বকুল ফুলৰ আঙুঠি

এইখিনিতে…
ঠিক এই আঁহতজোপাৰ তলতে মানুহজন ৰৈ থাকে সদায় । প্ৰথম অলপ দিন কথাটোত মই বৰ বিশেষ গুৰুত্ব দিয়া নাছিলোঁ যদিও লাহে লাহে লক্ষ্য কৰিছোঁ সেয়া যেন সূৰ্য্য উদয় হোৱা বা অস্ত যোৱাৰ দৰেই এটা ধ্ৰুৱ সত্য । ঠেৰেঙা শীত অথবা শৰীৰ দেই পুৰি নিয়া জেঠৰ প্ৰখৰ উষ্ণতা কিম্বা শাওণীয়া বৰষুণজাকেই হওক, একোৱেই যেন টলাব নোৱাৰে তেওঁক সেই দৈনন্দিন কৰ্মৰাজিৰ পৰা ।

এমূৰ বিশৃংখল চুলিৰে আৰু আধা পকা এমুখ দাড়িৰে চল্লিশোৰ্ধৰ শীৰ্ণকায় মানুহজনে বেপেৰুৱা ভংগীত যেতিয়া চিগাৰেট এটা হুপি ৰৈ থকা দেখিব , মোৰ দৰে আপুনিও হয়তো ভাবিব তেওঁ নিশ্চয় আপোনাৰ মোৰ গতানুগতিক জীৱন শৈলীৰ পৰা শতযোজন আঁতৰতে ৰোৱা এজন অত্যন্ত ভাবুক ব্যক্তি ।
কেতিয়াবা এনে ভাব এটাও মনলৈ আহে , মানুহজন বাৰু ৰাস্তাই ঘাটে সকলোৰে অৱহেলিত হৈ পৰি ৰোৱা এজন মানসিক ৰোগী নেকি ! পিছে তেওঁৰ পৰিপাটি আৰু মাৰ্জিত সাজ-পোছাকে সেইদৰে ভাবিবলৈ দেখোন অনুমতি নিদিয়ে মনটোক ।
কিন্তু নিৰ্লিপ্ত অথচ উজ্জ্বল দুচকুৰে তেওঁক কোনোবা সময়ত মোৰ এজন মহাকাশ বিজ্ঞানী হিচাবে ভাবি চাবলৈহে মন যায় । যেন কিবা এক মহাজাগতিক সূত্ৰ আবিষ্কাৰ কৰিবলৈকে আঙুলিত চিগাৰেট এটা গুজি , আকাশৰ বুকুত দৃষ্টি নিবদ্ধ ৰাখে তেওঁ । আৰু মাজে মাজে সেই সূত্ৰৰ আঁত ধৰি , অমিল হৈ ৰোৱা কিছুমান সমীকৰণৰ সমাধানৰ বাবেই আকাশ আৰু পৃথিৱীৰ মাজৰ সৰল ৰৈখিক দূৰত্বৰ জোখ মাপ ল’বলৈ দুচকু নমাই ইফালে সিফালে চাই।

আচলতে মই কৰ্মৰত পৌৰ নিগম অফিচৰ যিখন টেবুলত মই বহো সেই টেবুলখনৰ ঠিক পোনে পোনে থকা খিৰিকীখনেদি গছজোপা স্পষ্টকৈ দেখা পোৱা যায় । সেই সূত্ৰেই আজিকালি কামৰ ব্যস্ততাৰ মাজতো মানুহজনক লক্ষ্য কৰি থকাটো মোৰ এটা অভ্যাস হৈ পৰিছে । তেওঁৰ বাবেই মোৰ মনত যেন মানুহ পঢ়া বিষয়টো অধ্যয়ন কৰাৰ নতুনকৈ এটা আগ্ৰহে গঁজালি মেলিছে।

মই একোৱেই নাজানো তেওঁনো ক’ত থাকে বা সঠিককৈ কোনটো সময়ত এই গছজোপাৰ তলত আহি তেওঁ বহি পৰেহি , কিন্তু লক্ষ্য কৰোঁ অফিচ চুটিৰ পিছত অফিচৰ কৰ্মচাৰী সকলৰ লগতে সেই মানুহজনো কোনোবা অজ্ঞাত স্থানলৈ বুলি ৰাওনা হয় ।

              ———————

হঠাৎ মানুহজন এদিন নাইকিয়া হ’ল ।

এই অফিচটোত যোগদান কৰাৰে পৰা যোৱা সাতটা মাহে প্ৰতিদিনে মই দেখি অহা মানুহজন আজি গছজোপাৰ তলত নাই। মই কামৰ মাজে মাজে তেওঁ বহি থকা সেই নিৰ্দিষ্ট ঠাই টুকুৰালৈ লক্ষ্য কৰিছোঁ । কিজানিবা আজি অলপ পলমকৈয়ে আহে তেওঁ ।

পিছে , নাহিল ।

মানুহজন আজি নাহিল ।
সাতোটা মাহত এই প্ৰথম তেওঁৰ দৈনন্দিন ৰুটিনখনৰ সলনি হৈছে এয়া । তেওঁৰ অনুপস্থিতিয়ে মোক অলপ অস্থিৰ কৰি তোলা যেনো অনুমান হৈছে দেখোন !

~ Humans are creatures of habit.

এই মুহূৰ্তত এই আপ্তবাক্যফাঁকি মই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ । লগতে নিজকে প্ৰশ্ন কৰিও চাইছোঁ , এজন অচিনা,অজানা মানুহৰ প্ৰতি এইদৰে ব্যগ্ৰ হৈ পৰাৰ কাৰণ কি ! তেওঁ মোৰ অভ্যাস হৈ পৰা নাইতো !

লাহে লাহে তেওঁ বিহীন কেবাটাও দিন এটা নিত্য নৈমিত্তিক পৰিঘটনাৰ দৰেই পৃথিৱীৰ বুকুত হেৰাই গ’ল। কিন্তু মইহে মানুহজন নোহোৱা হোৱা সেই দিনটোকে খামুচি ধৰি ৰৈ থাকিলোঁ পৌৰ নিগম অফিচৰ সেই বিশেষ খিৰিকীখনেৰে মোৰ চকুত পৰা আঁহতজোপালৈ চাই ।

তেওঁ বাৰু অসুস্থ হৈ পৰিছে নেকি ! এইখিনি সময়ত কোনোবা এজন আছেনে বাৰু তেওঁৰ পৰিচৰ্যা কৰিবলৈ ! মানুহজনৰ অসুস্থ মুখত জুতি লগাকৈ এসাজ ৰান্ধি খুৱাবলৈ বা কপালখনত হাত ফুৰাই আদৰ যত্নেৰে এটা ঔষধৰ বড়ি যাঁচি দিবলৈ আছেনে বাৰু কোনোবা এগৰাকী তেওঁৰ কাষত !

কেবাটাও অনিশ্চিত প্ৰশ্নৰ নিশ্চিত উত্তৰ একোটা বিচাৰি মোৰ মনটো অস্থিৰ হৈ পৰিল । তথাপিও তেওঁৰ অনুপস্থিতিৰ সৱল কাৰণটো জানিবলৈহে উৎসুক হৈ পৰিলোঁ মই । কোনো প্ৰগাঢ় যুক্তি নাথাকিলেও চকুৰ চিনাকি এজনেও কেতিয়াবা যে অন্তৰৰ গভীৰত গভীৰভাৱে ৰেখাপাত কৰি যায় , মই যেন পৰিষ্কাৰকৈ বুজি উঠিছোঁ ।

কিবা প্ৰকাৰে , যোৱা কেইবাটাও দিন মোৰ মনটোক অশান্ত কৰি তোলা অচিনাকি মানুহজনৰ খবৰ এটা সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে ইচ্ছা কৰিয়েই অন্যবোৰ দিনতকৈ অলপ সোনকালেই অফিচৰ পৰা ওলাই আহিলোঁ আজি ।
আহঁতজোপাৰ আশে-পাশে কেইবাখনো গ্ৰ’চেৰি ষ্ট’ৰৰ লগতে দুখনমান ঘুমটিৰ দৰে সৰু সৰু দোকানো আছিল । মানুহজনে প্ৰায়ে সেই ঘুমটি কেইখনৰ পৰা চিগাৰেট কিনা দেখিছিলোঁ । গতিকে তাৰে এখনলৈ আগবাঢ়ি গ’লো মই ।

: বাইদেউ , আহক আহক । তামোল খাব নে পান ? কি দিম ? মিঠা পট্টি নে বাংলা পট্টি ?জৰ্দা দিম নে বাইদেউ ? 

আদহিয়া বয়সৰ দোকানীজনে স্বভাৱ সুলভ ব্যস্ততাৰে কথা কেইটা সুধি আগ্ৰহেৰে চাই ৰ’ল মোলৈ ।

: নাই , তামোল পান নাখাওঁৱেই মই । আপোনাৰ পৰা কথা এটা জানিবৰ বাবে হে আহিলোঁ আচলতে ।

: কওঁকচোন বাইদেউ , কি সুধিব ।

: এই গছজোপাৰ তলত দুদিনমান আগলৈকে মানুহ এজন বহি থকা দেখিছিলোঁ । তেওঁৰ বিষয়ে কিবা জানে নেকি আপুনি ? কোন তেওঁ , ক’ত থাকে ?

: অ’ অপৰূপ দা । তেওঁৰ ঘৰ ইয়াতে বাইদেউ । সৌ যে তিনিআলিটো দেখিছে তাৰ পৰা অলপ আগলৈ গৈ স্কুলখনৰ কাষেৰে ৰাস্তা এটা সোমাই গৈছে । সেই ৰাস্তাটোৰ একেবাৰে শেষৰ ঘৰটোৱেই অপৰূপ দাৰ ঘৰ।

[ মই পান নাখাও বুলি নিশ্চিন্ত হৈ ডিঙিতে ওলোমাই ৰখা  গামোচাখনেৰে মুখখন মুচি মুচি পুনৰ ক’বলৈ ধৰিলে দোকানীজনে । ]

লেখক মানুহ তেখেত। কিতাপৰ মাজতে বুৰ গৈ থাকে । মোৰ ল’ৰা ছোৱালী দুটাকো মাজে মাজে দুই এখন কিতাপ পঢ়িবলৈ বুলি দি থৈ যায় । এইখিনিতে বহাৰ অভ্যাস এটা কিয় কৰি লৈছিল জানোঁ ! এতিয়া চাগৈ আকৌ কিবা লিখা মেলাত লাগিছে ।

: অপৰূপ দা মানে .. অপৰূপ মহন্ত ? সেই বিখ্যাত ঔপন্যাসিকজন ! কি কৈছে আপুনি ?

আশ্বৰ্যচকিত নয়নেৰে দোকানীজনক প্ৰশ্ন কৰিলোঁ মই ।

: হয় , বাইদেউ । তেখেতেই ।

কি শুনিছোঁ মই ! যিজন লেখকক মোৰ হৃদয়ৰ গভীৰত থাপি , পুঁজি আহিছোঁ ইমান বছৰে , যাৰ এটা এটা লেখনি হৃদয়ংগম কৰি নিজকে এখন কল্পনাৰ জগতত হেৰুৱাই পেলাইছোঁ , যিজন মানুহক জীৱনৰ কোনোবা  এটা দিনত এবাৰৰ বাবে হ’লেও লগ পোৱাৰ প্ৰবল হেঁপাহ এটা মনতে পুহি ৰাখিছোঁ .. সেইজন ব্যক্তি যোৱা সাতটা মাহে মোৰ চকুৰ সন্মুখতে আছিল !

স্বৰ্গ সুখ এয়া ।

মই যেন ঢপলিয়াই গৈ তেওঁৰ ভৰিতে উবুৰি খাই পৰিম ! অনৰ্গল কৈ যাম মোৰ হৃদয়ৰ অযুত অব্যক্ত কথাবোৰ ।

প্ৰায় লৱৰি অহা দি আহি দোকানীজনৰ বৰ্ণনা অনুসৰি তিনিআলিটো পাৰ হৈ ঘাই ৰাস্তাৰ পৰা স্কুলখনৰ কাষেদি যোৱা উপপথটোত ভৰি দিলোঁ মই । সুখবোৰ বলিয়া হৈছিল চাগৈ সেই সময়ত । মোৰ বুকুখন , সিহঁতৰ অটপালিত দ্ৰুত গতিত ঢপঢপাবলৈ ধৰিছিল ।
খৰখোজেৰে গৈ ৰাস্তাটো য’ত শেষ হৈছে , ঠিক সেই জেগাতে অযত্নপলিত এখন ফুলনী বাগিচাৰে সৈতে সৰু ঘৰ এটা চকুত পৰিল মোৰ ।

এইটোৱেই সেই পৰম আকাংক্ষিত ঘৰটো , যাৰ গৰাকীক মই মোৰ কৈশোৰৰ দিনৰে পৰা দেৱতা জ্ঞান কৰি আহিছোঁ ! মনটো ভৰি পৰিছিল , মই যেন স্বৰ্গ ঢুকি পালোঁ হাততে !

লাহেকৈ কাঠৰ গেইটখন খুলি অতি সন্তৰ্পনে ঘৰটোৰ চৌহদত প্ৰৱেশ কৰিলোঁ মই আৰু কানিদুৱৰিকৈ খোল খাই থকা দুৱাৰখনৰ ফাঁকেৰে ভিতৰলৈ জুমি চালোঁ । প্ৰৱেশ দ্বাৰৰ লগতে থকা কলিং বেলটোত হেঁচা দিবলৈ লৈ দেখিলোঁ , ভিতৰলৈ মোৰ আগমনৰ সংকেত পঠিয়াব পৰাকৈ বেলটো কাৰ্যক্ষম হৈ থকা নাই। চুইটছটোৰ লগত সংযুক্ত বৈদ্যুতিক তাঁৰডাল ছিঙি আছে । অগত্যা দুৱাৰখনত সজোৰে টোকৰ দি মাত লগালো ..

: কোনোবা আছে নে ?

অপেক্ষাৰ কেইবাটাও মুহূৰ্ত নীৰৱে পাৰ হৈ গ’ল । ভিতৰৰ পৰা পিছে কোনো ধৰণৰ সঁহাৰি নাহিল। অৱশেষত অনিচ্ছা স্বত্তেও দুৱাৰখন ঠেলা মাৰি মই ঘৰটোৰ ভিতৰলৈ সোমাই গ’লো । সেই সময়ত অপৰূপ মহন্ত কিবা বিপদত পৰি অথবা অসুস্থতাৰ বাবেই ওলাই আহিব পৰা নাই বুলি মোৰ মনটোলৈ, মগজুৱে পঠোৱা সংকেতক গুৰুত্ব দিয়াই উচিত বিবেচনা কৰিছিলোঁ আচলতে।

এটা বিশৃংখল কোঠালি ।

চেদেলি-ভেদেলি হৈ পৰি ৰোৱা আচবাব সমূহত বহুদিনীয়া ধূলিৰ প্ৰলেপ । দেখিয়েই অনুমান হ’ল এই ঘৰটোত অপৰূপ মহন্ত একেবাৰেই অকলশৰীয়া । উক্ত কোঠাটোৰ সংলগ্ন আন এটা কোঠাৰ পৰা মৃদু সংগীতৰ ধ্বনি ভাঁহি আহি সেই কোঠাটোৰ প্ৰতি তীব্ৰভাবে আকৰ্ষিত কৰিলে মোক । উৎসুকতাৰে কোঠাটোলৈ সোমাই গৈ পৰম বিস্ময়ত থৰ হৈ ৰ’লো মই ।

সন্মুখৰ কোঠাটোৰ বিপৰীতে এইটো কোঠা খুবেই পৰিপাটি আৰু সু-সজ্জিত ! কোঠাটোৰ চাৰিওদিশে  কিছুমান সৰু ডাঙৰ বুক শ্বেল্ফ আৰু শ্বেল্ফবোৰত অগণন কিতাপ । কোঠাটোৰ ঠিক সোঁমাজতে থকা এখন টেবুলত এয়া মোৰ প্ৰিয় লেখকজন নতুনৰ সৃষ্টিত নিম্মজিত । শব্দবোৰৰ লগত একাত্ম হ’বলৈ তেওঁক হয়তো সংগীতৰো প্ৰয়োজন হয় !

বিষয়টো নিজৰ লগতো ৰিজাই চলোঁ । মই দেখোন তেওঁৰ ৰচনাৰাজিক হৃদয়ংগম কৰিবলৈ নীৰৱতাক হে সংগী কৰি লওঁ ! তাৰমানে সৃষ্টিৰ জগতখনত সংগীত আৰু শব্দ এটা আনটোৰ পৰিপূৰক নেকি ! লেখক অপৰূপ মহন্তক দেখি মোৰ দেখোন সেয়াই সত্য যেন বোধগম্য হৈছে ।
তেওঁলোকৰ দৰে একাগ্ৰতা আৰু সাধনা সম্ভৱ নহয় বাবেই সকলো লেখক হৈ নুঠে আচলতে । তেওঁ উকা কাগজত এটা এটা কৈ লিখি যোৱা অনুভৱবোৰত এইদৰে বিলীন হৈ পৰিছে যে , নিচেই কাষতে মোৰ উপস্থিতিকো অনুধাৱন কৰিব পৰা নাই ।

শ্বেল্ফৰ কিতাপবোৰ এফালৰ পৰা লাহে লাহে চুই গ’লো মই । ভিন ভিন ৰসস্বাদৰে পৰিপূৰ্ণ বিভিন্ন বিষয়ৰ বিভিন্ন কিতাপবোৰ দেখি মই যেন নিজকে পাহৰি পেলালোঁ। একে সময়তে তেখেতৰ দ্বাৰা সৃষ্ট প্ৰতিখন কিতাপে আবেগিক কৰি তোলা মনটোক বাধা দিব নোৱাৰি উচুপি উঠিলোঁ মই আৰু মোৰ প্ৰিয় ব্যক্তিজনৰ ভৰি দুখনতে পৰি প্ৰণাম জনালোঁ তেওঁক ।

ঘটনাৰ আচম্বিকতাত থতমত খাই উঠিল মানুহজন।

: তুমি !

লেখাবোৰৰ দৰে তেওঁৰ কণ্ঠৰ পৰা নিগৰিত সেই এটা শব্দয়ো যেন সন্মোহিত কৰি তুলিলে মোক । ইমান গভীৰ তেওঁৰ কণ্ঠ ! নে , তেওঁৰ প্ৰতি শ্ৰদ্ধাৰে পৰিপূৰ্ণ মোৰ মনটোৰ বাবে হে এনে অনুভৱ হৈছে ! কথাবোৰ জুকিয়াই লৈ লাহে লাহে ক’বলৈ ধৰিলোঁ মই ..

: যোৱা সাতটা মাহে আপুনি মোৰ চকুৰ আগতে আছিল , মই আপোনাক চিনি নাপালোঁ । কি দৰে প্ৰকাশ কৰোঁ এতিয়া মোৰ অন্তৰতম অনুভৱবোৰক আপুনি বুজিব পৰাকৈ ? অন্ধ অনুৰাগী মই আপোনাৰ । আপোনাৰ সৃষ্টিক গো-গ্রাসে গিলি কল্পনাৰ ৰাজ্যত ভ্রমি ফুৰা মানুহ মই । কোনখন কিতাপ পঢ়া নাই আপুনি লিখা..!

সেই যে ‘ এনাজৰীত ‘ লিখিছিল — সম্পৰ্ক বিচ্ছেদ মনেই শত্ৰুতুল্য নেকি , মোৰ প্ৰতি তোমাৰ এই দুৰ্বলতা  আত্মিক নে আসক্তি আচলতে !

‘ স্বপ্নাতুৰ সন্ধ্যাৰ ‘ সেই লাইনটো — ‘ এই যে আমি জন্ম হৈ পৃথিৱীলৈ আহিলো , সেয়া আমাৰ অজ্ঞাতে হোৱা এটা পৰিঘটনা । আমি গম নোপোৱাকৈ এদিন কাৰোবাৰ গৰ্ভত থিতাপি লওঁ আৰু কালক্ৰমত ভূমিষ্ঠ হৈ পৃথিৱীখন আৰু পৃথিৱীখনৰ বস্তুবোৰৰ প্ৰেমত পৰোঁ । আমাৰ আত্মাটো কিন্তু এটা শৰীৰত বন্দী হৈ ৰয় । ‘

কিমান যে সত্য এয়া.. ।

‘ভালপোৱাৰ অৱকাশৰ’ মোৰ প্ৰিয় বাক্যফাঁকি —  ‘সংগোপনে ভালপোৱাৰ অধিকাৰ সকলোৰে থাকে । ভালপোৱাৰ অৱকাশ থাকে বাবেই ভালপোৱা যায় আচলতে ।’

উফ.. মই যেন জী উঠিছিলোঁ সেই বাক্যফাঁকিত । আপুনি যেন সংগোপনে ভালপোৱাৰ অধিকাৰ অলপ লিখি দিছিল মোৰ নামত ।

আপোনাৰ বেষ্ট চেলাৰ ‘ অন্য এক ৰুক্মিণী ‘  উপন্যাসখনত এটা পুৰাকথা আৰু এটা আধুনিক প্ৰেম কাহিনীৰ ফিউজন ৰূপ দি এখন অগতানুগতিক গন্ধর্ব বিবাহৰ বৰ্ণনা দিছিল যে … বিশ্বাস কৰিব , মই হয়তো বহু মাহলৈ কাহিনীটোৰ নায়িকাগৰাকীৰ ৰূপত নিজকে কল্পনা কৰি তাৰ সৈতেই একাত্ম হৈ থাকিলোঁ ।

হয়তো আপুনি কি অদ্ভুত মানসিকতাৰ ছোৱালী বুলি হাঁহিব মোক । কিন্তু কি জানে , কিতাপখন পঢ়ি এডাল সূতা কেইবা তৰপীয়া কৰি ঘৰৰ পদূলিৰ বকুল তিনিপাহ আঙুঠিৰ ৰূপ দি গাঁঠি লৈছিলোঁ এদিন । মোৰ অনামিকা আঙুলিত সেই বকুল ফুলৰ আঙুঠিটো পৰিধান কৰি মই মোৰ সপোনৰ জগতখনত আপোনাক স্বামী বৰণ কৰি পেলাইছিলোঁ । আপোনাৰ বিবাহিতা পত্নীৰ ৰূপত নিজকে কল্পনা কৰি অপৰিসীম সুখেৰে বুকুখন ভৰাই পেলাইছিলোঁ ।

বহু দিনলৈকে পিন্ধি আছিলোঁ সেই আঙুঠিটো । ভ্ৰমৰ দুনীয়া এখনত আপুনি মোৰ দুৰন্ত প্ৰেমিক । এক অদৃশ্য বান্ধোনৰে আপোনাৰ লগত বান্ধ খাই মই যেন আপোনাক মোৰ জীৱনৰ অংশীদাৰ কৰি পেলাইছিলোঁ। সেই বান্ধোনৰ আঁৰত যিটো সত্য আছিল সেয়া –প্ৰেম । মই বাৰে বাৰে দোহাৰিছিলোঁ … ‘ সংগোপনে ভালপোৱাৰ অধিকাৰ সকলোৰে থাকে ‘ ।

ভাল পাইছিলোঁ মই আপোনাক ।

অপৰিপক্ক বয়সৰ সেই অনুভূতিবোৰ যেন মোৰ জীৱনৰ সঞ্জীৱনী সুধা । মোৰ দুনীয়খন যেন কেৱল আপোনাতেই আৰম্ভ আৰু আপোনাতেই শেষ ।

লাহে লাহে বিবাহ উপযুক্ত বয়সত মোলৈ বিবাহৰ প্ৰস্তাৱ আহিবলৈ ল’লে । মই খুব অসহায় অনুভৱ কৰিছিলোঁ সেই সময়বোৰত । কি দৰে কওঁ সকলোকে , ভ্ৰমৰ দুনীয়া এখনেই যে জীয়ন দি ৰাখিছে মোক ইমান দিনে । পিছে , ভ্ৰমৰ জানো অস্তিত্ব আছে কিবা ? সেইখন জগতত হেৰাই থকাৰ যুক্তিয়েই বা ক’ত !

আৰু এদিন নিজকে আপোনাৰ প্ৰেম বন্ধনৰ পৰা মুক্ত কৰিবলৈকে বুকুতে শিল এচটা ৰাখি বকুল ফুলৰ আঙুঠিটোক মোৰ অনামিকা আঙুলিৰ পৰা বিচ্ছিন্ন কৰিছিলোঁ। হুকহুকাই কান্দি উঠিছিলোঁ সেইদিনা । মই যেন স্বামীহাৰা হৈছিলোঁ  !

বহু সময় মৌন হৈ ৰ’লো । মোৰ প্ৰিয় পুৰুষজনো হয়তো বাকৰুদ্ধ হৈ পৰিছে মোৰ এই অহৌবলিয়া কথাবোৰত । মোৰ এই চৰম সত্যক তেওঁ বাৰু কি দৰে গ্ৰহণ কৰিছে !

উথলি উঠা আৱেগক বাধা দিব নোৱাৰি হেণ্ড বেগটো খুচৰি গোন্ধহীন মৰহা বকুলৰ আঙুঠিটো উলিয়াই আনিলোঁ মই আৰু তেওঁৰ হাতখনতে থাপ মাৰি ধৰি সেইটো তেওঁৰ হাতত গুজি দিলোঁ ।

: মোৰ এই অনুভূতিবোৰৰ কিবা মূল্য আছে নে ? নে , আপোনাৰ দ্বাৰা সৃষ্ট এটা নিটোল গল্প অথবা এখন উপন্যাসৰ দৰেই মোৰ এই কাহিনীটোও কিতাপৰ পাততে আবদ্ধ হৈ ৰ’ব ? এই আঙুঠিটো পিন্ধাই মোক আপুনি নিজৰ বুলি গ্ৰহণ কৰিবলৈ ভাল পাব নে বাৰু !

মই আপোনাৰ বিষয়ে একোৱেই নাজানিলোঁ । আপুনি ইয়াতে থাকে বুলি জনা হ’লে আপোনাক এবাৰ লগ কৰি কথাবোৰ ক’লো হয় ! কি কৰোঁ মই এতিয়া ? সময়ৰ আঁচোৰত বিবৰ্ণপ্ৰায় হৈ পৰিলেও ,  বকুল ফুলকেইপাহত আপোনাৰ প্ৰতি থকা মোৰ প্ৰেম এতিয়াও সজীৱ হৈ আছে কিন্তু ।

অপৰূপ মহন্তই মোৰ বকুল ফুলৰ আঙুঠিটো , লিখি থকা কাগজজাপৰ ওপৰতে থৈ , টেবুলৰ ড্রয়াৰটো খুলি এখন ফটো উলিয়াই আনিলে । আৰু মোক এবাৰো নোচোৱাকৈ সেইখন মোলৈ আগবঢ়াই দিলে..

: তোমাৰ দৰেই দেখিবলৈ । মোক চিৰদিনলৈ এৰি থৈ যোৱা মোৰ প্ৰেয়সী এয়া। সাত মাহৰ আগতে হঠাতে এদিন তোমাক দেখি এনে লাগিছিল , স্মৃতিৰ কুঁহেলিকা  ঠেলি তেওঁ যেন জীৱন্ত ৰূপেৰে ধৰা দিছে মোৰ দুচকুত ।

মই ফটোখন হাত পাতি লৈ দৰক লাগি ৰ’লো । এয়া দেখোন হুবহু মই । ইমান সাদৃশ্য থাকিব পাৰে নে দুজন মানুহৰ মাজত !
অপৰূপ মহন্তই মানে নীৰৱে মোকো লক্ষ্য কৰি আছিল ইমান দিনে ! মোৰ জৰিয়তে নিজৰ প্ৰেমিকাক সুৱঁৰিবলৈকে তেঁও সেই গছজোপাৰ তলত বহি পৰিছিল নেকি !

চুলিখিনি দুহাতেৰে খামুচি ধৰি ফেঁকুৰি উঠিছিল মোৰ প্ৰিয় লেখকজনে। তেওঁৰ তপত চকুলোৱে উকা কাগজত লিখি ৰখা নীলা আখৰবোৰ প্ৰায় বিবৰ্ণ কৰি পেলাইছিল। মোৰ পিছে সেইসময়ত কাগজত লিখি ৰখা তেওঁৰ অনুভৱবোৰক নহয় , দুচকুত খোদিত অব্যক্ত ভাষাবোৰ হে পঢ়ি চাবলৈ প্ৰবল ইচ্ছা জাগিছিল ।

                      ———-////——-

                               সমাপ্ত


           

এটা অবৈধ সত্য ।

যোৱা কেইবা ৰাতিও একেবাৰে শুব পৰা নাই মই । সঁচা ক’বলৈ গ’লে এটাৰ পিছত এটাকৈ চিগাৰেট হুপি মাথোঁ পোহৰ হোৱালৈ অপেক্ষা কৰি বহি থাকিবলৈ লৈছোঁ । কেতিয়াবা তুহিনৰ নিষ্পাপ মুখখনলৈ একেৰাহে চাই থাকি তাক বুকুৰ মাজতে সামৰি লৈ শুই পৰিবলৈও দেখোন যত্ন কৰোঁ । নাই , টোপনি নাহে মোৰ ।
ৰাতিপুৱা এস্ট্রেটোত স্তুপিকৃত হৈ গোট খোৱা চিগাৰেটৰ ছাইবোৰ পেলাবলৈ লৈ গৰিমাই কিমান যে টান কথা শুনাইছে ! মোৰ ডাক্তৰ বন্ধু ধৃতিমান কাশ্যপৰ মতে, ইনচ’মনিয়াত আক্ৰান্ত হৈছোঁ বোলে মই ।

হা হা হা.. নতুন কথা নে এইটো ?

বলিয়াৰ দৰে হাঁহিবলৈ মন যায় মোৰ এনেবোৰ কথাতে। যোৱা পাঁচটা বছৰে যে , বিনিদ্ৰ ৰজনীবোৰৰ পৰা পৰিত্ৰাণ পাবলৈকে দেশী-বিদেশী ব্ৰেণ্ডৰ ৱাইনৰ বটলবোৰ এটা এটাকৈ গিলি নিচাতে লাং খাই শুই পৰিছিলোঁ , তেতিয়া জানো টোপনিৰ বিসংগতিত আক্ৰান্ত হোৱা নাছিলোঁ !

ধৃতিমানে এই বেমাৰৰ পৰা সুস্থ কৰি তুলিবলৈকে উপদেশ সূচক এখন লম্বা লিষ্ট মোৰ হাতত তুলি দিছে ।

~ ৰাতি কেফেই’ন বা এলক’হল জাতীয় বস্তু সেৱন নকৰিবা কৌস্তভ । যিমান সম্ভৱ এক্তিভ হৈ থাকিবা । শোৱাৰ আগত গৰম পানীৰে গা ধুবা । মেডিটেছ’ন বা যোগাসনৰ অভ্যাস এটা গঢ়ি তুলিলেও বহুখিনি সকাহ পাবা নিদ্ৰাহীনতাৰ পৰা । ৰাতি পাতলীয়া আহাৰ গ্ৰহণ কৰি শোৱাৰ দুই ঘণ্টাৰ আগত ম’বাইল , লেপট’প আৰু টিভি স্ক্ৰীনৰ পৰা নিজকে আঁতৰাই ৰখাৰ অভ্যাস কৰা ।

আৰু যে কত’ কি.. !

কিন্তু মই কেনেকৈ কওঁ , নিচা হোৱাকে মদ এগাল নিগিলালৈকে মই যে শুব নোৱাৰোঁ। তথাপিও যত্ন কৰিছোঁ , তুহিনৰ বাবেই এই বদ অভ্যাসটোক ত্যাগ কৰিবলৈ । মোৰ শৰীৰটোক ঘুনিয়া কৰা যকৃতৰ বেমাৰটোৰ কাৰণেই সুৰাপান কৰাৰ পৰা নিজকে বিৰত ৰাখিবলৈ চেষ্টা কৰিছোঁ । সেই কণমানি ল’ৰাকন পিতৃহাৰা হোৱাৰ ভয় এটাত যোৱা অলপ দিনৰ পৰা কঁপি উঠা হৈছোঁ আচলতে।

খোলা খিৰিকীখনেৰে দূৰৈত শীতৰ নিৰ্মমতাত লঠঙা হোৱা গছজোপালৈ চকু পৰিল মোৰ। সেউজ পাতৰ আলিংগন বঞ্চিত গছজোপাৰ ডালবোৰক এক অসহনীয় নীৰৱতাই গ্ৰাস কৰি পেলাইছে । কোনোবাটো ডালত এতিয়াও পীত বৰণীয়া পাত দুটামান বাউলি বতাহ এজাকত অস্থিৰতাৰে ওলমি ৰৈছে ।
লঠঙা গছজোপাও দেখোন বসন্তৰ আগমনৰ অপেক্ষাত ৰয় আৰু সৰাপাতৰ ফাঁকেৰে কেঁচপতীয়া সপোন এটাই গছজোপা সেউজীয়াৰে ভৰুণ হোৱাৰ প্ৰতিশ্ৰুতি অলপ কঢ়িয়াই আনে । মোৰ লঠঙা জীৱনত বসন্তৰ অনুভৱ এতিয়া মাথোঁ দুষ্প্ৰাপ্য সপোন নেকি !

অজানিতে হুমুনিয়াহ এটা সৰি পৰে মোৰ বুকু ভেদি । চকু দুটাও যেন আবতৰীয়া বৰষুণ এজাকত চপচপীয়া হৈ উঠে । বিষাদ নে অপ্ৰাপ্তিৰ অনুভৱ এয়া ?

গৰিমা কোঠাটোলৈ সোমাই অহাৰ উমান পাই , অপ্ৰস্তুত হৈ পৰোঁ মই । চকুৰ কোণ দুটা আঙুলিৰে হেঁচি দুখবোৰক বাধা দিয়াৰ ব্যৰ্থ প্ৰয়াসত নিজৰে হাঁহি উঠে।ধোঁৱাই থকা চাহ একাপ কাষৰ টেবুলখনতে থৈ মোৰ বিশৃংখল চুলি কেইডালত আঙুলি বোলাই অলপ সময় মোলৈকে চাই ৰয় গৰিমাই ।

: কি হৈছে তোমাৰ কৌস্তভ ? তুমি ভালদৰে বুজিছা তোমাৰ শাৰীৰিক অসুস্থতাৰ বিষয়ে । তথাপিও কি কথাত ইমান বিচলিত হৈ উজাগৰি নিশাবোৰ পাৰ কৰিছা ? তোমাক বিশ্ৰামৰ প্ৰয়োজন কৌস্তভ । তুহিন আৰু মোৰ প্ৰতি তোমাৰ জানো কোনো দায়িত্ব নাই ! সুস্থ হৈ উঠাৰ ইচ্ছা নাই তোমাৰ ?

‘ দায়িত্ব ‘… শব্দটোয়ে মোৰ কৰ্ণ কুহৰত কঠোৰতাৰে আঘাত কৰা যেন অনুমান হ’ল । মই এজন দায়িত্ববান স্বামী নহয় জানো ? হয় নে নহয় এজন সফল পিতৃ ? গৰিমাৰ কথাকেইটা শুনি নিজকে প্ৰশ্ন কৰিলোঁ মই । মোৰ ওঁঠত মলিন হাঁহি এটা স্বতঃস্ফূৰ্ত ভাবে বিয়পি পৰিল।

এই দায়িত্ব শব্দটোকে দোহাই দি পাঁচ বছৰৰ আগতে পাহি জানো মোৰ জীৱনৰ পৰা চিৰদিনলৈ আঁতৰি যোৱা নাছিল ?

~ নিজৰ সংসাৰখনত সুখী হোৱা কৌস্তভ । আমাৰ ভালপোৱাবোৰতকৈ নিজৰ সংসাৰ দুখনৰ প্ৰতি আমি বেছিকৈ দায়বদ্ধ । মই তোমাৰ প্ৰেম হ’লেও , গৰিমা তোমাৰ দায়িত্ব । সেই দয়িত্বৰ পৰা মূৰ পোলোকা মাৰিব নোৱাৰিবা তুমি । পাহৰি যোৱা সকলোবোৰ । আমি ভুল কৰিছোঁ। সকলো জানিও ভ্ৰমৰ পৃথিৱী এখনত সুখ বিচাৰি লৈছোঁ। এয়া শুদ্ধ নহয় কৌস্তভ । প্লিজ , বুজিবলৈ যত্ন কৰা কথাবোৰ ।

দিল্লীৰ ৰেডিছ’ন ব্লু’ প্লাজাৰ সেই বিমৰ্ষ নিশাটোক পাহৰিব পাৰিছোঁ জানো মই ? ইথাৰৰ সিমূৰৰ পৰা ভাঁহি আহি মোৰ হৃদয়ত চুনামিৰ সৃষ্টি কৰা পাহিৰ কথাবোৰে আজিও দেখোন খুন্দিয়াই আছে মোৰ কলিজাটোক । আৰু পাহিক… ? মোৰ মন মগজু দখল কৰি মোৰ এটা অভ্যাসৰ দৰে পাহিয়ে আজিও জানো নিয়ন্ত্ৰণাধীন কৰি ৰখা নাই মোৰ অনুভূতিবোৰক !

~ পাহৰণিয়েই বোলে কিছুমান সমস্যাৰ একমাত্ৰ সমাধান । কিন্তু মানুহৰ স্মৃতি নিজৰ অধিকাৰ সম্বন্ধে বৰ সচেতন । কোনো কথা পাহৰিবলৈ নিদিয়ে। ------------------

গৰিমাক এইকেইদিনতে খুব ক্লান্ত যেন দেখা গৈছে । নিজকে সদায়ে পেম্পাৰ’ড কৰি ৰখা মানুহজনীৰ এই উদাসী ৰূপটো মোৰ সঁচাই ভাল লগা নাই । মোক চাহ কাপ দিয়েই ল’কাৰটো খুলি ফাইল কেইটামান উলিয়াই লৈ চিন্তাক্লিষ্ট ভাবে টেবুলখনতে বহি কিবা কিবি চাই আছে তাই । মোৰ জানিবলৈও মন যোৱা নাই তাই নো কি খুচৰি আছে । আচলতে যোৱা পাঁচটা বছৰে জীৱনটোৰ প্ৰতি মই ইমানেই উদাসীন হৈ পৰিলোঁ যে , চাকৰি কৰি ধন ঘটি সেইখিনি গৰিমাৰ হাতত তুলি দিয়াৰ বাদে মোৰ যেন বেলেগ দায়িত্ব একোৱেই নাছিল !

আৰু তুহিন ?

নাই .. তুহিনক মই কোনোদিন অৱজ্ঞা কৰা নাই । সি মোৰ জীয়াই থকাৰ হেঁপাহ । সি শিকাইছে মোক আকৌ এবাৰ জীৱনটোৰ প্ৰেমত পৰিবলৈ । ঈশ্বৰৰ আশীৰ্বাদ তুহিন। এই যে মই নিজকে সলাই পেলোৱাৰ চেষ্টা অলপ অব্যাহত ৰাখিছোঁ , সেয়া সম্ভৱ হৈ উঠিছে কেৱল তুহিনৰ বাবেই ।সেই দেৱ শিশুটিৰ মুখৰ এটা এটা হাঁহিত মই মৰি মৰিও হাজাৰবাৰ জী উঠিছোঁ ।

কেতিয়াবা মুকলি আকাশৰ তললৈ ওলাই গৈ বতাহ এজাকত শব্দ কিছুমান পাহিৰ ঠিকনা বিচাৰি উৰুৱাই দিবলৈ খুব মন যায় মোৰ..

~ পাহি , এয়া চোৱা.. মই মোৰ দ্বায়িত্ব পালন কৰিছোঁ । গৰিমাৰ প্ৰয়োজনখিনিক তাইৰ হাতত তুলি দিছোঁ । তুহিনক হৃদয়ৰ সমগ্ৰতাৰে আঁকোৱালি লৈছোঁ । মই তোমাৰ কথা ৰাখিছোঁ পাহি । মই বুজিছোঁ তোমাৰ কথাবোৰ।

আত্মমন্থনত ব্যস্ত হৈ পৰোঁতেই , গৰিমাই হেণ্ড বেগটোতে কাগজ-পত্ৰ অলপমান ভৰাই মোৰ কাষেদিয়েই খৰখেদাকৈ ক’ৰবালৈ বুলি ওলাই গ’ল। তাই ক’ত যায় , কি কৰে সেই বিষয়ে মই আজিকালি কোনো ধৰণৰ প্ৰশ্ন উত্থাপন নকৰোঁ । আচলতে গৰিমাক মই কোনো বান্ধোনৰে বান্ধি ৰখা নাই ইমান দিনে। সম্পূৰ্ণ স্বাধীনতাৰে , জীৱনটোক উপভোগ কৰাৰ অধিকাৰেৰে গৰিমা মোৰ পত্নী । যোৱা কেবাদিনো শাৰীৰিক অসুস্থতাৰ বাবে ঘৰতে নিজকে আৱদ্ধ ৰাখি মই এটা কথা খুব ভালদৰে উপলব্ধি কৰিছোঁ যে , পাহিৰ অনুৰোধ ৰক্ষা কৰি মই নিজকে পাহিৰ প্ৰকৃত প্ৰেম ভালপোৱাৰ পৰা বঞ্চিত কৰিলোঁ যদিও গৰিমাক কিন্তু অন্তৰৰ শুদ্ধতাৰে আপোন কৰি লোৱাত কেনেবাকৈ থমকি ৰ’লো। আচলতে আমাৰ সম্পৰ্কটো কিছুমান হিচাপ-নিকাচৰ মাজেৰে হে বৰ্তি আছে ।

তুহিন যে আমাৰ মাজলৈ আহিল , সেয়াও কিবা অংকৰ খেল আছিল নেকি বাৰু ?

~ চৰ্ত , অংক নাইবা বিনিময়ৰ খেল জানো এটা প্ৰকৃত সম্বন্ধৰ ভেটি হ’ব পাৰে ?

এই সময়ত নিজকে মোৰ এজন বিয়াগোম ৰাজনীতিক যেন অনুভৱ হৈছে । জীৱনৰ লগত পাশা খেলিছোঁ মই । বিভ্রমৰ লগত মিত্ৰতা কৰাৰ প্ৰয়াস কৰিছোঁ। খং , দুখ , ক্ষোভ.. কিহে নো জানো ক্ষন্তেকতে ক্ৰিয়া কৰিলে মোৰ মগজুত । মোৰ মূৰটো চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে । মই ওলমি ৰ’লো , কোনোদিন সোঁশৰীৰে নেদেখা তথা স্পৰ্শৰো শত যোজন দূৰতে ৰোৱা পাহিৰ অমল সান্নিধ্য , সঁচা প্ৰেম আৰু গৰিমাই ভালপোৱাৰ পৰিমাপক কঠিন অংক এসোপাৰ দৰে জোৰ জবৰদস্তি মিলাই পেলোৱা আমাৰ কৃত্ৰিম সম্পৰ্কটোৰ মাজত । বলিয়াৰ দৰে চিঞৰিবলৈ ধৰিলোঁ মই …

~পাহি , বহুত মিছ কৰিছোঁ তোমাক । মোক বহুত কষ্ট দিছা তুমি । আই হেট ইউ পাহি । ‘

অনুভৱৰ ককটেল এয়া নে মই মোৰ ব্যৰ্থ জীৱনটোত ধাৰাশায়ী হৈ পৰিছোঁ আচলতে ?

পাহিক এবাৰ চাবলৈ মনত জাগি উঠা প্ৰৱল ইচ্ছাক বাধা দিবলৈ অপাৰগ আজি মই । অনুভৱবোৰক চেপি খুন্দি কিদৰে বান্ধি ৰাখোঁ ভগ্নপ্ৰায় হৃদয়খনত ? পাহিৰ মুখখনে দেখোন বৰকৈ আমনি কৰিছে !
পাঁচ বছৰৰ মূৰত সেয়ে পুনৰ ফেচবুক লগ ইন কৰিলোঁ। পাহৰি পেলাইছিলোঁ মই ,পাহিয়ে যে ব্ল’ক কৰি ৰাখিছে মোক । কি ভাবিছিল পাহিয়ে.. ফেচবুকত ব্ল’ক কৰিয়েই মোৰ মনৰ পৰাও ওলাই যাব তাই ! ইমান সহজ হৃদয়ত পোখা মেলি লোৱা কাৰোবাৰ স্মৃতিক সমূলে নিঃশেষ কৰা ! মই নতুনকৈ এটা ফেচবুক একাউণ্ট খুলি তাইক চাৰ্চ কৰিলোঁ ।

~ পাহি কাশ্যপ…

মোৰ হৃদস্পন্দনৰ গতি ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিলে । পেজটো ল’ড হৈ এপাকত কেইবাগৰাকী পাহিৰ মাজত মোৰ পাহিয়েও দেখা দিলেহি । একাউণ্টটো খুলি প্ৰফাইল ফটোখনত ক্লিক কৰিলোঁ মই । পাহিৰ প্ৰফাইল ফটোখনো ইমান বছৰে সলনি নহ’ল মানে । কেনেকৈ বাৰু এই মুখখন , এই চকুযুৰি এবাৰ চোৱাৰ হেঁপাহটোক দমাই ৰাখিছিলোঁ অত’ দিনে ?
উফ্..
এই মুহূৰ্তত মোৰ মনটোত উথলি উঠা আবেগখিনিক কোনো শব্দৰ বান্ধোনৰে বান্ধি ৰখা সম্ভৱ নহয় । এই অনুভৱৰ তীব্ৰতাক হৃদয়ত থাপি লোৱাৰ বাদে প্ৰকাশ কৰাৰ কোনো উপায়ো নাই আচলতে । এনে লাগিল সময়বোৰ যেন স্থবিৰ হৈ পৰক এইখিনিতে ।

মই তাইৰ প্ৰফাইলটোত চকু ফুৰালোঁ । পাঁচবছৰ ধৰি তাইৰ কোনো নতুন আপডেটো নাই । তায়ো থমকি ৰ’ল নেকি জীৱনৰ মেৰ পাকবোৰত নে ব্যস্ত হৈ পৰিল দেৱব্রতৰ লগত নিজৰ সংসাৰখন সামৰি লোৱাত ? হঠাতে দেৱব্রতৰ প্ৰতি ঈৰ্ষাৰ জুই একুৰাই পুৰি পেলালে মোৰ বুকুখন । আগৰ দৰেই মোৰ আকৌ এবাৰ ক’বলৈ মন গ’ল পাহিক ..

~ দেৱু ডাজ ন’ট ডিজাৰ্ভ ইওৰ ল’ভ পাহি । তোমাক মূল্য দিব নজনা মানুহজন তোমাৰ মৰমৰ যোগ্য হ’ব নোৱাৰে কেতিয়াও ।

মৌন ধুমুহা এজাকে কোবাই অস্থিৰ কৰি তোলা সেই স্মৃতিকাতৰ সময়খিনিতে কোনোবা অনিমন্ত্রিত অতিথিৰ দৰেই ম’বাইল ফোনটো বাজি উঠিল মোৰ । স্ক্ৰীনখনত মোৰ অন্তৰংগ বন্ধু , এডভ’কেট বিনীত যখৰীয়াৰ নামটো দৃশ্যমান হোৱাত নিৰ্লিপ্ততাৰে ফোনটো ৰিচিভ কৰিলোঁ মই । তেওঁ মোৰ স্বাস্থ্যৰ বুজ লৈ এনে কিছুমান সত্য মোৰ আগত উদঙাই দিলে যে অলপ সময়ৰ বাবে মই মূক হৈ পৰিলোঁ । মোৰ যেন মগজুৱে কাম কৰা বন্ধ কৰি দিলে। বিনীতৰ কথাৰ প্ৰত্যুত্তৰ দিবলৈকে শব্দবোৰ বিচাৰি হাবাথুৰি খাব লগা হ’ল মই । শেঁতা হাঁহি এটাৰে ওঁঠযুৰি সজাই বিনীতৰ ওচৰত ধৰা পৰাৰ ভয়ত যথেষ্ট কষ্টৰে মই সময় আৰু পৰিস্থিতিৰ সৈতে এঘড়ী যুঁজিব পৰাকৈ নিজকে প্ৰস্তুত কৰি তুলিবলৈ যৎপৰোনাস্তি যত্ন কৰিলোঁ আৰু থোকা-থোকি মাতেৰে মাত্ৰ এটা বাক্যৰ বিনিময়েৰে ক’লটো কাটি দিলোঁ।

: কাগজ পত্ৰবোৰ ৰেডি কৰা তুমি বন্ধু । গৰিমাই উচিত সিদ্ধান্তই লৈছে। ------------------

” এয়া এক সত্যৰ আঁৰৰ কাহিনী ।”

এই যে অলপ আগেয়ে মোৰ বিশৃংখল চুলিকেইডালত হাত ফুৰাই গৰিমাই দেখুৱা আব্দাৰবোৰ.. প্ৰকৃততে কি আছিল সেয়া ? মোক হেৰুৱাৰ ভয় নে আকৌ এখন অংকৰ খেল ? এইজনী গৰিমাৰ বাবেই পাহিয়ে মোক তাইৰ জীৱনৰ পৰা আঁতৰাই পঠালে ? বৈধ আৰু অবৈধৰ পৰিভাষাৰে আমাৰ ভালপোৱাক জুখি পাহিয়ে কিয় মাৰি পেলালে মোক ? দুয়ো দুয়োকে ভালপোৱাৰ সেই অনাবৃত সত্যটোক ইমান নিষ্ঠুৰতাৰে পাহৰি পেলাবলৈ কৈ মোৰ অনুভৱক কিয় আঘাত কৰিলে তাই ?

পৰস্ত্ৰীৰ প্ৰতি প্ৰেম জাগিলে বুলিয়েই মই কি কামুক , চৰিত্ৰহীন অথবা লম্পট আখ্যাৰে নিজকে আখ্যায়িত কৰিম ? কিয় কৰিম ? নকৰোঁ কেতিয়াও । পাহিয়েও ভালদৰে জানিছিল গৰিমাৰ দৰে এগৰাকী সুন্দৰী পত্নীৰ স্বামী হোৱাৰ স্বত্তেও কিয় মই পাহিৰ প্ৰণয়প্ৰাৰ্থী হৈ পৰিছিলোঁ । কিটি পাৰ্টি , বন্ধু বান্ধৱ , বিউটি পাৰ্লাৰ .. এইবোৰতে সদা ব্যস্ত গৰিমাই কোনোবাদিনা ৰাখিছিল নে মোৰ হৃদয়ৰ খবৰ ? দিনটো অফিচত ব্যস্ত থাকি ঘৰলৈ ঘূৰি আহি কোনোবাদিনা শুনিছিলোঁ নে তাইৰ মুখত মৰমসনা মাত এষাৰ..
‘ দিনটো কেনে গ’ল কৌস্তভ ? বৰ কষ্ট হ’ল ন’ তোমাৰ ? ‘

গৰিমাৰ লগত মানসিক ভাৱে তৃপ্ত নাছিলোঁ মই । সংসাৰ এখন সুখৰ হোৱাৰ অন্তৰালত কেৱল শাৰীৰিক তৃপ্তিয়েই জানো যথেষ্ট হ’ব পাৰে ? গৰিমাৰ সঁচা মৰম অলপ , অলপ কেয়াৰনেছ মোৰ জানো প্ৰাপ্য নাছিল ? সেই একেটা কাৰণতে পাহিও জানো এদিন মোৰ কাষ চাপি অহা নাছিল ।

পাহি আৰু মোৰ সম্পৰ্ক হাজাৰজনৰ দৃষ্টিত ভুল হ’লেও মোৰ বাবে এয়া এক পৰম সত্য । কাৰোবাৰ সান্নিধ্যৰে যদি জীৱনটোক জীয়ন দি ৰাখিব পৰা যায় , সেয়া পাপ বা ভুল হ’ব নোৱাৰে কেতিয়াও । পাহি মোৰ জীৱনৰ সঞ্জীৱনী সুধা ,যাৰ সান্নিধ্যৰ পৰা মই আজি বঞ্চিত ।

অবৈধ..?
শব্দটোৱে আকৌ এবাৰ জোকাৰি গ’ল মোক । পাহি জানো সঁচাই মোৰ অবৈধ প্ৰেম ? প্ৰকৃততে কোন আপোন মোৰ… গৰিমা নে পাহি ?

ক্ল’ছেটৰ পৰা ৱাইন এবটল উলিয়াই কোট কোট কৈ পি দিলোঁ মই । বুকুখন দেই পুৰি যোৱা যেন অনুভৱ হ’ল। আনটো ৰুমত নিদ্ৰাৰত তুহিনৰ কাষলৈ গৈ মই তাৰ ভৰি দুখনতে ধৰি উচুপি উঠিলোঁ । মোৰ বিশ্বাস আছে সেই দেৱশিশুটিৰ ওপৰত , দেউতাকৰ অপ্ৰাপ্তিবোৰক উপলব্ধি কৰিব পাৰিছে সি। তাৰ প্ৰতি মোৰ অন্তৰত থকা অকৃত্ৰিম মৰমবোৰ অনুভৱ কৰিব পাৰে মোৰ সোনামোৱাটোৱে । সি যে ঈশ্বৰপুত্ৰ।

লাহে লাহে নিচা হৈছিল মোৰ । বহুত দিনৰ মূৰত মই যেন আজি সুন্দৰকৈ শুই পাৰিম। তুহিনৰ ওচৰৰ পৰা নিজৰ বিচনাখনলৈ উঠি আহিবলৈ ধৰোঁতেই বুকুখন তীব্ৰ বিষ এটাই হেঁচি ধৰা যেন লাগিল । বমি বমি ভাব এটাই পেটটোও পকাই ধৰিলে । খৰধৰকৈ ৱাশ্ব বেচিনটোলৈ আহি হোলোকা হোলোকে তেজ এসোপা বতিয়াবলৈ ধৰিলোঁ মই । মোৰ দুৰ্বল লিভাৰটো মদৰ চোক গ্ৰহণ কৰিব পৰাকৈ কাৰ্যক্ষম নহয় এতিয়া ।

তেজৰ চেকুৰা নে দুখৰ আগ্নেয়গিৰী এয়া ?

মোৰ দেখোন বুকুখন খুব পাতল যেন লাগিছে । পাহিৰ স্মৃতিবোৰো ওকালি উলিয়াই দিব পৰা হ’লে মগজুৰ পৰা !

অ’ত ত’ত ধৰি নিজৰ বিচনাখনলৈ আহি লাং খাই পৰিলোঁ মই। খোলা খিৰিকীখনেৰে সদায় চকুত পৰা গছজোপাৰ আজি অৱশিষ্ট পাত কেইটাও সৰি সম্পূৰ্ণ লঠঙা হৈ পৰিছে । অলপ দিনৰ পাছতেই পুনৰ সেউজীয়া সপোন কিছুমান গজি উঠিব তাৰ ঠাল-ঠেঙুলিবোৰত ।

আৰু মোৰ জীৱনত ?

মই চকু দুটা জপাই দিলোঁ ।

খিৰিকীৰে দেখা গছজোপাৰ তলত সৌজনী পাহি ! তেজৰঙী কাপোৰ এসাজ আৰু কপালত আঁকি লোৱা সেন্দূৰৰ ফোঁটটোৰে তাইক কোনোবা সদ্যবিবাহিতা গাভৰু যেনেই লাগিছে আজি । তেনেকুৱাতে গছজোপাৰ তললৈ এজন সুদৰ্শন যুৱক আগুৱাই আহিল। কোন বাৰু তেওঁ ! তেওঁক দেখি পাহি এইদৰে চঞ্চল হৈ পৰিছোঁ যে..!

মই ডিঙি মেলি মেলি চাবলৈ যত্ন কৰিলোঁ সেই পুৰুষজনক । তেওঁৰ আগমনত পাহিয়ে শিৰত বোলাই লোৱা সেন্দূৰৰ ৰংবোৰ তাইৰ মুখলৈও যেন বিয়পি পৰিছে । তাইৰ দুচকুৰ তিৰবিৰণিয়ে লঠঙা গছজোপাতো যেন প্ৰাণৰ সঞ্চাৰ কৰিছে ।

~ কাৰোবাৰ প্ৰতি কিমান ভালপোৱা থাকিলে বাৰু এইদৰে মানুহ প্ৰেমৰ ৰঙেৰে ৰঙা হৈ পৰে ! কাৰোবাক কিমান ভাল পালে বাৰু দুচকু প্ৰেমৰ জ্যোতিৰে এনেকৈ আলোকিত হৈ উঠে !

কোন সেই সৌভাগ্যবান যাৰ প্ৰেমে মোৰ পাহিক আজি ব্যাকুল কৰি তুলিছে ! মই চকুৰ পলক নেপেলোৱাকৈ মাথোঁ চাই ৰৈছোঁ তেওঁক । নাই , মই ঠাৱৰ কৰিব পৰা নাই সেই পুৰুষজন কোন । এইবাৰ পাহিয়ে মানুহজনৰ হাত এখনত খামুচি ধৰি অভিমান মিশ্ৰিত কন্ঠেৰে কৈ উঠিছে..

: এনেকৈ যাবলৈ ওলালা যে কৌস্তভ ! মোক এবাৰ চুই চোৱাৰ , মোক এবাৰ কাষত পোৱাৰ তোমাৰ হেঁপাহবোৰৰ অন্ত পৰিল নেকি ইমানতে ? কেৱল ফোনটোৰ জৰিয়তে গঢ়ি উঠা আমাৰ প্ৰেমক তুমি এইদৰে আধৰুৱা কৰিয়েই শেষ কৰি দিলা যে !

এইবাৰ স্পষ্টকৈ দেখা পালোঁ পাহিৰ হাতৰ মুঠিত বন্দী হৈ ৰোৱা মোৰ হাতখন আৰু তাইৰ কাষত ৰৈ তাইৰ মৌ-বৰষা কথাবোৰ একান্ত মনে শুনি ৰোৱা মোক । মই বুকুলৈ চপাই ল’লো তাইক ..

: তোমাৰ পৰা কিদৰে আঁতৰি যাম মই পাহি ? তুমিয়েই কৈছিলা দেখোঁন.. প্ৰাপ্তিয়েই প্ৰেমৰ পূৰ্ণতা নহয়। মোৰ মন মগজুত শিপাই থকা তোমাৰ অনুভৱবোৰেই মোক চিৰদিন তোমাৰ কাষতে ৰাখিব । কিন্তু অবৈধ প্ৰেমৰ পৰিভাষাটোক নস্যাৎ কৰিবলৈকে তোমাৰ মোৰ বিচ্ছেদ প্ৰয়োজনীয় আছিল। কথা দিয়া পাহি , অহা জনমত তুমি কেৱল মোৰ হ’বা । তোমাৰ শিৰত সেন্দূৰ বোলোৱাৰ অধিকাৰ তুমি কেৱল মোক দিবা ।

পাহি কুচি-মুচি মোৰ বুকুলৈ সোমাই আহিছিল ।

উশাহবোৰ ইয়াতেই শেষ হোৱা হ’লে ! -------------------

: কৌস্তভ , কি হ’ল এয়া ? কেনেকৈ হ’ল এইবোৰ । চকু মেলা কৌস্তভ । প্লিজ চকু মেলা ।

গৰিমাই আহি বাহু দুটাতে ধৰি হেঁচুকি দিলে মোৰ । মই কি দৰে কওঁ তাইক ..

~ মোক চকু মেলিবলৈ নকবা গৰিমা । পাহি আঁতৰি যাব মোৰ কাষৰ পৰা । অনুগ্ৰহ কৰি ভ্ৰমৰ পৃথিৱীখনত মোক অকণমান সুখী হ’বলৈ দিয়া ।

: তুমি কামবোৰ আধৰুৱা কৰি এইদৰে আঁতৰি যাব নোৱাৰা কৌস্তভ । আমাৰ প্ৰতি তোমাৰ কোনো দায়িত্ব নাই ? উঠা । চকু মেলা । তোমাক এনেকৈ যাবলৈ নিদিওঁ মই ।

কথাবোৰ কৈ কৈ হেণ্ডবেগটোৰ পৰা কাগজ অলপমান উলিয়াই ল’লে গৰিমাই । তাইৰ কথা কেইটাত তুহিনৰ মুখখন হে মোৰ চকুলৈ ভাঁহি আহিল ।
এৰা , দায়িত্ব আছে তাৰ প্ৰতি মোৰ। সেই দায়িত্ব পুৰাবই লাগিব মই । সেই দুবছৰীয়া শিশুটোক মই অথাই সাগৰত পেলাব নোৱাৰোঁ । জোৰকৈ চকু দুটা মেলি ল’লো মই ।

বিনীতে মই কোৱাৰ দৰেই মোৰ স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তি গৰিমা আৰু তুহিনৰ মাজত ভগাই , দলিল কেইখনমান লিখি দি পঠাইছিল । মই গৰিমাৰ হাতৰ পৰা সেই চুক্তি পত্ৰ কেইখন লৈ এফালৰ পৰা নীৰৱে চাইন কৰি গৈছিলোঁ মোৰ চহীটোৰ বাবে টিক মাৰ্ক দি ৰখা নিৰ্দিষ্ট স্থানবোৰত ।

পাহিক অহা জনমত নিজৰ কৰি লোৱাৰ অদম্য হেঁপাহ এটাৰ বিনিময়ত এইটো জীৱনৰ পৰিসমাপ্তিত এটা স্বচ্ছন্দ জীৱন গৰিমাক উপহাৰ দি গ’লো মই । মই নাজানোঁ আৰু কিমান দিন উশাহে মোৰ লগ দিব। পাহিক শেষবাৰৰ বাবে কৈ যাবলৈ মন গ’ল মোৰ

~ তোমাৰ কথা ৰাখিলোঁ মই পাহি। এয়া চোৱা মই মোৰ দায়িত্ব পালন কৰিলোঁ ।

মোৰ চকু দুটা পুনৰ জাপ খাই পৰিছিল । খুব টোপনি ধৰিছিল মোৰ । মই যেন শুয়েই থাকিম । অনন্ত কাললৈ শুই পাৰিম ।

অৱশেষত ৰোগমুক্ত হৈছিলোঁ মই । এটা কুটিল হাঁহি বিয়পি পৰিছিল মোৰ ওঁঠত।

~ মিঃ কৌস্তভ কাশ্যপ , নাৱ ইউ আৰ কিয়’ৰড ফর্ম ইনচ’মনিয়া ।


      -----------------

একাপ কফি আৰু এটা আধা কোৱা কাহিনী।

সন্মুখৰ টেবুলত ধোঁৱাই থকা একাপ কফি , হাতত এটা জলন্ত চিগাৰেট আৰু মিউজিক চিষ্টেমত জগজিৎ সিঙৰ এটা গজল ।

~ হ’ঠ’ চে চু ল’ তুম , মেৰা গীত অমৰ কৰ দ’
বন জাৱ’ মিট মেৰে , মেৰা প্ৰীত অমৰ কৰ দ’… ।

আস.. হোৱাট আ প্লীজেন্ট ক’ম্বিনেশ্বন !

ৰেষ্টুৰেণ্টখনত মই বহি লোৱা চুকৰ টেবুলখনৰ ঠিক সন্মুখতে এখন প্ৰকাণ্ড মিৰ’ৰ ৱিইণ্ড’ । বন্ধ খিৰিকীখনৰ স্বচ্ছ আইনা ভেদি বাহিৰলৈ দৃষ্টি ৰাখোঁ যদি , এন্ধাৰ বাট এছোৱা জোনাকী পৰুৱা এজাকে লুকা-ভাকু খেলি মায়াময় কৰি তোলাৰ দৰে আন্ধাৰ ৰঙী সাজযোৰ মেৰিয়াই লোৱা এখন তৰাফুলীয়া আকাশ । সান্ধ্য আকাশখন বৰ প্রিয় মোৰ । সোণ গুটি হেন উজ্জ্বল হালধীয়া তৰাবোৰে আকৰ্ষণ কৰে মোক ।
বাৰে বাৰে প্ৰেমত পৰোঁ দেখোন মই এনে সন্ধ্যাবোৰৰ !

এইখন ৰেষ্টুৰেণ্টতে এনে কিমানটা সন্ধ্যা যে অভিৰুচিৰ হাততে হাত থৈ পাৰ কৰিছোঁ মই । কিমানবাৰ যে নতুনকৈ প্ৰেমত পৰিছোঁ তাইৰ ! প্ৰেমালাপ অথবা অপ্ৰেমৰ কথাৰে কিমান দিন যে দুয়োৱে ভাৱৰ আদান প্ৰদান কৰিছোঁ !

~ সদা ব্যস্ত চহৰখনৰ পৰা কিছু নিলগৰ ব্লু’-বাৰ্ড ৰেষ্টুৰেণ্টখনত তেতিয়া মৃদু কোলাহল অলপে বিৰাজ কৰিছিল । সাধাৰণতে দিনটোৰ ব্যস্ততাৰ অন্তত সাময়িক সকাহ বিচাৰি প্ৰিয়জনৰ লগত একান্ত সময় অলপ কটাবলৈ এই ঠাইখিনিত প্ৰায়ে প্ৰেমিক যুগলে ভিৰ কৰেহি । অভিৰুচিৰ লগত বৈবাহিক সম্পৰ্কৰে বান্ধ খোৱাৰ পিছৰে পৰা আমিও ইয়াৰ নিয়মিয়া গ্ৰাহক ।

আচলতে ইয়াৰ কফি কাপৰ সোৱাদেই সুকীয়া ।
ব্লু-বাৰ্ডৰ সেই স্পেচিয়েল কফি কাপেই যেন টানি আনে মোক ইয়ালৈ । মই অৰ্ডাৰ কৰোঁ একাপ এচপ্ৰেস্ব’ আৰু ৰুচিৰ পছন্দৰ কেপেচ্ছিনো ।পছন্দ আৰু অপছন্দবোৰৰ ভিন্নতা আমাৰ দুয়োৰে। মোৰ যদি ভাল লাগে পংকজ উদাসৰ গজলবোৰ , অভিৰুচিয়ে ভাল পাই চেলিনা গ’মেজৰ ৰোমাণ্টিক নাম্বাৰবোৰ। মোৰ যদি ভাল লাগে নীৰৱ সন্ধ্যাৰ তৰাৰে ভৰা আকাশখন , ৰুচিৰ পছন্দ আকৌ সূৰ্য্যোদয়ৰ প্ৰভাতি কিৰণে সোণোৱালী কৰি তোলা আকাশৰ বুকু। মৌনতা মোৰ প্ৰিয় যদিও চঞ্চল নিজৰাৰ দৰে হাঁহি খিকিন্দালি কৰি অনর্গল শব্দৰ ফোৱৰাৰে নাচি-বাগি হে ভাল পাই ৰুচিয়ে ।

তথাপিও ভাল পাওঁ আমি দুয়ো দুয়োকে । বহুত ভাল পাওঁ । সেই অনুভৱতকৈ সত্য যেন আন একো নাই ।

কিন্তু অভিৰুচি ?
কিয় আহে তাই ব্লু’-বাৰ্ডলৈ ? কেৱল মাত্ৰ কফি কাপৰ বাবেই নে ?

নহয় … কেতিয়াও নহয় ! অভিৰুচি আহে মোৰ বাবে । মোৰ উমাল সান্নিধ্যৰে দিনটোৰ নিসংগ জড়তাবোৰক আঁতৰাবলৈ আহে তাই । মইতো কথাবোৰ সেইদৰেই ভাবো। নহ’লে অভিৰুচিয়ে মোক নিজেই প্ৰস্তাৱ দিয়ে নে..

: ব’লা প্ৰিয়ম , কফি একাপ খাই আহোঁ । তোমাৰ প্রিয় ঠাইখিনিত আকৌ এবাৰ জী আহোঁ ।

মই তাইৰ মনটোক জুখি চাবলৈকে জোকাও তাইক..

: মই কাষত থাকিলেও ব্লু’-বাৰ্ডত জী উঠাৰ কথা কোৱা যে ৰুচি ! কি কথা ? মোৰ সান্নিধ্যই সুখী নকৰে তোমাক ?

: কি কোৱা প্ৰিয়ম , তুমি মোৰ উশাহ । তুমি কাষত থাকিলে জী নুঠিম নে মই ? আচলতে ঘৰখনত অকলে অকলে সোমাই থাকি আমনি লাগে মোৰ । তাতে ব্লু-বাৰ্ডৰ দৰে তোমাৰ প্রিয় এচপ্ৰেস্ব’ৰ জুতি মইতো আৰু ঘৰতে দিব নোৱাৰো । ব’লা না প্লিজ.. । --------------------

সেইদিনাও অফিচৰ পৰা আহি ব্লু’-বাৰ্ডত সুমাইছিলোঁ । কফি খাবলৈ নহয় পিছে , ব্লু-বাৰ্ডৰ স্বত্বাধিকাৰ সৌৰভৰ লগত বিশেষ কথা এটা আলোচনা কৰিবলৈহে । ৰেষ্টুৰেণ্টখনৰ নিয়মিত গ্ৰাহক হোৱাৰ হেতুকে আমি আচলতে অন্তৰংগ বন্ধু হৈ পৰিছিলোঁ ।
কেৱল ময়েই নে ?
ৰুচিৰ লগতো সৌৰভৰ এক ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল । যিটো মোৰ সমূলি ভাল লগা নাছিলোঁ । মই বিচাৰিছিলোঁ অভিৰুচিয়ে মাথোঁ মোক ভাল পাওক, কেৱল মোৰ সংগত মন খুলি হাঁহক তাই । কোনোদিন ভুলতো নকওঁক… ‘ সেই ল’ৰাজন বৰ ভাল লাগিল দেই ।’

খং উঠিছিল মোৰ তেতিয়া । অভিৰুচিক মুখ ফুটাই একো নক’লেও ভিতৰি ভিতৰি অস্থিৰ হৈ পৰিছিলোঁ। সেই সময়ত অভিমানতে তাইক নমতাকৈ থাকি , তাই আগ্ৰহেৰে যাঁচি দিয়া মোৰ প্ৰিয় খোৱা বস্তুবোৰলৈ মূৰ তুলিও নাচাই প’জেচিভ হাসবেণ্ডৰ লেভেল এটা লগাই লৈছিলোঁ মই । হওক.. যি ভাৱে ভাৱক তাই । আপত্তি নাই মোৰ। মুঠৰ ওপৰত তেনে সকলো ব্যক্তিৰ পৰা মই ৰুচিক আঁতৰাই ৰাখিবলৈ যত্ন কৰিছিলোঁ , যিবোৰে তাইক সহজে আকৰ্ষিত কৰিছিল । মই মাথোঁ জানো ..অভিৰুচি কেৱল মোৰ । তাই কেৱল মোকেই ভাল পাৱক ।

সৌৰভ নাছিল সেইদিনা কাউণ্টাৰত । মোক দেখি সৌৰভৰ এচিষ্টেণ্ট তৃদিৱ আগুৱাই আহিল । তাক সুধি গম পালোঁ জৰুৰী কামত অলপ সময়ৰ বাবে সৌৰভ বোলে বাহিৰলৈ ওলাই গৈছে । মই উভটি আহিলোঁ আৰু পাৰ্কিং প্লেচলৈ বুলি খোজ দিওঁতে দৰকাৰী কিবা গ্ৰ’চেৰী নিব লগা আছে নেকি জানিবৰ বাবে ৰুচিলৈ ফোন কৰিলোঁ । তাইও ব্যস্ততাৰে উত্তৰ দিলে যে ঘৰত সকলো বস্তু মজুত আছেই ।

চহৰখন সন্ধিয়াৰ বুকুত ডুবিবলৈ ধৰিছিল তেতিয়া। মন্থৰ গতিত গাড়ীখন চলাই ঘৰ অভিমুখে আহি ঘাই পথছোৱা এৰি বাই লেনটোত ঠিক উঠিছোঁহে , দূৰৈৰ পৰা সৌৰভৰ প’লাৰ হোৱাইট ভাৰ্ণা কাৰখন মোৰ চকুত পৰিল । সৌৰভ এই সময়ত মোৰ ঘৰত ?
ক্ষন্তেকৰ বাবে মোৰ হাতখন যেন ষ্টিয়েৰিঙতে থমকি ৰ’ল । ৰুচিলৈ ফোন কৰোঁতে মোক কিয় নক’লে তাই ..
‘সৌৰভ আহিছে প্ৰিয়ম ।’
সৌৰভ মোৰ গাড়ীখনৰ কাষেৰেই দ্ৰুত গতিত পাৰ হৈ গুচি গ’ল । মই ৰিয়াৰ ভিউ মিৰ’ৰত সি উৰুৱাই থৈ যোৱা ধূলি আৰু ধোঁৱাখিনি অলপ সময়ৰ বাবে চাই ৰ’লো । তেতিয়াই বিশ্বাসৰ ভেঁটি এটাও যেন ধুৱলী কুঁৱলী হৈ পৰিল ! আৰু সেই মুহুৰ্ততে এটা সন্দেহৰ বীজে মোৰ মন মগজুত খোপনি পুতি ধৰিলে ।

ৰুচিয়ে সেইদিনা কিন্তু সৌৰভ আমাৰ ঘৰলৈ অহাৰ কথা একো নজনালে মোক , ময়ো নিজ চকুৰে দেখাৰ পিছত তাইক কিবা প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে বুলিও নাভাবিলোঁ।
সেইদিনাৰ পৰা দেখুৱাই আমাৰ মাজত এটা নৰ্মেল ৰিলেশ্বন চলি থাকিল যদিও এটা বিষয়ত অৱশ্যেই পৰিৱৰ্তন আহিল । ৰুচিক মই তেতিয়াৰ পৰা কোনোদিন ব্লু-বাৰ্ডলৈ লৈ যোৱা নাছিলোঁ । তাই মোক জোৰ কৰিলেও মই নানটা বাহানা বনাই প্ৰতিবাৰেই তাইৰ প্ৰস্তাৱ নাকচ কৰিছিলোঁ। ----------------

: ছাৰ , কি ভাবি আছে । কফি কাপ ঠাণ্ডাই হ’ল দেখোন ।

তৃদিৱৰ মাতত থতমত খাই উঠিলোঁ মই । আত্ম আলাপত বিভোৰ হৈ থাকোঁতে গমেই নাপালোঁ অচলতে কিমান সময় হেৰাই থাকিলোঁ মোৰ মগজটোক ঘোলা কৰি পেলোৱা কথাবোৰক লৈ । ইতিমধ্যে কফি কাপৰ উষ্ণতা হ্ৰাস পোৱাত অলপ সময়ৰ আগেয়ে কুণ্ডলী পকাই উৰি থকা ধোঁৱাবোৰ শূন্যলৈ গৈ ক’ৰবাত হেৰাই পৰিছিল ।

ধোঁৱাবোৰৰ ঠাইত এইবাৰ এটা মাখিয়ে ভুনভুনাই মোৰ মুখ মণ্ডলৰ ওচৰত নাচিবলৈ ধৰিলে। মই চিগাৰেটত টান দি এমোকোৰা ধোঁৱা মাখিটোলৈ উদ্দেশ্যে কৰি এৰি দিলোঁ । মাখিটোয়ে যেন উৱাদিহ হেৰুৱাই ধৰফৰাই উঠিল ! এপাকত সি শূণ্যতে ঘূৰি ঘূৰি মোৰ কফি কাপটোত চিট ভেলেঙা খাই পৰিল। কফিৰ ফেনখিনিৰ ওপৰত সি চটফটাবলৈ ধৰিলে। অপ্ৰাণ চেষ্টা চলালে সেই নিৰীহ মাখিটোৱে কফি কাপটোৰ পৰা উঠি আহি মোৰ চকুৰ আগৰ পৰা যিমান সম্ভৱ , সোনকালে আঁতৰি যাবলৈ । মই একেথৰে চাই ৰ’লো তাৰ গতি বিধি ।
অৱশেষত বহু সময়ৰ চেষ্টাৰ অন্তত সি ভুটুংকৈ কফিখিনি তাৰ ক্ষুদ্ৰ পাখি দুখনৰ পৰা জোকাৰি কাপটোৰ পৰা ওলাই মনৰ হেঁপাহেৰে উৰিবলৈ ধৰিলে ।

এয়া যেন মুক্তিৰ নাচোন ।

মই মনতে ভোৰভোৰালোঁ .. ‘ কেফেইন ষ্টিমূলেট ইৱ’ৰ নাৰ্ভাচ চিষ্টেম । ইউ আৰ লাকি এনাফ বাডী । ‘

খপজপকৈ উঠি আহিবলৈ ধৰোঁতেই ৰিছিপচ’ন কাউণ্টাৰটোত চকু ফুৰালোঁ। সৌৰভ আজিও নাছিল তাত। তৃদিৱক বিল পে’ কৰিবলৈ লৈ উৎসুকতাৰে সৌৰভৰ বিষয়ে জানিব বিছাৰিলোঁ..

: মালিক ক’ত হে ? আজিকালি বেলেগ কাম হাতত লৈছে নেকি সি ?

: সৌৰভ দা আপোনাৰ ঘৰলৈকে গৈছে দেখোন ছাৰ ।

: মোৰ ঘৰলৈ , এই সময়ত ?

: বাইদেউৰ পাৰ্ছটো দিবলৈ গৈছে । কালি দাদাৰ গাড়ীতে এৰি থৈ গৈছিল ।

তৃদিৱৰ কথা কেইটা মোৰ কাণেৰে সোমাই বুকুখনত শেলে বিন্ধা দি বিন্ধিলে। যোৱাকালি ৰুচি সৌৰভৰ লগত ক’ৰবালৈ গৈছিল ? ক’লৈ গৈছিল দুয়ো। মোৰ অগোচৰে সিহঁতে কি কৰিছে এইবিলাক ? সন্দেহৰ বীজটো এইবাৰ পুৰঠ হ’ল। বুকু ভেদি ই মোৰ হৃদয়ৰ গভীৰলৈ আৰু একে সময়তে মগজুলৈও শিপাই গ’ল ।

অস্থিৰ মন এটাৰে ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই আহি পাৰ্কিং প্লেচ পালোহি । গাড়ীৰ দুৱাৰখন খুলিবলৈ লৈ চাবিটো বিচাৰি পকেটত হাত দিওঁতে হে মনত পৰিল , ভুলবশতঃ সেইটো ব্লু-বাৰ্ডৰ টেবুলতে এৰি থৈ আহিলোঁ । খৰধৰকৈ উভটি গৈ সেই নিৰ্দিষ্ট টেবুলখনৰ ওচৰত উপস্থিত হ’লো মই আৰু চাবিটো উঠাই লওঁতেই টেবুলখনত নিথৰ হৈ পৰি থকা মাখিটোত চকু পৰিল । আপোনা-আপুনি হাঁহি এটা বিয়পি পৰিল মোৰ ওঁঠত ।

~ নুমোৱাৰ আগে আগে প্ৰদীপ্ত চাকিগচ বোলে বেছিকৈ উজ্জ্বলি উঠে । য়েছ…ইটছ আ ক’নষ্টেণ্ট ।

মুৰটোত তীব্ৰ বিষ এটা অনুভৱ হৈছিল । বাওঁফালৰ চকুটো যেন ওলাই হে পৰিব এতিয়া । খুব বেছি টেনশ্যন ল’লে এই মাইগ্ৰেইন বেমাৰডালে উক দিয়ে মোৰ। বাটতে এখন ফাৰ্মাচীত গাড়ীখন ৰখাই কেইটামান ভেচ’গ্ৰেইন টেবলেট কিনি ল’লো । অলপ সময়ৰ বাবে নিসংগতাক সংগী কৰি লোৱাৰ প্ৰৱল ইচ্ছা এটা জাগি উঠিল মোৰ মনত। এনে লাগিল যেন এটা ফুল বটল হুইস্কী গলাধকৰন কৰি পাহৰি থাকোঁ বুকুখন দহি নিয়া দুখবোৰ ।

পিছে মাতাল নহয় উত্তাল হোৱাৰ হে সময় এয়া । একো আগ গুৰি নাভাবি ৰাস্তাতে পোৱা পাৰ্ক এখনত সোমাই দিলোঁ মই আৰু কথাবোৰ এফালৰ পৰা জুকিয়াই চোৱাৰ পৰিকল্পনাখিনিক পূৰ্ণতা দিবলৈ চেষ্টা কৰিলোঁ । মই আচলতে বুজিবলৈ যত্ন কৰিলোঁ , প্ৰকৃততে কি কথাই বিচলিত কৰিছে মোক । কিহে বিচ্ছিন্ন কৰিছে ৰুচিৰ প্ৰতি পুহি ৰখা প্ৰেমৰ অনুভৱবোৰৰ পৰা ।

বহু সময় …

এৰা .. বহু সময় তাতেই বহি আছোঁ । চিন্তাৰ আঁতডাল বিচাৰি পোৱা নাই মই । হঠাৎ মোবাইল ফোনটো জিন্সৰ পকেটত ভাইব্ৰেচ’ন হৈ কঁপি উঠিল । উলিয়াই চালোঁ । ৰুচিৰ ফোন ।

: কি হ’ল প্ৰিয়ম ? ক’ত আছা তুমি ? ইমান দেৰিলৈকে কি কৰি আছা ?

: গৈ আছোঁ ৰুচি । এখন মিটিং এটেণ্ড কৰিব লগা হ’ল। ডিনাৰৰো ব্যৱস্থা কৰিলে ইয়াতে । সেয়ে পলম হৈ গ’ল।

: ঠেংক গ’ড । মোৰ ভয়েই লাগি গৈছিল জানা । মনলৈ দুঃচিন্তা কিছুমান হে আহিছিল । অ’কে , কাম চুন । আই এম ৱেইটিং ।

ইথাৰৰ মাজেৰে ভাঁহি অহা ৰুচিৰ কথাকেইটাত , মোৰ বাবে যে তাই চিন্তাত পৰিছে সেই কথা স্পষ্ট হৈ পৰিছিল । সাধাৰণতে অফিচ টাইমৰ পিছৰ সময়খিনি মই সদায় ৰুচিক দি আহিছোঁ । বিবাহৰ সাত বছৰৰ পিছতো মাতৃত্বৰ সুখ বিচাৰি বলিয়া হৈ পৰা ৰুচি , মই নথকা সময়খিনিত বিশাল এপাৰ্টমেণ্টটোত বৰ অকলশৰীয়া হৈ পৰে। অনুভৱ কৰোঁ মই কথাবোৰ। ৰুচিক তাইৰ প্ৰাপ্য সুখকনৰ পৰা বঞ্চিত নকৰোঁ বুলিয়েই আমি দুয়ো কেবাজনো ডাক্তৰৰ লগতো কনচাল্ট কৰিছোঁ । পিছে সুফল পোৱা নাই। তথাপিও মই যত্ন কৰোঁ , ৰুচিয়ে ভালপোৱা বস্তুবোৰেৰে মই ঘৰখনৰ চৌপাশ ভৰাই ৰাখোঁ । তাইক মোৰ মৰমবোৰেৰে বুৰাই পেলাওঁ । সুখবোৰ তাইৰ কোলাত আলফুলে তুলি দিওঁ ।

কিন্তু এইটো তিক্ত সত্য যে , আজিৰ তাৰিখত প্ৰিয়মতকৈও আপোন কোনোবা এজন আছে ৰুচিৰ জীৱনত । প্ৰিয়মৰ চকুৰ আঁৰত এখন ভালপোৱাৰ পৃথিৱীত অলপ সুখ বিচাৰি লৈছে তাই । মই বাৰু এতিয়া ৰুচিৰ সুখত সুখী হোৱা উচিত নে , দুখ কৰা উচিত ?
বিদ্ৰুপৰ হাঁহি এটা মোৰ ওঁঠৰ ফাঁকেৰে সৰকি পৰিল ।

~ ট্ৰাষ্ট কেন বি ল’ষ্ট ৱিদিন ছেকেণ্ডছ , টেকচ আ লাইফ টাইম টু ৰিগেইন এণ্ড ইজ নেভাৰ এজ ষ্ট্ৰং এগেইন আফটাৰৱাৰ্ডছ । ----------------

পার্কৰ পৰা ওলাই আহি ঘৰ অভিমুখে ফুল স্পীডত গাড়ীখন চলাই দিলোঁ । মিউজিক চিষ্টেমত হাই ভলিউমত বাজি আছে ভূপেন হাজৰিকাৰ গীত …

~ লুইতৰ বলিয়া বান /তই ক’লৈ নো ঢাপলি মেলিছ ?
হিৰ হিৰ শৱদে কাল ৰূপ ধৰি লৈ / কাক নো বাৰে
বাৰে খেদিছ ?

উত্তাল হৈছোঁ মই ।

গাড়ীখন কেম্পাছৰ ভিতৰলৈ সুমোৱাই নিয়েই থাৰ্ড ফ্ল’ৰৰ
সেই নিৰ্দিষ্ট বেলকণীটোলৈ চকু দিলোঁ । ঈষৎ সেউজীয়া পোহৰত অস্পষ্টকৈ দেখা পালোঁ তাত থিয় দি ৰৈ থকা এটা ছায়ামূৰ্তি । মোৰ বাবে অপেক্ষাৰত ৰুচি সেয়া । বুকুখনত অজানিতে বিষ এটা উঠি আহিল ।

ড’ৰ বেলটো শব্দ কৰি বাজি উঠাৰ আগতেই ৰুচিয়ে দুৱাৰখন খুলি দিলে । আঠুলৈকে পৰা বেবী পিংক শ্লিভলেচ নাইটিটো পিন্ধি চুলিখিনি মূৰৰ ওপৰত এক বিশেষ কায়দৰে পকাই লৈ বান্ধিছিল ৰুচিয়ে । ফলত তাইৰ মাখনৰঙী পিঠিখন সম্পূৰ্ণ উন্মুক্ত হৈ পৰিছিল। নাইট ক্ৰীম লগোৱা ৰুচিৰ কোমল গাল দুখন কম পোহৰতো যেন চিকমিকাই উঠিছিল। গুলপীয়া ওঁঠযুৰিত মন ভুলোৱা হাঁহি এটি বিয়পাই আৱেগৰে সাৱটি ধৰিলে তাই মোক ..

: ইমান ৱেইট কৰালা আজি ? ইউ ৱেৰ বেডলি মিছ’ড প্ৰিয়ম ।

মই পিছে ৰুচিক আজি একেবাৰে ভাল দেখা নাই । তাইক জোৰেৰে সাৱটি ধৰাৰ হেঁপাহ এটাও দেখোন মোৰ মনত জাগি উঠা নাই । মই লাহেকৈ ভিতৰলৈ সোমাই আহিলোঁ আৰু তাই বেলকণীটোলৈ ওলাই গ’ল ।

: ফ্রেচ হৈ আহি যাবা প্ৰিয়ম। আই হেভ চাৰপ্ৰাইজ ফ’ ইউ ।

প্ৰায় আধা ঘণ্টামান সময় জুমুৰি দি ধৰা চিন্তাবোৰৰ সৈতে , স্বৱাৰটো খুলি বাথৰুমতে কটালোঁ আৰু নাইট চ্যুটযোৰ পিন্ধি বেলকণীলৈ গৈ থিয় হ’লো। খুব সুন্দৰকৈ সৰু বেলকণীটো সজাই ৰাখিছিল ৰুচিয়ে । সৰু চেণ্টাৰ টেবুলখনত মোৰ প্ৰিয় লেম’ন ৰাইচ আৰু পনীৰৰ এটা চাইড ডিশ্ব । লগতে এটা চেম্পেইনৰ বটল। মোৰ বুজিবলৈ দিগদাৰ লাগিল, কিহৰ আয়োজন এয়া !

ৰুচি উঠি আহি মোৰ ওঁঠতে ওঁঠখন গুজি , হাতত ধৰি টেবুলখনৰ ওচৰলৈ লৈ গ’ল মোক ।

: বহা , খোৱা বস্তুবোৰ ঠাণ্ডাই হ’ল । তুমি ইমান পলম কৰিলা !

: মই কৈছিলোঁ তোমাক ৰুচি , মই ডিনাৰ কৰি আহিছোঁ । এতিয়া আৰু কিবা খোৱাৰ মুড অলপো নাই ।

টেবুলৰ খাদ্যবোৰ দেখি ওকালি আহিল মোৰ । ৰুচিৰ বিশ্বাসঘাটকতাৰ পৰশ লাগি সেইবোৰ ইতিমধ্যে অখাদ্য হৈ পৰিছে যেন ।

: আচ্ছা .. কফি খাবা ? মই বনাই আনো ৰ’বা । কফি খাই খাই কথা পাতিম আমি । তোমাৰ লগত জৰুৰী কথা অলপ আলোচনা কৰিব লগা আছে প্ৰিয়ম । বাই দ্যা ৱে’ ..কি খাবা ব্লেক কফি ?

: নাই , আজি তোমাৰ পছন্দৰ খাম । কেপেচ্ছিনো । আৰু মই নিজেই বনাম ।

ৰুচিক বেলকণীতে বহিবলৈ কৈ কিটচেনলৈ সোমাই আহিলোঁ মই । আৰু কফি মেকাৰটো অ’ন কৰি দুকাপ গৰম গৰম কফি বনাই আনিলোঁ । এইবাৰ ৰুচিৰ সন্মুখতে বহি লৈ তাইৰ চকুত চকু থৈ লাহে লাহে কফিৰ কাপত চুমুক দি এটা কবিতাৰ পংক্তি গুণগুণাবলৈ ধৰিলোঁ …

~ অৰিক্ত আধাৰ ,
ৰঙীন সুধাৰ ।
এটা পিয়লা ৷
চাহৰ নে কফিৰ নে নিচাৰ ?
দুখৰ নে সুখৰ নে
ভ্ৰমৰ একোটা বিষময় অধ্যায় ?
এটা পিয়লা ।
এসোহা বা এপেগ ..
নহয় ..!
এয়া যে এক অৱক্ষৰৰ সমাহাৰ
এটা পিয়লা .. !
( Ashok Kashyap )

ৰুচিয়ে খিলখিলাই হাঁহি উঠিল..

: আজি কবি হোৱাৰ মুড যে জনাৱ ? মই তোমাক চাৰপ্ৰাইজ কৰাৰ প্লেন কৰিলোঁ , ওলোটাই তুমি হে মোক আচৰিত কৰি দিছে যে !

: কোৱা , কি ক’বলগা আছে তোমাৰ ।

ৰুচিয়ে খাই থকা কফি কাপটোলৈ চকু দি এটা কুটিল হাঁহি বিয়পি পৰিল মোৰ ওঁঠত । মনতে বিৰবিৰালোঁ মই..

~ এভৰি এক্সন হেজ এন ইকুৱেল এণ্ড অপ’জিট ৰিয়েক্সন ।

মই প্ৰতাৰিত হ’ব নোৱাৰো ৰুচি। মই প্ৰতাৰণা সহ্য কৰিব নোৱাৰো ..। নেভাৰ ।
বেলকণীৰ ৰেলিঙডালৰ ওচৰলৈ উঠি গৈ তাই কি কয় শুনিবলৈ কান পাতি ৰ’লো ।

: ৱেইট আ’ মিনিট ।

কথাষাৰ কৈ ৰুচি লৰালৰিকৈ ভিতৰলৈ সোমাই গ’ল । উদাস মন এটাৰে বেলকণীটোৰ পৰা দেখা পোৱা নিশাৰ চহৰখনৰ মায়াময় পৰিবেশটোত দৃষ্টি নিবদ্ধ কৰিলোঁ মই । মই যেন এতিয়া শুই পৰা পৃথিৱীখনৰ দৰেই শান্ত । মই যেন সকলো অনুভৱৰ পৰাই মুক্ত ।

হঠাৎ বিপ শব্দ কৰি অভিৰুচিৰ ম’বাইল ফোনটোৰ পৰা মেছেজ ট’নটো ভাঁহি আহিল । কৌতূহলী মনটোক দমাব নোৱাৰি ম’বাইলটো দাঙি ল’লো মই । সৌৰভৰ মেছেজ । মেছেজটো ইচ্ছা কৰিয়েই খুলি চালোঁ..

: অভিৰুচি , মই স্বাতী । আউট গ’য়িঙ নাই বাবে সৌৰভৰ নম্বৰৰ পৰাই মেছেজ কৰিছোঁ । প্ৰিয়মৰ ৰিপৰ্টখিনি মোৰ হাততে থাকি গ’ল । তুমি তাক জনালা নে তোমাৰ সিদ্ধান্তৰ বিষয়ে ? হি ইজ ৰিয়াল্লি লাকি ৰুচি। তোমাৰ দৰে এগৰাকী কেয়াৰিং ৱাইফ পাইছে ।আজি সৌৰভ আৰু মই তোমাৰ কথাই পাতি আছোঁ । আমিও ইজনে সিজনক বহুত ভাল পাওঁ , কিন্তু সেই ভালপোৱাবোৰ যেন তোমাৰ প্ৰিয়মৰ প্ৰতি থকা প্ৰেমৰ তুলনাত একোৱেই নহয়। এই এম হেপ্পী ৰুচি । আমাৰ অনাথ আশ্ৰমৰ আটাইতকৈ মৰম লগা বেবীটোকেই তুমি মাতৃত্বৰ উমেৰে আদৰি ল’ব বিচাৰিছা । সোনকালে আহা প্ৰিয়মক লৈ । মই তোমালৈ অপেক্ষা কৰিম ।

পুনৰ দোহাৰিম , সত্যবোৰ আচলতে ঢাকি ৰাখিব নালাগে। প্ৰিয়মক তুমি কথাবোৰ জনোৱা উচিত যে, তোমাৰ গৰ্ভ এটা ভ্ৰুণ ধাৰণ কৰিব পৰাকৈ সক্ষম । জৈৱিক বিসংগতি প্ৰিয়মৰ শৰীৰত হে আছে । এজন পুৰুষে নিজৰ অক্ষমতাক স্বীকাৰ কৰিবলৈ টান পায়। কিন্তু এগৰাকী নাৰীক সেই একেটা কাৰণতে গোটেই জীৱন দোষাৰোপ কৰিবলৈ কুণ্ঠাবোধ নকৰে । তুমি যে ফ’লচ ৰিপ’ৰ্ট বনাই নিজকে অক্ষম নাৰীৰ অপবাদ এটা মূৰ পাতি ল’ব বিচাৰিছা তাৰ বাবে চেল্যুট তোমাক। শুনিবলৈ বেয়া যদিও , সৌৰভ আৰু মোৰ ৰিলেচনশ্বিপত ইমান ডেডিকেচন নাই কিন্তু দেই । আকৌ ভাবি চাবা কথাবোৰ ।

মেছেজটো পঢ়ি থকথককৈ কঁপিবলৈ ধৰিলোঁ মই । উশাহটো বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল মোৰ । পেন্টৰ পকেটৰ পৰা পইজ’নৰ বটলটো উলিয়াই আটাহ পাৰি উঠিলোঁ…

: ৰুচি … ।

ৰুচি হাততে কাগজ অলপমান লৈ ঢলঙ-পলঙ খোজেৰে মোৰ ওচৰলৈ আগুৱাই আহিল । চকু দুটা টানি টানি মেলি, অস্পষ্ট শব্দ কিছুমানেৰে মোক কিবা-কিবি ক’বলৈ যত্ন কৰি মজিয়াতে ঢলি পৰিল তাই । মোৰ মগজুৱে যেন কাম কৰিবলৈ বন্ধ কৰি দিলে । ৰুচিৰ ক্ৰমে অসাৰ হৈ পৰা শৰীৰটো গাৰ জোৰেৰে সাৱটি ধৰিলোঁ মই ।

পলকতে মোৰ চকুৰ আগত সকলোবোৰ ধুসৰ হৈ পৰিল। মাত্ৰ ব্লু-বাৰ্ডৰ টেবুলখনত চটফটাই থকা মাখিটো মই স্পষ্টকৈ দেখা পালোঁ ।

--------------

এটা দিনৰ দিনলিপি ।

—- হস্পিটেলৰ পৰা ওলাই আহি খৰধৰকৈ বাছ ষ্টেণ্ডৰ দিশে খোজ দিলো মই..। আচলতে কি কৰো.. কি নকৰো সিদ্ধান্ত এটা ল’বলৈ অসুবিধা হৈছে মোৰ । বাৰে বাৰে চকুৰ আগত হস্পিটেলৰ বেডত.. ৰঙা কম্বল খনে আৰু বেছি শেঁতা কৰি তোলা মুখ এখন আৰু গালৰ হনু দুটাৰ সৈতে.. গাতত পোত খোৱা অনুজ্জ্বল চকু এযুৰি হে ভাঁহি আহিছে ।

—- হাতখন দাঙি ঘড়ীটোত চকু থ’লো । পৰীৰ স্কুল চুটি হ’বলৈ এতিয়াও এঘণ্টা বাকী আছে..। অংগীম..কলেজৰ পৰা বাহিৰে বাহিৰে হস্পিটেললৈকে যোৱাৰ কথা…। ৰাতিপুৱা সোমাই আহোতে ও এটাকো লগ নাপালো .. । এবাৰ লগ কৰি যাব পৰা হ’লে ভালেই আছিল….!
পিচে.. অফিচত গৈ হেড এচিষ্টেণ্টক ও লগ কৰিব লাগিব…! পৰীৰ মামীয়েকে অত্যন্ত জৰুৰী বুলি.. ফোন নকৰা হ’লে.. অফিচৰ ইমানবোৰ কামৰ মাজত.. আজি চুটি লৈ অহা কোনোপধ্যেই সম্ভৱ নাছিল..।
চেহ.. !! বৰ দোধোৰ মোধোৰ অৱস্থা এটাত পৰিলো..!

—- খোজৰ গতিবেগ কমাই.. ৰিক্সা এখন’কে লৈ বাছ ষ্টেণ্ডলৈ যোৱাই ভাল হ’ব বুলি মই হস্পিটেলৰ কাষতে থকা ৰিক্সা ষ্টেণ্ডটোলৈ গ’লো । মোক দেখি কেইবাটাও ৰিক্সাৱালাই একেলগে চিঞঁৰি উঠিল..
” বাইদেউ.. ক’ত যাব আহক আহক.. ।”
ওচৰতে যি খন ৰিক্সা পালো.. গন্তব্য স্থানৰ কথা জনাই .. সেই খনতে উঠি দিলো মই..। পেডেল মাৰি ৰিক্সাৱালা জনে ৰিক্সাখন চলাওতে.. তিনিটা চকা সংযোগ কৰি ৰখা চেইন ডালে এটা অদ্ভুত শব্দ কৰি গৰজি উঠিল । যিমানেই ৰিক্সাখন আগলৈ গৈছে.. সেই কেৰ-কেৰ শব্দটোৰ প্ৰাৱল্য ও যেন সিমানেই বাঢ়ি গৈছে..। হঠাৎ সেই কৰ্কশ শব্দটোৱে মোৰ ভাৱনাত যতি পেলাই.. কান দুখনত অশান্তি দিব ধৰিলে ..।

—- লগে লগে ইমান সময়ে মগজুত ক্ৰিয়া কৰি থকা হস্পিটেলখন.. সাধাৰণ ৱাৰ্ডটোত দহ জন বেমাৰীৰ লগতে.. অকলে দুৱাৰ মুখলৈ চাই উদাস মনেৰে.. ৰঙা কম্বল খন উৰি পৰি থকা মোৰ একমাত্ৰ বেমাৰী দাদাজন.. দাদাৰ দুই সন্তান.. পৰী আৰু অংগীমৰ মুখ কেইখনৰ পৰা.. মই বাস্তৱলৈ ঘূৰি আহিলো ।

সাধাৰণতে… হস্পিটেলৰ সন্মুখৰ এই পথছোৱাত অনবৰতে ভিৰ এটা লাগিয়েই থাকে । কিন্তু.. যান জ’টৰ সমস্যা খুব কমেই হে দেখা যায় । এইখিনিৰ ৰিক্সাৱালা কেইটাই হওঁক বা টেম্প’ চালক কেইটাই হওঁক… এই ভিৰ ফালি.. এটা নিৰ্দিষ্ট গতিৰে.. লাহে লাহে তেওঁলোকৰ বাহন কেইখন আগুৱাই নিয়াত অভ্যস্ত হৈ পৰিছে ..।
বাছ ষ্টেণ্ড ঠিক পাও পাও হওঁতেই.. ৰিক্সাৱালা জনে জোৰেৰে ব্ৰেক মাৰি.. চলন্ত গতিত থকা ৰিক্সাখন ঠাইতে ৰখাই দিলে । বেগটো খুচৰি.. ৰিক্সা আৰু গাড়ীৰ ভাড়াৰ বাবে বহন কৰিব লগা… সমূদায় পইচা কেইটা মিলাই থাকোতে… গমেই নাপালো মই .. সন্মুখত নো কি ঘটি আছে..। ৰিক্সাখন সেইদৰে ঘপহকৈ ৰখাই দিয়াত সন্তুলন হেৰুৱাই চিটটোৰ পৰা পিচলি আহি কৰ্ফাল খাই পৰাৰ উপক্ৰমেই হৈছিলো..। যেনেতেনে ৰিক্সাৱালা জনৰ ঘামেৰে জেপজেপিয়া হৈ থকা গেঞ্জিটোতে…খামুচি ধৰি.. নিজকে পৰাৰ পৰা বচাই.. সন্মুখলৈ চকু দিলো মই ।

আগত এটা বিৰাট মানুহৰ জুম.. আৰু সেই জুমটোৰ পৰা হুলস্থূলৰ মাজত ও চিটিকি অহা এটা দুটা স্পষ্ট শব্দৰ উমান লৈ গম পালো.. সেইখিনি ঠাইত.. কেইটামান মুহূৰ্ত্বৰ আগতে এটা এক্সিডেন্ট সংঘটিত হৈছে …। মনটোৱে উচপিচাই উঠিল জানিবলৈ.. কাৰ বা কি হ’ল …? অগত্যা ৰিক্সাখনৰ পৰা নামি জুমটোত সোমাই পৰিলো মই ।

—- এজনী বুঢ়ী.. (দেখাত ভীক্ষাৰী যেনেই অনুমান হ’ল).. মলিয়ন কাপোৰ এসাজেৰে.. আউলি বাউলি মৰাপাট হেন চুলি একোচাৰে… কান্দি কান্দি এখন মাৰ্চিডিজ ব্ৰেণ্ডৰ গাড়ীৰ তলত পৰি আছে । ড্ৰাইভাৰ জনে পিছলৈ নাচাই গাড়ী ঘূৰাওতেই বুঢ়ী চকাৰ তলত সোমাল । ভাগ্যে মহতিয়াই নিনিলে.. । এজন সচেতন যুৱকৰ চিঞৰ বাখৰত… বুঢ়ীৰ ভৰিৰ ওপৰত গাড়ীখন উঠোতেই.. ড্ৰাইভাৰ জনে গাড়ী খন ৰখাবলৈ সক্ষম হ’ল ।

ড্ৰাইভাৰ জন পলাবলৈ উদ্যত হৈছিল যদিও… সফল নহ’ল সি । গাড়ীৰ মালিকে ৰিক্সাতে উঠাই বুঢ়ী গৰাকীক হস্পিটেল নিয়াৰ ব্যৱস্থা কৰিলে.. । পিছে তাত গোট খোৱা মানুহবোৰে প্ৰতিবাদ কৰাত অৱশেষত.. চোচোৰাই মেলি.. সেই দামী গাড়ীখনতে যেনেতেনে বুঢ়ীক উঠোৱা হ’ল । মই ও সহায় কৰো বুলি আগবাঢ়ি গৈছিলো যদিও.. প্ৰচণ্ড আঘাটত গাৰ কাপোৰতে মল মূত্ৰ ত্যাগ কৰা মানুহৰাকীক চুবলৈ মনটোৱে যেন বাধা দিলে মোক । বুঢ়ীৰ ফালে আগবঢ়াই দিয়া…মোৰ হাতখন আপোনা আপুনি কোচ খাই আহিল ।
সেইখিনিতে অনুভৱ কৰিলো… —- ” এইয়া…..মানৱতা নামৰ অনুভূতিটোৰ মৃত্যু ঘটালো মই এই মুহূৰ্ত্বত.. ।”
মানুহ গৰাকীক সহায়ৰ হাতখন আগবঢ়োৱা মোৰ জানো কৰ্তব্য নাছিল..? কিন্তু কিয় নোৱাৰিলো মই তেনে কৰিব..? আজি সেই দুৰ্ভগীয়া মানুহগৰাকীৰ ঠাইত মই নিজেই যদি এইদৰে গাড়ীৰ চকাৰ তলত পৰি থাকিলো হয়..!!

—- বেগটো খুচৰি পইচা কেইটামান বিচাৰিলো ..তাকেই দি সহায় কৰো বুলি । গাড়ীৰ ভাড়াটো বাদ দি… অতিৰিক্ত বিশ
টকাহে হাতত আছিল । সেইকেইটাৰে… এপাচি শাকত এটা জলকীয়াৰ দৰে.. দিয়াৰ নামটো কেনেকৈ কৰো ..? মই ভাবি গুণী থাকোতেই মানুহগৰাকীকক গাড়ীখনত উঠাই ড্ৰাইভাৰ জন হস্পিটেল অভিমুখে ৰাওনা হ’ল । গাড়ী খন যোৱালৈ চাই .. ভিৰৰ মাজৰ পৰা কোনোবা এজনে.. তাচ্ছিল্য পূর্ণ হাঁহি এটাৰে অশ্লীল শব্দ এটাৰ প্ৰয়োগেৰে কৈ উঠিছিল ..
” অ’ই (……….. ) ভীক্ষাৰী বুঢ়ীৰ ভাগ্য চা না বে…. মাৰ্চিডিজত উঠি হে হস্পিটেল যায়..।”

—– ৰিক্সাৱালাজনক প্ৰাপ্য ধন কেইটা আদায় দি.. মই পেচেঞ্জাৰৰ অপেক্ষাত.. ষ্টাৰ্ট দি.. হৰ্ণ বজাই বজাই ..ৰৈ থকা লাইন বাচ এখনত খৰখেদাকৈ উঠি ল’লো আৰু খিৰিকীৰ কাষৰে খালি চিট এটা দেখি তাতে বহি পৰিলো । চোকা ৰ’দ এজাক খিৰিকীৰ আইনা ভেদি.. মোৰ মুখতে পৰাত.. হাতত থকা বেগটো মূৰৰ ওপৰত দাঙি ধৰি বাচ খন চলালে অপেক্ষা কৰি ৰ’লো ।
বাচৰ ভিতৰত ও বুঢ়ী গৰাকীৰ এক্সিডেন্টৰ ঘটনাটো.. মুখ্য আলোচ্য বিষয় হৈ পৰা পৰিলক্ষিত হ’ল মোৰ । কোনোৱে.. গাড়ীখন বুঢ়ী গৰাকীৰ গাতে উঠিল বুলিয়েই ক’লে । কোনোৱে আকৌ .. মুৰ ফাটি তেজৰ নৈ বোৱাৰ অতিৰঞ্জিত বৰ্ণনা কৰিলে.. । কোনোৱে.. বুঢ়ীয়ে টকা দাবী কৰাৰ অভিপ্ৰায় মনত ৰাখি.. জোখতকৈ বেছি একটিঙ কৰা বুলিয়েই কাৰোবাক বুজোৱা শুনিলো..।
মুঠতে সেই অলপ সময়ৰ ভিতৰতে বিচিত্ৰ মানুহৰ.. বিচিত্ৰ মনৰ পৰিচয় পালো মই । কোনোবাই যদি ঠাইতে মানুহগৰাকী নিহত হ’ল বুলি ও বঢ়াই-চঢ়াই ক’লে হয়..তাতো আচলতে আচৰিত হ’ব লগা একো নাছিল মোৰ বাবে ।

—- যথা সময়ত গন্তব্য স্থানত উপস্থিত হৈ.. অফিচলৈ বুলি খোজ পোনালো মই..। আধা ঘণ্টাৰ সেই যাত্ৰাটোৱে.. ইমানেই বিৰক্তি দিলে যে.. অফিচত গৈ বৰবাবুক লগ কৰাৰ ইচ্ছা সমূলি নোহোৱা হৈ গ’ল.. ।
একমাত্ৰ দাদা জীৱন মৃত্যুৰ সংকটত অকলশৰে পৰি আছে.. তাতে সেই ভীক্ষাৰী গৰাকীৰ দুর্ঘটনাটো.. কিবা অলপ সহায় কৰিম বুলি ও কৰিব নোৱাৰা মোৰ অসহায় অৱস্থাটো আৰু বাছৰ ভিতৰত মানুহবোৰৰ অতিৰঞ্জিত সমালোচনাবোৰ..।
উফফ.. দিনটো যে কেনেকৈ পাৰ কৰিছো…!!

বৰবাবুক লগ কৰি.. দৰকাৰী ফাইলটো হাতত লৈ মোৰ অফিচ অলমাৰীটোত ভৰাব লওঁতেই বৰবাবুয়ে.. ঠিক আদেশৰ সুৰত কৈ উঠিল..

:- আৰু কাৰো বেমাৰ আজাৰ হ’ব লগা নাই নহয়..? চাবা দেই বহুত কাম পেণ্ডিঙ হৈ ৰৈছে তোমাৰ..। আৰু চুটি মঞ্জুৰ কৰা নহ’ব ।

বৰবাবুৰ কথা কেইটাই মোৰ বিৰক্তি বোৰক প্ৰচণ্ড খঙলৈ পৰিৱৰ্তিত কৰিলে..। কাৰোবাৰ বেমাৰ .. বিয়া বাৰু বা সকাম নিকাম নহয় যে দিন বাৰ চাই আহিব । মই দাদাৰ ওচৰত উপস্থিত হোৱাৰ ঠিক আগমুহূৰ্ত্বত.. কঠুৱা মাতেৰে নাৰ্ছ এগৰাকীয়ে…
” এটেনডেন্স কেতিয়া আহিব আপোনাৰ..। এনেকৈ চোৱা-চিতা কৰি ৰাখিব নোৱাৰো দেই আমি..। মানুহ নাই যদি ঘৰতে পৰি থাকিব..” বুলি কোৱা কথাষাৰ মনত পৰি.. বুকু খন বিষাই গ’ল মোৰ ।
সেই নাৰ্ছ গৰাকী আৰু বৰবাবুৰ মাজত কিবা পাৰ্থক্য আছে নে.. নিজকে প্ৰশ্ন কৰি চালো মই.. ।
আকৌ এবাৰ অনুভৱ হ’ল… এইয়া মানৱতাৰ মৃত্যু ঘটিছে ।

—- ঘৰ গৈ পাওঁতে.. সন্ধ্যা লাগি ভাঙিছিল । এওঁ পদূলি মুখতে ৰৈ মোলৈকে বাট চাই আছিল । কিবা এটা প্ৰশান্তি নামি আহিছিল মোৰ ভাগৰুৱা দেহাটোলৈ । আপোন জনৰ সান্নিধ্যই সঁচাই লাঘৱ কৰি দিয়ে দুখ কষ্টবোৰক.. । এওঁক চকুৰ আগত দেখিয়েই … পুনৰ প্ৰাণৱন্ত হৈ পৰিছিলো মই ।
গাটো ধুই ল’লো ..। দিনটোৰ অৱসাদবোৰ উটুৱাই দিব যত্ন কৰিলো আচলতে..। এওঁ তেনেকুৱাতে চাহ দুকাপ কৰি আনিলে..আৰু আগ্ৰহেৰে সুধিলে মোক দাদাৰ খবৰ । এজন মৃত্যুমুখী মানুহৰ ভাল বেয়া বুলি কি আছে নো..? তথাপিও জনালো..
” আছে হস্পিটেলতে পৰি..। ব্লাড দিব লগা হ’ব পাৰে.. । তেজত.. হিম’গ্লবিন একেবাৰে কমি গৈছে .. । “
থুলমুলকৈ কথা কেইটা জনাই.. চাহৰ কাপ দুটা উঠাই লৈ… ৰাতিৰ সাঁজৰ যোগাৰ কৰো বুলি পাকঘৰত সোমালো মই । ভাত কেইটা গেছত উঠাই.. ডায়েৰী খন ও উলিয়াই মাহটোৰ হিচাপ নিকাচবোৰ কৰিব বহিলো..।

—- কেনেকৈ যে জোৰা-টাপলি মাৰি সংসাৰখন চলাব লগা হৈছে ..!
যি সামান্য টকা কেইটা দৰমহাৰ বাবদ পাও.. এওঁৰ দোকান খনৰ বাবে লোৱা… ল’নৰ টকা কেইটা মাহে মাহে পৰিশোধ কৰোতেই.. আধা খিনি শেষ হয়..। বাকী অৰ্ধাংশ খোৱা-বোৱা.. অফিচ অহা-যোৱাৰ বাবে লাগে..। অতিৰিক্ত কিবা এটা কৰিব বিচাৰো যদি.. মাহৰ বাজেট কোনোৰকমে নিমিলে ।
আজি বুঢ়ী গৰাকীৰ হাতত.. মন থকা স্বত্তেও টকা এশ গুজি দিব নোৱাৰাত আৰু..গাড়ীখনত উঠাবৰ সময়ত মানুহগৰাকীক চুবলৈ বাধা দিয়া মোৰ মনটোৰ বাবে.. আত্মগ্লানিত ভূগিব ধৰিলো মই ।

—- সেইদিনা ও মই এইদৰে অস্থিৰ হৈ পৰিছিলো.. যি দিনা মা দেউতাৰ অৱৰ্তমানত.. মোক ডাঙৰ দীঘল কৰি.. বিয়া দি.. নিজেই ও সংসাৰৰ মায়াত সোমাই পৰা মোৰ দাদা আৰু দুবছৰীয়া পৰী আৰু পাঁচ বছৰীয়া অংগীমক.. চিৰদিনৰ বাবে এৰি.. মোৰ একমাত্ৰ বৌ জনীয়ে এই পৃথিৱীৰ পৰা বিদায় লৈছিল ।
মোৰ বুকুখনে সেইদিনাও হাহাকাৰ কৰি উঠিছিল.. যি দিনা উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত.. ভৰি এখন হেৰুৱাই.. চাকৰিৰ পৰা অব্যাহতি লোৱা মোৰ মিলিটেৰী স্বামীৰ..অৰ্থনৈতিক দুৰৱস্থাই.. পৰী আৰু অংগীমক আমাৰ ঘৰলৈকে একেবাৰৰ বাবে লৈ অহাত বাধা দিছিল । সিহঁত দুটা আজি মোমায়েক-মামীয়েকৰ তত্ত্বাৱধানত.. তেওঁলোকৰ ঘৰতে থাকি.. স্কুল..কলেজ পালেগৈ.. । বেমাৰী দেউতাকৰ যত্ন ল’ব পৰা হ’ল ।

বৌ ঢুকোৱাৰ পিছতেই..দাদাইও নিজৰ ঠিকনা সলাইছিল । ৰেলৱে’ত কৰ্মৰত দাদাৰ টকাৰ অভাৱ নাছিল যদিও.. আপোনজনক হেৰুৱাৰ বেদনাত চটফটাব ধৰিছিল তেওঁ । বৌৰ লগত একেলগে সোণোৱালী ভৱিষ্যতৰ সপোন দেখি অহা.. দুই সন্তান..পৰী আৰু অংগীমৰ কলৱৰত মুখৰিত হোৱা দুকোঠালীৰ ঘৰটো এৰি… ৰেলৱে’ৰ এটা কোৱাটাৰত থাকিব লৈছিল দাদা ..।
কেতিয়াবা বৌৰ স্মৃতি বিজড়িত ঘৰ খনৰ আগেদি.. অহা যোৱা কৰিব লগা হ’লেও.. সেইফালে মোৰ তুলি চাবলৈ ও যেন সাহস হোৱা নাছিল তেওঁৰ..। দিন বাগৰাৰ লগে লগে.. দাদাৰ নামৰ পিছত আৰু এটা উপাধি লগ হ’ল..। ” কনক মদপী..। “

—- মদ খাই.. মদৰ নিচাত বৌৰ নামটো লেবাই লেবাই উচ্চাৰণ কৰিব যত্ন কৰে তেওঁ । মুখৰ পৰা নিগৰ্ত হোৱা অকটা গোন্ধত.. মানুহৰ পৰা আঁতৰি থাকিব লগা হয় তেওঁ..। আৰু…এতিয়া লিভাৰত পানী জমা হৈ.. ফুলা পেট আৰু ভৰি কেইটাৰে.. অলৰ-অচৰ হৈ পৰি আছে মোৰ একমাত্ৰ দাদা ৰেলৱে’ৰ চিকিৎসালয়ত.. ।

চকুৰ কোণ দুটা অজানিতে তিতি আহিল ..। গেছৰ ষ্ট’ভত… ওফন্দি পৰি যোৱা ডাইলৰ ফেন খিনি দেখি.. দাদাৰ পেটতোলৈ হে মনত পৰিল মোৰ ।
চেলাইনৰ পাইপৰ দৰে মিহি পাইপ এডাল.. দাদাৰ পেট আৰু পুৰণা চেলাইনৰ বটল এটা সংযোগ কৰি লগাই থোৱা আছিল । পাইপ ডালৰ এটা মূৰত বেজী এটা লগাই.. বেজিটো দাদাৰ পেটৰ ভিতৰত আধাখিনি খুচি থোৱা হৈছিল..। পাইপ ডালেৰে.. হালধীয়া পানীবোৰ লাহে লাহে ওলাই আহি.. তলৰ বটলটোত গোট খাইছিল । দাদাই মাজে মাজে পেটটো হেঁচি দিয়া দেখিছিলো.. তেতিয়া পাইপ ডালৰ ভিতৰত পানীৰ গতি বেগ ও অলপ বৃদ্ধি হৈছিল । মই বুজিব যত্ন কৰিছিলো.. এইদৰে কৰোতে..দাদাই ভোগি থকা কষ্টবোৰৰ লাঘৱ হৈছিল..নে.. এইয়া দাদাৰ সোনকালে সুস্থ হৈ উঠাৰ হাবিয়াস আছিল..!!

—- ৰাতি বিছনাত পৰি চটফটাই উঠিলো মই..। এইয়াই জীৱনৰ গতি..! নিজকে খুব অসহায় যেন অনুভৱ কৰিলো..। কোৱা শুনো বোলে..” মন থাকিলেই চন.. বাকৰি মাটিটো ধন..। “
পিছে মন থাকিও.. ধনৰ অভাৱত.. মই যে তিল তিল কে মৰিবলৈ সাজু হৈ থকা মানুহজনক…হাত সাৱটি..বহি বহি.. চাই হে আছো । যি দৰে আজি..সেই বুঢ়ী গৰাকীক চাই চাইয়েই গুচি আহিলো..।

:- দাদা আৰু বেছি দিন জীয়াই নাথাকে.. ।

নিজকে কৈ উঠা কথাষাৰত.. মোৰ কাষতে চিলমিলকৈ টোপনি অহা মোৰ মানুহজন.. উঠি বহিল..। অলপ সময় মোলৈ চাই থাকি মনৰ ভিতৰতে গুণা-গঁথা কৰি হঠাৎ কৈ উঠিল তেওঁ মোক..

:- অহা দেওবাৰে দাদাক আমাৰ ঘৰলৈকে লৈ আহো ব’লা । শেষৰ দিন কেইটা আপোন কোনোবা জনক কাষতে পাওক । নিজৰ ঘৰ এখনত থকাৰ সুখ কণ অনুভৱ কৰক । বৌৰ মাকৰ ঘৰখনে বহুত কৰিছে.. দাদাৰ প্ৰতি আমাৰ জানো দায়িত্ব নাই..? আমাৰ অভাৱবোৰৰ মাজত ও দুটা পেটৰ ভোক গুচিছে যদি.. আৰু এটা পেটলৈ নুযুৰিব নে..?
মোৰ সামান্য জ্বৰ কাহ অলপ হ’লেই.. তোমাৰ পৰা ইমান যত্ন পাওঁ যে.. আৰু কেইদিনমান বেমাৰ হৈ পৰি থাকিবলৈ হে মন যায়..। কিন্তু দাদা আজি নিশ্চিত মৃত্যুৰ বিষয়ে অৱগত হৈ ও কিমান যাতনা বুকুতে বান্ধি.. চিৰদিনলৈ উশাহটো বন্ধ হোৱালৈ অপেক্ষা কৰি অকলে অকলে পৰি আছে চোৱাচোন ..! বৌলৈ চাগৈ কিমান মনত পৰিছে তেওঁৰ..!
এইমাহৰ দোকানৰ বস্তুখিনি নানো দিয়া..। সেইকেইটা টকাৰে গাড়ী এখন ভাড়া কৰি দাদাক হে ইয়ালৈ অনাৰ ব্যৱস্থা কৰো । তুমি অংগীম হতক খবৰ দিয়া..। দুদিনমান সিহঁত ও একেখন ঘৰতে দেউতাকৰ লগতে থাকি যাওক হি..।
ভৰিখন নোহোৱা হোৱাৰে পৰা.. ঘৰখনৰ দায়িত্ববোৰ তুমিয়েই মুৰ পাতি লৈছা..। তোমাৰ সুখৰ বাবে.. দাদাৰ হকে.. মই যদি সামান্য কিবা এটা কৰিব নোৱাৰো.. চিৰদিনলৈ অনুতপ্ত হৈ ৰ’ম..।

—- এওঁৰ বুকুলৈ কুৰুকি কুৰুকি সোমাই গ’লো মই.. । দুচকুৰে সুখ অলপ বোৱাই দিলো..। এওঁ বুজে মোৰ মনটোক..। মোৰ সুখ দুখবোৰৰ খবৰ ৰাখে..। আলফুলে মোৰ মুৰতে হাত ফুৰাই দিলে মোৰ মনৰ মানুহজনে..। স্পৰ্শ খিনিক হৃদয়ৰে অনুভৱ কৰি.. মনতে পুনৰ জুকিয়াই ল’লো মাহেকীয়া বাজেট খন..।

” হ’ব মিলাম যেনে-তেনে..। খোজ কাঢ়িয়েই অফিচ অহা যোৱা কৰিম । ৰিক্সা ভাড়াটো অন্তত বাচিব..। দাদাক আনিব গ’লে.. বুঢ়ী গৰাকীৰ ও খবৰ এটা লৈ টকা কেইটামান দি থৈ আহিম..।”

হস্পিটেলৰ বিচনাত পৰি থকা দাদাৰ শেঁতা মুখ খন… চকুৰ আগলৈ পুনৰ ভাহি আহিল..। এইবাৰ দাদাৰ ক্ৰমান্বয়ে হালধীয়া পৰা মুখ খন…চকুত বিয়পাই লোৱা হাঁহিটোয়ে যেন উজ্জ্বলাই তুলিলে..।

                   —————————

অদৃষ্ট



মানুহজনে পুৱা উঠিয়েই কেলেণ্ডাৰখনত পাৰ হৈ যোৱা দিনটো ৰঙা চিয়াঁহীৰে ডাঙৰকৈ কাটি লয় । যোৱা এমাহ মানৰ পৰা প্ৰাতঃকৰ্ম ভাগ সমাপণ কৰাৰ আগেয়ে এইদৰে এটা এটা দিনক পূৰণ চিন একোটাৰে কাটি, বিদায় দিয়াটো তেওঁৰ যেন উশাহটো লৈ জীয়াই থকাৰ দৰেই জৰুৰী হৈ পৰিছে । কেলেণ্ডাৰখন ওলমি থাকিবৰ বাবে লগাই দিয়া মিহি টিঙৰ ষ্টিকডালত তেওঁ আনকি কলম এটা ও লগাই ৰাখিছে । কেতিয়াবা যদি ঘৈনীয়েক নীলিমাই , বজাৰৰ লিষ্টখন লিখিবলৈ উথপথপতে সেই কলমটো নি ভুলক্ৰমে মানুহজনে থোৱা নিৰ্দিষ্ট জেগাক’নৰ সলনি বেলেগ ক’ৰবাত থয় , ৰাতিপুৱাই হুলস্থুল লাগে ঘৰখনত । মুঠৰ ওপৰত মানুহজনৰ এই অস্বাভাৱিক আচৰণ ঘৰখনৰ আন দুজন সদস্যৰ বাবে এতিয়া এটা ডাঙৰ প্ৰশ্ন..!

নীলিমাই কেইবাদিনো যত্ন কৰিছে গিৰিয়েকে নতুনকৈ আৰম্ভ কৰা সেই কামটোৰ অন্তৰালত নিহিত থকা বিশেষ উদ্দেশ্যটোৰ বিষয়ে জানিবলৈ । প্ৰত্যুত্তৰত গিৰিয়েকৰ বুকুৰ পৰা সৰি পৰা দীঘল হুমুনিয়াহ এটাৰ বাদে এটাও শব্দ শুনাৰ সৌভাগ্য হোৱা নাই মানুহজনীৰ । এই কম দিনতে মানুহজন যেন অনাৱশ্যকীয় ভাবে বেছিয়েই হিচাপি হৈ পৰিছে..!
কিন্তু কিয়..?

:- অ’ৰি কি নো হিচাপ কৰি থাকে অ’ কেলেণ্ডাৰখন চাই চাই ? সুধিলেও একো নকয় । নিজৰ মানুহজনীৰ পৰানো এইদৰে কথাবোৰ লুকুৱাব লাগে নে ?

কৌতুহলী মনটোক দমাব নোৱাৰি , আঙুলিৰ মূৰত দিনকেইটা গণি গণি কেলেণ্ডাৰখনৰ সন্মুখত ৰৈ থকা অনন্ত বৰুৱাক নিলিমাই প্ৰশ্ন কৰে আৰু ঘৈণীয়েকৰ পৰা যোৱা কেইবাদিনো ধৰি শুনি অহা একেটা প্ৰশ্নকে পুনৰবাৰ কাণত পৰাত এইবাৰ তেওঁ শেঁতা হাঁহি এটাৰে মানুহজনীক আশ্বস্ত কৰিবলৈ যত্ন কৰে..

: দিনবোৰৰ হিচাপ কৰো অ’ নীলিমা । এই যে খাই বৈ চাকৰি এটা কৰি , বজাৰ সমাৰৰ দায়িত্ববোৰ লৈ আজিলৈকে তোমালোকক খুৱাই পিন্ধাই ৰাখিবলৈ সক্ষম হৈছো.. ঈশ্বৰে বা কোন দিনা এই সুযোগক’ন হাতৰ মুঠিৰ পৰা কাঢ়ি লয় , ঠিকটো নাই..! তাকে সৰ্বশক্তিমানক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে , তেওঁ উশাহটো লৈ জীয়াই থাকিবলৈ দান কৰা দিনটোক বিদায় জনাও এইদৰে ।

: থওঁক হে , সংসাৰ কৰা ইমান বছৰ হ’ল..কোনোদিন এইদৰে আপুনি জীৱনটোৰ বাবে চিন্তা কৰা নেদেখিলোঁ । যোৱা এমাহে আপোনাৰ গতি-বিধি দেখি আচৰিত ন’হৈ নোৱাৰিছোঁ আৰু । অফিচৰ পৰা আহিয়েই জুপুকা লাগি বহি থাকিব। ৰঙ- ধেমালি বুলি ঘৰখনত একো নাইকিয়াই হ’ল । ঘৰ নহয় যেনিবা মৰিশালী হে এইখন । মানুহনো এনেকৈ চুক-ভেকুলীৰ দৰে জীয়াই থাকে নে..?
অনবৰতে আপোনাৰ চিন্তাক্লিষ্ট মুখখনে আমি মাক জীয়েক দুজনীক কিমান চিন্তাত পেলাইছে তাৰ অনুমান আছে নে আপোনাৰ?

নীলিমাৰ কথাখিনি বুকুতে গুজি অনন্ত বৰুৱাই মলিন হাঁহি এটাৰে বাহিৰলৈ ওলাই যায় ।

অজান আশংকা এটাত কলিজাটো দেখোন অনবৰতে কঁপি থকা হৈছে মানুহজনৰ । অন্তৰেৰে তেওঁ তাকে কামনা কৰে কেলেণ্ডাৰখনৰ সেই নিৰ্দিষ্ট তাৰিখটো যেন কেতিয়াও নাহক । কিছুদিন ধৰি নিজৰ স্বাস্থ্যৰ প্রতি ও বেছ সচেতন হৈ পৰিছে তেওঁ । চুগাৰ আৰু প্ৰেচাৰৰ টেবলেট কেইটা য’লৈকে যায় লগতে লৈ যায় , হঠাতে শৰীৰত চুগাৰৰ মাত্ৰা কমি কিবা অঘটন ঘটে বুলি আজিকালি পকেটত ল’জেন্স গুটি কেইটামানো মজুত ৰাখে , শ্বাস-প্ৰশ্বাসৰ ৰোগ এতিয়ালৈকে নাই যদিও নতুনকৈ ইনহেলাৰ এটাও লগত ৰখাৰ অভ্যাস কৰিছে । কিজানিবা কোনোবা সময়ত উশাহটো ল’বলৈ কষ্টই হয়..!

মুঠৰ ওপৰত মৃত্যুৰ ভয়ে আতংকিত কৰিছে তেওঁক ।
কিন্তু কিহৰ বাবে এনে মানসিক স্থিতিয়ে বৰুৱাক জ্বলা-কলা খুৱাইছে ? কিয় ৰঙহীন হৈ পৰিছে তেওঁৰ গতানুগতিক দিনবোৰ..?

~ মৃত্যুক সন্মুখত দেখাৰ সময়ত জীৱনৰ প্ৰতি হেনো মায়া ওপজে । হাতৰ মুঠিত বন্দী বালি মুঠিৰ দৰেই প্ৰতিনিয়ত আয়ুসৰ ক্ষয় হয় বুলি অৱগত যদিও , বৰুৱা পিছে এতিয়াই মৃত্যুৰ স্পৰ্শত বিলীন হ’ব বিচৰা নাই ।

এৰা , অফিচৰ সেই ব্যস্ততাপূৰ্ণ আবেলিটোৰ পৰাই ক্ষণস্থায়ী জীৱনটোৰ প্ৰতি মায়া জন্মিছে অনন্ত বৰুৱাৰ । মৃত্যু শ্বাস্বত জানিও তেওঁৰ উশাহটোৰ লগত সাঙোৰ খাই পৰা পত্নী আৰু পুত্ৰীক এৰি চিৰদিনলৈ আঁতৰি যাব লাগিব বুলি নীৰৱে চকুলো টুকিছে তেওঁ । বিশৃংখল চিন্তা কিছুমানে অহৰহ খেদি ফুৰিছে মানুহজনক । মগজুত নিমিলা অংক কিছুমান পাতি লৈ সেইবোৰৰ উত্তৰ বিচাৰি হাহাকাৰ কৰি উঠিছে তেওঁৰ বুকুখনে ।

নীলিমা আৰু পুত্ৰী চুমিৰ বাবে দেখোন বিশেষ একো কৰাই নহ’ল ইমান দিনে..! দৰমহাৰ পইছা কেইটাৰে কেৱল উদৰ পুৰাই খাইছে আৰু আধুনিকতাৰ নামত অত্যাধুনিক সা-সৰঞ্জামেৰে ঘৰখন সজাইছে ।তাৰপিছত বস্তুবোৰৰ মাহেকীয়া কিস্তি পৰিশোধৰ নামত সাঁচতীয়া ধনবোৰো শেষ কৰিছে । একমাত্ৰ ছোৱালীজনীক উপযুক্ত পাত্ৰ এজনক গতাই এঘৰলৈ উলিয়াই দি পিতৃৰ দায়িত্ব পালন কৰাৰ সুযোগ এই জনমত নিদিবই নেকি বাৰু ঈশ্বৰে তেওঁক..!

উফফ.. কিবা এটা সাংঘাতিক মিৰাক’ল হৈ তেওঁৰ অন্তৰাত্মা কঁপাই থকা সেই তাৰিখতো কেলেণ্ডাৰখনৰ পৰা অদৃশ্য হৈ যোৱা হ’লে..!

দিনবোৰ নিয়মাফিক পাৰ হৈ গৈ আছে । লগতে অনন্ত বৰুৱা ও দিনক দিনে নিস্তেজ হৈ পৰিছে । মৃত্যুৰ বাতৰি কঢ়িয়াই অনা অস্থিৰ বতাহ এজাকে প্ৰতিমুহূৰ্তত কোবাই কোবাই মানুহজনক যেন ধাৰাশায়ী কৰি তুলিছে ।

কেতিয়াবা সপোনতে তেওঁ ওপজা গাঁৱৰ বৰনামঘৰটোত ৰাসৰ আখৰা কৰে , আৰু কংসৰ ভাৱত নিজকে সজাই টোপনিতে ভীতি বিহ্বল কন্ঠৰে বিনাবলৈ ধৰে..

~ নিদিবিহঁত অ’ মোক কংসৰ ভাও । দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত মোৰ মৃত্যু নিশ্চিত । সেই আকাশবাণী ফলিয়াবই । মই কংসৰ ভাও ন’লও অ’। মোৰ মৰিবলৈ মন নাই । বুজিছনে তহঁতে ? মই জীয়াই থাকিব বিচাৰোঁ । মোক জীয়াই থাকিবলৈ দেহঁত অ’..।

নীলিমাই সেই মূহুৰ্তত হেঁচুকি টোপনিৰ পৰা জগাই দিলে ঘৰ্মাক্ত শৰীৰটোৰে বৰুৱাই ইফালে সিফালে চাই অলপ সময় স্থবিৰ হৈ বহি পৰে আৰু পিছমুহূৰ্ততে ঘৰৰ মুধচলৈ চাই , কুটিল হাঁহি এটা মুখতে পিন্ধি পুনৰ শুই পৰে ।

কেতিয়াবা আকৌ সপোনত নিজৰ প্ৰাণহীন শৰীৰটোৰ শ্মশান যাত্ৰাৰ দৃশ্য দেখি ৰাউচি জুৰি কান্দিবলৈ ধৰে তেওঁ। কাষতে নিদ্ৰাৰত অৱস্থাত থকা নীলিমাক সেই সময়ত গাৰ জোৰেৰে সাৱটি ধৰি কমখন গালি শুনে নে বৰুৱাই ।

: কি বিহু দেখুৱাইছে হে ৰাতিখন আপুনি ? মগজুৰ বিকৃতি ঘটিছে নেকি ? কি কেঁচুৱাৰ দৰে ৰাউচি জুৰিছে ?

নীলিমাৰ ওচৰত লজ্জিত হৈ পৰে যদিও , বুকুৰ ধিপধিপনিবোৰক কি দৰে শান্ত কৰে মানুহজনে ? লাহেকৈ মানুহজনীক বাহু বন্ধনৰ পৰা মুক্ত কৰি বিপৰীত দিশে মুখখন ঘূৰাই ফুচফুচাই কোৱা দি কৈ থয় তেওঁ..

: বৰ বেয়া সপোন এটা দেখিলোঁ অ’ নীলিমা ।

: বেয়া চিন্তাবোৰ মনলৈ আনে বাবেইটো সপোনো বেয়া দেখে । হ’ব দিয়ক , বেছিকৈ চিন্তা কৰি নাথাকিব । পানী এগিলাচ খাই শুই থাকক ।

এদিনটো কথা আৰু বিষম ।
অফিচৰ পৰা ঘূৰি অহা অনন্ত বৰুৱাই সেইদিনা জীয়েক চুমিৰ গাত হাত তুলিবলৈহে বাকী । টি.ভিৰ সন্মুখত বহি জীয়েকে অসমীয়া ধাৰাবাহিক এখন চাই আছিল । বৰুৱা ঠিক ঘৰ সোমাইছে হে , তেনেকুৱাতে ধাৰাবাহিকখনৰ শীৰ্ষ গীতটো বাজি উঠিল…

~ সমীৰে দিবগৈ ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি ।
স্মৃতিয়ে ক’বগৈ পাহৰা ক্ষণতে
মই নথকাৰ কাহিনী…

গানটো কাণত পৰাত বৰুৱাৰ বুকুত কোনোবাই যেন হাতুৰীৰ কোব এটা হে দিলে । বুকুখনত গুজৰি গুমৰি থকা সন্তাপবোৰ এইবাৰ দপদপকৈ জ্বলি উঠা জুই একুৰালৈ পৰিৱৰ্তিত হ’ল । প্ৰচণ্ড খঙেৰে টি.ভিটো অ’ফ কৰি আটাহ পাৰি উঠিল তেওঁ..

: কি ” মই নথকাৰ কাহিনী ” চাবলৈ আহিছ’ অ’ ? মানুহৰ জীৱনৰ কি এয়াই মূল্য ? কোনোবা এজন নাইকিয়া হৈ যোৱাৰো কাহিনী বনাই মানুহক মনোৰঞ্জন দিবলৈ আহে এই চিৰিয়েল মেকাৰবোৰে ? ইমান হৃদয়হীন হৈ পৰিছে নে অ’ মানুহবোৰ ।
আৰু তই… ?
তই কিয় চাব লাগে এই বিলাক চুমি ? কেতিয়াবা বাপেৰটো নোহোৱা হৈ গ’লেও কাহিনী বনাবি মানে ?

: দেউতা কি কৈ আছা এইবোৰ ? এখন চিৰিয়েল চোৱাৰ বাবেই তুমি ইমান খং খাই উঠাইছা যে..! তোমাৰ আচলতে কি হৈছে অলপ দিনৰ পৰা ?

বাপেক জীয়েকৰ চিঞৰ-বাখৰ শুনি নীলিমা পাকঘৰৰ পৰা ওলাই আহি আচৰিতেই হ’ল। কি নো হ’ল আও-ভাও লৈ তেওঁ গিৰীয়েকক দবিয়াই উঠিল ..

: অ’ৰি ..এই যে মৰিম মৰিম ভাব এটা আপুনি মন মগজুলৈ শিপাই লৈছে .. চাই থাকক, সেই ভয়টোহে এতিয়া আপোনাৰ মৃত্যুৰ কাৰণ হৈ পৰিব । এই ধৰণৰ ঋণাত্মক চিন্তা কিছুমানক প্ৰশ্ৰয় দি , সেইবোৰ সঁচা হৈ উঠাৰ বাটটো মুকলি কৰি দিয়া নাই নে আপুনি ? মধুমেহ ৰোগীয়ে অযথা টেনশ্যন ল’বই নালাগে । আৰু আপুনি যোৱা এমাহে কেৱল তাকেই কৰি আছে । কোনদিনা হার্ট এটেক আহে পাত্তাই নাপাব কিন্তু , কৈ থ’লো ।
ধেই ,ঘৰখনৰ পৰিবেশ বিনষ্ট কৰি পেলাইছে একেবাৰে । শাৰীৰিক ভাৱেও দেখোন সুস্থই আপুনি । গা বেয়া হৈ আছে যদি খোলাকৈ ক’লে হে জানিম , কি নো হৈছে ..! মুখেৰে একো নকয় , নামাতে ও.. মাত্ৰ উৰহৰ খং ভগা ঢাৰিত জাৰি আমাক শাস্তি দিছে ।

এটা শব্দও উচ্চাৰণ নকৰাকৈ ভিতৰলৈ সোমাই যায় অনন্ত বৰুৱা আৰু নিজৰ বিচনাখনতে ধমহকৈ বহি পৰে । কিদৰে বুজাই তেওঁ মাক জীয়েকক , তেওঁক যে মৃত্যুয়ে হাত বাউলি মাতি আছে ..! তেওঁৰ জীৱনৰ অন্তিম দিনটোলৈ আৰু যে মাত্ৰ দুটা দিন হে বাকী । তেওঁৰ বুকুত বলি থকা অশান্ত ধুমুহা জাকৰ উমান কি দৰে দিয়ে নীলিমাক ..? কি বুলি বুজনি দিয়ে চুমিক ..?

ঘৈণীয়েক নীলিমাই গ্ৰহ দোষৰ বাবে বৰুৱাই এই ধৰণৰ অৰ্থহীন আচৰণ কিছুমান কৰিবলৈ লৈছে বুলি ঘৰখনত গ্ৰহ হোম এভাগ দিয়াৰ মনস্থ কৰিলে । শিৱ মন্দিৰলৈ ও শৰাই এভাগি আগ কৰিলে । মানুহজনক বকি-জকি থাকে যদিও তেওঁক লৈ নীলিমাও আজি শংকিত ।

অৱশেষত বৰুৱাৰ ঘৰৰ কেলেণ্ডৰখনত সেই নিৰ্দিষ্ট দিনটো পূৰণ চিন দি কাটি থোৱা বিগত দিনবোৰৰ পিছত উদিত সুৰুজৰ দৰেই জিলিকি উঠিল ।

এয়া যদি সঁচাকৈ তেওঁৰ জীৱনৰ অন্তিমটো দিন হয় ..! আজিৰ পুৱাটোৱেই যদি তেখেতৰ জীৱনৰ শেষ পুৱা হয়..! বুকুখনত বিষ এটাই খোচ মাৰি গ’ল অনন্ত বৰুৱাৰ । ঠকঠককৈ কঁপিবলৈ ধৰিলে মানুহজন ।
ল’ৰালৰিকৈ গাটো তিয়াই গোঁসাই সেৱা কৰি তেওঁ বিচনাত উঠিল আৰু বিচনাৰ লগতে থকা সৰু টেবুলখনত ঔষধ-পাতি খিনিৰ উপৰিও এগিলাচ ঠাণ্ডা পানী আৰু ফ্লাক্স এটাত গৰম পানী অলপো কাষ চপাই ল’লে । কামখিনি বৰুৱাই নিজেই কৰিলে ।
মৃত্যুক আদৰিবলৈহে হে যেন সাজু হৈছে তেওঁ ..!

ঘৈণীয়েক নীলিমাই আলেঙে আলেঙে সকলোবোৰ লক্ষ্য কৰি এপাকত গিৰিয়েকৰ কাষতে গৈ বহি ল’লে । আলফুলে বৰুৱাৰ কপালখনত হাত ফুৰাই ,আবেগেৰে সুধিলে তেওঁক ..

: অ’ৰি অফিচলৈ নাযায় আজি ? আপোনাৰ গা বেয়া কৰিছে নেকি সঁচাকৈ কওঁকচোন।

: নাই , মই আজি ক’লৈকো নাযাওঁ। গা ঠিকেই আছে মোৰ । অলপ ৰেষ্ট ল’বৰ হে মন গৈছে । তুমি চিন্তা নকৰিবা মোৰ বাবে। যোৱা কামত লাগা।

: ঠিক আছে । হ’ব দিয়ক ।

গিৰিয়েকৰ ওচৰৰ পৰা উঠি আহিল যদিও মনটো পিছে গধুৰ হৈ পৰিল নীলিমাৰ । কিবা এটা বেজাৰে মানুহজনক বৰকৈ কষ্ট দিছে , সেইটো ঠিৰাং । কিন্তু কি..? তেওঁ যদি কিবাকৈ জানিব পাৰিলে হয় সেই অব্যক্ত কথাবোৰ ।

চাহটোপা আৰু দুপৰীয়াৰ ভাত মুঠিও বৰুৱাই সেইদিনা বিচনাতে খালে । মুঠতে কোনো ধৰণৰ ৰিস্ক ল’বলৈ তেওঁ আজি প্ৰস্তুত নহয়। বাকীবোৰ দিনৰ দৰে আজিৰ দিনটোও যদি ঠিকমতে উশাহটো লৈ বিদায় জনাব পাৰে ,বহু বছৰলৈ তেওঁক আৰু মৃত্যুৰ ভয়ে চুব নোৱাৰে ।
বিচনাত অলসভাৱে পৰি থকা বৰুৱাক কামৰ মাজে মাজে নীলিমাই পিছে মন কৰি থাকিল । দুখ এটাই আকৌ এবাৰ খুন্দিয়াই গ’ল মানুহজনীৰ বুকুখন।

এপাকত বিচনাখন এৰি ঘৰৰ কামত ব্যস্ত থাকিলে মানুহজনৰ মনটো কেনেবাকৈ অলপ মুকলি হয়েই বুলি নীলিমাই বৰুৱাক কোঠাৰ দুৱাৰখনৰ ঠিক ওপৰতে থকা ঘড়ীটোলৈ আঙুলিয়াই দেখুৱালে ..

: অ’ৰি বিচনা এৰক আৰু । সেই ঘড়ীটো ওলোমাই থোৱা গজালটোকে ঠিক কৈ কোবাই দিয়কচোন , হাতুৰীটো আনি দিও । কিমান দিনৰ পৰা যে সোলোক-ধোলোক হৈ ওলমি আছে । কেতিয়াবা মূৰতে পৰিব কাৰোবাৰ । কৈ থাকিলে ও মনেই নকৰে । আজিকালি ঘৰখনত নো কি হৈ আছে চকুৱেই নিদিয়া হ’ল আপুনি ।

: হেই ৰ’বা হে । জীয়াই থাকোঁ যদি পিছতো পাৰিম নহয় ঘৰৰ কাম কৰিব । অযথা কেলকেলাই নাথাকিবাচোন ।

অনন্ত বৰুৱা খং খাই উঠিল । তেওঁ হে জানিছে কিদৰে চেকেণ্ড/নেন’ চেকেণ্ডৰ হিচাপ ৰাখি তেওঁ দিনটো পাৰ হৈ যোৱালৈ অপেক্ষা কৰিছে ।

চকুৰ টিপ নমৰাকৈ আকাশ পাতাল ভাবি বিচনাখনত পৰি আছে বৰুৱা । নিশা ক্ৰমান্বয়ে গভীৰ হৈ আহিছে । কাষত ঘৈণীয়েক নীলিমা গভীৰ টোপনিত মগ্ন । হঠাৎ তেওঁ ফুৰ্তিতে হাঁহিবলৈ ধৰিলে আৰু নীলিমাকো টোপনিৰ পৰা জগাই বহুৱাই ল’লে ।

: নীলিমা অ’ , উঠা উঠা । এতিয়া আৰু একো ভয় নাই বুজিছা । ঘড়ীটোলৈ চোৱাচোন।

নীলিমাই আচৰিত হৈ চকু দুটা মোহাৰি ঘড়ীটোলৈ চালে আৰু কৌতুহলী মন এটাৰে বৰুৱাক সুধিলে..

: ১১: ৫০ ।
কি হ’ল নো ?

: কি জানা নীলিমা , যোৱা এটা মাহে মই বুকুত জীয়া জুই একুৰা জ্বলাই কি দৰে পাৰ কৰিলোঁ বৰ্ণনা কৰি বুজাবও নোৱাৰিম তোমালোকক ।
অফিচলৈ সেইদিনা ফকীৰ এজন আহিছিল । মুখ চায়েই সকলোকে যিবোৰ কথা কৈ গৈছিল উপস্থিত সকলো একেবাৰে আচৰিত নহয়..! সকলোৰে অতীতৰ এটা এটা সত্য উদ্ঘাটন কৰি গ’ল তেওঁ।
তুমি জানাই মই এইবোৰ বিশ্বাস নকৰো , তথাপিও দূৰৈৰ পৰাই সকলোকে লক্ষ্য কৰি থাকি এপাকত নিজৰ বিষয়েও জনাৰ প্ৰবল ইচ্ছা এটা কেনেকৈ নো জানো জাগি উঠিল , মই তেওঁৰ সন্মুখত বহি পৰিলোঁ ।
বিশ্বাস কৰিবা নীলিমা মোৰ যেন ছাঁটো হৈ , মোৰ লগতে হে আছিল তেওঁ ইমান বছৰে । যিবোৰ কথা এফালৰ পৰা কৈ গ’ল, সব দেখোন সত্য ।
শেষত হে মাধমাৰটো দি দিলে । তেওঁ মোৰ মুখলৈ একেথৰে চাই মনতে কিবা গণনা কৰিলে আৰু ক’লে… আজিৰ তাৰিখটো বোলে মোৰ বাবে একেবাৰেই বেয়া । মোৰ জীৱনলৈ কাল অমানিশা নামি আহিব । শনি আৰু কেতুৰ মহামিলনে মোৰ আয়ুসৰ স্থিতিলৈ বিপদ নমাই আনিছে। মৃত্যুৰ অশনি সংকেত বহনকাৰী এই গ্ৰহৰ প্ৰভাৱ ইমানেই প্ৰবল যে মই তাৰ পৰা পৰিত্ৰাণ পোৱা প্ৰায় অসম্ভৱ। কিন্তু যদিহে আজিৰ এই ক্ষণবোৰত মই নিজকে সুৰক্ষিত ৰখাত সফল হওঁ , মোৰ আয়ুসৰ দোষ সমূলে নাশ হ’ব । মই আৰু বহু বছৰ সুস্বাস্থ্যৰ অধিকাৰী হৈ জীয়াই থাকিবলৈ সক্ষম হ’ম । এক কথাত মোৰ এক নতুন জীৱনৰ সূচনা হ’ব ।
এইবোৰ শুনি মই কি দৰে শান্ত হৈ থাকো কোৱাচোন । তোমালোকৰ ভৱিষ্যতটো সুৰক্ষিত কৰা নহ’লেই। চুমিৰ বিয়াখন আছেই। মই এইবোৰ দায়িত্ব তোমাৰ মূৰত জাপি দি কোনটো সুখত মৰো বাৰু ?
পিছে এতিয়া আৰু ভয় নাই । চোৱা , ঘড়ীটো… বাৰ বাজেই । মানে মোৰ গ্ৰহৰ দশাৰো অন্ত পৰিছে । মই জীয়াই থাকিম নীলিমা । মই জীয়াই থাকিম । মই নমৰিলোঁ চোৱা ।

: অ’ৰি আপোনাৰ কথাখিনি শুনি বুকুখন কঁপি গৈছে। কি কৈছে আপুনি এইবোৰ ?
কোনোবাই আপোনাৰ ভূত ভৱিষ্যতৰ বিষয়ে কিবা এষাৰ শুদ্ধকৈ ক’ব পাৰে । জ্যোতিষ বিদ্যাক মইও সন্মান কৰো । সেইয়া ও অংকৰ বিদ্যা হে । জ্যোতিষ শাস্ত্ৰৰো গাণিতিক ভিত্তি আছে । জন্মৰ সঠিক সময় , সঠিক স্থান কোনো এজন ভাল জ্যতিষীক জনালে তেওঁ আপোনাৰ বিষয়ে শুদ্ধ তথ্য দিয়াটো ডাঙৰ কথা নহয় ।
কিন্তু জন্ম, মৃত্য ,বিবাহ কেৱল নেদেখা জনৰ হাতত । তেওঁ ৰাখোঁ বুলি ক’লে কোনেও নিব নোৱাৰে , আৰু নিওঁ বুলি ক’লেও কোনেও ৰাখিব নোৱাৰে । মিছাই এইবোৰ মনতে থাপি লৈ ইমান দিনে আশান্তিৰে কটালে ।
ঈশ্বৰকে ধন্যবাদ জনাইছোঁ , আপোনাৰ যে মনৰ সংশয়বোৰ দূৰ হ’ল অৱশেষত । আৰু এইবোৰ চিন্তা কৰি নাথাকিব কিন্তু..কৈ দিছোঁ হ’লে । চুমিজনীকে চাবচোন , কিমান চিন্তাত পৰিছে তাই আপোনাক লৈ ।

: হয় দিয়া , মই তোমালোকক বৰ কষ্ট দিলোঁ ইমান দিনে । কথা দিলোঁ , কাইলৈৰ পৰা সকলোবোৰ ঠিক হ’ব। ঘৰখনলৈ আগৰ ভাল লগা পৰিবেশবোৰ ঘূৰি আহিব ।
যোৱাচোন ডাঠ কৈ গাখীৰ চাহ একাপ কৰা। টেনশ্যনত মূৰৰ বিষ উঠি গ’ল । চাহ একাপৰ বিৰাট প্ৰয়োজন অনুভৱ কৰিছো ।

: ৰ’ব , মইও খাই লওঁ আপোনাৰ লগতে একাপ ।

ফৰকাল মন এটাৰে নীলিমা পাকঘৰলৈ বুলি ৰাওনা হ’ল । ক্ষন্তেক বিচনাখনতে বহি নীলিমা যোৱালৈ চাই ৰ’ল বৰুৱাই। প্ৰশান্তিৰে ভৰি পৰিল তেওঁৰ মনটো । বুকুখনৰ পৰা গধুৰ শিল এচটা হে যেন কোনোবাই আঁতৰাই নিলে ।

কাষৰ কোঠাটোত শুই থকা জীয়েক চুমিৰ মুখখন এবাৰ চাই আহিবলৈ বৰকৈ মন গ’ল তেওঁৰ । খৰধৰকৈ নিজৰ কোঠাটোৰ পৰা ওলাবলৈ লওঁতেই , হঠাৎ কোঠাৰ দুৱাৰখনৰ ওপৰত সোলোক-ধোলোক কৈ ওলমি থকা ৱাল ঘড়ীটো বৰুৱাৰ মূৰৰ ওপৰতে ধমহকৈ সৰি পৰিল আৰু দূৰলৈ চিটিকি গ’ল । চনচন কৈ শব্দ কৰি ঘড়ীটোৰ আইনাবোৰ ভাগি টুকুৰা টুকুৰ হ’ল । দুটামান আইনাৰ টুকুৰা অনন্ত বৰুৱাৰ মূৰৰ ঠিক তালু অংশতো দ’কৈ সোমাই পৰিল। ক্ষত অংশৰ পৰা পিৰপিৰকৈ তেজ অলপ বৈ আহি কোঠাৰ মজিয়াখন ৰাঙলী কৰি পেলালে ।

প্ৰচণ্ড বিষ এটা অনুভৱ কৰিলে বৰুৱাই মুৰটোত । জোৰকৈ মেলি থাকিব বিচৰা চকু দুটা লাহে লাহে জাপ খাই আহিল । তেওঁৰ গাৰ শক্তিবোৰো যেন পলকতে শেষ হৈ গ’ল ।
মুৰটোত হাতখন দি ভগা আইনাবোৰৰ ওপৰতে ঢলি পৰিল তেওঁ । ঘড়ীটো পিছে তেতিয়াও সময় মিনিটবোৰ গণি গণি তেওঁৰ দৃষ্টিৰ পৰিসৰত টিক টিক কৈ শব্দ কৰি চলি থাকিল । মাত্ৰ তেওঁৰ উশাহৰ শব্দবোৰহে লাহে লাহে নুশুনা হৈ আহিল ।

জোৰকৈ চকু এটা মেলি অনন্ত বৰুৱাই সময়টোলৈ মন কৰিলে .. নিশা ১১ বাজি ৫৮ মিনিট ।

                         ——————

অপাৰ্থিৱ কথকতা

    ( প্ৰেম এনেকৈ ও )

~ অভিমানবোৰ এনেকুৱাই হয় নেকি নিবিড় ? ইমান মৌনতা কিয় আজি ? মোক নিচেই কাষতে পাই ও মোৰ লগত নিৰন্তৰ ভালপোৱাৰ কথাবোৰ পাগুলি থকাৰ কুহুমবুলিয়া হেঁপাহ অলপ তোমাৰ মনত জাগি উঠা নাই নে ? মন যোৱা নাই নে তোমাৰ দুবাহুৰে মোৰ সুকোমল শৰীৰটোক খামুচি ধৰি মোৰ হৃদস্পন্দনৰ হিচাপ ল’বলৈ..?

বাৰু..বাদ দিয়া এইবোৰ । এই ধুনীয়া ঠাইখনলৈ মোক আগতেই এবাৰ লৈ আহিবলৈ তোমাক ইমান দিনে কুটুৰি আছিলোঁ নহয় ,কিয় তুমি কাণষাৰ দিয়া নাছিলা নিবিড় ? এই সৌন্দৰ্য্যখিনিক উপভোগ কৰাৰ পৰা কিয় বঞ্চিত কৰিলা মোক অত’ দিনে ? কিয় ৰৈ থাকিলা মই তোমাক এইদৰে বুকুতে সাৱটি লৈ অহালৈ ?
মই পাগল হৈ যাম এতিয়া । এইয়া যে স্বৰ্গ..!পদুমেৰে ভৰি থকা জলৰাশি , সুদূৰত গগনচুম্বী ইউক্যালিপটাসবোৰ , অচিন পক্ষীবোৰৰ মৃদু গুঞ্জন , সৌ সেউজীয়া পাহাৰটোৰ ওখ চুঁড়াটোত লুকা-ভাকু খেলি থকা সূৰ্যটো..!

আস…. ! সুন্দৰতাৰ সংজ্ঞা এইয়াই নেকি..?

~ জীৱনবোৰো যদি ইমান সুন্দৰ , ইমান মনোমোহা হোৱা হয়..! তুমি ব্যস্ততাৰ আজুহাতেৰে মোৰ পৰা প্ৰায়েই দূৰতে থাকিলা । তোমাৰ অনুপস্থিতিৰে মই নো বাৰু কিদৰে অনুভৱ কৰোঁ জীৱনৰ ভাল ল’গাবোৰক ? কিন্তু কিছুমান বিশেষ মুহূৰ্তত মই তোমাক বৰকৈ মিছ কৰিছিলোঁ জানা নিবিড়..!

~ সেই যে ন’ কইনাজনীক চাবলৈ আহি মানুহবোৰে কৈছিল..
‘ শাখাই , সেন্দুৰে কইনা সাইলাখ গোসাঁনীজনী যেন অ’..! আমাৰ নিবিড়ৰ কপাল ভাল দেই । ‘

সেইখিনি সময়ত মোক ৰঙা কৰি পেলোৱা লাজৰ আৱৰণখনৰ আঁৰ লৈ তোমাৰ চকুত মোৰ প্ৰতি কিমান প্ৰেম জাগি উঠিছে পঢ়ি চাবলৈ খুব মন গৈছিল মোৰ ।

ফুলশয্যাৰ নিশা তোমাৰ সৈতে মন আৰু শৰীৰৰে একাত্ম হৈ পৰাৰ মুহূৰ্তত সেই যে তুমি তোমাৰ অনুভৱৰ টোপোলাটো মোৰ সন্মুখত খুলিব বিচাৰোঁতেই চি. এম চাৰৰ এটা ফোন কলে অব্যক্ত কথাবোৰ আধৰুৱা কৰি ৰাখিলে , সেই কথাখিনি শুনাৰ অদম্য স্পৃহা এটা আজিও একে হৈয়েই থাকি গ’ল মোৰ মনত ।

অনুভৱবোৰক প্ৰকাশ কৰাৰ তিলমানো সুযোগ , তোমাক নো এদিনলৈ ও নিদিলে নে জীৱনে ?

~ কিয় নিবিড়..? কিয় মই তোমাৰ জীৱনত , তোমাৰ জীৱন যাত্ৰাৰ সহযাত্ৰী হৈ ও পৰিত্যক্ত যেন হৈ ৰ’লো ? ৰাজনীতিৰ মেৰপাকে তোমাক এইদৰে মেৰিয়াই ৰাখিলে নে যে , মোৰ বাবে নূন্যতম সময় অলপো তুমি তোমাৰ দৈনন্দিন জীৱনৰ পৰা মোক যাঁচিবলৈ অপাৰগ হৈ পৰিলা ?
অভিযোগ মই কোনো দিনেই নকৰিলোঁ। কাৰণ , তোমাৰ ব্যস্ততা বা তোমাৰ কৰ্মক মই সদায় সন্মান জনাই আহিছোঁ । কিন্তু মোৰ প্ৰতি তোমাৰ অলপমান অনুৰাগ মোৰ জানো প্ৰাপ্য নাছিল কোৱাচোন..!

~ সেইদিনটোৰ কথা মই কিদৰে পাহৰিম কোৱা…যি দিনা তোমাৰ বীৰ্য্য মোৰ গৰ্ভত ধাৰণ কৰি মই মাতৃত্বৰ সুখখিনি বুটলি ল’বলৈ সাজু হোৱাৰ খবৰটো প্ৰথমে তোমাক দিওঁ বুলি ফোন কৰিছিলোঁ তোমালৈ.. আৰু তুমি গুৰুত্বপূৰ্ণ মিটিং এখনত ব্যস্ত আছিলা বাবেই বাৰে বাৰে মোৰ ফোনটো কাটি দি এপাকত খুব গালি দিছিলা , অযথা তোমাক মই দিগদাৰ দি থাকোঁ বুলি । মইটো জনা নাছিলো ,মোৰ আৰু তোমাৰ জীৱনৰ প্রধান আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰৰো যে ভিন্নতা থাকিব পাৰে । মইটো ভাবিছিলোঁ আমি দুয়ো মন আৰু মগজুৰেই এক ।

~ সেইদিনা খুব কান্দিছিলোঁ মই নিবিড় । বুজিয়েই পোৱা নাছিলোঁ আচলতে.. প্ৰাপ্তিৰ সুখখিনিক বুকুতে জীয়ন দি সুখৰ বন্যাত মতলীয়া হওঁ নে , তোমাৰ অৱজ্ঞাৰে চূৰ্ণ-বিচূৰ্ণ হৈ পৰা হিয়াখনে অনুভৱ কৰা দুখবোৰৰ সমভাগী হওঁ..!

তুমি যেতিয়া গম পাইছিলা তুমি পিতৃ হ’বলৈ ওলাইছা , তোমাক দেউতা বুলিবলৈ কোনোবা এজনে পৃথিৱীলৈ আহিবলৈ যো-জা চলাইছে …নিশ্চয়কৈ সুখী হৈছিলা তুমি । বহুত সুখী হৈছিলা । কিন্তু সেই তেতিয়াও তুমি মোৰ চকুৰ উদাসী আন্ধাৰবোৰক লক্ষ্যই নকৰিলা ।

~ আমাৰ সন্তানটি ভূমিষ্ঠ হোৱাৰ পৰতো তুমি তোমাৰ দলৰ কামত অসমৰ বাহিৰত আছিলা । মই মনে-প্ৰাণে বিচাৰিছিলোঁ, সেই সুখখিনিক আমি দুয়ো একেলগে বুকুলৈ চপাই ল’ম । তুমি সেই সময়খিনিত মোৰ কাষতে থাকিবা ।
কিন্তু সঁচা কথা এটা কওঁ.. তোমাৰ অনুপস্থিতিয়ে পিছে সেইদিনা মোক বিচলিত কৰিব পৰা নাছিল । মই আচলতে তুমি হীনতাৰ সৈতে অভ্যস্ত হৈ পৰিছিলোঁ ।

আমাৰ সেই অকণমানি কলিজাকণ অম্লান , আজি বৰটো হ’ল । মোৰ সুখ দুখৰ হিচাপ ৰাখিব জনা হ’ল । মই তাৰ বাবেই নতুনকৈ জী উঠিবলৈ শিকিলোঁ নিবিড় । অৱশ্যে মোৰ হৃদয়ৰ যি সুকীয়া স্থানখিনিত তোমাক মই আলফুলে ৰাখি আহিছোঁ , সেই নিভৃত কোণত কাৰোৰে প্ৰৱেশ সম্ভৱ নহয় । যি খিনি প্ৰেম বা অনুৰাগ কেৱল তোমাৰ বাবেই ইমান বছৰে বুকুতে তৰপে তৰপে জমা কৰি ৰাখিছোঁ , সেইখিনি বেলেগক বিলাই দিয়া কোনোপধ্যে সম্ভৱ নহয় । সেইয়া মোৰ জীৱনৰ এক অভেদ্য গোপন অধ্যায়। যাক মই আমৃত্যু সুঁৱৰি থাকিবলৈ ভাল পাম ।

কিন্তু তোমাৰ অনুপস্থিতিক অৱজ্ঞা কৰিব পৰাকৈ আমাৰ অম্লানে দৃঢ় কৰি গঢ়ি তুলিলে মোক । জীৱনলৈ নামি অহা চৰম নিৰ্মোহতা বোৰক আঁতৰাই সি ভালল’গা কিছুমানেৰে ভৰাই পেলালে মোৰ গতানুগতিক দিনবোৰ। জীয়াই থকাৰ প্ৰেৰণা হোৱাকৈ সেউজীয়া সপোন কিছুমানক সাৰ-পানী দি লহপহ কৈ বগাই যাবলৈ সি মোৰ জীৱনৰ অৱলম্বন স্বৰূপ হৈ পৰিল ।

~ কি জানা , মনতে চেপি ৰখা বহুত কথাই তোমাক ক’বলৈ আছিল । যিবোৰ নোকোৱাকৈয়েই বুকুতে এদিন হয়তো সমাধিস্ত হৈ পৰিল হেঁতেন..! সেইবাবে আজি এইখিনি সময় মই তোমাৰ পৰা ধাৰলৈ ল’লো দেই নিবিড় ।

পুৰোহিত জনে কেতিয়াবাই তোমাৰ অস্থি দানৰ বিধিবোৰ সম্পূৰ্ণ কৰি থৈ গ’ল । মই হে মোৰ বুকুতে অলপ সময় তোমাক সাৱটি ৰাখিব বিচাৰিছিলোঁ । মুক্ত মনেৰে একান্ত সময় অলপ , তোমাৰ লগত কটোৱাৰ প্ৰৱল ইচ্ছাক মই বান্ধি ৰাখিব পৰা নাছিলোঁ ।

চোৱাচোন , গোটেই জীৱনটো দেখোন তোমাৰ ব্যস্ততাবোৰক উপলব্ধি কৰি নিজৰ হেঁপাহক বলি দিয়েই পাৰ কৰিলোঁ। তোমাৰ পত্নী হিচাপে তোমাৰ ব্যস্ততাপূৰ্ণ জীৱনটোৰ অকণমান সময়ৰ অংশীদাৰ হোৱাৰ অধিকাৰ মোৰো জানো নাছিল..? মোৰ বাবে তোমাৰ অলপো বেয়া নালাগে নে নিবিড় ? কেতিয়াবা এটা লহমাৰ বাবে হ’লেও তুমি ভাবিছিলা নে.. মোক যে তুমি কিমান অকলশৰীয়া কৰি ৰাখিলা গোটেই জীৱনটো ?

যিদিনা গম পাইছিলো বিৰোধী দলৰ কোনোবা ভেৰুণীয়া গুণ্ডাৰ ষড়যন্ত্ৰৰ বলি হৈ তুমি অকাল মৃত্যুক সাৱটি লৈছা মই দিক বিদিক হেৰুৱাই পেলাইছিলোঁ ।
এইদৰে নো কোনোবা হঠাতে হেৰাই যায় নে..?
সদায়ৰ দৰে সেইদিনাও মোক তুমি মাত এষাৰ লগাই যাবলৈ ও সময় নাপালা । মই কিন্তু কন্দা নাছিলোঁ এইবাৰ । মই বুজিবলৈ যত্ন কৰিছিলোঁ , জীৱনৰ কিছুমান মুহূৰ্তত কিছুমান মানুহ প্ৰকৃততে কি দৰে হাৰি যায় ।

~ মই হাৰি গ’লো নিবিড়.. ।

তোমাক কেতিয়াবা কেৱল মোৰ কৰি মোৰ কাষতে ৰখাৰ সপোনটোক পূৰ্ণতা দিব নোৱাৰি হাৰি গ’লো মই । মই তোমাৰ হৈও তোমাৰ দ্বাৰা পৰিত্যক্ত হৈ ৰোৱাৰ দুখ এটাক বুকুতে বান্ধি , জীয়াই থাকিবলৈ বাধ্য হৈ হাৰি গ’লো ।

যোৱাগৈ যোৱা নিবিড়.. । তোমাক ধৰি ৰখাৰ দুঃসাহস নকৰো আৰু মই। তুমি মুক্ত বিহংগৰ দৰে ঘূৰি ফুৰি ভালপোৱা । তোমাৰ স্বাধীনতাক মোৰ অৰ্থহীন প্ৰেমালাপ বা অভিমান-অভিযোগেৰে মষিমূৰ কৰাৰ অধিকাৰ আৰু কোনো দিন নিবিচাৰোঁ মই ।

তোমাক আজি মৌনতাৰে মোৰ বেদনাবোৰৰ বুজ ল’বলৈ বাধ্য কৰি পেলালে নিয়তিয়ে । মই নো তোমাৰ লগত শেষ কথাখিনি পতাৰ সুযোগকণক কি দৰে এৰি দিওঁ কোৱা..!

~ মোৰ বুকুত তুমি সদায়েই ঘৰ কৰি থাকিবা নিবিড় । মোৰ অনুভৱত তুমি সদায়েই জীয়াই থাকিবা । তোমাৰ লগতে চিৰবিদায় লৈ অশৰীৰী জগত এখনত একান্ত তোমাৰ হ’বলৈ বৰকৈ মন গৈছে মোৰ । অপ্ৰাপ্তিৰ অনুভৱবোৰক প্ৰাপ্তিৰ সুখেৰে জিলিকাই তুলিবলৈ প্ৰৱল হেঁপাহ এটা উকমুকাই উঠিছে ।

কিন্তু মই নোৱাৰো… । দায়িত্বৰ হাতোৰাই মোক আটি আটি বান্ধি ৰাখিছে। সেই দায়িত্ববোৰৰ পৰা মই তোমাৰ দৰে মুৰ পোলোকা মাৰি পলাই সাৰিব নোৱাৰো । নোৱাৰো তোমাৰ দৰে নিষ্ঠুৰ হৈ , অম্লানক অকলশৰীয়া কৰি এৰি যাব ।

যোৱা গৈ… ।
বিদায় নিবিড়.. ।

মোক এগৰাকী পত্নী আৰু এগৰাকী মাতৃ কৰি জীৱনৰ নতুন অধ্যায় এটাক সামৰি লৈ অভিজ্ঞ কৰি তোলাৰ বাবে ধন্যবাদ তোমাক । মোক বেয়া পাই নাথাকিবা দেই ইমান পৰে তোমাৰ ওচৰত অনৰ্গল আপত্তি কিছুমানকে বখানি থাকিলোঁ বুলি ।

যোৱাগৈ যোৱা ..। **************************

পশ্চিম আকাশত তেতিয়া জুইফুল ফুলিছিল । উজ্বল হালধীয়া অলপে আৰু নদীৰ বুকুৰ প্ৰস্ফুটিত পদুমবোৰে পানীখিনিত যেন বিচিত্ৰ ৰঙৰ খেলা এখন হে খেলিছিল ।
ইমান পৰে পঞ্চভূতত বিলীন হোৱা নিবিড়ৰ অস্থি কঢ়িয়াই অনা কলহটো বুকুতে সাৱটি বহি থকা মৃণালীনী লাহে লাহে নদীখনলৈ নামি গ’ল আৰু অস্থিখিনি নদীৰ পানীত বিসৰ্জন দি হুকহুকাই কান্দি উঠিল ।

এইয়া যে শেষ বিদায়..।
নশ্বৰ দেহটোক বিদায় দিলেও নিবিড়ক জানো তাই অন্তৰৰ পৰা চিৰদিনলৈ বিদায় দিব পাৰিব ?

” The saddest part in life is saying goodbye to someone you wish to spend your lifetime with ..” 


                   ——–////——–////——-

হুতাশন




~~ ভাত কেইটা ৰান্ধি আজৰি হৈ হাততে টিপ চাকিটো লৈ মনোমতী নঙলাৰ মুখলৈ আগবাঢ়ি আহিল । ইমান দেৰি দেখোন কেতিয়াও নকৰে সৰুধনে । আজি নো ক’লৈ গ’ল ল’ৰাটো এই পৰ’লৈকে ?
মনটো উচপিচাবলৈ ধৰিলে তাইৰ । চাকিৰ পোহৰতে চানি পৰা চকু কেইটা বহলাই মেলি জুপি জুপি তাই আলিটোলৈ ওলাই আহিল ।

চুহ…. কৈ শব্দ কৰি ফেঁচা এটা তাইৰ কাণৰ কাষেদি উৰি গৈ সন্মুখৰ চতিয়না জোপাতে পৰিল । ডেউকাৰ বতাহে কোবোৱাত সেৰেঙা শীত অলপে কঁপাই দিলে মানুহজনীক । পুহৰ ঠেঁটুৱৈ ধৰা জাৰ । ঘোপ মাৰি ধৰা কুঁৱলীৰ ফাঁকেৰে ডিঙি মেলি মেলি দূৰৈত সৰুধনৰ চাইকেলখন কেনেবাকৈ দেখা পাই নেকি চাবলৈ যত্ন কৰিলে তাই ।

ফেঁচাটোৱে মূৰৰ ওপৰতে নিউ..নিউ..কৈ মাত দিয়াত উচপ খাই উঠিল মনোমতী ।
~ হেৰৌ’ অমংগলীয়া ডাল.. কিয় চিঞৰিছ’ অ’ এনেকৈ..?

ত’ললৈ হাউলি ধিপধিপাই থকা চাকিটোৰ পোহৰ পেলাই আলিটোত পৰি থকা লডি গুটি এটা বুটলি লৈ অনুমানতে ফেঁচাটোৰ দিশে লক্ষ্য স্থিৰ কৰি ল’লে তাই আৰু চতিয়না জোপালৈ দলিয়াই দিলে। চতিয়না জোপাৰ পাতবোৰ ঝৰঝাৰাই উঠিল । শব্দটো তাইৰ বুকুখনতো ঠেকা খালে । এনেকুৱা সময়বোৰতচোন ভাল চিন্তাবোৰ মনলৈ নাহেই । সৰুধনটোৰ একো বিপদ নহ’লেই হ’ল ঈশ্বৰ..!

গাঁওৰ মানুহবোৰৰ সাৰি শব্দ নাই । ঠেৰেঙা লগা জাৰৰ প্ৰকোপত , সকলো চাগৈ নীহালিৰ আমেজ লৈ শোৱাপাতিত..! অন্য দিনা হোৱা হ’লে মনোমতীয়েও এনে সময়ত এমুঠি খাই বিছনাত উঠে । আজি আকৌ সৰুধনটো আহিয়েই পোৱা নাই নহয়..! থেৰো-গেৰোকৈ মানুহজনী উভটি আহিল , কিন্তু মনটোক মনাব নোৱাৰি নঙলা ডালতে হাত দি এবেলা সৰুধনলৈ অপেক্ষা কৰিলে ।

হিমক’নাৰ শীতাৰ্ত স্পৰ্শত মানুহজনী যেন বৰফৰ দৰে গোট হে মাৰিব এতিয়া ..! ফেৰফেৰিয়া বতাহ এজাকে এপাকত কঁপাই দিলে মনোমতীৰ সৰ্বশৰীৰ লগতে চাকিটোৰ পোহৰখিনিও । ইমান ঠাণ্ডাখনত এই ৰাতিলৈকে কি কৰি আছে নো ল’ৰাটোয়ে ?
মনটো বিক্ষিপ্ত চিন্তা কিছুমানে জুমুৰি দি ধৰিলে তাইৰ । বাপেকটোয়ে লগ এৰাৰ পিছত ল’ৰাকণেই মনোমতীৰ জীয়াই থকাৰ কাৰণ । পৰস্পৰে পৰস্পৰৰ মুখলৈকে চাই দিনবোৰ গণি গণি পাৰ কৰিছে । অভাৱে পঢ়া-শুনাত বাধা দিলে যদিও দেখাই শুনাই কাৰ্তিক হেন সৰুধন পিছে সকলোৰে আদৰৰ। হৃদয়বান ল’ৰা সি । পৰিস্থিতিয়ে সময়তকৈ সোনকালেই ৰোগী আৰু বৃদ্ধ কৰি তোলা মাকজনীৰ , সৰুধনে যি দৰে যত্ন লৈছে সেইয়া গাঁওখনৰ সকলোৰে বাবে আলোচ্য বিষয় ।

ভিতৰলৈ সোমাই যাবলৈওচোন মনোমতীক মনটোৱে কোনোমতে অনুমতি দিয়া নাই । অগত্যা পিৰালীটোতে বহি বাঁহ , কাঠ কেইটুকুৰামানকে গোটাই জুই একুৰা জ্বলাই ল’লে তাই । ল’ৰাটো নহালৈকে ইয়াতেই বহি অপেক্ষা কৰাই উচিত হ’ব ।
দপদপাই জ্বলি উঠিল জুইকুৰা । টিপ চাকিটো ফুঁৱাই নুমাই থৈ জুই কুৰাৰ তাপক’ন ল’বলৈ হাত ভৰি কেইটা মেলি দিলে তাই ।

———————–

একুৰা প্ৰতিশোধৰ জুই , মহৰী মনেশ্বৰ শইকীয়াৰ ঘৰটো জ্বলিছিল সেইদিনা ; যেতিয়া একমাত্ৰ জীয়েক মালবিকাক ইটাভাটাৰ প্ৰকাণ্ড চিমনিটোৰ আঁৰত শইকীয়াই সৰুধনৰ বাহুবন্ধনত দেখা পাইছিল । তাত কাম কৰা বিহাৰী মজদুৰবোৰৰ ভিতৰত সৰুধনেই একমাত্ৰ অসমীয়া ল’ৰা আছিল । পিতৃহাৰা হৈ ঘৰখন চলাবলৈকে ইটাভাটাটোত বনুৱা হিচাবে কাম কৰিবলৈ বাধ্য হৈ পৰিছিল সি । মাজে মাজে ইটাভাটাটোলৈ কাম চাবলৈ যোৱা মালবিকা , দেখাই-শুনাই কাৰ্তিক সদৃশ সৰুধনৰ প্ৰেমত কেতিয়ানো নিম’জ্জিত হ’ল গমেই নাপালে । চাৰি চকুৰ মিলনত এদিন দুই হৃদয়ৰো মিল হ’ল আৰু ৰঙচুৱা ইটাবোৰৰ আঁৰে আঁৰে সকলোৰে অলক্ষিতে সিহঁত দুয়োটা প্ৰেমৰ ৰঙেৰেও ৰাঙলী হ’বলৈ ধৰিলে ।

মনেশ্বৰ শইকীয়াই লাজে অপমানে জৰ্জৰিত হৈ , জীয়েকক হাতখনতে থাপ মাৰি ধৰি ঘৰলৈ লৈ আহিছিল । সাধাৰণ মজদুৰ এটাৰ লগত আলিংগনৰত অৱস্থাত মালবিকাক দেখি খঙে মূৰৰ চুলিৰ আগ পাইছিল তেওঁৰ । আত্মসন্মানত আঘাত লাগিছিল শইকীয়াৰ । প্ৰচণ্ড আক্রোশত মানসিক আৰু শাৰীৰিক প্ৰহাৰৰে কোঙা কৰি পেলাইছিল তেওঁ জীয়েকক ।
বাপেকৰ অপমান আৰু গালিবোৰ জীয়েক মালবিকাই মুৰ পাতি লৈছিল যদিও , নীৰলে এসোপা বিষ বুকুখনত জীপাল হৈ উঠিছিল তাইৰ । সৰুধনৰ কথা চিন্তা কৰি মনটো আলোড়িত হৈ উঠিছিল মালবিকাৰ । সন্তাপৰ জুই একুৰা তাইৰ বুকুতো উমি উমি জ্বলি উঠিছিল ।

———————-

দিনটোৰ কামৰ অন্তত ইটাভাটাটোত কৰ্মৰত বনুৱাবোৰ , ভাটাটোৰ লগতে থকা সৰু সৰু জুপুৰী সদৃশ ঘৰবোৰত সোমাই পৰিছিল । চিলমিলকৈ টোপনি অহা বাবুৱাৰ, চিমনিটোৰ পৰা ভাঁহি অহা কাৰোবাৰ গেঙনিৰ দৰে শব্দ কিছুমান কৰ্ণগোচৰ হোৱাত জুপুৰীটোৰ পৰা ওলাই আহিছিল সি ।
পুৰি কটকটীয়া কৰাৰ উদ্দেশ্যে শাৰী শাৰী কৈ সজাই ৰখা নতুনকৈ সাজি উলিওৱা কেঁচা ইটাবোৰৰ মাজে মাজে এখুজি দুখুজিকৈ বাবুৱা আহি চিমনিটোৰ ওচৰত উপস্থিত হ’ল ।

আৰু হঠাতে হুলস্থুলীয়া পৰিবেশ এটাৰ সৃষ্টি হ’ল ইটাভাটাটোত । প্ৰকাণ্ড চিমনিটোত দপদপাই জ্বলি থকা জুইকুৰাত চটফটাই থকা সৰুধনৰ অৰ্ধদগ্ধ শৰীৰটো দেখি টেঁটু ফালি চিঞৰিবলৈ ধৰিলে সি ..

:- বচাৱ’… বচাৱ’। দেখ’ য়ে ক্যা হুৱা । আৰে য়ে চব কৈইছে হুৱা ৰে । আগ …আগ..। সৰুধন … সৰুধন …

চিমনিৰ ৰঙা ৰঙা জ্বলন্ত আঙঠাবোৰৰ পৰা সৰুধনক সি টানি টানি উলিয়াই আনিলে । তেতিয়ালৈ গলি শেষ হৈছিল তাৰ গাৰ মঙহবোৰ ।
সেই সময়তে , কুঁৱলীৰ আচ্ছাদন ফালি সৰুধনৰ ঘৰ অভিমুখী চাইকেলখন খুন্দিয়াই ফো-ফোঁৱাই কাৰোবাৰ গাড়ী এখন প্ৰধান ৰাস্তাটোৰে আন্ধাৰত হেৰাই গৈছিল ।

———————-

টোপনিয়ে হেঁচা মাৰি ধৰিলে মনোমতীক । বাঁহ কাঠবোৰো পুৰি প্ৰায় শেষ হওঁ হওঁ । নঙলাৰ মুখলৈ আকৌ এবাৰ ডিঙি মেলি চালে মানুহজনীয়ে । দূৰৈত গুমগুমনিৰ দৰে শব্দ এটা শুনা পাই টিপ চাকিটো জ্বলাই লৈ খৰখেদাকৈ আলিটোলৈ ওলাই আহিল তাই । সৰুধন আহিছে চাগে…!

তেনেকুৱাতে ইটাভাটাত কাম কৰা কেইজনমান মজদুৰ মনোমতীৰ নিচেই কাষ চাপি আহিল । সিহঁতে নিজৰ ভিতৰতে ফুচফুচাই কিবা-কিবি কোৱা-কুই কৰিলে । ফুচফুচনিটো বতাহেদি উৰি আহি মনোমতীৰ কাণতো পৰিল ।

ফেঁচাটোৱে অকস্মাত চতিয়না গছ জোপাৰ পৰা নামি আহি নিউ… নিউ কৈ চিঞৰি , মনোমতীৰ গাৰ কাষেদিয়েই উৰি গ’ল । ডেউকাৰ কোব খাই এইবাৰ মনোমতীৰ হাতত লৈ থকা টিপ চাকিটো আলিটোলৈ এন্ধাৰ নমাই সম্পূৰ্ণৰূপে নুমাই গ’ল ।

                   ———- সমাপ্ত ——–

অভিমানী হৃদয়ৰ অনুৰাগী মালা




~ অস্ত্ৰোপচাৰ ক’ক্ষৰ পৰা এপ্ৰ’ন আৰু গ্লোভ’চযোৰ খুলি পাৰচ’নেল কেবিনটোলৈ সোমাই আহিল ডাক্তৰ চান্দনী কৃষ্ণাত্ৰেয়’ । ৰাতিপুৱাৰ পৰা দুটা মেজ’ৰ ব্ৰেইন অপাৰেচ’নৰ পিছত সামান্য ভাগৰুৱা যেন অনুভৱ হ’ল তাইৰ। তাতে এনাচস্থ্যেচিয়া মেডিচিন,ফেনাইল,ডেট’ল লগতে ৰোগীৰ ৰূমবোৰত লগোৱা ধূপৰ সুবাস .. সকলোবোৰ একেলগ হৈ অদ্ভুত গোন্ধ এটাই পেটতো যেন পকাই ধৰিলে ।

যদিও হস্পিটেলৰ এই পৰিবেশৰ লগত ইমান বছৰে অভ্যস্ত হৈ পৰিছে, কেতিয়াবা পিছে তাইৰো মন যায় এই গতানুগতিক ৰুটিনখনৰ পৰা ফালৰি কাটি মুকলি আকাশৰ তলত , মুকলি মন এটাৰে অনুৰাগৰ হাতত ধৰি ফুলৰ সুবাস অলপ উশাহটোৰ লগত একাত্ম’ কৰি ল’বলৈ । কেতিয়াবা ৰোগীৰ লগত লাগি লাগি ক্লান্ত হৈ পৰিলে তাইৰো মন যায় ,অনুৰাগৰ বুকুতে মুৰটো থৈ অলপ জিৰণি ল’বলৈ আৰু কেতিয়াবা চিৰিঞ্জ , চেলাইন , টেবলেট, বেণ্ডেজ , সার্জিক্যাল ব্লেড .. এইবোৰৰ সলনি ধোঁৱাই থকা ক’ফি মাগ এটা হাততে লৈ অনুৰাগৰ লগত কোনোবা এটা মায়াবী সন্ধ্যাত একেলগে এটা প্ৰেমৰ গীত গাবলৈ তাইৰো বৰ মন যায় ..

কাবেৰীৰ পাৰে…
গঙ্গাঁৰ তীৰে তীৰে…
জীৱনৰ পথে পথে…
বৰষা শৰততে…
যাত্ৰা বিচৰাৰে ,
তোমাকে বিচৰাৰে হায়…!

মায়াময় ৰূপালী জোনাক…

অজানিতে চকুৰ কোণ দুটা সেমেকি উঠিল চান্দনীৰ । যোৱা দুটাবছৰে সেই একেখিনি অনুভৱ সংগোপনে বুকুতে বান্ধি তাই অনুৰাগলৈ অপেক্ষা কৰিছে । তাৰ লগত পাৰ কৰা সময়বোৰৰ মধুৰ স্মৃতিৰে বুকুখন ভৰাই ৰাখিছে । সেই যে , মেডিকেল কলেজত পঢ়ি থকাৰ দিনতে তাৰ কোলাত মূৰটো থৈ ভৱিষ্যতৰ সপোন কিছুমান দেখিছিল , সেই সেউজীয়া সপোনবোৰক হৃদয়ৰ এচুকত এতিয়াও সযত্নে জীয়ন দি ৰাখিছে তাই ।

~ কিন্তু অনুৰাগ.. ? ক’ত হেৰাই গ’ল সি.. ? এবাৰো একো নজনোৱাকৈ এনেকৈ আঁতৰি যায় নে কোনোবা ?

প্ৰেক্টিকেল লেব’ত প’ষ্টমৰ্টেমৰ সময়ত মৃত শৰীৰ এটাত সার্জিক্যাল ব্লেড’ৰ ৰেপটো দিবলৈকে কঁপি উঠা সেই অনুভৱী হৃদয়ৰ ল’ৰাটোয়ে , কেনেকৈ পাৰিলে বাৰু হৃদয়হীনৰ দৰে চান্দনীৰ অনুভৱবোৰক হানি খুচি থৈ ক’ৰবাত হেৰাই যাবলৈ । ইমান নিষ্ঠুৰ হৈ পৰিল নে সি ?

যোৱা দুটা বছৰে এনেকুৱা এটা দিন বা এনেকুৱা এটা মুহূৰ্ত নাই য’ত নেকি অনুৰাগৰৰ স্মৃতিবোৰে চান্দনীক আমনি কৰা নাই । তাহানিৰ ৰাগী ল’গা সময়বোৰক পাহৰি থাকিবলৈকে দিনটোৰ বেছিখিনি সময় হস্পিটেলৰ ৰোগী সকলৰ লগত নিজকে ব্যস্ত ৰাখিছে তাই ।

কেবিন’ত তাইৰ লগতে ডিউটিত থকা চিষ্টাৰ সুপ্ৰিয়াক , ক’ফি একাপ আনিবলৈ কৈ ম’বাইলটো উলিয়াই ল’লে চান্দনীয়ে । ম’বাইল ল’কটো খোলাৰ লগে লগে বিপ শব্দৰে মেছেজ ট’নটো বাজি উঠিল ..

~ হেপ্পী বাৰ্থডেʼ চান্দনী

অনুৰাগৰ মেছেজ ।
স্ক্ৰীনখনত নামটো দেখাৰ লগে লগে বুকুৰ পৰা কান্দোন এটা ওলাই আহি ডিঙিটো সোপা মাৰিলে ধৰিলে চান্দনীৰ। ইমান দিনৰ মূৰত অনুৰাগে মেছেজ কৰিছে তাইলৈ..!
সি আজিও মানে তাইৰ জন্মদিনটো মনত ৰাখিছে..।

~ টেলিপেথি..
হয় .. টেলিপেথি এইয়া ..!

অনুৰাগক কাষত বিচাৰি বাউলি হৈ পৰা চান্দনীৰ অনুভৱৰ প্ৰাৱল্যতাই সংকেত পঠিয়াইছে তাৰ হৃদয়লৈ ।

আস অনুৰাগ.. ক’ত আছিলা তুমি ইমান দিনে ? মোৰ সমস্ত সত্বা, দেহ-মন..সকলোখিনি নিজৰ কৰি লৈ হঠাৎ কিয় আঁতৰি গৈছিলা ? কিয় এবাৰো ভাবি নাছিলা তোমাৰ অবিহনে মোৰ কি হʼব? ইমান স্বাৰ্থপৰ তুমি !

প্ৰত্যুত্তৰ দিব’লৈ , ইমান দিনৰ সাঁচতীয়া কথাবোৰ ব্যক্ত কৰিবলৈ আৰু তাৰ ওপৰত উঠা প্ৰচণ্ড খঙটোৰ বহিঃপ্ৰকাশ কৰিবলৈ খুব মন গ’ল চান্দনীৰ । কিন্তু মনৰ ভিতৰত গুজৰি গুমৰি উঠা জেদ আৰু প্ৰচণ্ড অভিমানবোৰে বাধা দিলে তাইক ।

কিন্তু কিমান সময়.. ?
কিমান সময়লৈ সুদৃঢ় কৰি ৰাখিব তাই অভিমানৰ পাহাৰটো ? সম্ভৱ জানো এইয়া ? পাৰিব জানো তাই অনুৰাগক অৱজ্ঞা কৰিব ?
মুহূৰ্ততে বৰফ গলা দি গলি পৰিছিল তাইৰ মনৰ দৃঢ়তাখিনি ।
ৱাটচএপ’ত অনুৰাগৰ প্ৰ’ফাইল ফটোখন চাই , কী-পেড’ত টাইপ কৰিলে তাই..

~ মোৰ ফোন নাম্বাৰ কিয় ব্ল’ক লিষ্টত ৰাখিছিলা ? কিয় আঁতৰি গৈছিলা হঠাতে অনুৰাগ ? যোৱা দুটা বছৰ তোমাৰ অবিহনে মোৰ দিনবোৰ কেনেকৈ পাৰ হৈছে ভাবিও চাইছিলা নে কোনোবা সময়ত ? কি দৰে মই নিজকে চম্ভালি লৈছো অনুভৱ কৰিবও পাৰিবা নে তুমি ? কিয় মনত পেলাইছা মোক আজি। যোৱা..আঁতৰি থাকা মোৰ পৰা । মোক আৰু আমনি নকৰিবা অনুৰাগ ।

~ কেইদিনমান ফোন নকৰিলেই বা আঁতৰি থাকিলেই সম্পৰ্ক নোহোৱা হৈ যায় নেকি?

অনুৰাগে ক’ল কৰিলে চান্দনীলৈ । তাৰ কথা কেইটাত শাওনৰ ভৰ লুইতখনৰ দৰে চপচপিয়া হৈ পৰিল চান্দনীৰ দুচকু । দুবছৰৰ মূৰত এইয়া.. তাইৰ প্রিয় পুৰুষজনৰ মাতটো কাণত পৰিছে তাইৰ । সময়বোৰ যেন স্থবিৰ হৈ পৰক এইখিনিতে..!
উত্তৰ দিবলৈ যাওঁতে মাতটো থোকা-থোকি হ’ল চান্দনীৰ ।

~ কেইদিনমান ?
দুটা বছৰ.. তুমি কেইদিনমান বুলি কৈছা ? তুমি কেনেকৈ ইমান সলনি হৈ গ’লা অনুৰাগ । আমি দেহেৰে-মনেৰে এক আছিলো ন’ এদিন..! প্ৰতি মুহূৰ্তত তুমি মোক তোমাৰ কাষত বিচাৰিছিলা । হঠাতে কি হৈ গ’ল এইয়া আমাৰ মাজত ?
আৰু , এতিয়া যে তুমি সম্পৰ্কৰ কথা কৈছা , কি সম্পৰ্কৰ কথা কৈছা ? তেতিয়া কʼত আছিল আমাৰ সম্পর্ক , যেতিয়া পাগলৰ দৰে তোমাক বিচাৰি ফুৰিছিলো মই..!
এফ-বি, ৱাটচএপ সবতে ব্লক কৰি তুমি আচলতে কি বুজাইছিলা ?

~ কুল ডাউন মে’ম । ডাক্তৰ হয় তুমি । ইমান হাইপাৰ-টেনশ্যন , ইমান খং স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক ।
কোৱা বাৰ্থডে’ প্লেন কি ?

~ শ্ব’ট আ’প অনুৰাগ। মোৰ অনুভৱবোৰক এইদৰে অৱহেলা নকৰিবা । তুমি মোক অকলশৰীয়া কৰি ৰং চাইছিলা আৰু এতিয়া ধেমালি কৰিবলৈ আহিছা।
মোক কোৱা , কি হৈছিল তোমাৰ লগত ? এই দুবছৰীয়া অজ্ঞাত বাসৰ কাৰণ আৰু যুক্তি কি ? মোলৈ তোমাৰ অলপো মনত পৰা নাছিল ? মোক তুমি উত্তৰ দিবই লাগিব । আজি অকস্মাত কিয় মনত পেলালা মোক ?

~ কি জানা চান্দনী .. আমি যে জীয়াই আছো , প্ৰকৃততে তাৰেই কোনো ভিত্তি নাই । এই যে আমি জন্ম হৈ পৃথিৱীলৈ আহিলো , সেইয়া আমাৰ অজ্ঞাতে হোৱা এটা পৰিঘটনা । আমি গম নোপোৱাকৈ এদিন কাৰোবাৰ গৰ্ভত থিতাপি লওঁ আৰু কালক্ৰমত ভূমিষ্ঠ হৈ পৃথিৱীখন আৰু পৃথিৱীখনৰ বস্তুবোৰৰ প্ৰেমত পৰো । যেনেকৈ মই তোমাৰ বা , তুমি মোৰ প্ৰেমত পাৰিলা । ঠিক তেনেকৈয়েই নিবিচাৰিলেও এদিন মৃত্যুক আঁকোৱালি ল’বলৈ বাধ্য আমি ।
এই জীৱন আৰু মৃত্যুৰ যিটো পৰিক্ৰমা , সেই সময়খিনিত আমি আমাৰ শৰীৰটোত বন্দী হৈ থাকো । কিছুমান সামাজিক বা পাৰিবাৰিক দায়িত্ববোধ অথবা কিছুমান পৰিস্থিতিয়ে আমাক বন্দী কৰি পেলাই।
আই ৱাজ ট্রেপড টু ইন মাই ব’ডি , বাট মাই মাইণ্ড ৱাজ অ’লৱেইজ ৱিথ ইউ ডাৰ্লিঙ ।
মই কায়িক ভাৱে হে তোমাৰ লগত নাছিলো চান্দনী ।

~ ইমান তত্বগধূৰ কথাবোৰ ক’বলৈকে ক’নটেক্ট কৰিছিলা মোক । মই নুবুজো এইবোৰ..।
তুমি বিহীন প্ৰতিটো পল মোৰ বাবে খুব কষ্টকৰ আছিল । নিসংগতাৰ অনুভৱে মোক ক্ৰমসহ গিলি পেলাইছিল । মোৰ কাষত মোৰ অনুৰাগ নাছিল , মাথোঁ অনুৰাগৰ স্মৃতিবোৰে মোক মৰি মৰি জীয়াই থাকিবলৈ বাধ্য কৰাইছিল । তুমি নোহোৱাৰ যাতনাবোৰ পাহৰি থাকিবলৈকে হস্পিটেলত মই মোৰ সময়বোৰ পাৰ কৰিছিলো ।
তোমাৰ মোৰ সম্পৰ্কবোৰ জানো এনেকুৱা আছিল ?
দুনাই কিয় উভটি আহিছা আজি অনুৰাগ , মোক ইমান দিন কষ্টত ৰাখি ?

~ আশা.. মিছ চান্দনী কৃষ্ণাত্ৰেয়’.. । আশা.. ।
আচলতে তোমাৰ মাতটো শুনাৰ প্ৰৱল হেঁপাহ এটা জাগি উঠিছিল এই অভাগাৰ । সেই আশাই অজ্ঞাত বাসৰ পৰা প্ৰকট কৰালে মোক । কি ঠিক এইয়া কিজানি মোৰ শেষ আশাই হয়..!
– আৰু… মিছ কৃষ্ণাত্ৰেয়’ , এই যে আপুনি নিসংগতাৰ কথাখিনি ক’লে ; আচলতে কি জানে …
” #সম্পৰ্কবোৰক লৈ গৌৰৱ কৰক । কালি যিমান আস্থা ৰাখিছিল আজিও ৰাখকচোন ।সুখত লগ দিয়া সম্পৰ্কবোৰেই কেৱল সম্পৰ্ক নহয় , সম্পৰ্ক সেইবোৰো হয় যি নিসংগতাত আপোনাৰ কাষত আহি ৰৈ থাকে ।
মোৰ দেখোন স্মৃতিবোৰ আপোনাৰ নিসংগ মুহূৰ্তবোৰত বিশ্বস্ত লগৰীৰ দৰে সদায় আপোনাৰ কাষতে আছিল ।

স-শব্দে হাঁহি উঠে অনুৰাগ আৰু হিয়া ভাঙি ওলাই আহিব ধৰা কান্দোনটোক চেপি ধৰি উচুপি উঠে চান্দনী । অনুৰাগৰ কথাবোৰ তাইৰ বাবে দুৰ্ভেদ্য সাঁথৰ হৈ পৰে । সময় আৰু পৰিস্থিতি সাপেক্ষে সকলোৰে পৰিৱৰ্তন হয়। কিন্ত কিহৰ তাগিদাত অনুৰাগ আজি এইদৰে সলনি হ’ব লগা হ’ল ?

~ কি কৈছা অনুৰাগ ? মোৰ মাতটো শুনাৰ শেষ আশা পূৰণ কৰিবলৈকে ইমান দিনৰ বিচ্ছেদৰ অন্তত তুমি মোক মনত পেলাইছা । কিয় এইদৰে জটিলতাৰ আশ্ৰয় লৈছা মোৰ প্ৰশ্নবোৰৰ উত্তৰ দিওঁতে ।
মোক লগ কৰা তুমি । আজিয়েই .. এতিয়াই ।

~ হা.. হা.. হা .. তোমাক লগ কৰিব পাৰিম জানো মই ? মোৰ শৰীৰটোতে যে বন্দী হৈ আছো মই । শৰীৰটোৱে বা অনুমতি দিয়ে নে নিদিয়ে..!

~ অলপমানটো চিৰিয়াছ হোৱা ৰাগ । মোৰ প্ৰেম ভালপোৱাৰ একো মূল্য নাই তোমাৰ ওচৰত ?

~ কি ক’লা , কি ক’লা ..? ৰাগ ..!
উফফ… কিমান দিনৰ মূৰত যে এই নামটোৰে কোনোবাই মাতিছে মোক । ৰা… গ । বুকুখন জুৰ পৰি গৈছে চান্দনী ।

~ মই তোমাক মোৰ কাষত বিচাৰিছো ৰাগ । মোক সেই সময়বোৰ ঘূৰাই দিয়া , যিবোৰ অকল আমাৰ আছিল । মোক সেই ভালপোৱাখিনি ঘুৰাই দিয়া , যিবোৰে মোক জীয়াই ৰাখিছিল । তোমাৰ স্পৰ্শত , তোমাৰ প্ৰেমত মই বিলীন হৈ যাব বিচাৰো ৰাগ ।

~ আকাশ আকাশ তোমাৰ কথা ,
ডাৱৰ ডাৱৰ মোৰ মন …

পাপনৰ গানটো গুণগুণাই উঠে অনুৰাগে । খঙত গৰজি উঠে চান্দনী।

~ আহিবানে তুমি নে সঁচাই এইয়া আমাৰ শেষ কথা ?

~ মোৰ বাঘিনীজনীৰ খং উঠিছে অ’ .. ! আচ্ছা কওঁকচোন , বৰ্তমান ক’ত প’ষ্টিং লৈ আছে আপুনি ?

~ জোকাই নাথাকিবা । আহিবা বুলি চিয়’ৰিটি দিয়া ,তেতিয়াহে ক’ম ।

~ তুমি কি ভাবা , মই যাম নে ?

~ মই জানো তুমি আহিবাই । মোৰ ভালপোৱাই চুম্বকে লোহাক আকৰ্ষণ কৰাৰ দৰে , তোমাকো টানি আনিব ।
মই বৰ্তমান কোকৰাঝাৰত আছো । তোমাৰ হ’ম টাউনত। তুমি য’তেই আছে , ইয়ালৈ গুছি আহা ৰাগ । মোৰ অপেক্ষাৰ অন্ত পেলোৱা ।

~ কি…? তুমি কোকৰাঝাৰত আছা ?
…………..
চান্দনী ম’বাইলটো অ’ফ হ’ব এতিয়া । চার্জ একেবাৰেই নাই ।
বাই হা .. ।

বিপ..বিপ..বিপ..

সংযোগ বিচ্ছিন্ন..।

ঘপ’হকৈ ফোনটো কাটি দিলে অনুৰাগে । চান্দনীয়ে তাৰ নম্বৰ ডায়েল কৰিলে । চুইটছ অ’ফ..।

বিক্ষিপ্ত চিন্তা কিছুমানে জুমুৰি দি ধৰিলে চান্দনীক ।

~ মেম .. ক’ফি ।
সুপ্ৰিয়াৰ মাত শুনি বাস্তৱলৈ ঘূৰি আহিল তাই ।

~ সুপ্ৰিয়া , আজি আউট ড’ৰ পেচেণ্ট নাই নহয় ? মই যাওঁ..। কাইলৈৰ বাবেও কোনো এপইণ্টমেণ্ট নাৰাখিবা দেই । দুদিনমান মই হস্পিটেল নাহো ।

হুৰমুৰকৈ ওলাই আহিল চান্দনী নিজৰ কেবিনটোৰ পৰা । সুপ্ৰিয়াই পিছফালৰ পৰা মাত লগালে ..

~ মেম , আপোনাৰ ক’ফি ।

~ তুমিয়েই খাই থোৱা । মোৰ জৰুৰী কাম এটা মনত পৰিল ।

———————-

দুটা দিন অনুৰাগৰ কথাবোৰকে ভাবি দিন ৰাতি পাৰ কৰি , চান্দনী আজি হস্পিটেললৈ ডিউটি কৰিবলৈ আহিছে । বুকুখন গধুৰ কৰি পেলোৱা দুখ কিছুমানে একেবাৰেই প্ৰাণহীন যেন কৰি পেলাইছে মানুহজনীক ।
অনুৰাগৰ ফোন আজিও চুইটছ অ’ফ..।

দুবছৰৰ আগতেও , এইদৰেই সি সাঁথৰ হৈ হেৰাই গৈছিল এদিন । তেতিয়া তেজপুৰ হস্পিটেলত সি এজন স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাবে কৰ্মৰত হৈ আছিল আৰু সেই একেখন হস্পিটেলতে চান্দনীৰো প’ষ্টিং হৈছিল , নিউৰ’লজিষ্ট হিচাবে ।

কিমান যে ভাল লগা আছিল সেই সময়বোৰ । দুয়ো যেন মেডিকেল ক’লেজত পঢ়ি থকা দিনবোৰলৈ হে ঘূৰি গৈছিল.. !
কিন্তু দুবছৰৰ আগৰ সেই সৰবৰহী , ধেমেলীয়া ডাক্তৰজন হঠাতে ক’ত নিৰুদ্দেশ হৈ পৰিল , তেজপুৰ বাসীৰ বাবে আজিও ৰহস্য হৈ ৰ’ল ।

পুনৰ এখন ৰহস্যৰ জালে যেন মেৰিয়াই ধৰিছে চান্দনীক ।
এইয়া কেতিয়াও প্ৰত্যাশিত নাছিল চান্দনীৰ বাবে ।

দুচকু সেমেকি উঠিল তাইৰ । বুকুৰ নিভৃত কোণত তলাবন্ধ কৰি থোৱা স্মৃতিবোৰে হাহাকাৰ কৰি উঠিল । অনুৰাগক মেডিকেল ক’লেজত প্ৰথম লগ পোৱাৰে পৰা বৰ্তমানলৈকে সকলোবোৰ কথাই মনলৈ আহিল ।

~ ডাক্তৰ চান্দনী , আজি আপুনি কেন্সাৰ ডিপাৰ্টমেণ্টত ৰাউণ্ড এটা দিব’চোন । মোৰ ছোৱালীৰ গা ভাল নহয় । মই ঘৰলৈ অলপ সোনকালে যাম । কিবা ইমাৰজেঞ্চি থাকিলে খবৰ দিব মোক ।

কেন্সাৰ স্পেচিয়েলিষ্ট অৰিন্দম লাহনে চান্দনীক সেইদিনাৰ বাবে তেওঁৰ বিভাগৰো দায়িত্ব অৰ্পণ কৰি , হস্পিটেলৰ পৰা ওলাই গ’ল । চান্দনীয়ে দুদিন আগত ব্ৰেইন টিউমাৰ অপাৰেচ’ন কৰা ৰোগী এজনৰ , কেচ হিষ্ট্ৰি আৰু তেঁওৰ ইম্প্ৰ’ভমেণ্টৰ বিষয়ে সবিশেষ জানিবলৈ তেখেতৰ কেচ ফাইলটো মেলি ল’লে ।
তেনেকুৱাতে , ৱাৰ্ড ব”য় ৰূপম উধাতু খাই আহিল ।

~ চান্দনী মেম , লাহন চাৰে আপোনাক তেওঁৰ ডিপাৰ্টমেন্টৰ চার্জ দি গৈছে নহয়..! পেচেন্ট এজনৰ কৃটিকেল কণ্ডিচ’ন । আপুনি সোনকালে ব’লকচোন এবাৰ ।

~ মই গৈ আছো বাৰু ।
আচ্ছা ,পেচেন্ট’ৰ নাম কি ? মই লাহন চাৰ’ক খবৰটো দি যাওঁ ।

লাহনক ফোন এটা কৰি ৰোগীজনৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে ম’বাইলটো হেন্ডবেগৰ পৰা উলিয়াই ল’লে চান্দনীয়ে ।

~ ডাক্তৰ অনুৰাগ মহন্ত ।

ৰূপমেও পেচেন্ট’ৰ নামটো কৈ খৰখেদা কৈ ৰোগীজনৰ ওচৰলৈ খোজ দিলে ।

~ কি ..? অনুৰাগ মহন্ত ? এইয়া তাইৰ ৰাগ নেকি…!

হাতৰ ম’বাইলটো মুঠিৰ পৰা সৰকি পৰিল চান্দনীৰ । ৰূপমক ঠেলা মাৰি কেন্সাৰ ডিপাৰ্টমেণ্টলৈ বুলি দৌৰিবলৈ ধৰিলে তাই ।
আৰু ..অৱশেষত চান্দনীয়ে অনুৰাগক কাষত পোৱাৰ সপোনে পূৰ্ণতা পালে ।

লিউকেমিয়া ডিপাৰ্টমেন্টৰ ৰূম নম্বাৰ ‘104’ ৰ অত্যাধুনিক বিচনাখনত জীৱন যুঁজৰ , অন্তিম যুজঁখন যুঁজি যুঁজি অৱশ হৈ পৰা অনুৰাগ , এইয়া নিস্তেজ হৈ পৰি আছে ।

সন্মুখত চান্দনীক দেখি মলিন হাঁহি এটি বিয়পি পৰিল তাৰ শেঁতা ওঁঠ যুৰিত.. ।

                          ——————-

                                 সমাপ্ত ।

অব্যক্ত

বন্ধ কোঠাৰ দুৱাৰখন লাহেকৈ খুলি ভিতৰলৈ সোমাই আহিল নৱৰূপ । ঈষৎ সেউজীয়া পোহৰে মায়াময় কৰি তোলা ৰূমটোৰ গোলাপ আৰু ৰজনীগন্ধাৰে সুসজ্জিত বিচনাখনত এইয়া নৱৰুপৰ সদ্যবিবাহিতা পত্নী প্ৰিয়াক্ষী । কিবা নতুন নতুন মিঠা মিঠা সুবাস অলপ বিয়পি পৰিছে কোঠাটোৰ চুকে-কোণে । সলংকৃত, সুশোভিত আৰু নৱৰূপৰ নামৰ সেন্দুৰ শিৰত লৈ সেই সামান্য পোহৰতো উজ্জ্বলি উঠিছে নৱৰূপে কেইটামান মুহূৰ্তৰ আগতে পানি গ্ৰহণ কৰা তেওঁৰ পত্নী ।

এখোজি দুখোজিকৈ আগুৱাই আহি বিচনাখনত প্ৰিয়াক্ষীৰ কাষতে বহি পৰিল সি । নৱৰূপৰ উপস্থিতিৰ উমান পাই অজান পুলকত কঁপি উঠিল প্ৰিয়াক্ষী । হোমৰ জুইকুৰাক সাক্ষী কৰি দুয়ো বিবাহ বান্ধোনৰে বান্ধ খাইছে ,মন আৰু শৰীৰৰে দুয়ো দুয়োকে আপোন কৰি ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে । অচিন হ’লেও নৱৰূপ আজি তাইৰ নিচেই আপোনজন । তথাপিও অলপ শংকা ,অলপ ভয় আৰু অলপ লাজে আচ্ছন্ন কৰি ৰাখিছে দেখোন তাইক ..! দুচকুৰ সপোনবোৰত সম্পূৰ্ণ অধিকাৰ দিব বিচৰা  মনৰ মানুহজন বা তাইৰ সেই সপোনবোৰক নিজৰ বুলি ভাবি ল’ব পৰাকৈ তাইৰ হৈ পৰে নে নাই..!

ওৰনি খন সামান্য ডাঙি থও নথও কৈ নৱৰূপৰ চকুত চকু থ’লে প্ৰিয়াক্ষীয়ে । সিও হয়তো তাইলৈকে চাই আছিল । চাৰি চকুৰ মিলনে শিহৰিত কৰি তুলিলে তাইক । মেহেন্দিৰ ৰঙেৰে তেজাল হৈ থকা  প্ৰিয়াক্ষীৰ বাওঁ হাতখন দুই হাতৰ মাজত আলফুলে ধৰি নৱৰূপে তাইৰ অনামিকা আঙুলিত সি পিন্ধাই দিয়া আঙুঠিটোলৈ একেথৰে চাই ৰ’ল ।
হৃদয়ৰ লগত হৃদয়ৰ সংযোগ ঘটাই বোলে সেই আঙুঠিটোয়ে । বিবাহৰ প্ৰক্ৰিয়াটোত উচ্চাৰিত বেদৰ মন্ত্রই বোলে অচিনাকি কোনোবা এজনকো একান্ত আপোন কৰি ল’বলৈ শক্তি দিয়ে । নৱৰূপে বাৰু পাৰিবনে প্ৰিয়াক্ষীক হৃদয়ৰে আপোন কৰি ল’ব ? প্ৰিয়াক্ষীৰ আশা , দুচকুৰ সপোনবোৰত সুখৰ ৰং বোলাব’ পাৰিবনে সি ?
আগ্ৰহেৰে তাৰ বাহু বন্ধনত নিজকে সঁপি দিবলৈ বাট চাই ৰোৱা প্ৰিয়াক্ষীৰ হাতখন এৰি সামান্য আঁতৰি আহিল নৱৰূপ।

~ কাপোৰযোৰ আৰু গহনা বোৰ খুলি লোৱা প্ৰিয়াক্ষী । এইবোৰ পিন্ধি শুবলৈ অসুবিধা পাবা । ফ্রেচ হৈ শুই যোৱা । দিনটো নিশ্চয় বহুত কষ্ট হৈছে ।

কথা কেইটা কৈ প্ৰিয়াক্ষীৰ উত্তৰলৈ বাট নাচাই টাৱেল খন হাততে লৈ কোবা-কুবিকৈ বাথৰুমত সোমাল নৱৰূপ ।

ক্ষণিক সি যোৱাৰ ফালে চাই থাকি প্ৰিয়াক্ষীয়ে এপদ এপদ কৈ গহনা বোৰ খুলি ল’লে । সযতনে সেইখিনি অলমাৰীটোত ভৰাই শোৱনী কোঠাৰ লগতে থকা সৰু ড্ৰেছিং ৰূমটোত কাপোৰসাজ  সলাবলৈ বুলি সোমাল । পাতল গুলপীয়া নাইটি এটা পিন্ধি চুলিখিনি ৰাবাৰ বেণ্ড এডালেৰে সামান্যভাৱে পকাই ল’লে তাই । গোটেই দিনটো লগাই ৰখা প্ৰসাধন,ডিজাইনাৰ কাপোৰযোৰ, গধুৰ খোপাটো খুলি তাই নিজকে বহুত পাতল যেন অনুভৱ কৰিল । কামবোৰ কৰি থাকিল যদিও , নৱৰূপৰ কথাইহে পিছে তাইৰ মনতো আচ্ছন্ন কৰি ৰাখিলে । কিমান যে কথা পাতিব লগা আছে তাৰ লগত , কিমান যে পৰিকল্পনা কৰিব লাগিব এতিয়া সিহঁতৰ সম্বন্ধটোক লৈ..।

বেডৰুমলৈ আহি দেখে , নৱৰূপ বিচনাত। ফুল’শয্যাৰ নিশা তাক  দিব বুলি ভাবি ৰখা উপহাৰটো হাততে লৈ প্ৰিয়াক্ষী নৱৰূপৰ ওচৰ চাপি গ’ল । মাকে যে তাৰ ভৰি দুখন ধুৱাই ,সেৱা কৰিবলৈ ও শিকাই পঠাইছিল ..! কেনেকৈ কয় এতিয়া তাক এইবোৰ..! সি দেখোন মনেই কৰা নাই তাৰ সদ্যবিবাহিতা পত্নী হাতত উপহাৰ এটা লৈ তাৰ ওচৰতে যে ৰৈ আছে । তথাপিও লাজ লাজকৈ সন্মুখলৈ আহি দেখে ,নৱৰূপ শুই পৰিছে ।

বেচেৰাৰ বহুত ভাগৰ লাগিছে নিশ্চয় । শুৱক সি ,থাকক নিয়মবোৰ । সেইবোৰ পিচে পৰেও কৰিব পাৰিব । আজিৰ পৰাতো নৱৰূপ চিৰদিন তাইৰ কাষতে থাকিব । কথা খিনি ভাবি শুই পৰা নৱৰূপৰলৈ কিবা এটা মৰম লাগি গ’ল প্ৰিয়াক্ষীৰ । অতি সন্তৰ্পনে তাৰ নিচেই কাষলৈ গৈ কপালতে আলফুলে চুমা এটা আঁকি দিলে তাই ।

কালিৰ অচিনাকি নৱৰূপ আজি প্ৰিয়াক্ষীৰ একেবাৰেই আপোনজন ।  তাইৰ সেউতা সেন্দুৰীয়া কৰিবলৈ অধিকাৰ দিয়া  জীৱনৰ একমাত্ৰ পুৰুষ সি । স্পৰ্শৰ সুখ অলপে বুকুখন ভৰাই পেলালে প্ৰিয়াক্ষীৰ আৰু তাৰ কাষতে বিচনাখনত শুই পৰিল তাই । মোবাইলটো উলিয়াই চালে , ৱাটচএপত লগৰবোৰৰ মেছেজ ।

~ ঐ, অল দা ৱেষ্ট ..  এনজয় কৰ পুৰা .. জনাবি কিন্তু দেই ফাৰ্ষ্ট নাইট এক্সপেৰিয়েন্স.. উই অল আৰ ৱেইটিং ।

হাঁহি উঠিল প্ৰিয়াক্ষীৰ । তাইতকৈও লগৰবোৰ হে বেছি এক্সাইটেড দেখোন তাইৰ ফাৰ্ষ্ট নাইটক লৈ । আৰু তাই এইয়া… মোবাইল হাতত লৈ শুই পৰা তাইৰ স্বামী দেৱতাৰ কাষত ।
বেঙাটো ক’ৰবাৰ..!  নৱৰূপৰ চুলি কেইডালত মৰমেৰে হাত ফুৰাই খিলখিলাই হাঁহি উঠিল তাই ।

                            —————

কাহিলী পুৱাতে শোৱাৰ পৰা উঠি গাটো ধুই , ৰুমতে  ধূপ এডাল লগাই ল’লে প্ৰিয়াক্ষীয়ে  । বতাহত ভাঁহি অহা মিঠা গোন্ধ এটাই ভাল লগাই দিলে মনতো । এইখন ঘৰত আজি তাইৰ প্ৰথম পুৱা ,  বোৱাৰী জীৱনৰ আৰাম্ভণি ।
গভীৰ প্ৰত্যয়ৰে  শুই থকা নৱৰূপলৈ  চালে তাই  । মহাৰাজৰ নিদ্ৰা ভংগ হোৱাই নাই । লগৰ বোৰে কুম্ভকৰ্ণ এটাৰ লগত সংসাৰ কৰা বুলি জানিলে জোকাই হে মাৰিব  । মনতে কথা কেইটা  জুকিয়াই আইনা খনত নিজকে চালে তাই । মাহীয়েকৰ জীয়েক জনীয়ে দঢ়াই দঢ়াই কৈ গৈছিল…..

~~ প্ৰথম দিনা পুৱা কিন্তু  এই ৰঙা বোৱা কাপোৰযোৰেই পিন্ধিবা দেই প্রিয়া বা । তোমাক খুব মৰম লাগিব।

পিন্ধিছে ..ভনীয়েকৰ কথা মতে সেইযোৰকে পিন্ধিছে প্ৰিয়াক্ষীয়ে । কিন্তু যাৰ বাবে পিন্ধিছে তেওঁ যে একোৰে ভূ  পোৱা নাই । সেউতাত সেন্দুৰ ক’ণ বোলাই অলপ সময়ৰ বাবে আৱেগিক হৈ পৰিল তাই । আজিৰ পৰা তাই কেৱল ‘ প্ৰিয়াক্ষী বৰুৱাই ‘ নহয়  ‘ প্ৰিয়াক্ষী নৱৰূপ বৰুৱা ‘ । এটা নতুন জীৱনৰ আৰম্ভণি এইয়া… এটা নতুন পৰিচয় তাইৰ ।

নতুন ঘৰখনত এডজাষ্ট হ’বলৈ বিশেষ অসুবিধা হোৱা নাই প্ৰিয়াক্ষীৰ । ঘৰখনৰ সদস্য বুলিবলৈ কেৱল মাক আৰু নৱৰূপ হে । বিয়া বুলি ননন্দ জনী সপৰিয়ালে আহিছে । দুদিন পিছত তাইও যাবগৈ । আলহী অতিথিও বিশেষ নাই । নতুন কইনাক শাহুয়েক আৰু নন্দেকে একোৱেই কৰিবলৈ দিয়া নাই । মাথোঁ সৰু সুৰা ইটো সিটোত লাগি দিছে তাই ।

নৱৰূপ বিয়াৰ ৰভাখন খুলিবলৈ অহা মানুহ কেইটাৰ লগত ব্যস্ত । আলেঙে আলেঙে প্ৰিয়াক্ষীয়ে তাক লক্ষ্য কৰি ফুৰিছে  । ৰাতিপুৱা বিচনাতে এৰি অহাৰ পৰা মাতষাৰো শুনা নাই তাৰ । তাৰ নো চাগে মন যোৱা নাই নে এবাৰ তাইক চাবলৈ…! কথা এষাৰ পাতিবলৈ মন যোৱা নাই নে তাইৰ লগত.. !! এবাৰো ক’ব বিচৰা নাই নে সি ….” প্রিয়া , বেয়া নাপাবা । কালি কেতিয়ানো টোপনি আহিল গ’মেই নাপালো । তুমি চাগে কি ভাবিছা ঠিক নাই… । “
নাই… নৱৰূপ কেৱল কামতেই ব্যস্ত ।

দিনটো সেইদৰেই পাৰ হ’ল । নতুন কইনা চাবলৈ ওচৰ চুবুৰীয়া বহু কেইগৰাকী মানুহ আহিল । সকলোৱে প্ৰিয়াক্ষীক আশীৰ্বাদ দিলে । বয়সীয়াল আইতা দুগৰাকীমানে তাইৰ দুগালত তপচকৈ
চুমা দুটামানো দি থৈ গ’ল । ভাল লগা অনুভৱ কিছুমানে চুই গ’ল প্ৰিয়াক্ষীক ।
ৰাতি ভাতৰ টেবুলতে মনে মনে ভাবিলে প্ৰিয়াক্ষীয়ে আজি ৰাতি লাজ নকৰে তাই নৱৰূপক সঁচাই গালি দিব । কি ভাবিছে সি .. ! দিনটো ক’ৰবাৰ কোনোবাৰ দৰে পাৰ কৰি দিলে যে। বিয়া ঘৰৰ কাম বুলিয়েই ইমানেই ব্যস্ততা নে ? পৃথিৱীত বিয়া কেৱল সিয়েই পাতিছে নেকি ? সদ্যবিবাহিতা পত্নীকো এনেদৰে  অকলশৰীয়া অনুভৱ কৰাব লাগে নে ..!
ভবাৰ দৰে কিন্তু একোৱেই ক’ব নোৱাৰিলে তাই  । দুই এটা সাধাৰণ কথা পাতিয়েই আগ নিশাৰ দৰেই শুই পৰিল নৱৰূপ । আচৰিত হ’ল প্ৰিয়াক্ষী । কি মানে ? তাইৰ প্ৰতি অকণো আগ্ৰহ , অলপো আকুলতা নাই কিয় নৱৰূপৰ ? কিবা বাধ্যত পৰি মনৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া পাতিলে নেকি তাইক ?

একেলগে বহুতো প্ৰশ্নই বেৰি ধৰিলে তাইৰ মগজু ।তথাপিও নিজকে সান্তনা দিলে..তাইৰ মনৰ ইচ্ছাবোৰ নুবুজাকৈ সি কিজানি আগবাঢ়িব বিচৰা নাই । সম্বন্ধটোৰ আৰম্ভণিতে কেনেবাকৈ আউল লাগে বুলিয়েই আঁতৰি আছে নিশ্চয় নৱৰূপ । হয় তেনেকুৱা ,কেতিয়াবা এগৰাকী নাৰীয়েও প্ৰথম খোজটো আগবঢ়াব ল’গা হয় । সদায় পুৰুষ জনেই যে আগভাগ ল’ব লাগিব তেনে কোনো কথা নাই । এগৰাকী নাৰীয়েও সমম্বন্ধ এটাৰ মসৃণ গতি প্ৰদানত উৎসাহ যোগাব পাৰে । নৱৰূপৰ লগত মুকলিকৈ কথাবোৰ আলোচনা কৰিব লাগিব।

                         —————-

দিনবোৰ গতানুগতিক ভাবে পাৰ হ’ব ধৰিলে । আজি প্ৰিয়াক্ষী আৰু নৱৰূপৰ বিয়াৰ পোন্ধৰ দিন হ’ল ।  এই পোন্ধৰ দিনত বিচৰাৰ দৰে একোৱেই হৈ নুঠিল । প্ৰতিটো ৰাতি একেখন বিচনাত দুকাষে দুয়ো পৰি ৰয় মাথোন । যেন অচিনাকি কোনোবা হে । যেন নোৱাৰাত হে একেখন মুধচৰ তলত একেখন বিচনাত শুবলৈ বাধ্য হৈছে দুয়ো । দুখে বুকুখন গধুৰ কৰি পেলালে প্ৰিয়াক্ষীৰ ।  নৱৰূপ ইমান উদাসীন তাইৰ প্ৰতি । কিয় …?

~ শুই গ’লা ..?
তাইৰ ফালে পিঠি দি বিচনাতে পৰি থকা নৱৰূপক সুধিলে প্ৰিয়াক্ষীয়ে ।
~ কোৱা.. ।
সেইদৰে থাকিয়েই উত্তৰ দিলে সি ।
~  তুমি কি এখন বিচনাত নজনা নুশুনা প্ৰাণী দুটাৰ দৰে পৰি থাকিবলৈকে মোক বিয়া পাতিছিলা নেকি ? মোৰ প্ৰতি ইমান অৱজ্ঞা কিয় তোমাৰ ? তোমাৰ জীৱনত বেলেগ কোনোবা আছে নেকি নৱৰূপ ? সঁচাকৈ কোৱা মোক ।

পিঠিখনত ধৰি তাক তাইৰ ফালে ঘূৰাই উচুপি উঠিল প্ৰিয়াক্ষী ।
প্ৰিয়াক্ষীৰ চকুত চকু থোৱাৰ সাহস কৰিব নোৱাৰিলে নৱৰূপে । ঠাইতে উঠি দিলে সি ।
~ নাকান্দিবা প্রিয়া ..  মোৰ জীৱনত বেলেগ কোনো নাই । থকা হ’লে তোমাক বিয়াই নাপাতিলো হয়। মই বুজিছো , তুমি বহুত কষ্টত আছা । কিন্তু কিয় নাজানো তোমাৰ ওচৰ চাপিবলৈ ইচ্ছা কৰিও পৰা নাই মই ।

~ কিয় নৱৰূপ .. কিয় পৰা নাই ? তুমি বিচৰাৰ দৰে মই তোমাৰ পত্নী গৰাকী নহয় নেকি ? মোৰ শৰীৰে তোমাক আকৰ্ষিত কৰিব পৰা নাই ? চোৱা মোক , মোৰ মাজত কি নাই , কি দিব নোৱাৰিম মই তোমাক ?
চোৱা প্লিজ…
পিন্ধি থকা নাইটিটোৰ অৰ্ধাংশ উদঙাই নৱৰূপৰ চকুৰ আগত থিয় দিলে প্ৰিয়াক্ষীয়ে ।

কঁপি উঠিল নৱৰূপ , তাইক সেইদৰে দেখি । কিমান ব্যাকুল হৈ প্ৰিয়াক্ষীয়ে নিজৰ শৰীৰটো উদঙাই দেখাবলৈ ও কুণ্ঠাবোধ কৰা নাই বুজিব পৰিছে নৱৰূপে । অন্যায় কৰিছে … নিৰীহ , নিৰ্দোষী ছোৱালীজনীক বিনা কাৰণত কষ্ট দি ভুল কৰিছে সি ।

আৰু বেছি আচৰিত কৰি তেনেকৈ থাকিয়েই প্ৰিয়াক্ষীয়ে এইবাৰ গাৰ জোৰেৰে সাৱটি ধৰিলে নৱৰূপক । থতমত খাই উঠিল নৱৰূপ ।নোৱাৰিলে সি  প্ৰিয়াক্ষীৰ অনুভৱবোৰক ,তাইৰ অকুলতাবোৰক অৱজ্ঞা কৰিব । সি ও প্ৰতি সঁহাৰি জনাই আলফুলে তাইৰ উদং পিঠি খনত হাত ফুৰাই দিলে । প্ৰিয়াক্ষীৰ উচুপনীবোৰে অসহায় কৰি তুলিলে নৱৰূপৰ কঠোৰ অৱয়বৰ আঁৰত লুকাই থকা সৰল মনতোক ।

কম্পিত হাতেৰে প্ৰিয়াক্ষীৰ নিৰাভৰন শৰীৰটোৰ খলা-বমা বোৰক স্পৰ্শ কৰিলে নৱৰূপে । পৰম প্ৰশান্তিত দুধাৰি চকুলো নিগৰি আহিল তাইৰ দুচকুৰ পৰা । গোপনে সি ও উচুপি উঠিল । কিন্তু দুয়োৰে চকুপানীবোৰত পাৰ্থক্য আছিল । প্ৰিয়াক্ষীৰ চকুপানীবোৰ আছিল প্ৰাপ্তিৰ… সুখৰ..।
আৰু নৱৰূপৰ চকুপানীবোৰ আছিল বেদনাৰ … বুকুৰ ভিতৰত সাঁচি ৰখা কিছুমান অব্যক্ত যন্ত্ৰণাৰ … ।

                  ———————-

হস্পিতালৰ বেডত  প্ৰসৱ বেদনাত চাটি-ফুটি কৰি আছে প্ৰিয়াক্ষীয়ে । তাইক দেখি, তাইৰ যন্ত্ৰণাবোৰক অনুভৱ কৰি অস্থিৰ হৈ পৰিছে নৱৰূপ । তাৰেই বীৰ্য্য গৰ্ভত ধাৰণ কৰি এইয়া অলপ সময়ৰ পিছতে  প্ৰিয়াক্ষীয়ে প্ৰসৱ কৰিব সিহঁতৰ সন্তানক ।
ট্ৰে’চাৰ খনত উঠাই প্ৰিয়াক্ষীক লেবাৰ ৰুমলৈ লৈ যোৱা হৈছে  । বিষত কাতৰ হৈ পৰিছে যদিও এক সুখানুভূতিয়ে উজ্জ্বলাই তুলিছে তাইৰ দুচকু । সেই সুখ..কিবা এটা পোৱাৰ ,পৰিপূৰ্ণতাৰ ।

হয়তো তেনেকুৱা এক অসহনীয় যন্ত্ৰণাই বুকুৰ মাজত লৈ ইমান বছৰে জীয়াই আছে নৱৰূপ ।  সেই যন্ত্ৰণাবোৰ সপোন ভঙাৰ .. বিশ্বাসঘাটকতাৰ… ।
আচলতে , কেৱল এগৰাকী নাৰীয়েই ধৰ্ষিত নহয় । অকল এগৰাকী নাৰীয়েই লাঞ্চিত নহয় । এজন পুৰুষো বলি হয় ধৰ্ষণৰ । এজন পুৰুষৰ সঁচা ভালপোৱা আৰু  একান্ত বিশ্বাসকো ধৰ্ষণ কৰা হয় ।

ভাল পাইছিল কাকলিক নৱৰূপে , প্ৰাণ ভৰি ভাল পাইছিল এসময়ত । এখন মৰমৰ ঘৰ কৰাৰ সপোন দেখুৱাইছিল তাই । সুখে-দুখে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছিল দুয়ো দুয়োকে । কিন্তু এদিন ঐশ্বৰ্য বিভূতিৰ লোভত পৰি নৱৰূপক এৰি এজন ডাক্তৰৰ লগত বিয়াত বহিল কাকলি । ভাগি পৰিছিল নৱৰূপ সেই সময়ত । প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত কেৱল কাকলিৰ নামতে উৎসৰ্গা কৰা নৱৰূপে তাইৰ প্ৰতাৰণাক ,তাইৰ চলনাক পাহৰিব নোৱাৰিলে । কাকলি বিহীন নৱৰূপৰ জীৱনটো সি কল্পনা কৰিবলৈ ও ভয় কৰিছিল ।
মাকৰ বুজনি লগতে পুত্ৰ শোকত জৰ্জৰিত অসহায় , বিধবা মাক গৰাকীৰ চকুলোবোৰৰ ওচৰত হাৰ মানি অৱশেষত কাকলিয়ে এৰি যোৱা পাঁচ বছৰৰ অন্তত নৱৰূপে প্ৰিয়াক্ষীক বিয়া পাতিবলৈ মান্তি হৈছিল ।

কিন্তু সেই পাঁচ বছৰো কাকলিৰ প্ৰতাৰনাক পাহৰিব পৰাকৈ যথেষ্ট নাছিল নৱৰূপৰ বাবে । বহু যত্ন কৰিও হৃদয়ৰে নৱৰূপ প্ৰিয়াক্ষীৰ কাষ চাপি যাব নোৱাৰিলে ।
কাকলিৰ প্ৰতি থকা প্ৰেমে তাক বাধা দিয়া নাছিল । সেই প্ৰেমৰ অনুভূতিবোৰৰ তাই নৱৰূপক এৰি যোৱাৰ পিছতেই মৃত্যু ঘটিছিল । বাধা দিছিল কেৱল তাৰ মন মগজু দখল কৰি ৰখা প্ৰেম নামৰ অনুভূতিটোৰ দ্বাৰা সৃষ্ট কিছুমান সপোনে আৰু সেই সপোনবোৰক প্ৰসৱিত কৰিব নোৱাৰা যন্ত্ৰণাই । কাকলিৰ চলনাৰে ধৰ্ষিত হৈছিল সি , ধৰ্ষিত হৈছিল তাৰ অনুভৱবোৰ । ফলত প্ৰিয়াক্ষী আৰু তাৰ সম্পৰ্কৰ মাজত আহি পৰিছিল অপ্ৰত্যাশিত কিছুমান দূৰত্ব ।

উপলব্ধি কৰে নৱৰূপে ,প্ৰিয়াক্ষীৰ লগত হোৱা অন্যায়ৰ কথা ।সেইবাবে আজি অনুশোচনাৰে দগ্ধ তাৰ হৃদয় ।  প্ৰিয়াক্ষীৰ যন্ত্ৰণাবোৰ অনুভৱ কৰিব পৰাকৈ অভিজ্ঞ আজি সি ।  এই সময়ত প্ৰিয়াক্ষীৰ দৈহিক যন্ত্ৰণাবোৰ তাৰ মানসিক বেদনাবোৰৰ দৰেই অসহনীয় আচলতে  ।

~  মিষ্টাৰ নৱৰূপ বৰুৱা …. মিঠাই খুৱাব লাগিব দেই । আপুনি এটি পুত্ৰ সন্তানৰ পিতৃ হৈছে । আপোনাৰ ৱাইফে এটি সুন্দৰ ল’ৰা সন্তান জন্ম দিছে  । কংগ্ৰেচুলেচন… ।

নাৰ্ছ গৰাকীৰ মাতত সম্ভিত ঘুৰি আহিল নৱৰূপৰ । প্ৰিয়াক্ষী আৰু তাৰ এটা ল’ৰা সন্তানৰ জন্ম হৈছে ..! তাক এটা নতুন পৰিচয়ৰে বিভূষিত কৰিবলৈ এটি দেৱশিশু আহিছে সিহঁতৰ মাজলৈ।

লৱৰি সি প্ৰিয়াক্ষীৰ ওচৰ পালেগৈ ।  কোমল কাপোৰ এখনেৰে মেৰিয়াই হাঁহি মুখেৰে নাৰ্ছ এগৰাকীয়ে নৱৰূপৰ হাতত গুলপীয়া কেঁচুৱাক’ণক  তুলি দিলে । সযতনে বুকুৰ মাজত চপাই ল’লে সি প্ৰিয়াক্ষীৰ সপোনটোক । চকুৰ কোণৰ পৰা অশ্রুৰ ধাৰা এটা নামি আহি ফুলকুমলীয়া শিশুটিৰ কপালতে পৰিল ।  শিশুটিয়ে চকুদুটা জোৰেৰে মুদি মুখ খন ভেঙুচাই এঙামূৰি দি উঠিল ।

মৰমৰ নৈ এখনে সিক্ত কৰি পেলালে নৱৰূপৰ হৃদয় বলুকা । প্ৰিয়াক্ষীৰ দুচকুৰ সপোনবোৰ সেই মুহুৰ্তৰ পৰা নৱৰূপৰো সপোন হৈ পৰিল । মমতা আৰু মৰমৰ নৈ খনে ধুৱাই লৈ গ’ল অব্যক্ত বেদনাবোৰ ।

এটা সপোনে , এটা অপ্ৰসৱিত সপোনৰ মৃত্যু ঘটালে আজি । আজি নৱৰূপ সঁচা অৰ্থত সুখী ।
আজি নৱৰূপ  সকলো যন্ত্ৰণাৰ পৰা মুক্ত  ।

                       
                   ____________________

কৃত্যন্ত..

পুহৰ কাঁচিয়লি ৰ’দ এজাক পিঠিতে পেলাই ঘৰৰ বাৰীৰে সুমিষ্ট কমলা এটাৰ ফুটবোৰ চুহি চুহি আত্ম আলাপত ব্যস্ত হৈ পৰিছো মই । কিমান যে কথাই গুণা-গঁথা কৰিছে মোৰ মনটোৰ লগত । নিসংগতাৰো আচলতে এক সুকীয়া আমেজ থাকে । কেতিয়াবা নিজৰ মাজলৈ কুৰুকি কুৰুকি সোমাই গৈও মানসিকভাবে তৃপ্ত হোৱা যায় ।

এপাকত বহি থকা স্থানৰ চৌদিশে চকু ফুৰালো মই । ঠিক বুজিব পৰা নাই দেখোন , মই আচলতে ক’ত বহি আছো । কেউ কিছু নোহোৱা এখন প্ৰকাণ্ড চোতালৰ মধ্য বিন্দুটোৰ দৰে অনুভৱ হৈছে নিজকে মোৰ । মই আচৰিত হৈছো , জনপ্ৰাণীহীন অচিনাকি ঠাই এখনতো মই বাৰীৰ কমলাৰ সোৱাদ লৈ কেনেকৈ যে ব্যস্ত হ’ব পাৰিছো , কোনোবা ভৌতিক কাহিনীৰ নায়িকা জনী হে যেন.. !

মোৰ বুকুখনত ভয় নামৰ অনুভৱ এটাই টুকুৰিয়াইছে এইবাৰ । ইমান আচহুৱা পৰিবেশটো ..!
ক’লৈ গ’ল মানুহবোৰ .. ক’লৈ গ’ল মোৰ পিতাই ?
পিতাই অ’..
অ’ পিতাই ..

মই চিঞৰিছো… । সৰ্বশক্তি প্ৰয়োগ কৰি চিঞৰিছো ।
কোনোবা এজনে থাপ মাৰি ধৰিছে মোৰ হাতখন আৰু মোক টানি টানি লৈ গৈছে মই বহি থকা ঠাই ডোখৰৰ পৰা ।
কোন এওঁ ?
হাতখন ইমান চিনাকি ..! পিছে মুখ খন কিয় দেখা নাই ? জলজল পটপট কৈ সকলোবোৰ দেখি থকাৰ পিছতো তেওঁৰ মুখখন নেদেখো যে..!

~ হেই .. কোন হে আপুনি ? ক’লৈ নিয়ে মোক ।

মই সেই বলিষ্ঠ হাতখনৰ মুঠিৰ পৰা নিজৰ হাতখন মুক্ত কৰিবলৈ প্ৰাণ পণে চেষ্টা চলাইছো ।
উস .. ভাগৰি পৰিছো । হাতৰ মুঠিটোও ইমান সৱল ..! মোৰ সকলো প্ৰচেষ্টা দেখোন বিফল হৈ পৰিছে ।

লাহে লাহে ৰ’দজাকো ক’ৰবাত হেৰাই গৈছে । অকাশখনে যেন এইবাৰ মটীয়া সাজ এযোৰ হে পিন্ধি লৈছে ..! মই যন্ত্ৰবৎ গৈ আছো সেই অচিনাকি পুৰুষজনৰ লগে লগে । যিমানেই আগুৱাই গৈছো মোৰ ভাল লাগিব ধৰিছে এই যাত্ৰা । মোৰ অস্থিৰ মনটোও শান্ত হৈ পৰিছে ।

~ ক’লৈ গৈ আছো আমি ? কিয় ভাল লাগিছে অচিনাকি যদিও অচিন পথেৰে আপোনাৰ সহযাত্ৰী হৈ ?

পুনৰ প্ৰশ্ন কৰিলো মই । কিন্তু প্ৰত্যুত্তৰ নাপালো । কেৱল আগুৱাই লৈ গৈ আছে সেই অচিন পুৰুষজনে মোক আৰু দৃষ্টিৰে উপভোগ কৰিছো মই চকুৰ সন্মুখত সঘনে সলনি হৈ থকা নান্দনিক দৃশ্যপট সমূহ ।

সৌৱা.. সুদূৰত এটা প্ৰকাণ্ড পুখুৰী । গোটেই পুখুৰীটো ৰঙা আৰু বগা পদুম ফুলেৰে পৰিপূৰ্ণ হৈ আছে । এটা মিঠা সুঘ্ৰাণ বতাহত ভাঁহি আহি মোৰ নাকত লাগিছে । মই গোন্ধটোৰ উৎস বিচাৰি সুবাসখিনি উজাই মোৰ উশাহৰ লগত একাত্ম কৰি লৈছো । পুখুৰীটোৰ সিপাৰে এটা মন্দিৰৰ গম্বুজ মোৰ চকুত পৰিছে । মই অনুমান কৰি লৈছো, হয়তো সেই দেৱ মন্দিৰটোৰ পৰা বতাহে কঢ়িয়াই অনা ধূপ ধুনাৰ গোন্ধ এইয়া…।

সেই অচিনা পুৰুষজনে পুখুৰীটোৰ দিশে লৈ গ’ল মোক । প্ৰস্ফুটিত পদুমবোৰৰ মাজে মাজে , পানীত ওপঙি থকা এখন শিলৰ সাঁকোৰ ওচৰত ক্ষণিক থমকি ৰ’ল তেওঁ ।

এইখন দেখোন ৰাম সেতু..! দক্ষিণ ভাৰতৰ ৰামেশ্বৰম আৰু শ্ৰী লংকাক সংযোগ কৰি সাগৰৰ ওপৰত হে এইখন শ্ৰী ৰামচন্দ্ৰই সীতাক উদ্ধাৰৰ হেতু নিৰ্মান কৰিছিল । তেন্তে এই পুখুৰীটোত ক’ৰ পৰা প্ৰকট হ’ল এই সেতুখন ? ক’ত আছো মই আচলতে ?
আউল লাগিছে দেখোন কথাবোৰত । মই ওপঙি থকা শিলা খণ্ডবোৰত চকু ফুৰালোঁ । প্ৰবাদ মতে ৰাম সেতুৰ প্ৰতিটো শিলাখণ্ডত শ্ৰী ৰাম চন্দ্ৰৰ নাম খোদিত কৰা হৈছিল । পিছে নাই ,তেনে একোৱেই চকুত নপৰিল মোৰ ।

মানুহজনে পুখুৰীটোত ওপঙি থকা সাঁকো খনৰ প্ৰথম শিলটোত তেওঁৰ খোজ পেলালে । লগে লগে পানীৰ তললৈ শিলটোৰ কিছু অংশ সোমাই গ’ল । এইবাৰ সেইখন ভৰি উঠাই , দ্বিতীয় শিলটোলৈ স্থানান্তৰিত কৰি প্ৰথম শিলটো মোৰ বাবে আজৰাই দিলে তেওঁ ।
মানে এতিয়া মোৰ পাল..! শিলচটা গচকি আগুৱাই যাব লাগিব মই । মোৰ কিন্তু মনটোত অলপ শংকা জন্মিছে । ইমান পবিত্ৰ পুখুৰীটোৰ, ইমান পবিত্ৰ পানীখিনিত মোৰ এই লেতেৰা ভৰি দুখনৰ স্পৰ্শ উচিত হ’ব জানো..!

একে সময়তে এটা বিৰূপ মনোভাৱেও ক্ৰিয়া কৰিছে মোৰ মন মগজু । গঙ্গাৰ নিৰ্মল আৰু পবিত্ৰ জলে পাপ মোচন কৰে বোলে । দেহ আৰু মনলৈ পবিত্ৰতা কঢ়িয়াই আনে । কিন্তু মোৰ কিয় এনে লাগিছে এই পুখুৰীটোৰ পৱিত্ৰতাখিনি আৰু গঙ্গাৰ নীৰৱধি জলৰাশিৰ মাজত যেন কিবা এক ডাঙৰ পাৰ্থক্য আছে । মই যেন দগ্ধ হৈ পৰিম পুখুৰীটোৰ পৱিত্ৰতাত..জ্বলি ছাঁই হৈ যাম ।
মোৰ ষষ্ঠ ইন্দ্ৰিয়ই কিবা ইংগিত দিছে নেকি বাৰু মোক ..!

তথাপিও ভৰি খন আগবঢ়াই দিলো মই । ভবাৰ দৰে পিছে একো নহ’ল । শীতল পানীখিনিৰ স্পৰ্শত দেহ মন আচৰিত ধৰণে পুলকিত হৈ উঠিল মোৰ।
কেনে ধৰণৰ অনুভৱ এইয়া ..! আনন্দতে নাচি উঠিছে দেখোন মোৰ মন প্ৰাণ। এক লহমাৰ আগৰ সেই ভয়, শংকা সম্পূৰ্ণৰূপে দূৰ হৈ অময়া সুখৰ নৈ এখন মোৰ যেন বুকু ভেদি বৈ আহিছে । মই অনুভৱৰ তীব্ৰতাখিনিক হৃদয়ংগম কৰিবলৈ যত্ন কৰিছো ।

মানুহজনক অনুসৰণ কৰি আগুৱাই আহি আহি ..অৱশেষত দূৰৈৰ পৰা দেখা মন্দিৰৰ গম্বুজাকৃতিৰ বিয়াগোম ৰাজমহল এটাত প্ৰৱেশ ঘটিছে মোৰ।
অ’.. এইটো কোনো দেৱ মন্দিৰ নহয় মানে , এটা আটক ধুনীয়া ৰাজমহল হে . !
মূল প্ৰৱেশ দ্বাৰেদি ভিতৰলৈ সোমোৱাৰ লগে লগে ইমান পৰে খামুচি ধৰি থকা মোৰ হাতখন এৰি সেই অচিনাকি পুৰুষজন মোৰ ওচৰৰ পৰা আঁতৰি গৈছে । মই বুজি উঠিছোঁ..আমাৰ গন্তব্য স্থল এইয়াই ।
ইমান দূৰ যাত্ৰাৰ অন্তত অৱশ্যেই কিছু পৰিমানে ভাগৰও লাগিছে মোৰ। দীঘলকৈ উশাহটো টানি এটি শিলামুৰ্তিৰ দৰে ঠাইতে ৰৈ মহলটোৰ সৌন্দৰ্য দুচকুৰে পাণ কৰিবলৈ ধৰিলো মই । সোন , ৰূপ আৰু হীৰা খচিত মহলটোৰ প্ৰতিখন বেৰ , প্ৰতিটো চুকে মোহাচ্ছন্ন কৰি তুলিছে মোক । মই বাকৰুদ্ধ হৈ পৰিছো । সুন্দৰতাৰ সংজ্ঞা এইয়াই নেকি..!

সেই সময়তে সু-সজ্জিত তথা ৰাজকীয় বস্ত্ৰ পৰিহিত দুগৰাকী নাৰী মোৰ কাষ চাপি আহিল । দুয়ো গৰাকীয়ে মোক দুই হাতে ধৰি এক বিশেষ স্নানাগাৰলৈ লৈ গ’ল। চন্দন মিশ্ৰিত শীতল জলেৰে মোক স্নান কৰোৱা হ’ল । মোৰ যেন সমগ্ৰ ক্লান্তি সেই বিশেষ স্নানে নিমিষতে দূৰ কৰি পেলালে। স্নানাগাৰৰ লগতে থকা অতি সুন্দৰ কোঠালী এটাত মোৰ শৃংগাৰৰ ব্যৱস্থা কৰা হৈছে । অলংকাৰ , শৃংগাৰ আৰু এক বিশেষ ধৰণৰ কেশবিন্যাসৰে মোক দুয়ো গৰাকীয়ে মিলি সজাবলৈ ধৰিছে । এইবাৰ মই পৰিধান কৰিব লগা সাজযোৰ আন এগৰাকী নাৰীয়ে কোঠাটোলৈ লৈ আহিছে ।
কাপোৰ সাজলৈ চাই মই খং খাই উঠিছোঁ ।

~ এইয়া কেনেধৰণৰ বস্ত্ৰ ? শৰীৰটো অৰ্ধ উলংগ হৈ থকা বস্ত্ৰ মই কেতিয়াও পৰিধান নকৰো । লৈ যোৱা এইবোৰ ।

কিন্তু মোৰ বাধা কোনোপধ্যে নৰজিল । তিনিও মিলি জোৰকৈ মোক কাপোৰসাজ পিন্ধাই কোঠালীটোৰ পৰা উলিয়াই আনিছে । নাজানো কি হৈছে মোৰ .. মই দেখোন একোতেই বাধা দিব পৰা নাই । সকলোবোৰ মোৰ ইচ্ছাৰ বিৰুদ্ধে হৈ আছে যদিও মই যে প্ৰতিবাদ কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি তুলিব পৰা নাই। জোৰ কৰিও উচ্চাৰণ কৰিব পৰা নাই এটা ও শব্দ..!

মোক ধৰি বান্ধি লৈ অনা পুৰুষজন , অন্য এটা আটক ধুনীয়া কোঠালীৰ এখন ৰাজসিংহাসনত বহি মোলৈকে অপেক্ষা কৰি আছে। তেওঁ মোৰ সন্মুখতে বহি আছে যদিও এতিয়াও তেওঁৰ মুখখন স্পষ্ট হৈ পৰা নাই যে..!
মই ক্ৰমান্বয়ে এটা ৰহস্যৰ অৱৰ্তলৈ সোমাই গৈ আছো ।

মোৰ লগত অহা নাৰী দুগৰাকীয়ে মোৰ কাণতে ফুচফুচাই কোৱাৰ দৰে ক’বলৈ ধৰিলে.. ” তোমাৰ নৃত্য আৰম্ভ কৰা । তোমাৰ বাবে অপেক্ষাৰত এই বীৰ পুৰুষৰ অপেক্ষাৰ অন্ত পেলোৱা । “

~কি ..? এই অৰ্ধ উলংগ বেশভূষাৰে মই এতিয়া সেই অচিনাকি পুৰুষক মনোৰঞ্জিত কৰিব লাগিব ? নাচি দেখুৱাব লাগিব ? মোক ইয়ালৈ বন্দী কৰি অনাৰ উদ্দেশ্য কি আচলতে..!
অসম্ভৱ । এইয়া কেতিয়াও হ’ব নোৱাৰে ।

গৰজি উঠিলো মই । তেওঁলোকে পুনৰ ক’লে মোক .. ” যি কৈছো , তাকে কৰা । অন্যথা তোমাৰ বিপদ নিশ্চিত। “

~ নাই.. মই মোৰ বিবেকে অনুমতি নিদিয়া একো কামেই কৰিব নোৱাৰো।

মই আপত্তি দৰ্শালো আৰু সেই অচিন পুৰুষজনলৈ ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰি পুনৰ তেওঁৰ মুখ খন চাবলৈ যত্ন কৰিলোঁ । মোক আচৰিত কৰি এইবাৰ তেওঁ সিংহাসন খনৰ পৰা উঠি আহিল আৰু মোৰ চুলি কোচাত ধৰি সমগ্ৰ শক্তিৰে জোকাৰি দিলে মোক ।
তেওঁৰ পুৰুষত্বত আঘাট লাগিছে , বুজাত ভুল নহ’ল মোৰ । তেওঁ নচুৱাবলৈ বিচৰাৰ দৰে মই তেওঁৰ হাতৰ পুতলজনী হ’বলৈ অমান্তি হৈছো । মোৰ চকুৱেদি বাৰিষাৰ খৰস্ৰোতা নৈ খনৰ দৰে চকুপানীবোৰ সৰিবলৈ ধৰিলে। পিতাইৰ মুখ খন মনত পেলাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলো মই..

পিতাই অ’ ..
অ’ পিতাই ..

মোৰ চকুপানীৰ নৈখন মোৰ অলক্ষিতে বৈ আহি সেই পদুমেৰে পূৰ্ণ পুখুৰীটোৰ পৱিত্ৰ জলত মিলিত হ’ল । লগে লগে দপদপাই জ্বলি উঠিল পুখুৰীৰ পানীবোৰ ।

আচৰিত হ’লো মই …! পানীত জুই..?

সেই পুৰুষজনে পুনৰবাৰ থপিয়াই ধৰিলে মোৰ হাতখন আৰু মোক চোচোৰাই লৈ গ’ল সেই জুইকুৰালৈ । অতি নিষ্ঠুৰতাৰে তেওঁৰ বজ্ৰ কঠিন হাত খনেৰে মোক গতিয়াই জুইকুৰালৈ নিক্ষেপ কৰা হ’ল ।
মই চটফটাবলৈ ধৰিলো । নিমিষতে সেই অগ্নিপিণ্ডই মোক আগুৰি ধৰিলে । জ্বলি গ’ল এটা এটা কৈ মোৰ শৰীৰৰ অংগ সমূহ । শেষ উশাহটোলৈকে মই চিঞৰিয়েই থাকিলো ..

পিতাই ..
অ’ পিতাই । বচাহি অ’ মোক.. । **********************

মোৰ কাষতে শুই থকা মোৰ ৰুগীয়া পিতাই মোৰ চিঞৰ শুনি ধৰফৰাই উঠিল ..

~ আইজনী অ’… কি হ’ল । কিয় এনেকৈ চিঞৰিছ’ ?

পিতাইৰ মাতত সম্ভিত ঘূৰাই পায় বিচনাখনতে বহি পৰিলো মই । ভয়তে অণ্ঠ কণ্ঠ শুকাই যোৱা যেন অনুভৱ হ’ল মোৰ । কি অদ্ভুত সপোন এটা দেখিলো এইয়া..!
সেই পুহমহীয়া জাৰ’তো মোৰ সৰ্বশৰীৰ ঘামেৰে জেপজেপিয়া হৈ পৰিল। মই একে ল’ৰে বাহিৰলৈ ওলাই আহিলো । উশাহটো ল’বলৈ মোক অলপ মুকলি বতাহ লাগে .. । মোৰ বুকুখন বৰকৈ বিষাইছে দেখোন । **********************

পুৱা দহ মান বাজিছে । ঘড়ীটোলৈ চাই পিতাইক হুইলচেয়াৰ খনতে বহুৱাই বাহিৰলৈ উলিয়াই আনিছো । এইখিনি সময় .. পিতাই আৰু মোৰ সময় । প্ৰায় প্ৰতিদিনেই এই সময়খিনিত পিতাইক চোতাল খনতে বহুৱাই মই মোৰ মনৰ কথাবোৰ জনাও.. পিতাইৰ বোৰ শুনো ।
বাৰীৰ কমলাবোৰ এইবাৰ লমালমে লাগিছে। বৰ সুন্দৰকৈ পকি ও উঠিছে । পিতাইৰ বৰ প্ৰিয় এই ফলবিধ । তাৰে এটা বখলিয়াই এফুট পিতাইৰ মুখত দি মই আগনিশাৰ সপোনটো পিতাইৰ আগত ব্যক্ত কৰিলো ।

~ অ’ পিতাই, বুজিয়েই নাপালো জান’ কি নো হৈছিল । মই যেন অলপ সময়ৰ বাবে স্বৰ্গ ভ্ৰমণলৈ হে গৈছিলো । ইমান পৱিত্ৰতাৰে মনটো ভৰি পৰিছিল নহয় , তোক বুজাই ক’বলৈ ও শব্দ বিচাৰি পোৱা নাই অ’ ? কিন্তু শেষত যে ইমান ভয় খালো । তই শুনিলেও আচৰিত হ’বি ।
একুৰা প্ৰকাণ্ড জুইত জাহ গৈছিলো মই । মোক কোনোবাই ঠেলা মাৰি দলিয়াই দিছিল জুই কুৰালৈ । উফফ… ।
অ’ পিতাই পুৱতি নিশাৰ সপোন বোলে ফলিয়াই । মই সঁচায়ে মৰি থাকিম নেকি ?

~ হেই এইজনী কি অমঙ্গলীয়া কথাবোৰ কৈছ’ অ’ ? এইবোৰ সপোন মানুহক কৈ নুফুৰিবি। জুহালৰ জুইকুৰা বা তুলসীৰ আগত ব্যক্ত কৰি সেৱা এটা জনাই আহগৈ যা ।
নিজৰ হোৱা দেখিলে বোলে আনৰ ক্ষেত্ৰত হয় । তোৰ একো নহয় ।

পিতায়ে ভগ্ন শৰীৰৰ যন্ত্ৰণাবোৰক পাৰ্যমানে সহি মোক আশ্বাস দিবলৈ যত্ন কৰিলে।

~ অ’ পিতাই তই কিন্তু মোক এৰি কেতিয়াও নাযাবি দেই । মোৰ অকলে বৰ ভয় লাগিব ।

পিতায়ে হুমুনিয়াহ এটা কাঢ়ি মোৰ মুৰতে হাতখন ফুৰাই গম্ভীৰ হৈ পৰিল..

~ মনেৰে প্ৰস্তুত হ’ অ’ আইজনী । তই জান’ সকলোবোৰ। মই আৰু বেছিদিন তোৰ লগত থাকিব নোৱাৰিম । এই সত্যটোক স্বীকাৰ কৰিবই লাগিব তই । তোক মই নিথৰুৱা কৰি নাযাওঁ নহয়। কাকায়েৰ আছে , বৌৰা আছে । তই কিয় অকলশৰীয়া হ’বি । তোৰ ভৱিষ্যতৰ বাবে ও সকলো দিহা লগায়েই যাম দে মই ।

পিতাইক মই কিদৰে কওঁ.. ” অ’ পিতাই, তোৰ চকুৰ নিভাঁজ মৰমবোৰ সিহঁতৰ চকুত নেদেখো অ’ মই । তোৰ দৰে আন কোনো হ’ব নোৱাৰে ।” *********************

মোৰ পুৱতি নিশাৰ সপোনটো ফলিয়াইছিল । অলপ দিনৰ পিছতেই হাৰ্ট ষ্ট্ৰ’কত বহু বছৰ ধৰি ৰুগীয়া দেহাৰে শয্যাশায়ী হৈ পৰি থকা, মোৰ পিতাই স্বৰ্গগামী হৈছিল ।
মই এইবাৰ সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিলো । পিতাইৰ প্ৰথমা পত্নীৰ সন্তান মোৰ দাদাই , মাহীমাকৰ জীয়েক ‘ মোক ‘ কোনোদিন আপোন বুলি আঁকোৱালি ল’ব নোৱাৰিলে । মোৰ দহ বছৰ বয়সতে মোৰ মায়েও মোক এৰি চিৰবিদায় লৈ আঁতৰি গ’ল । দাদাক মোৰ মায়ে গৰ্ভজাত সন্তানৰ দৰে মৰম দিছিল । কিন্তু মোৰ পেহীয়ে , মা আৰু মোৰ বিৰোধে নানানটা কথাৰে দাদাক উচতাব ধৰিলে । ফলত আমাৰ প্ৰতি বিদ্বেষী হৈ পৰিল তাৰ মনটো । দিন বাগৰাৰ লগে লগে দেউতাৰ অসুস্থ মনটোৰ লগতে শৰীৰটোও অসুস্থ হৈ পৰিল আৰু এদিন তেওঁ শয্যাগত হ’ল । *********************

পিতাইৰ মৃত্যুৰ পিছতো পিতাইৰ হুইল চেয়াৰ খন লগতে লৈ পিছফালৰ চোতালখনত অলপ সময় নিজৰ লগতে কটোৱাৰ অভ্যাস এটা গঢ়ি তুলিছিলো মই ।
তেনে এটি দুপৰীয়া …
পিতাইৰ কাজ-কৰম হৈ উঠাৰ দুদিনমান হৈছিল হে..
বৌয়ে, বাৰীৰে কমলাৰ চৰবত এগিলাচ বনাই মোৰ হাতত তুলি দিলে হি । পিতাইৰ প্রিয় ফল বিধৰ ৰসক’ন গলাধকৰণ কৰি উচুপি উঠিলো মই । পিতাইলৈ বৰকৈ মনত পৰিল মোৰ ।

হঠাৎ মোৰ মূৰটো ঘূৰোৱা যেন লাগিল । বুকুখন ও কিহবাই খুব জোৰেৰে হেঁচি ধৰা যেন অনুভৱ হ’ল । মোৰ মুখমণ্ডলত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল , উশাহটো চুটি হৈ আহিল । মই দাদা বৌক বিচাৰি চাৰিওফালে চকু ফুৰালো ।

শ্ৰাদ্ধৰ ঘৰ খনত অ’ত ত’ত পৰি থকা জাৱৰ-জোথৰবোৰ বাৰীৰ এচুকত গোটাই , সেইবোৰ পুৰি পৰিষ্কাৰ কৰি আছিল দাদায়ে । মই দাদাক মাতিবলৈ যত্ন কৰিলো। কিন্তু… নোৱাৰিলো । মোৰ জিভাখন অসাৰ যেন লাগিল । শব্দবোৰ মুখৰ ভিতৰতে স্তব্ধ হৈ পৰিল । মোৰ হাত ভৰিবোৰ যেন এফালৰ পৰা মৰি আহিবলৈ ধৰিছে । খুব অসহায় যেন অনুভৱ হ’ল মোৰ। মই চোতাল খনতে ঢলি পৰিলো । মোৰ মগজু আৰু মোৰ দৃষ্টিশক্তি পিছে তেতিয়াও সক্ৰিয় হৈয়েই থাকিল ।

যদিও কাঠচলি ডালৰ দৰে পৰি থাকিলো , মই কিন্তু মোৰ কাষে- বাৰে হৈ থকা ঘটনাবোৰ অস্পষ্ট কৈ হ’লেও দেখি আছিলো । সেইবোৰৰ বোধগম্য হোৱাকৈ মোৰ মগজুয়েও কাম কৰি আছিল । কেৱল প্ৰতিক্ৰিয়া কৰিব পৰাকৈ জীয়াই হে থকা নাছিলো মই ।

দাদাই চাৰিওফালে চাই মোক ডাঙকোলাকৈ উঠাই , জুইকুৰাৰ ওচৰলৈ লৈ গ’ল আৰু বৌও ভিতৰৰ পৰা লৱৰি আহি মই চৰবত খোৱা গিলাছটো আৰু এটা পইজ’নৰ বটল মোৰ অচেতন শৰীৰটোত গুজি দিলে । অলপো দেৰি নকৰাকৈ ইফালে সিফালে চাই জুই কুৰালৈ ডলিয়াই দিলে সি মোক ।

চৌহদৰ পৰিত্যক্ত জাৱৰবোৰৰ দৰে সি মোক পুৰি পেলালে লগতে পিতায়ে মোৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে মোৰ নামত লিখি থৈ যোৱা সম্পত্তি ভাগৰ দলিল খনো , সেই জুইকুৰাতে ছাঁই হৈ গ’ল ।

মোৰ সপোনটোৰ শেষৰ চোৱাও তাৰমানে সঁচা হ’ল । এইবাৰ সপোনত দেখা সেই চিনাকি হাতখনৰ লগতে , অস্পষ্ট হৈ দেখা দিয়া মুখখনো স্পষ্টকৈ দেখা পালোঁ মই ।
সেইজন আন কোনো নহয় , যমৰূপী মোৰ দাদা ।

মই মৌন শব্দৰে পিতাইক মাতিলোঁ …
পিতাই অ’ .. তোৰ কাষলৈ গৈ আছো দেই মই ।

জুইকুৰালৈ চাই দাদাই ৰাউচি জুৰিলে ..

~কোন ক’ত আছ’ আহহঁত অ’ । এইজনীয়ে কি কৰিলে চাহি । পিতাইক হেৰুৱাৰ দুখতে এইজনীও জাহ গ’ল জুইকুৰাতে । কিহে পাইছিল অ’ মোক আজি বাৰীখন চিকুনাবলৈ ? কিহে পাইছিল জুই ধৰি আৱৰ্জনা পুৰিবলৈ ..!

অ’ ভন্টী কি কৰিলি তই এইয়া…?

কিয় কৰিলি এনেকুৱা ……?


   *************************

Design a site like this with WordPress.com
Get started