আইনা টেবুল ..

~ঐ , বেছি উৎপাত হৈছে দেই তহঁত দুটাৰ । এনেকুৱাকে দিম নহয়..! মা কি বস্তু বুজি পাই যাবি ৰহ । কামৰ মাজে মাজে ফুকননীয়ে বাঘৰ আগ তেল খোৱা ল’ৰা ছোৱালী দুটাক শান্ত হৈ থাকিবলৈ সকিয়াই আছে । বয়সত ছোৱালীজনী আঠ বছৰীয়া আৰু ল’ৰাটো এইবাৰ পাঁচত সোমাইছে । ~ঐ .. গৈছো ৰহ । অলপ ও কথাContinue reading “আইনা টেবুল ..”

দ্যা স্কাই ইজ দ্যা লিমিট ..

:- এটা চিৰন্তন সত্য ..এদিন মৰিমেই ।সেই দিনটো অহালৈ অপেক্ষা কৰা আৰু আজি এই মুহূৰ্ত্বতেই সেই দিনটোক মই স্ব-ইচ্ছাৰে আমন্ত্ৰণ জনোৱাৰ মাজত কি পাৰ্থক্য আছে নো ..? মোৰ জীৱনৰ মূল্যই বা কি…?অপদাৰ্থ বোলে মই .. ।নালায়ক.. ।নাৰীৰ নামত কলংক । :- কি বকি আছ’ নীলা ..? পাগল হৈছ’ ? তোৰ এটা নিজা পৰিচয় আছে ।Continue reading “দ্যা স্কাই ইজ দ্যা লিমিট ..”

প্ৰতিশোধ

একেবাৰেই সাহসৰ অভাৱ মোৰ । জীৱনৰ চল্লিশটা বসন্ত গৰকিলো । তাৰে কুৰিটা বছৰ বোৱাৰী ভাত খোৱা নিজৰ ঘৰখনৰ চাৰিটা কোণতে কেতিয়াবা অজানিতে কঁপি উঠো মই । বাৰীৰ চুকৰ কচুৱনী ড’ৰাত অস্বাভাৱিক কিবা এটা শব্দ শুনিলেই বুকুখনৰ ধপধপনিবোৰ ক্ৰমাৎ বাঢ়িবলৈ ধৰে । উশাহটো চুটি হৈ যায় । এনে লাগে.. কিবা এটা যেন ওলাই আহি এইমাত্ৰকে হেঁচাContinue reading “প্ৰতিশোধ”

অপাৰ্থিৱ :

(১) চিপচিপিয়া বৰষুণ এজাক গাতে লৈ..কৰ্মস্থানৰ পৰা ঘৰ অভিমুখে ৰাওনা হৈছে চন্দ্ৰমিতা । সন্ধিয়াৰ এই সময়খিনি বজাৰখনৰ মাজেৰে.. তাই সাধাৰণতে খোজ কাঢ়িয়েই ভাল পায় । এনেই পাতলীয়া ভিৰ থাকে যদিও.. আজি হয়তো বৰষুণজাকৰ বাবেই মানুহৰ সমাগম একেবাৰে কম । দুই এজনে হাততে ছাতি এটা লৈ ব্যস্ততাৰে তাইক পিছ পেলাই আগুৱাই গৈছে । দুই এজনে আকৌContinue reading “অপাৰ্থিৱ :”

দ্যা শ্লেপ..

বৰষা.. ।বৰষা কটকী..।বাইশ বছৰীয়া..এজনী স্বাধীনমনা.. নিৰ্ভীক.. আৰু যুক্তিবাদী ছোৱালী । পেচা… সাংবাদিকতা । দেউতাকৰ বেষ্ট ফ্রে’ণ্ড তাই..। জীয়েকৰ স্পষ্টবাদীতা.. আৰু নিৰ্ভীকতা তেখেতৰ বাবে গৌৰৱ..আৰু তেখেতৰ বন্ধুসুলভ হিতোপদেশবোৰ.. তাইৰ ওপৰত ৰখা বিশ্বাসবোৰ.. বৰষাৰ বাবে… কৰ্মজীৱনৰ এক বেঁকা ৰাস্তাটোত… আগুৱাই যোৱাৰ প্ৰেৰণা .. ।পিছে মাক হে সন্তুষ্ট নহয় জীয়েকৰ পেচাক লৈ.. । ছোৱালীজনীক লৈ অনবৰতে চিন্তা এটাContinue reading “দ্যা শ্লেপ..”

কোন আপোন কোন পৰ..

~~: হেই বাৰ্থডে’ গাৰ্ল …! ইউ আৰ চ’ লেট ডিয়েৰ..। কাম কাম..। পাৰ্টিৰ আয়োজন কৰা ডাঙৰ হল ঘৰটোলৈ.. ইফালে সিফালে চাই লাহে লাহে সোমাই অহা ৰূপালীক দেখি এমোকোৰা হাঁহি মুখতে লৈ.. আগুৱাই গ’ল ৰৌনক..। ৰৌনক আগুৱাই যোৱা দিশলৈ লক্ষ্য কৰি.. হল ঘৰটোত ঠায়ে ঠায়ে.. কেইবাটাও গোট হৈ… বিভিন্ন গ’চিপত ব্যস্ত থকা.. উপস্থিত সকলোৱে সেইফালে ঘূৰিContinue reading “কোন আপোন কোন পৰ..”

Couple challenge..

:- পাপা … পাপা…. দেউতাকক দেখি দৌৰি অহা কণমানি পাখিক…গৰমত গুলপীয়া হৈ পৰা .. গোলাপ কোমল গাল খনতে চুমা এটা আঁকি.. মৰমেৰে কোলাত তুলি ল’লে মৃগনাভে ..। :- উফ…ইমান দৌৰিব লাগে নে বাৰু পাপাক দেখি.. ! মোৰ গোসাঁনী জনীৰ গাল দুখন গৰমত একেবাৰে ৰঙা পৰি গৈছে পাই..। :- তুমি আজি ইমান লেট কিয় হ’লা পাপাContinue reading “Couple challenge..”

জীৱনৰ পিছতো…

:- কোৱা …কেইখোজ দিব পাৰিম আগলৈ..?ওখ গড়া এটাত বহি..ৰাগিনীৰ সৈতে কথা পাতি থকা ৰাহুলে.. ঘপহকৈ উঠি প্ৰশ্ন কৰে তাইক..। :- উমমম… আৰু দহখোজ..।মনতে হিচাপ কৰি ৰাগিনীয়েও উত্তৰ দিয়ে..। :- ঠিক আছে.. ।এক … দুই… তিনি……………………… দহ.. এঘা….. :- ষ্টপ ৰাহুল … ষ্টপ..।ৰাগিনী দৌৰি আহে..। পিছফালৰ পৰা সাৱটি ধৰে ৰাহুলক । তাৰ পিঠিতে নাকটো গুজি ঘনContinue reading “জীৱনৰ পিছতো…”

বিদায় পৰৰ শেষ কথা..💔

আজি প্ৰায় দুমাহ পিছত..স্বামীক কৰ্মস্থানলৈ পঠিয়াই.. বিচনাখনতে অলস ভাবে গাটো এৰি..ম’বাইলটো উলিয়াই…ফেইচবুক খুলি লৈছো মই..।নিজৰে আচৰিত লাগিছে..অনবৰতে চ’চিয়েল মিডিয়াত ব্যস্ত থকা মই..কেনেকৈ যে..দুমাহ দিন ফেইচবুকৰ পৰা নিজকে আঁতৰাই ৰাখিলো..!গমেই নাপালো দেখোন..দুটা মাহ কেনেকৈ নো পাৰ হ’ল.. । ইমানেই ব্যস্ত হৈ পৰিছিলো যে.. ম’বাইলটো হাতত ল’বলৈ ও সময়ৰ অভাৱ হৈছিল মোৰ..। ৰ’ব …ৰ’ব.. ভাবিছে চাগৈ.. ক’তContinue reading “বিদায় পৰৰ শেষ কথা..💔”

লক ডাউন বিশেষ ..

“অ’ৰা.. শুনিছা নে… !! বৰ ভয়ানক পৰিস্থিতি হ’বলৈ গৈ আছে দেই দেশত…। অফিচ ও কৰিব নোৱাৰিম এতিয়া । কাইলৈৰ পৰা এসপ্তাহৰ লক ডাউন ঘোষণা কৰিছে চৰকাৰে । কি নো ভাইৰাছ এটা ওলাল আৰু ….!! জীয়াই থাকিমেই নে নাই তাৰেই ঠিক নাইকিয়া হৈছে বুজিছা.. ।” “ভালেই হৈছে .. থাকা ঘৰতে কেইদিনমান । দিনটো আমি গৃহিনীবোৰে কিContinue reading “লক ডাউন বিশেষ ..”

Design a site like this with WordPress.com
Get started