গোন্ধ

উফ…।কি যে বিড়ম্বনা..!অদ্ভুত , অকটা গোন্ধটোত হলকা-হলককৈ যেন বমিয়াই দিব নলিনী দত্তই । নাসিকা তন্ত্ৰৰে উৰ্ধগামী হৈ অসহ্যকৰ গোন্ধটো দত্তৰ কপালৰ কুম দুটাৰ তীব্ৰ ঢপঢপনিৰ কাৰক হৈ পৰে । দুৰ্গন্ধময় বায়ু এসোপা পেটৰ ভিতৰলৈকে প্ৰৱেশ কৰি মানুহজনৰ বয়সে সংকুচিত কৰা পেটটোও যেন অস্বাভাৱিক ভাবে ওফন্দাই পেলায়। গোন্ধটোৰ পৰা নিস্তাৰ পাবলৈকে নাকৰ ফুটা দুটাত তৰ্জনী আৰুContinue reading “গোন্ধ”

ফাট মেলা বসুমতী পাতালে লুকাওঁ

ধেই.. মনটো একেবাৰে ৰ’দত লেৰেলা কলপাতখিলাৰ দৰে শুকালেহে। কমটি হেপাঁহেৰে ফুকনৰ ছোৱালীৰ বিয়াখন খাবলৈ ওলাইছিলোঁ ! সেই হেঁপাহ, সেই ফুৰ্তি.. এটা মাত্ৰ বাক্যতে , পাম্প যোৱা বেলুনটোৰ দৰে উৰি ফু..উ..উ..চ্চ হ’ল । আইনাখনত নিজকে লুটিয়াই বগৰাই চাই, নিজলৈকে দুখ লাগিল মোৰ। বিয়ালৈ বুলি লোৱা নতুন কাপোৰযোৰ পিন্ধাৰ উৎসাহখিনিও পুত্ৰধনৰ প্ৰশংসাৰ (?) কৃপাতে একেকোবে শূণ্য স্থানলৈContinue reading “ফাট মেলা বসুমতী পাতালে লুকাওঁ”

উকা কেনভাচত সপোনৰ ৰামধেনু

শান্তনুবিহীন পোন্ধৰটা দিন ।যেন এটা যুগ.. ।কি কৰিছোঁ , ক’ত আছোঁ একোৰে আঁটকাল পোৱা নাই । মাথোঁ উশাহ লৈ থকা মৃত শৰীৰ এটাৰ দৰে কোঠাটোৰ এচুকত বহি আছোঁ । মায়ে মাজে সময়ে আহি পৰম অকুলতাৰে সাৱটি ধৰে মোক। আউল লগা চুলি কেইডালত হাতখন ফুৰাই এপৰ মোৰ মুখলৈকে চাই ৰয় মানুহজনীয়ে । : কান্দ অ’ আইজনীContinue reading “উকা কেনভাচত সপোনৰ ৰামধেনু”

ধূসৰিত সময়ৰ অৱগুণ্ঠন

বহু প্ৰত্যাশিত বৰষুণজাকৰ লগতে হো.. হোকৈ বতাহ এজাক খোলা খিৰিকীৰে সোমাই আহিল কোঠাটোলৈ । গ্ৰীষ্মৰ তপ্তখোলা হেন মাটিৰ ওপৰত বহাগৰ এয়া প্ৰথমজাক বৰষুণ। নিমিষতে যেন নিৰস মাটিয়ে শুহি থ’লে বৰ্ষাকণাবোৰ ! বতাহজাকে কঢ়িয়াই অনা ভিজা মাটিৰ চিনাকি সুবাস অলপ নাক মুখ আৱৰি ৰখা মাস্কখন আঁতৰাই উশাহৰ লগত একাত্ম কৰি ল’লো মই। মই অসুস্থ ।পৃথিৱীখনো..।যুগ যুগContinue reading “ধূসৰিত সময়ৰ অৱগুণ্ঠন”

এখন ভ্ৰমৰ জাল আৰু এটা পংকিল সত্য।

 : Please , concentrate your mind . ক্লিনিকৰ অৰামী চকীখনত শুভম বহি আছে। তাৰ ঠিক কাষতে হাতত এটা পেন্ডুলাম ওলোমাই মই। শুভমৰ দৃষ্টি মোৰ হাতত থকা পেন্ডুলামটোত স্থিৰ হৈ ৰৈছে।মই পেন্ডুলামটোক এইবাৰ লাহে লাহে হৰাইজেণ্ট’ল ডাইৰেকচ’নত মৃদু গতি দিছোঁ । লগে লগে তাৰ দুচকুৱেও পেন্ডুলামটোক অনুসৰণ কৰিছে। ঠিক দুই বা তিনি চেকেণ্ড…তাৰ পিছতেই অতি ক্ষীপ্ৰতাৰে পেন্ডুলামটোকContinue reading “এখন ভ্ৰমৰ জাল আৰু এটা পংকিল সত্য।”

শিপা

প্ৰায় ডেৰবছৰৰ মূৰত এয়া , পুনৰ উভতি আহিছোঁ মোৰ কৰ্মজীৱনলৈ। অভিমন্যু অবিহনে পাৰ কৰি অহা নিসংগতাৰ সময় এছোৱাৰ পৰা নিজকে উদ্ধাৰ কৰি এই ব্যস্ততা মোৰ বাবে উপভোগ্য হৈ উঠিছে যদিও জীউক ঘৰখনত অকলে এৰি থৈ অহাটোহে এটা চিন্তনীয় বিষয় হৈ পৰিছে । কেতিয়াবা ভাবোঁ , গাথঁনিৰ বাবে তৈয়াৰ কৰা মিশ্ৰণটোত চিমেণ্ট আৰু বালিৰ অনুপাত ঠিকেContinue reading “শিপা”

পুতুক’ণৰ বুদ্ধি

: ঐ পুতুক’ণ আজি স্কুল নাযাৱ নেকি হে ?: গৈ আছোঁ ৰ’ । গাইজনী পথাৰত এৰাল দি আহোঁ।: নাপাহৰিবি , আজি কিন্তু তোৰ পাল। ব্ৰেক নোহোৱা চাইকেলখন চকুৰ আগেদিয়েই দুৰন্ত গতিত দৌৰাই নিয়া নবীনলৈ পোন্দোৱাকৈ চাই , পুতুক’ণ গাইজনী খেদি খেদি পথাৰ অভিমুখে ৰাওনা হ’ল। জগতৰ সমস্ত খং সেই মুহূৰ্তত তাৰ মূৰটোতে থুপ খাই ,Continue reading “পুতুক’ণৰ বুদ্ধি”

দ্যা কীটচেন ষ্টৰী ।

: বিৰক্ত হৈছোঁ ভাস্কৰ। কি হৈছে এই সুকন্যাজনীৰ ? : মানে ! কি হ’ল আকৌ তাইৰ ? : পাগল হৈছে । দিনে ৰাতিয়ে পাকঘৰখনতে কি জানো কৰি থাকে ! বকাসুৰৰ বংশধৰ আছিল যেনেই পাওঁ। : সেইটো কি কথা হা ? তইটো খুচ হ’ব লাগে। আফটাৰ অ’ল তাই তোক বিধে বিধে ৰান্ধি খুৱাইছে। : লিমিট বুলিContinue reading “দ্যা কীটচেন ষ্টৰী ।”

বেলিহীনতাৰ বিষাদ

: হেৰাই যাম মই । বিদ্যা…!  তোক চাই থাকিলে তোৰ দুচকুৰ নীলাত হেৰাই যাম। কি আছে তোৰ এই চকু দুটাত ? : ভাং খাই আহিলি নেকি আজি ? : প্ৰেমৰ সংলাপ এটা আওৰাবলৈ যত্ন কৰিছোঁ অ’ । তই যে কৱ’ মই হেনো বৰ নীৰস প্ৰেমিক । তোক মাত্ৰ ভাল পাব হে জানিলোঁ । ভালপোৱাবোৰ প্ৰকাশContinue reading “বেলিহীনতাৰ বিষাদ”

এটা কল্লোলিত সপোনৰ অপমৃত্যুত..

~ শব্দবোৰে খেদি ফুৰিছে তাক । সি উন্মাদপ্ৰায় হৈ পৰিছে । কান দুখন জোৰেৰে হেঁচি ধৰি ইফালৰ পৰা সিফাললৈ নিৰন্তৰ দৌৰি ফুৰিছে ল’ৰাটো । ~ কুউ .. ঝক..ঝক..ঝক..ঝক… আৰু লগতে মাকৰ সেই মৰণ কাতৰ চিঞৰবোৰ.. ~ সৌৱা, দেউতাৰৰ মাত। শুনিছ’ নে বাপুকন ? ঐ ব’লচোন ব’ল । দেউতা আহিছে বুজিছ’ । অ’ৰি ৰ’ব দেই.. গৈContinue reading “এটা কল্লোলিত সপোনৰ অপমৃত্যুত..”

Design a site like this with WordPress.com
Get started