
এইখিনিতে…
ঠিক এই আঁহতজোপাৰ তলতে মানুহজন ৰৈ থাকে সদায় । প্ৰথম অলপ দিন কথাটোত মই বৰ বিশেষ গুৰুত্ব দিয়া নাছিলোঁ যদিও লাহে লাহে লক্ষ্য কৰিছোঁ সেয়া যেন সূৰ্য্য উদয় হোৱা বা অস্ত যোৱাৰ দৰেই এটা ধ্ৰুৱ সত্য । ঠেৰেঙা শীত অথবা শৰীৰ দেই পুৰি নিয়া জেঠৰ প্ৰখৰ উষ্ণতা কিম্বা শাওণীয়া বৰষুণজাকেই হওক, একোৱেই যেন টলাব নোৱাৰে তেওঁক সেই দৈনন্দিন কৰ্মৰাজিৰ পৰা ।
এমূৰ বিশৃংখল চুলিৰে আৰু আধা পকা এমুখ দাড়িৰে চল্লিশোৰ্ধৰ শীৰ্ণকায় মানুহজনে বেপেৰুৱা ভংগীত যেতিয়া চিগাৰেট এটা হুপি ৰৈ থকা দেখিব , মোৰ দৰে আপুনিও হয়তো ভাবিব তেওঁ নিশ্চয় আপোনাৰ মোৰ গতানুগতিক জীৱন শৈলীৰ পৰা শতযোজন আঁতৰতে ৰোৱা এজন অত্যন্ত ভাবুক ব্যক্তি ।
কেতিয়াবা এনে ভাব এটাও মনলৈ আহে , মানুহজন বাৰু ৰাস্তাই ঘাটে সকলোৰে অৱহেলিত হৈ পৰি ৰোৱা এজন মানসিক ৰোগী নেকি ! পিছে তেওঁৰ পৰিপাটি আৰু মাৰ্জিত সাজ-পোছাকে সেইদৰে ভাবিবলৈ দেখোন অনুমতি নিদিয়ে মনটোক ।
কিন্তু নিৰ্লিপ্ত অথচ উজ্জ্বল দুচকুৰে তেওঁক কোনোবা সময়ত মোৰ এজন মহাকাশ বিজ্ঞানী হিচাবে ভাবি চাবলৈহে মন যায় । যেন কিবা এক মহাজাগতিক সূত্ৰ আবিষ্কাৰ কৰিবলৈকে আঙুলিত চিগাৰেট এটা গুজি , আকাশৰ বুকুত দৃষ্টি নিবদ্ধ ৰাখে তেওঁ । আৰু মাজে মাজে সেই সূত্ৰৰ আঁত ধৰি , অমিল হৈ ৰোৱা কিছুমান সমীকৰণৰ সমাধানৰ বাবেই আকাশ আৰু পৃথিৱীৰ মাজৰ সৰল ৰৈখিক দূৰত্বৰ জোখ মাপ ল’বলৈ দুচকু নমাই ইফালে সিফালে চাই।
আচলতে মই কৰ্মৰত পৌৰ নিগম অফিচৰ যিখন টেবুলত মই বহো সেই টেবুলখনৰ ঠিক পোনে পোনে থকা খিৰিকীখনেদি গছজোপা স্পষ্টকৈ দেখা পোৱা যায় । সেই সূত্ৰেই আজিকালি কামৰ ব্যস্ততাৰ মাজতো মানুহজনক লক্ষ্য কৰি থকাটো মোৰ এটা অভ্যাস হৈ পৰিছে । তেওঁৰ বাবেই মোৰ মনত যেন মানুহ পঢ়া বিষয়টো অধ্যয়ন কৰাৰ নতুনকৈ এটা আগ্ৰহে গঁজালি মেলিছে।
মই একোৱেই নাজানো তেওঁনো ক’ত থাকে বা সঠিককৈ কোনটো সময়ত এই গছজোপাৰ তলত আহি তেওঁ বহি পৰেহি , কিন্তু লক্ষ্য কৰোঁ অফিচ চুটিৰ পিছত অফিচৰ কৰ্মচাৰী সকলৰ লগতে সেই মানুহজনো কোনোবা অজ্ঞাত স্থানলৈ বুলি ৰাওনা হয় ।
———————
হঠাৎ মানুহজন এদিন নাইকিয়া হ’ল ।
এই অফিচটোত যোগদান কৰাৰে পৰা যোৱা সাতটা মাহে প্ৰতিদিনে মই দেখি অহা মানুহজন আজি গছজোপাৰ তলত নাই। মই কামৰ মাজে মাজে তেওঁ বহি থকা সেই নিৰ্দিষ্ট ঠাই টুকুৰালৈ লক্ষ্য কৰিছোঁ । কিজানিবা আজি অলপ পলমকৈয়ে আহে তেওঁ ।
পিছে , নাহিল ।
মানুহজন আজি নাহিল ।
সাতোটা মাহত এই প্ৰথম তেওঁৰ দৈনন্দিন ৰুটিনখনৰ সলনি হৈছে এয়া । তেওঁৰ অনুপস্থিতিয়ে মোক অলপ অস্থিৰ কৰি তোলা যেনো অনুমান হৈছে দেখোন !
~ Humans are creatures of habit.
এই মুহূৰ্তত এই আপ্তবাক্যফাঁকি মই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ । লগতে নিজকে প্ৰশ্ন কৰিও চাইছোঁ , এজন অচিনা,অজানা মানুহৰ প্ৰতি এইদৰে ব্যগ্ৰ হৈ পৰাৰ কাৰণ কি ! তেওঁ মোৰ অভ্যাস হৈ পৰা নাইতো !
লাহে লাহে তেওঁ বিহীন কেবাটাও দিন এটা নিত্য নৈমিত্তিক পৰিঘটনাৰ দৰেই পৃথিৱীৰ বুকুত হেৰাই গ’ল। কিন্তু মইহে মানুহজন নোহোৱা হোৱা সেই দিনটোকে খামুচি ধৰি ৰৈ থাকিলোঁ পৌৰ নিগম অফিচৰ সেই বিশেষ খিৰিকীখনেৰে মোৰ চকুত পৰা আঁহতজোপালৈ চাই ।
তেওঁ বাৰু অসুস্থ হৈ পৰিছে নেকি ! এইখিনি সময়ত কোনোবা এজন আছেনে বাৰু তেওঁৰ পৰিচৰ্যা কৰিবলৈ ! মানুহজনৰ অসুস্থ মুখত জুতি লগাকৈ এসাজ ৰান্ধি খুৱাবলৈ বা কপালখনত হাত ফুৰাই আদৰ যত্নেৰে এটা ঔষধৰ বড়ি যাঁচি দিবলৈ আছেনে বাৰু কোনোবা এগৰাকী তেওঁৰ কাষত !
কেবাটাও অনিশ্চিত প্ৰশ্নৰ নিশ্চিত উত্তৰ একোটা বিচাৰি মোৰ মনটো অস্থিৰ হৈ পৰিল । তথাপিও তেওঁৰ অনুপস্থিতিৰ সৱল কাৰণটো জানিবলৈহে উৎসুক হৈ পৰিলোঁ মই । কোনো প্ৰগাঢ় যুক্তি নাথাকিলেও চকুৰ চিনাকি এজনেও কেতিয়াবা যে অন্তৰৰ গভীৰত গভীৰভাৱে ৰেখাপাত কৰি যায় , মই যেন পৰিষ্কাৰকৈ বুজি উঠিছোঁ ।
কিবা প্ৰকাৰে , যোৱা কেইবাটাও দিন মোৰ মনটোক অশান্ত কৰি তোলা অচিনাকি মানুহজনৰ খবৰ এটা সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে ইচ্ছা কৰিয়েই অন্যবোৰ দিনতকৈ অলপ সোনকালেই অফিচৰ পৰা ওলাই আহিলোঁ আজি ।
আহঁতজোপাৰ আশে-পাশে কেইবাখনো গ্ৰ’চেৰি ষ্ট’ৰৰ লগতে দুখনমান ঘুমটিৰ দৰে সৰু সৰু দোকানো আছিল । মানুহজনে প্ৰায়ে সেই ঘুমটি কেইখনৰ পৰা চিগাৰেট কিনা দেখিছিলোঁ । গতিকে তাৰে এখনলৈ আগবাঢ়ি গ’লো মই ।
: বাইদেউ , আহক আহক । তামোল খাব নে পান ? কি দিম ? মিঠা পট্টি নে বাংলা পট্টি ?জৰ্দা দিম নে বাইদেউ ?
আদহিয়া বয়সৰ দোকানীজনে স্বভাৱ সুলভ ব্যস্ততাৰে কথা কেইটা সুধি আগ্ৰহেৰে চাই ৰ’ল মোলৈ ।
: নাই , তামোল পান নাখাওঁৱেই মই । আপোনাৰ পৰা কথা এটা জানিবৰ বাবে হে আহিলোঁ আচলতে ।
: কওঁকচোন বাইদেউ , কি সুধিব ।
: এই গছজোপাৰ তলত দুদিনমান আগলৈকে মানুহ এজন বহি থকা দেখিছিলোঁ । তেওঁৰ বিষয়ে কিবা জানে নেকি আপুনি ? কোন তেওঁ , ক’ত থাকে ?
: অ’ অপৰূপ দা । তেওঁৰ ঘৰ ইয়াতে বাইদেউ । সৌ যে তিনিআলিটো দেখিছে তাৰ পৰা অলপ আগলৈ গৈ স্কুলখনৰ কাষেৰে ৰাস্তা এটা সোমাই গৈছে । সেই ৰাস্তাটোৰ একেবাৰে শেষৰ ঘৰটোৱেই অপৰূপ দাৰ ঘৰ।
[ মই পান নাখাও বুলি নিশ্চিন্ত হৈ ডিঙিতে ওলোমাই ৰখা গামোচাখনেৰে মুখখন মুচি মুচি পুনৰ ক’বলৈ ধৰিলে দোকানীজনে । ]
লেখক মানুহ তেখেত। কিতাপৰ মাজতে বুৰ গৈ থাকে । মোৰ ল’ৰা ছোৱালী দুটাকো মাজে মাজে দুই এখন কিতাপ পঢ়িবলৈ বুলি দি থৈ যায় । এইখিনিতে বহাৰ অভ্যাস এটা কিয় কৰি লৈছিল জানোঁ ! এতিয়া চাগৈ আকৌ কিবা লিখা মেলাত লাগিছে ।
: অপৰূপ দা মানে .. অপৰূপ মহন্ত ? সেই বিখ্যাত ঔপন্যাসিকজন ! কি কৈছে আপুনি ?
আশ্বৰ্যচকিত নয়নেৰে দোকানীজনক প্ৰশ্ন কৰিলোঁ মই ।
: হয় , বাইদেউ । তেখেতেই ।
কি শুনিছোঁ মই ! যিজন লেখকক মোৰ হৃদয়ৰ গভীৰত থাপি , পুঁজি আহিছোঁ ইমান বছৰে , যাৰ এটা এটা লেখনি হৃদয়ংগম কৰি নিজকে এখন কল্পনাৰ জগতত হেৰুৱাই পেলাইছোঁ , যিজন মানুহক জীৱনৰ কোনোবা এটা দিনত এবাৰৰ বাবে হ’লেও লগ পোৱাৰ প্ৰবল হেঁপাহ এটা মনতে পুহি ৰাখিছোঁ .. সেইজন ব্যক্তি যোৱা সাতটা মাহে মোৰ চকুৰ সন্মুখতে আছিল !
স্বৰ্গ সুখ এয়া ।
মই যেন ঢপলিয়াই গৈ তেওঁৰ ভৰিতে উবুৰি খাই পৰিম ! অনৰ্গল কৈ যাম মোৰ হৃদয়ৰ অযুত অব্যক্ত কথাবোৰ ।
প্ৰায় লৱৰি অহা দি আহি দোকানীজনৰ বৰ্ণনা অনুসৰি তিনিআলিটো পাৰ হৈ ঘাই ৰাস্তাৰ পৰা স্কুলখনৰ কাষেদি যোৱা উপপথটোত ভৰি দিলোঁ মই । সুখবোৰ বলিয়া হৈছিল চাগৈ সেই সময়ত । মোৰ বুকুখন , সিহঁতৰ অটপালিত দ্ৰুত গতিত ঢপঢপাবলৈ ধৰিছিল ।
খৰখোজেৰে গৈ ৰাস্তাটো য’ত শেষ হৈছে , ঠিক সেই জেগাতে অযত্নপলিত এখন ফুলনী বাগিচাৰে সৈতে সৰু ঘৰ এটা চকুত পৰিল মোৰ ।
এইটোৱেই সেই পৰম আকাংক্ষিত ঘৰটো , যাৰ গৰাকীক মই মোৰ কৈশোৰৰ দিনৰে পৰা দেৱতা জ্ঞান কৰি আহিছোঁ ! মনটো ভৰি পৰিছিল , মই যেন স্বৰ্গ ঢুকি পালোঁ হাততে !
লাহেকৈ কাঠৰ গেইটখন খুলি অতি সন্তৰ্পনে ঘৰটোৰ চৌহদত প্ৰৱেশ কৰিলোঁ মই আৰু কানিদুৱৰিকৈ খোল খাই থকা দুৱাৰখনৰ ফাঁকেৰে ভিতৰলৈ জুমি চালোঁ । প্ৰৱেশ দ্বাৰৰ লগতে থকা কলিং বেলটোত হেঁচা দিবলৈ লৈ দেখিলোঁ , ভিতৰলৈ মোৰ আগমনৰ সংকেত পঠিয়াব পৰাকৈ বেলটো কাৰ্যক্ষম হৈ থকা নাই। চুইটছটোৰ লগত সংযুক্ত বৈদ্যুতিক তাঁৰডাল ছিঙি আছে । অগত্যা দুৱাৰখনত সজোৰে টোকৰ দি মাত লগালো ..
: কোনোবা আছে নে ?
অপেক্ষাৰ কেইবাটাও মুহূৰ্ত নীৰৱে পাৰ হৈ গ’ল । ভিতৰৰ পৰা পিছে কোনো ধৰণৰ সঁহাৰি নাহিল। অৱশেষত অনিচ্ছা স্বত্তেও দুৱাৰখন ঠেলা মাৰি মই ঘৰটোৰ ভিতৰলৈ সোমাই গ’লো । সেই সময়ত অপৰূপ মহন্ত কিবা বিপদত পৰি অথবা অসুস্থতাৰ বাবেই ওলাই আহিব পৰা নাই বুলি মোৰ মনটোলৈ, মগজুৱে পঠোৱা সংকেতক গুৰুত্ব দিয়াই উচিত বিবেচনা কৰিছিলোঁ আচলতে।
এটা বিশৃংখল কোঠালি ।
চেদেলি-ভেদেলি হৈ পৰি ৰোৱা আচবাব সমূহত বহুদিনীয়া ধূলিৰ প্ৰলেপ । দেখিয়েই অনুমান হ’ল এই ঘৰটোত অপৰূপ মহন্ত একেবাৰেই অকলশৰীয়া । উক্ত কোঠাটোৰ সংলগ্ন আন এটা কোঠাৰ পৰা মৃদু সংগীতৰ ধ্বনি ভাঁহি আহি সেই কোঠাটোৰ প্ৰতি তীব্ৰভাবে আকৰ্ষিত কৰিলে মোক । উৎসুকতাৰে কোঠাটোলৈ সোমাই গৈ পৰম বিস্ময়ত থৰ হৈ ৰ’লো মই ।
সন্মুখৰ কোঠাটোৰ বিপৰীতে এইটো কোঠা খুবেই পৰিপাটি আৰু সু-সজ্জিত ! কোঠাটোৰ চাৰিওদিশে কিছুমান সৰু ডাঙৰ বুক শ্বেল্ফ আৰু শ্বেল্ফবোৰত অগণন কিতাপ । কোঠাটোৰ ঠিক সোঁমাজতে থকা এখন টেবুলত এয়া মোৰ প্ৰিয় লেখকজন নতুনৰ সৃষ্টিত নিম্মজিত । শব্দবোৰৰ লগত একাত্ম হ’বলৈ তেওঁক হয়তো সংগীতৰো প্ৰয়োজন হয় !
বিষয়টো নিজৰ লগতো ৰিজাই চলোঁ । মই দেখোন তেওঁৰ ৰচনাৰাজিক হৃদয়ংগম কৰিবলৈ নীৰৱতাক হে সংগী কৰি লওঁ ! তাৰমানে সৃষ্টিৰ জগতখনত সংগীত আৰু শব্দ এটা আনটোৰ পৰিপূৰক নেকি ! লেখক অপৰূপ মহন্তক দেখি মোৰ দেখোন সেয়াই সত্য যেন বোধগম্য হৈছে ।
তেওঁলোকৰ দৰে একাগ্ৰতা আৰু সাধনা সম্ভৱ নহয় বাবেই সকলো লেখক হৈ নুঠে আচলতে । তেওঁ উকা কাগজত এটা এটা কৈ লিখি যোৱা অনুভৱবোৰত এইদৰে বিলীন হৈ পৰিছে যে , নিচেই কাষতে মোৰ উপস্থিতিকো অনুধাৱন কৰিব পৰা নাই ।
শ্বেল্ফৰ কিতাপবোৰ এফালৰ পৰা লাহে লাহে চুই গ’লো মই । ভিন ভিন ৰসস্বাদৰে পৰিপূৰ্ণ বিভিন্ন বিষয়ৰ বিভিন্ন কিতাপবোৰ দেখি মই যেন নিজকে পাহৰি পেলালোঁ। একে সময়তে তেখেতৰ দ্বাৰা সৃষ্ট প্ৰতিখন কিতাপে আবেগিক কৰি তোলা মনটোক বাধা দিব নোৱাৰি উচুপি উঠিলোঁ মই আৰু মোৰ প্ৰিয় ব্যক্তিজনৰ ভৰি দুখনতে পৰি প্ৰণাম জনালোঁ তেওঁক ।
ঘটনাৰ আচম্বিকতাত থতমত খাই উঠিল মানুহজন।
: তুমি !
লেখাবোৰৰ দৰে তেওঁৰ কণ্ঠৰ পৰা নিগৰিত সেই এটা শব্দয়ো যেন সন্মোহিত কৰি তুলিলে মোক । ইমান গভীৰ তেওঁৰ কণ্ঠ ! নে , তেওঁৰ প্ৰতি শ্ৰদ্ধাৰে পৰিপূৰ্ণ মোৰ মনটোৰ বাবে হে এনে অনুভৱ হৈছে ! কথাবোৰ জুকিয়াই লৈ লাহে লাহে ক’বলৈ ধৰিলোঁ মই ..
: যোৱা সাতটা মাহে আপুনি মোৰ চকুৰ আগতে আছিল , মই আপোনাক চিনি নাপালোঁ । কি দৰে প্ৰকাশ কৰোঁ এতিয়া মোৰ অন্তৰতম অনুভৱবোৰক আপুনি বুজিব পৰাকৈ ? অন্ধ অনুৰাগী মই আপোনাৰ । আপোনাৰ সৃষ্টিক গো-গ্রাসে গিলি কল্পনাৰ ৰাজ্যত ভ্রমি ফুৰা মানুহ মই । কোনখন কিতাপ পঢ়া নাই আপুনি লিখা..!
সেই যে ‘ এনাজৰীত ‘ লিখিছিল — সম্পৰ্ক বিচ্ছেদ মনেই শত্ৰুতুল্য নেকি , মোৰ প্ৰতি তোমাৰ এই দুৰ্বলতা আত্মিক নে আসক্তি আচলতে !
‘ স্বপ্নাতুৰ সন্ধ্যাৰ ‘ সেই লাইনটো — ‘ এই যে আমি জন্ম হৈ পৃথিৱীলৈ আহিলো , সেয়া আমাৰ অজ্ঞাতে হোৱা এটা পৰিঘটনা । আমি গম নোপোৱাকৈ এদিন কাৰোবাৰ গৰ্ভত থিতাপি লওঁ আৰু কালক্ৰমত ভূমিষ্ঠ হৈ পৃথিৱীখন আৰু পৃথিৱীখনৰ বস্তুবোৰৰ প্ৰেমত পৰোঁ । আমাৰ আত্মাটো কিন্তু এটা শৰীৰত বন্দী হৈ ৰয় । ‘
কিমান যে সত্য এয়া.. ।
‘ভালপোৱাৰ অৱকাশৰ’ মোৰ প্ৰিয় বাক্যফাঁকি — ‘সংগোপনে ভালপোৱাৰ অধিকাৰ সকলোৰে থাকে । ভালপোৱাৰ অৱকাশ থাকে বাবেই ভালপোৱা যায় আচলতে ।’
উফ.. মই যেন জী উঠিছিলোঁ সেই বাক্যফাঁকিত । আপুনি যেন সংগোপনে ভালপোৱাৰ অধিকাৰ অলপ লিখি দিছিল মোৰ নামত ।
আপোনাৰ বেষ্ট চেলাৰ ‘ অন্য এক ৰুক্মিণী ‘ উপন্যাসখনত এটা পুৰাকথা আৰু এটা আধুনিক প্ৰেম কাহিনীৰ ফিউজন ৰূপ দি এখন অগতানুগতিক গন্ধর্ব বিবাহৰ বৰ্ণনা দিছিল যে … বিশ্বাস কৰিব , মই হয়তো বহু মাহলৈ কাহিনীটোৰ নায়িকাগৰাকীৰ ৰূপত নিজকে কল্পনা কৰি তাৰ সৈতেই একাত্ম হৈ থাকিলোঁ ।
হয়তো আপুনি কি অদ্ভুত মানসিকতাৰ ছোৱালী বুলি হাঁহিব মোক । কিন্তু কি জানে , কিতাপখন পঢ়ি এডাল সূতা কেইবা তৰপীয়া কৰি ঘৰৰ পদূলিৰ বকুল তিনিপাহ আঙুঠিৰ ৰূপ দি গাঁঠি লৈছিলোঁ এদিন । মোৰ অনামিকা আঙুলিত সেই বকুল ফুলৰ আঙুঠিটো পৰিধান কৰি মই মোৰ সপোনৰ জগতখনত আপোনাক স্বামী বৰণ কৰি পেলাইছিলোঁ । আপোনাৰ বিবাহিতা পত্নীৰ ৰূপত নিজকে কল্পনা কৰি অপৰিসীম সুখেৰে বুকুখন ভৰাই পেলাইছিলোঁ ।
বহু দিনলৈকে পিন্ধি আছিলোঁ সেই আঙুঠিটো । ভ্ৰমৰ দুনীয়া এখনত আপুনি মোৰ দুৰন্ত প্ৰেমিক । এক অদৃশ্য বান্ধোনৰে আপোনাৰ লগত বান্ধ খাই মই যেন আপোনাক মোৰ জীৱনৰ অংশীদাৰ কৰি পেলাইছিলোঁ। সেই বান্ধোনৰ আঁৰত যিটো সত্য আছিল সেয়া –প্ৰেম । মই বাৰে বাৰে দোহাৰিছিলোঁ … ‘ সংগোপনে ভালপোৱাৰ অধিকাৰ সকলোৰে থাকে ‘ ।
ভাল পাইছিলোঁ মই আপোনাক ।
অপৰিপক্ক বয়সৰ সেই অনুভূতিবোৰ যেন মোৰ জীৱনৰ সঞ্জীৱনী সুধা । মোৰ দুনীয়খন যেন কেৱল আপোনাতেই আৰম্ভ আৰু আপোনাতেই শেষ ।
লাহে লাহে বিবাহ উপযুক্ত বয়সত মোলৈ বিবাহৰ প্ৰস্তাৱ আহিবলৈ ল’লে । মই খুব অসহায় অনুভৱ কৰিছিলোঁ সেই সময়বোৰত । কি দৰে কওঁ সকলোকে , ভ্ৰমৰ দুনীয়া এখনেই যে জীয়ন দি ৰাখিছে মোক ইমান দিনে । পিছে , ভ্ৰমৰ জানো অস্তিত্ব আছে কিবা ? সেইখন জগতত হেৰাই থকাৰ যুক্তিয়েই বা ক’ত !
আৰু এদিন নিজকে আপোনাৰ প্ৰেম বন্ধনৰ পৰা মুক্ত কৰিবলৈকে বুকুতে শিল এচটা ৰাখি বকুল ফুলৰ আঙুঠিটোক মোৰ অনামিকা আঙুলিৰ পৰা বিচ্ছিন্ন কৰিছিলোঁ। হুকহুকাই কান্দি উঠিছিলোঁ সেইদিনা । মই যেন স্বামীহাৰা হৈছিলোঁ !
বহু সময় মৌন হৈ ৰ’লো । মোৰ প্ৰিয় পুৰুষজনো হয়তো বাকৰুদ্ধ হৈ পৰিছে মোৰ এই অহৌবলিয়া কথাবোৰত । মোৰ এই চৰম সত্যক তেওঁ বাৰু কি দৰে গ্ৰহণ কৰিছে !
উথলি উঠা আৱেগক বাধা দিব নোৱাৰি হেণ্ড বেগটো খুচৰি গোন্ধহীন মৰহা বকুলৰ আঙুঠিটো উলিয়াই আনিলোঁ মই আৰু তেওঁৰ হাতখনতে থাপ মাৰি ধৰি সেইটো তেওঁৰ হাতত গুজি দিলোঁ ।
: মোৰ এই অনুভূতিবোৰৰ কিবা মূল্য আছে নে ? নে , আপোনাৰ দ্বাৰা সৃষ্ট এটা নিটোল গল্প অথবা এখন উপন্যাসৰ দৰেই মোৰ এই কাহিনীটোও কিতাপৰ পাততে আবদ্ধ হৈ ৰ’ব ? এই আঙুঠিটো পিন্ধাই মোক আপুনি নিজৰ বুলি গ্ৰহণ কৰিবলৈ ভাল পাব নে বাৰু !
মই আপোনাৰ বিষয়ে একোৱেই নাজানিলোঁ । আপুনি ইয়াতে থাকে বুলি জনা হ’লে আপোনাক এবাৰ লগ কৰি কথাবোৰ ক’লো হয় ! কি কৰোঁ মই এতিয়া ? সময়ৰ আঁচোৰত বিবৰ্ণপ্ৰায় হৈ পৰিলেও , বকুল ফুলকেইপাহত আপোনাৰ প্ৰতি থকা মোৰ প্ৰেম এতিয়াও সজীৱ হৈ আছে কিন্তু ।
অপৰূপ মহন্তই মোৰ বকুল ফুলৰ আঙুঠিটো , লিখি থকা কাগজজাপৰ ওপৰতে থৈ , টেবুলৰ ড্রয়াৰটো খুলি এখন ফটো উলিয়াই আনিলে । আৰু মোক এবাৰো নোচোৱাকৈ সেইখন মোলৈ আগবঢ়াই দিলে..
: তোমাৰ দৰেই দেখিবলৈ । মোক চিৰদিনলৈ এৰি থৈ যোৱা মোৰ প্ৰেয়সী এয়া। সাত মাহৰ আগতে হঠাতে এদিন তোমাক দেখি এনে লাগিছিল , স্মৃতিৰ কুঁহেলিকা ঠেলি তেওঁ যেন জীৱন্ত ৰূপেৰে ধৰা দিছে মোৰ দুচকুত ।
মই ফটোখন হাত পাতি লৈ দৰক লাগি ৰ’লো । এয়া দেখোন হুবহু মই । ইমান সাদৃশ্য থাকিব পাৰে নে দুজন মানুহৰ মাজত !
অপৰূপ মহন্তই মানে নীৰৱে মোকো লক্ষ্য কৰি আছিল ইমান দিনে ! মোৰ জৰিয়তে নিজৰ প্ৰেমিকাক সুৱঁৰিবলৈকে তেঁও সেই গছজোপাৰ তলত বহি পৰিছিল নেকি !
চুলিখিনি দুহাতেৰে খামুচি ধৰি ফেঁকুৰি উঠিছিল মোৰ প্ৰিয় লেখকজনে। তেওঁৰ তপত চকুলোৱে উকা কাগজত লিখি ৰখা নীলা আখৰবোৰ প্ৰায় বিবৰ্ণ কৰি পেলাইছিল। মোৰ পিছে সেইসময়ত কাগজত লিখি ৰখা তেওঁৰ অনুভৱবোৰক নহয় , দুচকুত খোদিত অব্যক্ত ভাষাবোৰ হে পঢ়ি চাবলৈ প্ৰবল ইচ্ছা জাগিছিল ।
———-////——-
সমাপ্ত








