাহৰা হৈ পৰা তৃষাৰ তেতিয়াহে হুচ আহিল .. . তাক দেখোন ভিতৰলৈ আহিব কোৱাই নাছিল…. । হাঁহি উঠি গ’ল তাইৰ … ।

:::::::::: কি হ’ল.. দিনটো ফোন , মেছেজ একো নাই… । ক’ত বিজি আছিলা …?
তৃষাই অলপ অভিমান মিশ্ৰিত সুৰেৰে সুধিলে… ।

::::::::::: মোৰ প্ৰেয়সীৰ চিন্তাত বুৰ গৈ আছিলো … আমাৰ ঘৰখন কি দৰে নতুনকৈ সজালে ভাল হ’ব তাৰ পৰিকল্পনাত সপোন দেখি আছিলো … । আজিৰ পৰা মোৰ যে বহুত দায়িত্ব বাঢ়িল … ।
থান-থিত নোহোৱা জীৱনটোক ….এতিয়া…ভালপোৱা গৰাকীৰ বাবেই চিজিল কৰি ল’ব লাগিব …. । জানো পায় ঈশ্বৰে কি লিখিছে কপালত …. !! চিন্তাই হৈছে.. ।

প্ৰীতমে চকু দুটা মুদি… দুই হাত মেলি ….চ’ফাখনত গাটো আলাসতে এৰি দিলে… ।
যেন চিন্তাৰ পাহাৰ এটাহে মূৰৰ ওপৰত উঠাই লৈছে .. ।

::::::::::: কোনে কৈছে ..এইবোৰ জঞ্জাল চপাই ল’ব.. ? বাদ দিয়া সব.. । উৰণীয়া চৰাই হৈ ঘূৰি ফুৰা.. । কাৰোবাৰ প্ৰেমৰ শিকলিৰে বন্দী হোৱাৰ প্ৰয়োজন নাই নহয়.. ।
মুখ খন ফুলাই আহিল তৃষাই… ।

::::::::::: প্ৰয়োজন আছে এই বন্দীত্বৰ …. সঁচাই প্ৰয়োজন আছে তৃষা… ।
গোটেই জীৱন মই সঁচা মৰম অলপ বিচাৰি হাবাথুৰি খাই ফুৰিছিলো.. । মায়ে এৰি গুচি যোৱাৰ পিছত … সাতবছৰীয়া এই প্ৰীতমে “মা” নামৰ অভ্যাসটোক এৰিবই পৰা নাছিলো… আৰু দেউতাই দ্বিতীয় বিবাহ কৰিলে …। ফুৰ্তি লাগিছিল.. নতুন “মা” এজনী আহিব.. । কিন্তু “মা” হ’ব নোৱাৰিলে তেওঁ… মাহী মা হৈয়েই ৰৈ গ’ল.. ।
মোক অকলে শুৱাই থৈ …যেতিয়া দেউতা নতুন মাৰ লগত বন্ধ কোঠালিত সোমাই পৰিছিল.. বুকুখনত যেন হাতুৰীৰ কোব পৰিছিল মোৰ.. ।
“মা” লৈ মোৰ খুব মনত পৰিছিল তেতিয়া .. । মই যেন মাৰ লগত গুচি যোৱা হ’লেই ভাল আছিল…!!
ভাইটি জন্ম হোৱাৰ পিছত মই আৰু বেছি অকলশৰীয়া হৈ পৰিছিলো.. । সেইখন ঘৰত মোৰ অস্তিত্বই নোহোৱা হৈ পৰিছিল… । হোষ্টেলতে জীৱনৰ আদ বয়স পাৰ কৰি তোমাৰ সন্মুখত এইয়া আজিৰ প্ৰীতম.. ।
মই বন্দী হ’ব বিচাৰো তৃষা.. । তোমাৰ প্ৰেমত.. অলপ নিভাজ মৰমত .. মই নিজকে হেৰুৱাই চাব বিচাৰো ।

কান্দি দিলে তৃষাই.. । প্ৰীতমৰ দুখবোৰ নিজৰ বুকুত লৈ উচুপি উঠিল তাই.. । প্ৰীতমক সাৱটি ধৰি গালে মূৰে হাত ফুৰাই দিলে… যেন দি দিব সকলো মৰম .. হিয়া উদঙাই.. । যি খিনিৰ অভাৱত আজি প্ৰীতম ইমান অকলশৰীয়া.. ।

সোনকালেই সিহঁতৰ আপোন ঘৰ খনৰ সপোনটো পূৰ হ’ল … । প্ৰীতমে তৃষাৰ মাক দেউতাকৰ সন্মতিত তাইক বিয়া পাতি নিজৰ কৰি ল’লে .. ।
দুয়ো ব্যস্ত হৈ পৰিল হেঁপাহৰ ঘৰ খন সজোৱাত … আৰু ভাল লগা প্ৰতিটো মুহূৰ্ত্ব…. ” আমাৰ ঘৰৰ ” ৰ টাইম লাইনত প’ষ্ট কৰি সাঁচি গ’ল … ।
এতিয়া গ্রুপৰ প্ৰফাইল পিক … সিহঁতৰ নিজৰ ঘৰখন..। সুখবোৰ দুহাতেৰে চপাই … সপোনৰ তুলিকাৰে ৰামধেনুৰ ৰঙ বোলাই লোৱা.. সিহঁতৰ “প্ৰেমালয়” … । ★★★★★★★★★★★

ৰাতিপুৱা চকু মেলিয়েই কৰিব লগা কাম কেইটা মনতে জুকিয়াই ল’লে তৃষাই.. ।
আজিৰ এই বিশেষ দিনটোত… প্ৰতি বছৰেই ঘৰ খন পৰিপাটি কৈ সজাই আহিছে তাই …। প্ৰীতমে খেলিমেলি হৈ থাকিলে বৰ বেয়া পাব.. ।
ফ্লাৱাৰ প’টটোত…ফুলবোৰ তেনেই মৰহি গৈছে…। প্ৰীতমে সদায় কয়….
::::::::: মৰহা ফুলবোৰ নথবাচোন তৃষা.. । আমাৰ ভালপোৱা বোৰৰ দৰেই …আমাৰ ঘৰখনৰ চুক-কোণবোৰ ও সদায় সজীৱ কৰি ৰাখিবা.. ।
এই দিনটোত সিহঁতে …ঘৰৰ পুৰণা বেড কভাৰ আৰু পৰ্দা কাপোৰ বোৰ ও সলাই পেলাই..।

বিচনা খনৰ পৰা নামি .. প্ৰীতমে সদায়, কফি কাপটো হাতত লৈ …পেপাৰ চোৱা… বেলকণীৰ সেই নিৰ্দিষ্ট চকীখন কাপোৰ এখনেৰে ভালদৰে মুচি থৈ আহিল তাই .. ।
গাতো ধুই … গোঁসাইৰ ওচৰত.. চাকি এগচ জ্বলাই …. ফলমূল আৰু পায়সেৰে শৰাই এখন আগবঢ়াই দিলে ।
দিনটো ঘৰখন সজাই পৰায়েই ব্যস্ত থাকিল তৃষা….আৰু নতুনৰ পৰশ দিয়া … সিহঁতৰ অকণমানি মৰমৰ ঘৰখনৰ ফটো কেইখনমান তুলি ফেচবুক লগ ইন কৰি ল’লে .. ।

ফটো কেইখন ” আমাৰ ঘৰৰ ” ৰ ৱালত প’ষ্ট কৰি লিখি থ’লে…

:::::::::: চোৱা না, প্ৰীতম… তুমি ভালপোৱাৰ দৰেই… মই আমাৰ হেঁপাহৰ ঘৰখন সঁজাব যত্ন কৰিছো । ভাল দেখিছানে তুমি….? পৰ্দা কেইখন ৰুমৰ ৱালত ইমান ধুনীয়া দেখাইছে চোৱা… ।
এইবাৰ ফ্ল’ৰেল প্ৰিন্টৰ বেড কভাৰ দুখন ও আনিছো…. । গোটেই বিচনা চাদৰ খনত ইমানবোৰ টিউলিপ ফুল … !!
তুমি যে টিউলিপৰ বাগানত আমাৰ সপোনৰ ঘৰখন সাজিছিলা .. ঠিক তেনেকুৱাই ন’.. ?
তুমি কাষত নাই যদিও.. মই তোমাৰ ঘৰখন তুমি বিচৰাৰ দৰেই ৰাখিব সদায় চেষ্টা কৰো প্ৰীতম.. । ভাঙি পৰো প্ৰায়েই … তোমাৰ অবিহনে সকলোবোৰ উকা উকা যেন লাগে ….. । তথাপিও নিজকে পুনৰ প্ৰস্তুত কৰি লওঁ… ।
মোৰ ওপৰত যে তুমি বহুত গধুৰ দায়িত্ব এটা জাপি দি আঁতৰি গ’লাগৈ…। সেই দায়িত্বই তোমাৰ তৃষাজনীক বৰ বেয়াকৈ বন্দী কৰি পেলালে অ’… । মই যে প্ৰতিশ্ৰুতিব্ধ… তোমাৰ সপোনটোৰ লালন পালন কৰিবলৈ.. ।
এইয়া চোৱা, মই মোৰ কথা ৰাখিছো…. ।
লাভ ইউ প্ৰীতম.. ❤️😘

হুকহুকাই কান্দি উঠিল তৃষা.. । প্ৰীতমক কাষত বিচাৰি অস্থিৰ হৈ উঠিল তাই.. ।
সন্মুখৰ টেবুলখনত… শুভ্ৰ গোলাপ ফুলৰ মালা এডালেৰে সজাই থোৱা.. প্ৰীতমৰ ফটোখন চাই চিঞৰি উঠিল তৃষা…

:::::::::: কিয় এৰি গ’লা আধা ৰাস্তাতে মোক প্ৰীতম.. ? কিয় এবাৰো ভাবি নাচালা .. তোমাৰ অবিহনে মই কেনেকৈ থাকিম.. ?

আজি সিহঁতৰ বিবাহ বাৰ্ষিকী .. এই দিনটোতে বিয়াৰ মাত্ৰ দুবছৰৰ পিছতেই ৰ’ড এক্সিডেণ্টত নিহত হৈছিল প্ৰীতম.. ।
মাক দেউতাকে তাইক ঘৰলৈকে লৈ যাব বিচাৰিছিল.. । কিন্তু তৃষাই প্ৰীতম আৰু তাইৰ সপোনৰ ঘৰ খন এৰি যাব নিবিচাৰিলে.. ।
তাই আজি বন্দী… প্ৰীতমে দেখুৱাই যোৱা সপোনটোত বন্দী… তাক দিয়া কথাবোৰত বন্দী… ।
তাই এই বন্দীত্বত সুখী আজি… প্ৰীতমক ” আমাৰ ঘৰ ” খনত জীয়াই ৰাখি সুখী… ।

বন্দীত্ব.. । যাওঁ বুলিয়েই গুচি যাব নোৱাৰাৰ নামেই জানো বন্দীত্ব নহয় ? নে এই বন্দীত্ব ; বন্দীত্ব নহয় । কিহৰ তাড়নাত মানুহ ৰৈ যায় মানুহৰ বাবে ? আন এক বন্দীত্বক স্বীকাৰ কৰি লয় । ল’ব খোজে । বন্দীত্ব সদায়েই জানো কষ্টকৰ ?

নহয় … তৃষাৰ বাবে এই বন্দীত্ব কষ্টকৰ নহয়… ।
তৃষাৰ বাবে এই বন্দীত্বই প্ৰেম…
তৃষাৰ বাবে এই বন্দীত্ব প্ৰশান্তিৰ… !!

★★★★★★★★★★★★★

Design a site like this with WordPress.com
Get started