গোন্ধ

গোন্ধ

উফ…।
কি যে বিড়ম্বনা..!
অদ্ভুত , অকটা গোন্ধটোত হলকা-হলককৈ যেন বমিয়াই দিব নলিনী দত্তই । নাসিকা তন্ত্ৰৰে উৰ্ধগামী হৈ অসহ্যকৰ গোন্ধটো দত্তৰ কপালৰ কুম দুটাৰ তীব্ৰ ঢপঢপনিৰ কাৰক হৈ পৰে । দুৰ্গন্ধময় বায়ু এসোপা পেটৰ ভিতৰলৈকে প্ৰৱেশ কৰি মানুহজনৰ বয়সে সংকুচিত কৰা পেটটোও যেন অস্বাভাৱিক ভাবে ওফন্দাই পেলায়। গোন্ধটোৰ পৰা নিস্তাৰ পাবলৈকে নাকৰ ফুটা দুটাত তৰ্জনী আৰু বুঢ়া আঙুলিৰ মূৰেৰে জোৰৰে চাপ প্ৰয়োগ কৰাৰ ফলত কোনোবা সময়ত মানুহজনে আনকি উশাহ টানি লোৱাটো ভীষণ কষ্টৰ সন্মুখীন হয়।

এই যে গোন্ধ এটাৰ তীব্ৰতাই জীৱন কালৰ পয়সত্তৰটা বসন্ত গৰকা নলিনী দত্ত নামৰ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াজনৰ জীৱনটোৱেই দুৰ্বিসহ কৰি তুলিছে , সেই  কথাটো কেৱল আজিৰে নহয়।

এৰা, বহু দিন… আচলতে বহু মাহেই হ’বৰ হ’ল । যি দিনা অকস্মাত মূৰটো ঘূৰাই পৰি যোৱাত পৰৱৰ্তী সময়ত কোনোবা এখন অত্যাধুনিক চিকিৎসালয়ৰ, কিছুমান উন্নতমানৰ মেছিন সংলগ্ন এখন আটকধুনীয়া বিছনাত নিজকে তেওঁ উদ্ধাৰ কৰিছিল, যি দিনা আমৃত্যু সুস্থ হৈ থকাৰ উদ্দেশ্যে নিয়মিত সেৱন কৰি অহা ভিটামিন আৰু প্ৰ’টিন পাউদাৰবোৰৰ চূড়ান্ত বিশ্বাসঘাটকতাত নিত্য নৈমৰ্ত্তিক কাৰ্যখিনি সম্পন্ন কৰিবলৈকে সহায়িকা ৰ’জিৰ প্ৰয়োজন অনুভৱ কৰিছিল… ঠিক সেইদিনাৰ পৰাই যেন এটা গোন্ধই তেওঁক খেদি ফুৰিছে।

সম্প্ৰতি চিৰসেউজ আৰু পৰমুখাপেক্ষী নহয় বুলি মিছা অহংকাৰত মত্ত নিলিনী দত্ত ,সময় হাতুৰীৰ প্ৰচণ্ড কোবত ধাৰাশায়ী এজন বিধ্বস্ত পুৰুষ। যেন আকাশমুখী কোনোবা এজোপা গছৰ ,কোনোবা এটা ঠেঙুলিত বতাহৰ তালে তালে ডুলি , সৰি পৰাৰ বাবে অপেক্ষাৰত এখিলা পীতবৰণীয়া পাত !

সুদূৰ আমেৰিকাৰ পৰা নলিনী দত্তৰ একমাত্ৰ পুত্ৰ সাগৰে দেউতাকৰ শাৰীৰিক অসুস্থতাৰ বিষয়ে জানিবলৈ যেতিয়া তেওঁৰ লগত কথা হয় , ইথাৰৰ সিপাৰৰ পৰা সি উচ্চাৰণ কৰা প্ৰতিটো শব্দই ক্ৰমান্বয়ে একোটা গেলা গোন্ধ হৈ দত্তৰ কৰ্ণকুহৰেদি সমগ্ৰ শৰীৰতে বিয়ব্যপ্ত দিয়ে ! শৰীৰৰ প্রতি ডাল শিৰা-উপশিৰাই দি বিয়পি যোৱা এটা শাব্দিক দুৰ্গন্ধই মুহূৰ্ততে মানুহজনৰ মন-মগজু বিষাক্ত দাঁত এসোপা হৈ কুটি-কুটি খাবলৈ ধৰে। অসহ্য চটফটনিত অস্থিৰ হৈ উঠে তেওঁ। দূৰভাষ যন্ত্ৰটো চৰম বিতৃষ্ণাত থেকেচি বাথৰুমলৈ লৰ দিয়ে।

উফ…নোৱাৰি.. নোৱাৰি…।
অসহ্যকৰ পীড়া ! অদ্ভুত কুটকুটনি !

কিয় ফোন কৰে সি ! কি জানিবলৈ বিচাৰে ! দেউতাকৰ অসহায় অৱস্থাটোক উপলুঙা কৰে নেকি সাগৰে !

পিন্ধি থকা কাপোৰসাজ আজুৰি দলিয়াই উলংগ শৰীৰটোৰে শ্বাৱাৰৰ শীতল পানীবোৰ বোৱাই দিয়ে তেওঁ। সুগন্ধিযুক্ত চাবোনৰ লেপেৰে গোন্ধটোকো পানীৰ সৈতে বোৱাই দিয়াৰ তেওঁৰ এই প্ৰচেষ্টা ঘণ্টাৰ পিছত ঘন্টাযুৰি অব্যাহত থাকে ।
পিছে নাযায়… ।
গোন্ধটো কোনোমতে বিচ্ছিন্ন হ’ব নোখোজে নলিনী দত্তৰ বয়সে চেঁচা পেলোৱা শৰীৰটোক এৰি । অথচ শীতল পানীয়ে বুকুৰ কামিহাড়লৈকে কঁপাই মানুহজনক।

গোন্ধটোৰ উৎস বিচাৰি নলিনী দত্ত উন্মাদপ্ৰায় হৈ পৰে ।

বাহি বিয়াৰ ৰভাঘৰত অৱহেলিত হৈ পৰি ৰোৱা চকীকেইখনৰ দৰে নলিনী দত্তৰ সুবিশাল প্ৰসাদোপম ঘৰটোৰ চুকে-কোণে তেওঁৰ স্বৰ্গগামী পত্নী সুৱগাই সজাই ৰখা নিৰ্জীৱ বস্তুবোৰৰ ওপৰতো ক’মখন নিৰ্যাতন চলাই নে তেওঁ ! অনবৰতে ডেট’ল , ফেনাইলৰ স্পর্শধন্য হৈ জীৱহীন বস্তুবোৰ সম্প্ৰতি কেমিকেল ৰিয়েকশ্যনত স্বকীয়তা হেৰুৱাই বিবৰ্ণ প্ৰায় হোৱাৰ পথত। তাৰোপৰি দামী দামী সুগন্ধিযুক্ত বিভিন্ন ব্ৰেণ্ডৰ ধূপবোৰ আছেই ।

আজিকালি দত্তৰ ঘৰখনৰ পৰা বতাহত ভাঁহি অহা বিভিন্ন প্ৰকাৰৰ গোন্ধৰ সমাহাৰত সহায়িকা ৰ’জিৰ লগতে ওচৰ চুবুৰীয়াইও পৰম অস্বস্তিত দিন কটাবলগীয়া পৰ্যায় এটা আহি পৰিছে । মাহেকীয়া ৰেচন-পাতিখিনিৰ যোগান ধৰা ডেলিভাৰি বয় ৰাজুৰ বাবেটো নলিনী দত্তৰ কাৰণে মহা মূল্যবান হৈ পৰা গোন্ধ নিবাৰক বস্তুকেইবিধৰ ডেলিভাৰী দিয়াটো , এতিয়া এটা মস্ত বিৰক্তিকৰ কাম। ম’বাইল ফোনৰ স্ক্ৰীনত মানুহজনৰ নামটো ফ্লাশ্ব হোৱাৰ লগে লগে পৰম উষ্মাৰে তাৰ মুখৰ পৰা নিৰ্গত হোৱা প্ৰথম বাক্য শাৰীয়েই হৈছে….
~ ধেই , বুঢ়াডালে ক’লালে আৰু। পানীৰ সলনি ডেট’ল ফেনাইল সোপাকে গিলি গিলি জীয়াই আছে নেকি হে !

ৰাজুৱে ভাবে অহৌবলিয়া কাম কিছুমান কৰি ফুৰা দত্ত এজন মানসিক বিকাৰাগ্ৰস্ত লোক। কোনোবা মানসিক চিকিৎসালয়ত হে থৈ দিব লাগে বুঢ়াটোক। হয়ো কথাটো , কোন সুস্থ মানুহে বাৰু সপ্তাহত দুই / তিনিটাকৈ ফেনাইলৰ বটল ব্যৱহাৰ কৰি শেষ কৰাৰ নজিৰ আছে !

                     ——————

গোন্ধ এটাই দত্তক সৌ তাহানিতেও অস্বস্তিত নেপেলোৱা নহয়। পিছে কথাবোৰ তেতিয়া এনে নাছিল। আচলতে তেতিয়াৰ গোন্ধটো ইমান অকটা নাছিল।

পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হোৱা সুৱগাৰ পিঠিখন যেতিয়া সৰু ডাঙৰ ঘাঁ এগালে গেলাই পেলাইছিল , তদ্রুপ কেচেমা-কেচেম গোন্ধ এটাই নিলিনী দত্তৰ শোৱনী কোঠাত বিয়পি থকা বতাহখিনিও দুর্গন্ধময় কৰি তুলিছিল। একমাত্ৰ পুত্ৰ সাগৰে তেতিয়া হয়তো বয়সৰ জোখাৰে পোন্ধৰ অথবা ষোল্ল বছৰত ভৰি দিছিল। মাকৰ মমতা মাকৰ শৰীৰৰ দুৰ্গন্ধতকৈ তাৰ বাবে পিছে কোনো প্ৰকাৰে উৰ্দ্ধত নাছিল। ৰুগীয়া মাকজনীক দুৱাৰমুখৰ পৰাই ভুমুকি মাৰি চাই সাগৰে যেন পুত্ৰৰ কৰ্তব্য পালন কৰিছিল। অসুখীয়া মাকজনীৰ প্ৰতি বিৰাগ জন্মা সাগৰৰ এই ব্যৱহাৰত নীৰৱে চকুলো টুকিছিল নিলিনী দত্তই ।

জীৱনৰ মমাৰ্থ বুজিব পৰাকৈ বা মাকক চিৰদিনলৈ হেৰুৱাৰ ভয় এটাৰে বুকুখনত বিষ এটাই গজালি মেলিব পৰাকৈ অনুভৱৰ বিশালতাৰে পৰিপক্ক হৈ উঠা নাছিল জানো সাগৰ ! অথচ সুস্থ অৱস্থাত এইজনী মাকেই সকলো দুখ কষ্টক আওকাণ কৰি পুতেকৰ প্ৰয়োজনবোৰ পুৰা কৰা নাছিল নে  !

দত্তই বৰ আলফুলে ঘৈণীয়েকৰ পিঠিখনৰ ঘাঁ-ফোঁহাবোৰ চাফা কৰি , গৰম পানীৰে ধুৱাই শুকনি মলমৰ প্ৰলেপ লগাই দিছিল। পকি পকি ফাটি যোৱা ফোঁহাবোৰৰ পৰা নিৰ্গত তেজ পূজৰ গোন্ধকো উশাহত উজাই লৈ তেওঁ সুৱগাৰ কাষতে শুই পৰিব পাৰিছিল।

ঘৈণীয়েকৰ শৰীৰৰ বিষবোৰ আৰু মানুহজনৰ মানসিক যাতনাখিনিৰ মাজত কিবা প্ৰভেদ আছিল নে চাগৈ ! এখিনি বিষে তেওঁকো কোঙা কৰা নাছিল নে !
এটা প্ৰলম্বিত প্ৰশ্ন !

– কিমানখিনি মনৰ টান থাকিলে বা কিমান আপোন হ’লে মানুহে আচলতে সকলো কথাই আগ্ৰাহ্য কৰি এটা সম্পৰ্কক লালন কৰা সম্ভৱ হৈ উঠে ! আচলতে কিমানখিনি প্ৰেমে যিকোনো পৰিস্থিতি , যিকোনো ৰূপতে কাৰোবাক ভালপাই থাকিব পৰাকৈ মনটোক সুদৃঢ় কৰি তোলে !

সাগৰকো যদি ৰিমাৰ প্ৰতি সামান্যতম প্ৰেমৰ অনুভৱে চুলে হয় ! আজিৰ তাৰিখত পৰম আনন্দেৰে ৰিমাক দত্তই এইখন ঘৰৰ বোৱাৰী হিচাবে স্বীকৃতি দি অপৰাধবোধেৰে গধুৰ কৰি তোলা তেওঁৰ বুকুখন নিৰ্ভাৰ কৰিব পাৰিলে হয় ! পিছে সেয়াও হৈ নুঠিল।

গোন্ধ এটাই সেইদিনাও দত্তক বৰকৈ অশান্তি দিছিল । যিদিনা অন্তঃসত্বা ৰিমাৰ চুলি কোচাতে খামুচি ধৰি সাগৰে তাইক গালে-মুখে উপৰ্যুপুৰি লপাথপা দিয়া  স্বচক্ষে দেখা পাইছিল তেওঁ। বনকৰা ছোৱালীজনীয়ে লোকচক্ষুৰ আঁৰত সাগৰৰ বীৰ্য গৰ্ভত ধাৰণ কৰাটো জানো, কেৱল তাইৰ দ্বাৰা সংঘটিত এটা মাৰাত্মক ভুল আছিল !

নাছিল… কোনোপধ্যে সেয়া ভুল নাছিল। যদিহে সেই ভ্ৰূণটোৰ আধাৰ বা সেই ভ্ৰূণটোৱে গজালি মেলাৰ আঁৰত সাগৰৰ নিঃস্বাৰ্থ ভালপোৱাই একমাত্ৰ কাৰক হৈ থাকিল হয় । পিছে প্ৰেমৰ অজুহাতত নিষ্পাপ ছোৱালীজনীক প্ৰতাৰণাৰ জালেৰে মেৰিয়াই জৈৱিক তাড়না পূৰণৰ সাগৰৰ  কু-অভিসন্ধিহে আছিল সেয়া।

থকথককৈ কঁপিছিল নলিনী দত্ত পুতেকৰ বৰ্বৰতাত। ৰিমাৰ চকুত চকু থোৱাৰ সাহস হেৰুৱাই পেলাইছিল । থিয় হৈ ৰোৱা মাটিখিনিয়েই যেন নিমিষতে তেওঁৰ ভৰিৰ তলৰ পৰা নাইকিয়া হৈ পৰিছিল ! মাকৰ অনুপস্থিতিত উপযুক্ত কৰি ল’ৰাটোক গঢ়িব নোৱাৰাৰ অপবাদেৰে নিজকে দোষাৰোপ কৰি মুহূৰ্ততে খহি  নিঃশেষ হৈ পৰিছিল মানুহটো।

চলনা আৰু বিশ্বাসঘাটকতাৰ কালিমাৰে মলিয়ন হৈ পৰা পুত্ৰ সাগৰৰ দেহত প্ৰবাহিত তেজৰ অকটা গোন্ধত নলিনী দত্ত কিমান দিনলৈ যে প্ৰকৃতিস্থ হৈ উঠা নাছিল ! মৰহা বকুলৰ মালা এধাৰ পৰিধান কৰি দেৱালৰ গজাল এটাত ফটো হৈ ওলমি ৰোৱা প্ৰিয়তমা পত্নী সুৱগাক ক্ষমা খুজি শোৱাকোঠাৰ এটা চুকত পাৰি থোৱা নিৰ্দিষ্ট চকীখনতে বহি কিমানবোৰ উজাগৰী নিশা যে পাৰ কৰি দিছিল তেওঁ !

অনুশোচনাৰ সৈতে নৈশ যাপন সঁচাই বৰ কষ্টকৰ !

ইয়াৰ পিছতো শেলুৱৈ বিষাদ এখিনি বুকুতে শিপাবলৈ দি এজন পিতৃৰ বাবে উশাহটো লৈ জীয়াই থকা সম্ভৱ নে !  সহজসাধ্য নে ইমানখিনি যাতনা সহিও পিতৃত্বৰ গৌৰবেৰে বুকুখন ভৰাই ৰখা !

পিছে নলিনী দত্ত জীয়াই থাকিল। সময়ৰ পাকচক্ৰত থৰকাচুটি হেৰুৱাই হলা গছৰ দৰে শিৰনত কৰিবলৈ বাধ্য হ’ল যদিও , কাপুৰুষৰ দৰে আত্মহত্যা কৰি নিজকে শেষ কৰি দিব নোৱাৰিলে তেওঁ। উচ্চ শিক্ষাৰ হেতু সাগৰক আমেৰিকালৈ পঠোৱাৰ বিবেচনাৰে তেওঁ অকলশৰীয়া জীৱন এটাক আঁকোৱালি লোৱাই উচিত হ’ব বুলি তাৎক্ষণিক সিদ্ধান্ত এটা লৈ পেলালে। সুৱগাক হেৰুৱাই এফাল শূণ্য হৈ পৰা নলিনী দত্তৰ বুকুখন এইবাৰ সম্পূৰ্ণৰূপে শূন্যতাৰে পৰিপূৰ্ণ হৈ পৰিল যদিও ঘৰখনৰ দুৰ্গন্ধময় পৰিবেশটোলৈ যেন এয়া আছিল এক সাময়িক সকাহ !

সময়ত সাগৰো বিয়া বাৰু পাতি তাৰে বাসিন্দা হৈ পৰিল ।

               ———————

সেইদিনা যদি হঠাতে গাটো বেয়া লাগি মজিয়াতে চিট ভেলেঙা খাই নপৰিলে হয় অথবা ৰ’জিৰ ফোন ক’লটো ৰিচিভ কৰি দুদিন পিছতে পুত্ৰ সাগৰ আৰু নাতি ল’ৰা ৰিয়’ সুদূৰ আমেৰিকাৰ পৰা তেওঁৰ ওচৰলৈ নাহিল হয় … কথাবোৰ চাগৈ এনেকুৱা নহ’লহেঁতেন নেকি !

– গোন্ধ এবিধ কেমিকেল ছেন্স। গোন্ধক বুজিবলৈ হ’লে সেই বস্তুৰ শ্লৈস্মিক জিলিৰ সংস্পৰ্শলৈ আহিব লাগিব বা তাৰ জলীয় অংশত দ্ৰৱীভূত হ’ব লাগিব।

দত্তৰ লগত তেনেহ’লে এনেকুৱা কি হৈছে যে উৎসস্থল ঠাৱৰ কৰিব নোৱাৰা এটা দুৰ্গন্ধই প্ৰতিনিয়ত তেওঁক টিলটিলকৈ জীয়াতু ভোগাইছে । সেই গোন্ধৰ প্ৰাদুৰ্ভাৱত তীব্ৰ যন্ত্ৰনাত পিষ্ট হ’ব খোজা তেওঁৰ শৰীৰটোৱেও যেন ক্ৰমে হাৰ মানিব বিচাৰিছে !

কথাবোৰৰ আটকাল বিচাৰি শূণ্য মানসিক স্থিতিত ওলমি ৰোৱা অৱস্থাতে , নলিনী দত্তৰ হাওঁফাঁওটোৱে   এটা অদ্ভুত গোন্ধ নিশ্বাসত এৰি দিলে। ক্ষন্তেকতে গোন্ধটো তেওঁৰ চৌপাশৰ বায়ুমণ্ডলত দ্ৰৱীভূত হৈ মানুহজনৰ নাকে মুখে হেঁচা মাৰি ধৰিলে। পেটটোও পকাই আহিল তেওঁৰ। পেটৰ ভিতৰত যেন কেঁচু কুমটি এগালৰহে মুক্ত বিচৰণ এয়া ! ৱাশ্ব বেচিনটোলৈ দৌৰি গৈ হলকা-হলকে বমিয়াই দিলে নলিনী দত্তই ।
এই বমিসোপাৰ লগতে গোন্ধটোৱেও যদি লগ এৰা দিলে হয় মানুহজনক !

উপশম কি এই যাতনাৰ !
কি কৰা যায়..! আত্মহত্যা… !

ওলমি দিয়াই সহজ হ’ব নেকি চিলিং ফেনখনত , নে ফেনাইলৰ বটলটো খুলি ধকধককৈ পি দিব পনীয়া বিষ এগাল !

হাজাৰ ধুমুহাইও টলাব নোৱাৰা , সুৱগাৰ অবিহনেও সাগৰক ডাঙৰ কৰি আত্মনির্ভৰশীল জীৱন এটা জী থাকিবলৈ পাৰ্যমানে চেষ্টা কৰা , আঙুলিৰ টিলিকতে বিচৰা বস্তুবোৰ ধনৰ জোৰেৰে কাষ চপাই লোৱাৰ সামৰ্থ থকা এজন পুৰুষ এইদৰে হেৰাই যাব নে পৃথিৱীৰ বুকুত ! আত্মহত্যা কৰিব তেওঁ ?
ন’….নেভাৰ …।
এইদৰে হেৰাই গৈ তেওঁ নিজকে কাপুৰুষৰ শাৰীত থিয় কৰাব নোৱাৰে। সুৱগাৰ তেওঁৰ প্ৰতি ৰখা বিশ্বাস আৰু আস্থাৰ লগত অন্যায় হ’ব এয়া।

শোৱনীকোঠাৰ সেই নিৰ্দিষ্ট চকীখনত দুৰ্বল শৰীৰটো অলসতাৰে এৰি দিলে নলিনী দত্তই। এই চকীখনতে বহি সুৱগাৰ চকুত চকু থৈ আত্মআলাপত ব্যস্ত হোৱাটো তেওঁৰ এটা পুৰাতন অভ্যাস।

সৌৱা… সুৱগাই দেখোন একেথৰে তেওঁলৈকে চাই ৰৈছে।  অভিমানত ওফন্দি উঠা গাল দুখনৰ সৈতে চেলাউৰিকেইডালো সামান্য কোঁচ খুৱাই কি জানো ভোৰভোৰাই উঠিছে মানুহজনীয়ে !

:- কিয়নো খং খাই উঠা সুৱগা ? নোৱাৰিছোঁ আৰু যাতনাৰ ইমান গধুৰ ভাৰখন ব’ব । জীৱনৰ বিয়লি বেলাত বৰ দুখ লগাকৈ হাৰি গ’লোঁ অ’ । তোমাৰ অবিহনে বৰ কষ্ট হৈছে জীয়াই থাকিবলৈকে ।

:- কি যে অগলা-পগলা কথা কিছুমানৰে নিজকে অশান্তি দিছে নহয় মানুহজনে ? কেনেকৈ হাৰি গ’লা তুমি কোৱাচোন বুজাই। সৌ তাহানিয়েই তোমাক অকলশৰীয়া কৰি অজান মুলুকত আহি ঘৰ কৰিলোঁহি মই। তেতিয়াৰে পৰা ঘৰখনৰ দায়িত্ব , সাগৰৰ দায়িত্ব পৰম নিষ্ঠাৰে তুমিয়েই জানো পালন কৰি অহা নাই। কিনো প্ৰলাপখন বকি আছা ?

:- নহয় সুৱগা ,  মই সাগৰক উপযুক্ত শিক্ষাৰে গঢ় দিয়াত অসমৰ্থ হৈ ৰ’লোঁ। তুমি থকা হ’লে কথাবোৰ নিশ্চয় বেলেগ হ’ল হয় ! এতিয়া মোৰ শৰীৰত এজন অক্ষম পিতৃৰ তেজৰ দুৰ্গন্ধ।
জীৱন যুদ্ধত পৰাজিত এজন দুৰ্বল মানুহৰ শৰীৰৰ পৰাও বৰ লেতেৰা গোন্ধ এটা বাহিৰ হয় অ’ সুৱগা ।  তুমি নুবুজিবা। আচলতে এই বিষাদক উপলব্ধি কৰিবলৈ অশান্তজর্জৰ সময় এখিনিক পিছতে এৰি তুমি ইতিমধ্যেই বহু যোজন বাট আগুৱাই গ’লা। গতিকে কথাবোৰ অৰ্থহীন তোমাৰ বাবে।
মই মুক্তি বিচাৰোঁ সুৱগা। সকলো মায়া-মোহ , পাৰ্থিৱ সুখ-দুখৰ পৰা চিৰবিদায় লৈ তোমাৰ সান্নিধ্যৰে অপাৰ্থিৱ জগতখনত পুনৰ জী উঠাৰ প্ৰৱল ইচ্ছা মোৰ । তোমাৰ সুবাস এখিনিৰে বুকুখন ভৰাই পেলাৱাৰ হেঁপাহক অৱদমন কৰা কোনোমতে সম্ভৱ নহয় এতিয়া ।
মই আচলতে কি কৰা উচিত সুৱগা ? কি কৰোঁ মই কোৱাচোন।

:- আহা , গুচি আহা। তুমিহীনতাৰ বিষাদত ডুবি ময়ো  বৰ কষ্টত আছোঁ জানা। মইটো ইমান দিনে তোমাৰ বাবেই অপেক্ষা কৰি আছোঁ ।

মিচিকিয়া হাঁহি এটি ওঁঠতে বিয়পাই প্ৰাপ্তিৰ সুখেৰে সুৱগাৰ ধুনীয়া মুখখন উদিত সূৰুজৰ দৰে যেন উজ্জ্বলি উঠিছে। অপেক্ষাৰ অন্ত পৰিছে এয়া..! এচকল উজ্জ্বল হালধীয়া নলিনী দত্তৰ মুখতো প্ৰতিফলিত হৈ বিষাদৰ ক’লাখিনিক পলকতে নিঃশেষ কৰি পেলাইছে !

                     —————–

চিলমিল টোপনিৰ পৰা খকমককৈ সাৰ পাই উঠিল নলিনী দত্ত । সুৱগাৰ সান্নিধ্যৰ উমেৰে বুকুখন ভৰাই লৈ কিমান দিনৰ মূৰত যে তেওঁ প্ৰাণ ভৰি উশাহটো টানি লৈছে ! তেওঁৰ স্বপ্নবিলাসী মনটোও যেন আনন্দত নাচি উঠিছে !

ক্লান্ত গধুৰ চকু দুটা মোহাৰি এখুজি দুখুজিকৈ এইবাৰ সুৱগাৰ কাপোৰ ভৰ্তি আলমাৰিটোৰ সন্মুখত গৈ থিয় হ’ল তেওঁ। চিনাকি চিনাকি মিঠা গোন্ধ এটা তলাবন্ধ কাঠৰ অলমাৰিটোৰ পৰা ভাঁহি আহি ক্ষন্তেকতে তেওঁৰ দেহ-মন পুলকিত কৰি তুলিলে।

” তোমাৰ মৰমে মোৰ /দেহত তুলিলে ঢৌ
  বুকুত দিলে যে মৌ / কি যে মিঠা মিঠা…! “

সুবাসখিনি উশাহৰ লগত একাত্ম কৰি বহুত দিনৰ মূৰত গীত এফাঁকি গুণগুণাবলৈ ভীষণ মন গ’ল তেওঁৰ । আলমাৰিৰ তলাটো খুলি এইবাৰ বলিয়াৰ দৰে ইখনৰ পিছত সিখনকৈ সুৱগাৰ কাপোৰবোৰ শুঙি গ’ল মানুহজনে। নাই… নাই…  সেই অকটা গোন্ধ সুৱগাৰ কাপোৰবোৰত নাই। কাপোৰবোৰত কেৱল ভালপোৱাৰ মন জুৰুৱা সুবাস।

ওঁঠত গানৰ কলি , উশাহত সুৱগা সুৱগা সুবাস…!
আস কি যে প্ৰশান্তি এয়া..!

                  ——————-

ৰাতিটো মৰহি কুমলীয়া পুৱা এটাই কলিওৱাৰ পৰতে ঘৰৰ পৰা ওলাই আহিল নলিনী দত্ত। সিদ্ধান্ত এটা ইতিমধ্যে লৈ পেলাইছে তেওঁ। আচলতে দুৰ্গন্ধময় জগতখনৰ পৰা মুক্ত হোৱাৰ আয়োজন এয়া ! তেওঁৰ দেহ মন আজি প্ৰাপ্তিৰ সুবাসেৰে সুবাসিত। দুচকুত তলবল কৰা দুটোপাল সুখৰ পানী।

মাত্ৰ কেইটামান চেকেণ্ড… ।
লাহে লাহে চুইচাইড মেছিনটোৰ ভিতৰত অক্সিজেন আৰু কাৰ্বনডাই অ’ক্সাইডৰ পৰিমাণ কমি আহিব আৰু স্তব্ধ হৈ পৰিব নলিনী দত্তৰ উশাহৰ উঠা-নমা। সকলো যাতনা সকলো বিষাদৰ পৰা মুক্ত হ’বলৈ আৰু মাত্ৰ কেইটামান পল।

অস্থিৰতাবোৰ সামৰাৰ ইয়াতকৈ সহজ আয়োজন আৰু কি হ’ব পাৰে ! দুৰ্বিসহ হৈ উঠা জীৱনটোক শেষ কৰাৰ চৰম পথ আত্মহত্যাই কিয় ! ইচ্ছা মৃত্যুকো আঁকোৱালি স্বাভিমান অক্ষত ৰাখি , থানবান হৈ পৰা জীৱন একোটাৰ পৰা মেলানি মাগিব নোৱাৰি জানো ! নোৱাৰি জানো পাৰ্থিৱ মায়া-মোহক বিসৰ্জন দি, কেতিয়াবা নিজৰ বাবেও এটা উচিত সিদ্ধান্ত ল’ব !

নলিনী দত্তৰ বিয়াগোম ঘৰটোৰ এখন টেবুলত পেপাৰ ৱেইট এটাৰ তলত সাগৰলৈ উদ্দেশ্যি লিখা চিঠি এখনে বতাহৰ সৈতে দূৰ দিগন্তলৈ উৰি যাবলৈ অপ্ৰাণ চেষ্টা চলাইছে। চিঠিখনৰ আখৰকেইটাই বতাহৰ ভাঁজে ভাঁজে নাচি নাচি সাগৰক যেন ক’বলৈ ধৰিছে….

~ মোৰ শ’টোক দহন কৰি তোৰ হাতখন গোন্ধোৱাব নালাগে বোপাই। সেইখিনি কৰ্তব্যৰ পৰাও তোক মই মুক্তি দিলোঁ। আহিবি ঘৰখনলৈ। এতিয়া ঘৰখনত মেন্থ’প্লাছ , দৰৱ আৰু নৱৰত্ন তেলৰ গেলা গোন্ধ নাথাকিব। দেউতাৰৰ গাৰ গোন্ধত এতিয়া আৰু তহঁতে নাকত সোপা দিব লগা নহয় ।
বৰ অকটা গোন্ধাইছিলোঁ ন মই ! বৃদ্ধাৱস্থাৰ অসহায় আৰু নিসংগ গোন্ধটো সহ্য কৰাটো বৰ কষ্টকৰ আছিল ন’ তহঁতৰ বাবে ?
পৃথিৱীৰ পৰা মেলানি মগাৰ আগেয়ে ঈশ্বৰলৈ মাথোঁ এটাই প্ৰাৰ্থনা… ‘ জীৱনৰ শেষ দিনবোৰত তোৰ গাৰ পৰা নিৰ্গত বুঢ়া বুঢ়া গোন্ধটোৱে ৰিয়’কো যাতে অশান্তি নিদিয়ে ।’
ৰিয়ক’ ক’বি.. তাৰ ককাৱক আৰু কেতিয়াও বুঢ়া বুঢ়া নোগোন্ধাই। এই ঘৰখন আজিৰে পৰা দুৰ্গন্ধমুক্ত।

                 ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹
                                    [ সমাপ্ত ]

ফাট মেলা বসুমতী পাতালে লুকাওঁ



ধেই.. মনটো একেবাৰে ৰ’দত লেৰেলা কলপাতখিলাৰ
দৰে শুকালেহে। কমটি হেপাঁহেৰে ফুকনৰ ছোৱালীৰ বিয়াখন খাবলৈ ওলাইছিলোঁ ! সেই হেঁপাহ, সেই ফুৰ্তি.. এটা মাত্ৰ বাক্যতে , পাম্প যোৱা বেলুনটোৰ দৰে উৰি ফু..উ..উ..চ্চ হ’ল । আইনাখনত নিজকে লুটিয়াই বগৰাই চাই, নিজলৈকে দুখ লাগিল মোৰ। বিয়ালৈ বুলি লোৱা নতুন কাপোৰযোৰ পিন্ধাৰ উৎসাহখিনিও পুত্ৰধনৰ প্ৰশংসাৰ (?) কৃপাতে একেকোবে শূণ্য স্থানলৈ অৱনমিত হ’ল।

মোক স্ৰজিবৰ সময়ত ক’ণা বিধাতাৰ যে কোনোবা ৰূপৱতী অপেশ্বৰীৰ লগত ডেটিঙৰ টাইম হৈছিল , সেইটো ধুৰূপ। পাৰোতেনো তেওঁ অঙ্গ-প্রত্যঙ্গবোৰৰ জোখ-মাপ লোৱাত ইমান গণ্ডগোল কৰে নে! প্ৰকাণ্ড ফুটবলহেন গোলাকাৰ মুখখনত সামান্য আঙুৰটোৰ সমান টিকুলু নাকডাল , কেনেকৈ খাপ খাই বাৰু ! সেইটো নাকেৰে উশাহটো টানি, জীৱনৰ অত’চোৱা কাল মানুহজনী জীয়াই আছোঁহে বুলিছোঁ।

এনেই পিছে সেইপাত দুখ ; এই যে ফ্ৰকটো লুটিয়াই নাকৰ শেঙুন মোচা দিনবোৰ , সৌ তাহানিৰে পৰা .. ‘ইয়ে ফেভিক’ল কা জৌৰ হে , টুটেগা নেহী’… টাইপত বুকুখনতে এঠা লাগিয়েই আছিল। মানুহটোৱে যেনিবা কেইবাজনীও দীপলিপ গাভৰুৰ মাজৰ পৰা , মইহেন শূপৰ্নখাজনীৰ পাণি গ্ৰহণ কৰাত ,কিছু পৰিমাণে হ’লেও লাঘৱ হ’ল।

তথাপিও সত্যটোক অস্বীকাৰ কৰিব পাৰি জানো ! সুগঢ়ি নাকৰ মানুহবোৰ দেখিলে , বেজাৰ অলপে এতিয়াও বুকুখনতে খুন্দিয়াই যায়হি মোৰ আৰু লগে লগে মানুহজনক সুধিবলৈ মন যায় .. ‘বোলো মোক যে চাবলৈ গৈছিল, আপোনাৰ চকুকেইটাত কুকুৰে মুতিছিল নেকি ?’

কিন্তু নুসুধোঁ। উত্তৰ বা কি আহে !

অৱশ্যে বিয়াৰ আগলৈকে দেউতাই মৰমতে দিয়া ‘বিনীতা’ নামটোৰ সলনি… চিনাকি মানুহমখাই ব্যৱহাৰ কৰা ফেঁচি-নাকী , শূপৰ্নখা.. আদি নামবোৰ , মানুহটোৰ জহতে যে শুনিবলৈ পোৱাৰ দুৰ্ভাগ্যক’ণ নোহোৱা হ’ল, তাৰবাবে কিন্তু তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ মই ।
মানে আজিকালি ইজ্জতডাল ডাইৰেক্ট মোৰ মুখত নপৰি, পিঠিখনত পৰে। ভাল লাগিবৰে কথা দিয়কচোন।

পুত্ৰধন তেতিয়াও আলুটোত পেঞ্চিলডালৰ মূৰেৰে খুচি খুচি , ফুটা দুটা আৰু অলপ পাৰফ’কশ্যন দিয়াত ব্যস্ত।

আয়ু দেহি.. কিমান একাগ্ৰতাৰে সি আলুগুটিটোতে মাকৰ মুখখন ফুটাই তুলিবলৈ যত্ন কৰিছে ! বেচেৰাটোৰ গাত কি দোষ বাৰু! মাকজনীৰ মুখৰ শ্যেপেই যদি আলুটোৰ দৰে হয় আৰু ওঁঠখনৰ ঠিক ওপৰতে থকা ফুটা দুটাইহে যদি নাক নামৰ ভীষণ প্ৰয়োজনীয় অঙ্গটোৰ অৱস্থিতিৰ উমান দিয়ে , সিটো তেনেকৈয়ে গঢ়িব মাকক। সেই ছবছৰীয়া শিশুটিৰ সৰল, নিষ্পাপ মনটোৱে ভালৰি বোলাবলৈকে… ‘মা তুমি যে শ্ৰী দেৱীৰ দৰে ধুনীয়া’.. বুলি চূড়ান্ত মিছা কথা এটাটো কৈ দিব নাজানে ন !

বাৰু যি কি নহওঁক…দুখে-বেজাৰে বাপেক-পুতেকসহ ঘৰখনৰ তিনিটি প্ৰাণী বিয়ালৈ বুলি ৰাওনা হ’লোঁ। আঁতৰৰ পৰাই ৰভাঘৰৰ লাইটৰ চমক আৰু সাজি-কাঁচি বিয়া খাবলৈ যোৱা ধুনীয়া ধুনীয়া মানুহবোৰ চকুত পৰাত, ভিতৰলৈ সোমাই যাবলৈকে সংকোচ লাগিল মোৰ। ইফালে , মই মানুহজনীয়ে যাওঁ-নাযাওঁ চিন্তি থকাতেই থাকিলোঁ ,পাৰ্কিং প্লেচত গাড়ী ৰখাই পুত্ৰধনৰ হাতত ধৰি গিৰিপ-গৰাপকৈ মানুহজনে বিয়াঘৰৰ পদূলিমুখ গৰকিলে।

এইখিনিতে আপোনালোকক মোৰ শাৰীৰিক অৱয়বৰ বিষয়ে আৰু এটা কথা জনাই লওঁ। মোৰ উচ্চতা.. পাঁচ ফুট হ’বলৈও , প্ৰায় আধা ফুটমান বাকী ৰয়গৈ। মানে মই মানুহজনী তেনেই চুটি-চাপৰ । তাতে আলুগুটিহেন মুখখনত পাউদাৰ , স্নৌৰ লেপন দি থাকোঁতে ,আজি হিলযোৰ পিন্ধিবলৈও পাহৰি থাকিলোঁ। গতিকে বুজিছেই নহয় , মই দোধোৰ-মোধোৰত পৰাৰ অন্যতম মুখ্য কাৰণটো।

~ কি পিন্ধিছ, কেনেকৈ আহিছ.. কোনে চাব অ’ তোক বিনীতা? ল’ৰা এটাৰ মাক হ’লি। ডেকা ল’ৰাৰ চকুত পৰিবলৈও , যি সামান্যতম সুন্দৰতাৰ প্ৰয়োজন , তাৰ দহ শতাংও নাই তোৰ। গতিকে কিহৰ টেনশ্যনডাল লৈছ ?
বিন্দাচ খাই-বৈ, ঘৰৰ বিছনাত গাটো এৰি দেগৈ। পাকঘৰত নুসোমুৱাকৈ এসাজ ফ্ৰীতে খাবলৈ পোৱাটোও কম সুখৰ কথা নে !

নিজকে বুজোৱাৰ এই সৰল প্ৰচেষ্টাত এইবাৰ মোৰ অন্তঃস্থলত নিম্নগামী হৈ ৰোৱা কনফিডেন্ট লেভেল তীব্ৰগতিত বৃদ্ধি হ’বলৈ ধৰিলে, আৰু চুলিকেইডালত ফাইনেল টাচ্ছ এটা দি , খৰধৰকৈ মানুহজনৰ ওচৰলৈ খোজ দিলোঁ মই । হাততে গিফ্টটো লৈ ৰঙা দলিছাৰ ওপৰেৰে দীঘলীয়া কৰিড’ৰ সদৃশ বাটছোৱা ঠিক পাৰ হৈছোঁহে.. তেনেকুৱাতে সৰু ল’ৰা এটাই দৌৰি আহি, পিছফালৰ পৰা মোক দিলেহি নহয় খুন্দিয়াই । মোৰ সন্মুখত , হাততে কফিৰ ট্ৰেখন লৈ কেটাৰিংৰ ল’ৰাটো। আৰু সন্তুলন ৰাখিব নোৱাৰি মই চিনেমাৰ কায়দাত তাৰ গাতে হামখুৰি খাই পৰিলোঁগৈ।

মানুহেৰে গিজগিজাই থকা বিয়াঘৰ এখনত ইয়াতকৈ লজ্জাজনক ঘটনা আৰু কি হ’ব পাৰে বাৰু !

গৰম কফিসোপাই মোৰ নতুন কাপোৰসাজত ভমকা-ভমক ফুল বাচিলে। কইনাক উপহাৰ দিবলৈ বুলি নিয়া কাপ-প্লেটৰ ছেটটোও ভাঙি চুৰমাৰ হ’ল।

সেইখিনিলৈকে বাৰু কথাবোৰ স্বাভাৱিক বুলিয়েই ধৰি ল’লোঁ। কাৰণ মানুহৰ ভিৰত কেতিয়াবা এনে দুৰ্ঘটনা সংঘটিত হোৱাটো , ডাঙৰ কথা নহয় । কিন্তু পিছফালৰ পৰা বতাহত উৰি আহি , যিষাৰ কথা মোৰ কাণত পৰিল, সেইষাৰেহে মোৰ মগজুৰ সন্তুলন হেৰুৱাৰ উপক্ৰম কৰিলে।

: ঐ ভন্টী , চম্ভালিব নোৱাৰাই যদি, মেখেলা-চাদৰ পিন্ধি পাইট মাৰা কিয় হে ! চেলোৱাৰ এযোৰকে পিন্ধি নাহিলা কিয় ?

বুজিলেনে কিবা ?
এৰা… এয়া আচলতে মোৰ উচ্চতা চাৰি ফুট হোৱাৰে সৌভাগ্য।

ক’তে মৰোঁ মই! এনেই খৰা নাকী , এইবাৰ মোৰ নাকৰ ফুটা দুটাও সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱা যেন অনুমান হ’ল । উশাহটোৱেও যেন ডিঙিতে সোপা মাৰি ধৰিলেহি !

মানুহজনে আহি সেমেনা-সেমেনিকৈ মোক উঠাই দিলে যদিও , লাজে-অপমানে ভোৰভোৰাই উঠিল…

: খোজ কাঢ়িবও নাজানা নেকি হে ?

দুখো লাগিল মোৰ। চ্যুট-টাই লগাই , হিৰ’ কায়দাৰে বিয়াঘৰত এন্টি মাৰা মানুহজনে , মোৰ বাবেই কমখন লাজ পাইছে নে ?

তাৰ পিছৰ সময়খিনি আছিল খুবেই জটিল।
এনে অনুভৱ হ’ল , চাৰিফালৰ পৰা যোৰে-যোৰে চকুবোৰে, মোকেই যেন লক্ষ্য কৰি আছে। মই যেন ডেকা-বুঢ়া সকলোৰে বাবে কৌতুকৰ খোৰাক হৈ পৰিছোঁ !

এটা চেকেণ্ডৰ বাবেও বিয়াঘৰত বহি থকাৰ মন নাছিল যদিও , ঘৰলৈ গৈ হেতা ঘূৰোৱাৰ ভয়তে বাপেক-পুতেকৰ খাই হোৱালৈ , চুকৰ চকী এখনতে বহি থাকিলোঁ মই । অনিচ্ছাসত্বেও ডাইনিং এৰিয়াটোলৈ গ’লোঁ যদিও , অত’বোৰ খাদ্য বস্তুৰ এটা দানাও মোৰ ডিঙিয়েদি নসৰকিল। ডিঙিটো সোপা মাৰি ধৰা দুখখিনি গিলি গিলি ,কোনোমতে সময়খিনি কটাই অৱশেষত ঘৰ পালোঁহি আমি ।

ঘৰলৈ আহিও চিধাই ল’ৰাটোৱে খেলি থকা আলুটোলৈকে চকু গ’ল মোৰ । ইমান সময় বাধা দি ৰখা চকুপানীখিনি এইবাৰ পিচে খৰস্ৰোতা নৈখনৰ দৰে হুৰাহুৰে বৈ আহিল।

: হ’ব দিয়া , ইমান হেঁচা-ঠেলাত কেতিয়াবা হয়েই এনেকুৱা। যোৱা কিবা এটা খাই লোৱাগৈ। তুমি দেখোন তাত একোৱেই নাখালা।

মোৰ মানসিক অৱস্থাটো বুজিয়েই হয়তো মানুহজনে মোক বুজনি দিবলৈকে কথাখিনি কৈ উঠিল। পিছে তেওঁৰ সান্তনা বাণীত , প্ৰচণ্ড খং এটাহে উঠি আহিল মোৰ। এইষাৰ কথা বিয়াঘৰতে যদি ক’লেহেঁতেন তেওঁ ! খোজ কাঢ়িব নাজানোঁ বুলি ওলোটাই গালিহে পাৰিছিল দেখোন ! সমস্ত খং , অভিমান , অপমান … আলুটোতে উজাৰি , টেবুলখনৰ পৰা আলুটো প্ৰচণ্ড জোৰেৰে দূৰলৈ দলিয়াই দিলোঁ। সন্মুখৰ ৱালত লাগি আলুটো ফালি চিটাচিট দিলে।

ৰাতি এটা সপোন দেখিলোঁ মই ।
অভিষেক বচ্চন মোৰ ঘৰলৈ আহিছে। আহিয়েই লেপট’পটো উলিয়াই কিবা কামত তেওঁ ব্যস্ত হৈ পৰিছে। মোৰ ইমান কথা পাতিবলৈ মন গৈছে, পিছে কামৰ বোজাত মূৰেই ডাঙিব পৰা নাই বচ্চন চাহাবে। অভিমানী মনটোক বুজাব নোৱাৰি, এপাকত কৈয়েই দিলোঁ…. ‘ কিমান আৰু কাম কৰা। লেপট’পটো থোৱা । গা বেয়া কৰিব।’

কথাষাৰ কৈ উঠিছোঁহে.. মূৰটো ঘূৰাইছে বুলি বহি থকা চ’ফাখনতে দিলে নহয় তেওঁ হলকা-হলকে বমিয়াই। মই কথা বিষম দেখি ,বাৰীলৈ দৌৰ দিলোঁ। বোলো তাৎক্ষণিক উপশম হিচাপে নেমু পাত এখিলাকে শুঙাই দিওঁ তেওঁক । বিশ্বাস কৰক, নেমু কাঁইটে হাতখনো ফালিলে। তথাপিও সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি পাত দুখিলামান চিঙি, দৌৰি ঢাপলি ভিতৰলৈ আহি দেখোঁ .. বচ্চন ডাঙৰীয়া ঘৰৰ ভিতৰত নাই।

ইফালে-সিফালে চাই অভিষেক , অভিষেক .. কৈ চিঞৰি তেওঁক বিচাৰি চলাথ কৰিলোঁ। মোৰ চিঞৰ শুনি কাষৰ ঘৰৰ বৌজনী বাহিৰলৈ ওলাই আহিল।

: কি হ’ল বিনীতা, অভিষেকক বিচাৰিছা ? তেওঁৰ গাটো বেয়া বোলে। আমাৰ ঘৰলৈ আহি শুইছেহি।

: কিয় ? তেওঁ ইয়াতো শুব পাৰিলে হয় ! ৰ’ব মই তেওঁক লৈ আহোঁগৈ ।

: নালাগে , নালাগে। তেওঁ নিজেইহে আহিছে। তুমি যিহে চুটি-চাপৰ , তোমাৰ বিছনাত ইমান ওখ-ডাঙৰ মানুহজন কেনেকৈ শুব বাৰু!

হে ঈশ্বৰ, সপোনটো এইচাট ইজ্জত !
মোক জীয়াই ৰাখিছা কিয় প্ৰভু?

খকমককৈ সাৰ পাই , বিছনাখনতে বহি উচুপি উচুপি কান্দিবলৈ ধৰিলোঁ মই আৰু কাষতে নাক ঘোঙাই শুই থকা ল’ৰাৰ বাপেকক হেঁচুকি উঠাই, অৱশেষত ইমান দিনে মনতে পুহি ৰখা প্ৰশ্নটো সুধিয়েই পেলালোঁ…

: হেৰি , আপুনি যে মোক চাবলৈ গৈছিল , আপোনাৰ চকুৰ বেমাৰ হৈ আছিল নেকি ?

: কিয় ?

দুপৰ নিশা এইহেন প্ৰশ্নত , স্বাভাৱিকতে আচৰিত হৈ বেঙাটোৰ দৰে মোৰ মুখলৈ চাই ৰ’ল তেওঁ।

: নহয় , মানে মোৰ হাইট আৰু নাকটো আপোনাৰ চকুত পৰা নাছিল নেকি?

দিনটোত ঘটি যোৱা ঘটনাবোৰ আৰু মোৰ মানসিক অস্থিৰতাৰ উমান পায়েই , মানুহজনে মোক পৰম প্ৰত্যয়ৰে কৈ উঠিল…

: কিবোৰ যে ভাবি থাকা বিনীতা ! ৰূপে কি কৰে ,গুণেহে সংসাৰ তৰে। তুমি ভাল বাবেই তোমাক পছন্দ কৰিলোঁ আক’ মই। আৰু কি জানা , বিখ্যাত লোকসকল কম উচ্চতাৰে হয়। লালবাহাদুৰ শাস্ত্ৰী , জয়া ভাদুৰী অথবা শচীন তেণ্ডুলৰকাৰকে চোৱাচোন।

উস… জ্বলি-পুৰি চাৰখাৰ হোৱা মানুহজনীৰ কলিজাটোলৈ, কোনোবাই যেন শান্তি পানী অলপহে চটিয়াই দিলে! কুচি-মুচি তেওঁৰ বুকুলৈ সোমাই গ’লোঁ মই।

মোক বুকুলৈ চপাই , দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি এইবাৰ গম্ভীৰতাৰে কৈ উঠিল তেওঁ..

: আচলতে বিনীতা , ভাগ্যত নিমিলিলে মানুহে পৰ্বতত কাছৰ কণীটো বিচাৰি লাভ নাই । অৱশেষত মই সন্তুষ্ট হ’বলৈ শিকিলোঁ। চিন্তা নকৰিবা…ল’ৰক’ণকো শিকাম।

কি কৈ দিলে এয়া মানুহজনে ?
এয়া আচলতে মই এফাঁকি প্ৰশংসাসূচক বাক্য বুলি ধৰোঁ নে , অনুশোচনাৰে পূর্ণ ঠাট্টাসূচক বাক্য বুলি ধৰোঁ !

মোৰ অল্প মস্তিষ্কৰে বুজি নোপোৱা উক্ত প্ৰশ্নটো , মই আপোনালোকলৈ এৰিলোঁ। অনুগ্ৰহ কৰি উত্তৰটো দিয়কচোন মোক ।

——————–
সমাপ্ত

উকা কেনভাচত সপোনৰ ৰামধেনু

শান্তনুবিহীন পোন্ধৰটা দিন ।
যেন এটা যুগ.. ।
কি কৰিছোঁ , ক’ত আছোঁ একোৰে আঁটকাল পোৱা নাই । মাথোঁ উশাহ লৈ থকা মৃত শৰীৰ এটাৰ দৰে কোঠাটোৰ এচুকত বহি আছোঁ । মায়ে মাজে সময়ে আহি পৰম অকুলতাৰে সাৱটি ধৰে মোক। আউল লগা চুলি কেইডালত হাতখন ফুৰাই এপৰ মোৰ মুখলৈকে চাই ৰয় মানুহজনীয়ে ।

: কান্দ অ’ আইজনী । মন খুলি কান্দচোন এবাৰ । বুকুৰ ভিতৰৰ শিলছটা গলি যাবলৈ দে।

চিন্তাত পৰে মা ।
উচুপনি এটাই সাৰ পাই মোৰ কৰ্ণকুহৰত খুন্দিয়াই যায় ।কপালৰ সেন্দূৰীয়া আলিটো হঠাতে উকা হৈ পৰা স্বত্তেও জীয়েকৰ চকুত চকু পানী নেদেখি কলিজা কঁপে মাৰ ।পৰিয়ালৰ সকলোৰে আজিকালি এটাই প্ৰশ্ন ..

: কান্দিছে নে তাই ? যেনেতেনে হ’লেও কন্দুৱাব লাগিছিল অ’ ছোৱালীজনীক ।

কিন্তু মই কান্দিব পৰা নাই। শান্তনুৰ ওপৰত প্ৰচণ্ড ক্ষোভ মোৰ । তেওঁক হেৰুৱাৰ বেদনাই মানুহজনীক ক্ৰমান্বয়ে মাৰি পেলাইছে যদিও বুকুৰ ভিতৰত গুজৰি গুমৰি উঠা অভিমানৰ সাগৰখনত অশ্ৰুকণাবোৰো যেন বিলীন হৈ পৰে। 

প্ৰায় দুটামাহ..।
বন্ধ কোঠালীত নিজকে আৱদ্ধ কৰি ৰাখি নিজৰ লগতে যুঁজি যুঁজি অৱশ হৈ এয়া আজি বহু দিনৰ মূৰত ঘৰৰ পৰা ওলাই আহিছোঁ , শান্তনুক বিচাৰি..।
আপোনালোকে নিশ্চয় ভাবিছে মই প্ৰলাপ বকিছোঁ । কিন্তু কওঁকচোন , মৃত্যু জানো প্ৰেমতকৈ শ্ৰেষ্ঠ হ’ব পাৰে ? মৃত্যুয়ে কেৱল কায়িক শৰীৰটোৰহে বিনাশ ঘটাই । হৃদয়ত খোপনি পোতা প্ৰেমময় অনুভবোৰ জানো চিৰ সজীৱ হৈয়েই নৰয় !

গোৱাৰ ড’না প’লা বিচ্চ ।
এক ৰৌদ্ৰোজ্বল দুপৰীয়া। সুৰুজৰ বিচ্ছুৰিত ৰশ্মি শুভ্ৰ বালিচৰত প্ৰতিফলিত হৈ এখন ৰূপোৱালী ছবিহে আঁকিছে যেন ! সন্মুখৰ অশান্ত সমুদ্ৰলৈ লক্ষ্য কৰি  প্ৰকাণ্ড শিল এছটাতে বিক্ষিপ্ত চিন্তা কিছুমান পাগুলি বহি পৰিছোঁ মই ।মোৰ দৃষ্টিৰ পৰিসৰত পাৰাপাৰহীন জলৰাশি । সমুদ্ৰ তীৰৰ বিশাল বালিচৰত আশে-পাশে ভিৰ কৰা অগণন মানুহৰ প্ৰতিও মই আজি একেবাৰেই উদাসীন।

সাগৰৰ বুকু ফালি তীব্ৰ বেগে পাৰলৈ আগুৱাই অহা উত্তাল ফেনিল ঢৌবোৰক একান্তচিত্তে লক্ষ্য কৰিছোঁ মই । সিহঁতৰ কিছুমানে শুকান বালিবোৰ তিয়াই পুনৰ সাগৰলৈকে উভতি গৈছে আৰু কিছুমানে দাঁতিৰ প্ৰকাণ্ড  শিলবোৰৰ গাত ঠেকা খাই আকাশৰ উচ্চতাক চুমাৰ ব্যৰ্থ প্ৰয়াসৰ অন্তত পুনৰ সাগৰৰ বুকুতে বিলীন হৈ পৰিছে ।

বুকুখন ধৰফৰায় মোৰ ।
ঢৌবোৰে যেন খুন্দিয়াই , বাৰে বাৰে ভাঙি থৈ যায়  সপোনৰ বালিঘৰ ।

                    ————–

বঙ্গালোৰত এম.বি.এ কৰি তাতেই এটা মাল্টি নেচনেল কোম্পানীত চাকৰি কৰিছিলোঁ যদিও সাতমাহৰ আগতে শান্তনুৰ লগত বিবাহ সূত্ৰে গোৱাৰ বাসিন্দা হৈ পৰোঁ।      ড’না প’লা বিচ্চলৈ আমাৰ সঘন আহ-যাহ। কৰ্মব্যস্ততাই জুৰুলা কৰা দিনবোৰৰ পৰা অৱসৰী সময় এখিনি কটাবলৈ আমি দুয়ো এই ঠাই টুকুৰালৈ অহাটো এটা অভ্যাস হৈ পৰিছিল ।

কিমান যে স্মৃতি বিজড়িত এই সমুদ্রতীৰ ! দুয়োৰে চকুত কিমান যে সপোনে গুণা গঁথা কৰিছিল ইয়াতে ! সেই অলফুল সপোনবোৰক পূৰ্ণতা দিবলৈকে বিয়াৰ পিছত শান্তনু অফিচিয়েল কামবোৰত বৰকৈ ব্যস্ত হৈ পৰিছিল । আচলতে ভৱিষ্যতৰ দিনবোৰ আটোমটোকাৰি কৈ সজাই পৃথিৱীৰ সমস্ত সুখেৰে প্ৰিয়তমা পত্নীৰ আচলখন ভৰাই পেলোৱাৰ সংকল্পৰে শান্তনু এজন দায়িত্বশীল স্বামী হৈ পৰিছিল । ৰাতি এপৰ’লৈকে লেপটপটো উলিয়াই অফিচিয়েল হিচাপ নিকাচবোৰ মিলাই থকা শান্তনুক দেখি কেতিয়াবা খঙো উঠিছিল মোৰ। গালি পাৰিছিলোঁ তেওঁক ..

: কিমান আৰু কাম কৰা শান্তনু ? তোমাক দেখি দেখি বিৰক্তি লাগিছে মোৰ । এইমাত্ৰই লেপটপ থোৱা। 

লগে লগে কামবোৰ সামৰি আৱেগেৰে বুকুলৈ চপাই লৈছিল তেওঁ মোক । শিশু এটিক নিচুকুওৱাৰ দৰে মৰমেৰে কৈ উঠিছিল ..

: তোমাৰ বাবেই কৰি আছোঁ দিশা । এয়াইতো কষ্ট কৰাৰ বয়স । এতিয়া ভেটিটো দৃঢ় কৰি ল’লে হে পিছলৈ ভৰা ঘৰ এখনত নাতি পুতিৰ সৈতে আৰামেৰে দিনবোৰ কটাব পাৰিম ।

শান্তনুৰ এনে ধৰণৰ কথাবোৰত খিলখিলাই হাঁহি উঠোঁ মই । নিজকে এগৰাকী মা , এগৰাকী আইতাৰ ৰূপত কল্পনা কৰি চাওঁ । শান্তনুৱে সপোনৰ বাট এটাৰে পোহৰ দেখুৱাই মোক আৰু মই পৃথিৱীৰ সকলোকতকৈ সুখী নাৰীগৰাকী হৈ পৰোঁ ।

আৰু এদিন, সেই বহু প্ৰত্যাশিত খবৰটোৱে আমাৰ জীৱনলৈ যেন পূৰ্ণতা কঢ়িয়াই আনে ! এটা কেঁচপতীয়া সপোনে দুয়োৰে হৃদয়ৰ পৰা বগুৱা বাই মোৰ গৰ্ভত থিতাপি লয়। খবৰটোত হুকহুকাই কান্দি উঠে শান্তনু ।

~~কিমানবোৰ সুখে হিয়াখন ভৰাই ৰাখিলে মানুহে বাৰু এইদৰে সুখৰ মুহুৰ্ত একোটাতো কান্দি দিব পাৰে !

এৰা .. সেয়া প্ৰাপ্তিৰ চকুলো ।
শান্তনুৰ কপাহ কোমল বুকুখনৰ উমান পাইছিলোঁ সেইদিনা মই । তেওঁৰ মনৰ ভিতৰত নীৰৱে শুই থকা শিশুটিক দেখা পাইছিলোঁ। শান্তনুক সাৱটি ধৰি ময়ো সমানে ফেঁকুৰি উঠিছিলোঁ । ৰামধেনুৰ সপ্ত ৰঙেৰে ৰঙীন হৈ পৰিছিল আমাৰ দিনবোৰ। শান্তনুৱে যে কিমান যত্ন নলৈছিল মোৰ !

: সাৱধানে খোজ দিবা দিশা । গাখীৰ গিলাচ খালা নে ? তোমাৰ মেডিচিন লোৱাৰ টাইম দেই ,পাহৰি নাযাবা । গা বেয়া কৰিলে লগে লগে ফোন কৰিবা । গাৰ্ডেন এৰিয়াটোতে লাহে লাহে খোজ কাঢ়িবা অলপ । বেছি কৈ শুই নাথাকিবা ..।

মুঠৰ ওপৰত অফিচৰ কামে হেঁচা মাৰি ধৰিলেও সময়ে সময়ে ফোন এটা কৰি মোৰ খবৰ এটা লোৱাটো যেন এটা অতি গুৰুত্বপূৰ্ণ বিষয় ! তেওঁৰ মৰমৰ অতিশয্যত  কোনোবা সময়ত গুজৰি উঠিছিলোঁ মই..

: হ’ব আৰু শান্তনু , পৃথিৱীত কেৱল ময়েই মাক হ’বলৈ ওলোৱা নাই । মই নিজৰ যত্ন ল’ব জানিম । প্ৰয়োজন হ’লে ডাক্তৰক কনচাল্ট কৰিম । আই থিংক ইউ চ্যুড  কনচেণ্ট্ৰেট অন ইওৰ ৱৰ্কচ । তোমাৰ ৱৰ্ক ল’ড বহুত বেছি ন’ !

খং উঠে শান্তনুৰ..

: কোনে ক’লে মই তোমাৰ যত্ন লৈছোঁ। মই তোমাৰ গৰ্ভত একলা দুকলাকৈ পুৰঠ হোৱা সপোনটোৰ প্ৰেমত পৰিছোঁ আৰু সেইটোৰ যত্ন লৈছোঁ । কোনোপধ্যে মই সেই সপোনটোক অৱহেলা কৰাটো সহ্য নকৰিম , বুজিছা নে দিশা? ইউ আৰ কম্পেল টু ফল’ মাই অৰ্ডাৰচ ।

তাৰ মাজতে অফিচিয়েল ট্যুৰ এটাত কেইদিনমানৰ বাবে দুজনমান সহকৰ্মীৰ লগত মুম্বাইলৈ যাব লগা হ’ল তেওঁ । বিয়াৰ পিছত এই প্ৰথম বাৰলৈ মোক অকলে এৰি যাবলৈ ওলাইছে । নানান ধৰণৰ চিন্তাই অস্থিৰ কৰি তোলে মানুহজনক। গৰ্ভস্থ সন্তানটোৰ বাবেই ডাক্তৰে পৰাপক্ষত মোক জাৰ্ণি এভ’ইড কৰিবলৈকে উপদেশ দিছিল । ফলত অসমৰ পৰা মাক লৈ অহা হ’ল। মায়েও ভালেই পালে । অন্ততঃ সেই অজুহাততে দুদিনমান মোৰ লগত থকাৰ এটা সুযোগ মিলিল । শান্তনু মুম্বাইৰ পৰা উলটি অহাৰ পিছতে নিয়ম অনুসৰি মোক পঞ্চামৃত খুওৱাৰ দিন এটাও ঠিক কৰি পেলাইছিল মায়ে ।
চিন্তামুক্ত মন এটাৰে মুম্বাইলৈ উৰা মাৰিছিল তেওঁ ।

পিছে সেই দুদিনৰ বিচ্ছেদেই আমি পৰিপাটিকৈ পাতি সমাধান উলিয়াবলৈ যত্ন কৰা জীৱনৰ নিমিলা অংকবোৰক আৰু জটিল কৰি পেলাব বুলি কেনেকৈ নো জানিছিলোঁ বাৰু !
সপোনবোৰ চকুৰ পলকতে ধূপৰ ধোঁৱাৰ দৰে কুণ্ডলি পকাই যেন উৰি গৈছিল! কোনোবা এটা ধূসৰ বিন্দুত আমাৰ কুহুমবুলীয়া হেঁপাহবোৰৰো অপমৃত্যু ঘটিছিল । কাৰণ সেই যে আঁতৰি গ’ল.. শান্তনু আৰু সোঁশৰীৰে উভতি নাহিল ।

এয়াৰ প’ৰ্টৰ পৰা ঘৰ অভিমুখে আহি থকাৰ পথতে এটা ৰ’ড এক্সিডেন্টত শান্তনু গুৰুতৰ ভাবে জখম হয় । পদূলি মুখত শান্তনুলৈ অপেক্ষাৰত মোক হঠাতে অহা সেই অপ্ৰত্যাশিত খবৰটোয়ে যেন স্তব্ধ কৰি তোলে । ইমান সময়ৰ অপেক্ষাৰ অন্তত এইদৰে উভটি আহিব লাগে নে তেওঁ ! কি হৈ গ’ল এয়া ?

শাওণীয়া ঢল এটা চকুৰে বোৱাই বলিয়াৰ দৰে দৌৰো মই নাৰ্ছিং হ’মলৈ। শান্তনু তেতিয়া আই.চি.ইউত। নিস্তেজ সৰীসৃপ এটাৰ দৰে বিচনাখনত পৰি আছে তেওঁ। বুকুৰ ভিতৰত উজাই অহা বিষটো আৰু মনৰ অস্থিৰতাখিনিক যৎপৰোনাস্তি সামৰি সুতৰি শান্তনুৰ হাতখনতে খামুচি ধৰোঁ মই ।

: শান্তনু , এয়া চোৱা। মই আহিলোঁ। এবাৰ মাতা তোমাৰ দিশাক। কোৱা শান্তনু.. প্লিজ, কিবা এটা কোৱা ।

মোৰ যেন উপস্থিতিত সজাগ হৈ উঠে তেওঁৰ মৃতপ্ৰায় অংগবোৰ। শৰীৰৰ মধ্যাংশ সামান্য ওপৰলৈ ডাঙ খুৱাই জিকাৰ খাই উঠাৰ দৰে আচৰণ কৰিবলৈ লয় তেওঁ আৰু ওঁঠযুৰি কঁপাই কিবা এটা ক’বলৈ অপ্ৰাণ চেষ্টা চলায়। মই লগে লগে তেওঁক শুৱাই ৰখা বিচনাখনৰ লগত সংযুক্ত মণিট’ৰ স্ক্ৰীনখন আৰু তাত তল-ওপৰ কৰি জিলিকি থকা ৰেখাডালৰ কম্পনাংকলৈ লক্ষ্য কৰোঁ। ৰেখাডালৰ গতিত কিহবাই যেন বাধা দিয়ে !

: অ’হ ন’ , পালচ অক্সিমিটাৰ ডাজ ন’ট ৱৰ্ক ।

চিনিয়ৰ নাৰ্ছ গৰাকীৰ ফুচফুচনিটো বতাহেদি বগুৱা বায় মোৰ কাণত সোমাই । আই. চি. ইউৰ ভিতৰ চ’ৰা অকস্মাত এজাক বিধ্বংসী ধুমুহাই ঠেকেচি যায় ।
আৰু.. নিমিষতে সকলো শেষ।

মূৰৰ পৰা ভৰিলৈকে শুভ্ৰ কাপোৰ এখনেৰে ঢাকি শান্তনুক আই.চি. ইউৰ পৰা উলিয়াই অনা হয়। গুচি যাবৰ সময় নোহোৱা মানুহজন হঠাতে গুচি যায়। উজ্বলি থকা তেওঁৰ দুচকুৰ হৃদয় জুৰুৱা হাঁহি এটা হেৰাই যায় চিৰদিনলৈ আৰু মোৰ চকুত ভৰি পৰে অগাধ বিষাদ আৰু শূন্যতা ।

শান্তনুৰ নিশ্চল শৰীৰটোক হস্পিটেলৰ পৰা ঘৰলৈ অনাৰ দিন ধৰি ময়ো যন্ত্ৰবৎ জীৱন এটাক আঁকোৱালি লওঁ ।  চকুৰ তলত গোট খোৱা উদাস এন্ধাৰবোৰৰ দৰে মোৰ গতানুগতিক দিনবোৰো যেন বেলিবিহীন অন্ধকাৰ অকাশ এখনৰ তলত হেৰাই পৰে ।

~~ বাস্তৱক জানো কোনোবা লেখকৰ কলমেৰে নিৰ্গত একোটা আতোলতোল আৰু সুখদায়ক পৰিসমাপ্তিৰ কাহিনীৰ দৰে নিজ ইচ্ছাৰে সজাই ল’ব পৰা যায় !

মন আৰু মগজুৰ দোদুল্যমান অৱস্থাত ভাৰসাম্য হেৰুৱাই এটা মধ্যম বিন্দুত ওলমি ৰওঁ মই । প্ৰতিনিয়ত কৰ্ণকুহৰত বাজি উঠা শান্তনুৰ মাতটোত দোভাগ ৰাতিও উচপ খাই ধৰমৰাই উঠোঁ ।

পিছে নাঙঠ বাস্তৱ এয়া ।
শ্বাস্বত সত্য ।
শান্তনু নাই ।

                  —————-

উজাগৰী বহু নিশাৰ অন্তত আজি আকৌ আহিছোঁ অহৌবলিয়া সাগৰৰ পাৰলৈ।পাৰত বহি  ঠাৱৰ কৰিবলৈ যত্ন কৰিছোঁ মোৰ দৰে নীলা বেদনা কিছুমান গলাধঃকৰণ কৰিয়েই সমুদ্ৰৰ জলৰাশি নীলাভ আৰু অস্থিৰ নে, বিশাল আকাশখন বুকুতে সামৰিহে ই নীলৰঙী হৈ পৰে !

নিসংগ কৰি এৰি থৈ যোৱা প্ৰেমিকজনৰ দৰেই অপৰাহ্নৰ বেলিটোৱেও আবিৰৰ ৰঙ অলপ চটিয়াই পশ্চিম আকাশত হেৰাই যোৱাৰ প্ৰস্তুতি চলাইছে । সাগৰৰ পাৰৰ বালিচাহিবোৰ ডুবিব ধৰা সুৰুজৰ অগ্নিভ আভা স্পৰ্শ কৰি জুই ফুলৰ দৰে উজ্জ্বলি উঠিছে । লাহে লাহে ড’না প’লা বিচ্চলৈ এন্ধাৰ নামি অহাত ক্ৰমান্বয়ে  মানুহৰ সমাগম পাতলীয়া হৈছে ।

ছাঁ-পোহৰে লুকা-ভাকু খেলি মায়াময় কৰি তোলা বিশাল আকাশখন সাগৰৰ বুকুত প্ৰতিবিম্বিত হৈ মোক যেন হঠাতে তীব্ৰ ভাৱে আকৰ্ষিত কৰি তোলে । ইমান সময় স্থানুৰ দৰে শিলছটাতে বহি ৰোৱা মই এইবাৰ লাহে লাহে সাগৰৰ বিশাল জলৰাশিৰ দিশে খোজ দিওঁ । এক লহমাতে শান্তনু বিহীন দিনবোৰত অভেদ্য হৈ ৰোৱা জটিল সাঁথৰটোৰ উত্তৰো মই যেন এই সাগৰৰ বুকুতে বিচাৰি পাওঁ !

ফেনিল ঢৌ এজাক দুহাত প্ৰসাৰি ধাহি-মুহি মোক সাৱটি ধৰি সাগৰৰ বুকুতে হেৰাই যাবলৈ আগুৱাই আহে । ময়ো সিক্ত বালিবোৰ গচকি সিহঁতৰ দিশেই অগ্ৰসৰ হওঁ । মুখেৰে বলিয়াৰ দৰে বিৰবিৰাবলৈ ধৰো …

: হে বিশাল সাগৰ , লৈ যোৱা মোক । শান্তনু অবিহনে মই আজি অস্তিত্বহীন । তোমাৰ আলিঙ্গনেৰে পিষ্ট কৰা মোক । বিলীন হৈ যাবলৈ দিয়া তোমাৰ বিশালতাত ।

হঠাতে..
কথাবোৰত আউল লাগে ।
থৰক-বৰক হৈ পৰা মোৰ ভৰি দুখন এডাল অদৃশ্য শিকলিয়ে যেন আঁতি-আঁতি বান্ধি পেলাই । ঠাইতে বহি পৰোঁ মই ।

সেইডাল মমত্বৰ শিকলি।
স্ফীত উদৰত আলফুলে হাত ফুৰাই উচুপি উঠোঁ মই ।

: কি কৰিবলৈ ওলাইছিলোঁ এয়া ! কিয় পাহৰি গৈছিলোঁ শান্তনু আৰু মোৰ আত্মিক সম্পৰ্কটোৰ চিন স্বৰূপে গৰ্ভত স্থিতি লোৱা ক’ণমানি ভ্ৰূণটোৰ কথা ! শান্তনুয়ে পৰম আস্থাৰে মোৰ গৰ্ভতে লালিত পালিত কৰা অলফুলীয়া সপোনটোক কেনেকৈ  পাহৰি পেলালোঁ মই !

ভুল এয়া ।
হৃদয়ৰ গভীৰত অংকুৰিত শান্তনুৰ হেঁপাহবোৰক অৱজ্ঞা কৰাৰ অধিকাৰ নাই মোৰ । মাতৃত্বৰ সাজযোৰ পৰিধান কৰি সেই ভ্ৰূণটোক ভূমিষ্ঠ কৰাব লাগিব মই । অগাধ বিশ্বাস আৰু অজেয় সাহস বুকুত বান্ধি স্থবিৰ হৈ পৰা জীৱনটোক নতুনকৈ সজাই তুলিব লাগিব। দুয়ো একেলগে জীয়ন দিয়া সপোনবোৰক সঁচা কৰাৰ গধুৰ দায়িত্ব এতিয়া মোৰ।

সময়ৰ আহ্বান এয়া।
সময়ৰ পাকচক্ৰত থৰ-কাছুটি হেৰুৱালেও জীৱন থমকি নৰয় ।

শান্তনু জীয়াই থাকিব।
মোৰ বিশ্বাসত সদায়েই জীয়াই থাকিব শান্তনু । নিসংগতাই মোহাৰি পেলোৱা সময়বোৰত আস্থা আৰু সাহস হৈ দুহাতত খামুচি ধৰি আগুৱাই যোৱাৰ মসৃণ পথ এটালৈ আঙুলিয়াই দিব তেওঁ ।

: যোৱা দিশা । ভয় নকৰিবা , আগুৱাই যোৱা । মই আছোঁ তোমাৰ লগত ।

                     —————-

আত্মমন্থনৰ দ্বাৰা চৰম সত্যটোক হৃদয়ঙ্গম কৰি বহু দিনৰ মূৰত  প্ৰশান্তিৰে ভৰি পৰে মোৰ বুকুখন । গৰ্ভত থিতাপি লোৱা কুহুমবুলিয়া সপোনটোৱে নিশাৰ প্ৰচণ্ড ধুমুহা এজাকৰ অন্তত এটি ৰৌদ্ৰোজ্বল পুৱাৰ দৰেই পোহৰাই পেলাই মোৰ গোমোঠা মনাকাশ ।

উত্তাল সাগৰখন এইবাৰ ফুটুকীয়া ফ্ৰক পিন্ধি নাচি-বাগি চঞ্চল হৈ পৰা এজনী কণমানি পৰীৰ দৰেই আগুৱাই আহে মোৰ কাষলৈ ।

মই দেখা পাওঁ , সুদূৰত সৌৱা …মোৰ মা ।
মোক কোলাত তুলি নিচুকাই থকা মাৰ উকা সেওঁতাটো কানিমুনি সন্ধ্যাৰ ধূসৰিত পৰতো মোৰ যেন সাহস হৈ জিলিকি উঠে ! সময়ৰ সৈতে এঘড়ী যুঁজি মোক জীয়ন দিয়া বেলিবিহীন মানুহজনীক সাৱটি ধৰি কান্দিবলৈ বৰকৈ মন যায় মোৰ ।

: চোৱা , মই কান্দিছোঁ মা । তোমাৰ দিশা এতিয়াও শিল হৈ পৰা নাই অ’ । তোমাৰ কোলাতে শুই হেঁপাহ পলুৱাই কান্দি বুকুখন এবাৰ পাতলাবলৈ দিয়াচোন মা ।

                ——————-

ধূসৰিত সময়ৰ অৱগুণ্ঠন

বহু প্ৰত্যাশিত বৰষুণজাকৰ লগতে হো.. হোকৈ বতাহ এজাক খোলা খিৰিকীৰে সোমাই আহিল কোঠাটোলৈ । গ্ৰীষ্মৰ তপ্তখোলা হেন মাটিৰ ওপৰত বহাগৰ এয়া প্ৰথমজাক বৰষুণ। নিমিষতে যেন নিৰস মাটিয়ে শুহি থ’লে বৰ্ষাকণাবোৰ ! বতাহজাকে কঢ়িয়াই অনা ভিজা মাটিৰ চিনাকি সুবাস অলপ নাক মুখ আৱৰি ৰখা মাস্কখন আঁতৰাই উশাহৰ লগত একাত্ম কৰি ল’লো মই।

মই অসুস্থ ।
পৃথিৱীখনো..।
যুগ যুগ ধৰি মানৱ জাতিৰ নিৰ্মম অত্যাচাৰ সহিও অলৰ অটল হৈ ৰোৱা পৃথিৱী আজি নৰীয়া পাটিত । পৃথিৱীৰ বিশাল বক্ষত দুৰ্বিসহ হৈ উঠিছে মানৱ জীৱন । মুকলি আকাশৰ তলত উশাহৰ স্বাধীনতা হেৰুৱাই চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জীৱশ্ৰেষ্ঠ আমি , নিজৰ অজ্ঞাতে জীৱন-মৃত্যুৰ এখন আঘোষিত খেলৰ অংশীদাৰ হৈ পৰিছোঁ । ক্ৰমান্বয়ে গোটেই পৃথিৱীতে বিভীষিকাৰ সৃষ্টি কৰা এই ক’ভিড-১৯ নামৰ মাৰাত্মক ভাইৰাছবিধে চেপি খুন্দি অসহায় কৰি তুলিছে আমাক।কিমানৰ যে অকালতে উশাহৰ ঠিকনা হেৰাইছে !

ব্যতিক্ৰম মোৰ লগতো হোৱা নাই।
মাৰাত্মক ভাইৰাছবিধ মোৰ দেহতো সংক্ৰমিত হোৱাত আপোন মানুহখিনিৰ পৰা বিচ্ছিন্ন হৈ যোৱা এসপ্তাহে নৱ নিৰ্মিত ক’ভিড হস্পিটেলৰ থাৰ্ড ফ্ল’ৰৰ এই কোঠাটোত নিসংগ সময় এখিনি পাৰ কৰি বৰ্তমান অতিশয় ক্লান্ত আৰু হতাশাগ্ৰস্ত হৈ পৰিছোঁ মই । একাকীকত্বৰ অনুভৱ অলপ লগতে জীৱনটোক অকস্মাত হেৰুৱাই পেলোৱাৰ চিন্তাই জুমুৰি দি ধৰাৰ পৰতে বৰষুণজাক যেন মোৰ বাবে সঞ্জীৱনী সুধা ! মনৰ সমষ্ট দুঃচিন্তা জাৰি-জোকাৰি প্ৰিয় বৰষুণজাকৰ সিক্ত টোপালবোৰৰ সৈতে বিলীন হ’বলৈ দি খিৰিকীৰে বাহিৰলৈ জুমি চালোঁ মই ।

সদাব্যস্ত মহানগৰী আজি জনশূণ্য ।
সৰ্পিল বাট-পথবোৰ কোনোবা ৰমনীৰ দীঘল বেণীডালৰ দৰেই নিঃপালি দি শুই পৰিছে । অথচ কিছুদিন আগলৈকে প্ৰাণৱন্ত আছিল চহৰখন । কৰ্ম তাগিদাই  হৈ-হাল্লা , যান-জঁট , দুখ-কষ্টকো আওকাণ কৰি নিৰন্তৰ আগুৱাই যাবলৈ উৎসাহিত কৰা মানুহবোৰক এটা অপ্ৰতিৰোধী অণুজীৱই কেনেকৈ যে গৃহবন্দী কৰি পেলালে !

এনে এটি বৰ্ষাসিক্ত পুৱাতে এনে এটি সৰ্পিল পথেৰে পাঁচ মাহৰ আগতে যাত্রা আৰম্ভ কৰি ভৱিষ্যত সৃষ্টিৰ স্বপ্নৰে নতুনকৈ নিযুক্তি লাভ কৰা ট্ৰেন্সপৰ্টেচ’ন কোম্পানীটোত কৰ্মজীৱনৰ পাতনি মেলিছিলোঁ মই ।
‘অসম অভিযান্ত্ৰিক কলেজৰ’ পৰা সুখ্যাতিৰে ওলাই অহাৰ দিন ধৰি কমখন লটিঘটি হৈছিল নে মোৰ নিজকে সংস্থাপিত কৰাৰ নামত । শিক্ষক দেউতাৰ কষ্টোপাৰ্জিত     সাঁচতীয়া ধনকেইটা  ভৱিষ্যত গঢ়াৰ নামতে সমূলি আদায় হৈছিল। তথাপিও অভাৱে খুন্দিয়াই থৈ যোৱা সময়বোৰে একমাত্ৰ পুত্ৰ বৰ মানুহ হোৱাৰ সপোন দেখা ৰুগীয়া দেউতাৰ চকুযুৰিৰ উজ্বলতা হ্ৰাস কৰিব পৰা নাছিল । আৰু মই সেই সপোনবোৰ সঁচা হোৱাৰ ৰাস্তা বিচাৰি যোগ্যতা প্ৰদৰ্শনৰ চাৰ্টিফিকেট কেইখন লৈ দিহিঙে-দিপাঙে চাকৰি এটাৰ বাবে হাবাথুৰি খাইছিলোঁ। মোৰ দৰে এজন স্বপ্নাতুৰ মধ্যবিত্তীয় নিবনুৱাই নিজকে উপযুক্ত প্ৰমাণ কৰি কোনো এটা কৰ্মত নিগাজিকৈ সংস্থাপিত হোৱাৰ তাড়না কি, সেয়া নিশ্চয় বহুতৰে জ্ঞাত ।
মাৰ্কশ্বিটখনত উল্লেখিত ৰেংক আৰু হয়তো জন্ম লগ্নতে অদৃষ্টই চাকৰি এটা মোৰ কপালত লিখি দিয়াৰ সুবাদতে অৱশেষত এই বিশাল কোম্পানীটোত জুনিয়ৰ হেড হিচাবে নিযুক্তি হৈছিল মোৰ। আচলতে.. ভাগ্য উদয় হৈছিল ।
কাৰণ , নিম্ন মধ্যবিত্ত মানুহখিনিৰ বাবে চাকৰি এটা আজিৰ দিনত দুষ্প্ৰাপ্য বিলাসিতা । তাতে যদি কেনেবাকৈ জেনেৰেল কাষ্টৰ টেগটো লাগি আছে , তেতিয়াহ’লেতো কথাই নাই । অকল মাৰ্কশ্বিটৰ গোট গোট নম্বৰকেইটাৰে আমি নিজৰ যোগ্যতা নিৰূপণ কৰাত থমকি ৰ’ব লগা হয় । টেবুলৰ তলেৰে মোটা অংকৰ ধন অলপ উচ্চপদস্থ আমোলা বিষয়াক যাঁচিব পৰাৰ ক্ষমতা থকাও জৰুৰী হৈ পৰে । গতিকে এপইচা নছটিওৱাকে চাকৰি এটা যে পালোঁ ,সেয়া মোৰ পৰম সৌভাগ্য ।
বৰ্তমান মই এজন চিন্তামুক্ত কৰ্ম সংস্থাপিত যুৱক ।

এই যে কৰ্পৰেট ৱ’ৰ্ল্ডখনত খোজ দিলোঁ , সমাজত মোৰ সন্মান আৰু গুৰুত্বও বহুখিনি বাঢ়িবলৈ ধৰিলে । পোহৰ হৈ পৰা মা-দেউতাৰ মুখ দুখন মোৰ কৰ্মজীৱনৰ প্ৰেৰণা হৈ পৰিল। অফিচতো মই সকলোৰে প্ৰিয়পাত্ৰ ।
দেখনিয়াৰ, লগতে ৱেল মেনাৰ্ড , ৱেল ড্ৰেচ’ড আৰু ম’ষ্ট ইমপ’ৰটেণ্টলি মই এজন টেলেন্টেড যুৱক । গতিকে প্ৰায়বোৰ জৰুৰী কামৰ বাবে ব’চৰ মুখত প্ৰথমে উচ্চাৰণ হোৱা নামটোৱেই হ’ল ‘হিমাংশু গৌতম ।’

আৰু স্বপ্নালী ..!
স্বপ্নালী বৰ্তমান মোৰ ক’লিগেই নহয় । প্ৰেম বিবাহৰ দ্বাৰা জীৱনটোক ৰামধেনুৰ সপ্ত ৰঙেৰে সজাই তোলাৰ মোৰ সেই আশৈশৱ সপোনটোৰ একমাত্ৰ নায়িকা গৰাকী এতিয়া তাই । পৰিপক্ক বয়সৰ সুশৃংখলিত প্ৰেমৰ পৰিণতিত যথোচিত সময়ত স্বপ্নালীৰ উকা কপালত সেন্দূৰ বোলোৱাৰ অধিকাৰ অলপো মই নিজকে দি ৰাখিছোঁ ।
মুঠৰ ওপৰত চাকৰিটো মোৰ সুখৰ বাটকটীয়া।

এই সফলতাত মই বাৰু অহংকাৰী হৈ উঠিছিলোঁ নেকি !
পিছে কিমান দিনলৈ অক্ষুন্ন থাকে গৰ্বৰ পাহাৰ একোটা , যদিহে সময়ে লিখি দিব বিচাৰে এক সকৰুণ গাঁথা।

– এৰা.. পটভূমি সলনি হৈছিল।

মাস্ক , চেনিটাইজাৰৰ নিয়মিত ব্যৱহাৰ তথা ক’ভিড প্ৰট’কল মানিয়েই অফিচৰ কামবোৰ নিয়াৰিকৈ কৰি আছিলোঁ । পিছে টলকিবই নোৱাৰিলোঁ ক’ত , কেতিয়ানো মানৱ সৃষ্ট অণুজীৱবিধে আহি মোৰ শৰীৰত প্ৰৱেশ কৰিলে।

               ——————

হস্পিটেলৰ কোনোবা এটা কোঠাত ৰোগী এজনে অদ্ভুত ধৰণে চিঞৰিবলৈ ধৰিলে। নিশ্চয় আপোনজনক কাষত বিচাৰি অথবা মৃত্যু ভয় আৰু প্ৰচণ্ড শাৰীৰিক যন্ত্ৰনাত কাতৰ হৈ চিঞৰিছে তেওঁ । বৰষুণৰ ধেমালিত আত্মমগন হৈ পৰিছিলোঁ যদিও আৰ্ত চিৎকাৰবোৰে কাঁইটে বিন্ধা দি বিন্ধিলে মোৰ বুকুখনত। অৱসাদত দুচকু মুদি দিলোঁ মই । বিস্মৃতিৰ মনিকোঠাত কেইবাখনো মুখে একে সময়তে অগা-দেৱা কৰিলেহি। পকেটৰ পৰা ম’বাইল ফোনটো উলিয়াই লৰালৰিকৈ স্বপ্নালীৰ নম্বৰটো ডায়েল কৰিলোঁ । বহু সময় বাজি থকাৰ পিছতো স্বপ্নালীয়ে ফোনটো ৰিচিভ নকৰাত বিপ..বিপ শব্দৰে সংযোগ বিছিন্ন হৈ পৰিল । এইবাৰ মই মাৰ নম্বৰটো ডায়েল কৰিলোঁ । মই ভবাৰ দৰেই এটা ৰিঙতে মায়ে ফোনটো ৰিচিভ কৰিলে। ইথাৰৰ সিপাৰে বুকু ভাঙি উজাই অহা কান্দোন এটাক বাধা দিয়াৰ ব্যৰ্থ প্ৰয়াসেৰে মাৰ কণ্ঠস্বৰ ভাঁহি আহিল।

: তই ভালে আছ হিমু ? দেউতাৰৰ গাটো ভাল নহয় অ’ বোপাই।

মায়ে যিমান সৰলতাৰে কথাষাৰ ক’লে , তাৰ অন্তৰালত নিহিত হৈ থকা যন্ত্ৰণাখিনি বুজিবলৈ মোৰ বাবে যেন সিমানেই সহজ হৈ পৰিল । ধৰফৰাই উঠিলোঁ মই ।

: কি হৈছে দেউতাৰ ? সঁচা কথা কোৱা ।

: দেউতাৰো আৰ.টি-পি.চি.আৰ টেষ্টত ক’ভিড পজিটিভ আহিছে । অলপ আগতে তেখেতক নাৰ্ছিং হ’মলৈ লৈ গৈছে । ময়ো যাব বিচাৰিছিলোঁ লগতে। মোক নিনিলে। তয়ো অসুস্থ । মোৰ বৰ ভয় লাগিছে অ’ হিমু।

মোৰ মূৰটো আচন্দ্রাই কৰি উঠিল। প্ৰজ্বলিত শিখাৰ ওপৰতো মই চিঞাহী ক’লা এন্ধাৰ অলপে নাচি থকা দেখিলোঁ ! দেউতাৰ দুৰ্বল শৰীৰ সেই অহংকাৰী ভাইৰাছৰটোৰ লগত যুজঁ দিবলৈ সক্ষম নে ?

চৌপাশৰ বায়ুমণ্ডলত হঠাতে যেন অক্সিজেনৰ অভাৱ ঘটিল। তৎক্ষণাত অক্সিমিটাৰটো উলিয়াই ল’লো মই ।অক্সিজেন লেভেল ৮৮/৮৯…। টেট্ টেট্ কৈ চিঞৰি উঠিল মেচিনটোৱে। বুকু ভৰাই কেইটামান উশাহ টানি ল’বলৈ খোলা খিৰিকীখনৰ কাষলৈ দৌৰ দিলোঁ মই আৰু
কৰ্তব্যৰত ডাক্টৰজনক খবৰ দিলোঁ। জীয়াই থাকিবলৈ অকণমান বিশুদ্ধ বায়ু লাগে মোক । বুকুখনত বিষ এটাই হেঁচা মাৰি ধৰিছে দেখোন ! এই মুহূৰ্তত মই যেন খুব ভালদৰেই উপলব্ধি কৰিছোঁ , জীয়াই থকাৰ হেঁপাহ কি !
পিছে এয়া ভাঙি পৰাৰ সময় নহয়। মা-দেউতা আৰু স্বপ্নালীৰ বাবে সুস্থ হৈ উঠিব লাগিব মই।

মোক আই.চি.ইউত ভৰ্তি কৰা হ’ল। এতিয়া ভৰসা কেৱল ঈশ্বৰ আৰু তেওঁৰ অদমনীয় শক্তি।
: মোক সুস্থ কৰি তোলা প্ৰভু ।

                  —————–

প্ৰায় এসপ্তাহ আই.চি.ইউত উশাহটোৰ সৈতে যুঁজি ক্ৰমে সুস্থ হৈ উঠিলোঁ মই। এই কেইদিন বাহিৰৰ পৃথিৱীখনৰ লগত সংযোগ বিছিন্ন হৈ আছিলোঁ যদিও প্ৰতি নিয়ত দেউতাৰ চিন্তাই খুলি খুলি খাইছিল । সুস্থ অনুভৱ হোৱাত ঘৰলৈ ফোন কৰি দেউতাৰ খবৰ ল’লো। মায়ে ‘ ঠিকেই আছে ‘..বুলি ক’লে যদিও দেউতাৰ যন্ত্ৰণাখিনিক উপলব্ধি কৰিব পৰাকৈ ময়ো জানো ক’ভিডৰ বিৰূদ্ধে যুজঁ এখন দি উঠা নাই !

~ অন্ধকাৰ ৰাজ্য যিমানেই বিস্তীৰ্ণ নহওঁক পোহৰৰ ক্ষুদ্ৰ স্ফুলিংগক সি উপেক্ষা কৰিব নোৱাৰে।

তেৰ’ দিনৰ দিনা মোৰ টেষ্টৰ ৰিজাল্ট নিগেটিভ আহিল ।সময়ৰ অস্থিৰ সোপানেদি বগুৱা বাই মই যেন মোৰ লক্ষ্যত উপনীত হ’লো আৰু পোন্ধৰ দিনৰ দিনা হস্পিটেলৰ পৰা মোক ৰিলিজ দিয়া হ’ল । তথাপিও কলীয়া মেঘে আৱৰি ৰখা অনাকাংক্ষিত সময় , অতিমাৰীৰ হাহাকাৰ , চকুৰ সন্মুখতে নিতৌ চিনাকি অচিনাকি বহুতৰ মৃত্যু, লক ডাউনৰ ফলত দেশৰ আৰ্থিক দুৰৱস্থা, খাদ্য সংকট , মূল্যবৃদ্ধি.. এইবোৰ দেখি শুনি নিজকে সুস্থ বুলি কোৱাৰ অৱকাশ আছিল জানো !

মৃত্যুক জিনি চিধাই দৌৰ দিলোঁ মাৰ বুকুলৈ । পদূলি মুখত মোলৈকে অপেক্ষাৰত মানুহগৰাকীক আমিবিহীন এই পোন্ধৰটা দিনে জড়-জড় কৈ খহাই পেলোৱা যাতনাখিনিক মই যেন এক লহমাতে পঢ়ি পেলালোঁ । কলিজাটো মোচৰ খাই উঠিল মোৰ।

: মা ..এয়া চোৱা , মই সুস্থ হৈ উভতি আহিলোঁ। দেউতাও সোনকালেই ঘূৰি আহিব । তুমি চিন্তা নকৰিবা ।

ভীতিগ্ৰস্ত কৰি ৰখা চিন্তাৰ বুৰবুৰণিবোৰ বুকুৰ ভিতৰতে তলা বন্ধ কৰি মাক মই আশ্বস্ত কৰিবলৈ যত্ন কৰিলোঁ। দেউতাৰ অনুপস্থিতিত ঘৰখনত যেন মৰিশালীৰ নীৰৱতাই চানি ধৰিছিল ! ভিতৰলৈ সোমাবলৈ মনটোৱে কোনোমতে অনুমতি নিদিলে । খৰখেদাকৈ বাইকখন উলিয়াই মহানগৰীৰ জনশূন্য পথেৰে দেউতা চিকিৎসাধীন প্ৰাইভেট হস্পিটেলখনলৈ বুলি ৰাওনা হ’লো । বিবাহোত্তৰ জীৱনটোত সুখে-দুখে প্ৰতিটো মুহূৰ্ত মাৰ সান্নিধ্যৰে জীপাল মানুহজনে পাৰিছে নে চাগৈ  নিসংগ সময়ৰ মৃত্যুকাতৰ প্ৰত্যাহ্বানক দৃঢ়তাৰে গ্ৰহণ কৰিব !

হস্পিটেল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আৰু চিকিৎসকৰ পৰা খবৰ লৈ গম পালোঁ যে বৰ্তমান হস্পিটেলৰ আই.চি.ইউত সংকটজনক অৱস্থাত দেউতাই মৃত্যুৰ সৈতে যুঁজ দি আছে । তেখেতৰ অক্সিজেন লেভেল সঘনাই পৰিৱৰ্তন হৈছে । যিটো সমূলি ভাল লক্ষণ নহয়। আনুসংগিক বেমাৰবোৰে ক’ভিডৰ বিপক্ষে যুঁজিব পৰাকৈ তেওঁক দৈহিক আৰু মানসিক ভাবে সবল কৰি ৰখা নাই ।
লগে লগে দেউতাৰ চিকিৎসাৰ বাবদ দৈনিক প্ৰায় ত্ৰিশ হাজাৰকৈ এসপ্তাহৰ দুই লাখ টকাৰ বিল এখন মোৰ হাতত গুজি দিয়া হ’ল । ব্যক্তিগত চিকিৎসালয়ত ক’ভিড চিকিৎসাৰ নামত ৰোগী আৰু তেওঁৰ পৰিয়ালৰ লোকসকল সন্মুখীন হোৱা বিলাই-বিপত্তিৰ ময়ো অংশীদাৰ হৈ পৰিলোঁ।

পিতৃহাৰা হোৱাৰ ভয় তাৰোপৰি পৰিশোধ কৰিব লগীয়া বিলখনৰ সংখ্যা কেইটাই বুকুখনত কঁপনি উঠালে মোৰ ।
ক’ৰ পৰা যোগাৰ কৰোঁ ইমানবোৰ টকা ! যোৱা পাঁচোটা মাহত চেলাৰীৰ নামত যি কেইটা ধন হাতলৈ আহিছিল, তাৰ কিছু অংশ বাইকখনৰ মাহেকীয়া কিস্তি পৰিশোধ কৰোঁতে আৰু কিছু অংশ পুৰণা হিচাপ-নিকাচ অলপ মিলাওঁতেই জমা কৰাৰ সুযোগেই নাপালোঁ দেখোন !

পৰিস্থিতিৰ হেঁচাত কেতিয়াবা ৰিক্ত হ’ব লগা হ’লেও নিৰলস উদ্যমেৰে নতুন পথৰ সন্ধান বিচাৰি উলিয়াবই লাগিব।

এক মুহূৰ্তও পলম নকৰি চিধাই মই মোৰ কৰ্মস্থানলৈ ঢাপলি মেলিলোঁ । হয় … এটা ল’নৰ বাবে এপ্লাই কৰিম , নহয় ব’চৰ পৰা টকা অলপ ধাৰে ল’ম। চাকৰি এটা আছে যেতিয়া পাৰিম দায়িত্ববোৰ মূৰ পাতি ল’ব ।

অটল বিশ্বাস নিজৰ ওপৰত !

ক’ৰণা সন্ত্ৰাসৰ বাবে ‘ ৱৰ্ক ফর্ম হ’ম ‘ বিধিৰে অফিচৰ যাবতীয় কাম-কাজবোৰ চলি আছিল। কিন্তু ব্ৰান্স হেড মিষ্টাৰ প্রতীক পাটনায়ক সেইদিনা অফিচতে আছিল। স্তিমিত হৈ পৰা মোৰ উশাহে যেন প্ৰাণ পাই উঠিছিল !

: মে আই কাম ইন চাৰ ?
শীত তাপ নিয়ন্ত্ৰিত সুসজ্জিত কেবিনটোৰ আইনাৰ দুৱাৰখনত মৃদু টোকৰেৰে পাটনায়ক চাৰক মোৰ উপস্থিতিৰ উমান দিলোঁ ।

: অহ হিমাংশু , কাম ইন ইয়ঙ বয় ।

চাৰৰ সঁহাৰিত কেবিনলৈ সোমাই গ’লো আৰু তেখেতৰ সন্মুখত থকা চকীখনত বহি পৰিলোঁ । সমস্যাবোৰ একত্ৰিত কৰি চাৰৰ আগত ব্যক্ত কৰিবলৈ উদ্যত হৈছিলোঁ হে , চাৰে মোৰ উদাসী দুচকুত দৃষ্টি ৰাখি পৰম অনাকাংক্ষিত শব্দ কেইটা উচ্চাৰণ কৰি পেলালে ।

: হিমাংশু গৌতম.. , চ’ৰি টু ইনফৰ্ম ইউ ডেট , ডিউৰিং ডিচ পেণ্ডামিক আৱাৰ ক’ম্পানী হেজ ফেচিং চ’ মেনি ইক’নমিক ক্ৰাইচিচ। হেন্স ৱি আৰ আনেব’ল টু বিয়েৰ মাচ্ছ বাৰ্ডেন অৱ এপইণ্টি । এক্সপেৰিয়েন্স বেচিচ’ত চিনিয়ৰ কেইজনক আমি অব্যাহতি দিব নোৱাৰোঁ। কিন্তু সকলোকে পাৰিশ্ৰমিক দি ৰখা আমাৰ পক্ষে সম্ভৱ নহয়। হ’প ইউ ৱিল আণ্ডাৰষ্টেণ্ড দ্যা মেটাৰ ।

মোক একো কোৱাৰ সুযোগ নিদি প্ৰতীক পাটনায়কে অতি নিৰ্মমতাৰে এখন ডিচার্জ লেটাৰ মোৰ হাতত তুলি দিলে । অতি কম সময়তে মোৰ লগত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠা মানুহজনে যেন মোৰ স্বাস্থ্যৰ বুজ লোৱাৰ সাধাৰণ সৌজন্যতাখিনিও পাহৰি পেলালে ! সময় আৰু পৰিস্থিতিয়ে মানুহক এইদৰে নিষ্ঠুৰ হ’বলৈও বাধ্য কৰে নে !
এইখিনিতে মোৰ অনুভৱ হ’ল , এয়া মানৱতাৰ মৃত্যু ঘটিছে !

অৱশেষত আন বহুতৰ দৰে বলিৰ পাঠা মোকো বনোৱা হ’ল । কুটিল হাঁহি এটা স্বতঃস্ফূৰ্ত ভাবে ওঁঠযুৰিত বিয়পি পৰিল মোৰ । সমসাময়িক ভাৱে মগজুৰ এটা চুকত মোৰ প্ৰেয়সীয়ে মোৰ অসুস্থতাৰ বাবে উদ্বিগ্ন ন’হৈ বেছ কিছুদিন মোৰ লগত কোনো ধৰণৰ যোগাযোগ নৰখাৰ অভেদ্য কাৰণটোও যেন স্পষ্ট হৈ পৰিল ! মই বুজিলোঁ  কেতিয়াবা এটা চাকৰিও প্ৰেমৰ আধাৰ হ’ব পাৰে । এই যান্ত্ৰিক জগতখনত মাত্ৰ পাঁচটা মাহত এটা আত্মিক সম্পৰ্ক গঢ়ি উঠা সম্ভৱ জানো !

থৰক-বৰক খোজেৰে অফিচ কেম্পাছৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ । মূৰটোত প্ৰচণ্ড বিষ এটা উঠি আহিছিল । মই যেন একোৰে উৱাদিহ পোৱা নাই ! এটা ক্ষুদ্রতম অণুজীৱৰ তাণ্ডৱত চকুৰ পলকতে তচনচকৈ খহি পৰিছে মোৰ সপোনৰ কাৰেংঘৰ।

তেনেকুৱাতে পকেটৰ ম’বাইল ফোনটো সশব্দে বাজি উঠিল । ক’ভিড হস্পিটেলৰ পৰা খবৰ আহিল.. দেউতাই বোলে ক’ভিড জয় কৰিব নোৱাৰিলে । হাৰি গ’ল তেওঁ।

একেলগে ইমানবোৰ নিৰাশাজনক বাতৰি !
মানসিক ভাৰসাম্য হেৰুৱাই ‘পাগলৰ’ আখ্যা পাবলৈ ইয়াতকৈ সৱল যুক্তি আৰু কিবা লাগে নে !

বিষাক্ত অণুজীৱ কিছুমান এইবাৰ যেন মোৰ দুৰ্বল হাওঁফাওঁৰ পৰা ওলাই আহি মগজু পৰ্যন্ত বিয়ব্যাপ্ত দিলে। দুখ আৰু চিন্তাৰ সংমিশ্ৰণত হঠাতে মোৰ মগজুৰ আয়তনো অস্বাভাৱিক ভাবে বৃদ্ধি পোৱা যেন অনুভৱ হ’ল। ভাৰসাম্য হেৰুৱাই মাটিতে ঢলি পৰিলোঁ মই ।

কিদৰে কওঁ , বহু আশাৰে দেউতালৈ বাট চাই থকা মানুহগৰাকীক কপালৰ সেন্দূৰখিনি মুচি পেলোৱা বুলি । কি দৰে খবৰ দিওঁ… পিতৃহাৰা ,প্ৰেমহীন আৰু কৰ্মহীন তেওঁৰ পুত্ৰ হিমু , আজি শূণ্য ৰাজপথত মৃতপ্ৰায় অৱস্থাৰে পৰি আছে বুলি !

              —————–

এখন ভ্ৰমৰ জাল আৰু এটা পংকিল সত্য।

 : Please , concentrate your mind .
 
ক্লিনিকৰ অৰামী চকীখনত শুভম বহি আছে। তাৰ ঠিক কাষতে হাতত এটা পেন্ডুলাম ওলোমাই মই। শুভমৰ দৃষ্টি মোৰ হাতত থকা পেন্ডুলামটোত স্থিৰ হৈ ৰৈছে।
মই পেন্ডুলামটোক এইবাৰ লাহে লাহে হৰাইজেণ্ট’ল ডাইৰেকচ’নত মৃদু গতি দিছোঁ । লগে লগে তাৰ দুচকুৱেও পেন্ডুলামটোক অনুসৰণ কৰিছে। ঠিক দুই বা তিনি চেকেণ্ড…তাৰ পিছতেই অতি ক্ষীপ্ৰতাৰে পেন্ডুলামটোক মই ভাৰটিকেল ডাইৰেকচ’নত উঠা নমা কৰিছোঁ আৰু পেন্ডুলামটোৰ টিপ পইণ্টটোৰ লগে লগে শুভমৰ দুচকুও দুলিবলৈ ধৰিছে । মই লক্ষ্য কৰিছোঁ কিবা এক গভীৰ আৱেশত গধুৰ হৈ পৰিছে শুভমৰ চকুৰ পতা।
 
: Please , close your eyes if they get tired then follow the directions respectively in your mind. 
 
মোৰ কথাকেইটা শুভমৰ কৰ্ণকুহৰে দি কুৰুকি কুৰুকি সোমাই গৈছে । এইবাৰ কপালৰ ঠিক চেণ্টাৰ পইণ্টত আঙুলিৰে মৃদু চাপ প্ৰয়োগ কৰি শুভমৰ চিন্তা শক্তিক সম্পূৰ্ণ মোৰ অধীনলৈ অনাৰ প্ৰায় অন্তিম মুহূৰ্তটিত উপনীত হৈছোঁ মই । এক তীব্ৰ কল্পনাশক্তিৰ দ্বাৰা এটি স্বপ্নময় মোহগ্ৰস্ততাৰ আৱেশত শুভমে নিদ্ৰাৰত অৱস্থালৈ গতি কৰিছে যদিও, তাৰ মগজু এতিয়াও সজাগ হৈ আছে। বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে বিশেষ কায়দাৰে টিলিকি মাৰি মই তাৰ চেতনাশক্তিক এইবাৰ মোৰ নিয়ন্ত্ৰাধীন কৰি ল’লোঁ । মানে তাৰ মগজুৰ চালিকা শক্তি এতিয়া মোৰ দ্বাৰা বশীভূত । মই যি দৰে বিচাৰোঁ সেইদৰে কৰিবলৈ বাধ্য শুভম ।
 
: শুভম শুনা পাইছা মোক ? তোমাৰ অৱচেতন মনটোৰে কি দেখা পাইছা ? Try to feel , তুমি এতিয়া এটা সুসজ্জিত কোঠালিত তোমাৰ প্ৰেয়সীৰ লগত বহি আছা । তোমাৰ সন্মুখত সৌৱা , তোমাৰ প্রিয় নাৰীগৰাকী। যাক যোৱা পোন্ধৰটা দিনে চকা-মকা কৈ দেখি আহিছা তুমি। তেওঁৰ মুখখন স্পষ্টকৈ চাবলৈ যত্ন কৰা । দেখিছা নে তেওঁক ? ভালদৰে লক্ষ্য কৰা মানুহগৰাকীক ।
[অনর্গল কথা হৈ আছোঁ তাৰ লগত মই , যাতে অলপ সময়ৰ বাবে ভ্ৰমৰ দুনীয়াখনতে আত্মানুসন্ধানত ব্যস্ত হৈ পৰে সি। ]
Now I will start counting. আৰু থ্ৰী কোৱাৰ লগে লগে তুমি তেওঁৰ কাষ চাপি যাবা । তোমাৰ বাবে অপেক্ষাৰত মানুহগৰাকীক তোমাৰ প্ৰয়োজন শুভম । she really needs you .
 
Okay, listen to me carefully . one .. two .. three…।
 
শুভম যেন মোৰ আদেশৰ বাবেহে ৰৈ আছিল ! মোক লক্ষ্য কৰি চকীখনৰ পৰা খপজপকৈ উঠি ল’লে সি । হয়তো মোৰ তীব্ৰ চাৱনিয়ে কাতৰ কৰি তুলিছে তাক ।
 
: How are you feeling Subham? Take a deep breath and come close to me .
 
এক অদৃশ্য শক্তিয়ে মোৰ প্ৰতি যেন শুভমক প্ৰৱল ভাবে আকৰ্ষিত কৰিছে । মোৰ বুজাত অসুবিধা হোৱা নাই , ভ্ৰমৰ দুনীয়া এখনত বেবিলনৰ শূণ্য বাগিচাৰ দৰে ওলমি ৰোৱা তাৰ অসলগ্ন তথা পৰিধিবিহীন চিন্তাবোৰৰ কেন্দ্ৰবিন্দু এতিয়া কেৱল মই। তাৰ সুতীক্ষ্ণ অথচ কোমল চাৱনিত ময়ো কঁপি উঠিছোঁ ।
 
: নীলা.. ! মই আহিছোঁ নীলা। মই দেখিছোঁ তোমাক । ক’ত হেৰাই গৈছিলা তুমি নীলা। মোক অকলে এৰি কিয় গুচি গৈছিলা ?
 
থোকাথুকি কন্ঠেৰে দুহাত প্ৰসাৰি এয়া শুভম , মোৰ নিচেই কাষতে। মই দুহাতেৰে কঁকালত ধৰি মোৰ ওচৰলৈ চপাই আনিছোঁ তাক । পৃথিৱীৰ সমস্ত মৰম আৰু অনুৰাগে যেন দোলা দিছে তাৰ মনত। এক প্ৰাণোদ্বীপ্ত অবুজ শিহৰণত চঞ্চল হৈ উঠিছে সি ।
 
Yes, everything is going according to my plan .
 
গাৰ সমস্ত শক্তিৰে সাৱটি ধৰিছে শুভমে মোক। মুখেৰে বিৰবিৰাই থকাৰ দৰে , সি উচ্চাৰণ কৰা অস্পষ্ট শব্দবোৰ বুজিবলৈ যত্ন কৰিছোঁ মই ।
 
: I missed you Nilakshi । তোমাৰ স্পৰ্শ , তোমাৰ কণ্ঠ , তোমাৰ মৰমবোৰ , আমি একেলগে কটোৱা ভাল-বেয়া সময়বোৰ মই মিছ কৰিছিলোঁ নীলা।
 
~ নিলাক্ষী …. !
 
আজিৰ এই চেচ’নটোত আৰু এটা কথা মই নিশ্চিতভাবে জানিব পাৰিলোঁ যে , নিলাক্ষী হয়তো শুভমৰ প্ৰেয়সী অথবা তাৰ পত্নী। বিস্মৃতিৰ আউললগা পাকবোৰ খুলি নীলাক্ষীয়ে আজি শুভমৰ মানসপটত ভুমুকি মাৰিছে। নিশ্চয়কৈ এই পৰীক্ষণৰ এয়া এক ইতিবাচক দিশ।
 
সময়বোৰ পাৰ হৈ গৈ আছে ।
শুভম কুৰুকি কুৰুকি সোমাই আহিছে মোৰ মাজলৈ । মই বাধা দিয়া নাই। আৰু এটা সময়ত প্ৰাপ্তিৰ চৰম শিখৰ স্পৰ্শ কৰি জ্বলমলাই উঠিছে তাৰ দুচকু। অৱশ আৰু ক্লান্ত শৰীৰটোক এইবাৰ মোৰ পৰা বিচ্ছিন্ন কৰি ঘনঘনকৈ উশাহবোৰ টানি লৈছে সি।
 
এসোপা ৰঙৰ মাজত ময়ো যেন হেৰাই আছিলোঁ ইমান পৰে।
 
কেইটামান দীঘলীয়া নীৰৱ মুহূৰ্ত। শুভমক প্ৰকৃতিস্থ হোৱাৰ সুযোগ দি মই আজিৰ চেচ’নটো শেষ কৰিবলৈ উদ্যত হৈছোঁ।
 
: Relax Shubham , take a deep breath and open your eyes .
 
ৰ’ লাগি চাই ৰৈছে মোলৈ সি ।
 
: Feeling better ?
You have no idea how happy I am today . তুমি অতি সোনকালেই সম্পূৰ্ন সুস্থ হৈ উঠিবা। আজি ইমান দিনৰ মূৰত তুমি এগৰাকী নাৰীৰ স্মৃতি তোমাৰ মন মগজুলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছা। It’s a good sign of recovery .নেক্সট চেচ’নত তুমি হয়তো সকলো কথাই মনত পেলাব পাৰিবা। মই আশাবাদী। যোৱা , এতিয়া ফ্ৰেছ হৈ লোৱা। আৰু একো চিন্তা কৰি নাথাকিবা। ষ্টেইছ লোৱা ঠিক নহয় তোমাৰ বাবে নৰ্মেলি হৈ থাকিবলৈ দিয়া সকলোবোৰ।
 
মিশ্ৰিত অনুভৱৰ সমাহাৰত গধুৰ হৈ পৰা বুকুখন হাতেৰে মোহাৰি মোহাৰি শুভম ওলাই গৈছে চেম্বাৰৰ পৰা। মই চকীখনতে হেলান দি বহি পৰিছোঁ ।
 
যোৱা চাৰিটা মাহে মই শুভমৰ যত্ন লৈ আহিছোঁ , ঠিক আপোন কোনোবা এজনৰ দৰে। অথচ মই নাজানোঁ শুভমৰ প্ৰকৃত পৰিচয় ! সেইদিনা বনভোজ খাবলৈ গৈ পাহাৰীয়া নৈখনৰ পানী যুৱলীত শুভমক মুৰ্মষ অৱস্থাত উদ্ধাৰ নকৰা হ’লে , এয়া জানো সম্ভৱ হ’ল হয় !  ঢিপিক-ঢাপাককৈ উশাহটো টানি জীয়াই থকা শুভমৰ , শেঁতা ,নীলা শৰীৰটোক ততাতৈয়াকৈ হস্পিটেললৈ লৈ আহিছিলোঁ আমি আৰু প্ৰায় দুটা মাহ আই.চি. ইউত চিকিৎসাধীন হৈ থকাৰ পিছত লাহে লাহে সুস্থ হৈ উঠিছিল সি ।
 
প্ৰকৃততে সুস্থ হৈ উঠিছিল জানো শুভম !
 
No , actually he was suffering from a critical mental condition and has lost all his memories . তাক চিনাক্ত কৰাৰ কোনো সুবিধাই নাছিল আচলতে। ম’বাইল ফোন বা কোনো নথি-পত্ৰ তাৰ লগত নাছিল।আত্ম পৰিচয় বিচাৰি উন্মাদ প্ৰায় হৈ পৰা কাৰোবাক জানো সুস্থ বুলি কোৱাৰ অৱকাশ থাকে ! কেৱল শুভম শব্দটো সি অনর্গল উচ্চাৰণ কৰি থকাত আমিও ধাৰণা কৰি ল’লো , ল’ৰাজন নিশ্চয় শুভম !
 
স্বামী মনদ্বীপৰ আপত্তি স্বত্তেও শুভমক মই মোৰ ঘৰতে ৰখাৰ তাৎক্ষণিক সিদ্ধান্ত এটা লৈ পেলালোঁ । এই ক্ষেত্ৰত মোৰ প্ৰফেছ’নেই হয়তো মোক তেনে কৰিবলৈ প্ৰৰোচিত কৰিছিল। ফলত নতুনকৈ খোলা মোৰ হিপন’টাইজ চেণ্টাৰটোৰ এজন ক্লায়েন্ট হৈ পৰিল শুভম। মোৰ বন্ধু ডাঃ অৰুণাভে এই ক্ষেত্ৰত  যথেষ্ট সহায় কৰিলে মোক ।
 
যোৱা ডেৰটা মাহৰ বহুকেইটা দিন শুভমৰ লগত এইদৰে ক্লিনিকতে কটাইছোঁ মই । সি সৌ আৰামী চকীখনত বহি থাকে । মই তাৰ কাষতে বহি খান্দি খুচৰি কালৰ গৰ্ভত হেৰাই যোৱা তাৰ অতীতটোক বিচাৰি উলিয়াবলৈ যত্ন কৰোঁ। প্ৰতিটো চেচ’নত সি যেন নিজকে নতুনকৈ আৱিষ্কাৰ কৰে । আৰু মই মোৰ সফলতাক স-গৌৰৱে উদযাপন কৰোঁ , হেৰাই যাওঁ সুখৰ বন্যাত । yes , soon he will return to his normal life .
 
কিন্তু শুভমৰ লগত এই প্ৰফেছ’নেল ৰিলেচ’নশ্বিপটো যিমান বেছি ঘনিষ্ঠ হৈ আহিছে , সিমান বেছি তাক আঁতৰোৱাই পঠোৱাৰ দুখ এটাত দহিবলৈ ধৰিছে মোৰ বুকুখন। কোনোবা সময়ত ভাবলেশহীন জড় পদাৰ্থৰ দৰে এটা অজানা আবেগত জঠৰ হৈ পৰিছোঁ মই । সকলোৰে আঁৰত চকুলো বোৱাইছোঁ , অবাধে ।
 
অস্থিৰতাৰে ঘূৰি ফুৰিছে শুভম নিজৰ ৰূমটোত। মই ক্লিনিকৰ পৰা ঘূৰি অহাৰ উমান পাই উধাতু খাই আহিছে সি মোৰ ওচৰলৈ ।
 
: মেম , শুভম আমাৰ ল’ৰা । নীলা আৰু মোৰ সন্তান সি। মোৰ মনত পৰিছে মেম । কিন্তু মই কোন ? ক’ত আছে আমাৰ শুভম ? ক’ত আছে নীলা ? মই বলিয়া হৈ যাম এতিয়া। কি হৈছে মোৰ লগত এইবোৰ। কি কৰো মই ?
 
: Calm down please..। আকৌ ক’ম মই , ষ্ট্ৰেইছ নল’বা অলপো । It will be harmful for the developement  so far. আচলতে খুউব ভাল কথা এয়া । তোমাৰ কথাবোৰ মনত পৰিবলৈ ধৰিছে । আৰু হয়তো এটা বা দূটা চেচ’নৰ পিছতে তুমি বিচাৰি থকা সকলো প্ৰশ্নৰ উত্তৰ পাই যাবা। Now relax .
 
ইমান দিনে অচিনাকি যদিও মন মগজুৰে শুভম বুলি স্বীকৃতি দিয়া ল’ৰাজন প্ৰকৃততে শুভম নহয় । এজন হিপন’থেৰাপিষ্টৰ বাবে এনে ঘটনা অস্বাভাৱিক নহ’লেও এই ল’ৰাজনৰ ক্ষেত্ৰত বাৰে বাৰে কথাবোৰ কিয় পৃথক হৈ পৰে ! তাৰ আত্ম পৰিচয় ঘূৰাই দি মোৰো বুকুখন নির্ভাৰ কৰিবলৈ চেষ্টা কৰোঁ যদিও , সমসাময়িক ভাৱে শূন্যতাৰ অনুভৱ কিছুমানত কিয় চটফটাই উঠোঁ মই !
 
              ——————
 
তিনিদিন পিছত …
 
: Do you remember our last session ?
 
: ইয়েছ.. । সেইদিনা নীলা আহিছিল মোৰ কাষলৈ। মই ভালপোৱা হালধীয়া ৰঙৰ শাৰী এখন পিন্ধিছিল তাই । যেন সুকোমল মাখন ৰঙী শৰীৰটোত সোনাৰু ফুলৰ দলিছা এখনহে মেৰিয়াই লৈছিল ! নীলাৰ ঢৌ খেলি নাচি থকা চুলিকেইডাল লিৰিকি বিদাৰি চঞ্চল হৈ উঠিছিল মোৰ আঙুলীবোৰ । এক অবুজ শিহৰণত নিচাগ্ৰস্ত হৈ উঠিছিল মন প্ৰাণ । আৰু এখিনি অনুভৱী সময় উপহাৰ দি মোৰ মৰমৰ অনুনয়কো উপেক্ষা কৰি নীলা আঁতৰি গৈছিল। সৌ দূৰৈৰ পৰা মোলৈ চাই খিলখিলাই হাঁহিছিল তাই। মই চিঞৰিছিলোঁ … ‘ ক’ত যোৱা নীলা । নাযাবা প্লিজ।’ তাই দৌৰিছিলি ..চঞ্চলতাই পাৰ ভঙা চাৱনিৰে এমোকোৰা হাঁহি দলিয়াই চিকমিক বলুকাত ভৰিৰ চানেকি এৰি থৈ গুছি গৈছিল তাই।
Yes ma’am ;  মই এটা কোঠা , এখন নৈ দেখিছিলোঁ আৰু নৈৰ পাৰৰ বিশাল বালিচৰত মোৰ নীলাজনীক হেৰাই যোৱা দেখিছিলোঁ। দূৰৈৰ পৰা বতাহ এজাকে যেন সেই সময়তে এটা অচিনাকি সুহুৰি কঢ়িয়াই আনিছিল । সুহুৰিটো বতাহত নাচি নাচি মোৰ কাণত ঠেকা খাইছিল আৰু মোৰ বুকুত এটা শব্দ হৈ বাজিবলৈ ধৰিছিল । সেই শব্দটো পিছে মোৰ নিচেই চিনাকি আছিল , শু.. ভ..ম ।
 
কথাখিনি কৈ থাকোঁতে চপচপীয়া হৈ উঠা তাৰ চকু দুটালৈহে লক্ষ্য কৰিলোঁ মই। চকুৱে কোনো কথাই গোপনে ৰাখিব নাজানে দেখোন ! মোৰ সেমেকি উঠা চকু দুটাও পঢ়ি পেলাব নেকি সি !
 
: আচ্ছা . Get ready for our today’s session.
 
And the process continues..
 
কথাৰে ব্যতিব্যস্ত কৰি ৰাখিছোঁ শুভমক মই । শব্দবোৰে পাক ঘুৰনি খাই তাৰ মস্তিষ্কত ক্ৰিয়া কৰিছে। এয়াৰ কণ্ডিছন’ড  ৰূমৰ শীতল বতাহজাকো যেন অকস্মাতে উত্তপ্ত হৈ উঠিছে । কাণৰ কাষেদি এসোঁতা উষ্ম তৰল বৈ আহি ডিঙিলৈকে তিয়াই পেলাইছে তাক আৰু এপাকত বলিয়াৰ দৰে চিঞৰিবলৈ ধৰিছে সি…
 
: এক্সিডেন্ট …। এটা ভয়ংকৰ এক্সিডেন্ট। মোৰ গাড়ীখনৰ ব্ৰেকফেইল হৈছিল। নীলাৰ কোলাত ছমহীয়া শুভম। নিয়ন্ত্ৰণ হেৰুৱাই পকী দলংখনত খুব জোৰেৰে খুন্দা মাৰি গাড়ীখন তললৈ পৰি গৈছিল । তলত খৰস্ৰোতা বোৱতী নৈ। নীলাই এখন হাতেৰে শুভমক আৰু আনখন হাতেৰে মোক সাজোৰে খামুচি ধৰিছিল। মাত্ৰ কেইটামান মুহূৰ্ত…. । নীলাৰ হাতৰ মুঠি ক্ৰমে শিথিল হৈ পৰিছিল । তাই সমস্ত শক্তিৰে চিঞৰিছিল.. শুভম , প্ৰীতম..। 
নাই ….আৰু একো মনত নাই মোৰ।
 
মূৰটোত দুই হাতেৰে হেঁচা মাৰি ধৰি ফোঁপাবলৈ ধৰিছে সি।
 
: So , you are Preetam . সেই দুর্ঘটনাটোৰ আগৰ সময়বোৰত ক’ত আছিলা , কি কৰিছিলা তুমি ? মনত পেলোৱা প্ৰীতম । তোমাৰ মনৰ চকুৰে চাবলৈ যত্ন কৰা দৃশ্যবোৰ । নিজক বিচাৰি উলিওৱা । You have to remember everything.
 
: দুবছৰীয়া বিবাহ বাৰ্ষিকী আছিল আমাৰ। হোটেল ফ্লেমিংগ’ত এটা সৰু পাৰ্টীৰ আয়োজন কৰা হৈছিল । ঘৰৰ সদস্যসকল আগতীয়াকৈ গৈছিল যদিও শুভমৰ বাবে নীলা আৰু মোৰহে যোৱা পলম হৈছিল । বাটতে মোৰ গাড়ীৰ এক্সিডেন্ট হৈছিল সেইদিনা ।
 
: Okay , done . The session is over. Relax Preetam . Now open your eyes slowly.
 
ইয়াৰ পিছৰ পৰ্য্যায়ত প্ৰীতমৰ লগত কি হ’ব , নীলা আৰু শুভমৰ কি হ’ল.. সেয়া মোৰ অনুমানৰ বাহিৰত যদিও , এই মুহূৰ্তত বুকুখন মোৰ যথেষ্ট পাতল যেন অনুভৱ হৈছে । যেন অশান্ত ধুমুহা এজাকে বিশৃংখল কৰি তোলা মনটোলৈ এয়া এক সাময়িক সকাহ ! ঘৰলৈ আহি সেই এক্সিডেন্টটোৰ পিছত আমি পানী যুঁৱলীত কেনেকৈ প্ৰীতমক উদ্ধাৰ কৰিছিলোঁ সকলো বিৱৰি ক’লোঁ। ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে প্ৰীতমে। বাৰে বাৰে নীলা আৰু শুভমৰ কথা কৈ ধৰফৰাই উঠিল ল’ৰাটো।
 
কি বুলি বুজনি দিও প্ৰীতমক মই ! কি দৰে কও …’ যি কোনো পৰিস্থিতিৰে মুখা-মুখি হ’বলৈ নিজকে সাজু কৰা প্ৰীতম ।’
ঈশ্বৰকে জপিলোঁ , গভীৰ আস্থাৰে , কুশলে ৰাখা নীলা আৰু শুভমক । যেনেকৈ তাক ৰাখিলা। ইমান ভয়ংকৰ দুর্ঘটনা এটাৰ পিছতো প্ৰীতম জীয়াই থকাৰ একমাত্ৰ কাৰণটো যেন নীলা আৰু শুভম হওক।
 
পিছদিনাই প্ৰীতমে নিজৰ ঘৰলৈ উভটি যাবলৈ হুলস্থুল লগালে । স্বাভাৱিক এয়া । আপোনজনৰে হোৱা ইমান দিনৰ বিচ্ছেদত প্ৰীতম জানো প্ৰতি দিনে তিল তিলকৈ মৰি থকা নাছিল। ময়ো বিচাৰিছোঁ প্ৰীতমৰ জীৱনলৈ ৰংবোৰ পুনৰ উভটি আহক। ডাক্তৰ অৰুণাভৰ লগতেই অনিশ্চয়তাৰ সাজ এযোৰেৰে মনটো মেৰিয়াই আপোন ঘৰখনলৈ বুলি ৰাওনা হ’ল সি । প্ৰীতমক বিদায় জনাবলৈহে খুব কষ্ট হৈছে মোৰ । ইমান দিনে মোৰ অভ্যাস হৈ পৰিছিল সি । তাৰ সান্নিধ্যৰে জীপাল হৈছিল মোৰ  দিনবোৰ । হঠাতে যেন ৰিক্ত হৈ পৰিল মোৰ বুকুখন ।
 
               ——————-
 
বৰ্গাকৃতিৰ প্ৰকাণ্ড ল’নখনৰ ঠিক সোঁমাজত আকাশমুখী দেৱদাৰু দুডাল সদম্ভে থিয় দি আছে। গছ দুডালৰ  মাজত যি তিনি মিটাৰমানৰ ব্যৱধান আছে ,সেই খালি ঠাই টুকুৰাতে কোমল সেউজীয়া ঘাঁহনিবোৰৰ ওপৰত ৰীতে আমাৰ সহায়িকা মণিকাৰ সহযোগত তাৰ প্লে’ হাউছটো সজাই লৈছে । ফেব্ৰুৱাৰী মাহ সোমোৱাৰ লগে লগে শীতৰ কুঁৱলীজাক অলপ সামৰ খাইছে যদিও , ঠাণ্ডা সম্পূৰ্ণৰূপে এতিয়াও আঁতৰি যোৱা নাই। কাঁচিয়লি ৰ’দজাকে সেউজ ঘাহনিবোৰক স্পৰ্শ কৰাত মুকুতাহেন হিমক’ণাবোৰ ৰীতৰ ডিঙিত ওলমি থকা অকণমানি হীৰাৰ লকেটটোৰ দৰেই উজ্বলি উঠিছে । ধুমায়িত কফি কাপ হাততে লৈ আপোন পাহৰা হৈ খেলি থকা ৰীতক দূৰৈৰ পৰাই চাই আছোঁ মই।
 
প্ৰীতম গুচি যোৱাৰ পৰা সেই ঠাইখনত নিজকে বৰ অকলশৰীয়া যেন অনুভৱ হৈছিল মোৰ । চিনাকি চহৰখনো যেন হঠাতে অচিনাকি হৈ পৰিছিল ! মনদ্বীপক তাতে এৰি সেইবাবেই ৰীতৰ লগত গুচি আহিছিলোঁ মই সেৰেঙা জনবসতিৰ এই মফচলিয়া চহৰখনলৈ । চাৰিবছৰ ধৰি ইয়াতে আছোঁ আমি দুয়ো। ইয়াতে মই হিপন’টাইজ চেণ্টাৰ এটাও খুলি লৈছোঁ। অফিচৰ বন্ধ মিলাই মনদ্বীপো অৱশ্যে অহা যোৱা কৰি থাকে।
কেতিয়াবা মোৰ নিজৰে বুজাত অসুবিধা হয় .. এনেকৈ আচলতে কাৰ পৰা পলাই ফুৰিছোঁ মই , নিজৰ পৰা নে , মনদ্বীপৰ পৰা !
 
কালি বহুত দিনৰ মূৰত প্ৰীতমে ফোন কৰিছিল। এবাৰ লগ পাবলৈ বিচাৰিছে সি মোক। কথাষাৰ শুনাৰ লগে এনে অনুভৱ হৈছিল , যেন এক অদৃশ্য শক্তিয়ে টেঁটু চেপি ধৰিছিল মোক । জোৰ কৰিও ক’ব পৰা নাছিলোঁ মই.. ‘ আহিবা প্ৰীতম। You are most welcome.’
 
সেই ফোন কলটোৰ পিছতে বিক্ষিপ্ত চিন্তা কিছুমানে জুমুৰি দি ধৰিছিল যদিও কথাবোৰ যুকিয়াই লৈ নিজকে যিমান পাৰোঁ সহজ কৰাৰ প্ৰয়াসেৰে প্ৰীতমক মোৰ নতুন ঠিকনাটো ৱাটছএপ কৰিলোঁ । সেইমতেই প্ৰীতম আহি যথাসময়ত মোৰ ঘৰত উপস্থিত হৈছে । লগত নিলাক্ষী। সৰিয়হ ফুলীয়া শাৰী এখন ,লং শ্লীভ’ৰ মেটছিং ব্লাউজ এটা ,কাণত ত্ৰিভুজাকৃতিৰ মেটেলৰ ইয়েৰ ৰিঙযোৰেৰে একে আষাৰে ধুনীয়া বুলি ক’ব পৰাকৈ আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী মানুহগৰাকী। দূৰৈৰ পৰা প্ৰীতমক এবাৰ ভালদৰে চাই ললোঁ মই । তাৰ চকুলৈ চাই কথা হ’ব পৰাকৈ সাহস হয়তো নাই মোৰ ।
 
: ভালে আছে মেম ? নীলাই সদায় কৈ থাকে .. ‘তোমাক নতুনকৈ জীয়াই তোলা মানুহগৰাকীৰ ওচৰলৈ এবাৰ লৈ যোৱা না মোক প্ৰীতম।’  পিছে নিজকে থিয় কৰাওতে  আৰু নীলা সম্পূৰ্ণ সুস্হ হৈ উঠালৈ বাট চাওঁতে চাওঁতে কেইবাটাও বছৰ চকুৰ পলকতে শেষ হৈ গ’ল। আচলতে আমি কেতিয়াবাই আহিব লাগিছিল আপোনাৰ ওচৰলৈ।
 
: আহা নিলাক্ষী। একো নাই । মই বুজোঁ কথাবোৰ ।
 
কি কওঁ!
এই মুহূৰ্তত নিলাক্ষীক সমবেদনা জনোৱাৰ শব্দৰ অভাৱ মোৰ । আলফুলে বুকুৰ উমেৰে লালন পালন কৰা শুভম হঠাতে নাইকিয়া হৈ গ’ল তাইৰ বুকুখন খালী কৰি । সন্তান হেৰুৱাৰ বেদনাক কিহবাৰ লগত ৰিজাব পৰা যায় জানো ! ঈশ্বৰৰ দূত , সেই মাছৰীয়া কেইজনৰ কৃপাত নিলাক্ষী আজি সোঁশৰীৰে প্ৰীতমৰ লগতে আছে যদিও শুভমবিহীন সিহঁতৰ জীৱনটোৰ কথা ভাবিবলৈও ভয় লাগিল মোৰ । বুকুখন গধুৰ কৰি উজাই অহা বিষ এটাই ডিঙিতে সোপা মাৰি ধৰিলেহি।
 
প্ৰায় দুটা ঘণ্টাৰ বাবে নিলাক্ষী আৰু প্ৰীতম আমাৰ আলহী হ’ল আৰু সেই সময়খিনিৰ প্ৰতিটো চেকেণ্ড , নেন’ চেকেণ্ড অতিশয় উদ্বিগ্নতাৰে পাৰ কৰিলোঁ মই । ৰীতে প্ৰীতমৰ লগত যিমানেই হলি গলি কৰিলে সিমানেই নীলাক্ষীৰ ওচৰত লজ্জিত অনুভৱ হ’ল মোৰ । নীলাক্ষীয়ে ৰীতক কোলাতে লৈ বাৰে বাৰে কৈ থাকিল .. ‘চোৱাচোন প্ৰীতম , ৰীত একেবাৰে তোমাৰ দৰেই দেখিবলৈ। আমাৰ শুভমো চাগৈ এনেকুৱাই হ’লহেঁতেন ন ! ‘
 
সেই সময়বোৰত এনে লাগিছিল , ৰীতক যেন একে আজোৰে থপিয়াই লৈ আহিম মই নীলাক্ষীৰ কোলাৰ পৰা আৰু ক’ম …’ কেতিয়াও নহয় ,ৰীত কেৱল মোৰ সন্তান। ‘
 
উলটি যোৱাৰ বেলিকাও ৰীতকে চাই থাকিল তাই।
‘ ৰীতৰ চকু দুটাও একেবাৰে প্ৰীতমৰ দৰে মেম । ৰীত যেন মোৰেই সন্তান।’
 
উচুপি উঠিল নিলাক্ষী ৰীতক বুকুতে সামৰি লৈ । মই বুজিলোঁ মমত্বৰ অনুভৱে কাতৰ কৰিছে মানুহজনীক ।
 
প্ৰীতমহঁত যোৱাৰ পিছত , ৰীতক কোলাতে লৈ বহু সময় আগফালৰ বাৰাণ্ডাখনতে বহি আছোঁ মই। ৰীতৰ মুখখনলৈ চাই কেনেবাকৈ মনদ্বীপৰ লগত তাৰ সাদৃশ্য আছেই নেকি খুটিয়াই বিচাৰি ফুৰিছোঁ ।
 
থাকক গোপন হৈয়েই থাকক কেতিয়াও প্ৰকাশ কৰিব নিবিচৰা কিছুমান সত্য। ক্লীৱত্ব মনদ্বীপ ৰীতৰ পিতৃত্বৰ অহংকাৰত মত্ত হৈয়েই থাকক। অতৃপ্ত শাৰীৰিক বাসনাক হিপন’টাইজৰে প্ৰীতমৰ দ্বাৰাই যেনিবা পূৰা কৰিলোঁ , বিনিময়ত মই জানো প্ৰীতমক নতুন জীৱন এটা দান দিয়া নাই ! কি হ’ল মোৰ শূণ্য গৰ্ভ প্ৰীতমৰ ঔৰসৰে উৰ্বৰ হ’ল , সেয়া জানো কেৱল সুখকৰ স্মৃতি হৈয়েই মোৰ বুকুত চিৰদিনলৈ সজীৱ হৈ থাকিব নোৱাৰিব !
 
দিনটো খেলি খেলি ভাগৰি পৰিছিল ৰীত। মোৰ বুকুতে মূৰটো থৈ গভীৰ নিদ্ৰাত মগ্ন মোৰ সোনামুৱাটো । অজানিতে হ’লেও প্ৰীতমো এইদৰে এদিন অলপ নিৰাপত্তা বিচাৰি মোৰ বুকুলৈ কুৰুকি কুৰুকি সোমাই আহিছিল । আৰু আজি প্ৰীতমৰ সন্তান মোৰ বুকুত আশ্বস্ত হ’ব পৰাকৈ নিৰাপদ। পৰম আকুলতাৰে ৰীতৰ কপালতে চুমা এটা আঁকি দিলোঁ মই।
 
           ———————————-
 
                                

শিপা

প্ৰায় ডেৰবছৰৰ মূৰত এয়া , পুনৰ উভতি আহিছোঁ মোৰ কৰ্মজীৱনলৈ। অভিমন্যু অবিহনে পাৰ কৰি অহা নিসংগতাৰ সময় এছোৱাৰ পৰা নিজকে উদ্ধাৰ কৰি এই ব্যস্ততা মোৰ বাবে উপভোগ্য হৈ উঠিছে যদিও জীউক ঘৰখনত অকলে এৰি থৈ অহাটোহে এটা চিন্তনীয় বিষয় হৈ পৰিছে । কেতিয়াবা ভাবোঁ , গাথঁনিৰ বাবে তৈয়াৰ কৰা মিশ্ৰণটোত চিমেণ্ট আৰু বালিৰ অনুপাত ঠিকে আছে নে নাই , অথবা এচপৰা এচপৰা ইটাৰে ৱালখন গাঁঠি যাওঁতে উলম্ব ৰেখাডালে সঠিক দিশে গতি লৈছে নে নাই , ঠিকেই মন কৰিছোঁ যদিও জীউৰ মনৰ অস্থিৰতাখিনি আৰু দেউতাকবিহীন তাৰ নিসংগ সময়বোৰৰ হিচাপ ৰখাত কেনেবাকৈ বাৰু উজুটি খাইছোঁ নেকি মই !

জেঠুৱা বেলিটোৰ শৰীৰ দহি নিয়া উত্তাপখিনিৰ পৰা সকাহ পাবলৈ চৌহদৰ একাষে সদম্ভে আকাশমুখী হৈ ৰোৱা প্ৰকাণ্ড আঁহতজোপাৰ তলত খুঁটাৰ আকাৰ লোৱাৰ উদ্দেশ্যে অপেক্ষাৰত লোহা লক্কৰখিনিৰ ওপৰতে বহি পৰিলোঁ মই আৰু অৱশিষ্ট কামখিনিৰ হিচাপ ল’বলৈ লেপট’পটোত নিৰ্মীয়মান বিল্ডিঙটোৰ আৰ্হি চিত্ৰখন উলিয়াই ল’লোঁ । পিছে চিত্ৰখনৰ সলনি নাতি দূৰত চাৰি/পাঁচ মহীয়া কেঁচুৱাকণক এক বিশেষ কায়দাৰে এখন শাৰী সদৃশ কাপোৰেৰে পিঠিতে মেৰিয়াই লৈ , ইটা কঢ়িয়াই থকা চামেলিয়েহে মোৰ দৃষ্টি হৰণ কৰিলে। পেটৰ ভাতমুঠিৰ তাগিদাতে প্ৰখৰ ৰ’দকো প্ৰত্যাহ্বান জনাই কিমান নিষ্ঠাৰে তাই ইটা টানিবলৈ বাধ্য হৈছে ; ভাবিয়েই বুকুখন গধুৰ হৈ পৰিল ।

সমসাময়িকভাৱে এটা গুৰুত্বপূৰ্ণ বিষয়েও মোৰ মগজুৰ এটা কোণত টুকুৰিয়াই থৈ গ’ল। মই বুজিলোঁ , যিকোনো পৰিস্থিতিতে সাহসেৰে মোকাবিলা কৰিবলৈও এক শ্ৰেণীৰ মানুহৰ জন্ম হয়। দুৰ্ভেদ্য পাহাৰ কাটিও জীয়াই থকাৰ ৰাস্তা এটা তেওঁলোকে উলিয়াই ল’ব জানে। চামেলিয়েই নে, তাইৰ ফুলকুমলীয়া কেঁচুৱাকণেও এই মুহূৰ্তত মাকৰ পদাংক অনুসৰণ কৰিয়েই প্ৰখৰ ৰ’দজাকতো আপোন পাহৰা হৈ আঙুলি চুপিব জনা নাই জানো !

কেঁচুৱাটোয়ে জীউলৈ মনত পেলাই দিয়াত খবৰ এটা লওঁ বুলি ম’বাইলত তাৰ কনটেক্ট নম্বৰটো ডায়েল কৰোঁতেই , ঠিকাদাৰ ইউচুফ ফোঁপাই-জোপাই আঁহতজোপাৰ দিশেই আহি থকা চকুত পৰিল মোৰ। অন্যদিনা হোৱা হ’লে , প্ৰতিটো খোজৰ তালে তালে ঠিক ফুটবল এটাৰ দৰে নাচি থকা ইউচুফৰ প্ৰকাণ্ড পেটটোৱে হয়তো মোক বেছিকৈ আকৰ্ষিত কৰিলে হয় ! আজি পিছে দূৰৈৰ পৰাই তেওঁক দেখি অনুমান হ’ল , ক’ৰবাত যেন কিবা এক গুৰুতৰ সমস্যাই দেখা দিছে ! হয়তো কনষ্ট্ৰাকচ’নৰ কামত কিবা বাধা আহি পৰিছে , হয়তো মই কৰি দিয়া ড্ৰয়িং মতে বিল্ডিঙৰ কোনোবাটো অংশ হৈ উঠা নাই , হয়তো কোনো মজদূৰ কিবা বিপদৰ সন্মুখীন হৈছে , অথবা প্লেনটো বুজিবলৈ কাম চলি থকা ঠাইখিনিত মোৰ প্ৰয়োজন হৈছে।

যিমানেই ইউচুফ মোৰ কাষ চাপি আহিল, সিমানেই মানুহজনৰ চিন্তাক্লিষ্ট দুচকুত তেওঁৰ আগমনৰ উদ্দেশ্য ঠাৱৰ কৰিবলৈ উদ্বিগ্ন হৈ পৰিলোঁ মই । অস্থিৰতাৰে মোৰ সন্মুখত থিয় হৈ দীঘলকৈ উশাহটো টানি ল’লে ইউচুফে।

: বাইদেউ ,মজদূৰ বস্তিত তামাম হাংগামা হৈছে। চামেলিৰ সাত বছৰীয়া ছোৱালীজনীক বস্তিৰে ল’ৰাকেইটামানে মৰিয়াই মাৰিলে। মফিদুলহঁতে গাথঁনিৰ কাম তেনেকৈয়ে পেলাই , বস্তিলৈ দৌৰ মাৰিছে।

এসোঁতা গৰম তেজ উথলি উঠি মোৰ যেন কান মূৰ গৰম কৰি দিলে। নিমিষৰ হিচাপতে এইদৰে হেৰাই যায় নে জীৱন ! অভিমন্যুৰ মৃত্যুৰ যন্ত্ৰনাই থেকেছা দিবলৈ এৰাই নাই ,আকৌ এজনী ফুলকুমলীয়া ছোৱালীৰ মৃত্যুৰ খবৰ ! কেনেকৈ সহে বুকুখনে !

: মৰিয়াই মাৰিলে মানে ?

: মাৰি পেলালে বাইদেউ ছোৱালীজনীক।
সেই কুট্টাকেইটাই তাইৰ লগত বেয়া কাম কৰি মাৰি পেলালে তাইক।

আশ্বৰ্যচকিত হৈ ৰ’লোঁ মই। হে ভগৱান,কি শুনিছোঁ এয়া ! এইদৰে স্খলন হৈছেনে যুৱ মানসিকতা ! কিদৰে কওঁ এতিয়া চামেলিক .. ‘ চামেলি , তোৰ ছোৱালীজনীক লম্পটকেইটামানে মাৰি পেলালে অ’। ফালিচিৰি শেষ কৰি দিলে তাইৰ ফুলকুমলীয়া শৰীৰটো। ‘

খবৰটোয়ে ইতিমধ্যে তীক্ষ্ণ কাঁড় এপাটৰ দৰে চামেলিৰ বুকুতো যে খুঁচি থৈ গ’ল বুজিবলৈ এক চেকেণ্ডৰো প্ৰয়োজন নহ’ল মোক। পিঠিৰ কেঁচুৱাকণক দুই হাতেৰে খামুচি ধৰি বস্তিৰ অভিমুখে বলিয়াৰ দৰে দৌৰিবলৈ ধৰিলে তাই। তাইৰ আটাহত অকাশখনো যেন খহি পৰিব আজি !

এখোজ দুখোজকৈ ময়ো চামেলিৰ পিছ ল’লোঁ । পিছে কিয় জানো সেই কণমানি ছোৱালীজনীৰ নিথৰ শৰীৰটোক চকুৰ আগলৈ অনাৰ সাহসখিনিও গোটাই ল’ব নোৱাৰিলোঁ দেখোন। অগত্যা চামেলি যোৱালৈ শিল পৰা কপৌটোৰ দৰে অলপ সময় চাই থাকি সেই ঠাইৰ পৰা উভতি আহিলোঁ ।

এটা প্ৰলম্বিত প্ৰশ্ন ।
আচলতে কিহে বাধা দিলে মোক !
মাতৃ হৃদয়ৰ বেদনা এখিনিয়ে ধাৰাসায়ী কৰাত চামেলিৰ সন্মুখত থিয় দিয়াৰ মানসিক প্ৰস্তুতিখিনি গঢ়ি তুলিব নোৱাৰিলোঁ নে, ক’ভিডত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণি চটফটাই থকা অভিমন্যুক শেষবাৰৰ বাবে নেদেখাৰ ক্ষোভত গুজৰি-গুমৰি উঠা অভিমানৰ সাগৰখন পাৰ কৰিব নোৱাৰিলোঁ ! ------------------

অৱসাদগ্ৰস্ত শৰীৰটোক যেনেতেনে টানি আনি ড্ৰয়িং ৰুমৰ চ’ফাখনতে এৰি দিলোঁহি। মগজুত কেন্দ্ৰীভূত হৈ থকা বিক্ষিপ্ত চিন্তাবোৰত আত্মবিভোৰ হৈ থাকোঁতে গ’মেই নাপালোঁ , কিমান সময়নো সেইদৰেই একে ঠাইতে বহি ৰ’লোঁ !

: মাম্মা , আহি মাত এষাৰটো দিব পাৰা। কেতিয়া আহিলা গমেই নাপালোঁ।

জীউৰ মাতত বাস্তৱলৈ ঘূৰি আহিহে অনুভৱ হ’ল… হয়তো , মইতো কেতিয়াবাই আহি পালোঁ! বাহিৰত আন্ধাৰেই হ’ল। কিন্তু ইমান সময় জীউ ক’ত আছিল ! ঘৰৰ মূল দুৱাৰখন খোলা অৱস্থাতে এৰি সি নিজৰ ৰুমত কি কৰি আছিল !

: বেটা, দুৱাৰ খোলা ৰাখি তুমি ৰুমত আছিলা যে ! তোমাক মই সদায় কৈ যাওঁ ন , দুৱাৰখন বন্ধ কৰি ৰাখিবা। দিনকাল ভাল নহয়। মই আহি পোৱাই কিমান সময় হ’ল , তুমিতো গমেই নাপালা।

: মাম্মা , এই ক’ভিডৰ দিনত তোমাৰ ঘৰ লুটিবলৈ কোনো নাহে। খামখা টেনশ্যন এগাল নল’বা। যোৱা ফ্ৰেচ হৈ লোৱা।

প্ৰচণ্ড খং এটা উঠি আহিল । কথাবোৰ কিয় গুৰুত্ব সহকাৰে নলয় ইহঁতে ! এনে কি এৰাব নোৱাৰা কামত ব্যস্ত থাকিব ল’গা হ’ল সি !
পিছে ,সেই সময়ত যুক্তি তৰ্কৰ নূন্যতম মানসিকতাখিনিও নথকাত , ভিতৰলৈ সোমাই আহিলোঁ।

হঠাতে অজানা ভয় এটাই মগজুত ক্ৰিয়া কৰিবলৈ ধৰিলে। চামেলিৰ জীয়েকৰ ফুলকুমলীয়া শৰীৰটোক নেফানেফ কৰা সেই ল’ৰাকেইটা জীউৰ বয়সৰে হ’ব । তাক বাৰু কথাখিনি জনোৱা উচিত হ’ব নেকি ! ---------------

চাইটৰ কাম বন্ধ আছে অলপদিন। মজদূৰবোৰ কামলৈ অহাৰ পৰিবেশ এটা এতিয়াও ঘূৰি অহা নাই । এইকেইদিন ঘৰতে থাকি জীউৰ কার্যকলাপত সাংঘাতিক ধৰণে চিন্তিত হৈ পৰিছোঁ মই । দিনটোৰ বেছিভাগ সময় নিজৰ ৰূমটোতে সোমাই থাকে সি। চকুৰ তলতো বিনিদ্ৰ ৰজনীৰ ক্লান্তিখিনি স্পষ্টকৈ ধৰা দিছে । মোৰ পৰা যেন আঁতৰি থাকিহে ভাল পোৱা হৈছে জীউৱে।

সি বাৰু নিচা জাতীয় দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈছে নেকি !নে ,লুকাই চুৰকৈ পৰ্ণ চাবলৈ লৈছে ! জ্ঞান লাভৰ সোপানেদি বগুৱা বাই সপোন দেখাৰ এই মূল্যবান সময়খিনিতে নিজকে বন্ধ কোঠাত আৱদ্ধ ৰাখি কিছুমান বদঅভ্যাসত সিদ্ধহস্ত হৈ উঠা নাইটো ল’ৰাটো !

উফ.. কথাবোৰ ভাবিবলৈকে মন নাযায়চোন ! জীউ এতিয়াও মোৰ বাবে সেই কপাহ কোমল গুলপীয়া শিশুটোৱেই , যাক হস্পিটালৰ বিছনাত প্ৰথমবাৰৰ বাবে বুকুতে সামৰি লওঁতে গৌণ হৈ পৰিছিল মাত্ৰ কেইটামান মুহুৰ্তৰ আগতে মই চটফটাই উঠা সহ্যাতীত প্ৰসৱ বেদনা। যাৰ এটা এটা হাঁহিত আঁতৰি গৈছিল দেহৰ সমস্ত ক্লান্তি। মোৰ সেই জীউ মাইনাটো মানে ডাঙৰ হৈছে !

শৈশৱ আৰু কৈশোৰৰ এই বয়ঃসন্ধি সময়খিনিত বিভিন্ন বিষয়ৰ প্ৰতি মনটো উৎসুকতাৰে ভৰি পৰাতো স্বাভাৱিক। কিন্তু আজিকালি যৌনতাৰ নামত যিহে জঘন্য কাৰবাৰবোৰ প্ৰদৰ্শিত হৈ আহিছে ,সেইবোৰে যেন আকৰ্ষিত নকৰে মোৰ ল’ৰাটোক ! বেডৰুমৰ প্ৰাইভেচি এইদৰে মেলা বজাৰ কৰি কি পাশবিক সুখ লাভ কৰে বাৰু এচামে !
স্মাৰ্ট ফোন , আপ-টু-ডেট গেজেট , ইন্টাৰনেটৰ বহুল সম্প্ৰসাৰণেই আজিৰ যুৱ প্ৰজন্মৰ নৈতিক স্খলনৰ বাবে দায়ী নহয় নে !

অভিমন্যুহীনতাই কাতৰ কৰি তোলে মোক, যেতিয়াই জীউক লৈ সন্দিহান হৈ উঠে মোৰ মনটো। অভিমন্যু থকা হ’লে জীউক হয়তো এজন বন্ধুৰ দৰে জীৱনৰ আদিপাঠ শিকালে হয়! এজন সফল পিতৃৰ ভূমিকাৰে শুদ্ধ অশুদ্ধৰ বিচাৰ কৰিব পৰাকৈ জীউক বুজন কৰি গঢ় দিলে হয়! এতিয়া সেই দায়িত্ব মই ল’ব লাগিব । এই সময়ত প্ৰকৃততে মোৰ অনুশাসনে নহয় , মোৰ বন্ধুত্বইহে জীউক কথাবোৰ বুজোৱাত সহায়ক হ’ব।

মনতে কথাখিনি যুকিয়াই লৈ জীউক মাত দিলোঁ। ৰুমৰ দুৱাৰখন ভিতৰৰ পৰা ল’ক কৰি ৰাখিছিল সি। মই ন’ক কৰাত খুলি দিবলৈকে এপৰ লগালে । বুকুখন আকৌ এবাৰ কঁপি উঠিল । কি কৰি আছিল জীউৱে কোঠা বন্ধ কৰি !

: মাম্মা , কোৱা।

: কি কৰি আছিলা জীউ ?

তাৰ উত্তৰলৈ বাট নাচাই লৰালৰিকৈ ৰুমৰ ভিতৰলৈ সোমাই গ’লোঁ মই। পলম কৰিলেই যেন মোৰ বাবে প্ৰশ্ন হৈ ৰ’ব জীউৱে নিজকে কোঠা বন্ধ কৰি ৰখাৰ কাৰণটো।
টেবুলখনৰ ওপৰত জীউৰ লেপটপটো অ’ন হৈ আছে আৰু বিশৃংখল বিছনাখনত জীউৰ চচমাযোৰ চিট ভেলেঙা খাই পৰি আছে। মোৰ সন্দেহি দুচকু তাৰ ৰূমটোৰ চাৰিওকোণে পিটপিটাই ফুৰিলে ।

: ৱেব চিৰিজ এখন চাই আছিলোঁ মাম্মা । কিনো বিচাৰি ফুৰিছা এইদৰে ?

মোৰ অস্থিৰতাখিনি জীউৰ দৃষ্টিগোচৰ হোৱাত লজ্জিত অনুভৱ কৰিলোঁ মই । কপালত বিৰিঙি উঠা বিন্দু বিন্দু ঘামখিনি হাতৰ তলুৱাৰে মুচি লৈ তাৰ বিছনাখনতে বহি পৰিলোঁ।

: জীউ তুমি জানানে, দেউতা নোহোৱাৰে পৰা মই বৰ অকলশৰীয়া হৈ পৰিছোঁ। এই যে মই ঘৰত থকা সময়খিনিতো তুমি এইদৰে ৰূমতে সোমাই থাকি ৱেব চিৰিজবোৰ চাই সময় পাৰ কৰা , তাৰ সলনি এইখিনি সময় তুমি মই একেলগে কটাব নোৱাৰো জানো ! কি চাই আছিলা , দুয়ো একেলগে চাওঁ আহা।

: কি যে ফাল্টু কথা কোৱা মাম্মা। তোমাৰ লগত ৱেব চিৰিজ চাম মই ? আৰ ইউ ক্ৰেজি ?

: কিয় নোৱাৰি জীউ। তুমি চাব পৰা কিবা এটা মোৰ বাবে কিয় নহয় ?

জীউৰ চুলিকেইডালত হাত ফুৰাই মৰমেৰে সুধিলোঁ মই ।

: মাম্মা .. ব’ৰ নকৰিবা প্লিজ। এক্সুৱেলি ডে আৰ ন’ট ইওৰ টাইপ ।

মোৰ আদৰক নেওচি জীউ উচাৎ মাৰি উঠি গ’ল ।কেনেকৈ চাব জীউৱে এই সস্তীয়া যৌনগন্ধী ৱেব চিৰিজবোৰ মোৰ লগত একেলগে বহি ! কেতিয়াবা আমাৰ একান্ত সময়বোৰত অভিমন্যুৱে পৰ্ণ চাইট এটা খুলিলেও বিতৃষ্ণাত নাক মুখ কোঁচ খাই গৈছিল মোৰ। গালি দিছিলোঁ অভিমন্যুক … ‘ কিয় এই বাজেবোৰ চাবলৈ মন কৰা অভি ? কাৰোবাৰ একান্ত সময়বোৰো এনেকুৱা হয় নে ! এইবোৰ জানো ৰিয়েলিটি ? ‘

একেখিনি কথাকে এইমুহূৰ্তত জীউকো বুজাবলৈ মন গ’ল …’ নাচাবা জীউ, এইবোৰ বাস্তৱ নহয় ।’

বুজিলোঁ , অভিমন্যু আৰু মোৰ আদৰ্শৰ বাহিৰৰ মন এটাৰে ডাঙৰ হৈ উঠিছে জীউ। কিমান আয়োজনেৰে , কিমান আলফুলে জীউক মই গঢ়িবলৈ যত্ন কৰিছোঁ সি বাৰু বুজে নে ! সি যে মোৰ উশাহ …উপলব্ধি কৰে নে !

মনতে ভাবিলোঁ , ভাল কিতাপ কেইখনমানকে আনি দিব লাগিব তাক। ---------------

চিন্তাৰ সাগৰ এখনত উটি ভাঁহি বেলকণীতে বহি আছোঁ মই । কোনোবা সময়ত উশাহটো চেপি ৰখা দুখবোৰ পাতলাবলৈকে একান্ত সময় এখিনি ,মুকলি অকাশখনৰ প্ৰয়োজন হয় মোক । সন্ধিয়াৰ আকাশৰ অজস্ৰ তৰাৰ মাজত তেতিয়া উজ্জ্বল তৰা এটা হৈ অভিমন্যু মোৰ কাষ চাপি আহে আৰু আমি অন্তৰঙ্গ আলাপত ব্যস্ত হৈ পৰো। অলপ সকাহ , অলপ সাহেসেৰে পুনৰ জী উঠোঁ মই ।

ইউচুফে ফোন কৰি জনালে , চামেলিৰ জীয়েকক নিৰ্মমতাৰে হত্যা কৰা ল’ৰা পাঁচটাক আৰক্ষীয়ে ইতিমধ্যে কাৰায়ত্ত কৰিছে।
হওঁক তেওঁ !
চামেলিয়ে যি হেৰুৱালে তাৰ তুলনাত এইয়া একোৱেই নহয় । তথাপিও মাকৰ অন্তৰখনত কিঞ্চিত হ’লেও সকাহ !

জীউ চাইন্সৰ প্ৰজেক্ট এটাৰ কামত বন্ধু এজনৰ ঘৰলৈ ওলাই গৈছিল। গোঁসাই থাপনাত চাকিগচ জ্বলাই ধূপডাল হাততে লৈ জীউৰ কোঠালৈ সোমালোঁ মই। সন্ধিয়াৰ ঘিটমিটিয়া আন্ধাৰ এটুকুৰাত বুৰ গৈ আছিল জীউৰ কোঠাটো । লাইটটো অ’ন কৰি বিছনাখনত চেদেলি-ভেদেলি হৈ পৰি থকা কাপোৰকেইটা জাপিবলৈ লওঁতেই , বিছনাৰ মেট্ৰেছখনৰ তলত ভুমুকি মাৰি ওলাই থকা মোৰ পুৰণা অন্তৰ্বাস এটাৰ এছোৱালৈ চকু গ’ল । থৰথৰকৈ কঁপিবলৈ ধৰিলোঁ মই। কি এয়া !

এইবাৰ ভয় লাগিল মোৰ। সঁচাই বহুত ভয় লাগিল।

গাঁৱৰ বকুললৈ মনত পৰিল। সিও জীয়ৰী বোৱাৰীয়ে ধুই মোকোলাই থোৱাৰ পৰা অন্তৰ্বাসবোৰ চুৰ কৰি নি বিকৃত যৌনতাৰ আশ্ৰয় লৈছিল বোলে ! আনকি বায়েক ভনীয়েক দুজনীৰ অন্তৰ্বাসকেইটাও বাদ পৰা নাছিল। পিছলৈ মানসিক সন্তুলন হেৰুৱা , বকুলৰ নিথৰ দেহটো উদং পথাৰত উলংগ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ।

ঘামিজামি বিছনাখনতে বহি পৰিলোঁ। অহৌবলিয়া চিন্তা এগালত মোৰ পৃথিৱীখন চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে।

: মাম্মা , হুৱেৰ আৰ ইউ ? জল্দি লিভিং ৰুমলৈ আহা। আই হেভ অ্য চাৰপ্ৰাইজ ফ’ ইউ।

জীউৰ মাত শুনি , এই মুহূৰ্তত মোৰ বাবে এক জটিল সাঁথৰ হৈ পৰা অন্তৰ্বাসটো খপজপকৈ হাতৰ মুঠিৰ পৰা পুনৰ আগৰ ঠাইতে থৈ পৰম নিৰ্লিপ্ততাৰে লিভিং ৰুমলৈ ওলাই আহিলোঁ মই। কেইবাজনো বন্ধুসহ চেণ্টাৰ টেবুলখনৰ চাৰিওফালে বৃত্তাকাৰে জীউহঁত মোলৈকে অপেক্ষাৰত আৰু সু-সজ্জিত টেবুলখনত এটা ধুনীয়া কেক।

: হেপ্পী বাৰ্থডে মাম্মা।

মই উমঘাম পোৱাৰ আগতেই জীউৱে জোৰেৰে সাৱটি ধৰিলে মোক । লগৰ প্ৰত্যুশ , মৃণালহঁতেও.. সমস্বৰে মোক জন্মদিনৰ শুভেচ্ছা জনালে। ধন্যবাদসূচক হাঁহি এটাৰ বিনিময় হ’ল যদিও মোৰ চিন্তাৰ কেন্দ্ৰবিন্দু পিছে জীউৰ মেট্ৰেছখনৰ তলতে স্থিৰ হৈ ৰ’ল। মোক আচৰিত কৰি জীউৱে তাৰ বেগটো খুলি মুখবন্ধ লেফাফা এটা আগবঢ়াই দিলে মোলৈ।

: মাম্মা , ডিচ ইজ ফ’ ইউ । তোমাৰ বাৰ্থডে গিফ্ট।

প্রশ্নবোধক চিন এটা মনতে লৈ এনভেল’পটো খুলি চাই সেইফালেই দৰক লাগি ৰ’লোঁ মই। জীউৰ প্ৰতি সন্দেহী হৈ উঠা বিশৃংখল মনটোলৈ প্ৰশান্তি কঢ়িয়াই অনা খবৰটোত মই বাৰু এতিয়া কেনেধৰনে প্ৰতিক্ৰিয়া দেখুওৱা উচিত ! ইণ্টাৰনেচ’নেল চাইন্স অলিম্পিয়াডত মোৰ জীউৱে চেকণ্ড টপ ৰেংকসহ সুখ্যাতিৰে উত্তীৰ্ন হৈছে। সুখ এখিনি দুচকুৰে বৈ অহাত কাগজখিলাৰ আখৰবোৰ ধূসৰ হৈ পৰিল। অভিমন্যুৰ সপোন আছিল এয়া। জীউৱে এদিন অভিৰ দৰেই এজন সুযোগ্য বিজ্ঞানী হৈ প্ৰতিষ্ঠা লাভ কৰিব।

‘ অভি তুমি দেখা সপোনটোৰ দিশে আমাৰ জীউৱে খোজ দিছে এয়া । তুমি দেখি আছা ন’ সকলো ?’

শব্দবোৰে মিশ্ৰিত অনুভৱত বাট হেৰুৱাত কিবা এষাৰ উচ্চাৰণ কৰাৰ সলনি জীউক বুকুতে সামৰি লৈ উচুপি উঠিলোঁ মই । মোক একো কোৱাৰ সুযোগ নিদি এইবাৰ জীউ তাৰ কোঠালৈ সোমাই গ’ল , আৰু হাতত এখন পিওৰ ছিল্কৰ শাৰীলৈ ওলাই আহিল।

: এইখন মোৰ পকেট মানিৰে আনিছোঁ দেই তোমালৈ । পিন্ধি কেক কাটিবলৈ আহা । আৰু ছ’ৰি তোমাৰ ৱাৰ্ডদ্ৰব খুলি ব্লাউজ এটা উলিয়াইছিলোঁ দৰ্জিক জোখ দিবলৈ। ব্লাউজৰ হুকত লাগি অহা পেণ্টিটো এতিয়াও মোৰ ৰূমতে আছে।

মই মাথোঁ নীৰৱে শুনি ৰ’লোঁ জীউৰ কথাবোৰ আৰু আৱেগেৰে তাৰ জপৰা চুলিকেইডালত হাত ফুৰাই দিলোঁ। সংকোচহীন ভাবে কথাকেইটা কৈ মোৰ গালতে টপচকৈ চুমা এটা দি বন্ধুকেইজনৰ লগ ল’লেগৈ জীউৱে। জীউৰ হাতৰ পৰশ আৰু মৰমত বৰফ গলাদি গলিবলৈ ধৰিলে মোৰ শংকাৰ পাহাৰটো।

নিজৰ ওপৰতে খং উঠিল মোৰ । কিয় জীউৰ ওপৰত থকা মোৰ বিশ্বাস থৰক বৰক হৈ পৰিল ! অনুমান এটাক সত্য বিবেচিত কৰি কিয় ইমান কষ্ট দিলোঁ নিজকে ! জীউৰ স্থিতিৰে উৰ্বৰ মোৰ জৰায়ু । সেই শিপাডালৰ পৰাই জানো পোখা মেলি ঠন ধৰি উঠা নাই সি ! কেনেকৈ বিছিন্ন হ’ব জীউ মোৰ পৰা ! কেনেকৈ অভিৰ আদৰ্শক অৱজ্ঞা কৰিব জীউৱে !

বহুদিনৰ মূৰত নিজকে ধুনীয়াকৈ সজাবলৈ বৰকৈ মন গ’ল মোৰ।শাৰীখন বুকুতে সাৱটি ড্ৰেছিং টেবুলৰ ষ্টুলখনতে বহি পৰিলোঁ মই। ------------------

:

পুতুক’ণৰ বুদ্ধি

: ঐ পুতুক’ণ আজি স্কুল নাযাৱ নেকি হে ?
: গৈ আছোঁ ৰ’ । গাইজনী পথাৰত এৰাল দি আহোঁ।
: নাপাহৰিবি , আজি কিন্তু তোৰ পাল।

ব্ৰেক নোহোৱা চাইকেলখন চকুৰ আগেদিয়েই দুৰন্ত গতিত দৌৰাই নিয়া নবীনলৈ পোন্দোৱাকৈ চাই , পুতুক’ণ গাইজনী খেদি খেদি পথাৰ অভিমুখে ৰাওনা হ’ল। জগতৰ সমস্ত খং সেই মুহূৰ্তত তাৰ মূৰটোতে থুপ খাই , মগজটো যেন ঘোলা কৰি পেলালে !

চাল্লা… বেটাহঁতে কলৰ সোৱাদ ল’ব আৰু বাকলিটো তালৈ দলিয়াব। শ্রেণীৰ ভিতৰতে ঘিটিৰা-মিটিৰা হ’ল বুলিয়েই সদায় সদায় সেই পালোৱানহেন ল’ৰাকেইটাৰ আদেশ পালি থাকিব পাৰি নেকি বাৰু ! গুৰু দায়িত্ব , সোপাকে তাক দি সিহঁতে মস্তি কৰিব আৰু সি বেলপুঙে সিহঁতৰ ভয়তে কিমান যে দোষনীয় কাম কৰিবলৈ বাধ্য হৈছে ! কেতিয়াবা ধৰা পৰিলে দেউতাকৰ বেতৰ কোবত পিঠিত যে ভৌগলিক মানচিত্ৰ অংকন হ’ব সেয়া ধুৰূপ !

ধেই… কলিজাটো বাৰু ঈশ্বৰে ঠিকেই দিলে , পিছে সাহসক’ণ দিওঁতে ইমান কৃপনালী কিয় কৰিলে !
দেউতাকৰ অগ্নিশর্মা ৰূপটো কল্পনা কৰি বুকুখন পঞ্চাশ চনৰ বৰ ভূঁইকপটোৰ দৰে থৰথৰাই কঁপিবলৈ ধৰিলে তাৰ।

তাতে আগদিনা নবীনৰ ঔ কিলকেইটাৰ ভয়ত চুলাই গিলাচটোত চুমুক দিওঁতেই , সন্মুখত সাক্ষাৎ ৰণচণ্ডী ৰূপেৰে প্ৰকট হোৱা ভনীয়েক পৰীৰ অমৰা গুটিহেন চকুকেইটাৰ কটাক্ষ চাৱনিক, দেওবৰীয়া হাটৰ পৰা ফুলি এযোৰে , টিপ ফোঁট এপেকেটে আনি দিয়াৰ লিখিত প্ৰতিশ্ৰুতিৰে কোনোমতে মেনেজ কৰিলে বুলি হে ! সেই অধ্যায় ইমানপৰে দেউতাকৰ কৰ্ণগোচৰ হোৱা হ’লে ক’মখন অথন্তৰ হ’ল হয় !

পৰীৰ ভয়তে বগীমাইৰ চুলাইৰ ঘাটি এৰি শিলগুটিয়া আলিটোৰে দৌৰোতে যেনেতেনে চোঁচৰাই বগৰাই কাম চলাই থকা চেন্ডেলযোৰও ভূতৰ ওপৰত দানহ পৰা দি সেই সময়তেহে ছিঙিবলৈ পালে । যিখনহে লটিঘটি হ’ল ঈশ্বৰ..! সাত শতৰুৰো নহওঁক দেই তেনে অৱস্থা । শিলগুটিৰ খোঁচকেইটাৰ যি যন্ত্ৰণা ! এতিয়াও খোজ পেলালে বিষ এটাই কাৰেণ্টৰ শ্ব’ক মৰা দি মাথালৈকে সংকেত পঠিয়াই আছে । তাৰোপৰি সেই অনিৰুদ্ধ গতিক ৰোধিবলৈ সক্ষম ন’হৈ জগত দাইটিক গতিয়াই যাওঁতে কাষতে থকা বৰগছজোপাত ধৰি দাইটি কৰ্ফাল খাই পৰাৰ পৰা ৰক্ষা নোপোৱা হ’লে বুঢ়াটোৰ ককাল ভঙাৰ অপবাদো তাৰ ওপৰতেই পৰিলেহেঁতেন ! সেই মুহূৰ্তত ক’না গোঁসায়ে চকু মেলি চাই যেনিবা এপাচি শাকত এটা জলকীয়াৰ দৰে উপকাৰ এধানি সাধিলে।

সিহঁতে মানে এই নিমাখিত ল’ৰাটোক সকলো বদ অভ্যাসৰ বশৱৰ্তী কৰিহে এৰিব । ধপাত মোহাৰা , বান্দৰ বিড়ি বা কেতিয়াবা ভাগ্যত মিলিলে চাৰমিনাৰ চিগাৰেটোত লুকাই-চুৰকৈ টান দিয়াৰ অভ্যাস এটা গঢ়ি তুলিবলৈটো বাধ্য কৰিলেই , এতিয়া সেই গেলা সোপা খাবলৈও জোৰ দিবলৈ ল’লে ! না কৰিলেই থুলন্তৰ নবীনৰ যিকেইটা হে লপাথপা গাত পৰে , তাতকৈ সিহঁতৰ কুকৰ্মৰ সমভাগি হোৱাই শ্ৰেয় ।

নিজৰ অসহায় অৱস্থাটোক অনুধাৱন কৰি , দপদপাই জ্বলি উঠা মেজিৰ জুইকুৰাৰ দৰেই , তাৰ মগজতো উঠি অহা প্ৰচণ্ড খঙটোৰ বহিঃপ্ৰকাশ কৰিবলৈ, পথাৰ নৌ-পাওঁতেই নেজ জোকাৰি জোকাৰি কেঁচা ঘাঁহ মুখত লৈ আপোন-পাহৰা হৈ পৰা গাইজনীকে হাতত লৈ থকা এছাৰীডালৰে সৰৌপ সৰৌপকৈ কোবাবলৈ ধৰিলে । প্ৰতিটো কোব … ৰুবুল , বিমল আৰু সি চকু পাৰি দেখিব নোৱাৰা নবীনৰ পিঠিতহে পেলালে যেন ।

নাই নাই .. সদায় এইদৰে নহ’ব । সিহঁতক না কোৱাৰ সাহস নহালৈকে বুদ্ধিৰে হ’লেও কিবা এটা কৰি মনটোক নিচুকোৱাৰ ব্যৱস্থা কৰিবই লাগিব। এনে শিক্ষা দিব লাগিব , যাতে সিহঁতে বুজে … এই পুতুক’ণো কম বস্তু নহয়। ভৱিষ্যতে তাৰ ওপৰত দাদাগিৰী খটুৱাবলৈ সিহঁতে যাতে দ্বিতীয় বাৰ ভাবি চাব লগা হয় !

কিন্তু এনে কি কৰা যায় ..?
অলপ সময় ভাবি চিন্তি অৰ্কিমিডিছে ঘনত্ব পৰিমাপৰ সূত্ৰ আৱিষ্কাৰৰ উল্লাসত ইউৰেকা … ইউৰেকাকৈ চিঞৰাৰ দৰে পুতুক’ণেও… “পাই গ’লোঁ ..পাই গ’লোঁ” কৈ হাতৰ এছাৰীডাল শূণ্যতে ঘূৰাই ঘূৰাই পথাৰৰ মাজেৰে দৌৰিবলৈ ধৰিলে। -------------------

সেইদিনা বিদ্যালয়ত পানী খোৱা চুটিৰ পৰত ..

: ঐ পুতুক’ণ মালটো আনিছ নে ? উলিয়া জল্দি ।

নবীনৰ আদেশ শিৰোধায্য কৰি পুতুক’ণে পেন্টৰ পকেটৰ পৰা চাধাৰ টেমাটো উলিয়াই হাতৰ তলুৱাত চূণ আৰু চাধা লৈ আগ্ৰহেৰে মলিবলৈ ধৰিলে । নবীন আৰু তাৰ বন্ধুবৰ্গই পুতুক’ণৰ হাতৰ পৰা মলা চাধা এপালিকৈ পৰম তৃপ্তিৰে মুখত ভৰাই ল’লে।

: ঐ তয়ো ভৰাই ল’ এপালি।

ৰুবুলৰ কথা নামানিলে গেধেমা ভুকু এটা পিঠিতে পৰে বুলি চিন্তা হ’ল যদিও , ভয়ে ভয়ে পুতুক’ণে আগদিনাৰ চুলাইৰ কেচটো সোঁৱৰাই দুদিনমানলৈ এইবোৰৰ পৰা দূৰতে থকাৰ যি সিদ্ধান্ত লৈছে , সেই বিষয়ে অৱগত কৰিলে। ভনীয়েকক যেনেতেনে সৈমান কৰাইছে , এইবাৰ কেনেবাকৈ ওঁঠৰ ফাঁকত গোপনে লুকুৱাই ৰখা চাধা পালিৰ সম্ভেদ পালে কথা যে বিষম হ’ব তাকো বুজাই ক’লে।

পুতুক’ণৰ কথা শুনি ক্লাছৰ আটাইতকৈ অঘাইটং , দয়া মায়াহীন নবীনৰো অন্তৰখন যেন মম গলাদি গলিবলৈ ধৰিলে ! হয়ো , বেচেৰাই কোনোদিন সিহঁতক নিৰাশ কৰা নাই। চাধা , চুলাই , বিড়ি চিগাৰেটকে আদি কৰি ক্লাছৰ পৰা পলাই চিনেমা চাবলৈ হলৰ টিকটটোলৈকে যোগান ধৰি দিছে। তাৰ বিপদত তাক সহায় কৰা বন্ধু হিচাবে কৰ্তব্য সিহঁতৰ। -----------------

দিনবোৰ গতানুগতিকতাৰে পাৰ হৈ গৈ থাকিল আৰু পুতুক’ণেও সিহঁতক স্কুলৰ লেজাৰত খোৱা চাধাক’ণৰ যোগাৰ ঠিকেই ধৰি থাকিল। পিছে ক’ৰবাত যেন কিবা কেনা লাগিল !

কেইদিনমানৰ পৰা পানী খোৱা চুটিত নবীনহতঁৰ প্ৰধান আলোচ্য বিষয় হৈছে পুতুক’ণে গোটাই দিয়া চাধা পালি। বিষয়টো প্ৰথমে নবীনেই আলোচনাৰ আঁওতালৈ আনিলে।

: অ’ই… তহঁতে বাৰু মন কৰিছ নে , আজিকালি যেন ধপাতত সেই আগৰ চোকডাল নাই। কিবা সেৰেকা সেৰেকা লাগে ৰে।

: হয় দে নবীন , ঠিকেই কৈছ । কথাটো ময়ো মন নকৰা নহয়।

নবীনৰ কথাত হয়ভৰ দি এইবাৰ ৰুবুলৰ সন্দেহি চকুযুৰিৰ দৃষ্টি পুতুক’ণৰ মুখত গৈ স্থিৰ হৈ ৰ’ল।

: অই , তই একো দুই নম্বৰী কৰা নাইতো ! আজিকালি চাধা পালি আমাক খুব আগ্ৰহেৰে যাঁচ , পিছে নিজেই নাখাৱ দেখোন.. কিয় ? কিবা জেং লগাইছ নেকি বে ? লগাইছ যদি ভাল ধুলাই পৰিব কিন্তু , সঁচা কথা ক’।

: হেই …কি কৱ ৰে ৰুবুল ? মই কিডাল দুই নম্বৰী কৰিম ? কিমান কষ্ট কৰি তহঁতৰ আদেশ পালি আহিছোঁ আৰু মোকেই চাল্লা তেনেকৈ কৱ’ !

যেনেতেনে সেপ ঢুকি কথাকেইটা ক’লে যদিও পুতুক’ণৰ চকুৱে মুখে ফুটি উঠা অস্থিৰতাখিনি সিহঁতৰ চকুত ঠিকেই ধৰা পৰিল। গতিকে , অত্যন্ত বুদ্ধিমত্তাৰে তথা গোপনে সেই ৰহস্য ফাদিলৰ সিদ্ধান্ত লোৱা হ’ল ।

অৱশেষত কেইবাদিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত , আৱিষ্কাৰ হ’ল যে , অত’ দিনে পুতুক’ণে চাধা মলিবলৈ যি চূণ ব্যৱহাৰ কৰি আহিছে সেয়া অইন একো নহয় , সিহঁতৰ ঘৰৰ পাৰ’ চৰাইকেইটাৰ বিষ্ঠা হে। সেই পৰম সত্যটি আৱিষ্কাৰ কৰি নবীনহঁতৰ চকু কপালত উঠিল। গোটেইকেইটাই মিলি স্কুলৰ ফিল্ডতে পুতুক’ণক আগুৰি ধৰি ধুলাই দিয়াৰ আয়োজন কৰিলে । পিছে পুতুক’ণো এইবাৰ সিহঁতক প্ৰত্যুত্তৰ দিব পৰাকৈ সাহসী হৈ উঠিল।

: অ’ই… তহঁতে বহুত না ইন্সাফি কৰিলি দেই মোৰ লগত। মই আৰু সহ্য কৰি নাথাকোঁ। আৰু যদি কেনেবাকৈ মোৰ গাত হাত তোল’ , কৈ দিছোঁ হ’লে … এইবাৰ চিধাই প্ৰধান ছাৰক তহঁতৰ কাৰনামাবোৰ জনাই থৈ আহিম। মোক এৰ বুলিছোঁ নহয়।

এইবুলি সি টেঁটুফালি চিঞৰিবলৈ ধৰিলে …
~ ছাৰ … ছাৰ …

নবীন, ৰুবুলহঁতে.. প্ৰধান ছাৰৰ ভয়ত পুতুক’ণক তাতে এৰি ভিৰাই লৰ দিলে।

অৱশেষত , ইমান দিনে বিনা বাক্যে সিহঁতৰ গোলামী কৰাৰ পৰা ৰক্ষা পৰি পুতুক’ণে স্বস্তিৰ নিশ্বাস এটা এৰিলে। আজিৰ এই সাহসকণ ঈশ্বৰে যদি তাক আগতেই দিলে হয় ! তথাপিও চূণৰ সলনি পাৰৰ গুৰে চাধা খুৱাই পুতুক’ণে যেন তাৰ লগত হোৱা অন্যায়ৰ পাই পাই হিচাপ ল’লে । পকেটৰ চাধা টেমাটো হাতত লৈ খুকখুকাই হাঁহি উঠিল সি ।

যিয়েই নহওঁক , উক্ত ঘটনাটোৰ পৰা পুতুক’ণে ভালদৰে বুজি পালে যে আত্মসন্মান ৰক্ষা কৰিবলৈ শৰীৰৰ চাইজ নহয় , মগজুৰ উচিত চিন্তাশক্তিৰহে প্ৰয়োজন।

দ্যা কীটচেন ষ্টৰী ।



: বিৰক্ত হৈছোঁ ভাস্কৰ। কি হৈছে এই সুকন্যাজনীৰ ?

: মানে ! কি হ’ল আকৌ তাইৰ ?

: পাগল হৈছে । দিনে ৰাতিয়ে পাকঘৰখনতে কি জানো কৰি থাকে ! বকাসুৰৰ বংশধৰ আছিল যেনেই পাওঁ।

: সেইটো কি কথা হা ? তইটো খুচ হ’ব লাগে। আফটাৰ অ’ল তাই তোক বিধে বিধে ৰান্ধি খুৱাইছে।

: লিমিট বুলি কথা এটা থাকে বুজিছ ভাস্কৰ ! অতিৰিক্ত সকলোতে বিৰক্তিদায়ক। ঘৰখনলৈ যাবলৈকে মন নোযোৱা হৈছে মোৰ। অনবৰতে মা-মচলাৰ গোন্ধ , চুৰী ,কটাৰী , বাচন-বৰ্তনৰ খুট-খাট শব্দ , সদায় বজাৰৰ এখন লম্বা লিষ্ট । তয়েই ক’চোন, দুটা মানুহ । কি ইমান কাম যে তাই আজৰিয়েই নাপায় ! সময়ে অসময়ে কেৱল এটাই প্ৰশ্ন ..
“কি খাবা আজি সুদীপ্ত। কি বনাও তোমালৈ।'”
আৰে ,মই যেন কেৱল খাবলৈহে জীয়াই আছোঁ ।

: ৰ’চোন ৰ’ , তোৰ প্ৰব্লেমটো অলপ বুজা যেন লাগিছে মোৰ । বিয়া পাতি মানে তহঁতে কেৱল খোৱা-বোৱাহে কৰিছ ? সেইবাবেই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি বহি লৈছ’ আজি ।
( খুকখুককৈ হাঁহি উঠে ভাস্কৰ ।)

ভাস্কৰে পিছে ধেমালিকৈ কোৱা কথাষাৰৰ সত্যতাক সুদীপ্তই অস্বীকাৰ কৰিব নোৱাৰে । সি নিজেও আচলতে আচৰিত হয়.. সুকন্যাৰ লগত বৈবাহিক সম্পৰ্কৰে বান্ধ খোৱা মাত্ৰ চাৰি মাহহে হৈছে নে , যে সি তাইৰ প্ৰতি থকা আপত্তি ,অভিযোগবোৰ আজি দ্বিতীয় এজন ব্যক্তিৰ সন্মুখত ডাঙি ধৰিব লগা হ’ল ।

তাৰ জানো মন নাযায় , ব্যস্ততাই চানি ধৰা সময়বোৰৰ পৰা ফালৰি কাটি কিছু সময় সুকন্যাৰ কোলাতে মূৰ থৈ নিজকে নিচুকাবলৈ। সি জানো নিবিচাৰে অফিচৰ পৰা ভাগৰি জুগৰি গৈ ঘৰ সোমালে অলপ সময় সুকন্যাই তাৰ লগতে ব্যস্ত হৈ পৰক । মৰমেৰে সোধক তাক..
” দিনটো বৰ কষ্ট হ’ল ন’ সুদীপ্ত। বহাচোন ইয়াতে । মূৰটো অলপ পিটিকি দিওঁ , আৰাম পাবা ।”
সিওটো বিচাৰে নিউলি ৱেড কাপ’লবোৰৰ দৰে সুকন্যাইও অফিচলৈ যাবৰ সময়ত পেণ্টটোৰ লগত মিলাই তাইৰ পছন্দৰ চাৰ্ট এটা তাক উলিয়াই দিয়ক পিন্ধি যাবলৈ । সি যে মনে প্ৰাণে বিচাৰে ফুলশয্যাৰ নিশাটোৰ দৰেই অনুভৱী হওঁক সিহঁতৰ প্ৰতিটো মিলনৰ নিশা।

পিছে সুকন্যাৰ প্ৰথম আৰু একমাত্ৰ প্ৰেম সি ন’হৈ যেন কীটচেনটোহে ! সুদীপ্তক অসমীয়া থলুৱা খাদ্যৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন খাদ্যৰ সোৱাদ দিবলৈ তাই কিমান যে যত্ন নকৰে ! ইউটিউবৰ ৰেছিপিবোৰ ফ’ল’ কৰি ইটালীয়ান বা চাইনীজ ফুড আইটেমবোৰো অতি নিপুনতাৰে ৰান্ধি পেলাই সুকন্যাই । ফিউজন কুকিংতো সিদ্ধহস্ত তাই। মুঠৰ ওপৰত সুকন্যাৰ হেঁপাহ এটাই , সুদীপ্তই তাই ৰন্ধাবোৰক অন্তৰেৰে প্ৰশংসা কৰক , কেতিয়াবা কওঁক..
” ইউ আৰ দ্যা বেষ্ট সু । তোমাৰ ৰন্ধাৰ সোৱাদেই সুকীয়া। যাদু আছে জানা তোমাৰ হাতত। উফ.. মই ইমান সুস্বাদু আহাৰ ইয়াৰ আগতে হয়তো ক’তো খোৱা নাই। চিমপ্লি লাজৱাব ডাৰলিং। “

নকৰা নহয় । সুদীপ্তই নিশ্চয়কৈ প্ৰশংসা কৰে। সুকন্যাক লৈ সি গৌৰৱো কৰে। লগৰ সৌৰভ , বিকিহঁতক সুদীপ্তই আনকি জোকাইও … ” ঐ সদায় সদায় ভাল য’মাট’ চ্যুইগি অৰ্ডাৰ কৰি খানা খাৱ দেই। তহঁতৰ ঘৈণীয়েৰকেইজনীয়ে ৰান্ধি খুৱাবও নোৱাৰে নে ? মইটো ভাই এই ক্ষেত্ৰত বহুত লাকী । মাই ৱাইফী ইজ আ গুড কুক । ব্ৰেকফাষ্টৰ কথাই ক’ম নে এভিনিং স্নেক্সৰ কথাই নে ডিনাৰৰ কথাই ক’ম .. ডেইলি নতুন নতুন আইটেম থাকিবই মোৰ ঘৰত ।
কিন্তু সুকন্যাৰ সেই ৰন্ধন প্ৰীতিয়েই সুদীপ্তক যে এইদৰে কেতিয়াবা বিৰক্ত কৰিও তুলিব সি জানো ভাবিছিল !

অন্য দিনাতকৈ সেইদিনা বহুত পলমকৈ অফিচৰ পৰা ওলাল সুদীপ্ত । ঘৰ অভিমুখী ৰাস্তাটো যেন সেইদিনাহে ভালকৈ তাৰ নজৰত পৰিল । দিনটোৰ ব্যস্ততাৰ অন্তত আপোনজনৰ লগত বজাৰ সমাৰ কৰিবলৈ ওলাই অহা মানুহবোৰ , লাইটৰ পোহৰত এগৰাকী ন-কইনাৰ দৰে সাজি-কাচি উঠা আটকধুনীয়া দোকানবোৰ , ৰাস্তাৰ কাষৰ জাঙ্ক ফুডৰ ষ্ট’লবোৰ.. এইবোৰ দেখোন সদায়েই আছিল ! তেনেহ’লে অন্যবোৰ সন্ধ্যাৰ লগত আজিৰ সন্ধ্যাটোৰ এই ভিন্নতা কিয় ? আচলতে বহুত দিনেই হ’ল এই সুন্দৰতাখিনিক উপভোগ কৰাৰ পৰা নিজকে সি বঞ্চিত কৰি ৰখাৰ । সুকন্যাক কাষত পোৱাৰ হেঁপাহতে প্ৰতিদিনে সি সন্ধ্যাৰ জাকজমকতাখিনিক আওকান কৰিয়েই ঘৰলৈ বুলি ঢাপলি মেলে ।

পিছে আজি তেনে কোনো খৰধৰ নাই। ড্ৰাইভিং ছিটত বহি মন্থৰ গতিৰে গাড়ীখন চলাই সূদীপ্তই আজি আকাশৰ ক’লাখিনিত তিৰবিৰাই থকা তৰাবোৰক লক্ষ্য কৰিছে। আত্ম আলাপত ব্যস্ত হৈছে । এই যে সুকন্যা আৰু তাৰ মাজৰ সম্পৰ্কটোৰ মধুৰতাখিনি দিনে দিনে কমি যোৱা যেন অনুভৱ হৈছে তাৰ সৱল কাৰণটোক বিচাৰি উলিয়াবলৈ যত্ন কৰিছে ।
ক’ত কেনা লাগিছে ? এনে হোৱা উচিত হৈছে জানো ! আউল লগা চিন্তাৰ পাকবোৰ খুলি এটা সিদ্ধান্তও লৈ পেলাইছে সি , যেনেকৈয়ে নহওক বুজাব লাগিব সুকন্যাক .. “পেটৰ ভোক গুচাবলৈ অলপমান আহাৰৰহে প্ৰয়োজন সু । মনৰ ভোক কিন্তু আপোনজনৰ সান্নিধ্যই হে নাইকিয়া কৰে। তোমাক চিৰদিনলৈ আপোন কৰিও মই যেন নিসংগতাৰ বৰষুণ এজাকত জুৰুলি জুপুৰিকৈ তিতিছোঁ । মই বিচাৰোঁ , সেইজাক প্ৰেমৰ বৰষুণ হওঁক । আমি দুয়ো একেলগে তিতো ব’লা সু। “

ড’ৰ বেলটো বজাৰ লগে লগে উধাতু খাই ওলাই আহিল সুকন্যা ।
: ইমান পলম কৰিলা সুদীপ্ত। আজি জানা , তোমালৈ একাপ স্পেচিয়াল চাহ বনাই থৈছোঁ । ঠাণ্ডাই হ’ব এতিয়া। মই লৈ আহোঁ ৰ’বা।

সুদীপ্তৰ টিঙিচকৈ খং এটা উঠি আহিল। গোটেই পথছোৱা যিবোৰ পৰিকল্পনা কৰি আহি ঘৰ পালেহি , সেইবোৰৰ যেন মূল্যহীন হৈ পৰিল । তথাপিও নিজকে সংযত কৰি লাহেকৈ কৈ উঠিল সি ।
: ভিতৰলৈ সোমাবলৈতো দিয়া এট লিষ্ট। বাকী বাৰু একো আশা নকৰোয়েই।

: চ’ৰী , আহা। এক্সুৱেলি আই ৱাজ চ’ একজাইটেড সুদীপ্ত । মই বৰ যত্নেৰে তোমাৰ বাবে চাহ কাপ বনাইছিলোঁ ।

সুকন্যাৰ গাৰ কাষেদিয়েই ভিতৰলৈ সোমাই আহি চ’ফাখনতে গাটো অলসতাৰে এৰি দিলে সুদীপ্তই । দেহৰ ভাগৰতকৈও মানসিক চাপে হে যেন বেছিকৈ কষ্ট দিছে তাক ! আনিচ্ছা সত্বেও সুকন্যাই আগবঢ়াই দিয়া চাহ কাপত চিপ দি চাহকাপৰ সোৱাদত সি নিজকে বুৰাই দিবলৈ যত্ন কৰিলে। পিছে নোৱাৰিলে। একোৱেই ভাল লগা নাই তাৰ। সুকন্যাই হাজাৰ যত্নেৰে যাঁচি দিলেও একাপ চাহে তাক তৃপ্ত কৰিব নোৱাৰে।

: ইজ ইট পাৰফেক্ট সুদীপ্ত ?
সুকন্যাই আগ্ৰহেৰে সোধা কথাষাৰিৰ প্ৰত্যুত্তৰত পৰম নিৰ্লিপ্ততাৰে কৈ উঠিল সি।

: য়া , ইটছ অ’কে।

: জাষ্ট অ’কে ? ইউ মিন টু চে , ইটছ ন’ট আ পাৰফেক্ট কাপ অফ টি । তুমি জানা সুদীপ্ত মই তোমাক পাৰফেক্ট চাহ একাপৰ সোৱাদ দিম বুলি চাৰিবাৰ চাহ বনাইছোঁ। এবাৰ তেজপাত দিলোঁ , ভাল নালাগিল। নেক্সট ইলাইছিৰ স্মেইল বেছি অহা যেন লাগিল। তাৰপিছত আকৌ চাহকাপৰ বাদামী ৰংটো আনিবলৈ যাওঁতে বেছিয়েই কাঢ়া হৈ গ’ল। এই কাপ মই পাৰফেক্ট হৈছে বুলিয়েই ভাবিছিলোঁ জানা । বাট আই ফেইলড।

: বাট হোৱাই । কোনে কৈছিল তোমাক মোৰ বাবে এইবোৰ কৰিবলৈ। কি হ’ল ফলত , চাহপাত গাখীৰ বৰবাদ কৰিলা আৰু তোমাৰ সময়বোৰ । নালাগে মোক পাৰফেক্ট ৰান্ধি খুৱাব সু। ক্লান্ত হৈ ঘৰ সোমালে মৰমৰ মাত এষাৰেৰে যাঁচি দিয়া চেনীবিহীন লাল চাহ কাপতেই মই পাৰফেক্ট সোৱাদ পাম। চোৱা এবাৰ মোলৈ , মই এতিয়াও ফ্ৰেছ আপ হোৱা নাই। ঘামত তিতি পুৱাই পিন্ধি যোৱা কাপোৰসাজৰ পৰা অকটা গোন্ধ বাহিৰ হৈছে ।মোৰ মুখত ফুটি উঠা অৱসাদখিনিলৈ লক্ষ্য কৰিলা জানো তুমি ! ডিচগাষ্টিং সু । আই এম টায়াৰ্ড অফ ইউ।

শিল পৰা কপৌৰ দৰে একে ঠাইতে ৰৈ থাকিল সুকন্যা। পৃথিৱীৰ ভিতৰত আটাইতকৈ ভালপোৱা মানুহজনে এইবোৰ কি কৈছে তাইক ! তাইটো যত্নৰ ক্ৰুটি কৰা নাই সুদীপ্তৰ পাৰফেক্ট ৱাইফজনী হৈ উঠিবলৈ। তাইতো বিচাৰে তাইৰ সকলো কাম পাৰফেক্ট হওঁক , ঠিক সুদীপ্তৰ মাকৰ দৰে। কিন্তু ইমান যত্নৰ পিছতো কিয় এদিনলৈ সুদীপ্তৰ মুখৰ পৰা সেই পৰম আকাংক্ষিত বাক্যফাঁকি তাই শুনাৰ ভাগ্য হোৱা নাই .. ” সু কি ৰান্ধিলা আজি , মাৰ হাতৰ সোৱাদলৈ মনত পৰি গ’ল।”
উচুপি উঠিল তাই । অসমৰ্থ হৈ ৰ’ব নেকি তাই সুদীপ্তক সন্তুষ্টিৰে এসাজ ৰান্ধি খুওৱাত ।

প্ৰায় আধা ঘণ্টামান সময় বাথৰুমতে কটাই সুদীপ্ত ওলাই আহি সুকন্যাৰ কাষতে বহি ল’লে। কান্দি কান্দি অৱস হৈ পৰা সুকন্যাক আলফুলে বুকুলৈ চপাই ল’লে সি।

: আই এম চ’ৰী সু। কিয় জানো ঘপহকৈ খং উঠি গ’ল মোৰ । মই সকলো বুজোঁ । মোক ভালপোৱা বাবেই তুমি মই ভালপোৱাবোৰ কৰিব বিচাৰা । কিন্তু মই যে কেৱল তোমাক বিচাৰো সু । তুমি মোৰ বাবে পাকঘৰটোতে ব্যস্ত হৈ থকাটো মই কোনোদিন বিচৰা নাই। তোমাৰ সৈতে একান্ত সময় এখিনিৰহে প্ৰয়োজন মোক । চোৱা , মানুহৰ জীৱনত এটা হনীমুন পিৰিয়ড থাকে। সেইখিনিহে তোমাৰ মোৰ সময়। তাৰপিছত আমাৰ মাজলৈ প্ৰেমৰ ৰঙ ছটিয়াই আমাৰ সন্তানৰ আগমন হ’ব। তেতিয়া চাবা সময়বোৰো একে হৈ নাথাকিব । তুমি ব্যস্ত হৈ পাৰিবা আমাৰ সপোনটোক লালন পালন কৰাত। দায়িত্ব বাঢ়িব দুয়োৰে। গতিকে এই সময়খিনি কেৱল তোমাৰ মোৰ বুলি ধৰি ৰাখিব নোৱাৰোঁ নে ? প্লিজ সু আহা , আমাৰ ভালপোৱাৰ পৃথিৱীখন সুন্দৰকৈ সজাই পেলাও।

সুদীপ্তৰ কথাবোৰে সুকন্যাৰ বুকুত গুজৰি গুমৰি উঠা দুখৰ পাহাৰটো যেন বৰফ গলোৱা দি গলাই পেলালে। ফেঁকুৰি ফেঁকুৰি সুদীপ্তৰ বুকুলৈ কুচি-মুচি সোমাই গ’ল তাই। সুদীপ্তই তাৰ মৰমী পত্নীৰ চকুপানীবোৰো বুকুৰ উমেৰে সাবটি ল’লে। সেই সময়ত সুকন্যাক এটি আবোধ শিশুৰ দৰে মৰম কৰিবলৈ মন গ’ল তাৰ । কিমান দিন হ’ল বাৰু সুজনীক সি প্ৰাণ ভৰি মৰম নিদিয়া । সময়বোৰ যেন স্থবিৰ হৈ ৰওঁক ইয়াতে।

দুদিনমান অফিচৰ পৰা চুটি ল’লে সুদীপ্তই। অজানিতে সুকন্যা আৰু তাৰ মাজলৈ আহি পৰা দুৰত্বখিনিক সি শেষ কৰিব বিচাৰিলে। দুদিনমান ছাঁটোৰ দৰে লগতে থাকি তাৰ আচলতে বুজিবলৈ মন গ’ল সুকন্যাক । তাইৰ এই পাকঘৰ প্ৰীতি কেৱল খাদ্যৰসিক সুদীপ্তৰ সন্তুষ্টিৰ বাবে নে তাৰ অন্তৰালত বেলেগ কিবা সত্যও লুকাই আছে ! সেই দুদিন সি বাহিৰলৈ গৈ খোৱাৰ বা ঘৰতে অৰ্ডাৰ কৰাৰ কথাই ভাবিলে। পাৰিলে যেন পাকঘৰত চিৰদিনলৈ তলা লগাইহে দিব। উফ… মানুহৰ মৌলিক প্ৰয়োজন আহাৰো এইদৰে বিৰক্তিদায়ক হৈ উঠিব পাৰে নে !

লাহে লাহে সমযে সময়ে পাকঘৰটোলৈ চাই অস্থিৰ হৈ পৰা সুকন্যাজনীয়ে সুদীপ্তৰ চকুত ধৰা দিলে। কিবা এটা ভীষণ প্ৰয়োজনীয় কাম যেন হৈ উঠা নাই এই দুদিনত। সুদীপ্ত কাষতে থাকিলেও ইউটিবত তাই ৰেছিপি চাৰ্চ কৰাত ব্যস্ত হৈ পৰে আৰু ডায়েৰী এখন উলিয়াই ৰেছিপিবোৰৰ লগতে লাগতিয়াল বস্তুবোৰো পৰিপাটিকৈ লিখি ৰাখে । সুদীপ্তই মাথোঁ নীৰৱে লক্ষ্য কৰি ৰয় সুকন্যাৰ কৰ্মকাণ্ড। সমসাময়িক ভাবে এটা চিন্তাইও পোখা মেলে তাৰ মগজুত। সুকন্যা কিবা মানসিক ৰোগৰ চিকাৰ হোৱা নাইতো !

বৰষুণ এজাকে তিয়াই থৈ যোৱা এটি অতি মনোৰম নিশা । এৰা , বৰষুণৰ ৰাতিবোৰত বোলে অনুভৱৰ জোৱাৰ উঠে। প্ৰেমিক হৃদয়বোৰে প্ৰেমৰ ৰং বোলাই অনুভৱৰ দলিছা গুঠে। সুদীপ্তৰ মৰমবোৰত আৰু বুকুৰ নিৰপত্তাখিনিত সুকন্যা যেন আজি বিলীন হৈ পৰিছে। তথাপিও সন্দিহান মনটোক কিয় হত্যা কৰিব পৰা নাই তাই। কিয় বুজিও নুবুজা হৈ নিজকে প্ৰশ্ন কৰিছে , সুদীপ্তই বাৰু কেৱল তাইকেই ভাল পাই নে ? নে তাইতকৈও তাৰ মাকজনীহে বেছি মৰমৰ । তাইৰ ইমান দিনৰ প্ৰচেষ্টাক এবাৰলৈ হ’লেও স্বীকৃতি দি কিয় সি ক’ব খোজা নাই…” সু , তুমি মাতকৈও ভাল ৰান্ধা দেখোন।” চিন্তাতে মূৰটো আচন্দ্ৰাই কৰে সুকন্যাৰ। কাৰ্শলা সাপডালৰ দৰে তাইক মেৰিয়াই ৰখা সুদীপ্তৰ বাহু বন্ধনৰ পৰা মুক্ত হৈ ধৰমৰাই উঠি বহে তাই।

: সুদীপ্ত , ময়ো এদিন মা হ’ম ন’ ? আমাৰ ল’ৰটোৱে বাৰু মই বনোৱা খোৱা বস্তুবোৰ সকলোতকৈ জুতি লগা বুলি ক’ব নে তাৰ পত্নীক ?

: কি বলিয়া প্ৰশ্ন এয়া সু ?

: মই জানিব বিচাৰোঁ । প্লিজ কোৱানা। তুমি যে আমাৰ ফাৰ্ষ্ট নাইটতে কৈছিলা মোক .. মাৰ হাতৰ জুতি বোলে তুমি আজিলৈকে ক’তো বিচাৰি পোৱা নাই । মই ইমান যত্নৰ পিছতো তোমাক সেই জুতি দিব পৰা নাই ন’ ?

: কিয় তেনেকৈ ভাবিছা সু। তুমি বহুত ভাল ৰান্ধা। বন্ধু মহলত আনকি তোমাৰ বাবেই মই সকলোৰে ঈৰ্ষাৰ পাত্ৰ হৈ পৰিছোঁ । মোক কি কয় জানা সিহঁতে , তুমি বোলে অন্নপূৰ্ণা । যিয়েই ৰান্ধা অমৃত হৈ পৰে।

: তথাপিও মই তোমাৰ মাৰ দৰে ৰান্ধিব নাজানো সুদীপ্ত । মই বিচাৰোঁ তোমাৰ জীৱনত সকলো ক্ষেত্ৰতে মোৰ স্থান প্ৰথম হওঁক। কোনো দ্বিতীয় এজনৰ সেই স্থানত অধিকাৰ নাই। পিছে মই অপাৰগ , তোমাক মাৰ দৰে এসাজ জুতি লগাই ৰান্ধি খুৱাবলৈ। কি কৰো মই সুদীপ্ত ?এই কথাটোৱে প্ৰতি নিয়ত খুলি খুলি খাইছে মোক। ভিতৰি ভিতৰি মাৰি পেলাইছে। মই হাৰি যাম নেকি সুদীপ্ত কোৱাচোন। মই তোমাৰ বাবে বেষ্ট হ’ব পাৰিম নে কেতিয়াবা ?

মূৰৰ চুলি কেইডাল আজুৰি ইনাই বিনাই কান্দিবলৈ ধৰিলে তাই । সুকন্যাৰ সেই ৰূপ দেখি বুকুখন কঁপি উঠিল সুদীপ্তৰ । এয়া কোনো নৰ্মেল মানুহৰ আচৰণ হ’ব নোৱাৰে। তাৰ সুকন্যা সঁচায়ে মেন্টেলি ইনষ্টেব’ল নেকি ! যিমান পাৰে কোমল শব্দৰে সুকন্যাক সি সান্তনা দিবলৈ চেষ্টা কৰিলে ।

: সু , সবৰে এটা ইউনিক ষ্টাইল থাকে। ইউ আৰ দ্যা বেষ্ট ইন ইওৰ ষ্টাইল । মই ভাবোঁ ৰন্ধা বঢ়াও আচলতে অংকৰ খেল। তুমি জোখ মাপৰ সমীকৰণবোৰ মিলাব জানিলেই , ইওৰ ডিছ ৱিল বি দ্যা পাৰফেক্ট ওৱান । ধৰা ডাইলখিনিত তেল দিবা । তাৰ বাবে কেৰাহীত তেলখিনি কিমান গৰম হ’ল , তেলত দিয়া পাঁচফুৰণ কেইটা ঠিক ফুটো ফুটো অৱস্থাত ডাইলখিনি ঢালি দিলা নে পাঁচফুৰণ কেইটা বেছি তাপত ক’লা পৰি গ’ল.. সেই একেবাৰে সাধাৰণ যেন লগা কথাবোৰেও দুগৰাকী মানুহৰ হাতৰ জুতিলৈ ভিন্নতা আনিব পাৰে। তাতে সৰুৰে পৰা মায়ে ৰন্ধা খাই খাই , সেই সোৱাদ মন মগজুত এইদৰে স্থায়ী হৈ ৰ’ল যে বেলেগে ৰান্ধিলে পাৰ্থক্যখিনি বুজি পোৱাত অলপো পলম নহয় মোৰ । আচলতে অভ্যাসৰ কথা ।সেইবুলিয়েই কোনোবা দিনা কৈছোঁ জানো যে তুমি ৰান্ধিব নাজানা। মই পাকঘৰৰ পৰা উফৰি অহা শব্দবোৰ নহয় , আমাৰ মনৰ অপ্ৰসবিত অনুভৱবোৰকহে শব্দৰ ৰূপ দিব বিচাৰোঁ । তৰকাৰীৰ ৰঙ মোৰ আলোচ্য বিষয় নহয় , প্ৰেমৰ ৰঙেৰে হেঁপাহৰ ৰামধেনু এখনহে আঁকিব বিচাৰোঁ মই । মচলাৰ গোন্ধই মোক সুখী কৰিব নোৱাৰে সু । মই তোমাৰ চেম্পু কৰা চুলিকেইডালৰ সুগন্ধিৰেহে বুকুখন ভৰাই ৰাখিব বিচাৰোঁ । কি যে কথাবোৰ লৈ নিজকে অশান্তি দিছা নহয় !

: তোমাৰ মায়ে সবতকৈ কি ভাল ৰান্ধে ?
সজল চকুৰে সুদীপ্তলৈ চাই প্ৰশ্ন কৰে সুকন্যাই ।

: মায়ে কচুৰ জালুকীয়া আৰু মাটি ডাইল খুব সুন্দৰ ৰান্ধিছিল । সকলোৱে টকালি পাৰি খাইছিল। ঔটেঙা , বিলাহীৰ লগতে দু কোঁহমান কুঁজী ঠেকেৰাও পেলাই দিয়ে ডাইলখনত। নিমখ টেঙাৰ অপূৰ্ব সমহাৰেৰে তৰকাৰীখন একদম পাৰফেক্ট হৈ যায় ।

যিমান পাৰে সহজ হ’বলৈ যত্ন কৰি কথাখিনি ক’লে যদিও চিন্তাৰ সাগৰ এখনৰ অশান্ত ঢৌবোৰৰ তাণ্ডৱত সুদীপ্তৰ মগজুৰ আয়তন যেন ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে। প্ৰচণ্ড বিষত মূৰটো ফাটি যাব যেন অনুভৱ হ’ল তাৰ।

: ময়ো তোমাক তেনেকৈ এদিন মাটি ডাইল ৰান্ধি খুৱাম দেই সুদীপ্ত ।

: ঠিক আছে সু । বহুত ৰাতি হ’ল । এতিয়া সব চিন্তা বাদ দি ধুনীয়াকৈ শুই যোৱা ।

যিমান পাৰে সিমান সোনকালে সুকন্যাক যেন শুৱাই দিব সি। বহুত কাম কৰিব লগা আছে তাৰ। ভাস্কৰৰ লগতো ভালদৰে আলোচনা কৰিব লাগিব। সুকন্যাৰ এই অস্বাভাৱিক কৰ্ম কাণ্ডই , ৰহস্যময় কথাবোৰে যেন বলিয়া কৰি দিব তাক ।
সুকন্যা শুই পৰাত ম’বাইলতে গুগল কৰিলে সি…
” টাইপচ অৱ মেন্টেল ডিচঅৰ্ডাৰ ।”
এটা এটাকৈ হেডিংবোৰত ক্লিক কৰি পঢ়ি গ’ল লক্ষণ আৰু কাৰণবোৰ। লাষ্টত এটা শাৰীত চকু থৰ হৈ ৰ’ল তাৰ। “বৰ্ডাৰ লাইন পাৰ্চনেলিটি ডিচঅৰ্ডাৰ” আৰু তাৰ মুখ্য কাৰণ , টু মাচ্ছ পজেচিভনেচ।
ভাস্কৰলৈ মেছেজ এটা কৰি থ’লে সি … ‘কাইলৈ দিনত অলপ সময় হাতত লৈ মোৰ ঘৰলৈ আহ । ইটছ আৰ্জেন্ট ।’
মূৰৰ বিষটোৱে কষ্ট দিছিল যদিও সুকন্যাক সাৱটি ধৰি এটা সময়ত চিলমিকৈ হয়তো টোপনিত পৰিছিল সুদীপ্ত । হঠাৎ পাকঘৰৰ পৰা উফৰি অহা শব্দ কিছুমানত উচপ খাই উঠিল সি। খেপিয়াই চাই কাষত শুই থকা সুকন্যাক নেদেখি উধাতু খাই দৌৰ দিলে সি পাকঘৰলৈ। মজিয়াখনত সিঁচৰতি হৈ থকা বৈয়াম এগালমানৰ সাঁফৰ খুলি খুলি সুকন্যা কিবা বিচৰাত ব্যস্ত।

: কি কৰিছা সু এই ৰাতিখন ?

: ভাবিলোঁ কাইলৈ মাটি ডাইল ৰান্ধিম। ডাইল কেইটা তিয়ালোঁ , কিন্তু কুঁজী ঠেকেৰাখিনি ক’ত থৈছিলোঁ পাহৰি থাকিলোঁ নহয় ! চোৱাচোন ইমান কৈ পাহৰিব লাগে নে ? মই বাৰু পাগল হৈছোঁ নেকি সুদীপ্ত ?

: মই চাই দিওঁ ৰ’বা।

এটা এটাকৈ বৈয়ামবোৰ খুলি সিও সুকন্যাক সহায় কৰিলে। তাইৰ গাঁতত পোত যোৱা চকুযুৰিলৈ চাবলৈ সাহস নহ’ল তাৰ।
মানে তাৰ চিন্তাবোৰ অমূলক নহয়। কোন নৰ্মেল মানুহে এই গভীৰ নিশা পাকঘৰৰ টেমা খুলি ঠেকেৰা বিচাৰি থাকিব !

পিছদিনা ভাস্কৰ ভাত খুৱাকৈ আহিল সুদীপ্তৰ ঘৰলৈ । উদ্দেশ্য সুকন্যাৰ চাল-চলনবোৰ লক্ষ্য কৰা। তাইৰ লগত কথা হৈ কি কথাই তাইক অশান্তি দিছে বুজিবলৈ যত্ন কৰা। সুদীপ্তইও কামৰ অজুহাত দেখুৱাই ভাস্কৰক সুকন্যাৰ লগত কথা পতাৰ সুযোগ দি আঁতৰি থাকিল। তাই ৰন্ধাৰ মাজে মাজে নিজকে সুদীপ্তৰ উপযুক্ত হ’ব নোৱাৰিলে বুলি দুখ কৰিলে । বাৰে বাৰে আত্মবিশ্বাস হেৰুৱাৰ কথা কৈ গ’ল। লাহে লাহে ৰন্ধা বঢ়া যেন তাইৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিছে তাকো জনালে।নীৰৱে সুকন্যাৰ কথাবোৰ শুনি সুদীপ্তক অতি সোনকলে মনোৰোগ বিশেষজ্ঞ এজনক কনচাল্ট কৰিবলৈ উপদেশ দিলে ভাস্কৰে । কান্দোনত ভাঙি পৰিল সুদীপ্ত। কিয় হ’ল এইবোৰ !

ঠিক তেতিয়াই , সুকন্যাই বাতি এটাতে ডাইল অলপ টেষ্ট কৰি চাবলৈ বুলি আগবঢ়াই দিলে সুদীপ্তলৈ ।

: কেনে হৈছে সুদীপ্ত , খাই চোৱাচোন ।

ভুল হ’ল তাৰ সেইখিনিতে। চিন্তাৰ জৰতাবোৰ আঁতৰাই বাতিটো হাত পাতি ল’লে যদিও প্ৰশংসা সূচক বাক্যশাৰী কোৱাত খেলিমেলি হ’ল তাৰ। কেৱল ভালেই হৈছে বুলি ন’কৈ সি যদি ক’লে হয় … ” ইটছ এবছ’লিউটলি পাৰফেক্ট সু । তুমি মাতকৈও ভাল ৰান্ধিছা ।”

ৰাতিলৈ সুকন্যা পাকঘৰৰ পৰা আজৰি হৈ আহে মানে মনোৰোগ বিশেষজ্ঞ প্ৰনীল দুৱৰাক কনটেক্ট কৰিলে সুদিপ্তই আৰু পিছদিনাৰ এপইণ্টমেণ্ট ফিক্স কৰি ল’লে। তেনেকুৱাতে হাই পাৱাৰৰ লাইটটো অফ কৰি , ঈষৎ সেউজীয়া ৰঙৰ লাইটটো অ’ন কৰি সুকন্যা ৰূমটোলৈ সোমাই আহিল। সুদীপ্তৰ নিচেই কাষতে বহি তাৰ চকুত চকু থৈ ক’বলৈ ধৰিলে তাই।

: কি জানা সুদীপ্ত , এই পৃথিৱীত মই আটাইতকৈ ভালপোৱা মানুহজন তুমি। তুমি মোৰ সৰ্বস্ব। কিন্তু মই তোমাৰ ফাৰ্ষ্ট প্ৰিফাৰেন্স নহয়। মই বহুত ট্ৰাই কৰিলোঁ তোমাক মোৰ বেষ্ট দিবলৈ । কিন্তু প্ৰতিবাৰেই কিবা এটা আসোঁৱাহ থাকিয়েই গ’ল। কিয় জানা , তোমাৰ যে মন মগজু তোমাৰ মায়ে অধিকাৰ কৰি বহি আছে। কিয় সুদীপ্ত ? মোৰ বাবেও সেই মানুহগৰাকীক তুমি তোমাৰ মনৰ পৰা আঁতৰাই পঠাব নোৱাৰিলা নে ? মই তেনেহ’লে ক’ত থাকিলোঁ সুদীপ্ত।

উচ্চস্বৰে হাঁহিবলৈ ধৰিলে সুকন্যাই। সুদীপ্তই কিবা এষাৰ ক’বলৈ বুলি মুখ মেলোতেই বাধা দিলে সুকন্যাই তাক ।

: ন’ , আজি একো নক’বা সুদীপ্ত । মই আজি একোৱেই নুশুনো ।

লাহেকৈ উঠি ল’লে তাই আৰু সুদীপ্তৰ ওঁঠত নিজৰ ওঁঠখন গুজি দিলে। সুকন্যাৰ সুকোমল ওঁঠৰ পৰশত পুলকিত হৈ উঠিল তাৰ দেহ মন । এইবাৰ তাক সাৱটি ধৰি হাতত নিয়া চুৰীখন গাৰ জোৰেৰে তাৰ পিঠিত বহুৱাই দিলে সুকন্যাই । পলকতে কি হৈ গ’ল ততেই নাপালে সুদীপ্তই । সুকন্যাৰ গাতে ঢলি পৰিল সি।

এইবাৰ পাকঘৰলৈ গৈ সুকন্যাই হটকেছটো খুলি অৱশিষ্ট মাটি ডাইলখিনি পৰম বিতৃষ্ণাৰে ডাষ্টবিনটোত পেলাই দিলে আৰু টেপটো খুলি সুদীপ্তৰ তেজেৰে ৰাঙলী হৈ পৰা চুৰীখন আলফুলে ধুই ধুই গুণগুণাবলৈ ধৰিলে…

” মেৰে দিল কা তুমছে হে কেহনা ,
বচ মেৰে হি ৰেহনা ,
নহী ট’ সমঝে… !”


                          —————-

বেলিহীনতাৰ বিষাদ


: হেৰাই যাম মই । বিদ্যা…!  তোক চাই থাকিলে তোৰ দুচকুৰ নীলাত হেৰাই যাম। কি আছে তোৰ এই চকু দুটাত ?

: ভাং খাই আহিলি নেকি আজি ?

: প্ৰেমৰ সংলাপ এটা আওৰাবলৈ যত্ন কৰিছোঁ অ’ । তই যে কৱ’ মই হেনো বৰ নীৰস প্ৰেমিক । তোক মাত্ৰ ভাল পাব হে জানিলোঁ । ভালপোৱাবোৰ প্ৰকাশ কৰাত ক’ৰবাত থমকি ৰওঁ দেখোন। কেতিয়াবা ভাবোঁ হনুমান হোৱা হ’লে বুকুখনকে ফালি দেখুৱালোঁ হয় , কলিজাৰ কেইটা চেম্বাৰ অধিকাৰ কৰি বহি আছ’ তই ।

ৰফিকৰ প্ৰেমিক মনটো আৰু দুচকুৰ মায়াভৰা আবেদনত জঁই পৰি যায় কৃশানী । কুৰুকি কুৰুকি তাৰ বুকুলৈ সোমাই গৈ তাৰ বলিষ্ঠ বাহু বন্ধনত ছটফটাই উঠে । শৰীৰৰ অস্পর্শীয় অংশবোৰত পিটপিটাই চঞ্চল হৈ পৰা ৰফিকৰ হাতখনত খামুচি ধৰি লাজতে সেন্দূৰ বৰণ ধৰে কৃশানীৰ গাল দুখনে। সুখৰ এটুপি প্ৰশান্তিময় মদিৰা পান কৰি চপচপিয়া হয় তাইৰ দুচকু ।
ৰফিকৰ চকু দুটাতো ৰঙবোৰে যেন ৰামধেনু সাজে !

                 ——————-

ভয় লাগে কৃশানীৰ এযোৰ চকুলৈ ।

শঙ্খধ্বনীৰে আলিৰ মুৰলৈকে মুখৰিত কৰি গায়ত্ৰী মন্ত্ৰ জপৰ অন্তত গুৰু গম্ভীৰ খোজেৰে গোঁসাই ঘৰৰ পৰা ওলাই অহা দেউতাক প্ৰমোদ বৰঠাকুৰক দেখিলে কঁপি উঠে তাই । সেই সময়ত গভীৰ অপৰাধবোধে থকা সৰকা কৰে ছোৱালীজনীক। তাইৰ চঞ্চল বহিঃসত্তাত এক অনামী ভয়ে প্ৰচণ্ড কঁপনি তোলে । দৌৰি গৈ নিজকে এটা কোঠাত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ কৰি নির্জনতাক আঁকোৱালি লয় তাই ।

দুযোৰ চকুৰ আৱেগভৰা সন্মোহনত অসহায়ভাবে দূলিবলৈ ধৰে তাইৰ ভৱিষ্যতৰ সোণোৱালী সপোন । কাক বুকুতে গুজি ৰাখিব আৰু কাৰ পৰা বিচ্ছিন্ন হৈ পৰিব ! কথাবোৰ কল্পনাৰ ৰঙ বোলাই লোৱাৰ দৰেই সহজ আৰু ৰঙীণ হোৱা হ’লে !

দীঘলীয়া সময়বোৰ তড়িৎ গতিত পাৰ হৈ যায়। সময়ৰ লগে লগে কৃশানীয়েও নিজকে দৃঢ়মনা কৰি গঢ়ি তোলে। ৰফিকৰ সুঠাম বাহুত মূৰ থৈ স্বপ্নাতুৰ দুচকুত ৰামধেনুৰঙী চানেকি এখন সাজি উলিয়াই তাই ।
তাইৰ মূৰটো আচন্দ্ৰাই কৰে । পিছে দুৰ্বল শৰীৰটোত গঁজালি মেলা সপোনৰ বীজটোৱে স্বপ্নিল আশাৰ শিখৰলৈ আগুৱাই নিয়ে কৃশানীক । চকু দুটা তাইৰ প্ৰাপ্তিৰ সুখেৰে জিলিকি উঠে।

আৰু ৰফিক ..?
ৰফিকৰ দুচকুত কৃশানীয়ে ইমান দিনে দেখি অহা তিৰবিৰণীবোৰ কামনাৰ ৰঙতহে ডুব গৈ আছিল নেকি !
প্ৰেমৰ লালসাৰে পিঞ্জৰাবদ্ধ কৰি চৰম নিষ্ঠুৰতাৰে পেলনীয়া দ্ৰব্যৰ দৰে দলিয়াই ৰফিক আঁতৰি যায় কৃশানীৰ জীৱনৰ পৰা। যৌৱনৰ মাদকতাত সুখৰ পৃথিৱীখন হঠাতে যেন ৰৈ যায় কিছুমান জটিল আঁক-বাক হৈ !

কথাবোৰ গোপন হৈ থকা নাছিল। ওফন্দি উঠি নিমিষতে পাৰৰ বালিচাহিবোৰ উটুৱাই নিয়া সমুদ্ৰৰ ফেনীল ঢৌবোৰৰ দৰে একলা দুকলাকৈ বাঢ়িবলৈ ধৰা জৰায়ুৰ তেজকণে আৰু ৰফিকৰ প্ৰবঞ্ছনাই কৃশানীৰ সপোনৰ বালিঘৰটো যেন খহাই পেলাবলৈ উদ্যত হয় !

              ——————–

কৃশানীৰ অবাঞ্চিত ভুলে প্ৰমোদ বৰঠাকুৰৰ বংশ মৰ্যদাৰ অহংকাৰত চূড়ান্ত আঘাত হানে । তেওঁৰ দৰে এজন সাত্ত্বিক ব্ৰাহ্মণ কন্যাৰ উদৰত ৰফিকৰ সন্তান ! কি দৰে সহে তেওঁ এই অপমান ! দুটুকুৰা জ্বলন্ত অঙঠাৰ দৰে জ্বলি উঠে মানুহজনৰ চকু দুটা আৰু কৃশানী দগ্ধ হৈ পৰে আত্মগ্লানিত। সেইদিনাই তেওঁৰ একমাত্ৰ জীয়ৰীক মৃত ঘোষণা কৰি যথাৰীতি শৰাধৰ বিধিখিনিও সমাপন কৰি আপোন ঘৰখনৰ পৰা গতিয়াই খেদি দিয়ে প্ৰমোদ বৰঠাকুৰে। কৃশানী হৈ পৰে প্ৰমোদ বৰঠাকুৰৰ তেজ্য পুত্ৰী।

অপ্ৰাপ্তিৰ তীব্ৰ যন্ত্ৰণা আৰু আপোন ঘৰখনৰ পৰা বিচ্ছিন্ন হৈ দিশহাৰা হৈ পৰে তাই । কোনোবা সময়ত আত্মঘাটি হৈ জীৱনটো শেষ কৰি দিয়াৰ চিন্তা এটাও মনলৈ আহে যদিও, নিজকে তাই প্ৰশ্ন কৰে… ৰফিকে ঠগিলে বুলিয়েই প্ৰেমৰো মূল্য নাইকিয়া হৈ যাব নে ? প্ৰেমৰ বন্যাত উটি ভাঁহি ফুৰোঁতে এইযে প্ৰেমময় কলি এটাই ফুল হোৱাৰ বাসনাৰে গজালি মেলিলে তাক ফুলিবলৈ নিদি কলিতে মোহাৰি পেলোৱাৰ অধিকাৰ আছে জানো তাইৰ ?

গুচি আহিল কৃশানীয়ে ঘৰখন এৰি ।
তাই জানিছিল .. দুৰ্ভেদ্য হ’ব আগুৱাই যোৱাৰ পথ । পদে পদে হাজাৰটা প্ৰশ্নৰ সন্মুখীন হ’ব লাগিব । অস্তিত্ব ৰক্ষাৰ সংগ্রামে জুৰুলা কৰি পেলাব। হাজাৰ বাৰ মৰিব লাগিব । হাজাৰ বাৰ নিজকে জীয়াই তুলিবও লাগিব।
সম্ভৱ জানো এয়া ?

চিন্তাৰ জড়তাবোৰ আঁতৰাই লাহে লাহে খোজ দিলে কৃশানীয়ে , তাই পঢ়ি থকা কলেজখনৰ হোষ্টেলৰ দিশে। কেতিয়াবা তিক্ত অভিজ্ঞতাৰে সমৃদ্ধ মাত্ৰ কেইটামান মুহূৰ্তইও মানুহক মৃত্যুবৎ যন্ত্ৰণাৰে ঠেকেচি থৈ যায়। কৃশানীও ঠিক এটা জীৱিত মৃতদেহৰ দৰে হোষ্টেলৰ ৱাৰ্ডেন নৱনীতা বাইদেউৰ ভৰিতে পৰিলগৈ। প্রিয় ছাত্ৰীগৰাকীক সেই অৱস্থাত দেখি ধৰফৰাই উঠিল মানুহগৰাকী। কৃশানীৰ বিষাক্ত হৈ পৰা জীৱনটোৰ চৰম বিপৰ্যৰ বিষয়ে অৱগত হৈ নৱনীতা বাইদেৱে তাইক আশ্ৰয় দিবলৈ আগবাঢ়ি আহিল । অকল সেয়াই নে , সেই দেৱীতুল্য মানুহগৰাকীয়ে মানুহৰ তীৰ্যক চাৱনি আৰু তুচ্ছ তাচ্ছিল্যকো আওকান কৰি কৃশানীৰ গৰ্ভৰ ভ্ৰূণটোৰ সুৰক্ষাৰ দায়িত্ব লোৱাৰ লগতে তাইৰ পঢ়া-শুনাৰো দায়িত্ব ল’লে।

          ———————

ভগ্ন হৃদয়ৰ টুকুৰাবোৰ জোৰা লগাই নিজকে জীৱনমুখী কৰা একেবাৰে সহজসাধ্য নাছিল কৃশানীৰ বাবে। তথাপিও দেউতাকৰ জলন্ত চকুযুৰিক আশীষ হিচাবে লৈ আৰু নৱনীতা বাইদেউৰ আদৰ যত্নত আকৌ এবাৰ ঘনঘোৰ আমানিশাৰ এন্ধাৰবোৰ নেওচি নৱ উদিত সুৰুজৰ হেঙুলিয়াখিনি গায়ে মূৰে সানি ল’বলৈ ঢাপলি মেলিছিল কৃশানীয়ে ।
আৰুহীৰ জন্মৰ পিছতে সেই উদ্দেশ্যেৰে অসামৰিক পৰীক্ষাৰ বাবেও সম্পূৰ্ণ সাজু হৈ নিজৰ এটা সুকীয়া পৰিচয় গঢ়াত মনোনিবেশ কৰিছিল তাই । জীৱনত লোৱা স্বকীয় সিদ্ধান্তবোৰৰ ভিতৰত এইটোৱেই হয়তো কৃশানীৰ শ্ৰেষ্ঠ সিদ্ধান্ত আছিল। তাৰ সুবাদতে আজি তাই বৃহত্তৰ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি ।

শিল হৈ পৰা বুকুখন শেলুৱৈ দুখবোৰে সময়ৰ লগে লগে গভীৰ ভাৱে খামুচি ধৰিছিল যদিও আৰুহীৰ বাবেই প্ৰতিনিয়ত নিজকে সুখী ৰখাৰ আখৰাত ব্যস্ত হৈ পৰিছিল কৃশানী । কিন্তু কিমান দিনলৈ ? 
এৰি অহা দিনবোৰ , আপোন মানুহখিনি , ওপজা ঘৰখন আৰু সেই গাঁওখন, যাৰ লগত সংপৃক্ত হৈ আছে তাইৰ সোণসেৰীয়া শৈশৱ আৰু জীৱনৰ এছোৱা .. সেইবোৰক অৱহেলা কৰিব পৰিছে জানো কেতিয়াবা !
   
                     ————–

পাহাৰটোৰ কাষেদি যোৱা লুংলুঙীয়া ৰাস্তাটোৰে কৃশানীৰ চৰকাৰী গাড়ীখন মন্থৰ গতিৰে আগুৱাই গৈ থাকিল। ৰাস্তাটোৰ আনটো কাষে বিশাল ব্ৰহ্মপুত্ৰৰ শান্ত সৌম্য নীলাভ জলৰাশি। গাড়ীৰ খিৰিকীৰে ব্ৰহ্মপুত্ৰৰ বুকুত জলকেলি কৰি থকা শিহু কেইটাক দেখি উল্লাসতে খিলখিলাই হাঁহি উঠিছে কৃশানীৰ পাঁচবছৰীয়া কন্যা আৰুহীয়ে ।
কলিয়াবৰ মহকুমাৰ চাৱ-ডিভিজ’ন অফিচাৰ হিচাবে নিযুক্তি লাভ কৰা কেইবামাহো পাৰ হৈ গ’ল যদিও কামাখ্যা পাহাৰত অৱস্থিত ‘মা কামাখ্যা মন্দিৰ’ আৰু ‘ত্ৰিশূলধাৰী শিৱ মন্দিৰটো’ দৰ্শন কৰা হোৱায়েই নাছিল কৃশানীৰ। আজি ব্যস্ততাৰ পৰা অলপ সুৰুঙা উলিয়াই মন্দিৰ দৰ্শনৰ বাবে ওলাই আহিছে তাই । ডিচেম্বৰ জানুৱাৰী মাহত ত্ৰিশূলধাৰীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ পিকনিক পাৰ্টিৰে গিজগিজাই থাকে যদিও অন্যবোৰ দিনত অৱহেলিত আৰু পৰিত্যক্ত হৈ ৰয় । জনশূন্য এই ত্ৰিশূলধাৰীৰো পিছে এক অনন্য সৌন্দৰ্য্য আছে। সেউজীয়া আচলৰে আবৃত প্ৰকাণ্ড শিলাখণ্ডৰ তলত অৱস্থিত মন্দিৰটোত এই দিনবোৰত মহাদেৱে যেন নির্জনতাত ডুবি জগত সৃজনৰ নতুন ৰীতি আৱিষ্কাৰতহে মনোনিবেশ কৰে।

অলপ দূৰতে গাড়ীখন ৰখাই কৃশাণী আৰু আৰুহী নামি আহিল । ফেৰফেৰীয়া বতাহ এজাকে কঁপনি তুলিলে দুয়োৰে দেহত।আউল বাউল হৈ পৰা চুলিকেইডাল যৎপৰোনাস্তি সামৰিবলৈ যত্ন কৰি চাৰিওফালে চকু ফুৰালে তাই। দূৰ দূৰলৈ দ্বিতীয় কোনো এজন ব্যক্তি চকুত নপৰিল । কেইটামান বনৰীয়া চৰাইৰ গুঞ্জন আৰু প্ৰবাহমান ব্ৰহ্মপুত্ৰৰ মৃদু কোলাহলৰ বাদে নির্জনতাৰে ঘেৰি ৰখা ঠাইখনত কিবা এক অদ্ভূত মানসিক শান্তিয়ে যেন বিৰাজ কৰিছে !
মন্দিৰটোৰ ঠিক কাষতে পাহাৰৰ বুকু ফালি নামি অহা পানীৰ ধাৰা এটাই কুৱাৰ আকৃতি লৈ জমা হৈ আছে। তাতে ভক্তগণে মুখ হাত ধুই মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ নিয়ম। কৃশাণী আৰু আৰুহীক দেখি এগৰাকী আদহীয়া মহিলা মন্দিৰৰ দিশৰ পৰা খৰখেদাকৈ আগবাঢ়ি আহিল আৰু দুয়োকে প্ৰৱেশ দ্বাৰলৈ আগুৱাই লৈ গ’ল। প্ৰকাণ্ড শিলাখণ্ডৰ তলত সুৰংগৰ আকৃতি লোৱা ঠেক ৰাস্তাটোৰে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলে দুয়ো।
ভিতৰচ’ৰাত পূজাৰী এজন ভগ্ন কন্ঠেৰে মন্ত্ৰ পাঠত ব্যস্ত আছিল । আৰুহীৰ হাতখনতে খামুচি ধৰি কৃশাণীয়ে তাইক আগুৱাই যোৱাত বাধা দিলে । মন্দিৰৰ পবিত্ৰতা আৰু গুঞ্জৰিত মন্ত্ৰৰ ধ্বনিত সেই সময়ত কিয় নো জানো নিজকে তাইৰ অপবিত্ৰ যেন অনুভৱ হ’ল ! ৰফিকৰ প্ৰতাৰণা আৰু দেউতাকৰ অঙঠা হেন চকুযুৰিৰ উগ্ৰতাত আকৌ এবাৰ পিষ্ট হৈ পৰিল কৃশাণী ।

পূজাৰ অন্তত বহা আসন ত্যাগ কৰি সিহঁতৰ দিশে মুখখন ঘূৰাই থিয় দিয়া শীৰ্ণকায় পূজাৰীজনক দেখি থকথককৈ কঁপিবলৈ ধৰিলে কৃশানী । এমুখ শুভ্ৰ দাড়িৰে  আৱৰি ৰখা মানুহজনৰ শেঁতা মুখখন চিনিবলৈ অসুবিধা হৈছিল যদিও , সেই চকু দুটা..! কেনেকৈ চিনাত ভুল কৰিব তাই ।

: দেউতা..!

ঘটনাৰ আকস্মিকতাত উচপ খাই উঠিল মানুহজন । ‘দেউতা’ শব্দটোৱে বুকুতে অত’ বছৰে থাপি থুপি ৰখা যন্ত্ৰণাৰ আগ্নেয়গিৰীটোক যেন জাগ্ৰত কৰি তুলিলে । এটা বিষময় অতীতে পুনৰবাৰ জোকাৰি গ’ল ঠেৰু হেৰুৱাই চটফটাই উঠা দুটা ব্যক্তিসত্তাক। ঈশ্বৰ পূজনে মানুহজনৰ মনটোৰ লগতে দুচকুলৈ কঢ়িয়াই অনা পৰম শান্তি এইবাৰ ক্ৰোধৰ জুই একুৰালৈ পৰিৱৰ্তন হয়।

: কোন দেউতা ? কি দুঃসাহস , এইহেন পবিত্ৰ স্থানত ভৰি থোৱাৰ ! ওলাই যা এই মন্দিৰ গৃহৰ পৰা। ওলাই যা ।

প্ৰমোদ বৰঠাকুৰৰ চিঞৰবোৰ মহাদেৱৰ বিগ্ৰহক আৱৰি ৰখা প্ৰকাণ্ড শিলাখণ্ডবোৰত ঠেকা খাই কৃশানীৰ কৰ্ণকুহৰত কাঁইটে বিন্ধা দি বিন্ধিবলৈ ধৰে। কোব খোৱা সাপৰ দৰে ধৰফৰাই আৰুহীৰ হাতখনতে খামুচি ধৰি প্ৰায় লৱৰি অহা দি বাহিৰলৈ ওলাই আহিল তাই।

সুদীৰ্ঘ ছটা বছৰৰ অন্তত তাইৰ সন্মুখত এয়া তাইৰ ঈশ্বৰ , যাক অধিকাৰৰ পৰা বঞ্চিত যদিও শুদ্ধ অন্তঃকৰণেৰে তাই সদায়ে পুজি আহিছে । তেওঁৰ দ্বাৰা বৰ্জিত যদিও মনৰ নিভৃত কোণত আজিও তেওঁক মন্দিৰত স্থাপিত বিগ্ৰহৰ দৰে স্থান দি তেওঁৰ অৱজ্ঞাকো আশীৰ্বাদ বুলি শিৰোধার্য কৰিছে। আকৌ এবাৰ মানুহজনক আঘাত দিয়াৰ ভুল কৰিব নোৱাৰে তাই।

গাড়ীখনৰ ওচৰলৈ গৈ সাঁথৰ হৈ পৰা পৰিস্থিতিত একোৰে উৱাদিহ নাপাই ভয়তে বৰফৰ দৰে গোট মৰা আৰুহীক সাৱটি ধৰি হুকহুকাই কান্দি উঠিল কৃশানীয়ে। বিশাল ব্ৰহ্মপুত্ৰৰ মৌন কোলাহলবোৰে যেন তাইৰ বুকুখনতো খলকনি তুলিলে। পাহৰি থাকিব বিচৰা বিষময় সময়বোৰ অনিচ্ছা স্বত্তেও তাইৰ স্মৃতি দৰ্পনত সজীৱ হৈ উঠিল ।
সঁচাই ভুল কৰিলে তাই । প্ৰেমৰ ৰাগীৰে জীৱনটোক সজাবলৈ গৈ ৰফিকক বিশ্বাস কৰি ভুল কৰিলে। সাত্ত্বিক দেউতাকক মনোকষ্ট দিয়াৰ পাপ আৰ্জিলে ।

~~ দেউতা মই ভুল কৰা নাই । আপোনাৰ মোৰ শৰীৰটো যি তেজ মঙহেৰে গঠিত , সেই একেই তেজ মঙহৰে ৰফিকো এজন মানুহ। ঈশ্বৰৰ সৃষ্টিত ধৰ্মবিভাজনেৰে আমিয়েই জানো ভিন্নতা অনা নাই। ৰফিক ব্ৰাহ্মণ নহ’ল বুলিয়েই , এজন সৎ পুৰুষ মোৰ জীৱনসংগী হোৱাত বাধা কিহৰ ?

এইদৰে দেউতাকক ক্ষমা ভিক্ষা কৰাৰ অৱকাশ আছিল জানো ! ৰফিকে দিলে নে সেই সুযোগ ! সি যদি বুকুৰ উমেৰে সিহঁতৰ সম্পৰ্কটোক জীয়ন দি ৰাখিলে হয় , মাজসাগৰত পাল ছিঙি দিশহাৰা হৈ পৰা তাইৰ জীৱনটোৱে আগুৱাই যাবলৈ এটি সুচল গতিপথৰ সন্ধান নাপালেহেঁতেন নে !

যোৱা ছটা মাহে ছাঁটো হৈ দেউতাকক শুশ্ৰূষা কৰা মন্দিৰৰ পৰিচাৰিকাগৰাকী এইবাৰ কৃশানীৰ ওচৰলৈ আগুৱাই আহিল আৰু পৰম বিস্ময়েৰে তাইলৈ চাই প্ৰশ্ন কৰিলে ।

: কোন তুমি ?

কৃশানীৰ বাবে এই মুহূৰ্তত এই প্ৰশ্নবোৰ একেবাৰেই গৌণ। তেওঁৰ প্ৰশ্নক আওকান কৰি তাই মানুহগৰাকীৰ পৰাহে জানিব বিচাৰিলে কি পৰিস্থিতিত , কেনেকৈ দেউতাক এই ঠাই পালেহি।

: সবিশেষ নাজানো আইজনী । প্ৰায় ছমাহমানৰ আগৰ কথা । সন্ধিয়াৰ সময় আছিল। মুষলধাৰে বৰষুণ পৰিছিল সেইদিনা। মন্দিৰত দিনৰ ভাগতে পূজা আগবঢ়াই পূজাৰীজন গুচি গৈছিল । পাহাৰৰ পৰা নামি অহা হিংস্ৰ জন্তুৰ ভয়তে ৰাতি এই ঠাইখন জনপ্ৰাণীহীন হৈ পৰে। পিছে ওচৰতে ঘৰ হোৱাৰ বাবে মইহে আবেলিতে আহি সন্ধিয়াৰ চাকিগচি সদায় জ্বলাই থৈ যাওঁ। মন্দিৰৰ পৰা ওলাই আহি দেখিছিলোঁ, বৰষুণত জুৰুলি জুপুৰিকৈ তিতি মানুহজন মূল মন্দিৰৰ কাষৰ টিংৰ চালিখনৰ তলত বহি আছিল। কোন ক’ৰ পৰা আহিছে সুধিও একো সুদুত্তৰ নোপোৱাত মই ৰাতি বিয়লি এই ঠাইখনত থকা উচিত নহ’ব বুলি মানুহজনক মোৰ ঘৰলৈকে লৈ যাবলৈ বিচৰিছিলোঁ। কিন্তু তেওঁ আপত্তি দৰ্শাইছিল। ময়ো উপায়ন্তৰ হৈ ঘৰলৈ গুচি গৈছিলোঁ। ৰাতিটো তেওঁৰ চিন্তাতে উজাগৰে কটাইছিলোঁ। পিছদিনা ওপজি পুৱাতে আহি দেখিছিলোঁ স্নান কৰি তেওঁ মহাদেৱৰ বন্দনাত নিমগ্ন হৈ পৰিছিল । সেইদিন ধৰি তেওঁ ইয়াতে আছে। কমিটিৰ সদস্য সকলেও আলোচনা মৰ্মে মন্দিৰৰ ভোগ ঘৰটো মেৰামতি কৰাই তেওঁৰ থকাৰ ব্যৱস্থা কৰি দিছে। যোৱা মাহত মূল পূজাৰীজনৰ মৃত্যু হোৱাত এতিয়া পূজা সেৱাৰ সম্পূৰ্ন দায়িত্ব তেওঁৰ ওপৰতে । মানুহজনে কোনোদিন ব্যক্তিগত কথাবোৰ কাকোৱেই জনোৱা নাই যদিও তেওঁৰ দুচকুৰ গভীৰতাত বিষাদৰ সাগৰ এখনে যেন নিৰন্তৰ ঢৌ তুলি থাকে । তুমি তেওঁৰ ছোৱালী নেকি ?

: হয় , ময়েই তেখেতৰ দুৰ্ভগীয়া ছোৱালীজনী। প্ৰমোদ বৰঠাকুৰৰ একমাত্ৰ দুহিতা। মোৰ বাবেই দেউতাৰ আজি এই নৰক যাতনা ।

কৃশানীৰ মনটো হাজাৰটা প্ৰশ্নই খেলিমেলি লগালে। হোষ্টেলত থকালৈকে মাক দেউতাকৰ খবৰ ৰখাৰ সুযোগ মিলিছিল যদিও নৱনীতা বাইদেউৰ ৰিটায়াৰমেণ্টৰ পিছত তায়ো বাইদেউৰ ঘৰলৈ গুচি যোৱাত খবৰ ৰখাৰো উপায় নাইকিয়া হ’ল। আপোন ঘৰখনৰ লগতে গাৱঁৰ মানুহখিনিয়েও কৃশানীক লেই-লেই  চেই-চেই কৰিলে । আজি ইমান বছৰৰ মূৰত দেউতাকক এই জংগলখনৰ মাজত এইদৰে অকলশৰে দেখা পাই বুকুখনে হাঁহাকাৰ কৰি উঠিল কৃশানীৰ। কি হ’ল মাকজনীৰ ? দেউতাকে মাকক এৰি কিয় অকলশৰীয়া জীৱন এটাক আঁকোৱালি ল’লে ।

দূৰৈৰ পৰাই তেখেতক এবাৰ প্ৰণাম জনাই , পৰিচাৰিকাগৰাকীৰ হাতত টকা অলপমান গুজি দি  খৰখেদাকৈ গাড়ীত উঠিল কৃশাণী।

: দেউতাৰ যত্ন ল’ব। মই আহি থাকিম। তেওঁক অকলশৰে নেৰিব বাইদেউ।

আৱতৰীয়া বৰষুণ এজাকে হঠাতে তিয়াই পেলালে ঘৰ অভিমুখী পথছোৱা। গাড়ীৰ বন্ধ খিৰিকীৰ সিপাৰে ধূসৰ পানী ৰঙী ছবি এখনত ভাঁহি অহা দেউতাকৰ চকুযুৰিত হেৰুৱাৰ বেদনাই যেন স্পষ্টকৈ ধৰা দিলে ! চকুৱে মিছা নকয় কেতিয়াও। কৃশানীৰ বুজিবলৈ অসুবিধা নহ’ল , নিজৰ স্থিতিত অটল মানুহজনৰ বুকুখনত মৰমৰ নৈখন এতিয়াও সম্পূৰ্ন শুকাই পৰা নাই ।

                   —————

নৱনীতা বাইদেউৰ লগত কথা হৈ আৰুহীক তেওঁৰ তাতে থৈ এবাৰ গাঁৱৰ পৰা অহাৰ সিদ্ধান্ত ল’লে কৃশানীয়ে । ওপজা ঘৰখনৰ লগত বৰ্তমান কোনো ধৰণৰ সম্পৰ্কৰ জৰীৰে বান্ধ খাই থকা নাই যদিও সেইখন তাইৰ নিজা ঘৰ। মাক দেউতাক তাইৰ বুকুৰ আপোন।
পকী ৰাস্তাটোৰ পৰা নামি গাঁৱলৈ সোমোৱা কেঁচা আলিটোত গাড়ীখন উঠোতেই কৃশানীক যেন এক ভয়ানক শূন্যতাই গিলি পেলালে।

ইমান দিনৰ মূৰত প্ৰমোদ বৰঠাকুৰৰ পদূলিমুৰত গাড়ী ৰোৱাৰ শব্দ শুনি কাষৰ ঘৰৰ চন্দ্ৰ দাইটি উৎকণ্ঠাৰে বাহিৰলৈ ওলাই আহিল ।

: কৃশানী , তই আহিছ ?

: হয় দাইটি । ঘৰখন চাবলৈ আহিলোঁ। মাৰ খবৰ এটা লওঁ বুলি আহিলোঁ। দেউতা ঘৰ এৰি ওলাই যোৱাৰ কথা গম পালোঁ দাইটি ।

: তই দেউতাৰক লগ পাইছ ? ক’ত আছে তেখেত ? হঠাতে মানুহজন এদিন কাকো একো নজনোৱাকৈ অন্তৰ্ধান হ’ল। আমি বহুত বিচাৰ খোচাৰ কৰিছিলোঁ আইজনী। বৌ ঢুকোৱা এই ফাকুৱালৈ দুবছৰ হ’ব। তই খবৰ পোৱা নাছিলি নেকি ? বৌৰ বছেৰেকীয়া শ্ৰাদ্ধভাগ কৰালৈকে দেউতাৰা ইয়াতে আছিল। তহঁতৰ ঘৰখন এতিয়া আৰু ঘৰ হৈ থকা নাই অ’ আই । অলপ দিন ময়েই তলা এটা লগাই ৰাখিছিলোঁ । পিছে লাভ নহ’ল। তোৰ জীৱনটো শেষ কৰি দিয়া ৰফিকৰ লগতে গাৱঁৰ উদণ্ড ল’ৰাবোৰৰ আড্ডা স্থলী হ’লগৈ ঘৰখন।

: কি কয় দাইটি , মা ঢুকালে ?

আৰু একো শুনাৰ ধৈৰ্য নহ’ল কৃশানীৰ । উধাতু খাই তাই খোলা গেইটেদি ভিতৰলৈ বুলি সোমাই গ’ল। ঘৰখনৰ দুৱাৰ খিৰিকীবোৰ সম্পূৰ্ণ খুলি থোৱা অৱস্থাত আছিল। বাৰাণ্ডাখনত শুই থকা ভতুৱা কুকুৰ দুটামানে তাইৰ উপস্থিতিত বিৰক্ত হৈ এঙামূৰি দি উঠিল । ভিতৰতো বতাহে উৰুৱাই , গোটোৱা শুকান পাতৰ দ’ম । নিগনি এটাই তাইৰ ভৰিৰ ওপৰেদিয়েই পাতবোৰত ঝৰঝৰনি তুলি ক’ৰবালৈ দৌৰ মাৰিলে। বিশৃংখল হৈ পৰি থকা  বৰপেৰাকেইটাত দুই এখন পুৰণি কাপোৰৰ বাদে মূল্যবান একো সম্পদেই নাই । পাকঘৰত বাচন বৰ্তনবোৰৰ ঠাইত মদৰ বটল কিছুমান চেদেলি-ভেদেলি হৈ পৰি আছে।
ৰফিকৰ প্ৰতি প্ৰচণ্ড ঘৃণাত চকুদুটা পকা অঙঠাৰ দৰে জ্বলি উঠিল তাইৰ । এসময়ত মাক দেউতাকে আটোম-টোকাৰিকৈ সজাই লোৱা ঘৰখন কেৱল তাইৰ ভুলৰ বাবেই আজি আহৰে-জহৰে গ’ল।

~কিমান বাধ্য হ’লে এজন মানুহে নিজ হাতে গঢ়ি তোলা হেঁপাহৰ ঘৰ এখন এইদৰে জহি-খহি যাবলৈ এৰি দিব পাৰে! কি পৰিস্থিতিত পৰি সকলো মায়ামোহ শেষ কৰি এজন মানুহে জীৱনৰ শেষ সময়খিনিত ঈশ্বৰ গৃহতে নিজকে অৰ্পণ কৰিব পাৰে !

স্মৃতিকাতৰতাই অস্থিৰ কৰি তুলিলে কৃশানীক। গোটা তামোল এটা ফালি ফালি গাত নলগা ৰ’দ এজাকত উমলি , তাইক ভগ্নাংশৰ জ্ঞান দিয়া দেউতাকৰ জীৱনৰ অংকবোৰেই এটা নিমিলা সমীকৰণত যেন স্তব্ধ হৈ ৰ’ল !

অৱশেষত কৃশানীয়ে এটা সিদ্ধান্ত লৈ পেলালে । মাক দেউতাকৰ স্মৃতি জীয়াই ৰাখিবলৈকে ঘৰখন তাই পুনৰ নিৰ্মান কৰিব আৰু মদ ভাং খাই উশৃংখল হৈ পৰা গাঁৱৰ ল’ৰাবোৰৰ বাবে এটা লাইব্ৰেৰী সাজি উলিয়াব। এটা সুযোগ মিলিছে , ৰফিকে তাইৰ লগত কৰা অন্যায়ৰ পোটক তুলিবলৈ। এই সুযোগ এৰি নিদিয়ে কৃশানীয়ে।নিজৰ পদ মৰ্যদা অক্ষুন্ন ৰাখি ৰফিকৰ দৰে হাজাৰজন প্ৰতাৰকক তাই উচিত শিক্ষা দিব। আৰুহীক কেতিয়াও নজনাই কথাবোৰ। ৰফিকৰ প্ৰতাৰণাই দুৰ্বিসহ কৰি তোলা তাইৰ অতীতটোক চিৰদিনলৈ নিজৰ বুকুতে সমাধিস্থ কৰি ৰাখিব তাই ।

এসময়ত স্বগৰিমাৰে আকাশমুখী দেউতাক , প্ৰমোদ বাৰঠাকুৰৰৰ অসহায় মুখখন কল্পনা কৰি ফেঁকুৰি উঠিল কৃশানী ।

                   ——————

এটা কল্লোলিত সপোনৰ অপমৃত্যুত..



~ শব্দবোৰে খেদি ফুৰিছে তাক । সি উন্মাদপ্ৰায় হৈ পৰিছে । কান দুখন জোৰেৰে হেঁচি ধৰি ইফালৰ পৰা সিফাললৈ নিৰন্তৰ দৌৰি ফুৰিছে ল’ৰাটো ।

~ কুউ .. ঝক..ঝক..ঝক..ঝক…

আৰু লগতে মাকৰ সেই মৰণ কাতৰ চিঞৰবোৰ..

~ সৌৱা, দেউতাৰৰ মাত। শুনিছ’ নে বাপুকন ? ঐ ব’লচোন ব’ল । দেউতা আহিছে বুজিছ’ । অ’ৰি ৰ’ব দেই.. গৈ আছোঁ মই ।

উফফ.. এই শব্দবোৰ..!
শব্দবোৰো কেতিয়াবা ইমান যন্ত্ৰণাদায়ক হৈ উঠে নে..!

শব্দই বোলে ব্ৰহ্মাস্ত্ৰ। শব্দই গঢ়েও শব্দই ভাঙেও । আজি এই শব্দবোৰে ইমান অস্থিৰ কৰি তুলিছে যে তাক !

পথাৰখনৰ সিটো মূৰে ল’ৰাটোৰ মাকৰ নশ্বৰ দেহাটো চিতাৰ জুয়ে দগ্ধ কৰিছে। চকুৰ পলকতে ছাই হৈ পৰিছে মানুহগৰাকী । বৰ অসহায় অনুভৱ হৈছে তাৰ । এপাকত ৰাউচি জুৰি চিঞৰিছে সি..

~ মা অ’ ..তয়ো মোক এৰি গুচি গ’লি । মোক মাৰি থৈ গ’লি অ’ মা । মই অকলশৰীয়া হৈ পৰিলোঁ ।

ভগ্ন হৃদয়ত চুনামিৰ সৃষ্টি কৰা বেদনাৰ অশান্ত ঢৌবোৰে কোবাই কোবাই ক্লান্ত কৰি তুলিছে তাক । উদং , নিৰস পথাৰখনত ক্লান্ত আৰু ভাগৰুৱা শৰীৰটো এৰি দি সি মাকৰ উপস্থিতি অনুভৱ কৰিবলৈ প্ৰয়াস কৰিছে । কিজানি চহাই থোৱা পথাৰখনৰ ক’ৰবাত মাকৰ হাতৰ পৰশ বিচাৰি পায়। কিজানি পথাৰৰ আলিটোত মাকৰ দুভৰিৰ খোজবোৰ দেখা পায় । নাইবা লডা লডা মাটিবোৰতেই মাকৰ শৰীৰৰ সুবাস মিহলি হৈ আছে ।
এপাকত নিজৰ ছাঁটোলৈকে চাই আশ্বস্ত হ’বলৈ যত্ন কৰিছে ল’ৰাটোয়ে…

~ ‘ হ’ব দে তই আছ’ নহয় মোৰ লগত , মোৰ প্ৰকৃত সত্তা ,মোৰ বিশ্বস্ত সংগী হৈ।
কিন্তু বিপৰীত দিশে মুখখন ঘূৰাই পুনৰ উদাস হৈ পৰে সি । ছাঁটোয়েওচোন লগ এৰিছে এইবাৰ । আকৌ বুজাই ল’ৰাটোয়ে নিজকে ।

~ মই অকলেই জীয়াই থাকিব লাগিব । এই গাঁওখনত , পথাৰৰ মাটিড’ৰাত আৰু সৌ ৰেলৰ আলিটোত মা-দেউতাৰ স্মৃতিবোৰ বুটলি, সেইবোৰকে বুকুতে জীয়ন দি জীয়াই থাকিম মই ।

নিজকে বুজোৱাৰ কি যে প্ৰগলভতা এয়া..!
মুঠৰ ওপৰত নিসংগতাৰ চাকনৈয়াত উৱাদিহ হেৰুৱাই অস্থিৰ হৈ পৰিছে সি ।

সৌ সিদিনাৰহে কথা ..
এইখন পথাৰতে দেউতাকৰ লগত হালৰ গৰুহাল খেদি খেদি কমখন ফুৰ্তি কৰিছিল নে বাপুকনে । মাটিড’ৰা চহাই আলিবোৰত নতুনকৈ মাটিৰ ঢিপ তুলি কিমান যে হেঁপাহেৰে পথাৰখন সোনগুটিৰে ভৰুণ হোৱাৰ সপোন এটা চকুৰ পতাত গুজি লৈছিল । সি নো কেনেকৈ জানিছিল সপোনবোৰ যে ইমান ঠুনুকা..! ডেউকা লগাই উৰি যোৱা কেঁচপতীয়া সপোনবোৰে হিয়াখন ভাঙি-চিঙি ক’ৰবাৰ দুৰনিৰ অন্ধকাৰ গহ্বৰত এইদৰে পলকতে যে নিঃশেষ হৈ যাব সি দেখোন ভাবিবই পৰা নাছিল ।

পথাৰখন ভৰুন হ’বলৈ নাপালেই । খেতি কৰি জীয়াই থকা গাঁৱৰ মানুহখিনিৰ মৰমৰ পথাৰখনৰ ওপৰত চহৰৰ এজন বিশিষ্ঠ উদ্যোগপতিৰ চকু পৰিল । তেওঁ তাত এটা বৃহৎ উদ্যোগ গঢ়ি গাঁৱৰ নিবনুৱা ল’ৰাবোৰক সংস্থাপন দিয়াৰ টোপ দিলে । মানুহখিনিৰ আৱেগৰ লগত খেলা পিছে ইমান সহজ নাছিল। চলনা কৰি তেওঁ গাঁৱৰ সহজ সৰল অন্তৰবোৰক জয় কৰাৰ ষড়যন্ত্ৰ ৰচিছিল যদিও বিফল হৈ , প্ৰতিশোধৰ জুই একুৰা মনতে জ্বলাই ল’লে আৰু মাটিড’ৰা যি কোনো উপায়েৰে হস্তগত কৰিবলৈ উঠি পৰি লাগিল ।

গাঁৱৰ মানুহখিনিয়ে একত্ৰিত হৈ সংকল্প ল’লে টকাৰ লোভত পৰি তেওঁলোকে মৰমৰ পথাৰখন বিক্ৰী নকৰে কেতিয়াও। অন্তৰৰ গভীৰতাৰে হে সিদ্ধান্ত ল’ব এই বিষয়ে । চকুৰে মনিব নোৱৰা অকাশচুম্বী চমক লগোৱা দালান এই পথাৰত গঢ়ি উঠিব নোৱাৰে।

সকলোৰে সিদ্ধান্তমৰ্মে গাৱঁৰ মানুহখিনিৰ হৈ বাপুকনৰ দেউতাক আৰু এল.পি স্কুলখনৰ হেড মাষ্টৰজন সেই উদ্যোগতিজনৰ লগত সবিশেষ আলোচনা কৰিবলৈ চহৰ অভিমুখে ৰাওনা হ’ল । দুয়ো মিলি গাঁৱৰ মানুহখিনিৰ মনৰ কথাবোৰ তেওঁক বুজাবলৈ যত্ন কৰিলে। কাতৰ প্ৰাৰ্থনা জনালে..

~ আমাৰ পথাৰখন সেউজীয়া হৈয়েই থাকিবলৈ দিয়ক । নালাগে আমাক টকা-পইচা । আমাৰ বাবে পথাৰৰ সোণগুটিবোৰেই বহুমূলীয়া সম্পদ । আমাৰ লগত অন্যায় হ’বলৈ নিদিব ।

একান্ত মনে কথাখিনি শুনি মানুহজনে সন্মতিসূচক প্ৰত্যুত্তৰৰে বিদায় দিলে তেওঁলোকক । তেওঁ যেন উপলব্ধি কৰিব পাৰিলে বাপুকনৰ দেউতাকৰ নিভাঁজ মনৰ সৰল গোহাৰি । পিছে সেই মুহূৰ্ততে সকলোৰে অজানিতে এজাক প্ৰতিশোধৰ বতাহেও কোবাই গ’ল গাঁৱৰ সহজ সৰল অন্তৰবোৰৰ বিশ্বাস আৰু আস্থাক ।

বাপুকনৰ দেউতাকে কিন্তু মানুহজনৰ গাম্ভীৰ্যপূৰ্ণ মিঠা হাঁহিটোৰ আঁৰৰ কুটিল অভিসন্ধিক ঠিকেই দেখা পালে । তেওঁৰ দুচকুত জ্বলি উঠা জুইকুৰাৰ উত্তাপত বাপুকনৰ দেউতাকৰ বুকুখনো জ্বলিবলৈ ধৰিলে । আচলতে ,
দুচকুৰ সকলো উক্তিৰে গুৰুত্ব বৰ বেছি। চকুৰ ভাষা পঢ়ি তাৰ অন্তৰ্নিহিত তাৎপৰ্য বুজা সহজসাধ্য নহ’লেও অনুমান কৰিব পৰাকৈ বাপুকনৰ দেউতাক নিশ্চয়কৈ অভিজ্ঞ আছিল।

সংগ্ৰামী তথা কষ্টকৰ জীৱনটোৱে তেওঁক সহজে ভাঙি নপৰিবলৈ ব্ৰজকঠোৰতাৰে গঢ়ি তুলিছে। তেওঁ বুজি পায় , বাৰে বাৰে আচাৰ খাই পৰিও পুনৰায় উঠিবলৈ মনলৈ গোটাই লোৱা উদ্দাম আশাৰ অমৰ সাহস কি । কেতিয়াবা অৱৰুদ্ধ চিন্তাধাৰাৰ মানুহ এজনেও প্ৰতি খোজত প্ৰতিকূল অৱস্থাৰ সৈতে অবিৰত সংগ্ৰাম কৰি কৰি বিভিন্ন ধাৰাত আত্মপ্ৰকাশ কৰিবলৈ তৎপৰ হৈ উঠে। তেনেস্থলত , তেওঁও বদ্ধপৰিপক্কতাৰে পথাৰখনৰ বাবে যুজঁ দিবলৈ পণ ল’লে।

নীৰৱে এখন অপ্ৰত্যাশিত যুজঁ দুই পক্ষৰ মাজত আৰম্ভ হ’ল । সকলোৰে অলক্ষিতে উদ্যোগপতিজনে প্ৰথমে ভুৱা চৰকাৰী নথি-পত্ৰৰে পথাৰখন হস্তগত কৰিলে ।আনহাতে , গাঁৱৰ মানুহবোৰে বাপুকনৰ দেউতাকৰ পৰামৰ্শমতে মৰমৰ পথাৰখন নিজৰ অধীনত ৰখাৰ অভিপ্ৰায়ৰে ন-উৎসাহেৰে হাল-কোৰ বোৱাৰ কাম হাতত ল’লে । অশান্ত মনবোৰক ক্ষণিকৰ বাবে নিচুকাই ৰঙ-ৰহইচৰে খেতিৰ কামত মনোনিবেশ কৰিলে ।

—————–

সেইদিনা বাপুকনে মাকৰ লগত পথাৰত কৰ্মৰত দেউতাকক চাহ-জলপানৰ যোগাৰ ধৰিবলৈ গৈছিল । নাঙলৰ শিৰলুত খেতিয়কে সপোন দেখাৰ সময় আছিল সেয়া । চহ কৰা মাটিৰ সুবাস যেন আকাশে বতাহে ভাঁহি পৰিছিল । মানুহজনে গৰুহাল কাষলৈ থৈ হাত মুখ কেইটা ধুই উঠিছিল হে.. হুৰমুৰকৈ পথাৰখনলৈ শিল, বালি আৰু ইটা ভৰ্তি ট্ৰাক কেইখনমান সোমাই আহিল ।

খেতিৰ কামত ব্যস্ত মানুহখিনিয়ে পলস পৰি জীপাল হ’ব ধৰা পথাৰখনত সেই বস্তুখিনি পেলোৱাত বাধা দিলে। চহা মানুহখিনিয়ে ভালদৰে বুজি উঠিলে তেওঁলোকৰ লগত যে ঘোৰ ষড়যন্ত্ৰ হৈছে । প্ৰচণ্ড খঙত জ্বলি উঠিল বাপুকনৰ দেউতাকো। উদ্যোগপতিজনৰ কু-অভিসন্ধিৰ উমান পাই , জলপানৰ বাতিটো তাতেই পেলাই কোবা-কোবিকৈ তেওঁ চহৰ অভিমুখে ৰাওনা হ’ল ।

সেই যোৱাই যোৱা .. ।

বাপুকনৰ দেউতাক আৰু সোঁ-শৰীৰে গাঁৱলৈ উলটি নাহিল । পিছদিনা ৰাতিপুৱা পথাৰৰ মূৰৰ ৰেলৰ আলিটোত হৈ -চৈ লাগিল । বাপুকনৰ দেউতাকৰ নিথৰ শৰীৰটোৰ ছিন্ন-ভিন্ন অংশসমূহ ৰেলৰ আলিতে পৰি আছিল । খবৰটো অহুকানে-পহুকানে ঘৈণীয়েকৰো কাণত পৰাত , ওৰে নিশা মানুহজনলৈ অপেক্ষা কৰি চকুৰ টিপ এটাও নমৰা মানুহজনী উধাতু খাই লৱৰি আহিল । গিৰিয়েকৰ শৰীৰৰ চেদেলি-ভেদেলি হৈ পৰি থকা মঙহৰ টুকুৰাবোৰ একগোট কৰি বুকুতে সাৱটি লৈ আটাহ পাৰি উঠিল তেওঁ…

~ মাৰি পেলালে অ’ মোৰ মানুহটোক । সেই পাষণ্ডটোয়ে মাৰি পেলালে । কিয় গৈছিল আপুনি ? কিয় গৈছিল পথাৰখনৰ হকে যুঁজি নিজৰ প্ৰাণটো দিবলৈ ? মই কি কৰো এতিয়া ? মোক কিয় আদবাটতে এৰি থৈ গ’ল?

কিছুমানৰ মতে খেতিৰ মাটিড’ৰা ভৱিষ্যতে হেৰুৱাব লগা হয় বুলি হতাশাত ভুগি মানুহজনে আত্মহত্যা কৰিলে । কিন্তু বাপুকনৰ মাকৰ গিৰিয়েকৰ মনৰ সাহস আৰু সাম্ভাৱ্য যি কোনো পৰিস্থিতিতে নিজকে হাউলি নপৰাকৈ থিয় দি ৰাখিব পৰা অপাৰ ক্ষমতাৰ ওপৰত হিমালয়ৰ দৰে অটল বিশ্বাস আছিল। তেওঁ জানিছিল মানুহজনে বাপুকন আৰু তেওঁক এইদৰে অথাই সাগৰত পেলাই , আত্মহত্যাৰ দৰে পলায়নবাদী মনোভাৱেৰে জীৱন যুজঁখনৰ পৰা অনায়াসে আঁতৰি নাযায় কেতিয়াও ।

সেইদিনাই মানুহজনীৰ কপালৰ বেলিটো চিৰদিনৰ বাবে অস্তাচলত ডুব গৈছিল। কিন্তু বাপুকনৰ দেউতাকক সাৱটি ধৰা তেওঁৰ হাত দুখন তেজৰ ৰঙেৰে ৰাঙলী হৈ পৰিছিল আৰু চকু দুটা প্ৰচণ্ড আক্রোশত পকা আঙঠাৰ দৰে ৰক্তিম হৈ জ্বলি উঠিছিল ।

সন্তাপৰ জুই একুৰাত প্ৰতিনিয়ত দগ্ধ হ’বলৈ ধৰিলে তেওঁ আৰু দিন বাগৰাৰ লগে লগে অস্বাভাৱিক আচৰণ কিছুমান কৰিবলৈ ল’লে । মুখেৰে বিৰবিৰাই বিৰবিৰাই মাজৰাতিও গিৰীয়েকক বিচাৰি ৰেলৰ আলিটোলৈ দৌৰি ওলাই যায় মানুহজনী । ৰেলৰ উকি শুনিলেই চিঞৰ-বাখৰ লগায়..

~ অ’ই বাপুকন সেইয়া শুনিছ’ ? সৌ ৰেলখনৰ মাতটো শুনিছ’ ? বাপেৰ আহিছে চাগে বুজিছ ! ব’লচোন ব’ল তেওঁক লৈ আহোগৈ ।ক’ত আছিলে ইমান দিনে সুধোগৈ ।

খেতিৰ দিনত সদায় কঢ়িয়াই নিয়াৰ দৰে চাহ জলপানৰ ভাৰটো লৈ কিমান দিন যে তেওঁ পথাৰৰ দাঁতিৰ ঔটেঙা জোপাৰ তলতে বহি মনৰ মানুহজনক কল্পনা কৰি আত্মআলাপত ব্যস্ত হৈ পৰিছিল । ঘৰখনতো যেনি-তেনি মানুহজনৰ অস্তিত্ব বিচাৰি কমখন বলিয়ালী কৰে নে !

আৰু কোনোবা এটা দোকমোকালি পুৱাত বাপুকন শুই থকা অৱস্থাত হিতাহিত জ্ঞান হেৰুৱাই ঘৰৰ পৰা দৌৰি ওলাই গ’ল তেওঁ । দূৰৈত ৰেলৰ উকি শুনি সেই দিশে ঢাপলি মেলিলে আৰু বাপুকনৰ দেউতাকৰ নাম লৈ চলন্ত ৰেলৰ আগত জপিয়াই দিলে ।

~ অ’ৰি মোকো লৈ যাওঁক। মইও গৈ আছো ৰ’ব । মোক এৰি থৈ নাযাব ।

—————–

সেইদিনাই বাপুকনে মৰ্মে মৰ্মে উপলব্ধি কৰিলে পৃথিৱীত শক্তিহীন হে পদদলিত হয় । শক্তিমান কেতিয়াও নহয় । অপ্ৰিয় হলেও সত্য এয়া । সাহস আৰু যুঁজাৰু প্ৰবৃত্তি অক্ষত আছিল যদিও সেই উদ্যোগপতিজনৰ তুলনাত গাঁওখনৰ মানুহখিনি আর্থিকভাৱে শক্তিহীন আছিল। সেইবাবেই আজি সিহঁতৰ মৰমৰ পথাৰখন তেওঁৰ কবলত । সেইবাবেই মাক দেউতাক দুয়োকে হেৰুৱাই সি আজি অনাথ । মূৰৰ ওপৰৰ আকাশখন খহি পৰি মুহূৰ্ততে যেন ভাঙি চুৰমাৰ হৈ গ’ল ! হাতত ক’পি দাখন লৈ এফালৰ পৰা পথাৰৰ মাটিবোৰকে ঘপিয়াই গ’ল বাপুকনে ।

—————–

পথাৰখনৰ এমুৰে দপ দপকৈ জ্বলি উঠিছে মানুহ গৰাকীৰ চিতাখন । আনটো মূৰত আকাশলৈ মূৰ তুলি এচপৰা এচপৰা ইটাৰ গাথঁনিৰে থিয় দি উঠিছে এটা বৃহৎ কংক্ৰিটৰ দালান । পথাৰখন সেউজীয়া হোৱাৰ সপোনটো প্ৰতি চপৰা ইটাৰ গাথঁনিত যেন পিষ্ট হৈ পৰিছে !
বাপুকনে কোনোপধ্যে পৰা নাই নিজকে বুজাব। সি পাহৰিব পৰা নাই পথাৰখনতে উমলি-জামলি পাৰ হোৱা তাৰ সোণসেৰীয়া শৈশৱৰ মধুৰতম দিনবোৰক । বাপুকনে আজি কল্পনা কৰি চাবলৈও ইচ্ছা কৰা নাই , সোণ গুটিৰে ভৰুণ পথাৰখনৰ সলনি গাঁৱৰ নিমাখিত মানুহবোৰৰ ধৰ্ষিত সপোনবোৰক ঠাট্টা কৰি সেই ঠাইত দানৱৰ দৰে থিয় দি উঠা বিশালাকাৰৰ দালান সমূহক ।

পাহৰণীয়েই বোলে কিছুমান সমস্যাৰ একমাত্ৰ সমাধান । কিন্তু মানুহৰ স্মৃতি নিজৰ অধিকাৰ সম্বন্ধে বৰ সচেতন । কোনো কথা পাহৰিবলৈ নিদিয়ে। বাপুকনে কিদৰে পাহৰিব.. তাৰ জীৱনৰ ৰঙবোৰ উকা কৰি পেলোৱা এই নিষ্ঠুৰ পৰিঘটনাক । কি বুলি সান্তনা দিব নিজকে !

তাৰ জীৱনটোক শূণ্য কৰি সি ” মা-দেউতা ” বুলি উচ্চাৰণ কৰা কাৰণটোৱেই আজি নাইকিয়া হৈ গ’ল । ক’ত সি পুনৰ বিচাৰি পাব , ভাগৰত জুৰাবলৈ মমতাৰ আচল এখন । সি পাৰিবনে দেউতাকৰ কৰ্মঠ শৰীৰটোৰ ঘৰ্মাক্ত গোন্ধটোক কোনোবাদিনা মনৰ পৰা মুচি পেলাব ? মাকৰ সেই হালধিলগা চাদৰখনৰ জুহালৰ সুগন্ধিয়ে তাক আমনি নকৰিব নে ? পাৰিব জানো কেতিয়াবা আন কাৰোবাৰ স্পৰ্শত ইমানখিনি আপোনত্ব, ইমানখিনি নিৰাপত্তা অনুভৱ কৰিব , যিমানখিনি সি মাকে মৰমতে কেতিয়াবা সাৱটি ধৰিলে অনুভৱ কৰে !

কিছু ভাৱনাৰ দোমোজা… ।
কিছু মৌনতা… ।

উপচি উঠা এজাক বাৰিষাই চপচপিয়া কৰি তুলিলে তাৰ দুচকু । চিন্তাবোৰে আঁত হেৰুৱালে । সি সৰ্বশক্তিৰে চিঞৰি উঠিল..

~ দেউতা অ’ .. অ’ দেউতা । কিয় গুচি গ’লি অ’ মোক মাজসাগৰতে এৰি থৈ ?
অ’ মা.. মোৰ কথা এবাৰলৈও নাভাবিলি তই ? ইমান হৃদয়হীন হৈ পৰিলি !

সৌৱা… দূৰৈত ৰেলখনে উকি মাৰি তাৰ পিনেই আগুৱাই আহিছে ।

~ কুউ… ঝক..ঝক..ঝক..ঝক..

ৰেলৰ চিৰিটোতে আছে নেকি বাৰু চৰম প্ৰশান্তি ? সি জপিয়াই দিব নেকি চলন্ত ৰেলখনৰ আগত ? সকলো যন্ত্ৰণা আৰু সকলো বিষাদৰ পৰা বাৰু মুক্ত হ’ব পাৰিব নে সি , এনে কৰিলে..?

এসাগৰ প্ৰশ্নই জুমুৰি দি ধৰিলে তাক । মন আৰু মগজুৰ যুজঁখনত বেবিলনৰ শূণ্য বাগিচাৰ দৰে ওলমি ৰ’ল তাৰ চিন্তাশক্তি । তাৰ কৰ্ণকুহৰত বাজি উঠিল এটা অতি চিনাকি কণ্ঠ । সি চাৰিওফালে বলিয়াৰ দৰে চাবলৈ ধৰিলে।
কিহৰ টান এইয়া ? কি আছে এই কণ্ঠত ?
সি যেন এইমাত্ৰই সেই কণ্ঠৰ লগত একাত্ম হৈ পৰিব।

এৰা.. এইয়া তাৰ দেউতাকৰ নিচেই চিনাকি মাতটো দেখোন..

~ আহ বাপুকন , গুচি আহ । এইখন জগতত তোৰ-মোৰ দৰে সহজ সৰল মানুহৰ স্থান নাই । আমি ঠগ-প্ৰবঞ্ছনা আৰু দুখ-যাতনাই চুব নোৱাৰা কোনোবা এখন ঠাইলৈ গুচি যাওঁগৈ ব’ল ।

সৌৱা মাকজনীয়েও দেখোন দুহাত মেলি বিনাবলৈ ধৰিছে..

~ বোপাইটো অ’ , মাৰৰ বুকুখন উদং কৰি এইদৰে আঁতৰি নাথাকিবি অ’ । আহ বোপাই আহ । মোক সাৱটি ধৰহি পোনাটো ।

শব্দবোৰে খেদি ফুৰিছে তাক । সেই কাতৰ শব্দবোৰক লক্ষ্য কৰি এটা নিৰ্দিষ্ট বিন্দুত স্থিৰ হৈ ৰৈছে তাৰ দৃষ্টি ।
শব্দবোৰৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰাণটাকি দৌৰিবলৈ ধৰিছে ল’ৰাটো । উশাহৰ দ্ৰুতগতিত নিজকে খুব ভাগৰুৱা অনুভৱ কৰিছে সি । সি ফোঁপাবলৈ ধৰিছে ।

এটা এটাকৈ উফৰি আহি তাৰ কাণত পৰা শব্দবোৰ ক্ৰমান্বয়ে বিশৃংখল হৈ পৰিছে । সি এইবাৰ স্পষ্টকৈ শুনা পাইছে ৰেলখনৰ উকিটো…

~ কুউ..ঝক..ঝক..ঝক..ঝক..

                         —————–-

Design a site like this with WordPress.com
Get started