বকুল ফুলৰ আঙুঠি

এইখিনিতে…ঠিক এই আঁহতজোপাৰ তলতে মানুহজন ৰৈ থাকে সদায় । প্ৰথম অলপ দিন কথাটোত মই বৰ বিশেষ গুৰুত্ব দিয়া নাছিলোঁ যদিও লাহে লাহে লক্ষ্য কৰিছোঁ সেয়া যেন সূৰ্য্য উদয় হোৱা বা অস্ত যোৱাৰ দৰেই এটা ধ্ৰুৱ সত্য । ঠেৰেঙা শীত অথবা শৰীৰ দেই পুৰি নিয়া জেঠৰ প্ৰখৰ উষ্ণতা কিম্বা শাওণীয়া বৰষুণজাকেই হওক, একোৱেই যেন টলাব নোৱাৰেContinue reading “বকুল ফুলৰ আঙুঠি”

এটা অবৈধ সত্য ।

যোৱা কেইবা ৰাতিও একেবাৰে শুব পৰা নাই মই । সঁচা ক’বলৈ গ’লে এটাৰ পিছত এটাকৈ চিগাৰেট হুপি মাথোঁ পোহৰ হোৱালৈ অপেক্ষা কৰি বহি থাকিবলৈ লৈছোঁ । কেতিয়াবা তুহিনৰ নিষ্পাপ মুখখনলৈ একেৰাহে চাই থাকি তাক বুকুৰ মাজতে সামৰি লৈ শুই পৰিবলৈও দেখোন যত্ন কৰোঁ । নাই , টোপনি নাহে মোৰ ।ৰাতিপুৱা এস্ট্রেটোত স্তুপিকৃত হৈ গোট খোৱাContinue reading “এটা অবৈধ সত্য ।”

একাপ কফি আৰু এটা আধা কোৱা কাহিনী।

সন্মুখৰ টেবুলত ধোঁৱাই থকা একাপ কফি , হাতত এটা জলন্ত চিগাৰেট আৰু মিউজিক চিষ্টেমত জগজিৎ সিঙৰ এটা গজল । ~ হ’ঠ’ চে চু ল’ তুম , মেৰা গীত অমৰ কৰ দ’বন জাৱ’ মিট মেৰে , মেৰা প্ৰীত অমৰ কৰ দ’… । আস.. হোৱাট আ প্লীজেন্ট ক’ম্বিনেশ্বন ! ৰেষ্টুৰেণ্টখনত মই বহি লোৱা চুকৰ টেবুলখনৰ ঠিক সন্মুখতেContinue reading “একাপ কফি আৰু এটা আধা কোৱা কাহিনী।”

এটা দিনৰ দিনলিপি ।

—- হস্পিটেলৰ পৰা ওলাই আহি খৰধৰকৈ বাছ ষ্টেণ্ডৰ দিশে খোজ দিলো মই..। আচলতে কি কৰো.. কি নকৰো সিদ্ধান্ত এটা ল’বলৈ অসুবিধা হৈছে মোৰ । বাৰে বাৰে চকুৰ আগত হস্পিটেলৰ বেডত.. ৰঙা কম্বল খনে আৰু বেছি শেঁতা কৰি তোলা মুখ এখন আৰু গালৰ হনু দুটাৰ সৈতে.. গাতত পোত খোৱা অনুজ্জ্বল চকু এযুৰি হে ভাঁহি আহিছে ।Continue reading “এটা দিনৰ দিনলিপি ।”

অদৃষ্ট

মানুহজনে পুৱা উঠিয়েই কেলেণ্ডাৰখনত পাৰ হৈ যোৱা দিনটো ৰঙা চিয়াঁহীৰে ডাঙৰকৈ কাটি লয় । যোৱা এমাহ মানৰ পৰা প্ৰাতঃকৰ্ম ভাগ সমাপণ কৰাৰ আগেয়ে এইদৰে এটা এটা দিনক পূৰণ চিন একোটাৰে কাটি, বিদায় দিয়াটো তেওঁৰ যেন উশাহটো লৈ জীয়াই থকাৰ দৰেই জৰুৰী হৈ পৰিছে । কেলেণ্ডাৰখন ওলমি থাকিবৰ বাবে লগাই দিয়া মিহি টিঙৰ ষ্টিকডালত তেওঁ আনকিContinue reading “অদৃষ্ট”

অপাৰ্থিৱ কথকতা

    ( প্ৰেম এনেকৈ ও ) ~ অভিমানবোৰ এনেকুৱাই হয় নেকি নিবিড় ? ইমান মৌনতা কিয় আজি ? মোক নিচেই কাষতে পাই ও মোৰ লগত নিৰন্তৰ ভালপোৱাৰ কথাবোৰ পাগুলি থকাৰ কুহুমবুলিয়া হেঁপাহ অলপ তোমাৰ মনত জাগি উঠা নাই নে ? মন যোৱা নাই নে তোমাৰ দুবাহুৰে মোৰ সুকোমল শৰীৰটোক খামুচি ধৰি মোৰ হৃদস্পন্দনৰ হিচাপ ল’বলৈ..?Continue reading “অপাৰ্থিৱ কথকতা”

হুতাশন

~~ ভাত কেইটা ৰান্ধি আজৰি হৈ হাততে টিপ চাকিটো লৈ মনোমতী নঙলাৰ মুখলৈ আগবাঢ়ি আহিল । ইমান দেৰি দেখোন কেতিয়াও নকৰে সৰুধনে । আজি নো ক’লৈ গ’ল ল’ৰাটো এই পৰ’লৈকে ?মনটো উচপিচাবলৈ ধৰিলে তাইৰ । চাকিৰ পোহৰতে চানি পৰা চকু কেইটা বহলাই মেলি জুপি জুপি তাই আলিটোলৈ ওলাই আহিল । চুহ…. কৈ শব্দ কৰি ফেঁচাContinue reading “হুতাশন”

অভিমানী হৃদয়ৰ অনুৰাগী মালা

~ অস্ত্ৰোপচাৰ ক’ক্ষৰ পৰা এপ্ৰ’ন আৰু গ্লোভ’চযোৰ খুলি পাৰচ’নেল কেবিনটোলৈ সোমাই আহিল ডাক্তৰ চান্দনী কৃষ্ণাত্ৰেয়’ । ৰাতিপুৱাৰ পৰা দুটা মেজ’ৰ ব্ৰেইন অপাৰেচ’নৰ পিছত সামান্য ভাগৰুৱা যেন অনুভৱ হ’ল তাইৰ। তাতে এনাচস্থ্যেচিয়া মেডিচিন,ফেনাইল,ডেট’ল লগতে ৰোগীৰ ৰূমবোৰত লগোৱা ধূপৰ সুবাস .. সকলোবোৰ একেলগ হৈ অদ্ভুত গোন্ধ এটাই পেটতো যেন পকাই ধৰিলে । যদিও হস্পিটেলৰ এই পৰিবেশৰ লগতContinue reading “অভিমানী হৃদয়ৰ অনুৰাগী মালা”

অব্যক্ত

বন্ধ কোঠাৰ দুৱাৰখন লাহেকৈ খুলি ভিতৰলৈ সোমাই আহিল নৱৰূপ । ঈষৎ সেউজীয়া পোহৰে মায়াময় কৰি তোলা ৰূমটোৰ গোলাপ আৰু ৰজনীগন্ধাৰে সুসজ্জিত বিচনাখনত এইয়া নৱৰুপৰ সদ্যবিবাহিতা পত্নী প্ৰিয়াক্ষী । কিবা নতুন নতুন মিঠা মিঠা সুবাস অলপ বিয়পি পৰিছে কোঠাটোৰ চুকে-কোণে । সলংকৃত, সুশোভিত আৰু নৱৰূপৰ নামৰ সেন্দুৰ শিৰত লৈ সেই সামান্য পোহৰতো উজ্জ্বলি উঠিছে নৱৰূপে কেইটামানContinue reading “অব্যক্ত”

কৃত্যন্ত..

পুহৰ কাঁচিয়লি ৰ’দ এজাক পিঠিতে পেলাই ঘৰৰ বাৰীৰে সুমিষ্ট কমলা এটাৰ ফুটবোৰ চুহি চুহি আত্ম আলাপত ব্যস্ত হৈ পৰিছো মই । কিমান যে কথাই গুণা-গঁথা কৰিছে মোৰ মনটোৰ লগত । নিসংগতাৰো আচলতে এক সুকীয়া আমেজ থাকে । কেতিয়াবা নিজৰ মাজলৈ কুৰুকি কুৰুকি সোমাই গৈও মানসিকভাবে তৃপ্ত হোৱা যায় । এপাকত বহি থকা স্থানৰ চৌদিশে চকুContinue reading “কৃত্যন্ত..”

Design a site like this with WordPress.com
Get started