
উফ…।
কি যে বিড়ম্বনা..!
অদ্ভুত , অকটা গোন্ধটোত হলকা-হলককৈ যেন বমিয়াই দিব নলিনী দত্তই । নাসিকা তন্ত্ৰৰে উৰ্ধগামী হৈ অসহ্যকৰ গোন্ধটো দত্তৰ কপালৰ কুম দুটাৰ তীব্ৰ ঢপঢপনিৰ কাৰক হৈ পৰে । দুৰ্গন্ধময় বায়ু এসোপা পেটৰ ভিতৰলৈকে প্ৰৱেশ কৰি মানুহজনৰ বয়সে সংকুচিত কৰা পেটটোও যেন অস্বাভাৱিক ভাবে ওফন্দাই পেলায়। গোন্ধটোৰ পৰা নিস্তাৰ পাবলৈকে নাকৰ ফুটা দুটাত তৰ্জনী আৰু বুঢ়া আঙুলিৰ মূৰেৰে জোৰৰে চাপ প্ৰয়োগ কৰাৰ ফলত কোনোবা সময়ত মানুহজনে আনকি উশাহ টানি লোৱাটো ভীষণ কষ্টৰ সন্মুখীন হয়।
এই যে গোন্ধ এটাৰ তীব্ৰতাই জীৱন কালৰ পয়সত্তৰটা বসন্ত গৰকা নলিনী দত্ত নামৰ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াজনৰ জীৱনটোৱেই দুৰ্বিসহ কৰি তুলিছে , সেই কথাটো কেৱল আজিৰে নহয়।
এৰা, বহু দিন… আচলতে বহু মাহেই হ’বৰ হ’ল । যি দিনা অকস্মাত মূৰটো ঘূৰাই পৰি যোৱাত পৰৱৰ্তী সময়ত কোনোবা এখন অত্যাধুনিক চিকিৎসালয়ৰ, কিছুমান উন্নতমানৰ মেছিন সংলগ্ন এখন আটকধুনীয়া বিছনাত নিজকে তেওঁ উদ্ধাৰ কৰিছিল, যি দিনা আমৃত্যু সুস্থ হৈ থকাৰ উদ্দেশ্যে নিয়মিত সেৱন কৰি অহা ভিটামিন আৰু প্ৰ’টিন পাউদাৰবোৰৰ চূড়ান্ত বিশ্বাসঘাটকতাত নিত্য নৈমৰ্ত্তিক কাৰ্যখিনি সম্পন্ন কৰিবলৈকে সহায়িকা ৰ’জিৰ প্ৰয়োজন অনুভৱ কৰিছিল… ঠিক সেইদিনাৰ পৰাই যেন এটা গোন্ধই তেওঁক খেদি ফুৰিছে।
সম্প্ৰতি চিৰসেউজ আৰু পৰমুখাপেক্ষী নহয় বুলি মিছা অহংকাৰত মত্ত নিলিনী দত্ত ,সময় হাতুৰীৰ প্ৰচণ্ড কোবত ধাৰাশায়ী এজন বিধ্বস্ত পুৰুষ। যেন আকাশমুখী কোনোবা এজোপা গছৰ ,কোনোবা এটা ঠেঙুলিত বতাহৰ তালে তালে ডুলি , সৰি পৰাৰ বাবে অপেক্ষাৰত এখিলা পীতবৰণীয়া পাত !
সুদূৰ আমেৰিকাৰ পৰা নলিনী দত্তৰ একমাত্ৰ পুত্ৰ সাগৰে দেউতাকৰ শাৰীৰিক অসুস্থতাৰ বিষয়ে জানিবলৈ যেতিয়া তেওঁৰ লগত কথা হয় , ইথাৰৰ সিপাৰৰ পৰা সি উচ্চাৰণ কৰা প্ৰতিটো শব্দই ক্ৰমান্বয়ে একোটা গেলা গোন্ধ হৈ দত্তৰ কৰ্ণকুহৰেদি সমগ্ৰ শৰীৰতে বিয়ব্যপ্ত দিয়ে ! শৰীৰৰ প্রতি ডাল শিৰা-উপশিৰাই দি বিয়পি যোৱা এটা শাব্দিক দুৰ্গন্ধই মুহূৰ্ততে মানুহজনৰ মন-মগজু বিষাক্ত দাঁত এসোপা হৈ কুটি-কুটি খাবলৈ ধৰে। অসহ্য চটফটনিত অস্থিৰ হৈ উঠে তেওঁ। দূৰভাষ যন্ত্ৰটো চৰম বিতৃষ্ণাত থেকেচি বাথৰুমলৈ লৰ দিয়ে।
উফ…নোৱাৰি.. নোৱাৰি…।
অসহ্যকৰ পীড়া ! অদ্ভুত কুটকুটনি !
কিয় ফোন কৰে সি ! কি জানিবলৈ বিচাৰে ! দেউতাকৰ অসহায় অৱস্থাটোক উপলুঙা কৰে নেকি সাগৰে !
পিন্ধি থকা কাপোৰসাজ আজুৰি দলিয়াই উলংগ শৰীৰটোৰে শ্বাৱাৰৰ শীতল পানীবোৰ বোৱাই দিয়ে তেওঁ। সুগন্ধিযুক্ত চাবোনৰ লেপেৰে গোন্ধটোকো পানীৰ সৈতে বোৱাই দিয়াৰ তেওঁৰ এই প্ৰচেষ্টা ঘণ্টাৰ পিছত ঘন্টাযুৰি অব্যাহত থাকে ।
পিছে নাযায়… ।
গোন্ধটো কোনোমতে বিচ্ছিন্ন হ’ব নোখোজে নলিনী দত্তৰ বয়সে চেঁচা পেলোৱা শৰীৰটোক এৰি । অথচ শীতল পানীয়ে বুকুৰ কামিহাড়লৈকে কঁপাই মানুহজনক।
গোন্ধটোৰ উৎস বিচাৰি নলিনী দত্ত উন্মাদপ্ৰায় হৈ পৰে ।
বাহি বিয়াৰ ৰভাঘৰত অৱহেলিত হৈ পৰি ৰোৱা চকীকেইখনৰ দৰে নলিনী দত্তৰ সুবিশাল প্ৰসাদোপম ঘৰটোৰ চুকে-কোণে তেওঁৰ স্বৰ্গগামী পত্নী সুৱগাই সজাই ৰখা নিৰ্জীৱ বস্তুবোৰৰ ওপৰতো ক’মখন নিৰ্যাতন চলাই নে তেওঁ ! অনবৰতে ডেট’ল , ফেনাইলৰ স্পর্শধন্য হৈ জীৱহীন বস্তুবোৰ সম্প্ৰতি কেমিকেল ৰিয়েকশ্যনত স্বকীয়তা হেৰুৱাই বিবৰ্ণ প্ৰায় হোৱাৰ পথত। তাৰোপৰি দামী দামী সুগন্ধিযুক্ত বিভিন্ন ব্ৰেণ্ডৰ ধূপবোৰ আছেই ।
আজিকালি দত্তৰ ঘৰখনৰ পৰা বতাহত ভাঁহি অহা বিভিন্ন প্ৰকাৰৰ গোন্ধৰ সমাহাৰত সহায়িকা ৰ’জিৰ লগতে ওচৰ চুবুৰীয়াইও পৰম অস্বস্তিত দিন কটাবলগীয়া পৰ্যায় এটা আহি পৰিছে । মাহেকীয়া ৰেচন-পাতিখিনিৰ যোগান ধৰা ডেলিভাৰি বয় ৰাজুৰ বাবেটো নলিনী দত্তৰ কাৰণে মহা মূল্যবান হৈ পৰা গোন্ধ নিবাৰক বস্তুকেইবিধৰ ডেলিভাৰী দিয়াটো , এতিয়া এটা মস্ত বিৰক্তিকৰ কাম। ম’বাইল ফোনৰ স্ক্ৰীনত মানুহজনৰ নামটো ফ্লাশ্ব হোৱাৰ লগে লগে পৰম উষ্মাৰে তাৰ মুখৰ পৰা নিৰ্গত হোৱা প্ৰথম বাক্য শাৰীয়েই হৈছে….
~ ধেই , বুঢ়াডালে ক’লালে আৰু। পানীৰ সলনি ডেট’ল ফেনাইল সোপাকে গিলি গিলি জীয়াই আছে নেকি হে !
ৰাজুৱে ভাবে অহৌবলিয়া কাম কিছুমান কৰি ফুৰা দত্ত এজন মানসিক বিকাৰাগ্ৰস্ত লোক। কোনোবা মানসিক চিকিৎসালয়ত হে থৈ দিব লাগে বুঢ়াটোক। হয়ো কথাটো , কোন সুস্থ মানুহে বাৰু সপ্তাহত দুই / তিনিটাকৈ ফেনাইলৰ বটল ব্যৱহাৰ কৰি শেষ কৰাৰ নজিৰ আছে !
——————
গোন্ধ এটাই দত্তক সৌ তাহানিতেও অস্বস্তিত নেপেলোৱা নহয়। পিছে কথাবোৰ তেতিয়া এনে নাছিল। আচলতে তেতিয়াৰ গোন্ধটো ইমান অকটা নাছিল।
পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হোৱা সুৱগাৰ পিঠিখন যেতিয়া সৰু ডাঙৰ ঘাঁ এগালে গেলাই পেলাইছিল , তদ্রুপ কেচেমা-কেচেম গোন্ধ এটাই নিলিনী দত্তৰ শোৱনী কোঠাত বিয়পি থকা বতাহখিনিও দুর্গন্ধময় কৰি তুলিছিল। একমাত্ৰ পুত্ৰ সাগৰে তেতিয়া হয়তো বয়সৰ জোখাৰে পোন্ধৰ অথবা ষোল্ল বছৰত ভৰি দিছিল। মাকৰ মমতা মাকৰ শৰীৰৰ দুৰ্গন্ধতকৈ তাৰ বাবে পিছে কোনো প্ৰকাৰে উৰ্দ্ধত নাছিল। ৰুগীয়া মাকজনীক দুৱাৰমুখৰ পৰাই ভুমুকি মাৰি চাই সাগৰে যেন পুত্ৰৰ কৰ্তব্য পালন কৰিছিল। অসুখীয়া মাকজনীৰ প্ৰতি বিৰাগ জন্মা সাগৰৰ এই ব্যৱহাৰত নীৰৱে চকুলো টুকিছিল নিলিনী দত্তই ।
জীৱনৰ মমাৰ্থ বুজিব পৰাকৈ বা মাকক চিৰদিনলৈ হেৰুৱাৰ ভয় এটাৰে বুকুখনত বিষ এটাই গজালি মেলিব পৰাকৈ অনুভৱৰ বিশালতাৰে পৰিপক্ক হৈ উঠা নাছিল জানো সাগৰ ! অথচ সুস্থ অৱস্থাত এইজনী মাকেই সকলো দুখ কষ্টক আওকাণ কৰি পুতেকৰ প্ৰয়োজনবোৰ পুৰা কৰা নাছিল নে !
দত্তই বৰ আলফুলে ঘৈণীয়েকৰ পিঠিখনৰ ঘাঁ-ফোঁহাবোৰ চাফা কৰি , গৰম পানীৰে ধুৱাই শুকনি মলমৰ প্ৰলেপ লগাই দিছিল। পকি পকি ফাটি যোৱা ফোঁহাবোৰৰ পৰা নিৰ্গত তেজ পূজৰ গোন্ধকো উশাহত উজাই লৈ তেওঁ সুৱগাৰ কাষতে শুই পৰিব পাৰিছিল।
ঘৈণীয়েকৰ শৰীৰৰ বিষবোৰ আৰু মানুহজনৰ মানসিক যাতনাখিনিৰ মাজত কিবা প্ৰভেদ আছিল নে চাগৈ ! এখিনি বিষে তেওঁকো কোঙা কৰা নাছিল নে !
এটা প্ৰলম্বিত প্ৰশ্ন !
– কিমানখিনি মনৰ টান থাকিলে বা কিমান আপোন হ’লে মানুহে আচলতে সকলো কথাই আগ্ৰাহ্য কৰি এটা সম্পৰ্কক লালন কৰা সম্ভৱ হৈ উঠে ! আচলতে কিমানখিনি প্ৰেমে যিকোনো পৰিস্থিতি , যিকোনো ৰূপতে কাৰোবাক ভালপাই থাকিব পৰাকৈ মনটোক সুদৃঢ় কৰি তোলে !
সাগৰকো যদি ৰিমাৰ প্ৰতি সামান্যতম প্ৰেমৰ অনুভৱে চুলে হয় ! আজিৰ তাৰিখত পৰম আনন্দেৰে ৰিমাক দত্তই এইখন ঘৰৰ বোৱাৰী হিচাবে স্বীকৃতি দি অপৰাধবোধেৰে গধুৰ কৰি তোলা তেওঁৰ বুকুখন নিৰ্ভাৰ কৰিব পাৰিলে হয় ! পিছে সেয়াও হৈ নুঠিল।
গোন্ধ এটাই সেইদিনাও দত্তক বৰকৈ অশান্তি দিছিল । যিদিনা অন্তঃসত্বা ৰিমাৰ চুলি কোচাতে খামুচি ধৰি সাগৰে তাইক গালে-মুখে উপৰ্যুপুৰি লপাথপা দিয়া স্বচক্ষে দেখা পাইছিল তেওঁ। বনকৰা ছোৱালীজনীয়ে লোকচক্ষুৰ আঁৰত সাগৰৰ বীৰ্য গৰ্ভত ধাৰণ কৰাটো জানো, কেৱল তাইৰ দ্বাৰা সংঘটিত এটা মাৰাত্মক ভুল আছিল !
নাছিল… কোনোপধ্যে সেয়া ভুল নাছিল। যদিহে সেই ভ্ৰূণটোৰ আধাৰ বা সেই ভ্ৰূণটোৱে গজালি মেলাৰ আঁৰত সাগৰৰ নিঃস্বাৰ্থ ভালপোৱাই একমাত্ৰ কাৰক হৈ থাকিল হয় । পিছে প্ৰেমৰ অজুহাতত নিষ্পাপ ছোৱালীজনীক প্ৰতাৰণাৰ জালেৰে মেৰিয়াই জৈৱিক তাড়না পূৰণৰ সাগৰৰ কু-অভিসন্ধিহে আছিল সেয়া।
থকথককৈ কঁপিছিল নলিনী দত্ত পুতেকৰ বৰ্বৰতাত। ৰিমাৰ চকুত চকু থোৱাৰ সাহস হেৰুৱাই পেলাইছিল । থিয় হৈ ৰোৱা মাটিখিনিয়েই যেন নিমিষতে তেওঁৰ ভৰিৰ তলৰ পৰা নাইকিয়া হৈ পৰিছিল ! মাকৰ অনুপস্থিতিত উপযুক্ত কৰি ল’ৰাটোক গঢ়িব নোৱাৰাৰ অপবাদেৰে নিজকে দোষাৰোপ কৰি মুহূৰ্ততে খহি নিঃশেষ হৈ পৰিছিল মানুহটো।
চলনা আৰু বিশ্বাসঘাটকতাৰ কালিমাৰে মলিয়ন হৈ পৰা পুত্ৰ সাগৰৰ দেহত প্ৰবাহিত তেজৰ অকটা গোন্ধত নলিনী দত্ত কিমান দিনলৈ যে প্ৰকৃতিস্থ হৈ উঠা নাছিল ! মৰহা বকুলৰ মালা এধাৰ পৰিধান কৰি দেৱালৰ গজাল এটাত ফটো হৈ ওলমি ৰোৱা প্ৰিয়তমা পত্নী সুৱগাক ক্ষমা খুজি শোৱাকোঠাৰ এটা চুকত পাৰি থোৱা নিৰ্দিষ্ট চকীখনতে বহি কিমানবোৰ উজাগৰী নিশা যে পাৰ কৰি দিছিল তেওঁ !
অনুশোচনাৰ সৈতে নৈশ যাপন সঁচাই বৰ কষ্টকৰ !
ইয়াৰ পিছতো শেলুৱৈ বিষাদ এখিনি বুকুতে শিপাবলৈ দি এজন পিতৃৰ বাবে উশাহটো লৈ জীয়াই থকা সম্ভৱ নে ! সহজসাধ্য নে ইমানখিনি যাতনা সহিও পিতৃত্বৰ গৌৰবেৰে বুকুখন ভৰাই ৰখা !
পিছে নলিনী দত্ত জীয়াই থাকিল। সময়ৰ পাকচক্ৰত থৰকাচুটি হেৰুৱাই হলা গছৰ দৰে শিৰনত কৰিবলৈ বাধ্য হ’ল যদিও , কাপুৰুষৰ দৰে আত্মহত্যা কৰি নিজকে শেষ কৰি দিব নোৱাৰিলে তেওঁ। উচ্চ শিক্ষাৰ হেতু সাগৰক আমেৰিকালৈ পঠোৱাৰ বিবেচনাৰে তেওঁ অকলশৰীয়া জীৱন এটাক আঁকোৱালি লোৱাই উচিত হ’ব বুলি তাৎক্ষণিক সিদ্ধান্ত এটা লৈ পেলালে। সুৱগাক হেৰুৱাই এফাল শূণ্য হৈ পৰা নলিনী দত্তৰ বুকুখন এইবাৰ সম্পূৰ্ণৰূপে শূন্যতাৰে পৰিপূৰ্ণ হৈ পৰিল যদিও ঘৰখনৰ দুৰ্গন্ধময় পৰিবেশটোলৈ যেন এয়া আছিল এক সাময়িক সকাহ !
সময়ত সাগৰো বিয়া বাৰু পাতি তাৰে বাসিন্দা হৈ পৰিল ।
———————
সেইদিনা যদি হঠাতে গাটো বেয়া লাগি মজিয়াতে চিট ভেলেঙা খাই নপৰিলে হয় অথবা ৰ’জিৰ ফোন ক’লটো ৰিচিভ কৰি দুদিন পিছতে পুত্ৰ সাগৰ আৰু নাতি ল’ৰা ৰিয়’ সুদূৰ আমেৰিকাৰ পৰা তেওঁৰ ওচৰলৈ নাহিল হয় … কথাবোৰ চাগৈ এনেকুৱা নহ’লহেঁতেন নেকি !
– গোন্ধ এবিধ কেমিকেল ছেন্স। গোন্ধক বুজিবলৈ হ’লে সেই বস্তুৰ শ্লৈস্মিক জিলিৰ সংস্পৰ্শলৈ আহিব লাগিব বা তাৰ জলীয় অংশত দ্ৰৱীভূত হ’ব লাগিব।
দত্তৰ লগত তেনেহ’লে এনেকুৱা কি হৈছে যে উৎসস্থল ঠাৱৰ কৰিব নোৱাৰা এটা দুৰ্গন্ধই প্ৰতিনিয়ত তেওঁক টিলটিলকৈ জীয়াতু ভোগাইছে । সেই গোন্ধৰ প্ৰাদুৰ্ভাৱত তীব্ৰ যন্ত্ৰনাত পিষ্ট হ’ব খোজা তেওঁৰ শৰীৰটোৱেও যেন ক্ৰমে হাৰ মানিব বিচাৰিছে !
কথাবোৰৰ আটকাল বিচাৰি শূণ্য মানসিক স্থিতিত ওলমি ৰোৱা অৱস্থাতে , নলিনী দত্তৰ হাওঁফাঁওটোৱে এটা অদ্ভুত গোন্ধ নিশ্বাসত এৰি দিলে। ক্ষন্তেকতে গোন্ধটো তেওঁৰ চৌপাশৰ বায়ুমণ্ডলত দ্ৰৱীভূত হৈ মানুহজনৰ নাকে মুখে হেঁচা মাৰি ধৰিলে। পেটটোও পকাই আহিল তেওঁৰ। পেটৰ ভিতৰত যেন কেঁচু কুমটি এগালৰহে মুক্ত বিচৰণ এয়া ! ৱাশ্ব বেচিনটোলৈ দৌৰি গৈ হলকা-হলকে বমিয়াই দিলে নলিনী দত্তই ।
এই বমিসোপাৰ লগতে গোন্ধটোৱেও যদি লগ এৰা দিলে হয় মানুহজনক !
উপশম কি এই যাতনাৰ !
কি কৰা যায়..! আত্মহত্যা… !
ওলমি দিয়াই সহজ হ’ব নেকি চিলিং ফেনখনত , নে ফেনাইলৰ বটলটো খুলি ধকধককৈ পি দিব পনীয়া বিষ এগাল !
হাজাৰ ধুমুহাইও টলাব নোৱাৰা , সুৱগাৰ অবিহনেও সাগৰক ডাঙৰ কৰি আত্মনির্ভৰশীল জীৱন এটা জী থাকিবলৈ পাৰ্যমানে চেষ্টা কৰা , আঙুলিৰ টিলিকতে বিচৰা বস্তুবোৰ ধনৰ জোৰেৰে কাষ চপাই লোৱাৰ সামৰ্থ থকা এজন পুৰুষ এইদৰে হেৰাই যাব নে পৃথিৱীৰ বুকুত ! আত্মহত্যা কৰিব তেওঁ ?
ন’….নেভাৰ …।
এইদৰে হেৰাই গৈ তেওঁ নিজকে কাপুৰুষৰ শাৰীত থিয় কৰাব নোৱাৰে। সুৱগাৰ তেওঁৰ প্ৰতি ৰখা বিশ্বাস আৰু আস্থাৰ লগত অন্যায় হ’ব এয়া।
শোৱনীকোঠাৰ সেই নিৰ্দিষ্ট চকীখনত দুৰ্বল শৰীৰটো অলসতাৰে এৰি দিলে নলিনী দত্তই। এই চকীখনতে বহি সুৱগাৰ চকুত চকু থৈ আত্মআলাপত ব্যস্ত হোৱাটো তেওঁৰ এটা পুৰাতন অভ্যাস।
সৌৱা… সুৱগাই দেখোন একেথৰে তেওঁলৈকে চাই ৰৈছে। অভিমানত ওফন্দি উঠা গাল দুখনৰ সৈতে চেলাউৰিকেইডালো সামান্য কোঁচ খুৱাই কি জানো ভোৰভোৰাই উঠিছে মানুহজনীয়ে !
:- কিয়নো খং খাই উঠা সুৱগা ? নোৱাৰিছোঁ আৰু যাতনাৰ ইমান গধুৰ ভাৰখন ব’ব । জীৱনৰ বিয়লি বেলাত বৰ দুখ লগাকৈ হাৰি গ’লোঁ অ’ । তোমাৰ অবিহনে বৰ কষ্ট হৈছে জীয়াই থাকিবলৈকে ।
:- কি যে অগলা-পগলা কথা কিছুমানৰে নিজকে অশান্তি দিছে নহয় মানুহজনে ? কেনেকৈ হাৰি গ’লা তুমি কোৱাচোন বুজাই। সৌ তাহানিয়েই তোমাক অকলশৰীয়া কৰি অজান মুলুকত আহি ঘৰ কৰিলোঁহি মই। তেতিয়াৰে পৰা ঘৰখনৰ দায়িত্ব , সাগৰৰ দায়িত্ব পৰম নিষ্ঠাৰে তুমিয়েই জানো পালন কৰি অহা নাই। কিনো প্ৰলাপখন বকি আছা ?
:- নহয় সুৱগা , মই সাগৰক উপযুক্ত শিক্ষাৰে গঢ় দিয়াত অসমৰ্থ হৈ ৰ’লোঁ। তুমি থকা হ’লে কথাবোৰ নিশ্চয় বেলেগ হ’ল হয় ! এতিয়া মোৰ শৰীৰত এজন অক্ষম পিতৃৰ তেজৰ দুৰ্গন্ধ।
জীৱন যুদ্ধত পৰাজিত এজন দুৰ্বল মানুহৰ শৰীৰৰ পৰাও বৰ লেতেৰা গোন্ধ এটা বাহিৰ হয় অ’ সুৱগা । তুমি নুবুজিবা। আচলতে এই বিষাদক উপলব্ধি কৰিবলৈ অশান্তজর্জৰ সময় এখিনিক পিছতে এৰি তুমি ইতিমধ্যেই বহু যোজন বাট আগুৱাই গ’লা। গতিকে কথাবোৰ অৰ্থহীন তোমাৰ বাবে।
মই মুক্তি বিচাৰোঁ সুৱগা। সকলো মায়া-মোহ , পাৰ্থিৱ সুখ-দুখৰ পৰা চিৰবিদায় লৈ তোমাৰ সান্নিধ্যৰে অপাৰ্থিৱ জগতখনত পুনৰ জী উঠাৰ প্ৰৱল ইচ্ছা মোৰ । তোমাৰ সুবাস এখিনিৰে বুকুখন ভৰাই পেলাৱাৰ হেঁপাহক অৱদমন কৰা কোনোমতে সম্ভৱ নহয় এতিয়া ।
মই আচলতে কি কৰা উচিত সুৱগা ? কি কৰোঁ মই কোৱাচোন।
:- আহা , গুচি আহা। তুমিহীনতাৰ বিষাদত ডুবি ময়ো বৰ কষ্টত আছোঁ জানা। মইটো ইমান দিনে তোমাৰ বাবেই অপেক্ষা কৰি আছোঁ ।
মিচিকিয়া হাঁহি এটি ওঁঠতে বিয়পাই প্ৰাপ্তিৰ সুখেৰে সুৱগাৰ ধুনীয়া মুখখন উদিত সূৰুজৰ দৰে যেন উজ্জ্বলি উঠিছে। অপেক্ষাৰ অন্ত পৰিছে এয়া..! এচকল উজ্জ্বল হালধীয়া নলিনী দত্তৰ মুখতো প্ৰতিফলিত হৈ বিষাদৰ ক’লাখিনিক পলকতে নিঃশেষ কৰি পেলাইছে !
—————–
চিলমিল টোপনিৰ পৰা খকমককৈ সাৰ পাই উঠিল নলিনী দত্ত । সুৱগাৰ সান্নিধ্যৰ উমেৰে বুকুখন ভৰাই লৈ কিমান দিনৰ মূৰত যে তেওঁ প্ৰাণ ভৰি উশাহটো টানি লৈছে ! তেওঁৰ স্বপ্নবিলাসী মনটোও যেন আনন্দত নাচি উঠিছে !
ক্লান্ত গধুৰ চকু দুটা মোহাৰি এখুজি দুখুজিকৈ এইবাৰ সুৱগাৰ কাপোৰ ভৰ্তি আলমাৰিটোৰ সন্মুখত গৈ থিয় হ’ল তেওঁ। চিনাকি চিনাকি মিঠা গোন্ধ এটা তলাবন্ধ কাঠৰ অলমাৰিটোৰ পৰা ভাঁহি আহি ক্ষন্তেকতে তেওঁৰ দেহ-মন পুলকিত কৰি তুলিলে।
” তোমাৰ মৰমে মোৰ /দেহত তুলিলে ঢৌ
বুকুত দিলে যে মৌ / কি যে মিঠা মিঠা…! “
সুবাসখিনি উশাহৰ লগত একাত্ম কৰি বহুত দিনৰ মূৰত গীত এফাঁকি গুণগুণাবলৈ ভীষণ মন গ’ল তেওঁৰ । আলমাৰিৰ তলাটো খুলি এইবাৰ বলিয়াৰ দৰে ইখনৰ পিছত সিখনকৈ সুৱগাৰ কাপোৰবোৰ শুঙি গ’ল মানুহজনে। নাই… নাই… সেই অকটা গোন্ধ সুৱগাৰ কাপোৰবোৰত নাই। কাপোৰবোৰত কেৱল ভালপোৱাৰ মন জুৰুৱা সুবাস।
ওঁঠত গানৰ কলি , উশাহত সুৱগা সুৱগা সুবাস…!
আস কি যে প্ৰশান্তি এয়া..!
——————-
ৰাতিটো মৰহি কুমলীয়া পুৱা এটাই কলিওৱাৰ পৰতে ঘৰৰ পৰা ওলাই আহিল নলিনী দত্ত। সিদ্ধান্ত এটা ইতিমধ্যে লৈ পেলাইছে তেওঁ। আচলতে দুৰ্গন্ধময় জগতখনৰ পৰা মুক্ত হোৱাৰ আয়োজন এয়া ! তেওঁৰ দেহ মন আজি প্ৰাপ্তিৰ সুবাসেৰে সুবাসিত। দুচকুত তলবল কৰা দুটোপাল সুখৰ পানী।
মাত্ৰ কেইটামান চেকেণ্ড… ।
লাহে লাহে চুইচাইড মেছিনটোৰ ভিতৰত অক্সিজেন আৰু কাৰ্বনডাই অ’ক্সাইডৰ পৰিমাণ কমি আহিব আৰু স্তব্ধ হৈ পৰিব নলিনী দত্তৰ উশাহৰ উঠা-নমা। সকলো যাতনা সকলো বিষাদৰ পৰা মুক্ত হ’বলৈ আৰু মাত্ৰ কেইটামান পল।
অস্থিৰতাবোৰ সামৰাৰ ইয়াতকৈ সহজ আয়োজন আৰু কি হ’ব পাৰে ! দুৰ্বিসহ হৈ উঠা জীৱনটোক শেষ কৰাৰ চৰম পথ আত্মহত্যাই কিয় ! ইচ্ছা মৃত্যুকো আঁকোৱালি স্বাভিমান অক্ষত ৰাখি , থানবান হৈ পৰা জীৱন একোটাৰ পৰা মেলানি মাগিব নোৱাৰি জানো ! নোৱাৰি জানো পাৰ্থিৱ মায়া-মোহক বিসৰ্জন দি, কেতিয়াবা নিজৰ বাবেও এটা উচিত সিদ্ধান্ত ল’ব !
নলিনী দত্তৰ বিয়াগোম ঘৰটোৰ এখন টেবুলত পেপাৰ ৱেইট এটাৰ তলত সাগৰলৈ উদ্দেশ্যি লিখা চিঠি এখনে বতাহৰ সৈতে দূৰ দিগন্তলৈ উৰি যাবলৈ অপ্ৰাণ চেষ্টা চলাইছে। চিঠিখনৰ আখৰকেইটাই বতাহৰ ভাঁজে ভাঁজে নাচি নাচি সাগৰক যেন ক’বলৈ ধৰিছে….
~ মোৰ শ’টোক দহন কৰি তোৰ হাতখন গোন্ধোৱাব নালাগে বোপাই। সেইখিনি কৰ্তব্যৰ পৰাও তোক মই মুক্তি দিলোঁ। আহিবি ঘৰখনলৈ। এতিয়া ঘৰখনত মেন্থ’প্লাছ , দৰৱ আৰু নৱৰত্ন তেলৰ গেলা গোন্ধ নাথাকিব। দেউতাৰৰ গাৰ গোন্ধত এতিয়া আৰু তহঁতে নাকত সোপা দিব লগা নহয় ।
বৰ অকটা গোন্ধাইছিলোঁ ন মই ! বৃদ্ধাৱস্থাৰ অসহায় আৰু নিসংগ গোন্ধটো সহ্য কৰাটো বৰ কষ্টকৰ আছিল ন’ তহঁতৰ বাবে ?
পৃথিৱীৰ পৰা মেলানি মগাৰ আগেয়ে ঈশ্বৰলৈ মাথোঁ এটাই প্ৰাৰ্থনা… ‘ জীৱনৰ শেষ দিনবোৰত তোৰ গাৰ পৰা নিৰ্গত বুঢ়া বুঢ়া গোন্ধটোৱে ৰিয়’কো যাতে অশান্তি নিদিয়ে ।’
ৰিয়ক’ ক’বি.. তাৰ ককাৱক আৰু কেতিয়াও বুঢ়া বুঢ়া নোগোন্ধাই। এই ঘৰখন আজিৰে পৰা দুৰ্গন্ধমুক্ত।
৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹
[ সমাপ্ত ]








