ৰাতিপুৱা সোনকালে উঠি চোতাল খন সাৰি ল’লে ফুল’ই । গিৰিয়েক বলাই পুতেকক সাৱটি শুই আছে । পুহ মাহৰ ঠেঁটুৱৈ ধৰা ঠাণ্ডা । কুঁৱলীয়ে ঘোপ মাৰি ধৰিছে চাৰিওফালে । ঠাণ্ডা বুলি এলাহ কৰিবৰ সময় নাই আজি তাইৰ । ঘৰৰ কামখিনি কৰি অ’তাই বৰুৱানীয়ে ৰাতিয়েই ভিজাই ৰখা কাপোৰ খিনি ধুবগৈ লাগিব । গাটো তিয়াইContinue reading “সেন্দুৰ..♥️”
Category Archives: Uncategorized
বিবাহ.. এক বান্ধোন💏
” দেউতা… .. দহ টকাৰ সেন্দুৰ ক’ন শিৰত দি কাৰোবাক পত্নীৰ মৰ্য্যদা দিবলৈকে ,লাখ টকা খৰছ কৰাৰ পক্ষপাতী নহয় মই । সম্বন্ধ এটা ,আমাৰ আৰু উলুপিৰ ঘৰ দুখনৰ মাজত হে হ’বলৈ ওলাইছে । আমাৰ দুখন ঘৰৰ সন্মতি আছে । সমাজ বা ৰাইজৰ কি কথা আছে ইয়াত? ভগৱানক সাক্ষী কৰি মন্দিৰতে অহা বহা’গৰ বিশ তাৰিখে উলুপিকContinue reading “বিবাহ.. এক বান্ধোন💏”
সুখ.. ☺️☺️
সুখ ৰিক্সা খনত পেডেল মাৰি কলেজীয়া ডেকা গাভৰু হালক গন্তব্য স্থানলৈ লৈ যাওঁতে ,সিহঁতৰ কথা-বতৰাবোৰৰ অলপ অলপ চিৰাজুলৰ কাণত পৰিল । কাইলৈ বোলে কিবা প্ৰেমৰ দিৱস । ক’ত লগ পাব, কি কৰিব, ক’লৈ যাব, কি খাব…. বহুত পৰিকল্পনা সিহঁতৰ । চিৰাজুল আচৰিত হ’ল । সি দেখোন এইবোৰ আগে পিছে শুনাই নাছিল । প্ৰেমৰ বাবে ওContinue reading “সুখ.. ☺️☺️”
অনুগল্প.. 😊
১..সমীকৰণ… দপদপিয়া বৰষুণ জাকত… মামৰে ধৰা টিংৰ… এচলিয়া ঘৰটোত যেনিয়ে-তেনিয়ে পানী পৰিছে. …. । বাল্টি, চৰিয়া যি পাইছে তাকে পাতি…. পানী বোৰ ধৰি ৰখাৰ ব্যৰ্থ প্ৰয়াস ফাতেমাৰ…. । অত্যধিক চুলাই গিলি মৃত্যু মুখত পৰা জোঁৱায়েকে… গৰ্ভৱতী ঘৈণীয়েকৰ দায়িত্বও ফাতেমাকে যে দি থৈ গ’ল..। কেনেবাকৈ পিচলি পৰিলে বৰ ডাঙৰ কথা হ’ব.. !! ওৰেটো নিশা ফুটাকেইটাৰে নিগৰিContinue reading “অনুগল্প.. 😊”
স্নেহালয়..🏡😍
:-দিশা বা… চাহ কাপ তুমি কিন্তু একদম ফাৰ্ষ্ট ক্লাছ বনোৱা দেই.. । চাহপাত.. গাখীৰ .. চেনীৰ প্ৰপ’ৰচনটো ইমান কাৰেক্ট হয় নহয়…. !! আস….!! কি ক’ম… । একেবাৰে মুখত লাগি যায় ..।ব্ৰেড খনত সৰহকৈ বাটাৰ লগাই.. দিশাই বনাই দিয়া চাহকাপ হাতত লৈ সন্তুষ্টিৰ হাঁহি এটাৰে… কৈ উঠিল স্মৃতাই… । :-হয় নে… ? এতিয়া পিছে এইদৰে চাহৰContinue reading “স্নেহালয়..🏡😍”
মুক্তি..
চহৰৰ আটাইতকৈ ব্যয়বহুল চিকিৎসালয় খনত অধ্যাপক দিলীপ ফুকনৰ একমাত্ৰ পুত্ৰ প্ৰতীকৰ এইয়া… ট্ৰিটমেণ্ট চলি আছে । ইউৰ’লজিষ্ট বিভাগৰ হেড….ডাঃ অভ্ৰনীল দত্তই তাৰ ট্ৰিটমেণ্টৰ সকলো দায়িত্ব লৈছে .. ।কেইবাটাও টেষ্টৰ ৰিপৰ্ট হাতত লৈ ডাঃ দত্তই ….ফুকন আৰু তেওঁৰ পত্নী জুলাক এইমাত্ৰ তেখেতৰ চেম্বাৰলৈ মাতি নিছে … । গভীৰ উৎকণ্ঠা দুয়োৰে মনত .. ।বাংগালোৰত এম. বি .এContinue reading “মুক্তি..”
মোৰ সমাধিত ফুলি ৰ’বা তুমি বনৰীয়া ফুল হৈ..♥️
“এইবেলি মোক বুকুতে ৰাখি,এইবেলি মোক লোৱাহি ঢাকি,এইবেলি মোক আঁচলতে তোমাৰচাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি…..এইবেলি হওঁক এই পৃথিৱী সাক্ষী,আৱেগেৰে জ্বলোৱা চাকি…..” “ৰ’খোৱা ,, ৰ’খোৱা গীতার্থ । প্লিজ গাড়ীখন ৰ’খোৱা ।” বিশাখাৰ চিঞৰত শ্বিলঙৰ সেউজীয়া বোৰৰ মাজেৰে , পাপনৰ গান শুনি আপোন-পাহৰা হৈ অকাই-পকাই গৈ থকা গীতাৰ্থই জোৰত ব্ৰেক মাৰি গাড়ীখন ৰখালে । কি হৈছেContinue reading “মোৰ সমাধিত ফুলি ৰ’বা তুমি বনৰীয়া ফুল হৈ..♥️”
এটি সত্যৰ আঁৰৰ কাহিনী..
প্ৰসৱৰ আগমুহূৰ্ত্বৰ… অসহনীয় যন্ত্ৰণাবোৰ সহি.. চাটিফুটি কৈ হস্পিতালৰ বিচনাত পৰি আছে সাগৰিকা … । নিৰন্তৰ সংগ্ৰামৰ অন্তত… অলপ সময়ৰ পাছতেই অস্ত্ৰোপচাৰৰ দ্বাৰা পৃথক কৰা হ’ব ইমান দিনে আলফুলে … সযতনে….তাই গৰ্ভত লালন-পালন কৰি অহা তাইৰে এটি অংশ … । তাইৰ শৰীৰৰ পৰা বিচ্ছিন্ন হৈ… এই পৃথিৱীত.. স্বাধীনভাৱে উশাহ ল’ব এটি ফুলকুমলীয়া দেৱ শিশুৱে … ।আৱেগেContinue reading “এটি সত্যৰ আঁৰৰ কাহিনী..”
বিধাতাৰ লিখন..
:- অ’ৰা … ক’ত আছা হে … টংকেশ্বৰে দৈ গাখীৰ খিনি আনিছে । ষ্ট’ৰ ৰুমটো দেখুৱাই দিয়াচোন ..। বজাৰৰ লিষ্টখনৰ পৰা আনিবলৈ বাকী থকা বস্তু কেইটা বেলেগ এখন কাগজত টুকি লৈ ..টংকেশ্বৰক পাওনা টকা কেইটা হিচাপ কৰি দি.. ষ্ট’ৰ ৰূমটোলৈ ভুমুকি মাৰি বিধান বৰুৱা ঘৈণীয়েক নিলিমাৰ ওচৰ পালেগৈ ..। কাম কৰা মানুহজনীক কামৰ দিহাContinue reading “বিধাতাৰ লিখন..”
হীৰুদালৈ শ্ৰদ্ধাঞ্জলি🌸🙏
শব্দহীনতাত ভুগিছো মই…প্ৰতিটো মুহূৰ্ত্বতে উপলব্ধি কৰিছো..কলমৰ আগত মৃত্যু ঘটিছে মোৰ শব্দবোৰৰ.. ।তুমিহীনতাই অনুভৱ কৰাইছে..তোমাৰ অস্তিত্বৰ গভীৰতাক..। মই যে তোমাৰ কবিতাৰ উন্মাদ প্ৰেমিকা “হীৰুদা”..। কোনে দিব এতিয়া সুগন্ধি পখিলাবোৰ ধৰি আনি..! তোমাৰ পৰাইটো শিকিছিলো..নিসংগ জোনৰ জোনাকত আৱৰণ খুলি হৃদয় নিচুকাবলৈ..যন্ত্ৰনাই কোঙা কৰি পেলালেও..কবিতাৰ বৰষুণত জুৰুলি জুপুৰিকৈ তিতি বেদনাবোৰ ধুই নিকা কৰিবলৈ…। তুমিতো এইদৰে গুচি যোৱাৰ কথাContinue reading “হীৰুদালৈ শ্ৰদ্ধাঞ্জলি🌸🙏”