প্লাবিতাৰ মূৰৰ শিতানৰ টেবুল ঘড়ীটোত পাঁচ বজাৰ এলাৰ্মটো বাজি উঠিল । কাষতে শুই থকা ৰক্তিমে সাৰ পাব বুলি.. ল’ৰালৰিকৈ এলাৰ্মটো অফ কৰি.. বিচনাৰ পৰা নামি আহিল তাই । নাইট গাউনটো ভালদৰে মেৰিয়াই.. অবিন্যস্ত চুলি কেইডাল.. ৰাবাৰ বেণ্ড এডালেৰে লাহেকৈ পকাই .. দুৱাৰখন খুলি বেলকনিত ঠিয় হৈ… বাহিৰৰ পৰিবেশটো লক্ষ্য কৰিলে..। প্ৰভাতি পক্ষী কেইটামানে কিচিৰ-মিচিৰ শব্দৰেContinue reading “নিজৰ বাবে অলপ সময়…”
Category Archives: Uncategorized
অগ্নি পৰীক্ষা
:- একোৱেই চিন্তা নকৰাকৈ বহি বহি খাইছা.. যি লাগে তাকে হাততে পাইছা..। ৰণ আৰু ৰুহিৰ দৰে সন্তানৰ মাক হৈ.. সিহঁতৰ পৰা অফুৰন্ত মৰম পাইছা.. । দামী কাপোৰ-গহনাৰে নিজকে সজাইছা…।আৰু কি লাগে তোমাক..? কি দিয়া নাই মই..? এইবোৰ যে ভোগ কৰিছা.. কাৰবাবে পাইছা..? মোৰ বাবেই নহয় নে..?সদায় অফিচত মাথা মাৰি কাম কৰি আহিও.. ঘৰখনত তোমাক কিয়Continue reading “অগ্নি পৰীক্ষা”
নদীয়েও কথা কয়..
(অনুভৱৰ দলিচা গৰকি..।) পূৰ্ণিমাৰ ফৰিং ফুটা জোনাকী নিশা..। জোনটিয়ে পোহৰাই তুলিছে মোৰ ঘৰৰ চোতাল..। খোলা খিৰিকী খনৰ কাষতে বহি.. মন্ত্ৰমুগ্ধৰ দৰে চাই ৰৈছো মই ..পদূলি মূৰৰ বকুল জোপাত.. জোনৰ লুকা-ভাকু ..। কি যে মনোমোহা..! মোৰ চাৰিওফালে মাথোঁ… জোনাকী শুভ্ৰতা..! ৰূপোৱালী জোনাকৰ চিকমিকনিয়ে.. মায়াময় কৰি তুলিছে মোৰ চৌপাশ..।কোঠালীৰ ঘিটমিটিয়া আন্ধাৰবোৰ ঠেলি.. বাহিৰলৈ ওলাই আহিলো মই ।Continue reading “নদীয়েও কথা কয়..”
ঈশ্বৰ পুত্ৰ..😇
আনদিনাতকৈ আজি অলপ সোনকালেই বিচনা এৰিলে মিনতিয়ে..। বাহি চোতালখন বাঢ়নী মাৰি… সজাৰ দুৱাৰ খন খুলি পাৰ’ খিনি মোকোলাই দিলে তাই । উৰি আহি সিহঁতবোৰে মিনতিক বেঢ়ি ধৰিলে.. । ৰুণ দি দি তাইৰ চাৰিওফালে ঘূৰি ফুৰা পাৰ’ বিলাকক.. সন্তানৰ সুখৰ পৰা বঞ্চিত.. মিনতিয়ে.. নিজৰ সন্তানৰ দৰেই মৰম কৰে । সিহঁতৰ আব্দাৰ বোৰ যেন কেৱল তাইহে বুজে…।Continue reading “ঈশ্বৰ পুত্ৰ..😇”
অভাৱ..
:- ইয়ে ৰাম… চাচোন নখটো.. । বেলতা খাই গ’ল হেৰৌ..! হয়ে…. বোলো ইমান উধাতু খাই নো কলৈ যাৱ অ’..? তলৰ শিলগুটি বোৰ নেদেখ’ চকুৰে..? পথাৰৰ মাজৰ আলিটোত উজুটি খাই.. বকুলৰ উঠি যোৱা..বুঢ়া আঙুলিৰ নখটোলৈ চাই চাই..পুতুলীয়ে দবিয়াই উঠিল তাক .. আৰু ইফালে সিফালে কিবা বনৌষধি পাই নেকি বিচাৰিব ধৰিলে..।অলিটোতে বহি উস আস কৈ.. বকুলে …হালৰContinue reading “অভাৱ..”
আন্তৰিকতা..😊
আনিচ্ছা সত্বেও মিছেচ ৰুবি হাজৰিকা প্ৰকাণ্ড টোপোলা এটা সহ…. ষ্টাৰ্ট দি ৰৈ থকা গাড়ীখনৰ ফ্ৰণ্ট চিটটোত বহি পৰিল …। ড্ৰাইভিং চিটত তেওঁৰ স্বামী বিনোদ হাজৰিকা । পিছৰ চিটত চহৰৰ অভিজাত স্কুল এখনত পঢ়ি থকা তেওঁলোকৰ দুই সন্তান আদি আৰু নিকী … । মিষ্টাৰ হাজৰিকাই কেৰাহিকৈ হাজৰিকানীৰ হাতৰ টোপোলাটোলৈ চালে … গিৰিয়েকৰ চাৱনিৰ অৰ্থ বুজি মুখContinue reading “আন্তৰিকতা..😊”
তুমি আহিবা বুলি..💏
আজি পুনৰ প্ৰেমত পৰিলো..এজাক বৰষুণৰ..!খৰাং হৃদয় কৰ্ষণ কৰি বুটলি ল’লো..অনুভৱৰ সৰাফুল..!বৰষুণজাকে ৰুই থৈ গ’ল..তুমি দেখাই যোৱা সপোনৰ বাটত..হেঁপাহৰ খৰিকাজাই..।আজি ভাল পাই ভাল লাগিল..অভিমানী বৰষুণজাকক..।ঠিক তোমাক ভালপোৱাৰ দৰেই…!! ৰাতিপুৱা উঠিয়েই..ফেচবুক লগ ইন কৰি… পাখিৰ ষ্টেটাছত কবিতাটো দেখি কেইবাবাৰো পঢ়ি চালে তনয়ে..। ষ্টেটাছটোত ল’ভ ৰিয়েক্ট কৰি..মেছেজ এটা কৰি থ’লে তাইলৈ.. ” তোমাক আগতেও কৈছো..এনেকুৱা কবিতাবোৰ নিলিখিবা পাখি..।Continue reading “তুমি আহিবা বুলি..💏”
সপোনৰ ঠিকনা বিচাৰি..
ক্ৰিঙ ক্ৰিঙ..:- হেল্ল’… কোনে কৈছে..?পকেটত ভাইব্ৰেচ’নৰে বাজি উঠা.. ম’বাইল ফোনটোৰ স্ক্ৰীনত.. অচিনাকি নাম্বাৰটো দেখি.. বিকাশ দুৱৰাই.. উৎসুকতাৰে ফোনটো ৰিচিভ কৰিলে..। :- অলপ আগতে খবৰ এটা পালো.. আপুনি বোলে… AB+ ব্লাড বিচাৰিছে..। :- হয় হয়..। its urgent..। আপুনি কিবা খবৰ পাইছে নেকি..? :- ময়েই দিম ব্লাড..। কিন্তু মই ড’নেট নকৰো বিনিময়ত মোক মূল্য লাগিব..। :- sure..Continue reading “সপোনৰ ঠিকনা বিচাৰি..”
পাপৰি..
প্ৰকাণ্ড গেট খনৰ সন্মুখত গাড়ী খন ৰখাই অভিৰাজে লুকিং মিৰৰত নিজৰ মুখ খন চালে ।পক ধৰা চুলি কেইডাল আৰু হাই পাৱাৰৰ চচমা জোৰৰে নিজকে সি বহুত বয়সীয়াল যেন অনুমান কৰিলে । কিন্তু মনৰ গভীৰ কোণত থকা প্ৰেমৰ অনুভৱ তাৰ বাবে এতিয়াও সজীৱ হৈ আছে । এটি সেউজীয়া অনুভৱ ,,….যেন পল্লৱীত কুঁহিপাতৰ দৰেই ….। গেটখন খুলিContinue reading “পাপৰি..”
মৰ্য্যদা
“Happy women’s day darling … “গা ধুই বাথৰুমৰ পৰা ওলাই অহা পিয়ালীক সুদীপ্তই ৰঙা গোলাপ এপাহৰ লগত ধুনীয়াকৈ পেকিং কৰি অনা উপহাৰৰ টোপোলা এটা আগবঢ়াই দিলে । “Thank you so much সুদীপ্ত । মোক নাৰীত্বৰ উপলব্ধিৰে মোৰ জীৱনৰ প্ৰতিটো খোজত মোৰ সহযাত্ৰী হোৱাৰ বাবে তোমাক আন্তৰিক ধন্যবাদ জনাইছো । সদায় ছাঁটোৰ দৰে মোৰ স’তেই থাকিবাContinue reading “মৰ্য্যদা”