: ডেনড্ৰ’ফাইল !যদি মই ভুল নহয় , শব্দটো এইটোৱেই আছিল ন? মানে তোমাৰ দৰে ট্ৰি-লাভাৰবোৰক এই বুলিয়েই নকয় জানো ! গছৰ পুলিটো আলফুলে বিশাখাৰ হাতত তুলি দি তাইৰ তিৰবিৰাই উঠা চকুযুৰিলৈ এপলক দৰক লাগি চাই ৰ’ল গীতাৰ্থই। আজি তাইৰ বিশেষ দিনটোত সি উপহাৰ দিয়া ধুনীয়া ড্ৰেচযোৰ আৰু এই শ্বিলং ট্ৰিপটোতকৈ ৰাস্তাৰ কাষৰ গছৰ পুলিটোহে তাইৰContinue reading “বিভ্রমৰ জগতত এটি সেউজীয়া গল্প”
Category Archives: Uncategorized
মনত পৰেনে অৰুন্ধতী 💏
শ্ৰদ্ধাৰ নৱকান্ত বৰুৱা দেৱৰ বহু চৰ্চিত কবিতা ‘মনত পৰেনে অৰুন্ধতী’ৰ গদ্য ৰূপ। ~ কথাবোৰ তুমি পাহৰি পেলালা নেকি অৰুন্ধতী ?এই যে এক মিনিট ৰ’বলৈ কৈ আঁতৰি গৈছিলা , তুমি যোৱাৰ বাটতে ডুব গৈছিল প্ৰসৱ হ’ব খোজা কেইটামান শব্দ। বুকুৰ একোণত বিষ এখিনি উজাই উঠিছিল যদিও, মৌন জোনে হেঁপাহেৰে ঢলা জোনাকী পোহৰত দুচকু জিলিকাই কিমান পৰContinue reading “মনত পৰেনে অৰুন্ধতী 💏”
বৰষুণ🌧️☔
দৃশ্যপট ১) : কি আছে এই বৰষুণজাকত !: ভালপোৱাৰ সুগন্ধি। : তেনেহ’লে তিতিবলৈ নিদিয়া কিয় মোক ? বৰষুণৰ টোপালবোৰে স্পৰ্শ কৰিব বিচাৰিলে ,ছাতিটো মেলি ধৰা কিয় ?: কাৰণ, ভালপাওঁ তোমাক।: ভালপোৱা..! উফ.. কি যে অৰ্থহীন যুক্তি ! আচলতে ভয় কৰা ন’ , বৰষুণে তিয়াই মোক বেমাৰত পেলাই বুলি !: নহয়।: তেনেহ’লে ?: তুমি নুবুজিবা ।: জানাContinue reading “বৰষুণ🌧️☔”
পখিলা 🦋🦋
মই আচলতে এটা বিৰাট মক্কেল জানা। মোৰ বিৰাট ধুনীয়া অফিচ এটা আছে। নিজৰ বুলিবলৈ এটা চেম্বাৰ আছে। অথচ মই ইয়াত নবহো। দোকান এখনত বহি কাম চলাই থাকোঁ । মই তাত থকা বুলি গম পালে দুই এজন বন্ধু আহে , আড্ডা দিওঁ । খাওঁ কিবাকিবি । সময় তেনেকৈ গুচি যায়। কিন্তু আজিৰ পৰা ইয়াত বহিম বুলিContinue reading “পখিলা 🦋🦋”
আত্মভূ
:আপুনি সুপ্ৰতীম চৌধুৰী নহয় নে ? মোৰ অজ্ঞাতবাসৰ আমৰণ প্ৰচেষ্টাক নস্যাৎ কৰি অকস্মাতে আহি কাণত পৰা শব্দকেইটাই হৃদপিণ্ডৰ গতি যেন তীব্রতৰ কৰি তুলিলে ! প্ৰায় ছটা মাহৰ অন্তত এই অচিন ঠাইডোখৰত কোনে বাৰু মোক চিনি উলিয়ালে! মানুহজনৰ কৌতুহলক অৱদমিত কৰি ৰখাৰ উদ্দেশ্যেৰে সাৰ-সিকটি নথকা মানুহৰ দৰে ঠাইতে থিয় দি ৰ’লোঁ মই । পিছে তেওঁ মোৰContinue reading “আত্মভূ”
এটি পুৰাতন সাধুৰ পুনৰ কথন।
কংক্ৰীটৰ মহানগৰীৰ এটি ভৰুণ দুপৰীয়াৰ কাহিনী। সদা ব্যস্ত চহৰখনৰ এখন কফি কেফেত মহানাগৰিক অভিজাত্যই তিলমানো স্পৰ্শ কৰিব নোৱাৰা – সৌজনী কাঞ্চনমতী ! একাকীকত্বৰ অনুভৱ এখিনি বুকুতে গুজি, কেফেৰ চুকৰ টেবুল এখনতে নীৰৱে বহি পৰিছে। পিন্ধনত তাইৰ এযোৰ সাধাৰণ মেখেলা চাদৰ আৰু দুচকুত উদাসী এন্ধাৰৰ ছাঁ। মাজে-মাজে মোৰ দৰে কাঞ্চনৰো বুকুখনত হয়তো বিষ এটি উজাই উঠেContinue reading “এটি পুৰাতন সাধুৰ পুনৰ কথন।”
দেৱী
সম্ভৱতঃ ঘড়ীৰ কাটাই তেতিয়া দুইৰ ঘৰ চুইছিল। অফিচৰ পেণ্ডিঙ কাম দুটামানৰ অন্ত পেলাই, লেপট’পটো সামৰি বিছনাত পৰিছিলোঁহে মই ; হঠাতে নিস্তব্ধতাত ব্যাঘাত জন্মাই, ম’বাইলৰ ৰিঙট’নটো বাজি উঠিল। সমান্তৰালকৈ পোহৰৰ এটি স্ফুলিংগই ফোনটোৰ স্ক্ৰীনখনো উজ্জ্বলাই তুলিলে। কোঠাটোৰ এমূৰে ষ্টাডি টেবুলত বহি , শ্ৰীলেখা তেতিয়াও ভাব সাগৰত নিমগ্ন। লিখি থকা আধৰুৱা উপন্যাসখনৰ কাহিনীটোক আগুৱাই নিয়াৰ স্বাৰ্থতে, খেলিমেলিContinue reading “দেৱী”
সম্পূৰক।
অন্তহীন
দিনটোৰ ব্যস্ততাবোৰ অন্তহীন। সময়ৰ আগত দৌৰাৰ লক্ষ্যৰে নিজকে সপ্ৰতিভ কৰি ৰখাৰ কুচ-কাৱাজ নিৰন্তৰ চলি থাকে যদিও, কেতিয়াবা অৱসৰী সময় এখিনিৰ যেন ভীষণ প্ৰয়োজনবোধ কৰোঁ ! আচলতে একাকীকত্বৰ বিষাদখিনিক বোৱাই দিবলৈকে মানুহক অলপ মানসিক স্বস্তিৰ প্ৰয়োজন হয়। পিছে সেইখিনিৰ অৱকাশ আছে জানো মোৰ! নৈশব্দত মুখ গুজি চকুলো বোৱাই, বুকুখন নিৰ্ভাৰ কৰাৰ বাদে বিকল্প পথ এটাৰ সন্ধান দেখোন জীৱনেContinue reading “অন্তহীন”
অনুক্ত
~ Anything that makes you weak physically , mentally and spiritually reject it as poison . সু-সজ্জিত কোঠাটোত ফ্ৰেম কৰি ৰখা বুদ্ধৰ আকৰ্ষণীয় ফটোখনৰ উক্তিটো অলপদিনৰ আগলৈকে মই কেৱল চকুৰে সামৰি থৈছিলোঁ , আজিকালি পিছে কথাখিনিয়ে ধনুৰ পৰা নিৰ্গত তীক্ষ্ণ কাঁড় এপাটৰ দৰেই , মোৰ বুকুখনতে বিন্ধি থৈ যায়। প্ৰকৃততে কিমান সত্য এই কথাখিনি !মগজুৱেContinue reading “অনুক্ত”